বীৰ লাচিত বৰফুকন
আৰম্ভণিঃ
মহাৰাষ্ট্রৰ শিৱাজী
মহাৰাজাৰ সমসাময়িকভাৱে অসম মাতৃভূমিৰ বীৰ পুৰুষ অসম মাতৃৰ সন্তান লাচিত বৰফুকনে
অসমবাসীৰ বাবে বীৰত্বৰ অনুপ্রেৰণা যোগাইছে । তেওঁ নিজ বাহু বলেৰে মোগলক পৰাস্ত কৰি
এজন সেনাপতিৰ দায়িত্ব কেনেহোৱা উচিত সেই কথা চিৰদিনলৈ দি থৈ গৈছে ।
জীৱনীঃ
লাচিত বৰফুকনৰ জন্ম
হয় ২৪ নৱেম্বৰ ১৬২২ চনত । তেওঁ মোমাই তামুলী বৰবৰুৱাৰ কনিষ্ঠ পুত্র আছিল । তেখেতৰ
মাকৰ নাম আছিল কুন্তি মৰান বা নাগেশ্বৰী আইদেউ । তেওঁৰ জন্মস্থান হ’ল- অসমৰ চৰাইদেউ
জিলাত ।
শৰাইঘাটৰ যুদ্ধঃ
১৬৭১ চনত সংঘটিত
হোৱা শৰাইঘাটৰ যুদ্ধৰ বাবে লাচিত বৰফুকনৰ বীৰত্ব সদায় অসমীয়াৰ চিৰযুগমীয়া হৈ ৰব ।
লাচিত আৰু তেওঁৰ বাহিনীৰ হাতত পৰাজিত
হোৱাৰ পিছত মোগল সেনাই ঢাকাৰ পৰা ব্রহ্মপুত্র নদীৰ ওপৰেৰে অসম অভিমুখে গুৱাহাটীলৈ
আগবাঢ়ি যায় । প্রথম ৰামসিংহৰ অধীনত মোগল বাহিনীত ৩০,০০০ পদাতিক বাহিনী ১৫,০০০
ধনুৰ্দ্ধৰ, ১৮০০০ তুৰ্কী অশ্বাৰোহি, ৫০০০ গুনাৰ আৰু ১০০০ ৰো অধিক কামানাৰ উপৰিও
নাওঁৰ এটা বৃহৎ ফ্লটিলা আছিল ।
মোগলৰ মুখ্য সেনাধ্যক্ষ ৰাম সিং প্রথম
পৰ্যায়ৰ যুদ্ধৰ সময়ত অসমীয়া সেনাৰ বিৰুদ্ধে কোনো ধৰণৰ অগ্রগতি লাভ কৰাত ব্যৰ্থ
হৈছিল । লাচিতক এক লাখ টকা দিয়া হৈছে আৰু তেওঁ গুৱাহাটী খালী কৰিব লাগে বুলি ৰামসিঙৰ
এখন চিঠি কঢ়িয়াই অনা এডাল কাঁড় আহোম শিবিৰত গুলিয়াইছিল, যিটো অৱশেষত অৱশেষত আহোম ৰজা
চক্রধ্বজ সিংহৰ ওচৰ পাইছিল । যদিও ৰজাই লাচিতৰ আন্তৰিকতা আৰু দেশপ্রেমক লৈ সন্দেহ
কৰিবলৈ ধৰিলে, তথাপিও তেওঁৰ প্রধানমন্ত্রী অতন বুঢ়াগোহাঁইয়ে ৰজাক পতিয়ন নিয়ালে যে
এয়া কেৱল লাচিতৰ বিরুদ্ধে কৰা এক কৌশল ।
শেষত, নৰিয়া গাৰে প্রবাল পৰাক্রমেৰে
যুজি বিজয়ী হয় আৰু মোগলক খেদি পঠায় ।
উপাধিঃ
লাচিতে দুৰ্দান্ত
ঘোঁৰাক বশ কৰাৰ বাবে ‘ঘোঁৰা বৰুৱা, আৰু লগতে ‘চুলা ধরা বৰুৱা’, ‘দুলীয়া বৰবৰুৱা’, ‘শিমুলগুৰীয়া
ফুকন’, ‘দোলাকাষৰীয়া বৰুৱা’, আৰু চক্রধ্বজ সিংহৰ দ্বাৰা ‘বৰফুকন’, আদি উপাধি পাইছিল ।
স্মৃতিৰ উৎসৰাজিঃ
লাচিতৰ স্মৃতিৰ
উৎসস্বরূপে ২৪ নৱেম্বৰত ‘লাচিত দিৱস’, নেচনেল ডিফেন্স একাডেমী (NDA) ৰ শ্রেষ্ঠ কেডেটক ‘লাচিত বৰফুকন সোণৰ পদক’, অসমৰ উল্লেখযোগ্য
ব্যক্তিসম্যক বা সাহসী-বীৰত্বমূলক কাম কৰা ব্যক্তিসকলক ‘মহাবীৰ লাচিত বটা’, তেওঁৰ
স্মৃতিত ‘লাচিত বৰফুকন মৈদাম’, অসমৰ ঠায়ে ঠায়ে লাচিতৰ প্রতিমূৰ্তি আদি ।
মৃত্যুঃ
২৫ এপ্রিল ১৬৭২ চনত
‘শৰাইঘাটৰ ৰণৰ’ পিছতেই এই বীৰ পুৰুষজনৰ মৃত্যু হয় । কিন্তু তেওঁৰ বীৰত্বৰ আদৰ্শ
আৰু স্মৃতি আমাৰ মাজত সদায়েই থাকিব ।