KALAGURU BISHNU PRASAD RABHA SOME SONGS AND POEMS, COLLECTED & EDITED BY PODMESWAR, ONLY FOR FAIR USE

1.   বিশ্বৰ ছন্দে ছন্দে

-     কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা


 

Sung by Dr. Bhupen Hazarika


Sung by Zubin Link

 



বিশ্বৰ ছন্দে ছন্দে

মহানন্দে আনন্দে নাচা….

নাচা তমোহৰ দেউ নাচা

 

বন্দে…. বন্দে আজি

সৱ ভকত বৃন্দে

বন্দে….তৱ চৰণ কমল বন্দে

 

জ্বলোৱা সাগ্নিক তপ হোম বহ্নি

বিনাশক এন্ধাৰ তবজয়ী অগ্নি

বিশ্বৰে দেউলত জ্ঞানৰে বন্তিৰ

আলোকৰে শিখা উঠক নাচি

অজ্ঞান এন্ধাৰ বিনাশি2

পুলকানন্দে.............

 

নাচোনৰ তালে তালে

পুষ্পিত বননি

ছেৱে ছেৱে হালে-জালে

বিকশিত ফুলনি

 

আমোল-মোলে কৰে

শুৱনি ধৰণী

পুষ্পিত সুবাসিত গন্ধে 

 

 

 

 

 

 

 

 

 

Edited & Collected by Podmeswar Bora

 


2. নিচলা আইৰে

- বিষ্ণুপ্ৰসাদ ৰাভা

Lyrics Link: https://swargam.oakokho.com/lyrics/?T1=নিচলা%20আইৰে

 

Video:

https://www.youtube.com/watch?v=4M3Lj4XZmhQ

 

নিচলা আইৰে

আমি খাঁটি অসমীয়া

অসমী আইৰে আমি

ছোৱালী ধুনীয়া

ধৰণী শুৱাই থকা

অতি মোহনীয়া ।

 

খোপাত কপৌফুল

হাতত জেতুকাৰ বোল

ওঁঠত পিকৰ বোল

সজোৱা বোলোৱা সজোৱা বোলোৱা

বিজ্ঞান প্ৰজ্ঞান লৈ

আগবাঢ়ি যোৱা ।

 

কবিতাৰে মোহচন্দ

পাহৰি পেলোৱা অ

পাহৰি পেলোৱা

বিলাসিনীৰ বেশ ধৰি

অগনি জ্বলোৱা অঅগনি জ্বলোৱা

বিজ্ঞান প্ৰজ্ঞান লৈ

আগবাঢ়ি যোৱা ।।

3.     কাষতে কলচী লৈ যায় ৰচকী বাই

Lyrics Link: https://geetsankalan.com/lyrics/Kakhote_Kolosi_Loi

Dr. Bhupen Hazarika Speeches on:

কথা: আজি প্রায় ৭০ বছৰৰ আগতে মোৰ আৰধ্য গুৰু বিষ্ণুপ্রসাদ ৰাভাদেউ আৰু জ্যোতি প্রসাদ আগৰৱালাদেৱে তেওঁৰ জয়মতী’, ‘কাৰেংৰ লিগিৰী’, আদি বানীবদ্ধ কৰাবলৈ কলিকতাৰ এ এম ভি ৰেকৰ্ডিং ষ্টোডিঅলৈ লৈ গৈছিল .. ডমডমলৈ ৷ মোৰ চেমনীয়া কন্ঠৰে বানীবদ্ধ কৰিছিল ৰাভাদেৱে , ‘কাষতে কলচী লৈ যায় অৰচকী বাই ..আজি প্রায় ৭০ বছৰ পিচত সেই একেটা স্কেলতে পুৰঠ কন্ঠেৰে মই প্রথম গীতটিকে গাই দিছোঁ ..কাষতে কলচী লৈ যায় অৰচকী বাই ..’ ...কালেক্টৰচ্ আইটেম ৰূপে বোধহয় সহস্রজনে ভাল পাব ৷

Sung by Dr. Bhupen Hazarik Link:

https://www.youtube.com/watch?v=s_2Frh3UZK4

 

কাষতে কলচী লৈ.. যায় ঐ ৰচকী বাই

কাষতে কলচী লৈ.. যায় ঐ ৰচকী বাই

সপোনৰ সঁফুৰা চকুযুৰি লৈ

মৰমৰ অমিয়া, ভৰাই ঐ ৰচকী বাই

যায়  ঐ ৰচকী বাই

কাষতে কলচী লৈ যায় ঐ ৰচকী

বাই  কাষতে কলচী লৈ যায় ঐ ৰচকী বাই

 

ৰাংঢালী ওঁঠেদি বনগীত এফাঁকি

ৰাংঢালী ওঁঠেদি বনগীত এফাঁকি

জ্বলাই শুৱলা সুৰৰে চাকি

কাষৰে ফুলনি, উজলাই

ৰচকী বাই যায়

ঐ ৰচকী বাই

কাষতে কলচী লৈ যায় ঐ ৰচকী

বাই

কাষতে কলচী লৈ যায় ঐ ৰচকী

বাই

 

মলয়াৰ চুমাৰে ক’লা চুলিতাৰি

ভেতুৰা ৰেণুৰে ঢৌ শাৰী শাৰী

মলয়াৰ চুমাৰে ক’লা চুলিতাৰি

ভেতুৰা ৰেণুৰে ঢৌ শাৰী শাৰী

বিজুলীৰে মিলি উজলাই ৰচকী বাই

যায়

ঐ ৰচকী বাই

কাষতে কলচী লৈ যায় ঐ ৰচকী

বাই

কাষতে কলচী লৈ যায় ঐ ৰচকী

বাই

 

সপোনৰ সঁফুৰা চকুযুৰি লৈ

মৰমৰ অমিয়া, ভৰাই ঐ ৰচকী বাই

যায়

ঐ ৰচকী বাই

কাষতে কলচী লৈ যায় ঐ ৰচকী

বাই

কাষতে কলচী লৈ যায় ঐ ৰচকী

বাই ।

ৰাংঢালী ওঁঠেদি বনগীত এফাঁকি

ৰাংঢালী ওঁঠেদি বনগীত এফাঁকি

জ্বলাই শুৱলা সুৰৰে চাকি

কাষৰে ফুলনি উজলাই

যায় ঐ ৰচকী বাই যায়

ঐ ৰচকী বাই

কাষতে কলচী লৈ যায় ঐ ৰচকী

বাই

কাষতে কলচী লৈ যায় ঐ ৰচকী

বাই ।

 

৪. বিলতে হালিছে ধুনীয়া পদুমী

Link: https://xonggit.wordpress.com//2012/02/06/বিলতে-হালিছে-ধুনীয়া-পদুম/

 

Sung video with animation Link:

https://www.youtube.com/watch?v=SkEkYlIi2F8

 

বিলতে হালিছে ধুনীয়া পদুমী
ফুলনীত ফুলিছে ফুল,
বিলতে হালিছে ধুনীয়া পদুমী
ফুলনীত ফুলিছে ফুল,
সেই ফুলে.. ফুলে পখিলা উৰিছে
সানিছে ৰেণুৰে বোল,
সেই ফুলে.. ফুলে পখিলা উৰিছে
সানিছে ৰেণুৰে বোল,
বিলতে হালিছে ধুনীয়া পদুমী
ফুলনীত ফুলিছে ফুল…..

২য় গছৰে ডালতে গাইছে কুলিয়ে
কুউ.. কুউ.. কৈ..
গছৰে ডালতে গাইছে কুলিয়ে
কুউ.. কুউ.. কৈ..
দূৰ-দূৰণিতে জুৰিটি নাচিছে
দূৰ-দূৰণিতে জুৰিটি নাচিছে,
জিৰি জিৰি জিৰি জিৰি কৈ,
নিজান বননীতে কেতেকী চৰায়ে
নিজান বননীতে কেতেকী চৰায়ে,
সুহুৰি মাৰিছে ৰৈ….
বিলতে হালিছে ধুনীয়া পদুমী
ফুলনীত ফুলিছে ফুল…..

গছৰে ডালতে গাইছে কুলিয়ে
কুউ.. কুউ.. কৈ..
দূৰ-দূৰণিতে জুৰিটি নাছিছে
দূৰ-দূৰণিতে জুৰিটি নাছিছে,
জিৰি জিৰি জিৰি জিৰি কৈ,
নিজান বননীতে কেতেকী চৰায়ে
নিজান বননীতে কেতেকী চৰায়ে,
সুহুৰি মাৰিছে ৰৈ….
বিলতে হালিছে ধুনীয়া পদুমী
ফুলনীত ফুলিছে ফুল…..
বিলতে হালিছে ধুনীয়া পদুমী
ফুলনীত ফুলিছে ফুল…..

Edited & Collected by Podmeswar Bora

 


5. মন্দিৰ দুৱাৰ খোলা

- বিষ্ণুপ্ৰসাদ ৰাভা

Lyrics Link: https://swargam.oakokho.com/lyrics/?T1=মন্দিৰ%20দুৱাৰ%20খোলা

Sung Video Link with Lyrics:

https://www.youtube.com/watch?v=AAyH5OsMAZ4

 

আজি মন্দিৰ দুৱাৰ খোলা

বহে মিলনৰ উৎসৱ মেলা

 

শুনো মংগল আৰতি গান

নাচি উঠে ভকতৰে প্ৰাণ

তোৰ হল যে পূজাৰে বেলা

মন্দিৰ দুৱাৰ খোলা ।

 

স্বাগত নৱাগত অতিথি

হিয়াত ফুলাম আসন থৈছোঁ পাতি২ ২

পুষ্পিত. মন্দিৰ. কানন. বীথি.

ফুলনিৰ. তল সৰা.

তুলি ফুল মনোহৰা

গাঁথিলোঁ উলাহে মালা

তোৰ হল যে পূজাৰে বেলা

মন্দিৰ দুৱাৰ খোলা ।।

 

6. ৰৈ ৰৈ কেতেকী

- বিষ্ণুপ্ৰসাদ ৰাভা

Lyrics Link: https://swargam.oakokho.com/lyrics/?T1=ৰৈ%20ৰৈ%20কেতেকী

Sung Video Link:

https://www.youtube.com/watch?v=jhL3xhIJ2mQ

 

ৰৈ ৰৈ কেতেকী বিনা অ

অমাতৰ মাত

অমাতৰ মাত

ৰৈ ৰৈ কেতেকী বিনা অ

অমাতৰ মাত

অমাতৰ মাত

কৰে সমনীয়া

লগে চেমনীয়া

আহ উৰণীয়া

মেলি দিওঁ হাত

অমাতৰ মাত ।

 

জোনবাই আনি দিম

শাৰী পাতি ওমলিম

শিতানতে শুব দিম

সোণৰ সঁজাত

অমাতৰ মাত ।

 

7. আজলীছোৱালীনানাফুলেতুলি

আনিলোঁআঁচল ভৰাই

 

আজলীছোৱালীনানাফুলেতুলি

আনিলোঁআঁচল ভৰাই

আজলীছোৱালীনানাফুলেতুলি

আনিলোঁআঁচল ভৰাই

সজাই ফুলেৰেঅতিযতনেৰে

বৰালোঁবৰণ শৰাই

সজাই ফুলেৰেঅতিযতনেৰে

বৰালোঁবৰণ শৰাই

আজলীছোৱালীনানাফুলেতুলি

আনিলোঁআঁচল ভৰাই

আজলীছোৱালীনানাফুলেতুলি

আনিলোঁআঁচল ভৰাই

মলয়াছাতিয়েআহেজাকিমাৰি

উলাহত নাচিনাচিযায়

মলয়াছাতিয়েআহেজাকিমাৰি

উলাহত নাচিনাচিযায়

কুলিকেতেকীয়ে

বিৰিখেবিৰিখে

কুলিকেতেকীয়ে

বিৰিখেবিৰিখে

কুলিকেতেকীয়ে

বিৰিখেবিৰিখে

 

আজলীছোৱালীনানাফুলেতুলি

আনিলোঁআঁচল ভৰাই

সজাই ফুলেৰেঅতিযতনেৰে

বৰালোঁবৰণ শৰাই

সজাই ফুলেৰেঅতিযতনেৰে

বৰালোঁবৰণ শৰাই

আজলীছোৱালীনানাফুলেতুলি

আনিলোঁআঁচল ভৰাই

আজলীছোৱালীনানাফুলেতুলি

আনিলোঁআঁচল ভৰাই

আনিলোঁআঁচল ভৰাই

 








 


8. Joya Nai Joya Nai (জয়া নাই জয়া নাই) Song Lyrics

Lyrics Link: https://axomia-lyrics.blogspot.com/2020/05/joya-nai-joya-nai-lyrics-rabha-sangeet-assamese-lyrics.html

Sung by Zubin Garg, Video Link:

https://www.youtube.com/watch?v=Ymnw6MT6iSQ

 

জয়া নাই জয়া নাই
অসমী আইৰ চেনেহৰ জী
সতী জয়মতী নাই,
জয়া নাই ... জয়া নাই
জয়া নাই.... জয়া নাই….

জয়সাগৰত বুকুৰ মাজত
উঠে চকুলোৰে ঢল,
মলয়াই তোলে
হিয়াভগা সুৰ,
কৰুণ বিননী ৰোল
জয়া নাই... জয়া নাই
অসমী আইৰ চেনেহৰ জী
সতী জয়মতী নাই,
জয়া নাই... জয়া নাই
জয়া নাই.... জয়া নাই….

তেজৰ টোপাল চকুলো ওলাল
নয়নৰ পাহি ফালি...
কলিজাৰ চাকি জালিলে দীপালি
বুকুৰ অগনি জালি,
পাৰতে সাজিলে স্মৃতিৰ দেউল
প্ৰেমৰ সুৰভি ঢালি,
স্বামীকো তৰিলে দেশকো ৰাখিলে
নিজকেই দিলে বলি,
জয় দেউলৰ শিলত বোলালে
সোণৰ গৰিমা বোল,
আজিও কুলিয়ে কলচিত বহি
তোলে বিননী ৰোল,
জয়া নাই... জয়া নাই
অসমী আইৰ চেনেহৰ জী
সতী জয়মতী নাই,
জয়া নাই জয়া নাই
জয়া নাই জয়া নাই….

সেই সাগৰৰ তেজৰ টুপিৰে
বোলোৱা ৰাঙলী চুলি,
জলোৱা দীপালি চাকিৰ শিখাৰে
হৃদয় শলিতা জালি,
উঠা অসমৰ গাভৰু ছোৱালী
জাগা অসমীয়া দল,
আজিও জয়া হিয়াতেই আছে
নুতুলিবা তেনে ৰোল,
জয়া নাই... জয়া নাই
অসমী আইৰ চেনেহৰ জী
সতী জয়মতী নাই,
জয়া নাই... জয়া নাই
জয়া নাই... জয়া নাই….




মোৰ জীৱনৰ আকাশতে


Mur Jibonor Akaxote (মোৰ জীৱনৰ আকাশতে) Lyrics 

 MUR JIBONOR AKAXOTE, SUNG BY BHUPEN HAZARIKA, VIDEO-2

 MUR JIBONOR AKAXOTE, VIDEO-1, SUNG BY ZUBIN GARG






 

বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতা

হেৰবিপ্লৱী বিদ্ৰোহী বীৰ

Recitation Video:

https://www.youtube.com/watch?v=Oi-o29HlG6k

 

হেৰবিপ্লৱী বিদ্ৰোহী বীৰ!
তোল তোৰ অৱনত শিৰ।
অতদিন তই আছিলি সুসুপ্ত
পৰ পদানত,
নিৰ্যাতিত নিপীড়িত,
দলিত, পতিত…?
আজি এই নতুন যুগত হ তই জাগ্ৰত।

হেৰহেৰ
অগনি-যুগৰ ৰঙা ফিৰিঙতি শিখা!
জল জল উঠ উঠ
আন কাঢ়ি ৰুদ্ৰ কপালৰ ৰক্ত চন্দ্ৰ কলা ৰেখা।
তুলি ল তুলি ল তই কৰালী কালীৰ
ভীম ভয়ংকৰ খড়্গ,
ভাঙ ভাঙ ভাঙ ভাঙ কাৰাৰ কপাট,
শত অভিশাপপূৰ্ণ এই দুখময় দুৰ্গ।

তই নিজে অনন্ত বিশাল!
দহ শত ফণা তুলি এৰি বিষ-জাল
তই অগ্নিগিৰি
অগনি উগাৰি
জ্বলা জ্বলা শত লক্ষ পাপ অনৰ্গল
হই দাবানল।

তই হিম-গিৰি-শৃংগ গগণ চুম্বক সুউচ্চতা
মৌন গম্ভীৰতা।
তই প্ৰশান্তৰ গভীৰতা,
হৃদয়ত উৰ্মিময় সাগৰৰ মহা অসীমতা,
কল্লোলময়ী বিশালতা

তই শক্তিৱান
ক্ষীণ ঋষি দধিচি মহান।
তোৰ অস্থি মহা-অস্ত্ৰ
শোষকৰ মৃত্যু শস্ত্ৰ।
শোষণেৰে পুঞ্জীভূত ধনীৰ মৰণ।
সিহঁতৰ শোষণেই মৃত্যুৰ কাৰণ।
বল্ বল্ বল্ বল্
সাজু হবৰে হসাজু হবৰে হল।
ভাঙ ভাঙ
দুৱাৰৰ দাং।

Edited & Collected by Podmeswar Bora

কৌটি দলিতৰ গান
আনে বিপ্লৱী বান।
সৱে মিলি ভাঙে কাৰাদ্বাৰ
মুক্ত কাৰাবাসীগণ
ওলায় দলিত জন
ভাঙি-মেলি কাৰাৰ দুৱাৰ,
গাই মুকুতিৰ গান,
তুলি অগ্নিবাণ।

বুদ্ধ হল অৱৰুদ্ধ

বুদ্ধ
ল অৱৰুদ্ধ
হিংসাৰ কাৰাত হল অহিংসা নিৰুদ্ধ
মিছা হল অহিংসা প্ৰচাৰ
ল চউপাশে দিশে হিংসাৰ প্ৰসাৰ
অহিংসাৰ বক্ষ ভেদি হল হিংসা অঙ্কুৰি,
উজ্জীৱিত,
বিকশিত,
পল্লৱিত,
কুসুমিত।

স্বার্থ অন্ধ যত
ধনী মানী জমিদাৰ
যোগী হল যান্ত্ৰিকতাৰ
পেষক, শোষক ধন-তান্ত্রিকতাৰ
পিন্ধি মুখা অহিংসাৰ
চলালে নতুন ৰণ প্ৰতিযোগিতাৰ

ৰণ
মহাৰণ
দিশে দিশে
দেশে দেশে
জ্বলিল অগনি, মহাৰণ দাবানল,
সুখৰ ধৰণী ছাই হ;
ল ধৰা ছাৰখাৰ
চুৰ্চুমই চুৰমাৰ;
উঠিল পৃথিবী জুৰি ৰোল হাহাকাৰ
বুকু ভগা হিয়া ছিগা হায়’-হতাশাৰ

এই ৰণ অতি ভয়ংকৰ,
ভীষণ কৰালময় দ্বিতীয় সমৰ।
সেই সমৰত যত হালুৱা-বনুৱা
মুকুতিৰ আশাতেই হলহি ৰণুৱা,
জাপ দিলে হাঁহি-মুখে ভীষণ যুঁজত,
লাখে লাখে সেনাৰূপে হল হতাহত,
ৰণ বিৰতিৰ পাছে হল কাৰাবাস,
পুনৰ ধনীৰ হল দাস

সেই অন্ন-ভূমিহীন দল
যাৰ মাথোঁ উপবাস জীৱিকা-সম্বল,
যাৰ দেহ ৰক্তেৰে
ৰঞ্জিত পোৱালেৰে
বিভূষিতা ধনীৰ গৃহিনী
ৰাঙ, চৰি ৰাঙী হয় ঔ গাল চকলা দুখনি,
ওঁঠৰ লুৰীত দোলে ইদ্ৰধনুৰ ৰঙা বেঁকা
হেঙুলীয়া ঘূৰণীয়া ৰেখা;
মৃণাল ভূজীয়া কৰি হস্তৰে প্ৰাস্তুৰে
চম্পা-কলীয়া মিহি কুমলীয়া আঙুলিৰে
ডাঁৰে ডাঁৰে
আঁৰে আঁৰে
জিলিকি জিলিকি উঠে
ৰঙা নখ ৰক্তিম মালিকা,
যাৰ
হিয়া আমঠুৰ কলিজাৰ
ধনী জমিদাৰ জলৌকাৰ
দন্ত-ক্ষত ঘাঁৰ
ধেতুৰ কলীয়া কলা দাগৰ মহীৰে
বোলোৱা ধুনীয়া ধনু-ভিৰীয়া ভূৰূৰে
বংকিম ঠাৰৰ পাশে কাম দেৱতাৰ
পঞ্চ-শৰ-ধনু হাৰে।

যাৰ
পাই ঘাম সাৰ
ধৰণী উপচি পৰে ফুল-মূল-ফল
জীৱনী সম্বল;
যাৰ হা-হুমুনিয়াহ
উগাৰে ভাপৰ যন্ত্ৰ এৰি উশাহ-নিশাহ,
পৃথিৱীৰ গৰ্ভ অন্তৰৰ
কয়লা পাথৰ
যাৰ শকতিত নিৰ্ভৰ;
যাৰ হৃদ মন্দাকিনী
ধৰাৰ অন্তনিৰ্ঝৰিণী
ভূমি তৈল খনি,
শূন্য অন্তৰীক্ষ বক্ষ ফালি
যাৰ বাহুবলে আনে শকতি-বিজুলী

সেই অন্ন-ভূমিহীন দল
ধৰণীৰ কৌটি কৌটি সর্বহাৰা দল
কাৰাগাৰ হৃদয়ত তোলে কোলাহল।

বন্দীসৱ অতীব চঞ্চল
মুকুতিৰ আশে অবিৰল
হৃদ-আকাশত গোঁথে জল সপোনৰ
চিৰ-সুন্দৰ দেউলৰ,

সত্য থাকে অবিৰত
তমোহৰদেৱে কৰে ধ্যান
মানৱৰ মংগল কল্যাণ;
মুক্তিৰ বিধান;
মুক্তি আলোকত হয় বিশ্ব আলোকিত
হয় উদ্ভাসিত
চিৰ সুন্দৰ…;

যাৰ অভ্যন্তৰ
তোলে আলোড়ন উঠি সুৰ মনোহৰ
এক সাম্য-অমৃত ৰাগৰ।

বন্দী সৱে হয় উন্মাদ
কাৰাৰ প্ৰাচীৰ ভেদি আহে আৰ্তনাদ।

 

Edited & Collected by Podmeswar Bora

 


হেৰউ কৃষক

হেৰউ কৃষক,
প্রথম বিপ্লৱী বীৰ প্ৰকৃতিৰ বক্ষ-বিদাৰক।
ধৰণীৰ বুকু ফালি
নাঙলৰ ফাল তুলি
পোনে পোনে তয়ে লখিমীক লভিছিলি
আজিনো লখিমী ক? ত হেৰুৱালি?…
লোকৰ ফাঁকিত পৰি হলি
শোষণৰ দাস-মজুৰ-শ্রমিক।
ধিক্ ধিক্ জীৱনত ধিক্‌!

হেৰউ নিলাজ!
মুকুতিৰ সেনা-সাজে সাজে আজি সাজ!
ল বল বল আগবাঢ়ি
কৰিব লাগিব আজি লখিমী উধাৰ।

হেৰউ কুমাৰ!
মাটিৰ শিলৰ তই আদিশিল্পী পুৰণি ধৰাৰ।
ল বল আগবাঢ়ি
গুচি আহ তাক এৰি
পঢ়িব লাগিব তই নতুন জীৱন
ঘূৰাই নতুন চাক কৰি নৱ-নবীন সৃজন।

তাম হাৰী! তাম হাৰী!
তাম্র-যুগ সভ্যতাৰ আদি সৃষ্টকাৰী
তয়ো আহ সাজি-পাৰি
নাথাকিবি পিছ পৰি।
স্ৰজিব লাগিব এই নতুন সৃজন
ব নৱ যুগ প্ৰৱৰ্তন!

হেৰউ কঁহাৰ!
তয়ো আদি যুগ সৃষ্টিকাৰ।
সৰ্বহাৰা হই আজি কিয় তই কৰ হাহাকাৰ!
তয়ো আহ, তয়ো আহ হেৰ জুহাল হাপৰ এৰি
খনতা, হাতুৰী পৰিহৰি।

ৰূপোৱাল!
সোণোৱাল!
নাথাকি শালত পৰি
ল বল আগুৱাই বল।

তহঁতৰ সুপ্ত
মহান শকতি লুপ্ত
জগাবৰ হল, আজি জগাবৰ হ
দেহা তোল, তয়ো দেহা তোল।

হেৰউ কমাৰ!
বিদ্রোহী বিপ্লৱী যুগান্তৰ মথ-সৃষ্টিকৰ।
মহতী সভ্যতা তোৰে দান।
আহ আহ, ল বল হই আগুৱান
এৰি তোৰ শালৰ নিয়াৰী
বলী তোৰ হাতিয়াৰ ধৰি
ফালি ঘোপমৰা অন্ধকাৰ
জগতৰ নৱ নৱ যুগ সভ্যতাৰ
মহা মহা স্ৰষ্টা সৃষ্টিকাৰ।

আজি আথানিত পৰি কৰ হাহাকাৰ
জ্বলাৱ বুকুত তই অগনি চিতাৰ!
হই দাস শোষকৰ
হলি নিজে কল-কাৰখানাৰ।

বৰ সময় নাই
ল বল গাই গাই
আগুৱান গান
এৰি অগ্নিবান

 

 

ভাঙ্ ভাঙ্ ভাঙ্ ভাঙ্

ভাঙ্ ভাঙ্ ভাঙ্ ভাঙ্
লোহাৰ শিকলি ভাঙ্,
ছিঙ্ ছিঙ্ ছিঙ্ ছিঙ্
দাসৰ বান্ধোন ছিঙ্।

খোল খোল খোল খোল
কাৰাৰ ফাটক খোল,
ভাঙ্ ভাঙ্
দুৱাৰৰ দাং।

শুন সৌৱা শুন শুন
ঘোষিছে ৰণ বিষাণ,
মুক্ত আকাশে উৰে
দীপ্ত ৰঙা নিচান,
ৰক্তেৰে ৰঞ্জিত
সূৰুয উদীয়মান
শুন মুকুতিৰ সূৰুযৰ আহ্বান
হালোৱা হজুৱা হেৰমজুৰ কিচান।
মুক্তিমান মুক্তিমান মুক্তিমান!

শোষকৰ দল আজি হব অৱসান
পেষকৰ সঁচ কৰ সাং।

 

 

 

Created Date: 19-06-2022

Edited & Collected by Podmeswar Bora

For the Observation Day- “Rabha Divas”

 

 

 

 

 

Quiz Competition

Date: 20-06-2022


1. বিষ্ণুপ্ৰসাদ ৰাভা কিমান চনত জন্ম গ্রহণ কৰিছিল?

A. ৩১ জানুৱাৰী, ১৯১০              B. ৩১ জানুৱাৰী, ১৯০৮

C. ৩১ জানুৱাৰী, ১৯০৭             C. ৩১ জানুৱাৰী, ১৯০৯

উত্তৰঃ D. ৩১ জানুৱাৰী, ১৯০৯

 

2. বিষ্ণুপ্ৰসাদ ৰাভা কিমান চনত মৃত্যু হৈছিল?

A. ২ জুন, ১৯৬৮ (৬০ বছৰ)               B. ২০ জুন, ১৯৭০ (৬১ বছৰ)

C. ২০ জুন, ১৯৬৯ (৬০ বছৰ) D. ২০ জুন, ১৯৭৫ (৬৬ বছৰ)

উত্তৰঃ C. ২০ জুন, ১৯৬৯ (৬০ বছৰ)

 

3. কোনখন ঠাইত বিষ্ণু ৰাভাৰ জন্ম হৈছিল?

A.ভাৰতৰ ৰাজধানী দিল্লীত        B. বেঙ্গল প্ৰেসিডেন্সি (এতিয়াৰ বাংলাদেশ)- ঢাকা

C. অসমৰ তেজপুৰ জিলাত         D. অসমৰ হোজাই জিলাত

উত্তৰঃ B. বেঙ্গল প্ৰেসিডেন্সি (এতিয়াৰ বাংলাদেশ)- ঢাকা

 

 

4. কোনখন ঠাইত বিষ্ণু ৰাভাৰ মৃত্যু হৈছিল?

A.ভাৰতৰ ৰাজধানী দিল্লীত        B. বেঙ্গল প্ৰেসিডেন্সি (এতিয়াৰ বাংলাদেশ)- ঢাকা

C. অসমৰ তেজপুৰ জিলাত         D. অসমৰ হোজাই জিলাত

উত্তৰঃ C. অসমৰ তেজপুৰ জিলাত

 

5. বিষ্ণুপ্রসাদ ৰাভাৰ পিতৃৰ নাম আছিল ____।

A. পৃথ্বীৰাজ ৰাভা (থুন্ থুন্)     B. হেমৰাজ ৰাভা (মুন্ মুন্)

C. মেণ্ডেলা ৰাভা                        D. গোপাল চন্দ্ৰ ৰাভা (মুছাহাৰী)

উত্তৰঃ D. গোপাল চন্দ্ৰ ৰাভা (মুছাহাৰী)

 

6.  বিষ্ণুপ্রসাদ ৰাভাৰ মাতৃৰ নাম আছিল ____।

A. গেথীবালা ৰাভা                     B. মেণ্ডেলা ৰাভা

C. হেমা ৰাভা            D. এটাও নহয়

উত্তৰঃ A. গেথীবালা ৰাভা

 

7. বিষ্ণুপ্রসাদ ৰাভাৰ দেউতাক এজন ____ আছিল ।

A. শিক্ষক               B. ব্ৰিটিছ সেনাৰ উচ্চ পদস্থ বিষয়া

C. ভাৰতীয় সেনা              D. অসমৰ এজন অভিজন্তা

উত্তৰঃ B. ব্ৰিটিছ সেনাৰ উচ্চ পদস্থ বিষয়া

 

8. বিষ্ণুপ্রসাদ ৰাভাৰ দেউতাক জন্মসূত্রে কোনটো জনগোষ্ঠীৰ লোক আছিল?

A. ৰাভা জনগোষ্ঠী             B. মিচিং জনগোষ্ঠী

C. বড়ো জনগোষ্ঠী       D. কাৰ্বী জনগোষ্ঠী      

উত্তৰঃ C. বড়ো জনগোষ্ঠী 

 

9. বিষ্ণুপ্রসাদ ৰাভাৰ দেউতাকক কি উপাধি প্রদান কৰিছিল?

A. 'ৰায়বাহাদুৰ'                 B. পদ্মশ্রী

C. ভাৰত ৰত্ন                  D. কলাগুৰু

উত্তৰঃ 'ৰায়বাহাদুৰ

 

10. কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা _____ত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই 'কলাগুৰু' সন্মান প্ৰদান কৰিছিল।

A. 'নটৰাজ' নৃত্য                B. ৰাভা সংগীত

C. চিত্র অংকণ                 D. অভিনয়

উত্তৰঃ A. 'নটৰাজ' নৃত্য      

 

11. কোনে বিষ্ণুপ্রসাদ ৰাভাক ‘কলাগুৰু’ উপাধি প্রদান কৰিছিল?

A. সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য সৰ্বপল্লী ৰাধাকৃষ্ণণে

B. সেইসময়ৰ ৰাষ্ট্রপতি জাকিৰ হুছেইন

C. সেইসময়ৰ প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে

D. ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র দামোদৰ দাস মোদীয়ে

উত্তৰঃ A. সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য সৰ্বপল্লী ৰাধাকৃষ্ণণে

 

12. বিষ্ণুপ্রসাদ ৰাভাৰ শিক্ষাগত অৰ্হতা কিমান?

A. প্রবেশিকা     B. আই.এচ.চি.

C. স্নাতক        D. স্নাতকোত্তৰ

উত্তৰঃ B. আই.এচ.চি.

 

13. সেই সময়ৰ অবিভক্ত দৰং জিলাৰ  তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই ১৯২৬ চনত বিষ্ণুপ্রসাদ ৰাভাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত সকলো পৰীক্ষাৰ্থীৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে তেওঁক কি পদক লাভ কৰিছিল?

A. ভাৰত ৰত্ন   B. ৰায়বাহাদুৰ

C. সোণৰ পদক D. কুইন এমপ্ৰেছপদক

উত্তৰঃ D. কুইন এমপ্ৰেছপদক

 

14. বিষ্ণুপ্রসাদ ৰাভাৰ সন্তানকেইজনৰ নাম কি আছিল?

A. পৃথ্বীৰাজ ৰাভা (থুন্ থুন্)    B. হেমৰাজ ৰাভা (মুন্ মুন্)
C. মেণ্ডেলা ৰাভা                         D. আগৰ আটাইকেইজন

উত্তৰঃ D. আগৰ আটাইকেইজন

 

15. বিষ্ণুপ্রসাদ ৰাভাই তলৰ কোনকেইখন আলোচনীত কাম কৰিছিল?

A. দাপোণ আৰু সপোন       B. বাঁহী আৰু আৱাহন

C. ওপৰৰ এখনো নহয়       D. ওপৰৰ দুয়োখনেই

উত্তৰঃ B. বাঁহী আৰু আৱাহন

 

 

 

 

 

 

 

 

Edited & Collected by Podmeswar Bora