"শিক্ষাৰ প্রয়োজনীয়তা,"
শিক্ষাৰ প্রয়োজনীয়তা
সম্পর্কে এটা টোকা লিখা ।
বা শিক্ষাৰ প্রয়োজনীয়তা
সম্পর্কে আলোচনা কৰা ।
বা শিক্ষাৰ প্রয়োজনীয়তা
সম্পর্কে এক ৰচনা যুগুত কৰা ।
উত্তৰঃ
আৰম্ভণিঃ
শিক্ষা হ’ল এক জীৱন-জুৰা প্রক্রিয়া
যি জন্মৰ পৰা মৃত্যু পৰ্যন্ত অব্যাহত থাকে । প্লেটোৰ মতে, ‘শিক্ষা হ’ল উপযুক্ত
সময়ত সুখ-দুখ অনুভৱ কৰিব পৰা ক্ষমতা ।’ এৰিষ্টটলে কৈছে, “শিক্ষাই সুস্থ দেহত সুস্থ
মনৰ সৃষ্টি কৰে ।” জন ডিউইৱে শিক্ষা দিশটোক অভিজ্ঞতাৰ পুনৰ নিৰ্মাণ বুলি
অভিহিত কৰিছে । জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছে, “শিক্ষাৰ জৰিয়তে মই শিশুৰ
দৈহিক, মানসিক, আধ্যাত্মিক আদি সকলো ধৰণৰ বিকাশৰ কথাকে বুজো ।” সেয়েহে আমাৰ জীৱনত
শিক্ষাৰ প্রয়োজনীয়তা সর্বাধিক । শিক্ষাৰ আন আন প্রয়োজনীয়তাসমূহ তলত উল্লেখ কৰা হ’ল
।
শিক্ষা হ’ল জীৱনজুৰি চলি থকা
প্রক্রিয়া (Education is a lifelong Process) :
শিক্ষাবিদ জন ডিউইৰ মতে, “শিক্ষা হ’ল জীৱন ব্যাপি চলা এক অন্তহীন প্রক্রিয়া(Education is a lifelong process of development)” । দাৰ্শনিক হোৱাইটহেডেওৰ
মতে, “শিক্ষাৰ একমাত্র বিষয় হ’ল সৰ্বতোপ্রকাৰে প্রকাশিত জীৱন” । ডামভিলৰ মতেও
‘নিচেই কেঁচুৱা অৱস্থাৰ পৰা মৃত্যু কাললৈকে ব্যক্তিৰ ওপৰত প্রভাৱ পেলোৱা সমস্ত
অভিজ্ঞতাই শিক্ষাৰ অন্তৰ্ভুক্ত’ ।
সেয়েহে, শিক্ষা হ’ল- পৰিপূৰ্ণ
জীৱন-যাৱনৰ বাবে প্রস্তুতি (Preparation
for complete living is education) । শিশুৰ জন্মৰ সময়ত থকা
প্রবৃত্তিসমূহ সু-পৰিকল্পিত নহয় । লগতে, এই সুপ্ত প্রতিভাসমূহক বিকশাই তুলাতো
নিতান্তই প্রয়োজন । শিশুসকলৰ শাৰিৰীক, সামাজিক, মানসিক, সাংস্কৃতিক, আধ্যাত্মিক,
সহানুভূতি, আচৰণৰ সংশোধন আদি সকলোবোৰ গুণৰ বিকশিত কৰিবৰ অৰ্থে শিক্ষাইহে মুখ্য
ভূমিকা গ্রহণ কৰে । শিক্ষাৰ মাধ্যমেৰেই শিশুৱে এই গুণসমূহৰ বিকাশ সাধন কৰিব
পাৰে । যেতিয়া এই গুণ সমূহৰ বিকাশ সাধন হয় তেতিয়া এজন মানুহ হিচাপে
সমাজত প্রতিষ্ঠিত হয় । তথাপি শিক্ষাৰ অন্ত নহয়, ই মৃত্যু পৰ্যন্ত চলি থাকে ।
মানুহৰ জীৱনত প্রত্যেক দিনাই নতুন
নতুন সমস্যাৰ সৈতে সন্মুখিন হ’ব লগা হয় । এই সমস্যা সমূহৰ সমাধানৰ মূল মন্ত্র হৈছে
শিক্ষা । এই শিক্ষা অভিজ্ঞ পুৰণা মানুহৰ জৰিয়তে নতুন প্রজন্মই লাভ কৰে । ইয়াৰ সমসাময়িকভাৱে, নতুন শিক্ষাৰ অগ্রগতিয়ে নব্য সমস্যাৰাজিৰ সমাধানৰ বাটো
মানুহৰ বাবে মুকলি হৈছে । লগতে, প্রত্যেক দিনাই মানুহে নতুন নতুন শিক্ষাৰ অভিজ্ঞতা
অৰ্জন কৰে । আনকি মৃত্যুৰ আগক্ষণতো মানুহে নতুন শিক্ষা লাভ কৰে ।
শিক্ষা হ’ল জীৱনৰ প্রস্তুতি
প্রক্রিয়া (Education is a process of preparation for life):
জীৱনটো
বহু জটিল পৰিস্থিতিৰে সংঘটিত হয় । এই জটিলতাৰ মাজেৰে সমস্যাসমূহক আতৰাই আগুৱাই যোৱাৰ
নিমিত্তে শিক্ষা হ’ল এক অন্যতম অস্ত্র । শিক্ষাৰ মাধ্যমেৰে নানা সমস্যাৰ সমাধান বা
সমাধা কৰাত সফল লাভ কৰিব পাৰি । জন্মৰ সময়ত শিশু সকলৰ মন
এখন বগা কাগজৰ দৰে খালী থাকে । তেওঁলোকৰ বাবে জীৱনৰ যুঁজত আগ্রাসন হবৰ বাবে
প্রস্তুতিৰ প্রয়োজন হয় । এই প্রস্তুতি সাধাৰণতে শাৰীৰিক, মানসিক, আবেগিক,
প্রজ্ঞাতম, সমাযোজন, আদি সকলো দিশতে নিতান্ত প্রয়োজন । শিক্ষাৰ মাধ্যমেৰেহে এই
প্রায়বোৰ গুণ সমৃদ্ধি কৰিবলৈ সক্ষম হয় ।
জীৱনৰ প্রথম শিক্ষা গুরু হিচাপে মাতৃ আরু পিতৃয়ে, শিশুসকলক
শাৰীৰিক শিক্ষা, ভাষা শিক্ষা, সমাযোজন শিক্ষা আদি প্রদান কৰে । ক্রমান্বয়ে বৃদ্ধি আরু
বিকাশ হোৱাৰ লগে লগে শিক্ষাগুরুসকলে তেওঁলোকৰ পূৰ্ব অভিজ্ঞতাৰ মাধ্যমেৰে বিভিন্ন
জ্ঞানৰাজিৰ সহায়ত শিশুসকলক জীৱনৰ বিভিন্ন পৰিস্থিতিৰ বাবে প্রস্তুতি কৰি তুলে ।
লাহে লাহে শিশুসকলে নিজে পঢ়িব পৰাৰ পিছত, পাঠ্যপুথিৰ মাধ্যমেৰে বিভিন্ন শিক্ষাৰ
জ্ঞান অৰ্জন কৰে আরু জীৱনৰ জটিল ক্ষণৰ বাবে নিজকে প্রস্তুত কৰি তুলে ।
শিক্ষা হ’ল এক প্রচণ্ড শক্তিৰ বিকাশ প্রক্রিয়া (Education is a process
of tremendous power of development):
মহাত্মা গান্ধীৰ মতে
শিক্ষা হ’ল- শিশুৰ অন্তনিৰ্হিত আরু সুপ্ত শাৰীৰিক, মানসিক আরু প্রজ্ঞাত্মক বিকাশ ।
স্বামী বিবেকান্দৰ মতে- মানুহৰ অন্তনিৰ্হিত পূৰ্ণতাৰ স্পষ্ট প্রকাশেই হৈছে শিক্ষা
। শিক্ষাই প্রত্যেক শিশুৰ বাবে এক প্রচণ্ড শক্তি প্রদান কৰে । এই শক্তিৰ মাধ্যমেৰে শিশুসকলে ক্রমান্বয়ে বৃদ্ধি আরু বিকাশ
সাধনত সফল হয় । জন্মৰ সময়ত শিশুসকলৰ কিছুমান জন্মজ গুণ অন্তনিৰ্হিত হৈ থাকে । এই
আচৰণসমূহক সংশোধন কৰি প্রয়োজনীয় আরু লাগতিয়াল আচৰণ প্রদান কৰাৰ দিশত শিক্ষাৰ
জৰিয়তেহে সম্ভৱ হৈ উঠে । শিক্ষাই শিশুসকলৰ বিভিন্ন আচৰণসমূহৰ সংশোধন কৰি বিকশিত
কৰি তুলে ।
শিক্ষাৰ জৰিয়তে শিশুসকলে বিভিন্ন সজাগ আরু সচেতনতা গঢ়ি তুলে যাৰ সহায়েৰে
তেওঁলোকে নিজকে জীৱন যুঁজৰ বাবে সাঁজু কৰে । শিক্ষাৰ মাধ্যমেৰেই শিশুসকলে ভাষা শিক্ষাৰ আয়ত্ব কৰে আরু সমাজৰ সৈতে সমাযোজন
কৰাত সফল হয় । পৰিয়াল আরু সমাজৰ পৰা লাভ কৰা শিক্ষাই সমাজত এজন সু-প্রতিষ্ঠ
ব্যক্তি হিচাপে গঢ়ি তুলাত সহায়ক হয় । শিক্ষানুষ্ঠানৰ শিক্ষাৰ মাধ্যমেৰে নিজকে
যোগ্য কৰি তুলি বিভিন্ন অনুষ্ঠানসমূহৰ বাবে এক মানৱ সম্পদ হিচাপে প্রতিষ্ঠিত হয় ।
জীৱনৰ আন আন বিভিন্ন অভিজ্ঞতাৰ মাধ্যমেৰে যি শিক্ষা অৰ্জন কৰে সেই শিক্ষাৰ জৰিয়তে
জটিল জীৱনৰ লগত যুজ কৰাত অগ্রগতি হয় ।
শিক্ষাৰ কাম (Function
of Education:
শিক্ষাৰ কাম বুলিলে আমাৰ
বাস্তৱিক জীৱনৰ বাবে প্রয়োজনীয় সকলো জ্ঞান ৰাজিক সামৰিব পৰা যায় । ইয়াৰ ভিতৰত
উল্লেখযোগ্য দিশসমূহ হৈছে-
(ক) অভিজ্ঞতাসমূহৰ
সংৰক্ষণ আরু প্রসাৰঃ
বাস্তৱিক জীৱন পৰিচালিত কৰিবলৈ আমাক বহুতো অভিজ্ঞতাৰ প্রয়োজন হয় ।
এই অভিজ্ঞতা সমূহ শিক্ষাৰ মাধ্যমেৰে নতুন প্রজন্মক দিব পৰা যায় বা নতুন প্রজন্মই
লাভ কৰে ।
(খ) বাস্তৱিক পৰিৱেশৰ
সৈতে সামঞ্জস্য ৰক্ষাঃ
আমাৰ বাস্তৱিক পৰিৱেশৰ সৈতে সামঞ্জস্য ৰক্ষা কৰিবলৈ জ্ঞানৰ প্রয়োজন
হয় । এই জ্ঞানৰাজিও শিক্ষাৰ মাধ্যমেৰে পাব পৰা যায় ।
(গ) সুপ্ত প্রতিভা
আরু গুণাৱলীৰ বিকাশ সাধন কৰাঃ
এজন শিশুৰ লগত সংগত থকা সুপ্ত প্রতিভা আরু গুণাৱলীৰ বিকাশ সাধন কৰা
শিক্ষাৰ আন এক উল্লেখনীয় কাম । শিক্ষাৰ মাধ্যমেৰে সুপ্ত প্রতিভা সমূহ জগাই তুলি
তাক শুদ্ধৰণি কৰি প্রয়োজনীয় জ্ঞান ৰাজিৰ মাধ্যমেৰে সাফল্য মণ্ডিত কৰিব পৰা যায় ।
(ঘ) সহজাত প্রবৃত্তি
সমূহৰ সংশোধনঃ
এজন শিশুৰ জন্মতে কিছুমান সহজাত প্রবৃত্তিৰে সংলগ্ন হৈ থাকে । এই
প্রবৃত্তিসমূহক শুদ্ধৰণি কৰি উপযুক্ত কৰি তোলাটোয়েই হৈছে শিক্ষাৰ কাম ।
(ঙ) শিশুক সমাজমুখী
কৰাঃ
আমি সকলো মানৱে সমাজৰ মাধ্যমেৰেই বিকাশ লাভ কৰো আরু এই সমাজতে জীৱন
নিৰ্বাহ কৰো । সেয়েহে শিক্ষাই নব্য
শিশুগণক সমাজৰ প্রয়োজনীয় গুণাৱলীসমূহ প্রদান কৰি শিশুসকলক সমাজমুখী আরু সমাজৰ বাবে
প্রয়োজনীয় এক ব্যক্তি স্বরূপে গঢ়ি তুলে ।
(চ) সৰ্বাঙ্গীণ বিকাশ
সাধন কৰাঃ
এটি শিশুক নতুন পৰিৱেশ আরু পৰিস্থিতিৰ সৈতে সামঞ্জস্য কৰিবলৈ হ’লে
শাৰীৰিক, মানসিক, আধ্যাত্মিক, নৈতিক, সামাজিক আদি সকলো দিশৰ জ্ঞান প্রদান কৰিব
লাগিব । এই দিশত শিক্ষাই মূল ভূমিকা গ্রহণ কৰি শিশুৰ বাবে প্রয়োজনীয়
সৰ্বাঙ্গীণ গুণ সমূহ বিকাশ সাধন কৰিব লাগে ।
এইদৰে শিক্ষাই সকলো মানৱ শিশু আরু মানৱক, অজ্ঞাত আন্ধাৰৰ পৰা
ৰশ্মিকৃত জ্ঞানৰ শিখাৰ মাধ্যমেৰে বিকশাই তুলি সমাজখনৰ এজন প্রয়োজনীয় ব্যক্তি
হিচাপে গঢ় তুলে । সেয়েহে শিক্ষাৰ প্রয়োজনীয়তা সদায়েই অব্যাহত থাকিব আরু শিক্ষাৰ
অবিহনে মানৱ জাতি চকু থাকিও অন্ধ ।
ধন্যবাদ,
পদ্মেশ্বৰ বৰা
(৯৯৫৭৫৩৬২১৮), for Any Query