অধ্যায়-৪, কাৰ্বন আরু তাৰ যৌগ, (Carbon and its compounds), নোট- পদ্মেশ্বৰ

১। পৃথিৱীৰ খোলাটোৰ কিমান শতাংশ কাৰ্বন আছে?
উত্তরঃ পৃথিৱীৰ খোলাটোত খনিজ পদাৰ্থ হিচাপে, যেনে- কাৰ্বনেট, হাইড্র’জেন কাৰ্বনেট, কয়লা, পেট্র’লিয়াম আদি ০.০২ শতাংশ কাৰ্বন আছে ।

২। আমাৰ বায়ুমণ্ডলত কিমান শতাংশ কাৰ্বন ডাই অক্সাইড আছে ?
উত্তরঃ আমাৰ বায়ুমণ্ডলত ০.০৩ শতাংশ কাৰ্বন ডাই অক্সাইড আছে ।

৩। আয়নীয় যৌগবোৰৰ গলনাংক আরু উতলাংকৰ প্রকৃতি কি? এই যৌগবোৰে কেনে অৱস্থাত বিদ্যুৎ পৰিবহন কৰে?
উত্তরঃ  আয়নীয় যৌগবোৰৰ উচ্চ গলনাংক আরু উতলাংকৰ বিশিষ্ট । এই যৌগবোৰে গলিত বা দ্রবীভূত অৱস্থাত বিদ্যুৎ পৰিবহন কৰে ।

৪। আয়নীয় যৌগৰ ধৰ্মবোৰ কি প্রকৃতিৰ ওপৰত ভিত্তি কৰি ব্যাখ্যা কৰিব পাৰি ?
উত্তরঃ আয়নীয় যৌগৰ ধৰ্মবোৰ ইলেক্ট্র’যোজী বা আয়নীয় বান্ধনিৰ প্রকৃতিৰ ওপৰত ভিত্তি কৰি ব্যাখ্যা কৰিব পাৰি ।

৫। বেছিভাগ কাৰ্বনযৌগ বিদ্যুৎৰ সুপৰিবাহী নে কুপৰিবাহী ?
উত্তরঃ বেছিভাগ কাৰ্বনযৌগ বিদ্যুৎৰ কুপৰিবাহী ।

৬। কিয় কাৰ্বন যৌগবোৰৰ বান্ধনি গঠনৰ সময়ত কোনো আয়ন সৃষ্টি নহয় ?
উত্তরঃ কাৰ্বন যৌগবোৰ মুখ্যতঃ বিদ্যুৎৰ কুপৰিবাহী, সেয়েহে কাৰ্বন যৌগবোৰৰ বান্ধনি গঠনৰ সময়ত কোনো আয়ন সৃষ্টি নহয় ।

৭। মৌলবোৰৰ যোজন ক্ষমতাৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তরঃ মৌলবোৰৰ যোজন ক্ষমতা যোজক ইলেক্ট্রনৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে ।

৮। কাৰ্বনৰ পৰমাণু ক্রমাংক কিমান?
উত্তরঃ কাৰ্বনৰ পৰমাণু ক্রমাংক ৬ ।

৯। কাৰ্বন পৰমাণুৰ বহিৰতম কক্ষত কেইটা ইলেকট্রন থাকে ?
উত্তরঃ কাৰ্বন পৰমাণুৰ বহিৰতম কক্ষত চাৰিটা ইলেকট্রন থাকে ।

১০। কোনো মৌলৰ সক্রিয়তা কিহৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তরঃ কোনো মৌলৰ সক্রিয়তা সিহঁতৰ বহিঃকক্ষৰ ইলেক্ট্রনসজ্জা সম্পূৰ্ণ কৰাৰ প্রৱনতাৰ ওপৰত নিৰ্ভৰ কৰে । অৰ্থাৎ সিহঁতে সম্ভ্রান্ত গেছৰ ইলেকট্রনীয় বিন্যাস পাবলৈ বিচাৰে ।

১১। সম্ভ্রান্ত গেছৰ বিন্যাস পাবলৈ কাৰ্বনক কেইটা ইলেকট্রন গ্রহণ বা ত্যাগ কৰিব লাগিব?
উত্তরঃ সম্ভ্রান্ত গেছৰ বিন্যাস পাবলৈ কাৰ্বনক চাৰিটা ইলেকট্রন গ্রহণ বা ত্যাগ কৰিব লাগিব ।

১২। কাৰ্বনে ইলেক্ট্রন গ্রহণ বা ত্যাগ কৰাৰ চৰ্ত দুটা লিখা ।
উত্তরঃ কাৰ্বনে ইলেক্ট্রন গ্রহণ বা ত্যাগ কৰিলেহেতেন-
(ক) চাৰিটা ইলেক্ট্রন গ্রহণ কৰি C4- এনায়ন গঠন কৰিব লাগিব । কিন্তু কাৰ্বনৰ নিউক্লিয়াছত থকা ছয়টা প্র’টনে দহটা ইলেক্ট্রন ধৰি ৰখাটো সম্ভৱ নহয় ।
(খ) দ্বিতীয়তে, চাৰিটা ইলেকট্রন ত্যাগ কৰি C4+ কেটায়ন গঠন কৰিব লাগিব । চাৰিটা ইলেক্টন আঁতৰাবলৈ বহু পৰিমাণৰ শক্তিৰ প্রয়োজন হব । আনহাতে, কাৰ্বন পৰমাণুৰ পৰমাণুগৰ্ভত ছয়টা প্র’টন থকাৰ বিপৰীতে মাত্র দুটাহে ইলেক্ট্রন থাকিব ।

১৩। কাৰ্বনে ইলেক্ট্রন গ্রহণ বা ত্যাগ কৰাৰ সমস্যা কেনেদৰে সমাধান কৰে?
উত্তরঃ কাৰ্বন পৰমাণুৱে তাৰ চাৰিওটা যোজক ইলেক্ট্রন আন কাৰ্বন পৰমাণু বা আন মৌলৰ পৰমাণুৰ লগত ভাগ-বতৰা কৰি অণু গঠন কৰি কাৰ্বনে ইলেক্ট্রন গ্রহণ বা ত্যাগ কৰাৰ সমস্যা সমাধান কৰে ।

১৪। ইলেক্ট্রন ভাগ বতৰাৰ ফলত গঠন হোৱা আটাইতকৈ সৰল অণু কি?
উত্তরঃ ইলেক্ট্রন ভাগ বতৰাৰ ফলত গঠন হোৱা আটাইতকৈ সৰল অণু হ’ল- হাইড্র’জেন ।

১৫। হাইড্র’জেন পৰমাণুৰ ক্রমাংক কিমান ?
উত্তরঃ হাইড্র’জেন পৰমাণুৰ ক্রমাংক হ’ল- এক ।

১৬। হাইড্র’জেন অণু গঠন কৰিবলৈ কেইটা পৰমাণুৰ দৰকাৰ ?
উত্তরঃ হাইড্র’জেন অণু গঠন কৰিবলৈ দুটা পৰমাণুৰ দৰকাৰ । দুটা হাইড্র’জেন পৰমাণুৱে ইলেকট্রন ভাগ-বতৰা কৰি হাইড্র’জেন অণু (H2) গঠন কৰে ।

১৭। হাইড্র’জেন পৰমাণুৰ নিকটতম সম্ভ্রান্ত গেছ কি ?
উত্তরঃ হাইড্র’জেন পৰমাণুৰ নিকটতম সম্ভ্রান্ত গেছ হ’ল- হিলিয়াম ।

১৮। হাইড্র’জেন পৰমাণুৰ মাজত কেই বান্ধনি গঠন হয় ?
উত্তরঃ ভাগ বতৰা কৰা ইলেক্টন দুটাই হাইড্র’জেন পৰমাণুৰ মাজত এক বান্ধনিৰ গঠন কৰে ।

১৯। ক্ল’ৰিনৰ পৰমাণু ক্রমাংক কিমান?
উত্তরঃ ক্ল’ৰিনৰ পৰমাণু ক্রমাংক 17

২০। অক্সিজেনৰ ক্ষেত্রত কেইবান্ধনিৰ সৃষ্টি হয়?
উত্তরঃ অক্সিজেনৰ ক্ষেত্রত দুটা অক্সিজেন পৰমাণুৰ মাজত দ্বি বান্ধনি দেখা যায় । কাৰণ, অক্সিজেন পৰমাণুৰ L কক্ষত ছয়টা ইলেক্ট্রন থাকে আরু অষ্টক সম্পূৰ্ণ কৰিবলৈ ইয়াক দুটা ইলেক্ট্রনৰ প্রয়োজন ।

২১। নাইট্র’জেন পৰমাণুৰ ক্রমাংক কিমান? নাইট্র’জনে কেই বান্ধনিৰ সৃষ্টি কৰে?
উত্তরঃ নাইট্র’জেন পৰমাণুৰ ক্রমাংক 7 । যোজ্যতা কক্ষত অষ্টক লাভ কৰিবলৈ গৈ দুটা নাইট্র’জেন পৰমাণুৰ মাজত তিনি যোৰ ভাগ বতৰা কৰা ইলেক্টনৰ দ্বাৰা নাইট্র’জেন অণু গঠন হয় । এইদৰে নাইট্র’জনে দুটা পৰমাণুৰ মাজত ত্রিবান্ধনি গঠন কৰে ।  

২২। এম’নিয়াৰ আনৱিক সংকেত কি?
উত্তরঃ এম’নিয়াৰ আনৱিক সংকেত NH3


২৩। কাৰ্বনে গঠন কৰা সৰলতম যৌগ কি ?
উত্তরঃ কাৰ্বনে গঠন কৰা সৰলতম যৌগ হ’ল- মিথেন ।

২৪। মিথেনৰ সংকেত কি ? মিথেনৰ দুটা কাম উল্লেখ কৰা ।
উত্তরঃ
মিথেনৰ সংকেত হ’ল- CH4
মিথেনৰ প্রধান দুটা কাম হ’লঃ
(ক) মিথেন বহুলভাৱে ইন্ধন হিচাপে ব্যৱহাৰ হয় ।
(খ) মিথেন জৈৱ গেছ আরু চাপ সংকুচিত প্রাকৃতিক গেছৰ একোটা উপদান হিচাপে ব্যৱহৃত হয় ।

২৫। মিথেন যৌগটো কেনেদৰে গঠন হয়?
উত্তরঃ কাৰ্বনে গঠন কৰা সৰলতম যৌগ হ’ল- মিথেন, ইয়াৰ সংকেত হ’ল CH । হাইড্র’জেনৰ যোজ্যতা এক আরু কাৰ্বনৰ যোজ্যতা কক্ষত চাৰিটা ইলেক্টন আছে । সম্ভ্রান্ত গেছৰ গঠন লাভ কৰিবলৈ কাৰ্বনে তাৰ যোজ্যতা কক্ষত থকা ইলেক্ট্রন চাৰিটা হাইড্র’জেন পৰমাণুৰ লগত ভাগ-বতৰা কৰি মিথেন যৌগটো গঠন কৰে ।

২৬। কিয় কাৰ্বনক চতুৰ্সসহযোজী (Tetracovalent) বোলা হয় ?
উত্তরঃ কাৰ্বন যোজ্যতা কক্ষত চাৰিটা ইলেক্ট্রন আছে । সেয়ে কাৰ্বন চতুৰ্সসহযোজী (Tetracovalent) বোলা হয় ।

২৭। সহযোজী বান্ধনি কাক বোলে ? উদাহৰণসহ বুজাই লিখা ।
উত্তরঃ দুটা পৰমাণুৰ মাজত ইলেক্টন ভাগ-বতৰা হৈ গঠন হোৱা বান্ধনিক সহযোজী বোলা হয় । উদাহৰণস্বরূপে- মিথেন যৌগক ল’ব পাৰো ।  
    কাৰ্বনে গঠন কৰা সৰলতম যৌগ হ’ল- মিথেন, ইয়াৰ সংকেত হ’ল CH । হাইড্র’জেনৰ যোজ্যতা এক আরু কাৰ্বনৰ যোজ্যতা কক্ষত চাৰিটা ইলেক্টন আছে । সম্ভ্রান্ত গেছৰ গঠন লাভ কৰিবলৈ কাৰ্বনে তাৰ যোজ্যতা কক্ষত থকা ইলেক্ট্রন চাৰিটা হাইড্র’জেন পৰমাণুৰ লগত ভাগ-বতৰা কৰি মিথেন যৌগটো গঠন কৰে । সেয়ে মিথেন সহযোজী বান্ধনিৰ মাধ্যমেৰে গঠন হয় ।  

২৮। কিয় সহযোজী বান্ধনিবোৰৰ গলনাংক আরু উতলাংক নিম্ন ?
উত্তরঃ দুটা পৰমাণুৰ মাজত ইলেক্টন ভাগ-বতৰা হৈ সহযোজী বান্ধনিবোৰ সৃষ্টি হয় । সহযোজী অণুৰ বান্ধনিবিলাক দৃঢ় কিন্তু অণুবিলাকৰ মাজত আন্তঃআণৱিক বল কম । সেয়েহে সহযোজী বান্ধনিবোৰৰ গলনাংক আরু উতলাংক নিম্ন ।

২৯। কিয় সহযোজী যৌগবোৰ বিদ্যুৎৰ অপৰিবাহী ?

উত্তরঃ সহযোজী যৌগ বা বান্ধনিবোৰৰ মাজত ইলেক্ট্রনৰ ভাগ-বতৰাহে হয়, কিন্তু কোনো আহিত কণিকাৰ সৃষ্টি নহয় । সেয়েহে সহযোজী যৌগবোৰ বিদ্যুৎৰ অপৰিবাহী ।    



৩০। হীরার গঠন উল্লেখ করা ।
উত্তরঃ হীরা গঠন কাৰ্বন পরমাণুর দ্বাৰা সংঘটিত হয় । ই কাৰ্বনৰ এক বহুরূপতা । বিশুদ্ধ কাৰ্বনৰ ওপরত উচ্চ চাপ আরু তাপ প্রয়োগ করি হীরা প্রস্তুত করা হয় । হীরার গঠন প্রক্রিয়াত প্রতিটো কাৰ্বন পরমাণুৱে আন চারিটা কাৰ্বন পরমাণুর সৈতে বান্ধনি গঠন করে আরু দৃঢ় ত্রিমাত্রিক গঠন (Rigid Three dimensional structure) র সৃষ্টি করে ।  

৩১। গ্রেফাইটর গঠন উল্লেখ করা ।
উত্তরঃ গ্রেফাইটর গঠন কাৰ্বন পরমাণুর দ্বাৰা সংঘটিত হয় । ই কাৰ্বনৰ এক বহুরূপতা । গ্রেফাইটর গঠন প্রক্রিয়াত প্রতিটো কাৰ্বন পরমাণুৱে আন তিনিটা কাৰ্বন পরমাণুর সৈতে একে সমতলতে বান্ধনি গঠন করে আরু ষড়ভূজী সজ্জা (Hexagonal Array) র উৎপন্ন করে । গ্রেফাইটর গঠন প্রক্রিয়াত ষড়ভূজী সজ্জাবোর প্রতিটো তরপত প্রথিত হয় আরু এক দ্বিবান্ধনির জরিয়তে কাৰ্বনৰ যোজ্যতা পূরণ করে ।

৩২। হীরা আরু গ্রেফাইটর মাজত থকা তিনিটা পাৰ্থক্য লিখা ।
উত্তরঃ হীরা আরু গ্রেফাইটর মাজত থকা তিনিটা পাৰ্থক্য হ’ল-
(ক) হীরা আরু গ্রেফাইটর গঠনর পাৰ্থক্যর কারণে দুয়ুটারে ভৌতিক ধৰ্ম বেলেগ বেলেগ ।
(খ) হীরা আটাইতকৈ কঠিন পদাৰ্থ আনহাতে গ্রেফাইট অতি নিমজ আরু পিছল হোৱা পরিলক্ষিত হয় ।
(গ) হীরা বিদ্যুৎৰ কুপরিবাহী আনহাতে গ্রেফাইট বিদ্যুতৰ সুপরিবাহী ।

৩৩। ফুলেরিন কি? প্রথমে চিনাক্ত করা ফুলেরিন কি? ইয়ার গঠনক কিয় ফুলেরিন নাম রখা হৈছে ?
অথবাঃ ফুলেরিন নামাকরণ কেনেদরে করা হৈছে ?
উত্তরঃ ফুলেরিন হৈছে- কাৰ্বনৰ বহুরূপতার এক শ্রেণী । প্রথমে চিনাক্ত করা ফুলেরিন হ’ল- C-60 ইয়ার গঠনক ফুলেরিন নাম রখা হৈছে কারণ আমেরিকান স্থাপত্যবিদ বাকমিনষ্টার ফুলারে (Buckminster Fuller) তৈয়ার করা গম্বুজ আকৃতির (Geodesic Dome) সৈতে প্রায় একে ।   

৩৪। আজিলৈকে আৱিষ্কৃত পদাৰ্থবোরর ভিতরত আটাইতকৈ কঠিন পদাৰ্থ কি?
উত্তরঃ আজিলৈকে আৱিষ্কৃত পদাৰ্থবোরর ভিতরত আটাইতকৈ কঠিন পদাৰ্থ হ’ল- হীরা ।

৩৫। গ্রেফাইট বিদ্যুৎর সুপরিবাহী নে কুপরিবাহী ?
উত্তরঃ গ্রেফাইট বিদ্যুৎর সুপরিবাহী ।

৩৬। সাধারণতে অধাতুবোর বিদ্যুৎর সুপরিবাহী নে কুপরিবাহী ?
উত্তরঃ সাধারণতে অধাতুবোর বিদ্যুৎর কুপরিবাহী ।

৩৭। প্রকৃতপক্ষে প্রায় সকলোবোর বস্তু ____ যৌগর দ্বারা সৃষ্ট ।
উত্তরঃ প্রকৃতপক্ষে প্রায় সকলোবোর বস্তু কাৰ্বন যৌগর দ্বারা সৃষ্ট ।  

৩৮। রসায়ন বিজ্ঞানীসকলর মতে এতিয়ালৈকে আৱিষ্কৃত বা সংকেত জনা কাৰ্বন যৌগর সংখ্যা কিমান ?
উত্তরঃ রসায়ন বিজ্ঞানীসকলর মতে এতিয়ালৈকে আৱিষ্কৃত বা সংকেত জনা কাৰ্বন যৌগর সংখ্যা হ’ল- প্রায় তিনি নিযুত ।

৩৯। কিয় বৃহৎ সংখ্যক কাৰ্বন যৌগৰ তুওনাত আন আটাইবোর মৌলরে সৃষ্ট যৌগৰ সংখ্যা তেনেই নগণ্য ?
উত্তরঃ বৃহৎ সংখ্যক কাৰ্বন যৌগৰ তুওনাত আন আটাইবোর মৌলরে সৃষ্ট যৌগৰ সংখ্যা তেনেই নগণ্য । কারণ, সহযোজী বান্ধনির ধৰ্মৰ কারণে কাৰ্বন মৌলই অগণন যৌগ গঠন করিব পারে ।

৪০। কাৰ্বনৰ দুটা প্রধান ধৰ্ম লিখা ।
অথবাঃ কাৰ্বনৰ বিশেষ গুণ দুটা কি কি?
উত্তরঃ কাৰ্বনৰ দুটা প্রধান ধৰ্ম হ’ল-
(ক) কাৰ্বনে নিজর মাজতে বান্ধনির সৃষ্টি করি বৃহৎ সংখ্যক অণু গঠন করিব পারে যাক ‘কেটিনেচন (Catenation) ধৰ্ম’ বোলা হয় ।
(খ) সাধারণতে কাৰ্বনৰ যোজ্যতা চারি, সেয়েহে কাৰ্বনে বেলেগ চারিটা কাৰ্বন অথবা অন্য একযোজী মৌলর পরমাণুর সৈতে সহযোজী বান্ধনি গঠন করিব পারে, যাক ‘কাৰ্বনৰ সহযোজী বান্ধনির ধৰ্ম’ বা ‘চৰ্তুসহযোজ্যতা’ বোলা হয়   

৪১। কাৰ্বনৰ কোনটো দুটা ধৰ্ম আছে যিটো প্রায় আন কোনো মৌলর তাত নাই?
উত্তরঃ ‘কাৰ্বনৰ সহযোজী বান্ধনির ধৰ্ম’ আরু কেটিনেচন ধৰ্ম আছে যিটো প্রান আন কোনো মৌলর তাত নাই । 

৪২। কেটিনেচন বুলিলে কি বুজা ?
উত্তরঃ কাৰ্বনে নিজর মাজতে বান্ধনির সৃষ্টি করি বৃহৎ সংখ্যক অণু গঠন করিব পারে । ইয়াকে কেটিনেচন (Catenation) ধৰ্ম বোলা হয় ।   

৪৩। সংপৃক্ত যৌগ আরু অসংপৃক্ত যৌগ কাক বোলে ?
অথবাঃ সংপৃক্ত যৌগ আরু অসংপৃক্ত যৌগর মাজত পাৰ্থক্য লিখা ।
উত্তরঃ কাৰ্বন পরমাণুবোরে এক বান্ধনির জরিয়তে সংযুক্ত হৈ উৎপন্ন করা যৌগসমূহক সংপৃক্ত যৌগ (Saturated Compound) বোলে ।
আনহাতে, কাৰ্বন পরমাণুবোরে দ্বিবান্ধনি বা ত্রিবান্ধনির জরিয়তে সংযুক্ত হৈ উৎপন্ন করা যৌগসমূহক অসংপৃক্ত যৌগ (Unsaturated Compound) বোলে

৪৪। কিহর ফলস্বরূপে কাৰ্বন পরমাণুবোরে ইটো সিটোর লগ লাগি অগণন যৌগ গঠন করে ?
উত্তরঃ কাৰ্বন পরমাণুর মাজত সৃষ্টি হোৱা বান্ধনি যাক ‘C-C’ বান্ধনি বোলা হয় । এই ‘C-C’ বান্ধনি অতি দৃঢ় আরু সুস্থির । ইয়ার ফলস্বরূপে কাৰ্বন পরমাণুবোরে ইটো সিটোর লগ লাগি অগণন যৌগ গঠন করে ।   

৪৪। কাৰ্বন পরমাণুর মাজত সৃষ্টি হোৱা বান্ধনির নাম কি?
উত্তরঃ কাৰ্বন পরমাণুর মাজত সৃষ্টি হোৱা বান্ধনির নাম হ’ল- ‘C-C’ বান্ধনি ।

৪৫। বিষম পরমাণু (Heteroatom) কাক বোলে ?
উত্তরঃ হাইড্র’জেন, ছালফার, অক্সিজেন, ক্ল’রিন, নাইট্র’জেন আদি মৌলর সৈতে কাৰ্বন লগ হৈ বহুতো যৌগ গঠন করে, যার ধৰ্ম বিশেষকৈ এই অনাকাৰ্বন মৌলটোর ওপরত নিৰ্ভৰ করে । ইয়াকে যৌগটোর বিষম পরমাণু (Heteroatom) বোলা হয় ।  

৪৬। কাৰ্বনে দৃঢ় বান্ধনি গঠন করার এটা কারণ লিখা । সাধারণতে, ডাঙৰ মৌলবোরে গঠন করা বান্ধনি কেনে প্রকৃতির হয় ?
উত্তরঃ কাৰ্বনে দৃঢ় বান্ধনি গঠন করার এটা কারণ হ’ল- ইয়ার ক্ষুদ্র আকার । ইয়ার ফলতে, পরমাণুগৰ্ভত মজুত থকা প্র’টনবোরে ভাগ বতরা করা ইলেক্ট্রনযোর আকৰ্ষণ করি রাখিবলৈ সক্ষম হয় । সাধারণতে, ডাঙৰ মৌলবোরে গঠন করা বান্ধনি দুৰ্বল হোৱা পরিলক্ষিত হয় ।     

৪৭। কাৰ্বনৰ কোন দুটা বিশেষ গুণর বাবে অসংখ্য কাৰ্বন যৌগ উৎপন্ন করিব পারে ?
উত্তরঃ কাৰ্বনৰ ‘চৰ্তুসহযোজ্যতা’ আরু ‘কেটিনেচন’, এই দুটা বিশেষ গুণর বাবে অসংখ্য কাৰ্বন যৌগ উৎপন্ন করিব পারে ।

৪৮। কাৰ্বনৰ জৈৱ যৌগ বুলিলে কি বুজা ? কোনে কেতিয়া কাৰ্বন ‘প্রাণশক্তির অপরিহাৰ্য নহয়’ বুলি প্রমাণ করিছিল ?                                              
উত্তরঃ কাৰ্বনৰ যৌগবোর আরম্ভণিতে প্রাকৃতিক উৎসর পরা সংগ্রহ করা হৈছিল বুলি ভবা হৈছিল । লগতে, কাৰ্বনর যৌগবোর বা জৈৱ যৌগবর মাত্র জীৱিত পদাৰ্থৰ পরাহে পোৱা যায় বুলি অনুমান করা হৈছিল । অৰ্থাৎ কাৰ্বনৰ যৌগবোরর উৎপত্তির কারণে ‘প্রাণশক্তি’ (Vital Force) অপৰিহাৰ্য বুলি ভবা হৈছিল । ইয়াকে কাৰ্বনৰ জৈৱ যৌগ বুলি কোৱা হয় । 
    1828 চনত ফ্রেড্রিক ইউলারে (Friedrich Wohler) এম’নিয়াম চায়ানেটর পরা ইউরিয়া পৰীক্ষাগারত প্রস্তুত করি কাৰ্বনৰ যৌগবোরর উৎপত্তির কারণে ‘প্রাণশক্তি’ (Vital Force) অপৰিহাৰ্য বুলি ভবা ধারণাটো ভুল বুলি প্রমাণ করিছিল ।

৪৯। ইথেন কোন দুটা যৌগ মিলিত হৈ গঠিত হৈছে ?
উত্তরঃ ইথেন কাৰ্বন আরু হাইড্র’জেন, এই দুটা যৌগ মিলিত হৈ গঠিত হৈছে ।  

৫০। ইথেনর গঠন সম্পৰ্কে লিখা ।
উত্তরঃ ইথেনর (C2H6) গঠনত কাৰ্বন পরমাণুবোরে একবান্ধনিরে সংযোগ হয় । তার পিছত, হাইড্র’জেন পরমাণুবোর ব্যৱহারর জরিয়তে কাৰ্বনৰ বাকী হৈ থকা যোজ্যতাসমূহ পূর করা হয় । প্রথম অৱস্থাত ইথেনর গঠনত, প্রতিটো কাৰ্বনৰ তিনিটাকৈ যোজ্যতা পূৰ্ণ নোহোৱাকৈ রয় । সেয়েহে, প্রত্যেকর সৈতা পাছর পৰ্যায়ত তিনিটাকৈ হাইড্র’জেন বান্ধনি যুক্ত হৈ ইথেনর গঠন হয় ।  

পদক্ষেপ-১: 
C-C ,     

 পদক্ষেপ-2:

       H      H
        І       І
H -  C  -   C   - H
        І       І
       H      H

ইথেন- C2H6


৫১। প্র’পেনর আণৱিক সংকেত কি?
উত্তরঃ প্র’পেনর আণৱিক সংকেত- C3H8       

৫২। ইথিনর আণৱিক সংকেত কি?
উত্তরঃ ইথিনর আণৱিক সংকেত হ’ল- C2H4

৫৩। C2H2 র রাসায়নিক নাম কি?
উত্তরঃ C2H2 র রাসায়নিক নাম- ইথাইন (Ethyne)

৫৪। সংপৃক্ত/অসংপৃক্ত যৌগ বহুপরিমাণে সক্রিয় । শুদ্ধটো বাছনি করা ।
উত্তরঃ অসংপৃক্ত যৌগ বহুপরিমাণে সক্রিয় ।


৫৭। গঠন সমযোজী যৌগ (Structural Isomers) কাক বোলে ?
উত্তরঃ যিবোর যৌগর আণৱিক সংকেট একে কিন্তু গঠন সংকেত বেলেগ বেলেগ । সেইবোর যৌগক গঠন সমযোজী যৌগ (Structural Isomers) বোলে ।

৫৮। এক বলয়ী কাৰ্বন পরমাণুর উদাহরণ, সংকেত আরু গঠন চিত্র অংকন করা ।
উত্তরঃ এক বলয়ী কাৰ্বন পরমাণু হ’ল-চাইক্ল’হেক্সেন, যার সংকেত হ’ল- C6H12   


৬০। হাইড্র’কাৰ্বন কাক বোলে ? এলকেন, এলকিন আরু এলকাইন বুলিলে কি বুজা ?

উত্তরঃ যিবোর কাৰ্বনৰ যৌগত কেৱল মাত্র কাৰ্বন আরু হাইড্র’জেন থাকে । তাকে হাইড্র’কাৰ্বন বোলে । ইহঁতর মাজেরে সংপৃক্ত হাইড্র’কাৰ্বনক এলকেন (Alkane) বোলে । এডাল বা ততোধিক দ্বিবান্ধনি থকা অসংপৃক্ত যৌগক এলকিন (Alkene) বোলা হয় । লগতে, ত্রিবান্ধনিযুক্ত যৌগক এলকাইন (Alkyne) বোলে ।   


৬১। বিষম পরমাণু বুলিলে কি বুজা ? উদাহরণ দিয়া ।
উত্তরঃ নাইট্র’জেন, ছালফার, হেল’জেন আদি এনে কিছুমান মৌল আছে যিবোরর সহায়ত একেডাল হাইড্র’কাৰ্বন শৃংখলত এক বা ততোধিক হাইড্র’জেন পরমাণু প্রতিস্থাপিত করিব পরা যায় । এনে করার পাছতো কাৰ্বনর যোজ্যতা স্থিরে অৰ্থাৎ চারি হৈয়েই থকা পরিলক্ষিত হয় । এনেবোর যৌগত হাইড্র’জেনর সলনি প্রতিস্থাপিত করা মৌলটোক বিষম পরমাণু (Heteroatom) বোলে । উদাহরণ- ক্ল’রিণ (Cl), ব্র’মিণ (Br), অক্সিজেন (O) আদি ।

৬২। কাৰ্যকরী মূলক কাক বোলে ? ইহঁতর কাম কি? চারিটা কাৰ্যকরী মূলকর উদাহরণ দিয়া ।
উত্তরঃ বিষম পরমাণুবোর অকলশরীয়াকৈ নাইবা একো একোটা থূপ বা মূলকর উপস্থিতিয়ে যৌগবোরর ধৰ্ম নিৰ্ণয় করে । এই ধৰ্মবোর কাৰ্বন শৃংখলর দৈৰ্ঘ্য বা প্রকৃতির ওপরত বিশেষকৈ নিৰ্ভৰশীল নহয় । সেইকারণে, এই মৌলবোরক কাৰ্যকরী মূলক (Functional Group) বোলে ।
    কাৰ্যকরী মূলকবোরর মুক্ত যোজ্যতা সমূহ (Free Valencies) একেডাল রেখার জরিয়তে প্রকাশ করা হয় । কাৰ্বন শৃংখল সমূহত হাইড্র’জেন পরমাণু বা হাইড্র’জেন পরমাণু সমূহর ঠাইত এই কাৰ্যকরীমূলক সমূহক প্রতিষ্ঠাপন করা হয় ।
    কেইটামান কাৰ্যকরীমূলকর উদাহরণ হ’ল- কাৰ্বক্সিলিক এছিড, এলডিহাইড, এলক’হল, কিট’ন আদি ।

৬৩। সমগণীয় শ্রেণী কাক বোলে? উদাহরণ দিয়া ।
উত্তরঃ যি শ্রেণীর যৌগত একে কাৰ্যকরীমূলক উপস্থিত থাকে । সেই শ্রেণীটোক সমগণীয় শ্রেণী বোলে । উদাহরণস্বরূপে- মিথেন(CH4), ইথেন(C2H6), প্র’পেন(C3H8), বিউটেন(C4H10), পেন্টেন(C5H12) আরু হেক্সেন(C6H14), এই শ্রেণীটো এক সমগণীয় শ্রেণী ।

৬৪। চারিবিধ সদৃশ রাসায়নিক ধৰ্ম যৌগৰ উদাহরণ দিয়া ।
উত্তরঃ চারিবিধ সদৃশ রাসায়নিক ধৰ্ম যৌগৰ উদাহরণ হ’ল- CH3OH, C2H5OH, C3H7OH,  আরু C4H9OH  

৬৫। মিথেন (CH4) আরু ইথেনর (C2H6) মূলকর পাৰ্থক্য কিমান ?
উত্তরঃ মিথেন (CH4) আরু ইথেনর (C2H6) মূলকর পাৰ্থক্য  হ’ল- -CH2-

৬৬। কাৰ্বন আরু হাইড্র’জেনর আণৱিক ভর কিমান ?
উত্তরঃ কাৰ্বনর আণৱিক ভর হ’ল- 12u আরু হাইড্র’জেনর আণৱিক ভর হ’ল- 1u

৬৭।এলকিন সমগণীয় শ্রেণীর প্রথম যৌগটোর নাম কি? ইয়ার আণৱিক সংকেত কি? ইয়ার পশ্চাদ্বৰ্ত্তী (Succeding) সমগণবোরর সংকেতবোর লিখা । ইহঁতর মাজর মূলকর পাৰ্থক্য কিমান ? এলকিন সাধারণ সংকেতটো কি?
উত্তরঃ এলকিন সমগণীয় শ্রেণীর প্রথম যৌগটোর নাম ইথিন । ইয়ার আণৱিক সংকেত হ’ল-C2H4  ইয়ার পশ্চাদ্বৰ্ত্তী (Succeding) সমগণবোরর সংকেতবোর হ’ল- C3H6, C4H8, C5H10  ইহঁতর মাজর মূলকর পাৰ্থক্য হ’ল- -CH2-  । এলকিনর সাধারণ সংকেট হ’ল- CnH2n য’ত n=2,3,4,……….

৬৮। সমগণীয় শ্রেণীর চারিটা বৈশিষ্ট্য লিখা ।
উত্তরঃ সমগণীয় শ্রেণীর চারিটা বৈশিষ্ট্য হ’ল-
(ক) সমগণীয় শ্রেণীর যৌগসমূহর আণৱিক ভর বৃদ্ধির লগে লগে যৌগবোরর ভৌতিক ধৰ্মরো ক্রমিক পরিৱৰ্তন হয় ।
(খ)সমগণীয় শ্রেণীর যৌগসমূহর আণৱিক ভর বৃদ্ধির লগে লগে গলনাংক আরু উতলাংকও বৃদ্ধি হয় ।
(গ)সমগণীয় শ্রেণীর যৌগসমূহর ভৌতিক ধৰ্ম বিশেষকৈ কোনো নিৰ্দিষ্ট দ্রাৱকত দ্রৱণীয় গুণরো ক্রমিক পরিৱৰ্তন হয় ।
(ঘ) কেৱলমাত্র কাৰ্যকরী মূলকর উপস্থিতিত সমগণবোরর রাসায়নিক ধৰ্ম প্রায় একে হোৱা পরিলক্ষিত হয় ।

৬৯। কাৰ্বন যৌগৰ নামাকরণর করা চারিটা নিয়ম বা পদ্ধতি উল্লেখ করা ।
উত্তরঃ কাৰ্বন যৌগৰ নামাকরণর করা চারিটা নিয়ম বা পদ্ধতি হ’ল-
(ক) যৌগটোত থকা কাৰ্বন পরমাণুর সংখ্যা নিৰ্ধাৰণ করিব লাগে । যদি তিনিটা কাৰ্বন থকা যৌগ হয় তেনেহ’লে যৌগটোর নাম হ’ব- প্র’পেন (Propane)
(খ) কাৰ্যকরীমূলক থাকিলে নামর উপসৰ্গ (Prefix) বা অনুসৰ্গ (Suffix) ত উল্লেখ করিব লাগে ।
(গ) কাৰ্যকরী মূলকর নামতো অনুসৰ্গত দিব লগা হ’লে কাৰ্বন শৃংখলর নামর শেষর ‘e’ আখরটোর সলনি উপযুক্ত অনুসৰ্গ বা প্রত্যয় ব্যৱহার করা হয় । উদাহরণস্বরূপে- কিট’ন মূলক থকা তিনিটা যৌগর নাম হ’ব- Propane – e = Propan + ‘one’ = Propanone
(ঘ) কাৰ্বন শৃংখল অসংপৃত্ত হ’লে ‘ane’ র সলনি ‘ene’ বা ‘yne’ যোগ দিব লাগে । তিনিটা কাৰ্বন পরমাণুরে গঠিত দ্বিবান্ধনিযুক্ত যৌগটোক Propene আরু ত্রিবান্ধনিযুক্ত যৌগক Propyne নাম ব্যৱহার করা হয় ।   

৭০। কাৰ্বন দহন করিলে কি কি উৎপন্ন হয় ? এইক্ষেত্রত তাপর প্রকৃতি কেনে হয় ?
উত্তরঃ কাৰ্বন দহন করিলে সাধারণতে কাৰ্বন ডাই অক্সাইড, তাপ আরু পোহর উৎপন্ন হয় । এইক্ষেত্রত তাপর প্রকৃতি উচ্চ পরিমাণর হয় ।

৭১। দহন বিক্রিয়াবোর জারণ/বিজারণ বিক্রিয়া ।
উত্তরঃ জারণ ।

৭২। দহন বিক্রিয়াবোর কি বিক্রিয়া? তিনিটা দহন বিক্রিয়ার উদাহরণ দিয়া ।
উত্তরঃ দহন বিক্রিয়াবোর জারণ বিক্রিয়া । দহন বিক্রিয়ার তিনিটা উদাহরণ হ’ল-
(ক) C + O2 CO2 + তাপ আরু পোহর
(খ) CH4 + O2 CO2 + H2O + তাপ + পোহর
(গ) CH2CH2OH + O2 CO2 + H2O + তাপ আরু পোহর

৭৩। সংপৃক্ত আরু অসংপৃক্ত হাইড্র’কাৰ্বনে কেনেকোৱা প্রকৃতির শিখার উৎপন্ন করে?
উত্তরঃ সংপৃক্ত হাইড্র’কাৰ্বনে সাধারণনে অমলিন নীলা শিখা আরু অসংপৃক্ত হাইড্র’কাৰ্বনে ক’লা ধোৱাযুক্ত হালধীয়া শিখা উৎপন্ন করে ।

৭৪। এলান্ধু কি? এলান্ধু বা এলান্ধুযুক্ত শিখা কেনেদরে উৎপন্ন হয় ?
উত্তরঃ এলান্ধু হ’ল কাৰ্বনৰ দহনর গেছীয় অৱশিষ্ট অংশ । সাধারণতে, অসম্পূৰ্ণ দহনর ফলতে এলান্ধুর উৎপন্ন হয় । বায়ুর পরিসীমিত যোগানর কারণে সংপৃক্ত হাইড্র’কাৰ্বনবোর অসম্পূৰ্ণ দহন ঘটিলে ধোঁৱাময় শিখাই এলান্ধু বা এলান্ধুযুক্ত শিখা উৎপন্ন হয় ।   

৭৫। গেছ ষ্টভ বা কেরাচিন ষ্ট’ভর পরা সাধারণতে কিয় এলান্ধু বা এলান্ধুযুক্ত শিখার উৎপন্ন নহয় ?
উত্তরঃ গেছ ষ্টভ বা কেরাচিন ষ্ট’ভর পরা সাধারণতে এলান্ধু বা এলান্ধুযুক্ত শিখার উৎপন্ন নহয় কারণ গেছ ষ্টভ বা কেরাচিন ষ্ট’ভত বায়ু প্রবেশ করিব পরাকৈ রন্ধ্র থাকে আরু ই পৰ্য্যাপ্ত বায়ু বা অক্সিজেন ইন্ধনর সৈতে মিহলৈ হৈ অমলিন নীলা শিখা উৎপন্ন হয় ।

৭৬। কয়লা আরু পেট্র’লিয়াম ইন্ধনর দহনর ফলত উৎপন্ন হোৱা দুবিধ পরিৱেশ প্রদূষক কারকর নাম লিখা ।
উত্তরঃ কয়লা আরু পেট্র’লিয়াম ইন্ধনর দহনর ফলত উৎপন্ন হোৱা দুবিধ পরিৱেশ প্রদূষক কারকর নাম হ’ল- ছালফার আরু নাইট্র’জেন অক্সাইড ।

৭৭। রন্ধন কাৰ্যত ব্যৱহার করা পাত্রর তলিত এলান্ধু লগার অৰ্থ কি?
উত্তরঃ রন্ধন কাৰ্যত ব্যৱহার করা পাত্রর তলিত এলান্ধু লগার অৰ্থ হ’ল- ষ্ট’ভর বায়ুরন্ধ্রবোর বন্ধ হৈ গৈছে ।

৭৮। কয়লা পুরিলে কিয় শিখা উৎপন্ন নোহোৱাকৈ তাপ বিকিরণ করে ?
উত্তরঃ কয়লা পুরিলে শিখা উৎপন্ন নোহোৱাকৈ তাপ বিকিরণ করে কারণ গেছীয় পদাৰ্থ পুরিলেহে শিখা উৎপন্ন হয় আরু কয়লা পুরার সময়ত তাত থকা উদ্বায়ী পদাৰ্থবোর বাষ্পীভূত হয় ।

৭৯। কোনবোর পদাৰ্থৰ দহনত শিখা উৎপন্ন হয় ?
উত্তরঃ গেছীয় পদাৰ্থৰ পরমাণুবোর উত্তপ্ত করিলে আরু দহন করিলে উজ্বল শিখার উৎপন্ন হয় ।  


৮০। কয়লার উৎপত্তি সম্পৰ্কে এটা টোকা লিখা ।
উত্তরঃ বহু হাজার বছর পূৰ্বে গছ-গছনি, জীৱ-জন্তু আদিবোর ভূমিকম্প নাইবা আগ্নেয়গিরি উদগীরণ আদির প্রভাবত পৃথিৱীৰ খোলাটোর ভিতরত সোমাই গৈছিল । এই অংশাৱশেষ পাছর পৰ্যায়ত শিলাখণ্ডর চাপর প্রভাবত ক্রমান্বয়ে জহি-খহি নাইবা পচি তরপে তরপে কয়লালৈ রূপান্তরিত হয় ।  সাধারণতে, জৈৱ পদাৰ্থৰ ওপরত জৈৱিক আরু ভূতাত্বিক প্রভাৱতেই কয়লার সৃষ্টি হয় ।

৮১। পেট্র’লিয়াম, তেল, প্রাকৃতিক গেছ, খারুৱা তেল আদির উৎপত্তি সম্পৰ্কে লিখা ।
উত্তরঃ বহু বছর আগর সাগরীয় প্রাণী, গছ-গছনি, জীৱ-জন্তু আদির অংশাৱশেষেই হ’ল পেট্র’লিয়াম, তেল, প্রাকৃতিক গেছ, খারুৱা তেল আদি । সেই উদ্ভিদ আরু প্রাণীসমূহ/জীৱসমূহ মৃত্যু হো‍ৱাৰ পাছত সাগরতলর বোকাবোরত পোত খাই রয় । ইয়ার ওপরত অনুজীৱৰ ক্রিয়া আরু বিভিন্ন চাপর ফলস্বরূপে প্রাকৃতিক গেছ, খারুৱা তেল, পেট্র’লিয়াম, তেল, আদিলৈ রূপান্তর হয় । লগতে, বোকার স্তর, শিলাখণ্ড আদির ফাঁকত মাজত এইবোর মজুত/জমা হৈ রয় ।  

৮২। কিয় কয়লা আরু পেট্র’লিয়ামক জীৱাশ্ম ইন্ধন বোলা হয় ?
উত্তরঃ কয়লা আরু পেট্র’লিয়াম সাধারণতে বহু বছর পূৰ্বে মৃত্যু হোৱা গছ-গছনি, জীৱ-জন্তু, প্রাণীর আদি দেহর ধ্বংসাৱসেহৰ বা অংশাৱশেষর পরাই তাপ, চাপ, অনুজীৱৰ ক্রিয়া আদির ফলত সৃষ্টি হয় । এই ইন্ধনবোর উৎপত্তির বেলিকা জীৱবোর বিশেষকৈ জড়িত থকার বাবে কয়লা আরু পেট্র’লিয়ামক জীৱাশ্ম ইন্ধন বোলা হয় ।  

৮৩। এলক’হল জারিত হৈ কোনবিধ এছিডর উৎপত্তি হয়?
উত্তরঃ  এলক’হল জারিত হৈ কাৰ্বক্সিলিক এছিডর উৎপত্তি হয় ।  

৮৪। দুবিধ জারক পদাৰ্থৰ নাম লিখা ।
উত্তরঃ দুবিধ জারক পদাৰ্থ হ’ল- (ক) ক্ষারকীয় পটাছিয়াম পারমেঙ্গানেট আরু (খ) আম্লিক পটাছিয়াম ড্রাইক্র’মেট ।

৮৫। এলক’হলক এছিডলৈ জারিত করা দুবিধ জারক পদাৰ্থৰ নাম লিখা ।
উত্তরঃ এলক’হলক এছিডলৈ জারিত করা দুবিধ জারক পদাৰ্থ হ’ল- (ক) ক্ষারকীয় পটাছিয়াম পারমেঙ্গানেট আরু (খ) আম্লিক পটাছিয়াম ড্রাইক্র’মেট ।

৮৬। অনুঘটক কাক বোলে? উদাহরণসহ বুজাই লিখা ।
উত্তরঃ অনুঘটক হ’ল এনে কিছুমান পদাৰ্থক সূচায় যিবোরে নিজর ধৰ্মৰ কোনো পরিৱৰ্তন নকরাকৈ বিক্রিয়া এটার গতিবেগ বঢ়োৱাত অরিহণা যোগায় । উদাহরণস্বরূপে- নিকেল অনুঘটকর উপস্থিতিত উদ্ভিদর তেল হাইড্র’জেন মুক্ত করি বনস্পতি ঘি তৈয়ার করার ক্ষেত্রত যোগাত্মক বিক্রিয়া সংঘটিত করোৱা
হয় । উদ্ভিদজাত তেল দ্বিবান্ধনি থকা বহু দীঘল কাৰ্বন শৃংখলাযুক্ত যৌগ আরু জন্তুর চৰ্বি সংপৃক্ত দীঘল কাৰ্বনশৃংখল যৌগ ।

৮৭। জন্তুর চৰ্বিত কি এছিড থাকে ?
উত্তরঃ জন্তুর চৰ্বিত সংপৃক্ত ফেটি এচিড ।

৮৮। জন্তুর চৰ্বি কিয় স্বাস্থ্য পক্ষে হানিকারক ?
উত্তরঃ জন্তুর চৰ্বি স্বাস্থ্য পক্ষে হানিকারক, কারণ জন্তুর চৰ্বিত সংপৃক্ত ফেটি এচিড থাকে ।

৮৯। কেনেকোৱা এছিড যুক্ত তেল রন্ধনর বাবে অধিক উপযোগী ?

উত্তরঃ অসংপৃক্ত ফেটি এছিড থকা তেল রন্ধনর বাবে অধিক উপযোগী ।

৯৪। দুটা বাণিজ্যিক কাৰ্বন যৌগৰ নাম লিখা ।
উত্তরঃ দুটা বাণিজ্যিক কাৰ্বন যৌগৰ নাম হ’ল- ইথালন আরু ইথানয়িক এছিড ।

৯৫। সাধাৰণ উষ্ণতাত ইথানল কেনে প্রকৃতিৰ ?
উত্তরঃ সাধাৰণ উষ্ণতাত ইথানল জুলীয়া প্রকৃতিৰ ।

৯৬। ইথানলক সাধাৰণতে কি বুলি কোৱা হয় ?
উত্তরঃ ইথানলক সাধাৰণতে এলক’হল বুলি কোৱা হয় ।

৯৭।(ক) এলক’হলীয় পানীয়ৰ মুখ্য উপাদান কি?
উত্তরঃ এলক’হলীয় পানীয়ৰ মুখ্য উপাদান- ইথানল ।

৯৭।(খ) ইথানলৰ বা এলক’হলৰ দুটা ব্যৱহাৰ লিখা ।
উত্তরঃ ইথানলৰ বা এলক’হলৰ দুটা ব্যৱহাৰ হ’ল-
(ক)ইথানল বা এলক’হলক বিভিন্ন ঐষধ বিশেষকৈ কফ চিৰাপ, টনিক, টিংচাৰ আয়’ডিন আদি প্রস্তুত কৰাত ব্যৱহাৰ কৰে ।
(খ)ইথানল বা এলক’হল পানীয়ৰ মূখ্য উপাদান হিচাপে আরু নিচাজাতীয় দ্রৱ্যৰ উৎপাদনত ব্যৱহাৰ কৰা হয় ।  

৯৭।(গ) এলক’হলৰ দুটা অসুবিধা বা চাৰিটা দু-ব্যৱহাৰ লিখা ।
উত্তরঃ এলক’হলৰ দুটা অসুবিধা বা চাৰিটা দু-ব্যৱহাৰ হ’ল-
(ক) কম পৰিমাণৰ পনীয়া এলক’হল সেৱনৰ ফলস্বরূপে নিচাৰ সৃষ্টি হয় ।
(খ) বিশুদ্ধ এলক’হল (Absolute Alcohol) সামান্য পৰিমাণৰ সেৱন কৰাৰ ফলত মৃত্যুও সংঘটিত হ’ব পাৰে ।
(গ) মদ্যপান কৰিলে স্বাস্থ্যৰ অৱনতি হয় ।
(ঘ) এলক’হল সেৱন সমাজত নিন্দনীয় ।  

৯৮।(ক) ইথানলে বা এলক’হলে ছ’ডিয়ামৰ (ধাতুৰ) সৈতে বিক্রিয়া কৰি কি উৎপন্ন কৰে?
উত্তরঃ  ইথানলে বা এলক’হলে ছ’ডিয়ামৰ ধাতুৰ সৈতে বিক্রিয়া কৰি হাইড্র’জেন গেছৰ উৎপন্ন কৰে । ইথানলৰ লগত প্রস্তুত হোৱা আন এক পদাৰ্থ- ছডিয়াম ইথ’ক্সাইড ।

(খ) অসংপৃক্ত হাইড্র’কাৰ্বন প্রস্তুত কৰা বিক্রিয়াটো লিখা ।
অথবাঃ ইথিন কেনেদৰে উৎপন্ন হয় ? গাঢ় ছালফিউৰিক এছিদক কি হিচাপে গণ্য কৰা হয় ?
উত্তরঃ প্রায় 443K পৰিমাণৰ উষ্ণতাত গাঢ় ছালফিউৰিক এচিডৰ সৈতে ইথানল উত্তপ্ত কৰাৰ ফলত ইথানলৰ নিরুদন (Dehydration) ঘটি ইথিনৰ উৎপন্ন কৰা হয় ।

গাঢ় ছলফিউৰিক এছিদক নিরুদক দ্রৱ্য (Dehydrating Agent) হিচাপে গণ্য কৰা হয় আরু ই ইথানলৰ পৰা পানী আতঁৰ কৰে ।

৯৯। এলক’হলে বা ইথানলে জীৱদেহত কেনেদৰে ক্রিয়া কৰে ?
উত্তরঃ (ক) এলক’হলে বা ইথানলে জীৱদেহত বিপাকীয় প্রক্রিয়াবোৰৰ (Metabolic Processes) বেগ কমায় ।
(খ) ই কেন্দ্রীয় স্নায়ুতন্ত্রৰ কাৰ্য ক্ষমতা কম কৰে ।
(গ) ইয়াক সেৱন কৰাৰ ফলত, দেহৰ অংগবোৰৰ মাজত সমন্বয় প্রক্রিয়াত বাধাৰ সৃষ্টি কৰে ।
(ঘ) ই মানসিক বিবুদ্ধিত পেলায় আরু টোপনিভাবৰ সৃষ্টি কৰে ।
(ঙ) ই জীৱদেহত অবদমন শক্তি কমায় আরু চেতনহীন কৰে ।
(চ) ই ব্যক্তিজনক বিবেচনাহীন কৰে আরু মাংসপেশীৰ সমন্বয় নাইকীয়া কৰে ।

১০০। জীৱদেহত মিথানলে কেনেদৰে ক্রিয়া কৰিব পাৰে?
উত্তরঃ সামান্য পৰিমাণৰ মিথানল সেৱন কৰিলে মানুহৰ মৃত্যু হব পাৰে । যকৃত অংশত মিথানল জাৰিত হৈ মিথানেলৰ সৃষ্টি কৰে যি দেহৰ কোষবোৰক বেয়াকৈ ক্রিয়া কৰে । ই প্রট’প্লাজমৰ চেকুৰা বন্ধায় আরু চকুৰ স্নায়ু (Optic Nerve) নষ্ট কৰে যাৰ ফলত মানুহ অন্ধ হয় ।

১০১। প্রকৃতিদুষ্ট (Denatured) এলক’হল কাক বোলে ?
অথবাঃ ১০২। কাৰাখানাত ইথানলৰ অপ-ব্যৱহাৰ নহ’বৰ বাবে কি কৰা হয়?
উত্তরঃ ইথানল এক উত্তম দ্রাৱক । ইথানলক কাৰাখানাৰ কামত ব্যৱহাৰ কৰা হয় । ইথানলৰ অপ ব্যৱহাৰ ৰোধ কৰিবৰ বাবে মিথানলৰ দৰে বিষাক্ত দ্রৱ্য মিহলোৱা হয় আরু খোৱাৰ অনুপযোগী কৰে । ইয়াক সহজে চিনাক্ত কৰাৰ বাবে ৰঙীন পদাৰ্থ যোগ কৰি নীল;আ ৰঙ প্রদান কৰা হয় । ইয়াকে প্রকৃতিদুষ্ট (Denatured) এলক’হল বোলে ।      
১০৩। সূৰ্যৰ পোহৰ সহজে ৰাসায়নিক শক্তিলৈ রূপান্তৰ কৰিব পৰা এবিধ উদ্ভিদৰ নাম লিখা ।
উত্তরঃ সূৰ্যৰ পোহৰ সহজে ৰাসায়নিক শক্তিলৈ রূপান্তৰ কৰিব পৰা এবিধ উদ্ভিদৰ নাম- কুঁহিয়াৰ ।

১০৪। ইন্ধন হিচাপে এলক’হল কেনেদৰে ব্যৱহাৰ কৰা হয় ?
উত্তরঃ কুঁহিয়াৰৰ ৰসৰ পৰা লালি (Molases) প্রস্তুত কৰি কিণ্বন (Fermentaion) ঘটাই এলক’হল (ইথানল) উৎপন্ন কৰা হয় । কিছুমান ৰাষ্ট্রত পেট্র’লৰ সৈতে এলক’হল মিহলাই ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় ।

১০৫। ইথানয়িক এছিডৰ সদাব্যৱহৃত নাম কি? ই কোন এছিড শ্রেণীৰ অন্তৰ্ভুক্ত ?
উত্তরঃ ইথানয়িক এছিডৰ সদাব্যৱহৃত নাম- এচেটিক এচিদ ।  ই কাৰ্ব’ক্সিলিক এছিড শ্রেণীৰ অন্তৰ্ভুক্ত ৷

১০৬। ভিনেগাৰ কাক বোলে ? ইয়াক বেছিকৈ কি কামত ব্যৱহাৰ কৰা হয়?/ইয়াৰ এটা ব্যৱহাৰ লিখা ।
উত্তরঃ এচেটিক এছিডৰ 5-8% জলীয় দ্রৱণক ভিনেগাৰ বোলে । ইয়াক বিশেষকৈ আচাৰ সংৰক্ষণত বেছিকৈ ব্যৱহাৰ কৰা হয় ।

১০৭। ইথানয়িক এছিডৰ গলনাংক কিমান? ই কিয় শীতকালত গোট মাৰে ? ইয়াক আন কি নাম দিয়া হৈছে ?
উত্তরঃ ইথানয়িক এছিডৰ গলনাংক 290k ইয়াৰ বাবে, ইথানয়িক এছিড শীতকালত গোট মাৰে । ইয়াক গ্লেছিয়েল এচেটিক এছিদ নাম দিয়া হয় ।

১০৮এষ্টাৰিভৱন বিক্রিয়াটো ব্যাখ্যা কৰা ।
অথবাঃ১০৯। এষ্টাৰ কেনেদৰে উৎপন্ন কৰা হয় ? ইয়াৰ দুটা ব্যৱহাৰ লিখা ।
অথবাঃ ইথানয়িক এছিডে এষ্টাৰ উৎপন্ন আরু এষ্টাৰভৱন বিক্রিয়াত সহায় কৰে ?
উত্তরঃ এছিড আরু এলক’হলৰ মাজত বিক্রিয়া ঘটায় এষ্টাৰ উৎপন্ন কৰা হয় । এছিড অনুঘটকৰ উপস্থিতিত ইথানয়িক এছিড আরু নিৰ্ভেজাল এলকহলৰ (Absolute Alcohol) মাজত বিক্রিয়া ঘটি এষ্টাৰ উৎপন্ন হয় । 
এষ্টাৰ এবিধ সুগন্ধি দ্রৱ্য । ইয়াৰ দুবিধ ব্যৱহাৰ হ’ল-
(ক) ইয়াক সুগন্ধি দ্রৱ্য হিচাপে ব্যৱহাৰ কৰা হয় ।
(খ) এষ্টাৰক খাদ্য সুস্বাদুকাৰক হিচাপেও ব্যৱহৃত হয় ।

১১০। চেপনিফিকেচন বা চাবোনীভৱন (Saponification) বিক্রিয়া কাক বোলে ? ইয়াক কি কামত ব্যৱহাৰ কৰা হয় ? সমীকৰণটো লিখা ।
উত্তরঃ ছ’ডিয়াম হাইড্র’ক্সাইডৰ (এটা ক্ষাৰ) লগত বিক্রিয়া ঘটিলে এষ্টাৰ পুনৰ এলকহল আরু কাৰ্বক্সিলিক এছিডৰ ছ’ডিয়াম লৱনলৈ রূপান্তৰিত হয় । এই বিক্রিয়াটোক চেপনিফিকেচন বা চাবোনীভৱন (Saponification) বিক্রিয়া বোলে । এই বিক্রিয়াক চাবোন উৎপাদনত ব্যৱহাৰ কৰা হয় ।


১১১। ইথানয়িক এছিডে ক্ষাৰৰ লগত বিক্রিয়াৰ ফলত কিহৰ উৎপন্ন হয় ?
অথবাঃ ইথানয়িক এছিডৰ সৈতে ক্ষাৰৰ বিক্রিয়া হ’লে কি হয় ?
উত্তরঃ ইথানয়িক এছিডে ছ’ডিয়াম হাইড্র’ক্সাইড আদি ক্ষাৰৰ সৈতে বিক্রিয়া কৰিলে লৱণ বিশেষকৈ ছ’ডিয়াম ইথান’য়েট বা ছ’ডিয়াম এছিটেট আরু পানীৰ সৃষ্টিৰ কৰে ।


১১২ ইথানয়িক এছিড, কাৰ্বনেট আরু হাইড্র’জেন কাৰ্বনেটৰ লগত বিক্রিয়া ঘটিলে কিহৰ সৃষ্টি কৰে ?
অথবাঃ ছ’ডিয়াম এছিটেট নামৰ লৱণবিধৰ উৎপন্ন প্রক্রিয়াটো লিখা ।
উত্তরঃ ইথানয়িক এছিডে কাৰ্বনেট আরু হাইড্র’জেন কাৰ্বনেটৰ লগত বিক্রিয়া কৰি লৱণ, কাৰ্বন ডাইক্সাইড আরু পানীৰ সৃষ্টি কৰে । এই বিক্রিয়াৰ ফলত উৎপন্ন হোৱা লৱণবিধৰ সাধাৰণ নাম- ছ’ডিয়াম এছিটেট ।

১১৩। চাবোনৰ অণুবোৰ কি বা কিহেৰে গঠিত বা ইয়াত কি কি নিহিত থাকে?
উত্তরঃ চাবোনৰ অণুবোৰ হ’ল- কিছুমান দীৰ্ঘ শৃংখলযুক্ত কাৰ্বক্সিলিক এছিডৰ ছ’ডিয়াম বা পটাছিয়াম লৱণ ।

১১৪। মাইছেল বা কৰ্ণাপুঞ্জ কাক বোলে ? ইহঁতৰ কাম কি?
অথবাঃ ১১৩। চাবোনৰ মলি পৰিষ্কাৰ কৰা কাৰ্যটো ব্যাখ্যা কৰা ।
উত্তরঃ অধিকাংশক মলি (Dirt) তেলীয় গুণযুক্ত সেয়েহে এইবোৰ পানীত অদ্রৱণীয় । পানীত চাবোনৰ অণুবোৰে এক সমুচ্ছায় /সমষ্টি/একতা (aggregates) উৎপন্ন কৰে । এইবোৰকে মাইছেল বা কৰ্ণাপুঞ্জ বোলে । মাইছেল বা কৰ্ণাপুঞ্জত চাবোনৰ অণুবোৰৰ অনাধ্রুবীয় মেরুটো তেলৰ টোপালৰ দিশে আরু ধ্রুবীয় মেরুটো বাহিৰৰ দিশে থাকে । পানীত মাইছেল বা কৰ্ণাপুঞ্জবোৰে অবদ্রৱ বা ইমালচন (Emulsion) ৰ উৎপন্ন কৰে । ইয়াৰ মাধ্যমেৰে চাবোনৰ ফেনবোৰে কাপোৰৰ মলি পানীত দ্রৱীভূত হোৱাত সহায় কৰে আরু মলি পৰিষ্কাৰ কৰে ।


১১৫। চাবোনৰ অণুবিলাকৰ কেইটা মেরু থাকে আরু কি কি?
উত্তরঃ চাবোনৰ অণুবিলাকৰ দুটা মেরু থাকে । তাৰে এটা হ’ল- জলাকৰ্ষী বা জলস্নেহী (Hydrophobic) আরু এইটো পানীত দ্রৱনীয় আনহাতে আনটো হ’ল- জলঘৃণী বা জলবিকৰ্ষী (Hydrophobic) আরু এইটো হাইড্র’কাৰ্বনত দ্রৱণীয় ।

১১৬। চাবোনৰ পানী কিয় ঘোলা ?
উত্তরঃ চাবোনত থকা মাইছেলবিলাক অবদ্রৱ হিচাপে থাকে । এই মাইছেলিবিলাক আয়ন-আয়ন বিকৰ্ষণৰ বাবে অধঃক্ষিপ্ত নহয় । মাইছেলত ওপঙি থকা মলি সহজতে পানীৰে ধুই আঁতৰাব পাৰি । চাবোনৰ মাইছেলবোৰ যথেষ্ট ডাঙৰ আকৃতিৰ হোৱা বাবে ইহঁতে পোহৰ বিচ্ছুৰিত কৰিব পাৰে । সেইকাৰণে, চাবোনৰ পানী ঘোলা ।

১১৭। কিয় কেতিয়াবা চাবোনৰ ফেন সহজতে নুঠে আরু পানীৰে ধোৱাৰ পিছতো অদ্রৱণীয় পদাৰ্থ (মলি) গাত থাকি যায় ? এই সমস্যাটো কেনেদৰে দূৰ কৰিব পাৰি ।
উত্তরঃ কেতিয়াবা চাবোনৰ ফেন সহজতে নুঠে আরু পানীৰে ধোৱাৰ পিছতো অদ্রৱণীয় পদাৰ্থ বা মলি গাত থাকি যায় । কাৰণ, কঠিন পানীত থকা কেলছিয়াম বা মেগনেছিয়াম লৱণৰ লগত চাবোৱনৰ ক্রিয়া হ’লে অদ্রৱণীয় পদাৰ্থ বা মলি সৃষ্টি হয় । সেয়েহে, এই অদ্রৱণীয় পদাৰ্থ বা মলিবোৰ আতৰাবলৈ অধিক পৰিমাণৰ চাবোন খৰচ হয় ।
    এই সমস্যাটো অপমাৰ্জক শ্রেণীৰ নিকাৰক ব্যৱহাৰ কৰি দূৰ কৰিব পাৰি ।

১১৮। অপমাৰ্জকবোৰ কি ? ইয়াক ক’ত ব্যৱহাৰ কৰা হয় ?
অথবাঃ কিয় চেম্পু বা কাপোৰ ধোৱা নিকাৰক প্রস্তুত কৰিবলৈ অপমাৰ্জক ব্যৱহাৰ কৰা হয় ?

উত্তরঃ অপমাৰ্জকবোৰ হ’ল- প্রধানতঃ দীৰ্ঘ শৃংখলযুক্ত ছালফ’নিক এচিদৰ এম’নিয়াম লৱণ । অপমাৰ্জকৰ আৰ্হিত মেরুবোৰ কঠিন পানীত থকা কেলছিয়াম আরু মেগনেছিয়াম আয়নৰ লগত অদ্রৱণীয় অধঃক্ষেপ সৃষ্টি নকৰে । সেইকাৰণে, কঠিন পানীতো অপমাৰ্জকবোৰ কাৰ্যক্ষম হৈ থাকে । সেয়েহে, চেম্পু বা কাপোৰ ধোৱা নিকাৰক প্রস্তুত কৰিবলৈ অপমাৰ্জক ব্যৱহাৰ কৰা হয় ।    


updating...........