KRISHNA NAM (ASSAMESE HARI NAM), PREPARED BY PODMESWAR

১। নামঃ এক চাপৰি

নন্দৰ গৃহে ডাঙৰ হৈলা কলীয়া কানাই

ধেনু চাৰু বুলি গৈলা মুৰুলি বজাই

অ’হ পানী অনাৰ ছলেৰে অ’ ৰাধে মাই

কাষত কলসী লৈ যমুণালৈ যায়

অ’ কাষত কলসী লৈ যমুণালৈ যায় ।

 

পদঃ

১। প্রথমে প্রণামো ব্রহ্ম ৰূপী সনাতন ।

সর্ব্ব অৱতাৰৰ কাৰণ নাৰায়ণ ।।

তযু নাভি কমলত ব্রহ্মা ভৈলা জাত ।

যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত ।।

 

২। মৎস্য ৰূপে অৱতাৰ ভৈলা প্রথমত ।

উদ্ধাৰিলা চাৰিবেদ প্রলয় জলত ।।

সত্যব্রত ৰাজাক দেখাইলা নিজ মায়া ।

নধৰিলা সমুদ্রে তোমাৰ মৎস্য কায়া ।।

 

৩। কুৰ্ম্ম অৱতাৰ ভৈলা ক্ষীৰো দধী তীৰে ।

লক্ষ প্রহৰৰ পন্থ জুৰিলা শৰীৰে ।।

কৰিলেক পৰি স্তুতি সুৰাসুৰ নাগে ।

ধৰিলা মন্দৰগিৰি প্রভূ পৃষ্ঠ ভাগে ।।

 

তিনি চাপৰিঃ

মণি নিলে মণি নিলে অ’ বণমালী ।

কলসীতে ভৰাই নিলে ৰাধিকা গোৱালী ।।

পদঃ

১। কদম তলে ছৱাল কানাই একা শুতি আছে ।

পানী লৈয়া ৰাধাই দেখি আইলা হৰিৰ কাছে ।।

২। চোঞ্চানিল অলঙ্কাৰ কাঢ়িয়া সমূলি ।

ভূষণ খসায়া ৰাধা লৈয়া এহি বুলি ।।

৩। আঁৰ কৰি থৈয়া ৰাধা জগাইল হৰিৰে ।

পুচে অলঙ্কাৰ কেনে নাহিকে শৰীৰে ।

৪। ভূষণ হৰায়া আছা শুনিয়া একলে ।

যশোদা শুনিলে আজি মৰিবে বিকলে ।।

 

খৰ চাপৰিঃ

যমুনালৈ যায় ৰাধা যমুনালৈ যায় ।

পানী অনা ছলে ৰাধাই কলীয়াকে চাই ।।

১। সকল বালক মাজে কানাই সুন্দৰ ।

ভূৱন মোহন শ্যাম ৰূপ মনোহৰ ।।

২। গগণ মণ্ডল পূৰে শিঙা বেণু বোলে ।

আভীৰ বালক বেৰি জয় হৰি বোলে ।।

৩। উচ্ছায়া পাঞ্চলি ধাৱে বৎস পুচ্ছ ধৰি ।

কেহোঁ বোলে ৰাম কেঁহো বোলে জয়হৰি ।।

৪। কেঁহো বাৱে, কেঁহো গাৱে কেঁহো পাছে হাসে ।

ত্রিভূৱন জিনি বৃন্দাবন পৰকাশে ।।

৫। বেদ শিৰোমণি যাৰ চৰণ বিৰাজে ।

সোহি প্রভূ গোপৰূপে বালকৰ মাজে ।।

ভকত বৎসল হৰি বিনে নাহি কোই ।

কহয় মাধৱ ৰঙা পদে গতি মোই ।।

 

 

২। নামঃ এক চাপৰি

সোণৰ পুতলি বাচা অ’

কাৰ ঘৰে জ্বলে

কোনে দিব অন্ন জল কোলে ল’ব কোলে

অ’ সোণৰ পুতলি বাচা

 

পদ-১

গধূলিতে মাৱে আছে পদূলিলৈ চাই

কেতিয়া পাবহি কাণু গোধেনু চৰায় ।

 

পদ-২

গধূলি গোপাল ফুলে পদূলি শুৱাই

ধেনু চৰায় বেণু বজায় আহে যদুৰায় ।

 

পদ-৩

গধূলি গোপাল আহে বাংশী ধ্বনি কৰি

স্বর্ণ থালে অন্ন লৈয়া মতাইগৈ জননী ।

 

পদ-৪

গধূলি গোপাল আহে মুৰুলি বজাই

পদূলি পদূলি গোপী ৰৈয়া ৰৈয়া চায় ।

 

পদ-৫

বৈকুন্ঠৰ খেলা আনি বৃন্দাবনে পাতি ।

পূর্ণব্রক্ষে অন্ন ভুঞ্চে বালকক মাতি ।।

 

তিনি চাপৰিঃ

মোৰ বাচা ঘৰে নাই দুলাল যদুমণি ।

সোণৰ থালে অন্ন লৈয়া মাতিছে যদুমণি ।।

পদঃ

১। বাটত আছিল কেলি কদম তাতে আছিল খেলি ।

 কোনোৱা শিশুক লগ পায় কৰে অতবেলি ।।

২। আগতে কৈছিলো মই বেছি পেলাও ধেনি ।

নগৰত মাগিয়া খাইবো মোৰে ৰাম কাণু ।।

৩। অ’ হৰি চাৰি চাৰি বাচাই পাইলা দুখ ।

ৰদত উতলি পৰে কাণুৰ চান্দ মুখ ।।

৪। পায়স থৈছো পিঠা থৈছো সোণৰে থালে ।

সোণৰ শৰ্য্যা পাৰি থৈছো জিৰাবহি তাতে ।।

 

চাৰি চাপৰিঃ

সোণৰে পুতলি যদু অ’হে কাক বোলা আই

যশোদাই অন্ন দিয়ে পেট নভৰাই ঐ

সোণৰে পুতলি যদু এ ।

পদঃ

১। বংশী মোৰে বাংশী মোৰে বাংশী মোৰে প্রাণ ।

বাংশীৰ নিমিত্তে কানাইৰ নৰহে জীৱন ।।

২। বাংশীৰ নিমিত্তে কানাই পর্বতে উঠিলা ।

টঙলীয়া বাঁহৰ বাংশী কাটিয়া আনিলা ।।

৩। টঙলীয়া বাঁহৰ বাংশী গোটে গোটে বিন্ধা ।

বাংশীৰ সুৰত মাতে আইস আইস ৰাধা ।।

 

xxxxxxxxxxxxxxxxx

 

৩। নামঃ এক চাপৰিঃ

মুৰুলি বজায় হৰি, মুৰুলি বজায় ।

মুৰুলিৰ চেৱে চেৱে নাচে যদুৰায় ।।

পদ-১

গোপ গোপী ৰঙ্গ কৰে, হাসিয়া হাসিয়া ।

ৰঙ্গে সংগে শ্রী কৃষ্ণ, মুহন বলিয়া ।।

পদ-২

দাম সুদাম ডাকে, ৰঙ্গ কৰি মন ।

আহা কৃষ্ণ, ৰসে মগ্ন লীলাতে মগন ।।

Music up…….

 

তিনি চাপৰি-

ঘোষাঃ কদমৰ তলতে....মধ্যে ৰাতি

যমুণাৰ.....তীৰে তীৰে

ষোল্লশ গোপিনী....সংগে শ্রী কৃষ্ণ

মহা ৰাসক্রিয়া কৰে ।

অ’...কাণু...মহাৰাস ক্রিয়া কৰে ।

নামঃ

(আজি গকুলৰ গোপিনী

নাচে আউলি-বাউলি)২

(অ’ কৃষ্ণই বজায় মো..হন বেণু

চিৰিলি চিৰিলি)২

ৰাতি ৰাতি নাহে টোপনি, (ৰগৰ)

বৃন্দাবনৰ ধেমালী

অ’ ৰাতি ৰাতি টোপনি, (ৰগৰ)

এয়া নামৰ ধেমালী ।

(অ’ ৰাধা অ’ ৰাধা অ’ৰাধা....

অ’ ৰাধা অ’ ৰাধা অ’ ৰাধ....)

পদ-১

অ’ যত গোপী তত কৃষ্ণ

(বৃন্দাবনৰ মাজে)২

ষোল্লশ গোপীৰ সঙ্গে

ৰাস লীলা কৰে ।

পদ-২

অ’ অ’তে-ত’তে মোহন কানাই

(ফুৰে বংশী বাই)২

থমকি নাচে গোপী

চাপৰি বজায় ।

 

চাৰি চাপৰি- (লাহে লাহে)

কৃষ্ণ কলিয়া, (গোপী বলিয়া)২

বৃন্দাবনত চাই ফুৰে, কাৰ কন্যা ধুণীয়া ।

পদ-১

অ’ যত গোপী তত কৃষ্ণ

(বৃন্দাবনৰ মাজে)২+

ষোল্লশ গোপীৰ সংগে

ৰাস লীলা কৰে ।

পদ-২

অ’ অ’তে-ত’তে মোহন কানাই

(ফুৰে বংশী বাই)২

থমকি নাচে গোপী

চাপৰি বজায় ।

 

চাৰি চাপৰিঃ (খৰকৈ)

ৰৈ ৰৈ ধেমালী কৰে বনমালি

ৰৈ ৰৈ ধেমালী কৰে

গাৰ কানি-কাপোৰ জুৰুলা-জুপুৰা

তেওঁ নেৰা ধেমালি

কৰে বনমালি ।

 

যোজনা-১

ফিৰিঙি জলকীয়া তললৈ মেলিলে শিপা ।

আজি শ্রীকৃষ্ণই গোপীসৱৰ সৈতে নামৰে ধৰিছে পীপা ।।

বনমালি....

পালিঃ ৰৈ ৰৈ ধেমালী কৰে..... ।

 

যোজনা-২

যশোদা যশোদা অ’ আই যশোদা কেনেকুৱা কৃষ্ণ তুৰ ।

দধি চুৰ কৰিলে ভাণ্ডও ভাঙিলে বস্ত্রও ফালিলে মোৰ ।

বনমালি....

পালিঃ ৰৈ ৰৈ ধেমালী কৰে..... ।

 

যোজনা-৩

অ’ হে কৃষ্ণ অ’ হে কৃষ্ণ কেনেকুৱা দুষ্ট তই ।

উৰলে কংকালে মেৰিয়াই মেৰিয়া, বান্ধি থম মই ।

আজি বনমালি.....

পালিঃ ৰৈ ৰৈ ধেমালী কৰে..... ।

 

অ’....ৰাম জয়, হৰি কি এ জয়,

জয় হৰি গোপাল গোবিন্দ ৰাম ।।

 

 

 

৪। নামঃ নামঃ

 

এক চাপৰি

 

নামঃ

কংসৰ বন্ধ কাৰাগাৰে, অ’ যদুৰায় ..

দৈৱকীত জন্ম লৈলা....অষ্টমি দিনা...

কংসৰ ভয়ত, বসুদেৱে, থৈলে পলুৱায়,

তুলি-তালি ডাঙৰ কৰে, নন্দ যশোদায় । 

 

পদ-১

বৰিষে কণিকা মেঘে, ওপৰত গাজে,

ফণায়ে ধৰিলে ছত্র, আসি সৰ্পৰাজে,

যশোদাৰ তৈতে উপজিলা যুগমায়া,

আতি অচেতন নিদ্রা, গৈলা নন্দজায়া ।

 

পদ-২

প্রসন্ন বদনে জ্বলে অলকা তিলক,

বসুদেৱে দেখিলেক অদ্ভুত বালক,

পড়ি দুয়ো প্রাণী আছে, কৰিলন্ত স্তুতি,

পিতৃত কহিলা প্রভু, সমস্ত যুগুতি ।

 

 

ভাঙনিঃ 

এ…. এক কৃষ্ণ দেৱ... কৰিয়োক সেৱ.., ধৰিয়ো তাহান নাম.., এ হয়

কৃষ্ণ দাস হৈয়া, প্রসাদো ভূঞ্জিয়া,

এ হস্তে কৰা তান কাম... এ....

 

 

 

 

বাজ্‌নাঃ চেওঁ-.....চলনা...

 

 

তিনি চাপৰিঃ

 

নামঃ

দধি চোৰে কৰি খালা হে কলিয়া..

দধি চোৰে কৰি খালা

উড়লে-ককালে বান্ধি থৈ আহিছো

কেনেকৈ মুকলি হ’লাহে

কলিয়া....দধি চোৰে কৰি খালা ।

 

পদ-১

যশোদা যশোদা অ’ আই যশোদা

এনোৱা কৃষ্ণাই তোৰ,

গাই নিখিৰাওঁতে দামৰি মেলিলে..

খং উঠি আহে মোৰ ।

কলিয়া দধি চোৰে কৰি খালা  ।

 

পদ-২

যশোদা যশোদা, অ’ আই যশোদা

এনোৱা কৃষ্ণাই তোৰ,

কাষৰে কলচি মৰিয়াই ভাঙিলে

বস্ত্রও ফালিলে মোৰ ।

 

পদ-৩

যশোদা যশোদা অ’ আই যশোদা,

কলিয়াক নিদিয়া হাক,

জীয়াৰী, বোৱাৰী উলাব নোৱাৰি,

যায় পানী অনাৰ ঘাট ।  

 

পদ-৪

ঢেঁকিয়াৰ সংযোগে,

দধি থৈ আহিছো, উড়লত উঠিয়ে খালে,

শৰীৰৰ ৰশ্মিয়ে, প্রকাশ কৰিলে

আন্ধাৰত বিচাৰি পালে । 

 

 

ভাঙনিঃ

ঔৱা নৰ লোক..,

হৰি ভজিয়োক.. ধৰা ইতোপদেশ,

এৰা আল জাল, জীৱা কতকাল,

জড়া ভৈল পৰম দেশ....ৰাম

 

বাজ্‌নাঃ চেওঁ-.....চলনা...

 

 

চাৰি চাপৰিঃ

 

নামঃ

আই মোক গালি নাপাৰিবা..,

আৰু নাযাওঁ আই মই,  

গোৱালিৰ পাৰা.. ।

পালিঃ  আই মোক গালি…..

 

পদ-১

এ ৰাম... কি দুখ কৰিলো মই,

খালো টেঙা দৈ,

কিয় বান্ধা আই মোক, অত পঘা লৈ ।

 

পদ-২

এ ৰাম...

এহি বুলি কান্দিলন্ত, প্রভু যদুমণি,

তথাপি যশোৱাই বান্ধে, টানি টানি টানি ।

পদ-৩

এ ৰাম...

নুজুৰিলা পাছে আং, দুল দুই জৰি ।          

আৰু জৰি আনি বান্ধে, যশোৱা সুন্দৰী ।

 

পদ-৪

এ ৰাম....

কৃষ্ণে দেখিলন্ত মাৱ, গৃহ কৰ্ম্মে গৈল,

আঠু কাঢ়ি উড়ুখল টানিবাক লৈল । 

 

 

পদ-৫

এ ৰাম....

অর্জ্জুনত লাগি ভৈলা উড়ল পথালি, 

কঙ্কাল ফান্দিয়া বল, দিলা বনমালি ।

 

পদ-৬

কাম্পে দুয়ো গোটা বৃক্ষ, উড়ুখলে লাগি,

উভৰি পড়িল মচ, মচ কৰি ভাগি । 

 

 

সামৰণিঃ

 

নেৰিবা... ধৰিবা... হৰিৰ... নাম হে...২

নেৰিবা ধৰিবা হৰিৰ নাম হে...

 

পদ-১

হেনজানি নিৰন্তৰে এৰা আন কাম

নেৰিবা ধৰিবা হৰিৰ নাম হে...

 

পদ-২

পাতকচাৰোক ডাকি বোলা ৰাম ।

 

 

৫। কৃষ্ণৰ নাম

ঘোষাঃ প্রথমে প্রণামো ব্রহ্মা, ৰূপী সনাতন,

সর্ব অৱতাৰ কাৰণ নাৰায়ণ......

তযু নাভি কমলত, ব্রহ্মা ভৈলা জাত

ত্রাহিমা ত্রাহিমা ত্রাহিমা

 

নামঃ পুৱতি নিশাতে শিলা বৰষিলে, নুশুনি প্রজাৰে মাত,

পালি পহৰিয়া, সবে নিদ্রা গৈলে, উপজিলে জগনাথ ।

পালিঃ পুৱতি নিশাতে শিলা........।

 

পদ-১

কংসৰ কাৰাগাৰে, কান্দে আই দৈবকী, কৃষ্ণক কোলাতে লৈ,

কালৈ ৰাতিপুৱাই, মোৰ বাচাক মাৰিব, এঁচটা শিলতে থৈ/লৈ ।

 

পদ-২

কৃষ্ণ উপজিলা, ডাঙৰ-দীঘল হৈলা, নন্দ-যশোদাৰ ঘৰে,

লৱণু আনিয়া, খাইবাক লাগিলা, গোৱালীৰ ঘৰে ঘৰে ।

 

তিনি চাপৰিঃ

নামঃ দধি চুৰে কৰি খালি অ’ কলিয়া দধি চুৰে কৰি খালি ।

উৰলে-কংকালে বান্ধি থৈ আহিছো, কেনেকৈ মুকলি হলি ।

 

পদ-১

যশোদা যশোদা অ’ আই যশোদা, কেনোৱা কৃষ্ণাই তুৰ ।

কাষৰে কলচী, মৰিয়াই ভাঙিলে, বস্ত্রইয়ো ফালিলে মোৰ ।

 

চাৰি চাপৰিঃ প্রথম

কি দায় কৰিলো মই, খালো টেঙা দৈ,

কিয় বান্ধা মা মোক, গৰুৰ পঘা লৈ ।

 

পদ-১

বিনা অপৰাধে মা, বান্ধেলী আমাৰে,

পঞ্চ বয়িসতে ধেনু, চাৰু তুৰ ঘৰে ।

 

পদ-২

নাখাওঁ তুৰ দধি দুগ্ধ, নাচাৰিবো ধেনু,

বাটে বাটে বজাই ফুৰিব, কৰ নিত্য বেণু ।

 

চাৰি চাপৰিঃ দ্বিতীয়

নামঃ বৃন্দাবনৰ মাজে মাজে অ’...কোনে চৰাই ধেনু..,

কদম গছৰ ডালে বহি অ’..., কোনে বজাই বেণু ।

 

পদ-১

শিঙা বাজে বেণু বাজে অ’..., বাজে কৰতাল...,

চৌপাশে গোপী নাচে অ’..., মাজতে গোপাল ।

 

পদ-২

আহা সখী কি ৰাখিলো অ’..., যমুণাৰ তীৰে...,

নামাৰা নামাৰা সখী অ’..., যমুণাৰ জলে । কানাই...

 

*বাজনা খৰ....+ ঘোষাৰ সুৰ....

কালীয় দমন.., কৰাহে জগনাথ..., দেখুৱা তোমাৰ মায়া....,

ত্রিজগতৰ পতি..., আমি মূঢ়মতি...., পৰাক্রম দেখাই দিয়া....

যমুণাৰ মধ্যতে...., নাগে ফেট তুলে......., দমন কৰিলা তুমি....,

দমন কৰিয়া...., জগত জিনিলা...., প্রভু তুমি অন্তৰ্যামী...।

 

সামৰণিঃ

(ৰাম ৰাম ৰাম হৰি ৰাম, লোৱা ভকত সৱে হালি জালি নাম ।)২

এই হৰি নামে সংসাৰ তৰিব, মৰণ সংকটৰে বেলা হৰি ৰাম...

*লোৱা ভকত সবে হালি জালি নাম......৫ (লাহে লাহে সুৰ তললৈ নামি শেষ হ’ব)

 

 

 

 

৬। লিখনি-কথা-সুৰঃ অমিয়া নেওগ কলিতা ও সংগী বৃন্দ

নামঃ তিনি চাপৰি

কৃষ্ণ বৃন্দাবনে যায় অ’ যায়,

সুমধুৰ সুৰেৰে মুৰুলি বজায়,

গকুলৰ গোপিনী, আউলী বাউলী

গকুলৰ গোপিনী, আউলী বাউলী (পালি)  

পতি-পুত্রক তেজি বৃন্দাবনে যায় চলি,

হৰি মুহন মুৰাৰি কৈত আছা বুলি ।  

হৰি মুহন মুৰাৰি কৈত আছা বুলি । (পালি) 

 

পদ-১

(বাংশীৰ ধ্বনি শুনি ৰাধাৰ, উত্তায়ল মন,

গোপ বালাৰ সংগে ৰাধা, আহে বৃন্দাবন,) ২

নাচে হাসে প্রভুৰ সংগে মন্দলাকা হৈয়া,

রংগ কৰি গোপনাৰী চাপৰি বজায়া ।

হৰি রংগ কৰি গোপনাৰী চাপৰি বজায়া ।

 

পদ-২

(কৃষ্ণক পায়া ৰাধিকাৰ, মন ব্যাকুলিত,

গোপী সংগ এৰি আহে, কৃষ্ণৰ লগত,)২

মই হেন সুন্দৰী, নাহি ত্রিভুবনে,

সেহি হেতু ভগৱন্তই আমাৰ সংগে আনে । 

 

ঘোষাঃ বান্ধৱ কৃষ্ণ

এ ৰাম....গোপী সবে কৃষ্ণৰ খোজত, পাইলে পৃথিৱীত, ধ্বজ-ব্রজ-পংকজ, অঙ্কুশে অলংকিত, এ ৰাম....কৃষ্ণৰ খোজত কোনো স্ত্রীৰ, খোজ পৰি যায়, সংগে চলে এক গোপী..জানিলো নিশ্চয় এ ৰাম....কৃষ্ণ

 

চাৰি চাপৰিঃ

ৰাধিকাই কহিলে কৃষ্ণক, চলিব নোৱাৰো পাৱে,

উঠা মোৰ কান্ধে প্রিয়া, বুলিলে প্রভুৱে ।

 

পদ-১

উঠিবাক লাগি ৰাধা, গৈলা কাশী পাৰী,

দেখি অন্তধ্যান হৈলে, হঠাতে মুৰাৰী ।

 

পদ-২

দর্পচূৰ্ণ কৰিলন্ত, ৰাধিকা সুন্দৰী,

সর্বজনে দেখা দিলা, কৃষ্ণদেৱ হৰি ।

 

পদ-৩

নকৰা নৈৰাশ প্রভু, নকৰা নৈৰাশ,

তুমাৰ চৰণে যেন, দিয়োক বাস ।

 

পদ-৪

অনাদি অনন্ত হৰি, তুমি কৃপাময়,

বৃন্দাবনে আহি গুপী, জুৰাইলে হৃদয় ।

 

জুৰাইলে হৃদয় । জুৰাইলে হৃদয় । কৃষ্ণ

 

৭। লিখনি-কথা-সুৰঃ অমিয়া নেওগ কলিতা ও সংগী বৃন্দ

নামঃ তিনি চাপৰি

 

বুৱতি যমুণাৰ পাৰত, বহি কদমৰ গছত, বহি কদমৰ গছত

কলিয়াই মুৰুলি বজায়,

হেন সময়তে সিপাৰৰে পৰা, ৰাধিকাই মাতে লগাইহে কলিয়া্‌ক

ৰাধিকাই মাতে লগাই ।

 

পদ-১

দধি দুগ্ধ লৈয়া, যাওঁ মথুৰা হাট, ঘাটতে নৌকা নাই,

ধৌ দেখি যমুণাৰ, কম্পে মোৰে হিয়া, পাৰ কৰি নিয়াহে কানাই ।

পাৰ কৰি নিয়াহে কানাই ।

 

পদ-২

এ ৰাম ৰাম, নাও ভগা-ছিগা, (বঠা জুৰা দিয়া) ২, কেনেকৈ পাৰ কৰো তুমাক,

(ভৰা যমুণাতে নৌকা দুবিলে) ২, জগতে হাঁহিব আমাক হে ৰাধিকা জগতে হাঁহিব আমাক ।

 

পদ-৩

যেনে তেনে কৰি, (নিয়া পাৰে কৰি)২, কাকূতি কৰিছো কলিয়া,

(বেলিয়ো দুবিব, মথুৰা হাট ভাগিব,)২,  দুধি-দুগ্ধও হৈব বয়া ।

 

চাৰি চাপৰিঃ

এ কানাই বেলা হ’ল আবেলি, এ কানাই নকৰা ধেমালী,

এ কানাই ভাগিব মথুৰা হাটে কানাই

নকৰা নকৰা ধেমালী ।

 

পদ-১

অন্য গোপীক পাৰ কৰি লোৱা অনা অনা,

মোক কানাই পাৰ কৰা দিব কাণৰ সুণা ।

কানাই নকৰা নকৰা ধেমালী ।

 

পদ-২

(এ ৰাধিকা বচন শুনি মিচিকি হাঁহিলা, ভৰা যমুণাতে কানাই নৌকা মেলি দিলা)২,

ভৰা যমুণাতে কানাই নৌকা মেলি দিলা, এ....এ..হৰি....নাৰায়ণ

ৰাম হৰি অ’...হৰি ৰাম নাৰায়ণ ।

 

সামৰণিঃ

নকৰা নকৰা ধেমালী,  নকৰা নকৰা ধেমালী, নকৰা নকৰা ধেমালী, নকৰা নকৰা ধেমালী,

অ’ ৰাম জয় হৰি কি জয়, জয় হৰি গোপাল গোবিন্দ ৰাম ।

 

 

৮। ঘোষাঃ

কৃষ্ণ শংকৰ গুৰু হৰি ৰাম...ৰাম ৰাম ৰাম...হৰি  ৰাম. ৰাম ৰাম

এ মন্ত দন্ত জগ্য যত, হন্ত,

এ হৰি নাম, সবাৰে আগত...

কিনো ভাগ্য কিনো ভাগ্য, হেন নাম পাইলে লেগ, পাইলে লোক মুকুতা হাত । কৃষ্ণ

 

নামঃ

অ’ হৰি এ... হে, বৈকুন্ঠৰ পতি,

নাম শুনি ভগৱন্তই আহিব আপুনি..

নাম শুনি ভগৱন্তই আহিব আপুনি।

 

পদ-১

নমু নমু নাৰায়ণ (পালিঃ এ হে এ)

তুমি আদি দেৱ (এ হৰি হে)

পালিঃ বৈকুন্ঠৰ পতি, নাম শুনি ভগৱন্তই আহিব আপুনি,

নাম শুনি ভগৱন্তই আহিব আপুনি

 

পদ-২

 এ তোমাৰ  চৰণে প্রভু (পালিঃ এ হে এ)

কোটি কোটি সেৱক ( এ হৰি.. হে)

পালিঃ বৈকুন্ঠৰ পতি, নাম শুনি ভগৱন্তই আহিব আপুনি

নাম শুনি ভগৱন্তই আহিব আপুনি

 

পদ-৩

তুমি সত্য সনাতন, জগতৰ কাৰণ (এ এ )

তুমি বিনা ত্রিজগতে, আৰ নাহি আন ।

 

পালিঃ

এ হৰি হে

বৈকুন্ঠৰ পতি, নাম শুনি ভগৱন্তই আহিব আপুনি

নাম শুনি ভগৱন্তই আহিব আপুনি

 

ঘোষাঃ বান্ধৱ কৃষ্ণ

এ ৰাম...গুৰুপদ সেৱ মনুষ্যৰ মুখ্য কর্ম,

হৰি নাম কীর্তনক, দিল/লৈল/লেৰ শ্রেষ্ঠ ধর্ম,

এ ৰাম ভজহেৰ’ মন মোৰ, গুৰু পাৱত,

এ মনহেন মন মোৰ হৰিৰ চৰণত । এ ৰাম...

 

নামঃ দুই চাপৰি

ৰাম নামে সাৰ হৰি, ৰাম নামে সাৰ..

ৰাম নামে কৰি আছে, জগতক উদ্ধাৰ ।

 

পদ-১

এ ৰাম, ৰাম নামে সৰস্বতী, লগত আছে হৰি,

হৃদয়তে/ শয়নৰ বিচনাতে, শঙ্খ-চক্র ধৰি ।

 

পদ-২

এ ৰাম ভকত ভঞ্জল প্রভু, ভকত নিবন

হৃদয়তে জানি নাথ, দিয়া দৰিশন ।

 

ঘোষাঃ বান্ধৱ কৃষ্ণ

এ সজনৰ সংগ নচাৰোক সর্বক্ষণ, এহিসে প্রসাদ মাগো তুমাৰ চৰণ,

এ ৰাম...এ আতুৰ ভৈলোহো হৰি, বিষয় বিকলে.., এ কৰিয়ো উদ্ধাৰ প্রভু চৰণ কমলে...এ....ৰাম ।

 

নামঃ এক জোপী বৃক্ষ আছে, জগতত জুৰি ।

ৰাম নামে ডাল-পাত, হৰি নামে গুৰি । ৰাম ৰাম

 

পদ-১

বুজি ল’বা শাস্ত্র কথা, জানি ল’বা নাম,

গুৰুৰ/মোহোৰ লগত কৰা সবা পৰিত্রাণ । ৰাম ৰাম  

 

পদ-২

অজ্ঞান মনুষ্য একো, নাজানো মিনতি,

নিজ গুণে তুষ্ট হৈয়া, নামে গতি পতি । ৰাম ৰাম

 

হৰি নামে গুৰি ৰাম ৰাম, হৰি নামে গুৰি ৰাম ৰাম, হৰি নামে গুৰি ৰাম ৰাম

অ’ ৰাম জয় হৰি.....

অ’........হৰি....অ’........হৰি

অ’........ৰাম....অ’........ৰাম

 

৯। নামঃ এক চাপৰি

এ ৰাম ৰাম...

কলিয়া...কোন বনে চৰাইছিলা ধেনু...ৰাম ৰাম

কলিয়া...চান্দ মুখে বজাইছিলা বেণু ।

 

পদ-১

কৃষ্ণ ৰূপে দৈৱকীত ভৈলা অৱতাৰ। (হৰি এ.... ঐ হে..)
শঙ্খ চক্ৰ গদা পদ্ম কৰত তোমাৰ ॥

 

পদ-২

পীত বস্ত্ৰে শোভে আতি শ্যাম কলেৱৰ । (হৰি এ.... ঐ হে..)
কমল লোচন চাৰু অৰুণ অধৰ॥ ৰাম ৰাম

 

পদ-৩

সুন্দৰ নাসিকা কৰ্ণে মকৰ কুণ্ডল ।
কণ্ঠত কৌস্তুভ শিৰে কিৰীটি উজ্জ্বল ॥

 

ঘোষাঃ

এ ৰাম আপাদ লম্বিত বনমালা জ্বলে গলে ।
শোভে অতি শ্ৰীবৎস বহল বক্ষঃস্থলে ॥
চাৰু চাৰি ভুজ জ্বলে আজানুলম্বিত ।
কৰিকৰ সম উৰু বৰ্ত্তুল বলিত ॥ হৰি এ...ৰাম


কথাঃ

চৰণ কমল যেন নৱ পদ্ম কোষ।
যাক দেখি ভকতৰ পৰম সন্তোষ॥ (হৈছে)

 

ঘোষাঃ এ ৰাম...প্ৰসন্ন বদন জ্বলে অলকা তিলক।
বসুদেৱে দেখিলন্ত অদ্ভুত বালক ॥ (হৰি এ...)

 

দুই চাপৰিঃ

দেৱ নাৰায়ণ প্রভু, দেৱ নাৰায়ণ,

দৈবকীৰ গর্ভে জন্ম, লৈলা ত্রিভূবন ।

 

পদ-১

পড়ি দুয়ো প্ৰাণী পাছে কৰিলন্ত স্তুতি
পিতৃত কহিলা প্ৰভু সমস্ত যুগুতি॥

 

 

পদ-২

ভৈলা শিশুৰূপ তৈতে প্ৰভু নাৰায়ণ ।
কোলে লৈয়া বসুদেৱ লড়িল তেখন ॥

 

 

ঘোষাঃ এ ৰাম....

ভাগিল নিহাল ভৈল মেলান কপাট ।
দেখি ভয়ে যমুনা আপুনি দিলা বাট ॥ (....কৃষ্ণ)
বৰিষে কণিকা মেঘে ওপৰত গৰ্জ্জে ।  (ৰাম ৰাম..)
ফনায়ে ধৰিলা ছত্ৰ আসি সৰ্পৰাজে ॥

কথাঃ
যশোদাৰ তৈতে উপজিল যোগ মায়া ।
অতি অচেতনে নিদ্ৰা গৈলা নন্দজায়া ॥ (হৈছে)


ঘোষাঃ এ ৰাম...তাহানে সয্যাত নিয়া থৈলন্ত তোমাক । (ৰাম ৰাম)
বসুদেৱে আনিলন্ত নন্দৰ কন্যাক ॥ (হৰি এ...বান্ধৱ কৃষ্ণ)

 

নামঃ চাৰি চাপৰি

দেব নাৰায়ণ হে দেব নাৰায়ণ, নানাৰূপে ত্রিভূবনে লভিলা জনম ।

হে দেব নাৰায়ণ

 

পদ-১

শিশুভাৱে গোকুলত ক্ৰীড়িলা অপাৰ । (ৰাম ৰাম ক্রীড়িলা অপাৰ)
সাধিলা অনেক প্ৰীতি নন্দ যশোদাৰ ॥ (হে দেব নাৰায়ণ)

 

পদ-২

অচিন্ত্য মহিমা হৰি পুৰুষ প্ৰধান । (ৰাম ৰাম পুৰুষ প্ৰধান)
লীলা কৰি অনেক দৈত্যৰ লৈলা প্ৰাণ ।। (হে দেব নাৰায়ণ)

 

পদ-৩

কংশৰ পাঞ্চনি পাই যত দৈত্য আসে । ( ৰাম ৰাম যত দৈত্য আসে)
তুমি অগনিত যেন পুড়ি মৰে জাসে ॥ (হে দেব নাৰায়ণ)

 

অ...হৰি..এ.....এ হৰি... ৰাম নাৰায়ণ

অ ৰাম হৰি এ.... হৰি ৰাম নাৰায়ণ

 

সামৰণিঃ


ঘাতক মনুষ্যকাল, কৰা প্রভু দূৰী হে নাৰায়ণ

হেন জানি নিৰন্তৰে এড়ি আন কাম । হে

দ্রুতি মনুষ্যকাল কৰা প্রভু দূৰী হে নাৰায়ণ


পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম ॥

 

অ’ ৰাম জয় হৰি কি এ জয়,

জয় হৰি গোপাল গোবিন্দ ৰাম ।

 

 

১০। নাম

লিখনি-কথা-সুৰঃ অমিয়া নেওগ কলিতা ও সংগী বৃন্দ

এক চাপৰিঃ

অনন্ত শয়ন এৰি প্রভু দেৱ হৰি, ভকতক ৰাখিব হেতু নৰৰূপ ধৰি,

কংসৰ কাৰাগাৰে, দৈৱকীৰ উদৰে, জনম লভিলা শ্রী হৰি....,

(হৰিলা ভূমিভাৰ দুষ্টক দমন কৰি)২

 

পদ-১

কাৰাগাৰে চতুৰ্ভুজ ৰূপ, দৈৱকীক দেখাইলা, মায়া কৰি সেহি ঠাইতে শিশুৰূপ লৈলা, বসুদেৱৰ হাতৰ বান্ধ, আপুনি চিঙিলা, তোমাক কোলে লৈয়া পিতৃ গকুলে চলিলা ।

তোমাক কোলে লৈয়া পিতৃ গকুলে চলিলা ।

 

পদ-২

আপোনা আপোনি বাট, দিলে যমুণাই, তোমাক থৈয়া যোগমায়াক আনিলে সলায়,

তুমাক বধিবে কংস, কাৰাগাৰে গৈলে, মায়া কৰি যোগমায়া আকাশে চলিলে ।

মায়া কৰি যোগমায়া আকাশে চলিলে ।   

 

বান্ধৱ কৃষ্ণ

কথাঃ কংসৰ কাৰাগাৰত বসুদেৱ দৈৱকীৰ জন্ম হ’ল এটি সন্তান তেতিয়ালৈকে কিন্তু কৃষ্ণৰ নাম নাছিল, কি কৰিলে,

ঘোষাঃ  এ ৰাম...হে বসুদেৱে পথাইল শিল গৰ্গ ঋষি, গুপকৰি যত কর্ম কৰিলা হৰিষি,

 এ ৰাম..কহিলা নন্দৰ আগে, যত গুণ গাওঁ, অ’ বিধিমতে থৈলন্ত তোমাৰ কৃষ্ণ.. নাম ।

 

তিনি চাপৰিঃ

নামঃ

কৃষ্ণ নাম, লৈলা তুমি, গকুল ভৱনে হে গকুল ভৱন হে,

তোমাৰ সংগে রংগ কৰে, গোপ-গোপীগণে হে ।

 

পদ-১

অঘাসুৰ বকাসুৰ য’ত, অসুৰক বধিলা,

গিৰিগোবৰধন ধৰি, গোপক ৰাখিলা ।  

 

পদ-২

যশোদাৰ ধন তুমি, ৰাধাৰৰ মনআ,

ৰাস কৰি, পবিত্র কৰিলা বৃন্দাবন । হে

 

পদ-৩

গকুলত নানা লীলা, কৰি দেব হৰি,

কৃষ্ণকদমিলা প্রভু, নানা মায়া কৰি । হে

 

চাৰি চাপৰিঃ (লাহে)

কংসক বধিবে কানাই, মথুৰাক যায় মথুৰাক যায়,

মুখে মনুহৰ হাসি, মুৰুলি বজায় ।

 

পদ-১

পিন্ধালে চন্দন ফুট, কুবুজা সাদৰী,

কুঁজি গুছি ভৈল তায়ী পৰম সুন্দৰী ।

 

কথাঃ যেতিয়া, কংসক বধ কৰিবলৈ, ৰাম-কৃষ্ণ মথুৰালৈ গৈছিলে, তেতিয়া ৰাস্তাত কুঁজী বুঢ়ী পাইছিলে, কুঁজী বুঢ়ীয়ে যেতিয়া কৃষ্ণক তিলক পিন্ধাই দিলে, তেতিয়া কুঁজী বুঢ়ী বোলে ষোল্লশ বছৰ হৈ গ’ল । 

 

পদ-১

পিন্ধালে কবুজ ফুট, কুবুজা সাদৰী,

কুঁজি গুছি ভৈল তায়ী পৰম সুন্দৰী ।

 

পদ-২

পিন্ধালে চন্দন ফুট, কুবুজা সাদৰী, কুবুজা সাদৰী,

কুঁজি গুছি ভৈল তায়ী পৰম সুন্দৰী ।

 

পদ-৩

দুষ্টমতি, মন্দমতি পাপিষ্ঠ, দুৰাচাৰি কংস,

নিজ হন্তে বধিলন্ত, প্রভূ হৃষিকেশ ।  

 

এ অ’ হৰি অ’........অ’ হৰি নাৰায়ণ,

ৰাম হৰি অ’.... হৰি ৰাম নাৰায়ণ ।

 

চাৰি চাপৰিঃ (খৰ)

(কৃষ্ণ আমাৰ পৰম বান্ধৱ, বান্ধৱ, মাধৱ হৰি হে) ৪

 

পদ-১

অ’....কৃষ্ণত শৰণ...

(কৃষ্ণ আমাৰ পৰম বান্ধৱ, বান্ধৱ, মাধৱ হৰি হে)

অ’...লোৱা বৈষ্ণৱ গণ...

(কৃষ্ণ আমাৰ পৰম বান্ধৱ, বান্ধৱ, মাধৱ হৰি হে)

অ’........কৃষ্ণ বিনে নাহি আন হে....

 

সামৰণিঃ

গোবিন্দ গোবিন্দ গোবিন্দ ৰাম,

পতিত পাৱন তোমাৰ নাম । ৪

 

পদ-১

অনাদি অনন্ত (গোবিন্দ ৰাম)

অচ্যুত গোবিন্দ (গোবিন্দ ৰাম)

তুমি বিনে নাহি আন হে ৰাম,

পতিত পাৱন তোমাৰ নাম ।

 

পদ-২

দয়াৰ সাগৰ (গোবিন্দ ৰাম)

তুমি কৃপাময় (গোবিন্দ ৰাম) ২

তুমি বিনে নাহি আন হে ৰাম

পতিত পাৱন তোমাৰ নাম ।

 

পতিত পাৱন তোমাৰ নাম । ৫

 

 

১১। নামঃ

শ্রীকৃষ্ণ ক’লৈনো, গ’ল হে ৰাধিকা, কৃষ্ণ ক’লৈনো গ’ল,

যমুনাৰ তীৰতে, কানাই ধেনু চাৰে, হাততে বাঁহিটি লৈ,

অ’ ৰাধিকা...হাততে বাঁহিটি লৈ,

 

পদ-১

কিনো মহিমা তোমাৰ হে কলিয়া, কিনো মহিমা তোমাৰ,

তেলি কদমৰ ডালে, বহি বাংশী বজাই, মুহিলা মন সবাৰ ।

অ’ ৰাধিকা..... মুহিলা মন সবাৰ ।

 

 

তিনি চাপৰিঃ

 

বৃন্দাবনলৈ, কানায়ে গৈছিলে, মুৰুলী বজালে ৰৈ য়ে ঐ,

অ’ কদমৰ তলতে গৈ জয় গোবিন্দ ৰাম,

 

পদ-১

মুৰুলি ধবনিৰে, ৰাধা কমলিনী, নৃত্য কৰিলে ৰৈ য়ে ঐ,

অ’ কদমৰ তলতে গৈ জয় গোবিন্দ ৰাম,

 

পদ-২

নাচে গোপী সবে, ৰঙ্গ হাস কৰে, কৃষ্ণকে কাষতে পায়ে ঐ,

অ’ কদমৰ তলতে গৈ জয় গোবিন্দ ৰাম,

 

 

ঘোষাঃ

এ ৰাম.....বৃন্দাবনৰ মাজে প্ৰভু আছিলা লুকাই,
ভালেতো গোপিনী কান্দে বিচাৰি নাপায় ॥

 

 

চাৰি চাপৰিঃ

ক’তে আছিলা, লুকাই প্রভু তুমি, ক’তে আছিলা লুকাই,

ভালেতো গোপিনী, কান্দে ইনাই-বিনাই, তোমাকে বিৰাই নাপায় ।

পদ-১


বিচাৰি বিচাৰি, গোপ গোপী সবে, পাৰ কৰে আনেক প্ৰৱন্ধে,
পাইল গৈয়া লাগ, প্রভু শ্রী কৃষ্ণ, তুলসীৰ মাজে ॥

প্রভু শ্রী কৃষ্ণ, ক’তে আছিলা লুকাই,


পদ-২

তুলসীৰ মাজে প্ৰভু, তুমি আছিলা, গুপ্ত কৰি লুকাই,
গোপী সৱে কান্দি মৰে, প্রভু শ্রী কৃষ্ণ, তোমাক বিচাৰি নাপায়॥


পদ-৩

কিয় এৰি গৈলা প্ৰভু গোপীসৱক, কাকেনো থাকিব চাই,
কান্দে গোপী সবে ইনাই-বিনাই, বঞ্চিতা কৰিলে বিধাতাই ॥

 

 

সামৰণিঃ

সামৰণিঃ

গোবিন্দ গোবিন্দ গোবিন্দ ৰাম,

পতিত পাৱন তোমাৰ নাম । ৪

 

পদ-১

অনাদি অনন্ত (গোবিন্দ ৰাম)

অচ্যুত গোবিন্দ (গোবিন্দ ৰাম)

তুমি বিনে নাহি আন হে ৰাম,

পতিত পাৱন তোমাৰ নাম ।

 

পদ-২

দয়াৰ সাগৰ (গোবিন্দ ৰাম)

তুমি কৃপাময় (গোবিন্দ ৰাম) ২

তুমি বিনে নাহি আন হে ৰাম

পতিত পাৱন তোমাৰ নাম ।

 

পতিত পাৱন তোমাৰ নাম । ৫