ষষ্ঠ খণ্ড, ভাৱবাদ, (Idealism), by Podmeswar


 checking & updating.........


১। ভাৱবাদৰ মূল প্রকাৰবোৰ কি কি?
উত্তৰঃ ভাৱবাদৰ মূল প্রকাৰবোৰ হ’ল- আত্মগত ভাৱবাদ আরু বস্তুগত ভাৱবাদ ।

২। আধুনিক যুগত আত্মগত ভাববাদত প্রতিষ্ঠাতা হিচাপে কাক বিবেচনা কৰা হয় ?
উত্তৰঃ আধুনিক যুগত আত্মগত ভাববাদত প্রতিষ্ঠাতা হিচাপে জৰ্জ বাৰ্কলিক বিবেচনা কৰা হয় ।

৩। আধুনিক যুগত কাক বস্তুনিষ্ঠ ভাৱবাদ প্রতিষ্ঠাতা হিচাপে বিবেচনা কৰা হয় ?
উত্তৰঃ আধুনিক যুগত হেগেলক বস্তুনিষ্ঠ ভাৱবাদ প্রতিষ্ঠাতা হিচাপে বিবেচনা কৰা হয় ।

৪। ‘প্রত্যক্ষত বস্তু বিদ্যমান’ – কোনে কৈছিল ?
উত্তৰঃ ‘প্রত্যক্ষত বস্তু বিদ্যমান’ – বাৰ্কলিয়ে কৈছিল ।

৫। কাৰ মতে, ‘চিন্তা আরু সত্তা পৰিশেষত অভিন্ন’?
উত্তৰঃ হেগেলৰ মতে, ‘চিন্তা আরু সত্তা পৰিশেষত অভিন্ন’ ।

৬। হেগেলে কি ধৰণৰ ভাৱবাদ আগবঢ়াইছিল ?
উত্তৰঃ হেগেলে বস্তুগত ধৰণৰ ভাৱবাদ আগবঢ়াইছিল ।

৭। কোনটো সূত্রৰ মতে, বাহ্যিক পৃথিৱীৰ অস্তিত্ব জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল ?
উত্তৰঃ আত্মগত সূত্রৰ মতে, বাহ্যিক পৃথিৱীৰ অস্তিত্ব জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল ।

৮। বাৰ্কলি কি ধৰণৰ ভাৱবাদ প্রতিষ্ঠাতা কৰিছিল ?
উত্তৰঃ বাৰ্কলি আত্মগত ধৰণৰ ভাৱবাদ প্রতিষ্ঠাতা কৰিছিল ।

৯। হেগেলৰ বস্তুনিষ্ঠ ভাৱবাদ মতে, সত্তা হ’ল _____ ।
উত্তৰঃ হেগেলৰ বস্তুনিষ্ঠ ভাৱবাদ মতে, সত্তা হ’ল- পৰম ধাৰণা অথবা পৰম মন অথবা চিন্তাই ।

১০। ‘যিটো যুক্তিসংগত, সেয়া প্রকৃত আরু যিটো প্রকৃত সেয়া যুক্তিসংগত’- এই বক্তব্য সৈতে জড়িত দাৰ্শনিকজনৰ নাম লিখা ।
উত্তৰঃ ‘যিটো যুক্তিসংগত, সেয়া প্রকৃত আরু যিটো প্রকৃত সেয়া যুক্তিসংগত’- এই বক্তব্য সৈতে জড়িত দাৰ্শনিকজনৰ নাম- হেগেল ।

১১। বিষয়বস্তুৰ উপলদ্ধিয়ে  হৈছে ______ ।
উত্তৰঃ বিষয়বিস্তুৰ উপলদ্ধিয়ে হৈছে জ্ঞান ।

১২। ______ আরু _____ মাজৰ সম্পৰ্কই হৈছে জ্ঞান ।
উত্তৰঃ জ্ঞাতা আরু জ্ঞানৰ বিষয়বস্তুৰ মাজৰ সম্পৰ্কই হৈছে জ্ঞান ।

১৩। জ্ঞাতা কাক বোলে ?
উত্তৰঃ যিজনে জ্ঞান লাভ কৰে তেওঁক জ্ঞাতা বুলি কোৱা হয় ।

১৪। জ্ঞাতা আরু জ্ঞেয়ৰ মাজৰ সম্পৰ্ক কি? আভ্যন্তৰীণ নে বাহ্যিক ?
উত্তৰঃ জ্ঞাতা আরু জ্ঞেয়ৰ মাজৰ সম্পৰ্ক আভ্যন্তৰীণ, ই বাহ্যিক সম্বন্ধ নহয় ।

১৫। জ্ঞাতা আরু জ্ঞেয়ৰ মাজৰ সম্পৰ্কৰ ক্ষেত্রত দৰ্শনত স্বাভাৱিকতে উদ্ভৱ হোৱা প্রশ্নটো কি ?
উত্তৰঃ জ্ঞাতা আরু জ্ঞেয়ৰ মাজৰ সম্পৰ্কৰ ক্ষেত্রত দৰ্শনত স্বাভাৱিকতে উদ্ভৱ হোৱা প্রশ্নটো হ’ল- জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল হয়নে ? অথবা, জ্ঞাতাৰ মনৰপৰা স্বতন্ত্রনে?

১৬। জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল হয়নে ? অথবা, জ্ঞাতাৰ মনৰপৰা স্বতন্ত্রনে? এই প্রসংগত আমি কেইটা মতবাদ পাব পাৰো আরু কি কি ?
উত্তৰঃ এই প্রসংগত আমি দুটা মতবাদ পাব পাৰো আরু সেয়া কেইটা হ’ল-আত্মগতভাৱবাদ আরু বস্তুগত ভাৱবাদ ।
আত্মগত ভাৱবাদৰ মতে- কেৱল ধাৰণাহে জানিব পাৰি অথবা ধাৰণাৰহে সত্তা আছে । আনহাতে, বস্তুগত ভাৱবাদৰ মতে সকলো বস্তু ভাৱৰ সৈতে একে । যথাৰ্থ জ্ঞান ধাৰণাৰ তন্ত্র স্বরূপ ।

১৭। ভাৱবাদ কেইপ্রকাৰ আরু কি কি ?
উত্তৰঃ ভাৱবাদ দুইপ্রকাৰ , আত্মগত বা বিষয়ীগত ভাৱবাদ আরু বস্তুগত ভাৱবাদ ।

১৮। ডেকাৰ্টৰ বিখ্যাত উক্তিটো লিখা ।
উত্তৰঃ ডেকাৰ্টৰ বিখ্যাত উক্তিটো হৈছে- ‘মই ভাবো গতিকে মই আছো’ (Cogito ergosum)

১৯। মহান চক্রেটিছৰ প্রধান শিষ্য কোন?
অথবাঃ পাশ্চাত্য দৰ্শনৰ ভাৱবাদৰ প্রতিষ্ঠাতা বুলি কাক অভিহিত কৰা হয় ?
উত্তৰঃ মহান চক্রেটিছৰ প্রধান শিষ্য প্লেটোক পাশ্চাত্য দৰ্শনৰ ভাৱবাদৰ প্রতিষ্ঠাতা বুলি অভিহিত কৰা হয় ।

২০। ভৌতিক বস্তুবিলাকক প্লেটোৱে কি বুলি অভিহিত কৰিছে ?
উত্তৰঃ ভৌতিক বস্তুবিলাকক প্লেটোৱে ‘বিশেষ’(Particulars) বুলি অভিহিত কৰিছে ।




চমু উত্তৰঃ (২ নম্বৰৰ)

 

১। আত্মগত ভাববাদৰ সংজ্ঞা দিয়া ।

উত্তৰঃ যি ভাৱবাদৰ মতে, ধাৰণাকহে কেৱল জানিব পাৰি অথবা ধাৰণাৰহে বাস্তৱতা আছে । প্রত্যক্ষকাৰীৰ মনৰপৰা স্বতন্ত্রভাৱে প্রকৃতি জগতৰ অস্তিত্ব নাই । সেই ভাৱবাদকে আত্মগত ভাৱবাদ বোলে ।

 

২।  বস্তুনিষ্ঠ ভাববাদৰ সংজনগা দিয়া ।

উত্তৰঃ যি ভাৱবাদৰ মতে, সকলো বস্তু তাৰ ধাৰণাৰ লগত একে । যথাৰ্থ জ্ঞান হ’ল ধাৰণাসমূহৰ তন্ত্র আরু মনতহে সত্তাৰ সৃষ্টি হয় । সামান্যবিলাকৰ থূপ বা সমষ্টি মনৰ পৰা স্বতন্ত্রভাৱে অস্তিত্বশীল হ’ব নোৱাৰে । লগতে, যি ভাৱবাদে সামান্য বোধ বস্তুবাদ অথবা ব্যৱহাৰিক জ্ঞানবাদ সমর্থন কৰে । সেই ভাৱবাদকে বস্তুগত ভাৱবাদ বোলে ।

 

৩। ‘esse est percipii’ৰ অর্থ কি?

উত্তৰঃ ‘esse est percipii’ৰ অর্থ হৈছে- ‘অস্তিত্ব প্রত্যক্ষ নির্ভৰ’ । অর্থাৎ কোনো বস্তুৰ অস্তিত্ব জ্ঞাতাৰ (অনুভৱ) প্রত্যক্ষৰ ওপৰত নির্ভৰশীল । পাশ্চাত্য দর্শনৰ আধুনিক যুগৰ যথাযথ আত্মগত ভাৱবাদী জৰ্জ বাৰ্কলিৰ যুক্তি অনুসৰি কোনো এটা বস্তুৰ অস্তিত্ব নির্ভৰ কৰিছে বস্তুটো প্রত্যক্ষিত হৈছে নে নাই তাৰ ওপৰত ।

 

৪। দ্বান্দ্বিক পদ্ধতি কি?

উত্তৰঃ বস্তুগত ভাৱবাদৰ সম্পর্কত হেগেলে মত পোষণ কৰিছে যে পৰম ধাৰণা অথবা পৰম মন অথবা চিন্তানি জগতৰ অন্তর্নিহিত সত্তা । মানৱৰ জৰিয়তে বোধগম্য হোৱা সকলোৰে প্রধান শক্তিটোৱেই হৈছে পৰম ধাৰণা । পৰম ধাৰণা আরু জাগতিক বস্তু আরু জীৱসমূহৰ মাজৰ সম্পর্ক এৰাব নোৱাৰা অর্থাৎ এটাক বাদ দি আনটোৰ কথা ভাবিব নোৱাৰি । পৰম ধাৰণা অবিহনে সসীম বস্তু আরু জীৱবোৰ অস্তিত্বশীল হ’ব নোৱাৰে । হেগেলৰ এই বস্তুগত ভাৱবাদৰ ধাৰণাক দ্বান্দ্বিক পদ্ধতি বোলা হয় ।

 

 

চমু উত্তৰঃ (৩ নম্বৰ)

 

১। ভাৱবাদ কি ? ইয়াৰ বিভিন্ন ভাববাদ প্রকাৰবোৰ কি কি?

উত্তৰঃ কিছু দাৰ্শনিকৰ মত অনুসৰি জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ ওপৰত নির্ভৰশীল । তেখেতসকলৰ মতে, জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্রভাৱে বিষয়বস্তু থাকিব নোৱাৰে । এই মতবাদক ভাৱবাদ বা আদর্শবাদ বোলা হয় ।

    ভাৱবাদ বা আদর্শবাদ দুই প্রকাৰৰ, আত্মগত ভাৱবাদ আরু বস্তুগত ভাৱবাদ ।

 

২। তুমি ভাবানে আত্মগত ভাববাদ এটা সন্তোষজনক সূত্র ? যদি নহয়, তেন্তে কিয় ?

উত্তৰঃ আত্মগত ভাববাদ এটা সন্তোষজনক সূত্র নহয় । আত্মগত ভাৱবাদ(বাৰ্কলিৰ ভাৱবাদ)ত ভালেমান অসুবিধাৰ সৃষ্টি হয় ।

প্রথমতে, এজন ব্যক্তিয়ে যেতিয়া কোনো এটা বস্তু প্রত্যক্ষ নকৰে, তাৰ অস্তিত্ব লুপ্ত হৈ যাব নেকি, এনে প্রশ্ন উত্থাপন হয় ।

    দ্বিতীয়তে, যিকোনো ব্যক্তিৰ বাবে একেটা সময়তে সকলো বস্তু প্রত্যক্ষ কৰা অসম্ভৱ ।

 

৩। আত্মগত ভাববাদৰ সাধাৰণ বৈশিষ্ট্যবোৰ লিখা ।

উত্তৰঃ আত্মগত ভাববাদৰ সাধাৰণ বৈশিষ্ট্যবোৰ হৈছে-

(ক) আত্মগত ভাৱবাদমতে, ধাৰণাকহে কেৱল জানিব পাৰি অথবা ধাৰণাৰহে বাস্তৱতা আছে ।

(খ)আত্মগত ভাৱবাদ অনুসৰি, প্রত্যক্ষকাৰীৰ মনৰ পৰা স্বতন্ত্রভাৱে প্রকৃতি জগতৰ অস্তিত্ব নাই ।

(গ)আত্মগত ভাৱবাদৰ বৰ্ণনা অনুসৰি, মুখ্য আরু গৌণ উভয়ে মনৰ ধাৰণা বা আত্মগত ধাৰণা ।

(ঘ) আত্মগত ভাৱবাদ অনুসৰি, কোনো এটা বস্তুৰ অস্তিত্ব নির্ভৰ কৰে সেই বস্তুটো প্রত্যক্ষিত হৈছে নে নাই তাৰ ওপৰত অর্থাৎ কোনো বস্তুৰ অস্তিত্ব জ্ঞাতাৰ (অনুভৱ) প্রত্যক্ষৰ ওপৰত নির্ভৰশীল (অস্তিত্ব প্রত্যক্ষ নির্ভৰ) ।

 

(ঙ)আত্মগত ভাৱবাদ মতে, ব্যক্তিৰ মনেহে জগতৰ অস্তিত্ব নিরূপণ কৰে ।

(চ)আত্মগত ভাৱবাদ অনুসৰি, মনৰ বহিৰ্ভুত কোনো বস্তুৰ বস্তুনিষ্ঠ অস্তিত্ব নাই ।

 

৪। আত্মগত ভাববাদৰ বিরুদ্ধে তিনিটা সমালোচনা উল্লেখ কৰা ।

উত্তৰঃ আধুনিক জগতৰ বাস্তৱবাদীসকলে আত্মগত ভাববাদৰ বিরুদ্ধে তীব্র সমালোচনা কৰিছে । ইয়াৰে তিনিটা উল্লেখযোগ্য সমালোচনা হৈছে-

 

(ক) আধুনিক বাস্তৱবাদী মুৰে উল্লেখ কৰিছে যে জ্ঞানৰ এটি সন্তোষজনক মতবাদৰ নিমিত্তে বিষয়বস্তু আরু সংবেদনৰ মাজত পার্থক্য থকা কথাটো গ্রহণ কৰিব লাগিব ।

 

(খ) বস্তু এটি প্রথমতে অস্তিত্বশীল হয়, তাৰ পাছতহে ই জ্ঞাত অথবা প্রত্যক্ষিত হয় ।

 

(গ) বাৰ্কলিৰ মতে, সংবেদনৰ বস্তু আরু সংবেদন একে, কিন্তূ ই সত্য নহয় । সংবেদন আরু সংবেদনৰ বস্তুৰ মাজত অপৰিহাৰ্য সম্বন্ধ আছে, কিন্তূ সেইয়ে দুয়ুটাক একে বুলি প্রমাণ কৰিব নোৱাৰে ।

 

 

 দীঘলীয়া উত্তৰঃ (৪ নম্বৰৰ)

 

১। ‘esse est percipii’ৰ বিষয়ে এটা চমু টোকা লিখা ।

উত্তৰঃ বাৰ্কলিৰ আত্মগত ভাৱবাদ অনুসৰি, গুণৰ সমষ্টিয়েই হৈছে পদাৰ্থ । মুখ্য আরু গৌণ উভয়ে আমাৰ মনৰ ধাৰণা বা আত্মগত ধাৰণা । এই দৃষ্টিভংগীৰে বাৰ্কলিয়ে যুক্তি দি কৈছে যে কোনো এটা বস্তুৰ অস্তিত্ব নিৰ্ভৰ কৰিছে সেই বস্তটো প্রত্যক্ষিত হৈছে নে নাই তাৰ ওপৰত । বাৰ্কলিৰ এই মত তেওঁৰ ব্যক্তিগত “অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ” অর্থাৎ ‘Esse est percipi’ ত প্রকাশিত হৈছে । এই মত অনুসৰি, কোনো বস্তুৰ অস্তিত্ব জ্ঞাতাৰ (অনুভৱ) প্রত্যক্ষৰ ওপৰত নিৰ্ভৰশীল ।

    বাৰ্কলিৰ এই ‘অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰশীল’ চিন্তাধাৰাক আত্মনিষ্ঠ তথা মনোবৈজ্ঞানিক বুলি ক’ব পৰা যায় । কিয়নো, তেওঁৰ মতে বাহ্য জগত ব্যক্তিৰ চৈতন্য-নিৰ্ভৰশীল । বাৰ্কলিৰ মতে মনৰ বহিৰ্ভুত কোনো বস্তুৰ অস্তিত্ব নাই । কেৱল ধাৰণাহে অস্তিত্বশীল । আমাৰ ইন্দ্রিয় অভিজ্ঞতাৰ দুটা বৈশিষ্ট্যৰ কথা বাৰ্কলিয়ে উল্লেখ কৰিছে- (ক) ইয়াৰ অনিবাৰ্যতা (Necessity), (খ) শৃংখলিত সংহতি (Orderly Coherence) । বাৰ্কলিৰ এনে চিন্তাধাৰাৰ দ্বাৰা ভৌতিক জগতৰ অস্তিত্ব আরু ঐক্যৰ ব্যাঘাত ঘটিব যদিহে ই কোনো মনৰ দ্বাৰা প্রত্যক্ষিত নহয় ।  

 

২। আত্মগত ভাববাদৰ বিষয়ে এটা চমু টোকা লিখা ।

উত্তৰঃ আত্মগত ভাৱবাদমতে, ধাৰণাকহে কেৱল জানিব পাৰি অথবা ধাৰণাৰহে বাস্তৱতা আছে । প্রত্যক্ষকাৰীৰ মনৰ পৰা স্বতন্ত্রভাৱে প্রকৃতি জগতৰ অস্তিত্ব নাই । জৰ্জ বাৰ্কলিক পাশ্চাত্য দৰ্শনৰ আধুনিক যুগৰ যথাযথ আত্মগত ভাৱবাদী নামে পৰিচিত । জন লকৰ অভিজ্ঞতাবাদৰ যুক্তিসন্মত পৰিণতিত বাৰ্কলিৰ আত্মগত ভাৱবাদ গঢ়ি উঠিছে । জন লকে কৰা মুখ্য আরু গৌণ গুণৰ পার্থক্যক বাৰ্কলি আরু তেওঁৰ আত্মগত ভাৱবাদে অমনোবৈজ্ঞানিক বুলি অভিহিত কৰিছে ।

    বাৰ্কলিৰ আত্মগত ভাৱবাদ অনুসৰি, গুণৰ সমষ্টিয়েই হৈছে পদাৰ্থ । মুখ্য আরু গৌণ উভয়ে আমাৰ মনৰ ধাৰণা বা আত্মগত ধাৰণা । এই দৃষ্টিভংগীৰে বাৰ্কলিয়ে যুক্তি দি কৈছে যে কোনো এটা বস্তুৰ অস্তিত্ব নিৰ্ভৰ কৰিছে সেই বস্তটো প্রত্যক্ষিত হৈছে নে নাই তাৰ ওপৰত । বাৰ্কলিৰ এই মত তেওঁৰ ব্যক্তিগত “অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ” অর্থাৎ ‘Esse est percipi’ ত প্রকাশিত হৈছে । এই মত অনুসৰি, কোনো বস্তুৰ অস্তিত্ব জ্ঞাতাৰ (অনুভৱ) প্রত্যক্ষৰ ওপৰত নিৰ্ভৰশীল ।

 

৩। হেগেলৰ বস্তুনিষ্ঠ ভাৱবাদৰ বিরুদ্ধে উত্থাপিত সমালোচনাবোৰ কি কি?

উত্তৰঃ আধুনিক বাস্তৱবাদীসকলে হেগেলৰ বস্তুগত ভাৱবাদক লৈ বিভিন্ন সমালোচনা উত্থাপন কৰিছে । ইয়াৰ ভিতৰত উল্লেখযোগ্যসমূহ হ’ল এনেধৰণৰঃ

(ক) জি ই মুৰে (G.E. Moore) বিশ্লেষণাত্মক দাৰ্শনিক দৃষ্টিভংগীৰে হেগেলৰ ভাৱবাদক সমালোচনা কৰিছে ।

(খ) ‘The Problems of Philosophy’ শীৰ্ষক গ্রন্থত ৰাচেলে এনেধৰণৰ সমালোচনা বস্তুগত ভাৱবাদৰ সম্পৰ্কত আগবঢ়াইছে ।  ৰাচেলে এই সমালোচনা আরু লেখনি সাধাৰণ লোকৰ বাবে আগবঢ়াইছে ।  

(গ) হেগেলৰ বিখ্যাত বক্তব্য “What is rational is actual and what is actual is rational” অৰ্থাৎ “যি তৰ্কসংগত হয় সেয়া বাস্তৱিক হয় আরু যি বাস্তৱিক হয় সেয়া তৰ্কসংগত হয়”, এই বাক্যক Kierkegaard অৰ্থাৎ কিয়াৰকেগাৰ্ডে বিরূপ সমালোচনা কৰি মন্তব্য কৰে যে কোনো ব্যক্তিৰ নিমিত্তে এনে কথা সম্ভৱ হ’ব নোৱাৰে । কিয়নো সত্তা আরু মানুহ উভয়ে অসম্পূৰ্ণ ।

 

(ঘ) “Neitzsche” অৰ্থাৎ নিটশে ভাৱবাদৰ যুক্তিগত দিশক গভীৰভাৱে সমালোচনা  কৰিছে । 

 

৪। হেগেলৰ বস্তুনিষ্ঠ ভাৱবাদৰ চাৰিটা বৈশিষ্ট্য চমুকৈ ব্যাখ্যা কৰা ।

উত্তৰঃ হেগেলৰ বস্তুনিষ্ঠ ভাৱবাদক বিশ্লেষণ কৰিলে কিছুমান বৈশিষ্ট্য পৰিলক্ষিত হয় । ইয়াৰ ভিতৰত উল্লেখযোগ্য বৈশিষ্ট্যসমূহ হ’ল এনেধৰণৰঃ

(ক)হেগেলৰ বস্তুনিষ্ঠ ভাৱবাদৰ মতে পৰম ধাৰণাই পৰম সত্তা । মানৱৰ সকলো সসীম ধাৰণা সৰ্বশেষত পৰম সত্তাত অন্তৰ্ভুক্ত হয় ।

 

(খ)হেগেলৰ বস্তুনিষ্ঠ ভাৱবাদ অনুসৰি পৰম সত্তাই সসীম ধাৰণাৰ মাজেৰে নিজৰ চৈতন্য প্রকাশ কৰে । এই জগতৰ পৰম সত্তাই হ’ল পৰম ধাৰণা ।

 

(গ)হেগেলৰ বস্তুনিষ্ঠ ভাৱবাদৰ মতে, পৰম ধাৰণা অথবা পৰম মন অথবা চিন্তাই জগতৰ অন্তৰ্নিহিত সত্তা । মানৱৰ দ্বাৰা বোধগম্য হোৱা সকলোৰে প্রধান শক্তিটোৱেই হৈছে পৰম ধাৰণা ।

 

(ঘ)(গ)হেগেলৰ বস্তুনিষ্ঠ ভাৱবাদ অনুসৰি, পৰম ধাৰণা আরু জাগতিক বস্তু আরু জীৱসমূহৰ মাজৰ সম্পর্ক এৰাব নোৱাৰা । এটাক বাদ দি আনটোৰ কথা ভাবিব নোৱাৰি ।

 

(ঙ) হেগেলৰ পৰম সত্তা জীৱন্ত তথা গৰিশীল । এই জগতৰ বৈচিত্রতাৰ মাজেৰে সত্তাই নিজৰ স্বরূপ প্রকাশ কৰে ।

 

(চ) হেগেলৰ বস্তুনিষ্ঠ ভাৱবাদৰ মতে “চিন্তা আরু সত্তা পৰিশেষত অভিন্ন” । হেগেলৰ মতে সসীমৰ মাজেৰে পৰম সত্তাৰ অভিব্যক্তি অধিক উজ্জ্বল আরু সুন্দৰ হৈ পৰে ।

 

(ছ) হেগেলৰ ভাৱবাদে জগতৰ বাস্তৱতা স্বীকাৰ কৰিছে । তেওঁৰ মতবাদত ভাৱবাদ আরু বাস্তৱবাদৰ সমন্বয় ঘটিছে ।

 

(জ) হেগেলৰ মতবাদত জগতৰ প্রমূল্য যেনেদৰে ক্ষুণ্ণ হোৱা নাই, সেইদৰে সত্তাও সীমিত হোৱা নাই ।

 

 

দীঘলীয়া উত্তৰঃ (৫ নম্বৰৰ)

 

১। আত্মগত ভাববাদ কি? সমালোচনামূলক আলোচনা কৰা ।

অথবাঃ বাৰ্কলিৰ আত্মগত ভাৱবাদক আধুনিক জগতৰ বাস্তৱবাদীসকলে কেনেদৰে সমালোচনা কৰিছে ?

উত্তৰঃ যি ভাৱবাদৰ মতে, ধাৰণাকহে কেৱল জানিব পাৰি অথবা ধাৰণাৰহে বাস্তৱতা আছে । প্রত্যক্ষকাৰীৰ মনৰপৰা স্বতন্ত্রভাৱে প্রকৃতি জগতৰ অস্তিত্ব নাই । সেই ভাৱবাদকে আত্মগত ভাৱবাদ বোলে ।

বাৰ্কলিৰ আত্মগত ভাববাদক আধুনিক জগতৰ বাস্তৱবাদীসকলে তীব্রভাৱে সমালোচনা কৰিছে এনেদরেঃ

 

(ক) আধুনিক বাস্তৱবাদী মুৰে উল্লেখ কৰিছে যে জ্ঞানৰ এক সন্তোষজনক মতবাদৰ নিমিত্তে বিষয়বস্তু আরু সংবেদনৰ মাজত পার্থক্য থকা বিষয়টো গ্রহণ কৰিব লাগিব ।

 

(খ) কিছুমান বাস্তৱবাদী দার্শনিকৰ মতে, বস্তু এটি প্রথমতে অস্তিত্বশীল হয়, তাৰ পাছতহে বস্তুটো জ্ঞাত বা প্রত্যক্ষিত হয় ।

 

(গ) বাৰ্কলিৰ মতে, সংবেদনৰ বস্তু আরু সংবেদন একে কিন্তূ ই সত্য নহয় । কাৰণ, সংবেদন আরু সংবেদনৰ বস্তুৰ মাজৰ অপৰিহাৰ্য সম্পর্ক আছে কিন্তূ সিয়ে দুয়ুটাকে একে বুলি প্রমাণ কৰিব নোৱাৰে ।   

 

(ঘ) বাৰ্কলিৰ “অস্তিত্ব প্রত্যক্ষ নির্ভৰ” এই মতবাদৰ যুক্তিগত পৰিণতি হৈছে আত্মজ্ঞানবাদ । ঈশ্বৰ অর্থাৎ অসীম মনে বস্তুবোৰৰ প্রত্যক্ষকাৰী বোলা বিষয়টোৱে বাৰ্কলিৰ আত্মজ্ঞানবাদৰ ৰক্ষা কৰা যেন দেখা যায় । কিন্তূ আচলতে ঈশ্বৰৰ অৱতাৰণা কৰা বিষয়টোৱে বাৰ্কলিৰ মতবাদক দুৰ্বলতাহে প্রমাণ কৰিছে ।

    এনেদৰে আত্মগত ভাববাদক আধুনিক জগতৰ বাস্তৱবাদীসকলে সমালোচনা কৰিছে ।               

 

২। হেগেলৰ বস্তুনিষ্ঠ ভাববাদৰ বিষয়ে সমালোচনামূলক আলোচনা আগবঢ়োৱা ।

উত্তৰঃ যি ভাৱবাদৰ মতে, সকলো বস্তু তাৰ ধাৰণাৰ লগত একে । লগতে, যি ভাৱবাদে সামান্য বোধ বস্তুবাদ অথবা ব্যৱহাৰিক জ্ঞানবাদ সমর্থন কৰেসেই ভাৱবাদকে বস্তুগত ভাৱবাদ বোলে ।

আধুনিক বাস্তৱবাদীসকলে হেগেলৰ বস্তুগত ভাৱবাদক লৈ বিভিন্ন সমালোচনা উত্থাপন কৰিছে । ইয়াৰ ভিতৰত উল্লেখযোগ্যসমূহ হ’ল এনেধৰণৰঃ

(ক) জি ই মুৰে (G.E. Moore) বিশ্লেষণাত্মক দাৰ্শনিক দৃষ্টিভংগীৰে হেগেলৰ ভাৱবাদক সমালোচনা কৰিছে ।

(খ) ‘The Problems of Philosophy’ শীৰ্ষক গ্রন্থত ৰাচেলে এনেধৰণৰ সমালোচনা বস্তুগত ভাৱবাদৰ সম্পৰ্কত আগবঢ়াইছে ।  ৰাচেলে এই সমালোচনা আরু লেখনি সাধাৰণ লোকৰ বাবে আগবঢ়াইছে । 

(গ) হেগেলৰ বিখ্যাত বক্তব্য “What is rational is actual and what is actual is rational” অৰ্থাৎ “যি তৰ্কসংগত হয় সেয়া বাস্তৱিক হয় আরু যি বাস্তৱিক হয় সেয়া তৰ্কসংগত হয়”, এই বাক্যক Kierkegaard অৰ্থাৎ কিয়াৰকেগাৰ্ডে বিরূপ সমালোচনা কৰি মন্তব্য কৰে যে কোনো ব্যক্তিৰ নিমিত্তে এনে কথা সম্ভৱ হ’ব নোৱাৰে । কিয়নো সত্তা আরু মানুহ উভয়ে অসম্পূৰ্ণ ।

 

(ঘ) “Neitzsche” অৰ্থাৎ নিটশে ভাৱবাদৰ যুক্তিগত দিশক গভীৰভাৱে সমালোচনা  কৰিছে । 

এনেদৰে, হেগেলৰ বস্তুনিষ্ঠ ভাববাদক আধুনিক বাস্তৱবাদীসকলে তীব্রভাৱে সমালোচনা কৰিছে ।

 

 

৩। বাৰ্কলিৰ ভাববাদ আত্মগত নে বস্তুনিষ্ঠ ?

উত্তৰঃ বাৰ্কলিৰ ভাববাদ আত্মগত ।

আত্মগত ভাৱবাদমতে, ধাৰণাকহে কেৱল জানিব পাৰি অর্থাৎ ধাৰণাৰহে বাস্তৱতা আছে । প্রত্যক্ষকাৰীৰ মনৰ পৰা স্বতন্ত্রভাৱে প্রকৃতি জগতৰ কোনো অস্তিত্ব নাই । পাশ্চাত্য দৰ্শনৰ আধুনিক যুগৰ যথাযথ আত্মগত ভাৱবাদী হিচাপে বাৰ্কলিয়ে, লকে কৰা মুখ্য আরু গৌণ গুণৰ পার্থক্যক অমনোবৈজ্ঞানিক বুলিছে ।

    বাৰ্কলিৰ আত্মগত ভাৱবাদ অনুসৰি, গুণৰ সমষ্টিয়েই হৈছে পদাৰ্থ । মুখ্য আরু গৌণ উভয়ে আমাৰ মনৰ ধাৰণা বা আত্মগত ধাৰণা । এই দৃষ্টিভংগীৰে বাৰ্কলিয়ে যুক্তি দি কৈছে যে কোনো এটা বস্তুৰ অস্তিত্ব নিৰ্ভৰ কৰিছে সেই বস্তটো প্রত্যক্ষিত হৈছে নে নাই তাৰ ওপৰত । বাৰ্কলিৰ এই মত তেওঁৰ ব্যক্তিগত “অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ” অর্থাৎ ‘Esse est percipi’ ত প্রকাশিত হৈছে । এই মত অনুসৰি, কোনো বস্তুৰ অস্তিত্ব জ্ঞাতাৰ (অনুভৱ) প্রত্যক্ষৰ ওপৰত নিৰ্ভৰশীল ।

    সেয়েহে, বাৰ্কলিৰ এই ‘অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰশীল’ চিন্তাধাৰাক আত্মনিষ্ঠ বা আত্মগত তথা মনোবৈজ্ঞানিক বুলি ক’ব পৰা যায় ।

 




 checking & updating.........