“বতৰত বপুৰাৰ বিলৈ” (যাত্রাৰ এক আনন্দময় মুহূৰ্ত) - by পদ্মেশ্বৰ বৰা

১। এদিন ওলালো চুইট-টাইট কৰি

    যাম Travelling ত,

Sent লগালো, Powder লগালো

    Superstar উল্লাসত ।

 

২। Selection কৰি গাড়ীৰ মাজত

    BMW খন ললো,

বাকীবোৰ লগত Adjust নহয়

    ৫ হাত দুরৈত থলো ।

 

৩। জোটা-মোজা ফিট-ফাট, দেখিবলৈ ভোট-পাট

    আইনাত চালেই যেন Hero,

Pocket তল ফুটা, ভিতৰত আধা ফটা

Money একডম Zero    

 

৪। Rajanikant আগত, Axoy Kumar মাজত

    পাছত Sunny Deol চোলাত,

Katalaga Zins, BOOM High-Fi

   Three Cornered Hat মাথাত ।

 

৫। String ত বহি, Jai Mahesmati

   মুখত Daga Baby Dol গাণ,

বতৰ গুরুম-গুরুম, মনত কৰে হুরুম

   বাঢ়ে যেন দুগুণ সন্মাণ ।

 

৬। পিছ Brake or Reverse Gair লগাই,

    Nasty Sound শুনিলো,

  আইনাত চাই দেখিলো, New জেউৰাখনি

     মেৰেককৈ ভাঙি দিলো ।

 

৭। যি হ’ল হ’ল, ভালেই হ’ল

    বুলি মনতে ভাবিলো,

যাত্রা অতি শুভ, মন ডাঠ কৰি

    Main Road ত উঠিলো ।

 

৮। ৰাস্তা Slip Slip, মন Clip Clip

   ঘনে ঘনে Excitement বাঢ়ে,

একোবাৰ ব্রেকত, তিনিগজতহে ৰয়

   আকৌ যেন বিঘিনি নাহে ।

 

৯। ৰমক-জমক, ডেকা-ডেকেৰীয়ে

    ডিঙি মেলি মেলি চালে,

 BMW গাড়ী দেখিয়েই যেন

    নুথাকৈ রং পালে ।

 

১০। মনত ভাবনা Hero, Super-Speedo

      Dagor Sound য়ে ধম-ধমাই যায়,

বুঢ়াই নাচে, বুঢ়ীয়েও নাচে

   Hip-Hop, Loli-Pop, Dance Hi-Fi

 

১১ৰিনিকি মিনিকি হৰন Sometimes বাজে,

      Music যেনহে লাগে,

আদহীয়া, বুঢ়া, সবে ৰাস্তা এৰি দিয়ে

  যেনিবা Superstar য়েই আহিছে চাগে ।

 

১২গরু-ছাগলী আগবাঢ়ি আহিছে

   যেন আৰ্শীবাদহে দিবলৈ,

কিন্ত মেকুরুমাহীয়ে গাড়ী ৰখালে

   পথাৰত প্রৱেশ কৰিবলৈ ।

 

১৩মেকুৰীমাহীৰ বাবে DISH-Brake মাৰিলো

      ৰ’লগৈ পথাৰত গাড়ী,

স্নানত চিক্‌চিকীয়া, বোকা লাগি তিক্‌তিকীয়া

    Whole-Body হ’লগৈ ভাড়ী ।

 

১৪ গাড়ীৰ পৰা ওলাই, বোকাৰে খোঁজ লৈ

      ৰাস্তা পালোহী মই,

BMW পথাৰত অৱস্থান

    কিনো বাপ্পেকে কৰিবি তই ?

 

১৫Kareng মাতিবলৈ Pocket Money নাই

     SO, Young ডেকাকে মাতিলো,

ডেকাবোৰে নকৰে Help, ভৰিত ধৰি কৰিলো Yelp

ঠেলি ঠেলি শেষত আনিলো । (BMW)

 

১৬দেহৰ অৱস্থা নাই, গরু পোৱালীটোৰ দৰে হ’ল

     Young-Body বোকাৰে গোন্ধ,

  New Dress, Fata-Fati Cent Total Destroy

   আরু নয়ন হ’ল মোৰ অন্ধ ।

 

১৭কিযে হ’ব.. বেচেৰা, একদম খেচেৰা

      Swit-Tite হ’ল ধ্বংস,

Body Full লেতেৰা, গোন্ধে বেজেৰা

     Travelling ৰ নাই কোনো অংশ ।

 

১৮মনত বেজাৰ, সপোন কেঁচাৰ

    পন্দ হ’ল Traveling ৰ জয়,

Reverse Gair কৰি, Returning House

    কিযে হ’ল করুণাময় ।

 

 

ধন্যবাদ