DEURISOKOL, DRUTA PATH, CLASS 10, ASSAMESE (MIL), SEBA, NOTED BY PODMESWAR

 দেউৰীসকল

 

১। দেউৰীসকলৰ আদিম বাসস্থান ক’ত আছিল?

উত্তৰঃ দেউৰীসকলৰ আদিম বাসস্থান অসম আরু ব্রহ্মপুত্রৰ উজনি অংশত বর্তমান অরুণাচল প্রদেশৰ লোহিত জিলাৰ অন্তর্গত জিদাম পাহাৰৰ আশে-পাশে আছিল ।

 

২। দেউৰীসকলে সামাজিকভাৱে কেইটা আরু কি কি খেলত বিভক্ত উল্লেখ কৰা ।

উত্তৰঃ দেউৰীসকল সামাজিকভাৱে চাৰিটা খেলত বিভক্ত । সেইকেইটা হ’ল-

(ক) ভিবঙীয়া

(খ) টেঙাপনীয়া

(গ) বৰগঞা আরু

(ঘ) পাটৰ গঞা ।

 

৩। শদিয়াৰ পৰা প্রব্রজন হৈ আহি দেউৰীসকল প্রথমতে অসমৰ কোনকেইখন জিলাত বাস কৰিবলৈ লৈছিল ? বর্তমান অসমৰ কেইখন জিলাত তেওঁলোক বসবাস কৰি আছে?

উত্তৰঃ শদিয়াৰ পৰা প্রব্রজন হৈ আহি দেউৰীসকল প্রথমতে অসমৰ শিৱসাগৰ জিলাৰ মাজুলী আরু লখিমপুৰ জিলাৰ ডিক্রং নদীৰ পাৰত বাস কৰিবলৈ লৈছিল ।

বর্তমান অসমৰ ৮ খন জিলাঃ- তিনিচুকীয়া, ডিব্রুগড়, শিৱসাগৰ, যোৰহাট, মাজুলী, ধেমাজী, লক্ষিমপুৰ আরু বিশ্বনাথ জিলাত তেওঁলোক বসবাস কৰি আছে ।

 

৪। দেউৰীসকলে নিজকে কি বুলি চিনাকি দিয়ে?

উত্তৰঃ দেউৰীসকলে নিজকে “জিম’চঁণায়া” বুলি চিনাকি দিয়ে ।

 

৫। দেউৰী ভাষা তিব্বতবৰ্মী ভাষাগোষ্ঠীৰ কোনটো ভাষা-পৰিয়ালত অন্তর্ভুক্ত? কোন চনত দেউৰী ভাষাক অসম চৰকাৰে চৰকাৰীভাৱে স্বীকৃতি প্রদান কৰে?

উত্তৰঃ দেউৰী ভাষা মূলতঃ চীন-তিব্বতীয় ভাষাগোষ্ঠীৰ তিব্বত-বর্মীয় ভাষা-পৰিয়ালৰ বড়ো শাখাৰ অন্তর্গত ।

    ২০০৫ চনৰ ২৮ জানুৱাৰী তাৰিখে অসম চৰকাৰে দেউৰী ভাষাক চৰকাৰীভাৱে স্বীকৃতি দিয়ে ।

 

৬। দেউৰীসকলে পালন কৰি অহা তেওঁলোকৰ চাৰিটা উৎসৱৰ নাম উল্লেখ কৰা ।

উত্তৰঃ দেউৰীসকলে পালন কৰি অহা তেওঁলোকৰ চাৰিটা উৎসৱৰ নাম হ’ল-

(ক) বিবা বচু গিবা মেচ্চু(বসন্ত আদৰণি উৎসৱ)

(খ) বিহু উৎসৱ-চিগাদাগাৰেবা বিচু,

(গ) বিচু দাবেবা মেচ্চু,

(ঘ) মিদি দেরুবা মেচ্চু (ৰাজ কেবাং) ধর্মৰ লগত জড়িত আরু

(ঙ) শাওনিয়া পূজা ।

 

৭। দেউৰীসকল কি ধর্মৰ বিশ্বাসী?

উত্তৰঃ দেউৰীসকল ‘কুন্দি’ ধর্মৰ বিশ্বাসী ।

 

৮। চমুটোকা লিখাঃ-

(ক)ভীমবৰ দেউরীঃ-

ভীমবৰ দেউৰী সকলো জনগোষ্ঠীৰ ৰাজনৈতিক আরু সামাজিক প্রতিষ্ঠাৰ অসমৰ এক মূল নায়ক আছিল যাৰবাবে গোপীনাথ বৰদলৈয়ে ‘জননেতা’ আখ্যাৰে বিভূষিত কৰিছিল । এওঁৰ উদ্যোগত দেউৰী, বড়ো, ৰাভা আদি জনগোষ্ঠীসমূহক ঐক্যবদ্ধ কৰাৰ উদ্দেশ্যে ১৭/০৪/১৯৩৩ তাৰিখে নগাওঁৰ ৰহাত ট্রাইবেল লীগৰ জন্ম হৈছিল আরু এওঁ ইয়াৰ সাধাৰণ সম্পাদক হিচাপে নির্বাচিত হৈছিল । লগতে ১৯৩৫ চনত ভীমবৰ দেউৰীৰ নেতৃত্বত অসম বিধান সভাৰ ৪ খন আসন অনগ্রসৰ ভৈয়াম-জনজাতিসকলৰ বাবে সংৰক্ষণ কৰা হৈছিল । ইয়াৰোপৰি ১৯৪৫ চনত নৱেম্বৰ মাহত শ্বিলংত ভীমবৰ দেউৰীৰ প্রধান গুৰি ধরোঁতা হিচাপে ‘আচাম ট্রাইবচ্‌ এণ্ড ৰেছেচ ফেডাৰেচন’ৰ জন্ম হৈছিল । ১৯৪৬ চনত এওঁ বন আরু শ্রম বিভাগৰ মন্ত্রী হিচাপে অসমত সেৱা আগবঢ়া হৈছিল । ১৯৪৭ চনত এওঁ ভাইচৰয় লৰ্ড ওৱাডেলক লগ কৰি সমষ্টি গঠন, পাকিস্তানত অসমক চামিলকৰণ, সুকীয়া যুটীয়া নির্বাচন আদি বিষয়ত ট্রাইবেল লীগৰ সুস্পষ্ট মতা-মত জানিবলৈ দিছিল আরু অসমক পাকিস্তানত লগত চামিল হোৱাৰ ক্ষেত্রত বাধা প্রদান কৰিছিল । ইয়াৰোপৰি আমাৰ দেশ খনত বহিৰাগত প্রব্রজন ৰোধ, প্রাকৃতিক সম্পদৰ ৰক্ষা, পিছপৰা জাতি-জনগোষ্ঠীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা আদি নীতিৰ উদ্ভাৱণ আরু পৰিচালিত কৰিছিল ।

 

(খ) ৰাধাকান্ত দেউরীঃ

১৯৩১ চনত জন্মগ্রহণ কৰা ৰাধাকান্ত দেউৰীয়ে জনগোষ্ঠীয়ে তথা অসমীয়া ভাষা-সাহিত্যৰ উদ্‌গনিৰ ক্ষেত্রত অৱদান আগবঢ়াইছিল । তেখেত এজন স্বল্পভাষী তথা দেউৰী ভাষা-সংস্কৃতিৰ গৱেষক পণ্ডিত আছিল । দেউৰী ভাষাৰ সহযোগত তেখেতে অসমীয়া ভাষা সাহিত্যলৈ বহুতো অমূল্য গ্রন্থ আগবঢ়াইছিল । এই সমূহৰ ভিতৰত প্রধানকৈ ‘দেউৰী চ্চুবিঁব’ (দেউৰী অভিধান) আরু ‘চ্চিবাঁ জিমচাঁয়া চ্চুবিঁব’ (আধুনিক দেউৰী শব্দকোষ) যিখন দেউৰী, অসমীয়া আরু ইংৰাজীত লিখা ত্রি-ভাষিক পূৰ্ণাঙ্গ অভিধান আছিল । লগতে, ‘দেউৰী শব্দ সম্ভাৰ’ আন এক উল্লেখনীয় পুথি আছিল । এনেদৰে তেখেতে দেউৰী সমাজ আরু অসমীয়া ভাষা সাহিত্যৰ বাবে অভূতপূর্ব বৰঙণি আগবঢ়াইছিল ।

 

(গ) বর্গৰাম দেউরীঃ

    ১৯৩৮ চনৰ ১ আগষ্ট তাৰিখে লক্ষীমপুৰ জিলাত জন্ম গ্রহণ কৰা বর্গৰাম দেউৰী এজন সমাজসেৱক আরু এজন ৰাজনীতিজ্ঞ আছিল । তেখেত একাধাৰে কামরূপ একাডেমী বিদ্যালয়ৰ শিক্ষক, ১৯৭১ চনত লক্ষীমপুৰৰ উকিল, মণিপুৰ কলেজৰ প্রবক্তা, ১৯৭১ চনৰ দেউৰী সন্মিলনৰ সভাপতি, ১৯৭৮ চনত ৰঙ্গালমৰা গাওঁ পঞ্চায়তৰ কাউন্সিলাৰ, ১৯৮৩ চনত বিহপুৰীয়া সমষ্টিৰ প্রথমবাৰ বিধায়ক আরু পাছলৈ ১৯৯১ চনত অসম বিধান সভালৈ নির্বাচিত হৈ অসম চৰকাৰৰ ভৈয়াম জনজাতি আরু অন্যান্য পিছপৰা শ্রেণীৰ কল্যাণ বিভাগৰ উপৰিও ৰেচন আরু হস্ততাঁত আরু বয়ন বিভাগৰ কেবিনেট মন্ত্রী হিচাবে অসম আরু জনজাতিগোষ্ঠী লোকসকলৰ বাবে বহুতো সেৱা আগবঢ়াইছিল । ইয়াৰ ভিতৰত অসমৰ জনজাতিসকলৰ জনজাতি জিৰণি চ’ৰা আরু আকাশী হোষ্টেল আদি নির্মাণ কৰিছিল । ইয়াৰোপৰি বাঁহগড়া দেউৰী গাঁৱৰ মিনি হাস্পাতাল আরু ভেটেনেৰী হাস্পাতাল দুখন নির্মাণ কৰিছিল । লগতে, দেউৰী ভাষাক দেউৰী ভাষা হিচাবে স্বীকৃতি প্রদান কৰাৰ ক্ষেত্রত বৰঙণি আগবঢ়াইছিল । দেউৰী জনগোষ্ঠীৰ ৰাজনৈতিক আরু আর্থ-সামাজিক উন্নয়নৰ বাবে দেউৰী স্বায়ত্ব শাসিত পৰিষদ প্রদান কৰাত বর্গৰাম দেউৰীৰ অৱদান উল্লেখনীয় ।

 

(ঘ) শ্রীচন্দ্র সিং দেউরীঃ-

১৯২৭ চনৰ ২৮ এপ্রিলত যোৰহাট জিলাৰ দেউৰী গাওঁত জন্মগ্রহণ কৰা চন্দ্র সিং দেউৰী এজন খেলুৱৈ, লোক-শিল্পী আরু দেউৰী লেখক হিচাপে জনাজাত । ১৯৫৫ চনত অনুসূচিত জাতি আরু জনজাতি বিভাগৰ তৃতীয় বর্গৰ কর্মচাৰী হিচাপে আরু ১৯৮৮ চনৰ ৩১ মার্চ তাৰিখে অধীক্ষক হিচাপে সমাজ সেৱা আগবঢ়াইছিল । এওঁৰ নেতৃত্বত ১৯৫৯ চনৰ দিল্লী গণৰাজ্য দিৱসত দেউৰী লোকগীত আরু লোকনৃত্য প্রদৰ্শন কৰাত সফল হৈছিল । লগতে, ১৯৫৯ চনৰ পৰা ১৯৭৫ চনলৈকে আকাশবাণী গুৱাহাটী কেন্দ্রত দেউৰী লোক-গীত পৰিৱেশন কৰাৰ ক্ষেত্রত এওঁৰ অৱদান আছিল । এজন লেখক হিচাপে তেওঁ বহুতো মূল্যৱান গ্রন্থ, যেনেকৈ- ‘আৰাও’(১৯০৩ চন), ‘আৰ্চিয় ইৱাঁ’(২০১৪ চন), ‘আমিৰিয়া ইবাঁ (২০১৩ চন), ‘বিচু’ (২০১৫ চন), ‘হিচৰি’ (২০১৬ চন), ‘দেউৰী জনজীৱন’ (২০১৬ চন) পুথি আদি সমাজৰ উন্নতিৰ হকে আগবঢ়াই থৈ গৈছিল ।