মগনিয়াৰঃ
কবি- যতীন্দ্র নাথ
দুৱৰা
Noted by
Podmeswar
অতি চমু প্রশ্ন (VSA) মূল্যাংকঃ ১
(ক) অসমীয়া সাহিত্যত প্রথম কথা-কবিতা ৰচনা কৰা কবিগৰাকী কোন?
উত্তৰঃ যতীন্দ্রনাথ দুৱৰা ।
(খ)
যতীন্দ্র নাথ দুৱৰাই ৰচনা কৰা কথা-কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ
যতীন্দ্র নাথ দুৱৰাই ৰচনা কৰা কথা-কবিতা পুথিখনৰ নাম হ’ল- “কথা-কবিতা” ।
(গ) কবি যতীন্দ্র নাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল বা দুৱৰাই কোন চনত জন্ম লাভ কৰিছিল ?
উত্তৰঃ ১৮৯২ চনত শিৱসাগৰৰ আমোলাপট্টিত যতীন্দ্রনাথ দুৱৰাৰ জন্ম হয় ।
(ঘ) যতীন্দ্র নাথ দুৱৰাৰ ‘ওমৰ তীৰ্থ’ কোন গৰাকী ফাৰ্চী ছুফী কবিৰ কাব্যৰ ভাবানুবাদ ?
অথবাঃ ‘ওমৰ তীৰ্থ’ পুথিখনি কোনখন পুথিৰ ভাবানুবাদ ?
উত্তৰঃ যতীন্দ্র নাথ দুৱৰাৰ ‘ওমৰ তীৰ্থ’ পুথিখনি ফাৰ্চী চুফী কবি ওমৰ
খায়ামৰ ‘ৰুবায়তৰ ভাবানুবাদ’ ।
(ঙ) ‘ওমৰ তীৰ্থ’ কাব্য পুথিৰ মূল কি?
উত্তৰঃ ওমৰতীৰ্থ কাব্য পুথিৰ মূল হ’ল- ওমৰ খায়ামৰ ৰুবায়ত ।
(চ) যতীন্দ্র নাথ দুৱৰাই অসম সাহিত্য সভাৰ কোন স্থানত অনুষ্ঠিত অধিৱেশনত সভাপতিত্ব কৰিছিল ?
অথবাঃ অসম সাহিত্য সভাৰ সভাপতিৰ পদ দুৱৰাদেৱে কিমান চনত আৰু কোন অধিবেশনত অলংকৃত কৰিছিল ?
উত্তৰঃ ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিবেশনত যতীন্দ্র নাথ দুৱৰাই সভাপতিত্ব কৰিছিল বা অলংকৃত কৰিছিল ।
(ছ)
মগনিয়াৰ পাঠটি ক’ৰ পৰা সংগ্রহ কৰা হৈছে?
উত্তৰঃ মগনিয়াৰ পাঠটি যতীন্দ্ৰ নাথ দুৱৰাৰ ‘কথা-কবিতা’
নামৰ কথা কবিতাৰ পুথিখনৰ পৰা সংগ্রহ কৰা হৈছে ।
(জ) ৰুছ সাহিত্যিক ‘টুৰ্গেনিভ’ৰ কোনটো কথা-কবিতাৰ লগত ‘মগনিয়াৰ’ৰ সাদৃশ্য আছে ?
অথবাঃ কোনটো ৰুছ কথা-কবিতাৰ লগত ‘মগনিয়াৰ’ কবিতাটোৰ সাদৃশ্য দেখা যায় ?
উত্তৰঃ ‘The Beggar’ নামৰ ৰুছ কথা-কবিতাটোৰ লগত ‘মগনিয়াৰ’ কবিতাটোৰ সাদৃশ্য আছে/দেখা যায় ।
(ঝ)যতীন্দ্রনাথ দুৱৰাই সাহিত্য অকাদেমি বঁটা লাভ কৰা কবিতাপুথিখনৰ নাম কি?
অথবাঃ যতীন্দ্রনাথ দুৱৰাই কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাডেমি
বটাঁ লাভ কৰিছিল ?
উত্তৰঃ যতীন্দ্রনাথ দুৱৰাই সাহিত্য অকাদেমি বঁটা লাভ কৰা কবিতাপুথিখনৰ নাম ‘বনফুল’ ।
অথবাঃ যতীন্দ্রনাথ দুৱৰাই ‘বনফুল’ কাব্যগ্রন্থৰ বাবে সাহিত্য অকাডেমি বটাঁ লাভ কৰিছিল ।
(ঞ) ‘কথা কবিতা’ ৰচনা করোঁতে কোনগৰাকী আফ্রিকাৰ লেখিকাৰ দ্বাৰা যতীন্দ্রনাথ দুৱৰা অনুপ্রাণিত হৈছিল ?
অথবাঃ কাৰ ৰচনাৰ আলমত দুৱৰাই ‘কথা কবিতা’ ৰচনা কৰিছে?
উত্তৰঃ ‘কথা কবিতা’ ৰচনা করোঁতে আফ্রিকাৰ লেখিকা অলিভ শ্রাইনাৰৰ দ্বাৰা যতীন্দ্রনাথ দুৱৰা অনুপ্রাণিত হৈছিল ।
অথবাঃ টুৰ্গেনিভৰ ‘Poems in Prose’ আৰু অলিভ শ্রাইনাৰৰ ৰচনাৰ আলমত দুৱৰাই ‘কথা কবিতা’ ৰচনা কৰিছে ।
(ট) টুৰ্গেনিভ আৰু অলিভ শ্রাইনাৰ ক’ৰ সাহিত্যিক ?
উত্তৰঃ টুৰ্গেনিভ ৰুছ দেশৰ আৰু অলিভ শ্রাইনাৰ আফ্রিকাৰ সাহিত্যিক ।
(ঠ) যতীন্দ্রনাথ দুৱৰাক কি কবি বুলি কোৱা হয় ?
উত্তৰঃ যতীন্দ্রনাথ দুৱৰাক বনফুলৰ কবি বুলি কোৱা হয় ।
(ড) সাহিত্য অকাডেমি বঁটা লাভ কৰা প্রথমগৰাকী অসমীয়া কোন ?
উত্তৰঃ সাহিত্য অকাডেমি বঁটা লাভ কৰা প্রথমগৰাকী অসমীয়া যতীন্দ্রনাথ দুৱৰা ।
(ঢ) অসমীয়া কথা-কবিতাৰ প্রথম পুথিখনৰ নাম কি?
উত্তৰঃ অসমীয়া কথা-কবিতাৰ প্রথম পুথিখনৰ নাম কথা-কবিতাৰ পুথি ।
চমু প্রশ্ন (আৰ্হি নং ১) (SA
Type-I) – মূল্যাংকঃ ২
(ক) যতীন্দ্র নাথ দুৱৰাই লিখা দুখন কবিতাপুথিৰ নাম লিখা ।
উত্তৰঃ যতীন্দ্র নাথ দুৱৰাই লিখা দুখন কবিতাপুথিৰ নাম হ’ল- (১)বনফুল
আৰু (২) ওমৰ তীৰ্থ ৷
(খ) মগনিয়াৰ জনৰ শৰীৰৰ চমু বর্ণনা দিয়া ।
উত্তৰঃ মগনিয়াজন এজন বুঢ়া বেমাৰী হাড়-ছাল ওলোৱা লোক । তেওঁৰ ওঁঠ শেঁতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ । হাতদুখন উখহা আৰু অপৰিষ্কাৰ । লগতে,
তেওঁৰ শৰীৰ অতিকৈ দুৰ্বল বুলি কবিয়ে উল্লেখ কৰিছে ।
(গ) কথা-কবিতা প্রথমতে কোন শতিকাত সৃষ্টি হৈছিল? কোন গৰাকী কবিক ইয়াৰ
জনক বুলি কোৱা হয়?
উত্তৰঃ কথা-কবিতা প্রথমতে ঊনৈশ শতিকাত সৃষ্টি হৈছিল ৷ ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভক ইয়াৰ জনক বুলি
কোৱা হয় ।
(ঘ) সাহিত্য অকাদেমি বঁটা লাভ কৰা প্রথমগৰাকী অসমীয়া সাহিত্যিক আৰু তেওঁৰ পুৰস্কৃত গ্রন্থখনৰ নাম লিখা ।
উত্তৰঃ সাহিত্য অকাদেমি বঁটা লাভ কৰা প্রথমগৰাকী অসমীয়া সাহিত্যিক
হ’ল- যতীন্দ্র নাথ দুৱৰা আৰু
তেওঁৰ পুৰস্কৃত গ্রন্থখনৰ নাম হ’ল- বনফুল (কবিতাপুথি) ।
(ঙ) কবি যতীন্দ্র নাথ দুৱৰা প্রভাৱিত হোৱা দুগৰাকী বিদেশী কবিৰ নাম
লিখা ।
উত্তৰঃ কবি যতীন্দ্র নাথ দুৱৰা প্রভাৱিত হোৱা দুগৰাকী বিদেশী কবি
হ’ল- (১)ওমৰ খায়াম (ফাৰ্চী ছুফী কবি) আৰু (২)আইভান টুৰ্গেনিভ (ৰুছ সাহিত্যিক) ।
চমু প্রশ্ন (আৰ্হি নং ২) (SA Type-II) – মূলাংকঃ ৩
(ক) কথা কবিতা বুলিলে কি বুজা? কথা কবিতাৰ পাঁচটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ কথা কবিতা এক প্রকাৰৰ কবিতাই । ইয়াত ভাব প্রকাশৰ মাধ্যমৰূপে গদ্য কথাকহে নিৰ্বাচন কৰি লোৱা হয় । কথাকবিতা পদ্যময় ৰচনা । কথা কবিতাক আমি কবিত্বময়ী গদ্যত ভাৱ কথা লিখাৰ ভংগী বা ৰীতি বুলিব পাৰি ।
কথা কবিতাৰ পাঁচটা বৈশিষ্ট্যঃ
(ক) কথা কবিতাত ৰূপকৰ সমাৱেশ থাকে আৰু ই প্রায়েই ৰূপকাত্মক ।
(খ) কথা কবিতা চিত্র ধৰ্মিতাৰ ওপৰত প্রতিষ্ঠিত ।
(গ) ভাবেই ইয়াৰ প্রধান বস্তু । ইয়াত মাত্র এটিহে কেন্দ্রস্থ ভাব থাকে
।
(ঘ) কথা-কবিতাত ধ্বনি ভাষাৰ ব্যঞ্জনা মাথোন ।
(ঙ) কথা-কবিতাৰ লক্ষ্য হৈছে ৰূপ বা দৃশ্য বস্তুত সজীৱতা আৰোপ কৰা ।
(খ) যতীন্দ্র নাথ দুৱৰাৰ দ্বাৰা ৰচিত তিনিখন কাব্যগ্রন্থৰ নাম লিখা ।
উত্তৰঃ যতীন্দ্র নাথ দুৱৰাৰ দ্বাৰা ৰচিত তিনিখন কাব্যগ্রন্থৰ নাম- ‘বনফুল’, ‘ওমৰ তীৰ্থ’ আৰু ‘আপোন সুৰ ।
(গ) কবিতা আৰু কথা-কবিতাৰ মাজত কি কি পাৰ্থক্য আছে ?
উত্তৰঃ কবিতা আৰু কথা-কবিতাৰ মাজত
থকা উল্লেখযোগ্য পাৰ্থক্যসমূহ হ’ল-
(১) কবিতাত কাব্যিকতা বেছি, কথা কবিতা
গদ্যৰ ওচৰ চপা । যদিও বৰ্তমান স্পন্দিতা গদ্য ছন্দৰ প্রয়োগ কৰিছে তথাপি কথা কবিতা
কবিতাতকৈ এই ক্ষেত্রত পৃথক ।
(২) কবিতাৰ তুলনাত কথাকবিতা কাহিনীধৰ্মী ।
(৩) কবিতা ব্যঞ্জনাধৰ্মী, কথা কবিতা
কবিত্বময়ী গদ্য লিখাৰ এক ভঙ্গী বুলিব পাৰি ।
(৪) কবিতাৰ তুলনাত কথা কবিতাত সম্পূৰ্ণ এক
ছবি ফুটি উঠা দেখা যায় ।
(ঘ) ওমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি
এখনৰ নাম লিখা ।
উত্তৰঃ ওমৰ খায়াম এগৰাকী ফাৰ্চী ছুফী কবি
আছিল । তেওঁ ৰচনা কৰা এখন পুথিৰ নাম ‘ৰুবায়ত’ ।
দীঘলীয়া প্রশ্ন
(আৰ্হি প্রশ্ন নং ১) (LA Type-I) – মূল্যাংকঃ ৪
(ক) “ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই ।”- কোনে, কি প্রসংগত এই কথাখিনি কৈছিল জুকিয়াই লিখা
অথবাঃ কোনে কি প্রসংগত এই উক্তি কৰিছিল ?
উত্তৰঃ কবি যতীন্দ্রনাথ দুৱৰাই নিজৰ চোলাৰ
মোনাত হাত সুমুৱাই একোকে নোপোৱাত মগনিয়াৰজনক উদ্দেশ্যি প্রশ্নোদ্ধৃত কথাখিনি কৈছিল
। এদিন কবি দুৱৰাই বাটেদি গৈ আছিল । হঠাতে তেওঁৰ সন্মুখত বেমাৰী বুঢ়া হাড়-ছাল
ওলোৱা মগনিয়াৰ আহি থিয় দিলেহি । মগনিয়াৰজনৰ ওঁঠ শেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ,
চকুত দৰিদ্রতাৰ জলন্ত শোক লগা দৃশ্য দেখা যায় ।
মগনিয়াৰজনে
উখহা অপৰিস্কাৰ হাত মেলি সহায় বিচাৰিলে । কবি দুৱৰাই চোলাৰ মোনাত হাত সুমুৱাই
একোকে নেপালে । টকা, ঘড়ী, ৰুমাল একোৱেই অনা নাছিল । মগনিয়াৰজনৰ কঁপা
হাত দুখনত সাৱতি ধৰি কবিয়ে প্রশ্নোদ্ধৃত কথাখিনি কৈছিল ।
(খ) ‘কি হ’ল একো কথা নাই – ইয়াৰ কাৰণে অশেষ “ধন্যবাদ – ইও যে এটা দান” – কথাষাৰ কোনে কি প্রসংগত কৈছিল ? কথাষাৰৰ তাৎপৰ্য বুজাই লিখা ।
অথবাঃ ৪। মগনিয়াৰজনে কবিৰ পৰা কি
দান পোৱাৰ কথা কৈছে ?
উত্তৰঃ কবি যতীন্দ্রনাথ দুৱৰাই এদিন বাটেৰে
গৈ আছিল । তেনেতে এটা বুঢ়া বেমাৰী হাড়-ছাল ওলোৱা মগনিয়াৰ আহি কবি দুৱৰাৰ সন্মুখত
থিয় হৈছে । মগনিয়াৰজনৰ ওঁঠ শেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰে দৰিদ্রতাৰ
শোকদায়ক ছবি দাঙি ধৰিছে । মগনিয়াৰজনে তাৰ উখহা অপৰিস্কাৰ হাত এখন মেলি কবিক সহায়
খুজিলে । কবিয়ে মোনাত হাত সুমুৱাই একোকে নাপালে । টকা, ঘড়ী আনকি এখন ৰুমালো কবিৰ লগত নাছিল
। মগনিয়াৰজনৰ দুৰ্বল কঁপি থকা শৰীৰ দেখি লৰালৰি কৈ ওচৰলৈ গৈ কবিয়ে হাত দুখনক সাৱতি
ধৰি একোৱেই লগত নথকাৰ কথা কৈ খং নকৰিবলৈ কলে ।
মগনিয়াৰজনে
শেতা ওঁঠ দুখনৰে হাঁহি হাতত ধৰি কবিয়ে দেখুওৱা সহানুভূতিৰ বাবে প্রশ্নোদ্ধৃত
কথাখিনি কৈছিল আৰু অশেষ ধন্যবাদ জনালে । লগতে, মগনিয়াৰজনে তেনে
মানৱীয়তা আৰু সহানুভূতিক এক প্রকাৰ দান বুলিলে ।
দীঘলীয়া প্রশ্ন (আৰ্হি নং ২) (LA Type-II) – মূল্যাংকঃ ৫
(ক)মগনিয়াৰশীৰ্ষক কথা-কবিতাটিৰ মূলভাৱ লিখা ।
অথবাঃ মগনিয়াৰ শীৰ্ষক কথা-কবিতাটিৰ সারাংশ লিখা ।
অথবাঃ
(খ) ‘ময়ো বুজিলো যে মোৰ এজন লগৰীয়াৰ পৰা
ময়ো এটা দান পালোঁ ।’ – মগনিয়াৰ পাঠটিৰ আধাৰত কথাখিনি মুকলিকৈ বুজাই লিখা ।
উত্তৰঃ কবি যতীন্দ্রনাথ দুৱৰাই এদিন বাটেৰে
গৈ আছিল । তেনেতে এটা বুঢ়া বেমাৰী হাড়-ছাল ওলোৱা মগনিয়াৰ আহি কবি দুৱৰাৰ সন্মুখত
থিয় হৈছে । মগনিয়াৰজনৰ ওঁঠ শেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰে দৰিদ্রতাৰ
শোকদায়ক ছবি দাঙি ধৰিছে । মগনিয়াৰজনে তাৰ উখহা অপৰিস্কাৰ হাত এখন মেলি কবিক সহায়
খুজিলে । কবিয়ে মোনাত হাত সুমুৱাই একোকে নাপালে । টকা, ঘড়ী আনকি এখন ৰুমালো কবিৰ লগত নাছিল
। মগনিয়াৰজনৰ দুৰ্বল কঁপি থকা শৰীৰ দেখি লৰালৰি কৈ ওচৰলৈ গৈ কবিয়ে হাত দুখনক সাৱতি
ধৰি একোৱেই লগত নথকাৰ কথা কৈ খং নকৰিবলৈ কলে ।
মগনিয়াৰজনে
শেতা ওঁঠ দুখনৰে হাঁহি হাতত ধৰি কবিয়ে দেখুওৱা সহানুভূতিৰ বাবে অশেষ ধন্যবাদ জনালে
। লগতে, মগনিয়াৰজনে তেনে মানৱীয়তা আৰু সহানুভূতিক এক প্রকাৰ দান (ধন্যবাদ) বুলিলে । কবি দুৱৰাই শেষত তেওঁৰ এজন লগৰীয়াৰ পৰা
দান পোৱা বুলি কৈ ৰূপকাত্মক অৰ্থ প্রকাশ কৰিছে । পাঠটিৰ/বাক্যটিৰ
মুখ্য কেন্দ্রস্থ ভাৱ হৈছে দৰিদ্রতা আৰু সেই দৰিদ্রতাৰ প্রতি থকা কবিৰ আন্তৰিকতা
।
(গ) প্রসংগ-সংগতি দৰ্শাই ব্যাখ্যা করাঃ
ময়ো বুজিলে যে মোৰ এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালোঁ ।
উত্তৰঃ
উক্ত কথা-কবিতা ফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত যতীন্দ্র নাথ দুৱৰাদেৱৰ দ্বাৰা ৰচিত ‘মগনিয়াৰ’ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে ।
এই কথা-কবিতা ফাকিৰ মাধ্যমেৰে কবিজনাই এজন লগৰীয়া অৰ্থাৎ সেই মগনীয়া জনৰ পৰা এটা দান অৰ্থাৎ ধন্যবাদ পোৱাৰ কথা ব্যক্ত কৰিছে ।
কবি
যতীন্দ্রনাথ দুৱৰাই এদিন বাটেৰে গৈ আছিল । তেনেতে এটা বুঢ়া বেমাৰী হাড়-ছাল ওলোৱা
মগনিয়াৰ আহি কবি দুৱৰাৰ সন্মুখত থিয় হৈছে । মগনিয়াৰজনৰ ওঁঠ শেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰে দৰিদ্রতাৰ
শোকদায়ক ছবি দাঙি ধৰিছে । মগনিয়াৰজনে তাৰ উখহা অপৰিস্কাৰ হাত এখন মেলি কবিক সহায়
খুজিলে । কবিয়ে মোনাত হাত সুমুৱাই একোকে নাপালে । টকা, ঘড়ী আনকি এখন ৰুমালো কবিৰ লগত নাছিল
। মগনিয়াৰজনৰ দুৰ্বল কঁপি থকা শৰীৰ দেখি লৰালৰি কৈ ওচৰলৈ গৈ কবিয়ে হাত দুখনক সাৱতি
ধৰি একোৱেই লগত নথকাৰ কথা কৈ খং নকৰিবলৈ কলে ।
মগনিয়াৰজনে
শেতা ওঁঠ দুখনৰে হাঁহি হাতত ধৰি কবিয়ে দেখুওৱা সহানুভূতিৰ বাবে অশেষ ধন্যবাদ জনালে
। লগতে, মগনিয়াৰজনে তেনে মানৱীয়তা আৰু সহানুভূতিক এক প্রকাৰ দান (ধন্যবাদ) বুলিলে । কবি দুৱৰাই শেষত তেওঁৰ এজন লগৰীয়াৰ পৰা
দান পোৱা বুলি কৈ ৰূপকাত্মক অৰ্থ প্রকাশ কৰিছে । পাঠটিৰ/বাক্যটিৰ
মুখ্য কেন্দ্রস্থ ভাৱ হৈছে দৰিদ্রতা আৰু সেই দৰিদ্রতাৰ প্রতি থকা কবিৰ আন্তৰিকতা
।
(ঘ) ‘মগনিয়াৰ’ পাঠটিত কথা-কবিতাৰ কি কি
লক্ষণ পৰিস্ফুট হৈছে ?
উত্তৰঃ মগনিয়াৰ পাঠটিত কথা-কবিতাৰ প্রায়বোৰ
লক্ষণেই বিৰাজ কৰা দেখা যায় ।
(১) মগনিয়াৰ পাঠটিত উল্লেখিত ভাব
কবিত্বময়ী কথা লিখাৰ এক ভংগী বুলি কব পাৰি ।
(২) কথা-কবিতাটিত ৰূপকৰ সমাৱেশ দেখা যায়
। কবি দুৱৰাই মগনিয়াৰজনৰ পৰা পোৱা দানক ৰূপকাত্মক অৰ্থ প্রকাশ কৰিছে ।
(৩) মগনিয়াৰ কবিতাটি চিত্রধৰ্মী, এটা
সম্পূৰ্ণ ছবি কথা-কবিতাৰ মাজত বিৰাজমান ।
(৪) ‘মগনিয়াৰ’ কথা কবিতাটিৰ মাজত এটা
সম্পূৰ্ণ ভাব ফুটি উঠিছে । মগনিয়াৰ আৰু কবিৰ মাজৰ যি আন্তৰিকতা তাক এক
কেন্দ্রস্থ ভাৱত ফুটি উঠিছে ।
(ঙ) কবি যতীন্দ্রনাথ দুৱৰাৰ সাহিত্যকৃতিৰ
এটি চমু পৰিচয় দাঙি ধৰা ।
উত্তৰঃ কবি যতীন্দ্রনাথ দুৱৰাই ঘাইকৈ কথা
কবিতাৰ জনক । ছাত্রাৱস্থাৰ পৰাই তেওঁ কবিতা ৰচনা কৰিছিল । তেওঁ ৰচিত কাব্যপুথিসমূহ
হ’ল- ওমৰ তীৰ্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ আৰু মৰমৰ সুৰ । ‘কথা কবিতা’ তেওঁৰ একমাত্র কথাকবিতাৰ পুথি ফাৰ্চী
ছুফী কবি ওমৰ খায়ামৰ ৰুবায়তৰ প্রথম অসমীয়ালৈ ভাবানুবাদ কৰি দুৱৰাই ‘ওমৰ
তীৰ্থ’ পুথিখন ৰচনা কৰে ।
‘বনফুল’
কবিতাপুথিৰ বাবে দুৱৰাই সাহিত্য অকাদেমি বঁটা লাভ কৰে । এই বঁটা লাভ কৰা তেৱেই প্রথম অসমীয়া । ১৯৫৫ চনত গুৱাহাটীত
অনুষ্ঠিত অসম সাহিত্য সভাৰ চতুৰ্বিংশ অধিবেশনত দুৱৰাই সভাপতিত্ব কৰিছিল ।
(চ) মগনিয়াৰ পাঠটি ক’ৰ পৰা সংগ্রহ কৰা
হৈছে? পাঠটিৰ মূল ভাবটি তোমাৰ ভাষাত লিখা ।
উত্তৰঃ ‘মগনিয়াৰ দুৱৰাৰ ‘কথা কবিতা’ নামৰ
পুথিখনৰ পৰা লোৱা হৈছে । পাঠটিৰ মূলভাৱ তলত দিয়া হ’লঃ
কবি যতীন্দ্রনাথ দুৱৰা এদিন বাটেদি গৈ
থাকোতে হাড়-ছাল ওলোৱা এজন মগনিয়াৰৰ সৈতে দেখা হ’ল । মগনিয়াৰজনৰ ওঁঠ শেতা, চকু দুটা
ৰঙা, পিন্ধনৰ ফটা কাপোৰ দৰিদ্রতাৰ শোকদায়ক ছবি দাঙি ধৰিছে । মগনিয়াৰজনে উখহা অপৰিস্কাৰ
হাত মেলি কবিক সহায় বিচাৰিলে । কবিয়ে
মোনাত হাত সুমুৱাই একোকে নেপালে । কবিয়ে নিজৰ লগত টকা, ঘড়ী, ৰুমাল একোৱেই অনা
নাছিল । দুখজনক সেই দৃশ্য কবিৰ সহ্য নহ’ল সমস্ত আন্তৰিকতা উজাৰি দি কবিয়ে মগনিয়াৰৰ
দুখত সাৱতি ধৰিলে আৰু তেওঁৰ ওচৰত দিবলৈ যে একোৱেই নাই তাকে কৈ দুখ
প্রকাশ কৰিলে ।
পিছে
মগনিয়াৰজনে যেন নভবা কিবা এক আন্তৰিকতাৰে কবিৰ দুচকুত লাভ কৰিলে । এয়াই মগনিয়াৰজনৰ
বাবে এক বিশেষ দান । শেতা ওঁঠ দুটিৰে মগনিয়াৰজনে এই দানৰ বাবে কবিক অন্তৰেৰে
ধন্যবাদ জনালে । লগতে, মগনিয়াৰজনৰ প্রতি কবিয়ে প্রকাশ কৰা সহানুভূতিক একপ্রকাৰ দান
বুলিলে ।
কবিতাটোৰ
কেন্দ্রীয় ভাব হৈছে মানৱ মনৰ আন্তৰিকতা, মানৱীয়তা । পাৰ্থিৱ বস্তুৱে পূৰাব নোৱাৰা
অভাৱ আন্তৰিকতাৰেও পূৰ হৈ যায় । মগনিয়াৰজন দৰিদ্র হালত তাৰ মনত আন্তৰিকতাৰ অভাৱ
হোৱা নাছিল । কবিয়ে মগনিয়াৰৰ জৰিয়তে মানবীয় অনুভূতিৰ জয়কেই সাব্যস্ত কৰিছে ।
(ছ) ‘মগনিয়াৰ’ পাঠটিৰ কবি আৰু মগনিয়াৰজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ ভাষাত লিখা ।
উত্তৰঃ এদিন কবি বাটেদি গৈ থাকোতে বুঢ়া, হাড়-ছাল, ওলোৱা মগনিয়াৰ এজনে কবিক ভিক্ষা খুজিলে । সেই সময়ত কবিৰ হাতত একোৱেই নাছিল । টকা, ঘড়ী আনকি এখন ৰুমালো নাছিল । এনেদৰে থাকিব নোৱাৰি কবিয়ে ল’ৰা লৰিকৈ মগনিয়াৰ জনৰ দুহাত সাবটি ধৰি কৈ উঠিল- “ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই ।”
মগনিয়াজনে আচৰিত হৈ এবাৰ কবিৰ ফালে চালে আৰু অলপ হাঁহিলে তাৰ পিছত কবিৰ হাত দুখনত ধৰি অতি কষ্টৰে মাত লগালে- “কি হল একো কথা নাই- ইয়াৰ কাৰণে অশেষ ধন্যবাদ- ইও যে এটা দান ।”
কবিয়েও এজন লগৰীয়াৰ পৰা এটা দান পালে ।
ভগৱানে সকলোকে পঢ়াৰ দিশত সুপথে আগুৱাই নিয়েযেন ।