GRAH GAJENDRA (ASSAMESE HARI NAM), PREPARED BY PODMESWAR, NITU MONI DEKA, JAMUNA BORA, SHEBIKA BORA, AND PUSPA BORA NAMOTI DOL

 

এক চাপৰিঃ

নামঃ অ’ হৰি এ কান্দে গজৰায় ।

জলগ্রাহে ধৰি আছে

ৰাখা যদুৰায় ।। 

 

পদঃ

১। অগস্তিৰ অভিশাপে ইন্দ্রদুম্ন্য ৰজা

জলগ্রাহে ধৰি আছে ৰাখা যদুৰায় ।

২। ত্রিকূট পর্বত নামে হস্তীরূপ লৈয়া

অ’ হৰি এ কান্দে গজৰায়

জলগ্রাহে ধৰি আছে ৰাখা যদুৰায় ।

৩। পিয়াহে বিচিত্র হুয়া সৰোবৰে জলে

জলগ্রাহে ধৰি আছে ৰাখা যদুৰায় ।

৪। অভিশপ্ত বহু গ্রাহে গজেন্দ্রক ধৰে

অ’ হৰি এ কান্দে গজৰায়

জলগ্রাহে ধৰি আছে ৰাখা যদুৰায় ।

 

পদ ভাঙনিঃ

এ ৰাম যুদ্ধ কৰি গজৰাজ ভাগৰি পৰিল

সংকট কালত তান সদবুদ্ধি ভৈল,

হে হৰি নাৰায়ণ তুমি ইষ্টদেৱ, তুমি বিনে জগতত নাহি আন কেৱ এ ৰাম ।

 

 

তিনি চাপৰিঃ

নামঃ মূৰে পদ্ম পুষ্প ধৰি প্রভুক মাতিলে ।

ৰাখা ৰাখা প্রভু মোক ধৰিছা চৰণে ।।

 

পদঃ

১। তুমি নিত্য নিৰঞ্জন ভকতৰ প্রাণ ।

 তুমি বিনে ভকতৰ নাহি আন ধন ।।

অ’ হৰি এ হৰি নাৰায়ণ

ৰাম হৰি এ হৰি ৰাম নাৰায়ণ ।

 

পদ ভাঙনিঃ

ভকতৰ দুখ দেখি সহিব নোৱাৰি

অ’ দেখা দিলে সৰোবৰত কৃষ্ণ যদুমণি এ ৰাম ।

 

খৰ চাপৰিঃ

নামঃ ভকত বৎসল তুমি প্রভু চক্রপাণি ।

গ্রাহক কাটি গজেন্দ্রক আনিলা উদ্ধাৰি ।।

 

পদঃ

১। চতুৰ্ভূজ রূপ লৈয়া গজেন্দ্র ভকতে ।

প্রভুত শৰণ লৈয়া মুকুতি লভিলে ।।

২। কিনো তোমাৰ লীলা হৰি কিনো তোমাৰ লীলা ।

অভিশপ্ত গ্রাহ গজেন্দ্রক তুমি মুক্তি দিলা ।।

 

অ হৰি অ হৰি নাৰায়ণ

ৰাম হৰি অ হৰি ৰাম নাৰায়ণ

 

নামঃ নামত শৰণ লোৱা হে বান্ধৱ ২

নামৰ বিনে নাহি আন হে

নামত শৰণ লোৱা হে বান্ধৱ

পদঃ

নামত শৰণ লৈয়া গজেন্দ্র ভকতে ২

২। বৈকুন্ঠ পালাগৈ চোৱা হে