any Mistakes found, kindly write to us through the 'contact form' (Below)
১। ব্যাকৰণ কাক বোলে ? ব্যাকৰণত ভাষাৰ কোনকেইটা উপাদানৰ আলোচনা কৰা
হয় ?
উত্তৰঃ কোনো এটা ভাষাৰ গঠন
পদ্ধতিৰ বিজ্ঞানসন্মত আরু তন্ন তন্ন বিচাৰ-বিশ্লেষণেই সেই ভাষাটোৰ ব্যাকৰণ । অৰ্থাৎ ব্যাকৰণত নিৰ্দিষ্ট ভাষা এটাৰ গাঁথনিক দিশৰ বিশ্লেষণ
বিজ্ঞানসন্মত তথা শৃংখলাবদ্ধভাৱে দাঙি ধৰা হয় ।
প্রধানতঃ চাৰিটা উপাদানৰ সমন্বয়ত ভাষা এটাৰ গঠন পদ্ধতি সম্পাদন হয় ।
সেই উপাদানকেইটা হৈছে- ধ্বনি, শব্দ আরু বাক্য- এই তিনিটা উপাদানৰ আলোচনা কৰা হয় ।
২। বাগ্ধ্বনি বা ধ্বনি
কাক বোলে?
উত্তৰঃ ধ্বনি হৈছে ভাষাৰ
আটাইতকৈ ক্ষুদ্র উপাদান । মানুহে শ্বাস-প্রশ্বাস লওঁতে হাঁওফাঁওলৈ বায়ু সোমায় আরু
হাঁওফাঁওৰ পৰা বায়ু ওলাই আহে । এই বায়ুপ্রবাহক বাগিন্দ্রিয়ৰ অন্তৰ্গত অংগ ওঁঠ আরু
জিভাৰ সহায়ত দাঁত, তালু আদি অংগবোৰত ৰোধ বা নিয়ন্ত্রণ কৰাৰ ফলত যি নাদৰ সৃষ্টি হয়,
তাকে বাগ্ধ্বনি বা ধ্বনি বোলে । অন্য কথাত মানুহৰ মাত বা কথাৰ ক্ষুদ্র ক্ষুদ্র
ভাগবোৰেই হৈছে বাগ্ধ্বনি বা ধ্বনি ।
৩। বৰ্ণ কাক বোলে ?
উত্তৰঃ ধ্বনিৰ বিশিষ্ট
রূপটোৱেই হৈছে বৰ্ণ । অৰ্থাৎ কোনো এটা ভাষাৰ সুকীয়া উচ্চাৰণ বৈশিষ্ট্য থকা ধ্বনিবোৰেই
হৈছে সেই ভাষাটোৰ বৰ্ণ । ইহঁতৰ নিজা কোনো অৰ্থ নাই ।
৪। শব্দ কাক বোলে ?
উত্তৰঃ এক বা একাধিক
বৰ্ণৰে গঠিত ভাষাৰ অৰ্থযুক্ত গোটকে শব্দ বোলে । যেনেঃ- মানুহ, ঘৰ, গছ, নদী,
প্রকৃতি, ই, সি ইত্যাদি ।
৫। বাক্য বুলিলে কি
বুজা ?
উত্তৰঃ পৰস্পৰ
সম্বন্ধযুক্ত শব্দ-সমষ্টিয়ে একোটা মনোভাৱ সম্পূৰ্ণকৈ প্রকাশ কৰিব পৰা ভাষাৰ
আটাইতকৈ ডাঙৰ উপাদানবিধেই হৈছে বাক্য । অৱশ্যে পূৰ্ব-প্রসঙ্গ থাকিলে কেতিয়াবা এটা
শব্দৰেও বাক্য গঠন হ’ব পাৰে ।
যেনেঃ- তুমি ক’লৈ যোৱা?
(তিনিটা শব্দযুক্ত বাক্য)
গুৱাহাটীলৈ । (এটা শব্দৰে
গঠিত বাক্য)
৬। রূপ বা প্রাকৃতি
কাক বোলে ? ইয়াক কেই ভাগত ভাগ কৰিব পাৰি ?
উত্তৰঃ ভাষাৰ ক্ষুদ্রতম
অৰ্থৱহ গোটবোৰেই হৈছে রূপ বা প্রাকৃতি ।
যেনেঃ- মানুহ, গরু, ফুল,
ফল, যা, গা, কৰ, -জন, -বোৰ আদি ।
রূপ বা প্রাকৃতিক দুই
ভাগত ভাগ কৰা হয়ঃ-
(ক) মুক্ত প্রাকৃতি
(খ) যুক্ত প্রাকৃতি বা
সৰ্গ ।
৭। মুক্ত প্রাকৃতি
বুলিলে কি বুজা? উদাহৰণ দিয়া ।
উত্তৰঃ যিবোৰ প্রাকৃতিৰ
অৰ্থ স্বতন্ত্রভাৱে প্রকাশ পায়, সেইবোৰ প্রাকৃতিয়েই মুক্ত প্রাকৃতি । যেনেঃ-
মানুহ, গরু, ফুল, গছ, ঘৰ, কৰ, খা আদি ।
৮। যুক্ত প্রাকৃতি
বা সৰ্গ বুলিলে কি বুজা ? উদাহৰণৰ সৈতে বুজাই লিখা ।
উত্তৰঃ যিবোৰ প্রাকৃতিৰ
অৰ্থ স্বতন্ত্রভাৱে প্রকাশ নাপায়, আন মুক্ত প্রাকৃতিৰ লগত যোগ হ’লেহে সেইবোৰ
প্রাকৃতিৰ অৰ্থ প্রকাশিত হয়, তেনেবোৰ প্রাকৃতিকে যুক্ত প্রাকৃতি বা সৰ্গ বোলে ।
যেনেঃ- -জন (মানুহজন),
-বোৰ (গরুবোৰ), -এ(ৰহিমে), -অনি(ধাননি), ওঁ (করোঁ, খাওঁ) ইত্যাদি ।
উল্লিখিত উদাহৰণবোৰৰ –জন, -বোৰ, -এ, -অনি, -ওঁ আদি প্রাকৃতিবোৰ হৈছে মুক্ত
প্রাকৃতি বা সৰ্গ ।
৯। প্রত্যয় আরু
বিভক্তি কাক বোলে ? ইহঁতৰ মাজত থকা পাৰ্থক্য সম্পৰ্কে লিখা ।
উত্তৰঃ- যিবোৰ সৰ্গই আন
প্রাকৃতিৰ লগত যোগ হৈ নতুন নতুন অৰ্থবহ শব্দৰ সাধন কৰিব পাৰে, সেইবোৰ সৰ্গকে
প্রত্যয় বোলে ।
যেনেঃ-
ফুল + অনি = ফুলনি
খেতি + অক = খেতিয়ক
মৰম + ইয়ান = মৰমিয়াল
খা + অন = খাৱন
কান্দ + উৰা = কান্দুৰা
আনহাতে যিবোৰ সৰ্গই বাক্যত ব্যৱহাৰ হোৱা শব্দবোৰৰ ক্রম ৰক্ষা কৰি
অৰ্থৰ সংগতি ৰক্ষা কৰে আরু যিবোৰ সৰ্গৰ সংযোগত শব্দৰ রূপৰ পৰিৱৰ্তন ঘটে, সেইবোৰ
সৰ্গকে বিভক্তি বোলে ।
যেনেঃ- অসমীয়া ভাষাৰ
‘মানুহ’ এটা শব্দ । এই শব্দটোৰ লগত –এ, -ক, -বে, -লৈ, -ত, আদি সৰ্গ সংযোগ কৰি
ক্রমে মানুহে, মানুহক, মানুহেৰে, মানুহলৈ, মানুহত আদি পদ সৃষ্টি হৈছে । গতিকে ইহঁত
প্রত্যেকেই একোটাকৈ বিভক্তি ।
প্রত্যয় আরু বিভক্তি পাৰ্থক্যঃ
(ক) প্রত্যয়ে সদায় নতুন
নতুন শব্দ সাধন কৰে; আনহাতে বিভক্তিয়ে নতুন শব্দ সাধন কৰিব নোৱাৰে, কেৱল শব্দৰ রূপৰ
পৰিৱৰ্তন ঘটায় ।
(খ) প্রত্যয়ৰ সংযোগত
শব্দৰ মূল অৰ্থৰ পৰিৱৰ্তন ঘটে ।
যেনেঃ- ফুল + অনি =
ফুলনি ।
আনহাতে, বিভক্তিৰ সংযোগত
শব্দৰ মূল অৰ্থৰ পৰিৱৰ্তন নঘটে । বিভক্তিয়ে বাক্যত প্রয়োগ হোৱা শব্দৰ স্থান নিৰ্ণয় কৰি অৰ্থৰ
সংগতি ৰক্ষা কৰে ।
১০। শূন্য বিভক্তি
বুলিলে কি বুজা?
উত্তৰঃ সাধাৰণতে বাক্যত
ব্যৱহৃত শব্দবোৰৰ লগত বিভক্তি যোগ হৈ শব্দৰ স্থান নিৰ্ণয় কৰা হয় । কেতিয়াবা
বিভক্তি যোগ নোহোৱাকৈ বাক্যত শব্দৰ প্রয়োগ হোৱা দেখা যায় ।
যেনেঃ-
মানুহ আহিছে । { মানুহ + -০ (শূন্য) বিভক্তি }
বাঘে মাংস খায় ।
{ মাংস + -০ (শূন্য) বিভক্তি }
তই পঢ় । { পঢ় + ০ (শূন্য)
বিভক্তি }
ওপৰৰ তিনিটা বাক্যৰ আঁচটনা শব্দকেইটা বিভক্তি যোগ নোহোৱাকৈ বাক্যত
প্রয়োগ হৈছে । বিভক্তিহীনভাৱে বাক্যত ব্যৱহৃত এনেবোৰ শব্দত -০ (শূন্য) বিভক্তি
যুক্ত হৈছে বুলি ধৰি লোৱা হয় ।
১১। বিভক্তি বুলিলে
কি বুজা? অসমীয়া ভাষাৰ বিভক্তি কেই প্রকাৰৰ কি কি?
উত্তৰঃ যিবোৰ সৰ্গই
বাক্যত ব্যৱহাৰ হোৱা ক্রম ৰক্ষা কৰি অৰ্থৰ সংগতি ৰক্ষা কৰে আরু যিবোৰ সৰ্গৰ সংযোগত
শব্দৰ রূপৰ পৰিৱৰ্তন ঘটে, সেইবোৰ সৰ্গকে বিভক্তি বোলে ।
অসমীয়া ভাষাৰ বিভক্তিবোৰ দুই প্রকাৰৰ-
(ক) ক্রিয়াবিভক্তি বা
ধাতুরূপৰ পুরুষ বাচক বিভক্তি;
(খ) নাম বিভক্তি
নামবিভক্তিকো আকৌ দুই
ভাগৰ ভাগ কৰা হয়-
(ক) পুরুষবাচক বিভক্তি,
(খ) কাৰকবাচক বিভক্তি,
১২। ক্রিয়াবিভক্তি
ভা ধাতুরূপৰ পুরুষবাচক বিভক্তি কাক বোলে ? পুরুষ অনুযায়ী উদাহৰণসহ ক্রিয়া-বিভক্তিৰ
প্রয়োগ দেখুওৱা ।
উত্তৰঃ পুরুষ অনুযায়ী
ধাতুৰ পিছত যোগ হোৱা বিভক্তিবোৰকে ক্রিয়াবিভক্তি বা ধাতুরূপৰ পুরুষবাচক বিভক্তি
বোলে । তলত পুরুষ অনুযায়ী এই বিভক্তিবোৰৰ প্রয়োগ দেখুওৱা হ’ল-
(ক) প্রথম পুরুষৰ
বিভক্তি-
অসমীয়া ভাষাৰ প্রথম পুরুষত ধাতুৰ পিছত যোগ হোৱা বিভক্তি হৈছে দুটা-
(অ) বৰ্তমান আরু অতীত
কালৰ প্রথম পুরুষৰ বিভক্তি ‘-ওঁ’
আরু (আ) ভৱিষৎ কালৰ
প্রথম পুরুষৰ বিভক্তি ‘-ইম’ ।
স্বৰান্ত শব্দত ‘-ইম্’
টো ‘-ম্’ হিচাপে ব্যৱহাৰ হয় ।
(i)বৰ্তমান আরু
অতীত কালত ‘-ওঁ’ বিভক্তিৰ ব্যৱহাৰঃ-
বাক্য
|
ক্রিয়াপদ = ধাতুশব্দ + বিভক্তি
|
মই/আমি খাওঁ
|
খাওঁ = খা + -ওঁ
|
মই/আমি খাইছোঁ
|
খাইছোঁ = খা-ইছ + -ওঁ
|
মই/আমি খাইছিলোঁ
|
খাইছিলোঁ = খা-ইছ্-ইল্ + -ওঁ
|
মই/আমি খেলিছিলোঁ
|
খেলিছিলোঁ = খেল-ইছ্-ইল্ + -ওঁ
|
(ii) ভৱিষ্যত কালত –ইম্/
-ম্ বিভক্তিৰ ব্যৱহাৰঃ-
বাক্য
|
ক্রিয়াপদ = ধাতুশব্দ + বিভক্তি
|
মই/আমি কৰিম
|
কৰিম = কৰ্ + -ইম্
|
মই/আমি পঢ়িম
|
পঢ়িম = পঢ়্ + -ইম্
|
মই/আমি খাম
|
খাম = খা + -ম্
|
মই/আমি কৰাম
|
কৰাম = কৰা + -ম্
|
(খ) দ্বিতীয় পুরুষৰ
বিভক্তিঃ-
অসমীয়া ভাষাত দ্বিতীয় পুরুষত বিভক্তিৰ রূপ দুটাঃ
(i)মান্য আরু (ii)
তুচ্ছ
(i) মান্য
রূপত ক্রিয়াবিভক্তিৰ প্রয়োগঃ-
মান্য রূপত ব্যৱহৃত
ক্রিয়াবিভক্তি হৈছে ‘-আ’ ৰ প্রয়োগ, উদাহৰণ-
বাক্য
|
ক্রিয়াপদ = ধাতুশব্দ + বিভক্তি
|
তুমি/তোমালোকে কিতাপখন পঢ়া
|
পঢ়া = পঢ়্ + -আ
|
তুমি/তোমালোকে কিতাপখন পঢ়িছা
|
পঢ়িছা = পঢ়্ -ইছ্ + -আ
|
তুমি/তোমালোকে কিতাপখন পঢ়িলা
|
পঢ়িলা = পঢ়্ -ইল্ + -আ
|
তুমি/তোমালোকে কিতাপখন পঢ়িছিঁলা
|
পঢ়িছিলা = পঢ়্ -ইছ্ -ইল্ + -আ
|
তুমি/তোমালোকে কিতাপখন পঢ়িবা
|
পঢ়িবা = পঢ়্ -ইব্ + -আ
|
(ii)তুচ্ছ
রূপত ক্রিয়াবিভক্তি প্রয়োগঃ-
তুচ্ছ রূপত ব্যৱহাৰ হোৱা
ক্রিয়াবিভক্তি হৈছেঃ –অ আরু –ই
যেনেঃ-
বাক্য
|
ক্রিয়াপদ = ধাতুশব্দ + বিভক্তি
|
তই/তহঁতে কামটো কৰ
|
কৰ = কৰ্ + -অ
|
তই/তহঁতে কামটো কৰিছিলি
|
কৰিছিলি = কৰ্-ইছ্-ইল + -ই
|
তই/তহঁতে কামটো কৰিবি
|
কৰিবি = কৰ্-ইব্ + -ই
|
(গ) তৃতীয় পুরুষৰ
বিভক্তিঃ-
অসমীয়া ভাষাৰ তৃতীয়
পুরুষত প্রয়োগ হোৱা ক্রিয়া বিভক্তি হৈছে দুটাঃ –এ আরু –য়; -এ ব্যঞ্জনান্ত আরু –য়
স্বৰান্ত ধাতুত যোগ হয় । উদাহৰণস্বরূপে-
বাক্য
|
ক্রিয়াপদ = ধাতুপদ + বিভক্তি
|
সি/সিঁহতে/তেওঁ/তেওঁলোকে কৰে
|
কৰে = কৰ্ + -এ
|
সি/সিঁহতে/তেওঁ/তেওঁলোকে খায়
|
খায় = খা + -য়
|
মন কৰিবলগীয়া যে অতীত
আরু ভৱিষ্যত কালৰ তৃতীয় পুরুষত কোনো বিভক্তি যোগ নহয় । যেনেঃ-
বাক্য
|
ক্রিয়াপদ = ধাতুশব্দ + বিভক্তি
|
সি/সিঁহতে/তেওঁ/তেওঁলোকে কৰিছিল
|
কৰিছিল = কৰ্-ইছ্-ইল্+ -০
|
সি/সিঁহতে/তেওঁ/তেওঁলোকে কৰিব
|
কৰিব = কৰ্-ইব্ + -০
|
অসমীয়া ভাষাত অনুজ্ঞা
ভাৱত (আদেশ, অনুৰোধ, অনুমতি, আৰ্শীবাদ, ইচ্ছা আদি বুজোৱা) দ্বিতীয় আরু তৃতীয়
পুরুষত ধাতুৰ পিছত কিছুমান বিভক্তি হয় । এইবোৰ অনুজ্ঞাৰ বিভক্তি । এই বিভক্তিবোৰ
হৈছে-
১। দ্বিতীয় পুরুষঃ মান্য
রূপত- -আ
তুচ্ছ রূপত- -০, ই
২। তৃতীয় পুরুষঃ –অক
(-ওক)
১। দ্বিতীয় পুরুষত
অনুজ্ঞাৰ বিভক্তিৰ ব্যৱহাৰঃ
মান্য রূপ
|
তুচ্ছ রূপ
|
তুমি/তোমালোকে কৰা (কৰ্ + -আ)
|
তই/তহঁতে কৰ্ (কৰ্ + -০)
|
তুমি/তোমালোকে কৰিবা (কৰ্+-ইব্+-আ)
|
তই/তহঁতে কৰিবি (কৰ্+-ইব্+-ই)
|
তুমি/তোমালোকে দিবা (দি+-ব+-আ)
|
তই/তহঁতে দিবি (দি+-ব্+-ই)
|
দ্বিতীয় পুরুষৰ বৰ্তমান
আরু ভৱিষ্যত কালৰ বাক্যতহে অনুজ্ঞাৰ ভাব প্রকাশ হয় । এনে বাক্যবোৰত অনুজ্ঞাবাচক সুৰ
বা লয় নিহিত হৈ থাকে ।
২। তৃতীয় পুরুষত
অনুজ্ঞাৰ বিভক্তিৰ ব্যৱহাৰঃ-
সি/সিঁহতে/তেওঁ/তেওঁলোকে
কৰক (কৰ্ + -অক)
সি/সিঁহতে/তেওঁ/তেওঁলোকে
খাওক (খা + -ওক)
অসমীয়া ভাষাত পুরুষ অনুযায়ী ক্রিয়াবিভক্তিসমূহৰ প্রয়োগ উল্লিখিত ধৰণে
দেখুৱাব পাৰি ।
১৩। সম্বন্ধবাচক
বিশেষ্যৰ পুরুষবাচক বিভক্তি আরু কাৰকবাচক বিভক্তি বা শব্দবিভক্তিসমূহ একেলগে কি
বিভক্তিৰ অন্তৰ্গত ?
উত্তৰঃ সম্বন্ধবাচক
বিশেষ্যৰ পুরুষবাচক বিভক্তি আরু কাৰকবাচক বিভক্তি বা শব্দবিভক্তিসমূহ একেলগে নাম
বিভক্তিৰ অন্তৰ্গত ।
১৪। সম্বন্ধবাচক
বিশেষ্যৰ পুরুষবাচক বিভক্তি কাক বোলে ? পুরুষ অনুযায়ী উদাহৰণসহ এই বিভক্তিসমূহৰ
প্রয়োগ দেখুওৱা ।
উত্তৰঃ অসমীয়া ভাষাৰ
সম্বন্ধবাচক বিশেষ্য শব্দৰ পিছত পুরুষ অনুযায়ী কিছুমান নিৰ্দিষ্ট বিভক্তি যোগ হয়,
সেই বিভক্তিবোৰ সম্বন্ধবাচক বিশেষ্যৰ পুরুষবাচক বিভক্তি বোলে । অসমীয়া ভাষাৰ এই
বিভক্তিকেইটা হ’ল-
-ৰা (-এৰা), -ৰ(-অৰ),
-ক(-অক)
প্রথম পুরুষত এই বিভক্তি যোগ নহয় বাবে তাত -০ (শূন্য) বিভক্তি যোগ
হোৱা বুলি ধৰা হয় । দ্বিতীয় আরু তৃতীয় পুরুষত যোগ হোৱা –ৰা(-এৰা), -ৰ(-এৰ),
-ক(-এক) বিভক্তিকেইটা ধ্বনি সাপেক্ষে প্রয়োগ হয় । অৰ্থাৎ -আ স্বৰান্ত সম্বন্ধবাচক
শব্দ যেনেঃ- মা, দেউতা, পেহা, মহা আদিৰ –ৰা, -ৰ, -ক বিভক্তি তিনিটা আরু –আ ভিন্ন
অন্য স্বৰান্ত তথা ব্যঞ্জনান্ত শব্দ, যেনেঃ খুৰী, শহুৰ, ভিনিহি আদিৰ পিছত –এৰা, -এৰ,
-এক বিভক্তি তিনিটা যোগ হয় । অসমীয়া ভাষাৰ সম্বন্ধবাচক বিশেষ্য শব্দৰ পিছত যুক্ত
হোৱা এই পুরুষবাচক বিভক্তিসমূহৰ প্রইয়োগ তলত দেখুওৱা হ’লঃ
দ্বিতীয় পুরুষৰ
বিভক্তিঃ- -ৰা(-এৰা), -ৰ(-এৰ)
মান্য রূপ
|
তুচ্ছ রূপ
|
তোমাৰ দেউতাৰা(দেউতা + -ৰা)
|
তোৰ দেউতাৰ (দেউতা + -ৰ)
|
তোমাৰ মাৰা (মা + -ৰা)
|
তোৰ মাৰ (মা + -ৰ)
|
তোমাৰ খুৰীয়েৰা (খুৰী + -এৰা)
|
তোৰ খুৰীয়েৰ (খুৰী + -এৰ)
|
তোমাৰ পেহীয়েৰা (পেহী + -এৰা)
|
তোৰ পেহীয়েৰ (পেহী + -এৰ)
|
তোমাৰ শহুৰেৰা (শহুৰ + -এৰা)
|
তোৰ শহুৰেৰ (শহুৰ + -এৰ)
|
তৃতীয় পুরুষৰ বিভক্তিঃ- -ক(-এক)
তাৰ/তাইৰ/সিহঁতৰ
দেউতাক(দেউতা + -ক)
তাৰ/তাইৰ/সিহঁতৰ মাক (মা
+ -ক)
ৰামৰ খুৰীয়েক (খুৰী +
-এক)
সীতাৰ পেহীয়েক (পেহী +
-এক)
তাৰ/তাইৰ/সিহঁতৰ/যদুৰ
শহুৰেক(শহুৰ +-এক)
অসমীয়া ভাষাত সম্বন্ধবাচক বিশেষ্যশব্দৰ পিছত এনেদৰে পুরুষবাচক
বিভক্তিসমূহ লগ লাগে । ভাৰতীয় আৰ্যভাষাসমূহৰ ভিতৰত অসমীয়া ভাষাৰ ই এক স্বকীয়
বৈশিষ্ট্য ।
১৫। কাৰকবাচক
বিভক্তি বা শব্দবিভক্তি কাক বোলে ? অসমীয়া ভাষাৰ কাৰক বাচক বিভক্তিসমূহৰ তালিকা
প্রস্তুত কৰি এই বিভক্তিসমূহৰ প্রয়োগ দেখুওৱাঁ ।
উত্তৰঃ অসমীয়া ভাষাৰ
বাক্যত বিভিন্ন নামশব্দই ক্রিয়াৰ সৈতে সম্পৰ্ক স্থাপন কৰে, তাকে কাৰক বোলে । বাক্যৰ
বিভিন্ন স্থানত বহি কাৰকে ক্রিয়াৰ সৈতে সম্বন্ধ স্থাপন কৰে । কাৰকৰ লগত যোগ হোৱা
বিভক্তি বোৰকে কাৰকবাচক বিভক্তি বা শব্দবিভক্তি বোলা হয় । অসমীয়া ভাষাত কাৰক
ছবিধঃ-
১। কৰ্তাকাৰক
২। কৰ্মকাৰক
৩। কৰণকাৰক
৪। নিমিত্তকাৰক
৫। অপাদানকাৰক আরু
৬। অধিকৰণকাৰক
এই প্রত্যেকবিধ কাৰকতেই নিৰ্দিষ্ট বিভক্তি যোগ হয় । কেতিয়াবা এটা
নামশব্দৰ ক্রিয়াৰ পৰিৱৰ্তে অন্য এটা নামশব্দৰ লগতহে সম্বন্ধ স্থাপিত হয় । তাকে
সম্বন্ধ পদ বোলে ।
যেনেঃ- মোৰ কিতাপ ।
দেউতাৰ কলম ।
সম্বন্ধপদ বিশুদ্ধ কাৰক নহয় যদিও ৬ষ্ঠী বিভক্তি যোগ হোৱাৰ বাবে কাৰকৰ
শিতানত সম্বন্ধপদৰ আলোচনা কৰা হয় । তলৰ তালিকাত কাৰকবাচক বিভক্তি বা শব্দবিভক্তিবোৰক
দেখুওৱা হৈছেঃ-
কাৰক
|
বিভক্তি
|
বিভক্তিৰ রূপ
|
|
স্বৰান্ত শব্দত
|
ব্যঞ্জনান্ত শব্দত
|
||
কৰ্তা
|
শূ্ন্য
প্রথমা
|
-০
-এ, -ই
|
-০
-এ
|
কৰ্ম
|
শূন্য
দ্বিতীয়া
|
-০
-ক
|
-০
-অক
|
কৰণ
|
তৃতীয়া
|
-ৰে
|
-এৰে
|
নিমিত্ত
|
চতুৰ্থী
|
-লৈ
|
-অলৈ
|
অপাদান
|
-
|
-
|
-
|
সম্বন্ধপদ
|
ষষ্ঠী
|
-ৰ
|
-অৰ
|
অধিকৰণ
|
সপ্তমী
|
-ত
|
-অত
|
*অসমীয়া ভাষাত কৰ্তা আরু
কৰ্ম কাৰকত কেতিয়াবা কোনো বিভক্তি যোগ নহ’লে -০(শূন্য) বিভক্তি যোগ হোৱা বুলি ধৰা
হয় ।
তলত কাৰক অনুযায়ী কাৰকবাচক বিভক্তিবোৰৰ প্রয়োগ দাঙি ধৰা হ’ল-
(১) কৰ্তা কাৰকৰ
বিভক্তিঃ
যিক্রিয়া সম্পাদন কৰে বা হয়, সিয়ে কৰ্তাকাৰক । কৰ্তাকাৰকত -০(শূন্য)
বিভক্তি আরু প্রথমাৰ –এ(ই) বিভক্তি যোগ হয় । ব্যঞ্জনান্ত শব্দত –এ আরু স্বৰান্ত
শব্দত –ই ।
যেনেঃ- মানুহ (মানুহ +
-০) আহিছে ।
মানুহে (মানুহ + -এ) খায়
।
সীতাই (সীতা + -ই)
খেলিছে ।
(২) কৰ্মকাৰকৰ
বিভক্তিঃ-
কৰ্তাই যাৰ ওপৰত ক্রিয়া সম্পাদন কৰে, তাকে কৰ্মকাৰক বোলে । কৰ্মকাৰকত
-০(শূন্য) আরু দ্বিতীয়াৰ –ক(-অক) বিভক্তি যোগ হয় । স্বৰান্ত শব্দত –ক আরু
ব্যঞ্জনান্ত শব্দত –ওকে যোগ হয় ।
যেনেঃ- মানুহে ভাত (ভাত + -০) খায় ।
মানুহে প্রকৃতিক
(প্রকৃতি + -ক) ভাল পাব লাগে ।
মানুহে মানুহক (মানুহ +
-অক) সহায় কৰিব লাগে ।
(৩) কৰণকাৰকৰ
বিভক্তিঃ-
যাৰ সহায়ত কৰ্তাই ক্রিয়া সম্পাদন কৰে, তাকে কৰণকাৰক বোলে । এই কাৰকত
স্বৰান্ত শব্দত –ৰে আরু ব্যঞ্জনান্ত শব্দত –এৰে বিভক্তি যোগ হয় ।
যেনেঃ- তাই কটাৰীৰে (কটাৰী + -ৰে) তামোল কাটিছে ।
আমি হাতেৰে (হাত + -এৰে)
কাম করোঁ ।
তদুপৰি দি, দ্বাৰা, জৰিয়তে, হতুৱাই, সৈতে আদি অনুপদৰ সহায়তো কৰণকাৰকৰ
অৰ্থ প্রকাশ কৰিব পাৰি । এইক্ষেত্রত
প্রথমবাৰ –এ আরু ষষ্ঠী -ৰ(-অৰ) বিভক্তিযুক্ত পদৰ পিছত –এ অনুপদবোৰ যোগ হয় ।
(৪) নিমিত্তকাৰকৰ
বিভক্তিঃ-
দিশ, উদ্দেশ্য, লক্ষ্য, নিমিত্ত আদি বুজাবলৈ ক্রিয়াৰ সৈতে সম্বন্ধ
ঘটা পদকে নিমিত্তকাৰক বোলে । স্বৰান্ত শব্দত –লৈ আরু ব্যঞ্জনান্ত শব্দত –অলৈ যোগ
হয় ।
যেনেঃ- মই দিল্লীলৈ
(দিল্লী + -লৈ) গৈছিলোঁ ।
দেউতা বজাৰলৈ (বজাৰ +
-অলৈ) গ’ল ।
(৫) অপাদান কাৰকৰ
বিভক্তিঃ-
যাৰ পৰা উৎপন্ন হোৱা, আৰম্ভ হোৱা, পতিত হোৱা, ভয় পোৱা, ৰক্ষা পোৱা,
আঁতৰ হোৱা আদি বুজায়, সিয়ে অপাসান কাৰক । অসমীয়া ভাষাত সম্বন্ধপদত যোগ হোৱা ষষ্ঠী –ৰ(-অৰ)
বিভক্তিৰ পিছত ‘পৰা’ অনুপদ যোগ দিহে অপাদান কাৰক বুজোৱা হয় ।
যেনেঃ-
গুটিৰ পৰা (গুটি + -ৰ+ পৰা)
গছ হয় ।
কুকুৰৰ পৰা (কুকুৰ + -অৰ
+ পৰা) সাৱধান ।
ৰামৰ (ৰাম +-অৰ) ভনীয়েক
।
দেউতাৰ (দেউতা + -ৰ) কলম
।
(৬) অধিকৰণ কাৰকৰ
বিভক্তিঃ-
স্থান, কাল, পাত্র আদি যিহৰ আধাৰত ক্রিয়া সম্পাদন হয়, তাকে অধিকৰণ
কাৰক বোলে । অধিকৰণ সপ্তমী –ত(স্বৰান্ত শব্দত) আরু –অত(ব্যঞ্জনান্ত শব্দত) বিভক্তি
যুক্ত হয়।
যেনেঃ- হাবিত (হাবি +
-ত) বনৰীয়া জীৱ-জন্তু থাকে ।
আকাশত (আকাশ + -অত) চৰাই
উৰিছে ।
প্রথমা –এ(ই) বিভক্তিৰ সহায়তো কেতিয়াবা অধিকৰণ কাৰকৰ অৰ্থ প্রকাশ হয়
।
যেনেঃ- সি ঘাটে ঘাটে পানী খাইছে ।
কথাই কথাই তৰ্ক
নকৰিবা ।
এনেদৰে অসমীয়া কাৰকবাচক বিভক্তি বা শব্দবিভক্তিসমূহৰ প্রয়োগ
দেখুৱাব পাৰি ।
১৬। প্রত্যয় কাক
বোলে? অসমীয়া ভাষাত প্রত্যয়ৰ সংযোগত কেনেদৰে শব্দ সাধন হয়, উদাহৰণসহ দেখুওৱাঁ ।
নাইবাঃ
প্রত্যয় বুলিলে কি বুজা?
অসমীয়া ভাষাৰ প্রত্যয় কেইবিধ ? এই প্রত্যয়সমূহৰ সংযোগত অসমীয়া ভাষাৰ শব্দ সাধনৰ
বিষতে উদাহৰণসহ আলোচনা কৰা ।
উত্তৰঃ যিবোৰ সৰ্গই আন
প্রাকৃতিৰ লগত যোগ হৈ নতুন নতুন অৰ্থবহ শব্দৰ সাধন কৰিব পাৰে, সেইবোৰ সৰ্গকে
প্রত্যয় বোলে ।
যেনেঃ- ফুল + -অনি =
ফুলনি
খেতি + -অক = খেতিয়ক
খা + -অন = খাৱন
অনা- + অসমীয়া =
অনাঅসমীয়া
অসমীয়া ভাষাত প্রত্যয়ৰ
সংযোগত দুই ধৰণে শব্দৰ সাধন হয়ঃ-
১। মূল শব্দৰ আগত সৰ্গ
যোগ হৈ
আরু ২। মূল শব্দৰ পিছত
সৰ্গ যোগ হৈ
মূল শব্দৰ আগত যোগ হোৱা সৰ্গবোৰক উপসৰ্গ বা পূৰ্বসৰ্গ আরু মূল শব্দৰ
পিছত যোগ হোৱা সৰ্গবোৰক পৰসৰ্গ বোলে ।
যিহেতু শব্দ সাধনৰ এই সৰ্গবোৰকে প্রত্যয় বোলা হয় । সেইপিনৰ পৰা
অসমীয়া ভাষাৰ প্রত্যয়ক দুটা ভাগত ভগাব পাৰি-
১। পূৰ্ব প্রত্যয়
আরু ২। পৰ প্রত্যয়
(১) পূৰ্ব প্রত্যয়ঃ-
মূল শব্দৰ আগত যোগ হোৱা উপসৰ্গবোৰেই হৈছে পূৰ্ব প্রত্যয় । সংস্কৃতিৰ
প্র-, পৰা-, অপ-, নি-, সম-, নিৰ- আদি কুৰিটা উপসৰ্গৰ সংযোগত ক্রমে প্রহাৰ, পৰাজয়,
অপমান, নিয়ম, সংযোগ, নিৰ্দেশ আদি শব্দ সাধন হোৱাৰ উপৰিও অসমীয়া ভাষাত আন কেইবাটাও উপসৰ্গৰ
প্রয়োগ হয় ।
যেনেঃ-
বে- : বেদখল, বেআইন
আও- : আওমৰণ, আওবাট
অ- : অমিল, অসময়, অসমান
অনা- : অনাহক, অনাঅসমীয়া
বিনা- : বিনাশ্রম, বিনাদুখ
সহ- : সহকৰ্মী, সহ-উদৰ
ন- : নহয়, নকৰে
সু : সুকবি, সুনাম
(২) পৰ প্রত্যয়ঃ-
অসমীয়া ভাষাত মূল শব্দৰ পাছত যোগ হোৱা পৰসৰ্গ বা
পৰ প্রত্যয় দুই প্রকাৰৰ-
(ক) কৃৎ প্রত্যয় আরু (খ)
তদ্ধিৎ প্রত্যয়
(ক) কৃৎ প্রত্যয়ঃ-
ধাতুৰ পিছত যোগ হৈ যি
প্রত্যয়ে নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰে, তেনে প্রত্যয়কে কৃৎ প্রত্যয় বোলে ।
অসমীয়া ভাষাত ব্যৱহাৰ হোৱা কিছুমান কৃৎ প্রত্যয়ৰ ব্যৱহাৰ এনেধৰণৰ
ধাতু + কৃৎ প্রত্যয়
= নতুন অৰ্থবাচক শব্দ
বহু + -উৱা = বহুৱা
শো + -অন = শোৱ্ন
উজা / উজ্ + -অনি =
উজনি
নাচ্ + -অনী = নাচনী
কান্দ্ + -উৰা = কান্দুৰা
(খ) তদ্ধিৎ প্রত্যয়ঃ-
নামশব্দ বা প্রাতি পাদিকৰ
পিছত যোগ হৈ নতুন অৰ্থৰ শব্দৰ সৃষ্টি কৰা প্রত্যয়কে তদ্ধিৎ প্রত্যয় বোলে । অসমীয়া
ভাষা কিছুমান তদ্ধিৎ প্রত্যয়ৰ উদাহৰণ হৈছে-
নামশব্দ/প্রাতিপাদিক +
তদ্ধিৎ প্রত্যয় = নতুন অৰ্থবাচক শব্দ
খেত + -ই = খেতি
ধান + -অনি = ধাননি
ৰস + -আল = ৰসাল
ধাৰ + -উৱা = ধরুৱা
বেগ + -আই = বেগাই
সাধু + -তা = সাধুতা
গাঁও + -অলীয়া = গাঁৱলীয়া
উচ্চ + -তৰ = উচ্চতৰ
-এনেদৰে অসমীয়া ভাষাত প্রত্যয়ৰ সংযোগত শব্দ সাধন হয় ।
আৰ্হি প্রশ্নঃ-
(ক) অতি চমু
প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক-১)
১। ভাষাৰ আটাইতকৈ
ক্ষুদ্র উপাদানটো কি?
উত্তৰঃ ভাষাৰ আটাইতকৈ
ক্ষুদ্র উপাদানটো হ’ল- ধ্বনি ।
২। অসমীয়া ভাষাত
কেতিয়াবা কৰ্তা আরু কৰ্মকাৰকত কোনো বিভক্তি যোগ নহ’লে কি বিভক্তি যোগ হোৱা বুলি ধৰা
হয় ?
উত্তৰঃ -০(শূন্য)
বিভক্তি যোগ হোৱা বুলি ধৰা হয় ।
৩। অসমীয়া ভাষাত
পূৰ্বসৰ্গ বা উপসৰ্গই শব্দ সাধন কৰেনে?
উত্তৰঃ অসমীয়া ভাষাত
পূৰ্বসৰ্গ বা উপসৰ্গই শব্দ সাধন কৰে ।
যেনে- অ- + সমান = অসমান
অনা- + অসমীয়া =
অনাঅসমীয়া
বি- + পাক = বিপাক
৪। জতুৱা ঠাঁচৰ দুই
ধৰনৰ প্রয়োগ কি কি ?
উত্তৰঃ জতুৱা ঠাঁচৰ দুই
ধৰণৰ প্রয়োগ হৈছে-
(ক) সাধাৰণ অৰ্থ প্রকাশক
(খ) সম্প্রসাৰিত অৰ্থ
প্রকাশক
(খ) চমু প্রশ্নঃ
(প্রতিটো প্রশ্নৰ মূল্যাংক-২ অথবা ৩)
১। অসমীয়া ভাষাত
বিভক্তিবোৰক প্রধানতঃ কি কি ভাগত ভাগ কৰিব পাৰি ?
উত্তৰঃ অসমীয়া ভাষাৰ
বিভক্তিবোৰ ধাতুমূলীয়া আরু নামমূলীয় শব্দত যোগ হোৱা হিচাপে বিভক্তিবোৰৰ প্রধানতঃ
দুই ভাগত ভাগ কৰিব পাৰি-
(ক) ক্রিয়া বিভক্তি বা
ধাতুরূপৰ পুরুষবাচক বিভক্তি
আরু (খ) নামবিভক্তি ।
নামবিভক্তি আকৌ দুই
প্রকাৰৰঃ
(ক) সম্বন্ধবাচক শব্দৰ
পাছত যোগ হোৱা পুরুষবাচক বিভক্তি
আরু (খ) কাৰকবাচক
বিভক্তি বা শব্দ বিভক্তি
২। ক্রিয়াবিভক্তি
কাক বোলে ? দুটা উদাহৰণ দিয়াঁ ।
উত্তৰঃ পুরুষ অনুযায়ী
ধাতুৰ পিছত যোগ হোৱা বিভক্তিবোৰকেই ক্রিয়াবিভক্তি বোলে । ইহঁতক ধাতুরূপৰ পুরুষবাচক
বিভক্তি বুলিও কোৱা হয় । ইয়াৰ দুটা উদাহৰণ হৈছেঃ-
(ক) বৰ্তমান আরু অতীত
কালৰ প্রথম পুরুষৰ বিভক্তি –ওঁ;
যেনেঃ- মই খাওঁ (খা +
-ওঁ)
(খ) ভৱিষ্যৎ কালৰ প্রথম
পুরুষৰ বিভক্তি –ইম্ ।
যেনেঃ- মই/আমি কামটো কৰিম
(কৰ্ + -ইম্)
৩। পৰ প্রত্যয় বা পৰসৰ্গক
কি কি দুটা ভাগত ভাগ কৰিব পাৰি ?
উত্তৰঃ পৰপ্রত্যয় বা পৰসৰ্গক
দুটা ভাগত ভাগ কৰিব পাৰি । সেয়া
হৈছে-
(ক) কৃৎ প্রত্যয় আরু (খ)
তদ্ধিৎ প্রত্যয়
(গ) দীঘল প্রশ্নঃ
(প্রতিটো প্রশ্নৰ মূল্যাংক -৪ অথবা ৫)
১। ব্যাকৰণৰ
উপাদানসমূহৰ বিষয়ে আলোচনা কৰা ।
উত্তৰঃ কোনো এটা ভাষাৰ
গঠন পদ্ধতিৰ বিজ্ঞানসন্মত আরু তন্ন তন্ন বিচাৰ বিশ্লেষণেই সেই ভাষাটোৰ ব্যাকৰণ ।
ব্যাকৰণৰ ভাষাৰ গঠন পদ্ধতিৰ চাৰিটা উপাদান (ধ্বনি, শব্দ, বাক্য আরু অৰ্থ)ৰ ভিতৰত
ধ্বনি, শব্দ বা রূপ আরু বাক্য- এই তিনিটা উপাদানৰ বিষয়ে আলোচনা কৰা হয় ।
(ক) ধ্বনিঃ-
ধ্বনি হৈছে ভাষাৰ আটাইতকৈ ক্ষুদ্র উপাদান । মানুহে শ্বাস-প্রশ্বাস
লওঁতে হাওঁফাওঁলৈ বায়ু সোমায় আরু হাওঁফাওঁৰ পৰা বায়ু ওলাই আহে । এই বায়ুপ্রবাহক
বাগিন্দ্রিয়ৰ অন্তৰ্গত অংগ ওঁঠ আরু জিভাৰ সহায়ত দাঁত, তালু আদি অংগবোৰত ৰোধ বা
নিয়ন্ত্রণ কৰাৰ ফলত যি নাদৰ সৃষ্টি হয়, তাকে ধ্বনি বা বাগ্ধ্বনি বোলে ।
ধ্বনিৰ বিশিষ্ট রূপক বৰ্ণ বোলে । আনহাতে আখৰ হৈছে ধ্বনি বুজাবলৈ
ব্যৱহাৰ কৰা চিহ্ন বা প্রতীক ।
(খ) শব্দঃ
এক বা একাধিক বৰ্ণৰে গঠিত ভাষাৰ অৰ্থযুক্ত গোটকে শব্দ বোলে ।
যেনেঃ- মানুহ, ঘৰ, গছ,
নদী, ই, সি, ইত্যাদি ।
কেতিয়াবা দুটা ভিন্ন
অৰ্থযুক্ত শব্দ লগ লাগিও অন্য অৰ্থযুক্ত বেলেগ এটা শব্দ গঠন হয় ।
যেনেঃ- তল-সৰা, তলা-নলা,
চুক-ভেকুলী আদি ।
(গ) বাক্যঃ-
পৰস্পৰ সম্বন্ধযুক্ত শব্দ সমষ্টিয়ে একোটা মনোভাৱ সম্পূৰ্ণকৈ প্রকাশ
কৰিব পৰা ভাষাৰ আটাইতকৈ ডাঙৰ উপাদানবিধেই হৈছে বাক্য । অৱশ্যে পূৰ্ব প্রসঙ্গ
থাকিলে কেতিয়াবা এটা শব্দৰেও বাক্য গঠন হ’ব পাৰে ।
যেনেঃ- তুমি ক’লৈ যোৱা ? (তিনিটা শব্দযুক্ত বাক্য)
গুৱাহাটীলৈ । (এটা শব্দৰে
গঠিত বাক্য)
২। তলৰ শব্দবোৰত কি
প্রত্যয় যোগ হৈছে ভাঙি দেখুওৱা ।
উত্তৰঃ খেতি, খাৱন,
লিখক, ধাননি, কান্দুৰা
উত্তৰঃ খেতি = খেত্ +
-ই (তদ্ধিৎ প্রত্যয়)
খাৱন + খা + -অন (কৃৎ
প্রত্যয়)
লিখক = লিখ্ + -অক (কৃৎ
প্রত্যয়)
ধাননি = ধান + -অনি
(তদ্ধিৎ প্রত্যয়)
কান্দুৰা = কান্দ্ + -উৰা
(কৃৎ প্রত্যয়)
অতিৰিক্ত প্রশ্নঃ-
১। তলৰ শব্দবোৰৰ
প্রত্যয় ভাঙি কি প্রত্যয় যোগ হৈছে দেখুওৱা ।
উত্তৰঃ
বহুৱা = বহ্ + -উৱা (কৃৎ
প্রত্যয়)
শোৱন + শো + -অন (কৃৎ
প্রত্যয়)
উজনি = উজা/উজ্ + অনি (কৃৎ
প্রত্যয়)
মগনিয়াৰ = মাগ্/মগ্ +
-অনিয়াৰ (কৃৎ প্রত্যয়)
নাচনী = নাচ্ + -অনি (কৃৎ
প্রত্যয়)
খেতি = খেত্ + -ই (তদ্ধিৎ প্রত্যয়)
ৰসাল = ৰস + -আল (তদ্ধিৎ
প্রত্যয়)
ধরুৱা = ধাৰ + -উৱা (তদ্ধিৎ
প্রত্যয়)
বেগাই = বেগ + -আই (তদ্ধিৎ
প্রত্যয়)
সাধুতা = সাধু + -তা (তদ্ধিৎ
প্রত্যয়)
বেআইন = বে- + আইন (পূৰ্ব
প্রত্যয়)
আওমৰণ = আও- + মৰণ (পূৰ্ব
প্রত্যয়)
আওবাট = আও + বাট (পূৰ্ব
প্রত্যয়)
অমিল = অ- + মিল (পূৰ্ব
প্রত্যয়)
অসময় = অ- + সময় (পূৰ্ব
প্রত্যয়)
অকামিলা = অ- + কামিলা (পূৰ্ব
প্রত্যয়)
অনাহক = অনা- + হক (পূৰ্ব
প্রত্যয়)
বিজাত = বি- + জাত (পূৰ্ব
প্রত্যয়)
নাখায় = ন- + খায় (পূৰ্ব
প্রত্যয়)
সুকবি = সু- + কবি (পূৰ্ব
প্রত্যয়)
নিদিয়ে + ন- + দিয়ে (পূৰ্ব
প্রত্যয়)
বিনাশ্রম = বিনা- + শ্রম
(পূৰ্ব প্রত্যয়)
ল’ৰালি = ল’ৰা + -অলি (তদ্ধিৎ
প্রত্যয়)
খেতিয়ক = খেতি + -অক (তদ্ধিৎ
প্রত্যয়)
নাৱৰীয়া = নাও + -অৰীয়া (তদ্ধিৎ
প্রত্যয়)
কাঠনি = কাঠ + -অনি (তদ্ধিৎ
প্রত্যয়)
নিম্নতৰ = নিম্ন + -তৰ (তদ্ধিৎ
প্রত্যয়)
গুরুতৰ = গুরু + -তৰ (তদ্ধিৎ
প্রত্যয়)
দীৰ্ঘতম = দীৰ্ঘ + -তম (তদ্ধিৎ
প্রত্যয়)
দেখুৱা = দেখ্ + -উৱা (কৃৎ
প্রত্যয়)
নচুৱা = নাচ্ + -উৱা (কৃৎ
প্রত্যয়)
কৰোৱা = কৰ্ + -ওৱা (কৃৎ
প্রত্যয়)
খোৱা = খা + -আ (কৃৎ
প্রত্যয়)
ধোৱা = ধো + আ (কৃৎ
প্রত্যয়)
ফুলাম = ফুল + আম (তদ্ধিৎ
প্রত্যয়)
রূপহ = রূপ + অহ (তদ্ধিৎ
প্রত্যয়)
গাঁৱলীয়া = গাওঁ +
-অলীয়া (তদ্ধিৎ প্রত্যয়)
কপাহী = কপাহ + -ঈ (তদ্ধিৎ
প্রত্যয়)
মৰমিয়াল = মৰম + -ইয়াল (তদ্ধিৎ
প্রত্যয়)
নদীয়াল = নদী + -ইয়াল (তদ্ধিৎ
প্রত্যয়)
ভালৰি = ভাল + -অৰি (তদ্ধিৎ
প্রত্যয়)
মূৰ্খামি = মূৰ্খ + -আমি
(তদ্ধিৎ প্রত্যয়)
লগৰী = লগ + -অৰী (তদ্ধিৎ
প্রত্যয়)
ভণ্ডামি = ভণ্ড + -আমি (তদ্ধিৎ
প্রত্যয়)
ভুকুৱা = ভুকু + -আ (তদ্ধিৎ
প্রত্যয়)
মৰিয়া = মৰি + -আ(তদ্ধিৎ
প্রত্যয়)
গুৰিয়া = গুৰ + -ইয়া (তদ্ধিৎ
প্রত্যয়)
চৰিয়া = চৰ + -ইয়া (তদ্ধিৎ
প্রত্যয়)
তপতা = তপত + -আ (তদ্ধিৎ
প্রত্যয়)
ভগা = ভাগ +-আ (তদ্ধিৎ
প্রত্যয়)
খাৱন = খা + -অন (কৃৎ
প্রত্যয়)
মাগন = মাগ্ + -অন (কৃৎ
প্রত্যয়)
শোৱন = শো + -অন (কৃৎ
প্রত্যয়)
ৰান্ধনি = ৰান্ধ্ +
-অনি (কৃৎ প্রত্যয়)
শিকারু + শিক্ + -আরু (কৃৎ
প্রত্যয়)
খুন্দনা = খুন্দ্ +
-অনা (কৃৎ প্রত্যয়)
লাগতিয়াল = লাগ + অতিয়াল
(কৃৎ প্রত্যয়)
সাঁচতীয়া = সাঁচ + অতীয়া
(কৃৎ প্রত্যয়)
দেখনিয়াৰ = দেখ্ +
অনিয়াৰ (কৃৎ প্রত্যয়)
কৰা = কৰ্ + আ (কৃৎ
প্রত্যয়)
পঢ়া = পঢ় + আ (কৃৎ প্রত্যয়)
দিয়া = দি + আ(কৃৎ
প্রত্যয়)
দিওঁতা = দি + ওঁত্ + আ
(কৃৎ প্রত্যয়)
পকিল = পক্ + ইল (কৃৎ
প্রত্যয়)
করোঁতা = কৰ্ + ওঁত্ +
আ (কৃৎ প্রত্যয়)
খাওঁতা = খা + ওঁত্ + আ
(কৃৎ প্রত্যয়)
ফুকননী = ফুকন + অনী (তদ্ধিৎ
প্রত্যয়)
নাগিনী = নাগ + ইনী (তদ্ধিৎ
প্রত্যয়)
চুরুনী = চোৰ + উনী (তদ্ধিৎ
প্রত্যয়)
বাঘিনী = বাঘ + ইনী (তদ্ধিৎ
প্রত্যয়)
জাতি = জাত + -ই (তদ্ধিৎ
প্রত্যয়)
পেটু = পেট্ + -উ (তদ্ধিৎ
প্রত্যয়)
মানুহজন = মানুহ + জন (তদ্ধিৎ
প্রত্যয়)
আকাশখন = আকাশ + খন (তদ্ধিৎ
প্রত্যয়)
ল’ৰাটো = ল’ৰা + টো (তদ্ধিৎ
প্রত্যয়)
গছডাল = গছ + ডাল (তদ্ধিৎ
প্রত্যয়)
সিহঁত = সি + হঁত (তদ্ধিৎ
প্রত্যয়)
আপোনালোক = আপোনা + লোক (তদ্ধিৎ
প্রত্যয়)
তৰাবোৰ = তৰা + বোৰ (তদ্ধিৎ
প্রত্যয়)
তিৰোতাগৰাকী = তৰোতা + গৰাকী
(তদ্ধিৎ প্রত্যয়)
কৰিছোঁ = কৰ্ + ইছ্ +
ওঁ (কৃৎ প্রত্যয়)
কৰিলা = কৰ্ + ইল + আ (কৃৎ
প্রত্যয়)
কৰিবি = কৰ্ + -ইব + ই (কৃৎ
প্রত্যয়)
ফুটিল = ফুট্ + ইল (কৃৎ
প্রত্যয়)
শিকাওঁতা = শিক্ + ওঁত্
+ আ (কৃৎ প্রত্যয়)
ঘৰখন = ঘৰ + খন (তদ্ধিৎ
প্রত্যয়)
লাগনী = লাগ্ + অনী (কৃৎ
প্রত্যয়)
অসমীয়া = অসম + ঈ + আ (তদ্ধিৎ
প্রত্যয়)
২। জতুৱা ঠাঁচ কাক
বোলে ? ‘জতুৱা’ শব্দটো ক’ৰ পৰা ব্যুৎপত্তি হৈছে ? জতুৱা ঠাঁচৰ দুই প্রকাৰৰ প্রয়োগ
কি কি আলোচনা কৰা । ১+১+৩=৫
উত্তৰঃ
জতুৱা ঠাঁচঃ-
দুটা বা ততোধিক শব্দ লগ
লাগি গঠন হোৱা ভাষাৰ যি গোটে কেৱল আভিধানিক অৰ্থ প্রকাশতেই সীমাবদ্ধ নাথাকি
সম্প্রসাৰিত অৰ্থ প্রকাশ কৰে, বরং কেতিয়াবা আভিধানিক অৰ্থৰ পৰিৱৰ্তে সম্প্রসাৰিত
অৰ্থহে মুখ্য হৈ পৰে, ভাষাৰ তেনে গোটকে জতুৱা ঠাঁচ বোলে ।
জতুৱা ঠাঁচ ভাষা এটাৰ স্বকীয় প্রকাশভংগী আরু অলংকাৰ স্বরূপ ।
‘জতুৱা’ শব্দটো ‘জাত’(জাতি) শব্দৰপৰা ব্যুৎপত্তি হৈছে ।
জতুৱা ঠাঁচৰ দুই ধৰণৰ
প্রয়োগ লক্ষ্য কৰা যায়-
(ক) সাধাৰণ অৰ্থ প্রকাশক
জতুৱা ঠাঁচ,
(খ) সম্প্রসাৰিত অৰ্থ
প্রকাশক জতুৱা ঠাঁচ
(ক) সাধাৰণ
অৰ্থ প্রকাশক জতুৱা ঠাঁচঃ-
নামশব্দৰ লগত ক্রিয়া বা আন শব্দ যোগ হৈ সাধাৰণ অৰ্থ প্রকাশক জতুৱা
ঠাঁচবোৰ সৃষ্টি হয় ।
যেনেঃ- আউল লাগ, ইতিকিং
কৰ, কঠীয়া পাৰ, দুৱূৰ মাৰ, ঘৰ সাজ, ফাঁকি দে আদি
(খ) সম্প্রসাৰিত
অৰ্থ প্রকাশক জতুৱা ঠাঁচঃ-
বিশেষ্য, বিশেষণ, ক্রিয়া
আদি শব্দবোৰ ভিন্ ভিন্কৈ বা একেলগে প্রয়োগ হৈ সম্প্রসাৰিত অৰ্থ প্রকাশক জতুৱা
ঠাঁচবোৰ গঠন হয় । এনে জতুৱা ঠাঁচ গঠিত হোৱা শব্দবোৰৰ সাধাৰণ অৰ্থ বা আভিধানিক অৰ্থ
তল পৰি সম্প্রসাৰিত অৰ্থটো প্রকাশি উঠে ।
যেনেঃ-
জতুৱা ঠাঁচ - অৰ্থ
কপাল ফুলা - সৌভাগ্য
উপস্থিত হোৱা
কঁকালত টঙালি বন্ধা -
কোনো কামলৈ সাজু হোৱা
চকু কপালত উঠা – আচৰিত
হোৱা
হিয়াৰ আমঠু – অতি মৰমৰ
হাত দীঘল – ক্ষমতাশালী,
প্রভাৱশালী
any mistakes found, inform through the below 'contact form'
God blessing you all...........
Be Happy!