চতুৰ্থ খণ্ড ৰাষ্ট্রীয় সংহতি আরু আন্তৰ্জাতিক বুজাপৰাৰ বাবে শিক্ষা (Education for National Integration and International),

# ৰাষ্ট্রীয় সংহতি কি? ইয়া প্রয়োজনীয়তা সম্বন্ধে আলোচনা কৰা

What is National Integration? Write its necessity.

উত্তৰঃ সংহতি হৈছে এক মনস্তাত্ত্বিক আরু নীতি-শাস্ত্রগত প্রত্যয় । এই দিশৰা, ৰাষ্ট্রীয় সংহতি হৈছে সহনশীলতা আরু একাত্মবোধৰিয়তে এখন ৰাষ্ট্র নাগৰিকসকলক একত্রিত কৰি চিন্তাধাৰাৰ বিকাশ সাধন কৰা লগতে আমি এনেদৰে ক’ব পাৰো যে-

(ক) ৰাষ্ট্রীয় সংহতি হৈছে এক মানসিকতা যত সকলো নাগৰি একতাক সূচায় ।

(খ) ৰাষ্ট্রীয় সংহতি হৈছে এক একতা দুল যি এখন ৰাষ্ট্র নাগৰিকসকলক ভাষা, ধৰ্ম, বৰ্ণ, নিৰ্বিশেষে সকলোৰে সৈতে সমতা ক্ষা কৰা এক প্রক্রিয়া ।

(গ) কোনো এখন দেশ অনৈক্যক ঐক্যবদ্ধ কৰিব পৰা পৰ্যায়েই হৈছে- ৰাষ্ট্রীয় সংহতি ।

(ঘ)   ৰাষ্ট্র প্রতি আনুগত্য আরু আৱেগিক তাড়না মাধ্যমেৰে দেশ জনসাধা মাজত বিভিন্ন গোষ্ঠী আরু সাংস্কৃতিক ভেদাভেদ ত্যাগ কৰি ঐক্যবদ্ধ হোৱা মানসিকতাই হৈছে- ৰাষ্ট্রীয় সংহতি ।

(ঙ) ভা প্রধানমন্ত্রী জৱাহলাল নেহরু মতে, ৰাষ্ট্রীয় সংহতি কেৱল ৰাজনৈতিক একতা নহয়, ই এখন ৰাষ্ট্র এক গভী, আৱেগিক, মন আরু হৃদয় একত্রীকণ ।  

(চ) ভাৰতীয় শিক্ষাবিদ হুমায়ুন কবিৰৰ মতে ৰাষ্ট্রীয় সংহতি হৈছে এখন দেশৰ দেশবাসীৰ দেশৰ প্রতি প্রকাশ কৰা আনুগত্য আরু শ্রদ্ধাৰ প্রতিক ।

 

ৰাষ্ট্রীয় সংহতি প্রয়োজনীয়তাঃ

ৰাষ্ট্রীয় সংহতি হৈছে এখন ৰাষ্ট্র এক নিতান্ত প্রয়োজনীয় অৱদান । ইয়া আন আন প্রয়োজনীয়তাসমূহ হ’ল-

(ক) ৰাষ্ট্রীয় সংহতিয়ে এখন ৰাষ্ট্রক একতাত মুখ্য ভূমিকা গ্রহণ কৰে

(খ) বিভিন্ন ভাষা, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ৰাষ্ট্রীয় সংহতিয়ে নাগৰিকসকলক একত্রিত কৰে

(গ) এখন ৰাষ্ট্র সাৰ্বভৌমত্ব প্রতিষ্ঠা, বৰ্তাই খাত আরু সুচারুরূপে পৰিচালনা কৰাৰাষ্ট্রীয় সংহতিয়ে সহায় কৰে 

(ঘ) ই এখন দেশ নাগৰিকসকল মাজত ভাতৃত্ববোধ সৃষ্টি কৰে

(ঙ) ‘এক দেশ, এক জাতি’ হিচাপে এখন ৰাষ্ট্রক গঢ়ি তুলাতো ইয়া ভূমিকা উল্লেখনীয় ।

(চ) ৰাষ্ট্রীয় সংহতিয়ে এখন ৰাষ্ট্র অস্তিত্ব ক্ষা কৰি সকলো জনসাধা বাবে সাৰ্বজনীন উন্নতি আরু প্রগতিত অৰিহণা যোগায় ।

(ছ) সমসাময়িকভাৱে, এখন ৰাষ্ট্রৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, ভাষিক, সাংস্কৃতিক, আদি দিশসমূহ ৰাষ্ট্রীয় সংহতিৰ মাধ্যমেৰে সূচারুরূপে পৰিচালিত হয় । 

    এনেদৰে দেখা যায় যে এখন দেশত ‘ৰাষ্ট্রীয় সংহতি’ য়ে ৰাষ্ট্রখনৰিচালনাত মুখ্য গুৰিৰে

 


# আন্তৰ্জাতিক বুজাপৰা কি? ইয়া কিয় প্রয়োজন? আলোচনা কৰা

What is International Understanding? Why it is necessary? Explain

 

উত্তৰঃ আন্তৰ্জাতিক বুজাপৰা হৈছে সমালোচনা আরু উদ্দেশ্য মূলক পৰ্যৱেক্ষণ যি বিভিন্ন জাতীয় আরু সংস্কৃতি নিৰ্বিশেষে সৰ্বত্র আচৰণ আরু মানসিকতাৰ মূল্যায়ণ কৰাৰ এক ক্ষমতা । (ৱালটাৰ লেইছ)

    অলিভাৰ গোল্ড স্মিথৰ মতে, ‘আন্তৰ্জাতিক বুজাপৰা হৈছে এক ভাৱনা বা ধাৰণা যত এজন ব্যক্তিয়ে এখন ৰাষ্ট্রৰ সদস্য হিচাপে নহয় বৰঞ্চ সমগ্র পৃথিৱীৰ এজন সদস্য হিচাপে ভৱাৰ মানসিকতা গঢ়ি তোলে ।’

    আজিৰ বিজ্ঞান আরু প্রযুক্তিবিদ্যাৰ যুগত আন্তৰ্জাতিক বুজাপৰাৰ প্রয়োজনীয়তা সৰ্বাধিক । ইয়াৰ ভিতৰত উল্লেখযোগ্য দিশসমূহ হৈছে-

(ক) মানৱ জাতিৰ সামূহিক কল্যাণঃ

    আন্তৰ্জাতিক বুজাপৰাই মানৱ জাতিটোৰ সামূহিক কল্যাণ সাধনৰ বাবে মানসিকতা গঢ়াত সহায় কৰেই মানৱ জাতিৰ লগত সংলগ্ন হৈ থকা বিভিন্ন দিশসমূহৰ বিষয়ৰাজিত সামগ্রিকভাৱে সাফল্য মণ্ডিত কৰাত সহায় কৰে

 

(খ) মানৱ জাতিৰ অস্তিত্ব ৰক্ষাঃ

    বিজ্ঞান আরু প্রযুক্তিবিদ্যাৰ সহযোগত আজিৰ মানৱজাতিয়ে সৰ্বশ্রেষ্ঠ জীৱ হিচাপে প্রতিপন্ন কৰিছে । আন্তৰ্জাতিক বুজাপৰাই বিভিন্ন দেশৰ মাজত একতা গঢ়ি তুলি মানৱ জাতিৰ অস্তিত্ব ৰক্ষা কৰাত সহায় কৰে

 

(গ) আন্তৰ্জাতিক বন্ধুত্ব গঢ়ি তোলাত সহায়কঃ

    আন্তৰ্জাতিক বুজাপৰাৰ মানসিকতাই বিভিন্ন ৰাষ্ট্রৰ মাজত বন্ধুভাৱাপন্ন মানসিকতাৰ সৃষ্টি কৰেযাৰ পৰিপেক্ষিতত, ভিন্ন দেশীয় জনসাধাৰণৰ মাজত বন্ধুত্ব গঢ়ি তুলি জীৱন যাত্রাত সফল হোৱাত সহায় কৰে

 

(ঘ) মানৱ একতাৰ সৃষ্টিঃ

    আন্তৰ্জাতিক বুজাপৰাই এনে এক জ্ঞান প্রদান কৰে য’ত বিভিন্ন দেশৰ মানুহ হিচাপে ভৱাৰ পৰিৱৰ্তে, এক মানৱজাতি হিচাপে সমাজত প্রতিফলিত কৰেযাৰ মাধ্যমেৰে পৃথিৱীৰ মানৱ সমাজত একক মানৱ সমাজ হিচাপে গঢ়ি তোলাত সহায়ক হয় ।

 

(ঙ) আন্তৰ্জাতিক সমস্যাৰ সমাধানঃ

    আন্তৰ্জাতিক বুজাপৰাৰ এক উল্লেখনীয় দিশ এইয়ে যে সমগ্র পৃথিৱীত ঘটি থকা গোলকীয় সমস্যাৰাজিক সমাধান কৰাৰ ক্ষেত্রত একক মানসিকতা গঢ়ি তোলা । যাৰ মাধ্যমেৰে গোলকীয় উষ্ণতা বৃদ্ধি, জলবায়ুৰ পৰিৱৰ্তন, অজ’ন স্তৰৰ অৱক্ষয়, বিশ্ব দৰিদ্রতা, আদি বিভিন্ন দিশসমূহৰ সমস্যাৰ সমাধানত সহায়ক হৈছে ।

 

(চ) ভয়াবহ আশংকাৰ পৰিসমাপ্তিত সহায়কঃ

    প্রথম আরু দ্বিতীয় বিশ্বযুদ্ধই পৃথিৱীৰ জনগণক এক ভয়াবহ শংকাৰ সৃষ্টি কৰিছে । এই ভয়াবহ আশংকা পুনৰ সৃষ্টি নোহোৱাৰ পৰিপেক্ষিতত আন্তৰ্জাতিক বুজাপৰাৰ মানসিকতাই বাধা আৰোপ কৰিব বুলি প্রতিপন্ন হ’ব পৰা যায় ।   

    এনেদৰে আজিৰ সমাজত আন্তৰ্জাতিক বুজাপৰাৰ অতীব প্রয়োজন । নতুন প্রজন্ম আরু শিক্ষার্থীসকলক এই সম্পর্কে ধাৰণা আরু মানিকতাৰ সৃষ্টি কৰিব পাৰিলে আগন্তূক মানৱ জাতিৰ সমস্যাৰাজিৰ সমাধান আরু শান্তিপ্রিয় জীৱন-যাপনত সহায়ক হ’ব । 

 


# শিক্ষা আরু জাতীয় সংহতি (Education and National Integration)ৰ মাজত থকা সম্পর্ক আরু প্রভাৱসমূহ আলোচনা কৰা

# শিক্ষাই জাতীয় সংহতিৰ বিকাশত কেনেকুৱা ভূমিকা গ্রহণ কৰে? আলোচনা কৰা

# চমুটোকা লিখাঃ শিক্ষা আরু জাতীয় সংহতি

 

উত্তৰঃ শিক্ষা আরু জাতীয় সংহতি দুয়ুটা বিষয়ে ওতঃপোতঃ সম্পর্ক আছে । ৰাষ্ট্রীয় সংহতি পৰিষদৰ গজেন্দ্র গদকাৰ কমিটীৰ মতে প্রাথমিক শিক্ষাৰ পৰা বিশ্ববিদ্যালয় শিক্ষা ব্যৱস্থাৰ পুনৰ বিন্যাস ঘটাব লাগে যাতে ঐক্য আরু সংহতি স্থাপন কৰি সৰ্বভাৰতীয় ভাৱধাৰাৰ সৃষ্টি হয় । কোঠাৰী আয়োগৰ মত অনুসৰি জাতীয় সংহতি হৈছে এখন দেশৰ সামগ্রিক দিশৰ এক পূৰ্বচৰ্ত যিটো শিক্ষাৰ মাধ্যমেৰে সামাজিক, সাংস্কৃতিক, অর্থনৈতিক, ৰাজনৈতিক দিশসমহত শিক্ষার্থীসকলে সংহতি স্থাপন কৰাৰ জ্ঞান লাভ কৰিব লাগে ।

    শিক্ষাৰ লগত সংগতি থকা জাতীয় সংহতিৰ আন উল্লেখনীয় দিশসমূহ হৈছে-

(ক) নাগৰিকত্ব শিক্ষাৰ ধাৰণাঃ

    জাতীয় বা ৰাষ্ট্রীয় সংহতিৰ দিশত নাগৰিকত্বৰ শিক্ষাৰ জ্ঞানে ছাত্র-ছাত্রীসকল আরু দেশৰ নাগৰিকসকলে নিজৰ নিজৰ কৰ্তব্যবোধ আরু দায়িত্বজ্ঞান লাভ কৰিব পাৰিব । শিক্ষাৰ মাধ্যমেৰে, জাতীয় বা ৰাষ্ট্রীয় সংহতিৰ মূল আদৰ্শবোৰ সহনশীলতা, সহযোগিতা, নিয়ম-শৃংখলা, ভ্রাতৃত্ববোধ আদি জ্ঞানৰ উদ্‌গীৰণ ঘটিব ।

 

(খ) জাতীয়তাবোধৰ ধাৰণাঃ

    জাতীয় বা ৰাষ্ট্রীয় সংহতিৰ এক মুখ্য চৰ্ত হৈছে- জাতীয়তাবোধৰ ধাৰণা যিটো শিক্ষাৰ মাধ্যমেৰে বিকশিত কৰা হয় । শিক্ষাৰ পাঠ্যক্রম আরু আন সহ-পাঠ্যক্রমৰ কাৰ্যসূচীৰ মাজেৰে শিক্ষার্থীসকলৰ মনত জাতীয়তাবোধৰ সৃষ্টি কৰি এখন ৰাষ্ট্রৰ এজন সু-নাগৰিক হৈ গঢ়ি তুলাত শিক্ষাই সহায় কৰে । 

 

(গ) আন্তৰ্জাতিক শিক্ষাৰ ধাৰণাঃ

    জাতীয় বা ৰাষ্ট্রীয় সংহতিৰ মনোভাৱ গঢ়ি তুলাৰ বাবে শিক্ষাই মুখ্য ভূমিকা গ্রহণ কৰেশিক্ষাৰ জ্ঞানৰাজিৰ মাধ্যমেৰে শিক্ষার্থীসকলৰ মনত দেশপ্রেম জগাই তুলাৰ লগতে সকলো দেশকে ভাল পোৱা আরু সম-অনুগত্য প্রকাশ কৰাৰ মানসিকতা গঢ় দি তুলা হয় ।

 

(ঘ) অনৈক্যৰ মাজত ঐক্যৰ ধাৰণাঃ

                শিক্ষানুষ্ঠানসমূহলৈ বিভিন্ন ভাষা, বৰ্ণ, ধর্ম, লিংগ আদিৰ ছাত্র-ছাত্রীসকল আহে । সেয়েহে, শিক্ষানুষ্ঠানসমূহৰ মাজেৰে অনৈক্যৰ মাজৰ ঐক্যৰ সৃষ্টি কৰি জাতীয় বা ৰাষ্ট্রীয় সংহতিৰ ভাৱধাৰা জগাই তোলা হয় ।

 

(ঙ) স্ব-আত্মনিৰ্ভৰশীলতাৰ ধাৰণাঃ  

    জাতীয় বা ৰাষ্ট্রীয় সংহতিৰ বাবে অর্থনীতিৰ দিশত স্বাৱলম্বী আরু আত্মনির্ভৰশীল হ’ব লাগিব । শিক্ষাই এই দিশত বৃত্তিয় শিক্ষা আরু কারু-কাৰ্যৰ মাধ্যমেৰে শিক্ষার্থীসকলক বৃত্তিমুখী আরু স্ব-নির্ভৰশীলমুখী কৰি তুলে ।

    এনেদৰে শিক্ষাই জাতীয় বা ৰাষ্ট্রীয় সংহতিৰ ক্ষেত্রত অভূতপূৰ্ব অৱদান আগবঢ়াইছে । শিক্ষাৰ মাধ্যমেৰে কু-সংস্কাৰ আরু সমাজৰ ভেদা-ভেদ আতৰ কৰি সমগ্র দেশৰ শিক্ষার্থী আরু জনসাধাৰণৰ মাজত ভাতৃত্ববোধ গঢ়ি তুলি জাতীয় বা ৰাষ্ট্রীয় সংহতিৰ গঢ়ি তুলিব পাৰি           

   


# আন্তৰ্জাতিক বুজাপৰা (International Understanding)  গঢ়িত তুলাত শিক্ষাৰ ভূমিকা সম্পর্কে আলোচনা কৰা

# শিক্ষাই আন্তৰ্জাতিক বুজাপৰাৰ বিকাশৰ ক্ষেত্রত কেনেধৰণে সহায় কৰে? বৰ্ণনা কৰা

# চমুটোকা লিখাঃ আন্তৰ্জাতিক বুজাপৰা আরু শিক্ষা ।

 

উত্তৰঃ

    অলিভাৰ গোল্ড স্মিথৰ মতে, ‘আন্তৰ্জাতিক বুজাপৰা হৈছে এক ভাৱনা বা ধাৰণা যত এজন ব্যক্তিয়ে এখন ৰাষ্ট্রৰ সদস্য হিচাপে নহয় বৰঞ্চ সমগ্র পৃথিৱীৰ এজন সদস্য হিচাপে ভৱাৰ মানসিকতা গঢ়ি তোলে ।’

    আন্তৰ্জাতিক বুজাপৰাৰ সৈতে শিক্ষাৰ নিবিড় সম্পর্ক বিৰাজমান । ইয়াৰ মূল দিশসমূহ হৈছে-

(ক) পাঠ্যক্রমৰ মাজেৰে আন্তৰ্জাতিক বুজাপৰা আরু শিক্ষাঃ

    শিক্ষাৰ বিভিন্ন পাঠ্যক্রমত সাধাৰণতে দেশ-বিদেশৰ প্রায় সকলো জ্ঞানৰ বিষয়ে সংলগ্ন থাকে । যাৰ মাধ্যমেৰে, শিক্ষার্থীসকলক আন্তৰ্জাতিক বুজাপৰাৰ ভাবধাৰা জগাই তুলাত সহায়ক হয় ।

 

(খ) শিক্ষণ পদ্ধতিৰ মাধ্যমেরেঃ    

    শিক্ষাৰ লগত জড়িত থকা সকলো শিক্ষণ পদ্ধতিত আন্তৰ্জাতিক বুজাপৰাৰ ভাৱধাৰাৰ জগাই তুলাৰ প্রয়াস কৰা হয় । শিক্ষাৰ সৈতে জড়িত বিভিন্ন শিক্ষণ পদ্ধতিয়ে শিক্ষার্থীসকলৰ ঠেক মনোভাৱ সলনি কৰি আন্তৰ্জাতিক বুজাপৰা সৃষ্টি কৰাত সহায় কৰে

 

(গ) সহপাঠ্যক্রমৰ কাৰ্যসূচীৰ মাধ্যমেরেঃ

    আন্তজাৰ্তিক সংঘ স্থাপন, আন্তৰ্জাতিক সপ্তাহ, ‘পত্রবন্ধু স্থাপন’, ‘দেশ-বিদেশৰ মহান ব্যক্তিসকলৰ জন্মদিন পালন’ আদি সহপাঠ্যক্রমৰ জৰিয়তে আন্তৰ্জাতিক বুজাপৰা সহজে শিক্ষার্থীসকলৰ মনত জগাই তুলিব পৰা যায় । এই কাৰ্যসূচীত অংশগ্রহণৰ মাধ্যমেৰে ছাত্র-ছাত্রীসকলৰ মনত আন্তৰ্জাতিক বুজাপৰাৰ ভাৱ জগাই তুলিব পাৰি

 

(ঘ) শিক্ষকসকলৰ প্রভাৱঃ

    আন্তৰ্জাতিক বুজাপৰাৰ ক্ষেত্রত শিক্ষকসকলে মুখ্য ভূমিকা গ্রহণ কৰেতেওঁলোকৰ আদর্শ, শিক্ষাদান পদ্ধতি আরু আন শিক্ষাৰ কারু-কাৰ্যৰ মাধ্যমেৰে শিক্ষার্থীসকলে সহজে আন্তৰ্জাতিক বুজাপৰাৰ ভাৱধাৰাৰ সৃষ্টি কৰিব পৰা যায় ।

 

(ঙ) আন্তৰ্জাতিক সংগঠনৰ জ্ঞান ৰাজিৰ মাধ্যমেরেঃ

    শিক্ষাৰ মাধ্যমেৰে ‘UNESCO’, ‘WHO’, ‘UNO’, ‘UNICEF’, আদি আন্তৰ্জাতিক সংগঠনসমূহৰ জ্ঞান শিক্ষার্থীসকলক প্রদান কৰিব পাৰিযাৰ মাধ্যমেৰে শিক্ষার্থীবৃন্দই আন্তৰ্জাতিক বুজাপৰাৰ দিশবোৰৰ উদ্‌গীৰণ ঘটাব পৰা যায় ।

    এনেদৰে আন্তৰ্জাতিক বুজাপৰাৰ ক্ষেত্রত, শিক্ষাই মূল ভূমিকা গ্রহণ কৰিশিক্ষাৰ মাধ্যমেৰে সমাজৰ নতুন প্রজন্ম আরু জনগণক আন্তৰ্জাতিক বুজাপৰাৰ ভাৱধাৰা গঢ়াই তুলিব পাৰিলে বিশ্বত শান্তি আরু সম্প্রীতি গঢ়ি তুলিব পৰা যাব ।

 

# বিশ্বায়ন বা গোলকীকৰণ কি? বিশ্বায়ন বা গোলকীকৰণৰ সংজ্ঞা দিয়া । আন্তৰ্জাতিক সহযোগিতাৰ বিকাশৰ ক্ষেত্রত গোলকীকৰণৰ প্রভাৱ সম্বন্ধে আলোচনা কৰা

# ‘বিশ্বায়ন বা গোলকীকৰণ আরু আন্তৰ্জাতিক সহযোগিতাৰ বিকাশ’ সম্বন্ধে চমুটোকা লিখা ।

# ‘বিশ্বায়ন বা গোলকীকৰণ’ৰ বিভিন্ন প্রভাৱ (Impact of Globalization) আরু ফলশ্রুতিসমূহ আলোচনা কৰা । 

উত্তৰঃ

জন বেইলিছ (John Baylis) আরু ষ্টিভ স্মিথ(Steve Smith)  মতে, “বিশ্বায়ন/গোলকীকৰণ এনে এটা প্রক্রিয়া, বিভিন্ন সমাজৰ মাজত ক্রমান্বয়ে পাৰস্পৰিক নির্ভৰশীলতা স্থাপিত হয়; যাৰ ফলত বিশ্বৰ কোনো এক প্রান্তৰ ঘটনাই বহু দূৰত অৱস্থিত অন্য দেশৰ জনসাধাৰণ নাইবা সমাজৰ ওপৰতো প্রভাৱ পেলায়

      এডভাৰ্ড এচ. হাৰমন (Adverd S. Herman)  মতে, “বিশ্বায়ন/গোলকীকৰণ মানে আন্তর্জাতিক পৰিসীমা অতিক্রম কৰি সংঘটিত পৰিচালনা আরু পদ্ধতিৰ সম্প্রসাৰণভাৱে পৰিবর্তিত হৈ থকা সা-সুবিধা আরু অর্থনৈতিক সম্পর্ক

 

আন্তৰ্জাতিক সহযোগিতাৰ বিকাশৰ ক্ষেত্রত বিশ্বায়ন বা গোলকীকৰণৰ প্রভাৱ অপৰিসীম । ইয়াৰ উল্লেখনীয় প্রভাৱ (Impact of Globalization) বা ফলশ্রুতি বা মূল দিশসমূহ হৈছেঃ

 

(অ) বিশ্বায়নৰ ৰাজনৈতিক ফলশ্রুতিঃ

 

 ()  বিশ্বানে বা গোলকীকৰণে ৰাষ্ট্রৰ সামৰ্থ্য দুগুণে বৃদ্ধি আরু শক্তিশালী কৰিছে

 

()  আন্তঃৰাষ্ট্রনীতিৰ সহায়ত প্রায়বোৰ ৰাষ্ট্রই দেশৰ স্বাৰ্থৰ পূৰণত সৰ্বাধিক সফল হৈছে

 

() বিশ্বান বা গোলকীকৰণৰ ফলস্বরূপে পূৰ্বতকৈ আইন-শৃংখলা, জনসাধাৰণৰ জীৱন আদি অনাৱশ্যকীয় দিশসমূহৰ ওপৰত অধিক নিৰাপত্তা প্রদান কৰিছে

 

() বিশ্বায়নে বা গোলকীকৰণে এখন ৰাষ্ট্রৰ কৰ্তৃত্ব পূৰ্বতকৈ অধিক বৃদ্ধি কৰিছে

 

() বিশ্বায়নে  বা গোলকীকৰণৰ এক প্রভাৱ হিচাপে পৰিচিত বিজ্ঞান আরু প্রযুক্তিৰ সহায়ত ৰাষ্ট্র এখনৰ নাগৰিকৰ আশা-আকাংক্ষা আরু অভাৱ-অভিযোগ সহজে জনাত সহায় হৈছে

 

() আন্তৰ্জাতিক ৰাজনীতিৰ প্রভাৱত ৰাষ্ট্রৰ নীতি নিৰ্ধাৰণ পূৰ্বতকৈ উন্নত আরু পৰিকল্পিত হৈছে

 

() বিশ্বায়ন বা গোলকীকৰণৰ মাধ্যমেৰে ৰাষ্ট্র এখনত জনসাধাৰণৰ বাবে এক নতুন পৰিৱেশ আরু সমাজ ব্যৱস্থাৰ সৃষ্টি হৈছে

 

() আন্তৰ্জাতিক ৰাজনৈতিক ব্যৱস্থাৰ প্রভাৱত ৰাষ্ট্রৰ কাৰ্যাৱলীৰ পৰিসৰ পূৰ্বতকৈ বৃদ্ধি হৈছে

 

()বিশ্বায়ন বা গোলকীকৰণে ৰাষ্ট্রৰ জনসাধাৰণৰ বাবে নতুন বহু সুযোগৰ ব্যৱস্থা কৰি দিছে

 

() আন্তৰ্জাতিক ৰাজনীতিৰ প্রভাৱত ৰাষ্ট্রৰ নীতিৰ দ্রুত উদ্গতি সাধন হৈছে

 

 

(আ) অৰ্থনীতিৰ প্রভাৱঃ

 

বিশ্বায়ন বা গোলকীকৰণে  দেশসমূহৰ মাজত সম্পদৰ বিনিয়োগ, উৎপাদন, বিতৰণ আদি অৰ্থনৈতিক নীতিসমূহ বজাৰ অৰ্থনীতিত স্বাভাৱিক নিয়মত পৰিণত কৰিছে বিশ্বায়ন বা গোলকীকৰণে আন আন প্রভাৱসমূহ তলত আলোচনা কৰা


() বিশ্বায়ন বা গোলকীকৰণৰ ফলত অৰ্থনৈতিক লাভা-লাভ বহুপৰিমাণে বৃদ্ধি হৈছে

 

() বিশ্বায়ন বা গোলকীকৰণৰ ফলত আন্তৰ্জাতিক বাণিজ্যিক লেন-দেন আরু আদান প্রদানত সকলো ৰাষ্ট্রই সুযোগ-সুবিধা লাভ কৰিছে আরু অৰ্থনৈতিক দিশৰ ক্রমাগত বৃদ্ধি হৈছে

 

() বিশ্বায়ন বা গোলকীকৰণৰ ফলত দেশৰ ৰপ্তানি বৃদ্ধি হৈছে আরু বিদেশী পুঁজি অৰ্জন কৰাত সক্ষম হৈছে

 

() বিশ্বায়ন বা গোলকীকৰণৰ আৰ্শীবাদস্বরূপ কম্পিউটাৰ, ইন্টাৰনেট আদিৰ মাধ্যমেৰে এতিয়া ঘৰতে বহি ব্যৱসায়-বাণিজ্য কৰি অৰ্থনৈতিক দিশত প্রায় সকলো লোক উদ্গতি হৈছে

 

() অৰ্থনৈতিক বিশ্বায়ন বা গোলকীকৰণৰ বাবে দেশসমূহৰ অৰ্থনৈতিক দিশত পাৰস্পৰিক একতা আরু নিৰ্ভৰশীলতা বৃদ্ধি পাইছে

 

 

() বিশ্বায়ন বা গোলকীকৰণৰ ফলত হোৱা মুক্ত বিতৰণ বা উদাৰীকৰণ আরু উৎপাদন ব্যৱস্থাই সকলো দেশক বাণিজ্যিক দিশত সুযোগ-সুবিধা আরু সিদ্ধান্ত গ্রহণৰ সুবিধা প্রদান কৰিছে

 

() বিশ্বায়ন বা গোলকীকৰণে বিশ্বৰ কল্যাণ কামসমূহৰ বৃদ্ধিত অৰিহণা যোগাইছে

 

() অৰ্থনৈতিক বিশ্বায়নে মানুহৰ পছন্দৰ বিভিন্ন সুবিধাসমূহ অৰ্পণ কৰিছে

 

() বিশ্বায়ন বা গোলকীকৰণে আন্তৰ্জাতিক বাণিজ্যিক সুবিধাসমূহ প্রদান কৰিছে

 

() বিশ্বৰ জনসাধাৰণৰ মাজত অৰ্থনৈতিক ক্ষেত্রৰ মাজেৰে ভাতৃত্ববোধ গঢ়ি তুলিছে

 

() বিশ্বায়ন বা গোলকীকৰণে ৰাষ্ট্রীয় আয় বৃদ্ধি কৰিছে

 

() পুঁজিবাদী ব্যৱস্থাৰ বহুল প্রচলনৰ ফলত চৰকাৰৰ হস্তক্ষেপ হ্রাস পাইছে আরু সকলোৱে বাণিজ্যিক সুবিধাসমূহ আদায় কৰিবলৈ সক্ষম হৈছে

 


(ই) সমাজ-সংস্কৃতিৰ ফলশ্রুতিঃ

 

 () বিশ্বায়ন বা গোলকীকৰণে এখন ৰাষ্ট্রৰ জনসাধাৰণক বিশ্বৰ আন আন সমাজ-সংস্কৃতিসমূহৰ লগত পৰিচিত কৰি দিছে

 

() আন দেশৰ কথা ছবি পৰিদৰ্শন কৰা, বিশ্বৰ বিভিন্ন সাজ-পাৰ পৰিধান কৰা, বিভিন্ন খাদ্যভাস আদি আমোদ-প্রমোদবোৰৰ সুবিধা প্রদান কৰিছে

 

() বিশ্বায়ন বা গোলকীকৰণৰ ফলত সমাজ-সংস্কৃতিৰ দিশত এক নতুন ৰেহ-রূপ সংলগ্ন কৰিছে

 

() ৰাষ্ট্রৰ পুৰণি গীত-মাতত এতিয়া বিভিন্ন দেশৰ গীতসমূহে সহযোগিতা কৰিছে

 

() বিশ্বায়ন বা গোলকীকৰণে বিশ্বৰ সকলো সমাজ-সংস্কতিৰ দিশত একগোট কৰিছে

 

() সমাজ-সংস্কৃতিৰ বিশ্বায়ন বা গোলকীকৰণে সকলোকে এনে এক সমাজ-সংস্কৃতি প্রদান কৰিছে বিশ্বৰ সকলো জনসাধাৰণৰ মাজত একক ভাতৃত্ববোধ গঢ়াত সহায় কৰিছে

 

() বিশ্বায়ন বা গোলকীকৰণৰ ফলত ৰাষ্ট্রসমূহৰ মাজত পাৰস্পৰিক সম্পৰ্ক গঢ়ি উঠিছে

 

() বিশ্বায়ন বা গোলকীকৰণৰ ফলত একক সমাজ-সাংস্কৃতিক ঐক্য আরু বিশ্ব সংস্কৃতিৰ এক নব্য মিশ্র সংস্কৃতিৰ স্থাপন কৰিছে

 

() বিশ্বায়ন বা গোলকীকৰণে পৰম্পৰাগত আওপুৰণি সমাজ-সংস্কৃতিসমূহক সংস্কাৰ সাধন কৰিছে

 

() আনদেশৰ ৰীতি-নীতি, পৰম্পৰা আদি গ্রহণৰ সুবিধা কৰি দিছে

 

() বিশ্বায়ন বা গোলকীকৰণৰ ফলত হোৱা সমাজ-সংস্কৃতিৰ সংমিশ্রণৰ মাধ্যমেৰে নৱ-প্রজন্মৰ মাজত নতুন চিন্তাধাৰাৰ গঢ় লৈ উঠিছে

 

() বিশ্বায়ন বা গোলকীকৰণে বিশ্বৰ সকলো সংস্কৃতিক ওচৰ চপাই আনিছে আরু বিভিন্ন সমাজ-সংস্কৃতিৰ পছন্দসমূহ পুৰণত সহায় কৰিছে

 

() বিশ্বত, প্রত্যেক দেশৰ সমাজ-সংস্কৃতিয়ে স্বকীয় অস্তিত্ব দাঙি ধৰিছে

 

()বিশ্বায়ন বা গোলকীকৰণে সমাজ-সাংস্কৃতিক বহুত্বতাপ্রদান কৰিছে

 

() শেহতীয়াকৈকরুণামহামাৰীয়ে, বিশ্বৰ দৰবাৰত আলিংগন সমাজ-সংস্কৃতিক পৰিহাৰ কৰাই ভাৰতৰনমস্কাৰসংস্কৃতিক আদৰণি জনাইছে/গ্রহণ কৰিছে  

 

    এনেদৰে গোলকীকৰণ বা বিশ্বায়নে আন্তৰ্জাতিক সহযোগিতাৰ বিকাশৰ দিশত অভূতপূৰ্ব অৰিহণা যোগাইছে । লগতে, গোলকীকৰণ বা বিশ্বায়নৰ ফলস্বরূপে আজিৰ মানৱ জাতিৰ বিকাশ দ্রুততৰ হৈছে আরু জীৱন-যাপন অতি সহজসাধ্য হৈছে । সমসাময়িকভাৱে, ইখন দেশে সিখন দেশৰ ওপৰত নিৰ্ভৰ আরু সম্পর্কই আন্তৰ্জাতিক সংহতি আরু বুজাপৰাৰ ভাৱধাৰা জগাই তুলিছে ।


updating...