এখন সাম্রাজ্যৰ ৰাজধানী বিজয় নগৰ (An Imperial Capital Vijayanagar) (খৃঃ ১৪-১৬ শতিকালৈ) (14th – 16th Century)

১ নম্বৰৰ প্রশ্নোত্তৰঃ

 

১। বিজয় নগৰৰ প্রশাসন ব্যৱস্থাত ৰায় আরু নায়কসকল কোন আছিল ?

উত্তৰঃ বিজয় নগৰৰ প্রশাসন ব্যৱস্থাত ৰায়সকল আছিল কৃষিৰ সৈতে জড়িত লোকবৃন্দ আরু নায়কসকল আছিল কানাড়ীভাষী বিজয় নগৰৰ সেনানায়ক আরু তেলেগুবাসী লোকসকল ।

 

২। বিজয়নগৰৰ ৰজাই অমৰ নায়কসকলক কেনেকৈ নিয়ন্ত্রণ কৰিছিল ?

উত্তৰঃ বিজয়নগৰৰ ৰজাই অমৰ নায়কসকলক এখন প্রদেশৰ পৰা আন এক প্রদেশলৈ স্থানান্তৰিত কৰি নিয়ন্ত্রিত কৰিছিল ।

 

৩। বিজয় নগৰ সম্পৰ্কে জানিবলৈ দুটা সমলৰ নাম লিখা ।  

উত্তৰঃ বিজয় নগৰ সম্পৰ্কে জানিবলৈ দুটা সমলৰ নাম হ’ল- লিপি আরু সমসাময়িক সাহিত্য ।

 

৪। বিজয়নগৰ ভ্রমণ কৰা দুজন বিদেশী পৰ্যটকৰ নাম লিখা ।

উত্তৰঃ বিজয়নগৰ ভ্রমণ কৰা দুজন বিদেশী পৰ্যটকৰ নাম হ’ল- আব্দুৰ ৰাজাক আরু নিকলকন্টি ।

 

৫। বিরুপাক্ষ কোন আছিল ?

উত্তৰঃ বিরুপাক্ষ আছিল শিৱৰ এক রূপ ।

 

৬। ৰাজকীয় কেন্দ্রৰ বিখ্যাত মঞ্চ দুখনৰ নাম লিখা ।

উত্তৰঃ ৰাজকীয় কেন্দ্রৰ বিখ্যাত মঞ্চ দুখনৰ নাম হ’ল- মহানৱমী ডিব্বা আরু সভামণ্ডপ ।  

 

৭। হাজাৰ ৰাম মন্দিৰ ক’ত অৱস্থিত ? এই মন্দিৰৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ হাজাৰ ৰাম মন্দিৰ বিজয় নগৰত অৱস্থিত ।

    এই মন্দিৰৰ দুটা বৈশিষ্ট্য হ’ল-

(ক) হাজাৰ ৰাম মন্দিৰৰ দেৱালত ৰামায়নৰ কাহিনীৰ দৃশ্যপট খোদিত কৰা আছে ।

(খ) এই মন্দিৰত ৰজা আরু তেখেতৰ পৰিয়ালৰ লোকহে প্রৱেশ কৰাৰ অনুমতি আছিল ।

 

৮। বিজয়নগৰ ৰাজ্যত কেনেদৰে পানী সংৰক্ষণ কৰা হৈছিল ?

উত্তৰঃ বিজয়নগৰ ৰাজ্যত দুখন পাহাৰৰ মাজৰ পৰা আহা পানীৰ সোঁতৰ সন্মুখত ডাঙৰ ডাঙৰ পুখুৰী খান্দি পানী জমা কৰা হৈছিল । তাৰ পৰৱৰ্তী সময়ত, প্রয়োজন অনুসাৰে জনসাধাৰণৰ মাজত সেই পানী বিতৰণ কৰা হৈছিল ।

 

৯। বিজয়নগৰ ৰাজ্যৰ প্রতিষ্ঠাতা কোন আছিল ?

উত্তৰঃ বিজয়নগৰ ৰাজ্যৰ প্রতিষ্ঠাতা আছিল হৰিহৰ আরু বুকু নামৰ দুজন ভাই-ককায়েক ।

 

১০। বিজয়নগৰ ৰাজ্যত শাসনভাৰ চলোৱা চাৰিটা ৰাজবংশৰ নাম লিখা ।

উত্তৰঃ বিজয়নগৰ ৰাজ্যত শাসনভাৰ চলোৱা চাৰিটা ৰাজবংশৰ নাম হ’ল- তুলুভা বংশ, চালুভা বংশ, সংগম বংশ আরু আৰবিন্দু বংশ ।

 

১১। ৰায় আরু নায়কসকল কোন আছিল ?

উত্তৰঃ বিজয় নগৰ সাম্রাজ্যখনৰ ৰজাসকলে নিজৰ পৰিচয় ৰায় বুলি জনাইছিল আরু সেনাধ্যক্ষ বা সেনাধিনায়কসকলে নায়ক বুলি পৰিচয় দিছিল ।

 

updating…………