গোট-৪ , বৈচিত্রৰ মাজত ঐক্যৰ প্রত্যাহ্বান (The challenges of Unity in Diversity), by Podmeswar

অতি চমু উত্তৰৰ আদর্শ প্রশ্নাৱলীঃ (১ নম্বৰৰ)

 

১। ভাৰতত প্রচলিত প্রধান ধর্মবোৰ কি কি?

উত্তৰঃ ভাৰতত প্রচলিত প্রধান ধর্মবোৰ হৈছে- হিন্দু, মুছলিম, জৈন, খ্রীষ্টান, বুদ্ধ, শিখ, পাৰ্চী, আদি ।

 

২। বৈচিত্র্যৰ মাজত ঐক্য বা অনৈক্যৰ মাজত ঐক্য বুলিলে কি বুজা ?

উত্তৰঃ ভাৰতবৰ্ষত বিভিন্ন জাতি, ধর্ম, বর্ণ, ভাষা, জনগোষ্ঠী আদি বিৰাজমান হৈ আছে । তথাপিতো সংবিধান আরু ভাৰতৰ আদর্শ অনুসৰি এই সকলো জাতি, ধর্ম, বর্ণ, ভাষা, জনগোষ্ঠী আদিৰ মাজত নিৰ্বিশেষে একতাৰ ডোলেৰে বান্ধ খাই আছে । ইয়াকেই বৈচিত্র্যৰ মাজত ঐক্য বা অনৈক্যৰ মাজত ঐক্য বোলা হয় ।

 

৩। ৰাষ্ট্রীয় ঐক্যৰ পথত আঞ্চলিকতাবাদে কিদৰে বাধা রূপে দেখা দিয়ে ?

উত্তৰঃ আঞ্চলিকতাবাদে সাধাৰণতে কেৱল নিজ নিজ অঞ্চলৰ প্রশাসনিক আরু আন ক্ষেত্রসমূহত স্ব-নিয়ন্ত্রণৰ দাবী জনাই আরু আন কোনো বাহিৰা মানুহৰ সেই অঞ্চলসমূহলৈ প্রবজন আরু স্থায়ীভাৱে আহি বসবাসৰ লগতে আন সুবিধাসমূহ লাভ কৰাতো নিবিচাৰে । এনেকৈ, ৰাষ্ট্রীয় ঐক্যৰ পথত আঞ্চলিকতাবাদেো বাধা রূপে দেখা দিয়ে ।

 

৪। সাম্প্রদায়িকতাবাদ বুলিলে কি বুজা ?

উত্তৰঃ সাম্প্রদায়িকতাবাদ বুলিলে কিছুমান জনগোটক বুজা যায় যি গোটে নিজৰ ভাষা-সংস্কৃতি, নিজৰ ধর্ম, নিজৰ অঞ্চল, নিজৰ পৰিচয়, আদিক শ্রেষ্ঠ আরু বৈধ বুলি প্রতিপন্ন কৰে আরু আন গোটসমূহক এই ক্ষেত্রত অস্বীকাৰ কৰে ।  

 

৫। সংবিধান প্রণেতাসকলে কিয় ভাৰতক এখন ধর্মনিৰপেক্ষ ৰাষ্ট্র হিচাপে গঢ়িব বিচাৰিছিল ?

উত্তৰঃ সংবিধান প্রণেতাসকলে ভাৰতক এখন ধর্মনিৰপেক্ষ ৰাষ্ট্র হিচাপে গঢ়িব বিচাৰিছিল । কাৰণ, ভাৰতবৰ্ষত হিন্দু, মুছলিম, জৈন, খ্রীষ্টান, বুদ্ধ, শিখ, পাৰ্চী, আদি বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহে বসবাস কৰে ।


৬। জাতিবাদে কি বুজায় ?

উত্তৰঃ জাতিবাদে জাতিসমূহৰ মাজত থকা নিজস্ব ৰীতি-নীতি, সমাজ-সংস্কাৰ কারুকাৰ্য, নিজস্ব জাতিভিত্তিক প্রথা, জাতিভিত্তিক নিয়মৰাজি আদিক বুজায় ।

 

৭। আমাৰ সমাজত জাতিবাদৰ দুটা প্রভাৱ লিখা ।

উত্তৰঃ আমাৰ সমাজত জাতিবাদৰ দুটা প্রভাৱ হৈছে-

(ক) বেলেগৰ জাতিৰ সৈতে বিবাহপাশত লিপ্ত হ’ব নোৱাৰিব অর্থাৎ বেলেগ জাতিৰ ল’ৰা বা ছোৱালীক বিয়া কৰাব নোৱাৰিব ।

(খ) নিজৰ জাতিৰ নিয়ম-কাণুন আনবোৰ জাতিককৈ শ্রেষ্ঠ বুলি প্রতিপন্ন কৰা বা ভবা ।

 

৮। জন্ম প্রদত্ত পৰিচয় বুলিলে কি বুজায় ?

উত্তৰঃ জন্ম প্রদত্ত পৰিচয় বুলিলে জন্ম সূত্রে লাভ কৰা নিজস্ব পৰিচয়কে বুজায় যাৰ মাধ্যমেৰে মানুহে নিজৰ জাতি বা সম্প্রদায় বা উপৰিপুরুষৰ অনুগত্যৰ বিষয়ৰ পৰিচয় দাঙি ধৰে ।  

 

৯। ৰাষ্ট্র কি?

উত্তৰঃ ৰাষ্ট্র হৈছে এনে এক ৰাজনৈতিক সংগঠনক বুজা যায় যাৰ কোনো এক নির্দিষ্ট ভৌগোলিক এলেকাৰ জনগণক নিয়ন্ত্রণ আরু পৰিচালনা কৰাৰ সার্বভৌম ক্ষমতা থাকে ।

 

১০। সুবিধাবাদী সংখ্যালঘু কি?

উত্তৰঃ সুবিধাবাদী সংখ্যালঘু হৈছে সেইসকল লোক বা মানুহক বুজা যায় যিসকল সংখ্যালঘুসকলৰ ভিতৰত অতি ধনী আরু সম্ভ্রান্ত লোক হয় আরু সাধাৰণতে যিবোৰক সংখ্যালঘু লোকৰ ভিতৰত ধৰিব পৰা নাযায় ।


১১। সংখ্যালঘুৰ সমাজতাত্বিক অৰ্থ কি?

উত্তৰঃ সংখ্যালঘুৰ সমাজতাত্বিক অৰ্থ হৈছে- কম জনসংখ্যাৰে গঠিত এক শ্রেণীৰ লোক । লগতে, সংখ্যালঘু বুলিলে কিছুমান গোটক বুজা যায় যত কম জনসংখ্যাৰ এক শ্রেণীৰ মাজত একাত্মতা, ‘আমি ভাব’ আরু এক বান্ধোনৰ জাগ্রত হয় ।

 

১২। আমাৰ সমাজৰ পৰা জাতি প্রথা কিদৰে আঁতৰাব পাৰি ?

উত্তৰঃ শিক্ষা আরু দক্ষতাৰ মাধ্যমেৰে আমাৰ সমাজৰ পৰা জাতি প্রথা আঁতৰাব পাৰি । আমি সকলো দেশবাসীয়ে সামাজিক সুৰক্ষাৰ ব্যৱস্থা আরু এক নতুন শিক্ষাব্যৱস্থা প্রৱৰ্তন কৰিব লাগিব য’ত জাতি, বৰ্ণ, ধর্ম, ভাষা নিৰ্বিশেষে সকলোৱে সমানভাৱে সুযোগ-সুবিধা আরু সমতা ৰক্ষা কৰিব পাৰে ।

 

১৩। আঞ্চলিকতাবাদক উৎসাহিত কৰা বা উদ্‌গনি যোগোৱা দুটা কাৰক/কাৰণ উল্লেখ কৰা ।

উত্তৰঃ আঞ্চলিকতাবাদক উৎসাহিত কৰা বা উদ্‌গনি যোগোৱা দুটা কাৰক/কাৰণ হৈছে- (ক) ৰাজনৈতিক কাৰণ, (খ) ভৌগোলিক আরু অর্থনৈতিক অৱস্থা ।

 

১৪। সাংস্কৃতিক বৈচিত্র্য বুলিলে কি বুজা ?

উত্তৰঃ সাংস্কৃতিক বৈচিত্র্য বুলিলে বিভিন্ন সম্প্রদায়ৰ মাজত গঢ়ি উঠা ভাষা, ধর্ম, ৰীতি-নীতি, বিশ্বাস, সাজ-পোছাক, চাল-চলন, পিন্ধন-উৰণ আদিৰ পৃথক পৃথক আত্মপ্রকাশ ।

 

১৫। সাম্প্রদায়িক পৰিচয়ৰ সৃষ্টিৰ মূল কাৰক কি?

উত্তৰঃ সাম্প্রদায়িক পৰিচয়ৰ সৃষ্টিৰ মূল কাৰক হৈছে- জন্ম আরু আনুগত্যৰ আধাৰ ।

 

১৬। ড আম্বেদকাৰে কি ধর্ম গ্রহণ কৰিছিল আরু কিয়?

উত্তৰঃ ড আম্বেদকাৰে বৌদ্ধ ধর্ম গ্রহণ কৰিছিল । কাৰণ, তেখেতে হিন্দু ধর্মৰ অন্ধবিশ্বাস আরু কু-সংস্কাৰ ভাল পোৱা নাছিল লগতে সমাজত উপযুক্ত সমাদৰ লাভ কৰা নাছিল ।

 

১৭। ভাৰতৰ কেইটামান সংখ্যালঘু গোটৰ নাম লিখা ।

উত্তৰঃ ভাৰতৰ কেইটামান উল্লেখযোগ্য সংখ্যালঘু গোট হৈছে- শিখ, মুছলমান, খ্রীষ্টিয়ান, জৈন, বুদ্ধিষ্টসকল আদি ।

 

১৮। আশ্রম ব্যৱস্থাই কি বুজায় ?

উত্তৰঃ আশ্রম ব্যৱস্থাই-হিন্দুসকলৰ জীৱনৰ লক্ষ্যত উপনীত হোৱাৰ বাবে গ্রহণ কৰা ব্রহ্মচাৰী, গাহস্থ্য, বানপ্রস্থ আরু সন্ন্যাসৰ(চাৰি আশ্রম) পৰিপেক্ষিতত কর্ম সম্পাদন কাৰ্যক বুজায় ।

 

১৯। কোন চনত (RTI) আইন গৃহীত আরু বলবৎ হৈছিল ?

উত্তৰঃ ২০০৫ চনত (RTI) আইন গৃহীত আরু বলবৎ হৈছিল ।

 

২০। ‘বৈচিত্র’ শব্দটোৱে অসমতাতকৈ বিভিন্নতাতহে জোৰ দিয়ে (সঁচা/মিছা) ।

উত্তৰঃ সঁচা ।

 

 

updating........