*নামাঞ্জলি কিতাপৰ পৰা
ফাগুৱাৰ নামঃ
এক চাপৰিঃ
সখীসৱে কি কৰিমে যাওঁ
বৃন্দাবনে ।
যমুনাৰ তীৰে ফাগু খেলিম
কৃষ্ণ সঙ্গে ।৷
পদঃ
১। বসন্ত কালৰ দিন অতি
বিতোপন ।
বৃন্দাবনে ফাগু খেলে নন্দৰ
নন্দন ।।
২। ফাগু খেলে ফাগু খেলে
চৈতান বনমালী ।
দুয়োহাতে ফাগু লৈয়া
খেলিছে মুৰাৰী ।।
৩। কদম্বৰ তলে কৃষ্ণাই
শিঙা বেণু থই ।
দুলিব লাগিছে কৃষ্ণাই
গোপীসৱক লই ।।
৪। শিঙা বাজে বেণু বাজে
বাজে কৰতাল ।
বৃন্দাবনে গোপী লৈয়া
খেলিছে গোপাল ।।
৫। কোকিলে কাঢ়য় ৰাৱ তমালৰ
গছে ।
বৃন্দাবনৰ মাজে কৃষ্ণ
গোপী লৈয়া নাচে ।।
৬। বৃন্দাবনে খেলা খেলে
নিকুঞ্জবিহাৰী ।
গোপীসৱে বেৰি বেৰি মাৰয়
ফিস্কাৰী ।।
৭। নামাৰা নামাৰা গোপী
কুঙ্কুম ফিস্কাৰী ।
দেখিলে কৰিব খঙ(খং) ৰাধা
পটেশ্বৰী ।।
দুই চাপৰিঃ
বৃন্দাবনৰ মাজে গোপীৰ
সমাজে
হৰি খেলিলন্ত ফাগু ।
অনেক অৱলা হই আছে
দুবৰ্বলা
মেলিব নোৱাৰে চকু ।।
পদঃ
১। বৃন্দাবন অচলা সসাঙ্গে
ধৱলা
মধ্যে চলে ৰাম কানু ৷
নাকে বাংশী বাই আঙুলি
বুলাই
ৰঙ্গে খেলি যান্ত ফাগু ।।
২। বৃন্দাবন মথুৰা ক’তে এৰিলা
ক’তে হেম্বেলাই ধেনু ।
চকুৰে নেদেখোঁ কৰ্ণে
শুনিছো
ক’ত বাই সুললিত বেণু ।।
৩। ঘুনুচাবাৰীলৈ নাযাবা
প্রভু মোৰ
বাটত পাবা বহু দুখ ।
বৃন্দাবনতে থাকিবা
প্রভুদেৱ
চাই থাকিম চন্দ্রমুখ ।।
তিনি চাপৰিঃ
নামঃ গোঁসাই গৈছিল
ঘুনুচাবাৰীলৈ
তাতে গধূলি হ’ল ।
আজি লক্ষ্মী আয়ে ঠাইকে
নিদিলে
পদূলি মূৰতে ৰ’ল ।
পদঃ
১। গোঁসাই গৈছিল
বৃন্দাবনলৈ
তাতে গধূলি হ’ল ।
নন্দ যশোদাক কমে কিয়ে
বুলি
চৰাইজাকে ফালি গ’ল ।
২। লক্ষ্মী আইৰ ঘৰলৈ মাধৱ
আহিছে
মাধৱক নিদিবা ঠাই ।
ঘুনুচাবাৰীতে তিনিদিন
বহিছে
যাদৱৰ জাতি কুল নাই ।।
চাৰি চাপৰিঃ
নামঃ
যাদৱ এ নোসোমাবা ঘৰ ।
উভতি যোৱাঁগৈ প্রভু
ঘুনুচা নগৰ ।।
পদঃ
১। লক্ষ্মীৰ ঘৰে আইলৈ
প্রভু সুদা অন্ন পাবা ।
ঘুনুচাবাৰীলৈ গ’লে অন্ন
মধু খাবা ।।
২। হেনজানি সৰ্ব্বজনে/নিৰন্তৰে
এৰি আন কাম,
পাতকচাৰোক (পাতকী বা পাপী লোক) ডাকি বোলা ৰাম ৰাম ৷৷