কিবা ভূল থাকিলে অবগত করিবঃ
ক) ১ নম্বৰৰ প্রশ্নাৱলী
ক) তলত দিয়া প্রতিটো উক্তিয়েই শুদ্ধ নে অশুদ্ধ
লিখা ।
১। বিস্মৃতিয়ে স্মৰণ কার্যত সহায় কৰে ।
উত্তরঃ শুদ্ধ ।
২। আমি একেটা সময়তে দেখা সকলো বস্তু মনত ৰাখিব পাৰো ।
উত্তরঃ অশুদ্ধ ।
৩। আমি ৰাতিতকৈ দিনত অধিক পাহৰো ।
উত্তরঃ শুদ্ধ ।
৪। স্মৃতি অনুশীলনৰ যোগেদি উন্নত কৰিব নোৱাৰি ।
উত্তরঃ অশুদ্ধ ।
৫। বিস্মৃতি ক্ষন্তেকীয়া আরু স্থায়ী দুই প্রকাৰৰ হ’ব পাৰে ।
উত্তরঃ শুদ্ধ ।
৬। শক্তিতত্ত্ববাদী মনোবিদসকলৰ মতে স্মৃতি এক
মানসিক প্রক্রিয়া ।
উত্তরঃ অশুদ্ধ ।
৭। পুনৰাবৃত্তি স্মৰণৰ এক প্রয়োজনীয় উপাদান ।
উত্তরঃ শুদ্ধ ।
৮।স্বাস্থ্য ভাল স্মৃতিৰ বাবে এক প্রয়োজনীয় চৰ্ত
।
উত্তরঃ শুদ্ধ ।
৯। স্মৃতি এক যান্ত্রিক প্রক্রিয়া ।
উত্তরঃ শুদ্ধ ।
১০। স্মৃতি অতীত অভিজ্ঞতাৰ বর্তমান জ্ঞান ।
উত্তরঃ শুদ্ধ ।
১১। পুৰণি স্মৃতিয়ে নতুন স্মৃতিত বাধা দিয়া
কাৰ্যক অবদমন বুলি কোৱা হয় ।
উত্তরঃ শুদ্ধ ।
১২। স্মৰণৰ অবিৰাম পদ্ধতি অবিৰাম সংগতিতকৈ অধিক
সহায়কাৰী ।
উত্তরঃ শুদ্ধ ।
১৩। স্মৰণত সামগ্রিক পদ্ধতি আংশিক পদ্ধতিতকৈ অধিক
সহায়কাৰী ।
উত্তরঃ শুদ্ধ ।
১৪। বন্ধকৰণ হৈছে বিস্মৃতিৰ এটা কাৰণ ।
উত্তরঃ শুদ্ধ ।
১৫। অর্থহীন বিষয় মনত পেলোৱা সহজ ।
উত্তরঃ অশুদ্ধ ।
১৬। প্রত্যাভিজ্ঞা অতীত অভিজ্ঞতাৰ বর্তমানত সম্ভৱ
।
উত্তরঃ শুদ্ধ ।
১৭। পুনরুদ্রেক প্রত্যাভিজ্ঞাতকৈ সহজ ।
উত্তরঃ অশুদ্ধ ।
১৮। ইন্দ্রিয়গ্রাহ্য অভিজ্ঞতাৰ অবিহনে
প্রত্যাভিজ্ঞা সম্ভৱ নহয় ।
উত্তরঃ শুদ্ধ ।
১৯। স্মৃতিৰ কাৰণ বিস্মৃতিৰ প্রয়োজন ।
উত্তরঃ শুদ্ধ ।
২০। স্মৃতি হৈছে মানসিক শক্তি ।
উত্তরঃ শুদ্ধ ।
২১। সক্রিয় স্মৃতি এক যান্ত্রিক স্মৃতি ।
উত্তরঃ অশুদ্ধ ।
২২। স্মৃতি মনৰ এক নিস্ত্রীয় প্রক্রিয়া ।
উত্তরঃ অশুদ্ধ ।
২৩। ইন্দ্রিয়গ্রাহ্য বস্তুৰ অভিজ্ঞতাৰ অবিহনে
স্মৃতি সম্ভৱ নহয় ।
উত্তরঃ শুদ্ধ ।
২৪। সংৰক্ষণ ক্ষমতা জন্মগত ।
উত্তরঃ শুদ্ধ ।
২৫। প্রত্যাভিজ্ঞা স্মৰণতকৈ অধিক নিষ্ক্রিয় ।
উত্তরঃ অশুদ্ধ ।
২৬। অভ্যাস স্মৃতিৰ বাবে আমি পুৰণ নেওঁতাখন মনত ৰাখিব
পাৰো ।
উত্তরঃ শুদ্ধ ।
২৭। ভাল স্মৃতি সদায় ব্যৱহাৰোপযোগী ।
উত্তরঃ শুদ্ধ ।
২৮। প্রতিরূপৰ সঘন ব্যৱহাৰে সংৰক্ষণত সহায় কৰে ।
উত্তরঃ শুদ্ধ ।
খ) খালী ঠাই পূৰণ কৰা:
২৯। অতীত অভিজ্ঞতাক চেতন মনত পুনরুদ্রেক কৰা
প্রক্রিয়াক____ বোলা হয় ।
উত্তরঃ অতীত অভিজ্ঞতাক চেতন মনত পুনরুদ্রেক কৰা
প্রক্রিয়াক স্মৃতি বোলা হয় ।
৩০। অতীত অভিজ্ঞতাক বর্তমানত চিনাক্তকৰণ কৰা
প্রক্রিয়াক ____ বুলি কোৱা হয় ।
উত্তরঃ অতীত অভিজ্ঞতাক বর্তমানত চিনাক্তকৰণ কৰা
প্রক্রিয়াক প্রত্যাভিজ্ঞা বুলি কোৱা হয় ।
৩১। অতীত অভিজ্ঞতাৰ বিষয়বস্তুৰ উপস্থিতি _____
প্রক্রিয়াৰ বাবে অত্যাৱশ্যকীয় ।
উত্তরঃ অতীত অভিজ্ঞতাৰ বিষয়বস্তুৰ উপস্থিতি প্রত্যাভিজ্ঞা
প্রক্রিয়াৰ বাবে অত্যাৱশ্যকীয় ।
৩২। সময়ৰ ব্যৱধান _____ৰ এটা কাৰণ ।
উত্তরঃ সময়ৰ ব্যৱধান বিস্মৃতিৰ এটা কাৰণ ।
৩৩। বাৰ্গচনৰ মতে স্মৃতি দুই প্রকাৰৰ, এক প্রকাৰ
প্রকৃত স্মৃতি আরু আনটো প্রকাৰ____ স্মৃতি ।
উত্তরঃ বাৰ্গচনৰ মতে স্মৃতি দুই প্রকাৰৰ, এক
প্রকাৰ প্রকৃত স্মৃতি আরু আনটো প্রকাৰ অভ্যাস স্মৃতি ।
৩৪। সাধাৰণতে পুনরুদ্রেক প্রক্রিয়াৰ অসমৰ্থতাক___
বুলি জনা যায় ।
উত্তরঃ সাধাৰণতে পুনরুদ্রেক প্রক্রিয়াৰ অসমৰ্থতাক
বিস্মৃতি বুলি জনা যায় ।
৩৫। শাৰীৰিক কাৰণত হোৱা বিস্মৃতিক ____ বোলা হয় ।
উত্তরঃ শাৰীৰিক কাৰণত হোৱা বিস্মৃতিক মনোবিজ্ঞানত
অস্পষ্ট বা ম্লান বা অবক্ষয় বোলা হয় ।
৩৬। ____ কাৰণত হোৱা বিস্মৃতিক বন্ধকৰণ বা
গতিরুদ্ধ বা রুদ্ধ বোলা হয় ।
উত্তরঃ মানসিক কাৰণত হোৱা বিস্মৃতিক বন্ধকৰণ
বা গতিরুদ্ধ বা রুদ্ধ বোলা হয় ।
৩৭। পুৰণি অভিজ্ঞতাৰ বর্তমানতহে _____ স্মৃতি
সম্ভৱ হয় ।
উত্তরঃ পুৰণি অভিজ্ঞতাৰ বর্তমানতহে প্রতিরূপ
স্মৃতি সম্ভৱ হয় ।
৩৮। পশ্চাদমুখী প্রতিৰোধ ____ৰ এক কাৰণ ।
উত্তরঃ পশ্চাদমুখী প্রতিৰোধ বিস্মৃতিৰ এক
কাৰণ ।
৩৯। স্মৃতি তিনিটা পৃথক আন্তঃসম্পর্কযুক্ত
উপাদানেৰে গঠিত । এই উপাদান কেইটা হৈছে শিকন, সংৰক্ষণ আরু _____ ।
উত্তরঃ স্মৃতি তিনিটা পৃথক আন্তঃসম্পর্কযুক্ত
উপাদানেৰে গঠিত । এই উপাদান কেইটা হৈছে শিকন, সংৰক্ষণ আরু প্রত্যাভিজ্ঞা ।
৪০। স্মৃতিৰ চাপক _____ হিচাপে জনা যায় ।
উত্তরঃ স্মৃতিৰ চাপক প্রতিরূপ বা এনগ্রাম
হিচাপে জনা যায় ।
৪১। অতীত স্মৃতিৰ পুনরুদ্ধাৰত নতুন স্মৃতিয়ে প্রদান
কৰা বাধাক ___ বুলি কোৱা হয় ।
উত্তরঃ অতীত স্মৃতিৰ পুনরুদ্ধাৰত নতুন স্মৃতিয়ে
প্রদান কৰা বাধাক পশ্চাৎমুখী প্রতিৰোধ বুলি কোৱা হয় ।
৪২। নতুন স্মৃতিৰ পুনরুদ্ধাৰত পুৰণি স্মৃতিয়ে
প্রদান কৰা বাধাক ____ বুলি কোৱা হয় ।
উত্তরঃ নতুন স্মৃতিৰ পুনরুদ্ধাৰত পুৰণি স্মৃতিয়ে
প্রদান কৰা বাধাক পূৰ্বমুখী প্রতিৰোধ বুলি কোৱা হয় ।
৪৪। “বিস্মৃতি এক মানসিক প্রতিৰক্ষাৰ কৌশল ।” এই
উক্তিটো- দিছিল ।
উত্তরঃ “বিস্মৃতি এক মানসিক প্রতিৰক্ষাৰ কৌশল ।”
এই উক্তিটো চিগমাণ্ড ফ্রয়েদে দিছিল ।
৪৫। এজন মানুহে বহুত দিনৰ মূৰত এজন মানুহক লগ পাই
চিনি পালে । এইটো_____ ৰ দ্বাৰা সংঘটিত হ’ল।
উত্তরঃ এজন মানুহে বহুত দিনৰ মূৰত এজন মানুহক লগ
পাই চিনি পালে । এইটো প্রত্যাভিজ্ঞাৰ দ্বাৰা সংঘটিত হ’ল।
৪৬। এজন শিক্ষকে এটা কবিতা পঢ়ি থাকোতে একেজন কবিৰে
সরুতে পঢ়া এটা কবিতা আবৃত্তি কৰিলে । এই ক্ষেত্রত_____ স্মৃতি ক্রিয়াশীল ।
উত্তরঃ এজন শিক্ষকে এটা কবিতা পঢ়ি থাকোতে একেজন
কবিৰে সরুতে পঢ়া এটা কবিতা আবৃত্তি কৰিলে । এই ক্ষেত্রত অনুসংগমূলক স্মৃতি
ক্রিয়াশীল ।
৪৭। _____ হৈছে স্মৃতিৰ প্রথম স্তৰ ।
উত্তরঃ শিক্ষণ লাভ বা অভিজ্ঞতা আহৰণ হৈছে
স্মৃতিৰ প্রথম স্তৰ ।
৪৮। ____ হৈছে স্মৃতিৰ দ্বিতীয় স্তৰ ।
উত্তরঃ সংৰক্ষণ হৈছে স্মৃতিৰ দ্বিতীয় স্তৰ ।
৪৯। _____ হৈছে প্রতিরূপৰ মানসিক পুনরুদ্ধাৰ ।
উত্তরঃ প্রত্যাভিজ্ঞা হৈছে প্রতিরূপৰ
মানসিক পুনরুদ্ধাৰ ।
৫০। পেশীয় সঞ্চালনৰ দ্বাৰা লাভ কৰা স্মৃতিক____
বুলি জনা যায় ।
উত্তরঃ পেশীয় সঞ্চালনৰ দ্বাৰা লাভ কৰা স্মৃতিক অভ্যাস
স্মৃতি বুলি জনা যায় ।
৫১। শিকা আরু স্মৰণৰ মাজত দীর্ঘ সময়ৰ ব্যৱধান থকা
স্মৃতিক _____ স্মৃতি বোলে ।
উত্তরঃ শিকা আরু স্মৰণৰ মাজত দীর্ঘ সময়ৰ ব্যৱধান
থকা স্মৃতিক দীর্ঘকালীন স্মৃতি বোলে ।
৫২। সক্রিয় প্রচেষ্টাৰে মনত পেলোৱাক____ স্মৃতি
বোলে ।
উত্তরঃ সক্রিয় প্রচেষ্টাৰে মনত পেলোৱাক যুক্তিপূর্ণ স্মৃতি বা যৌক্তিক স্মৃতি বোলে ।
৫৩। ____ স্মৃতিক যান্ত্রিক স্মৃতি বুলি কোৱা হয়
।
উত্তরঃ মুখস্থ স্মৃতিক যান্ত্রিক স্মৃতি
বুলি কোৱা হয় ।
৫৪। আমাৰ নিজৰ নাম মনত ৰখাটো_____ স্মৃতিৰ উদাহৰণ
।
উত্তরঃ আমাৰ নিজৰ নাম মনত ৰখাটো প্রতিরূপ
স্মৃতিৰ উদাহৰণ ।
৫৫। সাঁতোৰাতো ____ স্মৃতিৰ যোগেদি সম্ভৱ ।
উত্তরঃ সাঁতোৰাতো অভ্যাস স্মৃতিৰ যোগেদি
সম্ভৱ ।
গ) চমু উত্তৰ দিয়া (পৰাপক্ষত এটা বাক্যত)
৫৬। অতীত অভিজ্ঞতাৰ প্রতিরূপৰ সাহায্যত সংঘটিত
অভিজ্ঞতাৰ পুনরুদ্ধাৰ প্রক্রিয়াটোৰ নাম লিখা ।
উত্তরঃ অতীত অভিজ্ঞতাৰ প্রতিরূপৰ সাহায্যত সংঘটিত
অভিজ্ঞতাৰ পুনরুদ্ধাৰ প্রক্রিয়াটোৰ নাম হ’ল-প্রত্যাভিজ্ঞা ।
৫৭। প্রত্যাভিজ্ঞা কি?
উত্তরঃ প্রত্যাভিজ্ঞা হ’ল- অতীত অভিজ্ঞতাৰ
প্রতিরূপৰ সাহায্যত সংঘটিত অভিজ্ঞতাৰ পুনরুদ্ধাৰ প্রক্রিয়া ।
৫৮। স্মৃতিৰ প্রথম উপাদান কি?
উত্তরঃ স্মৃতিৰ প্রথম উপাদান হ’ল-শিক্ষণ লাভ বা
অভিজ্ঞতা আহৰণ ।
৫৯। সচেতন মনৰ পৰা অবাঞ্ছিত অভিজ্ঞতাসমূহ অচেতন
মনলৈ পঠোৱা প্রক্রিয়াটোৰ নাম লিখা ।
উত্তরঃ সচেতন মনৰ পৰা অবাঞ্ছিত অভিজ্ঞতাসমূহ
অচেতন মনলৈ পঠোৱা প্রক্রিয়াটোৰ নাম অবদমন ।
৬০। স্মৃতি চাপ কি?
উত্তরঃ স্মৃতি চাপ হ’ল- অতীতৰ অভিজ্ঞতা আরু
প্রতিরূপসমূহে মনৰ ওপৰত পেলোৱা প্রভাৱ বা হেঁচা ।
৬১। অনুশীলনৰ যোগেদি স্মৃতিক উন্নত কৰিব পাৰি
বুলি বিশ্বাস কৰা মনোবিদজনৰ নাম লিখা ।
উত্তরঃ অনুশীলনৰ যোগেদি স্মৃতিক উন্নত কৰিব পাৰি
বুলি বিশ্বাস কৰা মনোবিদজনৰ নাম হ’ল- উইলিয়াম মেকডুগেল ।
৬২। প্রকৃত স্মৃতি কি?
উত্তরঃ প্রকৃত স্মৃতি হ’ল- এক যুক্তিপূর্ণসহকাৰে
কৰা স্মৃতিৰ ধৰণ । যান্ত্রিক পুনৰাবৃত্তিৰ ব্যৱহাৰ নকৰাকৈ এই ধৰণৰ স্মৃতিত নিজৰ
বৌদ্ধিক ক্ষমতা, যুক্তি-তর্ক, বিশ্লেষণ ক্ষমতা আদিৰ স্মৃতি সাধন হয় । উদাহৰণস্বরূপে-
বিজ্ঞানাগাৰৰ পৰীক্ষা-নিৰীক্ষা কৰোতে এই স্মৃতিৰ প্রয়োগ হয় ।
৬৩। অভ্যাস স্মৃতি কি?
উত্তরঃ অভ্যাস স্মৃতি হ’ল- যিকোনো ক্রিয়াৰ
দৈহিকভাৱে অঙ্গসঞ্চালনৰ পুনৰাবৃত্তিৰ সহায়েৰে সাধন কৰা এক স্মৃতি কাৰ্য । উদাহৰণস্বরূপে- তবলাবাদক এজনে তবলা বজাবৰ সময়ত এই স্মৃতিৰ প্রয়োগ কৰে ।
৬৪। ‘প্রত্যাভিজ্ঞা পুনরুদ্রেকতকৈ সহজ ।’- কিয়?
উত্তরঃ পুনরুদ্রেকত আগৰ সম্পূর্ণ প্রতিরূপসমুহ
মনত পেলাব লাগে । কিন্তু প্রত্যাভিজ্ঞাত আগৰ কিছু অংশ বর্তমানত উপস্থিতিৰ সহায়ত কৰা
হয় ।
৬৫। বিকল্প বাছনিমূলক প্রশ্নোত্তৰৰ ক্ষেত্রত কি
প্রক্রিয়াই ক্রিয়া কৰে?
উত্তরঃ বিকল্প বাছনিমূলক প্রশ্নোত্তৰৰ ক্ষেত্রত
প্রত্যাভিজ্ঞা প্রক্রিয়াই ক্রিয়া কৰে ।
৬৬। তাৎক্ষণিক স্মৃতিৰ এটা উদাহৰণ দিয়া ।
উত্তরঃ তাৎক্ষণিক স্মৃতিৰ এটা উদাহৰণ হ’ল- এখন
কাকতৰ সাংবাদিকে কোনো এক সভাত উপস্থিত থাকি সেই সময়তে সভাৰ কাৰ্যাৱলীৰ বিষয়সমূহ
লিখাতো ।
৬৭। ইন্দ্রিয়জাত বা সংবেদনাত্মক স্মৃতিৰ এটা উদাহৰণ
দিয়া ।
উত্তরঃ ইন্দ্রিয়জাত বা সংবেদনাত্মক স্মৃতিৰ এটা
উদাহৰণ হ’ল- আন্ধাৰত আমি হাতেৰে বা চালৰ স্পর্শৰে কোনো বস্তু বিচৰা কাৰ্যত ।
৬৮। ‘কলা ৰঙে বগা ৰঙলৈ মনত পেলায় ।”- কিয়?
উত্তরঃ ‘কলা ৰঙে বগা ৰঙলৈ মনত পেলায় ।” ইয়াৰ মূল
কাৰণ হ’ল- অনুসংগমূলক স্মৃতি । যাৰ ফলস্বরূপে দুটা ঘটনাৰ মাজত সাদৃশ্য, বৈসাদৃশ্য,
সান্নিধ্য আদি গুণৰ বাবে স্মৃতি সম্ভৱ হয় ।
৬৯। কবিতা সহজে কিয় মনত ৰয়?
উত্তরঃ কবিতাবোৰত থকা, ছন্দ, অলংকাৰ, লয় আদিয়ে
মনত ৰখাত অতি সহজ কৰে । সেয়ে কবিতা সহজে মনত ৰয় ।
খ) ২ নম্বৰৰ প্রশ্নাৱলী
৭০। পুৰণি অভিজ্ঞতাক সংৰক্ষণত সহায় কৰা দুটা
উপাদান উল্লেখ কৰা ।
উত্তরঃ পুৰণি অভিজ্ঞতাক সংৰক্ষণত সহায় কৰা দুটা
উপাদান হ’লঃ প্রতিরূপ আরু পুনঃস্মৰণ ।
৭১। মনত পেলোৱা কাৰ্যৰ লগত জড়িত দুটা প্রক্রিয়াৰ
নাম লিখা ।
উত্তরঃ মনত পেলোৱা কাৰ্যৰ লগত জড়িত দুটা
প্রক্রিয়াৰ নাম হ’ল- প্রত্যাভিজ্ঞা আরু অনুষংগমূলক প্রক্রিয়া ।
৭২। অৱদমন কি?
উত্তরঃ অৱদমন হ’ল-মনৰ এক জটিল মানসিক ক্রিয়া, যাৰ
দ্বাৰা জীৱনৰ অসম্পূর্ণ কামনা-বাসনা, দুখজনক আরু তিক্ত অভিজ্ঞতা আদি মনে
ইচ্ছাকৃতভাৱে সচেতন মনৰ পৰা অচেতন মনত দমন কৰি ৰাখে । মনোবিদ ফ্রয়েদে সেয়েহে
অবদমনক ইচ্চকাকৃত পাহৰণি কাৰ্য বুলি অভিহিত কৰিছে ।
৭৩। বন্ধকৰণ কি?
উত্তরঃ বন্ধকৰণ হ’ল- এক সময়সূচী যত এক চলিত
শিক্ষণৰ বিৰতিৰ সময়সূচীক নির্ধাৰণ কৰে । কোনো এক বিষয়
যেতিয়ালৈকে শিক্ষণ লাভ কৰি থকা হয় । সেই পর্যন্তলৈকে স্মৃতি সক্রিয় হৈ থাকে ।
কিন্তু বিষয়টোৰ শিক্ষণ কাৰ্য সমাপ্ত হোৱাৰ পিছত বিৰতিৰ বাবে বিস্মৃতি আৰম্ভ হয় ।
শিক্ষণৰ এই বন্ধ বা বিৰতি প্রক্রিয়া বা কাৰ্যক বন্ধকৰণ বুলি কোৱা হয় ।
৭৪। ম্লান হোৱা বুলিলে কি বুজা?
উত্তরঃ কোনো এক বিষয় যেতিয়ালৈকে শিক্ষণ লাভ কৰি
থকা হয় । সেই পর্যন্তলৈকে স্মৃতি সক্রিয় হৈ থাকে । কিন্তু বিষয়টোৰ শিক্ষণ কাৰ্য
সমাপ্ত হোৱাৰ পিছত বিৰতিৰ বাবে বিস্মৃতি আৰম্ভ হয় আরু স্মৃতিৰ বিলুপ্তি হয় । এই
কাৰ্যক ম্লান হোৱা বুলি কোৱা হয় ।
৭৫। বৈসাদৃশ্যৰ নীতিয়ে শিকনত কিদৰে সহায় কৰে?
উত্তরঃ অতীতৰ কোনো এক ঘটনা বা বিষয়ৰ আলম বা
সহাইয়েৰে অতি সহজে স্মৃতি লাভ কৰিব পাৰি । এই
ক্ষেত্রত কোনো দুটা বৈসাদৃশ্য থকা বস্তুৰ
স্মৃতিত সহায় হয় । উদাহৰণস্বরূপে বৈসাদৃশ্যৰ বাবে বগা ৰঙে ক’লা ৰঙালৈ মনত পেলায় ।
৭৬। স্মৃতি পৰিসৰ মানে কি?
উত্তরঃ স্মৃতি পৰিসৰ মানে হ’ল- স্মৃতিৰ সংৰক্ষণৰ
সময়সীমা । কোনো এক বস্তু বা ঘটনা আমাৰ মনত স্থায়ী বা অস্থায়ী স্বরূপে যিমান সময়
পর্যন্ত আমাৰ মনত থাকে এই সময়সীমাক স্মৃতিৰ পৰিসৰ বোলা হয় ।
৭৭। পুনৰাবৃত্তি শিকনৰ এক প্রয়োজনীয় চৰ্ত-
ব্যাখ্যা কৰা ।
উত্তরঃ পুনৰাবৃত্তি শিকনৰ এক প্রয়োজনীয় চৰ্ত । কাৰণ,
পুনৰাবৃত্তি অতীতৰ কোনো শিক্ষণক স্থায়িত্বতা প্রদান কৰে । পুনৰাবৃত্তিৰ ফলত আমাৰ কোনো ঘটনা বা কারুকার্য চেতন
মনৰ জৰীয়তে আমাৰ মনৰ দীর্ঘ সময়ৰ বাবে স্থায়ি স্বরূপে সংৰক্ষিত হয় ।
৭৮। ‘প্রত্যাভিজ্ঞাই পুনরুদ্রেকত সহায় কৰে ।”- উদাহৰণৰ সৈতে বর্ণনা কৰা ।
উত্তরঃ প্রত্যাভিজ্ঞা হ’ল- অতীত অভিজ্ঞতাৰ
প্রতিরূপৰ সাহায্যত সংঘটিত অভিজ্ঞতাৰ পুনরুদ্ধাৰ প্রক্রিয়া । সেয়েহে, আমি কোনো
বিষয় বা ঘটনা পুনরুদ্রেক প্রত্যাভিজ্ঞাৰ সহায়ত সহজে কৰিব পাৰো । উদাহৰণস্বরূপে-
বাচনিমূলক প্রশ্নসমূহৰ উত্তৰ কৰোতে, সঠিক উত্তৰটো বাচনি কৰাত প্রত্যাভিজ্ঞা সহায় কৰে ।
৭৯, “শিকাৰ ইচ্ছাই মনত পেলোৱাত সহায় কৰে’-
ব্যাখ্যা কৰা ।
উত্তরঃ “শিকাৰ ইচ্ছাই মনত পেলোৱাত সহায় কৰে’ । যেতিয়া আমি কোনো এক শিক্ষণ কাৰ্য শিকাৰ বাবে
ইচ্ছা কৰো । তেতিয়া আমাৰ মন সক্রিয় হৈ পৰে । সেয়েহে, মনৰ
সক্রিয়তাৰ বাবে আমাৰ স্মৃতি সংৰক্ষণ আরু পুনঃস্মৰণত সহায় কৰে । তাৰোপৰি, শিকাৰ ইচ্ছাৰ বাবে পাছৰ পর্যায়ত মনত
পেলোৱাৰ ক্ষেত্রত অতি সহজে পুনরুদ্ধাৰ কৰিব পৰা যায় ।
৮০। নিষ্ক্রিয় স্মৃতিৰ উদাহৰণ দিয়া ।
উত্তরঃ নিষ্ক্রিয় স্মৃতিৰ উদাহৰণ হ’লঃ সপোন, শিশুৰ
বাল্যকালৰ স্মৃতি, জীৱনৰ তিক্ত বা দুখজনক অভিজ্ঞতা, উদ্দেশ্যবিহীন শিকন, আদি ।
৮১। শিকনৰ অবিৰাম পদ্ধতি কি?
উত্তরঃ শিকনৰ অবিৰাম পদ্ধতি হৈছে শিকনৰ এক
প্রক্রিয়া যত কোনো শিকন লাভৰ নিমিত্তে অবিৰাম ভাৱে অভ্যাস আরু পুনৰ চর্চা অবিৰতভাৱে
চলাই থকা হয় । শিকনৰ অবিৰাম পদ্ধতিৰ ব্যৱহাৰে কোনো শিকন কাৰ্যৰ স্থায়িত্বতা বৃদ্ধি
কৰে আরু সেই শিকনৰ স্মৃতিও সহজে কৰিব পৰা যায় ।
৮২। ‘বিষয়বস্তুৰ সংগঠন শিকনৰ এক প্রয়োজনীয় দিশ’-
আলোচনা কৰা ।
উত্তরঃ ‘বিষয়বস্তুৰ সংগঠন শিকনৰ এক প্রয়োজনীয়
দিশ’ । বিষয়বস্তুৰ সু-সংগঠনে শিকন কাৰ্যত সফল কৰি তুলে । সংগঠন যিমানে সু-পৰিকল্পিত হয়,
সিমানেই শিকন কাৰ্য শুদ্ধ আরু নিখুতভাৱে সম্পাদন হয় । সেয়েহে, বিষয়বস্তু
সু-সংগতভাৱে শিকন কাৰ্যত প্রয়োগ কৰিব লাগে ।
৮৩। সংৰক্ষণ উন্নীতকৰণৰ দুটা চৰ্ত উল্লেখ কৰা ।
উত্তরঃ সংৰক্ষণ উন্নীতকৰণৰ দুটা চৰ্ত হ’লঃ
(ক) অভ্যাসঃ অভ্যাসে সংৰক্ষণৰ স্থায়িত্বতা প্রদান
কৰে ।
(খ) আগ্রহ আরু মনোযোগৰ ব্যৱহারঃ আগ্রহ আরু মনোযোগৰ
সু-প্রয়োগে সংৰক্ষণ কাৰ্য উন্নীত কৰে ।
কিবা ভূল থাকিলে অবগত কৰিবঃ