গোট-১০, একদলীয় আধিপত্যৰ যুগ by P.B.

1 Mark Questions:

১। ভাৰতীয় সংবিধানখন কেতিয়া বলৱৎ কৰা হৈছিল ?
উত্তরঃ ভাৰতীয় সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰী পৰা বলৱৎ কৰা হৈছিল ।

২।অন্যান্য বহু দেশৰ নেতৃবৃন্দই কিয় সিদ্ধান্ত লৈছিল যে ভাৰতে গণতন্ত্রক বাহাল ৰাখিব নোৱৰিব ?
উত্তরঃ অন্যান্য বহু দেশৰ নেতৃবৃন্দই সিদ্ধান্ত লৈছিল যে ভাৰতে গণতন্ত্রক বাহাল ৰাখিব নোৱৰিব কাৰণ ভাৰতবর্ষ এখন মিশ্র সংস্কৃতি আরু নানান জন-জাতিৰ কৃষ্টিৰ অনৈক্যৰ কেন্দ্রস্থল । লগতে, ভাৰতবর্ষ এখন উন্নয়ণশীল ৰাষ্ট্র যত অধিকাংশক নাগৰিকৰ শিক্ষা নাই ।

৩। ভাৰতত নির্বাচন আয়োগ কেতিয়া গঠন হৈছিল ?
উত্তরঃ ভাৰতত নির্বাচন আয়োগ ১৯৫০ চনত গঠন হৈছিল ।

৪। প্রথমগৰাকী মুখ্য নির্বাচনী আয়ুক্ত কোন আছিল ?
উত্তরঃ প্রথমগৰাকী মুখ্য নির্বাচনী আয়ুক্ত সুকুমাৰ সেন আছিল ।

৫।প্রথমখন ভোটাৰ তালিকাখন নির্বাচন আয়োগে কিয় বাতিল কৰিছিল ?
উত্তরঃ প্রথমখন ভোটাৰ তালিকাখন নির্বাচন আয়োগ বাতিল কৰিছিল কাৰণ এই তালিকাখনত ৪০ লাখ মহিলাৰ নাম বাদ পৰি ৰৈছিল ।

৬। EVM ৰ পূর্ণ রূপটো কি ?
উত্তরঃ EVM ৰ পূর্ণ রূপটো হ’ল- Electronic Voting Machine (ইলেক্ট্রনিক ভোটিং মেচিন) ।

৭। প্রথমটো সাধাৰণ নির্বাচন কোনটো বছৰত অনুষ্ঠিত হৈছিল ?
উত্তরঃ প্রথমটো সাধাৰণ নির্বাচন ১৯৫২ চনত বছৰত অনুষ্ঠিত হৈছিল ।

৮। চৰকাৰ গঠন কৰিবৰ বাবে কংগ্রেছে কিমানটা কার্যকাল সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল ?
উত্তরঃ চৰকাৰ গঠন কৰিবৰ বাবে কংগ্রেছে তিনিটা কার্যকাল সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল ।

৯। ১৯৫২ চনৰ লোকসভাৰ নির্বাচনত কংগ্রেছে কিমান শতাংশ ভোট লাভ কৰিছিল ?
উত্তরঃ ১৯৫২ চনৰ লোকসভাৰ নির্বাচনত কংগ্রেছে .৪৫ শতাংশ ভোট লাভ কৰিছিল ।

১০। কংগ্রেছ ছ’চিয়েলিষ্ট পার্টী কেতিয়া গঠিত হৈছিল ?
উত্তরঃ কংগ্রেছ ছ’চিয়েলিষ্ট পার্টী ১৯৩৪ চনত গঠিত হৈছিল ।

১১। পি. আৰ. আইৰ. ৰ প্রতিষ্ঠাপক কোন আছিল ?
উত্তরঃ পি. আৰ. আইৰ. ৰ প্রতিষ্ঠাপক আছিল- পি ই কেলছ ।

১২। দুখন দেশৰ নাম উল্লেখ কৰা যাৰ সংবিধানে কেৱল এটা দলকহে অনুমতি দিয়ে ?
উত্তরঃ কিউবা আরু চীন প্রজাতন্ত্র ।

১৩। সংবিধান পৰিষদৰ খচৰা প্রস্তুতি সমিতিৰ অধ্যক্ষ কোন আছিল ?
উত্তরঃ সংবিধান পৰিষদৰ খচৰা প্রস্তুতি সমিতিৰ অধ্যক্ষ আছিল- ভীমৰাও আম্বেদকাৰ

১৪। কোন দেশত বলছেভিক বিপ্লৱ হৈছিল ?
উত্তরঃ ছোভিয়েট ৰাছিয়াত বলছেভিক বিপ্লৱ হৈছিল ।

১৫। ভাৰতৰ জনসংঘ কেতিয়া গঠিত হৈছিল ?
উত্তরঃ ভাৰতৰ জনসংঘ ১৯৫১ গঠিত হৈছিল ।

১৬। ভাৰতীয় জনসংঘৰ প্রতিষ্ঠাপক সভাপতি কোন আছিল ?
উত্তরঃ ভাৰতীয় জনসংঘৰ প্রতিষ্ঠাপক সভাপতি আছিল- শ্যাম্যা প্রসাদ মুখাৰ্জী ।

১৭। স্বতন্ত্র পার্টী কেতিয়া গঠিত হৈছিল ?
উত্তরঃ স্বতন্ত্র পার্টী ১৯৫৯ চনত গঠিত হৈছিল ।

১৮। স্বতন্ত্র পার্টীয়ে চৰকাৰৰ পৰা কি বিচাৰিছিল ?
উত্তরঃ স্বতন্ত্র পার্টীয়ে চৰকাৰৰ পৰা ব্যক্তিগত স্বতন্ত্রতা, বেচৰকাৰী প্রতিষ্ঠানসমূহৰ স্বতন্ত্র বিকাশ আরু অর্থনৈতিক দিশত ৰাষ্ট্রৰ নিম্ন হস্তক্ষেপ হোৱাটো বিচাৰিছিল ।

১৯। দুটা ম’হৰ যুঁজত বিৰিণাৰ কি গতি হয় ?
উত্তরঃ দুটা ম’হৰ যুঁজত বিৰিণাৰ মৰণ হয় ।

২০।খালী ঠাই পূৰণ কৰিবলৈ বন্ধনীত থকা শব্দৰ পৰা সঠিক উত্তৰ বাছনি করাঃ
(ক) ১৯৫২ চনৰ প্রথমটো সাধাৰণ নির্বাচনত একে সময়তে লোকসভা আরু............(ভাৰতৰ ৰাষ্ট্রপতি/ ৰাজ্যিক বিধানসভা/ৰাজ্যসভা/প্রধানমন্ত্রী) ৰ নির্বাচন অনুষ্ঠিত হৈছিল ।
উত্তরঃ ১৯৫২ চনৰ প্রথমটো সাধাৰণ নির্বাচনত একে সময়তে লোকসভা আরু ৰাজ্যিক বিধানসভাৰ নির্বাচন অনুষ্ঠিত হৈছিল ।
(খ)______(১৯৮৫/১৯৯০/১৯৯৫/২০০৪)ৰ শেষৰফালে নির্বাচন আয়োগে বৈদ্যুতিক ভোট গ্রহণ যন্ত্রৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল ।
উত্তরঃ ২০০৪ ৰ শেষৰফালে নির্বাচন আয়োগে বৈদ্যুতিক ভোট গ্রহণ যন্ত্রৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল ।
(গ) অধিক কঠোৰপন্থী আরু সমতাবাদী কংগ্রেছ বিচৰা এদল যুৱনেতাৰ দ্বাৰা______(১৯৩৪/১৯৪৮/১৯৫২) চনত কংগ্রেছৰ ভিতৰতে কংগ্রেছ ছ’চিয়েলিষ্ট পার্টী গঠিত হৈছিল ।

উত্তরঃ অধিক কঠোৰপন্থী আরু সমতাবাদী কংগ্রেছ বিচৰা এদল যুৱনেতাৰ দ্বাৰা ১৯৩৪ চনত কংগ্রেছৰ ভিতৰতে কংগ্রেছ ছ’চিয়েলিষ্ট পার্টী গঠিত হৈছিল ।

২১। কি অৱস্থাত ভাৰতীয় দলীয় ব্যৱস্থাৰ সৃষ্টি হৈছিল ?
উত্তরঃ স্বাধীনতা আন্দোলনৰ পৰিপেক্ষিতত, দলীয় বিভিন্নতা আরু মতানক্যসমূহৰ বাবে লগতে আঞ্চলিক আরু সাম্প্রদায়িক স্বার্থৰক্ষাৰ বাবে ভাৰতত দলীয় ব্যৱস্থাৰ সৃষ্টি হৈছিল ।

২২। কেতিয়া আরু কাৰ দ্বাৰা ভাৰতত কংগ্রেছ পার্টী গঠিত হৈছিল ?
উত্তরঃ ১৮৮৫ চনত আরু এ. ও. হিউমৰ দ্বাৰা ভাৰতত কংগ্রেছ পার্টী গঠিত হৈছিল ।

২৩। প্রথমটো সাধাৰণ নির্বাচনত ভাৰতীয় জাতীয় কংগ্রেছৰ নেতৃত্ব কোনে দিছিল ?
উত্তরঃ প্রথমটো সাধাৰণ নির্বাচনত ভাৰতীয় জাতীয় কংগ্রেছৰ নেতৃত্ব জৱাহৰলাল নেহরুৱে দিছিল ।

২৪। ভাৰতৰ দলীয় ব্যৱস্থাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তরঃ ভাৰতৰ দলীয় ব্যৱস্থাৰ এটা বৈশিষ্ট্য হ’ল- বহুদলীয় ব্যৱস্থাৰ প্রচলন ।

২৫। ভাৰতীয় সংবিধান কেতিয়া বলবৎ কৰা হৈছিল ?
উত্তরঃ ভাৰতীয় সংবিধান ১৯৫০ চনৰ ২৬ জানুৱাৰীত বলবৎ কৰা হৈছিল ।

২৬। ১৯৫৭ চনত কেৰালাত কোন দলে চৰকাৰ গঠন কৰিছিল ?
উত্তরঃ ১৯৫৭ চনত কেৰালাত সাম্যবাদী দলে চৰকাৰ গঠন কৰিছিল ।

২৭। কোন চনত ছ’চিয়েলিষ্ট পার্টী গঠিত হৈছিল ?
উত্তরঃ ১৯৪৮ চনত ছ’চিয়েলিষ্ট পার্টী গঠিত হৈছিল ।

২৮। ভাৰতীয় জনতা পার্টীৰ গঠন কোন দলৰ পৰা হৈছিল ?
উত্তরঃ ভাৰতীয় জনতা পার্টীৰ গঠন ভাৰতীয় জনসংঘ দলৰ পৰা হৈছিল ।

২৯। কোন বছৰত একদলীয় শাসন ব্যৱস্থাৰ যুগ আৰম্ভ হৈছিল ?
উত্তরঃ ১৯৫২ চনত একদলীয় শাসন ব্যৱস্থাৰ যুগ আৰম্ভ হৈছিল ।

৩০। কোনটো ভাৰতীয় দল এছিয়াৰ ভিতৰতে আটাইতকৈ পুৰণি দল ?
উত্তরঃ ভাৰতীয় জাতীয় কংগ্রেছ এছিয়াৰ ভিতৰতে আটাইতকৈ পুৰণি ভাৰতীয় দল ।

৩১। দীনদয়াল উপাধ্যায় কোন আছিল ?
উত্তরঃ দীনদয়াল উপাধ্যায় ভাৰতীয় জনসংঘৰ এজন অন্যতম প্রভাশালী নেতা আছিল ।

৩২। ভাৰতত ইণ্ডিপেণ্ডেন্ট লেবাৰ পার্টীৰ প্রতিষ্ঠাতা কোন আছিল ?
উত্তরঃ ভাৰতত ইণ্ডিপেণ্ডেন্ট লেবাৰ পার্টীৰ প্রতিষ্ঠাতা আছিল- বি. আৰ. আম্বেদকাৰ ।

৩৩। কোনে কংগ্রেছক সমন্নয় সংগঠন (Umbrella Organisation) বুলি কৈছে ?
উত্তরঃ বি. আৰ. আম্বেদকাৰে কংগ্রেছক সমন্নয় সংগঠন (Umbrella Organisation) বুলি কৈছে ।

৩৪। কোন বছৰত নাগপুৰ আধিবেশন বহিছিল ?
উতরঃ ১৯20 চনত নাগপুৰ আধিবেশন বহিছিল ।

৩৫। খালী ঠাই পূৰ করাঃ
(ক) স্বতন্ত্র পার্টীৰ আদর্শৰ মার্গদর্শক নীতিসমূহৰ এটা হ’ল- ______ ।
উত্তরঃ স্বতন্ত্র পার্টীৰ আদর্শৰ মার্গদর্শক নীতিসমূহৰ এটা হ’ল- ব্যক্তি স্বতন্ত্রতা ।
(খ) প্রথমটো নির্বাচনত লোক সভাৰ দ্বিতীয় বৃহৎ সংখ্যক আসনত জয় লাভ কৰা দলটো আছিল ________ ।

উত্তরঃ প্রথমটো নির্বাচনত লোক সভাৰ দ্বিতীয় বৃহৎ সংখ্যক আসনত জয় লাভ কৰা দলটো আছিল- সাম্যবাদী দল ।


৩৬। ভাৰতত নির্বাচন আয়োগ কেতিয়া গঠন কৰা হৈছিল?
উত্তরঃ ভাৰতত নির্বাচন আয়োগ ১৯৫০ চনৰ জানুৱাৰী মাহত গঠন কৰা হৈছিল ।

৩৭। প্রথম নির্বাচন আয়ুক্ত কোন আছিল?
উত্তরঃ প্রথম নির্বাচন আয়ুক্ত সুকুমাৰ সেন আছিল ।

৩৮। EVM ৰ সম্পূর্ণ নামটো লিখা ।
উত্তরঃ EVM ৰ সম্পূর্ণ নামটো হ'লঃ Electronic Voting Machine

৩৯। প্রথম সাধাৰণ নির্বাচন কোন চনত হৈছিল ?
উত্তরঃ প্রথম সাধাৰণ নির্বাচন ১৯৫১-১৯৫২ চনত হৈছিল ।

৪০। কেৱল এটা দলৰ সাংবিধানিক ব্যৱস্থা থকা দুখন দেশৰ নাম উল্লেখ কৰা
উত্তরঃ কেৱল এটা দলৰ সাংবিধানিক ব্যৱস্থা থকা দুখন দেশৰ নাম হ'লঃ চীন আরু কিউবা ।

৪১। ভাৰতীয় গণতান্ত্রিক পদ্ধতিত সন্মিলিত যুগৰ আৰম্ভণিৰ চাৰিটা কাৰণ লিখা ।
উত্তরঃ ভাৰতীয় গণতান্ত্রিক পদ্ধতিত সন্মিলিত যুগৰ আৰম্ভণিৰ চাৰিটা কাৰণ হ'লঃ
(ক) সকলোৰে স্বাৰ্থ আরু আকাংক্ষাৰ ৰাজনৈতিক ক্ষমতাৰ ক্ষেত্রত সুবিধা কৰি দিয়াৰ সামৰ্থ্য কংগ্রেছৰ হ্রাস পাই অহাত আন আন ৰাজনৈতিক দলৰ গুরুত্ব ক্রমান্বয়ে বাঢ়ি গৈছিল ৷
(খ) কংগ্রেছ দলত শক্তিশালী নেতাৰ অভাৱ হৈছিল ।
(গ) কংগ্রেছৰ ভিতৰত গঢ়ি উঠা গৃহ কন্দলে আন আন নতুন দলৰ জন্ম হৈছিল । 
(ঘ) একাত্ম শাসনেৰে দলৰ মুখ্য নেতাসকলে অধিক সুবিধা নিজৰ স্বার্থৰ বাবে ব্যৱহাৰ কৰিছিল যাৰ বাবে আন নেতাসকলে বিৰোধ আরু আন্দোলন গঢ়ি তুলি নতুন চৰকাৰ গঠনৰ বাবে হেচা প্রয়োগ কৰিছিল । 

৪২। ভাৰতৰ দলীয় প্রথাৰ যিকোনো চাৰিটা বৈশিষ্ট্য লিখা ।
উত্তরঃ ভাৰতৰ দলীয় প্রথাৰ চাৰিটা বৈশিষ্ট্য হ'লঃ
(ক) ভারতত বহুদলীয় ব্যৱস্থাৰ প্রচলন আছে ।
(খ) ভারতত দলর মিত্রগোষ্ঠীর গঠন আরু চরকার গঠনর ব্যৱস্থা আছে ।
(গ) দুটা বা তাতোকৈ অধিক দল লগ হৈ সন্মিলিত চরকার গঠন করিব পারে ।
(ঘ) ভাৰতৰ দলৰ নেতাই অন্য দলত যোগদান কৰাৰ সুবিধা আছে । (আয়া ৰাম গয়া ৰাম)
(ঙ) ভাৰতৰ যিটো দলে সর্বাধিক ভোট পায় সেই দলটোয়ে জয়ী হয় আরু চৰকাৰ গঠন কৰে ।

৪৩। ভাৰতৰ দলীয় প্রথাৰ প্রকৃতি আলোচনা কৰা
উত্তরঃ ভাৰতৰ দলীয় প্রথাৰ প্রকৃতি হ'ল এনেধৰণৰঃ
(ক) ভাৰতত বহুদলীয় ব্যৱস্থাৰ প্রচলন আছে ।
(খ) ভাৰতত দলৰ মিত্রগোষ্ঠীর গঠন আরু চৰকাৰ গঠনৰ ব্যৱস্থা আছে ।
(গ) দুটা বা তাতোকৈ অধিক দল লগ হৈ সন্মিলিত চৰকাৰ গঠন কৰিব পাৰে ।
(ঘ) ভাৰতৰ দলৰ নেতাই অন্য দলত যোগদান কৰাৰ সুবিধা আছে । (আয়া ৰাম গয়া ৰাম)
(ঙ) ভাৰতৰ যিটো দলে সর্বাধিক ভোট পায় সেই দলটোয়ে জয়ী হয় আরু চৰকাৰ গঠন কৰে ।

৪৪। “ভাৰতত বিৰোধী দল বিভাজিত সদনঃ- ব্যাখ্যা কৰা । (১/২/৪/৬ নম্বর)
উত্তরঃ ভারতর ১৯৫২ চনর প্রথম নির্বাচনর আগতেই বহুতো বিরোধী দলর সৃষ্টি হৈছিল । এই দলবোরে ষাঠি আরু সত্তর দশকত গুরুত্বপূর্ণ ভূমিকা গ্রহণ করিছিল । ১৯৫০ চনর কিছুসংখ্যক বিরোধী দলক বর্তমান অ-কংগ্রেছী দলর জন্মদাতা বুলি কোৱা হয় । সেই সময়ছোৱাত প্রায়বোর বিরোধী দলে লোকসভা আরু রাজ্যিক বিধানসভাত নাম মাত্র অংশ লোৱাৰহে সুবিধা পাইছিল । তেওঁলোকে সদনত মুখ্য স্থান পোৱা নাছিল । লগতে, তেওঁলোকর যুক্তি আরু চৰ্তবোরে বহু কম পরিমাণে শাসিত চরকারে গ্রহণ করিছিল । তেওঁলোকে সদনত ক্ষমতাশালী প্রভাৱ পেলাব পরা নাছিল । সেয়েহে “বিরোধী পক্ষ হ’ল ভারতর এক বিভাজিত সদন” বুলি কোৱা হয় । কারণ, বিরোধী পক্ষসমূহে ভারতর উচ্চ সদন আরু নিম্ন সদনর পরা এক বিভাজনেরে তেওঁলোকর মন্তব্য উত্থাপন করে ।


৪৫। শুদ্ধ নে অশুদ্ধ কোৱা ।
১৯৫২ চনৰ প্রথম সাধাৰণ নির্বাচনত ১৪ টা ৰাষ্ট্রীয় দল আছিল ।
উত্তরঃ শুদ্ধ ।



2 Mark Questions:
১। কোন তাৰিখে ভাৰতীয় সংবিধানৰ খচৰাত স্বাক্ষৰ কৰা হৈছিল আরু ই কেতিয়া বলবৎ কৰা হৈছিল ?
উত্তরঃ ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতীয় সংবিধানৰ খচৰাত স্বাক্ষৰ কৰা হৈছিল আরু ১৯৫০ চনৰ ২৬ জানুৱাৰীত বলবৎ কৰা হৈছিল ।

২। সমাজবাদীসকলে কংগ্রেছক কিয় সমালোচনা কৰিছিল ?
উত্তরঃ সমাজবাদীসকলে কংগ্রেছক কিয় সমালোচনা কৰিছিল কাৰণ,
(ক) কংগ্রেছে জমিদাৰ আরু পুঁজিপতিসকলক অধিক গুরুত্ব আরু সমৰ্থন কৰিছিল ।
(খ) লগতে, কংগ্রেছ দলে কৃষক আরু শ্রমিকসকলক শোষণ, অৱহেলা আরু অধিক সুবিধা প্রদান কৰা নাছিল ।

৩। আৰ. এছ. এছ.(RSS) ৰ সম্পূর্ণ রূপটো কি? ইয়াৰ প্রতিষ্ঠাপক সভাপতিগৰাকীৰ নাম লিখা ।
উত্তরঃ আৰ. এছ. এছ. (R.S.S.)ৰ সম্পূর্ণ রূপটো হ’ল- ৰাষ্ট্রীয় স্বয়ং সেৱক সংঘ(Rashtriya Swayamsevak Sangh)ইয়াৰ প্রতিষ্ঠাপক সভাপতিগৰাকীৰ নাম হ’ল- শ্যামা প্রসাদ মুখাৰ্জী ।

৪। চি. পি. আই(C.P.I.) দলটো কেতিয়া গঠিত হৈছিল ? দলটোৰ নেতৃত্ব দিয়া এজৰাকী ব্যক্তিৰ নাম লিখা ।
উত্তরঃ চি. পি. আই (C.P.I.) দলটো ১৯২৪ চনত গঠিত হৈছিল । দলটোৰ নেতৃত্ব দিয়া এগৰাকী ব্যক্তিৰ নাম হ’ল- এ কে গোপালন ।
অথবাঃ কেতিয়া ভাৰতীয় সাম্যবাদী দল গঠিত হৈছিল ? এই দলটো গঠন কৰাত নেতৃত্ব দিয়া এজন ব্যক্তিৰ নাম লিখা ।
উত্তরঃ ১৯২৪ চনত ভাৰতীয় সাম্যবাদী দল গঠিত হৈছিল । এই দলটো গঠন কৰাত নেতৃত্ব দিয়া এজন ব্যক্তিৰ নাম হ’ল- এ কে গোপালন ।

৫। ভাৰতৰ নির্বাচন আয়োগ কেতিয়া গঠিত হৈছিল ? প্রথমগৰাকী নির্বাচন আয়ুক্ত কোন আছিল ?

উত্তরঃ ভাৰতৰ নির্বাচন আয়োগ ১৯৫০ চনৰ জানুৱাৰী মাহত গঠিত হৈছিল । প্রথমগৰাকী নির্বাচন আয়ুক্ত আছিল- সুকুমাৰ সেন ।


৬। বেলট কাকতত এগৰাকী পাৰ্থীৰ দুটা বিষয় উল্লেখ থাকে, সেই দুটা কি কি ?
উত্তরঃ বেলট কাকতত এগৰাকী পাৰ্থীৰ দুটা বিষয় উল্লেখ থাকে, সেই দুটা হ’ল- (ক) প্রার্থীজনৰ নাম আরু (খ) প্রার্থীজনৰ প্রতীক ।

৭। কেতিয়া আরু সংবিধানৰ কোন অনুচ্ছেদৰ অধীনত কেন্দ্রীয় চৰকাৰে কেৰালাৰ কমিউনিষ্ট চৰকাৰখনক বৰ্খাস্ত কৰিছিল ?
উত্তরঃ ১৯৫৯ চনত ভাৰতীয় সংবিধানৰ ৩৫৬ নং অনুচ্ছেদৰ অধীনত কেন্দ্রীয় চৰকাৰে কেৰালাৰ কমিউনিষ্ট চৰকাৰখনক বৰ্খাস্ত কৰিছিল ।

৮। একদলীয় শাসনৰ অভিজ্ঞতা থকা দুখন দেশৰ নাম লিখা ।
উত্তরঃ একদলীয় শাসনৰ অভিজ্ঞতা থকা দুখন দেশৰ নাম হ’ল- (ক) চীন আরু (খ) কিউবা ।

৯। ভাৰতত প্রথমটো সাধাৰণ নির্বাচন কোন বছৰত অনুষ্ঠিত হৈছিল ? এই নির্বাচনত কোনটো দল শাসনলৈ আহিছিল ?
উত্তরঃ ভাৰতত প্রথমটো সাধাৰণ নির্বাচন ১৯৫২ চনত অনুষ্ঠিত হৈছিল । এই নির্বাচনত কংগ্রেছ দল শাসনলৈ আহিছিল ।

১০। কোনটো নির্বাচন কালত কংগ্রেছী ব্যৱস্থা হিচাপে ব্যাখ্যা কৰা হৈছে ? অর্থাৎ কংগ্রেছী ব্যৱস্থাৰ কালটো লিখা ।

উত্তরঃ কংগ্রেছী ব্যৱস্থা হিচাপে ১৯৫২ চনৰ পৰা ১৯৬২ চনলৈকে ব্যাখ্যা কৰা হৈছে ।


১১। ভাৰতীয় জনসংঘ কেতিয়া গঠিত হৈছিল আরু দলটোৰ প্রতিষ্ঠাপক সভাপতিগৰাকী কোন আছিল ?
উত্তরঃ ভাৰতীয় জনসংঘ ১৯৫১ চনত গঠিত হৈছিল আরু দলটোৰ প্রতিষ্ঠাপক সভাপতিগৰাকী আছিল শ্যামা প্রসাদ মুখাৰ্জী ।

১২। কেতিয়া আরু কাৰ দ্বাৰা ভাৰতত কংগ্রেছী পার্টী গঠিত হৈছিল ?
উত্তরঃ ১৮৮৫ চনত এ. ও. হিউমৰ (Allan Octavian Hume) দ্বাৰা ভাৰতত কংগ্রেছী পার্টী গঠিত হৈছিল ।

১৩। ছ’চিয়েলিষ্ট পার্টীৰ দুগৰাকী নেতাৰ নাম লিখা ।
উত্তরঃ ছ’চিয়েলিষ্ট পার্টীৰ দুগৰাকী নেতাৰ নাম হ’ল- (ক) জয়প্রকাশ নাৰায়ণ আরু (খ) ৰাম মনোহৰ লোহিয়া ।

১৪। ভাৰতৰ একদলীয় শাসনৰ যুগটো উল্লেখ কৰা
উত্তরঃ ভাৰতৰ একদলীয় শাসনৰ যুগটো কেন্দ্রত ১৯৫১ চনৰ পৰা ১৯৭৭ চনলৈ আরু ৰাজ্যত ১৯৫১ চনৰ পৰা ১৯৬৭ চনলৈ আছিল ।

১৫। ভাৰতীয় জনসংঘৰ দুটা আদর্শ উল্লেখ কৰা
উত্তরঃ ভাৰতীয় জনসংঘৰ দুটা আদর্শ হ’ল-
(ক) চৰকাৰী ভাষা হিচাপে হিন্দী ভাষাক স্বীকৃতি প্রদানৰ ক্ষেত্রত ।
(খ) অখণ্ড আরু একত্রিত ভাৰতবর্ষ গঢ়ি তুলাত ।

১৬। ভাৰতৰ যিকোনো দুটা ৰাষ্ট্রীয় দলৰ নাম আরু প্রতীক উল্লেখ কৰা
উত্তরঃ ভাৰতৰ দুটা ৰাষ্ট্রীয় দলৰ নাম হ’ল- (ক) ভাৰতীয় জাতীয় কংগ্রেছ আরু প্রতীক হ’ল- হাত, আরু (খ) ভাৰতীয় জনতা পার্টী আরু প্রতীক হ’ল- পদুম ফুল ।

১৭। ভাৰতৰ দৰে এখন দেশত মুক্ত আরু নিকা নির্বাচন অনুষ্ঠিত কৰিবলৈ মূল প্রয়োজনীয়তাসমূহ হ’লঃ
উত্তরঃ ভাৰতৰ দৰে এখন দেশত মুক্ত আরু নিকা নির্বাচন অনুষ্ঠিত কৰিবলৈ মূল প্রয়োজনীয়তাসমূহ হ’লঃ
 (ক) ভাৰতৰ সাম্প্রদায়িক দৃষ্টিভংগী পৰিত্যাগ কৰিব লাগিব ।
(খ) নির্বাচনত সংলগ্ন থকা কাৰ্য-কর্তাসকল শিক্ষিত আরু ৰাজনৈতিক ক্ষেত্রত সচেতন নাগৰিকৰ মনোভাব থাকিব লাগিব ।
(গ) নিৰপেক্ষতা মনোভাবৰ লোকসমূহক নির্বাচন অনুষ্ঠিত কৰাত যুক্ত কৰিব লাগে ।
(ঘ) সংবিধানৰ সকলো আদর্শ আরু নীতিসমূহ নির্বাচনত প্রয়োগ আরু সক্রিয় কৰিব লাগিব ।

১৮। চি. পি. আই. ৰ মুখ্যনেতা কেইগৰাকী কোন কোন ?
উত্তরঃ চি. পি. আই. ৰ মুখ্যনেতাকেইজন হ’ল-
(ক) এ. কে. গোপালন
(খ) পি. চি. যোশী
(গ) পি. সুন্দৰীয়া
(ঘ) অজয় ঘোষ
(ঙ) এছ. এ. ডাংগে আদি ।

১৯। কি পৰিস্থিতিত ভাৰতীয় দলীয় ব্যৱস্থাৰ সৃষ্টি হৈছিল ?
উত্তরঃ ভাৰতীয় দলীয় ব্যৱস্থাৰ সৃষ্টি হোৱাৰ উল্লেখযোগ্য কাৰণ হ’লঃ
(ক) স্বাধীনতা আন্দোলনৰ পৰৱৰ্তী সময়ত জাতীয় বা ৰাষ্ট্রীয় সুৰক্ষাৰ কাৰণে দলীয় ব্যৱস্থাৰ সৃষ্টি হৈছিল ।
(খ) আঞ্চলিক আরু সাম্প্রদায়িকতা ৰক্ষা কাৰণে বিভিন্ন দলসমূহৰ সৃষ্টি হৈছিল ।
(গ) নেতাসকলৰ মাজত বিৰোধ আরু মতানৈক্য থকাৰ বাবে মুখ্য নেতা সকলে বিভিন্ন দল সংগঠন কৰিছিল ।
(ঘ) ভাৰতৰ দৰে এক বিশাল দেশত সকলো স্তৰৰ লোকৰ স্বার্থৰক্ষাৰ কৰাৰ কাৰণে দলসমূহ গঠনৰ প্রয়োজনীয়তা আছিল ।

২০। ১৯৫২-৬৭ৰ নির্বাচনৰ ভিতৰত কিছুসময়ৰ বাবে কংগ্রেছ ক্ষমতাত নথকা দুখন ৰাজ্যৰ নাম লিখা ।
উত্তরঃ ১৯৫২-৬৭ৰ নির্বাচনৰ ভিতৰত কিছুসময়ৰ বাবে কংগ্রেছ ক্ষমতাত নথকা দুখন ৰাজ্যৰ নাম হ’ল- (ক) বিহাৰ আরু (খ) কেৰালা ।

২১। খালী ঠাই পূৰণ করাঃ
(ক) _____ চনৰ প্রথমটো সাধাৰণ নির্বাচনে লোকসভা আরু _____ ৰ নির্বাচনকো একেলগে সাঙুৰি লৈছিল ।
উত্তরঃ ১৯৫২ চনৰ প্রথমটো সাধাৰণ নির্বাচনে লোকসভা আরু ৰাজ্যিক বিধান সভাৰ নির্বাচনকো একেলগে সাঙুৰি লৈছিল ।
(খ) ______ চনত কেন্দ্রত থকা কংগ্রেছে চৰকাৰে ______ৰ কমিউনিষ্ট চৰকাৰখনক বৰ্খাষ্ট কৰিছিল ।

উত্তরঃ ১৯৫৯ চনত কেন্দ্রত থকা কংগ্রেছে চৰকাৰে কেৰালাৰ কমিউনিষ্ট চৰকাৰখনক বৰ্খাষ্ট কৰিছিল ।


২২। ভাৰতীয় সংবিধানৰ খচৰা প্রস্তাৱ কোন তাৰিখে স্বাক্ষৰিত হৈছিল আরু কেতিয়াৰ পৰা ই বলবৎ হৈছিল ?
উত্তরঃ ভাৰতীয় সংবিধানৰ খচৰা প্রস্তাৱ ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে স্বাক্ষৰিত হৈছিল আরু ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ই বলবৎ হৈছিল ।

২৩। RSS ৰ সম্পূর্ণ নাম কি? ইয়াৰ প্রতিষ্ঠাপক সভাপতি জনৰ নাম লিখা ।
উত্তরঃ RSS ৰ সম্পূর্ণ নাম হ'ল- Rastriya Swayamsevak Sangh ৷ ইয়াৰ প্রতিষ্ঠাপক সভাপতি জনৰ নাম হ'ল- কে. বি. হেডগেৱাৰ (K. B. Hedgewar) ।


২৫। নির্বাচনৰ কোন সময়ছোৱাক কংগ্রেছ প্রথা বুলি কোৱা হয়?
উত্তরঃ নির্বাচনৰ ১৯৫২ চনৰ পৰা ১৯৬২ চনলৈকে এই সময়ছোৱাক কংগ্রেছ প্রথা বুলি কোৱা হয় ।

২৬। ভাৰতীয় জন সংঘ কেতিয়া গঠন কৰা হৈছিল আরু এই দলৰ প্রতিষ্ঠাপক সভাপতি কোন আছিল?
উত্তরঃ ভাৰতীয় জন সংঘ ১৯৫১ চনত গঠন কৰা হৈছিল আরু এই দলৰ প্রতিষ্ঠাপক সভাপতি আছিল শ্যামা প্রসাদ মুখাৰ্জী ।

২৭। সমাজবাদী দলৰ দুজন নেতাৰ নাম লিখা ।
উত্তরঃ সমাজবাদী দলৰ দুজন নেতাৰ নাম হ'ল হ'লঃ (ক) জয়প্রকাশ নাৰায়ণ আরু (খ) ৰাম মনোহৰ লোহিয়া ।

২৮। ভাৰতৰ যিকোনো দুটা ৰাষ্ট্রীয় দলৰ নাম আরু প্রতীক লিখা ।
উত্তরঃ ভাৰতৰ দুটা ৰাষ্ট্রীয় দলৰ নাম আরু প্রতীকঃ
(ক) ভাৰতীয় জাতীয় কংগ্রেছ আরু প্রতীক হ’ল- হাত, আরু 
(খ) ভাৰতীয় জনতা পার্টী আরু প্রতীক হ’ল- পদুম ফুল ।

২৯। স্বতন্ত্র দল কেতিয়া গঠন হৈছিল? এই দলৰ দুজন নেতাৰ নাম লিখা ।
উত্তরঃ স্বতন্ত্র দল ১৯৫৯ চনর আগষ্ট মাহত গঠন হৈছিল । 
এই দলৰ দুজন নেতাৰ নাম হ'লঃ (ক) চি. ৰাজাগোপালচাৰী আরু (খ) কে এম. মুন্সী । 

৩০। সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ অৱলম্বনৰ ক্ষেত্রত ভাৰতৰ ভূমিকা কি ক্ষেত্রত সাহসী আরু বিপদসঙ্কুল আছিল?
উত্তরঃ সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ অৱলম্বনৰ ক্ষেত্রত ভাৰতৰ ভূমিকা সাহসী আরু বিপদসঙ্কুল আছিল কারণঃ
(ক) সেই সময়লৈ গণতন্ত্র কেৱল চহকী রাষ্ট্রবোরতহে বর্তি আছিল ।
(খ) ইউরোপ আরু উত্তর আমেরিকা আদি দেশৰ শিক্ষিত হাৰ বেছি আছিল, ইয়াৰ তুলনাত ভাৰতৰ বহুতো নাগৰিক অশিক্ষিত আছিল ।
(গ) ইউরোপীয় দেশত সেই সময়ত মহিলাসকলক ভোটদানৰ সুবিধা প্রদান কৰা নাছিল, কিন্তু ভাৰতত সকলো মহিলাৰ বাবে ভোটাধিকাৰৰ ব্যৱস্থা আছিল । 
(ঘ) এজন ভাৰতীয় সম্পাদকে "ইতিহাসৰ আটাইতকৈ ডাঙৰ জুৱা" বুলি অভিহিত কৰিছিল ।
(ঙ) প্রতিষ্ঠাপক এখন আলোচনীয়ে লিখিছিল যে "জৱাহৰলাল নেহরুয়ে ভাৰতৰ সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ব্যর্থতা স্বীকাৰ কৰিব । 

৩১। শুদ্ধ নে অশুদ্ধ লিখা ।
(a)আম্বেদকাৰে ১৯৫৬ চনত বৌদ্ধ ধর্ম গ্রহণ কৰে
উত্তরঃ শুদ্ধ ।

(b)শ্যামা প্রসাদ মুখাৰ্জী ভাৰতৰ কম্যুনিষ্ট দলৰ প্রতিষ্ঠাপক সভাপতি আছিল
উত্তরঃ অশুদ্ধ ।

(c)প্রথম সাধাৰণ নির্বাচনত ভাৰতীয় জাতীয় কংগ্রেছৰ নেতৃত্ব দিছিল লাল বাহাদুৰ শাস্ত্রীয়ে ।
উত্তরঃ অশুদ্ধ ।

৩২। সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল?
উত্তরঃ সংবিধান সভাৰ খচৰা সমিতি(29 August, 1947) ৰ সভাপতি আছিল-   বাবা চাহেব আম্বেদকাৰ (Dr. B.R. Ambedkar) ।

৩৩। ভাৰতীয় ৰাজনৈতিক দলৰ জন্ম কেনে পৰিস্থিতিত হৈছিল?
উত্তরঃ ভাৰতীয় দলীয় ব্যৱস্থাৰ সৃষ্টি হোৱাৰ উল্লেখযোগ্য কাৰণ হ’লঃ
(ক) স্বাধীনতা আন্দোলনৰ পৰৱৰ্তী সময়ত জাতীয় বা ৰাষ্ট্রীয় সুৰক্ষাৰ কাৰণে দলীয় ব্যৱস্থাৰ সৃষ্টি হৈছিল ।
(খ) আঞ্চলিক আরু সাম্প্রদায়িকতা ৰক্ষা কাৰণে বিভিন্ন দলসমূহৰ সৃষ্টি হৈছিল ।
(গ) নেতাসকলৰ মাজত বিৰোধ আরু মতানৈক্য থকাৰ বাবে মুখ্য নেতা সকলে বিভিন্ন দল সংগঠন কৰিছিল ।
(ঘ) ভাৰতৰ দৰে এক বিশাল দেশত সকলো স্তৰৰ লোকৰ স্বার্থৰক্ষাৰ কৰাৰ কাৰণে দলসমূহ গঠনৰ প্রয়োজনীয়তা আছিল ।

৩৪। ভাৰতত কেতিয়া আরু কোনে কংগ্রেছ দল প্রতিষ্ঠা কৰিছিল?
উত্তরঃ ভাৰতত ১৮৮৫ চনত এ. ও. হিউমৰ (Allan Octavian Hume) দ্বাৰা ভাৰতত কংগ্রেছ দল প্রতিষ্ঠা কৰিছিল ।

৩৫। কোন বছৰত এটা দলৰ আধিপত্যৰ যুগ আৰম্ভ হয়?
উত্তরঃ ১৯৫২ চনত এটা দলৰ আধিপত্যৰ যুগ আৰম্ভ হয় । কংগ্রেছ দলে  ৪৮৯ আসনৰ ভিতৰত ৩৬৪ খন আসন লাভ কৰিছিল আরু ভাৰতত আধিপত্য বিস্তাৰ কৰিছিল  । 


৩৬। ভাৰতৰ দলীয় প্রথাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা
উত্তরঃ  ভাৰতৰ দলীয় প্রথাৰ এটা বৈশিষ্ট্য হ'লঃ
ভাৰতত বহুদলীয় ব্যৱস্থাৰ প্রচলন আছে ।

৩৭। ১৯৫২ চনৰ প্রথম সাধাৰণ নির্বাচনত লোকসভা আরু _____ (ৰাজ্যিক বিধান সভা/ ৰাজ্য সভা) ৰ নির্বাচন একেলগে অনুষ্ঠিত হৈছিল ।

উত্তরঃ ১৯৫২ চনৰ প্রথম সাধাৰণ নির্বাচনত লোকসভা আরু  ৰাজ্য সভা নির্বাচন একেলগে অনুষ্ঠিত হৈছিল । (Checking...)

৩৮। প্রথম নির্বাচনত দ্বিতীয় বৃহৎ সংখ্যক লোক সভাৰ আসন লাভ কৰিছিল ______ (প্রজা ছচিয়েলিষ্ট দল/ ভাৰতীয় জন সংঘ/ ভাৰতৰ সাম্যবাদী দল/ ভাৰতীয় জনতা পার্টী ।

উত্তরঃ  প্রথম নির্বাচনত দ্বিতীয় বৃহৎ সংখ্যক লোক সভাৰ আসন লাভ কৰিছিল  ভাৰতৰ সাম্যবাদী দল ।


Notice: Below questions are just uploaded, checking processing..... so any mistakes found inform us.......

৪ বা ৬ নম্বরর প্রশ্নঃ


১। নির্বাচন অনুষ্ঠিত করার বাবে ভারতর নির্বাচন আয়োগে কেনে ধরণর পদক্ষেপ লৈছিল ?
অথবাঃ  নির্বাচন অনুষ্ঠিত করিবলৈ ভারতর নির্বাচন আয়োগে কি ধরণর পদক্ষেপ লৈছিল?

উত্তরঃ ভারতর নির্বাচন আয়োগ ১৯৫০ চনর জানুৱারী মাহত গঠন করা হৈছিল । নির্বাচন আয়োগর প্রথম মুখ্য নির্বাচনী আয়ুক্ত আছিল- সুকুমার সেন ।
নির্বাচন অনুষ্ঠিত করার বাবে ভারতর নির্বাচন আয়োগে লোৱা পদক্ষেপসমূহ হ’লঃ
(ক) প্রথমে, নির্বাচন সম্পাদন করিবলৈ নির্বাচনী সমষ্টিবোরর সীমার নক্সা তৈয়ার করিছিল ।
(খ) দ্বিতীয়তে, ভোটার তালিকা প্রস্তুত করিছিল ।
(গ) তৃতীয়তে, ভোটদানর অধিকার লাভ করার তালিকা প্রস্তুত করিছিল ।
(ঘ)চতুৰ্থতে, প্রথম তালিকাখনত ৪০ লাখ মহিলার নাম সন্নিবিষ্ট নোহোৱাৰ বাবে আগর তালিকা নাকচ করি নতুন তালিকা প্রস্তুত করিছিল ।
(ঙ)প্রথম নির্বাচনত ১৭ কোটি প্রকৃত ভোটার, ৩২০০ জন বিধায়ক আরু ৪৮৯ জন লোকসভার সদস্যক নির্বাচনত অন্তৰ্ভুক্তি হৈছিল ।
(চ) নির্বাচন সম্পাদন করিবর বাবে তিনি লাখ বিষয়া আরু প’লিং কর্মচারীর নিয়োগ করা হৈছিল ।
(ছ) নির্বাচন আয়োগে সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকারর ব্যৱস্থা গ্রহণ করিছিল ।
(জ) বিভিন্ন নির্বাচনী কক্ষত একোটাকৈ বেলট বাকচ রখা হৈছিল ।
(ঝ) বেলট বাকচটোত প্রতিদণ্ডীর প্রতীক,প্রতিদণ্ডীর নাম, সমষ্টিটোর নম্বর, পুলিং ষ্টেচন, নির্বাচনী কক্ষ, প্রার্থীর সাংখীয় বর্ণনা, প্রিজাইডিং অফিচারর চহী, আদিবোর হিন্দু, উর্দু আরু পাঞ্জাবী ভাষাত লিখা আছিল ।
       এনেদরে, সকলো পরিচৰ্যা করার পিছত নির্বাচন অনুষ্ঠিত করা হৈছিল ।

২।এগরাকী ভারতীয় সম্পাদকে কিয় নির্বাচনক ‘বুরঞ্জীর এটা বৃহত্তম জুৱা’ অর্থাৎ ‘ইতিহাসর আটাইতকৈ ডাঙর জুৱা’ বুলি কৈছিল?
অথবাঃ  এজন ভারতীয় সম্পাদকে নির্বাচনক ইতিহাসর বৃহত্তম জুৱাখেল বুলি কিয় অভিহিত করিছিল ?

উত্তরঃ এগরাকী ভারতীয় সম্পাদকে প্রথম নির্বাচনক ‘বুরঞ্জীর এটা বৃহত্তম জুৱা’ অর্থাৎ ‘ইতিহাসর আটাইতকৈ ডাঙর জুৱা’ বুলি অভিহিত করিছিল, ইয়ার কারণসমূহ আছিল এনেধরণরঃ
(ক) ভারতত প্রথমবারর বাবে নির্বাচন অনুষ্ঠিত করা হৈছিল ।
(খ) ভারতর অধিকাংশ লোক দুখীয়া আরু অশিক্ষিত আছিল ।
(গ) ভারতবর্ষই সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকারর ভিত্তিত নির্বাচন প্রতিষ্ঠা করিছিল ।
(ঘ) ভারতর দরে এক বিশাল দেশত সাংবিধানিক গণতন্ত্র প্রতিষ্ঠার হকে আয়োজন করা প্রথম নির্বাচন আছিল ।
(ঙ) বিভিন্ন ভাষা আরু সংস্কৃতিরে ভরপূর বিশাল ভারত বর্ষর ১৭ কোটি প্রকৃত ভোটার, ৩২০০ জন বিধায়ক আরু ৪৮৯ জন লোকসভার সদস্যক নির্বাচন করাতো অতি সাহসী আরু বিপদসংকুল আছিল ।
 
৩।কংগ্রেছে নিজর সংবিধানখন কিয় সংশোধন করিছিল আরু সংশোধনর ফলত কি হৈছিল ?

উত্তরঃ কংগ্রেছে নিজর সংবিধানখন সংশোধন করিছিল, ইয়ার কারণসমূহ আছিল-
(ক)১৯৩৪ চনত কংগ্রেছর মাজতে কংগ্রেছ সমাজবাদী দলর সৃষ্টি হৈছিল ।
(খ) কিছুসংখ্যক ডেকা নেতাই কংগ্রেছ দলক তেওঁলোকর আদর্শরে এক গুরুত্বপূর্ণ দল স্বরূপে গঢ় দিব চেষ্টা করিছিল ।
(গ)কংগ্রেছে দলীয় সংবিধান সংশোধন করি ইয়াক রোধ করিবলৈ চেষ্টা করিছিল ।
(ঘ) লগতে, কংগ্রেছে নিজর সংবিধানখন সংশোধন করি সদস্যসকলে যাতে দুটা দলর সদস্যভুক্ত হ’ব নোৱাৰে তার বাবে ব্যৱস্থা করিছিল ।
কংগ্রেছে নিজর সংবিধানখন সংশোধন করার ফলাফলঃ
(ক) ইয়ার ফলত সমাজবাদী সকলক পৃথক সমাজবাদী দল গঠনর বাবে ১৯৪৮ চনত হেঁচা প্রয়োগ করিছিল ।
(খ)সংশোধন কাৰ্যই দলর সমর্থকসকলক হতাশ করে ।
(গ) এনে কাৰ্যই নির্বাচনী কাৰ্যকলাপত বাধার সৃষ্টি করে ।
(ঘ) কংগ্রেছ আরু সাম্যবাদ, এই দুই পৃথক আদর্শর সৃষ্টি হয় ।
(ঙ) সংশোধনর পাছত সমাজবাদীসকলে কংগ্রেছবাদর সলনি গণতান্ত্রিক সমাজবাদর আদর্শক প্রতিনিধিত্ব করে ।

৪।বি. আর. আম্বেদকার কোন আছিল? কার বাবে তেওঁ যুঁজ দিছিল?
অথবাঃ  বি. আর. আম্বেদকার কোন আছিল? তেওঁ কার বাবে সংগ্রাম করিছিল ?
 অথবাঃ ড বি. আর. আম্বেদকারর বিষয়ে চমুটোকা লিখা ।

উত্তরঃ বাবাচাহেব ভিমরাও রামজি আম্বেদকার সংবিধান সভার খচরা সমিতির সভাপতি আছিল । তেওঁ স্বাধীনতার পাছত প্রথম নেহরু কেবিনেটর মন্ত্রী আছিল । হিন্দু ক’ড বিলর ক্ষেত্রত থকা পার্থক্যর কারণে ১৯৫১ চনত পদত্যাগ করিছিল । ১৯৫৬ চনত এহাজার অনুসরণকারীর লগত একেলগে বৌদ্ধ ধর্ম গ্রহণ করিছিল । তেওঁ দ্বিতীয় বিশ্ব যুদ্ধর কালছোৱাত ভিক্টরি কাৰ্য্যনিৰ্বাহক কমিটির সদস্য আছিল ।
       তেওঁ জাতিভেদ বিপ্লৱর বিরোধী আরু দলিতসকলর ন্যায় বিচারর বাবে যুঁজ দিছিল । তেওঁ অনুসুচীত জাতির বাবে ‘অনুসুচীত জাতির ফেদারচন’ স্থাপন করিছিল । শ্রমিকসকলর হৈ তেওঁ ‘স্বাধীন শ্রমিক দলর প্রতিষ্ঠাপক স্বরূপে পরিচিত আছিল । তেখেতে সমাজর সকলো নাগরিকর অর্থে ‘ভারতর রিপাব্লিকান পার্টী গঠনর আচঁনি তৈয়ার করিছিল ।


৫।ভারতর স্বাধীনতা সংগ্রাম সন্দর্ভত কমিউনিষ্টসকলর দৃষ্টিভংগী ব্যাখ্যা করা ।
অথবাঃ  ভারতর স্বাধীনতা সংগ্রামত কমিউনিষ্ট গোটসমূহর দৃষ্টিভংগী কেনে আছিল ব্যাখ্যা করা ।

উত্তরঃ আনবোর দলর দরে কমিউনিষ্টসকলেও স্বাধীনতা সংগ্রামত বহু দিশত মুখ্য ভূমিকা গ্রহণ করিছিল । এইবোরর ভিতরত উল্লেখযোগ্যসমূহ হ’লঃ
(ক) ১৯২০ চনত রাছিয়ার বলচেভিক আন্দোলনর অনুপ্রাণিত হৈ ভারতত সাম্যবাদী দলর অথবা কমিউনিষ্ট দল গঠন হৈছিল ।
(খ) স্বাধীনতা সংগ্রামত ভারতর সাম্যবাদী দলে সমানে সহযোগিতা করিছিল ।
(গ) স্বাধীনতা সংগ্রামর বাবে সাম্যবাদী নেতাসকলে সমাজবাদ ধারণাক গুরুত্ব প্রদান করিছিল ।
(ঘ) ১৯৩৫ চনর পরাই ভারতর জাতীয় কংগ্রেছর ছত্রছায়াত স্বাধীনতা হকে যোগদান করিছিল ।
(ঙ) ১৯৪১ চনর ডিচেম্বরত সাম্যবাদী সকলে ইংরাজক নাজী জার্মানীর বিরুদ্ধে যুদ্ধ করার পরিপেক্ষিতত সমর্থন জনাইছিল আরু ভারতীয় জাতীয় কংগ্রেছর সৈতে মনোমালিন্য হয় আরু স্বাধীনতার বাবে একেলগে সহযোগ করিছিল ।
(চ) আন অ-কংগ্রেছী দলসমূহর লগতে সাম্যবাদী সলর নেতাসকলে স্বাধীনতা সংগ্রামত সক্রিয় ভূমিকা গ্রহণ করিছিল ।
(ছ) কিন্তু, স্বাধীনতার বিষয়ে সাম্যবাদী দলর ভিন্নমত আছিল ।
(জ) তেওঁলোকর মতে, ভারতর স্বাধীনতার প্রকৃতিয়ে আছিল- দলর প্রধান সমস্যা ।
(ঝ)ভারতর স্বাধীনতা লাভর পাছত সাম্যবাদী সকলে মন্তব্য করিছিল যে ১৯৪৭ চনর ক্ষমতা হস্তান্তর প্রকৃত স্বাধীনতা নহয় ।
(ঞ) স্বাধীনতার ঠিক পাছতে, সাম্যবাদীসকলর নেতৃত্বত তেলেংগনাত হিংসাত্মক আন্দোলন আরম্ভ হৈছিল ।

৬।কংগ্রেছ দলক আমি কিয় ভারতীয় রাজনীতির কেন্দ্র বুলি কওঁ চমুকৈ ব্যাখ্যা করা ।

উত্তরঃ কংগ্রেছ দলক আমি কিয় ভারতীয় রাজনীতির কেন্দ্র বুলি কওঁ, তার উল্লেখযোগ্য কারণ সমূহ হ’লঃ
(ক) ভারতীয় কংগ্রেছ দলেই হ’ল অতি পুরণি দল যি ভারতর স্বাধীনতার পূৰ্বরেই পরাই ভারতত প্রভাৱ বিস্তার করি আহিছে ।
(খ) স্বাধীনতার উত্তরকালত কংগ্রেছ দলেই প্রধান ভারতর রাজনীতির গুরি ধরিছিল ।
(গ) ভারতে স্বাধীনতা লাভ করার নিমিত্তে কংগ্রেছ দলেই মূলভূমিকা গ্রহণ করিছিল  আরু কংগ্রেছ দলর মূল লক্ষ্যই আছিল- ব্রিটিছর কবলর পরা ভারতবর্ষ স্বাধীন করা ।
(ঘ) স্বাধীনতার পাছত ভারতর জাতীয় কংগ্রেছর মূল নেতা জৱাহৰলাল নেহরু, মোরারজী দেশাই, মৌলানা আজাদ আদিয়ে রাজনীতির মূল ভূমিকা গ্রহণ করিছিল ।
(ঙ) ভারতর জাতীয় কংগ্রেছর জরীয়তেই রাজনীতির মূল অংশ সংবিধান, অধিকার সমূহ, নির্বাচনর কারু-কাৰ্য আরু আন রাজনীতির মূল নীতিসমূহ প্রস্তুত করা হৈছিল ।
(চ) স্বাধীনতার পাছত কেইবাদশক আরু কেইবাবারো কংগ্রেছে ভারতর রাজনীতিত মুখ্য ভূমিকা গ্রহণ করিছিল ।
  
৭। ভারতত কংগ্রেছ দলটো কেতিয়া গঠন করা হৈছিল আরু কোনে করিছিল ?

উত্তরঃ ভারতর কংগ্রেছ দলটো ১৮৮৫ চনত স্থাপন করা হৈছিল । এই দলটোর সক্রিয় ভূমিকা আরু আন্দোলনর পরিপেক্ষিততেই ভারত ব্রিটিছর কবলর পরা মুক্তি লাভ করিছিল । ১৯২০ চনর পাছর পরা মহাত্মা গান্ধীর নেতৃত্বত, কংগ্রেছ দল মুখ্য দল হিচাপে প্রতিষ্ঠিত হৈছিল । কংগ্রেছে ভারতক গ্রেট ব্রিটেইনর কবলর পরা মুক্তর বাবে অহোপুরুষাৰ্থ করিছিল ।
       এলেন অক্টেভিয়ান হিউমর নেতৃত্বত ভারতর কংগ্রেছ দলে পূর্ণতা লাভ করিছিল । তেওঁর নেতৃত্বত ১৮৮৫ চনর ২৮-৩১ ডিচেম্বরত বোম্বেত প্রথম অধিবেশন হৈছিল । ১৮৮৫ চনত হিউমে ভাইচরয় লর্ড দুফেরিনর(Viceroy Lord Dufferin) অনুমতি লৈ বোম্বেত কংগ্রেছর প্রথমখন মিটিং আহ্বান করে । উমেশ চন্দ্র বেণাৰ্জী এই সভার সভাপতি আছিল আরু ইয়াত ৭২ জন মূল প্রতিনিধিয়ে সহযোগ করিছিল ।  ইয়ার ভিতরত উল্লেখযোগ্যসমূহ হ’ল- দাদাভাই নৌরজী, গোপাল গণেশ আগরকার, কে. টি. টেলাং আদি ।

৮।প্রথমটো সাধারণ নির্বাচনর সময়ত কিমানটা রাষ্ট্রীয় আরু রাজ্যিক দল আছিল?
অথবাঃ প্রথম সাধারণ নির্বাচনর সময়ত কেইটা রাষ্টীয় আরু রাজ্যিক দল আছিল ?

উত্তরঃ ১৯৫২ চনর প্রথমটো সাধারণ নির্বাচনত ১৪ টা রাষ্ট্রীয় আরু ৩৯ টা রাজ্যিক বা আঞ্চলিক দল আরু মুঠতে ৫৩ টা দল,  ৫৩৩ জন প্রতিনিধিরে আরু ৪৮৯ আসনর বাবে নির্বাচন হৈছিল ।

       শ্যামা প্রসাদ মুখাৰ্জী নেতৃত্বত জন সংঘই অক্টোবর ১৯৫১ চনত এক প্রতিনিধি দল হিচাপ প্রতিষ্ঠা লাভ করিছিল । লগতে, ড বি. আর. আম্বেদকার নেতৃত্বত ‘SCHEDULED CASTES FEDERATION’ পাছলৈ রিপ্লাবিকান পার্টী হিচাপে প্রতিষ্ঠা লাভ করা দলটোয়ে প্রথম সাধারণ নির্বাচনত মুখ্য ভূমিকা গ্রহণ করিছিল ।
       আন বিশেষ দলসমূহ আছিল- আচাৰ্য কৃপলানীর নেতৃত্বত ‘কিষাণ মজদুর প্রজা পরিষদ’, রাম মনোহর লোহিয়ার নেতৃত্বত সমাজবাদী দল আরু সাম্যবাদী দল আদি মুখ্য বিরোধী দল হিচাপে কংগ্রেছর বিপক্ষে প্রথম সাধারণ নির্বাচনত প্রতিদ্বন্দ্বিতা করিছিল । নির্বাচনত ভারতীয় জাতীয় কংগ্রেছর নেতৃত্ব প্রদান দিছিল জৱাহরলাল নেহরু ।

৯। বাওঁপন্থীদলসমূহর নীতি আরু কাৰ্যসূচীসমূহ ব্যাখ্যা করা ।
অথবাঃ  বাম্পন্থী দলসমূহর নীতি আরু আঁচনিসমূহ ব্যাখ্যা করা ।

উত্তরঃ ভারতর ইতিহাসত বাওঁপন্থী দল বুলিলে প্রথমে ভারতর সাম্যবাদী দল আরু অন্যান্য সমাজবাদী দলসমূহক অগ্রাধিকার দিয়া হয় । ভারতর স্বাধীনতা পাছর পরাই বাওঁপন্থী দলসমূহে ভারতত গণতন্ত্র প্রতিষ্ঠা করাত সুযোগ করি দিছে । বাওঁপন্থীদলসমূহর নীতিসমূহ হ’ল এনেধরণরঃ
(ক) দলীয় ব্যৱস্থার গণতন্ত্রক সাফল্যমণ্ডিত করাঃ
(খ) গণতন্ত্রর নীতিসমূহক কাৰ্যকৰী করাঃ
(গ) চরকারক জনসাধারণর ওচৰত দায়বদ্ধতা অনার ক্ষেত্রতঃ
(ঘ) গণতন্ত্রক সু-প্রতিষ্ঠিত করাঃ
(ঙ) জনমত গঠন করাঃ
(চ) চরকারর কাৰ্যকলাপত গঠনমূলক সমালোচনা করাঃ
(ছ) জনস্বার্থ বিরোধী কাৰ্যক বাধা প্রদান করাঃ
(জ) চরকারর দুর্নীতিমূলক কাৰ্যৰ বিপক্ষে মাত-মাতাঃ
(ঝ)সংসদীয় গণতন্ত্রর রক্ষা করাঃ
(ঞ)শৃংখলাবদ্ধ আরু গঠনমূলক ভূমিকাঃ
(ট) প্রয়োজনত নতুন চরকার গঠনত ভূমিকা গ্রহণ করাঃ

১০। ভারতীয় গণতান্ত্রিক ব্যৱস্থাত মৰ্চাযুগৰ সৃষ্টি হোৱাৰ চারিটা কারণ লিখা ।
উত্তরঃ same as below 13 NO

১১। ভারতীয় দলীয় ব্যৱস্থার যিকোনো চারিটা বৈশিষ্ট্য লিখা ।
উত্তরঃ ভারতীয় দলীয় ব্যৱস্থার ছয়টা মূল বৈশিষ্ট্য হ’লঃ
(ক) বহুদলীয় ব্যৱস্থাঃ
       ভারতত বহুদলীয় ব্যৱস্থা আছে । এক নির্বাচনত বহুতো দলে প্রতিদ্বন্দ্বিতা করিব পারে ।
(খ) বিরোধী দলর ভূমিকাঃ
       ভারতর দলর আন এক বৈশিষ্ট্য হ’ল বিরোধী দলর ভূমিকা । বিরোধী দল বোরে শাসিত চরকারখনর কাম-কাজ সমূহ সুচারুরূপে পরিচালিত হৈ আছে নে নাই তাক নিরীক্ষণ করে ।
(গ) সাংবিধানিক নীতির ওপরত প্রতিষ্ঠিতঃ
    ভারতর দলসমূহে সাংবিধানিক নীতি-নিয়মসমূহ মানি চলাতো বাধ্যতামূলক । কোনো দলে সংবিধানর নীতি অমান্য করিব নোৱাৰে ।
(ঘ) গণতন্ত্রর আদর্শর দ্বারা প্রতিফলিতঃ
       ভারতর প্রত্যেকতো দলে গণতন্ত্রর আদর্শত প্রতিষ্ঠিত । চরকার দখল করা প্রত্যেকটো দলে গণতন্ত্র রক্ষা করিব লাগিব ।
(ঙ) নির্বাচন আয়োগর অনুমতি প্রদানঃ
       ভারতর দলসমূহক নির্বাচন আয়োগে স্বীকৃতি প্রদান করিব লাগিব । অন্যথা দলটোৱে নির্বাচনত অংশগ্রহণ করিব নোৱাৰিব ।
(চ) সংযুক্ত দলর ব্যৱস্থাঃ
       ভারতত সংযুক্ত দলর ব্যৱস্থা আছে । দুই বা তাতোকৈ অধিক দল যুক্ত হৈ নির্বাচনত প্রতিদ্বন্দ্বিতা করিব পারে আরু চরকার গঠন করিব পারে ।

১২। ভারতীয় দলীয় ব্যৱস্থার প্রকৃতি তুমি কিদরে ব্যাখ্যা করিবা ।
উত্তরঃ same as 11

১৩। ভারতত একদলীয় ব্যৱস্থার শাসনর যিকোনো চারিটা (৪) কারণ লিখা ।

উত্তরঃ ভারতত কংগ্রেছ দল বহু দশক আরু বহুবার নির্বাচনত বিজয়ী হৈছিল আরু চরকার গঠন করিছিল । যার বাবে ভারতর রাজনীতিত কংগ্রেছ দলক একদলীয় আধিপত্য বুলি কোৱা হয় । ইয়ার মূল কারণ সমূহ হ’লঃ
(ক) দুর্বল বিরোধী দলর ভূমিকাঃ
       ভারতত বিরোধী দলসমূহর ভূমিকা অতি নগণ্য । সবল বিরোধী দলর অভাৱত কংগ্রেছেই বহুবছর আধিপত্য বিস্তার করি আছিল ।
(খ) উপযুক্ত নেতার অভাৱঃ
       ভারতর বিরোধী দলসমূহত সবল নেতার অভাৱ । উপযুক্ত নেতার অভাৱৰ বাবে ভারতর একদলীয় আধিপত্য প্রতিষ্ঠা হৈছিল ।
(গ) জনপ্রিয়তার অভাৱঃ
 অতীতরে পরা জনপ্রিয় দলসমূহে ভারতর রাজনীতিত প্রভাৱ বিস্তার করি আহিছে । জনপ্রিয় নোহোৱা দলসমূহে ভারতর রাজনীতিত প্রতিষ্ঠা করিব পরা নাই ।
(ঘ) সু-পরিকল্পিত নীতি আরু কাৰ্যসূচীর অভাৱঃ
       ভারতর দলসমূহত সু-পরিকল্পিত নীতি আরু কাৰ্যসূচীসমূহর প্রয়োগ নহয় , যার বাবে সাধারণ জনগণ এইদলসমূহক সহায় আরু ভোট প্রদান নকরে ।
(ঙ) দলর ভিতরত মতানক্যঃ
প্রায়বোর দলর ভিতরতে বিভিন্ন মতানক্য চলি থাকে । সেয়েহে, দলর মাজত চলা অরিয়া-অরিয়ার বাবে সু-প্রতিষ্ঠিত হব নোৱাৰে ।
(চ) আদর্শগত পার্থক্যঃ
       দলর মূল নেতা সকলর প্রত্যেকরে পৃথক আদর্শ পরিলক্ষিত হয় । যার বাবে দলর নেতা সকলর মাজত একতার অভাৱে নেতা সকলর মাজত কণ্ডল, দল বাগরা, দল এরি আন দললৈ যোৱা আদি কারণত জনসাধারণে এই দলবোরক আদরি নলয় ।


১৪। ছচিয়েলিষ্ট পার্টী অৱ ইণ্ডিয়ার লক্ষ্য আরু উদ্দেশ্যসমূহর তালিকা দিয়া । দলটোৱে কিয় নিজকে কংগ্রেছর প্রভাবী বিকল্প হিচাপে প্রমাণ করিব নোৱাৰিলে?

উত্তরঃ ১৯৩৪ চনত কংগ্রেছরে ভিতরতে কংগ্রেছ সমাজবাদী দলর গঠন হৈছিল । পরৱৰ্তী সময়ত ১৯৪৮ চনত দলীয় সংবিধানর পিছত পৃথক সমাজবাদী দলর সৃষ্টি হৈছিল । এই দলর লক্ষ্য আরু উদ্দেশ্যসমূহ হ’ল এনেধরণরঃ
(ক) গণতান্ত্রিক সমাজবাদ আদর্শর প্রতিষ্ঠাঃ
       সমাজবাদী নেতাসকলে গণতান্ত্রিক সমাজবাদ আদর্শর প্রতিষ্ঠা করিছিল । জনসাধারণর মাজত কংগ্রেছর পৃথক দল হিচাপে সমাজবাদ আদর্শক প্রতিফলিত করিছিল ।
(খ) কংগ্রেছ দলর সমালোচনাঃ
       এই দলে কংগ্রেছর দলর কাম-কাজসমূহর সমালোচনা করিছিল । জনসাধারণর বিপক্ষে করা কংগ্রেছর দলর কামসমূহর বিপক্ষে মাত মাতিছিল ।
(গ) পুঁজিবাদী ব্যৱস্থার বিরুদ্ধে যুঁজঃ
       কংগ্রেছে পুঁজিবাদী ব্যৱস্থাক অধিক গুরুত্ব প্রদান করিছিল । সেয়েহে সমাজবাদী দলে ইয়ার বিরুদ্ধিতা করি সমাজবাদ প্রতিষ্ঠা করার বাবে আন্দোলন গঢ়ি তুলিছিল ।
(ঘ) জমিদার সকলর বিরুদ্ধে পদক্ষেপঃ
       কংগ্রেছ দলে জমিদারসকলক অধিক গুরুত্ব দিছিল আরু সাধারণ জনতা আরু কৃষকসকলক কম গুরুত্ব প্রদান করিছিল । এই দিশত সমাজবাদী দলে ইয়ার বিরুদ্ধে মাত মাতিছিল ।
(ঙ) গণ আন্দোলনর প্রতিষ্ঠাঃ
       সমাজবাদী দলেবহুতো গণ আন্দোলনর প্রতিষ্ঠা করিছিল । কংগ্রেছ দলর অন্যায় আরু অনোপকার কাম-কাজর বিপক্ষে আন্দোলন গঢ়ি তুলিছিল ।
(চ) কংগ্রেছর স্বেচ্ছাচারী শাসনর বিরুদ্ধে যুঁজঃ
কংগ্রেছ দল বহুতো কাৰ্যত স্বেচ্ছাচারী শাসন পরিচালিত করিছিল । সেয়েহে সমাজবাদী দলে ইয়ার বিপক্ষে প্রতিবাদী কাৰ্যসূচী, হরতাল, পথ অৱরুধ, আদি কাৰ্যসূচী গ্রহণ করিছিল । 

       কিন্তু দলটোৱে নিজকে কংগ্রেছর প্রভাবী বিকল্প হিচাপে প্রমাণ করিব নোৱাৰিলে, ইয়ার কারণসমূহ হ’লঃ
(ক)১৯৫৫ চনত কংগ্রেছ দলে সমাজবাদী আদর্শরে সমাজ প্রতিষ্ঠা করার লক্ষ্য ঘোষণা করিছিল ।
(খ) এনে পরিস্থিতিত সমাজবাদী দল দোধোর-মোধোরত পরিছিল ।
(গ) কংগ্রেছর সমাজবাদী আদর্শর উত্থানে সমাজবাদীসকলর গুরুত্ব বহু গুণে কম করিছিল ।
(ঘ) কিছু পরিমাণ সমাজবাদী নেতাই রাম মনোহর লোহিয়ার নেতৃত্বত কংগ্রেছর সমালোচনার পরা আতরত আছিল ।
(ঙ) অশোক মেহতার দরে বহু নেতাই কংগ্রেছক সমান্যভাৱে সহায় আগবঢ়াইছিল ।
(চ)সমাজবাদী দল পাছলৈ বহু বিভাজন আরু পুনর গঠন হৈছিল ।
       এইবোর কারণতে সমাজবাদী দল কংগ্রেছর এক বিকল্প শক্তিশালী দল রূপে প্রতিষ্ঠা লাভ করিব পরা নাছিল ।

১৫। “বিরোধী পক্ষ হ’ল ভারতর এক বিভাজিত সদন”- ব্যাখ্যা করা ।

উত্তরঃ ভারতর ১৯৫২ চনর প্রথম নির্বাচনর আগতেই বহুতো বিরোধী দলর সৃষ্টি হৈছিল । এই দলবোরে ষাঠি আরু সত্তর দশকত গুরুত্বপূর্ণ ভূমিকা গ্রহণ করিছিল । ১৯৫০ চনর কিছুসংখ্যক বিরোধী দলক বর্তমান অ-কংগ্রেছী দলর জন্মদাতা বুলি কোৱা হয় । সেই সময়ছোৱাত প্রায়বোর বিরোধী দলে লোকসভা আরু রাজ্যিক বিধানসভাত নাম মাত্র অংশ লোৱাৰহে সুবিধা পাইছিল । তেওঁলোকে সদনত মুখ্য স্থান পোৱা নাছিল । লগতে, তেওঁলোকর যুক্তি আরু চৰ্তবোরে বহু কম পরিমাণে শাসিত চরকারে গ্রহণ করিছিল । তেওঁলোকে সদনত ক্ষমতাশালী প্রভাৱ পেলাব পরা নাছিল । সেয়েহে “বিরোধী পক্ষ হ’ল ভারতর এক বিভাজিত সদন” বুলি কোৱা হয় । কারণ, বিরোধী পক্ষসমূহে ভারতর উচ্চ সদন আরু নিম্ন সদনর পরা এক বিভাজনেরে তেওঁলোকর মন্তব্য উত্থাপন করে ।

১৬। শুদ্ধ নে অশুদ্ধ লিখাঃ

(ক) ১৯৫২ চনর প্রথমটো সাধারণ নির্বাচনর সময়ত ১৪ টা রাষ্ট্রীয় দল আছিল ।
উত্তরঃ শুদ্ধ ।
(খ) ড আম্বেদকারে ১৯৫৬ চনত বৌদ্ধধর্ম গ্রহণ করিছিল ?
উত্তরঃ শুদ্ধ ।
(গ) ভারতত বহুদলীয় ব্যৱস্থা আছে ।
উত্তরঃ শুদ্ধ ।
(ঘ) শ্যামাপ্রসাদ মুখাৰ্জী আছিল ভারতীয় কমিউনিষ্ট পার্টীর প্রতিষ্ঠাপক সভাপতি ।
উত্তরঃ অশুদ্ধ ।
(ঙ)প্রথমটো সাধারণ নির্বাচনত ভারতীয় জাতীয় কংগ্রেছক নেতৃত্ব দিছিল লালবাহাদুর শাস্ত্রী ।
উত্তরঃ অশুদ্ধ ।
(চ) ১৯৫৫ চনত স্বতন্ত্র পার্টী গঠিত হৈছিল ।
উত্তরঃ অশুদ্ধ
updating.........