বীৰ লাচিত বৰফুকন
আহোমৰ
সেনাধ্যক্ষ মোমাই তামুলী বৰবৰুৱাৰ কনিষ্ঠ বীৰপুত্র আৰু শৰাইঘাট ৰণৰ মূল নায়ক লাচিত
বৰফুকন ডাঙৰীয়াৰ ১৬২২ চনৰ ২৪ নৱেম্বৰত জন্ম গ্রহণ কৰিছিল ।
লাচিত
বৰফুকনৰ নাম আমাৰ সকলোৰে প্ৰসিদ্ধ। অসমৰ প্ৰসিদ্ধ বীৰ লাচিত বৰফুকন শিৱাজি
মঙাৰজ্যৰ সমসামইক আৰু শিৱাজিৰ দৰে তেওঁ নিজদেশত মোগলৰ প্ৰভূত্ব স্থাপনৰ গতিৰোধ কৰিছিল।
বাস্তৱতে ক’বলৈ গ’লে লাচিত বৰফুকনৰ প্রধান প্রতিদ্বন্দী ৰামসিংহ ৰজা মহাৰাষ্ট্রীয়
সাম্রাজ্য সংগঠক শিৱাজীৰ কর্মজীৱনৰ সন্ধিক্ষণত জড়িত আছিল । সেই সম্পর্কে ৰামসিংহই
যি কাম কৰিলে তাৰ পৰিণাম স্বৰূপে দুৰ্জয় সৈন্যবাহিনীৰ সেনাপতি হৈ অসমলৈ আহিব লগাত
পৰিল ।
লাচিত বৰফুকনৰ জীৱন কাহিনী ফঁহিয়াই
চালে, সুদক্ষ সেনাপতিৰ গাত কি কি গুণ থকা আৱশ্যক তাক সম্যকভাৱে জানিব পাৰি । মোগলৰ
বিৰুদ্ধে লাচিত বৰফুকনৰ যুদ্ধ পৰিচালনাৰ নীতি আৰু কাহিনীত অসমীয়া জাতিয়ে যিদৰে
সংগঠন শক্তি, নিয়মানুৱৰ্তিতা আৰু একমুখী কাৰ্যপন্থাৰ সক্ষমতাৰ পৰিচয় দিলে, অসমৰ সংৰক্ষিত
বুৰঞ্জীত ক’তো তেনে উদাহৰণ পোৱা নাযায় ।
চাৰি বছৰ ধৰি সমগ্র জাতিয়ে সংঘবদ্ধ হৈ
এজন মানুহৰ দৰে কাম কৰিছিল । ক’ৰবাত লাচিতে অৱহেলা আৰু কৰ্তব্য পাহৰি যোৱাৰ প্রমাণ
পালে তাক তুৰন্তে আৰু উগ্রভাৱে দমন কৰিছিল । উদাহৰণস্বৰূপে- গড় বনোৱাত অৱহেলা কৰাৰ
বাবে “দেশতকৈ মোমাই ডাঙৰ নহয়ঃ, বুলি মোমাইককে মুণ্ডছেদন কৰিছিল ।
দীঘলীয়া ৰাজকাৰ্যত চুলি পকি বুঢ়া হোৱা
সেনাপতি আৰু ডা-ডাঙৰীয়াই কোমল বয়সীয়া বৰসেনাপতি লাচিত বৰফুকনৰ আদেশ হাঁহিমুখে পালন
কৰিছিল । অনিদ্র সতৰ্কতা আৰু দীর্ঘকাল ধৰি বিজয় লাভৰ সপোনৰ প্রভাৱত নিজৰ ব্যক্তিগত
সুখ-সুবিধাৰ কথা আৰু আত্মীয়-স্বজনৰ চিন্তা সকলোৱে পাহৰি গৈছিল ।
সংঘবদ্ধ হৈ শত্রুৰ সন্মুখীন হবৰ নিমিত্তে অসমীয়া জাতিৰ চৰিত্রৰ সমগুণবিলাক
সমাবেশ কৰি তাক কাৰ্যকুশলতাৰ ক্ষেত্রত লাচিতে প্রয়োগ কৰিছিল । দেশৰ গোৰৱ আৰু সেনাপতিসকলৰ মৰ্যাদা ক্ষুণ্ণ
হোৱাকৈ তেওঁ কোনো কথা-কাম নকৰিছিল ।
নিঃস্বার্থ দেশপ্রেম আৰু বীৰ নেতৃত্বৰ
বিষয়ে শিক্ষা অৰ্জন কৰিলে প্রতিজনে লাচিতৰ মোগল সংঘৰ্ষৰ কাহিনীৰ প্রতি উভতি চাব
লাগিব । তেওঁৰ প্রতিদ্বন্দী মোগল সেনাপতি শৰাইঘাটৰ ৰণত পৰাভূত হৈ কৈছিল- “ধন্য ৰাজা,
ধন্য মন্ত্রী, ধন্য সেনাপতি, ধন্য সেনা, একো আদমীয়ে সকলো সেনা চলাইতে পাৰে । মই
হেন ৰামসিংহ থলত থাকিও ছিদ্রক নেপাওঁ ।”
নৰীয়া গাৰে যুদ্ধ কৰি শৰাইঘাটৰ ৰণ জয়
হোৱাৰ কিছুদিনৰ পাছত ১৬৭২ চনৰ ২৫ এপ্রিলত বীৰ লাচিতৰ দেহাৱসান ঘটে ।