Jikir , Ajan Phakir, edited by Podmeswar

 

“জিকিৰ”

-আজান ফকীৰ

 

ঘোষাঃ জীৱৰ সাৰথি নাম । অ’ আল্লা জীৱৰ সাৰথি নাম ।

সতগুৰুক ভেটিবা, আতমাক চিনিবা, সিজিব দীনৰে কাম ।।

অমন পখনক চম্ভালি ৰাখিবা কোনোবাই ভাঙ্গিব ধৰি ।

মনৰ পাঁচ হাতীক থিৰকৈ বান্ধিবা কলিমা লাহৰে জৰী ।।

মনকে বান্ধিবা, মনকে চাটিবা, মনকে নিদিবা লাই ।

অবুজন মনকে বুজাব নোৱাৰি, যেনে গজমূৰী গাই ।।

মনকে বান্ধিৱা, মনকে চাটিবা, মনকে নিদিবা লাই ।

দুৰ্জন মনকে বুজাব নোৱারি, বুজায়ে পাৰ নেপায় ।।

তিনি আঠে বছৰ মনকে বুজালোঁ জগৰা বনলৈ যায় ।

জগৰা বনলৈ কেলেই নেযাব, সৃষ্টি বাঢ়িবৰ ঠাই ।।

বাঁহে কি এ তিতা, গজালি কোমল, খাওঁতে মাধুৰি ভাল ।

কুকুৰাৰ ডিমাতে পানী ঢল ঢল তাতে কুকুৰাৰ আল ।।

জাৰৰে কোমল সৰগৰে ৰ’দ ঘামৰে কোমল বা ।

মাতৃৰ গৰভত দহ মাহ নৰকত, পণ্ডিতে বিচাৰি চা ।।

জুয়ে কোমলাবৰ লাহে লোৱে, পানী কোমলাবৰ মাটি ।

নামৰে কোমল, ভকতৰে বচন, ধৰিলে অমূলক আঁটি ।।

এইনো বৰে ঘৰ কেলেই সাজিলা, শুবলৈ নোজোৰে পাটি ।

গাঁৱৰে গিয়াতী চপাই মাতি আনি ল’লা বাৰী চুকত মাটি ।।

কাপে কাপে তুলা ডিঙিত শিলিখা, কঁকালত পিন্ধিলা লোং ।

যাবৰ বেলিকা ল’লা কিয়ে নাম, তললোই মূৰকৈ গুণ ।।