এজাক জোনাকৰ জিলমিল
সপোন যেন লাগে, দিঠকতে জাগে
সুখ-দুখ আছে যে অমিল,
শুৱদি সপোনৰ, সৰগৰ মৰমৰ
এজাক জোনাকৰ জিলমিল ।
চকুৰ অশ্রুধাৰে আমনি কৰে প্রতি পলে,
সপোনবোৰ বিফলে যায়,
খন্তেকতে আহে, ধুমুহা বলে
জিলমিল কৰে সপোনবোৰে ।
সুখ-দুখ জীৱনৰ, সপোন মোৰ সৰগৰ
হয় মাথো খন্তেকীয়া,
দুখবোৰ আহিলেও, কপাল বিধতাই
খন্তেকতে কৰে নাইকীয়া ।
সপোন দেখি, গছৰ তলত নিজানতো
বহি থাকো ভাবি ভাবি,
হাজাৰ বাৰ ভাবিলেও, বুৰবৰণীহে মাথো
সকলো যায় খহি ,
সকলো হয় যে আমিল,
এজাক জোনাকৰ জিল-মিল ।