‘কোলাহল’
(কথা কবিতা)
কবিঃ শ্রী হেমকান্ত বৰা
মই বিচাৰো নিৰব-নিস্তব্ধতা,
.... ‘কোলাহল’ মই ঘৃণা কৰো । ই মোৰ তথা মোৰ সমাজৰ অ’ নহয় । ই মোৰ দেশৰ শত্রু ।
‘কোলাহল’ তুমি
নাহিবা মোৰ লগত । মই যাওঁ ‘নিজান’ বিচাৰি । ক’ত পাম গভীৰ নিৰবতা? অৰণ্যত ! অ’ নহয় – অৰণ্যত সৎ সঙ্গৰ
অভাব ঘটিব ।
পর্বতৰ
ওখ টিঙত মই ধ্যান কৰিব পাৰিম । তাহানিৰ ঋষি-মুনিয়ে তপ কৰিছিল কেৱল নির্জনতা, গভীৰ
নিৰবতা ।
যেনিয়েই
যোৱা কোলাহল, যেনিয়েই চোৱা কোলাহল, চিঞৰ-বাখৰ আৰ্তনাদ । কোনোৱে বেমাৰৰ বাবে চিঞৰিছে,
কোনোৱে মৃত্যু যাতনাত, কোনোৱে আকৌ শোকত বিহ্বল মনৰ বেদনাত হুক-হুকাই কান্দিছে ।
কোনোৱে আকৌ বিজয় গৌৰবত হৰ্ষোল্লাস ।
কোলাহলপূৰ্ণ
মানৱ সমাজ ব্যস্ততাত মগ্ন, সকলোৱে সময়ৰ অভাৱ, আহা আহিছে, যোৱা গৈছে, এমখাই আকৌ
দিনে-ৰাতিয়ে ২৪ ঘন্টা চলা কোম্পানীৰ কামত । বৰ্তমান ভাৰতবৰ্ষও তাহানিৰ আমেৰিকাৰ
বেলি ডুব নোযোৱা দিনৰ নিচিনা । উপাসনাত সময়ৰ অভাৱ, ক্ষন্তেক সময় ধৰণী পৰিচালকৰ লোগো এক
হ’বলৈ ।
অসীম
অজ্ঞানতাই আৱৰি ৰাখিছে । আমি জানো, কিন্তু একো নাজানো । আমি দেখো, কিন্তু অজ্ঞান
এন্ধাৰে গ্রাস কৰিছে । অন্ধ সদৃশ নহয়নে?
নিৰ্জনতা
তোমাক আৰু অন্ধ কোপত লুকাই ৰাখিব নোৱাৰো । তুমি আৰ্বিভাৱ হোৱা । তুমি নৱৰূপ ধাৰণ কৰা, নীলা সাগৰত নহয়,
শৃঙ্গত কিয়? সকলোতে বিদ্যমান হোৱা – য’ত ওঁকাৰ ধ্বনি থাকিব, ব্রহ্মনাদ থাকিব, তাত
নিৰবতা বিৰাজ কৰিবা, যাৰ বাবে ধ্যানত মগ্ন হ’ব ! ধ্যান পূৰ্ণতা হ’লে ধাৰণা আহিব,
জ্ঞানময় কোষবোৰ সজীৱ হৈ উঠিব, সত্য যুগ পুনৰ সূচনা হ’ব । ভাৰতমাতাৰ আলোকে বিশ্বক
পোহৰ বিলাব । নিৰ্জনতা উপস্থিত হ’ল, ত্রেতা যুগৰ যজ্ঞ পুনৰ জাগৰণ, বিশ্বত এখন
আশ্রম প্রতিষ্ঠিত হ’ব, যি আশ্রমত গুৰুকুলীয় শিক্ষাই প্রকৃত মানৱ গঢ়ি তুলিব । অ’
সৌৱা নিৰ্জনতাৰ প্রৱেশ আৰু লগে লগে কোলাহল প্রস্থান ।