Determiners

1
ভাগ সমূহ
সংখ্যা
পৰিমান
2
এটা বস্তুৰ ক্ষেত্ৰত
A,an,the  (*’S’ TECHNIQUES)
3
কম বস্তুৰ ক্ষেত্ৰত
Few,a few ,the few
Little,a little,the little
Code: Only, just, while—A few(সংখ্যা) & a little(পৰিমান)
Subject দুবাৰ ব্যৱহৃত লে& Subject + have/has/had লে the few(সংখ্য) & the little (পৰিমাণ)

4
বেছি বস্তুৰ ক্ষেত্ৰত
Many
Much
Ex- Our teacher gives us much help in our studies.
The boy has many good qualities.

5
Compare কৰাৰ ক্ষেত্ৰত
More/Much
Code-than
Ex- My mother gives me more help than my brother.
Ex- My father is much older than my mother.

6
অনিদিস্ট/অস্পষ্ট
Some[affirmative], any[negative/interrogative]
Any Code: ‘not’ and ‘?’
Some Code: ‘Please’, ‘Can You’, ‘Lend’ etc.

7
প্রতিটো
Each (of the+ plural form of subject+singular number of verb)
8
প্রতি বাৰে বাৰে, সকলো
Every  (Repetition work: Monday comes every week.)
9

যথেষ্ট


Enough
10
এটাও নহলে
Neither  (Code- nor)

11
দুটাৰ ভিতৰত এটা
Either  (Code- or)
12

দুয়োটা

Both (Code- and)
13
আটাইতকৈ ভাল/শ্রেষ্ঠ
Most (Code- of the + one important/best)
14
Possessives: my, your, his, her, its, our, your, their, one’s, whose etc.
Demonstratives: this, that, these, those, what, whatever, which, whichever
one, two, three, etc.





Article  অথবা A, an আরু  the ৰ ব্যৱহারঃ
মনত রাখিবা যিহেতু দশম মান শ্রেণীত Determinerর বাবে কোনো Option নাথেকে সেয়েহে আমি কিছুমান Technique মনত রাখিব লাগিব ।

Technique No-1:
যদি কোনো এটা Determiner Sentence ৰ খালী ঠাইৰ পিছৰ শব্দটো Singular হয় নতুবা s/es নাথাকে তেতিয়া আমি দুটা Concepts মন কৰিব লাগিব, প্রথমটো হল সংখ্যা (Ex-I need……umbrella (s/es নাই) for safety for rain. আরু আনটো হল পৰিমাণ (Ex-We have only………money(s/es নাই)  in my pocket. Or Our teacher give us…….help(s/es নাই)  in our studies.) ৷ যদি শব্দটো সংখ্যা হব পা্ৰে তেনেহলে A/an/the ব্যৱহাৰ কৰিব লাগিব (…..umbrella) নহলে পৰিমানৰ ক্ষেত্রত     কম পৰিমাণৰ বুজালে little/a little/the little (……money) আরু বেছি পৰিমাণৰ বুজাবলৈ much(……help) ব্যৱহাৰ কৰিব লাগে ৷
     এতিয়া A/an/the ৰ ভিতৰত সঠিককৈ কোনটো বহালে শুদ্ধ হব তাৰ নিয়মবোৰ জানিব লাগিব ৷

An বহুৱাৰ নিয়ম সমূহ:
১৷ যদি খালী ঠাইৰ পিছৰ শব্দটোৰ প্রথম বৰ্ণতো Vowel বা a/e/i/o/u হয় তেনেহলে an বহাব লাগে, Ex- an artist, an electrician, an iron man, an onion, an umbrella
*Negative: মনত ৰাখিবলগীয়া এই যে এই নিয়মটো কেতিয়াবা পৰিবৰ্তন হয় ৷ যেতিয়া খালী ঠাইৰ পিছৰ শব্দটোৰ উচ্ছাৰণ ওৱা (One, ওৱান) অথবাইউ’ (University, ইউনিভাৰচিটি)  হয় তেতিয়া প্রথম বৰ্ণতো Vowel বা a/e/i/o/u লেও an ব্যৱহাৰ কৰিব নালাগে, তাৰ ঠাইত a ব্যৱহাৰ কৰিব লাগে ৷ EX- a one rupee note, a university etc

২৷ যদি খালী ঠাইৰ পিছৰ শব্দটোৰ প্রথম বৰ্ণতো ‘h’ থাকে কিন্তূ শব্দটোৰ উচ্চাৰণ কৰোতে ‘h’ উচ্ছাৰণ নহয় তেনেহলে an ব্যৱহাৰ কৰিব লাগে ৷ Ex- an hour, an honest man, an honourable person etc

৩৷ যদি খালী ঠাইৰ পিছৰ শব্দটোৰ প্রথম বৰ্ণটোৰ উচ্ছাৰণ Vowel বা a/e/i/o/u ৰ দৰে হয়, তেনেহলে খালী ঠাইৰ পিছৰ শব্দটোৰ প্রথম বৰ্ণটো Vowel বা a/e/i/o/u নহলেওঁ বা Consonant লেও an ব্যৱহাৰ কৰিব লাগে ৷ Ex- an M.L.A.{M টো vowel নহয় তথাপিতো উচ্ছাৰণ হৈছে এম(m) অৰ্থাৎ প্রথম উচ্ছাৰণ Vowel /A ৰ দৰে হৈছে সেয়েহে A হৈছে }, an N.C.C Cadet, an N.R.C. agent, etc   

 The বহুৱাৰ নিয়ম সমূহ:
The ৰ বহুতো নিয়ম আছে, ইয়াৰ ভিতৰত আটাইতকৈ লাগতিয়াল দুটা নিয়ম হ :-
১৷ এই বিশ্বব্রহ্মাণ্ডত/পৃথিৱীত যি বস্তু মাথো এটা যাৰ দ্বিতীয়টো নাই, সেইটোৰ আগতThe’ বহাব লাগে ৷ EX- The moon, the sun, the earth, the Brahmaputra, the mount Averest, the Kapili river etc

২৷ যদি কোনো এটা বিষয় বা বস্তুক নিদ্দিষ্টকৈ বুজায় তেনেহলে an/a ব্যৱহাৰ নহয় তাৰ ঠাইত The হে ব্যৱহাৰ হয় লগতে a/an ৰ নিয়মত পৰিলেও a/an ৰ সলনি ‘The’ হে ব্যৱহাৰ হয় ৷
Ex-1:  This is……….room where I read in. অৰ্থাৎ এইটোৱে হল কোঠা যত মই পঢ়ো ৷ এই বাক্যটোত ঘৰৰ বাকী কোঠাবোৰৰ ভিতৰত একমাত্র পঢ়া কোঠাটোকহে নিদ্দিষ্টকৈ বুজায়ছে ৷

Ex-2: This is the European boy whom I met in the railway station yesterday. অৰ্থাৎ এইটোৱে হল সেই ইউৰোপিয়ান লৰাজন যিজনক কালি মই ৰেলৰ ষ্টেচনত লগ পাইছিলো ৷ এই বাক্যটোত European শব্দটোৰ আগত an Negative নিয়ম অথবা a ৰ নিয়মতে a বহিব লাগিছিল কিন্তু নিদ্দিষ্টকৈ সেই একমাত্র European ৰাজনক বুজোৱাৰ কাৰণে ‘The’  ব্যৱহাৰ কৰা হৈছে ৷



Few /a few / the few / & little/a little/the little
1.    *সাধারণত কোনো বস্ত্ত বা বিষয়ক কম সংখ্যাক বুজাবলৈ few/a few/the few ব্যৱহার করা হয় লগতে কম পরিমাণক বুজাবলৈ little/a little/the little ব্যৱহার করা হয়৷
   কিন্ত্ত সমাধাণর সময়ত যিকোনো এটাহে ব্যৱহার করিব লাগিব৷সেয়েহে ইয়ার কিছুমান নিয়ম বা কৌশল জানিব লাগিব৷আহক এই কৌশল বা নিয়মবোর জানি লওঁ৷

Few/little
নিয়ম: few/little য়ে একেবারে নথকা বা প্রায়েই নোহোৱা বুজায় ৷ এইক্ষেএত few য়ে সংখ্যার ক্ষেএত প্রায় নথকা আরু little য়ে পরিমানর ক্ষেএত প্রায় নোহোৱা বুজাই ৷
কৌশল: যদি কোনো বাক্যর অর্থত তুমি পোৱা যে একেবারে শূণ্য বা নথকা, তেনে বাক্যবোরর ক্ষেএত সংখ্যার বাবে few আরু little ব্যৱহার করিবা ৷
উদাহরণস্বরুপে:..........men are free from fault.
এই বাক্যটোত কোৱা হয়ছে যে, .........জন মানুহ আছে যিবোর ভুলর পরা বাছিব পারে৷

2. এতিয়া তুমিয়ে ভাবি চোৱা, এনেকোৱা কোনোবা মানুহ থাকিব পারেনে যিবোর ভুলর পরা বাছিব পারে ৷ কারণ, মানুহ মাএকেই ভুল হ’বই, সেয়ে এইক্ষেএত অর্থ প্রায় নোহোৱা বা নথকা বুজায় ৷ সেয়েহে এই বাক্যটোত few/little ব্যৱহার করিব লাগিব৷
    কিন্ত্ত এইবাক্যটোত মানুহর কথা কৈছে ৷ যিহেতু “মানুহ” মানে সংখ্যা, পরিমান নহয় সেয়ে এই বাক্যটো হ’ব-* Few men are free from fault.

    আন কিছুমান উদাহরণ হ’ল-
Example2:
……………… politicians are free from corrupt.
        Few politicians are free from corrupt.
ইয়াত, politicians সকলর corruption বিষয় কোৱা হৈছে, যি প্রায়ই নোহোৱা অর্থত বুজাইছে মানে-কোনো politician নাই যি corrupt র পরা মুক্ত৷
Example 3:
…………..parents hate their childrens.
 Few parents hate their children.
   অর্থ:এনেকোৱা কোনো অভিভাৱক নাই যি নিজর ল’রা-ছোৱালীক বেয়া পায় ৷ সেয়ে ইয়াত few ব্যৱহার করা হৈছে ৷

3. Few আরু little র ক্ষেএত আন এক লাগতিয়াল code হ’ল-“a man of,” যিটোৱে এজন গ্রহীণ মানুহর বিষয়ে আঙুলিয়াই দিয়ে৷এই code টো থাকিলে few বা little ব্যৱহার করিব পারে ৷
    He is a man of – word
    He is a man of – words
ওপরর বাক্য দুটা “a man of” থকার বাবে few/little হ’ব৷কিন্ত্ত কেতিয়া few বা কেতিয়া little হ’ব? মনত রাখিবা খালী ঠাইর পিছর শব্দটোত যদি “S” থাকে তেনেহ’লে ই সংখ্যাক বুজাব আরু সংখ্যার বাবে few হ’ব আরু “S” নাথাকিলে  আরু পরিমান হ’লে “little” ব্যৱহার হ’ব৷ ওপরর উদাহরণ কেইটা এনেধররণে হ’ব-
He is a man of little word.
He is a man of few words.
লগতে,(২)our Headmaster is a man of few words.
       Our principal/uncle is man of little word.
Ex-4:
……….men have no hopes and dreams in life.
Ans:-few


A few/a little
4.নিয়ম: অলপ সংখ্যাক বস্ত্ত বা বিষয়ক বুজাবলৈ সংখ্যার ক্ষেএত a few আরু পরিমানর ক্ষেএত a little ব্যৱহার করা হয় ৷
    Example: মোর কেইজনমান বন্ধু আছে৷
       I have a few friends.
           মোর মনত এই বিষয়ত অলপ আশা আছে৷
              I have a little hope in this matter in my mind.
  এনেদরে তোমালোকে ইংরাজী লিখার ক্ষেএত আরু translation করার ক্ষেএত ব্যৱহার করিবা ৷
*solution করার বাবে অর্থাত determiner করার বাবে তলর technique টো মন করা৷ 

Technique:
যেতিয়া কোনো বাক্যত only, while, just, bit of luck…আদি অলপ বুজোৱা শব্দবোর পাবা তেতিয়া সংখ্যার বাবে a few আরু পরিমান বুজালে a little ব্যৱহার করিবা ৷

Example-1: We have only ____minutes left to finish this paper.
Example-2: Please wait ____while here, I shall come back shortly.

ওপরর Ex-1 only শব্দটো আছে আরু এই বাক্যটোর অর্থ হ’ল-এই প্রশ্নখন করিবলৈ আমার কেইমিনিটমান সময়হে বাকী আছে৷লগতে, Ex-2 while শব্দটো আছে যার অর্থ হৈছে অলপ সময়, এই বাক্যটোর অর্থ হ’ল-অনুগ্রহ করি ইয়াত অলপ সময় অপেক্ষা করক, মই অলপতে গুরি আহিম৷সেয়ে দুয়োটা বাক্যত a few/a little ব্যৱহার করিবা৷

5.কিন্ত্ত সমস্যা হ’ল a few বহাবা নে a little বহাবা৷
তার বাবে খালী ঠাইর পিছর শব্দটো চাবা ৷যদি খালী ঠাইর পিছত শব্দটোত “S” থাকে বা plural বুজাই নতুবা সংখ্যা হয় তেনেহ’লে a few বহাবা আরু “S” নাথাকিলে নতুবা পরিমান বুজালে a little ব্যৱহার করিবা ৷

     ওপরর উদাহরণকেইটা সমাধান হ’ব:-
Example-1: We have only a few minutes left to finish this paper.
“এই বাক্যটো only আছে আরু “S” আরু সংখ্যা অর্থাৎ কেইমিনিটমান বুজাইছে ৷
Example:-2 Please wait a little while here, I shall come back shortly.
   “এই বাক্যটোত while (যেনে অলপ সময়)আছে আরু “S” নাই লগতে পরিমান বুজাইছে ৷

আন কিছুমান উদাহরণ হ’ল:
1)   We will stay here for …..while.
Ans:-a little
2)  We have only……minutes to spare.
Ans:-a few
3)  There are just……apples left.
Ans:-a few
4)  Many guests were invited, but only……… turned up.
 Ans:-a few
5)  Only ……of the applicants were suitable.
Ans:-a few
6)  I expect only…….encouragement from you.
Ans:-a little
7)  Only…….among the invites turned up.
Ans:-a few
8)  Hurry up we have only…….time left. 
Ans:-a little
9)  India won the match with…….bit of luck.
Ans:-a little
10) …………..learning is a dangerous think.
Ans:-a little
11)  I buy___books every month.
Ans:-a few


The few/the little

নিয়ম: The few/the little য়ে কম সংখ্যা বা পরিমান বুজাই কিন্ত্ত যিখিনি থাকে গোটেইখিনিকে বুজাই৷
Ex- I gave the little money to the beggar that I have.
মই মোরটাত যিকেইটা টকা আছিল গোটেইকেইটা খুজনীয়াজনকে দিছিলো ৷এই বাক্যটোত ‘money’ য়ে পরিমান বুজাইছে সেয়ে ‘the little’ ব্যৱহার হৈছে৷
I have the few friends which all are masters/teachers.
অর্থ:-মোর যিকেইজন বন্ধু আছে গোটেইজন শিক্ষক এই বাক্যটোত the few হৈছে কারণ “friends” সংখ্যা আরু “S” আছে যি plural বুজাইছে ৷

Solution technique:-যদি কোনো বাক্যত subject টো দুবার থাকে আরু have/has/had থাকে, লগতে যিখিনি আছে গোটেইবোরকে বুজাই তেন্তে সংখ্যার ক্ষেএত আরু plural বা “S” থাকিলে the few আরু পরিমান বুজালে বা S নাথাকিলে the little ব্যৱহার করিবা ৷

Ex-1: I can depend on ___ friends I have.
এই বাক্যটোত subject “S” দুবার আছে আরু “S” অর্থাৎ লগত have আছে সেয়ে I can depend on the few friends I have.
“friends” য়ে সংখ্যাক বুজাইছে যার বাবে the little র সলনি the few ব্যৱহার হৈছে৷

Ex-2: I gave……..money to my brother I had.

I gave the little money (পরিমান) to my brother I had. (*Double subject + have/has/had)

Much Or Many:
অধিক বা বেছি সংখ্যাৰ বাবে Many লগতে বহু পৰিমাণৰ বাবে much ব্যৱহাৰ কৰা হয় ৷
Ex-মোৰ বহুতো বন্ধু আছে ৷- I have many friends.
মোৰ বহুপৰিমাণে সম্পতি আছে- I have much property.
সমাধান কৰাৰ ক্ষেত্রত মনত ৰাখিবা যিবোৰ বাক্যই অধিক সংখ্যক বুজাব তেনেহ’লে many বহাবা লগতে বহু পৰিমাণৰ বুজালে much ব্যৱহাৰ কৰিবা ৷

1.The teacher has given us……useful advice. Ans- much
1.The teacher has given us……useful advices. Ans- many
এই উদাৰণত শিক্ষকৰ লাগতিয়াল উপদেশৰ (useful advice) কথা কৈছে, আমি সকলোৱে জানো শিক্ষকসকলে বহু পৰিমাণে লাগতিয়াল উপদেশ দিয়ে, সেয়ে এনেবোৰ বাক্যৰ ক্ষেত্রত much বা many বহাবা ৷ এতিয়া সমস্যা হ’ল much বহাবা নে many, এইক্ষেত্রত খালীঠাইৰ পিছৰ শব্দটো বা মূল কথাটো মন কৰিবা, যদি শব্দটোত S/es থাকে লগতে সংখ্যা বুজায় (Ex-2) তেনেহ’লে many লগতে যদি শব্দটোত S/es নাথাকে লগতে পৰিমাণ বুজায় (ex-1), তেনেহ’লে much ব্যৱহাৰ কৰিবা ৷

Help word technique: মনত ৰাখিবা Help শব্দটোৱে প্রায়েই অধিক সংখ্যক বা পৰিমাণ বুজায়, সেয়ে এই শব্দটো বাক্যত থাকিলে সংখ্যা বুজালে many, লগতে পৰিমাণ বুজালে much বহাবা ৷

1. I received…………help from him. Answer- much
 2. He received……..help from his teachers. Ans- much.
3..I received…..encouragement from my parents. Ans- much (বহুপৰিমানি পাই)
4. We found the house without……….difficulty. Ans- Much.
5. The society gives………respect to a thinker. Ans- much
6. That girl has……….good qualities. Ans many
7. Did you have………difficulty in finding the house? Ans much
8. They won the match without…………difficult. Ans- much
9. Socrates gave…………useful advice to his pupils. Ans- much

More:
More য়ে Compare কৰাৰ ক্ষেত্রত ব্যৱহাৰ হয় ৷
ৰাণী ৰিমাতকৈ ধুণীয়া ৷-Rani is more beautiful than Rima.
Solution Technique:
যেতিয়া কোনো বাক্যত ‘than’ দেখা পাবা তেতিয়া বুজিবা এই বাক্যটোত ‘compare’ বুজায় আছে সেয়ে more ব্যৱহাৰ কৰিব লাগে ৷ ex- I got…from my mother than from my father. Ans- more. (compare ক্ষেত্রত more)
*** এক বিষয় সদায় মনত ৰাখিবা যে কিছুমান শব্দ ‘Compare Degree’ ত more ব্যৱহাৰ নহয়, যেনে- old(positive)-older(comparative)-oldest(superlative), এনে শব্দবোৰ থাকিলে ‘Much’ ব্যৱহাৰ কৰিবা ৷
1.     He is…..older than his wife. Ans- much.
2.     My father is………….older than my mother. Ans- much
*Degree List টোৰ শব্দবোৰ ভালদৰে শিকিবা ৷

Some আরু Any

নিয়মঃ Some আরু Any সাধারণতে, অনিদিষ্ট আরু অস্পস্ট বাক্যবোরর ক্ষেত্রত ব্যৱহার করা হয় ।
Some মানে কিছুমান বা  অলপ পৰিপানৰ বুজায় ৷ লগতে Any মানে কিবা বা যিকোনো এনে অৰ্থ প্রকাশ কৰে ৷ এতিয়া অনিদিস্ট আরু অস্পষ্ট মানে কি? যিবোর কথা আমি আনুমানত কও বা আমি অলপ জ্ঞাত হৈ কও, যেনে- মোর পকেটত কেইটামান চকলেট আছে ।, এই বাক্যটোত ভালদরে নজনাকৈয়ে আনুমান করিয়ে কোৱা হৈছে । ইয়ার ইংরাজী হ’বI have some chocolates in my pocket. , এই বাক্যটোৰ জৰীয়তে জানি ঠোৱা যে Some য়ে অনিদ্দিষ্ট আৰ অস্পষ্ট Affirmative Sentence বোৰত ব্যৱহাৰ কৰিব লাগে ৷

ঠিক একেদৰে Interrogative Sentence (?) আৰ Negative Sentence (not) ৰ ক্ষেত্রত ‘Any’ ব্যৱহাৰ কৰিব লাগে ৷
Ex- Do you have any English Grammar?
No, I have not any English Grammar.

**Negative Concept of Any:
 মনত ৰাখিবা যদি কোনো Interrogative Sentence ত কিবা বিচৰা হয় বা আবেদন কৰি প্রশ্ন কৰে, তেনেহ’লে ‘Any’ ব্যৱহাৰ কৰিব নালাগে, তাৰ ঠাইত some বা a few/a little ব্যৱহাৰ কৰিব লাগে ৷
Ex- Can you give me some / a little money to buy this book ?
অৰ্থ: এই কিতাপখন কিনিবৰ বাবে মোক অলপ টকা দিব পাৰিবানে ?
অৰ্থাৎ অলপ টকা বিচাৰিছে ৷ এই বাক্যটোত যদি ‘Any’ ব্যৱহাৰ কৰা হয় তেনেহ’লে অৰ্থ হ’ব- “এই কিতাপখন কিনিবৰ বাবে মোক কিবা/যিকোনো টকা দিব পাৰিবানে ৷” যিটো সঠিক নহয় ৷ সেয়ে কিবা বিচাৰি অনুৰোধ কৰিলে বা বিচাৰিলে ‘some’ ব্যৱহাৰ কৰিব লাগে ৷

**Negative Concept of some:
   আমি জানো যে ‘Affirmative’ বা হয়সূচক বাক্যবোৰত ‘some’ ব্যৱহাৰ কৰা হয় কিন্তু যেতিয়া ‘সকলো মানুহে/ল’ৰাই/ছোৱালীয়ে’ কোনো এটা কাম/বিষয় কৰিব পাৰে , এনে অৰ্থত ব্যৱহাৰ হয়, তেনেহ’লে ‘any’ ব্যৱহাৰ কৰিব লাগে ৷
Any man/boy/girl can do this work.-যিকোনো মানুহে/ল’ৰাই/ছোৱালীয়ে এই কামটো কৰিব পাৰে ৷

Technique of solution:
(1) যদি কোনো বাক্য ‘Interrogative Sentence’ হয় বা প্রশ্নবোধক (?) থাকে, তেনেহ’লে কিবা বিচৰা/খুজা নুবুজালে ‘any’ ব্যৱহাৰ কৰিবা, নহ’লে কিবা কিবা বিচৰা/খুজা বুজালে some/ a few/a little ব্যৱহাৰ কৰিবা ৷
1. Did you buy……..bread today?
Ans- any. (Interrogative Sentence)
2.Can you lend me………..books?
Ans- a few. (ধাৰলৈ দিব পাৰিব নেকি সুধিছে অৰ্থাৎ বিচৰা বুজাইছে, যাৰ বাবে ‘any’ ব্যৱহাৰ হোৱা নাই ৷
3. Do you have ……….books on astrology?
Ans- any (Interrogative)
4.Can you help me with……money?
Ans- a little.  (সহায় কৰিব পাৰিব নেকি সুধিছে অৰ্থাৎ বিচৰা বুজাইছে, যাৰ বাবে ‘any’ ব্যৱহাৰ হোৱা নাই ৷
5. Did you buy…………oranges today?
Ans- any (Interrogative)

6. Have you………..book to read?
Ans- any (Interrogative)

(2) **Negative Sentence বা not থাকিলে ‘any’ ব্যৱহাৰ কৰিবা ৷
a.I cannot give you………..money.
Ans any (Negative)
b. I don’t expect………help from them.
Asn- any (Negative)
c. I can not give you……..money.
Ans- any (NEGATIVE SENTENCE


3. Critical Sentence of Interrogative Sentence:
 Ex-1: Did you have………difficulty in finding the house?
Ans much

Each and Every:

Each মানে প্রতিজনকে বুজায়, যেনে: প্রতি জন ল’ৰাই এটাকৈ কলম পালে ৷-Each of the boys has gotten a pen. Every মানে ‘সকলো’ , যেনে: প্রতি জন ল’ৰাই এটাকৈ কলম পালে ৷-Every boy has gotten a pen.

Every য়ে প্রতি বাৰে বাৰে হোৱা কোনো কাৰ্যকো আঙুলিয়াই দিয়ে ৷
Monday comes every week.
Leap year falls every fourth year.

Technique of solution:
*A: যদি কোনো বাক্যৰ খালী ঠাইৰ পিছত ‘of the + Plural form(S/es) word থাকে + SINGULAR VERB (Ex-is/has/was etc) থাকে, তেনেহ’লে ‘Each’ ব্যৱহাৰ কৰিবা ৷
Ex- ………….of the boys has got a laptop.

ওপৰৰ বাক্যটোত of the আছে, তাৰ পিছত boys অৰ্থাত Plural form কিন্তু verb টো has হৈছে, সাধাৰণতে আমি জানো যে Plural form ৰ লগত have হ’ব লাগে অৰ্থাত boys have, কিন্তু এই বাক্যটোত প্রতিজন ল’ৰাৰ কথা কোৱা হৈছে যাৰ বাবে ‘has’ হৈছে, সেয়ে আমি ‘each’ ব্যৱহাৰ কৰিব লাগে ৷ Answer: Each of the boys has got a laptop.
1………….of the boys has done his work.
Ans: Each
2. ………of the boys was rewarded.
Ans- each
3.…………of the competitors will get a certificate.
Ans- each
4. ……….of the students will be given a copy of the magazine.
Ans- each
5……….of the candidates must produce her/his identity card.
Ans- each

*B: যদি কোনো বাক্যত বাৰে বাৰে হোৱা কোনো কামক বুজায় তেনেহ’লে ‘every’ ব্যৱহাৰ কৰিবা ৷
Ex-1: Sunday comes every week. অৰ্থাৎ প্রতি সপ্তাহত (বাৰে বাৰে) Sunday আহি থাকে ৷
2. Leap year falls in………..fourth year.
Ans every
3.He comes to his house…......week.
Ans: Every


Updating.........................