৩। ৰাজনীতিৰ তত্ত্বৰ বিতর্কসমূহ (Debates in Political Theory), by Podmeswar , CBCS Course, Ba First Semester, under Guwahati University

ৰাজনীতিৰ তত্ত্বৰ বিতর্কসমূহ

(Debates in Political Theory)

 

প্রশ্নাৱলী


১। নিৰীক্ষণ বা বাধা নিষেধ কি?

(What is Censorship?)

উত্তৰঃ

নিৰীক্ষণ বা বাধা নিষেধ বা চেঞ্চৰ হৈছে এনে এক ব্যৱস্থা য’ত চৰকাৰে বাতৰি কাকত, বাতৰি পৰিৱেশন, চিনেমা পৰিৱেশন, পাঠ্যপুথি প্রকাশ, তথ্যচিত্র, কোনো ৰাজহুৱা বিষয় লেখা আদি প্রকাশত সামাজিক-নৈতিক-ৰাজনৈতিক-নিৰাপত্তাৰ প্রতি ভাবুকি অহা বিষয়সমূহত বাধা আৰোপ কৰে 

 

২। নিৰীক্ষণ বা বাধা নিষেধৰ ঐতিহাসিক পটভূমিৰ ব্যাখ্যা কৰা

(Discuss the historical background of censorship.)

উত্তৰঃ

নিৰীক্ষণ বা বাধা নিষেধ বা চেঞ্চৰ হৈছে এনে এক ব্যৱস্থা য’ত চৰকাৰে বাতৰি কাকত, বাতৰি পৰিৱেশন, চিনেমা পৰিৱেশন, পাঠ্যপুথি প্রকাশ, তথ্যচিত্র, কোনো ৰাজহুৱা বিষয় লেখা আদি প্রকাশত সামাজিক-নৈতিক-ৰাজনৈতিক-নিৰাপত্তাৰ প্রতি ভাবুকি অহা বিষয়সমূহত বাধা আৰোপ কৰে । 

নিৰীক্ষণ বা বাধা নিষেধৰ ঐতিহাসিক পটভূমি বিচাৰ কৰিলে তলৰ দিশসমূহক উল্লেখ কৰিব পাৰি

(ক) ঐতিহাসিক নিৰীক্ষণ বা বাধা নিষেধ বা চেঞ্চোৰশ্বিপৰ প্রথম ঘটনাঃ

খ্রীষ্টপূৰ্ব ৩৯৯ চনত, বিখ্যাত গ্রীক দাৰ্শনিক চক্রেটিছৰ দৰ্শনৰ লগত জড়িত লিখনিসমূহৰ ওপৰত গ্রীচ দেশৰ চৰকাৰে বাধা আৰোপ কৰিছিল । কাৰণ, তেওঁৰ দাৰ্শনিক লিখনিসমূহত সেই সময়ৰ এথেন্স শাসকীয় চৰকাৰৰ দুৰ্নীতিসমূহৰ ব্যাখ্যা হৈছিল ।

 

(খ)নিৰীক্ষণ বা বাধা নিষেধ বা চেঞ্চৰশ্বিপৰ ওপৰত প্লেটোৰ মন্তব্যঃ

চক্রেটিছৰ প্রিয় শিষ্য প্লেটোৱে নিৰীক্ষণ বা বাধা নিষেধ বা চেঞ্চৰশ্বিপৰ নিয়মক সমর্থন কৰিছিল । প্লেটোৰ বিখ্যাত গ্রন্থ ‘The Republic’ ত নিৰীক্ষণ বা বাধা নিষেধ বা চেঞ্চৰশ্বিপৰ বাবে প্লেটোয়ে কয় যে আমাৰ সমাজৰ সুৰক্ষাৰ বাবে ইয়াৰ প্ৰয়োজন তেওঁ যুক্তি দিয়ে যে আমি যুৱকসকলৰ পৰা পাব পৰা সম্ভাৱ্য দুৰ্নীতিগ্ৰস্ত বিষয় বা সামগ্ৰীৰ ওপৰত চেঞ্চৰ কৰাৰ এক নিৰ্দিষ্ট কাৰণ আছে, আৰু ইয়াৰ কাৰণ হৈছে যেতিয়া তেওঁলোক ডাঙৰ হ'ব তেতিয়া দেশৰ অস্তিত্ব তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব

 

(গ)নিৰীক্ষণ বা বাধা নিষেধ বা চেঞ্চৰশ্বিপৰ ওপৰত জন টুৱাৰ্ট মিলৰ ধাৰণাঃ

মিলে জনসাধাৰণৰ ওপৰত নিৰীক্ষণ বা বাধা নিষেধ বা চেঞ্চৰশ্বিপৰ কৰা ব্যৱস্থাক যুক্তি সংগত নহয় বুলি প্রকাশ কৰিছে । তেওঁৰ মতে, ‘ব্যক্তিয়ে যেতিয়ালৈকে আনৰ স্বাধীনতাত হস্তক্ষেপ নকৰে তেতিয়ালৈকে ৰাষ্ট্রই অকৃত্বশীলভাৱে ব্যক্তিৰ বাক্‌ স্বাধীনতাক ধৰি আন স্বাধীনতাৰ ওপৰত হস্তক্ষেপ কৰা উচিত নহয় ।”

 

(ঘ) হবচ, লক, বেন্থাম, টমাচ জেফাৰছন আদি চিন্তাবিদসকলৰ ধাৰণাঃ

 হবচ, লক, বেন্থাম, টমাচ জেফাৰছন আদি চিন্তাবিদসকলেও ব্যক্তি স্বাধীনতাৰ ওপৰত চৰকাৰে কৰা হস্তক্ষেপক বিরুদ্ধিতা কৰিছে । তেওঁলোকৰ মতে চৰকাৰে এই চেঞ্চৰশ্বিপ বা এনে পৰীক্ষণ ব্যৱস্থাৰ অজুহাত লৈ চৰকাৰে ব্যক্তি স্বাধীনতাক ক্ষুণ্ণ কৰিছে/আঘাত হানিছে ।

 

(ঙ) পুৰণি ব্যক্তি স্বাতন্দ্রবাদীসকলৰ ধাৰণাঃ

অতীতৰ ব্যক্তি স্বাতন্দ্রবাদী হেৰল্ড লাস্কি, রুছো, আৰ্নেষ্ট বাৰ্কাৰ আদি চিন্তাবিদসকলে অবাধ স্বাধীনতাক সমর্থন কৰা নাছিল । তেওঁলোকে বৃহত্তৰ সমাজখনৰ স্বার্থত ৰাষ্ট্র বা চৰকাৰে ব্যক্তিস্বাধীনতাৰ ওপৰত চেঞ্চৰশ্বিপ বা এনে পৰীক্ষণ ব্যৱস্থা থাকিব লাগে বুলি সমর্থন কৰিছিল ।

 

(চ) ঐতিহাসিক ব্যক্তি স্বাধীনতাৰ চিন্তাবিদসকলৰ ধাৰণাঃ

চিন্তাবিদ জন ৰাউলচ, ৰবাৰ্ট নজিক, এফ এ হায়েক আদি চিন্তাবিদৰ মতে ৰাষ্ট্রই ন্যায়গতভাৱে চেঞ্চৰশ্বিপ বা পৰীক্ষণ ব্যৱস্থা বৰ্তাই ৰখাতো বাঞ্চা কৰিছিল । তেওঁলোকৰ মতে, চৰকাৰে এই ব্যৱস্থাৰ মাধ্যমেৰে সামূহিক স্বতন্ত্রতা ৰক্ষা কৰিব লাগে ।

 

(ছ) বাংলাদেশ চৰকাৰৰ ঐতিহাসিক পটভূমিঃ

বাংলাদেশী লেখিকা তচলিমা নাচৰিনৰ ‘লজ্জা’ গ্রন্থত মৌলবাদী ইসলামিক শাসনত এগৰাকী নাৰী কেনেদৰে নিষ্পেষিত হয়, তাক ব্যাখ্যা আগবঢ়াইছিল । পৰৱৰ্তী পৰ্যায়ত, ১৯৯৩ চনত বাংলাদেশ চৰকাৰে এই গ্রন্থৰ ওপৰত চেঞ্চৰশ্বিপ বা নিৰীক্ষণ আৰোপ কৰে আরু নিষিদ্ধ ঘোষণা কৰে

    এনেদৰে চেঞ্চৰশ্বিপ বা নিৰীক্ষণ ব্যৱস্থাক আন্তৰ্জাতিক পৰ্যায়ত বিভিন্ন দেশ আরু পটভূমিত আলোচিত, সমালোচিত আরু বিবেচিত হৈছিল ।

 

৩। “The Satanic Verses” গ্রন্থৰ প্রণেতা কোন ? এই গ্রন্থখন কেতিয়া প্রকাশ পাইছিল? 

(Who is the author of the book, “The Satanic Verses”?)

উত্তৰঃ “The Satanic Verses” গ্রন্থৰ প্রণেতা হৈছে- চলমান রুশ্বদি(Salman Rushdie) ।  এই গ্রন্থখন ১৯৮৮ চনৰ চেপ্তেম্বৰ মাহত প্রকাশিত হৈছিল (আংশিকভাৱে ইছলামী নবী মুহাম্মাদৰ জীৱনৰ দ্বাৰা অনুপ্ৰাণিত )

 

 

৪। নিৰীক্ষণ, বাধা-নিষেধ বা চেঞ্চৰশ্বিপৰ ন্যাৰ্যতাৰ ভিত্তি সম্পর্কে আলোচনা কৰা

(Discuss the grounds justificied for censorship.)

অথবাঃ

৫। নিৰীক্ষণ, বাধা-নিষেধ বা চেঞ্চৰশ্বিপ কেইপ্রকাৰৰ আরু কি কি? আলোচনা কৰা(What are the various forms of censorship. Discuss)

উত্তৰঃ সময় আরু স্থান ভেদে নিৰীক্ষণ, বাধা-নিষেধ বা চেঞ্চৰশ্বিপৰ ন্যাৰ্যতাৰ ভিত্তি পৃথক পৃথক হোৱা পৰিলক্ষিত হৈছে । বৰ্তমান এই জটিল যুগত এই ব্যৱস্থাৰ বহু যুক্তি-যুক্ততা আরু সমালোচনা হোৱা দেখা যায় । নিৰীক্ষণ, বাধা-নিষেধ বা চেঞ্চৰশ্বিপক মূলতঃ চাৰিটা ভাগত ভাগ কৰিব পাৰিসেয়া হৈছেঃ

(ক) সামৰিক বিষয়ত আৰোপ কৰা নিৰীক্ষণ, বাধা-নিষেধ বা চেঞ্চৰশ্বিপ (Military Censorship),

(খ) নৈতিক বিষয়ৰ নিৰীক্ষণ, বাধা-নিষেধ বা চেঞ্চৰশ্বিপ (Moral Censorship),

(গ) ধর্মীয় বিষয়t আৰোপ কৰা  নিৰীক্ষণ, বাধা-নিষেধ বা চেঞ্চৰশ্বিপ (Religious censorship),

(ঘ) ৰাজনৈতিক বিষয়ৰ ক্ষেত্রত আৰোপ কৰা নিৰীক্ষণ, বাধা-নিষেধ বা চেঞ্চৰশ্বিপ (Political Censorship)

তলত এই ভাগসমূহৰ আলোচনা কৰা হ’ল-

 

(ক) সামৰিক বিষয়ত আৰোপ কৰা নিষেধাজ্ঞা বা নিৰীক্ষণঃ

প্রায়বোৰ দেশত সামৰিক বিষয়সমূহ আরু সামৰিক শক্তি সম্পর্কীয় তথ্যসমূহক গতানুগতিক বা স্বাভাৱিকভাৱে সুৰক্ষা সন্দৰ্ভত চেঞ্চৰশ্বিপ বা বাধা-নিষেধ বা নিৰীক্ষণ কৰা হয় । কিন্তু, কেতিয়াবা ইয়াৰ অপ-প্রয়োগ ঘটি ব্যক্তি স্বাধীনতা আরু ব্যক্তিৰ জীৱন পৰ্যন্ত ব্যাঘাত জন্মে ।

 

(খ) নৈতিক বিষয়ৰ নিৰীক্ষণ (Moral Censorship):

সাধাৰণতে আজি-কালি ছ’চিয়েল মিডিয়াত এনে কিছুমান অশ্লীল ফটু, ভিডিঅ’, কথা, বাতৰি আদি প্রচাৰ হয় যিবোৰৰ ওপৰত চৰকাৰে নিৰীক্ষণ, বাধা-নিষেধ বা চেঞ্চৰশ্বিপ কৰেএনে বিষয়সমূহৰ ওপৰত এনে ব্যৱস্থা গ্রহণ কৰাতো অতিকৈ লাগতিয়াল । কিন্তু, নৈতিক বিষয়ৰ অন্তৰ্গত বিষয়ৰাজিৰ ওপৰত বিবেচনা কৰা উচিত । 

 

(গ) ধৰ্মীয় বিষয়ত আৰোপ কৰা নিৰীক্ষণ(Religion Censorship):

প্রায়েই দেখা যায় যে কিছুমান মৌলবাদী সংগঠন, জাতি-বাদী গোট, ধর্মীয় অনুষ্ঠান-প্রতিষ্ঠান আদিৰ নামত সমাজত একাংশই জাতি-ধৰ্ম-বৰ্ণ-ভাষা আদিৰ ক্ষেত্রত সমন্বয় বিচ্ছেদৰ বিষবাষ্প প্রচাৰ কৰেএইবোৰৰ দিশত চৰকাৰে নিষেধাজ্ঞা জাৰি কৰে, যিটো সচাকৈয়ে গ্রহণযোগ্য । কিন্তু, চৰকাৰৰ বা শাসকীয় পক্ষই যদি এনে পন্থা গ্রহণ কৰে, ই অতিকৈ দুখনীয় বিষয় হৈ পৰে । 

 

(ঘ) ৰাজনৈতিক বিষয়ৰ ক্ষেত্রত প্রয়োগ কৰা নিৰীক্ষণ বা নিষেধাজ্ঞা (Political Censorship):

প্রায়বোৰ দেশত ৰাষ্ট্রৰ সাৰ্বভৌমত্ব, সংবিধানৰ বহিৰ্ভুত কাৰ্যাৱলী, নাগৰিক সম্পর্কীয় বিষয়, আদিৰ প্রচাৰৰ ক্ষেত্রত আরু কর্ম-ৰাজিত চৰকাৰে নিষেধাজ্ঞা জাৰি কৰেএনেবোৰ পদক্ষেপ সচাকৈ বাঞ্চনীয় । কিন্তু, ৰাজনৈতিক বিষয়ৰ নিৰীক্ষণ বা নিষেধাজ্ঞাই যদি নাগৰিকৰ আরু সাধাৰণ জনসাধাৰণৰ অধিকাৰ খর্ব কৰে, ই এখন গণতান্ত্রিক ৰাষ্ট্রৰ বাবে বিপদাপন্ন হ’ব ।    

 

    এইবোৰৰ উপৰিও আন কিছুমান দিশত নিৰীক্ষণ, বাধা-নিষেধ বা চেঞ্চৰশ্বিপৰ ন্যাৰ্য্যতাৰ ভিত্তিক স্বীকাৰ কৰিব লাগিব । সেয়া হৈছে-

(ক) অসত্য, ভুৱা আরু বিভ্রান্তকৰ বাতৰিৰ প্রচাৰঃ

কিছুমান ছ’চিয়েল মিডিয়াত এনে বাতৰি প্রচাৰ হয় যিবোৰ পাছত অসত্য আরু ভুৱা বুলি প্রমাণিত হয় । এই বাতৰিসমূহ প্রচাৰৰ ক্ষেত্রত নিষেধাজ্ঞা কৰা উচিত অন্যথা, এইবোৰে সমাজত বিভ্রান্তিকৰ সৃষ্টি কৰে

 

(খ)সন্ত্রাসবাদী সম্পর্কীয় কাৰ্যকলাপঃ

কিছুমান বাতৰি আরু বাৰ্তা কোনো অজ্ঞাত উৎসৰ পৰা মানুহৰ মোবাইল বা ইণ্টাৰনেটত আহে, এইবোৰৰ ক্ষেত্রত চৰকাৰে আতৰি থকা বা সংলগ্ন নহবৰ বাবে কৰা নিষেধাজ্ঞা অতিকৈ লাগতিয়াল । লগতে, এনেধৰণৰ ফুনকল, মেছেজ, লিংক আদি ক্লিকৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰিলে সমাজক সুৰক্ষিত কৰিব পৰা যায় ।

 

(গ) বিজ্ঞাপনৰ ওপৰত নিষেধাজ্ঞাঃ

কিছুমান চাকৰি, বস্তু-সামগ্রী, আদি এনেকোৱাকৈ প্রচাৰ কৰে যে অত্যন্ত লাগতিয়াল বা ভেজাল নথকা । কিন্তু, ইয়েই বহুতৰ জীৱনলৈ শংকা কঢ়িয়া আনিব পাৰেসেয়ে, এইক্ষেত্রত এনে দিশবোৰত নিৰীক্ষণ, বাধা-নিষেধ বা চেঞ্চৰশ্বিপ বাঞ্চনীয় ।

 

(ঘ) মাদক দ্রব্যৰ প্রচাৰত বাধাঃ

বহুতো ৰাষ্ট্রই বিশেষকৈ চুইডেনৰ দৰে দেশে মাদক দ্রব্যৰ বিজ্ঞানপন আরু প্রচাৰ আইনগতভাৱে বন্ধ কৰিছে । লগতে, ভাৰতৰ বহুৰাজ্যত ১৮ বছৰৰ তলৰ শিশুৱে মাদক দ্রব্যৰ বিক্রী আরু সেৱনত বাধা নিষেধ কৰিছে । এই দিশসমূহত ন্যাৰ্য্যতা স্বীকাৰ কৰিব লাগিব ।

 

(ঙ) নব-প্রজন্মৰ ক্ষতিকাৰক বিজ্ঞাপনৰ প্রচাৰঃ

আজিৰ নব-প্রজন্মই কাইলৈ ৰাষ্ট্রক পৰিচালিত কৰিব লাগিব । সেয়েহে, নব-প্রজন্মক ভুল পথে পৰিচালিত কৰা যিকোনো প্রচাৰ আরু কারু-কাৰ্য নিষিদ্ধ কৰাতো অতীব প্রয়োজনীয় ।

    এইদৰে দেখা যায় যে নিৰীক্ষণ, বাধা-নিষেধ বা চেঞ্চৰশ্বিপৰ গুরুত্ব আরু ইয়াৰ অপ-প্রয়োগৰ নুই কৰিব নোৱাৰিসেয়েহে, প্রয়োজনত ইয়াক ব্যৱহাৰ কৰি আরু হকে-বিহকে ইয়াৰ ব্যৱহাৰৰ পৰা আতৰত থাকিলে এখন ৰাষ্ট্রই ইয়াৰ পৰা উপকৃত হ’ব ।    

 

৬। নিৰীক্ষণ, বাধা-নিষেধ বা চেঞ্চৰশ্বিপৰ সীমাবদ্ধতাবোৰৰ আলোচনা কৰা

(Discuss the limits of censorship.)

উত্তৰঃ

নিৰীক্ষণ, বাধা-নিষেধ বা চেঞ্চৰশ্বিপ যদিও কিছুমান ক্ষেত্রত অতিকৈ বাঞ্চনীয় । তথাপি, নিৰীক্ষণ, বাধা-নিষেধ বা চেঞ্চৰশ্বিপৰ কেতবোৰ সীমাবদ্ধতা পৰিলক্ষিত হয় । ইয়াৰে উল্লেখযোগ্যসমূহ হৈছে-

 

(ক) জনসাধাৰণৰ নাগৰিক বা পৌৰ অধিকাৰ উলংঘনঃ

নিৰীক্ষণ, বাধা-নিষেধ বা চেঞ্চৰশ্বিপৰ কিছুমান কাৰ্য বা নিষেধাজ্ঞাই জনসাধাৰণৰ নাগৰিক বা পৌৰ অধিকাৰ উলংঘন কৰেকিন্তু, এই সম্পর্কে প্রচাৰ বা মাত মাতিলে আইনৰ দোষী সাব্যস্ত কৰি শাসকীয় গোষ্ঠীয়ে শাস্তি প্রদান কৰে

 

(খ)নিৰীক্ষণ, বাধা-নিষেধ বা চেঞ্চৰশ্বিপৰ অপপ্রয়োগঃ

প্রায়েই দেখা যায় যে নিৰীক্ষণ, বাধা-নিষেধ বা চেঞ্চৰশ্বিপ ক্ষমতাৰ অপ-প্রয়োগ হয় । যাৰ ফলত, কিছুমান সাধাৰণ জনসাধাৰণে ইয়াৰ বাবে শাস্তি আরু বিপদৰ মুখা-মুখি হ’ব লগা হয় । উদাহৰণস্বরূপে- ১৯৭৫ চনত জরুৰীকালীন ক্ষমতাৰ অপ-প্রয়োগ হৈছিল । 

 

(গ) ৰাজনৈতিক গোপন বিষয়সমূহৰ গাপ দিয়াৰ চেষ্টাঃ

বহুবোৰ গোপন তথ্য ৰাজনৈতিক মজিয়াত চলি থাকে । এই তথ্যসমূহক ঢাকি ৰাখিবৰ বাবে প্রচাৰ মাধ্যমসমূহক বহু ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰে

 

(ঘ) জনসাধাৰণৰ বাক্‌ স্বাধীনতা খর্বঃ

চৰকাৰে নিৰীক্ষণ, বাধা-নিষেধ বা চেঞ্চৰশ্বিপৰ জৰিয়তে নাগৰিকৰ বাক্‌ স্বাধীনতাক খর্ব কৰিছে । বহু ক্ষেত্রত দেখা যায়, চৰকাৰৰ অন্যায় কাম-কাজৰ বিষয়ে প্রচাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰে আরু কিছুমানক আইনৰ আওতাত নি শাস্তিও প্রদান কৰে

 

(ঙ) মানৱ-অধিকাৰ উলংঘনঃ

বহু ক্ষেত্রত দেখা যায় যে চৰকাৰে সন্ত্রাসবাদী দমন কৰাৰ স্বার্থত বহু নিৰীহ জনতাক শাস্তি আরু সাধাৰণ নাগৰিকৰ ওপৰত কিছুমান অনর্থক আইন প্রয়োগ কৰেএইবোৰ সঘনাই মানৱ অধিকাৰ উলংঘন কৰা দেখা যায় ।

    নিৰীক্ষণ, বাধা-নিষেধ বা চেঞ্চৰশ্বিপে বহু ক্ষেত্রত সাধাৰণ জীৱনত সীমাবদ্ধতা আনি দিয়ে ।

 

৭। সুৰক্ষা প্রদানকাৰী বৈষম্য নীতি কি? এই নীতিৰ গুণ আরু দোষ আলোচনা কৰা

(What is protective discriminatory principle? Discuss its merits and demerits.)

উত্তৰঃ সুৰক্ষা প্রদানকাৰী বৈষম্য নীতি হৈছে কোনো এখন ৰাষ্ট্রই গ্রহণ কৰা কিছুমান নীতি যাৰ মাধ্যমেৰে জাতি-বৰ্ণ-ধর্ম-ভাষা নিৰ্বিশেষে বঞ্চনা-বৈষম্যৰ সন্মুখিন হোৱা পিছপৰা জাতি-জনজাতি লোকসকলক ৰাষ্ট্রৰ দ্বাৰা পৰিচালিত বা প্রদান কৰা সুবিধাসমূহত বিশেষ অগ্রাধিকাৰ প্রদান কৰি আন জাতি-জনগোষ্ঠীৰ সম-পৰ্যায়লৈ লৈ অনা আরু সমতা স্থাপন কৰা 

শিক্ষাবিদ অ. পি. গৌবা (O.P. Gauba) ৰ মতে, "যিসকল ৰাজহুৱা নীতিয়ে শিক্ষা আৰু প্ৰশিক্ষণ, নিযুক্তি, পদোন্নতি, গৃহ, স্বাস্থ্য-যত্ন আদিৰ পাঠ্যক্ৰমৰ পিছত বিচৰা বিষয়ত বিশেষ ৰেহাই প্ৰদান কৰে, বিশেষকৈ অতীতৰ কিছুমান বৈষম্যমূলক প্ৰথাৰ বাবে মুকলি প্ৰতিযোগিতাত পৰ্যাপ্ত সুযোগৰ পৰা বঞ্চিত হোৱা লোকসকলক,  সেইবোৰেই হৈছে-সুৰক্ষা প্রদানকাৰী বৈষম্য নীতি ইয়াৰ উদ্দেশ্য হৈছে অতীতত তেওঁলোকৰ সৈতে হোৱা অন্যায়ৰ বাবে প্ৰাসঙ্গিক শাখাবোৰক (যেনে-মহিলা, কৃষ্ণাঙ্গ, পিছপৰা সম্প্ৰদায়) ক্ষতিপূৰণ দিয়া।"

“Public policy which accords special concession in matters of admission to sought after courses of education and training, appointments, promotions, housing, health-care, etc. to those who were deprived of adequate opportunities in an open competition, particularly due to some discriminatory practices of the past. It is meant to compensate the relevant sections (e.g. women, blacks, backward communities) for the injustice meted out to them in the past.”

 

সুৰক্ষা প্রদানকাৰী বৈষম্য নীতিৰ গুণঃ

(ক) সামাজিক ন্যায় প্রদানঃ

সামাজিক ন্যায় প্রদানৰ ক্ষেত্রত সুৰক্ষা প্রদানকাৰী বৈষম্য নীতি এক উল্লেখযোগ্য নীতি । ইয়াৰ মাধ্যমেৰে সমাজৰ সকলো শ্রেণীৰ নাগৰিকৰ মাজত সামাজিকভাৱে ন্যায় প্রদান কৰিব পাৰি

 

(খ) জাতি-জনজাতিসমূহৰ সুৰক্ষা প্রদানঃ

সুৰক্ষা প্রদানকাৰী বৈষম্য নীতিৰ জৰিয়তে এখন ৰাষ্ট্রৰ জাতি-জনজাতিসমূহৰ মাজৰ সুৰক্ষা প্রদান কৰিব পৰা যায় । ইয়াৰ জৰিয়তে সকলো জাতি-জনজাতিক সম-পৰ্যায়ৰে আগুৱাই নিব পাৰি

 

(গ) উচ্চ-নিচ্চৰ ব্যৱধান হ্রাসঃ

সুৰক্ষা প্রদানকাৰী বৈষম্য নীতিয়ে সমাজত ধনী আরু দুখীয়া শ্রেণীৰ মাজত থকা ব্যৱধান হ্রাস কৰেইয়াৰ মাধ্যমেৰে, দুখীয়া শ্রেণীলোকে সমাজত ধনী শ্রেণীৰ নিচিনাকৈ সুস্থ জীৱন-যাপন আরু সা-সুবিধা ভোগ কৰাৰ সুযোগ পায় ।

 

(ঘ) সামাজিক আরু অর্থনৈতিক বৈষম্যতা দূৰঃ

সমাজত বাস কৰা শ্রেণীসমূহৰ পার্থক্য সামাজিক আরু অর্থনৈতিক বৈষম্যতাৰ সৃষ্টি কৰেসুৰক্ষা প্রদানকাৰী বৈষম্য নীতিয়ে এই বৈষম্য দূৰ কৰি সমাজক সুস্থিৰ কৰি তুলে ।

 

(ঙ)ৰাজনৈতিক পৰ্যায়ত অংশগ্রহণঃ

সুৰক্ষা প্রদানকাৰী বৈষম্য নীতিৰ আন এক উল্লেখনীয় দিশ হৈছে- ৰাজনৈতিক ক্ষেত্রত অংশিদাৰী হোৱা । এই নীতিৰ মাধ্যমেৰে সকলো শ্রেণীৰ নাগৰিকে সমান ভাৱে ৰাজনৈতিক ক্রিয়া-কলাপত অংশগ্রহণৰ সুবিধা লাভ কৰে

 

(চ)অন্তৰ্ভুক্তিকৰণ প্রক্রিয়াঃ

  সুৰক্ষা প্রদানকাৰী বৈষম্য নীতিয়ে সকলো পিছপৰা জাতি-জনজাতিক অন্তৰ্ভুক্তিকৰণত ভূমিকা গ্রহণ কৰেপিছপৰা সকলো পৰ্যায়ৰ নাগৰিকে যাতে সকলো চৰকাৰী সা-সুবিধাৰ অন্তৰ্ভুক্ত হয়, তাৰ বাবে এই নীতিয়ে সহায় কৰে

 

সুৰক্ষা প্রদানকাৰী বৈষম্য নীতিৰ দোষঃ

(ক)সমাজত অসমতা সৃষ্টিঃ

 কিছুমান চিন্তাবিদ আরু সমালোচকৰ মতে সুৰক্ষা প্রদানকাৰী বৈষম্য নীতিয়ে প্রদান কৰা সুবিধাৰ সমূহৰ বাবে সমাজত এক অসমতাই বিৰাজ কৰেযাৰ ফলত, জাতি-জনজাতিসমূহৰ মাজত অসমতাই দেখা দিয়ে ।

 

(খ) অতীতৰ ভেদাভেদৰ পুনৰ সৃষ্টিঃ

সুৰক্ষা প্রদানকাৰী বৈষম্য নীতিৰ বহু দিশত অপ-প্রয়োগ হোৱা দেখা যায় । সেয়েহে, কিছুমান লোকৰ মতে এই নীতিয়ে অতীতৰ ভেদাভেদৰ পুনৰ সৃষ্টি কৰিছে ।

 

(গ) দক্ষতাৰে অংশগ্রহণত বাধাঃ

সুৰক্ষা প্রদানকাৰী বৈষম্য নীতিয়ে দক্ষতাক বহু দিশত আতৰাই ৰখা যেন পৰিলক্ষিত হয় । সাধাৰণ কম দক্ষতা থকা আরু কম যোগ্যতা লোকেই এই নীতিৰ ফলত বহুতো চৰকাৰী সুবিধা (চাকৰি বা আন সুবিধাৰ ক্ষেত্রত) গ্রহণ কৰে । 

 

(ঘ) এক বিশেষ শ্রেণীৰ লোকৰ অধিক সুবিধা প্রাপ্তঃ

সুৰক্ষা প্রদানকাৰী বৈষম্য নীতিৰ সুবিধাবোৰ এক ৰাজনৈতিক পৰিপুষ্ট নেতাৰ দ্বাৰাহে পৰিচালিত হয় । যাৰ বাবে, এই নীতিসমূহৰ সুবিধা সু-পৰিকল্পিতভাৱে হোৱাৰ বিপৰীতে এক বিশেষ শ্রেণীৰ লোকে লাভ কৰে

 

(ঙ) সাধাৰণ শ্রেণী (General) লোকৰ ক্ষতিসাধনঃ

সাধাৰণ শ্রেণী (General) লোকৰ মাজতো বহু দুখীয়া থাকে । কিন্তু, এই দুখীয়া লোকসকলে সুৰক্ষা প্রদানকাৰী বৈষম্য নীতিৰ বাবে প্রায়বোৰ সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে ।

 

(চ) নৱ প্রজন্মৰ মাজত ভেদা-ভেদৰ সৃষ্টিঃ

সুৰক্ষা প্রদানকাৰী বৈষম্য নীতিয়ে আজিৰ নৱ প্রজন্মৰ মাজত ভেদা-ভেদৰ সৃষ্টি কৰিছে । নৱ প্রজন্মৰ শিক্ষাৰ দক্ষতা অনুযায়ী চৰকাৰী চাকৰি আরু আন সুবিধা সমূহ প্রাপ্তৰ দিশৰ ব্যাপক খাম-খেয়ালিৰ সৃষ্টি হৈছে ।  

 

এনেদৰে দেখা যায় যে সুৰক্ষা প্রদানকাৰী বৈষম্য নীতিৰ বহু দিশত সুবিধা / গুণ আরু বহু ক্ষেত্রত ইয়াৰ অসুবিধা / দোষসমূহে দেখা দিয়ে । এই ক্ষেত্রত চৰকাৰে উচিত ব্যৱস্থা গ্রহণ কৰা উচিত যাতে সুস্থিৰ সমতা ৰক্ষা হয় ।

 

  

৮। ভাৰতবর্ষত সুৰক্ষাপ্রদানকাৰী বৈষম্য নীতি প্রৱৰ্তন কৰাৰ কাৰণ আরু ইয়াৰ প্রভাৱৰ বিষয়ে বহলাই আলোচনা কৰা

(Discuss the causes behind the introduction of the protective discriminatory principle and its impact on India.)

অথবাঃ ভাৰতবৰ্ষত সুৰক্ষা প্রদানকাৰী বৈষম্য ব্যৱস্থাৰ প্রণয়ন আরু ইয়াৰ ফলাফলসমূহ আলোচনা কৰা

(Discuss the implementation of Protective Discriminatory Principles in India and its Impact.)

উত্তৰঃ ভাৰতবৰ্ষত সুৰক্ষা প্রদানকাৰী বৈষম্য ব্যৱস্থাৰ প্রণয়ন কৰাৰ ক্ষেত্রত আমি বিভিন্ন দিশৰ কথা উনুকিয়াব পাৰোইয়াৰে উল্লেখযোগ্য দিশসমূহ আরু ইয়াৰ ফলাফলসমূহ হৈছে এনেধৰণৰ-

(ক)ভাৰতবৰ্ষত সুৰক্ষা প্রদানকাৰী বৈষম্য ব্যৱস্থাৰ প্রাৰম্ভিক অৱস্থাঃ

ভাৰতবৰ্ষত সুৰক্ষা প্রদানকাৰী বৈষম্য ব্যৱস্থা বৃটিছৰ ৰাজত্ব কালতে আৰম্ভ হৈছিল । সেই সময়ত দলিত সম্প্রদায়ৰ ওপৰত বৈষম্যমূলক নীতি গ্রহণ কৰিছিল আরু দলিত সকলে অস্পৃশ্যতাৰ বলি হৈছিল । সেয়েহে, জাতিৰ পিতা মহাত্মা গান্ধীয়ে ইয়াৰ বিৰোধিতা কৰিছিল আরু আনকি দলিত লোকসকলক হৰিজন অর্থাৎ ‘People of God’ বুলিছিল । সেই একে সময়তে, দলিত লোকসকলৰ বাবে বি. আৰ. আম্বেদকাৰে ‘পৃথক নিৰ্বাচকমণ্ডলী’ (Separate Electorate) ৰ দাবী কৰিছিল ।

 

ফলাফলঃ

 বি. আৰ. আম্বেদকাৰ আরু আন দলিত লোকসকলৰ দাবীৰ ফলস্বরূপে বৃটিছ চৰকাৰে দলিত সম্প্রদায়ক সংখ্যালঘু হিচাপে বিবেচনা কৰি ‘পৃথক নিৰ্বাচকমণ্ডলী’ (Separate Electorate)  গঠন কৰিছিল ।

 

(খ)স্বাধীনোত্তৰ কালত স্বাধীনতাৰ পিছত সুৰক্ষা প্রদানকাৰী বৈষম্য ব্যৱস্থাঃ

স্বাধীনতাৰ পাছত সংবিধান সভাৰ ইতিবাচক বৈষম্য নীতি আরু সামাজিক ন্যায়ৰ ভিত্তিৰ ‘সুৰক্ষা প্রদানকাৰী বৈষম্য ব্যৱস্থা’ৰ প্রয়োগ হৈছিল । ভাৰতত অতীতৰে পৰা চলি অহা ব্রাহ্মণ, ক্ষত্রিয়, বৈশ্য আরু শূদ্র, এই পৃথক চাৰি বর্ণৰ বাবে সমাজত এক শ্রেণী মানুহ সদায় নিস্পেষিত আরু পিছপৰি ৰৈছিল । সেয়েহে, সংবিধান সভাই সমাজত এই নীতিৰ মাধ্যমেৰে সমতা আনিবলৈ চেষ্টা কৰিছিল ।

 

ফলাফলঃ

স্বাধীনতাৰ পাছত সংবিধান সভাৰ প্রত্যক্ষ ভূমিকাত সামাজিক আরু অর্থনৈতিকভাৱে পিছপৰা লোকসকলক অনুসূচিত জাতি (Scheduled Caste) আরু জনজাতি (Scheduled Tribe) হিচাপে আখ্যা প্রদান কৰিছিল আরু প্রথম দহ বছৰৰ কাৰণে এনে শ্রেণীত পৰা লোকসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিছিল । 

 

(গ)সুৰক্ষা প্রদানকাৰী বৈষম্য ব্যৱস্থাৰ ক্ষেত্রত সংবিধানৰ ভূমিকাঃ

ভাৰতীয় সংবিধানে সুৰক্ষা প্রদানকাৰী বৈষম্য ব্যৱস্থাৰ মূল ভূমিকা গ্রহণ কৰিছে । সংবিধানত অন্তৰ্ভুক্ত ১৫(৪), ১৬(৪), ১৭, ৪৬, ৩৩০, ৩৩২ আদি অনুচ্ছেদৰ মাধ্যমেৰে সামাজিক আরু অর্থনৈতিক পিছপৰা লোকসকলক পৃথক সুবিধা প্রদান কৰিছে ।

 

ফলাফলঃ

সংবিধানত গ্রহণ কৰা এই অনুচ্ছেদসমূহৰ জৰিয়তে মূলতঃ তিনিটা সংৰক্ষণৰ নীতি প্রযোজ্য হৈছে । সেয়া হৈছে-

(অ) অনুসূচিত জাতি (SC) আরু অনুসূচিত জনজাতি (ST) সকলৰ বাবে সংসদত বিশেষ প্রতিনিধিত্বৰ ব্যৱস্থাৰ লগতে চৰকাৰী চাকৰি আরু শিক্ষা অনুষ্ঠানসমূহত বিশেষ এক কোটা (Quota)ৰ ব্যৱস্থা কৰিছে ।

(খ) জলপানি (Scholarship), ঋণ বা লোণ, ভূমি আবন্টন, স্বাস্থ্য আদিৰ দিশসমূহত অনুসূচিত জাতি (SC), অনুসূচিত জনজাতি (ST) আরু মহিলাৰ বাবে বিশেষ সুবিধা আরু সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ।

(গ) অতিকৈ পিছপৰা আরু দুর্বল শ্রেণীলোকক শোষণ নীতিৰ পৰা ৰক্ষা কৰাৰ ব্যৱস্থা কৰিছে ।

    এই তিনি নীতিৰ উপৰিও সংবিধানৰ ১৭ নং অনুচ্ছেদৰ মাধ্যমেৰে সমাজত প্রচলিত ‘অস্পৃশ্যতা’ (Untouchability) ক আতৰ কৰা চেষ্টা অব্যাহত আছে ।

 

(ঘ)সুৰক্ষা প্রদানকাৰী বৈষম্য ব্যৱস্থাৰ ক্ষেত্রত মোৰাৰজী দেশাই চৰকাৰৰ ভূমিকাঃ

১৯৭৯ চনত শাসনলৈ অহা মোৰাৰজী দেশাই চৰকাৰে ‘অন্যান্য পিছপৰা শ্রেণী’ (OBC: Other Backward Classes) লোকসকলৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছিল । ইয়াৰ বাবে, ১৯৮০ চনত বি.পি. মণ্ডলৰ নেতৃত্বত ‘মণ্ডল কমিছন’ অর্থাৎ ‘Socially and Educationally Backward Classes Commission’ গঠন কৰা হৈছিল ।

 

ফলাফলঃ

১০ বছৰ ধৰি অৱহেলিত হোৱাৰ পিছত, ভি.পি. সিঙৰ নেতৃত্বত নেচনেল ফ্ৰণ্ট চৰকাৰে প্ৰতিবেদনখন গ্ৰহণ কৰিছিল। ১৯৯০ চনৰ ৭ আগষ্টত নেচনেল ফ্ৰণ্ট চৰকাৰে ঘোষণা কৰে যে কেন্দ্ৰীয় সেৱা আৰু ৰাজহুৱা প্ৰতিষ্ঠানত চাকৰিৰ বাবে "সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা শ্ৰেণীসমূহক" অর্থাৎ ‘অন্যান্য পিছপৰা শ্রেণী’ (OBC: Other Backward Classes) লোকসকলৰ বাবে ২৭ শতাংশ সংৰক্ষণ প্ৰদান কৰিব

 

(ঙ) অর্থনৈতিকভাৱে পিছপৰা শ্রেণীৰ বাবে সংৰক্ষণৰ ব্যৱস্থাঃ

যিহেতু সাধাৰণ শ্রেণী (General Caste) লোকৰ মাজতো বহুতো অর্থনৈতিকভাৱে পিছপৰা লোক আছে । সেয়েহে, ভাৰত চৰকাৰে এই শ্রেণী লোকৰ বাবে চাকৰি বা আন চৰকাৰী সুবিধাসমূহত বিশেষ সুবিধা বা সংৰক্ষণৰ ব্যৱস্থা কৰিছে ।

 

ফলাফলঃ

১৪ জানুৱাৰী ২০১৯ তাৰিখে কাৰ্যকৰী হোৱাৰ পিছত, ভাৰতৰ সংবিধানৰ একশ তৃতীয় সংশোধনীয়ে অর্থনৈতিকভাৱে পিছপৰা শ্ৰেণী (EWS: Economically Weaker Sections)ৰ বাবে ১০% সংৰক্ষণৰ অনুমতি দিবলৈ ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 15(6) আৰু 16(6) সংশোধন কৰিছিল ইয়াৰ ফলত, বর্তমানে বার্ষিক আয় ৮ লাখতকৈ কম থকা লোকসকলে চৰকাৰী চাকৰি বা আন চৰকাৰী সুবিধাসমূহত ১০% সংৰক্ষণৰ সুবিধা লাভ কৰি আছে ।

    এনেদৰে ভাৰতবর্ষত সুৰক্ষাপ্রদানকাৰী বৈষম্য নীতি প্রৱৰ্তন কৰাৰ ক্ষেত্রত গুরুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে । ইয়াৰ মুখ্য উদ্দেশ্য হৈছে-সমাজত সকলো শ্রেণী লোকৰ মাজত সমতা প্রতিষ্ঠা কৰা

 

৯। ৰাষ্ট্রই পৰিয়ালৰ ওপৰত হস্তক্ষেপ কৰা উচিত নে? আলোচনা কৰা

(Should the state intervene in the institution of the family? Discuss it.)

or

# ৰাষ্ট্রই সামাজিক অনুষ্ঠান পৰিয়ালৰ ওপৰত হস্তক্ষেপ কৰা উচিত নে?

(Should the state intervene in the Institution of the family?)

 

[Note: তলত সকলো মতবাদবোৰ দিয়া হৈছে, উল্লেখিত প্রশ্নটোৰ বাবে চমুকৈ লিখিলেই হ’ব, আনহাতে পৃথকৈ এটা মতবাদৰ বাবে সম্পূর্ণ মতবাদটো লিখিব লাগিব ।]  

 

উত্তৰঃ

ৰাষ্ট্রই সামাজিক অনুষ্ঠান পৰিয়ালৰ ওপৰত হস্তক্ষেপ কৰা উচিত নে অনুচিত, ইয়াক লৈ বিভিন্ন সময়ত বিভিন্ন মতবাদ আরু আদর্শ প্রচাৰ হৈ আহিছে । ইয়াৰ ভিতৰত উল্লেখযোগ্য দিশসমূহ হৈছে-

(ক) প্রাচীন মতবাদঃ

পৰিয়াল আরু ৰাষ্ট্রৰ মাজৰ সম্পর্কৰ সন্দর্ভত প্রথমে প্রাচীন গ্রীক নগৰ ৰাষ্ট্রতেই আৰ্ৱিভাৱ হৈছিল । প্রাচীন গ্রীচত ৰাষ্ট্রই পৰিয়ালৰ ওপৰত হস্তক্ষেপ কৰাৰ ক্ষেত্রত বাধা জনাইছিল । তেওঁলোকে পৰিয়ালক এক পৱিত্র অনুষ্ঠান স্বরূপে বিবেচনা কৰিছিল ।

 

(খ) বিখ্যাত দাৰ্শনিক প্লেটো আরু এৰিষ্ট’টলৰ মন্তব্য আরু ধাৰণাঃ

প্লেটোৱে পৰিয়ালৰ ওপৰত ৰাষ্ট্রই হস্তক্ষেপ কৰাটো বিচৰা নাছিল । তেওঁৰ মতে, পৰিয়াল আরু ব্যক্তিগত সম্পত্তি হৈছে ৰাষ্ট্র পৰিচালনাৰ ক্ষেত্রত এক বাধা স্বরূপ আরু সেয়েহে পৰিয়াল আরু ব্যক্তিগত সম্পত্তিৰ ওপৰত ৰাষ্ট্রই গুরুত্ব দিয়া উচিত নহয় ।

    আনহাতে, ‘ৰাজনীতি বিজ্ঞানৰ পিতৃ’ এৰিষ্ট’টলে ৰাষ্ট্রই পৰিয়ালৰ ওপৰত হস্তক্ষেপ কৰাটো বিচাৰিছিল । তেওঁৰ মতে পৰিয়াল হ’ল ৰাষ্ট্র ব্যৱস্থাটো এক প্রাথমিক আরু প্রথম স্তৰসেয়েহে, ৰাষ্ট্রই প্রধান কাম হিচাপে প্রথমে পৰিয়ালক ৰক্ষা কৰিব লাগে আরু সেয়েহে কিছুমান বিষয়ত হস্তক্ষেপ কৰা উচিত ।

 

(গ) সনাতন উদাৰবাদী সকলৰ (Classical Liberal) মতবাদঃ

রুছো, মিল, জন লক আদি এচাম সনাতন উদাৰবাদীয়ে ৰাষ্ট্রই পৰিয়ালৰ ওপৰত হস্তক্ষেপ কৰা উচিত নহয় বুলি মতপোষণ কৰেতেওঁলোকে মতপোষণ কৰে যে পৰিয়াল হৈছে এক প্রাকৃতিক, জৈৱিক আরু ব্যক্তিগত অনুষ্ঠান । লগতে পৰিয়ালসমূহ ইয়াৰ সদস্যসকলৰ নিজ ইচ্ছা অনুসৰি গঠন হোৱা এক প্রকাৰৰ সামাজিক অনুষ্ঠান । সেয়েহে, ৰাষ্ট্রই কোনোপধ্যেই পৰিয়ালৰ ওপৰত হস্তক্ষেপ কৰা উচিত নহয় ।

    আনহাতে, হেগেলৰ (W.F. Hegel) দৰে আন একাংশই পৰিয়ালৰ ওপৰত ৰাষ্ট্রৰ হস্তক্ষেপ পছন্দ কৰেহেগেলৰ মতে সমাজ, পৰিয়াল, আইন আদি ৰাষ্ট্রৰ অধীন । ইয়াৰ ব্যাখ্যা দি কয় যে কোনো এজন ব্যক্তিৰ জীৱন পৰিয়াল, ৰাষ্ট্র আরু পৌৰসমাজৰ জৰিয়তে চালিত হয় । তেওঁ কয় যে পৰিয়াল হ’ল- ‘মৰম-আদৰ-ভালপোৱা’ আদিৰ ওপৰত প্রতিষ্ঠিত এক অনুষ্ঠান য’ত ব্যক্তিগত স্বার্থতকৈ সামগ্রিক অর্থত পৰিয়ালৰ ওপৰত সর্বাধিক গুরুত্ব প্রদান কৰা হয় । সেয়েহে, ৰাষ্ট্রই শান্তি, ঐক্য আরু সামগ্রিক স্বার্থ ৰক্ষা্ৰ বাবে সামাজিক জীৱনত হস্তক্ষেপ কৰিব লাগে ।

 

(ঘ) মাৰ্ক্সবাদ আরু মাৰ্ক্সবাদী মতবাদঃ   

মাৰ্ক্সবাদ আরু মাৰ্ক্সবাদীসকলৰ মতে ৰাষ্ট্রই মুঠেই পৰিয়ালৰ ওপৰত হস্তক্ষেপ কৰা উচিত নহয় । কাৰ্লমাৰ্ক্স (Karl Marx) আরু ফ্রেডৰিক এংগেলচক (Frederick Engels (1820–95)} ৰ বিখ্যাত গ্রন্থ ‘Communist Manifesto’ ত তেওঁলোকে উল্লেখ কৰিছে যে ৰাষ্ট্র হ’ল এক বুৰ্জোৱা অনুষ্ঠান আরু ইয়াত ব্যক্তিগত মালিকীস্বত্ব আরু পুঁজিবাদী ব্যৱস্থাই প্রায় সকলো কারু-কাৰ্য সম্পাদন কৰেএনে ৰাষ্ট্র ব্যৱস্থাই সাধাৰণ দুখীয়া শ্রেণী আরু শ্রমিকসকলক শোষণ, নিষ্পেষণ আরু জুড়ুলা কৰেমাৰ্ক্সবাদীসকলে বিশ্বাস কৰে যে ৰাষ্ট্রই এনে ব্যৱস্থা বা পুঁজিবাদী ব্যৱস্থাৰ মাজেদি সম্পূর্ণ সমতা আরু ন্যায় স্থাপন কৰিব নোৱাৰে

    মার্ক্সবাদী এণ্টোনিঅ গ্ৰামচি {Antonio Gramsci (1891-1937)}ৰ মতে ৰাষ্ট্রই পৰিয়ালসমূহক প্রত্যক্ষ নাইবা পৰোক্ষভাৱে নিয়ন্ত্রণ কৰি থাকে ।

    সেয়েহে, মার্ক্সবাদীসকলে শ্রেণী সংগ্রামৰ মাধ্যমেৰে ৰাষ্ট্র ব্যৱস্থাটোক আতৰাই, এক সুস্থিৰ ৰাষ্ট্রবিহীন সমাজ গঠনৰ দিশত মনোনিবেশ কৰে যাতে সমাজত সকলো শ্রেণী লোকৰ মাজত সুস্থিৰ সমতা ৰক্ষা হয় । 

 

(ঙ) নাৰীবাদী মতবাদঃ

  নাৰীবাদ মতবাদত দুই ধৰণৰ নাৰীবাদ উল্লেখ কৰিব পাৰি, উদাৰবাদী নাৰীবাৰ আরু চৰমবাদী নাৰীবাদ ।

    উদাৰবাদী নাৰীবাদে ৰাষ্ট্রই পৰিয়ালৰ ওপৰত হস্তক্ষেপ কৰাতো আষা নকৰেতেওঁলোকে পৰোক্ষভাৱে যদিও পৰিয়ালত পুরুষৰ নিয়ন্ত্রণ বিচাৰে, কিন্তু ৰাষ্ট্রৰ নিয়ন্ত্রণ মুঠেই বাঞ্চা নকৰে

    চৰম নাৰীবাদে ৰাষ্ট্রৰ হস্তক্ষেপ আরু ৰাজনৈতিক-অৰ্থনৈতিক সকলো কাৰ্যত পুরুষসকলে অধিকাৰ কৰা বিষয়টোক সমর্থন নকৰেতেওঁলোকে, সকলো ক্ষেত্রতে বিশেষকৈ ৰাজনৈতিক বা সামাজিক বা অর্থনৈতিক আরু শ্রমৰ ক্ষেত্রত সম-মৰ্যদা বিচাৰেতেওঁলোকে পৰিয়ালক নাৰীসকলৰ এক ‘কাৰাগাৰস্বরূপ কেন্দ্র’ হিচাপে বিবেচনা কৰেতেওঁলোকে ‘The Personal is Political’, ‘Women’s body as Women’s Right’ আদি শ্লোগানেৰে নাৰীৰ মৰ্যদা দাবী কৰেলগতে, পৰিয়ালক তেওঁলোকে এগৰাকী নাৰীৰ সকলো দুখ আরু দুৰ্গতিৰ বাবে দায়ী কৰে

    নাৰীবাদী আন্দোলন বিশেষকৈ ইউৰোপৰ বিভিন্ন দেশ বিশেষকৈ আমেৰিকাত গঢ়ি উঠিছিল । ইয়াৰ মাধ্যমেৰে নাৰীসকলক ৰাষ্ট্রৰ সকলো দিশৰ পৰা পুরুষসকলৰ সমানে সমতা প্রতিষ্ঠা কৰাতো দাবী কৰিছিল ।

 

(চ)উদাৰবাদী গণতান্ত্রিক শাসন ব্যৱস্থা আরু মতবাদঃ  

উদাৰবাদী গণতান্ত্রিক শাসন ব্যৱস্থাই ব্যক্তি আরু পৰিয়ালৰ ওপৰত ৰাষ্ট্রই সমূলি হস্তক্ষেপ কৰা উচিত নহয় বুলি দাবী কৰেএই আদর্শ আরু মতবাদৰ ৰাজনৈতিক চিন্তাবিদসকলে এজন ব্যক্তিক এখন ৰাষ্ট্রৰ মাজতে তেওঁৰ অধিকাৰ আরু কাম-কাজৰ সীমাবদ্ধ নাৰাখি সমগ্র বিশ্বতে এখন গোলকীয় গাঁৱৰ বাসিন্দা হিচাপে এজন বিশ্ব নাগৰিক হিচাপে গঢ়ি তুলাতো আশা আরু দাবী কৰেতেওঁলোকে সম্পূর্ণ ব্যক্তিগত স্বাধীনতা আরু পৰিয়ালক ৰাষ্ট্রই হস্তক্ষেপ নকৰি মৰ্যাদা দিয়াতো বাঞ্চা কৰে  

 

(ছ) আধুনিক উদাৰবাদী গণতান্ত্রিক শাসন ব্যৱস্থা আরু মতবাদঃ   

আধুনিক উদাৰবাদীসকলে এখন ৰাষ্ট্র ‘জনকল্যাণকামী ৰাষ্ট্র’ (Welfare State) হোৱাটো আশা কৰেতেওঁলোকে ৰাষ্ট্রই পৰিয়ালৰ ওপৰত হস্তক্ষেপ নিবিচাৰে যদিও শান্তি, সম্প্রীতি, আরু সমূহীয়া স্বার্থত সমূহীয়া সুৰক্ষাৰ বাবে ব্যক্তি আরু পৰিয়ালৰ ওপৰত শান্তি-সুৰক্ষা বিনস্ত কৰিব পৰা বিষয়ৰাজিত হস্তক্ষেপ বিচাৰে

 

    এনেদৰে দেখা যায় যে বিভিন্ন মতবাদে পৰিয়ালৰ ওপৰত ৰাষ্ট্রই হস্তক্ষেপ কৰাতো উচিত নে অনুচিত এই বিষয়ে বিভিন্ন মত আগবঢ়াইছে । যিহেতু, ‘পৰিয়াল, সমাজ আরু ৰাষ্ট্র, একেখন সমাজৰেই প্রতিফলন’ লগতে এই তিনি অনুষ্ঠান এটা আনটোৰ পৰিপূৰক । সেয়েহে, পৰিয়াল আরু সমাজৰ উন্নতি সাধন কৰাতো আরু সুৰক্ষা প্রদান কৰাতো ৰাষ্ট্রৰ কর্তব্য ।        

  

 

১০। সুৰক্ষা প্রদানকাৰী বৈষম্যৰ দুটা গুণ আরু দুটা দোষ লিখা ।

(Write two merits and demerits of protective discriminatory principle.)

উত্তৰঃ সুৰক্ষা প্রদানকাৰী বৈষম্যৰ দুটা গুণ হ’ল-

(ক) সামাজিক ন্যায় প্রদানঃ

সামাজিক ন্যায় প্রদানৰ ক্ষেত্রত সুৰক্ষা প্রদানকাৰী বৈষম্য নীতি এক উল্লেখযোগ্য নীতি । ইয়াৰ মাধ্যমেৰে সমাজৰ সকলো শ্রেণীৰ নাগৰিকৰ মাজত সামাজিকভাৱে ন্যায় প্রদান কৰিব পাৰি

 

(খ) জাতি-জনজাতিসমূহৰ সুৰক্ষা প্রদানঃ

সুৰক্ষা প্রদানকাৰী বৈষম্য নীতিৰ জৰিয়তে এখন ৰাষ্ট্রৰ জাতি-জনজাতিসমূহৰ মাজৰ সুৰক্ষা প্রদান কৰিব পৰা যায় । ইয়াৰ জৰিয়তে সকলো জাতি-জনজাতিক সম-পৰ্যায়ৰে আগুৱাই নিব পাৰি

 

সুৰক্ষা প্রদানকাৰী বৈষম্যৰ দুটা দোষ হৈছে-

(ক)সমাজত অসমতা সৃষ্টিঃ

 কিছুমান চিন্তাবিদ আরু সমালোচকৰ মতে সুৰক্ষা প্রদানকাৰী বৈষম্য নীতিয়ে প্রদান কৰা সুবিধাৰ সমূহৰ বাবে সমাজত এক অসমতাই বিৰাজ কৰেযাৰ ফলত, জাতি-জনজাতিসমূহৰ মাজত অসমতাই দেখা দিয়ে ।

 

(খ) দক্ষতাৰে অংশগ্রহণত বাধাঃ

সুৰক্ষা প্রদানকাৰী বৈষম্য নীতিয়ে দক্ষতাক বহু দিশত আতৰাই ৰখা যেন পৰিলক্ষিত হয় । সাধাৰণ কম দক্ষতা থকা আরু কম যোগ্যতা লোকেই এই নীতিৰ ফলত বহুতো চৰকাৰী সুবিধা (চাকৰি বা আন সুবিধাৰ ক্ষেত্রত) গ্রহণ কৰে । 

 

 

১১। ৰাষ্ট্রই পৰিয়ালৰ ওপৰত হস্তক্ষেপ কৰাৰ নাৰীবাদৰ মতবাদৰ বিষয়ে চমুকৈ আলোচনা কৰা ।

(Discuss briefly the feminist perspective on the state intervention on family.)

উত্তৰঃ ৰাষ্ট্রই পৰিয়ালৰ ওপৰত হস্তক্ষেপ কৰা বা নকৰাক কেন্দ্র কৰি বহুতো মতবাদ বিৰাজমান । ইয়াৰ ভিতৰত নাৰীবাদী মতবাদো এক অন্যতম । তলত ইয়াৰ আলোচনা কৰা হ’ল ।

নাৰীবাদী মতবাদঃ

  নাৰীবাদ মতবাদত দুই ধৰণৰ নাৰীবাদ উল্লেখ কৰিব পাৰি, উদাৰবাদী নাৰীবাৰ আরু চৰমবাদী নাৰীবাদ ।

    উদাৰবাদী নাৰীবাদে ৰাষ্ট্রই পৰিয়ালৰ ওপৰত হস্তক্ষেপ কৰাতো আষা নকৰেতেওঁলোকে পৰোক্ষভাৱে যদিও পৰিয়ালত পুরুষৰ নিয়ন্ত্রণ বিচাৰে, কিন্তু ৰাষ্ট্রৰ নিয়ন্ত্রণ মুঠেই বাঞ্চা নকৰে

    চৰম নাৰীবাদে ৰাষ্ট্রৰ হস্তক্ষেপ আরু ৰাজনৈতিক-অৰ্থনৈতিক সকলো কাৰ্যত পুরুষসকলে অধিকাৰ কৰা বিষয়টোক সমর্থন নকৰেতেওঁলোকে, সকলো ক্ষেত্রতে বিশেষকৈ ৰাজনৈতিক বা সামাজিক বা অর্থনৈতিক আরু শ্রমৰ ক্ষেত্রত সম-মৰ্যদা বিচাৰেতেওঁলোকে পৰিয়ালক নাৰীসকলৰ এক ‘কাৰাগাৰস্বরূপ কেন্দ্র’ হিচাপে বিবেচনা কৰেতেওঁলোকে ‘The Personal is Political’, ‘Women’s body as Women’s Right’ আদি শ্লোগানেৰে নাৰীৰ মৰ্যদা দাবী কৰেলগতে, পৰিয়ালক তেওঁলোকে এগৰাকী নাৰীৰ সকলো দুখ আরু দুৰ্গতিৰ বাবে দায়ী কৰে

    নাৰীবাদী আন্দোলন বিশেষকৈ ইউৰোপৰ বিভিন্ন দেশ বিশেষকৈ আমেৰিকাত গঢ়ি উঠিছিল । ইয়াৰ মাধ্যমেৰে নাৰীসকলক ৰাষ্ট্রৰ সকলো দিশৰ পৰা পুরুষসকলৰ সমানে সমতা প্রতিষ্ঠা কৰাতো দাবী কৰিছিল ।

 

১২। সামাজিক ন্যায় বুলিলে কি বুজা?

(What do you mean by social justice?)

উত্তৰঃ

সামাজিক ন্যায় কি?

সামাজিক ন্যায় হৈছে এক ৰাজনৈতিক আৰু দাৰ্শনিক তত্ত্ব যিয়ে দাবী কৰে যে অসামৰিক বা ফৌজদাৰী আইন, অৰ্থনৈতিক যোগান আৰু চাহিদা, বা পৰম্পৰাগত নৈতিক পৰিকাঠামোৰ নীতিত সন্নিবিষ্ট ন্যায়ৰ ধাৰণাটোৰ বাহিৰেও সমাজত আন কিছুমান মাত্ৰা আছে য’ত সমাজৰ সকলো শ্রেণীৰ লোকে সমাজৰ সকলো কর্মতে সমতা আরু ন্যায় প্রাপ্ত হয় । সামাজিক ন্যায়ই ব্যক্তিৰ বাবে ব্যক্তিগত আচৰণ বা ন্যায়ৰ বাবে ন্যায়ৰ বিপৰীতে সমাজৰ ভিতৰত থকা সকলো গোটবোৰৰ মাজৰ ন্যায় সম্পৰ্কৰ ওপৰত অধিক গুৰুত্ব দিয়ে ।

 

ঐতিহাসিক আৰু তত্ত্বগতভাৱে ন্যায়ঃ

ঐতিহাসিক ভাৱে আৰু তত্ত্বগতভাৱে, সামাজিক ন্যায়ৰ ধাৰণাটো এয়ে যে সকলো মানুহে তেওঁলোকৰ আইনী, ৰাজনৈতিক, অৰ্থনৈতিক বা অন্যান্য পৰিস্থিতি নিৰ্বিশেষে সম্পদ, স্বাস্থ্য, কল্যাণ, ন্যায়, বিশেষাধিকাৰ আৰু সুযোগৰ সমান প্ৰৱেশাধিকাৰ পাব লাগে ।

 

সামাজিক ন্যায়ৰ আধুনিক ধাৰণাঃ

আধুনিক অনুশীলনীত, সামাজিক ন্যায় জনসংখ্যাৰ বিভিন্ন গোটক অনুগ্ৰহ কৰা বা শাস্তি দিয়াৰ চাৰিওফালে ঘূৰি থাকে, যিকোনো ব্যক্তিৰ পছন্দ বা কাৰ্য্য নিৰ্বিশেষে (অর্থাৎ কোনো এজন ব্যক্তিৰ বাবে নহয়), ঐতিহাসিক ঘটনা, সাম্প্ৰতিক পৰিস্থিতি আৰু গোট সম্পৰ্কৰ বিষয়ে মূল্যৰ বিচাৰৰ ওপৰত আধাৰিত ।   

 

অর্থনৈতিক দিশত সামাজিক ন্যায়ঃ

অৰ্থনৈতিক ক্ষেত্ৰত, ইয়াৰ অৰ্থ হৈছে নিপীড়িতসকলক সম্পদ, উপাৰ্জন আৰু অৰ্থনৈতিক সুযোগ সমূহৰ সমভাৱে পুনৰ বিতৰণ কৰা । অর্থনৈতিকভাৱে, সমাজৰ সকলো শ্রেণী গোটৰ লোকে শ্রম অনুসৰি মজুৰি পোৱা, অভিজ্ঞতাৰ অনুসৰি ধন চাকৰিত সুযোগ পোৱা আদি দিশসমূহক বুজায় ।

 

১৩। মণ্ডল কমিচন কোন চনত গঠন কৰা হৈছিল?

(In which year, the Mandal Comission was established?)

উত্তৰঃ মণ্ডল কমিচন ১৯৮০ চনত গঠন কৰা হৈছিল ।

 

১৪। “Women’s body as Women’s Right” বুলিলে কি বুজা?

উত্তৰঃ "মহিলাৰ অধিকাৰ হিচাপে মহিলাৰ শৰীৰ" অর্থাৎ “Women’s body as Women’s Right” হৈছে এক চৰম নাৰীবাদীসকলৰ শ্লোগান । ইয়াৰ মাধ্যমেৰে ইয়াকে বুজা যায় যে মহিলাৰ নিজৰ শৰীৰৰ ওপৰত সম্পূর্ণ নিজৰ অধিকাৰ আছে । কিন্তু, প্রায় ক্ষেত্রত দেখা যায় যে পুরুষপ্রধান সমাজ বা ব্যৱস্থা বোৰে নাৰীক নিজৰ প্রয়োজনত আরু নিজৰ স্বার্থপূৰণত নিজ ইচ্ছা অনুসৰি ব্যৱহাৰ কৰি আহিছে । সেয়েহে, চৰম নাৰীবাদীসকলে ইয়াৰ বিরুদ্ধিতা কৰিছে আরু নাৰীৰ শৰীৰৰ লগতে আন কাম-কাজসমূহত নাৰীৰ নিজৰ অধিকাৰ প্রাপ্য হোৱাতো বিচাৰিছে ।

 

সাধাৰণতে মহিলাৰ অধিকাৰৰ ধাৰণাৰ সৈতে সম্পৰ্কিত বিষয়বোৰৰ ভিতৰত আছে শাৰীৰিক অখণ্ডতা আৰু স্বায়ত্তশাসনৰ অধিকাৰ, যৌন হিংসাৰ পৰা মুক্ত হোৱা, ভোট দিয়া, ৰাজহুৱা পদত অধিষ্ঠিত হোৱা, আইনী চুক্তিত প্ৰৱেশ কৰা, পাৰিবাৰিক আইনত সমান অধিকাৰ থকা, কাম কৰা, ন্যায্য মজুৰি বা সমান দৰমহা, প্ৰজনন অধিকাৰ থকা, সম্পত্তি ৰখা, আৰু শিক্ষাৰ অধিকাৰ, আদি ।

 

১৫। “Communist Manifesto” গ্রন্থখনৰ ৰচক কোন?

(Who is the author of the book, “Communist Manifesto”?

উত্তৰঃ “Communist Manifesto” গ্রন্থখনৰ ৰচক হ’ল- কাৰ্লমাক্স আরু তেওঁৰ বন্ধু ফ্রেডৰিক এংগেলচ (Karl Marx and Friedrich Engels)