Jikir , Ajan Phakir, edited by Podmeswar

 

“জিকিৰ”

-আজান ফকীৰ

 

ঘোষাঃ জীৱৰ সাৰথি নাম । অ’ আল্লা জীৱৰ সাৰথি নাম ।

সতগুৰুক ভেটিবা, আতমাক চিনিবা, সিজিব দীনৰে কাম ।।

অমন পখনক চম্ভালি ৰাখিবা কোনোবাই ভাঙ্গিব ধৰি

মনৰ পাঁচ হাতীক থিৰকৈ বান্ধিবা কলিমা লাহৰে জৰী ।।

মনকে বান্ধিবা, মনকে চাটিবা, মনকে নিদিবা লাই ।

অবুজন মনকে বুজাব নোৱাৰি, যেনে গজমূৰী গাই ।।

মনকে বান্ধিৱা, মনকে চাটিবা, মনকে নিদিবা লাই ।

দুৰ্জন মনকে বুজাব নোৱারি, বুজায়ে পাৰ নেপায় ।।

তিনি আঠে বছৰ মনকে বুজালোঁ জগৰা বনলৈ যায় ।

জগৰা বনলৈ কেলেই নেযাব, সৃষ্টি বাঢ়িবৰ ঠাই ।।

বাঁহে কি এ তিতা, গজালি কোমল, খাওঁতে মাধুৰি ভাল ।

কুকুৰাৰ ডিমাতে পানী ঢল ঢল তাতে কুকুৰাৰ আল ।।

জাৰৰে কোমল সৰগৰে ৰ’দ ঘামৰে কোমল বা ।

মাতৃৰ গৰভত দহ মাহ নৰকত, পণ্ডিতে বিচাৰি চা ।।

জুয়ে কোমলাবৰ লাহে লোৱে, পানী কোমলাবৰ মাটি ।

নামৰে কোমল, ভকতৰে বচন, ধৰিলে অমূলক আঁটি ।।

এইনো বৰে ঘৰ কেলেই সাজিলা, শুবলৈ নোজোৰে পাটি ।

গাঁৱৰে গিয়াতী চপাই মাতি আনি ল’লা বাৰী চুকত মাটি ।।

কাপে কাপে তুলা ডিঙিত শিলিখা, কঁকালত পিন্ধিলা লোং ।

যাবৰ বেলিকা ল’লা কিয়ে নাম, তললোই মূৰকৈ গুণ ।।