DEH BISAR NAM (ASSAMESE HARI NAM), PREPARED BY PODMESWAR

 

দেহ বিচাৰৰ নামঃ

এক চাপৰিঃ

নামঃ নেভাবিবি নৰদেহা অজৰ অমৰ.., নেভাবিব ৰক্ষা পাম ধনৰ বলত...,

নেভাবিবি সিপাৰিত একো ভয় নাই...., দেখিলেহে কান্দিবিগৈ কৰি হায় হায়...।

পদ-১

জীৱ আত্মা পৰম আত্মা দুয়ু ককাই-ভাই..., দেহৰ মাজত সোমাই আছে চিনা চিনি নাই...,

 জীৱ আত্মা পৰম আত্মা দুয়ু ককাই-ভাই..., দেখিলেহে কান্দিবিগৈ কৰি হায় হায়...।

 

ঘোষাঃ দেহৰ ভিতৰে কান্দে..., জীৱৰ আত্মাই....,

(নালাগে এনে জীৱন নধৰো দুনাই ।)২

 

তিনি চাপৰিঃ

নামঃ পৰম আত্মা ৰৈ আছে, মাতে ৰিঙিয়াই...,

(আহা ভাই আহা ভাই হৰি গুণ গাই ।) ২

 

পদ-১

ৰাখ ৰাখা ৰাখা প্রভূ, মায়াৰ বাঘে খায়.....,

(তুমি নাৰাখিলে গোসাই, ৰাখোতাযেন নাই ।)২

 

পদ-২

এহি নৰসংসাৰত, কিয় অত দুখ....,

আজিও নেদেখো প্রভু, দিয়া মোক সুখ..।

 

চাৰি চাপৰিঃ

নামঃ ধন বিচাৰিলে পায়, ভাৰ্যা বিচাৰিলে পায়,

শ্মশানৰ ফাললৈ, চাই চাই কান্দিলে, মা-দেউতাক পাবলৈ নাই অ’ ৰাম ৰাম মাক-দেউতাক পাবলৈ নাই

 

পদ-১

বাৰীৰ পাছেফালে, জাতি বাহ এজুপি, সিওঁ মোৰ সহুদৰ ভাই..,

জীয়াই থাকো মানে, কৰো কাঠি-কামি, মৰিলে লগতে যায়...।

 

পদ-২

ধনে বিদায় দিব হাহি হাহি..., পুত্রই বিদায় দিব কান্দি কান্দি,

ভাৰ্যাই বিদায় দিব বগা সাজে পিন্ধি, কপালৰ ৰঙা ফুট মচি মচি ।

 

পদ-৩

পুত্র সুখে বহু আশাকৰি...., ভৱকোপে জীৱ আছে পৰি..,

কালসৰ্পে দংশি হৰিল চেতন তাৰ...

 

সামৰণিঃ

(নামে নিৰঞ্জণ পাতেক ভঞ্জন, ৰাম নাম মুখে লোৱা হে ।)২

পদ-১

আজিৰ কাহিনী, অন্তক পেলালো, দুখ নধৰিবা মোক হে...

ৰাম ৰাম ৰাম ৰাম হৰি ৰাম ৰাম ৰাম ৰাম ৰাম

কৃষ্ণ........হৰিমোৰ...অ’............ ।