Chapter-1, অসম আরু ভারতর মাধ্যমিক শিক্ষা, (স্বরাজোত্তর কাল), 1 & 2 Marks by P.B.

 Any mistakes, please inform us immediately by the contact form option.

 (ক) ১ নম্বৰৰ প্রশ্নসমূহ

(ক) শুদ্ধ নে অশুদ্ধ লিখা ।

১। ১৯৬৪-৬৬ শিক্ষা আয়োগ স্বাধীন ভাৰতৰ প্রথম শিক্ষা আয়োগ আছিল ।
উত্তরঃ অশুদ্ধ 

২। জাতীয় শিক্ষানীতি ১৯৯২ চনত পুনঃনিৰীক্ষণ কৰা হৈছিল ।
উত্তরঃ শুদ্ধ 

৩। মাধ্যমিক শিক্ষা আয়োগ ড লক্ষ্মণস্বামী মুডালিয়াৰ সভাপতিত্বত নিয়োগ কৰা হৈছিল ।
উত্তরঃ শুদ্ধ 

৪। কোঠাৰী আয়োগ ১৯৬৬ চনৰ ১ জানুৱাৰীত নিয়োগ কৰা হৈছিল ।
উত্তরঃ  অশুদ্ধ 

৫। ভাৰতীয় শিক্ষা আয়োগে উৎপাদনশীলতাত গুরুত্ব প্রদান কৰিছিল ।
উত্তরঃ শুদ্ধ 

৬। নতুন শিক্ষানীতিত বৃত্তিমুখিতাৰ প্রয়োজনীয়তাত গুরুত্ব প্রদান কৰিছিল ।
উত্তরঃ শুদ্ধ 

৭। ‘Challenges of Education: A Policy perspective’(শিক্ষা প্রত্যাহ্বানঃ এক দূৰদর্শী আঁচনি)- এই দলিলখন ১৯৬৮ চনৰ জাতীয় শিক্ষানীতিৰ লগত জড়িত ।
উত্তরঃ অশুদ্ধ    
          
৮। শিক্ষা আয়োগে শিক্ষাৰ সংগঠনটোক তিনিটা ভাগত ভগাইছিল ।
উত্তরঃ শুদ্ধ 

৯। মুডালিয়া আয়োগৰ প্রতিবেদনৰ প্রথম অধ্যায়টো শিক্ষাৰ উদ্দেশ্যৰ লগত জড়িত ।
উত্তরঃ শুদ্ধ 

১০। অসম মাধ্যমিক শিক্ষা আইন ১৯৬২ চনত অনুমোদন কৰা হৈছিল ।
উত্তরঃ অশুদ্ধ 

১১। মুডালিয়া আয়োগে বৃত্তিমূলক দক্ষতা বৃদ্ধিক শিক্ষাৰ এটা লক্ষ্য হিচাপে পৰামর্শ দিছিল ।
উত্তরঃ শুদ্ধ 

১২। কোঠাৰী আয়োগৰ শিৰোনাম আছিল- ‘Government Policy of Education’.
উত্তরঃ অশুদ্ধ 

১৩। মুডালিয়া আয়োগৰ শিক্ষাৰ ১০+২+৩ সংগঠনৰ পৰামর্শ দিছিল ।
উত্তরঃ অশুদ্ধ 

১৪। মুডালিয়া আয়োগৰ প্রতিবেদনৰ দ্বিতীয় অধ্যায়ত প্রচলিত মাধ্যমিক শিক্ষাৰ ক্রুটিসমূহ উল্লেখ কৰা হৈছিল ।
উত্তরঃ অশুদ্ধ 

১৫। মাধ্যমিক শিক্ষা আয়োগে মাধ্যমিক শিক্ষাক জীৱনৰ পৰা বিচ্ছিন্ন বুলি সমালোচনা কৰিছিল ।
উত্তরঃ শুদ্ধ 

১৬। কোঠাৰী আয়োগে নৈতিক মূল্যবোধ সৃষ্টিৰ বাবে শিক্ষাত গুরুত্ব দিছিল ।
উত্তরঃ শুদ্ধ 

১৭। মাধ্যমিক শিক্ষা আয়োগে কলেজীয়া শিক্ষাৰ পৰা প্রাক বিশ্ববিদ্যালয় শিক্ষাক মাধ্যমিক বিদ্যালয়লৈ হস্তান্তৰ কৰাৰ পৰামর্শ দিছিল ।
উত্তরঃ শুদ্ধ 

১৮। কোঠাৰী আয়োগৰ মতে প্রাথমিক শিক্ষাৰ কাল ৬ ৰ পৰা ৭ বছৰ হব লাগে ।
উত্তরঃ অশুদ্ধ 

১৯। কোঠাৰী আয়োগে ২+ স্তৰৰ ৬০% শিক্ষার্থীক বৃত্তিমূলক শাখালৈ নিয়াৰ পৰামর্শ আগবঢ়াইছিল ।
উত্তরঃ শুদ্ধ 

২০। নবোদয় বিদ্যালয়ৰ এটা উদ্দেশ্য আছিল জাতীয় সংহতিৰ বিকাশ ।
উত্তরঃ শুদ্ধ 

২১। জাতীয় শিক্ষানীতিয়ে নম্বৰৰ সলনি গ্রেডব্যৱস্থাৰ প্রয়োজনীয়তাৰ পৰামর্শ দিছিল ।
উত্তরঃ শুদ্ধ 


২২। জাতীয় শিক্ষানীতিয়ে বহুমূখী বিদ্যালয় স্থাপনৰ পৰামর্শ দিছিল ।
উত্তরঃ শুদ্ধ 

২৩। একাদশ শ্রেণীযুক্ত মাধ্যমিক বিদ্যালয় মুডালিয়া আয়োগে আৰম্ভ কৰিছিল ।
উত্তরঃ শুদ্ধ 

২৪। অসমত ১২ বছৰীয়া মাধ্যমিক শিক্ষা ১৯৭৫ চনত প্রৱৰ্তন কৰা হৈছিল ।
উত্তরঃ অশুদ্ধ 

২৫। ১৯৬৪-৬৬ চনৰ শিক্ষা আয়োগৰ প্রতিবেদনৰ শিৰোনাম আছিল- ‘Education and National Development’.
উত্তরঃ শুদ্ধ 

২৬। কোঠাৰী আয়োগৰ মতে স্কুলীয়া শিক্ষাৰ ব্যাপ্তি ১০ বছৰ হোৱা উচিত ।
উত্তরঃ শুদ্ধ 

২৭। স্বাধীনতাৰ আগতে অসমত মাধ্যমিক শিক্ষা কলিকতা বিশ্ববিদ্যালয়ে নিয়ন্ত্রণ কৰিছিল 
উত্তরঃ শুদ্ধ 

২৮। শিক্ষকৰ চাকৰীকালীন প্রশিক্ষণ অসম মাধ্যমিক শিক্ষা বৰ্ডৰ এটা কাম ।
উত্তরঃ শুদ্ধ 

২৯। কোঠাৰী আয়োগে বহুমুখী বিদ্যালয় স্থাপনৰ পৰামর্শ দিছিল ।
উত্তরঃ অশুদ্ধ 

৩০। ১৯৪৭-৪৮ চনত অসমত মাধ্যমিক বিদ্যালয়ৰ সংখ্যা আছিল ১৯১ খন ।
উত্তরঃ শুদ্ধ 

৩১। জাতীয় সংহতিৰ সৃষ্টি নৱোদয় বিদ্যালয়ৰ এটা গুরুত্বপূর্ণ উদ্দেশ্য ।
উত্তরঃ শুদ্ধ 


খ) খালী ঠাই পূৰণ করাঃ

৩২। ডি. এছ কোঠাৰীৰ সভাপতিত্বত শিক্ষা আয়োগ_____ চনত নিয়োগ কৰা হৈছিল ।
উত্তরঃ ডি. এছ কোঠাৰীৰ সভাপতিত্বত শিক্ষা আয়োগ ১৯৬৪ (১৪ জুলাই) চনত নিয়োগ কৰা হৈছিল ।
৩৩। প্রাক প্রাথমিক শিক্ষা স্তৰ ___ ৰ পৰা ____ লৈ বিস্তৃত ।
উত্তরঃ প্রাক প্রাথমিক শিক্ষা স্তৰ ১ বছৰৰ পৰা ৩ বছৰলৈ বিস্তৃত ।

৩৪। জাতীয় শিক্ষানীতি, ১৯৮৬ চনৰ প্রাথমিক শিক্ষাৰ উন্নতিৰ বাবে আঁচনিখন আছিল____
উত্তরঃ জাতীয় শিক্ষানীতি, ১৯৮৬ চনৰ প্রাথমিক শিক্ষাৰ উন্নতিৰ বাবে আঁচনিখন আছিল অপাৰেচন ব্লেকবোর্ড   

৩৫। ভাৰত চৰকাৰৰ দ্বাৰা ১৯৬৪ চনত নিয়োগ কৰা আয়োগৰ সভাপতি আছিল______
উত্তরঃ ভাৰত চৰকাৰৰ দ্বাৰা ১৯৬৪ চনত নিয়োগ কৰা আয়োগৰ সভাপতি আছিল  ডি. এছ. কোঠাৰী 

৩৬। মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি আছিল_____
উত্তরঃ মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি আছিল  লক্ষ্মণস্বামী মুডালিয়াৰ 

৩৭। মুডালিয়া আয়োগ____চনত নিয়োগ কৰা হৈছিল ।
উত্তরঃ মুডালিয়া আয়োগ ১৯৫২ (২৩ ছেপ্তেম্বৰ) চনত নিয়োগ কৰা হৈছিল ।

৩৮। মুডালিয়া আয়োগক সাধাৰণতে _____ নামেৰে জনা যায় ।
উত্তরঃ মুডালিয়া আয়োগক সাধাৰণতে মাধ্যমিক শিক্ষা আয়োগ নামেৰে জনা যায় ।

৩৯। ভাৰতৰ ভাগ্য এতিয়া শ্রেণীকক্ষত গঢ় লয়’- এই উক্তিটো_____ আগবঢ়াইছিল ।
উত্তরঃ ভাৰতৰ ভাগ্য এতিয়া শ্রেণীকক্ষত গঢ় লয়’- এই উক্তিটো কোঠাৰী আয়োগে আগবঢ়াইছিল ।

৪০। ‘Challenge of Education: A Policy perspective’- এই দলিলখন _____ লগত জড়িত 
উত্তরঃ ‘Challenge of Education: A Policy perspective’- এই দলিলখন ১৯৮৬ চনৰ ৰাষ্ট্রীয় শিক্ষানীতিৰ লগত জড়িত ।

৪১। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ _____ চনত গঠন হৈছিল ।
উত্তরঃ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ১৯৮৪ চনত গঠন হৈছিল ।

৪২।____ আয়োগে উৎপাদনশীলতাক শিক্ষাৰ এক লক্ষ্য হিচাপে পৰামর্শ দিছিল ।
উত্তরঃ কোঠাৰী আয়োগে উৎপাদনশীলতাক শিক্ষাৰ এক লক্ষ্য হিচাপে পৰামর্শ দিছিল ।

৪৩। ____ আয়োগে নেতৃত্বৰ বাবে শিক্ষাক শিক্ষাৰ এক লক্ষ্য হিচাপে পৰামর্শ দিছিল ।
উত্তরঃ মাধ্যমিক শিক্ষা আয়োগে নেতৃত্বৰ বাবে শিক্ষাক শিক্ষাৰ এক লক্ষ্য হিচাপে পৰামর্শ দিছিল ।

৪৪। কোঠাৰী আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ বিস্তৃতি_____ বছৰ হোৱা উচিত ।
উত্তরঃ কোঠাৰী আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ বিস্তৃতি ১২ বছৰ হোৱা উচিত ।

৪৫। ____ আয়োগে নিম্ন মাধ্যমিকত কর্ম অভিজ্ঞতাক এটা বিষয় হিচাপে পৰামর্শ দিছিল 
উত্তরঃ কোঠাৰী আয়োগে নিম্ন মাধ্যমিকত কর্ম অভিজ্ঞতাক এটা বিষয় হিচাপে পৰামর্শ দিছিল 

৪৬। কোঠাৰী আয়োগে ১৯৮৬ চনৰ ভিতৰত নিম্ন মাধ্যমিক স্তৰৰ ____% শিক্ষার্থীয়ে বৃত্তিমূলক বিষয় লোৱা কথা চিন্তা কৰিছিল ।
উত্তরঃ কোঠাৰী আয়োগে ১৯৮৬ চনৰ ভিতৰত নিম্ন মাধ্যমিক স্তৰৰ ৩০% শিক্ষার্থীয়ে বৃত্তিমূলক বিষয় লোৱা কথা চিন্তা কৰিছিল ।

৪৭। ভাৰতৰ প্রথম শিক্ষানীতি_____চনত গ্রহণ কৰা হৈছিল ।
উত্তরঃ ভাৰতৰ প্রথম শিক্ষানীতি ১৯৬৮ চনত গ্রহণ কৰা হৈছিল ।

৪৮। ডিগ্রীক চাকৰিৰ পৰা সম্পর্কহীনকৰাৰ পৰামর্শ আছিল____ৰ ।
উত্তরঃ ডিগ্রীক চাকৰিৰ পৰা সম্পর্কহীনকৰাৰ পৰামর্শ আছিল ৰাষ্ট্রীয় শিক্ষানীতি ১৯৮৬ চনৰ ।

৪৯। অসম মাধ্যমিক শিক্ষা আইন____ চনত গ্রহণ কৰা হৈছিল ।
উত্তরঃ অসম মাধ্যমিক শিক্ষা আইন ১৯৬১ চনত গ্রহণ কৰা হৈছিল ।

৫০। মাধ্যমিক শিক্ষা বৰ্ড, অসমৰ কাৰ্যালয়____ আছে ।
উত্তরঃ মাধ্যমিক শিক্ষা বৰ্ড, অসমৰ কাৰ্যালয় গুৱাহাটী আছে ।

৫১। ১৯৬৯-৭০ চনত বহুমুখী বিদ্যালয়ৰ সংখ্যা আছিল____
উত্তরঃ ১৯৬৯-৭০ চনত বহুমুখী বিদ্যালয়ৰ সংখ্যা আছিল ৭০ খন 

৫৪।____ চনত মাধ্যমিক শিক্ষাৰ নিয়ন্ত্রণ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়লৈ হস্তান্তৰ কৰা হৈছিল ।
উত্তরঃ  ১৯৪৮ চনত মাধ্যমিক শিক্ষাৰ নিয়ন্ত্রণ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়লৈ হস্তান্তৰ কৰা হৈছিল ।

৫৫। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদ ____ আয়োগৰ পৰামর্শক্রমে স্থাপন কৰা হৈছিল ।
উত্তরঃ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদ কোঠাৰী আয়োগৰ পৰামর্শক্রমে স্থাপন কৰা হৈছিল ।

৫৬। ____ আয়োগে প্রাক বিশ্ববিদ্যালয় শিক্ষা বিশ্ববিদ্যালয়ৰ পৰা মাধ্যমিক স্কুললৈ স্থানান্তৰ কৰাৰ পৰামর্শ দিছিল ।
উত্তরঃ কোঠাৰী আয়োগে প্রাক বিশ্ববিদ্যালয় শিক্ষা বিশ্ববিদ্যালয়ৰ পৰা মাধ্যমিক স্কুললৈ স্থানান্তৰ কৰাৰ পৰামর্শ দিছিল ।

৫৭। অসমত প্রথম মাধ্যমিক বিদ্যালয়খন _____ চনত স্থাপন কৰা হৈছিল ।
উত্তরঃ অসমত প্রথম মাধ্যমিক বিদ্যালয়খন ১৮৩৫  (গুৱাহাটী ছেমিনাৰী হাই স্কুল, কেপ্তেইন জেনকিন্সৰ দ্বাৰা) চনত স্থাপন কৰা হৈছিল ।

৫৮। অসমত নবোদয় বিদ্যালয়ৰ মুঠ সংখ্যা হৈছে _____
উত্তরঃ অসমত নবোদয় বিদ্যালয়ৰ মুঠ সংখ্যা হৈছে ২৮ খন 

৫৯। মাধ্যমিক শিক্ষা বৰ্ড, অসম ____ আইন মতে স্থাপন কৰা হৈছিল ।
উত্তরঃমাধ্যমিক শিক্ষা বৰ্ড, অসম মাধ্যমিক শিক্ষা আইন মতে স্থাপন কৰা হৈছিল ।

৬০। মাধ্যমিক শিক্ষা বৰ্ড অসমৰ প্রথম পূর্ণকালীন অধ্যক্ষজন ____ চনত নিয়োগ কৰা হৈছিল ।
উত্তরঃমাধ্যমিক শিক্ষা বৰ্ড অসমৰ প্রথম পূর্ণকালীন অধ্যক্ষজন ১৯৬২ চনত নিয়োগ কৰা হৈছিল ।

৬১। কোঠাৰী আয়োগৰ পৰামর্শ মতে প্রথম শ্রেণীত নামভৰ্তিৰ ন্যূনতম বয়স_____
উত্তরঃ কোঠাৰী আয়োগৰ পৰামর্শ মতে প্রথম শ্রেণীত নামভৰ্তিৰ ন্যূনতম বয়স ৬ বছৰ 

(গ) চমু উত্তৰ দিয়া (পৰাপক্ষত এটা বাক্যত):

৬২। জাতীয় শিক্ষানীতি, ১৯৮৬ ত প্রাথমিক শিক্ষাৰ উন্নতিৰ বাবে পৰামর্শ আগবঢ়োৱা ১০+২+৩ সংগঠনটোৰ নাম কি আছিল?
উত্তরঃ জাতীয় শিক্ষানীতি, ১৯৮৬ ত প্রাথমিক শিক্ষাৰ উন্নতিৰ বাবে পৰামর্শ আগবঢ়োৱা ১০+২+৩ সংগঠনটোৰ নাম আছিল কোঠাৰী আয়োগ ।

৬৩। শিক্ষাৰ ১০+২+৩ সংগঠনটোৰ পৰামর্শ কোন আয়োগে আগবঢ়াইছিল?
উত্তরঃ শিক্ষাৰ ১০+২+৩ সংগঠনটোৰ পৰামর্শ কোঠাৰী আয়োগে আগবঢ়াইছিল ।

৬৪। শিক্ষা আয়োগ, ১৯৬৪-৬৬ ৰ আন এটা নাম কি?
উত্তরঃ শিক্ষা আয়োগ, ১৯৬৪-৬৬ ৰ আন এটা নাম হল- কোঠাৰী আয়োগ ।

৬৫। অসমৰ প্রথম মাধ্যমিক বিদ্যালয়খনৰ নাম কি আছিল?
উত্তরঃ অসমৰ প্রথম মাধ্যমিক বিদ্যালয়খনৰ নাম আছিল- গুৱাহাটী ছেমিনাৰী ।

৬৬ কটন কলেজিয়েট স্কুলৰ পুৰণা নামটো কি আছিল?
উত্তরঃ কটন কলেজিয়েট স্কুলৰ পুৰণা নামটো কি আছিল- গুৱাহাটী ছেমিনাৰী ।

৬৭। শিক্ষা আয়োগে, ১৯৬৪-৬৬ৰ সভাপতি কোন আছিল?
উত্তরঃ শিক্ষা আয়োগে, ১৯৬৪-৬৬ৰ সভাপতি আছিল- ড ডি. এছ কোঠাৰী ।

৬৮। কোন আয়োগে আধুনিকীকৰণৰশিক্ষাৰ লক্ষ্য হিচাপে পৰামর্শ দিছিল?
উত্তরঃ কোঠাৰী আয়োগে আধুনিকীকৰণৰশিক্ষাৰ লক্ষ্য হিচাপে পৰামর্শ দিছিল ।

৬৯। ECCE ৰ সম্পূর্ণ গঠনটো কি?
উত্তরঃ ECCE ৰ সম্পূর্ণ গঠনটো হল- Early Childhood Care And Education

৭০। শিক্ষা আয়োগ ১৯৬৪-৬৬ৰ প্রতিবেদনখনৰ শিৰোনাম কি আছিল?
উত্তরঃ শিক্ষা আয়োগ ১৯৬৪-৬৬ৰ প্রতিবেদনখনৰ শিৰোনাম আছিল- জাতীয় শিক্ষা আয়োগ(National Education Commission) বা কোঠাৰী আয়োগ । 

৭১। জাতীয় শিক্ষানীতি ১৯৮৫ ৰ পুনঃনিৰীক্ষণ কৰা কমিটিখনৰ নাম কি আছিল?
উত্তরঃ জাতীয় শিক্ষানীতি ১৯৮৫ ৰ পুনঃনিৰীক্ষণ কৰা কমিটিখনৰ নাম আছিল- আচার্য ৰাম মূর্তি কমিটি ।

৭২। একাদশ শ্রেণীযুক্ত মাধ্যমিক শিক্ষাৰ পৰামর্শ কোন আয়োগে আগবঢ়াইছিল?
উত্তরঃ একাদশ শ্রেণীযুক্ত মাধ্যমিক শিক্ষাৰ পৰামর্শ মুডালিয়াৰ আয়োগে আগবঢ়াইছিল ।

৭৩। কোন আয়োগে দুবছৰীয়া উচ্চতৰ মাধ্যমিক শিক্ষাৰ পৰামর্শ আগবঢ়াইছিল?
উত্তরঃ কোঠাৰী আয়োগে দুবছৰীয়া উচ্চতৰ মাধ্যমিক শিক্ষাৰ পৰামর্শ আগবঢ়াইছিল ।

৭৪। কটন কলেজিয়েট স্কুলৰ প্রথম প্রধান শিক্ষক কোন আছিল?
উত্তরঃ কটন কলেজিয়েট স্কুলৰ প্রথম প্রধান শিক্ষক আছিল- মিঃ ৰবিনসন(Mr Robinson,1838)

৭৫। জাতীয় শিক্ষানীতি, ১৯৮৬ৰ গ্রহণৰ পৃষ্ঠপোষকতা কৰা ব্যক্তিজনৰ নাম কি আছিল?
উত্তরঃ জাতীয় শিক্ষানীতি, ১৯৮৬ৰ গ্রহণৰ পৃষ্ঠপোষকতা কৰা ব্যক্তিজনৰ নাম কি আছিল- প্রধান মন্ত্রী ৰাজীৱ গান্ধী ।

৭৬। নৈতিক আরু আধ্যাত্মিক মূল্যবোধৰ সৃষ্টিৰ বাবে ভাৰতীয় শিক্ষা আয়োগে আগবঢ়োৱা এটা পৰামর্শ লিখা ।
উত্তরঃ নৈতিক আরু আধ্যাত্মিক মূল্যবোধৰ সৃষ্টিৰ বাবে ভাৰতীয় শিক্ষা আয়োগে আগবঢ়োৱা এটা পৰামর্শ হল- ধর্মনিৰপেক্ষতা।

৭৭। মাধ্যমিক শিক্ষা বৰ্ড, অসমগঠনৰ উদ্দেশ্য কি আছিল?
উত্তরঃ মাধ্যমিক শিক্ষা বৰ্ড, অসমগঠনৰ উদ্দেশ্য আছিল- মাধ্যমিক শিক্ষাৰ শৈক্ষিক প্রশাসনৰ ভাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱৰ্তে গ্রহণ কৰা আরু মাধ্যমিক শিক্ষাৰ উন্নতি সাধন কৰা ।

(খ) ২ নম্বৰৰ প্রশ্নসমূহঃ

চমু উত্তৰ দিয়া

৭৮। মুডালিয়া আয়োগে উল্লেখ কৰা শিক্ষাৰ দুটা ক্রুটি লিখা ।
উত্তরঃ মুডালিয়া আয়োগে উল্লেখ কৰা শিক্ষাৰ দুটা ক্রুটি হলঃ
 (ক)মাধ্যমিক বিদ্যালয়ৰ অসমান ভৌগোলিক স্থাপনঃ
       মাধ্যমিক বিদ্যালয় সমূহ নিদ্দিষ্ট এলেকা হিচাপে সমভাৱে ছাত্র-ছাত্রীৰ উপযোগী হোৱাগৈ গঠন হোৱা নাই৷

(খ)ঠেক গণ্ডীৰ বা একমুখী পাঠ্যক্রম আরু অবাস্তবমুখীঃ
মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্রম সমূহ ঠেক গণ্ডীৰ বা একমুখী অথবা পৰীক্ষাকেন্দ্রিক, শিক্ষার্থী কেন্দ্রিক নহয় ।লগতে বাস্তৱ জীৱণৰ লগত মিল নাই ।

৭৯। নবোদয় বিদ্যালয় কি?
উত্তরঃ  নবোদয় বিদ্যালয় হল- মূলতঃ ভাৰতৰ গ্রামীণ অঞ্চলৰ মেধাবী শিক্ষার্থীসকলৰ কাৰণে ৰাষ্ট্রীয় শিক্ষানীতি অথবা নতুন শিক্ষানীতি ১৯৮৬  বিকল্প বিদ্যালয়ৰ এক ব্যস্থা । নবোদয় বিদ্যালয়বোৰ নবোদয় বিদ্যালয় কমিটিয়ে ভাৰত সৰকাৰ, মানব সম্পদ বিকাশ মন্ত্রনালয়ৰ”(MHRD) অধীনত পৰিচালনা কৰি আছে । এই বিদ্যালয়সমূহ গাওঁলীয়া শিক্ষার্থীসকলৰ মাধ্যমিক শিক্ষাৰ উন্নতিৰ বাবে স্থাপন কৰা হৈছিল  এই বিদ্যালয়সমূহত ষষ্ঠ শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈকে বিশেষকৈ গাওঁ আরু আন অঞ্চলৰ তীক্ষ্ণ ছাত্র-ছাত্রীসকলৰ বাবে বিশেষ সুবিধা অর্পণ কৰিছে । বিজ্ঞানলা আরু সমাজবিজ্ঞানৰ বিষয়সমূহৰ সংলগ্ন আরু উন্নতিসাধন কৰি জাতীয় বিকাশ, ইতিহাস, সাংবিধানিক কর্তব্য, নাগৰিসকলৰ অধিকাৰ আদি বিষয়সমূহক নবোদয় বিদ্যালয়ত পাঠ্যৰ জৰীয়তে বিকশিত কৰা হয়  এই বিদ্যালয় সমূহৰ জৰীয়তে, মানৱতাবোধ, মিশ্র সংস্কৃতি, ব্যক্তিত্বৰ সার্বজনীন বিকাশৰ জ্ঞান প্রদান কৰাৰ ব্যৱস্থা কৰা হৈছে 

৮০। ECCE কি?
উত্তরঃ ECCE অর্থাৎ আগতীয়া বাল্যকালৰ যতন আরু শিক্ষা হল- নতুন শিক্ষানীতি ১৯৮৬ য়ে গ্রহণ কৰা এক বিশেষ আচনি । ইয়াৰ জৰীয়তে শিশুসকলক বাল্যকালৰ পূর্বৱতী পর্যায়ত লাগতিয়াল যতন বিশেষকৈ সুষম খাদ্য, স্বাস্থ্য, সামাজিক আরু মানসিক দিশৰ লগতে শাৰীৰিক দিশত উদ্দগনি জগাবলৈ কাৰ্যসূচী গ্রহণ কৰিছিল  এই ক্ষেত্রত আগতীয়া বাল্যকালৰ তত্ত্বাৱধান আরু শিক্ষা আঁচনিসুসংহত শিশুবিকাশ সেৱা আঁচনি (I.C.D.E.P.),আদি আচনি অৱলম্বন কৰিছিল । লগতে, ‘দিবাতত্ত্বাৱধানকেন্দ্রৰ মাধ্যমেৰে প্রাথমিক শিক্ষাক সার্বজনীন কৰাৰ ব্যৱস্থা কৰিছিল । ইয়াৰ উপৰিও শিশুকেন্দ্রিক আরু ক্রীয়াভিত্তিক শিক্ষাৰ সহযোগত ব্যক্তিমুখী কৰি তোলাৰ আচনি গ্রহণ কৰিছিল । এই স্তৰত ‘3 Rs’  নিয়ম অর্থাৎ লিখা, পঢ়া আরু অংক কৰা, এই নিয়ম পদ্ধতিৰ সহায়েৰে শিশুসকলৰ দৈহিক, মানসিক আরু বৌদ্ধিক দিশৰ বিকাশ সাধনত মনোনিবেশ কৰিছিল ।

৮১। পৰীক্ষা সংস্কাৰ সম্পর্কে নতুন শিক্ষানীতি, ১৯৮৬ত আগবঢ়োৱা দুটা পৰামর্শ উল্লেখ কৰা ।
উত্তরঃ পৰীক্ষা সংস্কাৰ সম্পর্কে নতুন শিক্ষানীতি, ১৯৮৬ত আগবঢ়োৱা দুটা পৰামর্শ হলঃ
(ক)ৰাষ্ট্রীয় শিক্ষানীতি অথবা নতুন শিক্ষানীতি ১৯৮৬ য়ে চেমিস্টাৰ পদ্ধতিৰ জৰীয়তে পৰীক্ষা পাতিবৰ বাবে পৰামর্শ প্রদান কৰিছিল ।
(খ) নম্বৰৰ ঠাইত ক্রমৰ অর্থাৎ GRADE  পদ্ধতিৰ জৰীয়তে মূল্যায়ণ প্রক্রিয়া আরু পৰীক্ষা সংস্কাৰৰ ব্যৱস্থা গ্রহণ কৰাৰ বাবে পৰামর্শ প্রদান কৰিছিল ।

৮২। ১৯৬৪ চনৰ শিক্ষা আয়োগৰ আয়োগৰ পৰামর্শ অনুযায়ী শিক্ষাৰ সংগঠনটো কি আছিল লিখা ।
উত্তরঃ ১৯৫২-৫৩ চনত মাধ্যমিক শিক্ষা আয়োগ বা মুডালিয়াৰ আয়োগে আগবঢ়োৱা ১১ বছৰীয়া স্কুলীয়া শিক্ষা প্রণালীটো সংশোধন কৰি কোঠাৰী আয়োগে ১০+২+৩ এই সূত্রটোৰ দিশত ১২ বছৰীয়া স্কুলীয়া শিক্ষাৰ বাবে মনোনিবেশ কৰে  এই নতুন গাথনিটোৱে ১০ বছৰ প্রাথমিক আরু মাধ্যমিক শিক্ষা অর্থাৎ ৫ বছৰ প্রাথমিক শিক্ষা, ৩ বছৰ উচ্চ প্রাথমিক আরু ২ বছৰীয়া মাধ্যমিক শিক্ষা; লগতে ২ বছৰ উচ্চতৰ মাধ্যমিকৰ শিক্ষা আরু ৩ বছৰ উচ্চ শিক্ষাৰ বাবে নীতি গ্রহণ কৰে 

৮৩। ডিগ্রীৰ পৰা চাকৰিৰ সম্পর্কহীনতা বুলিলে কি বুজা?
উত্তরঃ ১৯৮৬ চনৰ শিক্ষানীতিয়ে গ্রহণ কৰা এক পদক্ষেপ আছিল উপাধিক নীয়োগৰ পৰা বিচিন্ন কৰা  এই নীতিটো অভিযান্ত্রিক শিক্ষা, আইন, শিক্ষকতা, চিকিৎসাবিজ্ঞান আদি বৃত্তিৰ ক্ষেত্রত প্রয়োগ কৰাৰ ব্যৱস্থা গ্রহণ কৰা নাছিল  এই ব্যৱস্থা কিছুমান সেৱাত প্রয়োগ হৈছিল ত বিশ্ববিদ্যালয়ৰ উপাধিৰ প্রযোজ্য/প্রয়োজন নাছিল  যিবোৰ কর্মক্ষেত্রত উপাধিৰ প্রয়োজন নাই তাত অৰ্হতা সম্পন্ন ব্যক্তি আরু দক্ষ ব্যক্তিক নিযুক্তি/নিয়োগৰ সুবিধা দিয়া হৈছিল  এই নীতিৰ কার্যকৰী কৰাৰ ক্ষেত্রত জাতীয় অভীক্ষা সেবানামৰ গোটটোৰ স্থাপন কৰিছিল । এই গোটৰ সহায়ত উক্ত বিষয়ত দক্ষব্যক্তি নির্বাচন আরু নীতিগত পদ্ধতি গঠন কৰাৰ ক্ষেত্রত মনোনিবেশ  কৰিছিল ।


৮৪। মাধ্যমিক শিক্ষাক কিয় জাতি গঠনৰ শিক্ষা বুলি কোৱা হয়?
উত্তরঃ প্রাথমিক আরু উচ্চশিক্ষাৰ চাবিকাঠী হিচাপেমধ্যম শিক্ষা স্বরূপে ছাত্র-ছাত্রীসকলৰ বাবে যুগুত কৰা শিক্ষাৰ স্তৰটোকে মাধ্যমিক শিক্ষা বোলে ।এই শিক্ষা সাধাৰণতে, বয়ঃসন্ধিকালৰ বাবে ব্যৱস্থা কৰা হৈছে । মাধ্যমিক শিক্ষাই কিশোৰ-কিশোৰীসকলৰ ভৱিষ্যত জীৱনৰ বাবে শিক্ষা আরু উৎপাদনমুখীতাশিক্ষা, সামাজিক আরু জাতীয় সংহতি ৰক্ষা কৰাসামাজিক, নৈতিক আরু আধ্যাত্মিক মুল্যবোধৰ শিক্ষা আদিৰ জৰীয়তে জাতি আরু ৰাষ্ট্রৰ ভাৰসাম্য ৰক্ষা কৰাৰ জ্ঞান আরু অভিজ্ঞতা প্রদান কৰে । সেয়েহে মাধ্যমিক শিক্ষাক জাতি গঠনৰ শিক্ষা বুলি কোৱা হয় ।

৮৫। জাতীয় শিক্ষা ব্যৱস্থা বুলিলে কি বুজা?
উত্তরঃ জাতীয় শিক্ষা ব্যৱস্থা বুলিলে শিক্ষাৰ সেই সমূহ ভাগক সামৰি লয় যিয়ে এখন দেশৰ গণতান্ত্রিক মানসিকতা, দেশ ৰক্ষা, ৰাষ্ট্রৰ শান্তি-সম্প্রিতি ৰক্ষা কৰা আদি বিষয়সমূহৰ জ্ঞান প্রদান কৰে । লগতে, এখন ৰাষ্ট্র সাংবিধানিক নিয়ম মতে আরু ৰাষ্ট্রৰ সকলো শ্রেণী মানুহৰ উপকাৰৰ বাবে যি শিক্ষা ব্যৱস্থাই নীতি নির্ধাৰণ কৰে, তাকে জাতীয় শিক্ষা ব্যৱস্থা বোলা হয় ।

৮৬। কোঠাৰী আয়োগৰ পৰামর্শ অনুযায়ী প্রাথমিক শিক্ষাৰ সংগঠনটো কি আছিল লিখা ।
উত্তরঃ কোঠাৰী আয়োগে মতে, প্রাক-প্রাথমিক পৰ্যায় ১ বছৰৰ পৰা ৩ বছৰলৈ হব লাগে । প্রাথমিক পর্যায় ৭-৮ বছৰলৈ হোৱাতো বাঞ্চনীয় । ইয়াৰ উপ-পর্যায় দুটা হলঃ নিম্ন প্রাথমিক ৪-৫ বছৰ আরু উচ্চ-প্রাথমিক ৩ বছৰ 

৮৭। কোঠাৰী আয়োগৰ পৰামর্শ অনুযায়ী মাধ্যমিক শিক্ষাৰ সংগঠনটো কি আছিল?
উত্তরঃ কোঠাৰী আয়োগৰ পৰামর্শ অনুযায়ী মাধ্যমিক শিক্ষাৰ বা হাইস্কুলৰ শিক্ষা বা নিম্ন-মাধ্যমিক শিক্ষা ২ বা ৩ বছৰৰ আরু বৃত্তীয় শিক্ষা ১ ৰ পৰা ৩ বছৰৰ বাবে হোৱাতো প্রয়োজন । আয়োগৰ মতে, উচ্চতৰ মাধ্যমিকৰ সাধাৰণ শিক্ষা ২ বছৰ হব লাগে আরু বৃত্তীয় শিক্ষা ১ বছৰৰ পৰা ৩ বছৰৰ পর্যন্ত হব লাগে ।

৮৮। মুডালিয়া আয়োগে প্রচলিত মাধ্যমিক শিক্ষাক কিয় সংকীর্ণ আরু একমুখী বুলি কৈছিল?
উত্তরঃ মুডালিয়া আয়োগে প্রচলিত মাধ্যমিক শিক্ষাক কিয় সংকীর্ণ আরু একমুখী বুলি কৈছিল কাৰণ মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্রম সমূহ ঠেক গণ্ডীৰ বা একমুখী অথবা পৰীক্ষাকেন্দ্রিক, শিক্ষার্থী কেন্দ্রিক নহয় । লগতে বাস্তৱ জীৱণৰ লগত প্রায়েই ইয়াৰ পাঠ্যসূচী মিল নাই সমসাময়িকভাবেমাধ্যমিক বিদ্যালয় সমূহৰ অধিকাংশত শিক্ষার্থীসকলক প্রায়োগিক আরু বৃত্তিমুখীকৰণত অসফল হৈছে । ইয়ারুপৰিশিক্ষাৰ মানদণ্ড বজায় ৰখাত মাধ্যমিক শিক্ষা অসফল হৈছে যাৰ ফলত সকলোৱে যান্ত্রিক পদ্ধতিত শিক্ষা লাভ কৰাত মনোনিবেশ কৰিছে ।


৮৯। ছাত্রসকলৰ নেতৃত্ব প্রদানৰ গুণৰ বিকাশৰ বাবে মুডালিয়া আয়োগে আগবঢ়োৱা দুটা পৰামর্শ লিখা ।
উত্তরঃ ছাত্রসকলৰ নেতৃত্ব প্রদানৰ গুণৰ বিকাশৰ বাবে মুডালিয়া আয়োগে আগবঢ়োৱা দুটা পৰামর্শ হলঃ
(ক)মাধ্যমিক শিক্ষাৰ জৰীয়তে ছাত্র-ছাত্রীসকলে যাতে সাহিত্য, কলা আরু বাণিজ্যত পাৰ্গত হব পাৰে, তাৰ প্রশিক্ষণ প্রদান কৰিব লাগে ।
(খ)মাধ্যমিক শিক্ষাৰ জৰীয়তে কাৰিকৰী আরু উদ্যোগৰ সকলো জ্ঞান প্রদান কৰি  ছাত্র-ছাত্রীসকলক আত্মনির্ভৰশীল কৰি তুলিব লাগে।


৯০। জাতীয় শিক্ষানীতি, ১৯৮৬ত শিক্ষকৰ দায়িত্ব আরু স্থান সম্পর্কে কি কি পৰামর্শ আগবঢ়োৱা হৈছিল ?
উত্তরঃ ৰাষ্ট্রীয় শিক্ষানীতি অথবা নতুন শিক্ষানীতি ১৯৮৬ য়ে শিক্ষকসকলৰ মানদণ্ড উন্নত কৰাৰ অর্থে ৰাষ্ট্রীয় শিক্ষক শিক্ষণ পৰিষদ অর্থাৎ N.C.T.E. স্থাপন কৰিছে । লগতে, শিক্ষকৰ সংস্থান, কর্মপদ্ধতি আরু সেৱা ব্যৱস্থাৰ উন্নয়ন, শিক্ষক বাছনি প্রক্রিয়াৰ সংস্কাৰ সাধন, শিক্ষকসকলৰ অসুবিধাসমূহ দূৰীকৰণ, উপযুক্ত আরু কাৰিকৰী প্রশিক্ষণৰ ব্যৱস্থা কৰা আদি নীতিসমূহ গ্রহণ কৰিছিল । লগতে, শিক্ষকৰ দায়িত্ব হিচাপে সকলো ছাত্র-ছাত্রীসকলৰ মাজত ব্যক্তিত্বৰ ক্ষেত্রত সততা, আত্মনিষ্ঠা, সত্যনিষ্ঠা, সৎসাহস, আত্মবিশ্বাস, সহনশীলতা, দয়া, ক্ষমা, ন্যায়বিচাৰ, আদি প্রমুল্যৰ বিকাশ সাধনৰ ক্ষেত্রত শিক্ষাক মূল চাবিকাঠি হিচাপে প্রয়োগৰ ব্যৱস্থাপনা কৰিছিল । লগতে, আন্তৰ্জাতিক মুল্যবোধ যেনেকৈ ৰাষ্ট্রীয় ঐক্য সংহতি; হিংসা, কু-সংস্কাৰ আরু অন্ধবিশ্বাস আদি দূৰীকৰণ কৰি সকলো দৈহিক আরু মানসিক বিকাশ সাধন কৰিবৰ বাবে নীতি-নিদ্দেৰ্শনা প্রদান কৰিছিল ।

৯১। কর্ম অভিজ্ঞতা কি?
উত্তরঃ ‘কর্ম অভিজ্ঞতাবুলিলে ঘৰ/গৃহ, বিদ্যালয়, কর্মশালা, ফার্ম, ফেক্টৰী অথবা আন আন উৎপাদনমূলক পৰিস্থিতিত অংশ গ্রহণ কৰা কায্যক বুজায় । লগতে, এই অনুষ্ঠান-প্রতিষ্ঠান সমূহৰ মাধ্যমেৰে বিভিন্ন কর্মত অংশগ্রহণৰ জৰীয়তে উপযুক্ত বৃত্তিমূখী শিক্ষা আরু অভিজ্ঞতা প্রাপ্তক বুজায় ।

৯২। ১৯৮৬ চনৰ জাতীয় শিক্ষানীতি অনুযায়ী শিক্ষাৰ লক্ষ্য কি আছিল?
উত্তরঃ ১৯৮৬ চনৰ জাতীয় শিক্ষানীতি অনুযায়ী শিক্ষাৰ লক্ষ্য এই যে সকলো ব্যক্তি আরু শিক্ষার্থীবৃন্দৰ সৰ্বাঙ্গীন বিকাশৰ ক্ষেত্রত মনোনিবেশ কৰিব লাগে লগতে, শিক্ষাৰ প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি ৰাষ্ট্রীয় ঐক্য গঠন কৰাৰ পৰিচৰ্যা কৰা উচিত সমসাময়িকভাৱে, বৈজ্ঞানিক চিন্তা ধাৰাৰ বিকাশ ঘটোৱা আরু মানৱ সম্পদৰ পূর্ণবিকাশ কৰাৰ নিমিত্তে আচনি গ্রহণ কৰাৰ লক্ষ্য আরু উদ্দেশ্য প্রতিপন্ন কৰিছিল  

৯৩। শিক্ষাৰ বৃত্তিমুখীকৰণ বুলিলে কি বুজা?
উত্তরঃ শিক্ষাৰ বৃত্তিমুখীকৰণ বুলিলে ছাত্র-ছাত্রীসকলৰ মাজত বৃত্তিগত দিশত যোগ্যতা অর্জন কৰাক সূচায়  শিক্ষাই ছাত্র-ছাত্রীসকলক হাতৰ কাম আরু উৎপাদনমূলক কর্মৰ জৰিয়তে শ্রমৰ প্রতি মানসিকতা গঢ়ি তুলা, কর্ম তৎপৰতা বৃদ্ধি কৰা, শিল্প উদ্যোগৰ বাবে প্রয়োজনীয় কৌশল আয়ত্ত কৰা আদি দিশত ছাত্র-ছাত্রীসকলক সুবিধা কৰি দিব লাগে ।

৯৪। মাধ্যমিক শিক্ষা বৰ্ড অসমৰ দুটা কাম উল্লেখ কৰা 
উত্তরঃ মাধ্যমিক শিক্ষা বৰ্ড অসমৰ দুটা কাম হলঃ
(ক)এই বোর্ডে মাধ্যমিক আরু উচ্চতৰ মাধ্যমিক শিক্ষাৰ বাবে পাঠ্যক্রম প্রস্তুত কৰিব লাগে ।
       ()কৃতকাৰ্য হোৱা পৰীক্ষার্থীক প্রমাণ পত্র প্রদান কৰিব লাগে 

৯৫। মুডালিয়া আয়োগৰ পৰামর্শ অনুযায়ী অসমৰ মাধ্যমিক শিক্ষাৰ দুটা পৰিবর্তন উল্লেখ কৰা ।
উত্তরঃ মুডালিয়া আয়োগৰ পৰামর্শ অনুযায়ী অসমৰ মাধ্যমিক শিক্ষাৰ দুটা পৰিবর্তন হলঃ
(ক)মুডালিয়া আয়োগৰ পৰামর্শ অনুযায়ী বৃত্তিগত যোগ্যতাৰ উন্নতকৰণ/বৃত্তীয় যোগ্যতাৰ শ্রীবৃদ্ধিকৰণ কৰা দেখা যায় ।
(খ)মুডালিয়া আয়োগৰ পৰামর্শ অনুযায়ী মাধ্যমিক শিক্ষাৰ জৰীয়তে যাতে ছাত্র-ছাত্রীসকলে নেতৃত্বৰ শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছে ।

৯৬। অসমৰ মাধ্যমিক শিক্ষাৰ উদ্দেশ্য সম্পর্কীয় দুটা সমস্যা উল্লেখ কৰা ।
উত্তরঃ অসমৰ মাধ্যমিক শিক্ষাৰ উদ্দেশ্য সম্পর্কীয় দুটা সমস্যা হলঃ

()ঠেক গণ্ডীৰ বা একমুখী পাঠ্যক্রম আরু অবাস্তবমুখীঃ
মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্রম সমূহ ঠেক গণ্ডীৰ বা একমুখী অথবা পৰীক্ষাকেন্দ্রিক, শিক্ষার্থী কেন্দ্রিক নহয় ।লগতে বাস্তৱ জীৱণৰ লগত মিল নাই ।
()প্রায়োগিক আরু বৃত্তিমুখীকৰণত অসফলঃ
              দেখা যায় যে, মাধ্যমিক বিদ্যালয় সমূহৰ অধিকাংশত শিক্ষার্থীসকলক প্রায়োগিক আরু বৃত্তিমুখীকৰণত অসফল হৈছে ।



ভগবানে সকলোকে সকলো দিশত আগুৱাই লৈ যাওঁক,


Any mistakes, please inform us immediately by the contact us option.