KRISHNA DAS ABOTAR (ABOUT) BY KAMAL LOCHAN PATHAK

 # ভগৱান শ্ৰীকৃষ্ণৰ দশ অৱতাৰ #

BY Kamal Lochan Pathak


-------------------------------------------
মতস্য কূৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম, বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তযু পাৱে কৰোহো প্ৰণাম..!
এই নামঘোষাৰ কথাফাকিত মহাপুৰুষ মাধৱদেবে দহটা অৱতাৰৰ কথা কৈছে !
মত্স্য অৱতাৰঃ-মত্স্য অৱতাৰ দুবাৰ হয় |প্ৰথম বাৰ স্বায়ম্ভৱ মন্বন্তৰত আৰু দ্বিতীয়বাৰ চাক্ষুষ মন্বন্তৰত এটি কল্পতে দুবাৰ ধাৰন কৰিছিল |প্ৰথমবাৰ হয়গ্ৰীৱ নামৰ দৈত্যই বেদ অপহৰণ কৰাত ব্ৰহ্মাৰ প্ৰাৰ্থনাত ভগৱানে মত্স্য ৰূপে অৱতাৰ হৈ দৈত্যক বধ কৰি বেদ উদ্ধাৰ কৰে |দ্বিতীয়বাৰ চাক্ষুষ মন্বন্তৰত নিজ ভক্ত সত্যব্ৰত ৰজাক কৃপা কৰি মত্স্য ৰূপে অৱতাৰ হৈ সমূদ্ৰৰ প্ৰলয় জলত নিজ মায়া প্ৰকাশ কৰিছিল !
কুৰ্মঃ-দেৱতা আৰু অসুৰে সাগৰ মন্থন কৰা সময়ত সাগৰৰ পানীৰ তললৈ মন্দৰ পৰ্বত যোৱাত ভগৱানে কুৰ্ম ৰূপে অৱতাৰ হৈ পিঠি পাতি ডাঙি ধৰি অমৃত মন্থন কৰাত সহায় কৰিছিল |
নৰসিংহঃ-ভক্ত প্ৰহ্লাদৰ বাক্য ৰক্ষা কৰি স্ফটিকৰ স্তম্ভৰ পৰা ভগৱানে নৰসিংহৰূপে অৱতাৰ হৈ আদি দৈত্য হিৰণ্যকশিপু বধ কৰে |ভক্ত প্ৰহ্লাদক আশ্বাস কৰে |
বামন অৱতাৰঃ-কাশ্যপ অদিতিত বলিক চলনা কৰি ইন্দ্ৰক এৈলোক্য দান দিয়ে |অদিতি মাতৃৰ কাতৰ অনুৰোধ ৰক্ষা কৰি ভগৱানে বামন ৰূপে অৱতাৰ হৈছিল |
পৰশুৰামঃ-জামদগ্নি আৰু ৰেণুকাৰ পঞ্চম সন্তান |পৰশুৰামে ২১ বাৰ পৃথিৱী প্ৰদক্ষিণ কৰি ক্ষত্ৰিয় ৰজাবোৰক বধ কৰে |
হলিৰামঃ--বসুদেৱ আৰু ৰোহিনীৰ পুত্ৰ |দ্বিবিদ বানৰ,প্ৰলম্ব,মুষ্টিক ৰুক্মবীৰ,দন্তবক্ৰ আদিক বধ কৰি পৃথিৱীৰ ভাৰ হৰণ কৰে |
বৰাহ অৱতাৰঃ--ব্ৰহ্মাই জগত সৃষ্টি কৰি জলৰ পৰা পৃথিৱী উদ্ধাৰ কৰাৰ চিন্তা কৰোঁতে তেওঁৰ নাকৰ পৰা বৰাহ ৰূপী ভগৱানৰ অৱতাৰ হয়,লীলায়ে তেওঁ দন্তৰ অগ্ৰে অগাধ জলৰ পৰা পৃথিৱী উদ্ধাৰ কৰে |হিৰণাক্ষ দৈত্যক বধ কৰে |
শ্ৰীৰাম অৱতাৰঃ--পিতৃৰ বাক্য পালি বনলৈ গৈ বিৰোধ,কবন্ধ,
মাৰীচ,খৰ,দূষণ,বালিক বধ কৰে |কুম্ভকৰ্ণ,ৰাৱণক বধ কৰি সীতাক উদ্ধাৰ কৰে |
বুদ্ধ অৱতাৰঃ--এই অৱতাৰটি বিতৰ্কিত আৰু গোলমলীয়া বিধৰ |
কলিযুগৰ আৰম্ভনিত ভাগৱত বিদ্বেষী নাস্তিক সকলক/অসুৰ সকলকমন মুহিবলৈ গয়াত অঞ্জনাৰ পুত্ৰৰূপে ভগৱান বুদ্ধৰূপে অৱতাৰ হয় |সেই সময়ত বৈদিক যজ্ঞৰ নামত অবৈধ ভাবে মানুহে পশু বলি দিছিল |বুদ্ধৰূপে অৱতাৰ হৈ কলঙ্কিত বেদবাদ লুপ্ত কৰি অহিংসা পৰম ধৰ্ম প্ৰচাৰ কৰে |অগ্নি পুৰাণৰ মতে বুদ্ধ শুদ্ধোধনৰ পুত্ৰ গৌতম বুদ্ধ |ভক্তি বিৰোধী কৰ্মই বামানয় |বুদ্ধদেৱৰ সময়ত বামানয় কৰ্মবোৰ অতি তীব্ৰতৰ হৈছিল |
কল্কি অৱতাৰঃ--কলিযুগৰ শেষত ৰজাবোৰ দস্যু ভাবাপন্ন হ'লে,ভগৱানে কল্কি নামেৰে বিষ্ণু যমৰ পুত্ৰৰূপে অৱতাৰ হৈ কপট দস্যু সকলক বধ কৰিব |পাপী,তাপী,ভ্ৰষ্টাচাৰী সকলক কল্কিয়ে বধ কৰি সত্য ধৰ্ম প্ৰচাৰ কৰিব |(কল্কি পুৰাণ)
কলিৰ শেষত পাপতে মজি থকা লোকক বধ কৰি কল্কিয়ে ভুমি ভাৰ হৰণ কৰি সত্য প্ৰবৰ্ত্তন কৰিব ||
$ভূল হলে ক্ষমা কৰিব$
-------------------------------
মত্স্য শব্দটি ভূলকৈ লিখিব লগা হল....!!