গোট-১৪, কংগ্রেছী পদ্ধতিৰ প্রত্যাহবান আরু পুনৰাবৰ্তন by P.B.

1 Mark Questions:
১। ভাৰতত কোন বছৰক বিপজ্জনক দশক হিচাপে আখ্যা দিয়া হৈছিল ?
উত্তরঃ ভাৰতত ১৯৬০ৰ বছৰক বিপজ্জনক দশক হিচাপে আখ্যা দিয়া হৈছিল ।

২। লালবাহাদুৰ শাস্ত্রী কোন ৰাজ্যৰ লোক আছিল ?
উত্তরঃ লালবাহাদুৰ শাস্ত্রী উত্তৰ প্রদেশ ৰাজ্যৰ লোক আছিল ।

৩। ভাৰতৰ প্রধানমন্ত্রী হিচাপে লালবাহাদুৰ শাস্ত্রীৰ পিছত কোন অধিষ্ঠিত হৈছিল ?
উত্তরঃ ভাৰতৰ প্রধানমন্ত্রী হিচাপে লালবাহাদুৰ শাস্ত্রীৰ পিছত ইন্দিৰা গান্ধী অধিষ্ঠিত হৈছিল ।

৪। DMK ৰ সম্পূর্ণ রূপটো লিখা । 
উত্তরঃ DMK ৰ সম্পূর্ণ রূপটো হ’ল- Dravida Munnetra Kazhagam.  

৫। ভাৰতৰ ৰাজনৈতিক আরু নির্বাচন সম্পর্কীয় কোনটো বছৰক স্মৰণীয় বর্ষ হিচাপে বিবেচনা কৰা হয় ?
উত্তরঃ ভাৰতৰ ৰাজনৈতিক আরু নির্বাচন সম্পর্কীয় ১৯৬৭ বছৰক স্মৰণীয় বর্ষ হিচাপে বিবেচনা কৰা হয় ।

৬।ভাৰতত মৰ্চা ব্যৱস্থা কেতিয়া আৰম্ভ হৈছিল ?
উত্তরঃ ভাৰতত মৰ্চা ব্যৱস্থা ১৯৬৭ চনৰ পৰা আৰম্ভ হৈছিল ।

৭। কোনটো অঞ্চলৰ বিধায়কৰ লগত ‘আয়া ৰাম গয়া ৰাম’ বাক্যাংশটো জড়িত ।
উত্তরঃ হাৰিয়ানা অঞ্চলৰ বিধায়কৰ লগত ‘আয়া ৰাম গয়া ৰাম’ বাক্যাংশটো জড়িত ।

৮। চতুর্থ সাধাৰণ নির্বাচন কেতিয়া অনুষ্ঠিত হৈছিল ?
উত্তরঃ চতুর্থ সাধাৰণ নির্বাচন ১৯৬৭ চনত অনুষ্ঠিত হৈছিল ।

৯। ১৯৬৭ চনৰ নির্বাচনত ভাৰতৰ জাতীয় কংগ্রেছে লোকসভাত কিমান আসন লাভ কৰিছিল ?
উত্তরঃ ১৯৬৭ চনৰ নির্বাচনত ভাৰতৰ জাতীয় কংগ্রেছে লোকসভাত ২৮৩ খন আসন লাভ কৰিছিল ।

১০। দলত্যাগৰ অর্থ কি ?
উত্তরঃ দলত্যাগৰ অর্থ হ’ল- এজন নির্বাচিত প্রতিনিধিয়ে এক দল ত্যাগ কৰি আন এক দলত যোগদান কৰা নতুবা নতুনকৈ দল গঠন কৰা কাৰ্য্যক সূচায় ।

১১। ছিণ্ডিকেট বুলিলে কি বুজা ?

উত্তরঃ ছিণ্ডিকেট বুলিলে এক শক্তিশালী আরু প্রভাৱশালী নেতাৰ গোটক বোজা যায় । কংগ্রেছৰ আনুষ্ঠানিক, শক্তিশালী, প্রভাৱশালী আরু নেতা দলক ছিণ্ডিকেট আখ্যা দিয়া হৈছিল ।

১২।SVD ৰ পূর্ণ রূপটো লিখা ।
উত্তরঃ SVD ৰ পূর্ণ রূপটো হ’ল- Sanyukt Vidhayak Dal

১৩। পণ্ডিত জৱাহৰলাল নেহেরুৰ মৃত্য কেতিয়া হৈছিল ?
উত্তরঃ পণ্ডিত জৱাহৰলাল নেহেরুৰ মৃত্য ১৯৬৪ চনৰ ২৭ মে’ তাৰিখে হৈছিল ।

১৪। শুদ্ধ শব্দটো লিখাঃ
(ক) লাল্বাহাদুৰ শাস্ত্রী আছিল ভাৰতৰ (প্রথম/দ্বিতীয়/তৃতীয় গৰাকী) প্রধানমন্ত্রী ।
উত্তরঃ দ্বিতীয় ।
(খ) বিখ্যাত শ্লোগাল ‘জয় জোৱান জয় কিষাণ’ৰ স্রষ্টা আছিল (ইন্দিৰা গান্ধী/মোৰাৰজী দেশাই/লাল্বাহাদুৰ শাস্ত্রী)।
উত্তরঃ লালবাহাদুৰ শাস্ত্রী ।
(গ) কংগ্রেছ ছিণ্ডিকেটৰ নেতৃত্ব লৈছিল (কর্পূৰী ঠাকুৰ/ কে. কামৰাজ/ এছ নিজামিংগাপ্পা) ই ।
উত্তরঃ কে. কামৰাজ ।
(ঘ) ভাৰতত নির্বাচন অনুষ্ঠিত হৈছিল (১৯৬৭/১৯৭৮/১৯৮২) চনত ।
উত্তরঃ ১৯৬৭ চনত ।
(ঙ) দ্রাবিড়া মুন্নেটা কাজাগাম (ডি এম কে) দলটো (উত্তৰ প্রদেশ/তামিলনাডু/মধ্যপ্রদেশৰ)
উত্তরঃ তামিলনাডুৰ
(চ) মৰ্চা চৰকাৰৰ যুগৰ আৰম্ভ হৈছিল (১৯৭১/১৯৮৯/১৯৬৯/১৯৬৭) চনত ।
উত্তরঃ ১৯৬৭ চনত ।
(ছ) ছিণ্ডিকেটৰ নেতা কোন আছিল ? (কে কামৰাজ/এছ কে পবিল/সঞ্জীৱা ৰেড্ডী/আটাইকেইজনেই)
উত্তরঃ কে কামৰাজ ।
(জ) ‘ইন্দিৰা হটাও’ শ্লোগান কোনে দিছিল?
উত্তরঃ ‘ইন্দিৰা হটাও’ শ্লোগান ১৯৭১ চনৰ কংগ্রেছ সভাপতি এছ নিজামিংগাপ্পাই দিছিল ।

১৫। ১৯৬০ ৰ দশকটোক কিয় বিপজ্জনক আখ্যা দিয়া হৈছিল ?
উত্তরঃ ১৯৬০ ৰ দশকটোক বিপজ্জনক আখ্যা দিয়াৰ উল্লেখযোগ্য কাৰণসমূহ আছিলঃ
(ক) প্রথমবাৰৰ বাবে ভাৰতৰ ৰাজনীতিত ১৯৬০ দশকত ৰাজ্যৰ বিধানসভাত ৯ খন ৰাজ্যৰ কংগ্রেছ দলে সংখ্যাগৰিষ্ঠতা হেরুৱাইছিল আরু অকংগ্রেছী চৰকাৰ গঠন হৈছিল কিন্তু অধিকদিন বর্তি থকা নাছিল ।
(খ) ১৯৬০ দশকত বিহাৰ ৰাজ্যকে সামৰি কেইবাখনো ৰাজ্যত ভয়ানক খাদ্য সংকট হৈছিল ।
(গ) ১৯৬০ দশকতে ভাৰতৰ প্রথম প্রধান মন্ত্রী জৱাহৰলাল নেহরুৰ মৃত্যু হৈছিল আরু কংগ্রেছ দলৰ নেতৃত্বক কেন্দ্র কৰি নানান ধৰণৰ বিবাদৰ সৃষ্টি হৈছিল ।
(ঘ) ১৯৬০ দশকৰ কালছোৱাতে ভাৰতত চীনৰ দ্বাৰা হঠাৎ আক্রমণ হৈছিল ।

১৬। মৰ্চা চৰকাৰৰ যুগ কেতিয়া আৰম্ভ হৈছিল ?
উত্তরঃ মৰ্চা চৰকাৰৰ যুগ ১৯৬৭ চনত আৰম্ভ হৈছিল

১৭। কংগ্রেছ ছ’চিয়েলিষ্ট পার্টীৰ প্রতিষ্ঠাপক কোন আছিল ?
উত্তরঃ কংগ্রেছ ছ’চিয়েলিষ্ট পার্টীৰ প্রতিষ্ঠাপক আছিল- আচার্য নৰেন্দ্র দেৱ ।

১৮। পণ্ডিত জৱাহৰলাল নেহরুৰ পিছত ভাৰতৰ প্রধানমন্ত্রী কোন হৈছিল ?
উত্তরঃ পণ্ডিত জৱাহৰলাল নেহরুৰ পিছত ভাৰতৰ প্রধানমন্ত্রী লালবাহাদুৰ শাস্ত্রী হৈছিল ।

১৯। পণ্ডিত জৱাহৰলাল নেহরুৰ মৃত্যু কেতিয়া হৈছিল ?
উত্তরঃ পণ্ডিত জৱাহৰলাল নেহরুৰ মৃত্যু ১৯৬৪ চনৰ ২৭ মে’ তাৰিখে হৈছিল ।

২০। ১৯৭০ চনত ইন্দিৰা গান্ধী চৰকাৰলৈ জনপ্রিয়তা আনি দিয়া এটা কাৰক লিখা ।

উত্তরঃ ১৯৭০ চনত ইন্দিৰা গান্ধী চৰকাৰলৈ জনপ্রিয়তা আনি দিয়া এটা কাৰক হ’ল- বাংলাদেশৰ লগত যুদ্ধত ইন্দিৰা গান্ধী চৰকাৰে গ্রহণ কৰা বলিষ্ঠ ভূমিকা ।


২১। ১৯৬৭ চনত কোনটো দল লোকসভাৰ মুখ্য বিৰোধী দল আছিল ?
উত্তরঃ ১৯৬৭ চনত স্বতন্ত্র দল লোকসভাৰ মুখ্য বিৰোধী দল আছিল ।

২২। লালবাহাদুৰ শাস্ত্রী ৰাজনৈতিক উত্তৰাধিকাৰী কোন আছিল ?
উত্তরঃ লালবাহাদুৰ শাস্ত্রী ৰাজনৈতিক উত্তৰাধিকাৰী আছিল- ইন্দিৰা গান্ধী ।

২৩। ১৯৭১ চনৰ মহা মৰ্চা সন্দর্ভত তলত দিয়া কোনটো তথ্য শুদ্ধ ।
(ক) অনা-কমিউনিষ্ট, অনা-কংগ্রেছ দলৰ দ্বাৰা গঠিত হৈছিল ।
(খ) এটা স্পষ্ট ৰাজনৈতিক আরু আদর্শমূলক কাৰ্যসূচী আছিল ।
(গ) সকলোবোৰ অনা-কংগ্রেছী দলে মিলি গঠন কৰিছিল ।

উত্তরঃ (ক) অনা-কমিউনিষ্ট, অনা-কংগ্রেছ দলৰ দ্বাৰা গঠিত হৈছিল ।



২৪। ভাৰতত সংযুক্ত প্রথা কেতিয়া আৰম্ভ কৰা হৈছিল ?
উত্তরঃ ভাৰতত সংযুক্ত প্রথা ১৯৬৭ চনত আৰম্ভ কৰা হৈছিল । 

২৫। কংগ্রেছ সমাজবাদী দলৰ প্রতিষ্ঠাপক কোন আছিল?
উত্তরঃ কংগ্রেছ সমাজবাদী দলৰ প্রতিষ্ঠাপক আচার্য নৰেন্দ্র দেৱ আছিল । 

২৬। ‘গৰিৱী হটাও’ শ্লোগানটোৰ কৃতিত্ব কাৰ?
উত্তরঃ ‘গৰিৱী হটাও’ শ্লোগানটোৰ কৃতিত্ব হ’ল- ইন্দিৰা গান্ধী ।

২৭। ১৯৬৭ চনৰ নির্বাচনৰ বিষয়ে কোনটো/কোনবোৰ উক্তি সত্য?
(a)কংগ্রেছে লোক সভা নির্বাচনত জয়লাভ কৰিছিল কিন্তু বহুতো ৰাজ্যত বিধান সভা নির্বাচনত পৰাজয় বৰণ কৰিছিল ।
উত্তৰঃ সত্য ।

(b)কংগ্রেছে লোক সভা আরু বিধান সভা দুয়োটা নির্বাচনত হাৰিছিল

উত্তৰঃ অসত্য ।

(c)কংগ্রেছে লোক সভাত সংখ্যা গৰিষ্ঠতা হেরুৱাইছিল কিন্তু সন্মিলিত চৰকাৰ গঠন কৰিছিল
উত্তৰঃ অসত্য ।

(d) কংগ্রেছে কেন্দ্রৰ ক্ষমতা ধৰি ৰাখিছিল

উত্তৰঃ সত্য ।



2 Marks Questions:
১। লালবাহাদুৰ শাস্ত্রী চমু প্রধানমন্ত্রীত্বৰ সময়ছোৱাত ১৯৬৪ ৰ পৰা ১৯৬৬ চনলৈ ভাৰতে সন্মুখিন হোৱা প্রত্যাহ্বান দুটা লিখা ।
উত্তরঃ লালবাহাদুৰ শাস্ত্রী চমু প্রধানমন্ত্রীত্বৰ সময়ছোৱাত ১৯৬৪ ৰ পৰা ১৯৬৬ চনলৈ ভাৰতে সন্মুখিন হোৱা প্রত্যাহ্বান দুটা হ’ল- 
(ক) ১৯৬৫ চনত হোৱা ভাৰত আরু পাকিস্তানৰ যুদ্ধ আরু 
(খ)একেৰাহে বৰষুণ নোহোৱা বা অনাবৃষ্টিৰ ফলত সংঘটিত হোৱা খাদ্য সংকট  ।

২। কংগ্রেছে কেতিয়া আরু কিয় দ্বিতীয়বাৰলৈ ৰাজনৈতিক উত্তৰাধিকাৰত্বক লৈ প্রত্যাহ্বানৰ সন্মুখীন হৈছিল ?
উত্তরঃ ১৯৬৬ চনৰ ১ জানুৱাৰী তাৰিখে লালবাহাদুৰ শাস্ত্রীৰ আকস্মিক মৃত্যুৰ কাৰণে দ্বিতীয়বাৰলৈ ৰাজনৈতিক উত্তৰাধিকাৰত্বক লৈ কংগ্রেছ প্রত্যাহ্বানৰ সন্মুখীন হৈছিল ।

৩। লালবাহাদুৰ শাস্ত্রী সম্পর্কে তুমি কি জানা ?
উত্তরঃ লালবাহাদুৰ শাস্ত্রী ভাৰতৰ দ্বিতীয় প্রধানমন্ত্রী আছিল । তেওঁ উত্তৰ প্রদেশ ৰাজ্যৰ এজন মহান কংগ্রেছী নেতা আছিল আরু জৱাহৰলাল নেহরুৰ কেবিনেট মন্ত্রী আছিল । তেওঁ এজন ৰে’ল মন্ত্রালয় হিচাপেও কাম কৰিছিল ।  তেওঁ “জয় জোৱান জয় কিষাণ” শ্ল’গানেৰে ভাৰতৰ দুখীয়া কৃষক সকলক শ্রদ্ধা আরু সাহস জ্ঞাপন কৰিছিল লগতে দুখীয়া আরু পিছপৰা জনসাধাৰণৰ বাবে বহু কর্ম কৰিছিল । ১৯৬৬ চনৰ ১ জানুৱাৰী তাৰিখে লালবাহাদুৰ শাস্ত্রীয়ে আকস্মিক মৃত্যক সাবটি লৈছিল ।

৪। চতুর্থ সাধাৰণ নির্বাচনে কিদৰে কংগ্রেছক বিপৰ্যস্ত কৰিছিল ?
উত্তরঃ চতুর্থ সাধাৰণ নির্বাচনে কিছুমাণ ক্ষেত্রত কংগ্রেছক বিপৰ্যস্ত কৰিছিল । সেইবোৰ হ’লঃ
(ক) প্রথমতে, ১৯৬৭ চনৰ চতুর্থ সাধাৰণ নির্বাচনত কংগ্রেছ দল বারুকৈয়ে বিফল হৈছিল ।
(খ) দ্বিতীয়তে, কংগ্রেছে এই নির্বাচনত ২৮৩ খন আসন লাভ কৰিছিল ।
(গ) তৃতীয়তে, কংগ্রেছে সাতখন ৰাজ্যত সংখ্যাগৰিষ্ঠতা হেরুৱাইছিল ।
(ঘ) চতুর্থতে, দুখন ৰাজ্যত কিছুমান নেতাই দলত্যাগ কৰিছিল ।
(ঙ) পঞ্চমতে, ইন্দিৰা গান্ধী মন্ত্রীসভাৰ আধাতকৈ অধিক সদস্যই এই নির্বাচনত পৰাজয় হৈছিল ।

৫।মৰ্চা চৰকাৰ বুলিলে কি বুজা ?

উত্তরঃ যদি কোনো এক নির্বাচনত এটা দলেও সংখ্যাগৰিষ্ঠতা লাভ নকৰেতেতিয়া, ৰাজনৈতিক দলবোৰ লগ হৈ এজন মনোনীত পাৰ্থী বাচনি কৰে আরু চৰকাৰ গঠন কৰেএই চৰকাৰখনক সংযুক্ত চৰকাৰ বা মৰ্চা চৰকাৰ বুলি কোৱা হয় । 


৬। তলত দিয়া শ্ল’গান দুটাৰ জনাজাত নেতা দুগৰাকী নাম লিখা ।
(ক) জয় জোৱান, জয় কিষাণ
উত্তরঃ লালবাহাদুৰ শাস্ত্রী ।
(খ) আয়া ৰাম গয়া ৰাম ।
উত্তরঃ ৰাও বিৰেন্দ্র সিং ।

৭। ‘আয়া ৰাম, গয়া ৰাম’ৰ ব্যাখ্যা আগবঢ়োৱা । এই শ্লোগানটো কিদৰে সৃষ্টি হৈছিল ?
উত্তরঃ ‘আয়া ৰাম, গয়া ৰাম’ শ্ল’গানে ভাৰতবর্ষৰ ৰাজনৈতিক নেতাসকলে দল বাগৰা বা দল সলনি কৰা কাৰ্যক বুজাবলৈ ব্যৱহাৰ কৰা হয়১৯৬৭ চনৰ নির্বাচনৰ পৰৱৰ্তী সময়ত হাৰিয়ানা ৰাজ্যৰ গয়া ৰাম নামৰ বিধায়কজনে দুই সপ্তাহৰ ভিতৰতে তিনিবাৰকৈ দলত্যাগ কৰিছিল । এই কাৰ্যৰ পিছৰ পৰাই নেতাসকলৰ দল বাগৰা বা সলনি কৰা কর্মক ‘আয়া ৰাম, গয়া ৰাম’ বুলি ব্যক্ত বা মন্তব্য কৰে

৮। ভাৰতীয় ৰাজনীতিত ‘ৰাজনৈতিক ভূঁইকঁপ’ শব্দ দুটাই কি তাৎপর্য বহন কৰে ?
উত্তরঃ ভাৰতৰ ১৯৬৭ চনৰ চতুর্থ সাধাৰণ নির্বাচনত কংগ্রেছ দল বারুকৈয়ে বিফল হৈছিল । এই নির্বাচনত কংগ্রেছে ২৮৩ খন আসনহে লাভ কৰিছিল । লগতে, কংগ্রেছে সাতখন ৰাজ্যত সংখ্যাগৰিষ্ঠতা হেরুৱাইছিল আরু দুখন ৰাজ্যত কিছুমান নেতাই দলত্যাগ কৰিছিল । ইয়াৰ উপৰিও, ইন্দিৰা গান্ধী মন্ত্রীসভাৰ আধাতকৈ অধিক সদস্যই এই নির্বাচনত পৰাজয় হৈছিল । কংগ্রেছৰ এই বিপর্যয়ক সূচাবলৈ ভাৰতীয় ৰাজনীতিত ‘ৰাজনৈতিক ভূঁইকঁপ’ শব্দ দুটাই তাৎপর্য বহন কৰে

৯।অনা-কংগ্রেছবাদ কি ?
উত্তরঃ অনা-কংগ্রেছবাদসকল কিছুমান দলৰ সংহতি যিসমূহ কংগ্রেছী দলৰ বিৰোধী দল হিচাপে জনা যায়১৯৬৭ চনৰ নির্বাচনৰ সময়ছোৱাত কংগ্রেছী বিৰোধী ধাৰণাটোক বুজাবলৈ মনোহৰ লোহিয়া নামৰ ব্যক্তিজনে অকংগ্রেছবাদ বা অনা-কংগ্রেছবাদ শব্দটো ব্যৱহাৰ কৰিছিল ।

১০। সংযুক্ত বিধায়ক দল বা SVD ৰ স্থিতি উল্লেখ কৰা
উত্তরঃ ১৯৬৭ চনৰ নির্বাচনত কোনো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰা নাছিল । সেয়েহে, অনা-কংগ্রেছী দলবোৰ একেলগ হৈ যুটীয়া বিধায়িনী দল হিচাপে সংযুক্ত বিধায়ক দল বা SVD  নামৰ এই ৰাজনৈতিক গোটটোৰ গঠন কৰিছিল । আদর্শগত পাৰ্থক্যৰ বাবে এই দলটো দীর্ঘ সময়ৰ বাবে স্থায়িত্ব লাভ কৰিব পৰা নাছিল । লগতে, বিভিন্ন দলীয় মতানক্যৰ বাবে অতি কম সময়ৰ ভিতৰতে ইয়াৰ স্থিতি ব্যাহত হৈছিল বা অবনতি হৈছিল


১১। ১৯৬৭ চনত লোকসভাত প্রধান বিৰোধী দল কোনটো আছিল ? এই দলটোৱে কিমানখন আসন লাভ কৰিছিল ?
উত্তরঃ ১৯৬৭ চনত লোকসভাত প্রধান বিৰোধী দল আছিল স্বতন্ত্র দল । এই দলটোৱে ৪৪ খন আসন লাভ কৰিছিল ।

১২। ‘মহা মৰ্চা’ অভিধাটো ব্যাখ্যা কৰা
উত্তরঃ ইন্দিৰা গান্ধীক পৰাজয় কৰাৰ কাৰণে ১৯৭১ চনৰ সাধাৰণ নির্বাচনত সাম্যবাদী দলৰ বাহিৰে সকলোবোৰ ৰাজনৈতিক দলে এক ‘বৃহৎ মিত্রজোঁট’ গঠন কৰিছিল, যাক ‘মহা মৰ্চা’ বুলি জনা গৈছিলএই ‘মহা মৰ্চা’ত ভাৰতীয় জন সংঘ, স্বতন্ত্র দল, সংযুক্ত সমাজবাদী দল, ক্রান্তি দল, প্রজা সমাজবাদী দল আদি সংযুক্ত আছিল । 

১৩। ‘হুইপ’ অভিধাটো ব্যাখ্যা কৰা
উত্তরঃ ‘হুইপ’ হ’ল সাংসদ আরু বিধানসভাৰ সদস্যসকলক দলীয় নেতৃবর্গৰ দ্বাৰা প্রদান কৰা এক কঠোৰ আদেশ । এই হুইপ সকলো দলৰ সদস্যসকলে মানি চলাতো বাধ্যবাধতামূলক আছিল । ৰাষ্ট্রপতি নির্বাচনত ৰেড্ডীক ভোট দিয়াৰ বাবে হুইপ জাৰি কৰিছিল ।

১৪। মোৰাৰজী দেশাইৰ বিষয়ে কেইশাৰীমান লিখা ।
উত্তরঃ মোৰাৰজী দেশাই ১৯৭৭ চনত গঠন হোৱা চৰকাৰখনৰ প্রধানমন্ত্রী আছিলএই চৰকাৰ খনেই আছিল মোৰাৰজী দেশাইৰ নেতৃত্বধীন প্রথমখন অ-কংগ্রেছী চৰকাৰমোৰাৰজী দেশাই গান্ধীবাদী নেতা আছিল আরু গান্ধীৰ আদর্শত চলিছিল । তেওঁ ১৯৬৬ চনৰ পৰা ১৯৬৯ চনলৈকে ভাৰতৰ উপ-প্রধানমন্ত্রী আছিল

১৫। শাস্ত্রীৰ প্রধানমন্ত্রিত্বৰ অৱসান কেতিয়া ঘটিছিল ? লালবাহাদুৰ শাস্ত্রীৰ ৰাজনৈতিক উত্তৰাধিকাৰী কোন আছিল ?
উত্তরঃ শাস্ত্রীৰ প্রধানমন্ত্রিত্বৰ অৱসান ১৯৬৬ চনত ঘটিছিল । লালবাহাদুৰ শাস্ত্রীৰ ৰাজনৈতিক উত্তৰাধিকাৰী আছিল ইন্দিৰা গান্ধী ।

১৬। তলত দিয়া শ্লোগান দুটাৰ সৈতে জড়িত নেতা দুগৰাকী কোন আছিল ?
(ক)জয় জোৱান, জয় কিষাণ
উত্তরঃ লালবাহাদুৰ শাস্ত্রী ।
(খ) গৰিবী হটাও
উত্তরঃ ইন্দিৰা গান্ধী ।

১৭। ‘আয়া ৰাম, গয়া ৰাম’ বাক্যংশটোৰ উদ্ভৱ কিদৰে হৈছিল ?
উত্তরঃ ‘আয়া ৰাম, গয়া ৰাম’ শ্ল’গানে ভাৰতবর্ষৰ ৰাজনৈতিক নেতাসকলে দল বাগৰা বা দল সলনি কৰা কাৰ্যক বুজাবলৈ ব্যৱহাৰ কৰা হয়১৯৬৭ চনৰ নির্বাচনৰ পৰৱৰ্তী সময়ত হাৰিয়ানা ৰাজ্যৰ গয়া ৰাম নামৰ বিধায়কজনে দুই সপ্তাহৰ ভিতৰতে তিনিবাৰকৈ দলত্যাগ কৰিছিল । এই কাৰ্যৰ পিছৰ পৰাই নেতাসকলৰ দল বাগৰা বা সলনি কৰা কর্মক ‘আয়া ৰাম, গয়া ৰাম’ বুলি ব্যক্ত বা মন্তব্য কৰে

১৮। পণ্ডিত নেহরুৰ মৃত্য কেতিয়া হৈছিল আরু পণ্ডিত নেহরুৰ পিছত ভাৰতৰ প্রধানমন্ত্রী কোন আছিল ?
উত্তরঃ পণ্ডিত নেহরুৰ মৃত্য ১৯৬৪ চনত হৈছিল আরু পণ্ডিত নেহরুৰ পিছত ভাৰতৰ প্রধানমন্ত্রী আছিল লাল বাহাদুৰ শাস্ত্রী ।

১৯। নতুন মৰ্চা যুগত SVD ৰ মর্যাদা উল্লেখ কৰা
উত্তরঃ ১৯৫২ চনত গিয়ান সিং ৰাৰেৱালাৰ নেতৃত্বত পাটিয়ালা এণ্ড ইষ্ট পঞ্জাৱ ষ্টেটছ ইউনিয়নত প্রথমখন সংযুক্ত চৰকাৰ গঠন হৈছিল । উৰিষ্যাত ড হৰেকৃষ্ণ মেহতাবৰ নেতৃত্বত ১৯৫৯ চনত দ্বিতীয়খন সংযুক্ত চৰকাৰ গঠন হৈছিল । ১৯৬৭ চনৰ নির্বাচনত ভাৰতত আঠখন ৰাজ্যত সংযুক্ত চৰকাৰ গঠিত হৈছিল । ১৯৭৭ চনত মোৰাৰজী দেশাইৰ নেতৃত্বত পোনপ্রথমে অ-কংগ্রেছী দলৰ সংযুক্ত চৰকাৰ গঠন হৈছিল ।

২০। পণ্ডিত নেহরুৰ মৃত্যুৰ পিছত ভাৰতীয় ৰাজনীতিত কি অস্থিৰতাৰ সৃষ্টি হৈছিল ?
উত্তরঃ পণ্ডিত নেহরুৰ মৃত্যুৰ পিছত ভাৰতীয় ৰাজনীতিত ভাৰতৰ গণতন্ত্র অথবা গণতান্ত্রিক আদর্শ বর্তি ৰখাৰ বিষয়ক লৈ আরু নতুন প্রধান মন্ত্রিত্বক লৈ অস্থিৰতাৰ সৃষ্টি হৈছিল ।

২১। (ক) _____ চনৰ নির্বাচনত ______ আরু তেওঁৰ দল পৰাজিত হৈছিল ।
উত্তরঃ ১৯৬৪ চনৰ নির্বাচনত ইন্দিৰা গান্ধী আরু তেওঁৰ দল পৰাজিত হৈছিল ।

(খ) ______ ৰ চতুর্থ সাধাৰণ নির্বাচনত জনসংঘই লোক সভাৰ ৩৫ খন আসন লাভ কৰিছিল ।

উত্তরঃ ১৯৬৭ চনৰ চতুর্থ সাধাৰণ নির্বাচনত জনসংঘই লোক সভাৰ ৩৫ খন আসন লাভ কৰিছিল ।

২২। ১৯৬৪ চনৰ পৰা ১৯৬৬ লৈ লাল বাহাদুৰ শাস্ত্রীৰ চমু প্রধানমন্ত্রী কালত ভাৰতে কি দুটা প্রত্যাহ্বানৰ মুখামুখি হৈছিল ।
উত্তরঃ  ১৯৬৪ চনৰ পৰা ১৯৬৬ লৈ লাল বাহাদুৰ শাস্ত্রীৰ চমু প্রধানমন্ত্রী কালত ভাৰতে সন্মুখীন হোৱা দুটা প্রত্যাহ্বান হ'লঃ
(ক) ১৯৬৫ চনত হোৱা ভাৰত আরু পাকিস্তানৰ যুদ্ধ আরু 
(খ)একেৰাহে বৰষুণ নোহোৱা বা অনাবৃষ্টিৰ ফলত সংঘটিত হোৱা খাদ্য সংকট  ।

২৩। ‘মহা মিত্রজোঁট শব্দটো ব্যাখ্যা কৰা
উত্তরঃ ইন্দিৰা গান্ধীক পৰাজয় কৰাৰ কাৰণে ১৯৭১ চনৰ সাধাৰণ নির্বাচনত সাম্যবাদী দলৰ বাহিৰে সকলোবোৰ ৰাজনৈতিক দলে এক ‘বৃহৎ মিত্রজোঁট’ গঠন কৰিছিল, যাক ‘মহা মৰ্চা’ বা  ‘মহা মিত্রজোঁট বুলি জনা গৈছিল । এই ‘মহা মৰ্চা’ত ভাৰতীয় জন সংঘ, স্বতন্ত্র দল, সংযুক্ত সমাজবাদী দল, ক্রান্তি দল, প্রজা সমাজবাদী দল আদি সংযুক্ত আছিল  ‘মহা মিত্রজোঁট' শব্দটোয়ে এই ৰাজনীতিৰ মিলনক সূচায়ছে ।

২৪। ‘হুইপ’ শব্দটো ব্যাখ্যা কৰা
উত্তরঃ ‘হুইপ’ হ’ল সাংসদ আরু বিধানসভাৰ সদস্যসকলক দলীয় নেতৃবর্গৰ দ্বাৰা প্রদান কৰা এক কঠোৰ আদেশ । এই হুইপ সকলো দলৰ সদস্যসকলে মানি চলাতো বাধ্যবাধতামূলক আছিল । ৰাষ্ট্রপতি নির্বাচনত ৰেড্ডীক ভোট দিয়াৰ বাবে হুইপ জাৰি কৰিছিল ।

২৫। পণ্ডিত নেহরুৰ পাছত ভাৰতৰ প্রধান মন্ত্রী কোন হৈছিল?
উত্তরঃ পণ্ডিত নেহরুৰ মৃত্য ১৯৬৪ চনত হৈছিল আরু পণ্ডিত নেহরুৰ পিছত ভাৰতৰ প্রধানমন্ত্রী আছিল লাল বাহাদুৰ শাস্ত্রী । 
       লালবাহাদুৰ শাস্ত্রী ভাৰতৰ দ্বিতীয় প্রধানমন্ত্রী আছিল । তেওঁ উত্তৰ প্রদেশ ৰাজ্যৰ এজন মহান কংগ্রেছী নেতা আছিল আরু জৱাহৰলাল নেহরুৰ কেবিনেট মন্ত্রী আছিল । তেওঁ এজন ৰে’ল মন্ত্রালয় হিচাপেও কাম কৰিছিল ।


২৬। ভাৰতত আঞ্চলিক অভ্যুত্থানৰ দুটা কাৰণ লিখা ।
উত্তরঃ ভাৰতত আঞ্চলিক অভ্যুত্থানৰ দুটা কাৰণ হ'লঃ
(ক) চৰকাৰৰ স্বেচ্ছাচাৰী শাসন ।
(খ) ৰাজনৈতিক নেতাসকলৰ অধিক স্বার্থ পূৰণ ।


২৭। ১৯৭৭ চনৰ লোক সভা নির্বাচনৰ দুটা ফলাফল লিখা ।
উত্তরঃ ১৯৭৭ চনৰ লোক সভা নির্বাচনৰ দুটা ফলাফল হ'লঃ
(ক) কংগ্রেছ দল লোকসভা নির্বাচনত(১৫৪ খন আসন পাই) পরাজিত হৈছিল ।
(খ) ১৯৭৭ চনত জনতা দল ক্ষমতালৈ আহিছিল আরু চরকার গঠন করিছিল । 

২৮। ভাৰতীয় ৰাজনীতিত কেতিয়া আরু কিয় মণ্ডল বিষয়টো উত্থাপিত হৈছিল?

উত্তরঃ ১৯৭৭ চনত জনতা দলর চরকারর দিনত বিহারত অন্যান্য পিছপরা শ্রেণীর সংরক্ষণর বিষয়টো যথেষ্ট বিতর্কিত হৈ পরিছিল । ইয়ার পরিপেক্ষিতত কেন্দ্রর জনতা দল চরকারে মণ্ডল বিষয়টো উত্থাপিত করি 'মণ্ডল আয়োগ' গঠন করিছিল ।



4 or 6 Marks:



১। মৰ্চা চৰকাৰৰ উৎপত্তি ব্যাখ্যা কৰা
অথবাঃ নতুন মৰ্চাৰ যুগত SVD ৰ ধাৰণাতো চমুকৈ ব্যাখ্যা কৰা
অথবাঃ সংযুক্ত চৰকাৰৰ নতুন যুগত SVD শব্দটোয়ে কি বুজায়? ব্যাখ্যা কৰা

উত্তৰ 
      ভাৰতৰ ১৯৬৭ চনৰ সাধাৰণ নির্বাচনত সংযুক্ত চৰকাৰ বা মৰ্চা চৰকাৰৰ ধাৰণাতো বাস্তবায়ন হয় । ১৯৬৭ ৰ নির্বাচনত কোনো কোনো ৰাজ্যত এক দলে সংখ্যা গৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল । এই পৰিপেক্ষিতত অ-কংগ্রেছী দলসমূহ একগোট হৈ যুটীয়া ব্যৱস্থাপক দল(Joint Legislative Party) বা SVD or Samyukta Vidhayak Dal গঠন কৰে আরু অ-কংগ্রেছী চৰকাৰবোৰৰ প্রতিষ্ঠাপন কৰে

     দলসমূহ একগোট হৈ এই চৰকাৰবোৰৰ(ৰাজ্যত) গঠন হোৱা কাৰণত এই চৰকাৰক সংযুক্ত চৰকাৰ বা মৰ্চা চৰকাৰ বোলা হয় । ভাৰতীয় ক্রান্তি দল (Bharatiya Kranti Dal), সংযুক্ত সমাজবাদী পার্টী(Samyukta Socialist Party), প্রজা সমাজবাদী পার্টী(Praja Socialist Party), জনসংঘ(Jana Sangh.) আদি দলসমূহ এক লগ হৈ এই মৰ্চা বা সংযুক্ত চৰকাৰবোৰৰ গঠন কৰিছিল । এই চৰকাৰবোৰৰ আদর্শগত পার্থক্য আছিল ।

       কেন্দ্রত ১৯৭৭ চনত প্রথমবাৰৰ বাবে মোৰাৰজী দেশাইৰ নেতৃত্বত সংযুক্ত চৰকাৰ বা মৰ্চা চৰকাৰ গঠন কৰিছিল । এই চৰকাৰ খন ২৪ মার্চ ১৯৭৭ চনৰ পৰা ১৫ জুলাই ১৯৭৯ চনলৈকে জনতা দলৰ তত্বাৱধনাত চলি আছিল ।

       ১৯৮৯ চনত মৰ্চা যুগৰ আৰম্ভণি হৈছিল । এই চৰকাৰখন ৰাষ্ট্রীয় মৰ্চা, বাওঁপন্থী আরু বিজেপীৰ সমর্থন গঢ়ি উঠিছিল । তাৰ পৰৱৰ্তি পৰ্যায়ত ক্রমান্বয়ে মৰ্চা চৰকাৰ বর্তি আছে । 
      
২। ১৯৬৯ চনৰ কংগ্রেছৰ বিভাজন অৱশ্যম্ভাৱী আছিলনে? ব্যাখ্যা কৰা
অথবাঃ ১৯৬৯ চনত কংগ্রেছৰ বিভাজন অৱশ্যম্ভাৱী আছিলনে? যদিহে বিভাজন নহ’লহেঁতেন, তেন্তে ১৯৭০ ৰ দশকৰ ঘটনাৱলীত ইয়াৰ কেনে প্রভাৱ পৰিলেহেঁতেন?
অথবাঃ ১৯৬৯ চনত হোৱা কংগ্রেছ বিভাজনৰ বাবে দায়ী যিকোনো ছটা কাৰকৰ বিষয়ে ব্যাখ্যা কৰা

উত্তরঃ সদ্যহতে ১৯৬৯ চনৰ কংগ্রেছৰ বিভাজন অৱশ্যম্ভাৱী নাছিল । কাৰণ, লাল বাহাদুৰ শাস্ত্রী আরু ইন্দিৰা গান্ধীয়ে চিণ্ডিকেটৰ মাধ্যমেৰেই প্রধানমন্ত্রীৰ পদত অধিষ্ঠিত হৈছিল ।লগতে, ইন্দিৰা গান্ধীৰ প্রথম মন্ত্রীসভাৰ নীতি প্রণয়ণ আরু কাৰ্যকৰীকৰণত চিণ্ডিকেটে মুখ্য ভূমিকা গ্রহণ কৰিছিল । সেয়েহে, ইন্দিৰা গান্ধী আরু চিণ্ডিকেট দলে একেলগে চৰকাৰ চলাই নিয়াতো প্রযোজ্য আছিল । ইয়াৰ ঠাইত কংগ্রেছ আৰ(R) আরু কংগ্রেছ ও(O) দলত বিভক্ত হোৱাতো কংগ্রেছ দলটোৰ দুর্বল ঘরুৱা ৰাজনৈতিক সংঘর্ষৰ বিষয়টো ফুটি উঠিছে ।     
 
১৯৬৯ চনত হোৱা কংগ্রেছ বিভাজনৰ বাবে দায়ী যিকোনো ছটা কাৰক হ’লঃ

(ক) ইন্দিরা গান্ধীর স্বেচ্ছা-ছারী শাসনঃ
       সেই সময়ছোৱাত ইন্দিরা গান্ধীর স্বেচ্ছা-ছারী শাসন চলিছিল যার বাবে জেষ্ঠ নেতাসকলে এই বিষয় সহ্য করিব পরা নাছিল ।

(খ)ইন্দিরা গান্ধীর বাধা স্বত্বেও এন. সঞ্জীৱা রেড্ডিক রাষ্ট্রপতিত নির্বাচনঃ
       ইন্দিরা গান্ধীয়ে রাষ্ট্রপতি জাকির হুছেইনর মৃত্যুর পাছত এন. সঞ্জীৱা রেড্ডিক রাষ্ট্রপতি নির্বাচন করাতো বিচরা নাছিল । তথাপি, আন নেতাসকলে তেওঁক বাচনি করিছিল । 

(গ)ভি. ভি. গিরিক রাষ্ট্রপতি পাতিবর বাবেঃ
       ইন্দিরা গান্ধীর মূখ্য উদ্দেশ্য হিচাপে ভি. ভি. গিরিক রাষ্ট্রপতি পদত অধিষ্ঠিত করিবলৈ চেষ্টা করিছিল । যার বাবে পৃথক দলর ব্যৱস্থা করিছিল ।

(ঘ) দলীয় জেষ্ঠ নেতাক ইন্দিরা গান্ধীর অবমাননাঃ
       ইন্দিরা গান্ধীয়ে ছিন্দিকেটর নেতাসকলক অবমাননা করি নিজর ইচ্ছা অনুসরি কাম-কাজ পরিচালনা করিছিল ।

(ঙ)কংগ্রেছ দলর মাজত অরিয়া-অরিয়া আরু গৃহ কন্দলঃ
       কংগ্রেছ দলর মাজত ক্ষমতার বাক-বিতণ্ডাক লৈ অরিয়া-অরিয়া আরু গৃহ কন্দলে দেখা দিছিল ।

(চ) আদর্শগত পার্থক্যঃ
       ইন্দিরা গান্ধী আরু আন নেতাসকলর আদর্শগত পার্থক্য পরিলক্ষিত হৈছিল । কংগ্রেছর কিছুমান নেতাই ইন্দিরা গান্ধীর সমাজ সংস্কারর নীতি আরু আচনিসমূহক মুঠেই ভাল পোৱা নাছিল ।

       ওপরত আলোচিত বিষয়সমূহর কারণত কংগ্রেছর বিভাজন হৈছিল আরু কংগ্রেছ দলটো ‘কংগ্রেছ আর’ আরু ‘কংগ্রেছ ও’ হিচাপে পৃথক হৈছিল ।

৩। ৰাজকীয় ৰাজ্যসমূহৰ ৰাজ সাহায্য বিলুপ্তিৰ বিষয়ে এটা টোকা লিখা ।
অথবাঃ ৰাজকীয় ৰাজ্যসমূহলৈ ৰাজকীয় সাহায্য (প্রিভিপাৰ্চ)ৰ বিষয়ে আলোচনা কৰা
অথবাঃ ৰাজ শাসিত ৰাজ্যসমূহত ৰাজন্যবর্গৰ বানচ বিলুপ্তকৰণৰ ওপৰত এটা টোকা লিখা ।
অথবাঃ  প্রিভিপাৰ্চ বুলিলে কি বুজা? ১৯৭০ চনত ইন্দিৰা গান্ধীয়ে ইয়াৰ বিলোপ সাধনত কিয় জোৰ দিছিল?
অথবাঃ ৰাজন্যবৰ্গৰ বানচ বুলিলে কি বুজায়? ইন্দিৰা গান্ধীয়ে ১৯৭০ চনত কিয় ৰাজন্যবর্গৰ বানচ লোপ কৰাত গুরুত্ব দিছিল?
অথবাঃ  প্রিভিপাৰ্চ বুলিলে কি বুজা? ১৯৭০ চনত ইন্দিৰা গান্ধীয়ে ইয়াৰ বিলোপ সাধনত কিয় জোৰ দিছিল?

উত্তরঃ
      ভাৰতৰ দেশ বিভাজনৰ সময়ছোৱাত দেশীয় ৰাজ্যবোৰৰ চামিলকৰণৰ সময়ত এক চুক্তি অনুসৰি ৰাজকীয় পৰিয়াল সমূহলৈ কিছু ব্যক্তিগত সম্পত্তি আরু চামিলকৰণৰ ৰাজ্যৰ আয়ৰ ওপৰত নির্ভৰ কৰি চৰকাৰী অনুদান প্রদান কৰাৰ ব্যৱস্থা কৰা হৈছিল । এই ব্যৱস্থাটোক ‘বিশেষ বানচ’ বা ‘প্রিভিপাৰ্চ’ বা ‘ৰাজন্যবর্গৰ বানচ’ বোলা হয় ।

       ভাৰতৰ সংবিধানৰ নীতি-নিয়ম অনুসৰি এই ব্যৱস্থাই সমতাৰ নীতিৰ অবজ্ঞা কৰিছে সেয়েহে, এই বিষয়টো জৱাহৰলাল নেহরুয়ে ভাল পোৱা নাছিল । মোৰাৰজী দেশাই এই সন্দর্ভত অনৈতিক আরু ৰাজকোৱৰসকলৰ কাৰণে বিশ্বাসঘাটকতাৰ কাম হোৱা বুলি জনাইছিল ।
      
      ইন্দিৰা গান্ধীয়ে ১৯৭০ চনত সেয়েহে এই ব্যৱস্থাৰ বিলুপ্তি কৰাৰ বাবে অত্যন্ত চেষ্টা কৰিছিল ।

১৯৭০ চনত চৰকাৰে এখন সংবিধানী সংশোধনী বিধেয়কৰ উত্থাপন কৰি যদিও ৰাজ্যসভাত পাছ হোৱা নাছিল । তাৰ পৰৱৰ্তী সময়ত, এখন অধ্যাদেশ জাৰি কৰা হৈছিল যদিও উচ্চতম ন্যায়লয়ে ইয়াক নাকচ কৰিছিল ।
       অৱশেষত ১৯৭১ চনৰ ইন্দিৰা গান্ধীৰ চৰকাৰ গঠনৰ পাছত সংবিধান সংশোধনৰ জৰীয়তে এই বিশেষ ‘বিশেষ বানচ’ বা ‘প্রিভিপাৰ্চ’ বা ‘ৰাজন্যবর্গৰ বানচ’ কর্তন কৰা হৈছিল ।    


৪। নতুন কংগ্রেছ (আৰ) পার্টী আরু ইয়াৰ প্রকৃতি সম্পর্কে লিখা ।
অথবাঃ  নতুন কংগ্রেছ (আৰ) পার্টীৰ প্রকৃতিৰ বিষয়ে আলোচনা কৰা । ( তলৰ উত্তৰৰ প্রথম আরু দ্বিতীয় দফা) 
অথবাঃ  কংগ্রেছ (ও) আরু কংগ্রেছ (আৰ)ৰ মাজৰ পার্থক্যসমূহ লিখা । ( তলৰ উত্তৰৰ প্রথম আরু দ্বিতীয় দফা) 
অথবাঃ কংগ্রেছ (ও) কংগ্রেছ (আৰ)ৰ পৰা কিদৰে পৃথক?
অথবাঃ  কংগ্রেছ পার্টীত ছিণ্ডিকেটে কি ভূমিকা লৈছিল?
অথবাঃ কংগ্রেছ দলত চিণ্ডিকেটে কেনে ভূমিকা পালন কৰিছিল?
অথবাঃ ষাঠিৰ দশকৰ কংগ্রেছ পার্টীৰ প্রসংগত ছিণ্ডিকেট বুলিলে কি বুজায়? কংগ্রেছ পার্টীত ছিণ্ডিকেট কি ভূমিকা লৈছিল?
অথবাঃ  নতুন কংগ্রেছ (আৰ) পার্টীৰ প্রকৃতি সম্পর্কে চমুকৈ আলোচনা কৰা
(নোটঃ তলৰ উত্তৰৰ পৰা মূল প্রশ্নটো অনুসাৰে উত্তৰবোৰ লিখিবা ।) 

উত্তরঃ 
      ভাৰতীয় জাতীয় কংগ্রেছ (R or Requisitionists/অধিযাচন বা দাবী-কৰণ) ১৯৬৯ চনত ইন্দিৰা গান্ধীৰ নেতৃত্বত গঠন হৈছিল যিটো পাছলৈ “নতুন কংগ্রেছ”(New Congress) নামেৰে জনা গৈছিল । এই দলটোৰ চিহ্ন আছিল, ‘এজনী গাই গরুৰ সৈতে এটা পুৱালীয়ে গাখীৰ খাই থকা’ । এই দলটোৰ নির্বাচনী প্রচাৰ হিচাপে "গৰিবী হটাও" ধ্বনি ব্যবহাৰ কৰিছিল । এই দলটোয়ে ভি. ভি. গিৰিক রাষ্ট্রপতি হিচাপে নির্বাচিত কৰিছিল ৷

     এই ভাৰতীয় জাতীয় কংগ্রেছ (R) দলৰ নতুন বিভাজনটোৰ পাছত, কংগ্রেছৰ মূল দলটোক কংগ্রেছ ও(O or Organisation) বা কংগ্রেছ মূল বাপুৰণি কংগ্রেছদল হিচাপে জনা গৈছিল এই দলটো কামৰাজে পৰিচালনা কৰিছিল । এই দলৰ চিহ্ন আছিল ‘জোয়াল/Yoke বহনকাৰী এক জোৰা বলধ’ । এই দলটোয়ে ইন্দিৰা গান্ধীৰ বিপক্ষে আরু তেওঁক দুর্বল কৰাৰ উদ্দেশ্য কেবাটাও দল একগোট হৈছিল । ইয়াৰ ভিতৰত, উল্লেখযোগ্য আছিল- ভাৰতীয় জনসংঘ, ভাৰতীয় ক্রান্তি দল, স্বতন্ত্র দল, এচ. এচ. পি., পি. এচ. পি. আদি দল এক গোট হৈ অ-কংগ্রেছী বিৰোধী দলৰ সৃষ্টি কৰিছিল । তেওঁলোকে নির্বাচনী ধ্বনি হিচাপে “ইন্দিৰা  হটাও” ধ্বনি ব্যৱহাৰ কৰিছিল । ইন্দিৰা গান্ধীৰ স্বেচ্ছাচাৰী নীতি আরু শাসনৰ বিরুদ্ধে তেওঁৰ পদত্যাগৰ দাবী জনাইছিল । এই দলটোয়ে এন. সঞ্জীৱা ৰেড্ডিক রাষ্ট্রপতি হিচাপে নির্বাচিত কৰিছিল ৷ 

কংগ্রেছ দল আৰ(R) ৰ প্রকৃতিঃ

(ক) গৰীৱি হটাও ধ্বনিঃ
       এই দলটোয়ে নির্বাচনী প্রচাৰ হিচাপে গৰীবি হটাও ধ্বনি ব্যৱহাৰ কৰিছিল । এই প্রচাৰৰ ধ্বনিয়ে ভূমিহীণ, শ্রমিক আরু সাধাৰণ শ্রেণী মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছিল যাৰ বাবে ৫১৮ আসনৰ ভিতৰত ৩৫২ খন লাভ কৰিবলৈ সক্ষম হৈছিল ।

(খ) ভি. ভি. গিৰিক ৰাষ্ট্রপতিত্বঃ
       কংগ্রেছ R দলে ভি. ভি. গিৰিক ৰাষ্ট্রপতিৰ নির্বাচনত নিযুক্তি দিছিল । তেওঁ এন. সঞ্জীৱা ৰেড্ডিৰ বিপক্ষে জয়যুক্ত হৈছিল ।

(গ) কংগ্রেছ চিণ্ডিকেট দলৰ বিরুদ্ধিতাঃ
        কংগ্রেছ দল আৰ/(R) দলে কংগ্রেছ চিণ্ডিকেট দলটোৰ মতামতৰ বিরুদ্ধে গৈছিল । তেওঁলোকে নির্বাচনত চিনাক্ত কৰা এন. সঞ্জীৱা ৰেড্ডিৰ বিপক্ষে অসমত হৈছিল ।

(ঘ)সমাজ-সংস্কাৰ নীতিঃ
   কংগ্রেছ দল আৰ/(R) দলে ৰাজহুৱা খণ্ডৰ উন্নয়ন, গাঁৱলীয়া মাটিবোৰৰ ওপৰত সৰ্ব্বোচ্চ সীমা নির্ধাৰণ অর্থাৎ ছিলিং নির্মাণ কৰা, ৰাজকুমাৰসকলৰ প্রিভি পাৰ্চৰ বিলুপ্তিকৰণ, দলিত, আদিবাসী, সংখ্যালঘু, মহিলা, নিবনুৱা আদি শ্রেণীৰ বাবে কিছুমান সামাজিক সংস্কাৰমূলক আচনিৰ প্রয়োগ কৰিছিল ।

(৫) ইন্দিৰা হটাও ধ্বনির ওপৰত এটা চমুটোকা লিখা ।

উত্তরঃ ভাৰতীয় জাতীয় কংগ্রেছ (R) দলৰ নতুন বিভাজনটোৰ পাছত, কংগ্রেছৰ মূল দলটোক কংগ্রেছ ও(O or Organisation) বা কংগ্রেছ মূল বাপুৰণি কংগ্রেছদল হিচাপে জনা গৈছিল তেওঁলোকে নির্বাচনী ধ্বনি হিচাপে “ইন্দিৰা  হটাও” ধ্বনি ব্যৱহাৰ কৰিছিল । এই দলটো কামৰাজে পৰিচালনা কৰিছিল । এই দলৰ চিহ্ন আছিল ‘জোয়াল/Yoke বহনকাৰী এক জোৰা বলধ’ । এই দলটোয়ে ইন্দিৰা গান্ধীৰ বিপক্ষে আরু তেওঁক দুর্বল কৰাৰ উদ্দেশ্য কেবাটাও দল একগোট হৈছিল আরু ইন্দিৰা গান্ধী হটাও ধ্বনিৰে সকলোৰে মন আকৃষ্ট কৰিবলৈ সৃষ্টি কৰিছিল । ইন্দিৰা গান্ধীৰ স্বেচ্ছাচাৰী নীতি আরু শাসনৰ বিরুদ্ধে তেওঁৰ পদত্যাগৰ দাবী জনাইছিল ।    


৬। ১৯৭০ ৰ দশকৰ আৰম্ভণিতে ইন্দিৰা গান্ধীৰ চৰকাৰৰ জনপ্রিয়তা বঢ়োৱাৰ কাৰকসমূহ লিখা ।
অথবাঃ কি উপায়েৰে ইন্দিৰা গান্ধীয়ে তেওঁৰ দল কংগ্রেছ (আৰ) পুনরুদ্ভাৱন কৰিছিল ?
অথবাঃ কি উপায়েৰে ইন্দিৰা গান্ধীয়ে তেওঁৰ দল কংগ্রেছ (আৰ) ক পুনরুদ্ভান কৰিছিল?
অথবাঃ ১৯৭০ ৰ দশকৰ প্রথম ভাগত ইন্দিৰা গান্ধীৰ চৰকাৰৰ প্রতি জনপ্রিয়তা অনা কাৰকসমূহ কি কি আছিল?
অথবাঃ ১৯৬৭ চনৰ নির্বাচনৰ সন্দর্ভত ইন্দিৰা গান্ধীৰ ৰণকৌশলবোৰ উল্লেখ কৰা ।

উত্তরঃ ১৯৬৭ চনৰ নির্বাচনৰ পিছত অথবা ১৯৭০ ৰ দশকৰ আৰম্ভণিতে ইন্দিৰা গান্ধীৰ চৰকাৰৰ অলেখ জনপ্রিয়তা লাভ করিছিল । ইন্দিৰা গান্ধীয়ে তেওঁৰ দল কংগ্রেছ আৰ ক কিছুমান কাৰক আরু উপায়েৰে পুনরুদ্ভাৱন কৰিছিল । ইয়ারে উল্লেখযোগ্যসমূহ ৰণকৌশলবোৰ আছিল এনেধরণরঃ

(ক) গৰীৱি হটাও ধ্বনিঃ
       এই দলটোয়ে নির্বাচনী প্রচাৰ হিচাপে গৰীবি হটাও ধ্বনি ব্যৱহাৰ কৰিছিল । এই প্রচাৰৰ ধ্বনিয়ে ভূমিহীণ, শ্রমিক আরু সাধাৰণ শ্রেণী মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছিল যাৰ বাবে ৫১৮ আসনৰ ভিতৰত ৩৫২ খন লাভ কৰিবলৈ সক্ষম হৈছিল ।

(খ)সমাজ-সংস্কাৰ নীতিঃ
   কংগ্রেছ দল আৰ/(R) দলে ৰাজহুৱা খণ্ডৰ উন্নয়ন, গাঁৱলীয়া মাটিবোৰৰ ওপৰত সৰ্ব্বোচ্চ সীমা নির্ধাৰণ অর্থাৎ ছিলিং নির্মাণ কৰা, ৰাজকুমাৰসকলৰ প্রিভি পাৰ্চৰ বিলুপ্তিকৰণ, দলিত, আদিবাসী, সংখ্যালঘু, মহিলা, নিবনুৱা আদি শ্রেণীৰ বাবে কিছুমান সামাজিক সংস্কাৰমূলক আচনিৰ প্রয়োগ কৰিছিল ।

(গ) সাধাৰণ শ্রেণী মানুহৰ সমর্থন লাভঃ
       ইন্দিৰা গান্ধীয়ে সামাজিক গোট, দুখীয়া শ্রেণী, মহিলা, দলিত, আদিবাসী, সংখ্যালঘু আদিৰ ওপৰত অধিক গুরুত্ব প্রদান কৰিছিল । তেওঁলোকৰ সহায়েৰে ১৯৭০ ৰ দশকৰ প্রথম ভাগত কংগ্রেছ (আৰ)ক পুনরুদ্ভাৱন কৰিবৰ বাবে চেষ্টা কৰিছিল ।

(ঘ) গণতান্ত্রিক ধ্যান-ধাৰণাৰ বিকাশঃ
       ইন্দিৰা গান্ধীয়ে ভাৰতৰ জনসাধাৰণৰ মাজত গণতন্ত্রৰ ওপৰত বিশ্বাস আরু আস্থা প্রদান কৰিবৰ বাবে আহ্বান জনাইছিল । লগতে, গণতন্ত্র আরু সংবিধানৰ আদর্শেৰে মানুহৰ মন জয় কৰিবলৈ চেষ্টা কৰিছিল ।


৭। ১৯৬৭ চনত ইন্দিৰা গান্ধী চৰকাৰে কিয় টকাৰ মূল্য হ্রাস কৰিছিল? ইয়াৰ ফলাফল কি আছিল?

উত্তরঃ ১৯৬৭ চনত ইন্দিৰা গান্ধী চৰকাৰে টকাৰ মূল্য হ্রাস কৰিছিল । ইয়াৰ মূল কাৰণসমূহ আছিল এনেধৰণরঃ

(ক) খাদ্যদ্রব্যৰ নাটনিঃ
    ১৯৬৭ চনৰ সেই সময়ছোৱাত ৰাজ্যত কেইবাখনো ৰাজ্যত খরাং বতৰে দেখা দিছিল । যাৰ বাবে খাদ্যৰ উৎপাদন কম হৈছিল আরু ইয়েই খাদ্যৰ নাটনিৰ সৃষ্টি কৰিছিল । যাৰ বাবে টকাৰ মূল্য হ্রাস কৰিবলৈ বাধ্য হৈছিল ।

(খ) বৈদেশিক বিনিময় ভাণ্ডাৰ হ্রাসঃ
       ১৯৬৫ চনত হোৱা পাকিস্তানৰ যুদ্ধৰ পাছত আমেৰিকাৰ আরু চীন দেশে আমদানি আরু ৰপ্তানি কিছুপৰিমাণে বন্ধ কৰিছিল । যাৰ বাবে বৈদেশিক বিনিময় ভাণ্ডাৰ হ্রাস পাইছিল ।

(গ) ঐদ্যোগিক উৎপাদনৰ হ্রাসঃ
       ১৯৬০ৰ দশকত ইন্দিৰা চৰকাৰে খরাং বতৰ আরু আর্থিক সংকটৰ সন্মুখীন হৈছিল । যাৰ বাবে দেশৰ ঐদ্যোগিক উৎপাদনৰ বহুদিশত হ্রাস হৈছিল ।

(ঘ) প্রতিৰক্ষাৰ ক্ষেত্রত অত্যাধিক ব্যয়ঃ
       ইন্দিৰা গান্ধীয়ে চীন আরু পাকিস্তানৰ যুদ্ধৰ বাবে প্রতিৰক্ষাৰ শিতানত অত্যাধিক ব্যয় কৰিবলগা হৈছিল ।

(ঙ) উন্নয়ণ আরু পৰিকল্পনা শিতানৰ ধন অন্য শিতানত খৰচঃ
       উন্নয়ণ আরু পৰিকল্পনা শিতানৰ ধনসমূহ সেই সময়ত প্রতিৰক্ষা আরু আন শিতানসমূহত খৰচ কৰিব লগা হৈছিল ।

(চ) আর্থিক উন্নয়ণ স্তব্ধ আরু তীব্র-আর্থিক সংকটঃ
       ১৯৬০-৬৭ চনৰ সেই সময়ছোৱাত ভাৰতৰ সকলো আর্থিক উন্নয়ণ প্রায় স্তব্ধ হৈ পৰিছিল । কেওফালে, তীব্র আর্থিক সংকটে দেখা দিছিল ।
       এইবোৰ কাৰণতে ইন্দিৰা গান্ধীয়ে মুদ্রা মুল্য হ্রাস কৰিছিল ।


ইয়াৰ ফলফলসমূহ আছিল এনেধৰণৰঃ

(ক) ভাৰতৰ মুদ্রা মূল্য হ্রাসঃ
     মুদ্রা হ্রাস কৰণত এক মার্কিন ডলাৰ কিনিবৰ বাবে সেই সময়ত ৭ টকাৰ প্রয়োজন হৈছিল যিটো আগত ৫ টকা আছিল ।

(খ) নিত্য ব্যৱহাৰ্য সামগ্রীৰ মূল্যবৃদ্ধিঃ
       মুদ্রা মুল্য হ্রাস কৰাৰ পাছত বস্তু দৈনিক ব্যৱহাৰ্য সামগ্রীসমূহ ক্রয় কৰিবৰ বাবে জনসাধাৰণক অধিক ব্যয় কৰিবলগা হৈছিল ।

(গ) খাদ্য-সামগ্রীৰ নাটনিঃ
       মুদ্রাৰ মূল্য হ্রাস হোৱাৰ লগে বয়-বস্তুৰ ৰপ্তানি ঠায়ে ঠায়ে কম হৈ গৈছিল । সেয়ে খাদ্য-সামগ্রীৰ নাটনিয়ে দেখা দিছিল ।

(ঘ) নিবনুৱা সমস্যা বৃদ্ধিঃ
       সেই সময়ছোৱাত নিবনুৱা সমস্যাই চৰকাৰক সংকিত কৰি তুলিছিল । কর্মী সকলৰ দৈনিক মজুৰীয়ে পৰিয়াল পুহিব নোৱৰাৰ অৱস্থা হৈছিল

(ঙ)দেশৰ সামগ্রিক আর্থিক ব্যৱস্থাৰ সূচনীয় অৱস্থাঃ
       খাদ্য সংকট, মুদ্রা মূল্য হ্রাস আরু বস্তুৰ দাম বৃদ্ধিৰ ফলত দেশত ঠায়ে ঠায়ে আন্দোলন, হৰতাল, প্রতিবাদী কাৰ্যসূচীয়ে আদিয়ে দেশখনক অস্থিৰ কৰি তুলিছিল ।
  
৮। ১৯৬৭ চনত কংগ্রেছ পৰাজয়ৰ কাৰণবোৰ উল্লেখ কৰাতোমাৰ উত্তৰৰ বাবে কাৰণবোৰ দৰ্শোৱা ।
অথবাঃ ১৯৬৭ চনৰ নির্বাচনত কংগ্রেছে পৰাজয় বৰণ কৰাৰ কাৰণসমূহ ব্যাখ্যা কৰা
অথবাঃ ভাৰতত ১৯৬৭ চনৰ ৪ৰ্থ সাধাৰণ নির্বাচনে ভাৰতীয় ৰাজনীতিৰ গতি কেনেকৈ সলনি কৰি দিছিল?
(নোটঃ জানিবৰ বাবে তলত সকলো পইন্ট সংলগ্ন কৰা হৈছে, ইয়াৰে নম্বৰ অনুসৰি নিদ্দিষ্ট পইন্ট কেইটাহে(৫ বা ৬ টা বা নম্বৰ অনুসৰি) পৰীক্ষাত লিখিবা ।) 

উত্তরঃ ভাৰতত ১৯৬৭ চনৰ ৪ৰ্থ সাধাৰণ নির্বাচনে ভাৰতীয় ৰাজনীতিৰ গতি সলনি হৈছিল । ১৯৬৭ চনৰ নির্বাচনত কংগ্রেছে কেইবাখনো ৰাজ্যত পৰাজয়বৰণ কৰিছিল । ১৯৬৭ চনৰ নির্বাচনত কংগ্রেছে পৰাজয় বৰণ কৰাৰ কাৰণসমূহ হ’লঃ

(ক) খাদ্যদ্রব্যৰ নাটনিঃ
    ১৯৬৭ চনৰ সেই সময়ছোৱাত ৰাজ্যত কেইবাখনো ৰাজ্যত খরাং বতৰে দেখা দিছিল । যাৰ বাবে খাদ্যৰ উৎপাদন কম হৈছিল আরু ইয়েই খাদ্যৰ নাটনিৰ সৃষ্টি কৰিছিল । যাৰ বাবে টকাৰ মূল্য হ্রাস কৰিবলৈ বাধ্য হৈছিল । কংগ্রেছ চৰকাৰে সেই সময়ত ইয়াৰ উচিত ব্যৱস্থা কৰাত ব্যর্থ হৈছিল ।

(খ) বৈদেশিক বিনিময় ভাণ্ডাৰ হ্রাসঃ
       ১৯৬৫ চনত হোৱা পাকিস্তানৰ যুদ্ধৰ পাছত আমেৰিকাৰ আরু চীন দেশে আমদানি আরু ৰপ্তানি কিছুপৰিমাণে বন্ধ কৰিছিল । যাৰ বাবে বৈদেশিক বিনিময় ভাণ্ডাৰ হ্রাস পাইছিল ।

(গ) ঐদ্যোগিক উৎপাদনৰ হ্রাসঃ
       ১৯৬০ৰ দশকত ইন্দিৰা চৰকাৰে খরাং বতৰ আরু আর্থিক সংকটৰ সন্মুখীন হৈছিল । যাৰ বাবে দেশৰ ঐদ্যোগিক উৎপাদনৰ বহুদিশত হ্রাস হৈছিল ।

(ঘ) প্রতিৰক্ষাৰ ক্ষেত্রত অত্যাধিক ব্যয়ঃ
       ইন্দিৰা গান্ধীয়ে সমাজৰ উন্নতি কৰাতকৈ চীন আরু পাকিস্তানৰ যুদ্ধৰ বাবে প্রতিৰক্ষাৰ শিতানত অত্যাধিক ব্যয় কৰিছিল ।

(ঙ) উন্নয়ণ আরু পৰিকল্পনা শিতানৰ ধন অন্য শিতানত খৰচঃ
       উন্নয়ণ আরু পৰিকল্পনা শিতানৰ ধনসমূহ সেই সময়ত কংগ্রেছ চৰকাৰে প্রতিৰক্ষা আরু আন শিতানসমূহত খৰচ কৰিব লগা হৈছিল ।

(চ) আর্থিক উন্নয়ণ স্তব্ধ আরু তীব্র-আর্থিক সংকটঃ
       ১৯৬০-৬৭ চনৰ সেই সময়ছোৱাত ভাৰতৰ সকলো আর্থিক উন্নয়ণ প্রায় স্তব্ধ হৈ পৰিছিল । কেওফালে, তীব্র আর্থিক সংকটে দেখা দিছিল ।

(ছ) ভাৰতৰ মুদ্রা মূল্য হ্রাসঃ
     এইবোৰ কাৰণতে ইন্দিৰা গান্ধীয়ে মুদ্রা মুল্য হ্রাস কৰিছিল । মুদ্রা হ্রাস কৰণত এক মার্কিন ডলাৰ কিনিবৰ বাবে সেই সময়ত ৭ টকাৰ প্রয়োজন হৈছিল যিটো আগত ৫ টকা আছিল ।

(জ) নিত্য ব্যৱহাৰ্য সামগ্রীৰ মূল্যবৃদ্ধিঃ
       মুদ্রা মুল্য হ্রাস কৰাৰ পাছত বস্তু দৈনিক ব্যৱহাৰ্য সামগ্রীসমূহ ক্রয় কৰিবৰ বাবে জনসাধাৰণক অধিক ব্যয় কৰিবলগা হৈছিল ।

(ঝ) খাদ্য-সামগ্রীৰ নাটনিঃ
       মুদ্রাৰ মূল্য হ্রাস হোৱাৰ লগে বয়-বস্তুৰ ৰপ্তানি ঠায়ে ঠায়ে কম হৈ গৈছিল । সেয়ে খাদ্য-সামগ্রীৰ নাটনিয়ে দেখা দিছিল ।

(ঞ) নিবনুৱা সমস্যা বৃদ্ধিঃ
       সেই সময়ছোৱাত নিবনুৱা সমস্যাই চৰকাৰক সংকিত কৰি তুলিছিল । কর্মী সকলৰ দৈনিক মজুৰীয়ে পৰিয়াল পুহিব নোৱৰাৰ অৱস্থা হৈছিল ।

(ট)দেশৰ সামগ্রিক আর্থিক ব্যৱস্থাৰ সূচনীয় অৱস্থাঃ
       খাদ্য সংকট, মুদ্রা মূল্য হ্রাস আরু বস্তুৰ দাম বৃদ্ধিৰ ফলত দেশত ঠায়ে ঠায়ে আন্দোলন, হৰতাল, প্রতিবাদী কাৰ্যসূচীয়ে আদিয়ে দেশখনক অস্থিৰ কৰি তুলিছিল ।

    এইবোৰ সকলো কাৰণত ভাৰতৰ জনসাধাৰণ অসন্তুষ্ট হৈছিল আরু কংগ্রেছ চৰকাৰৰ পতনৰ দাবী জনাইছিল । ইয়াৰ ফলত তামিলনাডু, মহাৰাষ্ট্র, পশ্চিম বংগ, বিহাৰ আদি ৰাজ্যত অ-কংগ্রেছী চৰকাৰৰ গঠন হৈছিল ।

৯। দেশৰ কোন চাৰিখন ৰাজ্যত কংগ্রেছে ৰাজ্যিক বিধানসভাত সংখ্যা গৰিষ্ঠতা ১৯৬৭ চনৰ নির্বাচনত লাভ কৰা নাছিল?
উত্তরঃ  ১৯৬৭ নির্বাচনৰ ফলাফলে অতীতৰ কংগ্রেছ ৰাজত্বৰ(১৯৫২-১৯৬৭) হ্রাস কৰিছিল । বহু ৰাজনৈতিক পৰ্যালোচক সকলে এই নির্বাচনক “ৰাজনৈতিক ভূমিকম্প” আখ্যা দিছিল । কংগ্রেছ দলে কোনো মতে লোকসভাৰ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছিল । কিন্তু বহুতও ৰাজ্যত সংখ্যাগৰিষ্ঠতা হেরুৱাইছিল । ইন্দিৰা গান্ধীৰ মন্ত্রীসভাৰ বেছিসংখ্যাক মন্ত্রীয়ে পৰাজয়বৰণ কৰিব লগা হৈছিল । কংগ্রেছে পৰাজয়বৰণ কৰা উল্লেখযোগ্য চাৰিখন ৰাজ্য; তামিলনাডুত কামৰাজ, মহাৰাষ্ট্রত এছ. কে. পাটিল, পশ্চিমবংগত অতুল্য ঘোষ আরু বিহাৰত কে. বি. সাহা পৰাজয় হৈছিল ।

১০। ১৯৬৭ চনৰ চতুর্থ সাধাৰণ নির্বাচনৰ নির্বাচনী ৰায়টো বা জনাদেশটো কি আছিল?  (তলর উত্তৰৰ দ্বিতীয় আরু চতুর্থ দফা)
অথবাঃ  অনা-কংগ্রেছবাদ কি? ১৯৬৭ চনৰ ভাৰতীয় ৰাজনৈতিক দৃশ্যপটৰ আলোকত আলোচনা কৰা । (তলর উত্তৰৰ দ্বিতীয় আরু তৃতীয় দফা)
অথবাঃ  ভাৰতীয় ৰাজনীতিৰ গতিশীলতাক ভাৰতৰ চতুর্থ সাধাৰণ নির্বাচনে (১৯৬৭) কিদৰে পৰিৱৰ্তন কৰিছিল? (তলর উত্তৰৰ প্রথম আরু চতুর্থ দফা)

উত্তরঃ 
      ১৯৬৭ চনত বিৰোধী দলসমূহ একলগ হৈ প্রতিবাদ, সংগ্রাম আরু চৰকাৰৰ কাম-কাজত হেচা প্রয়োগ কৰিছিল । দেশত চলি থকা খাদ্য সংকট, মুদ্রা মূল্য হ্রাস, আর্থিক অনাটন আদিৰ বাবে কংগ্রেছ চৰকাৰকে দায়ী কৰিছিল । দেশজুৰি বৃহৎ প্রতিবাদী সমদল উলিয়াছিল আছিল আরু কংগ্রেছ চৰকাৰৰ পতনৰ বাবে দাবী জনাইছিল ।

    ভাৰতৰ ১৯৬৭ চনৰ ফ্রেব্রুৱাৰী মাহত চতুর্থ লোকসভা আরু ৰাজ্যৰ বিধানসভাৰ সাধাৰণ নির্বাচন অনুষ্ঠিত হৈছিল । এই নির্বাচনতে সংযুক্ত চৰকাৰ বা মৰ্চা চৰকাৰৰ ধাৰণাতো বাস্তবায়ন হয়১৯৬৭ ৰ নির্বাচনত কোনো কোনো ৰাজ্যত এক দলে সংখ্যা গৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল । এই পৰিপেক্ষিতত অ-কংগ্রেছী দলসমূহ একগোট হৈ যুটীয়া ব্যৱস্থাপক দল(Joint Legislative Party) বা SVD or Samyukta Vidhayak Dal গঠন কৰে আরু অ-কংগ্রেছী চৰকাৰবোৰৰ প্রতিষ্ঠাপন কৰেইয়াক ৰামমনোহৰ লোহিয়াই ‘অ-কংগ্রেছবাদ’(Non-Congressism)  বুলিছিল 

     দলসমূহ একগোট হৈ এই চৰকাৰবোৰৰ(ৰাজ্যত) গঠন হোৱা কাৰণত এই চৰকাৰক সংযুক্ত চৰকাৰ বা মৰ্চা চৰকাৰ বোলা হয় । ভাৰতীয় ক্রান্তি দল (Bharatiya Kranti Dal), সংযুক্ত সমাজবাদী পার্টী(Samyukta Socialist Party), প্রজা সমাজবাদী পার্টী(Praja Socialist Party), জনসংঘ(Jana Sangh.) আদি দলসমূহ এক লগ হৈ এই মৰ্চা বা সংযুক্ত চৰকাৰবোৰৰ গঠন কৰিছিল । এই চৰকাৰবোৰৰ আদর্শগত পার্থক্য আছিল ।

       এই নির্বাচনৰ ফলাফলে অতীতৰ কংগ্রেছ ৰাজত্বৰ(১৯৫২-১৯৬৭) হ্রাস কৰিছিল । বহু ৰাজনৈতিক পৰ্যালোচক সকলে এই নির্বাচনক “ৰাজনৈতিক ভূমিকম্প” আখ্যা দিছিল । কংগ্রেছ দলে কোনো মতে লোকসভাৰ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছিল । কিন্তু বহুতও ৰাজ্যত সংখ্যাগৰিষ্ঠতা হেরুৱাইছিল । ইন্দিৰা গান্ধীৰ মন্ত্রীসভাৰ বেছিসংখ্যাক মন্ত্রীয়ে পৰাজয়বৰণ কৰিব লগা হৈছিল । কংগ্রেছে পৰাজয়বৰণ কৰা উল্লেখযোগ্য চাৰিখন ৰাজ্য; তামিলনাডুত কামৰাজ, মহাৰাষ্ট্রত এছ. কে. পাটিল, পশ্চিমবংগত অতুল্য ঘোষ আরু বিহাৰত কে. বি. সাহা পৰাজয় হৈছিল ।

১১। ৰাষ্ট্রীয় পর্যায়ত কংগ্রেছ আধিপত্যৰ প্রকৃতি সম্বন্ধে চমুকৈ ব্যাখ্যা কৰা
উত্তরঃ 
         কংগ্রেছ ভাৰতৰ আটাইতকৈ পুৰণা দল । ভাৰতৰ স্বাধীনতা লাভ কৰাৰ নিমিত্তে আরু ভাৰতৰ স্বাধীনতা প্রাপ্ত এই দলে মুখ্য ভুমিকা গ্রহণ কৰিছিল । ভাৰতৰ জাতীয় কংগ্রেছৰ সেই নেতাসকলৰ কাৰণে আমাৰ ভাৰত স্বাধীন হোৱাত সফল হৈছিল । সেয়ে স্বাধীনতাৰ পিছত ভাৰতীয় জাতীয় কংগ্রেছ আরু ইয়াৰ নেতাসকল অত্যন্ত জনপ্রিয় হৈ পৰিছিল । সেয়ে ভাৰতৰ ৰাষ্ট্রীয় পর্যায়ত “একক আধিপত্য” বা “একদলীয় আধিপত্যৰ যুগ”ৰ প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল ।

১৯৫১-৫২ চনৰ সাধাৰণ নির্বাচনঃ
       ভাৰতৰ প্রথমটো নির্বাচনত কেন্দ্রত কংগ্রেছ চৰকাৰী বিজয়ী হৈছিল । তেওঁলোকে ৪৮৯ খন আসনৰ ভিতৰত ৩৬৪ খন আসন দখল কৰিছিল ।  এই প্রথম নির্বাচনত কংগ্রেছ দলে লগতে সর্বমুঠ ভোটাৰৰ ৪৫% লাভ কৰিছিল । 

১৯৫৭ চনৰ সাধাৰণ নির্বাচনঃ
       কংগ্রেছ দলে ১৯৫৭ চনৰ সাধাৰণ নির্বাচনতো ৪৯৪ খন আসনৰ ভিতৰত ৩৭১ খন আসনত জয় হবলৈ সক্ষম হৈছিল আরু কেন্দ্রীয় চৰকাৰ বর্তি আছিল । লগতে সর্বমুঠ ভোটাৰৰ ৪৭.৮% কংগ্রেছ দলে লাভ কৰিছিল । 

১৯৬২ চনৰ সাধাৰণ নির্বাচনঃ
       ভাৰতৰ তৃতীয় বাৰৰ নির্বাচনতো কেন্দ্রত কংগ্রেছ চৰকাৰে দখল কৰি আছিল । মুঠ ৪৯৪ আসনৰ ভিতৰত ভাৰতীয় জাতীয় কংগ্রেছে ৩৬১ খন আসন লাভ কৰিছিল আরু মুঠ ভোটাৰৰ ৪৪.৭% ভোট লাভ কৰিছিল ।

১৯৬৭ চনৰ সাধাৰণ নির্বাচনঃ
       এই নির্বাচনত কংগ্রেছ চৰকাৰ কেন্দ্রত আছিল যদিও কেইবাখনো ৰাজ্যত পৰাজয় বৰণ কৰিবলগীয়া হৈছিল । তথাপিতো ৫৪ % ভোট পাবলৈ সক্ষম হৈছিল । লগতে, ৫২০ খন আসনৰ ২৮৩ খন কংগ্রেছে দখল কৰিছিল ।

       ১৯৬৭ চনত কিছুমান ৰাজ্যত মৰ্চা চৰকাৰ গঠন হৈছিল আরু ১৯৮৯ চনৰ পাছৰ পৰা প্রায়বোৰ সংযুক্ত মৰ্চা চৰকাৰে ভাৰতৰ কেন্দ্রত অধিষ্ঠিত হৈছিল । যদিও ১৯৬৭ নির্বাচনৰ পাছৰ নির্বাচনবোৰত বিৰোধী বা অ-কংগ্রেছী দলে কেন্দ্রত চৰকাৰ গঠন কৰিছিল তথাপিতো কংগ্রেছ দলৰ দৰে শক্তিশালী আরু প্রভাৱশালী নেতা থকা দল নাছিল ।

১২। কামৰাজ আঁচনি কি? 
অথবাঃ ‘কামৰাজ পৰিকল্পনা’ কি? কে কামৰাজৰ বিষয়ে বহলাই লিখা ।

উত্তরঃ  কে কামৰাজ এজন স্বাধীনতা সংগ্রামী, কংগ্রেছ দলৰ সভাপতি আরু মাদ্রাজৰ মুখ্যমন্ত্রী আছিল । কে কামৰাজে নিজে শিক্ষাৰ পৰা বঞ্চিত হৈছিল । সেয়ে তেওঁ মাদ্রাজত শিক্ষাৰ উন্নতি আরু বিস্তাৰৰ অর্থে অশেষ পৰিকল্পনা আরু চেষ্টা কৰিছিল ।স্কুলীয়া শিক্ষার্থীৰ বাবে তেখেতে ‘মধ্যাহ্ন ভোঁজন আচনি’ তৈয়াৰ আরু প্রচলন কৰিছিল ।

      ১৯৬৩ চনত তেখেতে কংগ্রেছৰ সকলো জ্যেষ্ঠ নেতাসকলৰ বাবে এটা প্রস্তাৱ গ্রহণ আরু অনুমোদন কৰিছিল এই প্রস্তাৱ অনুসৰি কংগ্রেছৰ সকলো জ্যেষ্ঠ নেতাসকলে পদত্যাগ কৰিব লাগে যাতে নব প্রজন্মৰ বাবে দলত স্থান ওলায় আরু দলত মুখ্য স্থানবোৰৰ সুবিধা লাভ কৰেকামৰাজৰ এই প্রস্তাৱটিক জনপ্রিয় “কামৰাজ আচনি” বুলি জনা গৈছিল ।

     তেওঁ নতুন প্রজন্মক ৰাজনীতিত অংশগ্রহণ আরু পৰচালনা কৰাত সহযোগ কৰিবৰ নিমিত্তে এই আচনি গ্রহণ কৰিছিল । তেওঁ এইটো বিচাৰিছিল যে নব প্রজন্মই ৰাজনীতিৰ মূল নীতি সমূহক বুজি উঠি পাছৰ প্রজন্মলৈ এই নীতিসমূহক সুৰক্ষিত আরু সুপৰিকল্পিত ভাৱে পৰিচালিত কৰে   

১৩।ষাঠিৰ দশকটোক কিয় ‘বিপজ্জনক দশক’ বুলি আখ্যা দিয়া হৈছিল? 
অথবাঃ ৬০ৰ দশকটোত ‘বিপদজনক দশক’ কিয় বোলা হয়?

উত্তরঃ ষাঠিৰ দশকটোত ভাৰতৰ ইতিহাসত ‘বিপজ্জনক দশক’ বুলি আখ্যা দিছিল । ইয়াৰ মূল কাৰণসমূহ আছিলঃ

(ক) ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধঃ
       তিব্বত আরু দালাইলামাৰ সমস্যাক কেন্দ্র কৰি ভাৰত আরু চীনৰ মাজত ১৯৬২ চনত এক ভয়াবহ যুদ্ধৰ সংঘটিত হৈছিল ।

(খ) ১৯৬৪ চনৰ নেহরুৰ মৃত্যুঃ
       ১৯৬৪ চনত ২৭ মে তাৰিখে কংগ্রেছৰ প্রথম প্রধানমন্ত্রী আরু প্রভাবশালী মন্ত্রী জৱাহৰলাল নেহরু দেবৰ মৃত্যুয়ে ভাৰতক সংকিত কৰি তুলিছিল ।

(গ) ১৯৬৫ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধঃ
জম্মু-কাশ্মীৰৰ সীমা বিবাদক কেন্দ্র কৰি ১৯৬৫ চনত ভাৰত আরু পাকিস্তানৰ মাজত এক পূর্ণ সংঘাতৰ সৃষ্টি হৈছিল । এই পৰিস্থিতিত ভাৰতৰ জনসাধাৰণ অতিকৈ সংকিত হৈ পৰিছিল আরু বহুতও নিৰিহ লোকৰ প্রাণ হেরুয়াইছিল ।

(ঘ) ১৯৬৬ চনৰ লালবাহাদুৰ শাস্ত্রীৰ মৃত্যুঃ
১৯৬৬ চনৰ ১১ জানুৱাৰী তাৰিখে দ্বিতীয় প্রধানমন্ত্রী, কেন্দ্রৰ গৃহ মন্ত্রী আরু ৰেলমন্ত্রী হিচাপে পৰিচিত লালবাহাদুৰ শাস্ত্রীদেবৰ মৃত্যুৰ ঘটনাই দ্বিতীয় বাৰলৈ ৰাজনৈতিক ইতিহাসত আলোড়নৰ সৃষ্টি কৰিছিল । 

(ঙ)১৯৬৭ চনৰ খাদ্য সংকটঃ
       ১৯৬৭ চনৰ সময়ছোৱাত দেশত ঠায়ে ঠায়ে খরাং বতৰে দেখা দিছিল । যাৰ ফলত সেই সময়ত উৎপাদনৰ পৰিমাণ অত্যন্ত কমি গৈছিল । যাৰ ফলস্বরূপে, দেশত মূল্য বৃদ্ধিয়ে ভাৰতৰ জনসাধাৰক আর্থিক সংকটৰ সন্মুখিন কৰাইছিল ।

(চ) ১৯৬৯ চনৰ ৰাষ্ট্রপতিৰ নির্বাচনঃ
       ১৯৬৯ চনৰ ৰাষ্ট্রপতিৰ নির্বাচন ভাৰতৰ ৰাজনৈতিক ইতিহাসত এক অত্যন্ত সংকট পূর্ণ সময় আছিল । সেই সময়ত, অতিকৈ পুৰণি আরু প্রভাবশালী দল কংগ্রেছ, দুই ভাগত “কংগ্রেছ ও (O) ” আরু “কংগ্রেছ আৰ (R) ” হিচাপে বিভক্ত হৈছিল ।

     এইদরে বিভিন্ন বিপজ্জনক পরিঘটনাই ষাঠির দশকটোত সকলোকে সংকিত করি তুলিছিল ।



কিবা ভুলৰ সন্ধান পালে জনাব । (by Contact Form or Contact Us option)