পাঠ-২, ৰাজনৈতিক তত্ত্বৰ ধাৰণাসমূহ, (Concepts of Political Theory), by Podmeswar


 

গণতন্ত্র সংজ্ঞা দিয়া আরু ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা

(Define Democracy and Discuss its characteristic features.)

উত্তৰঃ অষ্টিন ৰেণীৰ মতে, “গনতন্ত্র জনগণৰ সাৰ্বভৌমত্ব, ৰাজনৈতিক সাম্য, জনগণৰ পৰামৰ্শ আরু সংখ্যাগৰিষ্ঠৰ শাসন- এই নীতিবিলাকৰ দ্বাৰা পৰিচালিত হয় ।

চিলিয়ে গনতন্ত্র সংজ্ঞা দিয়ে এনেদৰে, “গনতন্ত্র হৈছে এনে এক শাসনব্যৱস্থা যত সকলৰো অংশগ্রহণৰ সুবিধা আছে(Democracy is a government where everyone has a share)

আব্রাহাম নিঙ্কনৰ মত অনুসৰি, “গনতন্ত্র হৈছে জনগণক লৈ গঠিত, জনগণৰ দ্বাৰা আরু জনগণৰ বাবে পৰিচালিত শাসনব্যৱস্থা ।

     গনতন্ত্রৰ বিভিন্ন তত্ব আরু বিষয়সমূহ আলোচনা কৰিলে কিছুমান বৈশিষ্ট্য পৰিলক্ষিত হয় । ইয়াৰে উল্লেখযোগ্য বৈশিষ্ট্যসমূহ হৈছে-

() জনসাধাৰণৰ চৰম ক্ষমতাঃ

     গনতন্ত্রত জনসাধাৰণৰ হাতত চৰম ক্ষমতা থাকে । সাধাৰণ জনসাধাৰণে গণতন্ত্রৰ পৰিচালনা কৰা সকলো প্রতিনিধি নিৰ্ধাৰণ কৰি দিয়ে ।

 

() জনমতৰ ওপৰত প্রতিষ্ঠিতঃ

     গনতন্ত্র সাধাৰণতে জনমতৰ ওপৰত প্রতিষ্ঠিত হয় । গনতান্ত্রিক চৰকাৰে জনমতক অমান্য কৰিব নোৱাৰে ।

 

() জনগণৰ সন্মতি-সহযোগিতাঃ

     গনতন্ত্রত জনগণৰ সন্মতি আরু সহযোগিতা নিতান্ত প্রয়োজন । গনতান্ত্রিক চৰকাৰখনে কোনো সিদ্ধান্ত গ্রহণৰ ক্ষেত্রত জনগণৰ সন্মতি-সহযোগিতা লোৱাৰ প্রয়োজনীয়তা আছে ।

 

() সংখ্যাগৰিষ্ঠৰ ভিত্তিত আধাৰিতঃ

     গনতন্ত্র সাধাৰণতে সংখ্যাগৰিষ্ঠ আসন বা ভোট পোৱা দলে পৰিচালিত কৰিব পাৰেকিন্তু সংখ্যালঘিষ্ঠ জনসাধাৰণৰ বাবেও তেওঁলোকে সম সুযোগ-সুবিধা প্রদান কৰিব লাগে ।

 

() বিৰোধী ৰাজনৈতিক দলৰ মৰ্যাদাঃ

     গনতন্ত্রত বিৰোধী দলৰ ভূমিকা আছে । বিৰোধী দল সমূহ গনতান্ত্রিক চৰকাৰ খনৰ কারু-কাৰ্যসমূহত চকু দিব লাগে আরু লগতে সহায়-সহযোগিতা আগবঢ়োৱাৰ সমসামতিকভাৱে ভূল-ক্রুটিসমূহ আলোচনা-উত্থাপন কৰিব পাৰে

 

() দলীয় ব্যৱস্থাঃ

     গনতন্ত্র আরু গনতান্ত্রিক শাসনত বিভিন্ন দলৰ ভূমিকা উল্লেখনীয় । বিভিন্ন জনসাধাৰণ এক লগ হৈ দল গঠন কৰি গনতন্ত্রত অংশগ্রহণ কৰিব পাৰে

 

() ৰাজনৈতিক সমতাঃ

     গনতন্ত্র আরু গনতান্ত্রিক চৰকাৰে জাতি, বৰ্ণ, ধর্ম, ভাষা, নিৰ্বিশেষে সমতা ৰক্ষা কৰিব লাগে । সকলো সুযোগ-সুবিধা সম্প্রদায়ভেদে সম-ভাৱে প্রদান কৰিব লাগে ।

 

() প্রতিনিধিত্বমূলক ব্যৱস্থাঃ

     গণতন্ত্র সাধাৰণতে প্রতিনিধিত্বমূলক গনতন্ত্রৰ আধাৰিত গঠিত হৈছে । এই প্রতিনিধি বৃন্দক জনসাধাৰণে ভোট দি শাসন আরু চৰকাৰ পৰিচালনাৰ বাবে স্বীকৃতি প্রদান কৰে

     এনেদৰে গনতন্ত্রৰ বিভিন্ন বৈশিষ্ট্যৰে পৰিপুষ্ট হৈ আছে । এই বৈশিষ্ট্যৰ মাধ্যমেৰে এখন গনতান্ত্রিক ৰাষ্ট্রৰ সকলো কারু-কাৰ্য নির্ভৰ কৰে আরু পৰিচালিত হয় ।

 

প্রত্যক্ষ গণতন্ত্রই কি বুজায় ? ইয়াৰ বিভিন্ন পদ্ধতিসমূহ আলোচনা কৰা

(What is Direct Democracy? Discuss the various devices of Direct Democracy.)

উত্তৰঃ প্রত্যক্ষ গনতন্ত্র হৈছে নাগৰিকসকলৰ জৰিয়তে প্রত্যক্ষভাৱে পৰিচালিত এক শাসনব্যৱস্থা । প্রত্যক্ষ গনতন্ত্রত দেশৰ জনগণে পোনপটীয়াকৈ দেশখনৰ শাসনকাৰ্য পৰিচালনা কৰিব পাৰেপ্রত্যক্ষ গনতন্ত্রক বিশুদ্ধ গনতন্ত্র বুলিও কোৱা হয় যত সকলো নীতি-নির্ধাৰণ আরু বিচাৰ সম্পর্কীয় কারু-কাৰ্যত সকলো জনসাধাৰণে অংশগ্রহণ আরু পৰিচালনা কৰাত সুবিধা পায় । প্রাচীন গ্রীচৰ নগৰ-ৰাষ্ট্রবোৰত নাগৰিকসকলে এক নিৰ্দিষ্টৰ সময়ৰ আধাৰত কোনো নিৰ্ধাৰিত স্থানত মিলিত হৈ দেশৰ আইন প্রণয়ন, চৰকাৰী কর্মচাৰীসমূহৰ নিয়োগ, ৰাজহ আয়-ব্যয়ৰ হিচাপ, আরু আন সকলো সিদ্ধান্ত আরু নীতিসমূহ গ্রহণ কৰিছিল । বৰ্তমান সময়ত, মাৰ্কিন যুক্তৰাষ্ট্রৰ স্থানীয় চৰকাৰ পৰিচালনাৰ ক্ষেত্রত আরু চুইজাৰলেণ্ডৰ সরু সরু কিছুমান কেন্টনত এই শাসন পদ্ধতি কিছু পৰিমাণে অব্যাহত হৈ আছে ।  

     প্রত্যক্ষ গনতন্ত্র কিছুমান পদ্ধতিৰ মাধ্যমেৰে পৰিচালিত হয় । প্রত্যক্ষ গনতন্ত্রৰ পদ্ধতিবোৰ বা প্রত্যক্ষ গনতান্ত্রিক এই পদ্ধতিসমূহ হ-

() গণ-অভিমতঃ

     গণ-অভিমত পদ্ধতিৰ মাধ্যমেৰে, গনতান্ত্রিক চৰকাৰখনে নিৰ্দিষ্ট বিষয়সমূহত জনগণ বা নাগৰিকসকলৰ অভিমত গ্রহণ কৰেৰাজনৈতিক কিছুমান সিদ্ধান্ত গ্রহণত গণ-অভিমত লোৱা হয় ।

 

() গণভোটঃ

     গণভোট পদ্ধতিৰ মাজেৰে গণতান্ত্রিক চৰকাৰখনৰ কোনো আইনৰ প্রস্তাৱৰ অনুমোদন সাপেক্ষে গ্রহণ কৰা হয় । নাগৰিকসকলকে সেই প্রস্তাৱৰ উপযোগিতা হলে সমৰ্থ কৰে আরু অকল্যাণকৰ হলে গণভোটৰ মাধ্যমেৰে নাকচ কৰিব পাৰে

 

() গণপ্রস্তাৱঃ

     গণপ্রস্তাৱ পদ্ধতিৰ মাধ্যমেৰে গনতান্ত্রিক চৰকাৰৰ কোনো আইন আরু সংবিধানৰ সংশোধনত নাগৰিকসকলে অংশগ্রহণ কৰিব পাৰেএনে আইন বা প্রস্তাৱৰ প্রয়োজনীতা থাকিলে নাগৰিকসকলে প্রস্তাৱৰ সমর্থন জনায় আরু অলাগতিয়াল হলে নিয়ন্ত্রণ কৰাৰ অধিকাৰ থাকে ।

 

() প্রত্যাৱৰ্তনৰ আদেশঃ

     প্রত্যাৱৰ্তনৰ আদেশ পদ্ধতি অনুসৰি নাগৰিক সকলো নিৰ্বাচিত হোৱা কোনো প্রতিনিধিক তেওঁৰ শাসন কাৰ্য সমাপ্ত নপৰাৰ আগতেই পদচ্যুত কৰাৰ ব্যৱস্থা আছে । এই ব্যৱস্থা সক্রিয় হলে, জনপ্রতিনিধিসকলে নাগৰিকসকলৰ স্বার্থৰ বিপক্ষে কোনো ধৰণৰ নীতি-নিয়ম প্রনয়ণ কৰা আরু কারু-কাৰ্য কৰিব নোৱাৰে

     এনেদৰে গনতান্ত্রিক পদ্ধতিসমূহে গনতান্ত্রিক ব্যৱস্থা আরু শাসন কাৰ্য সুচারুরূপে পৰিচালিত কৰাত সুবিধা প্রদান কৰেলগতে, এই পদ্ধতিসমূহৰ সক্রিয় প্রয়োগে গনতন্ত্র বৰ্তি থাকে ।

 

 

প্রত্যক্ষ গণতন্ত্রৰ গুণ আরু দোষসমূহ পৰীক্ষা কৰা(Examine the merits and Defects of Direct Democracy)

উত্তৰঃ প্রত্যক্ষ গনতন্ত্র হৈছে নাগৰিকসকলৰ জৰিয়তে প্রত্যক্ষভাৱে পৰিচালিত এক শাসনব্যৱস্থা । প্রত্যক্ষ গণতন্ত্রক আলোচনা কৰিলে কিছুমান গুণ আরু দোষসমূহ পৰিলক্ষিত হয় । ইয়াৰে উল্লেখযোগ্য গুণসমূহ হৈছে-

() বিশুদ্ধ গণতন্ত্র ব্যৱস্থাঃ

     প্রত্যক্ষ গনতন্ত্রক বিশুদ্ধ গনতন্ত্র ব্যৱস্থা বুলিব পাৰিএই পদ্ধতিত নাগৰিক বা জনসাধাৰণতে পোনপটীয়াকৈ অংশগ্রহণ কৰাৰ সুবিধা পায় ।

 

() আদৰ্শ শাসন ব্যৱস্থাঃ

     প্রত্যক্ষ গনতন্ত্র হৈছে এক গনতন্ত্রৰ আদৰ্শ শাসন ব্যৱস্থা । এই ব্যৱস্থাৰ মাধ্যমেৰে কম জনবসতি আরু সরু ৰাষ্ট্রৰ বাবে এক উত্তম শাসন ব্যৱস্থা ।

 

() জনসাধাৰণৰ সঠিক সমন্বয়ঃ

     প্রত্যক্ষ গনতান্ত্রিক পদ্ধতিত সকলো জনসাধাৰণে অংশগ্রহণৰ সুবিধা পায় । ইয়াত, জনসাধাৰণৰ দায়িত্ব, কৰ্তব্য আরু অধিকাৰসমূহৰ সঠিক সমন্বয় ঘটে ।

 

() সহজ আরু সৰল প্রকৃতিৰঃ

     প্রত্যক্ষ গণতন্ত্র সাধাৰণতে সহজ আরু সৰল প্রকৃতিৰ হয় । এই পদ্ধতিত সকলো জনসাধাৰণে সহজে সহযোগ কৰিব পাৰে

 

() অভাৱ-অভিযোগৰ কম সম্ভাৱনাঃ

     প্রত্যক্ষ গণতন্ত্রত জনসাধাৰণৰ সক্রিয় অংশগ্রহণ পৰিলক্ষিত হয় । সেয়েহে, চৰকাৰৰ বিপক্ষে কম পৰিমাণেহে অভাৱ-অভিযোগ হোৱা পৰিলক্ষিত হয় ।

 

() জনসাধাৰণৰ সক্রিয় অংশগ্রহণত সুবিধাঃ

     প্রত্যক্ষ গণতন্ত্রত সাধাৰণ জনগণো অধিক ৰাজনৈতিক চেতনা বৃদ্ধি পায় । এই পদ্ধতিত সকলো জনসাধাৰণে অংশগ্রহণ আরু সম-সুযোগত সহায়ক হয় ।

 

() শ্রেণীবিৰোধৰ অতি সম্ভাৱনাসূচকঃ

     প্রত্যক্ষ গনতন্ত্রত সকলো নাগৰিকে শাসনকাৰ্যত অংশগ্রহণ কৰাৰ সুবিধা পায় । সেয়েহে, এই পদ্ধতিত শ্রেণীবিৰোধৰ সম্ভাৱনা অতি কম হয় ।

 

() কম ব্যয়বহুল গণতান্ত্রিক ব্যৱস্থাঃ

     প্রত্যক্ষ গনতন্ত্রৰ শাসন কাৰ্য পৰিচালনা কৰাৰ ক্ষেত্রত অধিক ব্যয় নহয় । প্রত্যক্ষ গণতন্ত্র সেয়েহে কম ব্যয়বহুল হয় ।

 

() প্রকৃত গণতান্ত্রিক শাসন ব্যৱস্থাঃ

     প্রত্যক্ষ গণতন্ত্র বুলিলে সাধাৰণতে জনগণৰ শাসনক বুজা যায় । সেয়েহে, প্রত্যক্ষ গণতন্ত্রক প্রকৃতি গণতান্ত্রিক শাসন ব্যৱস্থা বুলিব পাৰি 

 

 প্রত্যক্ষ গণতন্ত্রক সমালোচনা কৰিলে দোষসমূহ পৰিলক্ষিত হয় । ইয়াৰে উল্লেখযোগ্য দোষসমূহ হৈছে-

() শাসন কাৰ্য পৰিচালনাত জটিলতাঃ

     প্রত্যক্ষ গণতন্ত্রত চৰকাৰৰ বিভাগসমূহৰ মাজত কোনো বিশেষ পার্থক্য নাথাকে । সেয়েহে, প্রত্যক্ষ গণতান্ত্রিক শাসন ব্যৱস্থা পৰিচালনা কৰাতো জটিলতাই দেখা দিয়ে ।

 

() কোনো সিদ্ধান্ত গ্রহণত পলমঃ

     প্রত্যক্ষ গণতন্ত্রত যিহেতু সকলো সিদ্ধান্ত জনগণে গ্রহণ কৰেসেয়েহে, সকলো জনগণৰ মতামত গ্রহণ কৰি কোনো সিদ্ধান্ত গ্রহণ কৰোতে যথেষ্ট সময়ৰ প্রয়োজন হয় ।

 

() জরুৰী অৱস্থাৰ পক্ষে সংকটজনকঃ

     প্রত্যক্ষ গণতন্ত্রত জরুৰী অৱস্থাৰ সময়ত অসুবিধাৰ সৃষ্টি হয় । সকলো জনগণক এনে সময়ত অতি সময়ৰ ভিতৰত সংলগ্ন কৰাত সম্ভৱপৰ নহয় ।  

 

() নিকৃষ্ট শ্রেণীৰ শাসন ব্যৱস্থাঃ

     প্রকৃত গণতন্ত্রত যিহেতু সকলো জনগণৰে অংশগ্রহণ নিশ্চিত হয় । সেয়েহে, অজ্ঞ আরু অশিক্ষিত মানুহৰ সংখ্যা অধিক হলে এনে শাসন ব্যৱস্থা নিকৃষ্ট শ্রেণীৰ শাসনত পৰিণত হয় ।

 

() বিশৃঙ্খলতাৰ প্রভাৱঃ

     সাধাৰণতে সকলো জনসাধাৰণৰ মতামতৰ পাথক্য থাকে । সেয়েহে, প্রত্যক্ষ গণতন্ত্রত সিদ্ধান্ত গ্রহণৰ ক্ষেত্রত বিশৃঙ্খলতাই দেখা দিয়ে ।

 

() দক্ষ ব্যক্তিৰ অভাৱঃ

     প্রত্যক্ষ গণতন্ত্রত সকলো নাগৰিকৰ অংশগ্রহণৰ স্বীকাৰ কৰা হয় । সেয়েহে, এনে শাসন ব্যৱস্থাত দক্ষ ব্যক্তিৰ অভাৱ বারুকৈয়ে দেখা দিয়ে ।

 

() জনবহুল ৰাষ্ট্রৰ বাবে অনুপযোগীঃ

     প্রত্যক্ষ শাসন ব্যৱস্থা সাধাৰণতে বৃহৎ আরু জনবহুল থকা ৰাষ্ট্রৰ ক্ষেত্রত অনুপযোগী হয় ।

     এনেদৰে প্রত্যক্ষ গণতন্ত্রত কিছুমান সুবিধা আরু কিছুমান অসুবিধা পৰিলক্ষিত হয় ।

 

গণতন্ত্রৰ গুণ আরু দোষবিলাক আলোচনা কৰা (Discuss the merits and demerits of Democracy.)

উত্তৰঃগনতন্ত্র হৈছে জনগণক লৈ গঠিত, জনগণৰ দ্বাৰা আরু জনগণৰ বাবে পৰিচালিত শাসনব্যৱস্থা । গণতন্ত্রক আলোচনা কৰিলে কিছুমান গুণ আরু দোষসমূহ পৰিলক্ষিত হয় । ইয়াৰে উল্লেখযোগ্য গুণসমূহ হৈছে-

()  সমতাঃ

     গণতন্ত্রৰ এক ভিত্তি হৈছে সমতা স্থাপন কৰাজাতি, বৰ্ণ, ধর্ম, ভাষা, নিৰ্বিশেষে গণতান্ত্রিক শাসন ব্যৱস্থাত সম-সুযোগ সুবিধাৰ ব্যৱস্থা আছে ।

 

() সম-অধিকাৰৰ ব্যৱস্থাঃ

     গণতন্ত্রত সকলো জনসাধাৰণে সম-অধিকাৰ লাভ কৰেইয়াৰ মাধ্যমেৰে, সকলো নাগৰিকে নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে

 

() ন্যায়ভিত্তিক শাসন ব্যৱস্থাঃ

     গণতন্ত্রত সকলো জনসাধাৰণৰ বাবে সমভাৱে ন্যায়ৰ ব্যৱস্থা আছে । সেয়েহে, নাগৰিকসকলে গণতান্ত্রিক ব্যৱস্থা ন্যায় লাভ কৰিব পাৰে

 

() স্বায়ত্ব শাসনৰ ব্যৱস্থাঃ

     গণতন্ত্রত ৰাজ্য বা অঞ্চলভেদে স্বায়ত্ব শাসনৰ সুবিধা প্রদান কৰেইয়াৰ মাধ্যমত, অঞ্চলভেদে নিজে নিজৰ শাসন প্রৱৰ্তন আরু নীতি নির্ধাৰণত সুবিধা হয় ।

 

() ৰাজনৈতিক চেতনাৰ সক্রিয় ব্যৱস্থাঃ

     গনতন্ত্রত সকলো জনগণ ৰাজনৈতিক ভাৱে সচেতন হোৱা দেখা যায় । ইয়াৰ মাধ্যমেৰে শাসন কর্তাই জনসাধাৰণৰ বিপক্ষে নীতি-নিয়ম গ্রহণ কৰাত অসুবিধা প্রাপ্ত হয় ।

 

() অধিক স্থায়িত্ব শাসন ব্যৱস্থাঃ

     গণতান্ত্রিক শাসন ব্যৱস্থা নাগৰিক সকলৰ সক্রিয় আরু সমর্থনৰ ভিত্তিত গঢ়ি উঠে । সেয়েহে, গণতান্ত্রিক শাসন ব্যৱস্থাৰ স্থায়িত্বতা অধিক হয় ।

 

() সাৰ্বভৌমত্ব বাস্তৱত কাৰ্যকৰী হয়ঃ

     গণতন্ত্রত নাগৰিক সকলেই ক্ষমতাৰ মুখ্য উৎস হিচাপে পৰিলক্ষিত হয় । সেয়েহে, গণতান্ত্রিক শাসন ব্যৱস্থাত ৰাজনৈতিক সাৰ্বভৌমত্ব বাস্তৱত পৰিণত হয় ।

 

() জনসাধাৰণৰ ওচৰত দায়বদ্ধতাঃ

     গণতন্ত্রত চৰকাৰ জনসাধাৰণৰ ওচৰত দায়বদ্ধতা হয় । সেয়েহে, কোনো ধৰণৰ অনিয়ম শাসন কর্তাই কৰাত বাধা প্রাপ্ত হয় ।

     এনেদৰে গণতন্ত্রৰ গুণসমূহ বাস্তৱত পৰিলক্ষিত হয় ।

   গণতন্ত্রক সমালোচনা কৰিলে কিছু দোষসমূহ পৰিলক্ষিত হয় । ইয়াৰে উল্লেখযোগ্য দোষসমূহ হৈছে-

() সুনেতৃত্বৰ অভাৱঃ

     গণতন্ত্রত সাধাৰণতে সু-নেতৃত্বৰ অভাৱ হোৱা দেখা যায় । যাৰ ফলত, সকলো জনসাধাৰণে সমভাৱে সুযোগ-সুবিধা লাভ নকৰে

 

() পুঁজিবাদৰ দু-প্রভাৱঃ

     গণতন্ত্রত সাধাৰণতে পুঁজিবাদী সকলৰ অধিক প্রভাৱ দেখা যায় । চৰকাৰ গঠনত সাধাৰণ জনগণতকৈ পুঁজিবাদী লোকসকলৰ অধিক প্রভাৱ পৰিলক্ষিত হয় ।

 

() আমোলাতন্ত্রৰ প্রভাৱঃ

     গণতন্ত্র আমোলাতন্ত্রৰ দু-প্রভাৱ দেখা যায় । আমোলাতন্ত্রৰ প্রভাৱৰ ফলত সমতা ৰক্ষাত গণতান্ত্রিক চৰকাৰখন ব্যৰ্থ হয় ।

 

() নৈতিকতাৰ ক্রমশঃ পতনঃ

     গণতন্ত্রত ক্রমান্বয়ে নৈতিকতাৰ পতন পৰিলক্ষিত হয় । নিজ স্বাৰ্থৰ বাবে ৰাজনীতিবিদ সকলে তেওঁলোকৰ ক্ষমতাসমূহ প্রয়োগ কৰা দেখা যায় ।

 

() দলীয় ব্যৱস্থাৰ কুফলঃ

     গণতন্ত্রত দলীয় ব্যৱস্থাৰ এক কুফল সঘনে দেখা যায় । দলীয় স্বার্থ, দলীয় কৰ্মীসকলক অধিক সা-সুবিধা প্রদান, দলীয় ৰাজনীতি, দলীয় বদ-নীতি গ্রহণ, আদিৰ প্রভাৱত দলীয় ব্যৱস্থাই গণতন্ত্রক অচল কৰি তুলিছে । 

 

() স্বৈৰাচাৰী শাসনব্যৱস্থাঃ

     ৰাজনীতিবিদসকলৰ স্বৈৰাচাৰী শাসন হৈছে আন এক কু-প্রভাৱ । সাধাৰণ জনসাধাৰণৰ কথা নাভাৱি গণতন্ত্রত বহু দিশত স্বৈৰতন্ত্র শাসনৰ প্রৱৰ্তন হোৱা যায় ।

 

() অস্থায়ী চৰকাৰঃ

     গণতন্ত্রৰ মাধ্যমেৰে গঠিত হোৱা চৰকাৰ খন সাধাৰণতে অস্থায়ী হোৱা দেখা যায় । পাঁচ বছৰৰ মুৰে মুৰে চৰকাৰ সলনি হোৱাৰ বাবে আঁচনিসমূহৰ ম্যাদ ক্রমান্বয়ে কমি যায় ।

 

() সঘনে নীতিৰ সাল-সলনিঃ

     গণতন্ত্রত সাধাৰণতে সঘনে নীতিসমূহৰ সলনি হয় । যাৰ ফলত নাগৰিকসকলৰ চৰকাৰ সিদ্ধান্তসমূহ গ্রহণ আরু পালনৰ দিশত সমস্যাৰ সৃষ্টি হয় ।

 

() ব্যয়বহুল শাসনব্যৱস্থাঃ

     গণতন্ত্র হৈছে এক ব্যয়বহুল শাসনব্যৱস্থা । চৰকাৰ গঠন, ৰাজনৈতিক প্রচাৰ, দলৰ প্রার্থীৰ নিজৰ স্বার্থ, আদিৰ বাবদ যথেষ্ট খৰচ কৰা পৰিলক্ষিত হয়

 

() জরুৰীকালীন অৱস্থাত অ-উপযোগীঃ

     জরুরূকালীন অৱস্থাত গণতন্ত্র বৰ্তাই ৰখাতো অসম্ভৱ হৈ পৰেবহু ক্ষেত্রত নাগৰিকৰ অধিকাৰ, প্রাপ্য, ন্যায়, আদিও এনে সময়ত খৰ্ব হয় ।

 

() যোগ্যতাতকৈ সংখ্যাৰ ওপৰত অধিক গুরুত্বঃ

     গণতন্ত্রত যোগ্য ব্যক্তিতকৈ জনপ্রিয়তাক অধিক গুরুত্ব প্রদান কৰেযাৰ ফলত অযোগ্য ব্যক্তিয়ো ৰাজনৈতিক নেতা হিচাপে প্রতিষ্ঠিত হয় । 

 

() অশিক্ষিত, অজ্ঞ আরু অক্ষম ব্যক্তিৰ শাসনঃ

     গণতান্ত্রিক চৰকাৰত অশিক্ষিত, অজ্ঞ আরু অক্ষম বহু নেতা-পালিনেতাই অংশগ্রহণ কৰেযাৰ ফলস্বরূপে কম জ্ঞানৰ মাধ্যমেৰে নিজৰ স্বার্থ সিদ্ধি কৰি ৰাইজৰ আরু সাধাৰণ জন-গণৰ বহু দিশত সুযোগ-সুবিধাৰ পৰা বঞ্চিত কৰায়  

     এনেদৰে এক দিশত গণতন্ত্রই সুফল আরু বহু দিশত কুফলে বিৰাজমান হৈ আছে । সেয়েহে, সকলো নাগৰিক এই দিশত সচেতন হৈ গণতন্ত্র সু-প্রয়োগত মনোনিবেশ কৰিব লাগে ।

 

 

গণতন্ত্র কৃতকাৰ্য হোৱাৰ চৰ্তসমূহ আলোচনা কৰা

(Discuss the conditions for the successful working of Democracy.)

উত্তৰঃগনতন্ত্র হৈছে জনগণক লৈ গঠিত, জনগণৰ দ্বাৰা আরু জনগণৰ বাবে পৰিচালিত শাসনব্যৱস্থা ।এই গণতন্ত্রক সাফল্যমণ্ডিত কৰাৰ বাবে বা কৃতকাৰ্য হোৱাৰ বাবে কিছুমান চৰ্তৰ প্রয়োজনীয়তা আছে । সেইবোৰ হৈছে-

() গণতান্ত্রিক ঐতিহ্যৰ প্রয়োজনীয়তাঃ

     গণতন্ত্র কৃতকাৰ্য হোৱাৰ বাবে গণতান্ত্রিক ঐতিহ্যৰ বিষয়ে সকলো নাগৰিকে জ্ঞাত হোৱাতো প্রয়োজনীয় । তেতিয়া, অতীতৰ গণতান্ত্রিক প্রচেষ্টা আরু কাৰ্যসমূহে নাগৰিকসকলক গণতন্ত্র বৰ্তি ৰখাত সহায় কৰে

 

() সামাজিক দায়িত্ববোধঃ
    
গণতন্ত্র বৰ্তাই ৰাখিবৰ বাবে সামাজিক দায়িত্ববোধ থকাতো উচিত । নাগৰিক সকলৰ সামাজিক দায়িত্ববোধে গণতন্ত্র সুস্থিৰতা প্রদান কৰে

 

() জাতীয় সংহতি আরু ঐক্যৰ আৱশ্যকতাঃ

     গণতন্ত্রৰ সফল রূপায়ণৰ বাবে জাতীয় সংহতি আরু ঐক্য অতিকৈ প্রয়োজনীয় । জাতীয় সংহতি আরু ঐক্য সাধনে নাগৰিকসকলৰ মাজত ভাতৃত্ববোধ জগাই তুলে আরু গণতন্ত্রক সবল কৰে

 

() সুস্থ, সবল আরু সদাজাগ্রত জনমতঃ

     গণতন্ত্র চৰকাৰ এখন সক্রিয় হৈ থাকিবৰ বাবে সুস্থ, সবল আরু সদাজাগ্রত জনমতৰ অতিকৈ প্রয়োজনীয় । দেশৰ জনগণ সুস্থ, সবল আরু চৰকাৰৰ বিষয়সমূহৰ ক্ষেত্রত জাগ্রত হলে সুস্থিৰ গণতন্ত্র বৰ্তি থাকিব ।

 

() সংখ্যালঘুৰ প্রতিনিধিত্বৰ ব্যৱস্থাঃ

     গণতান্ত্রিক চৰকাৰত সাধাৰণতে সংখ্যাগৰিষ্ঠতাই স্থান পায় । কিন্তু গণতন্ত্র সবল আরু সক্রিয় হৈ থাকিবলৈ সংখ্যালঘুসকলৰ সৈতে সমতা আরু সম-সুবিধা প্রদান কৰিব লাগিব ।

 

() লিখিত সংবিধানঃ

     কিছুমান সমাজবিদ আরু ৰাজনীতিবিদৰ মতে, লিখিত সংবিধানে গণতন্ত্রল সবল কৰিব পাৰেলিখিত সংবিধান থাকিলে গণতান্ত্রিক চৰকাৰৰ নেতাসকলে স্বৈৰতান্ত্রিক শাসন প্রৱৰ্তন কৰিব নোৱাৰে

 

() একাধিক ৰাজনৈতিক দল আরু বিৰোধীদলৰ ভূমিকাঃ

     একাধিক ৰাজনৈতিক দল আরু বিৰোধীদল থাকিলে শাসকীয় পক্ষই কোনো অনিয়ম কৰিব নোৱাৰেলগতে, কোনো অ-গণতান্ত্রিক কাৰ্য কৰাৰ ক্ষেত্রত বিৰোধী দল সমূহে বাধা প্রাপ্ত কৰে

 

() শিক্ষাৰ ব্যাপক বিস্তাৰঃ

     শিক্ষাৰ মাধ্যমেৰে গণতন্ত্রৰ কৃতকাৰ্যতা নিশ্চিত কৰিব পাৰিশিক্ষাৰ মাধ্যমেৰে নৱ-প্রজন্মক গণতান্ত্রিক মানসিকতা গঢ়ি তুলিব পাৰিলে গণতন্ত্র সফল দিশত রূপায়ণ হব ।

 

() ক্ষমতাৰ বিকেন্দ্রীকৰণঃ

     ক্ষমতাৰ বিকেন্দ্রীকৰণে সকলো জনসাধাৰণকে গণতান্ত্রিক চৰকাৰ গঠনত অংশগ্রহণ কৰাৰ সুযোগ প্রদান কৰিব । ইয়াৰ ফলত, গণতান্ত্রিক চৰকাৰ খনৰ সুস্থিৰতাই বিৰাজ কৰিব ।

 

() গণতান্ত্রিক পৰিৱেশৰ সৃষ্টিঃ

     গণতন্ত্র কৃতকাৰ্যতাৰ বাবে গণতান্ত্রিক এক পৰিৱেশৰ সৃষ্টি কৰিব লাগিব । যাৰ মাধ্যমেৰে দেশৰ সকলো জনগণৰ মনত গণতান্ত্রিক মানসিকতা জগাই তুলি সুস্থিৰ গণতন্ত্র প্রতিষ্ঠা কৰিব পৰা যাব।

 

() গণতান্ত্রিক জনগণৰ প্রয়োজনীয়তাঃ

     গণতন্ত্রৰ কৃতকাৰ্যতা বারুকৈয়ে নির্ভৰ কৰে গণতান্ত্রিক জণগণৰ মতে । জে. এচ. মিলৰ মতে, “গণতন্ত্রৰ সাফল্যৰ বাবে জনসাধাৰণৰ গণতান্ত্রিক শাসনব্যৱস্থা গ্রহণৰ ইচ্ছা থাকিব লাগিব ।”  

     এনে গণতন্ত্রৰ চৰ্তসমূহৰ সফল প্রয়োগে গণতন্ত্রক সবল কৰি তুলিব । লগতে, গণতন্ত্রৰ সঠিক প্রয়োগ আরু সফল রূপায়ণ বা কৃতকাৰ্যতা হব ।

 

 

গণতন্ত্রৰ ভৱিষ্যত সম্পর্কে আভাস দিয়া ।

(Give your opinion about the future of Democracy.)

 

উত্তৰঃ গণতন্ত্রৰ ভৱিষ্যত বুলিলে গণতন্ত্র বৰ্তি থাকা অর্থাৎ গণতন্ত্র অটুট ৰখাক বুজায় । গণতন্ত্রৰ ভৱিষ্যত সম্পর্কে তলত এক আভাস দাঙি ধৰা হ-

 

নঞৰ্থক আরু সমালোচনাৰ দিশসমূহঃ

 

() উদাৰনৈতিক গণতন্ত্র আরু ইয়াৰ ভৱিষ্যতঃ

     ১৬৮৮ চনত ইংলেণ্ডত হোৱা গৌৰৱময় বিপ্লৱৰ সময়ক্ষণৰ পৰা বিংশ শতাব্দীৰ দ্বিতীয় দশক ধৰি উদাৰনৈতিক গণতন্ত্র প্রতিষ্ঠিত হৈছিল আরু বর্তি আছিল । পৰৱৰ্তী সময়ত, ১৯১৭ চনত উদাৰনৈতিক গণতন্ত্রৰ বিরুদ্ধে রুছিয়াত প্রতিবাদ হৈছিল আরু সমাজবাদী গণতন্ত্রৰ প্রতিষ্ঠা হৈছিল । তাৰ পাছতো, আমেৰিকা, ফ্রান্স, বৃটেইন আদি দেশত উদাৰনৈতিক গণতন্ত্র অব্যাহত আছিল আরু আজিও অব্যাহত আছে ।

     কিন্তু যিবোৰ দেশত উদাৰনৈতিক গণতন্ত্র প্রচলিত আছে, সেই দেশবোৰতো বহু দিশত মানৱ অধিকাৰ আরু জনসাধাৰণৰ স্বাধীনতাৰ ওপৰত হস্তক্ষেপ কৰা দেখা যায় । উদাহৰণস্বরূপে- আমেৰিকাৰমেক্‌কাৰাণআইনৰ জৰিয়তে টেলিফনৰ কথোপকথন আরু ব্যক্তিগত চিঠি-পত্রৰ যোগাযোগৰ ওপৰত পুলিচৰ বৈধ নিয়ন্ত্রণ স্থাপন কৰা হয় । আগন্তুক ভৱিষ্যতত এই নীতিসমূহৰ সংস্কৰণ নহলে গণতন্ত্র বিপদাপন্ন হব ।

 

() একনায়কত্ববাদ আরু গণতন্ত্রৰ ভৱিষ্যতঃ

     ১৯১৭ চনৰ পৰিৱৰ্তী সময়ত ইটালী আরু জাৰ্মানীত একনায়কত্ববাদ আৰম্ভ হৈ আন দেশবোৰলৈকো বিয়পি পৰিছিল । এই সামৰিক আরু সাম্রাজ্যবাদী একনায়কত্ববাদে বিশ্বযুদ্ধৰ সময়ত গণতন্ত্রৰ পক্ষে সংকট কঢ়িয়াই আনিছিল । বৰ্তমানো, গণতন্ত্রত একনায়কত্ববাদে, কম-বেছি পৰিমাণে প্রভাৱ বিস্তাৰ কৰি আছে । 

 

() উদাৰনৈতিক বা পুঁজিবাদী গণতন্ত্রৰ সংকটঃ

     লাস্কি প্রমুখ্যে আন আধুনিক প্রগতিবাদীসকলে উদাৰনৈতিক বা পুঁজিবাদী গণতন্ত্রৰ সংকটৰ কথা ব্যক্ত কৰিছে । তেওঁলোকৰ মতে, সামাজিক ক্ষমতা আরু অর্থনৈতিক ক্ষমতাৰ সঠিক প্রতিষ্ঠাৰ অভাৱত উদাৰনৈতিক বা পুঁজিবাদী গণতন্ত্রৰ সংকট হৈছে ।

 

() গণতন্ত্রত ফেঁচিবাদৰ প্রভাৱঃ

     গণতন্ত্র বর্তি থকা ৰাষ্ট্রবোৰত বহুদলীয় ব্যৱস্থা, আভ্যন্তৰীণ আরু বৈদেশিক দুর্বল নীতিসমূহৰ বাবে গণতন্ত্রত সংকটে দেখা দিছে । এই দিশত গণতান্ত্রিক ৰাষ্ট্রবোৰে দৃঢ়তা আরু সফলতাৰে মোকাবিলা কৰিব নোৱাৰাৰ বাবে গণতন্ত্রত ফেচিবাদেদেখা দিছে ।

 

() গণতন্ত্রৰ ভৱিষ্যতত অর্থনীতিৰ প্রভাৱঃ

     কিছুমান ৰাজনীতিবিদৰ মতে, অর্থনৈতিক বৈষম্যৰ ফলস্বরূপে গণতন্ত্রই সমতা, স্বাধীনতা আরু নাগৰিকসকলৰ আশা-আকাংক্ষা পূৰণ কৰাত বিফল হৈছে । যাৰ ফলস্বরূপে, গণতন্ত্র পুঁজিবাদৰ বশৱৰ্তী হৈ ৰাজনৈতিক আরু সামাজিক ক্ষেত্রত গণতন্ত্র প্রায় মূল্যহীণযেন পৰিলক্ষিত হৈছে ।

 

() গণতন্ত্রৰ ভৱিষ্যতত ৰাজনৈতিক আরু সামাজিক চেতনাৰ প্রভাৱঃ

     ৰাজনীতিবিদ লয়েডৰ মতে, নাগৰিকসকলৰ নিলিৰ্প্ততাৰ বাবে গণতন্ত্র সংকতৰ সন্মুখীন হৈছে । গণতন্ত্রক ৰক্ষা কৰিবৰ বাবে যদি জনসাধাৰণৰ আগ্রহ, উদ্যোগ আরু ক্ষমতা নেথাকে তেনেহলে গণতন্ত্রৰ সাফল্যক আশা কৰিব নোৱাৰি

 

() গণতন্ত্রৰ ভৱিষ্যতত গণতান্ত্রিক পৰিৱেশৰ প্রভাৱঃ

     কিছুমান ৰাজনীতিবিদৰ মতে, গণতন্ত্রত এতিয়াও গণতান্ত্রিক পৰিৱেশৰ সম্পূর্ণ প্রভাৱ পৰা নাই । যাৰ ফলত, ৰাজনৈতিক, সামাজিক আরু অর্থনৈতিক দিশত সমতা আরু সম-অধিকাৰ স্থাপন কৰাত ব্যর্থ হৈছে ।

 

() গণতন্ত্রৰ ভৱিষ্যতত নাগৰিকসকলৰ প্রভাৱঃ

     গণতন্ত্রৰ ভৱিষ্যত সম্পূর্ণরূপে নাগৰিকসকলৰ ওপৰত নির্ভৰ কৰেনাগৰিকসকলে যদি সামান্য টকা বা অর্থৰ বিনিময়ত নিজৰ বহুমূলীয়া ভোটটো বিক্রী নকৰি সমাজৰ যোগ্য ব্যক্তিসকলক গণতান্ত্রিক চৰকাৰখন পৰিচালনাৰ বাবে নির্বাচন কৰি দিয়ে, তেতিয়া গণতন্ত্র বহু দিশত সফল হব ।

 

 

সদর্থক আরু সমর্থকসকলৰ মূল দিশসমূহঃ

 

() বহুলোকে গণতন্ত্রৰ ভৱিষ্যত সম্পর্কে হতাশাত ভুগিছে । তথাপি, এতিয়াও গণতান্ত্রিক ৰাষ্ট্রবোৰত গণতন্ত্রৰ প্রতি আস্থা আরু ভৰসা প্রতিষ্ঠিত বা বর্তি আছে ।

 

() ৰাজনীতিবিদ আরু সমাজবিদ বাৰ্নাচৰ মতে প্রতিনিধিত্ব গণতন্ত্রৰ দোষ থকাতো সত্য, কিন্তু সেই কথাক দুহাৰি গণতন্ত্রক পৰিহাৰ বা ত্যাগ কৰি পুণৰ পুৰণি কোনো শাসন ব্যৱস্থাক গ্রহণ কৰিব পৰা নাযায় । সেয়েহে, তেওঁৰ মতে গণতন্ত্রক ত্যাগ নকৰি গণতন্ত্রক সংস্কাৰ সাধন কৰি বর্তাই ৰাখিব লাগে ।

 

() বেনাৰমনৰ মতে, ভাল চৰকাৰ, স্বায়ত্ব শাসনৰ বিকল্প হব নোৱাৰেতেওঁৰ মতে গণতন্ত্রই মানুহক স্ব-শাসনৰ সুবিধা প্রদান কৰি স্বাধীনতা প্রদান কৰিছে । সেয়েহে, গণতন্ত্রৰ বিকল্প স্বরূপে কোনো শাসন ব্যৱস্থাক গ্রহণ কৰিব নোৱাৰি

 

() ‘গণতন্ত্রশাসন ব্যৱস্থাৰ সমালোচকসকলে গণতন্ত্রৰ কোনো বিকল্প শাসনব্যৱস্থাৰ সন্ধান আরু অৱতাৰণা কৰিব পৰা নাই । সেয়েহে, গণতন্ত্রৰ উপযোগিতা আরু প্রয়োজনীয়তা সম্পর্কে এতিয়াও জনগণৰ আস্থা আরু ভৰসা আছে ।

 

() গণতন্ত্রৰ সমর্থকসকলৰ মতে, আধুনিক গণতন্ত্রৰ বাধাসমূহ আঁতৰ কৰাত প্রয়োজনীয়তা আহি পৰিছে । সেয়েহে, ৰাষ্ট্রৰ নাগৰিকসকলে যুক্তিপূর্ণ মনোভাব গ্রহণ কৰি গণতান্ত্রিক শাসনব্যৱস্থাক দোষমুক্ত আরু সু-প্রতিষ্ঠিত কৰি গঢ়ি তুলিব লাগে ।

 

() ব্রাইচৰ মতে,

তেওঁৰ মতে, গণতন্ত্রক সম্পূর্ণ ক্রুটিহীন শাসনব্যৱস্থা বুলি দাবী কৰিব পৰা নাযায় । কিন্তু নাগৰিকসকল উদ্যোগী হৈ গণতন্ত্রৰ সাফল্যৰ চৰ্তবোৰ পূৰণ কৰি বিশ্ব জনমতৰ মাধ্যমেৰে গণতন্ত্রক বর্তাই ৰখাতো উচিত ।

     সেয়েহে, গণতন্ত্রক দোষমুক্ত কৰাৰ বাবে সকলো নাগৰিক সতর্ক হব লাগে যাতে গণতন্ত্র কোনো কাৰণত খর্ব নহয় । নাগৰিক আরু ৰাষ্ট্রৰ সকলো জনসাধাৰণ সতর্ক হৈ গণতন্ত্রক সঠিক দিশত বর্তাই ৰাখিব পাৰিলে মানৱ জাতিৰ স্বাধীনতা অক্ষুণ্ণ থাকিব আরু মানুহৰ জীৱনত কল্যাণ সাধন কৰিব পাৰিব ।  

 

 

প্রত্যক্ষ আরু পৰোক্ষ গণতন্ত্রৰ পার্থক্য আলোচনা কৰা

(Discuss the differences between Direct and Indirect Democracy.)

উত্তৰঃগনতন্ত্র হৈছে জনগণক লৈ গঠিত, জনগণৰ দ্বাৰা আরু জনগণৰ বাবে পৰিচালিত শাসনব্যৱস্থা ।গণতন্ত্র সাধাৰণতে দুই প্রকাৰৰ, প্রত্যক্ষ আরু পৰোক্ষ গণতন্ত্র । দুয়ুটা পদ্ধতিৰ মাজত আমি কিছুমান পার্থক্য মন কৰোইয়াৰে উল্লেখযোগ্য পার্থক্যৰাজিসমূহ হৈছে-

() প্রত্যক্ষ গণতন্ত্র এনে এক শাসনব্যৱস্থাক যত জনসাধাৰণতে প্রত্যক্ষভাৱে আরু সক্রিয়ভাৱে শাসনকাৰ্যত অংশগ্রহণ কৰাত সুবিধা পায় ।

     আনহাতে, পৰোক্ষ গণতন্ত্রত জনগণে নিজে নিজক পোনপটীয়াকৈ শাসন কৰাৰ সুবিধা নাপায় ।

 

() প্রত্যক্ষ গণতন্ত্রত দেশৰ জনগণে পোনপটীয়াকৈ ৰাষ্ট্রৰ শাসনকাৰ্য পৰিচালনা কৰিব পাৰে

     আনহাতে, পৰোক্ষ গণতন্ত্রত সংখ্যাগৰিষ্ঠতা ভোটৰ মাধ্যমেৰেহে শাসনকর্তাসকলক নির্বাচন কৰা হয় ।

 

() প্রত্যক্ষ গণতন্ত্রত দেশৰ জনগণে সকলো চৰকাৰী কাৰ্য সম্পাদন আরু পৰিচালনা কৰে

     আনহাতে, পৰোক্ষ গণতন্ত্রত বাচনিকৃত পাৰ্থীয়েহে চৰকাৰী কারু-কাৰ্য সম্পাদিত কৰে

 

() প্রত্যক্ষ গণতন্ত্রত নিৰ্দিষ্ট এক সময়ৰ মুৰে মুৰে এক নির্ধাৰিত ঠাইত সকলো জনগণ মিল হৈ চৰকাৰী কর্মচাৰীসমূহৰ নিয়োগকাৰ্য, আইন প্রণয়ন, ৰাজহ আরু ব্যয়ৰ হিচাপ-নিকাচ আরু অন্যান্য গুরুত্বপূর্ণ দিশসমূহৰ সিদ্ধান্ত গ্রহণ কৰে

     আনহাতে, পৰোক্ষ গণতন্ত্রত প্রায়বোৰ সিদ্ধান্ত লোকসভা আরু ৰাজ্যসভাই অর্থাৎ সদনে নির্ধাৰণ কৰে

 

() প্রত্যক্ষ গণতন্ত্রত বিচাৰ সম্পর্কীয় বিষয়সমূহ কোনো এক ঠাইত মিলিত হৈ সম্পাদন কৰে

     আনহাতে, পৰোক্ষ গণতন্ত্রত বিচাৰ সম্পর্কীয় কামবোৰ সাধাৰণতে ন্যায়পালিকাই গ্রহণ কৰে

 

()  প্রত্যক্ষ গণতন্ত্রত বৈধ সাৰ্বভৌমত্ব আরু ৰাজনৈতিক সার্বভৌমত্বৰ মাজত বিশেষ কোনো পার্থক্য পৰিলক্ষিত নহয় ।

আনহাতে, পৰোক্ষ গণতন্ত্রত ইয়াৰ কারু-কাৰ্য আরু আদর্শ কিছু বেলেগ ।

 

সনাতন গণতন্ত্রৰ বিষয়ে চমু আলোচনা কৰা

(Write in brief about the Classical Democracy?)

উত্তৰঃ প্রাচীনকালত গ্রীছ দেশত সনাতন বা ক্লাচিকেল গণতন্ত্রৰ ধাৰণাৰ উৎপত্তি হৈছিল । সনাতন গণতন্ত্রৰ নতুন নতুন ধাৰণাৰ প্রভাৱ অতীজৰ পৰাই বিভিন্ন শতিকাত প্রচলিত হৈ আছিল । বাৰ্কাৰ আরু প্রাচীন গ্রীছৰ চিন্তাবিদসকঅৰ মতে, পদ্ধতিগতভাৱে ৰাজনীতিৰ সন্দৰ্ভত চিন্তা-চৰ্চা কৰাৰ উদ্দেশ্যে গ্রীচতেই ৰাজনৈতিক চিন্তাধাৰাৰ আৰম্ভ কৰিছিল । প্রাচীন সভ্যতাৰ প্রচলন থকা ৰাষ্ট্রসমূহত ৰাজনীতিৰ চিন্তা-চৰ্চা কৰা হৈছিল যদিও ৰাজনৈতিক চিন্তাবোৰ ধৰ্মৰ সৈতেহে জড়িত আছিল । ভাৰতৰ ৰামায়ণ, মনুস্মৃতি, মহাভাৰত আদিত ৰাজনীতিৰ কথা উল্লেখ আছে যদিও সেইবোৰ ধর্ম আরু ধর্মৰ গ্রন্থ হিচাপে প্রতিষ্ঠিত আছিল ।

প্রাচীন গ্রীছত ৰাজনীতি বিষয়টোক এক সুকীয়া বিষয় স্বরূপে বিবেচিত হৈছিল । ৰাষ্ট্রক কেন্দ্র কৰি গ্রীছত আলোচনা আরু সমালোচনা কৰিছিল ।  গ্রীছৰ ৰাজনীতিবিদসকলে সমাজ আরু মানুহৰ লগতে মানুহ আরু ৰাষ্ট্রৰ যি সম্পর্কে তাৰ বিষয়ত অধ্যয়ণ কৰিছিল । সমসাময়িকভাৱে, সনাতন ৰাজনীতিত ৰাজতন্ত্র, অভিজাততন্ত্র, গণতন্ত্র আদি চৰকাৰসমূহৰ প্রভেদক আলোচনা কৰিছিল ।

গ্রীছৰ চিন্তাবিদসকলে ব্যক্তিক ৰাষ্ট্রৰ এক অন্যতম অংগ হিচাপে বিবেচনা কৰিছিল আরু সৎ-শান্তি জীৱন-যাপন কৰাৰ অর্থে ৰাষ্ট্রক অপৰিহাৰ্য হিচাপে গ্রহণ কৰিছিল । সনাতন ৰাজনীতিত, নগৰৰাষ্ট্রক মুখ্য কেন্দ্র হিচাপে বিবেচনা কৰিছিল আরু দেশৰ জনগণে শাসন কাৰ্যত পোণপটীয়াকৈ অংশগ্রহণ কৰাৰ সুযোগ লাভ কৰিছিল । সনাতন ৰাজনীতিত নাগৰিক নির্বাচন কৰা প্রক্রিয়াটো আজিৰ পৰা পৃথক আছিল । সৈনিক, বিধানমণ্ডলৰ সদস্য, বিচাৰক আদি স্বরূপে ৰাষ্ট্রৰ কাম-কাজসমূহৰ প্রত্যক্ষভাৱে অংশগ্রহণ কৰা আরু দায়িত্বগ্রহণ কৰাৰ লোকবোৰকহে নাগৰিক হিচাপে স্বীকৃতি প্রদান কৰিছিল ।

সনাতন বা ক্লাচিকেল গণতন্ত্রৰ আন আন মূল বৈশিষ্ট্য আরু দিশসমূহ হৈছে এনেধৰণৰঃ

() সনাতন বা ক্লাচিকেল গণতন্ত্রত প্রতিনিধিত্বমূলক চৰকাৰৰ কোনো স্থান নাছিল । তেতিয়াৰ দাসসকলক নাগৰিক হিচাপে বিবেচনা কৰা হোৱা নাছিল ।

 

() সনাতন বা ক্লাচিকেল গণতন্ত্রত, যি সকল ব্যক্তিৰ জিৰণি থাকে আরু যিবোৰ ব্যক্তিয়ে ৰাষ্ট্রৰ বিচাৰ আরু প্রশাসনীয় বিভাগৰ কারু-কাৰ্যসমূহত প্রত্যক্ষভাৱে অংশগ্রহণ কৰে, সেইলোকসকলেই হৈছে দেশৰ নাগৰিক ।

 

() সনাতন বা ক্লাচিকেল গণতন্ত্রত, আজিৰ দৰে সমতা প্রতিষ্ঠাৰ ক্ষেত্রত কোনো বিশেষ পদক্ষেপ গ্রহণ কৰা নাছিল । বৰ্বৰ, দাসসকল আরু যুদ্ধবন্দীলোকসকলক তেওঁলোকে সমতা প্রদান কৰা নাছিল ।

 

() সনাতন বা ক্লাচিকেল গণতন্ত্রৰ এক মুখ্য বৈশিষ্ট্য হৈছে ব্যক্তিবাদী ভাবধাৰাসনাতন বা ক্লাচিকেল গণতন্ত্রত ব্যক্তিৰ সা-সুবিধাসমূহৰ ওপৰত অধিক গুরুত্ব প্রদান কৰিছিল ।

 

() সনাতন বা ক্লাচিকেল গণতন্ত্রৰ আন এক বৈশিষ্ট্য হৈছে- আলোচনা । আলোচনাৰ জৰিয়তে প্রায় বোৰ সমস্যা আরু সিদ্ধান্তৰ নীতি নির্ধাৰণ কৰিছিল ।

 

প্রাচীন গ্রীছৰ ৰাজনৈতিক বিদসকল বিশেষকৈ ছক্রেটিছ, এৰিষ্টটল, প্লেটো, আদি মহান দাৰ্শনিকসকলৰ ৰচনাত সনাতন বা ক্লাচিকেল গণতন্ত্রৰ অভিমতসমূহ উল্লেখ আছে । বৰ্তমানেও, সনাতন বা ক্লাচিকেল গণতন্ত্রৰ মূল উত্তম দিশসমূহক কম-বেছি পৰিমাণে বিচাৰ্য বিষয় হিচাপে আলোচিত হয় আরু উৎকৃষ্ট আদৰ্শসমূহক গ্রহণ কৰে

 

১০উদাৰ বা উদাৰনৈতিক গণতন্ত্রৰ ধাৰণাটো বিচাৰ কৰাইয়াৰ বিভিন্ন নীতিসমূহ আলোচনা কৰা

(Examine the Concept of Liberal Democracy. Discuss the various principles of Liberal Democracy.)

 

বা ১৪ ।উদাৰনৈতিক গণতন্ত্রৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা । 

(Mention the features of Liberal Democracy.)

 

উত্তৰঃ উদাৰ বা উদাৰনৈতিক গণতন্ত্রক সাধাৰণ দুই ভাগত ভাগ কৰা হয়, () সনাতন উদাৰনৈতিক গণতন্ত্র আরু () আধুনিক উদাৰনৈতিক গণতন্ত্র

 

() সনাতন উদাৰনৈতিক গণতন্ত্রঃ

সমাজত মধ্যবৃত্ত শ্রেণীৰ উৎপত্তি হোৱাৰ ফলত সমাজত এক সামাজিক চাপ আরু সামাজিক পৰিৱৰ্তনৰ সৃষ্টি হৈছিল । ইয়াৰ ফলত ৰাষ্ট্রসমূহৰ জনগণৰ মাজত স্বাধীনতাকেন্দ্রিক এক মানসিকতা আরু নীতিসমূহৰ আৰ্বিভাব হৈছিল আরু ইয়েই সনাতন উদাৰনৈতিক গণতন্ত্র হিচাপে প্রতিষ্ঠিত হৈছিল । বিট্রেইনত সনাতন উদাৰনৈতিক গণতন্ত্রৰ প্রচুৰ প্রভাৱ পৰিছিল । জেমচ্‌ মিল, হাৰ্বাৰ্ট স্পেঞ্চাৰ, জেৰেমি বেন্থাম, আদি দাৰ্শনিকসকলে সনাতন উদাৰনৈতিক গণতন্ত্রৰ সমর্থক আছিল । হব্‌হাউচে উদাৰনৈতিক গণতন্ত্রৰ কিছুমান মৌলিক নীতি লিবাৰেলিজমনামৰ গ্রন্থখনত প্রকাশ কৰিছিল । হব্‌হাউচৰ মতে, ‘সামন্ততন্ত্র, অভিজাত সম্প্রদায়ৰ শাসন আরু যাজক সম্প্রদায়ৰ ক্ষমতাৰ বিরুদ্ধে সংগ্রাম পৰিচালনা কৰাৰ সময়ত মধ্যবিত্ত শ্রেণীয়ে উদাৰনৈতিক গণতন্ত্রৰ নীতিসমূহক মূল অস্ত্র হিচাপে ব্যৱহাৰ কৰিছিল । কিন্তূ, ১৯১৭ চনৰ অক্টোবৰত ৰাচিয়াত হোৱা সমাজতান্ত্রিক বিপ্লৱৰ পাছৰ পৰাই সনাতন উদাৰনৈতিক গণতন্ত্রৰ কিছু অস্তিত্বত বিপদাপন্ন হৈছিল ।

সনাতন উদাৰনৈতিক গণতন্ত্রৰ মূল বৈশিষ্ট্য আরু নীতিসমূহ হৈছে-

() ৰাজনৈতিক স্বাধীনতা,

() সামাজিক স্বাধীনতা,

() ব্যক্তিগত স্বাধীনতা,

() অবাধ বাণিজ্য স্বাধীনতা,

() পৰিয়ালসম্পর্কীয় স্বাধীনতা,

() ব্যক্তিগত সম্পদ আরু অর্থনৈতিক অধিকাৰ,

() প্রশাসনিক, জাতিগত আরু ভৌগোলিক স্বাধীনতা,

() আত্মনিয়ন্ত্রৰ অধিকাৰ আরু জাতিগত সাম্যৰ অধিকাৰ,

() আন্তৰ্জাতিক স্বাধীনতা, আদি ।

 

() আধুনিক উদাৰনৈতিক গণতন্ত্রঃ

আধুনিক উদাৰনৈতিক গণতন্ত্রত সনাতন উদাৰনৈতিক গণতন্ত্রৰ কিছু সংশোধনী রূপ এটা পৰিস্ফুটিত হয় । ইয়াৰ মূল দিশ, নীতি আরু বৈশিষ্ট্যসমূহ হৈছে-

() সংবিধানৰ প্রাধান্যঃ

     আধুনিক উদাৰনৈতিক গণতন্ত্রত সংবিধান হৈছে এক মৌলিক আইন সদৃশ । আইন বিভাগ আরু শাসন বিভাগৰ প্রায় সকলো কাৰ্য সংবিধানৰ সীমাত থাকি সম্পাদন কৰা হয় ।

 

() সংখ্যালঘুসকলৰ স্বার্থৰ সংৰক্ষণঃ

     আধুনিক উদাৰনৈতিক গণতন্ত্রত সংখ্যালঘুসকলৰ স্বার্থৰ সংৰক্ষণত বিশেষ গুরুত্ব প্রদান কৰিছে । সংখ্যালঘুসকলক বহুমুখী ভোটাধিকাৰ, সমানুপাতিক প্রতিনিধিত্ব, সম-অধিকাৰ, সম-অংশগ্রহণ আদি সকলো সুবিধা সমতাৰ নীতি অনুসৰি প্রদান কৰা দেখা যায় ।

 

() বহুদলীয় ব্যৱস্থাঃ

     আধুনিক উদাৰনৈতিক গণতন্ত্রত বহুদলীয় ব্যৱস্থা পৰিলক্ষিত হয় । গণতন্ত্রৰ স্বার্থৰ সঠিক রূপায়ণৰ বাবে স্বাধীনভাৱে নতুন দলৰ সৃষ্টি হব পাৰে

 

() ব্যক্তিগত সম্পত্তিৰ অধিকাৰঃ

     আধুনিক উদাৰনৈতিক গণতন্ত্রত ব্যক্তিগত সম্পত্তিৰ অধিকাৰক অন্যতম মৌলিক অধিকাৰ হিচাপে বিবেচিত হৈছিল । কিন্তূ, ভাৰতীয় সংবিধানত পাছত মৌলিক অধিকাৰৰ পৰা ব্যক্তিগত সম্পত্তিৰ অধিকাৰক বাতিল কৰে

 

() সাৰ্বজনীন প্রাপ্তবয়স্কৰ ভোটাধিকাৰঃ

     আধুনিক উদাৰনৈতিক গণতন্ত্রত সাৰ্বজনীন ভোটাধিকাৰৰ স্বীকৃতি প্রদান কৰিছে । জাতি, বৰ্ণ, ধর্ম, ভাষা নির্বিশেষে সকলো নাগৰিককে ভোটাধিকাৰ প্রদানৰ ব্যৱস্থা আছে ।

 

() আমোলাতন্ত্রৰ প্রাধান্যঃ

     আধুনিক উদাৰনৈতিক গণতন্ত্রত চৰকাৰৰ স্থায়ী চৰকাৰী কর্মচাৰী বৃন্দৰ প্রাধান্য আরু গুরুত্ব অধিক বৃদ্ধি পাইছিল । চৰকাৰৰ প্রায়বোৰ সিদ্ধান্ত আরু কারু-কাৰ্যত আমোলাতন্ত্রৰ প্রভাৱ পৰিছিল ।

 

১১মাৰ্ক্সীয় গণতন্ত্র বুলি কলে কি বুজা?

(What do you mean by Marxian Democracy?)

উত্তৰঃ  দাৰ্শনিক কাৰ্ল মাস্কৰ আদৰ্শত প্রতিষ্ঠিত হোৱা গণতন্ত্রৰ নীতি-নিয়ম, ৰাজনৈতিক কারু-কাৰ্য, ৰাজনৈতিক-সামাজিক উদ্দেশ্য আদিৰ সমষ্টিৰে সৃষ্ট গণতন্ত্রক, মাৰ্ক্সীয় গণতন্ত্র বোলা হয় ।

লেনিনৰ মতে, মাৰ্ক্সিয়ান গণতন্ত্র হৈছে এক ৰাজনৈতিক ব্যৱস্থা যি শ্রমিক আরু কৃষকৰ বাবে সৰ্বোচ্চ বা বৃহত্তৰ অংশৰ গণতন্ত্রক বুজায়, ই এক উদাৰনৈতিক গণতন্ত্রৰ পতনৰ চিহ্ন আরু  সৰ্বহাৰাৰ গণতন্ত্র বা সমাজতান্ত্রিক গণতন্ত্রৰ এক উত্থানৰ ৰাজনৈতিক আৰ্হি ।

 

 

 

 

(Marxian Democracy is a political system which gives maximum of democracy for the workers and peasants at the same time, it marks a break with bourgesis democracy and the rise of a new epoch making type of democracy, namely proletarian democracy of the dictatorship of the proletariat.)  

 

১২সম্ভ্রান্তবাদী বা এলিটবাদী গণতন্ত্রৰ ধাৰণা বুলি কলে কি বুজা?

(What do you mean by the term Elitist Democracy? )

উত্তৰঃ ৰাজনীতি বিজ্ঞানত, সম্ভ্রান্তবাদী বা এলিটবাদী গণতন্ত্রৰ ধাৰণা বুলিলে এক তত্ত্বক বুজায় যিয়ে সমাজৰ অভিজাত শ্রেণীৰ ক্ষমতাৰ সম্পর্ক আরু প্রভাৱৰ বিষয়ে বৰ্ণনা কৰে সম্ভ্রান্তবাদী বা এলিটবাদী গণতন্ত্রৰ সমৰ্থক মচকাৰ মতে (Mosca), চৰকাৰৰ শ্রেণীবিভাজন বিশেষকৈ ৰাজতন্ত্র, গণতন্ত্রৰ আদিৰ আৱশ্যকতা অর্থহীন । তেখেতৰ মতে, অতীজৰ অনুন্নত সামাজিক গঠনৰ পৰ্যায়ৰ পৰা আৰম্ভ কৰি উন্নত সমাজব্যৱস্থাৰ পৰ্যায়লৈকে দুটা শ্রেণী বিশেষকৈ পৰিলক্ষিত হয়, সেয়া হৈছে- শাসন এলিট বা শাসক অভিজাত শ্রেণী আরু শাসিত জনসাধাৰণ, যাৰ ওপৰত অভিজাত শ্রেণীৰ শাসকে শাসন কৰে

সেয়েহে, সম্ভ্রান্তবাদী বা এলিটবাদী গণতন্ত্রৰ ধাৰণা বুলি কলে আমি এনে এক গণতান্ত্রিক শাসনক বুজো যত শাসনৰ মূল ভূমিকা, পৰিচালনা, নীতি-নির্ধাৰণ, আদি সকলো, এক শ্রেণী অভিজাত ব্যক্তিৰ ওপৰত নির্ভৰ কৰে । 

 

১৩বহুত্ববাদী গণতন্ত্র বুলি কলে কি বুজা?

(What do you mean by the term Pluralist Democracy?)

উত্তৰঃ বহুত্ববাদী গণতন্ত্র বুলি কলে এনে এক উদাৰনীতিবাদী গণতন্ত্রক বুজা যায় যত এখন ৰাষ্ট্রৰ গণতন্ত্রৰ নীতি-নিয়ম, কারু-কাৰ্য, সমস্যা সমাধান প্রক্রিয়া আদি কাৰ্যাৱলী, আন এখন ৰাষ্ট্র বা আন বেলেগ ৰাষ্ট্রৰ আদৰ্শ আরু প্রভাৱত পৰিচালনা হয় লগতে ক্রমবৰ্ধমান পাৰস্পৰিক নিৰ্ভৰতা প্রতিফলিত হয় । বহুত্ববাদী গণতন্ত্রই এনে এক গণতন্ত্রক সূচায় যত সীমাৰ বাহিৰৰ ৰাষ্ট্রসমূহত ঘটা সমস্ত ঘটনাৰ প্রভাৱ কিছু পৰিমাণে দেশৰ ভিতৰত, সামাজিক জনজীৱনত, ৰাষ্ট্রীয় কৰ্মপদ্ধতিত, সমাজৰ চালিকা শক্তি্ত, সমাজৰ বিধান আদিত এক পৰিৱৰ্তনৰ ঢৌ বয় ।

 

১৪অধিকাৰৰ অর্থ লিখা ।

উত্তৰঃ

অধিকাৰৰ অর্থঃ

অধিকাৰ বুলিলে সাধাৰণত অর্থত নিজ ইচ্ছা অনুসৰি কর্ম কৰাৰ স্বাধীনতাক বুজায় । ৰাজনীতি বিজ্ঞানৰ অধিকাৰ বুলিলে গণতন্ত্র আরু আইনৰ সীমাবদ্ধতাত থাকি মানুহৰ অধিকাৰ বা প্রাপ্যসমূহক ভোগ কৰাৰ কথাক ব্যক্ত কৰে

 

অধিকাৰে এনে এক পৰিৱেশৰ কথাক সূচায় যত ব্যক্তিৰ নৈতিক উৎকর্ষ সাধন কৰাৰ উদ্দেশ্যে উপযুক্ত আভ্যন্তৰীণ আরু বাহ্যিক পৰিৱেশ উপলব্ধ থাকে । এখন গণতান্ত্রিক দেশত, অধিকাৰ বুলিলে এনে কিছুমান দাবীক বুজায় যিবোৰে জনসাধাৰণৰ সামূহিক কল্যাণ সাধন কৰিবলৈ চেষ্টা কৰে 

 

১৫। অধিকাৰৰ সংজ্ঞা আগবঢ়োৱা ।

উত্তৰঃ অধিকাৰৰ সংজ্ঞাঃ 

ৰাজনীতিবিদ আরু সমাজবিদ গ্রীণৰ মত অনুসৰি, “যি কান আনৰ সৈতে থাকি কৰিব পাৰি আরু যি কামৰ ফলস্বরূপে ব্যক্তিৰ নৈতিক উৎকর্ষ সাধন হোৱাৰ লগতে সমাজৰ সামূহিক দিশত কল্যাণ সাধন হয়, সেই কর্ম কৰাৰ স্বাধীনতাক অধিকাৰ বোলে ।”   

বেণী প্রসাদ (Beni Prasad) ৰ মতে, “অধিকাৰ হৈছে ব্যক্তিত্ব প্রকাশৰ বাবে প্রয়োজনীয় কিছু সামাজিক অৱস্থা; এনে অৱস্থাতকৈ অধিকাৰ বেছিও নহয়, কমো নহয় ।

বোছাংকুয়েট মত অনুসৰি, “সমাজে স্বীকৃত দিয়া যিবোৰে দাবী ৰাষ্ট্রই বলবৎ কৰে, সেই দাবীবোৰকে অধিকাৰ বোলে ।

 

গণতন্ত্ৰ আরু একনায়কত্ববাদৰ মাজত থকা প্রভেদসমূহ লিখা ।

Write the differences between Democracy and Dictatorship.

Answer:

গণতন্ত্ৰ আরু একনায়কত্ববাদৰ মাজত বহুতো প্রভেদ পৰিলক্ষিত হয় । ইয়াৰে উল্লেখযোগ্য পার্থক্যসমূহ হৈছে-

(ক)

গণতন্ত্ৰ:

গণতন্ত্ৰত সৰ্বাধিক ভোট লাভ কৰা দলটোৰ নেতা নিয়ন্ত্ৰণত আছে, কিন্তু তেওঁলোকে এতিয়াও তেওঁলোকৰ ৰাজনৈতিক দল, আৰু ভোটাৰসকলক উত্তৰ দিব লাগিব।

আনহাতে

স্বৈৰশাসন :

একনায়কত্বত মাত্ৰ এজন নেতা আছে যাৰ দল আৰু দেশৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে। প্ৰায়ে প্ৰচাৰ, লগতে প্ৰকৃত সমৰ্থনে তেওঁলোকক জনসাধাৰণৰ নায়ক হিচাপে ৰং দিব।

 

(খ)

গণতন্ত্ৰ:

গণতন্ত্ৰত, ৰাজনৈতিক দলবোৰে বিভিন্ন দৃষ্টিভংগীপ্ৰতিনিধিত্ব কৰে আৰু ভোটাৰসকলৰ ভোটৰ বাবে প্ৰতিযোগিতা কৰে। গণতন্ত্ৰত এক নিৰপেক্ষ নিৰ্বাচনত জয়লাভ কৰি ৰাজনৈতিক শক্তি সুৰক্ষিত কৰা হয়।

আনহাতে

স্বৈৰশাসন :

একনায়কত্বত চৰকাৰে ৰাজ্যৰ সকলো দিশ কঠোৰভাৱে নিয়ন্ত্ৰণ কৰে আৰু প্ৰায়ে গোট আৰু সভানিষিদ্ধ বা কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিব।

 

(গ)

গণতন্ত্ৰ:

গণতন্ত্ৰত, বাতৰি কাকতবোৰ সত্য মুদ্ৰণ কৰিবলৈ মুক্ত আৰু ভুল হ'লে বা মতবিৰোধ হ'লে চৰকাৰক সমালোচনা কৰিব পাৰে। আনহাতে

স্বৈৰশাসন :

একনায়কত্ববাদে ব্যক্তিগত নাগৰিকৰ অধিকাৰক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰে। চৰকাৰ আৰু ৰাজ্যই আইন, আৰক্ষী, চোৰাংচোৱা আৰু বলৰ জৰিয়তে সকলো নাগৰিকক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। চৰকাৰ আৰু ৰাজ্য একনায়কত্ববাদৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু।

 

(ঘ)

গণতন্ত্ৰ:

গণতন্ত্ৰত, সাধাৰণতে মানুহে উপভোগ কৰিব পৰা চলচ্চিত্ৰ আৰু কিতাপবোৰৰ ওপৰত কম নিয়ন্ত্ৰণ থাকে।

আনহাতে

স্বৈৰশাসন :

একনায়কত্বত, কেৱল এটা দল আছে সকলো বিৰোধী ধ্বংস আৰু নিষিদ্ধ। একনায়কত্ববাদী ৰাষ্ট্ৰসমূহে বিৰোধী বা নিৰ্বাচনৰ অনুমতি নিদিয়ে।

 

(ঙ)

গণতন্ত্ৰ:

গণতন্ত্ৰত, মানুহে কেনেদৰে তেওঁলোকৰ সময় অতিবাহিত কৰে আৰু তেওঁলোকে কি বিশ্বাস কৰে তাৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ কম। মানুহে ক্লাব, ৰাজনৈতিক দল আৰু অন্যান্য গোটত যোগদান কৰিবলৈ মুক্ত।

আনহাতে

স্বৈৰশাসন :

চৰকাৰে একনায়কত্বত ৰেডিঅ', চিনেমা আৰু বাতৰি কাকতকে ধৰি মানুহৰ জীৱনৰ প্ৰতিটো উপাদান নিয়ন্ত্ৰণ কৰে।

 

(চ)

গণতন্ত্ৰ:

গণতান্ত্ৰিক চৰকাৰত দেশৰ মুৰব্বী হৈছে সাধাৰণ নিৰ্বাচনত ভোটৰ ৰূপত আটাইতকৈ বেছি সমৰ্থন লাভ কৰা ব্যক্তি। ভোটাৰসকলৰ কল্যাণ নিশ্চিত কৰাৰ অতিৰিক্ত দায়িত্বও তেওঁলোকৰ আছে।

আনহাতে

স্বৈৰশাসন :

এজন ব্যক্তি হৈছে দেশৰ একমাত্ৰ কৰ্তৃত্ব যাৰ ক্ষমতা নিয়ন্ত্ৰণত ৰাখিবলৈ কোনো প্ৰতিষ্ঠান নাই

 

(ছ)

গণতন্ত্ৰ:

এখন দেশত ৰাজনৈতিক নিয়ন্ত্ৰণ মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচনৰ জৰিয়তে প্ৰদান কৰা হয়, দুটা বা ততোধিক ৰাজনৈতিক দল জড়িত থাকে।

আনহাতে

স্বৈৰশাসন :

একনায়কত্বত কোনো নিৰ্বাচন অনুষ্ঠিত নহয় বা ৰাজনৈতিক দলৰ সংখ্যা সীমিত কৰি আৰু সমাৱেশ আৰু সংগঠন সীমিত কৰি সেইবোৰ যথেষ্ট নিয়ন্ত্ৰণ কৰা হয়।

 

(জ)

গণতন্ত্ৰ:

গণতান্ত্ৰিক ৰূপৰ চৰকাৰৰ সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি জনা যায় কিয়নো তেওঁলোকে চৰকাৰৰ প্ৰতিটো পদক্ষেপ লক্ষ্য কৰে আৰু সমালোচনা কৰে যদি কোনো ভুল পদক্ষেপ লোৱা হয়।

আনহাতে

স্বৈৰশাসন :

সংবাদ মাধ্যম হৈছে একনায়কচৰকাৰৰ মুখপত্ৰ। এজন স্বৈৰশাসকে যিয়েই নহওঁক কিয়, সংবাদ মাধ্যমসমূহে কেৱল জনসাধাৰণক কি দেখুৱাব লাগিব সেয়া দেখুৱাব যাতে ব্যক্তিত্বৰ এটা ধৰ্ম সদায় বজাই ৰখা হয়।

(ঝ)

গণতন্ত্ৰ:

গণতন্ত্ৰত, নাগৰিকৰ মৌলিক অধিকাৰ সংবিধানৰ দ্বাৰা সুৰক্ষিত। নাগৰিকসকলৰ ৰাজনৈতিক দল আৰু অন্যান্য সংগঠনত যোগদান কৰাৰ অধিকাৰ আছে।

আনহাতে

স্বৈৰশাসন :

একনায়কত্বত, মৌলিক অধিকাৰৰ ওপৰত সামান্য গুৰুত্ব দিয়া হয়, সাধাৰণতে জনসাধাৰণক নিৰন্তৰ আৰক্ষী, নিৰীক্ষণ আৰু বৰ্বৰতাৰ সন্মুখীন কৰা হয়।

 

(ঞ)

গণতন্ত্ৰ:

প্ৰাচীন গ্ৰীচত গণতন্ত্ৰৰ প্ৰাচীনতম প্ৰকাৰদেখা গৈছিল এইটো সাধাৰণতে স্বীকাৰ কৰা হয় যে এথেনীয়সকলে খ্ৰীষ্টপূৰ্ব 508-507 চনত প্ৰথম গণতন্ত্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল। গণতন্ত্ৰ এই অৰ্থত প্ৰাথমিক আছিল যে কেৱল এথেন্সৰ মুক্ত পুৰুষেহে ভোট দিব পাৰে কিন্তু মহিলা আৰু দাসনহয়।

আনহাতে

স্বৈৰশাসন :

প্ৰাচীন ৰোমৰ লুছিয়াছ কৰ্ণেলিয়াছ চুল্লা ফেলিক্স আৰু গাইউছ জুলিয়াছ চিজাৰক প্ৰথম স্বৈৰশাসক হিচাপে গণ্য কৰিব পাৰি।

 

 

 

 

(A)

Democracy:

In a democracy the leader of the party with the most votes is in control, but they still have to answer to their political party, and the voters.

On the Other hand,

Dictatorship :

In a dictatorship there’s just one leader who has total control over the party and the country. Often propaganda, as well as genuine support, will paint them as the people’s hero.

 

(B)

Democracy:

In a democracy, political parties represent different points of view and compete for the votes of the electorate. In a democracy political power is secured by winning a fair election.

On the Other hand,

Dictatorship :

In a dictatorship the government tightly controls all aspects of the state and will often ban or tightly control groups and meetings.

 

(C)

Democracy:

In a democracy, newspapers are free to print the truth and can criticise the government when mistakes are made or if there’s disagreement. On the Other hand,

Dictatorship :

A dictatorship completely disregards the rights of individual citizens. The government and state will try to control all citizens through laws, police, spying and force. The government and state is the most important thing to a dictatorship.

 

(D)
Democracy
:

In a democracy, there’s usually less control over the films and books people can enjoy.

On the Other hand,

Dictatorship :

In a dictatorship, there is only one party – all opposition is destroyed and banned. Totalitarian states don’t allow opposition or elections.

 

(E)

Democracy:

In a democracy, the government has less control over how people spend their time and what they believe. People are free to join clubs, political parties and other groups.

On the Other hand,

Dictatorship :

The government in a dictatorship controls every element of people’s lives, including radio, cinema and newspapers.

 

(F)

Democracy:

The head of the country in a democratic government is the one who gets the most support in the form of votes in a general election. They also have the additional responsibility of ensuring the welfare of the electorate.

On the Other hand,

Dictatorship :

One individual is the sole authority of the country with no institution to keep its power in check.

 

(G)

Democracy:

Political control in a country is provided through free and fair elections, with two or more political parties being involved.

On the Other hand,

Dictatorship :

In a dictatorship no elections take place or they are heavily regulated by restricting the number of political parties and limiting gatherings and associations.

 

(H)

Democracy:

The media in a democratic form of government is known as the fourth pillar of democracy as they  watch the government’s every move and criticise it should any misstep is taken.

On the Other hand,

Dictatorship :

The media is the mouthpiece of a dictatorial government. Regardless of what a dictator does, the media will only show what needs to be shown to the masses so that a cult of personality is always maintained.

 

(I)

Democracy:

In a democracy, the fundamental rights of the citizen are protected by the constitution. Citizens have the right to join political parties and other organizations.

On the Other hand,

Dictatorship :

In a dictatorship, little importance is given to fundamental rights, with the populace being generally subjected to constant policing, monitoring and brutality.

 

(J)

Democracy:

The earliest forms of democracy appeared in Ancient Greece It is generally accepted that the Athenians established what is held as the first democracy in 508–507 BC. The democracy was rudimentary in the sense that only free-males of Athens could cast their votes but not women and slaves.

On the Other hand,

Dictatorship :

Lucius Cornelius Sulla Felix and Gaius Julius Ceaser of Ancient Rome can be considered as the first dictators.

 

 

১১গণতন্ত্রৰ বৈশিষ্ট্যবোৰ লিখা ।

Write down the characteristics of Democracy.

Answer:

গণতন্ত্র হৈছে জনগণক লৈ গঠিত, জনগণৰ দ্বাৰা আরু জনগণৰ বাবে পৰিচালিত শাসন ব্যৱস্থা ।

 গণতন্ত্রৰ কেতবোৰ বৈশিষ্ট্য তলত আলোচনা কৰা হল ।

() প্রতিনিধিত্বমূলকঃ

গণতন্ত্রত সাধাৰণতে বিভিন্ন নাগৰিকে প্রতিনিধিত্ব কৰাৰ সুযোগ পায় । বর্তমান দেশত প্রতিনিধিত্বমূলক গণতন্ত্র বিৰাজমান হৈ আছে ।

 

() নির্বাচনাত্মকঃ

গণতন্ত্রত প্রতিনিধি সকলক নির্বাচনৰ জৰিয়তে ৰাইজে বা নাগৰিক সকলে বাছনি কৰে

 

() সংখ্যাগৰিষ্ঠতাঃ

গণতন্ত্রত সংখ্যাগৰিষ্ঠা লাভ কৰা প্রার্থী আরু দলে আসন আরু ক্ষমতা দখল কৰে

 

() সংখ্যালঘু-সংখ্যাগুরুৰ সম স্বার্থঃ

গণতন্ত্রত সংখ্যালঘু আরু সংখ্যাগুরু সকলো নাগৰিকৰ পক্ষে সুযোগ-সুবিধা বিবেচনা কৰা হয় ।

 

() জনমতৰ প্রাধান্যঃ

গণতন্ত্র সাধাৰণতে জনমতৰ ওপৰত গঢ়ি উঠে যাক গণতন্ত্রৰ প্রাণবোলা হয় ।

 

() জনসাধাৰণৰ চৰম ক্ষমতাঃ

গণতন্ত্রত জনসাধাৰণৰ ওচৰত চৰম ক্ষমতা থাকে অর্থাৎ গণতন্ত্র সকলো দিশ জনসাধাৰণৰ ওপৰত নির্ভৰ কৰে

 

() সমতাঃ

গণতন্ত্রত সমতাৰ ভেটি হিচাপে প্রতিষ্ঠিত যত সকলো শ্রেণীৰ নাগৰিকে সম-সুযোগ লাভ কৰে

 

() দলীয় ব্যৱস্থাঃ

গণতন্ত্রৰ এক মূল বৈশিষ্ট্য হৈছে দল । গণতন্ত্র কোনো নিৰ্দিষ্ট এক বা একাধিক মিত্র দলৰ জৰিয়তে পৰিচালিত হয় ।

 

() বিৰোধী দলৰ ভূমিকাঃ

গণতন্ত্রত বিৰোধী দলসমূহে মুখ্য ভূমিকা গ্রহণ কৰেবিৰোধী দল সমূহে গণতন্ত্র ৰখাত চৰকাৰক মনোনিবেশ আরু হেচা প্রয়োগ কৰে

 

() ৰাইজৰ চৰকাৰঃ

গণতন্ত্র হৈছে ৰাইজৰ চৰকাৰ যত ৰাইজেই হৈছে সৰ্বে-সৰ্বা ৷

 

১৩মাৰ্ক্সীয় গণতন্ত্রৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা

উত্তৰঃ দাৰ্শনিক কাৰ্ল মাস্কৰ আদৰ্শত প্রতিষ্ঠিত হোৱা গণতন্ত্রৰ নীতি-নিয়ম, ৰাজনৈতিক কারু-কাৰ্য, ৰাজনৈতিক-সামাজিক উদ্দেশ্য আদিৰ সমষ্টিৰে সৃষ্ট গণতন্ত্রক, মাৰ্ক্সীয় গণতন্ত্র বোলা হয় ।

মাৰ্ক্সীয় গণতন্ত্রৰ মূল বৈশিষ্ট্যবোৰ হৈছেঃ

() গণ-নিয়ন্ত্রণঃ

মাৰ্ক্সীয় গণতন্ত্রত আমোলাতন্ত্রৰ প্রভাৱ নৎসাত কৰি ৰাইজৰ সক্রিয় অংশগ্রহণ আরু তৎপৰতাক স্বীকাৰ কৰে

 

() আদৰ্শ ধর্ম নিৰপেক্ষ সমাজঃ

মাৰ্ক্সীয় গণতন্ত্রত কুসংস্কাৰ, অন্ধ বিশ্বাস আদি গুৰামিসমূহৰ অৱসান ঘটায় বৈজ্ঞানিক-প্রগতিশীল দৃষ্টিভংগীৰে এখন আদৰ্শ ধর্ম নিৰপেক্ষ সমাজ গঢ়াত মনোনিবেশ কৰে

 

() ব্যক্তি-স্বাধীনতাৰ উপলব্ধিঃ

মাৰ্ক্সীয় গণতন্ত্রত সকলো নাগৰিককে সমানে ৰাজনৈতিক আরু সামাজিক অধিকাৰ সমূহ উপভোগ কৰাৰ সুবিধা প্রদান কৰাত জোৰ দিয়ে ।

 

() একদলীয় ব্যৱস্থাঃ

মাৰ্ক্সীয় গণতন্ত্রত এটা দলক(কমিউনিষ্ট দল) অধিক প্রাধান্য অৰ্পণ কৰেগণতান্ত্রিক কেন্দ্রিকতাৰ নীতিৰে এটা দলৰ মাধ্যমেৰে সকলো শ্রেণীৰ লোকৰ স্বার্থ পূৰণত মাৰ্ক্সীয় গণতন্ত্রই গুরুত্ব প্রদান কৰে

 

() ব্যক্তিগত মালিকানাস্বত্বৰ বিলোপসাধনঃ

 মাৰ্ক্সীয় গণতন্ত্রত ব্যক্তিগত মালিকানাস্বত্বৰ বিলোপসাধন কৰি সামাজিক নিয়ন্ত্রণ আরু সামাজিক মালিকানাৰ প্রতিষ্ঠাপন কৰে

 

() সৰ্বহাৰাৰ আন্তৰ্জাতিকতাঃ

মাৰ্ক্সীয় গণতন্ত্রত সংকীৰ্ণ জাতীয়তাবাদ নীতিক পৰিহাৰ কৰি মানুহৰ জাতীয় মুক্তিৰ মাধ্যমেৰে আরু পৃথিৱীৰ শ্রমজীৱী মানুহৰ ঐক্যসাধনৰ অর্থে সৰ্বহাৰাৰ আন্তৰ্জাতিকতাবাদ গঠন কৰে

 

() ন্যায়-পালিকাৰ প্রাধান্যঃ

 মাৰ্ক্সীয় গণতন্ত্রত ন্যায়-পালিকাৰ মুখ্য কর্ম হৈছে- সমাজতন্ত্রক সুদৃঢ় কৰা আরু শত্রুসকলক শাস্তিপ্রদান কৰাইয়াত, ন্যায় পালিকাই সমাজতান্ত্রিক স্বাৰ্থক ৰক্ষনাবেখন দিয়ে ।

 

() সম-অধিকাৰৰ স্বীকৃতিপ্রদানঃ

মাৰ্ক্সীয় গণতন্ত্রত সামাজিক, অর্থনৈতিক আরু ৰাজনৈতিক অধিকাৰসমূহক ৰাষ্ট্রই স্বীকৃতি আরু সুৰক্ষা প্রদান কৰে যাতে সকলো নাগৰিকে ইয়াক সমানভাবে গ্রহণ কৰে

 

() শ্রমিক আরু কৃষকৰ সর্বহাৰা শ্রেণীঃ

মাৰ্ক্সীয় গণতন্ত্রত শ্রমিক আরু কৃষকৰ সর্বহাৰা শ্রেণীটোক প্রাধান্য দিয়ে যাতে শ্রেণী শোষণ বা শ্রেণী-দ্বন্দ্বৰ সৃষ্টি নহয় ।

 

() সমগ্র জনসাধাৰণৰ গণতন্ত্রঃ

মাৰ্ক্সীয় গণতন্ত্রত সকলো জনসাধাৰণৰ গণতন্ত্রক ৰক্ষা আরু বৰ্তাই ৰখাত সমূহিয়াকৈ পৰিকল্পনা আরু মনোগ্রাহি হয় যাতে সামগ্রিকভাৱে সকলো নাগৰিকৰ ক্ষেত্রত গণতন্ত্র প্রাপ্ত হয় ।

 

১৭। বহুত্ববাদী গণতন্ত্রৰ বৈশিষ্ট্যবোৰ কি কি / আলোচনা কৰা

(What are the characteristics of the Pluralist Democracy?)

উত্তৰঃ

বহুত্ববাদী গণতন্ত্র বুলি কলে এনে এক উদাৰনীতিবাদী গণতন্ত্রক বুজা যায় যত এখন ৰাষ্ট্রৰ গণতন্ত্রৰ নীতি-নিয়ম, কারু-কাৰ্য, সমস্যা সমাধান প্রক্রিয়া আদি কাৰ্যাৱলী, আন এখন ৰাষ্ট্র বা আন বেলেগ ৰাষ্ট্রৰ আদৰ্শ আরু প্রভাৱত পৰিচালনা হয় লগতে ক্রমবৰ্ধমান পাৰস্পৰিক নিৰ্ভৰতা প্রতিফলিত হয় ।

বহুত্ববাদী গণতন্ত্রৰ মুখ্য বৈশিষ্ট্যবোৰ হৈছে-

(ক) পৰিৱৰ্তনশীল বিশ্বৰ প্রৱণতাঃ

বহুত্ববাদী গণতন্ত্রত পৰম্পৰাগত নীতিসমূহৰ পৰিৱৰ্তে এক নব্য পৰিৱৰ্তনশীল বিশ্বৰ লক্ষণ আরু নীতিসমূহ গ্রহণ কৰে

 

(খ) ক্রমবৰ্ধমান পাৰস্পৰিক নিৰ্ভৰতাঃ

বহুত্ববাদী গণতন্ত্রত এখন দেশে আন এখন দেশৰ প্রতি ক্রমবৰ্ধমান পাৰস্পৰিক নিৰ্ভৰতাক স্বীকাৰ কৰে

 

(গ) আন্তৰ্জাতিক সহযোগিতাঃ

বহুত্ববাদী গণতন্ত্রত বিভিন্ন কারু-কাৰ্যত আন্তৰ্জাতিক সহযোগিতাৰ মাধ্যমেৰে অগ্রসৰ হয় ।

 

(ঘ) বিভিন্ন প্রতিদ্বন্দ্বী আরু গোষ্ঠী আমোলাৰ প্রভাৱঃ

বহুত্ববাদী গণতন্ত্রত ‘ৰাষ্ট্রই একমাত্র কর্মকর্তা’, এই বিষয়ক পৰিহাৰ কৰি ৰাষ্ট্রৰ সিদ্ধান্তবোৰত বিভিন্ন প্রতিদ্বন্দ্বী ব্যক্তি, গোষ্ঠী আরু আমোলাৰ সিদ্ধান্তক মনোনিবেশ কৰে ।  

 

(ঙ) যুক্তিবাদী কর্মকর্তাক অস্বীকাৰঃ

বহুত্ববাদী গণতন্ত্রত দেশৰ সকলো বিষয়সমূহত যুক্তিবাদী কর্মকর্তাক গ্রহণ নকৰে

 

(চ) সংখ্যালঘিষ্ঠৰ অংশগ্রহণঃ

বহুত্ববাদী গণতন্ত্রত ৰাষ্ট্রৰ শাসন কাৰ্যবোৰত বিশেষকৈ ৰাজনৈতিক ক্ষেত্রত সংখ্যালঘিষ্ঠসকলৰ অংশগ্রহণ কৰাৰ সুযোগ-সুবিধা প্রদান কৰে

 

(ছ) নিয়ন্ত্রণ আরু ভাৰসাম্য নীতিক অনুসৰণঃ

  বহুত্ববাদী গণতন্ত্রত আন ৰাষ্ট্রসমূহৰ নীতি আরু আদর্শৰে নিয়ন্ত্রণ আরু ভাৰসাম্য ৰক্ষাৰ ক্ষেত্রত অহোপুরুষাৰ্থে চেষ্টা কৰে

 

(জ) সংখ্যালঘুৰ স্বাধীনতাক স্বীকৃতি প্রদানঃ

বহুত্ববাদী গণতন্ত্রত ৰাষ্ট্রখনত থকা সংখ্যালঘু নাগৰিকসকলৰ স্বাধীনতাসমূহৰ ৰক্ষণাবেক্ষণ আরু স্বীকৃতি প্রদান কৰে

 

(ঝ) প্রতিদ্বন্দ্বিতামূলক নিৰ্বাচনৰ ব্যৱস্থাঃ

বহুত্ববাদী গণতন্ত্রত আনবোৰ ৰাষ্ট্রৰ দৰে নিৰ্দিষ্ট এক সময় সীমাৰ মুৰে মুৰে প্রতিদ্বন্দ্বিতামূলক নিৰ্বাচনত ব্যৱস্থা কৰা হয় ।

 

(ঞ) ৰাষ্ট্রীয় কর্মপদ্ধতিৰ বিভিন্নতাঃ

বহুত্ববাদী গণতন্ত্রত ৰাষ্ট্রীয় কর্মপদ্ধতিসমূহত আন আন ৰাষ্ট্রৰ নীতি-আদর্শ গ্রহণ কৰে যিয়ে এক বিভিন্নতাৰ পৰিচৰ্যাক প্রকাশ কৰে । 

 

১৮। গণতন্ত্রৰ বিভিন্ন তত্ত্বসমূহ কি কি? এই তত্ত্বসমূহ বহলাই লিখা ।

What are the various theories of Democracy?  Write elaborately these theories.

Answer:

ভিন্নজন ৰাজনীতিজ্ঞই গণতন্ত্রক বিভিন্ন তত্ত্বত আলোচনা আরু ভাগ কৰিছে । সেইবোৰ হৈছে-

 

(ক) সনাতন বা ক্লাচিকেল গণতন্ত্র (Classical Democracy):

প্রাচীনকালত গ্রীছ দেশত উৎপত্তি হোৱা সনাতন বা ক্লাচিকেল গণতন্ত্রত ব্যক্তিক ৰাষ্ট্রৰ এক অন্যতম অংগ হিচাপে বিবেচনা কৰি সৎ-শান্তি জীৱন-যাপন কৰাৰ অর্থে  নগৰৰাষ্ট্রক মুখ্য কেন্দ্র হিচাপে বিবেচনা কৰিছিল আরু দেশৰ জনগণে শাসন কাৰ্যত পোণপটীয়াকৈ অংশগ্রহণ কৰাৰ সুযোগ লাভ কৰিছিল । সনাতন ৰাজনীতিত সৈনিক, বিধানমণ্ডলৰ সদস্য, বিচাৰক আদি স্বরূপে ৰাষ্ট্রৰ কাম-কাজসমূহৰ প্রত্যক্ষভাৱে অংশগ্রহণ কৰা আরু দায়িত্বগ্রহণ কৰাৰ লোকবোৰকহে নাগৰিক হিচাপে স্বীকৃতি প্রদান কৰিছিল য’ত দাসসকলক নাগৰিক হিচাপে বিবেচনা কৰা হোৱা নাছিল । আলোচনাৰ জৰিয়তে প্রায় বোৰ সমস্যা আরু সিদ্ধান্তৰ নীতি নির্ধাৰণ কৰিছিল ।

 

(খ) অংশগ্রহী (অংশীদাৰী) গণতন্ত্র (Participatory Democracy):

রুচো, জন ষ্টুয়াৰ্ট মিল আদি ৰাজনীতিজ্ঞই আগবঢ়োৱা এই অংশগ্রহী (অংশীদাৰী) গণতন্ত্র তত্ত্ব অনুসৰি, গণতন্ত্রত প্রতিজন ব্যক্তিৰ ৰাজনৈতিক সিদ্ধান্তক গ্রহণ কৰা আরু ব্যক্তিস্বাৰ্থ ৰক্ষাৰ লগতে সুশাসন সুনিৰ্দিষ্ট কৰাতো গণতন্ত্রৰ মুখ্য নীতি । রুচো আরু মিলে আগবঢ়োৱা মত অনুসৰি, নাগৰিকৰ সক্রিয়তা, জনস্বাৰ্থজনিত কাৰ্যাৱলী, জনকল্যাণ, স্থানীয় গণতন্ত্রক শক্তিশালী কৰা, সামাজিক শিক্ষা, সুশাসনৰ জৰিয়তে এখন সুস্থ স্বাভাৱিক সমাজ গঢ়া, ক্ষমতাৰ অপব্যৱহাৰ ৰোধ কৰা আদি হৈছে অংশগ্রহী (অংশীদাৰী) গণতন্ত্রৰ মূল নীতি আরু আদর্শ । 

 

(গ) উদাৰনৈতিক গণতন্ত্রঃ

 উদাৰ বা উদাৰনৈতিক গণতন্ত্রক সাধাৰণ দুই ভাগত ভাগ কৰা হয়সনাতন উদাৰনৈতিক গণতন্ত্র আরু  আধুনিক উদাৰনৈতিক গণতন্ত্র

 

সনাতন উদাৰনৈতিক গণতন্ত্রঃ

 

হব্‌হাউচৰ মতে, পুৰণি বিট্রেইনৰ দৰে দেশত সামন্ততন্ত্র, অভিজাত সম্প্রদায়ৰ শাসন আরু যাজক সম্প্রদায়ৰ ক্ষমতাৰ বিরুদ্ধে সংগ্রাম পৰিচালনা কৰাৰ সময়ত সমাজত মধ্যবৃত্ত শ্রেণীৰ উৎপত্তি হোৱাৰ ফলত সমাজত এক সামাজিক চাপ আরু সামাজিক পৰিৱৰ্তনৰ সৃষ্টি হৈছিল । ইয়াৰ ফলত ৰাষ্ট্রসমূহৰ জনগণৰ মাজত স্বাধীনতাকেন্দ্রিক এক মানসিকতা আরু নীতিসমূহৰ আৰ্বিভাব হৈছিল আরু ইয়েই সনাতন উদাৰনৈতিক গণতন্ত্র হিচাপে প্রতিষ্ঠিত হৈছিল । জেমচ্‌ মিল, হাৰ্বাৰ্ট স্পেঞ্চাৰ, জেৰেমি বেন্থাম, আদি দাৰ্শনিকসকলে সনাতন উদাৰনৈতিক গণতন্ত্রৰ সমর্থক আছিল । সনাতন উদাৰনৈতিক গণতন্ত্রৰ মূল বৈশিষ্ট্য আরু নীতিসমূহ হৈছে- () ৰাজনৈতিক স্বাধীনতা, () সামাজিক স্বাধীনতা, () ব্যক্তিগত স্বাধীনতা, () অবাধ বাণিজ্য স্বাধীনতা, () পৰিয়ালসম্পর্কীয় স্বাধীনতা, () ব্যক্তিগত সম্পদ আরু অর্থনৈতিক অধিকাৰ, () প্রশাসনিক, জাতিগত আরু ভৌগোলিক স্বাধীনতা, () আত্মনিয়ন্ত্রৰ অধিকাৰ আরু জাতিগত সাম্যৰ অধিকাৰ, () আন্তৰ্জাতিক স্বাধীনতা, আদি । 

 

আধুনিক উদাৰনৈতিক গণতন্ত্রঃ

আধুনিক উদাৰনৈতিক গণতন্ত্রত সনাতন উদাৰনৈতিক গণতন্ত্রৰ কিছু সংশোধনী রূপ এটা পৰিস্ফুটিত হয় । ইয়াৰ মূল দিশ, নীতি আরু বৈশিষ্ট্যসমূহ হৈছে- (অ)সংবিধানৰ প্রাধান্য, (আ)সংখ্যালঘুসকলৰ স্বার্থৰ সংৰক্ষণ, (ই)বহুদলীয় ব্যৱস্থা, ব্যক্তিগত সম্পত্তিৰ অধিকাৰ, (ঈ)সাৰ্বজনীন প্রাপ্তবয়স্কৰ ভোটাধিকাৰ, (উ)আমোলাতন্ত্রৰ প্রাধান্য আদি ।

 

(ঘ) মাৰ্ক্সীয় গণতন্ত্র (Marxist Democracy):

দাৰ্শনিক কাৰ্ল মাস্কৰ আদৰ্শত প্রতিষ্ঠিত হোৱা গণতন্ত্রৰ নীতি-নিয়ম, ৰাজনৈতিক কারু-কাৰ্য, ৰাজনৈতিক-সামাজিক উদ্দেশ্য আদিৰ সমষ্টিৰে সৃষ্ট গণতন্ত্রক, মাৰ্ক্সীয় গণতন্ত্র বোলা হয় । মাৰ্ক্সীয় গণতন্ত্রৰ মূল নীতি, আদর্শ আরু বৈশিষ্ট্যবোৰ হৈছে- (অ)আমোলাতন্ত্রৰ প্রভাৱ নৎসাত কৰি ৰাইজৰ সক্রিয় অংশগ্রহণ (গণ-নিয়ন্ত্রণ) আরু তৎপৰতাক স্বীকাৰ, (আ)কুসংস্কাৰ, অন্ধ বিশ্বাস আদি গুৰামিসমূহৰ অৱসান ঘটায় আদৰ্শ ধর্ম নিৰপেক্ষ সমাজ গঠন, (ই)সমানে ৰাজনৈতিক আরু সামাজিক অধিকাৰ প্রদান কৰি ব্যক্তি-স্বাধীনতাৰ উপলব্ধি, (ঈ)গণতান্ত্রিক কেন্দ্রিকতাৰ নীতিৰে একদলীয়(কমিউনিষ্ট দল) শাসন ব্যৱস্থা,  () ব্যক্তিগত মালিকানাস্বত্বৰ বিলোপসাধন, ()সংকীৰ্ণ জাতীয়তাবাদ নীতিক পৰিহাৰ কৰি সৰ্বহাৰাৰ আন্তৰ্জাতিকতা নীতিক স্বীকাৰ কৰা, () ন্যায়-পালিকাৰ মাধ্যমেৰে সমাজতন্ত্রক সুদৃঢ় কৰা আরু শত্রুসকলক শাস্তিপ্রদান কৰা () সম-অধিকাৰৰ স্বীকৃতিপ্রদান, (ঐ)শ্রমিক আরু কৃষকৰ সর্বহাৰা শ্রেণীটোক প্রাধান্য দিয়া, () সমগ্র জনসাধাৰণৰ গণতন্ত্র প্রতিষ্ঠা কৰা আদি । 

 

(ঙ) গণতন্ত্রৰ সম্ভ্রান্তবাদীৰ ধাৰণা (The Elitist Theory of Democracy):

 

পেৰেটো (Pareto),  চি. ৰাইট (C. Wright),  হেৰল্ড লচওৱেল (Harold Lasswell) আদি আধুনিক ৰাজনীতিজ্ঞ সকলে সমর্থন কৰা গণতন্ত্রৰ সম্ভ্রান্তবাদী গণতন্ত্র তত্ত্ব অনুসৰি সমাজব্যৱস্থা দুই শ্রেণী মানুহৰ দ্বাৰা পৰিচালিত হয়, শাসক এলিট বা শাসকীয় সম্ভ্রান্ত শ্রেণী আরু শাসিত সাধাৰণ জনসাধাৰণ । গণতন্ত্রৰ ‘সম্ভ্রান্তবাদী গণতন্ত্র’ৰ মতে, মানুহৰ মাজৰ অসমতা এক বাস্তৱিক ঘটনা, কাৰণ জনসাধাৰণৰ দ্বাৰা নির্বাচিত কেইজনমান মানুহে বা ক্ষমতাশালী সম্ভ্রান্ত শ্রেণীটোৱে সমাজৰ প্রায়বোৰ সুখ-সুবিধা, আৰাম, একচেটীয়া আধিপত্য আদি প্রতিষ্ঠা কৰে আরু আন লোকসকলে তেওঁলোকৰ আদেশ পালন কৰি এই কমসংখ্যক শাসকসকলক সন্তুষ্ট কৰাৰ অর্থে সদায়েই ব্যস্ত হৈ থাকে ।

 

(চ) বহুত্ববাদী গণতন্ত্র (Pluralist Democracy):

ৰবার্ট দাল, মেডিচন প্রমুখ ব্যক্তিত্ব আদি ৰাজনীতিজ্ঞসকলে সমর্থন কৰা বহুত্ববাদী গণতন্ত্র বুলি কলে এনে এক উদাৰনীতিবাদী গণতন্ত্রক বুজা যায় যত এখন ৰাষ্ট্রৰ গণতন্ত্রৰ নীতি-নিয়ম, কারু-কাৰ্য, সমস্যা সমাধান প্রক্রিয়া আদি কাৰ্যাৱলী, আন এখন ৰাষ্ট্র বা আন বেলেগ ৰাষ্ট্রৰ আদৰ্শ আরু প্রভাৱত পৰিচালনা হয় লগতে ক্রমবৰ্ধমান পাৰস্পৰিক নিৰ্ভৰতা প্রতিফলিত হয় । বহুত্ববাদী গণতন্ত্রৰ মুখ্য নীতি, আদর্শ আরু বৈশিষ্ট্যবোৰ হৈছে- (অ) পৰিৱৰ্তনশীল বিশ্বৰ প্রৱণতা, (আ)এখন দেশে আন এখন দেশৰ প্রতি ক্রমবৰ্ধমান পাৰস্পৰিক নিৰ্ভৰতা, (ই) আন্তৰ্জাতিক সহযোগিতা, (ঈ)ৰাষ্ট্রৰ সিদ্ধান্তবোৰত বিভিন্ন প্রতিদ্বন্দ্বী ব্যক্তি, গোষ্ঠী আরু আমোলাৰ সিদ্ধান্তক মনোনিবেশ কৰা, (উ)দেশৰ সকলো বিষয়সমূহত যুক্তিবাদী কর্মকর্তাক অস্বীকাৰ কৰা, (ঊ)ৰাষ্ট্রৰ শাসন কাৰ্যবোৰত সংখ্যালঘিষ্ঠৰ অংশগ্রহণ সু-নিশ্চিত কৰা, (ঋ)আন ৰাষ্ট্রসমূহৰ নীতি, নিয়ন্ত্রণ আরু ভাৰসাম্য নীতিক অনুসৰণ কৰা, (এ) সংখ্যালঘুৰ স্বাধীনতাক স্বীকৃতি প্রদান কৰা, (ঐ)নিৰ্দিষ্ট এক সময় সীমাৰ মুৰে মুৰে প্রতিদ্বন্দ্বিতামূলক নিৰ্বাচনত ব্যৱস্থা কৰা,  (ও)আন আন ৰাষ্ট্রৰ নীতি-আদর্শৰে ৰাষ্ট্রীয় কর্মপদ্ধতিৰ বিভিন্নতাক গ্রহণ কৰা আদি । 

 

১৯। অধিকাৰৰ অৰ্থ লিখা আরু ইয়াৰ লগত জড়িত ধাৰণা ব্যাখ্যা কৰা

উত্তৰঃ অধিকাৰৰ অর্থঃ

অধিকাৰ বুলিলে সাধাৰণত অর্থত নিজ ইচ্ছা অনুসৰি কর্ম কৰাৰ স্বাধীনতাক বুজায় । ৰাজনীতি বিজ্ঞানৰ অধিকাৰ বুলিলে গণতন্ত্র আরু আইনৰ সীমাবদ্ধতাত থাকি মানুহৰ অধিকাৰ বা প্রাপ্যসমূহক ভোগ কৰাৰ কথাক ব্যক্ত কৰে

 

অধিকাৰে এনে এক পৰিৱেশৰ কথাক সূচায় যত ব্যক্তিৰ নৈতিক উৎকর্ষ সাধন কৰাৰ উদ্দেশ্যে উপযুক্ত আভ্যন্তৰীণ আরু বাহ্যিক পৰিৱেশ উপলব্ধ থাকে । এখন গণতান্ত্রিক দেশত, অধিকাৰ বুলিলে এনে কিছুমান দাবীক বুজায় যিবোৰে জনসাধাৰণৰ সামূহিক কল্যাণ সাধন কৰিবলৈ চেষ্টা কৰে 

 

অধিকাৰৰ লগত জড়িত ধাৰণাঃ

অধিকাৰৰ সৈতে মূলতঃ তিনিটা মূল ধাৰণা জড়িত হৈ আছে । সেয়া হৈছে-

(ক) সাৰ্বজনীন আরু সামূহিক কল্যাণ সাধনৰ দাবীঃ

অধিকাৰ হৈছে জনসাধাৰণৰ এক সাৰ্বজনীন দাবী যাৰ জৰিয়তে জনসাধাৰণৰ সামূহিক কল্যাণ সাধন কৰা হয় । অধিকাৰৰ সৈতে কোনো ব্যক্তিগত স্বার্থ জড়িত নহয় আরু জনসাধাৰণৰ প্রত্যেকটো দাবীকে অধিকাৰ বোলা নহয় বৰঞ্চ সামূহিক কল্যাণ সাধন কৰিব পৰা আরু সকলো জনসাধাৰণৰ বাবে প্রযোজ্য দাবীবোৰেই হৈছে অধিকাৰ

 

(খ) সমাজৰ দ্বাৰা স্বীকৃত দাবীঃ

অধিকাৰ হৈছে সেইবোৰ দাবীক বুজায় যিবোৰক এখন সমাজে স্বীকৃতি দিয়ে । উদাহৰণস্বরূপে- প্রায়বোৰ মানুহে নিজৰ জীৱন নাশ নহবলৈ ইচ্ছা প্রকাশ কৰে আরু ইয়াৰ পৰাই ‘জীৱনৰ অধিকাৰ’, এই দাবীটো স্বীকৃত হৈছে । অর্থাৎ কোনো এক লাগতিয়াল/প্রয়োজনীয় দাবীক সমাজে স্বীকৃতি প্রদান কৰিলে সেইটো অধিকাৰত পৰিণত হয় ।

 

(গ)  ৰাষ্ট্রৰ দ্বাৰা স্বীকৃত দাবীঃ

সমাজৰ দ্বাৰা স্বীকৃত দাবীসমূহক ৰক্ষণা-বেক্ষণ দিয়াৰ অর্থে আইনৰ প্রয়োজনীয়তা আছে যিটো ৰাষ্ট্রৰ দ্বাৰা ৰচিত আরু পৰিচালিত হয় । সেয়ে, ব্যক্তিৰ দাবীসমূহক অধিকাৰত প্রণয়ন কৰাৰ বাবে ৰাষ্ট্রৰ স্বীকৃতিৰ প্রয়োজন হয় ।

 

 

২০। অধিকাৰৰ সংজ্ঞা দিয়া আরু ইয়াৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা

(Define Rights and explain the characteristics of Rights.)

উত্তৰঃ অধিকাৰৰ সংজ্ঞাঃ 

ৰাজনীতিবিদ আরু সমাজবিদ গ্রীণৰ মত অনুসৰি, “যি কান আনৰ সৈতে থাকি কৰিব পাৰি আরু যি কামৰ ফলস্বরূপে ব্যক্তিৰ নৈতিক উৎকর্ষ সাধন হোৱাৰ লগতে সমাজৰ সামূহিক দিশত কল্যাণ সাধন হয়, সেই কর্ম কৰাৰ স্বাধীনতাক অধিকাৰ বোলে ”   

বেণী প্রসাদ (Beni Prasad) ৰ মতে, “অধিকাৰ হৈছে ব্যক্তিত্ব প্রকাশৰ বাবে প্রয়োজনীয় কিছু সামাজিক অৱস্থা; এনে অৱস্থাতকৈ অধিকাৰ বেছিও নহয়, কমো নহয় ।

বোছাংকুয়েট মত অনুসৰি, “সমাজে স্বীকৃত দিয়া যিবোৰে দাবী ৰাষ্ট্রই বলবৎ কৰে, সেই দাবীবোৰকে অধিকাৰ বোলে ।

 

অধিকাৰৰ কেতবোৰ বৈশিষ্ট্য তলত আলোচনা কৰা হ’ল ।

(ক) অধিকাৰ প্রয়োজনীয়তাৰ সৈতে জড়িতঃ

নাগৰিক আরু সাধাৰণ জনসাধাৰণৰ অতীব বা অতিকৈ প্রয়োজনীয় দাবীসমূহেই হৈছে অধিকাৰঅর্থাৎ অধিকাৰ মানুহৰ প্রয়োজনীয়তাৰ সৈতে সম্পর্ক আছে ।

 

(খ)অধিকাৰ জনসাধাৰণৰ সৰ্বোচ্চ বিকাশৰ আহিলাঃ

অধিকাৰৰ এক নৈতিক দিশ এইয়ে যে অধিকাৰে জনসাধাৰণক সৰ্বোচ্চ বিকাশত সুবিধা প্রদান কৰিব লাগে ।

 

(গ) অধিকাৰৰ লগত কৰ্তব্যৰ সম্পর্কঃ

শিক্ষাবিদ শ্রীনিবাস শাস্ত্রীৰ মত অনুসৰি ‘অধিকাৰ আরু কৰ্তব্য এটা মুদ্রাৰ দুটা পিঠিৰ নিচিনা’ । এজন লোকৰ অধিকাৰ ভোগ কৰাৰ সুযোগ দিয়াটো আন এজন লোকৰ কৰ্তব্য আরু কৰ্তব্যৰ মাধ্যমেৰেহে অধিকাৰ ভোগ কৰাৰ সুবিধা লাভ কৰিব পাৰি

 

(ঘ) অধিকাৰ চৰম বা বাধাহীন নহয়ঃ

      কোনো অধিকাৰৰ চৰম সীমা নাই যে জনসাধাৰণে ইয়াৰ প্রয়োগেৰে শান্তি-শৃংখলা ভংগ কৰিব । আইনৰ সীমাবদ্ধতাৰ মাজত থাকিহে অধিকাৰক ভোগ কৰাৰ ব্যৱস্থা আছে ।

 

(ঙ) অধিকাৰ পৰিৱৰ্তনশীলঃ

 পৰিৱেশ আরু পৰিৱৰ্তিত পৰিস্থিতিত অধিকাৰ পৰিৱৰ্তনশীল হয় । কোনো এক বিশেষ সময়ত কৰা দাবী, পৰিস্থিতি আরু পৰিৱেশৰ পৰিৱৰ্তন হোৱাৰ পিছত তেনে দাবী উত্থাপন গ্রহণ যোগ্য নহবও পাৰে

 

(চ) অধিকাৰক ৰাষ্ট্রই সুৰক্ষা প্রদান করেঃ

অধিকাৰ সমূহক এখন দেশৰ ৰাষ্ট্র আরু আইনে সুৰক্ষা প্রদান কৰেসংবিধানৰ কিছুমান অনুচ্ছেদ (১৪, ১৬ etc )ৰ মাধ্যমেৰে কোনোৱে অধিকাৰ খর্ব কৰিলে অভিযোগ দাখিল কৰিব পাৰে

 

(ছ)ব্যক্তিৰ মৰ্যদাৰ সৈতে অধিকাৰ সম্পর্কিতঃ 

ব্যক্তিভেদে মৰ্যদাৰ সৈতে অধিকাৰ সম্পর্কিত হৈ আছে । এখন ৰাষ্ট্রত, দেশৰ হকে অৰিহণা যোগোৱা ব্যক্তিসকলৰ, অৰিহণা নোযোগোৱা ব্যক্তিসকলতকৈ কিছুমান দিশত অধিক অধিকাৰ ভোগ কৰাৰ সুযোগ প্রদান কৰা হয় ।   

 

(জ)অধিকাৰ সাৰ্বজনীন আরু সামূহিক কল্যাণ সাধনৰ দাবীঃ

অধিকাৰ হৈছে জনসাধাৰণৰ এক সাৰ্বজনীন দাবী যাৰ জৰিয়তে জনসাধাৰণৰ সামূহিক কল্যাণ সাধন কৰা হয় । অধিকাৰৰ সৈতে কোনো ব্যক্তিগত স্বার্থ জড়িত নহয় আরু জনসাধাৰণৰ প্রত্যেকটো দাবীকে অধিকাৰ বোলা নহয় বৰঞ্চ সামূহিক কল্যাণ সাধন কৰিব পৰা আরু সকলো জনসাধাৰণৰ বাবে প্রযোজ্য দাবীবোৰেই হৈছে অধিকাৰ

 

(ঝ) অধিকাৰ সমাজৰ দ্বাৰা স্বীকৃত দাবীঃ

অধিকাৰ হৈছে সেইবোৰ দাবীক বুজায় যিবোৰক এখন সমাজে স্বীকৃতি দিয়ে । উদাহৰণস্বরূপে- প্রায়বোৰ মানুহে নিজৰ জীৱন নাশ নহবলৈ ইচ্ছা প্রকাশ কৰে আরু ইয়াৰ পৰাই ‘জীৱনৰ অধিকাৰ’, এই দাবীটো স্বীকৃত হৈছে । অর্থাৎ কোনো এক লাগতিয়াল/প্রয়োজনীয় দাবীক সমাজে স্বীকৃতি প্রদান কৰিলে সেইটো অধিকাৰত পৰিণত হয় ।

 

(ঞ)  অধিকাৰ ৰাষ্ট্রৰ দ্বাৰা স্বীকৃত দাবীঃ

সমাজৰ দ্বাৰা স্বীকৃত দাবীসমূহক ৰক্ষণা-বেক্ষণ দিয়াৰ অর্থে আইনৰ প্রয়োজনীয়তা আছে যিটো ৰাষ্ট্রৰ দ্বাৰা ৰচিত আরু পৰিচালিত হয় । সেয়ে, ব্যক্তিৰ দাবীসমূহক অধিকাৰত প্রণয়ন কৰাৰ বাবে ৰাষ্ট্রৰ স্বীকৃতিৰ প্রয়োজন হয় ।

 

 

২১। অধিকাৰৰ সংজ্ঞা দিয়া আরু বিভিন্ন প্রকাৰৰ অধিকাৰৰ বিষয়ে আলোচনা কৰা

(Define Rights and discuss the various classes of Rights.)

উত্তৰঃ

অধিকাৰৰ সংজ্ঞাঃ 

ৰাজনীতিবিদ আরু সমাজবিদ গ্রীণৰ মত অনুসৰি, “যি কান আনৰ সৈতে থাকি কৰিব পাৰি আরু যি কামৰ ফলস্বরূপে ব্যক্তিৰ নৈতিক উৎকর্ষ সাধন হোৱাৰ লগতে সমাজৰ সামূহিক দিশত কল্যাণ সাধন হয়, সেই কর্ম কৰাৰ স্বাধীনতাক অধিকাৰ বোলে ।”   

বেণী প্রসাদ (Beni Prasad) ৰ মতে, “অধিকাৰ হৈছে ব্যক্তিত্ব প্রকাশৰ বাবে প্রয়োজনীয় কিছু সামাজিক অৱস্থা; এনে অৱস্থাতকৈ অধিকাৰ বেছিও নহয়, কমো নহয় ।

বোছাংকুয়েট মত অনুসৰি, “সমাজে স্বীকৃত দিয়া যিবোৰে দাবী ৰাষ্ট্রই বলবৎ কৰে, সেই দাবীবোৰকে অধিকাৰ বোলে ।

 

 

অধিকাৰক সাধৰণতে তিনিটা ভাগত ভাগ কৰা হয় । সেয়া হৈছে-

(ক) প্রাকৃতিক অধিকাৰ (Natural Rights):

সামাজিক চুক্তিৰ পৃষ্ঠপোষক লকৰ মতে, জীৱনৰ অধিকাৰ, স্বতন্ত্রতাৰ অধিকাৰ আরু সম্পত্তিৰ অধিকাৰেই হৈছে জনসাধাৰণৰ প্রাকৃতিক অধিকাৰহব্‌ছে ক্ষমতাৰ সৈতে প্রাকৃতিক অধিকাৰৰ স্বীকৃতি প্রদান কৰিছে । সমাজবিদ রুছোৰ মত অনুসৰি ৰাষ্ট্রৰ উৎপত্তিৰ আগতে যিসমূহ আদর্শ অধিকাৰৰ প্রচলিত আছিল, সেইসমূহেই হ’ল প্রাকৃতিক অধিকাৰকিন্তু বৰ্তমান সাম্প্রতিক কালত, ৰাষ্ট্রৰ উৎপত্তিৰ আগতে প্রাকৃতিক অধিকাৰ থকা বিষয়টো গ্রহণযোগ্য নহয় । সেয়েহে, গ্রীণ (Green) ৰ মত অনুসৰি এজন ব্যক্তিৰ নৈতিক উৎকর্ষ সাধন কৰাৰ উদ্দেশ্য যিসমূহ অধিকাৰৰ প্রয়োজনীয়তা আছে সেইবোৰেই হৈছে প্রাকৃতিক অধিকাৰ

 

(খ) নৈতিক অধিকাৰ (Moral Rights):

নৈতিক নীতি-নিয়ম আরু আদৰ্শসমূহক পালন কৰাৰ অর্থে জনসাধাৰণক প্রদান কৰা অধিকাৰ সমূহক নৈতিক অধিকাৰ বোলা হয় । নৈতিক অধিকাৰসমূহৰ বিৰোধিতা বা অমান্য কৰা লোকসকলক সমাজে গৰিহণা আরু সমাজচ্যুত কৰিব পাৰে কিন্তু ৰাষ্ট্রি অধিকাৰ ভংগকাৰীৰ বিপক্ষে কোনো ব্যৱস্থা গ্রহণ কৰা দেখা নাযায় ।

 

(গ) বৈধিক অধিকাৰ (Legal Rights):

বৈধিক অধিকাৰ হৈছে সেইবোৰ অধিকাৰ যিবোৰক এখন ৰাষ্ট্রৰ আইনৰ মাধ্যমেৰে জনসাধাৰণক প্রদান কৰেএই অধিকাৰ সমূহ ন্যায়পালিকা, আদালত, পুলিচ আদিৰ মাধ্যমেৰে সুৰক্ষা প্রদান কৰা হয় । ইয়াৰে উল্লেখযোগ্য বৈধিক অধিকাৰ সমূহ হৈছে-

(অ) নাগৰিক অধিকাৰ বা পৌৰ অধিকাৰঃ

নাগৰিক অধিকাৰ বা পৌৰ অধিকাৰসমূহৰ ভিতৰত মূল অধিকাৰ সমূহ হৈছে-

জীৱনৰ অধিকাৰঃ

এজন মানুহৰ জীয়াই থকাৰ অধিকাৰক সাধাৰণতে জীৱনৰ অধিকাৰ বোলা হয় । কিছুমান ৰাষ্ট্রত আত্মহত্যাৰ বাবে চেষ্টা কৰা লোকক আরু আন ব্যক্তিক হত্যা কৰাৰ অপৰাধত শাস্তিৰ ব্যৱস্থা আছে ।

 

আত্মৰক্ষাৰ অধিকাৰ (Right to Self Defence):

আত্মৰক্ষাৰ অধিকাৰ অনুসৰি কোনো এজন ব্যক্তিৰ জীৱন বিপদাপন্ন অৱস্থাত পৰিলে আত্মৰক্ষাৰ বাবে নিজে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিব পাৰেকিন্তু আত্মৰক্ষাৰ নামত অধিকাৰৰ অপপ্রয়োগ আইনে মানি নলয় ।

 

পৰিয়ালৰ অধিকাৰ (Right to Family):

পৰিয়ালৰ অধিকাৰ হিচাপে এজন লোকে বিবাহ কৰাৰ, বিবাহ-বিচ্ছেদ কৰা, ল’ৰা-ছোৱালীৰ নিয়ন্ত্রণ, সম্পত্তিৰ উত্তৰাধিকাৰ আদি বিষয়সমূহৰ অধিকাৰ প্রদান কৰে 

 

বাক্‌-স্বাধীনতা আরু মত প্রকাশৰ অধিকাৰ (The right to Freedom of Speech and Expression):

বাক্‌-স্বাধীনতাই ব্যক্তিত্বৰ প্রকাশ, প্রতিভা বিকাশ, নিজৰ মতামত প্রকাশ কৰা, যিকোনো অন্যায়ৰ বিরুদ্ধে মাত মতা, জনমত গঠন কৰা, আদি বিষয়সমূহৰ অধিকাৰ প্রদান কৰিছে । সমসাময়িকভাৱে, সংবাদ-পত্র আরু সংবাদ মাধ্যমসমূহকো স্বাধীন আরু নিৰপেক্ষ প্রচাৰ কাৰ্যৰ বাবে অধিকাৰ প্রদান কৰিছে ।

 

সংস্থা গঠনৰ অধিকাৰ (Right to form Association):

সংস্থা গঠনৰ অধিকাৰে কিছুমান লোক এক লগ হৈ যিকোনো ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, ধাৰ্মিক আদি অনুষ্ঠান বা সংস্থা তৈয়াৰ কৰাৰ অধিকাৰ প্রদান কৰিছে । লগতে, এনে সংস্থাৰ মাধ্যমেৰে সমূহীয়া মতামত প্রকাশ কৰাৰ স্বাধীনতাও প্রদান কৰি কিন্তু এইদিশত ৰাষ্ট্রৰ শান্তি আরু আইন-শৃংখল ব্যাহত কৰিব নোৱাৰে

সম্পত্তিৰ অধিকাৰ (Right to Property):

সম্পত্তিৰ অধিকাৰে জনসাধৰণক সম্পত্তিৰ উত্তৰাধিকাৰ সূত্রে দাবী কৰা, সম্পত্তিৰ অধিগ্রহণ, সম্পত্তিৰ সংৰক্ষণ, নিজৰ সম্পত্তিক বিক্রী কৰা, সম্পত্তি ক্রয় কৰা আদিৰ অধিকাৰ প্রদান কৰিছে । কিন্তু এখন ৰাষ্ট্রই কোনো ৰাজহুৱা স্বার্থত ইয়াক খর্ব কৰিব পাৰে বিশেষকৈ সমাজবাদী আদর্শৰ ৰাষ্ট্রত এই ক্ষেত্রত কিছু বাধ্য-বাধকতা আছে ।

 

শিক্ষাৰ অধিকাৰ (Right to Education):

মানুহৰ চিন্তা শক্তি বৃদ্ধি, বিচাৰ-বুদ্ধি প্রখৰ হোৱা, নাগৰিক সকলৰ নিজৰ কৰ্তব্য পালন কৰা আদি মহান উদ্দেশ্যসমূহৰ বাবে সকলো ৰাষ্ট্রতে শিক্ষাৰ অধিকাৰ প্রদান কৰা হৈছে । শিক্ষাৰ অধিকাৰ অনুসৰি, প্রত্যেকজন লোকে নুন্যতম শিক্ষা লাভ কৰাৰ অধিকাৰ আছে লগতে নিজৰ রুচি অনুসৰি শিক্ষা লাভৰো অধিকাৰ আছে ।

 

ধর্ম আরু বিবেকৰ অধিকাৰ (right to Religion and Conscience):

ধর্মৰ অধিকাৰে এজন লোকক যিকোনো ধর্ম গ্রহণ কৰা, যিকোনো ধৰ্মৰ চৰ্চা কৰা, ধৰ্মৰ প্রচাৰ কৰা, ধৰ্মীয় চিন্তা কৰা, ধর্মীয় নীতি-নিয়ম পালন কৰা, ধর্মৰ আচাৰ-ব্যৱহাৰ গ্রহণ কৰা আদিৰ অধিকাৰ প্রদান কৰেলগতে, বিবেকৰ অধিকাৰে এজন লোকক নিজৰ বিচাৰ-বুদ্ধি অনুসৰি চলাৰ অধিকাৰ প্রদান কৰিছে কিন্তু এই অধিকাৰে সমাজৰ কোনো আইন ভংগ কৰিব নোৱাৰিব ।

 

কামৰ অধিকাৰ (Right to Work):

নাগৰিক সকলৰ মৌলিক প্রয়োজনসমূহ পূৰণ কৰাৰ অর্থে চীন, রুছিয়া আদি দেশত কামৰ অধিকাৰ প্রদান কৰিছে । ভাৰতবর্ষত কামৰ অধিকাৰক নিৰ্দেশাত্মক নীতিত অন্তর্ভুক্ত কৰিছে ।

 

চুক্তি স্বাক্ষৰ কৰাৰ অধিকাৰ (Right to Contract):

যিকোনো কৃষি, উদ্যোগ, ব্যৱসায়-বাণিজ্য আদিৰ ক্ষেত্রত বৈধভাৱে আরু বৈধ নীতিৰে সকলো লোকৰে চুক্তি স্বাক্ষৰ কৰাৰ অধিকাৰ আছে । কিন্তু, অবৈধ হ’লে ৰাষ্ট্রই এইক্ষেত্রত হস্তক্ষেপ কৰিব পাৰে

 

সাংস্কৃতিক অধিকাৰ (Cultural Rights):

সাংস্কৃতিক অধিকাৰে সকলো লোকৰে নিজৰ নিজৰ ভাষা, সংস্কৃতি, সাহিত্য, নিজৰ সংস্কৃতিৰ বৃদ্ধি-বিকাশ আদিৰ মৌলিক অধিকাৰ প্রধান কৰিছে । ভাৰতৰ সংবিধানত তৃতীয় অধ্যায়ত এই মৌলিক অধিকাৰৰ বিষয়ে সন্নিবিষ্ট কৰিছে ।

 

আইনৰ দৃষ্টিত সমান অধিকাৰ (Equality before Law):

আইনৰ দৃষ্টিত সমান অধিকাৰে এখন ৰাষ্ট্রৰ সকলো নাগৰিকৰ বাবে আইনৰ ক্ষেত্রত সমদৃষ্টিক স্বীকাৰ কৰিছে । ধনী-দুখীয়া, উচ্চ-নীচ, সরু-ডাঙৰ, জাতি-জনজাতি, ভাষা-বৰ্ণ নির্বিশেষে আইনে সকলোকে সমান অধিকাৰ প্রদান কৰিছে ।

 

 

(আ) ৰাজনৈতিক অধিকাৰঃ

 

বৈধ অধিকাৰৰ এক মূল ভাগ হৈছে- ৰাজনৈতিক অধিকাৰ যাৰ মাধ্যমেৰে এজন নাগৰিকে প্রত্যক্ষ আরু পৰোক্ষভাৱে ৰাজনৈতিক ক্ষেত্রত অংশগ্রহণৰ সুবিধা লাভ কৰেইয়াৰে উল্লেখযোগ্য অধিকাৰ সমূহ হৈছে-

 

ভোটদানৰ অধিকাৰ (Right to Vote):

ভোটদানৰ অধিকাৰে প্রাপ্তবয়স্ক (১৮ বছৰ বা ওপৰত) নাগৰিকক বিধানসভা, নিকায়, কেন্দ্রীয় বিধানসভা আদিত জাতি-বৰ্ণ-ধৰ্ম-ভাষা নিৰ্বিশেষে সমান অধিকাৰ লাভ কৰেভোটদানৰ অধিকাৰে নাগৰিক সকলক ৰাজনীতি ক্ষমতাৰ মূল উৎস আরু সাৰ্বভৌম ক্ষমতাৰ গৰাকী হিচাপে প্রতিষ্ঠিত কৰে

 

 

নির্বাচিত হোৱাৰ অধিকাৰ (Right to be Elected):

নির্বাচিত হোৱাৰ অধিকাৰৰ জৰিয়তে নাগৰিকসকলে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ, বিধানমণ্ডলৰ সদস্য প্রাপ্তিৰ জৰিয়তে চৰকাৰী নীতিৰ সমালোচনা কৰা, বিৰোধী দলৰ ভূমিকা পালন কৰা, সংসদীয় পদ্ধতিৰ চৰকাৰৰ মাধ্যমেৰে মন্ত্রী নির্বাচন হোৱা আদি অধিকাৰ লাভ কৰে

 

 

চাকৰি লাভৰ অধিকাৰ (Right to hold Public Office):

চাকৰি লাভৰ অধিকাৰে নিৰ্দিষ্ট বয়স আরু অৰ্হতাসম্পন্ন নাগৰিকসকলক যিকোনো চাকৰিৰ বাবে আবেদন কৰাৰ অধিকাৰ প্রদান কৰেএই ক্ষেত্রত জাতি, বর্ণ, ধর্ম, ভাষা নির্বিশেষে সকলোৱে সমান অধিকাৰ লাভ কৰে কিন্তু কিছুমান অনুসূচীত জাতি, অনুসূচীত জনজাতি, বিশেষভাৱে অক্ষম ব্যক্তিসকল, মহিলা আদিৰ বাবে নিয়ম অনুসৰি আসন সংৰক্ষণৰ ব্যৱস্থা আছে ।

 

আবেদন কৰাৰ অধিকাৰ (Right to Petition):

আবেদন কৰাৰ অধিকাৰে জনসাধৰণক যিকোনো অভিযোগ আরু সমস্যাৰ বাবে কৰ্তৃপক্ষক আবেদন কৰাৰ অধিকাৰ প্রদান কৰিছে । এই ক্ষেত্রত নিৰ্দিষ্ট কৰ্তৃপক্ষই সেই আবেদন সমূহক গুরুত্ব প্রদান কৰিব লাগে ।

 

সমালোচনা কৰাৰ অধিকাৰ (Right to Criticise):

সমালোচনা কৰাৰ অধিকাৰে চৰকাৰী যিকোনো নীতিৰ বিরুদ্ধে সমালোচনা কৰাৰ অধিকাৰ প্রদান কৰিছে । বৈধভাৱে সমালোচনা কৰিলে এই ক্ষেত্রত কোনো আইনী ব্যৱস্থা গ্রহণ কৰা নহয় ।

 

অধিকাৰ বলৱৎ কৰাৰ অধিকাৰ (Right to get Right Enforced):

অধিকাৰ বলৱৎ কৰাৰ অধিকাৰে নাগৰিক সকলক অধিকাৰ সমূহ প্রয়োগ কৰাৰ ক্ষেত্রত অধিকাৰ প্রদান কৰিছে । এই ক্ষেত্রত খর্ব হ’লে নাগৰিকসকলে উচ্চ আদালত (ভাৰতৰ ২২৬ নং অনুচ্ছেদ) আরু সৰ্বোচ্চ আদালত (৩২ নং অনুচ্ছেদ)ত আবেদন জনাব পাৰে

 

প্রতিৰোধৰ অধিকাৰ (Right to Resist the State):

চৰকাৰৰ কোনো নীতিয়ে নাগৰিকসকলৰ অধিকাৰ বিপদাপন্ন কৰিলে বা খর্ব কৰিলে, নাগৰিকসকলে ইয়াৰ বিরুদ্ধে হৰতাল, প্রতিবাদ, ধর্মঘট আদিৰ জৰিয়তে চৰকাৰৰ নীতিৰ বিরুদ্ধে মাত মাতিব পাৰে আরু প্রতিৰোধ কৰিব পাৰেলগতে, চৰকাৰে মানি নললে সভা-সমিতি অনুষ্ঠিত কৰি, সংবাদ মাধ্যম আদিৰে আইনগত আরু বৈধভাৱে চৰকাৰৰ বিপক্ষে মতামত প্রকাশ কৰিব পাৰে

 

 

 

 

(ই) অর্থনৈতিক অধিকাৰ (Economic Rights):

বৈধ অধিকাৰৰ আন এক উল্লেখযোগ্য অধিকাৰ হৈছে- অর্থনৈতিক অধিকাৰ অর্থনৈতিক অধিকাৰৰ অন্তর্গত উল্লেখযোগ্য অধিকাৰসমূহ হৈছে-

 

কামৰ অধিকাৰ (Right to Work):

কামৰ অধিকাৰে নিজৰ ব্যক্তিত্ব প্রকাশ, প্রতিভা বিকাশ, ব্যক্তিৰ দক্ষতা নিৰ্ণয় আরু জীৱন-নিৰ্বাহ কৰাৰ বাবে কাম কৰাৰ অধিকাৰ প্রদান কৰিছে ।  কামৰ অধিকাৰৰ জৰিয়তে নাগৰিক সকলে জীৱন-যাপনৰ বাবে প্রয়োজনীয় সামগ্রী আরু সেৱা সমূহৰ উৎপাদনৰ মাধ্যেমেৰে কাম কৰাৰ অধিকাৰ প্রদান কৰিছে ।

 

 

উপযুক্ত মজুৰিৰ অধিকাৰ (Right to Adequate Wages):

উপযুক্ত মজুৰিৰ অধিকাৰে শ্রমিক বা কর্মচাৰীসমূহক নিজা দক্ষতা আরু অৰ্হতা অনুসৰি বেতন পোৱা, সম পৰিমাণৰ কামৰ বাবে সকলোতে সমান দৰমহা পোৱা, দৰমাহৰ পৰিমাণ নিম্নতম বা নুন্যতম প্রয়োজনসমূহ পূৰণ কৰিব পৰা আদি অধিকাৰ সমূহক নিশ্চিত কৰেদক্ষতা অনুসৰি এজন লোকক দৰমহা প্রদান নকৰিলে শোষণ কৰা বোলা হয় ।

 

 

বিশ্রাম আরু জিৰণিৰ অধিকাৰ (Right to Rest and Leisure):

বিশ্রাম আরু জিৰণিৰ অধিকাৰে শ্রমিক সকলক বিশ্রাম আরু জিৰণি প্রদান কৰাৰ অধিকাৰ দিছে । অর্থাৎ শ্রমিকসকলক এক নিৰ্দিষ্ট সময়লৈকে কামত খটুৱাব পাৰিব আরু কেতিয়াবা অধিক সময় হ’লেও তাৰ বাবে উচিত অধিক মজুৰি প্রদান কৰিব লাগিব ।

 

 

 

অর্থনৈতিক নিৰাপত্তাৰ অধিকাৰ (Right to Economic Security in the old age):

অর্থনৈতিক নিৰাপত্তাৰ অধিকাৰ সাধাৰণতে বৃদ্ধ কালত বা বৃদ্ধ লোকক, অক্ষম ব্যক্তিসকলক, আদি কর্ম কৰা অসামৰ্থ থকা ব্যক্তিসকলৰ বাবে প্রদান কৰা হয় । ইয়াৰ বাবে চৰকাৰে বৃদ্ধ লোকৰ বাবে বৃদ্ধ পেঞ্চন, অক্ষম লোকৰ বাবে বিশেষ মাহিলী পেঞ্চন, আদিৰ ব্যৱস্থা কৰি অর্থনৈতিক নিৰাপত্তাৰ অধিকাৰ বর্তাই ৰাখিছে । 

 

 

 

(ঈ) বিভিন্ন সামাজিক ব্যৱস্থাত অধিকাৰ (Rights in Different social system)

 

ভাৰতঃ

ভাৰতৰ সংবিধানৰ তৃতীয় অধ্যায়ত নাগৰিকৰ বাবে মুঠ সাতটা মৌলিক অধিকাৰ সন্নিবিষ্ট কৰিছিল, কিন্তু পাছত সম্পত্তিৰ অধিকাৰক বাদ দি বর্তমান ছয় ধৰণৰ অধিকাৰ বর্তি আছে । সেয়া হৈছে- সমতাৰ অধিকাৰ (Right to Equality), স্বাধীনতাৰ অধিকাৰ (Right to Freedom), শোষণৰ বিরুদ্ধে অধিকাৰ (Right against Exploitation), ধর্মীয় স্বাধীনতাৰ অধিকাৰ (Right to freedom of Religion), সাংস্কৃতিক আরু শিক্ষাৰ অধিকাৰ (Cultural and Educational Rights) আরু সাংবিধানিক প্রতকাৰৰ অধিকাৰ (Right to Constitutional Remedies)

 

আমেৰিকাঃ

আমেৰিকাৰ সংবিধানত প্রথমতে মৌলিক অধিকাৰ সন্নিবিষ্ট কৰা হোৱা নাছিল যদিও পাছত অংগ ৰাজ্যৰ আপত্তি সাপেক্ষে সংবিধানৰ প্রথম দহটা সংশোধনীৰ মাধ্যমেৰে ‘মৌলিক অধিকাৰ’ সন্নিবিষ্ট কৰিলে । ইলেণ্ডৰ শাসনৰ তলতীয়া হৈ থকা আমেৰিকা ১৭৭৬ চনতহে স্বাধীনতা লাভ কৰিছিল, সেয়ে আমেৰিকাৰ সংবিধানত ৰাজনৈতিক আরু সামাজিক অধিকাৰ সন্নিবিষ্ট কৰিছে । আমেৰিকাৰ সংবিধানত কামৰ অধিকাৰ সংযুক্ত নাই । আমেৰিকাৰ নাগৰিকৰ অধিকাৰসমূহক আমেৰিকাৰ উচ্চতম আদালতে সুৰক্ষা প্রদান কৰে

 

ইলেণ্ডঃ

ইংলেণ্ডৰ সংবিধান লিখিত সংবিধান নোহোৱা হেতুকে মৌলিক অধিকাৰৰ ব্যৱস্থা নাই । তথাপি, ভাৰতৰ সংবিধানত থকা মৌলিক অধিকাৰসমূহ ইলেণ্ডৰ নাগৰিক ভোগ কৰিব পাৰেইলেণ্ডত আইনৰ শাসনে তিনিটা মূল ব্যৱস্থা অব্যাহত ৰাখিছে, সেয়া হৈছে-

 

(i) কোনো ব্যক্তিক আইন উলংঘা কৰাৰ অপৰাধত দোষীসাৰ্বস্ত নোহোৱা পৰ্যন্ত আরু আদালতে অপৰাধী হিচাপে ঘোষণা নকৰা পৰ্যন্ত জীৱন আরু সম্পত্তিৰ পৰা বঞ্চিত কৰিব নোৱাৰে আরু অনিৰ্দিষ্ট সময়লৈকে বিচাৰৰ অবিহনে আটক কৰি ৰাখিব নোৱাৰে ।

 

(ii) এজন সাধাৰণ লোকৰ পৰা ধৰি একেবাৰে উচ্চ পদস্থ বিষয়ালৈকে দোষৰ বিচাৰ এখন আইনৰ মাধ্যমেৰে সম্পন্ন হয় আরু শাস্তিৰ পৰিমাণো সমানে প্রদান কৰা হয় ।

 

(iii) ন্যায়পালিকা আরু ইলেণ্ডৰ আইনৰ শাসনব্যৱস্থাই ইলেণ্ডৰ নাগৰিকসকলৰ ব্যক্তিস্বাধীনতাক সুৰক্ষা প্রদান কৰি আছে ।

 

ছুইজাৰলেণ্ডঃ

ছুইজাৰলেণ্ডৰ সংবিধানত ‘নাগৰিকৰ অধিকাৰ’ক সন্নিবিষ্ট কৰা নাই যদিও প্রত্যক্ষ গণতন্ত্রৰ মূল আহিলা হিচাপে গণউদ্যোগ (Initiative), গণনিৰ্দেশ (Referendum) আদিৰ ব্যৱস্থাৰ মাধ্যমেৰে ছুইজাৰলেণ্ডৰ নাগৰিকৰ অধিকাৰক সুৰক্ষা প্রদান কৰিছে ।

 

রুছঃ

রুছ দেশত কর্মৰ অধিকাৰ, বিশ্রাম আরু জিৰণিৰ অধিকাৰ, বাসগৃহ অধিকাৰ, আদি বিষয়ৰাজিক মৌলিক অধিকাৰ হিচাপে সংবিধানত সন্নিবিষ্ট কৰিছে । ইয়াৰ সমসাময়িকভাৱে, ৰাজনৈতিক অধিকাৰ, অর্থনৈতিক অধিকাৰ, বাক্‌-স্বাধীনতা, সভা-সমিতি অনুষ্ঠিত কৰা আদি অধিকাৰ প্রদান কৰিছে । কিন্তু, রুছ দেশত নাগৰিকৰ অধিকাৰসমূহক আদালতৰ মাধ্যমেৰে সাব্যস্ত কৰিব নোৱাৰে আরু এই অধিকাৰসমূহ বিচাৰযোগ্যও নহয় ।

 

চীনঃ

চীন দেশৰ নাগৰিক সকলক নাগৰিক অধিকাৰ হিচাপে বাক্‌-স্বাধীনতা, মত প্রকাশৰ স্বাধীনতা, কামৰ অধিকাৰ, বিশ্রামৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ আদি প্রদান কৰিছে । কিন্তু, নাগৰিকসকলে এই অধিকাৰসমূহক সাম্যবাদী আদর্শত আরু নিজৰ কৰ্তব্যৰ মাধ্যমেৰেহে ভোগ কৰাৰ সুবিধা আছে, লগতে এই অধিকাৰসমূহ আইনৰ বিচাৰযোগ্য নহয় ।

 

২২। পৌৰ অধিকাৰ বা নাগৰিক অধিকাৰে কি বুজায়? নাগৰিকৰ কিছুমান অধিকাৰৰ বিষয়ে আলোচনা কৰা ।

(What is meant by Civil or Personal Rights? Discuss the Civil Rights of the Citizen.)

উত্তৰঃ পৌৰ অধিকাৰ বা নাগৰিক অধিকাৰে মানুহৰ এক সু-সংগঠিত আরু সভ্য জীৱন-যাপনৰ বাবে প্রয়োজন হোৱা নাগতিয়াল সা-সুবিধা আরু দাবীসমূহক বুজায় । ব্যক্তিৰ ব্যক্তিত্ব প্রকাশ আরু প্রতিভা বিকাশত সহায় কৰা অধিকাৰসমূহকো পৌৰ অধিকাৰ বা নাগৰিক অধিকাৰে সামৰি লয় ।

নাগৰিকৰ কিছুমান উল্লেখযোগ্য অধিকাৰ হৈছে-

জীৱনৰ অধিকাৰঃ

এজন মানুহৰ জীয়াই থকাৰ অধিকাৰক সাধাৰণতে জীৱনৰ অধিকাৰ বোলা হয় । কিছুমান ৰাষ্ট্রত আত্মহত্যাৰ বাবে চেষ্টা কৰা লোকক আরু আন ব্যক্তিক হত্যা কৰাৰ অপৰাধত শাস্তিৰ ব্যৱস্থা আছে ।

 

আত্মৰক্ষাৰ অধিকাৰ (Right to Self Defence):

আত্মৰক্ষাৰ অধিকাৰ অনুসৰি কোনো এজন ব্যক্তিৰ জীৱন বিপদাপন্ন অৱস্থাত পৰিলে আত্মৰক্ষাৰ বাবে নিজে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিব পাৰেকিন্তু আত্মৰক্ষাৰ নামত অধিকাৰৰ অপপ্রয়োগ আইনে মানি নলয় ।

 

পৰিয়ালৰ অধিকাৰ (Right to Family):

পৰিয়ালৰ অধিকাৰ হিচাপে এজন লোকে বিবাহ কৰাৰ, বিবাহ-বিচ্ছেদ কৰা, ল’ৰা-ছোৱালীৰ নিয়ন্ত্রণ, সম্পত্তিৰ উত্তৰাধিকাৰ আদি বিষয়সমূহৰ অধিকাৰ প্রদান কৰে 

 

বাক্‌-স্বাধীনতা আরু মত প্রকাশৰ অধিকাৰ (The right to Freedom of Speech and Expression):

বাক্‌-স্বাধীনতাই ব্যক্তিত্বৰ প্রকাশ, প্রতিভা বিকাশ, নিজৰ মতামত প্রকাশ কৰা, যিকোনো অন্যায়ৰ বিরুদ্ধে মাত মতা, জনমত গঠন কৰা, আদি বিষয়সমূহৰ অধিকাৰ প্রদান কৰিছে । সমসাময়িকভাৱে, সংবাদ-পত্র আরু সংবাদ মাধ্যমসমূহকো স্বাধীন আরু নিৰপেক্ষ প্রচাৰ কাৰ্যৰ বাবে অধিকাৰ প্রদান কৰিছে ।

 

সংস্থা গঠনৰ অধিকাৰ (Right to form Association):

সংস্থা গঠনৰ অধিকাৰে কিছুমান লোক এক লগ হৈ যিকোনো ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, ধাৰ্মিক আদি অনুষ্ঠান বা সংস্থা তৈয়াৰ কৰাৰ অধিকাৰ প্রদান কৰিছে । লগতে, এনে সংস্থাৰ মাধ্যমেৰে সমূহীয়া মতামত প্রকাশ কৰাৰ স্বাধীনতাও প্রদান কৰি কিন্তু এইদিশত ৰাষ্ট্রৰ শান্তি আরু আইন-শৃংখল ব্যাহত কৰিব নোৱাৰে

 

সম্পত্তিৰ অধিকাৰ (Right to Property):

সম্পত্তিৰ অধিকাৰে জনসাধৰণক সম্পত্তিৰ উত্তৰাধিকাৰ সূত্রে দাবী কৰা, সম্পত্তিৰ অধিগ্রহণ, সম্পত্তিৰ সংৰক্ষণ, নিজৰ সম্পত্তিক বিক্রী কৰা, সম্পত্তি ক্রয় কৰা আদিৰ অধিকাৰ প্রদান কৰিছে । কিন্তু এখন ৰাষ্ট্রই কোনো ৰাজহুৱা স্বার্থত ইয়াক খর্ব কৰিব পাৰে বিশেষকৈ সমাজবাদী আদর্শৰ ৰাষ্ট্রত এই ক্ষেত্রত কিছু বাধ্য-বাধকতা আছে ।

 

শিক্ষাৰ অধিকাৰ (Right to Education):

মানুহৰ চিন্তা শক্তি বৃদ্ধি, বিচাৰ-বুদ্ধি প্রখৰ হোৱা, নাগৰিক সকলৰ নিজৰ কৰ্তব্য পালন কৰা আদি মহান উদ্দেশ্যসমূহৰ বাবে সকলো ৰাষ্ট্রতে শিক্ষাৰ অধিকাৰ প্রদান কৰা হৈছে । শিক্ষাৰ অধিকাৰ অনুসৰি, প্রত্যেকজন লোকে নুন্যতম শিক্ষা লাভ কৰাৰ অধিকাৰ আছে লগতে নিজৰ রুচি অনুসৰি শিক্ষা লাভৰো অধিকাৰ আছে ।

 

ধর্ম আরু বিবেকৰ অধিকাৰ (right to Religion and Conscience):

ধর্মৰ অধিকাৰে এজন লোকক যিকোনো ধর্ম গ্রহণ কৰা, যিকোনো ধৰ্মৰ চৰ্চা কৰা, ধৰ্মৰ প্রচাৰ কৰা, ধৰ্মীয় চিন্তা কৰা, ধর্মীয় নীতি-নিয়ম পালন কৰা, ধর্মৰ আচাৰ-ব্যৱহাৰ গ্রহণ কৰা আদিৰ অধিকাৰ প্রদান কৰেলগতে, বিবেকৰ অধিকাৰে এজন লোকক নিজৰ বিচাৰ-বুদ্ধি অনুসৰি চলাৰ অধিকাৰ প্রদান কৰিছে কিন্তু এই অধিকাৰে সমাজৰ কোনো আইন ভংগ কৰিব নোৱাৰিব ।

 

কামৰ অধিকাৰ (Right to Work):

নাগৰিক সকলৰ মৌলিক প্রয়োজনসমূহ পূৰণ কৰাৰ অর্থে চীন, রুছিয়া আদি দেশত কামৰ অধিকাৰ প্রদান কৰিছে । ভাৰতবর্ষত কামৰ অধিকাৰক নিৰ্দেশাত্মক নীতিত অন্তর্ভুক্ত কৰিছে ।

 

চুক্তি স্বাক্ষৰ কৰাৰ অধিকাৰ (Right to Contract):

যিকোনো কৃষি, উদ্যোগ, ব্যৱসায়-বাণিজ্য আদিৰ ক্ষেত্রত বৈধভাৱে আরু বৈধ নীতিৰে সকলো লোকৰে চুক্তি স্বাক্ষৰ কৰাৰ অধিকাৰ আছে । কিন্তু, অবৈধ হ’লে ৰাষ্ট্রই এইক্ষেত্রত হস্তক্ষেপ কৰিব পাৰে

 

সাংস্কৃতিক অধিকাৰ (Cultural Rights):

সাংস্কৃতিক অধিকাৰে সকলো লোকৰে নিজৰ নিজৰ ভাষা, সংস্কৃতি, সাহিত্য, নিজৰ সংস্কৃতিৰ বৃদ্ধি-বিকাশ আদিৰ মৌলিক অধিকাৰ প্রধান কৰিছে । ভাৰতৰ সংবিধানত তৃতীয় অধ্যায়ত এই মৌলিক অধিকাৰৰ বিষয়ে সন্নিবিষ্ট কৰিছে ।

 

আইনৰ দৃষ্টিত সমান অধিকাৰ (Equality before Law):

আইনৰ দৃষ্টিত সমান অধিকাৰে এখন ৰাষ্ট্রৰ সকলো নাগৰিকৰ বাবে আইনৰ ক্ষেত্রত সমদৃষ্টিক স্বীকাৰ কৰিছে । ধনী-দুখীয়া, উচ্চ-নীচ, সরু-ডাঙৰ, জাতি-জনজাতি, ভাষা-বৰ্ণ নির্বিশেষে আইনে সকলোকে সমান অধিকাৰ প্রদান কৰিছে ।

 

২৩। ৰাজনৈতিক অধিকাৰে কি বুজায়? নাগৰিকৰ ৰাজনৈতিক অধিকাৰসমূহ ব্যাখ্যা কৰা ।

(What is meant by Political Rights? Explain the Political Rights of the Citizens.)

উত্তৰঃ

ৰাজনৈতিক অধিকাৰে, এখন ৰাষ্ট্রৰ নাগৰিকে প্রত্যক্ষ আরু পৰোক্ষভাৱে ৰাজনৈতিক ক্ষেত্রত অংশগ্রহণৰ সুবিধা লাভ কৰাক বুজায় কিন্তু, ৰাজনৈতিক অধিকাৰ কেৱল দেশীয় নাগৰিকেহে লাভ কৰে, বিদেশী নাগৰিকে ইয়াক ভোগ কৰাৰ সুবিধা নাপায় ।

 

নাগৰিকৰ মূল ৰাজনৈতিক অধিকাৰসমূহ হৈছে- 

 

ভোটদানৰ অধিকাৰ (Right to Vote):

ভোটদানৰ অধিকাৰে প্রাপ্তবয়স্ক (১৮ বছৰ বা ওপৰত) নাগৰিকক বিধানসভা, নিকায়, কেন্দ্রীয় বিধানসভা আদিত জাতি-বৰ্ণ-ধৰ্ম-ভাষা নিৰ্বিশেষে সমান অধিকাৰ লাভ কৰেভোটদানৰ অধিকাৰে নাগৰিক সকলক ৰাজনীতি ক্ষমতাৰ মূল উৎস আরু সাৰ্বভৌম ক্ষমতাৰ গৰাকী হিচাপে প্রতিষ্ঠিত কৰে

 

 

নির্বাচিত হোৱাৰ অধিকাৰ (Right to be Elected):

নির্বাচিত হোৱাৰ অধিকাৰৰ জৰিয়তে নাগৰিকসকলে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ, বিধানমণ্ডলৰ সদস্য প্রাপ্তিৰ জৰিয়তে চৰকাৰী নীতিৰ সমালোচনা কৰা, বিৰোধী দলৰ ভূমিকা পালন কৰা, সংসদীয় পদ্ধতিৰ চৰকাৰৰ মাধ্যমেৰে মন্ত্রী নির্বাচন হোৱা আদি অধিকাৰ লাভ কৰে

 

 

চাকৰি লাভৰ অধিকাৰ (Right to hold Public Office):

চাকৰি লাভৰ অধিকাৰে নিৰ্দিষ্ট বয়স আরু অৰ্হতাসম্পন্ন নাগৰিকসকলক যিকোনো চাকৰিৰ বাবে আবেদন কৰাৰ অধিকাৰ প্রদান কৰেএই ক্ষেত্রত জাতি, বর্ণ, ধর্ম, ভাষা নির্বিশেষে সকলোৱে সমান অধিকাৰ লাভ কৰে কিন্তু কিছুমান অনুসূচীত জাতি, অনুসূচীত জনজাতি, বিশেষভাৱে অক্ষম ব্যক্তিসকল, মহিলা আদিৰ বাবে নিয়ম অনুসৰি আসন সংৰক্ষণৰ ব্যৱস্থা আছে ।

 

আবেদন কৰাৰ অধিকাৰ (Right to Petition):

আবেদন কৰাৰ অধিকাৰে জনসাধৰণক যিকোনো অভিযোগ আরু সমস্যাৰ বাবে কৰ্তৃপক্ষক আবেদন কৰাৰ অধিকাৰ প্রদান কৰিছে । এই ক্ষেত্রত নিৰ্দিষ্ট কৰ্তৃপক্ষই সেই আবেদন সমূহক গুরুত্ব প্রদান কৰিব লাগে ।

 

সমালোচনা কৰাৰ অধিকাৰ (Right to Criticise):

সমালোচনা কৰাৰ অধিকাৰে চৰকাৰী যিকোনো নীতিৰ বিরুদ্ধে সমালোচনা কৰাৰ অধিকাৰ প্রদান কৰিছে । বৈধভাৱে সমালোচনা কৰিলে এই ক্ষেত্রত কোনো আইনী ব্যৱস্থা গ্রহণ কৰা নহয় ।

 

অধিকাৰ বলৱৎ কৰাৰ অধিকাৰ (Right to get Right Enforced):

অধিকাৰ বলৱৎ কৰাৰ অধিকাৰে নাগৰিক সকলক অধিকাৰ সমূহ প্রয়োগ কৰাৰ ক্ষেত্রত অধিকাৰ প্রদান কৰিছে । এই ক্ষেত্রত খর্ব হ’লে নাগৰিকসকলে উচ্চ আদালত (ভাৰতৰ ২২৬ নং অনুচ্ছেদ) আরু সৰ্বোচ্চ আদালত (৩২ নং অনুচ্ছেদ)ত আবেদন জনাব পাৰে

 

প্রতিৰোধৰ অধিকাৰ (Right to Resist the State):

চৰকাৰৰ কোনো নীতিয়ে নাগৰিকসকলৰ অধিকাৰ বিপদাপন্ন কৰিলে বা খর্ব কৰিলে, নাগৰিকসকলে ইয়াৰ বিরুদ্ধে হৰতাল, প্রতিবাদ, ধর্মঘট আদিৰ জৰিয়তে চৰকাৰৰ নীতিৰ বিরুদ্ধে মাত মাতিব পাৰে আরু প্রতিৰোধ কৰিব পাৰেলগতে, চৰকাৰে মানি নললে সভা-সমিতি অনুষ্ঠিত কৰি, সংবাদ মাধ্যম আদিৰে আইনগত আরু বৈধভাৱে চৰকাৰৰ বিপক্ষে মতামত প্রকাশ কৰিব পাৰে

 

২৪।। অর্থনৈতিক অধিকাৰে কি বুজায়? নাগৰিকৰ অর্থনৈতিক অধিকাৰসমূহ ব্যাখ্যা কৰা ।

(What is meant by Economic Rights? Explain the Economic rights of the Citizens.)

উত্তৰঃ

অর্থনৈতিক অধিকাৰে  এজন নাগৰিকৰ জীৱনৰ কিছুমান মানৱ অধিকাৰক সূচায় যি নাগৰিকৰ সন্মানৰ সৈতে সম্পৰ্কিত আরু সমাজত আৰ্থিক দিশত সম্পূৰ্ণৰূপে আন লোকৰ সমসাময়িকভাৱে অংশগ্ৰহণ কৰাৰ সামৰ্থ্যৰ লগতে জীৱন-নিৰ্বাহ বা জীয়াই থকাৰ সৈতে সম্পৰ্কিত  

 

নাগৰিকৰ উল্লেখযোগ্য অর্থনৈতিক অধিকাৰসমূহ  হৈছে-

 

কামৰ অধিকাৰ (Right to Work):

কামৰ অধিকাৰে নিজৰ ব্যক্তিত্ব প্রকাশ, প্রতিভা বিকাশ, ব্যক্তিৰ দক্ষতা নিৰ্ণয় আরু জীৱন-নিৰ্বাহ কৰাৰ বাবে কাম কৰাৰ অধিকাৰ প্রদান কৰিছে ।  কামৰ অধিকাৰৰ জৰিয়তে নাগৰিক সকলে জীৱন-যাপনৰ বাবে প্রয়োজনীয় সামগ্রী আরু সেৱা সমূহৰ উৎপাদনৰ মাধ্যেমেৰে কাম কৰাৰ অধিকাৰ প্রদান কৰিছে ।

 

 

উপযুক্ত মজুৰিৰ অধিকাৰ (Right to Adequate Wages):

উপযুক্ত মজুৰিৰ অধিকাৰে শ্রমিক বা কর্মচাৰীসমূহক নিজা দক্ষতা আরু অৰ্হতা অনুসৰি বেতন পোৱা, সম পৰিমাণৰ কামৰ বাবে সকলোতে সমান দৰমহা পোৱা, দৰমাহৰ পৰিমাণ নিম্নতম বা নুন্যতম প্রয়োজনসমূহ পূৰণ কৰিব পৰা আদি অধিকাৰ সমূহক নিশ্চিত কৰেদক্ষতা অনুসৰি এজন লোকক দৰমহা প্রদান নকৰিলে শোষণ কৰা বোলা হয় ।

 

বিশ্রাম আরু জিৰণিৰ অধিকাৰ (Right to Rest and Leisure):

বিশ্রাম আরু জিৰণিৰ অধিকাৰে শ্রমিক সকলক বিশ্রাম আরু জিৰণি প্রদান কৰাৰ অধিকাৰ দিছে । অর্থাৎ শ্রমিকসকলক এক নিৰ্দিষ্ট সময়লৈকে কামত খটুৱাব পাৰিব আরু কেতিয়াবা অধিক সময় হ’লেও তাৰ বাবে উচিত অধিক মজুৰি প্রদান কৰিব লাগিব ।

 

অর্থনৈতিক নিৰাপত্তাৰ অধিকাৰ (Right to Economic Security in the old age):

অর্থনৈতিক নিৰাপত্তাৰ অধিকাৰ সাধাৰণতে বৃদ্ধ কালত বা বৃদ্ধ লোকক, অক্ষম ব্যক্তিসকলক, আদি কর্ম কৰা অসামৰ্থ থকা ব্যক্তিসকলৰ বাবে প্রদান কৰা হয় । ইয়াৰ বাবে চৰকাৰে বৃদ্ধ লোকৰ বাবে বৃদ্ধ পেঞ্চন, অক্ষম লোকৰ বাবে বিশেষ মাহিলী পেঞ্চন, আদিৰ ব্যৱস্থা কৰি অর্থনৈতিক নিৰাপত্তাৰ অধিকাৰ বর্তাই ৰাখিছে ।

 

 

২৫। বিভিন্ন সমাজ ব্যৱস্থাত থকা অধিকাৰসমূহৰ ব্যাখ্যা কৰা ।

(Explain the rights granted by some Social Systems.)

উত্তৰঃ

বিভিন্ন সমাজ আরু ৰাষ্ট্রভেদে অধিকাৰসমূহ পৃথক পৃথক হয় । ইয়াৰে উল্লেখযোগ্যসমূহ হৈছে এনেধৰণৰ-

ভাৰতঃ

ভাৰতৰ সংবিধানৰ তৃতীয় অধ্যায়ত নাগৰিকৰ বাবে মুঠ সাতটা মৌলিক অধিকাৰ সন্নিবিষ্ট কৰিছিল, কিন্তু পাছত সম্পত্তিৰ অধিকাৰক বাদ দি বর্তমান ছয় ধৰণৰ অধিকাৰ বর্তি আছে । সেয়া হৈছে- সমতাৰ অধিকাৰ (Right to Equality), স্বাধীনতাৰ অধিকাৰ (Right to Freedom), শোষণৰ বিরুদ্ধে অধিকাৰ (Right against Exploitation), ধর্মীয় স্বাধীনতাৰ অধিকাৰ (Right to freedom of Religion), সাংস্কৃতিক আরু শিক্ষাৰ অধিকাৰ (Cultural and Educational Rights) আরু সাংবিধানিক প্রতকাৰৰ অধিকাৰ (Right to Constitutional Remedies)

 

আমেৰিকাঃ

আমেৰিকাৰ সংবিধানত প্রথমতে মৌলিক অধিকাৰ সন্নিবিষ্ট কৰা হোৱা নাছিল যদিও পাছত অংগ ৰাজ্যৰ আপত্তি সাপেক্ষে সংবিধানৰ প্রথম দহটা সংশোধনীৰ মাধ্যমেৰে ‘মৌলিক অধিকাৰ’ সন্নিবিষ্ট কৰিলে । ইলেণ্ডৰ শাসনৰ তলতীয়া হৈ থকা আমেৰিকা ১৭৭৬ চনতহে স্বাধীনতা লাভ কৰিছিল, সেয়ে আমেৰিকাৰ সংবিধানত ৰাজনৈতিক আরু সামাজিক অধিকাৰ সন্নিবিষ্ট কৰিছে । আমেৰিকাৰ সংবিধানত কামৰ অধিকাৰ সংযুক্ত নাই । আমেৰিকাৰ নাগৰিকৰ অধিকাৰসমূহক আমেৰিকাৰ উচ্চতম আদালতে সুৰক্ষা প্রদান কৰে

 

ইলেণ্ডঃ

ইংলেণ্ডৰ সংবিধান লিখিত সংবিধান নোহোৱা হেতুকে মৌলিক অধিকাৰৰ ব্যৱস্থা নাই । তথাপি, ভাৰতৰ সংবিধানত থকা মৌলিক অধিকাৰসমূহ ইলেণ্ডৰ নাগৰিক ভোগ কৰিব পাৰেইলেণ্ডত আইনৰ শাসনে তিনিটা মূল ব্যৱস্থা অব্যাহত ৰাখিছে, সেয়া হৈছে-

 

(i) কোনো ব্যক্তিক আইন উলংঘা কৰাৰ অপৰাধত দোষীসাৰ্বস্ত নোহোৱা পৰ্যন্ত আরু আদালতে অপৰাধী হিচাপে ঘোষণা নকৰা পৰ্যন্ত জীৱন আরু সম্পত্তিৰ পৰা বঞ্চিত কৰিব নোৱাৰে আরু অনিৰ্দিষ্ট সময়লৈকে বিচাৰৰ অবিহনে আটক কৰি ৰাখিব নোৱাৰে ।

 

(ii) এজন সাধাৰণ লোকৰ পৰা ধৰি একেবাৰে উচ্চ পদস্থ বিষয়ালৈকে দোষৰ বিচাৰ এখন আইনৰ মাধ্যমেৰে সম্পন্ন হয় আরু শাস্তিৰ পৰিমাণো সমানে প্রদান কৰা হয় ।

 

(iii) ন্যায়পালিকা আরু ইলেণ্ডৰ আইনৰ শাসনব্যৱস্থাই ইলেণ্ডৰ নাগৰিকসকলৰ ব্যক্তিস্বাধীনতাক সুৰক্ষা প্রদান কৰি আছে ।

 

ছুইজাৰলেণ্ডঃ

ছুইজাৰলেণ্ডৰ সংবিধানত ‘নাগৰিকৰ অধিকাৰ’ক সন্নিবিষ্ট কৰা নাই যদিও প্রত্যক্ষ গণতন্ত্রৰ মূল আহিলা হিচাপে গণউদ্যোগ (Initiative), গণনিৰ্দেশ (Referendum) আদিৰ ব্যৱস্থাৰ মাধ্যমেৰে ছুইজাৰলেণ্ডৰ নাগৰিকৰ অধিকাৰক সুৰক্ষা প্রদান কৰিছে ।

 

রুছঃ

রুছ দেশত কর্মৰ অধিকাৰ, বিশ্রাম আরু জিৰণিৰ অধিকাৰ, বাসগৃহ অধিকাৰ, আদি বিষয়ৰাজিক মৌলিক অধিকাৰ হিচাপে সংবিধানত সন্নিবিষ্ট কৰিছে । ইয়াৰ সমসাময়িকভাৱে, ৰাজনৈতিক অধিকাৰ, অর্থনৈতিক অধিকাৰ, বাক্‌-স্বাধীনতা, সভা-সমিতি অনুষ্ঠিত কৰা আদি অধিকাৰ প্রদান কৰিছে । কিন্তু, রুছ দেশত নাগৰিকৰ অধিকাৰসমূহক আদালতৰ মাধ্যমেৰে সাব্যস্ত কৰিব নোৱাৰে আরু এই অধিকাৰসমূহ বিচাৰযোগ্যও নহয় ।

 

চীনঃ

চীন দেশৰ নাগৰিক সকলক নাগৰিক অধিকাৰ হিচাপে বাক্‌-স্বাধীনতা, মত প্রকাশৰ স্বাধীনতা, কামৰ অধিকাৰ, বিশ্রামৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ আদি প্রদান কৰিছে । কিন্তু, নাগৰিকসকলে এই অধিকাৰসমূহক সাম্যবাদী আদর্শত আরু নিজৰ কৰ্তব্যৰ মাধ্যমেৰেহে ভোগ কৰাৰ সুবিধা আছে, লগতে এই অধিকাৰসমূহ আইনৰ বিচাৰযোগ্য নহয় ।