তৃতীয় খণ্ড, প্রকল্প (Hypothesis), by Podmeswar

তৃতীয় খণ্ড, প্রকল্প (Hypothesis), by Podmeswar

 

অতি চমু উত্তৰঃ (১ নম্বৰৰ)

 

১। প্রকল্পৰ স্তৰ কেইটা?

উত্তৰঃ প্রকল্পৰ স্তৰ চাৰিটা ।

 

২। বিভিন্ন প্রকাৰৰ প্রকল্পবোৰ কি কি?

উত্তৰঃ ঘটনাৰ ভিন্নতা অনুসৰি প্রকল্প তিনি প্রকাৰৰ-

(ক) কৰ্তা সম্পৰ্কীয় প্রকল্প,

(খ) নিয়ম সম্পৰ্কীয় প্রকল্প,

(গ) পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্রকল্প

আধুনিক তৰ্কবিজ্ঞানী এল এছ ষ্টেবিঙৰ মতে বৈজ্ঞানিক অনুসন্ধান আরু গৱেষণাৰ গুরুত্ব অনুসৰি প্রকল্প তিনি প্রকাৰৰ-

(ক) ব্যাখ্যামূলক প্রকল্প,

(খ) বৰ্ণনামূলক প্রকল্প,

(গ) সাদৃশ্যমূলক প্রকল্প

ইয়াৰোপৰি, অনুসন্ধান কাৰ্য আৰম্ভ কৰাৰ বাবে গঠন কৰা প্রকল্প হ’ল- কাৰ্যকৰী প্রকল্প ।

 

৩। প্রকল্পৰ বিষয়বস্তু প্রকৃত কাৰণ, বা _____ ।

উত্তৰঃ প্রকল্পৰ বিষয়বস্তু প্রকৃত কাৰণ, বা আনুমানিক ধাৰণা ।

 

৪। ষ্টেবিঙৰ মতে প্রকল্প বিভিন্ন প্রকাৰবোৰ কি কি?

উত্তৰঃ ষ্টেবিঙৰ মতে প্রকল্প বিভিন্ন প্রকাৰবোৰ  হ’ল- 

(ক) ব্যাখ্যামূলক প্রকল্প,

(খ) বৰ্ণনামূলক প্রকল্প,

(গ) সাদৃশ্যমূলক প্রকল্প

 

৫। ‘প্রকল্প হ’ল এক দক্ষতাপূৰ্ণ কাৰ্য, আৱিষ্কাৰৰ প্রথম স্তৰ’- তুমি একমতনে ।

উত্তৰঃ হয়, মই এই সন্দৰ্ভত একমত ।

 

৬। ‘বিদ্যুৎ এবিধ জুলীয়া বস্তু’ ই কোন প্রকাৰৰ প্রকল্প উদাহৰণ?

উত্তৰঃ ‘বিদ্যুৎ এবিধ জুলীয়া বস্তু’ ই কাৰ্যকৰী প্রকাৰৰ প্রকল্প উদাহৰণ ।

 

৭। ‘প্রকল্প সদায়ে সাময়িক চৰিত্রৰ’ – শুদ্ধনে ।

উত্তৰঃ শুদ্ধ ।

 

৮। ‘অস্তিত্বশীল কাৰণৰ অৰ্থ/প্রকৃত অৰ্থ কি?

উত্তৰঃ  ‘অস্তিত্বশীল কাৰণৰ অৰ্থ/প্রকৃত অৰ্থ হৈছ্বে যাৰ অস্তিস্ত স্বীকাৰ কৰাটো যুক্তিসংগত আরু যাৰ অস্তিত্বৰ স্বীকৃতি আত্মবিৰোধী নহয় ।

 

৯। ভৱিষ্যৎবাণী কৰাৰ শক্তিটো হ’ল যথাৰ্থ/বৈধ প্রকল্পৰ এটা ____ ।

উত্তৰঃ ভৱিষ্যৎবাণী কৰাৰ শক্তিটো হ’ল যথাৰ্থ/বৈধ প্রকল্পৰ এটা প্রধান চৰ্ত

 

১০। বৰ্তমান সময়ত কাৰ মতে প্রকল্প তিনি প্রকাৰৰ ?

উত্তৰঃ বৰ্তমান সময়ত আধুনিক তৰ্কবিজ্ঞানী এল এছ ষ্টেবিঙৰ মতে প্রকল্প তিনি প্রকাৰৰ

 

১১। মিলৰ প্রকল্প সংজ্ঞাই দেখুওৱা প্রকল্পৰ প্রথম স্তৰটো কি?

উত্তৰঃ মিলৰ প্রকল্প সংজ্ঞাই দেখুওৱা প্রকল্পৰ প্রথম স্তৰটো হ’ল- প্রাকৃতিক ঘটনাৱলীৰ নিৰীক্ষণ ।

 

১২। তলত দিইয়া উক্তিবোৰৰ কোনটো শুদ্ধ ?

ক) প্রকল্প হ’ল বৈজ্ঞানিক অনুসন্ধানৰ শেষ স্তৰ

উত্তৰঃ শুদ্ধ ।

খ) প্রকল্পই নিৰীক্ষণ আরু পৰীক্ষণ অসম্ভৱ কৰি তুলে ।

উত্তৰঃ অশুদ্ধ ।

গ) প্রকল্প ঘটনা ব্যাখ্যাৰ সহায়ক ।

উত্তৰঃ শুদ্ধ ।

 

১৩। যথাৰ্থ/বৈধ প্রকল্পৰ এটা চৰ্ত উল্লেখ কৰা

উত্তৰঃ যথাৰ্থ/বৈধ প্রকল্পৰ এটা চৰ্ত হ’ল- প্রাসংগিকতা ।

 

১৪আগমনৰ উদ্দেশ্য কি ?

উত্তৰঃ আগমনৰ উদ্দেশ্য হ’ল- বিশেষ বিশেষ দৃষ্টান্ত কিছুমান সংগ্রহ কৰি প্রকৃতিৰ একরূপতা বিধি আরু কাৰ্য-কাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি যথাৰ্থ সামান্যবচন প্রতিষ্ঠা কৰে

 

১৫আগমনে প্রতিষ্ঠা কৰা যথাৰ্থ সামান্যবচনটো কেনে স্বভা‍ৱৰ হয় ?

উত্তৰঃ আগমনে প্রতিষ্ঠা কৰা যথাৰ্থ সামান্যবচনটো নিশ্চিত স্বভা‍ৱৰ হয় । অৰ্থাৎ বৈজ্ঞানিক হ’বলৈ হ’লে ই কাৰ্য-কাৰণ সম্বন্ধৰ ওপৰত প্রতিষ্ঠিত হ’বই লাগিব ।

 

১৬বৈজ্ঞানিক আগমনৰ মূল ভিত্তি কি?

উত্তৰঃ কাৰ্য-কাৰণ বিধি বৈজ্ঞানিক আগমনৰ মূল ভিত্তি ।

 

১৭মিলৰ প্রকল্পৰ সজ্ঞাটো লিখা ।

বা প্রকল্প কি?

উত্তৰঃ মিলৰ মতে, “প্রকল্প হৈছে বাস্তৱ তথ্যক অনুসৰণ কৰি কিছুমান সিদ্ধান্তত উপনীত হোৱাৰ উদ্দেশ্যে কোনো সঠিক প্রমাণ নোহোৱাকৈ অথবা অপৰ্যাপ্ত প্রমাণৰ ওপৰত নিৰ্ভৰ কৰি গঠন কৰা আনুমানিক ধাৰণা, যদি দেখা যায় যে সিদ্ধান্তবোৰৰ লগত জ্ঞাত সত্যৰ মিল আছে তেনেহ’লে এই ধাৰণাও সত্য হ’ব বা সত্য হোৱাৰ সম্ভাৱনা থাকিব ।” 

 

১৮মিলৰ প্রকল্পৰ সজ্ঞাটোৰ অন্তৰ্নিহিত স্তৰ কেইটা আরু কি কি?

অথবাঃ প্রকল্পৰ স্তৰ কেইটা আরু কি কি?

উত্তৰঃ মিলৰ প্রকল্পৰ সজ্ঞাটোৰ অন্তৰ্নিহিত স্তৰ চাৰি, সেইকেইটা হ’ল-

(ক) প্রাকৃতিক ঘটনাৱলীৰ নিৰীক্ষণ,

(খ) প্রকল্প গঠন,

(গ) সিদ্ধান্ত নিঃসৰণ অথবা নিগমনাত্মক পদ্ধতিৰ প্রয়োগেৰে সিদ্ধান্ত নিঃসৰণ

(ঘ) প্রামাণীকৰণ অথবা বাস্তৱ ঘটনাৰ লগত মিল আছে নে নাই লক্ষ্য কৰা

 

১৯ঘটনাৰ ভিন্নতা অনুসৰি তৰ্কবিজ্ঞানীসকলে প্রকল্পক কেইটাভাগত ভাগ কৰিছে আরু কি কি ?

উত্তৰঃ ঘটনাৰ ভিন্নতা অনুসৰি তৰ্কবিজ্ঞানীসকলে প্রকল্পক তিনিটাভাগত ভাগ কৰিছে আরু সেইকেইটা হ’ল-

(ক) কৰ্তা সম্পৰ্কীয় প্রকল্প,

(খ) নিয়ম সম্পৰ্কীয় প্রকল্প,

(গ) পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্রকল্প

 

২০বৈধ প্রকল্পৰ পাঁচটা চৰ্ত উল্লেখ কৰা

উত্তৰঃ বৈধ প্রকল্পৰ পাঁচটা মূল চৰ্ত হ’ল-

(ক) প্রাসংগিকতা, (খ) সত্যাপনীয়তা, (গ) সুপ্রতিষ্ঠিত, পূৰ্ব-প্রতিষ্ঠিত প্রকল্পৰ সৈতে সংগতিপূৰ্ণ আরু আত্ম সংগতিপূৰ্ণতা, (ঘ) প্রকল্প অনিদিৰ্ষ্ট, অস্পষ্ট, উদ্ভট বা কাল্পনিক হ’ব নালাগে, ই হ’ব লাগিব সুনিৰ্দিষ্ট, স্পষ্ট আরু ধাৰণাযোগ্য, (ঙ) ভৱিষ্যতবাণী কৰাৰ ক্ষমতা

 

২১ওৱেলটন আরু কাফেৰ মতে কাৰণ কি ? তেওঁলোকৰ মতে প্রকল্প কেইপ্রকাৰ আরু কি কি?

উত্তৰঃ ওৱেলটন আরু কাফেৰ মতে কৰ্তা আরু পাৰিপাৰ্শ্বিক একেলগে লগ লগাই কাৰণ বুলিব পাৰিতেওঁলোকৰ মতে, প্রকল্প দুই প্রকাৰৰসেয়া হ’ল- কাৰণ সম্পৰ্কীয় প্রকল্প আরু নিয়ম সম্পৰ্কীয় প্রকল্প ।

 

২২আধুনিক বিজ্ঞানৰ মতে বা এল এছ ষ্টেবিঙৰ মতে প্রকল্প কেইপ্রকাৰৰ আরু কি কি ?

উত্তৰঃ আধুনিক বিজ্ঞানৰ মতে বা এল এছ ষ্টেবিঙৰ মতে প্রকল্প তিনিপ্রকাৰৰসেয়া হ’ল-

(ক) ব্যাখ্যামূলক প্রকল্প, (খ) বৰ্ণনামূলক প্রকল্প আরু (গ) সাদৃশ্যমূলক প্রকল্প ।

 

২৩কিছুমানৰ মতে প্রকল্প এক প্রকাৰেই আরু ই হৈছে ________ ।

উত্তৰঃ কিছুমানৰ মতে প্রকল্প এক প্রকাৰেই আরু ই হৈছে নিয়ম সম্পৰ্কীয় প্রকল্প

 

 

চমু উত্তৰঃ (২ নম্বৰৰ)

 

১। প্রকল্পৰ সংজ্ঞা দিয়া ।

উত্তৰঃ তর্কবিজ্ঞানী মিলৰ মতে প্রকল্প হৈছে বাস্তৱ তথ্যক অনুসৰণ কৰি কিছুমান সিদ্ধান্তত উপনীত হোৱাৰ উদ্দেশ্য কোনো সঠিক প্রমাণ নোহোৱাকৈ অথবা অপৰ্যাপ্ত প্রমাণৰ ওপৰত নির্ভৰ কৰি গঠন কৰা আনুমানিক ধাৰণা, যদি দেখা যায় যে সিদ্ধান্তবোৰৰ লগত জ্ঞাত সত্যৰ মিল আছে তেনেহ’লে এই ধাৰণাও সত্য হ’ব বা সত্য হোৱাৰ সম্ভাৱনা থাকিব ।

 

২। কর্তা সম্পর্কীয় প্রকল্পৰ এটা উদাহৰণ দিয়া ।

উত্তৰঃ কোনো এখন ঘৰত চুৰি হ’ল । চোৰে কি পৰিস্থিতিত আরু কি নিয়মত চুৰি কৰিলে জানিব পৰা গৈছে । কিন্তূ কোনে চুৰ কৰিলে তাক জানিব পৰা যোৱা নাই ।  তেতিয়া, চুৰি কৰোতাজনৰ সম্পর্কে যি প্রকল্প গঠন কৰা হয় । তাকে কর্তাসম্পর্কীয় প্রকল্প বোলা হয় ।

 

৩। প্রকল্পৰ স্তৰ চাৰিটা কি কি?

উত্তৰঃ প্রকল্পৰ স্তৰ চাৰিটা হ’ল-

(ক) প্রাকৃতিক ঘটনাৱলীৰ নিৰীক্ষণ ।

(খ) প্রকল্প গঠন ।

(গ) সিদ্ধান্ত নিঃসৰণ ।

(ঘ) বাস্তৱ ঘটনাৰ লগত মিল আছে নে নাই লক্ষ্য কৰা

 

৪। কাৰ্যকৰী প্রকল্প বুলিলে কি বুজা ?

উত্তৰঃ যেতিয়া অধিক নির্ভৰযোগ্য প্রকল্পৰ অভাৱ হয় তেতিয়া সম্পূর্ণ স্বভাৱৰ বা সন্তোষজনক নহয় বুলি জানিও কেৱল অনুসন্ধান কাৰ্য চলাই যাবৰ বাবে যদি কোনো প্রকল্প গঠন কৰা হয়, তাকে কাৰ্যকৰী প্রকল্প বোলা হয় ।

    ষ্টেবিঙৰ মতে- কাৰ্যকৰী প্রকল্প হৈছে এনে এক প্রকল্প যি কেৱল অনুসন্ধান কাৰ্য চলাবলৈকে গঠন কৰা হয় ।

 

৫। বর্ণনামূলক প্রকল্প সংজ্ঞা দিয়া ।

উত্তৰঃ সাধাৰণতে অন্বেষণীয় জটিল ঘটনা বা তথ্যসমূহৰ সু-শৃংখলিত সম্বন্ধ নির্ণয় কৰিবলৈ সংকেত প্রদানৰ বাবে যি প্রকল্প ব্যৱহাৰ কৰা হয় । তাকে বর্ণনামূলক প্রকল্প বোলে ।

    যি ঘটনা সম্পর্কে বৈজ্ঞানিকসকলে অনুসন্ধান চলায়, সেই সম্পর্কীয় ঘটনাসমূহৰ মাজত যথার্থ সম্বন্ধৰ আৰ্হি বা নমুনাভিত্তিক বর্ণনাৰে অগ্রসৰ হোৱাত সহায় কৰিবলৈ যি প্রকল্প গঠন কৰা হয়, তাকে বর্ণনামূলক প্রকল্প বোলে ।

 

৬। ব্যাখ্যামূলক প্রকল্প কি?

উত্তৰঃ ব্যাখ্যামূলক প্রকল্প হৈছে আটাইতকৈ সৰল প্রকল্প । কোনো এক ঘটনা ঘটিলে আন ঘটনাৰ অন্তৰ্বেশনৰ দ্বাৰা ঘটনাটো ব্যাখ্যা কৰাৰ বাবে যি প্রকল্প গঠন কৰা হয় । তাকে, ব্যাখ্যামূলক প্রকল্প বোলে ।

    উদাহৰণস্বরূপে- কোনো এখন ঘৰত কোনো বস্তু নোহোৱা হ’লে ইয়াক ব্যখ্যা কৰিবৰ বাবে চুৰিৰ ঘটনাটো ধাৰণা কৰি লোৱা হয় ।

 

৭। পৰ্যবেক্ষণক প্রকল্পৰ কিয় প্রথম স্তৰ বোলা হয় ?

উত্তৰঃ পৰ্যবেক্ষণক প্রকল্পৰ প্রথম স্তৰ বোলা হয় । কাৰণ, পৰ্যবেক্ষণৰ জৰিয়তে ব্যাখ্যা কৰিবলগীয়া বিষয়ৰ পৰিচয় ঘটে । এই পৰিচয়ৰ ফলত ঘটনাসমূহ সম্পর্কে মনত প্রশ্ন জাগে আরু ঘটনাসমূহ ব্যাখ্যা কৰাৰ প্রয়োজনীয়তা উপলব্ধি কৰা হয় ।

 

৮। প্রকল্প প্রতিষ্ঠিত সত্যৰ বিৰোধী হ’ব নালাগে— কিয়?

উত্তৰঃ

 

৯। চৰম দৃষ্টান্ত বুলিলে কি বুজা?

উত্তৰঃ ঘটনাৰ লগত যুক্ত যি বিশিষ্ট দৃষ্টান্ত বা লক্ষণ নির্ণয় সহায়ত দুই বা ততোধিক প্রতিদ্বন্দ্বী প্রকল্পৰ ভিতৰত মাত্র এটাক ঘটনাৰ সন্তোষজনক ব্যাখ্যা হিচাপে অর্থাৎ অপ্রতিদ্বন্দ্বী প্রকল্প হিচাবে নির্বাচন কৰি আনবোৰক বর্জন কৰা সম্ভৱ হয়, সেই দৃষ্টান্ত বা লক্ষণক ‘চৰম দৃষ্টান্ত’ বা ‘নির্ণায়ক দৃষ্টান্ত’ বোলা হয় ।

 

১০। প্রকল্পৰ বিভিন্ন প্রকাৰবোৰ কি কি?

উত্তৰঃ ঘটনাৰ ভিন্নতা অনুসৰি প্রকল্প তিনি প্রকাৰৰ-

(ক) কৰ্তা সম্পৰ্কীয় প্রকল্প,

(খ) নিয়ম সম্পৰ্কীয় প্রকল্প,

(গ) পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্রকল্প

আধুনিক তৰ্কবিজ্ঞানী এল এছ ষ্টেবিঙৰ মতে বৈজ্ঞানিক অনুসন্ধান আরু গৱেষণাৰ গুরুত্ব অনুসৰি প্রকল্প তিনি প্রকাৰৰ-

(ক) ব্যাখ্যামূলক প্রকল্প,

(খ) বৰ্ণনামূলক প্রকল্প,

(গ) সাদৃশ্যমূলক প্রকল্প

ইয়াৰোপৰি, অনুসন্ধান কাৰ্য আৰম্ভ কৰাৰ বাবে গঠন কৰা প্রকল্প হ’ল- কাৰ্যকৰী প্রকল্প ।

 

১১। বিষয়-বস্তু অনুসৰি প্রকল্প কেই প্রকাৰৰ আরু সেইবোৰ কি কি?

উত্তৰঃ

 

 

চমু উত্তৰ (৩ নম্বৰৰ)

নিয়ম সম্পর্কীয় প্ৰকল্পৰ উদাহৰণসহ সংজ্ঞা দিয়া

উত্তৰঃ কোনো এক ঘটনাৰ কৰ্তা বা কাৰণ সম্পর্কে জনা আছে, কিন্তূ কিভাৱে বা কি অনুসৰি কৰ্তাই ঘটনাটো ঘটালে সেয়া জনা নাথাকিলে অজ্ঞাত এই নিয়ম সম্পর্কে যি প্রকল্প গঠন কৰা হয় । তাকে নিয়ম সম্পর্কীয় প্রকল্প বোলে ।

    উদাহৰণস্বরূপে- এখন ঘৰত চুৰি হ’ল । কোনে চুৰ কৰিছে আমাৰ জ্ঞাত বা জানো । কিন্তূ কি পদ্ধতি অৱলম্বন কৰি চুৰ কৰিছে তাক জানিব পৰা হোৱা নাই । এনে পৰিস্থিতিত, এই অজ্ঞাত পদ্ধতি সম্পর্কে যি প্রকল্প গঠন কৰা হয়, তাকে নিয়ম সম্পর্কীয় প্রকল্প বোলা হয় ।

 

২। সাদৃশ্যমূলক প্রকল্প কি?

উত্তৰঃ সাদৃশ্যমূলক প্রকল্প হৈছে এনে এক প্রকল্প য’ত ধাৰণা কৰা হয় যে কোনো এক শ্রেনীৰ ক্ষেত্রত যি সত্য হয়, সেয়া আন এক ঘটনা শ্রেণীৰ ক্ষেত্রতো সত্য হ’ব, যদিহে দুয়ুটা শ্রেণীৰ কিছুমান নিৰ্দিষ্ট সাধাৰণ আরু আকাৰগত ধর্ম থাকে ।

    উদাহৰণস্বরূপে- মেক্সৱেল আরু আন বহুতো বিজ্ঞানীয়ে পোহৰ সম্পর্কীয় সূত্র, বিদ্যুৎ চুম্বকীয় সূত্র, বিজ্ঞানভিত্তিক তথ্য, বৈদ্যুতিক স্থিতি আদিৰ আৱিষ্কাৰ আদি সাদৃশ্যমূলক প্রকল্পৰ সহায়ত সাধন কৰিছিল ।  

 

৩। প্রকল্পৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা

উত্তৰঃ প্রকল্পৰ তিনিটা বৈশিষ্ট্য হ’ল-

(ক) প্রকল্প এটা আনুমানিক ধাৰণা ।

(খ) প্রকল্প ধাৰণা কৰোতে তাৰ সমর্থনত সঠিক প্রমাণ পোৱা নাই বা কিবা পালেও ই পৰ্যাপ্ত নহয় বা সম্পূর্ণ নির্ভৰযোগ্য নহয় ।

(গ) প্রকল্পৰ ধাৰণা গঠন কৰাৰ উদ্দেশ্য হৈছে এনে ধাৰণাৰ পৰা জ্ঞাত বাস্তৱ সত্য অনুসৰি কিছুমান সিদ্ধান্তত উপনীত হোৱা ।

(ঘ) প্রকল্প সিদ্ধান্তসমূহৰ সৈতে জ্ঞাত সত্য অর্থাৎ বাস্তৱ ঘটনাৰ মিল থাকিলে ধাৰণাটো সত্য হ’ব বা সত্য হোৱাৰ সম্ভাৱনা থাকে ।

 

৪। অস্তিত্বশীল কাৰণৰ বিষয়ে চমু টোকা লিখা

উত্তৰঃঅস্তিত্বশীল কাৰণ বুলি ক’লে যি কাৰণৰ অস্তিত্ব ইন্দ্রিয়ৰ জৰিয়তে প্রত্যক্ষ কৰা যায়, তেনেবোৰ কাৰণকে বুজোৱা হয় ।

    অস্তিত্বশীল কাৰণ বুলিলে যিবোৰ কাৰণৰ অস্তিত্ব ইন্দ্রিয়গ্রাহ্য আরু লগতে যিবোৰ ইন্দ্রিয়গ্রাহ্য নহ’ব বাবে পৰোক্ষভাৱে ইয়াৰ অস্তিত্ব জানিব পাৰি, সেই সকলোবোৰ কাৰণক সামৰি লয় ।

    অস্তিত্বশীল কাৰণৰ প্রকৃত অর্থ এইয়ে যে যাৰ অস্তিত্ব স্বীকাৰ কৰাটো যুক্তিসংগত আরু যাৰ অস্তিত্বৰ স্বীকৃতি আত্মবিৰোধী নহয় ।

    উদাহৰণস্বরূপে- নিউটনে কোনো ঘটনাৰ বৈজ্ঞানিক ব্যাখ্যাৰ ক্ষেত্রত অস্তিত্বশীল কাৰনৰ ওপৰত অধিক গুরুত্ব আৰোপ কৰিছিল ।

 

৫। বৈধ প্রকল্পৰ তিনিটা চৰ্ত লিখা ।

উত্তৰঃ বৈধ প্রকল্পৰ তিনিটা চৰ্ত হ’ল-

(ক) বৈধ প্রকল্পৰ ‘প্রাসংগিকতা’ থাকিব লাগিব ।

(খ) বৈধ প্রকল্প সদায় সত্যাপনীয় হ’ব লাগে অর্থাৎ সত্য বা অসত্য বুলি প্রমাণ হোৱাৰ যোগ্যতা থাকিব লাগিব ।

(গ) বৈধ প্রকল্প সুপ্রতিষ্ঠিত, পূর্ব-প্রতিষ্ঠিত প্রকল্পৰ সৈতে সংগতিপূর্ণ আরু আত্ম সংগতিপূর্ণতা হ’ব লাগিব ।

 

৬। কর্তা সম্পৰ্কীয় প্রকল্পৰ উদাহৰণসহ সংজ্ঞা দিয়া ।

উত্তৰঃ   কোনো এক ঘটনা কিভাৱে আরু কি নয়মত ঘটিল সেয়া জনা হৈছে । কিন্তূ কোনে ঘটালে অর্থাৎ ঘটনাটোৰ কর্তা কোন জনা নাই । এনে পৰিস্থিতিত ঘটনাটোৰ কর্তা সম্পর্কে মনত যি ধাৰণাৰ উদয় হয়, তাকে কর্তাসম্পর্কীয় প্রকল্প বোলে ।

    উদাহৰণস্বরূপে- কোনো এখন ঘৰত চুৰি হ’ল । চোৰে কি পৰিস্থিতিত আরু কি নিয়মত চুৰি কৰিলে জানিব পৰা গৈছে । কিন্তূ কোনে চুৰ কৰিলে তাক জানিব পৰা যোৱা নাই ।  তেতিয়া, চুৰি কৰোতাজনৰ সম্পর্কে যি প্রকল্প গঠন কৰা হয় । তাকে কর্তাসম্পর্কীয় প্রকল্প বোলা হয় ।

 

৭। সাদৃশ্যমূলক প্রকল্প কি? উদাহৰণ দিয়া ।

উত্তৰঃ সাদৃশ্যমূলক প্রকল্প হৈছে এনে এক প্রকল্প য’ত ধাৰণা কৰা হয় যে কোনো এক শ্রেনীৰ ক্ষেত্রত যি সত্য হয়, সেয়া আন এক ঘটনা শ্রেণীৰ ক্ষেত্রতো সত্য হ’ব, যদিহে দুয়ুটা শ্রেণীৰ কিছুমান নিৰ্দিষ্ট সাধাৰণ আরু আকাৰগত ধর্ম থাকে ।

    উদাহৰণস্বরূপে- মেক্সৱেল আরু আন বহুতো বিজ্ঞানীয়ে পোহৰ সম্পর্কীয় সূত্র, বিদ্যুৎ চুম্বকীয় সূত্র, বিজ্ঞানভিত্তিক তথ্য, বৈদ্যুতিক স্থিতি আদিৰ আৱিষ্কাৰ আদি সাদৃশ্যমূলক প্রকল্পৰ সহায়ত সাধন কৰিছিল । 

 

দীঘলীয়া উত্তৰঃ (৪ নম্বৰৰ)

 

১। প্রকল্পৰ চাৰিটা স্তৰ কি কি? চমুকৈ ব্যাখ্যা কৰা

উত্তৰঃ প্রকল্প সাধাৰণতে চাৰিটা স্তৰৰ জৰিয়তে সম্পাদন হয় । এই স্তৰকেইটা হৈছে-

(ক) প্রাকৃতিক ঘটনাৱলীৰ নিৰীক্ষণঃ

    প্রাকৃতিক ঘটনাৱলীৰ নিৰীক্ষণৰ মাধ্যমেৰে প্রথমে ব্যাখ্যা কৰিবলগীয়া বিষয়ৰ পৰিচয় ঘটে । এই পৰিচয়ৰ ফলত ঘটনাসমূহৰ সম্পর্কে মনত প্রশ্ন জাগে আরু ঘটনাসমূহ ব্যাখ্যা কৰাৰ প্রয়োজনীয়তা উপলব্ধি কৰা হয় ।

    উদাহৰণস্বরূপে- গছৰ পৰা আপেল এটা পোনে পোনে মাটিত সৰি পৰা দেখি নিউটনৰ মনত প্রশ্ন জাগিছিল- আপেলটো কিয় মাটিত সৰি পৰিল?

 

(খ) প্রকল্প গঠনঃ

    প্রকল্পৰ দ্বিতীয় স্তৰ হিচাপে, সম্ভাব্য কাৰণ সম্বন্ধে যি আনুমানিক ধাৰণা কৰা হয়, সেয়াই হৈছে প্রকল্প গঠন । 

    উদাহৰণস্বরূপে- নিৰীক্ষণৰ ওপৰত নির্ভৰ কৰি নিউটনে প্রকল্প গঠন কৰিলে যে মাটিত আপেল সৰি পৰাৰ কাৰণ হৈছে পৃথিৱীৰ আকৰ্ষণৰ ফলত আপেলটো মাটিত সৰি পৰিছে ।

 

(গ) নিগমাত্মক পদ্ধতিৰ প্রয়োগেৰে সিদ্ধান্ত নিঃসৰণঃ

    প্রকল্পৰ তৃতীয় স্তৰত, আনুমানিক ধাৰণা বা সম্ভাব্য কাৰণৰ পৰা কিছুমান সিদ্ধান্ত নিঃসৰণ কৰা হয় ।

    উদাহৰণস্বরূপে- পৃথিৱীৰ আকৰ্ষণ শক্তি সম্পর্কীয় ধাৰণাৰ ওপৰত নির্ভৰ কৰি নিউটনে সিদ্ধান্ত নিঃসৰণ কৰে যে ‘সকলো জড়বস্তু যেনে- পৃথিৱী, সূৰ্য, চন্দ্র আদিৰ ভিতৰতো আকৰ্ষণ আছে ।

 

(ঘ) প্রামাণীকৰণঃ

    প্রকল্পৰ চতুর্থ স্তৰত, নিগমনাত্মক পদ্ধতিৰে নিঃসৰণ কৰা সিদ্ধান্তবোৰৰ প্রামাণ্য পৰীক্ষা কৰা হয় । যদিহে এনে ধাৰণাৰ পৰা নিঃসৃত হোৱা সিদ্ধান্তবোৰৰ সৈতে বাস্তৱ ঘটনাৰ মিল থাকে, তেন্তে ধাৰণাটো সত্য হ’ব নাইবা সত্য হোৱাৰ সম্ভাৱনা থাকিব আরু যদিহে মিল নাথাকে তেনেহ’লে ই অসত্য হ’ব । তেতিয়া, ইয়াক বর্জন কৰি নতুন প্রকল্প গঠন কৰা হয় ।  

    উদাহৰণস্বরূপে- নিউটনে পৃথিৱীৰ শক্তি সম্পর্কীয় ধাৰণাৰ ওপৰত প্রমাণ কৰি দেখুৱালে যে পৃথিৱীৰ আকৰ্ষণৰ ফলত চন্দ্রই পৃথিৱীক আৱৰ্ত্তন কৰি আছে, সূৰ্যৰ আকৰ্ষণৰ ফলত পৃথিৱীয়ে সূৰ্যক আৱৰ্ত্তন কৰি আছে আদি ।

 

২। ব্যাখ্যামূলক প্রকল্প আরু বৰ্ণনামূলক প্রকল্পৰ মাজৰ পার্থক্য নিরূপণ কৰা

উত্তৰঃ ব্যাখ্যামূলক প্রকল্প আরু বৰ্ণনামূলক প্রকল্পৰ মাজত কিছুমান পার্থক্য পৰিলক্ষিত হয় । ইয়াৰে উল্লেখযোগ্য পার্থক্যসমূহ হ’ল-

(ক) ব্যাখ্যামূলক প্রকল্প হৈছে আটাইতকৈ সৰল প্রকল্প ।

    আনহাতে, বৰ্ণনামূলক প্রকল্প সাধাৰণতে অন্বেষণীয় জটিল ঘটনা ।

(খ) কোনো এটা ঘটনা ঘটিলে আন ঘটনাৰ অন্তৰ্বেশনৰ দ্বাৰা ঘটনাটো ব্যাখ্যা কৰাৰ বাবে ব্যাখ্যামূলক প্রকল্প গঠন কৰা হয় ।

    আনহাতে, অন্বেষণীয় জটিল ঘটনা বা তথ্যসমূহৰ সু-শৃংখলিত সম্বন্ধ নিৰ্ণয় কৰিবলৈ সংকেত প্রদানৰ বাবে বৰ্ণনামূলক প্রকল্প ব্যৱহাৰ কৰা হয় ।

(গ) ব্যাখ্যামূলক প্রকল্পৰ মুখ্য উদ্দেশ্য হৈছে ঘটনাসমূহৰ ব্যাখ্যা প্রদান কৰা

    আনহাতে, বৰ্ণনামূলক প্রকল্পৰ মুখ্য উদ্দেশ্য হ’ল ঘটনাসমূহৰ সাংকৃতিক আভাস দিয়া ।

 

(ঘ) ব্যাখ্যামূলক প্রকল্পত ঘটনাটো কিয়, কিদৰে ঘটে তাক নিৰ্ণয় কৰিবলৈ বিচৰা হয় ।

    আনহাতে, বৰ্ণনামূলক প্রকল্পত চিত্রণ আরু লৈখিক চিত্রৰ সহায়ত ঘটনাৰ সংশ্লিষ্ট তথ্যসমূহৰ বৰ্ণনা দিয়া হয় ।

 

(ঙ) ঘৰত কোনো বস্তু নোহোৱা কথাৰ ব্যাখ্যা কৰিবলৈ, চুৰিৰ ঘটনাটো ধাৰণা কৰি লোৱা আদি কারু-কাৰ্যসমূহ ব্যাখ্যামূলক প্রকল্পৰ জৰিয়তে ব্যাখ্যা কৰা হয় ।

    আনহাতে, গ্রহ-নক্ষত্রসমূহৰ স্থিতি, গতি আদিক জ্যামিতিক চিত্রৰ সহায়ত বুজাই গাণিতিক ঘটনা আরু লেখৰ জৰিয়তে বৰ্ণনা কৰা কারু-কাৰ্যসমূহক বৰ্ণনামূলক প্রকল্পৰ জৰিয়তে প্রকাশ কৰা হয় ।  

 

৩। বৈধ প্রকল্পৰ চাৰিটা চৰ্ত উল্লেখ কৰা

উত্তৰঃ বৈধ প্রকল্পৰ চাৰিটা চৰ্ত তলত উল্লেখ কৰা হ’ল ।

(ক)প্রাসংগিকতাঃ

 বৈধ প্রকল্পৰ ‘প্রাসংগিকতা’ থাকিব লাগিব ।

    উদাহৰণস্বরূপে- অসমত হোৱা কলেৰাৰ কাৰণ হিচাপে চীনৰ দুৰ্ভিক্ষই কাৰণ বুলিলে প্রকল্পটো বৈধ নহ’ব ।

(খ) সত্যাপনীয়তাঃ

বৈধ প্রকল্প সদায় সত্যাপনীয় হ’ব লাগে অর্থাৎ সত্য বা অসত্য বুলি প্রমাণ হোৱাৰ যোগ্যতা থাকিব লাগিব ।

উদাহৰণস্বরূপে- কোনো এক শিশুক বিচাৰি নাপাই শিশুটিক ভূতে লৈ গৈছে বুলি ধাৰণা কৰিলে সেয়া অবৈধ প্রকল্প হ’ব । 

 

(গ)সু-প্রতিষ্ঠিত, পূৰ্ব-প্রতিষ্ঠিত প্রকল্পৰ সৈতে সংগতিপূৰ্ণ আরু আত্ম সংগতিপূৰ্ণতাঃ

বৈধ প্রকল্প সুপ্রতিষ্ঠিত, পূর্ব-প্রতিষ্ঠিত প্রকল্পৰ সৈতে সংগতিপূর্ণ আরু আত্ম সংগতিপূর্ণতা হ’ব লাগিব ।  

উদাহৰণস্বরূপে- ‘অতিৰিক্ত অধ্যয়নেই পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ কাৰণ’ বুলি ধাৰণা কৰা হয়, তেন্তে এনে ধাৰণাবোৰ আত্মবিৰোধী হ’ব বা স্ববিৰোধী হ’ব ।

 

  (ঘ) প্রকল্প অনিৰ্দিষ্ট, অস্পষ্ট, উদ্ভট বা কাল্পনিক হ’ব নালাগে, ই হ’ব লাগিব সুনিৰ্দিষ্ট, স্পষ্ট আরু ধাৰণাযোগ্যঃ

    এক অনিৰ্দিষ্ট, অস্পষ্ট প্রকল্পই অনুসন্ধানৰ দিশোত কোনো স্পষ্ট দিশ নির্দেশ নকৰে

    উদাহৰণস্বরূপে- কোনো এটা ল’ৰা ঘৰৰ পৰা সন্ধানহীন হ’লে ল’ৰাটোক পানীয়ে লৈ গ’ল বুলি ক’লে সেয়া অনিৰ্দিষ্ট, অস্পষ্ট, উদ্ভট বা কাল্পনিক হ’ব ।

 

(ঙ) ভৱিষ্যতবাণী কৰাৰ ক্ষমতাঃ

    যিকোনো প্রকল্পৰ ভৱিষ্যতবাণী কৰিব পৰা ক্ষমতা নিতান্ত প্রয়োজনীয় ।

    উদাহৰণস্বরূপে- কেপলাৰ বা গেলিলিওৰ প্রকল্পৰ তুলনাত নিউটনৰ মাধ্যাকৰ্ষণ শক্তিৰ সূত্র আরু গতি সংক্রান্ত তিনিটা নিয়মৰ ভৱিষ্যতবাণী আরু ব্যাখ্যা কৰাৰ শক্তি অধিক আছিল

 

৪। কাৰ্য্যকৰী প্রকল্পৰ বিষয়ে এটা চমু টোকা লিখা ।

উত্তৰঃ অধিক নিৰ্ভৰযোগ্য প্রকল্পৰ অভাৱত অসম্পূৰ্ণ স্বভাৱৰ বা সন্তোষজনক নহয় বুলি জানিও কেৱল মাত্র অনুসন্ধান কাৰ্যতো চলাই যাবৰ বাবে যদি কোনো প্রকল্প গঠ কৰা হয়, তেতিয়া তাক কাৰ্যকৰী প্রকল্প বোলে ।

    ষ্টেবিঙৰ মতে, ‘কাৰ্যকৰী প্রকল্প হৈছে এনে এক প্রকল্প যি কেৱল অনুসন্ধান কাৰ্য চলাবলৈ গঠন কৰা হয় ।’

    উদাহৰণস্বরূপে- ‘বিদ্যুৎ একজাতীয় তৰল পদাৰ্থ’- বিদ্যুতৰ স্বভাৱৰ সম্পর্কে গঠন কৰা এই প্রকল্প হৈছে কাৰ্যকৰী প্রকল্প । এই কাৰ্যকৰী প্রকল্পটো যথাৰ্থ নহ’ব পাৰে বুলি প্রথমৰ পৰাই সন্দেহ থাকিলেও বিজ্ঞানীসকলে সাময়িকভাৱে ইয়াৰ জৰিয়তে বিদ্যুতৰ স্বভাৱ অনুসন্ধানৰ পথত আগবাঢ়ি গৈছিল ।

    যেতিয়া ঘটনাৰ স্বরূপ ভালদৰে উপলব্ধি কৰা হয় । তেতিয়া কাৰ্যকৰী প্রকল্প পৰিত্যাগ কৰা হয় । লগতে, তাৰ ঠাইত অধিক নিৰ্ভৰযোগ্য আরু গ্রহণযোগ্য প্রকল্প গঠন কৰা হয় ।

 

৫। প্রকল্পৰ চাৰিটা প্রয়োজনীয়তা লিখা ।

উত্তৰঃ প্রকল্পৰ চাৰিটা প্রয়োজনীয়তা হ’ল এনেধৰণৰঃ

(ক) ভৱিষ্যতবাণী কৰাৰ ক্ষমতাৰ প্রয়োজনীয়তাঃ

    প্রকল্পই কোনো এক ঘটনা বা বিষয়ৰ ভৱিষ্যতবাণী প্রদান কৰি উদ্দেশ্য বা সিদ্ধান্তত উপনিত হোৱাত সহায় কৰা

(খ) অনুসন্ধান কাৰ্য চলাই নিবলৈঃ

    নির্ভৰযোগ্য সিদ্ধান্তৰ অভাৱত অনুসন্ধান কাৰ্য চলাই নিবৰ বাবে প্রকল্পৰ প্রয়োজন হয় ।

(গ) ঘটনাৰ ব্যাখ্যা কৰাৰ নিমিত্তেঃ

    ব্যাখ্যামূলক প্রকল্পৰ জৰিয়তে কোনো ঘটনা বা বিষয়ৰ ব্যাখ্যা আগবঢ়াব পাৰি

(ঘ) নভোমণ্ডলৰ বৰ্ণনা কৰাৰ ক্ষেত্রতঃ

    গ্রহ-নক্ষত্রসমূহৰ স্থিতি, গতি আদিক জ্যামিতিক চিত্রৰ সহায়ত বুজাই গাণিতিক ঘটনা আরু লেখৰ জৰিয়তে বৰ্ণনা কৰিবৰ বাবে বৰ্ণনামূলক প্রকল্পৰ প্রয়োজনীয়তা আহি পৰে

(ঙ) বিভিন্ন শ্রেণীৰ সাদৃশ্যমূলক সত্যতা প্রতিষ্ঠা কৰাৰ দিশতঃ

    সাদৃশ্যমূলক প্রকল্পৰ জৰিয়তে কোনো এক শ্রেণীৰ ক্ষেত্রত যি সত্য হয়, সেয়া অন্য এক ঘটনা শ্রেণীৰ ক্ষেত্রতো সত্য বুলি প্রতিষ্ঠা কৰাৰ ক্ষেত্রত সহায় কৰে

 

    এনেদৰে আমাৰ বাস্তৱিক জীৱনত প্রকল্পৰ প্রয়োজনীয়তা বিৰাজমান হৈ আছে ।   

 

দীঘলীয়া উত্তৰ (৫ নম্বৰৰ)

 

১। প্রকল্প কি? প্রকল্পৰ প্রকৃতি ব্যাখ্যা কৰা ।

উত্তৰঃ “প্রকল্প হৈছে বাস্তৱ তথ্যক অনুসৰণ কৰি কিছুমান সিদ্ধান্তত উপনীত হোৱাৰ উদ্দেশ্যে কোনো সঠিক প্রমাণ নোহোৱাকৈ অথবা অপৰ্যাপ্ত প্রমাণৰ ওপৰত নিৰ্ভৰ কৰি গঠন কৰা আনুমানিক ধাৰণা, যদি দেখা যায় যে সিদ্ধান্তবোৰৰ লগত জ্ঞাত সত্যৰ মিল আছে তেনেহ’লে এই ধাৰণাও সত্য হ’ব বা সত্য হোৱাৰ সম্ভাৱনা থাকিব ।” 

            প্ৰকল্পৰ সংজ্ঞা বিশ্লেষণ কৰিলে দেখা যায় যে-

(ক) প্ৰকল্প হৈছে এক আনুমানিক ধাৰণা ।

(খ) প্ৰকল্পৰ এই ধাৰণা কৰোতে তাৰ সমর্থনত সঠিক প্ৰমাণ পোৱা নাই বা কিবা পালেও ই পর্যাপ্ত নহয় বা সম্পূর্ণ নির্ভৰযোগ্য নহয় ।

(গ)প্রকল্পৰ এই ধাৰণা গঠন কৰৰ উদ্দেশ্য হৈছে এনে ধাৰণাৰ পৰা জ্ঞাত বাস্তৱ সত্য অনুসৰি কিছুমান সিদ্ধান্তত উপনীত হোৱা ।

(ঘ) প্রকল্পৰ এই সিদ্ধান্তসমূহৰ লগত জ্ঞাত সত্য অর্থাৎ বাস্তৱ ঘটনাৰ মিল থাকিলে ধাৰণাটো সত্য হ’ব বা সত্য হোৱাৰ সম্ভাৱনা থাকে ।

 

২। প্রকল্প কি? প্রকল্পৰ প্রয়োজনীয়তাবোৰ কি কি?

উত্তৰঃ “প্রকল্প হৈছে বাস্তৱ তথ্যক অনুসৰণ কৰি কিছুমান সিদ্ধান্তত উপনীত হোৱাৰ উদ্দেশ্যে কোনো সঠিক প্রমাণ নোহোৱাকৈ অথবা অপৰ্যাপ্ত প্রমাণৰ ওপৰত নিৰ্ভৰ কৰি গঠন কৰা আনুমানিক ধাৰণা, যদি দেখা যায় যে সিদ্ধান্তবোৰৰ লগত জ্ঞাত সত্যৰ মিল আছে তেনেহ’লে এই ধাৰণাও সত্য হ’ব বা সত্য হোৱাৰ সম্ভাৱনা থাকিব ।” 

    প্রকল্প বিভিন্ন ধৰণে প্রয়োজনীয়তাসমূহ উপলব্ধি হয় । ইয়াৰ ভিতৰত উল্লেখযোগ্য প্রয়োজনীয়তাসমূহ হ’ল-

(ক) ভৱিষ্যতবাণী কৰাৰ ক্ষমতাৰ প্রয়োজনীয়তাঃ

    প্রকল্পই কোনো এক ঘটনা বা বিষয়ৰ ভৱিষ্যতবাণী প্রদান কৰি উদ্দেশ্য বা সিদ্ধান্তত উপনিত হোৱাত সহায় কৰা

(খ) অনুসন্ধান কাৰ্য চলাই নিবলৈঃ

    নির্ভৰযোগ্য সিদ্ধান্তৰ অভাৱত অনুসন্ধান কাৰ্য চলাই নিবৰ বাবে প্রকল্পৰ প্রয়োজন হয় ।

(গ) ঘটনাৰ ব্যাখ্যা কৰাৰ নিমিত্তেঃ

    ব্যাখ্যামূলক প্রকল্পৰ জৰিয়তে কোনো ঘটনা বা বিষয়ৰ ব্যাখ্যা আগবঢ়াব পাৰি

(ঘ) নভোমণ্ডলৰ বৰ্ণনা কৰাৰ ক্ষেত্রতঃ

    গ্রহ-নক্ষত্রসমূহৰ স্থিতি, গতি আদিক জ্যামিতিক চিত্রৰ সহায়ত বুজাই গাণিতিক ঘটনা আরু লেখৰ জৰিয়তে বৰ্ণনা কৰিবৰ বাবে বৰ্ণনামূলক প্রকল্পৰ প্রয়োজনীয়তা আহি পৰে

(ঙ) বিভিন্ন শ্রেণীৰ সাদৃশ্যমূলক সত্যতা প্রতিষ্ঠা কৰাৰ দিশতঃ

    সাদৃশ্যমূলক প্রকল্পৰ জৰিয়তে কোনো এক শ্রেণীৰ ক্ষেত্রত যি সত্য হয়, সেয়া অন্য এক ঘটনা শ্রেণীৰ ক্ষেত্রতো সত্য বুলি প্রতিষ্ঠা কৰাৰ ক্ষেত্রত সহায় কৰে

 

    এনেদৰে আমাৰ বাস্তৱিক জীৱনত প্রকল্পৰ প্রয়োজনীয়তা বিৰাজমান হৈ আছে ।  

 

৩। প্রকল্প কি? বৈধ প্রকল্পৰ চৰ্তবোৰ কি কি?

উত্তৰঃ প্রকল্প হৈছে বাস্তৱ তথ্যক অনুসৰণ কৰি কিছুমান সিদ্ধান্তত উপনীত হোৱাৰ উদ্দেশ্যে কোনো সঠিক প্রমাণ নোহোৱাকৈ অথবা অপৰ্যাপ্ত প্রমাণৰ ওপৰত নিৰ্ভৰ কৰি গঠন কৰা আনুমানিক ধাৰণা, যদি দেখা যায় যে সিদ্ধান্তবোৰৰ লগত জ্ঞাত সত্যৰ মিল আছে তেনেহ’লে এই ধাৰণাও সত্য হ’ব বা সত্য হোৱাৰ সম্ভাৱনা থাকিব । 

    বৈধ প্রকল্পৰ উল্লেখযোগ্য চৰ্তবোৰ হৈছে এনেধৰণৰঃ

(ক)প্রাসংগিকতাঃ

 বৈধ প্রকল্পৰ ‘প্রাসংগিকতা’ থাকিব লাগিব ।

    উদাহৰণস্বরূপে- অসমত হোৱা কলেৰাৰ কাৰণ হিচাপে চীনৰ দুৰ্ভিক্ষই কাৰণ বুলিলে প্রকল্পটো বৈধ নহ’ব ।

(খ) সত্যাপনীয়তাঃ

বৈধ প্রকল্প সদায় সত্যাপনীয় হ’ব লাগে অর্থাৎ সত্য বা অসত্য বুলি প্রমাণ হোৱাৰ যোগ্যতা থাকিব লাগিব ।

উদাহৰণস্বরূপে- কোনো এক শিশুক বিচাৰি নাপাই শিশুটিক ভূতে লৈ গৈছে বুলি ধাৰণা কৰিলে সেয়া অবৈধ প্রকল্প হ’ব । 

 

(গ)সু-প্রতিষ্ঠিত, পূৰ্ব-প্রতিষ্ঠিত প্রকল্পৰ সৈতে সংগতিপূৰ্ণ আরু আত্ম সংগতিপূৰ্ণতাঃ

বৈধ প্রকল্প সুপ্রতিষ্ঠিত, পূর্ব-প্রতিষ্ঠিত প্রকল্পৰ সৈতে সংগতিপূর্ণ আরু আত্ম সংগতিপূর্ণতা হ’ব লাগিব ।  

উদাহৰণস্বরূপে- ‘অতিৰিক্ত অধ্যয়নেই পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ কাৰণ’ বুলি ধাৰণা কৰা হয়, তেন্তে এনে ধাৰণাবোৰ আত্মবিৰোধী হ’ব বা স্ববিৰোধী হ’ব ।

 

  (ঘ) প্রকল্প অনিৰ্দিষ্ট, অস্পষ্ট, উদ্ভট বা কাল্পনিক হ’ব নালাগে, ই হ’ব লাগিব সুনিৰ্দিষ্ট, স্পষ্ট আরু ধাৰণাযোগ্যঃ

    এক অনিৰ্দিষ্ট, অস্পষ্ট প্রকল্পই অনুসন্ধানৰ দিশোত কোনো স্পষ্ট দিশ নির্দেশ নকৰে

    উদাহৰণস্বরূপে- কোনো এটা ল’ৰা ঘৰৰ পৰা সন্ধানহীন হ’লে ল’ৰাটোক পানীয়ে লৈ গ’ল বুলি ক’লে সেয়া অনিৰ্দিষ্ট, অস্পষ্ট, উদ্ভট বা কাল্পনিক হ’ব ।

 

(ঙ) ভৱিষ্যতবাণী কৰাৰ ক্ষমতাঃ

    যিকোনো প্রকল্পৰ ভৱিষ্যতবাণী কৰিব পৰা ক্ষমতা নিতান্ত প্রয়োজনীয় ।

    উদাহৰণস্বরূপে- কেপলাৰ বা গেলিলিওৰ প্রকল্পৰ তুলনাত নিউটনৰ মাধ্যাকৰ্ষণ শক্তিৰ সূত্র আরু গতি সংক্রান্ত তিনিটা নিয়মৰ ভৱিষ্যতবাণী আরু ব্যাখ্যা কৰাৰ শক্তি অধিক আছিল

 

৪। ষ্টেবিঙৰ মতে বিভিন্ন প্রকাৰৰ প্রকল্পবোৰ কি কি? উদাহৰণসহ প্রত্যেকৰে ব্যাখ্যা কৰা ।

উত্তৰঃ আধুনিক তৰ্কবিজ্ঞানী এল এছ ষ্টেবিঙৰ মতে বৈজ্ঞানিক অনুসন্ধান আরু গৱেষণাৰ গুরুত্ব অনুসৰি প্রকল্প তিনি প্রকাৰৰ-

(ক) ব্যাখ্যামূলক প্রকল্প,

(খ) বৰ্ণনামূলক প্রকল্প,

(গ) সাদৃশ্যমূলক প্রকল্প

 

(ক) ব্যাখ্যামূলক প্রকল্পঃ

    কোনো এক ঘটনা ঘটিলে আন ঘটনাৰ অন্তৰ্বেশনৰ দ্বাৰা ঘটনাটো ব্যাখ্যা কৰিবৰ বাবে যি প্রকল্প গঠন কৰা হয়, তাকে ব্যাখ্যামূলক প্রকল্প বোলে ।

    উদাহৰণস্বরূপে- ঘৰত কোনো বস্তু নোহোৱা হ’লে ইয়াক ব্যাখ্যা কৰাৰ বাবে চুৰিৰ ঘটনাটো ধাৰণা কৰি লোৱাটো হৈছে ব্যাখ্যামূলক প্রকল্প ।

 

(খ) বৰ্ণনামূলক প্রকল্পঃ

    কোনো অন্বেষণীয় জটিল ঘটনা বা তথ্যসমূহৰ সু-শৃংখলিত সম্বন্ধ নির্ণয় কৰিবলৈ সংকেত প্রদানৰ বাবে যি প্রকল্প ব্যৱহাৰ কৰা হয়, তাকে বর্ণনামূলক প্রকল্প বোলে ।

    উদাহৰণস্বরূপে- গ্রহ-নক্ষত্রসমূহৰ স্থিতি, গতি আদিক জ্যামিতিম চিত্রৰ সহায়ত বুজাই গাণিতিক ঘটনা আরু লেখৰ জৰিয়তে বৰ্ণনামূলক প্রকল্পৰ গঠন কৰা হয় ।

 

৩। সাদৃশ্যমূলক প্রকল্পঃ

    যি প্রকল্পত ধাৰণা কৰা হয় যে কোনো এক শ্রেণীৰ ক্ষেত্রত যি সত্য হয়, আন এক ঘটনা শ্রেণীৰ ক্ষেত্রতো সেইটো সত্য হ’ব, যদিহে দুয়ুটা শ্রেণীৰে কিছুমান নিৰ্দিষ্ট সাধাৰণ, আকাৰগত ধর্ম আদি থাকে । তাকে সাদৃশ্যমূলক প্রকল্প বোলে ।

    উদাহৰণস্বরূপে-মেক্সৱেল আরু আন বহুতো বিজ্ঞানীয়ে বিদ্যুৎ চুম্বকীয় সূত্র, পোহৰ সম্পৰ্কীয় সূত্র, বৈদ্যুতিক স্থিতি, বিজ্ঞানভিত্তিক তথ্য আদিৰ আৱিষ্কাৰ সাদৃশ্যমূলক প্রকল্পৰ সহায়ত কৰিছিল ।

 

৫। প্রকল্প কি? ইয়াৰ বিভিন্ন প্রকাৰবোৰ কি কি? উদাহৰণসহ ব্যাখ্যা কৰা ।

উত্তৰঃ প্রকল্প হৈছে বাস্তৱ তথ্যক অনুসৰণ কৰি কিছুমান সিদ্ধান্তত উপনীত হোৱাৰ উদ্দেশ্যে কোনো সঠিক প্রমাণ নোহোৱাকৈ অথবা অপৰ্যাপ্ত প্রমাণৰ ওপৰত নিৰ্ভৰ কৰি গঠন কৰা আনুমানিক ধাৰণা, যদি দেখা যায় যে সিদ্ধান্তবোৰৰ লগত জ্ঞাত সত্যৰ মিল আছে তেনেহ’লে এই ধাৰণাও সত্য হ’ব বা সত্য হোৱাৰ সম্ভাৱনা থাকিব ।

    ঘটনাৰ ভিন্নতা অনুসৰি প্রকল্প তিনি প্রকাৰৰ-

(ক) কৰ্তা সম্পৰ্কীয় প্রকল্পঃ

    কোনো এক ঘটনা কোনে ঘটালে বা ঘটনাটোৰ কর্তা কোন অর্থাৎ ঘটনাটোৰ কর্তা সম্পর্কে আমাৰ মনত যি ধাৰণাৰ উদয় হয়, তাকে কর্তাসম্পর্কীয় প্রকল্প বোলে ।

    উদাহৰণস্বরূপে- কোনো এঘৰত চুৰি হ’লে চুৰি কৰোতাজনৰ সম্পর্কে যি প্রকল্প গঠন কৰা হয়, সেয়াই হৈছে কর্তাসম্পর্কীয় প্রকল্প ।

 

(খ) নিয়ম সম্পৰ্কীয় প্রকল্প

    কোনো এক ঘটনাৰ কর্তাই কিভাৱে বা কি নিয়ম অনুযায়ী ঘটনাটো ঘটালে, সেই নিয়ম সম্পর্কে যি প্রকল্প গঠন কৰা হয়, তাকে নিয়ম সম্পর্কীয় প্রকল্প বোলে ।

    উদাহৰণস্বরূপে- কোনো এঘৰত চুৰি হ’লে কি পদ্ধতি অৱলম্বন কৰি চুৰি কৰিছে সেই অজ্ঞাত পদ্ধতি সম্পর্কে যি প্রকল্প গঠন কৰা হয়, সেয়াই হৈছে নিয়ম সম্পর্কীয় প্রকল্প ।

 

(গ) পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্রকল্পঃ

    কোনো এক ঘটনা, কি পাৰিপাৰ্শ্বিক অৱস্থাৰ সমাবেশত ঘটনাটো ঘটিবলৈ পালে, সেই অজ্ঞাত পাৰিপাৰ্শ্বিক অৱস্থা সম্পর্কে যি প্রকল্প গঠন কৰা হয়, তাকে পাৰিপাৰ্শ্বিক সংস্থিতি সম্পর্কীয় প্রকল্প বোলে ।

    উদাহৰণস্বরূপে- কোনো এখন ঘৰত এজন চাকৰে চুৰি কাৰ্যটো সংঘটিত কৰিলে । চাকৰটোৱে তলাভঙা কাৰ্যটোৰ পাৰিপাৰ্শ্বিক সংস্থিতি হৈছে- সেই সময়ত ঘৰৰ অন্য সদস্যসকল চাকৰটোক অকলে এৰি ঘৰৰ পৰা আঁতৰত আছিল । সেয়েহে, ঘৰৰ মানুহৰ অনুপস্থিতিয়ে চুৰি কাৰ্য সংঘটিত হোৱাৰ পাৰিপাৰ্শ্বিক সংস্থিতি ।

 

 

আধুনিক তৰ্কবিজ্ঞানী এল এছ ষ্টেবিঙৰ মতে বৈজ্ঞানিক অনুসন্ধান আরু গৱেষণাৰ গুরুত্ব অনুসৰি প্রকল্প তিনি প্রকাৰৰ-

(ক) ব্যাখ্যামূলক প্রকল্পঃ

    কোনো এক ঘটনা ঘটিলে আন ঘটনাৰ অন্তৰ্বেশনৰ দ্বাৰা ঘটনাটো ব্যাখ্যা কৰিবৰ বাবে যি প্রকল্প গঠন কৰা হয়, তাকে ব্যাখ্যামূলক প্রকল্প বোলে ।

    উদাহৰণস্বরূপে- ঘৰত কোনো বস্তু নোহোৱা হ’লে ইয়াক ব্যাখ্যা কৰাৰ বাবে চুৰিৰ ঘটনাটো ধাৰণা কৰি লোৱাটো হৈছে ব্যাখ্যামূলক প্রকল্প ।

 

(খ) বৰ্ণনামূলক প্রকল্পঃ

    কোনো অন্বেষণীয় জটিল ঘটনা বা তথ্যসমূহৰ সু-শৃংখলিত সম্বন্ধ নির্ণয় কৰিবলৈ সংকেত প্রদানৰ বাবে যি প্রকল্প ব্যৱহাৰ কৰা হয়, তাকে বর্ণনামূলক প্রকল্প বোলে ।

    উদাহৰণস্বরূপে- গ্রহ-নক্ষত্রসমূহৰ স্থিতি, গতি আদিক জ্যামিতিম চিত্রৰ সহায়ত বুজাই গাণিতিক ঘটনা আরু লেখৰ জৰিয়তে বৰ্ণনামূলক প্রকল্পৰ গঠন কৰা হয় ।

 

৩। সাদৃশ্যমূলক প্রকল্পঃ

    যি প্রকল্পত ধাৰণা কৰা হয় যে কোনো এক শ্রেণীৰ ক্ষেত্রত যি সত্য হয়, আন এক ঘটনা শ্রেণীৰ ক্ষেত্রতো সেইটো সত্য হ’ব, যদিহে দুয়ুটা শ্রেণীৰে কিছুমান নিৰ্দিষ্ট সাধাৰণ, আকাৰগত ধর্ম আদি থাকে । তাকে সাদৃশ্যমূলক প্রকল্প বোলে ।

    উদাহৰণস্বরূপে-মেক্সৱেল আরু আন বহুতো বিজ্ঞানীয়ে বিদ্যুৎ চুম্বকীয় সূত্র, পোহৰ সম্পৰ্কীয় সূত্র, বৈদ্যুতিক স্থিতি, বিজ্ঞানভিত্তিক তথ্য আদিৰ আৱিষ্কাৰ সাদৃশ্যমূলক প্রকল্পৰ সহায়ত কৰিছিল ।

 

ইয়াৰোপৰি, অনুসন্ধান কাৰ্য আৰম্ভ কৰাৰ বাবে গঠন কৰা প্রকল্প হ’ল- কাৰ্যকৰী প্রকল্প ।

অধিক নির্ভৰযোগ্য প্রকল্পৰ অভাৱত অসম্পূর্ণ স্বভাৱৰ বা সন্তোষজনক নহয় জানিও কেৱল অনুসন্ধান কাৰ্য চলাই যাবলৈ বুলি যদি কোনো প্রকল্প গঠন কৰা হয়, তাকে কাৰ্যকৰী প্রকল্প বোলে ।

উদাহৰণস্বরূপে- ‘বিদ্যুৎ একজাতীয় তৰল পদাৰ্থ’- বিদ্যুতৰ স্বভাৱৰ সম্পর্কে গঠন কৰা এনে প্রকল্প হৈছে কাৰ্যকৰী প্রকল্প । এই প্রকল্পটো যথাৰ্থ নহ’ব পাৰে বুলি প্রথমপৰাই সন্দেহ থাকিলেও বিজ্ঞানীসকলে সাময়িকভাৱে ইয়াৰ দ্বাৰা বিদ্যুতৰ স্বভাৱ  অনুসন্ধানৰ পথত আগবাঢ়ি গৈছিল ।

এনেদৰে আমাৰ বাস্তৱিক জীৱনত বিভিন্ন প্রকল্পসমূহৰ ব্যৱহাৰ কৰা হয় ।

 

 

 

     

 checking & updating.......