চমু উত্তৰঃ (২ নম্বৰৰ)
১। নীতি শাস্ত্রৰ সংজ্ঞা দিয়া ।
উত্তৰঃ অধ্যাপক মেকেঞ্জিৰ
মতে- “নীতিবিদ্যা মানুহৰ আচৰণৰ শুদ্ধতা বা শ্রেয়
সম্পর্কীয় বিজ্ঞান ।”
নীতিশাস্ত্রবিদ মূৰহেডৰ মতে- “নীতিবিদ্যা মানুহৰ আচৰণৰ লগত জড়িত সৰ্বোত্তম
আদর্শৰ বিজ্ঞান ।”
নীতিবিজ্ঞানী উইলিয়াম
লিলিৰ মতে, “নীতিবিদ্যা হ’ল সমাজত বসবাস কৰা মানুহৰ আচৰণ সম্পর্কীয় আদর্শনিষ্ঠ
বিজ্ঞান ।”
২। আদর্শনিষ্ঠ বিজ্ঞান
কি?
উত্তৰঃ আদর্শনিষ্ঠ
বিজ্ঞান হৈছে বিজ্ঞানৰ এক ভাগ বা অংশ, যি বিজ্ঞানে কোনো এটা আদর্শ বা মানদণ্ডক
মাপকাঠী হিচাপে লৈ বিষয়বস্তুৰ মূল্য নির্ধাৰণ কৰে । উদাহৰণস্বরূপে- তর্কবিজ্ঞান
হৈছে আদর্শনিষ্ঠ বিজ্ঞাণ যাৰ আদর্শ হৈছে সত্যতা ।
৩। ঔচ্ছিক ক্রিয়াৰ
বিভিন্ন স্তৰবোৰ কি কি?
উত্তৰঃ ঐচ্ছিক ক্রিয়াক
বিশ্লেষণ কৰিলে, ইয়াৰ তিনিটা স্তৰ বা পর্যায় পোৱা যায় । সেয়া হৈছে- (ক) মানসিক স্তৰ,
(খ) শাৰীৰিক স্তৰ বা দৈহিক স্তৰ আরু (গ) পৰিসমাপ্তি স্তৰ বা বাহ্য স্তৰ ।
৪। অভ্যাসজনিত ক্রিয়া
নৈতিক বিচাৰৰ বিষয়-বস্তু হয়নে ?
উত্তৰঃ হয় । ঐচ্ছিক
ক্রিয়া আরু অভ্যাসজনিত ক্রিয়া যিহেতু দুয়ুপ্রকাৰেই নৈতিক ক্রিয়া, সেয়েহে এই দুয়ু
প্রকাৰৰ ক্রিয়াই নৈতিক বিচাৰৰ বিষয়বস্তু ।
৫। কামনাৰ সংঘাত বুলিলে
কি বুজা ?
উত্তৰঃ একেটা সময়তে
কামনা একাধিক হ’ব পাৰে । একে সময়তে উদ্ভৱ হোৱা একাধিক কামনাই মনত সংঘাত বা
দ্বন্দ্বৰ সৃষ্টি কৰে । ইয়াকে কামনাৰ সংঘাত বোলা হয় ।
৬। পুরুষাৰ্থৰ অর্থ কি?
উত্তৰঃ পুরুষাৰ্থৰ অর্থ
হৈছে পুরুষৰ বা মনুষ্যৰ প্রয়োজন । অর্থাৎ আধ্যাত্মিক পূর্ণতা লাভৰ যিবোৰ উপায় বা
হেতু বিৰাজমান, সেইবোৰেই হৈছে মানৱৰ পুরুষার্থ । ভাৰতীয় নীতিশাস্ত্রত পুরুষার্থ চাৰিপ্রকাৰৰ
। (ক) ধর্ম, (খ) অর্থ, (গ) কাম আরু (ঘ) মোক্ষ ।
৭। বৰ্ণাশ্রম ধর্ম
বুলিলে কি বুজা ?
উত্তৰঃ সমাজত প্রত্যেকজন
ব্যক্তিৰ স্ব-ধর্ম আছে । ইন্দ্রিয়সমূহক সংযম কৰি নিজ নিজ কর্ম কৰাই মানৱৰ ধর্ম ।
গীতাৰ মতে স্ব-ধর্মৰ অর্থ হৈছে নিজৰ কর্ম বা কর্তব্য । ভাৰতীয় নীতিশাস্ত্র অনুসৰি
স্ব-ধর্ম পালন নকৰি আনৰ ধর্ম গ্রহণ কৰাটো অপৰাধ । ইয়াকে, বৰ্ণাশ্রম ধর্ম বুলি কোৱা
হয় ।
৮। নীতি শাস্ত্রক কিয় আদর্শ বিজ্ঞান বুলি কোৱা হয় ?
উত্তৰঃ নীতি শাস্ত্রক আদর্শ বিজ্ঞান
বুলি কোৱা হয় । কাৰণ, নীতি বিদ্যা বা নীতি শাস্ত্রই এক আদর্শ বা মানদণ্ডক মাপকাঠী
হিচাপে লৈ বিষয়বস্তুৰ মূল্য নির্ধাৰণ কৰে । নীতি শাস্ত্রই পৰমশ্রেয়ক আদর্শৰ
মাপকাঠী হিচাপে লৈ মানুহৰ আচৰণ আরু ঐচ্ছিক ক্রিয়াৰ নৈতিক মূল্য নির্ধাৰণ কৰে ।
লগতে, নীতি-নিয়মৰ মাধ্যমেৰে জীৱন যাপন কৰি ইয়াৰ নিৰ্দিষ্ট লক্ষ্য বা আদর্শত উপনীত
হ’বলৈ নীতি বিদ্যাই বা নীতি শাস্ত্রই মানুহৰ মনত অনুপ্রেৰণা যোগায় ।
৯। মোক্ষৰ সংজ্ঞা দিয়া ।
উত্তৰঃ আত্মাৰ স্বরূপ উপলব্ধি কৰা আরু জন্ম-মৃত্যুৰ সংসাৰ চক্রৰ পৰা হাত সাৰিব
পৰাটোকেই মোক্ষ বা নির্বাণ বোলে ।
কোনো কোনো নীতিশাস্ত্রবিদৰ মতে- “অবিদ্যা
বা অজ্ঞানতা দূৰ কৰি শুদ্ধ চৈতন্য আত্মাৰ উপলব্ধিয়েই হৈছে মুক্তি বা মোক্ষ বা
নির্বাণ” ।
১০। ত্রিবর্গ বুলিলে কি বুজা ?
উত্তৰঃ ত্রিবর্গ বুলিলে ধর্ম, অর্থ আরু কামক বুজা যায় । হিন্দু নীতিশাস্ত্র অনুসৰি ধর্ম, অর্থ আরু কাম হৈছে পুরুষার্থৰ ত্রিবর্গ । এই ত্রিবর্গ, ধর্ম, অর্থ আরু কামক সাধন বোলা হয় আরু মোক্ষ হৈছে সাধ্য । এই চাৰি পুরুষার্থৰ জৰিয়তেই মানৱে জীৱনৰ আধ্যাত্মিকতা পূর্ণতা আরু সার্থকতা লাভ কৰিব পাৰে ।
চমু উত্তৰঃ (৩ নম্বৰৰ)
১। নৈতিক কাৰ্য কি? নৈতিক কাৰ্যৰ দুটা উদাহৰণ দিয়া ।
উত্তৰঃ নৈতিক কাৰ্য বা কর্ম সেইবোৰ ক্রিয়াক সূচায় যি ক্রিয়াৰ নৈতিক গুণ আছে ।
অর্থাৎ যি ক্রিয়াৰ শুদ্ধতা-অশুদ্ধতা, উচিত-অনুচিত আদিৰ লগত জড়িত, সেই ক্রিয়া বা
কর্মই হৈছে নৈতিক কাৰ্য বা নৈতিক কর্ম ।
নৈতিক কাৰ্যৰ দুটা উদাহৰণ হৈছে-
উচিত কাৰ্য আরু শুদ্ধতা কৰ্ম ।
২। অনৈতিক কাৰ্য কি? অনৈতিক কাৰ্যৰ দুটা উদাহৰণ দিয়া ।
উত্তৰঃ অনৈতিক কাৰ্য বা কর্ম সেইবোৰ ক্রিয়াক সূচায় যিবোৰ কর্মত নৈতিক গুণ আৰোপ
কৰিব নোৱাৰি । অর্থাৎ যি ক্রিয়াৰ শুদ্ধ-অশুদ্ধ, উচিত-অনুচিত আদিৰ বিচাৰ কৰিব নোৱাৰি,
সেই ক্রিয়াক অনৈতিক কাৰ্য বোলে ।
অনৈতিক কাৰ্যৰ দুটা উদাহৰণ হৈছে-
(ক) নিৰ্জীৱ বা অচেতন বস্তুৰ দ্বাৰা সংঘটিৰ হোৱা কাম বিশেষকৈ ভূমিকম্প, বানপানী
আদি আরু (খ) সরু ল’ৰা-ছোৱালী বা শিশুৰ স্বতঃস্ফূৰ্ত ক্রিয়াসমূহ ।
৩। ঐচ্ছিক ক্রিয়াৰ সংজ্ঞা দিয়া । অভ্যাসমূলক কাৰ্য ঐচ্ছিক ক্রিয়াৰ অন্তর্ভুক্ত
নে?
উত্তৰঃ যিবোৰ ক্রিয়া কৰ্তাই সজাগ হৈ বুদ্ধি-বৃত্তি প্রয়োগৰ জৰিয়তে কোনো
উদ্দেশ্য সম্পাদন কৰিবৰ বাবে ইচ্ছাকৃতভাৱে কৰে, সেইবোৰ কর্মক ঐচ্ছিক ক্রিয়া বা
ঐচ্ছিক কর্ম বোলে ।
অভ্যাসমূলক কাৰ্য ঐচ্ছিক ক্রিয়াৰ
অন্তর্ভুক্ত । কাৰণ, অভ্যাসমূলক কাৰ্য ঐচ্ছিক ক্রিয়াৰ পুনৰাবৃত্তিৰেই পৰিণতি ।
৪। যিকোনো তিনিটা অ-নৈচ্ছিক ক্রিয়া ব্যাখ্যা কৰা ।
উত্তৰঃ তিনিটা অ-নৈচ্ছিক ক্রিয়া হৈছে এনেধৰণৰঃ
(ক) অচেতন বা বস্তুৰ জৰিয়তে সংঘটিত কাম বা প্রাকৃতিক দুৰ্যোগৰ ফলত হোৱা ঘটনাবোৰ
অনৈচ্ছিক ক্রিয়া । কাৰণ, এনে অনৈচ্ছিক কামবোৰৰ নৈতিক মূল্য বিচাৰ কৰাৰ প্রয়োজন ।
ভূমিকম্প, বানপানী, ধুমুহা আদি ।
(খ) সরু ল’ৰা-ছোৱালী বা শিশুৰ স্বতঃস্ফূৰ্ত ক্রিয়াসমূহ হৈছে অ-নৈচ্ছিক ক্রিয়া
। কাৰণ, শিশুৱে জানি-বুজি বা কোনো অভিপ্রায় লৈ কাম নকৰে ।
(গ) সহজাত ক্রিয়াবোৰ হৈছে অনৈচ্ছিক ক্রিয়া । কাৰণ, ইয়াত কোনো সজ্ঞান প্রচেষ্টা
বা উদ্দেশ্যৰ স্পষ্ট ধাৰণা নাই ।
৫। কর্মৰ উৎসৰ বিষয়ে এটা চমুটোকা লিখা ।
উত্তৰঃ কর্মৰ উৎস হৈছে ঐচ্ছিক ক্রিয়াৰ অন্তর্গত মানসিক স্তৰৰ এক মানসিক উপাদান
। অভাৱবোধ হ’ল মানুহৰ মানসিক ক্রিয়াৰ উৎস । অভাৱে মানুহৰ মনত অস্বস্তিকৰ আরু
দুখদায়ক অৱস্থাৰ সৃষ্টি কৰে । এনে মানসিক অৱস্থাৰ অন্ত পেলাবৰ বাবে মানুহ কর্মত
প্রবৃত্ত হয় । ইয়াকে কর্মৰ উৎস বোলা হয় ।
৬। কামনাৰ সংঘাত বুলিলে কি বুজা ?
উত্তৰঃ একেটা সময়তে কামনা
একাধিক হ’ব পাৰে । একে
সময়তে উদ্ভৱ হোৱা একাধিক কামনাই মনত সংঘাত বা দ্বন্দ্বৰ সৃষ্টি কৰে । ইয়াকে কামনাৰ সংঘাত বোলা
হয় । কামনাৰ
সংঘাত হৈছে ঐচ্ছিক ক্রিয়াৰ অন্তর্গত মানসিক স্তৰৰ এক মানসিক উপাদান । ইয়াৰ মাধ্যমেৰে
কামনাৰ জৰিয়তে সৃষ্টি হোৱা মনৰ সংঘাত বা দ্বন্দ্বসমূহ বুজোৱা হয় ।
৭। পৰিসমাপ্তিৰ স্তৰৰ বিষয়ে চমুটোকা লিখা ।
উত্তৰঃ পৰিসমাপ্তি হৈছে কাম্য বা বাঞ্ছিত ফলৰ লাভ । অর্থাৎ কাম্য বা বাঞ্ছিত
ফল অর্জন কৰাই হৈছে ঐচ্ছিক ক্রিয়াৰ পৰিসম্পাপ্তি । এই প্রাপ্তি কেতিয়াবা
প্রত্যাশিত আরু কেতিয়াবা কেতিয়াবা অপ্রত্যাশিত হোৱা দেখা যায় । পৰিসমাপ্তিৰ স্তৰৰ
মাধ্যমেৰে ঐচ্ছিক কাৰ্যৰ ফলৰ বিবেচনা কৰা হয় । এই ফল কেতিয়াবা আশা কৰা মতে সম্পাদন
হয় । কিন্তূ বিবেচনা, নির্বাচন, সংকল্প আদিৰ
প্রভাৱত কেতিয়াবা পৰিসমাপ্তি স্তৰ আশা কৰা মতে সম্পাদন নহয় ।
৮। কর্ম কি ? ইয়াক কিয় পুরুষার্থত অন্তৰ্ভুক্ত কৰা হৈছে ?
উত্তৰঃ কর্ম হৈছে এটা জৈৱিক প্রবৃত্তি যাৰ সহায়ত জীৱৰ অস্তিত্ব অব্যাহত থাকে ।
কাম শব্দৰ পৰিভাষিক অর্থ হৈছে ইচ্ছা, যি সকলো ক্রিয়াৰ প্রেৰক শোক্তি । কর্ম তিনি
প্রকাৰৰ । সেয়া হৈছে- সাত্ত্বিক(ধৰ্মানুগত কাম), ৰাজসিক (ভোগ-বিলাস, বিষয়-বাসনা,
ইন্দ্রিয় সম্ভোগৰ আদি), আরু তামসিক (নিদ্রা, আলস্য আদি) ।
কাম মানৱ জীৱনৰ সুখ আরু আনন্দৰ উৎস
। বংশ ৰক্ষা, সমাজ ৰক্ষা আরু সামাজিক বিকাশৰ গুৰিতে হৈছে কাম । লগতে, কাম সাধনাই
মানুহৰ জীৱনৰ অন্যতম ধৰণ । সেয়েহে, কর্মক পুরুষার্থত অন্তৰ্ভুক্ত কৰা হৈছে ।
৯। ‘অর্থ’ৰ অর্থ ব্যাখ্যা কৰা ।
উত্তৰঃ ‘অর্থ’ৰ অর্থ এইয়েই যে অর্থ হৈছে ধর্ম আরু কামৰ সাধনস্বরূপ । অর্থক
ধর্ম আরু কামৰ সাধন হিচাপে গুরুত্ব প্রদান কৰা হয় । কেৱল মাত্র দৈহিক সুখ বা
ভোগ-বিলাসৰ বাবে অর্থ নহয়, ইয়াৰ মূল অর্থ আরু উদ্দেশ্য হৈছে পুরুষার্থ সিদ্ধিৰ পথ
সুগম কৰি তোলা । ভাৰতীয় সংস্কৃতিত অর্থক পুরুষার্থ হিচাপে দ্বিতীয় স্থান প্রদান কৰা
হৈছে । কিয়নো, মানুহৰ প্রাথমিক প্রয়োজন সমূহ অর্থৰ জৰিয়তে পূৰণ কৰা সম্ভৱ । সেয়েহে,
অর্থক সাধাৰণতে আন পুরুষার্থৰ সাধন হিচাপে ব্যৱহাৰ কৰা হয় ।
১০। মোক্ষ বুলিলে কি বুজা ?
উত্তৰঃ আত্মাৰ স্বরূপ উপলব্ধি কৰা আরু জন্ম-মৃত্যুৰ সংসাৰ চক্রৰ পৰা হাত সাৰিব
পৰাটোকেই মোক্ষ বা নির্বাণ বোলা হয় ।
কোনো কোনো নীতিশাস্ত্রবিদৰ মতে-
“অবিদ্যা বা অজ্ঞানতা দূৰ কৰি শুদ্ধ চৈতন্য আত্মাৰ উপলব্ধিয়েই হৈছে মুক্তি বা
মোক্ষ বা নির্বাণ” ।
ভাৰতীয় দর্শনত মোক্ষ লাভৰ নিমিত্তে তিনিটা মাৰ্গ উল্লেখ কৰিছে
। সেয়া হৈছে- কর্মযোগ, জ্ঞানযোগ আরু ভক্তিযোগ । এই তিনি মার্গৰ মাধ্যমেৰে মানুহে
মোক্ষ বা নির্বাণ লাভ কৰিব পাৰে ।
দীঘলীয়া উত্তৰঃ (৪ নম্বৰৰ)
১। কাৰ্য কি? নৈতিক আরু অ-নৈতিক কাৰ্যৰ মাজৰ পাৰ্থক্য নিরূপণ কৰা ।
উত্তৰঃ কর্ম বা কাৰ্য হৈছে এটা জৈৱিক প্রবৃত্তি যাৰ সহায়ত জীৱৰ অস্তিত্ব
অব্যাহত থাকে । কাম বা কাৰ্য শব্দৰ পৰিভাষিক অর্থ হৈছে ইচ্ছা, যি সকলো ক্রিয়াৰ
প্রেৰক শোক্তি । কর্ম বা কাৰ্য তিনি প্রকাৰৰ । সেয়া হৈছে- সাত্ত্বিক(ধৰ্মানুগত কাম), ৰাজসিক (ভোগ-বিলাস,
বিষয়-বাসনা, ইন্দ্রিয় সম্ভোগৰ আদি), আরু তামসিক (নিদ্রা, আলস্য আদি) ।
নৈতিক আরু অ-নৈতিক কাৰ্যৰ মাজত
কিছুমান পার্থক্য পৰিলক্ষিত হয় । ইয়াৰ ভিতৰত উল্লেখযোগ্য পাৰ্থক্যসমূহ সমূহ হ’ল
এনেধৰণৰঃ
(ক) নৈতিক কাৰ্যত নৈতিক গুণ আছে ।
আনহাতে, অনৈতিক কাৰ্যত নৈতিক গুণ আৰোপ
কৰিব নোৱাৰি ।
(খ) নৈতিক কাৰ্যত শুদ্ধতা-অশুদ্ধতাক বিচাৰ কৰা হয় ।
আনহাতে, অনৈতিক কাৰ্যত
শুদ্ধতা-অশুদ্ধতাক বিচাৰ কৰিব পৰা নাযায় ।
(গ) নৈতিক কাৰ্যত উচিত আরু অনুচিত বিষয়সমূহক বিবেচনা কৰা হয় ।
আনহাতে, অনৈতিক কাৰ্যত উচিত-অনুচিত
বিষয়ৰাজিক বিবেচনা কৰা নহয় ।
(ঘ) নৈতিক কাৰ্যত ক্রিয়া-কৰ্তাই সজাগ হৈ বুদ্ধি-বৃত্তি প্রয়োগৰদ্বাৰা কোনো
উদ্দেশ্য সম্পাদন কৰিবলৈ ইচ্ছাকৃতভাৱে ক্রিয়া কৰে ।
আনহাতে, অনৈতিক কাৰ্যত
ক্রিয়া-কৰ্তাই সম্পূৰ্ণ সজাগ নহয় ।
(ঙ) নৈতিক কাৰ্যসমূহ কৰ্তাৰ জ্ঞাতসাৰে সম্পন্ন হয় ।
আনহাতে, অনৈতিক কাৰ্যত কৰ্তাৰ
অজ্ঞাতসাৰেই অনিচ্ছাকৃতভাৱে কাম কৰা হয় ।
(চ) নৈতিক কামবোৰৰ নৈতিক মূল্য বিচাৰ কৰিব পাৰি ।
আনহাতে, অনৈতিক কাৰ্যবোৰৰ নৈতিক
মূল্য বিচাৰ কৰাৰ প্রয়োজন নাই ।
২। ঐচ্ছিক ক্রিয়া কি? ঐচ্ছিক ক্রিয়াৰ বৈশিষ্ট্যবোৰ কি কি?
উত্তৰঃ ঐচ্ছিক ক্রিয়া হৈছে নৈতিক ক্রিয়াৰ এক মূল ভাগ যত ক্রিয়া-কৰ্তাই নিজ
ইচ্ছা আরু সজাগেৰে বুদ্ধি-বৃত্তি প্রয়োগৰ দ্বাৰা কৰা কামসমূহক অন্তৰ্ভুক্ত কৰে ।
ঐচ্ছিক ক্রিয়াৰ উল্লেখযোগ্য বৈশিষ্ট্যবোৰ হৈছে
এনেধৰণৰঃ
(ক) ঐচ্ছিক ক্রিয়াত ক্রিয়া-কৰ্তাই সজাগ হৈ কাৰ্য সম্পাদন কৰে ।
(খ) ঐচ্ছিক ক্রিয়াৰ ক্ষেত্রত কৰ্তাই বুদ্ধি-বৃত্তিৰ প্রয়োগ কৰে ।
(গ) ঐচ্ছিক ক্রিয়াসমূহত, কৰ্তাই ইচ্ছাকৃতভাৱে কাৰ্য সম্পাদন কৰে ।
(ঘ) ঐচ্ছিক ক্রিয়া সাধাৰণতে নৈতিক বিচাৰৰ বিষয়বস্তু ।
(ঙ) ঐচ্ছিক ক্রিয়াত শুদ্ধতা-অশুদ্ধতাৰ বিচাৰ কৰা হয় ।
(চ) ঐচ্ছিক ক্রিয়াসমূহত উচিত আরু অনুচিত বিষয়সমূহক বিবেচনা কৰা হয় ।
৩। লক্ষ্য বা উদ্দেশ্য
কি? অভিপ্রায়ৰ লগত ইয়াৰ পার্থক্য কি?
উত্তৰঃ অভাৱ দূৰ কৰিব পৰা বস্তুটোক ঐচ্ছিক ক্রিয়াৰ লক্ষ্য আরু বস্তুটোৰ ধাৰণা
বা চিন্তাক ঐচ্ছিক ক্রিয়াৰ উদ্দেশ্য বুলি কোৱা হয় । উদাহৰণস্বরূপে-শীতত কষ্ট পোৱা
মানুহজনৰ বাবে গৰম কাপোৰ হৈছে লক্ষ্য আরু ইয়াৰ চিন্তা হৈছে উদ্দেশ্য ।
উদ্দেশ্য বা লক্ষ্যৰ লগত ইয়াৰ পার্থক্য
এইয়ে যে অভিপ্রায় হৈছে লক্ষ্য, উদ্দেশ্য, সাধন আরু পৰিণামৰ সমষ্টি । আনহাতে,
উদ্দেশ্য বা লক্ষ্য হৈছে অভিপ্রায়ৰ এক ভাগহে মাত্র ।
৪। নীতি শাস্ত্রক এক ব্যৱহাৰিক বিজ্ঞান বুলি তুমি ভাবানে ? যদি নাভাবা, তেন্তে
কিয় ?
উত্তৰঃ নীতি শাস্ত্রক এক ব্যৱহাৰিক বিজ্ঞান বুলি মই নাভাবো । কাৰণ,
(ক) অধ্যাপক মেকেঞ্জিৰ মতে নীতিবিদ্যা বা নীতি শাস্ত্র কেৱল আদৰ্শনিষ্ঠ
বিজ্ঞান, ই ব্যৱহাৰিক বিজ্ঞান নহয় । কাৰণ, তেওঁৰ মতে, নীতিবিদ্যা বা নীতি শাস্ত্রই
নৈতিক জীৱনৰ আদৰ্শৰ স্বরূপহে নিৰ্ণয় কৰে । কিন্তূ এই আদর্শত উপনীত হ’বলৈ কোনো নীতি
বা নিয়ম প্রৱৰ্তন নকৰে । সেয়ে নীতিশাস্ত্র ব্যৱহাৰিক বিজ্ঞান নহয় ।
(খ) মূৰহেড, ছেথ আদি নীতিশাস্ত্রবিদসকলৰ মতে, সকলো বিজ্ঞানতে তাত্ত্বিক আরু
ব্যৱহাৰিক উভয় দিশ আছে । কিন্তূ এই মত সম্পূর্ণ গ্রহণযোগ্য নহয় । কিয়নো, চিকিৎসা
বিজ্ঞান আদিক যি অৰ্থত বিজ্ঞান বুলি কয় সেই অর্থত নীতিবিদ্যাক ব্যৱহাৰিক বিজ্ঞান
বুলি ক’ব নোৱাৰি ।
(গ) নৈতিক আদর্শসমূহ কি ধৰণে ব্যৱহাৰিক জীৱনত প্রয়োগ কৰিব লাগে তাৰ জ্ঞান
নীতিবিদ্যা বা নীতিশাস্ত্রই নিদিয়ে ।
(ঘ) নীতিবিদ্যা বা নীতিশাস্ত্রই আমাৰ নৈতিক আদর্শসমূহ বাস্তৱ জীৱনত রূপায়িত
কৰিবলৈ কোনো উপায় বা নীতি-নিয়মো প্রৱৰ্তন নকৰে ।
সেয়েহে, আমি সিদ্ধান্ত গ্রহণ কৰিব
পাৰো যে নীতিবিদ্যা বা নীতিশাস্ত্র তত্ত্বনিষ্ঠ আদর্শনিষ্ঠ বিজ্ঞান কিন্তূ ব্যৱহাৰিক
বিজ্ঞান নহয় ।
৫। কামনাৰ সংঘাতৰ বিষয়ে এটা চমু টোকা লিখা ।
উত্তৰঃ কামনা সংঘাত হ’ল ঐচ্ছিক ক্রিয়াৰ এক উল্লেখযোগ্য উপাদান । একেটা সময়তে কামনা একাধিক হ’ব পাৰে । একে সময়তে উদ্ভৱ হোৱা
একাধিক কামনাই মনত সংঘাত বা দ্বন্দ্বৰ সৃষ্টি কৰে । ইয়াকে কামনাৰ সংঘাত বোলা
হয় । কামনাৰ
সংঘাত হৈছে ঐচ্ছিক ক্রিয়াৰ অন্তর্গত মানসিক স্তৰৰ এক মানসিক উপাদান । ইয়াৰ মাধ্যমেৰে
কামনাৰ জৰিয়তে সৃষ্টি হোৱা মনৰ সংঘাত বা দ্বন্দ্বসমূহ বুজোৱা হয় ।
৬। পুরুষার্থবোৰৰ ভিতৰত অন্যতম হিচাপে ধর্মৰ ব্যাখ্যা কৰা ।
উত্তৰঃ ভাৰতীয় নীতিশাস্ত্রত পুরুষার্থ চাৰিপ্রকাৰৰ, সেয়া হৈছে-ধর্ম, অর্থ, কাম
আরু মোক্ষ । ধর্ম ভাৰতীয় সংস্কৃতিৰ প্রাণস্বরূপ । জাগতিক সমৃদ্ধি আরু আধ্যাত্মিক
উৎকৰ্ষৰ বাবে ধর্ম অৱশ্যেই এক পালনীয় কৰ্তব্য । সমাজৰ সংহতি আরু কল্যাণৰ বাবে ভাৰতীয়
সংস্কৃতি আরু নীতিশাস্ত্রই পুরুষার্থ হিচাপে ধর্মক অধিক গুরুত্ব আছে ।
তদুপৰি, ধর্মই আধ্যাত্মিকতা পূর্ণতা
আনে । ধর্মই সামাজিক আচাৰ-ব্যৱস্থাৰ প্রতি সচেতনতা আনে । লগতে, ধর্মই এক উত্তম
পুরুষার্থ হিচাপে মানুহক কৰ্তব্যবোধ জগাই তুলে আরু ব্যক্তিক অপচিন্তা বা অপকর্মৰ পৰা
দূৰত ৰাখে । গতিকে, ধর্মৰ প্রভাৱ মানৱ জীৱনৰ বাবে সকলোতকৈ ব্যাপক পুরুষার্থ ।
দীঘলীয়া উত্তৰঃ (৫ নম্বৰৰ)
১। কোনটো লেটিন শব্দৰ পৰা ‘Religion’
শব্দটোৰ
উৎপত্তি হৈছে ? ধর্ম শব্দৰ উৎপত্তি সম্পর্কে আলোচনা কৰা ।
উত্তৰঃ “Religion” শব্দটো “Religare” শব্দৰ পৰা উৎপত্তি হৈছে । এই শব্দৰ অর্থ হৈছে- “বন্ধন”
অর্থাৎ যিয়ে দৃঢ়ভাৱে বান্ধি ৰাখে । যদিও ইংৰাজী Religion শব্দটো “Religare” শব্দৰ পৰা উৎপত্তি আরু
তাক যদি বন্ধনরূপে গণ্য কৰা হয়, তেনেহ’লে কোৱা যায় ব্যক্তিৰ জীৱনত আরু জাতিৰ
জীৱনতো যি যথাৰ্থ সংহতি আনে, সেয়াই হৈছে ধর্ম ।
‘ধৃ’ ধাতুৰ সৈতে ‘মন’ প্রত্যয় সংযোগ
কৰি সংস্কৃতিত “ধর্ম” শব্দটোৰ উৎপত্তি হয় । যিয়ে ধাৰণা কৰে সেয়াই হৈছে ধর্ম ।
সামাজিক জীৱনৰ বৃহত্তৰ ঐক্যৰ মাজত যি ব্যৱস্থাই মানুহৰ জীৱনক ধৰি ৰাখে তাকে ধর্ম
বোলা হয় ।
২। ঐচ্ছিক ক্রিয়াৰ মানসিক স্তৰৰ বিভিন্ন উপস্তৰবোৰ ব্যাখ্যা কৰা ।
উত্তৰঃ যিবোৰ ক্রিয়া কৰ্তাই সজাগ হৈ বুদ্ধি-বৃত্তি প্রয়োগৰ দ্বাৰা কোনো
উদ্দেশ্য সম্পাদন কৰিবলৈ ইচ্ছাকৃতভাৱে কৰে, তেনেবোৰ ক্রিয়াক ঐচ্ছিক কর্ম বা ক্রিয়া
বোলা হয় ।
ঐচ্ছিক ক্রিয়াৰ মানসিক স্তৰৰ
বিভিন্ন উপস্তৰবোৰ হৈছে এনেধৰণৰঃ
(ক) কর্মৰ উৎসঃ
অভাৱে মানুহৰ মনত অস্বস্তিকৰ আরু
দুখদায়ক অৱস্থাৰ সৃষ্টি কৰে । এনে এক মানসিক অৱস্থাৰ অন্ত পেলাবৰ বাবে মানুহ কর্মত
প্রবৃত্ত হয়, যাক কর্মৰ উৎস বুলি ক’ব পাৰি ।
(খ) লক্ষ্য বা উদ্দেশ্যঃ
অভাৱ দূৰ কৰিব পৰা বস্তুটোক ঐচ্ছিক
ক্রিয়াৰ লক্ষ্য বা বস্তুটোৰ চিন্তা বা ধাৰণাক ঐচ্ছিক ক্রিয়াৰ উদ্দেশ্য বোলা হয় ।
(গ) কামনাঃ
অভাৱ দূৰ কৰিব পৰা বস্তুটোৰ ধাৰণা
আরু বস্তুতো পাবৰ বাবে মনৰ জন্মা আগ্রহ আরু আকুলতাই হৈছে কামনা ।
(ঘ) কামনাৰ সংঘাতঃ
একে সময়তে আমাৰ মনত উদ্ভৱ একাধিক
কামনাই মনত সংঘাত বা দ্বন্দ্বৰ সৃষ্টি কৰে, যাক কামনাৰ সংঘাত বোলা হয় ।
(ঙ) বিবেচনা আরু নির্বাচনঃ
মানসিক সংঘাত বা কামনাৰ সংঘাতৰ পৰা
পৰিত্রাণ পাবৰ নিমিত্তে মানুহে যি নৈতিক চিন্তা কৰে, তাকে বিবেচনা বোলা হয় । লগতে,
বহুতো উদ্দেশ্য আরু কামনাৰ পৰা গুরুত্ব আরু প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি এটাক ৰাখি
বাকীবোৰ পৰিত্যাগ কৰাক নির্বাচন বুলি কোৱা হয় ।
(চ) সিদ্ধান্ত আরু সংকল্পঃ
কোনো এক নিৰ্দিষ্ট কামনাক নির্বাচন
কৰাৰ পিছত তাক চৰিতার্থ কৰিবৰ বাবে সিদ্ধান্ত আরু সেই কামনাক কাৰ্যকৰী কৰাৰ
নিমিত্তে মানুহে সংকল্প লয় ।
(ছ) অভিপ্রায়ঃ
লক্ষ্য, উদ্দেশ্য, সাধন আরু পৰিণামৰ
সমন্বয়ক অভিপ্রায় বুলি কোৱা হয় ।
এনেদৰে ঐচ্ছিক ক্রিয়াৰ মানসিক স্তৰৰ বিভিন্ন উপস্তৰবোৰৰ
ব্যাখ্যা কৰা হয় ।
৩। নৈতিক বিচাৰৰ
বিষয়বস্তু কি? সম্পূর্ণকৈ আলোচনা কৰা ।
উত্তৰঃ
সুখবাদী সকলৰ মতে ক্রিয়াৰ পৰিণাম বা ফলহে নৈতিক বিচাৰৰ বিষয়বস্তু ।
সুখবাদী সকলৰ মত অনুসৰি সুখেই জীৱনৰ পৰম কল্যাণ বা পৰমার্থ । সেয়েহে, যিবোৰ ক্রিয়াৰ
ফল সুখদায়ক হয়, তেনে ক্রিয়াক ভাল আরু দুখদায়ক হ’লে তেনেবোৰ ক্রিয়া বেয়া । কিন্তূ এই মত গ্রহণযোগ্য নহয় । কাৰণ, ফলাফল লক্ষ্য কৰি
নৈতিক বিচাৰ কৰিলে অনেক সময়ত সেই বিচাৰ ন্যায় সংগত নহব’ও পাৰে ।
বুদ্ধিবাদী সকলৰ মতে উদ্দেশ্যহে নৈতিক বিচাৰৰ বিষয়বস্তু । উদ্দেশ্য
ভাল হ’লে কামটো ভাল হ’ব আরু উদ্দেশ্য বেয়া হ’লে কামটোও বেয়া বুলি বিবেচিত কৰা হয় ।
কিন্তূ কেতিয়াবা উদ্দেশ্য সৎ হ’লেও সাধনাৰ
উপায় যদি অসৎ হয়, তেতিয়া তেনে কামক সৎ বুলি বিবেচনা কৰা নহয় ।
মেকেঞ্জি প্রমুখ্যে এক শ্রেণীৰ নীতিশাস্ত্রবিদসকলৰ মতে কর্তাঢ় চৰিত্রহে
নৈতিক বিচাৰৰ বিষয়বস্তু । কিন্তূ কেতিয়াবা
সৎ চৰিত্র লোকেও অসৎ কাম কৰে আরু অসৎ চৰিত্রঢ় লোকেও সৎ কাম কৰে ।
গতিকে চৰিত্র নহয় অভিপ্রায়হে নৈতিক বিচাৰৰ বিষয়বস্তু । অভিপ্রায়
হৈছে নৈতিক বিচাৰৰ প্রকৃত বিষয়বস্তু । কাৰণ, অভিপ্রায়েই হৈছে ঐচ্ছিক ক্রিয়াৰ
মানসিক স্তৰৰ সকলো উপাদান বিশেষকৈ কর্মৰ উৎস, কামনা, উদ্দেশ্য, লক্ষ্য, সাধনাৰ
উপায়, পৰিণাম আদিৰ সমন্বয় । অভিপ্রায়ত মানসিক স্তৰৰ আটাইবোৰ উপাদানে পৰিসমাপ্তি
লাভ কৰে ।
৪। অ-নৈতিক ক্রিয়া
বুলিলে কি বুজা? সেইবোৰ কি কি? নৈতিক কাৰ্যৰ পৰা সিবোৰক কিদৰে পৃথক কৰিব পারোঁ ?
উত্তৰঃ যিবোৰ কর্মত
নৈতিক গুণ আৰোপ কৰিব নোৱাৰি আরু যিসমূহ ক্রিয়াৰ উচিত-অনুচিত, শুদ্ধ-অশুদ্ধ আদিৰ
বিচাৰ কৰিব পৰা নাযায়, তেনেবোৰ ক্রিয়াক অনৈতিক ক্রিয়া বুলি কোৱা হয় ।
অনৈতিক ক্রিয়াসমূহ হৈছে এনেধৰণৰঃ
(ক) অচেতন বা নিৰ্জীৱ
বস্তুৰ জৰিয়তে সংঘটিত কাম অথবা প্রাকৃতিক দুৰ্যোগৰ ফলস্বরূপে ঘটা ঘটনাসমূহ অনৈতিক
। উদাহৰণ- ধুমুহা, ভূমিকম্প, বানপানী ইত্যাদি ।
(খ) ইতৰ প্রাণীৰ আচৰণ বা
কর্মৰাজিত নৈতিক গুণ আৰোপ কৰিব পৰা নাযায় ।
(গ) সহজাত ক্রিয়া সমূহ
হৈছে অনৈতিক । কাৰণ, এনেবোৰ ক্রিয়া সহজাত প্রবৃত্তিৰ জৰিয়তে পৰিচালিত হয় ।
(ঘ) প্রত্যাৱৰ্তী
ক্রিয়াসমূহ অনৈতিক ক্রিয়াৰ অন্তৰ্গত । উদাহৰণ- তীব্র উজ্জ্বল পোহৰত চকু
আপোনা-আপুনি মোদ খোৱা কাৰ্যটো হৈছে অনৈতিক ।
(ঙ) ভাবজ ক্রিয়াসমূহ
অনৈতিক ক্রিয়াৰ ভিতৰত পৰে । উদাহৰণ- ফুটবল খেল পৰিদৰ্শন কৰি থকাৰ সময়ত গ’লৰ ওচৰত
বলটো দেখি দৰ্শক এজনে কাষত বহি থকা এজন দৰ্শকক ভৰিৰে মাৰি দিয়াটো হৈছে অনৈতিক
ক্রিয়া ।
(চ) বাধ্যবাধকতাৰ
বশৱৰ্তী হৈ কৰা কামসমূহত য’ত কৰ্তাৰ কোনো ইচ্ছাৰ স্বাধীনতা নাথাকে, তেনে ক্রিয়াৰাজি
হৈছে অনৈতিক ক্রিয়া ।
(ছ) উন্মাদ বা বিকৃত
মস্তিষ্ক থকা লোকৰ ক্রিয়াসমূহক অনৈতিক ক্রিয়াৰ ভিতৰত ধৰা হয় ।
(জ) সমসাময়িকভাৱে, অনুকৰণ
ক্রিয়া, আকস্মিক ক্রিয়া আদিবোৰো অনৈতিক বা অনৈচ্ছিক ক্রিয়াৰ অন্তর্গত, কাৰণ এই
ক্রিয়াসমূহ নৈতিক বিচাৰৰ বিষয়বস্তু নহয় ।
নৈতিক আরু অ-নৈতিক কাৰ্যৰ মাজত কিছুমান পার্থক্য পৰিলক্ষিত
হয় । ইয়াৰ ভিতৰত উল্লেখযোগ্য পাৰ্থক্যসমূহ সমূহ হ’ল এনেধৰণৰঃ
(ক) নৈতিক কাৰ্যত নৈতিক গুণ আছে ।
আনহাতে, অনৈতিক কাৰ্যত নৈতিক গুণ আৰোপ
কৰিব নোৱাৰি ।
(খ) নৈতিক কাৰ্যত শুদ্ধতা-অশুদ্ধতাক বিচাৰ কৰা হয় ।
আনহাতে, অনৈতিক কাৰ্যত
শুদ্ধতা-অশুদ্ধতাক বিচাৰ কৰিব পৰা নাযায় ।
(গ) নৈতিক কাৰ্যত উচিত আরু অনুচিত বিষয়সমূহক বিবেচনা কৰা হয় ।
আনহাতে, অনৈতিক কাৰ্যত উচিত-অনুচিত
বিষয়ৰাজিক বিবেচনা কৰা নহয় ।
(ঘ) নৈতিক কাৰ্যত ক্রিয়া-কৰ্তাই সজাগ হৈ বুদ্ধি-বৃত্তি প্রয়োগৰদ্বাৰা কোনো
উদ্দেশ্য সম্পাদন কৰিবলৈ ইচ্ছাকৃতভাৱে ক্রিয়া কৰে ।
আনহাতে, অনৈতিক কাৰ্যত
ক্রিয়া-কৰ্তাই সম্পূৰ্ণ সজাগ নহয় ।
(ঙ) নৈতিক কাৰ্যসমূহ কৰ্তাৰ জ্ঞাতসাৰে সম্পন্ন হয় ।
আনহাতে, অনৈতিক কাৰ্যত কৰ্তাৰ
অজ্ঞাতসাৰেই অনিচ্ছাকৃতভাৱে কাম কৰা হয় ।
(চ) নৈতিক কামবোৰৰ নৈতিক মূল্য বিচাৰ কৰিব পাৰি ।
আনহাতে, অনৈতিক কাৰ্যবোৰৰ নৈতিক
মূল্য বিচাৰ কৰাৰ প্রয়োজন নাই ।
এনেদৰে, নৈতিক কাৰ্যৰ পৰা সিবোৰক অর্থাৎ অনৈতিক কাৰ্যসমূহক
পৃথক কৰিব পাৰি ।
৫। মোক্ষ কি? এই বিষয়ে এটা টোকা লিখা ।
উত্তৰঃ আত্মাৰ স্বরূপ উপলব্ধি কৰা আরু জন্ম-মৃত্যুৰ সংসাৰ চক্রৰ পৰা হাত সাৰিব
পৰাটোকেই মোক্ষ বা নির্বাণ বোলা হয় । কোনো কোনো নীতিশাস্ত্রবিদৰ মতে- “অবিদ্যা বা
অজ্ঞানতা দূৰ কৰি শুদ্ধ চৈতন্য আত্মাৰ উপলব্ধিয়েই হৈছে মুক্তি বা মোক্ষ বা
নির্বাণ” । ভাৰতীয় দর্শনত মোক্ষই পৰম পুরুষার্থ আরু মোক্ষ লাভেই মানৱ জীৱনৰ চৰম
লক্ষ্য ।
ভাৰতীয় দর্শনত মোক্ষ লাভৰ নিমিত্তে তিনিটা মাৰ্গ উল্লেখ কৰিছে
। সেয়া হৈছে- কর্মযোগ, জ্ঞানযোগ আরু ভক্তিযোগ । এই তিনি মার্গৰ মাধ্যমেৰে মানুহে
মোক্ষ বা নির্বাণ লাভ কৰিব পাৰে ।
বৌদ্ধই মোক্ষক নির্বাণ বুলি মন্তব্য কৰিছে । শংকৰাচাৰ্য্যৰ মতে মুক্তিত আত্মাই
স্বরূপত অধিষ্ঠিত হয় । মোক্ষ সম্পর্কে ঘাইকৈ দুটা মত পোৱা যায়, সেয়া হৈছে- বিদেহ
মুক্তি আরু জীৱন মুক্তি ।
ন্যায় বৈশেষিক, মীমাংসা দর্শন আরু কিছু দাৰ্শনিকৰ মতে জীৱৰ মৌলিক সত্তা আত্মাই
স্বরূপ উপলব্ধি কৰিলেই নহ’ব, ই দেহৰ সম্পর্কও ত্যাগ কৰিব লাগিব । ইয়াকে বিদেহ
মুক্তি বোলে । আনহাতে, মোক্ষৰ প্রকৃত অর্থ হৈছে আত্মাৰ স্বরূপ উপলব্ধি কৰা, ইয়াকে
জীৱন মুক্তি বোলে ।
৬। পুরুষার্থে
হিচাপে অর্থৰ চমু ব্যাখ্যা আগবঢ়োৱা ।
উত্তৰঃ ভাৰতীয় নীতিশাস্ত্রত
পুরুষার্থ চাৰিপ্রকাৰৰ, সেয়া হৈছে-ধর্ম, অর্থ, কাম আরু মোক্ষ । ‘অর্থ’ৰ অর্থ এইয়েই
যে অর্থ হৈছে ধর্ম আরু কামৰ সাধনস্বরূপ । অর্থক ধর্ম আরু কামৰ সাধন হিচাপে গুরুত্ব
প্রদান কৰা হয় । কেৱল মাত্র দৈহিক সুখ বা ভোগ-বিলাসৰ বাবে অর্থ নহয়, ইয়াৰ মূল অর্থ
আরু উদ্দেশ্য হৈছে পুরুষার্থ সিদ্ধিৰ পথ সুগম কৰি তোলা ।
ভাৰতীয় সংস্কৃতিত অর্থক পুরুষার্থ হিচাপে দ্বিতীয় স্থান
প্রদান কৰা হৈছে । কিয়নো, মানুহৰ প্রাথমিক প্রয়োজন সমূহ অর্থৰ জৰিয়তেহে পূৰণ কৰা
সম্ভৱ । সেয়েহে, অর্থক সাধাৰণতে আন পুরুষার্থৰ সাধন হিচাপে ব্যৱহাৰ কৰা হয় । নিজৰ
আরু পৰিয়ালৰ প্রয়োজন পূৰণ কৰাৰ উপৰিও গৃহস্থাশ্রমৰ দায়িত্ব আরু কর্তব্য সুকলমে পৰিচালিত
কৰাৰ বাবে অর্থৰ প্রয়োজন হয় । অর্থৰ আয় আরু ব্যয়ৰ ক্ষেত্রত সংযমী হোৱাৰ নিমিত্তে
ভাৰতীয় নীতিশাস্ত্রত প্রথমে ধর্মৰ শিক্ষা প্রদান কৰে যাতে অর্থৰ অপপ্রয়োগ নহয় ।