# ভাষা
কি? ভাষাৰ প্রয়োজনীয়তা সম্পর্কে আলোচনা কৰা ।
উত্তৰঃ ভাষা হৈছে মানুহৰ
ভাবৰ আদান প্রদান কৰা আরু বুদ্ধিমত্তাৰ এক আহিলা ।
ভাষাৰ বিভিন্ন
প্রয়োজনীয়তা বিৰাজমান । তাৰে ভিতৰত উল্লেখনীয় দিশ সমূহ হৈছে-
(ক) ভাষা হৈছে যোগা-যোগৰ
প্রধান আহিলা । মানুহৰ ভাবৰ আদান-প্রদানৰ অপৰিহাৰ্য মাধ্যম ।
(খ) ভাষাই মানুহক আন
জীৱকূলতকৈ পৃথক হিচাপে গঢ়ি তুলিছে ।
(গ) ভাষাই মানুহক
জীৱশ্রেষ্ঠ প্রাণীলৈ উন্নীত কৰিছে ।
(ঘ) ভাষাৰ মাধ্যমেৰেই
অলেখ সৃষ্টিৰ আৱিষ্কাৰ, সংৰক্ষণ আরু অব্যাহত আছে ।
(ঙ) সমাজ আরু সহযোগিতাৰ
এক মাত্র প্রধান আহিলা হৈছে ভাষা ।
(চ) ভাষা অবিহনে আমাৰ
মানৱ সভ্যতাৰ উত্থান নহ’লহেতেন ।
(ছ) ভাষা হৈছে মানুহৰ
বুদ্ধি মত্তাৰ এক উৎকৃষ্ট প্রয়াস ।
এনেদৰে ভাষাই মানৱ সমাজত, ‘মানুহ’ হিচাপে গঢ়ি তুলি শ্রেষ্ঠ জীৱৰ শাৰীত
ধাৱমান কৰাইছে ।
# ভাষা কাক বোলে ? ভাষাৰ সংজ্ঞা দিয়া / আগবঢ়োৱা ।
উত্তৰঃ যি আহিলাৰ মাধ্যমেৰে
মানুহে চিন্তা কৰা, আভ্যন্তৰীণ লগতে বাহ্যিক ক্রিয়াশীল ব্যক্তি আরু সক্রিয়
অংশগ্রহণকাৰী হিচাপে সমাজত মানৱ জাতিক একীভূত কৰে, তাকে ভাষা বোলে ।
ড০ উপেন্দ্র নাথ গোস্বামীৰ মতে- “উচ্চাৰিত ধ্বনি প্রতীকৰ
সহায়েৰে ভাৱৰ পূৰ্ণ অভিব্যক্তিৰ নাম ভাষা ।”
ড০ সুনীতি কুমাৰ চেটাৰ্জীৰ সংজ্ঞা অনুসৰি- “মনৰ ভাৱ
প্রকাশৰ বাবে, বাক্ যন্ত্রৰ সহায়ত উচ্চাৰিত ধ্বনিৰ দ্বাৰা নিষ্পন্ন, কোনো বিশেষ
জন সমাজত ব্যৱহৃত স্বতন্ত্র ভাবে অৱস্থিত তথা বাক্যত প্রযুক্ত শব্দ সমষ্টিকে ভাষা
বোলে ।”
“ভাষা মানুহৰ মনৰ ভাব আদান প্রদানৰ উদ্দেশ্যে বাগিন্দ্রিয়েৰে উচ্চাৰণ
কৰা সুসংগঠিৰ, সুপৰিকল্পিত ধ্বন্যাত্মক সংকেত বিশেষ । মানুহৰ মনৰ ভাব আরু চিন্তাৰ
শ্রুয়মান প্রতীকেই ভাষা ।” – ড০ গোলোক চন্দ্র গোস্বামী ।
# ভাষাৰ প্রধান বৈশিষ্ট্যসমূহ আলোচনা কৰা ।
উত্তৰঃ যি আহিলাৰ মাধ্যমেৰে
মানুহে চিন্তা কৰা, আভ্যন্তৰীণ লগতে বাহ্যিক ক্রিয়াশীল ব্যক্তি আরু সক্রিয়
অংশগ্রহণকাৰী হিচাপে সমাজত মানৱ জাতিক একীভূত কৰে, তাকে ভাষা বোলে ।
ভাষাৰ প্রধান বৈশিষ্ট্যসমূহ হ’ল এনেধৰণৰঃ
(ক) ভাষা হৈছে বাক্
যন্ত্রৰ মাধ্যমেৰে উচ্চাৰিত ধ্বনি প্রতীক ।
(খ) ভাষা মানুহৰ বুদ্ধি
মত্তাৰ প্রথম নিদৰ্শন ।
(গ) ভাষা হৈছে ভাবৰ
আদান-প্রদানৰ প্রধান আহিলা ।
(ঘ) ভাষা হৈছে এক মাধ্যম
যাৰ জৰিয়তে অভিজ্ঞতা আরু জ্ঞানৰাজিৰ ভাণ্ডাৰ সমূহ প্রজন্মলৈ প্রসাৰিত হয় ।
(ঙ) ভাষাই জ্ঞানৰ ভাণ্ডাৰ,
নতুন চিন্তা, নব্য নিদৰ্শন, সৃষ্টি আদিবোৰ সংৰক্ষণত সহায় কৰে ।
(চ) ভাষাই বিভিন্ন
সম্প্রদায় বা জাতিক এখন সমাজত স্বীকৃত প্রদান কৰে ।
# ভাষাৰ মুখ্য উপাদান কেইটা আরু কি কি? বুজাই লিখা ।
উত্তৰঃ ভাষাৰ মুখ্য
উপাদান তিনিটা, সেয়া হৈছে-
(ক) মনৰ ভাৱ বা বাৰ্তা,
(খ) ভাৱৰ প্রেৰক আরু (গ) ভাৱৰ গ্রাহক
(ক) মন ভাৱ বা বাৰ্তাঃ
ভাষা হৈছে আমাৰ মনৰ বিভিন্ন ভাৱ আরু বাৰ্তা, যাক আমি ইজনে সিজনক
প্রদান কৰো অথবা প্রকাশ কৰো ।
(খ) ভাৱৰ প্রেৰকঃ
যিজনে মনৰ ভাৱ বা বাৰ্তা ব্যক্ত কৰে, সেইজনক ভাৱৰ প্রেৰক বোলা হয় ।
প্রেৰকজনে নিজৰ মনৰ ভাৱ আরু অনুভূতি সমূহ ধ্বনি, শব্দ, বৰ্ণ, বাক্য আদিৰ মাধ্যমেৰে
প্রকাশ কৰে ।
(গ) ভাৱৰ গ্রাহকঃ
যিজনে মনৰ ভাৱ বা বাৰ্তাসমূহ গ্রহণ কৰে অথবা ভাৱৰ প্রেৰকসমূহক গ্রহণ
কৰে, সেইজনক ভাৱৰ গ্রাহক বোলা হয় । প্রেৰকজনে নিজৰ মনৰ ভাৱ আরু অনুভূতি সমূহ
ধ্বনি, শব্দ, বৰ্ণ, বাক্য আদিৰ মাধ্যমেৰে গ্রাহকজনক প্রকাশ কৰে আরু গ্রাহকজনে
সেইবোৰ শুনে আরু তাৰ প্রতিক্রিয়া গ্রহণ প্রদান কৰে ।
# ভাষাৰ প্রকৃতি বা গুণসমূহ ব্যাখ্যা কৰা ।
উত্তৰঃ ভাষাৰ ব্যাখ্যা কৰিলে
কিছুমান বিশেষ প্রকৃতি আরু গুণসমূহ পৰিলক্ষিত হয় । ইয়াৰে মূল প্রকৃতি বা গুণসমূহ হ’ল-
(ক) সৃজনশীলতাঃ
ভাষা হৈছে বিভিন্ন সৃষ্টি ৰাজিৰ অন্যতম আহিলা । যাৰ মাধ্যমেৰে আমাৰ
মনত জাগ্রিত হোৱা বিভিন্ন নতুন চিন্তা, ধাৰণা আরু জ্ঞান ৰাজিক প্রকাশ কৰা হয় ।
(খ) স্থানান্তকৰণঃ
ভাষা হৈছে স্থানান্তকৰণৰ মূল আহিলা । মানুহৰ জীৱনৰ অতীত, বৰ্তমান
আরু ভৱিষ্যতৰ লগতে বিভিন্ন স্থানৰ বাৰ্তাৰাজিক ভাষাৰ জৰিয়তে প্রকাশ কৰিব পাৰি ।
(গ) সংযোজনৰ দ্বৈতরূপঃ
ভাষাৰ প্রাথমিক আরু প্রধান একক হৈছে ধ্বনি । বিভিন্ন ধ্বনিৰ মাধ্যমেৰে
শব্দ বা রূপৰ সৃষ্টি হয়, যি এক নিজস্ব অৰ্থ প্রকাশ কৰে । উদাহৰণস্বরূপে-
ক্-ল্-ম্- কলম, ম্-ল্-ম্-
মলম আদি।
(ঘ) প্রজন্মৰ জ্ঞান সৰবৰাহৰ
মাধ্যমঃ
ভাষাই এক প্রজন্মৰ জ্ঞান, সংস্কৃতি, ধর্ম, নীতি, আদর্শ আদিসমূহ আন
এক প্রজন্মৰ বাবে সংৰক্ষণ আরু সৰবৰাহত মূখ্য ভূমিকা গ্রহণ কৰে ।
(ঙ) পৰিৱৰ্তনশীলতাঃ
ভাষাৰ আন এক প্রকৃতি বা গুণ হৈছে- পৰিৱৰ্তনশীলতা । ভাষা বিভিন্ন
স্থান, সংস্কৃতি বা আন জাতি বা পৰিস্থিতি সাপেক্ষে পৰিৱৰ্তনশীল হয় । উদাহৰণস্বরূপে-
‘মাউচ’ শব্দটোৱে কম্পিউটাৰৰ বাবে ‘ইনপুট’ আহিলা আরু জীৱৰ বাবে ‘নিগনী’ক বুজায় ।
(চ) ভাষাৰ বিশিষ্টতাঃ
বিভিন্ন ভাষা অনুসৰি নিজস্ব কিছুমান বৈশিষ্ট্য থাকে । ভাষা গঠনৰ মূল
মাধ্যমৰাজি বিশেষকৈ ধ্বনি, রূপ, শব্দ, বাক্য, অৰ্থ আদিয়ে ভাষাৰ নানান বিশিষ্টতা
প্রতিফলিত কৰে ।
# মাতৃভাষা, দ্বিতীয় ভাষা আরু সংযোগী ভাষা বুলিলে কি বুজা ? উদাহৰণস্বরূপে বুজাই
লিখা ।
উত্তৰঃ এজন শিশুৰ মাকৰ
ভাষা বা মাতৃভূমিৰ ভাষাক সাধাৰণতে মাতৃভাষা বোলে । এটি শিশুয়ে জন্ম লাভ কৰাৰ পাছত,
যি পৰিৱেশৰ ভাষাৰ মাধ্যমেৰে ভাষাৰ প্রাথমিক জ্ঞান লাভ কৰে আরু ডাঙৰ-দীঘল হয়, সেই
ভাষাকে মাতৃভাষা বোলে ।
উদাহৰণস্বরূপে- এটি শিশুৱে জন্ম লাভ কৰাৰ পাছত, মাকৰ যি ভাষাৰ মাধ্যমেৰে
পৰিৱেশৰ আন উপাদান আরু মানুহৰ লগত যোগাযোগ স্থাপন কৰিবলৈ সমর্থ হয়, সেই শিশুটোৰ
বাবে সেয়াই মাতৃভাষা ।
মাতৃভাষাৰ উপৰিও
মানুহে যি ভাষা বিভিন্ন কাৰণ আরু প্রয়োজনত আনুষ্ঠানিক বিধি বিধানৰ সহায়েৰে শিকে
লগতে যি ভাষাৰ দৈনন্দিত সামাজিক কাম-কাজত প্রয়োজনীয়তা থাকে । সেই ভাষাকে দ্বিতীয়
ভাষা বোলে ।
উদাহৰণস্বরূপে-
অসমত অনা অসমীয়া লোকসকলৰ বাবে অসমীয়া ভাষাটো এক দ্বিতীয় ভাষা ।
দুই বা একাধিক
ভাষাগোষ্ঠীৰ মাজত শিক্ষা, ব্যৱসায়, আরু আন সামাজিক বিভিন্ন কাৰণত ভাব বিনিময় বা
যোগাযোগৰ মাধ্যম হিচাপে যি ভাষা ব্যৱহাৰ কৰা হয়, তাকে সংযোগী ভাষা বোলে ।
উদাহৰণস্বরূপে-
অসমত ‘কাৰ্বি’ এজন লোকে ‘মিচিং’ লোক এজনৰ সৈতে ভাবৰ আদান-প্রদান কৰোতে ‘অসমীয়া
ভাষা’তো ব্যৱহাৰ কৰিলে তাক, ‘সংযোগী ভাষা’ বুলি কোৱা হয় ।
# অসমীয়া ভাষাৰ চমু পৰিচয় দাঙি ধৰা ।
উত্তৰঃ সাহিত্যিক আরু
সমাজবিদ গোলকচন্দ্র গোস্বামীয়ে অসমীয়া ভাষাৰ পৰিচয় এনেদৰে প্রতিপন্ন কৰিছিল ।
অসমীয়া ভাষাৰ গোত্র –
ইণ্ডো ইউৰোপীয়
অসমীয়া ভাষাৰ প্রৱৰ –
আৰ্য
অসমীয়া ভাষাৰ শাখা –
বৈদিক
অসমীয়া ভাষাৰ বৰ্ণ –
প্রাচ্য (কামরূপী) প্রাকৃত
অসমীয়া ভাষাৰ গণ –
কামরূপী অপভ্রুংশ
অসমীয়া ভাষাৰ ক্ষণ –
দ্বাদশ-ত্রয়োদশ শতিকা
অসমীয়া ভাষাৰ ক্ষেত্র –
উত্তৰ-পূৱ ভাৰত ভূখণ্ড
‘অসম’ শব্দটোৰ লগত ‘ঈয়া’ প্রত্যয় হৈ ‘অসমীয়া’ শব্দটো গঠিত হৈছে । ‘অসমীয়া’
শব্দটোয়ে ‘অসমত বসবাস কৰা লোক আরু ‘অসমৰ ভাষাক’ বুজায় । অসমীয়া ভাষাটো ভাৰতৰ সংবিধানৰ
অসমৰ চৰকাৰী ভাষা হিচাপে অষ্টমসূচীত অন্তৰ্ভুক্ত কৰিছে । অসমীয়া ভাষাটো ইণ্ডোইউৰোপীয়
ভাষা গোষ্ঠীৰ অন্তৰ্গত ৷ ‘অসমীয়া ভাষাটো’ এই ইণ্ডোইউৰোপীয় ভাষাগোষ্ঠীৰ ‘ইণ্ডো ইৰাণীয়’
ঠালৰ ‘ভাৰতীয় আৰ্য’ৰ ‘প্রাচীন ভাৰতীয় আৰ্য ভাষা’ৰ শিতানৰ ‘লৌকিক ভাগ’ৰ ‘অবাৰ্চীন
অপভ্রুংশ’ৰ অন্তৰ্গত ‘নব্য ভাৰতীয় আৰ্যভাষা’ৰ পৰা উৎপত্তি হৈছে । অসমীয়া ভাষাটো
খ্রীষ্টীয় ১০ মৰ পৰা বৰ্তমানলৈকে বৰ্তি আছে ।
# ভাৰতীয়
আৰ্য ভাষাক বিকাশৰ ধাৰা অনুযায়ী কেইভাগত ভাগ কৰা হয় ? আরু কি কি ? আলোচনা কৰা ।
উত্তৰঃ ভাৰতীয় আৰ্য ভাষাক বিকাশৰ ধাৰা অনুযায়ী
তিনিভাগত ভাগ কৰা হয় । সেয়া হৈছে-
(ক) প্রাচীন ভাৰতীয়
আৰ্যভাষা (Old Indo Aryan):
প্রাচীন ভাৰতীয়
আৰ্যভাষা আনুমানিক খ্রীষ্টপূৰ্ব ১৫০০ ৰ পৰা খ্রীষ্টপূৰ্ব ৬০০ শতিকা পৰ্যন্ত
প্রচলিত আছিল । প্রাচীন ভাৰতীয় আৰ্য ভাষা আছিল- বেদ, উপনিষদ আদিৰ ভাষা ।
(খ) মধ্য ভাৰতীয় আৰ্যভাষা
(Middle Indo Aryan):
মধ্য ভাৰতীয়
আৰ্যভাষা খ্রীষ্টপূৰ্ব ৬ষ্ঠৰ পৰা খ্রীষ্টপূৰ্ব ১০ম শতিকা পৰ্যন্ত প্রচলিত আছিল । মধ্য
ভাৰতীয় আৰ্য ভাষা আছিল- পালি প্রাকৃত ভাষাৰ রূপ ।
(গ)নব্য ভাৰতীয় আৰ্যভাষা (Middle Indo Aryan):
নব্য ভাৰতীয়
আৰ্যভাষা খ্রীষ্টীয় ১০মৰ পৰা বৰ্তমানলৈকে প্রচলিত হৈ আছে । নব্য ভাৰতীয় আৰ্য ভাষা
হৈছে- অপভ্রুংশ, অৱহট্ট ভাষা রূপৰ মাজেৰে নব্য ভাৰতীয় আৰ্যভাষাসমূহ বিশেষকৈ
অসমীয়া, মাৰাঠী, বাংলা, আদি ।
#
অসমীয়া ভাষাৰ যুগ বুলিলে কি বুজা ? আলোচনা কৰা ।
উত্তৰঃ সাহিত্যিক, লেখক
আরু সমাজবিদ, ড০ বাণীকান্ত কাকতিদেৱে অসমীয়া ভাষাক তিনিটা যুগত ভাগ কৰিছে
। সেয়া হৈছে-
(ক) প্রাচীন অসমীয়াঃ
প্রাচীন অসমীয়া ভাষা চতুৰ্দশ শতিকাৰ পৰা ষোড়শ শতিকাৰ শেষ অংশলৈকে
প্রচলিত আছিল । প্রাচীন অসমীয়া ভাষাক দুই ভাগত ভাগ কৰা হয়, প্রাক্ বৈষ্ণৱ আরু বৈষ্ণৱ
উপ-যুগ ।
(খ) মধ্যযুগীয় অসমীয়াঃ
মধ্যযুগীয় অসমীয়া সপ্তদশৰ পৰা ঊনবিংশ শতিকাৰ আৰম্ভণি পৰ্যন্ত
প্রচলিত আছিল । ‘মধ্যযুগীয় অসমীয়া’ ভাষাৰ যুগটোক ‘আহোম ৰাজসভাৰ গদ্য বুৰঞ্জিৰ যুগ’
বোলা হৈছিল ।
(গ) আধুনিক অসমীয়াঃ
আধুনিক অসমীয়া যুগটো ঊনবিংশ শতিকাৰ পৰা বৰ্তমান পৰ্যন্ত বিৰাজমান হৈ
আছে ।
আন এগৰাকী সাহিত্যবিদ ৰমেশ
পাঠকে, অসমীয়া ভাষাক চাৰিটা যুগত ভাগ কৰিছে । সেয়া হৈছে-
(ক) উদ্ভৱ কালৰ অসমীয়াঃ
তেখেতে উদ্ভৱ কালৰ অসমীয়াৰ সময়সীমাত ‘তামৰ ফলি’, ‘চৰ্যাপদ’ আদিসমূহ
পোৱা সমলবোৰক সামৰি লৈছে ।
(খ) প্রাচীন অসমীয়াঃ
ৰমেশ পাঠকে প্রাক্-শংকৰী আরু শংকৰী যুগৰ সাহিত্যৰাজিক প্রাচীন
অসমীয়াৰ যুগ বুলি উত্থাপন কৰিছে ।
(গ) মধ্যযুগৰ অসমীয়াঃ
মধ্যযুগৰ অসমীয়া হিচাপে পাঠকে সপ্তদশ শতিকাৰ পৰা বৃটিছ ৰাজত্বৰ আৰম্ভণি
পৰ্যন্ত সামৰি লৈছে । মধ্যযুগৰ অসমীয়া, এই যুগৰ সমল হিচাপে তেওঁ ‘চৰিত পুথি’, ‘বুৰঞ্জী’
আদিক উল্লেখ কৰিছে ।
(ঘ) আধুনিক যুগৰ অসমীয়াঃ
ৰমেশ পাঠকদেৱে বৃটিছ যুগৰ পৰা সাম্প্রতিক বৰ্তমান সময় পৰ্যন্ত
আধুনিক যুগৰ অসমীয়া হিচাপে আখ্যা দিছে । তেওঁৰ মতে এতিয়া অসমীয়া ভাষাত ইংৰাজী আরু
হিন্দীৰ লগতে আন কিছু ভাৰতীয় ভাষাৰ শব্দ আরু বাক্যৰীতিৰ প্রভাৱ পৰিছে উল্লেখ কৰিছে
।
এইদৰে অসমীয়া ভাষাই বিভিন্ন যুগ আরু পৰ্যায়ৰ মাজেৰে আজিৰ অৱস্থা
পাইছে । সাম্প্রতিক সময়ত, অসমীয়া ভাষাৰ প্রধান বৈশিষ্ট হিচাপে- হ্রস্ব-দীৰ্ঘৰ
পাৰ্থক্যহীনতা, চতুৰ্থী বিভক্তিৰ ‘লৈ’ৰ সলনি দ্বিতীয়া বিভক্তি -ক ব্যৱহাৰ,
সম্বন্ধবাচক পুরুষবাচক বিভক্তিৰ লোপ, পূৰ্বৰ শিৱসাগৰৰ কথিত ভাষা আরু গুৱাহাটীৰ
কথ্য রূপৰ মাজত থকা পার্থক্য আদিবোৰ পৰিলক্ষিত হয় ।
#
আধুনিক অসমীয়া ভাষাৰ সাধাৰণ চাৰিটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ আধুনিক অসমীয়া
ভাষাৰ সাধাৰণ চাৰিটা বৈশিষ্ট্য হৈছে-
(ক)আধুনিক অসমীয়া ভাষাৰ
হ্রস্ব-দীৰ্ঘৰ পাৰ্থক্যহীনতা দেখা যায় ।
(খ)আধুনিক অসমীয়া ভাষাত
চতুৰ্থী বিভক্তিৰ ‘লৈ’ৰ সলনি দ্বিতীয়া বিভক্তি –ক ৰ ব্যৱহাৰ কৰা হয় ।
(গ)আধুনিক অসমীয়া ভাষাৰ
সম্বন্ধবাচক পুরুষবাচক বিভক্তিৰ লোপ পৰিলক্ষিত হয় ।
(ঘ) পূৰ্বৰ শিৱসাগৰৰ কথিত
ভাষা আরু গুৱাহাটীৰ কথ্য রূপৰ মাজত থকা পার্থক্য আন এক আধুনিক অসমীয়া ভাষাৰ সাধাৰণ
বৈশিষ্ট্য ।
#অসমীয়া
ভাষাৰ বৰ্তমানৰ স্থিতিৰ এক চমু বিৱৰণ দিয়া ।
উত্তৰঃ অসমীয়া ভাষাটো ভাৰতৰ
সংবিধানে ভাৰতৰ অংগাৰজ্য অসমৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিছে । অসমীয়া ভাষাটো
ভাৰতৰ সংবিধানৰ অসমৰ চৰকাৰী ভাষা হিচাপে অষ্টমসূচীত অন্তৰ্ভুক্ত কৰিছে । অসমীয়া
ভাষাটো ১০০০ বছৰ পুৰণি ভাষা হিচাপে বৰ্তমানে প্রচলিত । অসমৰ ব্রহ্মপুত্র উপত্যকা
আরু অসমৰ সীমাকাষৰীয়া অঞ্চলবোৰত মাতৃভাষা আরু চৰকাৰী ভাষা হিচাপে অসমীয়া ভাষাটোক
ব্যৱহাৰ কৰা হয় ।
২০১১ চনৰ লোকপিয়লৰ
মতে প্রায় ১,৩০,১০,৪৭৮ জন লোকৰ মাতৃভাষা হৈছে অসমীয়া ভাষা । অসমত বাস কৰা
অনা-অসমীয়ালোকসকলৰ সৰহভাগৰে দ্বিতীয় ভাষা হৈছে- অসমীয়া । আন অসমৰ জাতি-জনগোষ্ঠীয়ে
সংযোগী ভাষা হিচাপে অসমীয়া ভাষাক ব্যৱহাৰ কৰে ।
# ধ্বনি কি? ধ্বনিসমূহ কাৰ সহায়ত উচ্চাৰণ কৰা হয় ? ভাষা
উচ্চাৰণৰ বাবে লাগতিয়াল হোৱা বাক্যন্ত্রৰ অংশসমূহৰ চিত্র আকি নাম লিখা ।
উত্তৰঃ ধ্বনি হৈছে ভাষাৰ আটাইতকৈ ক্ষুদ্র উপাদান । মানুহে
শ্বাস-প্রশ্বাস লওঁতে হাঁওফাঁওলৈ বায়ু সোমায় আরু হাঁওফাঁওৰ পৰা বায়ু ওলাই আহে । এই
বায়ুপ্রবাহক বাগিন্দ্রিয়ৰ অন্তৰ্গত অংগ ওঁঠ আরু জিভাৰ সহায়ত দাঁত, তালু আদি
অংগবোৰত ৰোধ বা নিয়ন্ত্রণ কৰাৰ ফলত যি নাদৰ সৃষ্টি হয়, তাকে বাগ্ধ্বনি বা ধ্বনি
বোলে । অন্য কথাত মানুহৰ মাত বা কথাৰ ক্ষুদ্র ক্ষুদ্র ভাগবোৰেই হৈছে বাগ্ধ্বনি বা
ধ্বনি ।
ধ্বনিসমূহ বাক্যন্ত্রৰ সহায়ত উচ্চাৰণ কৰা হয় । ভাষা উচ্চাৰণৰ বাবে
লাগতিয়াল হোৱা বাক্যন্ত্রৰ অংশসমূহ হৈছে-
কন্ঠনলী, কন্ঠতন্ত্রী, গল কোষ, আলজিহ্বা, কোমল
তালু, কঠিন তালু, জিভা, দাঁতৰ আলু, দাঁত আরু ওঁঠ ।
#
অসমীয়া ভাষাত মুঠতে কিমানটা ব্যঞ্জণ ধ্বনি উচ্চাৰণ কৰা হয় ? উচ্চাৰণৰ স্থান আরু
উচ্চাৰণৰ ধৰণ অনুসৰি ব্যঞ্জণ ধ্বনিসমূহৰ এখন তালিকা প্রস্তুত কৰা ।
উত্তৰঃ অসমীয়া ভাষাত
মুঠতে ২১ টা ব্যঞ্জণ ধ্বনি উচ্চাৰণ কৰা হয়
।
উচ্চাৰণৰ স্থান আরু উচ্চাৰণৰ
ধৰণ অনুসৰি ব্যঞ্জণ ধ্বনিসমূহৰ তালিকাঃ
উচ্চাৰণৰ স্থান |
উচ্চাৰণৰ ধৰণ |
ঔষ্ঠ্য |
দন্তমূলীয় |
পশ্চাতলব্য |
কন্ঠ্য |
||||
অঘোষ |
সঘোষ |
অঘোষ |
সঘোষ |
অঘোষ |
সঘোষ |
অঘোষ |
সঘোষ |
||
নিয়ত |
অল্পপ্রাণ |
প |
ব |
ত |
দ |
ক |
গ |
|
|
মহাপ্রাণ |
ফ |
ভ |
থ |
ধ |
খ |
ঘ |
|
|
|
নাসিক্য |
|
ম |
|
ন |
|
ঙ |
|
|
|
কম্পিত |
|
|
|
ৰ |
|
|
|
|
|
উষ্ম |
|
|
চ |
জ |
|
স |
|
হ |
|
পাৰ্শ্বিক |
|
|
|
ল |
|
|
|
|
# উচ্চাৰণৰ ধৰণ অনুযায়ী অসমীয়া ভাষাৰ ব্যঞ্জন
ধ্বনিসমূহক কেইটা ভাগত ভাগ কৰা হয় আরু কি কি ? আলোচনা কৰা ।
উত্তৰঃ উচ্চাৰণৰ ধৰণ
অনুযায়ী অসমীয়া ভাষাৰ ব্যঞ্জন ধ্বনিসমূহক পাঁচটা ভাগত ভাগ কৰা হয় আরু সেয়া হৈছে-
(ক) নিয়ত ধ্বনিঃ
নিয়ত ধ্বনিক স্পৰ্শ ধ্বনি আরু স্ফোট ধ্বনি বোলা হয় । আমাৰ হাওঁফাওঁৰ
পৰা নিৰ্গত হোৱা বায়ু প্রৱাহক সম্পূৰ্ণ বাধাগ্রস্ত বা ৰোধ কৰি নিয়ত ধ্বনি উচ্চাৰণ
কৰা হয় । নিয়ত ধ্বনি দুই প্রকাৰৰ- অন্তঃস্ফোট আরু স্ফোট বা প্রস্ফোট ।
ক, খ, গ, ঘ, প,
ফ, ব, ভ, ত, থ, দ আরু ধ, এই বৰ্ণ বা ধ্বনি কেইটা নিয়ত ধ্বনিৰ মাধ্যমেৰে উচ্চাৰণ কৰা
হয় ।
(খ) নাসিক্য ধ্বনিঃ
বায়ু প্রৱাহ মুখবিৱৰৰ উচ্চাৰণৰ স্থানত সম্পূৰ্ণভাৱে ৰোধ বা
বাধাগ্রস্ত কৰি আরু কোমল তালুখন কিছু তলৰ ফালে নমাই নাসিকাবিৱৰৰ পথ মুক্ত কৰি নাসিক্য
ধ্বনি উচ্চাৰিত হয় ।
ঙ, ন আরু ম, এই
বৰ্ণ বা ধ্বনিকেইটা, নাসিক্য ধ্বনিৰে উচ্চাৰণ কৰা হয় ।
(গ) উষ্ম ধ্বনিঃ
বহিৰ্গামী বায়ুৰ পথ সংকীৰ্ণ বা ঠেক কৰি বায়ুৰ সোঁতত এক ঘৰ্ষণৰ
সৃষ্টি কৰা হয় আরু এই ঘৰ্ষণৰ ফলত সৃষ্টি হোৱা উত্তাপ বায়ুৰ সৈতে, উষ্ম ধ্বনিৰ বৰ্ণ
বা ধ্বনিবোৰ উচ্চাৰণ কৰা হয় । বায়ু প্রৱাহত ঘৰ্ষণৰ মাধ্যমেৰে উত্তাপ উৎপন্ন হোৱাৰ
কাৰণে ‘উষ্ম ধ্বনি’ক ‘ঘৃষ্ট’ বুলিও জনা যায় ।
চ, জ, স আরু হ, এই
বৰ্ণ বা ধ্বনিকেইটা উষ্ম ধ্বনিৰ মাধ্যমেৰে উচ্চাৰণ কৰা হয় ।
(ঘ) কম্পিত ধ্বনিঃ
জিভাৰ আগটো আগতালুৰ ফালে ঘূৰাই তাৎক্ষণিকভাৱে তলৰ পাৰিৰ আগদাঁতৰ
কাষলৈ নি জিভাৰ অগ্রাংশত কম্পনৰ সৃষ্টি কৰি, কম্পিত ধ্বনিৰ বৰ্ণ বা ধ্বনিবোৰ উচ্চাৰণ
কৰা হয় ।
‘ৰ’ বৰ্ণ বা ধ্বনিটো কম্পিত ধ্বনিৰ জৰিয়তে উচ্চাৰণ কৰা হয় ।
(ঙ) পাৰ্শ্বিক ধ্বনিঃ
জিভাৰ আগটোৱে ওপৰ পাৰি দাঁতৰ আলুত স্পৰ্শ কৰি, কিছু পৰিমাণে জিভাখন
সংকুচিত কৰি আরু বহিৰ্গামী বায়ু প্রৱাহ জিভাৰ কাষেৰে বাহিৰলৈ ওলাই দি, দাঁতৰ আলু
বা আগতালুৰ আশে পাশে, পাৰ্শ্বিক ধ্বনি উচ্চাৰণ কৰা হয় ।
‘ল’ বৰ্ণ বা ধ্বনিটো পাৰ্শ্বিক ধ্বনিৰ জৰিয়তে উচ্চাৰণ কৰা হয় ।
# অসমীয়া ভাষাৰ সুৰ-লহৰ কি বা বুলিলে কি বুজা? অসমীয়া ভাষাত সুৰ-লহৰৰ প্রয়োগ, গুরুত্ব বা প্রয়োজনীয়তা সম্পর্কে আলোচনা কৰা ।
উত্তৰঃ কোনো এক বাক্যৰ সুৰ
সমষ্টিক সুৰ লহৰ বুলি কোৱা হয় । সুৰ লহৰ হৈছে এক প্রকাৰৰ আপেক্ষিক সুৰ, কিন্তূ সুৰ-লহৰ আচলতে সুৰ নহয় । অসমীয়া ভাষাৰ এক অন্যতম গুণ হৈছে- সুৰ লহৰ ।
অসমীয়া
ভাষাত সুৰ-লহৰৰ প্রয়োগ বা গুরুত্ব বা প্রয়োজনীয়তা অপৰিসীম । ইয়াৰ উল্লেখযোগ্য
দিশসমূহ হৈছে এনেধৰণৰঃ
(ক)
সুৰ লহৰৰ তাৰতম্যৰ ফলস্বরূপে শব্দ আরু বাক্যৰ অর্থৰ সলনি হয় ।
(খ)
ভাষাৰ কথন জ্ঞান অর্জন কৰা মুহূৰ্তত, সুৰ-লহৰ সম্পর্কে জ্ঞাত হোৱাটো নিতান্ত
প্রয়োজনীয় ।
(গ)
সুৰ লহৰৰ মাধ্যমত খণ্ডবাক্য, পদ বা পদ সমষ্টিৰে নির্মিত বাক্য, বাক্যাংশৰ সীমা বা
গর্ভবাক্য আদি নির্ণয় কৰি দেখুওৱা হয় ।
(ঘ)
কোনো কথা বা বাক্যৰ সুৰ-লহৰৰ জৰিয়তে মূল ভাৱাৰ্থৰ পৰিৱৰ্তন ঘটাব পৰা যায় ।
(ঙ)
সুৰ-লহৰৰ মাধ্যমেৰে কোনো কথা বা বাক্যৰ প্রশ্নবোধক, সাধাৰণ বিবৃতি, অনুজ্ঞা, আদেশ,
অনুৰোধ, উপদেশ আদিৰ অর্থ বুজিব পৰা যায় ।
(চ)
সুৰ-লহৰ প্রয়োগ কৰি কথাৰ বা বাক্যৰ সদর্থক প্রকাশ আরু একে কথাকে নঞৰ্থক অর্থতো
প্রকাশ কৰিব পাৰি ।
সুৰ
লহৰৰ প্রয়োগঃ
“তুমি কিতাপ পঢ়া”, এই বাক্যশাৰী বিভিন্ন সুৰ লহৰৰ প্রয়োগ
তলত উল্লেখ কৰা হ’ল-
(ক) নিম্নগামী সুৰ-লহৰৰ প্রয়োগ বা ব্যৱহাৰ কৰি সাধৰণ বিৱৰণাত্মক
বাক্যৰ রূপ বা অর্থ প্রকাশ কৰিব পাৰি ।
“তুমি কিতাপ পঢ়া ।”
(খ) ক্রমান্বয়ে উচ্চৰ পৰা উচ্চলৈ বা উদ্দাত্ত-উন্নত সুৰ লহৰৰ
প্রয়োগ কৰি নির্দেশাত্মক আরু আদেশাত্মক অর্থ প্রকাশ কৰিব পাৰি ।
“তুমি কিতাপ পঢ়া ।”
(তুমি বেলেগ কথালৈ মন দিব
নালাগে, কিতাপ পঢ়া । )
(গ) মধ্যমীয়া উচ্চৰ পৰা
উচ্চতৰ অর্থাৎ স্বৰিত-উন্নত সুৰ-লহৰৰ প্রয়োগৰ মাধ্যমেৰে, ‘প্রশ্নবোধক অর্থ’ প্রকাশ
কৰিব পাৰি ।
“তুমি কিতাপ পঢ়া ?”
(ঘ) নিম্নৰ পৰা সুৰৰ লহৰটো
তৎক্ষণাত উচ্চলৈ নি অর্থাৎ ‘নিম্ন-উন্নত ক্ষিপ্র’ সুৰ-লহৰৰ প্রয়োগৰ মাধ্যমেদি
কথাটো বা বাক্যটোক বিস্ময়সূচক অর্থ প্রকাশ কৰিব পাৰি ।
“তুমি কিতাপ পঢ়াহ্ল !”
এনেদৰ অসমীয়া ভাষাৰ সুৰ-লহৰ প্রয়োগৰ কৰি বিভিন্ন ভাৱ প্রকাশ কৰিব পাৰি ।
#যতি বা বিৰাম বুলিলে কি
বুজা ? যতি বা বিৰামৰ প্রয়োগ, প্রয়োজনীয়তা আরু গুরুত্ব সম্পর্কে আলোচনা কৰা ।
উত্তৰঃ
কোনো বাক্যৰ পূর্ণতাৰ
চিনক যতি বা বিৰাম বুলি কোৱা হয় । কোনো এক বাক্য কওঁতে ঠায়ে ঠায়ে ৰোৱা হয়, সুৰৰ
সলনি বা সুৰ-লহৰ শেষ হয় আরু দ্বিতীয় বাক্যটো কোৱাৰ আগতে কিছু সময় ৰোৱা হয় বা বিৰাম
লোৱা হয় । যিবোৰ চিহ্নৰ মাধ্যমেৰে এই বিৰাম বা ৰোৱা হয় বা যতি পেলোৱা হয়, সেই
চিহ্নবোৰক বিৰাম চিহ্ন বা যতি চিহ্ন বোলা হয় ।
বিশেষকৈ তিনিটা মুখ্য কাৰণত যতি বা বিৰাম চিহ্নৰ প্রয়োগ কৰা হয় ।
(ক) শ্বাস-নিশ্বাসজনিত বিৰতি বা শ্বাসযতিঃ
শব্দৰ ধ্বনিসমূহৰ প্রবাহৰ মাজতে
উশাহ-নিশাহ লোৱাৰ বাবে, যি বিৰাম বা যতি লোৱা হয়, তাকে শ্বাস-নিশ্বাসজনিত বিৰতি বা
শ্বাসযতি বোলা হয় । বাগ্ যন্ত্রৰ ধ্বনিসমূহৰ প্রবাহৰ নিমিত্তে ইয়াৰ প্রয়োজন হয় ।
শ্বাস-নিশ্বাসজনিত বিৰতি বা শ্বাসযতিয়ে কথাৰ শুনাৰ ক্ষেত্রত শুৱনি কৰি তুলে আরু
বুজাত সহায় সহায় কৰে ।
উদাহৰণঃ ৰাম, যদু, মধু আরু সীমান্তই
এইবাৰ স্নাতক পৰ্যায় উত্তীর্ণ হৈছে ।
এই বাক্যটোত, প্রত্যেক ল’ৰাকেইজনৰ (ৰাম,
যদু, মধু) পাছতে শ্বাস-নিশ্বাসজনিত বিৰতি বা শ্বাসযতি লোৱা হৈছে ।
(খ) অর্থ আরু ভাবপ্রসূত বিৰতি বা ভাবযতি আরু অর্থযতিঃ
কথা-বতৰা কওঁতে আরু লিখিত অৱস্থাত
ভাববোৰ সম্পূর্ণ অর্থ প্রকাশ কৰাৰ অর্থে অর্থ অনুসৰি আরু ভাব অনুসৰি, যি বিৰতি
গ্রহণ কৰা হয়, তাকে অর্থ আরু ভাবপ্রসূত বিৰতি বা ভাবযতি আরু অর্থযতি বোলা হয় ।
উদাহৰণঃ মই স্কুললৈ আহোঁতে, সীতাই
নাঁচি আছিল আরু ঊর্মিলাই গাণ গাই আছিল ।
এই বাক্যশাৰীত, ‘আহোঁতে’ এই শব্দটোত
অর্থ আরু ভাবপ্রসূত বিৰতি বা ভাবযতি আরু অর্থযতি লোৱা হৈছে আরু তাৰ পাছত পাছৰ অর্থৰাজি
প্রকাশিত হৈছে ।
(গ) অনুভূতি চালিত আরু নিৰ্দিষ্ট পৰ্যায়ক্রমে বিন্যস্ত বিৰতি বা ছন্দযতিঃ
যিবোৰ যতি অনুভূতি আরু ছন্দৰ লগত
জড়িত আরু নিৰ্দিষ্ট পৰ্যায়ক্রমে ব্যৱহাৰ কৰা হয় । তাকে অনুভূতি চালিত আরু
নিৰ্দিষ্ট পৰ্যায়ক্রমে বিন্যস্ত বিৰতি বা ছন্দযতি বোলা হয় ।
উদাহৰণঃ ‘প্রথমে প্রণামো ব্রহ্মরূপী সনাতন ।
সর্ব অৱতাৰৰ কাৰণ নাৰায়ণ ।।
এই পদফাকিত ‘সনাতন’ আরু ‘নাৰায়ণ’
শব্দৰ পাছত, অনুভূতি চালিত আরু নিৰ্দিষ্ট পৰ্যায়ক্রমে বিন্যস্ত বিৰতি বা ছন্দযতিৰ
ব্যৱহৃত হৈছে ।
অসমীয়া ভাষাত যতি বা বিৰাম চিনৰ প্রয়োগ উল্লেখনীয় । বিভিন্ন যতি বা
বিৰাম চিহ্নসমূহৰ প্রয়োগসমূহ হ’ল-
(ক) পূৰ্ণযতি বা দাঁৰি (।):
কোনো এক বাক্য
শেষ হোৱা আরু সম্পূর্ণ ভাৱ প্রকাশ কৰিবৰ বাবে পূৰ্ণযতি বা দাঁৰি (।) ব্যৱহাৰ কৰা হয় ।
উদাহৰণঃ আমি সকলো আত্মনিৰ্ভৰশীল হ’ব লাগে ।
(খ) পাদযতি বা কমা (,):
কোনো এক বাক্যৰ
মাজত কম সময় বিৰতি লবৰ বাবে পাদযতি বা কমা (,) ব্যৱহাৰ কৰা হয় ।
উদাহৰণঃ সীতা, গীতা, ৰীতা
আরু মীতাই, অতি কষ্ট কৰি পঢ়া-শুনা কৰে ।
(গ) চেমিকলন (;):
কোনো এটা বাক্যৰ সমাপিকা
ক্রিয়াৰে শেষ হৈছে কিন্তূ অর্থটো সম্পূর্ণ প্রকাশ কৰা নাই, এনে পৰিস্থিতি সাপেক্ষে
এটা বাক্যৰ মাজত চেমিকলন ব্যৱহাৰ কৰা হয় ।
উদাহৰণঃ ‘ছন্দৰ
সুষমা আছে; হয়তো অন্তৰ্নিহিত নীতিও আছে; কিন্তূ সূত্র নাই । ইয়াক সৃষ্টি কৰিব নোৱাৰি,
ই সৃষ্টি হয় ।’
(ঘ) ভাববোধক (!):
তীব্র অনূভূতি,
অতি আবেগ, অতি আনন্দিত, অতি আচৰিত, আদি বিস্ময়সূচক বাক্য প্রকাশ কৰিবৰ বাবে
ভাববোধক চিন (!) ব্যৱহাৰ কৰা হয় ।
উদাহৰণঃ হে আল্লা / ৰাম !
মানুহজন মৰিল ।
(ঙ) প্রশ্নবোধক চিন (?):
কোনো প্রশ্নৰ
অৱতাৰণা কৰিবৰ বাবে, প্রশ্নবোধক চিন (?) ব্যৱহাৰ কৰা হয় ।
উদাহৰণঃ পৰীক্ষাৰ বাবে তোমাৰ সকলো প্রস্তুতি হ’লনে ?
(চ) কোলন (: )
আগৰ কথাবোৰ বা সূত্র মোকলাই লিখিবৰ বাবে কলন ( : ) ব্যৱহাৰ কৰা হয় ।
উদাহৰণঃ
সীতাঃ বণলৈ যাবানে ?
ঊর্মিলাঃ মই নাযাওঁ,
তুমিয়েই যোৱা ।
(ছ) কোলন দেচ্ (: -)
কোনো এক সংজ্ঞা বা সূত্রৰ নাম উল্লেখ কৰি উদাহৰণ দি বুজাবৰ বাবে
সাধাৰণতে কোলন দেচ্ (: -) ব্যৱহাৰ কৰা হয় ।
উদাহৰণঃ যতি বা বিৰামঃ-
বাক্যৰ মাজত জিৰণি বা বিৰাম লোৱাৰ অর্থে আরু অর্থৰ পূর্ণপ্রকাশ কৰাৰ নিমিত্তে যিবোৰ
চিহ্ন ব্যৱহাৰ কৰা হয়, তাকে যতি বা বিৰাম বোলে ।
(জ) কোনো এক কথাৰ লগতে আন
এক কথাৰ অৱতাৰণা কৰিবৰ বাবে আরু বাক্যৰ কোনো এক অংশ জোৰ দি প্রকাশ কৰাৰ নিমিত্তে
দেচ্ (-) ব্যৱহাৰ কৰা হয় ।
উদাহৰণঃ সরুতে মই সঁপোন
দেখিছিলো; এজন অভিনেতা হম, নহ’লে এজন গায়ক বা নৃত্যকৰ হম, কিন্তূ শেষত হ’লো- এজন
শিক্ষক ।
(ঝ) হাইফেন্ (-):
একে অর্থৰ আরু
বিপৰীত অর্থৰ শব্দক যোৰ হিচাপে বুজাবৰ অর্থে হাইফেন্ (-) ব্যৱহাৰ কৰা হয় ।
উদাহৰণঃ ল’ৰা-ছোৱালী,
ছাত্র-ছাত্রী, দুখ-সুখ, বা-বাতৰি আদি ।
(ঞ) উদ্ধাৰ চিন বা উদ্ধ
ক’মা (“....”), (‘’),
কোনো এক বাক্য উদ্ধৃত
বুজাবলৈ উদ্ধাৰ চিন বা উদ্ধ ক’মা আরু আরু প্রত্যক্ষ উক্তিৰ ক্ষেত্রত, দুটাকৈ যোৰ কৰা
উদ্ধাৰ চিন ব্যৱহাৰ কৰা হয় । লগতে, কোনো শব্দত যোৰ কৰি বিশেষকৈ বুজাবৰ নিমিত্তে,
এটিকৈ যোৰা কৰা উদ্ধাৰ চিন ব্যৱহাৰ কৰা হয় ।
উদাহৰণঃ “সত্য সদায় জয় ।”
(উদ্ধাৰ চিন বা উদ্ধ ক’মা)
ভগৱানে ক’লে, “সৎ কর্ম কৰা,
মোক কর্মৰ জৰিয়তে আরু কর্মৰ সু-ফলৰ মাধ্যমেৰে লাভ কৰিবা ।” (দুটাকৈ যোৰ কৰা উদ্ধাৰ চিন)
শংকৰদেৱৰ ৰচিত ‘কীৰ্তন’
আরু মাধৱদেৱৰ ৰচিত ‘নামঘোষা’ অসমীয়াৰ মূল্যৱান সম্পদ ।
(ট) বন্ধনীৰ চিনঃ (...),
{...}, [...]
কোনো এক বাক্যৰ ভিতৰতে শব্দৰ ভাঙনি, বিদেশী শব্দ আরু আন অপৰিচিত
শব্দৰ পৰিচিত অংশ, আদিৰ অর্থ প্রকাশৰ বাবে বন্ধনীৰ ব্যৱহাৰ কৰা হয় ।
উদাহৰণঃ জোনাকী (এবিধ পোক
বা পতঙ্গ) পরুৱাই ৰাতি এক চমক কৰি তুলে ।
(ঠ) চন্দ্রবিন্দু (ঁ)
অনুনাসিক উচ্চাৰণ কৰিবৰ বাবে শব্দৰ কোনো আখৰৰ ওপৰত চন্দ্রবিন্দু
ব্যৱহাৰ কৰা হয় ।
উদাহৰণ- আমি সদায় ভালদৰে
কিতাপ পঢ়োঁ, নিয়মতে খাওঁ আরু নিয়ম অনুসৰি যাওঁ ।
#অসমীয়া ভাষাৰ স্বৰধ্বনি
কেইটা আরু কি কি? ভাষাবিজ্ঞানৰ বৰ্ণতাত্ত্বিক শ্রেণীবিভাজনৰ মাধ্যমেৰে স্বৰবৰ্ণৰ
তালিকা প্রস্তুত কৰা ।
উত্তৰঃ অসমীয়া ভাষাৰ
স্বৰবৰ্ণমালাখনত সাধাৰণতে ১১ টা স্বৰধ্বনি আছে, সেয়া হৈছে- অ, আ, ই, ঈ, উ, ঊ, ঋ,
এ, ঐ, ও, ঔ
কিন্তূ, অসমীয়া ভাষাত মুঠতে আঠ(৮)টা বিশিষ্ট স্বৰধ্বনি ব্যৱহৃত হয় ।
ইয়াৰে ছয় (৬)টা স্বৰবৰ্ণমালাখনত আছে, সেয়া হৈছে- অ, আ, ই, উ, এ আরু ও । লগতে, দুটা
স্বৰ স্বৰবৰ্ণমালাখনত উপস্থিত নাই কিন্তূ অসমীয়া ভাষাত উচ্চাৰিত হয়, সেয়া হৈছে- অ’
আরু এ’ ।
ভাষাবিজ্ঞানৰ
বৰ্ণতাত্ত্বিক শ্রেণীবিভাজনৰ মাধ্যমেৰে স্বৰবৰ্ণৰ তালিকাঃ
|
প্রান্তীয় বিবৃতোষ্ঠ্য |
কেন্দ্রীয় বিবৃতৌষ্ঠ্য |
পশ্চ সংবৃতৌষ্ঠ্য |
উচ্চ |
ই |
|
উ |
উচ্চমধ্য |
এ’ |
|
ও |
নিম্নমধ্য |
এ |
|
অ’ |
নিম্ন |
|
আ |
অ |
#অসমীয়া
স্বৰধ্বনিৰ ধ্বনিগুণ আরু উচ্চাৰণৰ প্রকৃতিসমূহ আলোচনা কৰা ।
উত্তৰঃ
অ- পশ্চ নিম্ন
সংবৃতৌষ্ঠ্য স্বৰধ্বনি
জিভাৰ অৱস্থান নিম্ন হৈ
আরু ওঁঠ দুটা বৃত্তাকৃতিৰ বা ঘূৰণীয়া হৈ জিভাৰ পশ্চত বা অন্ত্যাৱস্থানত অ বৰ্ণটো
উচ্চাৰিত হয় ।
অ’- পশ্চ নিম্নমধ্য
সংবৃতৌষ্ঠ্য স্বৰধ্বনি
জিভাৰ অৱস্থান নিম্নমধ্য
হৈ আরু ওঁঠ দুটা বৃত্তাকৃতিৰ বা ঘূৰণীয়া হৈ জিভাৰ পশ্চত বা অন্ত্যাৱস্থানত অ’
বৰ্ণটো উচ্চাৰিত হয় ।
আ- কেন্দ্রীয় নিম্ন
সংবৃতৌষ্ঠ্য স্বৰধ্বনি
জিভাৰ অৱস্থান নিম্ন হৈ
আরু ওঁঠ দুটা বিবৃত বা বহল হৈ জিভাৰ মধ্য বা কেন্দ্র স্থানত ‘আ’
বৰ্ণটো উচ্চাৰিত হয় ।
ই- প্রান্তীয় উচ্চ বিবৃতৌষ্ঠ্য স্বৰধ্বনি
জিভাৰ অৱস্থান উচ্চ হৈ
আরু ওঁঠ দুটা বিবৃত বা বহল হৈ জিভাৰ প্রান্তত ‘ই’ বৰ্ণটো উচ্চাৰিত হয় ।
উ- পশ্চ উচ্চ সংবৃতৌষ্ঠ্য
স্বৰধ্বনি
জিভাৰ অৱস্থান উচ্চ হৈ
আরু ওঁঠ দুটা বৃত্তাকাৰ বা ঘূৰণীয়া হৈ জিভাৰ পশ্চত বা অন্ত্যাৱস্থান ‘উ’ বৰ্ণটো
উচ্চাৰিত হয় ।
এ- প্রান্তীয় নিম্নমধ্য
বিবৃতৌষ্ঠ্য স্বৰধ্বনি
জিভাৰ অৱস্থান নিম্নমধ্য
হৈ আরু ওঁঠ দুটা বিবৃত বা বহল হৈ জিভাৰ প্রান্তত ‘এ’ বৰ্ণটো উচ্চাৰিত হয় ।
এ’- প্রান্তীয় উচ্চমধ্য
বিবৃতৌষ্ঠ্য স্বৰধ্বনি
জিভাৰ অৱস্থান উচ্চমধ্য
হৈ বা উচ্চতাৰ মধ্য অৱস্থানত জিভাৰ প্রান্তত এ’ বৰ্ণটো উচ্চাৰিত হয় ।
ও- পশ্চ উচ্চমধ্য
সংবৃতৌষ্ঠ্য স্বৰধ্বনি
জিভাৰ অৱস্থান নিম্নমধ্য
হৈ আরু ওঁঠ দুটা ঘূৰণীয়া বা বৃত্তাকাৰ হৈ জিভাৰ পশ্চত বা অন্ত্যাৱস্থানত ‘ও’
বৰ্ণটো উচ্চাৰিত হয় ।