১। অলংকাৰ বুলিলে কি বুজা? সাহিত্যত অলংকাৰ কি
বা বুলিলে কি বুজা? সাহিত্যত অলংকাৰৰ প্রয়োজন কি বা কিয় ? অলংকাৰ কেইপ্রকাৰৰ আরু
কি কি? প্রতিটো ভাগৰে / বিধৰে সূত্র লিখি উদাহৰণ দিয়া ।
অথবাঃ শব্দালঙ্কাৰ আরু অৰ্থালঙ্কাৰ কাক বোলে বা
বুলিলে কি বুজা? সূত্র লিখি উদাহৰণ দিয়া ।
উত্তৰঃ সাধাৰণ অর্থত অলংকাৰ বুলিলে মানৱ দেহৰ
ভূষণ অর্থাৎ দেহৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ নিমিত্তে মানুহে পৰিধান কৰা ভূষণ বা অলংকাৰক
বুজা যায় । ‘অলংকাৰ’ শব্দটো সংস্কৃতৰ ‘অলম্’ শব্দৰ উৎপত্তি হৈছে । যাৰ দুটা অর্থ
আছে বা যি দুটা অর্থ প্রতিনিধিত্ব কৰে- (ক) পৰ্যাপ্তি বা যথেষ্ট ভাৱ আরু (খ) ভূষণ
।
অলংকাৰে
যেনেকৈ মানুহৰ দেহৰ সৌন্দৰ্য বৃদ্ধি কৰে, ঠিক একেদৰে সাহিত্যত অলংকাৰে- কাব্যিক
বিচিত্র মাধুৰ্য প্রদান কৰি পাঠকৰ অধিক মনোগ্রাহী কৰি তুলে ।
অলংকাৰৰ সংজ্ঞাঃ
সেয়েহে,
সাহিত্যত অলংকাৰ বুলিলে আমি এনেদৰে সংজ্ঞা আগবঢ়াব পাৰো-
(ক) ‘সাহিত্যিক লালিত্যপূৰ্ণ আরু ব্যঞ্জণময় কৰি
তুলাৰ অর্থে বৈচিত্র পূর্ণ শব্দ-কাব্যৰ বা শব্দ সম্ভাৰৰ যি চমৎকাৰিত্বপূর্ণ কৌশল
প্রয়োগ বা অৱলম্বন কৰা হয়, তাকে সাহিত্যত অলংকাৰ বোলে ।’
(খ) ‘কবি বা লেখকৰ উক্তি বৈচিত্রই উক্তি
পৰ্যাপ্তি (আলম্) বা ইষ্ট আরু এই উক্তি পৰ্যাপ্তিৰ সৌন্দৰ্যই বাক্যৰ বা সাহিত্যৰ
অলংকাৰ ।’
(গ) ‘কবি বা লেখকৰ কথা বা উক্তি বা শব্দ বৈচিত্রৰ
ফলস্বরূপে সাহিত্যত যি সৌন্দৰ্যৰ উদ্ভৱ হয়, তাকেই সাহিত্যত অলংকাৰ বোলা হয় ।’
সাহিত্যত
অলংকাৰ সাধাৰণতে তিনিটা বিশেষ কাৰণত প্রয়োজন হয় । সেয়া হৈছে-
(ক) বাক্যক প্রভাৱশালী কৰা । অর্থাৎ বক্তব্য বিষয়ক অধিক প্রভাৱশালী আরু
ব্যঞ্জণময় কৰি তোলা ।
(খ) প্রয়োজনীয় বর্ণনীয় বিষয়ৰ স্পষ্টীকৰণ ।
অর্থাৎ বৰ্ণনীয় বিষয়ৰাজিক অধিক প্রকটভাৱে দাঙি ধৰা ।
(গ) ৰমনীয়তা সম্পাদন । অর্থাৎ বৰ্ণনীয় বিষয়সম্ভাৰত
ৰমনীয়তা সৃষ্টি বা প্রদান কৰা ।
সাহিত্যত
অলংকাৰ প্রধান ভাগ বা প্রকাৰ দুটা-
(ক) শব্দালংকাৰ বা শব্দালঙ্কাৰ, আরু (খ)
অৰ্থালংকাৰ বা অৰ্থালঙ্কাৰ
(ক) শব্দালংকাৰ বা শব্দালঙ্কাৰঃ
শব্দ
প্রয়োগৰ বিচিত্র শৈলীৰ সহায়ক সহায়ক শব্দক ইন্দ্রজালেৰে সজাই বাক্যত শব্দৰ বৰ্ণালি ৰচনা
কৰি মনোৰমা আরু নিরুপমা কৰি তুলিলে, তাক শব্দালংকাৰ বা শব্দালঙ্কাৰ বোলে ।
(সংজ্ঞা-১)
অর্থাৎ
যিবোৰ অলংকাৰ প্রায় সম্পূর্ণরূপে শব্দ বা ধ্বনি বা সুৰৰ মাধ্যমেৰে সৃষ্টি আরু
প্রয়োগ কৰা হয়, তাকে শব্দালঙ্কাৰ বোলা হয় । (সংজ্ঞা-২)
শব্দালঙ্কাৰত
অর্থতকৈ শব্দ, ধ্বনি আরু সুৰৰ ওপৰত নির্ভৰ কৰি সৃষ্টি কৰা হয় । শব্দৰ সঠিক
নির্বাচন কৰি আরু শব্দৰ সামান্য পৰিৱৰ্তন ঘটায় শব্দালংকাৰৰ প্রয়োগ কৰা হয় ।
প্রত্যেক
শব্দৰে দুটা রূপ বা অংশ থাকে- ধ্বনি বা কাণেৰে শুনা ধ্বনি আরু আনটো হৈছে- অর্থ বা
মনেৰে বুজা অর্থ । লগতে, ভাষাৰ দুটা ধর্ম- সংগীত ধর্ম আরু চিত্রধর্ম ।
শব্দালঙ্কাৰত ধ্বনি আরু সংগীতধৰ্মৰ প্রয়োগ হয় ।
উদাহৰণ-১
‘বগাকৈ বগলী বহলাই বহিছে
বলুকাত বিয়লি বেলা,
বকুল বাগৰিছে ববচা বনতে
বুটলি বিলাওঁ গৈ ব’লা ।’
উল্লেখিত উদাহৰণটোত ‘ব’ ধ্বনি পুনঃ পুনঃ ধ্বনিত
হৈ ‘অনুপ্রাস’ শব্দালঙ্কাৰৰ সৃষ্টি হৈছে ।
উদাহৰণ-২
‘পৰণ পুরুষ পুৰাতন, পাপী পাৱন ঈশ্বৰ দেৱ ।’
-ইয়াত
‘প’ ধ্বনি বাৰে বাৰে উচ্চাৰিত হৈ ‘অনুপ্রাস’ শব্দালঙ্কাৰৰ উৎপন্ন হৈছে ।
(খ)অৰ্থালঙ্কাৰঃ
যিবোৰ
অলংকাৰত অর্থৰ বৈচিত্র আরু অর্থৰ মাধুৰ্য্যৰ প্রয়োগেৰে সৃষ্টি কৰা হয়, তাকে
অৰ্থালঙ্কাৰ বোলে । (সংজ্ঞা-১)
অর্থাৎ
কাব্যত যি অলংকাৰ সম্পূর্ণরূপে বাক্যৰ অন্তর্নিহিত অর্থৰ ওপৰত নির্ভৰ কৰি গঢ়ি তোলা
হয়, তাকে অৰ্থালঙ্কাৰ বোলা হয় । (সংজ্ঞা-২)
অৰ্থালঙ্কাৰত
ধ্বনি, সুৰ আরু শব্দৰ মাধুৰ্য্য সৃষ্টি কৰাতকৈ অর্থৰ বৈচিত্রৰ ওপৰত অধিক মনোনিবেশ
কৰা হয় । সাধাৰণতে, বাহ্যিক আরু বাহিৰৰ কোনো বস্তু বা ঘটনাৰ অনুকৰণ বা সাদৃশ্য
দেখুৱাই বৰ্ণনীয় বিষয়টোক চিত্রধর্মী কৰি আরু সেই অনুকৰণ বা সাদৃশ্যত বাক্যৰ
অন্তর্গত ভাৱ বা অর্থ স্পষ্টৰ লগতে সমুজ্জ্বল কৰি অৰ্থালঙ্কাৰৰ সৃষ্টি কৰা হয় ।
উদাহৰণ-১
‘সীতাৰ মুখখনি ইন্দুসদৃশ মসৃণ ।’
উক্ত
উদাহৰণটোত, বাহ্যিক বা বাহিৰৰ (অপ্রকৃত) বস্তু, ইন্দুৰ সাদৃশ্য প্রকাশ কৰি বৰ্ণনীয়
(প্রকৃত) বস্তু সীতাৰ মুখখনিক উপস্থাপন কৰা হৈছে । ইয়াত, জোনাক নিশাৰ শোভাকাৰী
ইন্দুৰ চিত্রকল্পৰে অৰ্থালঙ্কাৰৰ সৃষ্টি কৰা হৈছে । ইন্দু যেনেকৈ ধৱল, নিমজ আরু
কোমল, একেদৰে সীতাৰ মুখখনিত সেই একেদৰে ধুণীয়া বুলি প্রকাশিত হৈছে আরু অৰ্থালঙ্কাৰৰ
প্রয়োগ হৈছে ।
উদাহৰণ-২
“ছোৱালীজনীৰ চন্দ্রমুখ আরু তিলফুল নাসিকাই তাইক
কেনে সৌন্দৰ্যময়ী কৰি তুলিছে ।”
ইয়াত,
‘চন্দ্র’ৰ লগত ছোৱালীজনীৰ ‘মুখ’ক আরু ‘তিলফুল’ৰ সৈতে ‘নাসিকা’ল তুলনা কৰি ‘তুলনামূলক
অৰ্থালঙ্কাৰ’ৰ প্রয়োগ বা সৃষ্টি কৰা হৈছে ।
২। শব্দালঙ্কাৰ আরু অৰ্থালঙ্কাৰ বুলিলে কি বুজা?
উদাহৰণসহ দুয়ুৰে মাজত থকা পাথক্যসমূহ বুজাই লিখা ।
উত্তৰঃ ‘কবি বা লেখকৰ উক্তি বৈচিত্রই উক্তি
পৰ্যাপ্তি (আলম্) বা ইষ্ট আরু এই উক্তি পৰ্যাপ্তিৰ সৌন্দৰ্যই বাক্যৰ বা সাহিত্যৰ
অলংকাৰ ।’ সাহিত্যত অলংকাৰ প্রধান
ভাগ বা প্রকাৰ দুটা-
(ক) শব্দালংকাৰ বা শব্দালঙ্কাৰ, আরু (খ)
অৰ্থালংকাৰ বা অৰ্থালঙ্কাৰ
এই দুই ভাগৰ মাজত কিছুমান পার্থক্য পৰিলক্ষিত হয়
। ইয়াৰে উল্লেখিত পার্থক্যৰাজি হৈছে-
(ক)যিবোৰ অলংকাৰ প্রায় সম্পূর্ণরূপে শব্দ বা
ধ্বনি বা সুৰৰ মাধ্যমেৰে সৃষ্টি আরু প্রয়োগ কৰা হয়, তাকে শব্দালঙ্কাৰ বোলা হয় ।
উদাহৰণ- ‘পৰণ পুরুষ পুৰাতন, পাপী পাৱন ঈশ্বৰ দেৱ
।’
-ইয়াত
‘প’ ধ্বনি বাৰে বাৰে উচ্চাৰিত হৈ ‘অনুপ্রাস’ শব্দালঙ্কাৰৰ উৎপন্ন হৈছে।
আনহাতে, কাব্যত যি অলংকাৰ
সম্পূর্ণরূপে বাক্যৰ অন্তর্নিহিত অর্থৰ ওপৰত নির্ভৰ কৰি গঢ়ি তোলা হয়, তাকে
অৰ্থালঙ্কাৰ বোলা হয় ।
উদাহৰণ-“ছোৱালীজনীৰ চন্দ্রমুখ আরু তিলফুল
নাসিকাই তাইক কেনে সৌন্দৰ্যময়ী কৰি তুলিছে ।”
ইয়াত,
‘চন্দ্র’ৰ লগত ছোৱালীজনীৰ ‘মুখ’ক আরু ‘তিলফুল’ৰ সৈতে ‘নাসিকা’ল তুলনা কৰি
‘তুলনামূলক অৰ্থালঙ্কাৰ’ৰ প্রয়োগ বা সৃষ্টি কৰা হৈছে ।
(খ)শব্দালঙ্কাৰত অর্থতকৈ শব্দ, ধ্বনি আরু সুৰৰ
ওপৰত নির্ভৰ কৰি সৃষ্টি কৰা হয় ।
আনহাতে, অৰ্থালঙ্কাৰত ধ্বনি, সুৰ আরু শব্দৰ
মাধুৰ্য্য সৃষ্টি কৰাতকৈ অর্থৰ বৈচিত্রৰ ওপৰত অধিক মনোনিবেশ কৰা হয় ।
(গ)শব্দৰ সঠিক নির্বাচন কৰি আরু শব্দৰ সামান্য
পৰিৱৰ্তন ঘটায় শব্দালংকাৰৰ প্রয়োগ কৰা হয় ।
আনহাতে, সাধাৰণতে, বাহ্যিক আরু বাহিৰৰ কোনো
বস্তু বা ঘটনাৰ অনুকৰণ বা সাদৃশ্য দেখুৱাই বৰ্ণনীয় বিষয়টোক চিত্রধর্মী কৰি আরু সেই
অনুকৰণ বা সাদৃশ্যত বাক্যৰ অন্তর্গত ভাৱ বা অর্থ স্পষ্টৰ লগতে সমুজ্জ্বল কৰি
অৰ্থালঙ্কাৰৰ সৃষ্টি কৰা হয় ।
(ঘ)প্রত্যেক শব্দৰে দুটা রূপ বা অংশ থাকে- ধ্বনি
বা কাণেৰে শুনা ধ্বনি আরু আনটো হৈছে- অর্থ বা মনেৰে বুজা অর্থ । লগতে, ভাষাৰ দুটা
ধর্ম- সংগীত ধর্ম আরু চিত্রধর্ম । শব্দালঙ্কাৰত ধ্বনি আরু সংগীতধৰ্মৰ প্রয়োগ হয় ।
আনহাতে, অৰ্থালঙ্কাৰত অর্থ বা মনেৰে বুজা অর্থ
আরু চিত্রধর্মৰ প্রয়োগ কৰা হয় ।
(ঙ)শব্দালঙ্কাৰত মূল বিষয় হৈছে- শব্দ বা ধ্বনি
বা ধ্বনিৰ সুৰ ।
আনহাতে,
অৰ্থালঙ্কাৰত মূল বিষয় হৈছে- অর্থ ।
এনেদৰে
শব্দালঙ্কাৰ আরু অৰ্থালঙ্কাৰৰ মাজত কিছুমান বৈশিষ্ট্য পৰিলক্ষিত হৈছে ।
৩। “নৱৰসত বাজেও সাহিত্যৰ জেউতি চৰোৱা আরু এবিধ
বস্তু আছে তাক অলংকাৰ বোলে ।’- সাহিত্যত জেউতি চৰোৱা অলংকাৰ বুলিলে কি বুজা?
উত্তৰঃ সংস্কৃত শাস্ত্র অনুসতি সাহিত্যত নটা ৰস
আছে বিৰাজমান । সেয়া হৈছে- শৃঙ্গাৰ, করুণ, হাস্য, রুদ্র, বীৰ, ভয়ানক, বীভৎস,
অদ্ভূদ আরু শান্ত । একমাত্র সংস্কৃত সাহিত্য শাস্ত্রতহে, বিশ্ব সাহিত্য আরু
পাশ্চাত্য শাস্ত্রসমূহৰ ভিতৰত এই নৱ ৰসৰ আলোচনা পোৱা যায় । এই নৱৰসৰ বাবে সাহিত্যত
আরু এবিধ জেউতি চৰোৱা বস্তু আছে, সেয়াই হৈছে- অলংকাৰ ।
‘অলংকাৰ’ শব্দটো সংস্কৃতৰ
‘অলম্’ শব্দৰ উৎপত্তি হৈছে । যাৰ দুটা অর্থ আছে বা যি দুটা অর্থ প্রতিনিধিত্ব
কৰে- (ক) পৰ্যাপ্তি বা যথেষ্ট ভাৱ আরু (খ) ভূষণ ।
অলংকাৰে
যেনেকৈ মানুহৰ দেহৰ সৌন্দৰ্য বৃদ্ধি কৰে, ঠিক একেদৰে সাহিত্যত অলংকাৰে- কাব্যিক
বিচিত্র মাধুৰ্য প্রদান কৰি পাঠকৰ অধিক মনোগ্রাহী কৰি তুলে ।
অলংকাৰৰ সংজ্ঞাঃ
সেয়েহে,
সাহিত্যত অলংকাৰ বুলিলে আমি এনেদৰে সংজ্ঞা আগবঢ়াব পাৰো-
‘সাহিত্যিক লালিত্যপূৰ্ণ আরু ব্যঞ্জণময় কৰি
তুলাৰ অর্থে বৈচিত্র পূর্ণ শব্দ-কাব্যৰ বা শব্দ সম্ভাৰৰ যি চমৎকাৰিত্বপূর্ণ কৌশল
প্রয়োগ বা অৱলম্বন কৰা হয়, তাকে সাহিত্যত অলংকাৰ বোলে ।’
সাহিত্যত অলংকাৰ প্রধান ভাগ বা প্রকাৰ দুটা-
(ক) শব্দালংকাৰ বা শব্দালঙ্কাৰ, আরু (খ)
অৰ্থালংকাৰ বা অৰ্থালঙ্কাৰ
সাহিত্যত অলংকাৰ সাধাৰণতে তিনিটা বিশেষ কাৰণত
প্রয়োজন হয় । সেয়া হৈছে-
(ক) বাক্যক প্রভাৱশালী কৰা । অর্থাৎ বক্তব্য বিষয়ক অধিক প্রভাৱশালী আরু
ব্যঞ্জণময় কৰি তোলা ।
(খ) প্রয়োজনীয় বর্ণনীয় বিষয়ৰ স্পষ্টীকৰণ ।
অর্থাৎ বৰ্ণনীয় বিষয়ৰাজিক অধিক প্রকটভাৱে দাঙি ধৰা ।
(গ) ৰমনীয়তা সম্পাদন । অর্থাৎ বৰ্ণনীয় বিষয়সম্ভাৰত
ৰমনীয়তা সৃষ্টি বা প্রদান কৰা ।
এনেদৰে
সাহিত্যত অলংকাৰে এক মুখ্য স্থান দখল কৰি আছে ।
৪। তলৰ অলংকাৰসমূহৰ সূত্র লিখি উদাহৰণসহ বুজাই
লিখা ।
উত্তৰঃ
(ক) অতিশয়োক্তিঃ
উপমেয়
(যাক তুলনা কৰা যায়)ৰ কথা উল্লেখ নকৰাকৈ উপমান(যাৰ লগত তুলনা কৰা হয়)কে উপমেয়রূপে
বা উপমেয়স্থানত ব্যৱহাৰ কৰিলে বা নির্দেশ কৰিলে, তাক অতিশয়োক্তি অলংকাৰ বোলে ।
উদাহৰণঃ
‘আইৰে মুখেদি মৌৱে বৰষিছে
ফুলাম গামোচাৰে পাগ ।’
উল্লেখিত উদাহৰণটোত, ‘মাত’ উপমেয়টো(যাক তুলনা কৰা
যায়) উল্লেখ কৰাৰ পৰিৱৰ্তে উপমান(যাৰ লগত তুলনা কৰা হয়) ‘মৌ’ক ব্যৱহাৰ কৰি
‘অতিশয়োক্তি’ অৰ্থালঙ্কাৰৰ সৃষ্টি হৈছে ।
(খ) অনুপ্রাসঃ
‘অনু’
মানে অনুকুলে বা প্রকৃষ্টভাৱে আরু ‘আস’ মানে বিন্যাস হোৱা । অর্থাৎ অনুকুলে শব্দ
বা বৰ্ণৰ ন্যাস হোৱাকে অনুপ্রাস বোলে ।
একোটা
বৰ্ণ বা বৰ্ণ সমষ্টিক বাৰে বাৰে উল্লেখ কৰি কোনো কাব্য বা বাক্যক মনোৰমা সৌন্দৰ্য
প্রদান কৰা কৌশলক অনুপ্রাস বোলে । সাধাৰণতে অনুপ্রাস তিনি প্রকাৰৰ, ছেকানুপ্রাস,
বৃত্তানুপ্রাস আরু অন্ত্যানুপ্রাস ।
উদাহৰণ-
‘বগাকৈ বগলী বহলাই বহিছে
বলুকাত বিয়লি বেলা,
বকুল বাগৰিছে ববচা বনতে
বুটলি বিলাওঁ গৈ ব’লা ।’- মিত্রদেৱ মহন্ত ।
উল্লেখিত
উদাহৰণটোত, ‘ব’ ধ্বনিৰ পুনঃ পুনঃ ধ্বনিত হৈ ‘অনুপ্রাস’ শব্দালঙ্কাৰৰ সৃষ্টি হৈছে ।
(গ) যমকঃ
যদি
কোনো এটা একে শব্দকে বা একেদৰে উচ্চাৰিত হোৱা শব্দকে ভিন্নার্থক অর্থাৎ একে বাক্য
বা পংক্তিত ব্যৱহাৰ কৰিলে, তাক যমক অলংকাৰ বোলে ।
অর্থাৎ
কোনো এক পংক্তিত বা কাব্যত একে শব্দকে বা একেদৰে উচ্চাৰিত শব্দকে পুনৰ পুনৰ ব্যৱহাৰ
হ’লে আরু সেই শব্দবোৰে ঠায়ে ঠায়ে অর্থৰ সলনি হ’লে বা বেলেগ বেলেগ অর্থ প্রকাশ কৰিলে,
তাক যমক অলংকাৰ বোলা হয় ।
উদাহৰণঃ
‘দেখি দিনবন্ধু,
মুচিলা বদন বাৰি আদৰে সবাৰ
দীন বন্ধু যথা কৰয় আদৰ দীনে ।’ – সীতাহৰণ কাব্য
উল্লেখিত
উদাহৰণটোত শব্দৰ উচ্চাৰণ একে হ’লেও প্রথমটো ‘দিনবন্ধু’য়ে সূৰ্যক আরু দ্বিতীয়টো
‘দীনবন্ধু’য়ে দৰিদ্রৰ বন্ধুক বুজাইছে । সেয়েহে, ইয়াত যমক শব্দালঙ্কাৰৰ প্রয়োগ হৈছে
।
(ঘ) উপমাঃ
কোনো
এফাঁকি কবিতাত বা বাক্যত থকা বিভিন্ন গুণসম্পন্ন দুটা বিষয় বা বস্তুৰ মাজত সামান্য
সাদৃশ্য বা বৈসাদৃশ্য প্রকাশ কৰিলে, তাক উপমা অলংকাৰ বোলে । উপমা অলংকাৰত কোনো এক
বিষয় বা বস্তুৰ আন এক বিসদৃশ বস্তুৰ দৰে বুলি কল্পনা কৰা হয় । উপমা অলংকাৰ সাধাৰণতে
তিনি প্রকাৰৰ- পূৰ্ণোপমা, মালোপমা আরু লুপ্তোপমা ।
উদাহৰণঃ
‘তুমিয়ে ধন, তুমিয়ে জন, তুমিয়ে আমাৰ নয়ন মণি ।’
উল্লেখিত
উদাহৰণটোত, তুমি হৈছে উপমেয় (মূল বিষয়/যাক তুলনা কৰা হৈছে) আরু ধন, জন, নয়ন, মণি
হৈছে উপমান (উপমা বা তুলনা কৰা বিষয় বা যাৰ লগত তুলনা কৰা হৈছে ।) অর্থাৎ ইয়াত ‘তুমি’ৰ উপমা
হিচাপে ধন, জন, নয়ন আরু মণিক ব্যৱহাৰ কৰি মালোপমা অৰ্থালঙ্কাৰৰ প্রয়োগ হৈছে ।
(ঙ) অপ্রস্তুত প্রশংসাঃ
যদি
কোনো পংক্তি বা বাক্যত, অপ্রস্তুত বা যিটো বৰ্ণনীয় বা বৰ্ণনা কৰা নহয়, তাৰ পৰা যদি
প্রস্তুত বৰ্ণনীয় কোনো বিষয়ৰ প্রতীতি বা ভাৱ জন্মে, তাকে অপ্রস্তুত প্রশংসা বোলে ।
উদাহৰণঃ
‘কেলৈ ফুলিলি রূপহী মদাৰ ঐ
কেলৈ পেলালি কলি?
গুরুতো নালাগে ভকততো নালাগে
থাক তলে ভৰি সৰি ।’ – বনঘোষা
উল্লেখিত উদাহৰণটোত, অপ্রস্তুত ‘মদাৰ’ৰ বিষয়টোৱে
বিয়া নোহোৱাকৈ ঘৰতে বহি থকা গাভরুৰ বিফল যৌৱন- এই প্রস্তুতৰ প্রতীতি বা ভাৱৰ
উৎপন্ন হৈছে । ইয়াত, মদাৰ ফুল- ভকতক নলগা বিষয়টো বৰ্ণনীয় বিষয় নহয় তাৰ পৰিৱৰ্তে
বিফলে যোৱা গাভরুৰ যৌৱনহে প্রকৃত বৰ্ণনীয় বিষয় । সেয়েহে, ইয়াত অপ্রস্তুত প্রশংসা
অলংকাৰ প্রয়োগ হৈছে ।
(চ) শ্লেষঃ
যদি
কোনো এক শব্দকে দ্ব্যৰ্থবোধ বা দুটা অর্থত ব্যৱহাৰ কৰা হয়, তাক শ্লেষ অলংকাৰ বোলে
। অর্থাৎ কোনো এটা শব্দক বিভিন্ন অর্থত ব্যৱহাৰ কৰি শ্লেষ অলংকাৰৰ সৃষ্টি কৰা হয় ।
শ্লেষ অলংকাৰ সাধাৰণতে দুই প্রকাৰৰ- শব্দ শ্লেষ আরু অর্থ শ্লেষ ।
উদাহৰণঃ
‘অজৰ কুলত কি অজটোৰ জন্ম হ’ল !’
উল্লেখিত
উদাহৰণটোত, ‘অজ’ শব্দটোৰে দ্ব্যৰ্থবোধ অর্থাৎ দুটা অর্থ প্রকাশ কৰিছে । প্রথম ‘অজ’
মানে অজৰাজা আরু দ্বিতীয় ‘অজ’ই মূৰ্খ অর্থ বুজাইছে ।
(ছ) রূপকঃ
উপমেয়ক
(যাক তুলনা কৰা যায়) উপমানৰ (যাৰ লগত তুলনা কৰা হয়) সৈতে অভেদ কল্পনা কৰি সৃষ্টি কৰা
অলংকাৰক রূপক অলংকাৰ বোলে । রূপক অলংকাৰত কোনো এটা বিষয় বা বস্তুক আন এক বিষয় বা
বস্তু বুলি কল্পনা কৰা হয় ।
উদাহৰণঃ
‘আমি সাগৰৰ পাৰৰ শামুকৰ খোলা ।’
উল্লেখিত উদাহৰণটোত, উপমেয় (যাক তুলনা কৰা হয়)
‘আমি’ক উপমান (যাৰ সৈতে তুলনা কৰা হয়) ‘সাগৰৰ পাৰৰ শামুকৰ খোলা’ বুলি কল্পনা কৰা
হৈছে আরু রূপক অলংকাৰ প্রয়োগ হৈছে ।
(জ) সমাসোক্তি (Personification):
একে কাৰ্য, একে লিঙ্গ আরু
একে বিশেষণেৰে বৰ্ণনীয় নিৰ্জ্জীৱ পদাৰ্থত সজীৱ পদার্থৰ গুণ, স্বভাৱ আদি আৰোপ কৰিলে,
তাক সমাসোক্তি অৰ্থালঙ্কাৰ বোলে ।
উদাহৰণঃ
‘মাৰিলেহি মেঘে ঢোলত চাপৰ
জিলীয়ে বজায় কালি,
টুনী বুলবুলি নাচে ছেৱে ছেৱে
হেটুলুকা ওজাপালী ।’
উল্লেখিত উদাহৰণটোত, ‘মেঘক’ ঢুলীয়া স্বরূপে,
‘জিলীক’ কালিয়া হিচাপে, ‘টুনী-বুলবুলি’ক নাচনী হিচাপে আরু ‘হেটুলুকা’ক ওজাপালি
হিচাপে কল্পনা কৰি সমাসোক্তি অৰ্থালঙ্কাৰৰ প্রয়োগ কৰা হৈছে ।
উপমান (যাক তুলনা কৰা হয়) আৰ উপমেয়ৰ (যাৰ লগত তুলনা কৰা হয়) মাজত প্রৱল
সাদৃশ্য থকাৰ বাবে, উপমেয়ক যদি উপমান বুলি সন্দেহ ওপজে, তাক উৎপেক্ষা অলংকাৰ বোলে
।
উদাহৰণঃ
‘পৰ্বতীয়া জুৰিটিৰ জিৰজিৰণিত
শুনো যেন বিননিৰ সুৰ ।’
উল্লেখিত উদাহৰণত, উপমান, ‘জুৰিটিৰ জিৰজিৰণি’ত কবিজনাৰ কাণত উপমেয়, ‘বিননিৰ সুৰ’
হৈ পৰিছে আরু সন্দেহ উপজিছে । ইয়াত, সেয়ে উৎপেক্ষা অলংকাৰৰ প্রয়োগ হৈছে ।
(ঞ) ব্যাজস্তুতি বা ব্যাজস্ততি (Irony):
স্তুতি বা প্রশংসাৰ ছলেৰে বা ভাল বুলি কৈ নিন্দা বা ঠাট্টা কৰা আরু নিন্দাৰ
ছলেৰে প্রশংসা বা স্তুতি কৰি কোনো অলংকাৰৰ সৃষ্টি কৰিলে তাক ব্যাজস্তুতি (Irony) অলংকাৰ বোলে ।
উদাহৰণঃ
‘অতি বড় বৃদ্ধপতি সিদ্ধিতে নিপুণ
কোন গুণ নাই তাৰ কপালে আগুণ ।’
উল্লেখিত উদাহৰণটোত, এফালে ‘অতি বড় বৃদ্ধপৰি’ আরু ‘সিদ্ধিত নিপুণ’ বুলি স্তুতি
বা প্রশংসা কৰিছে লগতে আনফালে, ‘কোন গুণ নাই’ বুলি নিন্দা কৰি ব্যাজস্তুতি (Irony) অলংকাৰৰ প্রয়োগ কৰা হৈছে
।
(ট) বিৰোধাভাসঃ
যি স্থলত বিৰোধ নাই, কিন্তু প্রথম দৰ্শনত বিৰোধ বুলি ধাৰণা কৰা হয়, তাকে বিৰোধ
বা বিৰোধাভাস অৰ্থালঙ্কাৰ বোলে ।
অর্থাৎ যি কাব্যিক বা পদ বৰ্ণনাত দুটা বিষয়ৰ মাজত বিৰোধ দেখা যায় যদিও দুয়ুটাৰ
সমন্বয়ত বা একেলগে এক গভীৰতাৰ অর্থ প্রকাশ কৰে আরু বিৰোধৰ নাইকীয়া বা অৱসান হয়,
সেই অলংকাৰকে বিৰোধাভাস অলংকাৰ বোলে ।
উদাহৰণঃ
‘চকু নাই দেখিছে সকল
আকাশ পাতাল জলস্থল
কাণ নাই সকলো শুনিছে
হাত নাই সকলো ধৰিছে
ভৰি নাই সৰ্বত্রে কৰিছে গমন ।’ - ৰত্নেশ্বৰ মহন্ত
উল্লেখিত উদাহৰণটোত, ‘চকু নাই দেখিছে’, ‘কাণ নাই শুনিছে’, ‘হাত নাই ধৰিছে’, ‘ভৰি
নাই গমন কৰিছে’- এই ভাৱবোৰ বিৰোধী । কিন্তু ইয়াৰ সমন্বয়ত এক গভীৰ অর্থ লুকাই আছে অর্থাৎ এয়া সকলো ভগৱানৰ কথা ব্যক্ত কৰিছে
আরু বিৰোধ ভাৱৰ অৱসান বা নাইকীয়া হৈছে ।
(ঠ) নিদৰ্শনাঃ (Transference of Attribute)
কোনো সাদৃশ্য থকাৰ বাবে কাৰো ওপৰত অসম্ভৱ বা অবান্তৰ কাৰ্য বা অবাস্তৱ ভাৱ আৰোপ
কৰি সৃষ্টি কৰা অলংকাৰক নিদৰ্শনা অৰ্থালঙ্কাৰ বোলে ।
উদাহৰণঃ
‘যক্ষৰ জীয়াৰী মই
ৰক্ষৰ বোৱাৰী,
বীৰ তেজ প্রৱাহিত প্রতি শিৰে মোৰ;
ময়ো কি করোঁনে ভয় ভিক্ষুক ৰামক? – প্রমীলাৰ উক্তি
উল্লেখিত উদাহৰণটোত, ‘যক্ষৰ জীয়াৰী’ আরু ‘ৰক্ষৰ বোৱাৰী’ সাদৃশ্য কৰি বা আলম লৈ
অবাস্তৱ বা অসম্ভৱ ‘বীৰ তেজ’ আরু ‘ভিক্ষুক ৰামক ভয় নকৰো’ বুলি এক ভাৱৰ সৃষ্টি কৰি,
নিদৰ্শনা অৰ্থালঙ্কাৰৰ প্রয়োগ কৰা হৈছে ।
(ড) পুনরুক্তবদাভাসঃ
যি অৰ্থালঙ্কাৰত একে অর্থবোধক দুটা শব্দ প্রয়োগ কৰা হয় যিটো একে অর্থত ব্যৱহাৰ
কৰা যেন লাগিলেও ভিন্ন বা বেলেগ অর্থ প্রকাশ কৰে, তাকে পুনরুক্তবদাভাস অলংকাৰ বোলে
।
উদাহৰণঃ
‘বসুন্ধৰা পৃথিৱীৰ তুমি মুক্তামণি ।’
উল্লেখিত উদাহৰণটোত, ‘বসুন্ধৰা’ আরু ‘পৃথিৱী’, দুয়ুটা একে অর্থৰ শব্দ যদিও ‘বসুন্ধৰা’
শব্দটোৱে ইয়াত সম্পদশীল অর্থত ব্যৱহাৰ কৰা হৈছে । সেয়েহে, ইয়াত পুনরুক্তবদাভাস
অলংকাৰৰ প্রয়োগ হৈছে ।
(ঢ) ব্যতিৰেকঃ (Excess of Object or Subject)
উপমানতকৈ(যাৰ সৈতে তুলনা কৰা হয়)
উপমেয়ক (যাক তুলনা কৰা হয়) শ্রেষ্ঠ বা নিকৃষ্ট বুলি দেখুৱাই বা প্রদৰ্শন কৰি যি
অলংকাৰৰ সৃষ্টি কৰা হয়, তাকে ব্যতিৰেক অৰ্থালঙ্কাৰ বোলে ।
উদাহৰণঃ
‘শৰদ চান্দ কোটি বয়ন বিকশা ।
মদনক চাপ জিনি ভ্রব পৰকাশা ।।
চান্দ জ্যোতি জিনি তিলক কপালে । - শ্রী মন্ত শংকৰদেৱ
উল্লেখিত উদাহৰণটোত, ‘কপালৰ তিলক’ চন্দ্রৰ জ্যোতিতকৈয়ো অধিক বা বেছি জ্যোতিময়
রূপে প্রকাশিত কৰি ব্যতিৰেক অৰ্থালঙ্কাৰৰ প্রয়োগ হৈছে ।
(ণ) বক্রোক্তিঃ
কোনো শব্দৰ অর্থক বক্তাই বুজাব খোজা অর্থত গ্রহণ নকৰি শ্রোতাই বা শুনাজনে
অর্থত গ্রহণ কৰিলে, তাক বক্রোক্তি শব্দালঙ্কাৰ বোলে ।
উদাহৰণঃ
বক্তাঃ মই পূৰণ কৰিবলৈ দিলোঁ, তুমি হৰণহে কৰিলা ।
শ্রোতাঃ মই হৰণ কৰা নাই চাৰ । ভুলতহে পেঞ্চিলডাল জেপত সোমাল ।
উল্লেখিত উদাহৰণটোত, বক্তাৰ ‘হৰণ’ৰ অর্থই অংকৰ হৰণ প্রণালীৰ কথাকহে বুজাইছিল ।
কিন্তূ, শ্রোতাই ‘হৰণ কৰা’ৰ অর্থ ‘চুৰ কৰা’ বুলি গ্রহণ কৰি পিছৰ উক্তিতো প্রকাশ কৰিছে
। সেয়েহে, ইয়াত, বক্রোক্তি (বেকা বা বক্র উক্তি) শব্দালঙ্কাৰৰ প্রয়োগ হৈছে ।
updating.........