অধ্যায়-১১, মানুহৰ চকু আরু বাৰেবৰণীয়া পৃথিৱী, by Podmeswar

১। আমাৰ মানুহৰ চকুযোৰ কিয় সবাতোকৈ গুরুত্বপূৰ্ণ ?
উত্তৰঃ আমাৰ মানুহৰ চকুযোৰ সবাতোকৈ গুরুত্বপূৰ্ণ কাৰণ আমাৰ চকুযোৰে চৌপাশৰ মনোমোহা বাৰেবৰণীয়া জগতখন প্রত্যক্ষ কৰায় । লগতে, আমাৰ চৌদিশে থকা বিভিন্ন রংবোৰ প্রত্যক্ষ কৰাই দিয়ে । কিয়নো চকুমুদা অ‍ৱস্থাত আমাৰ ৰং চিনাক্ত কৰাটো অসম্ভৱ হৈ পৰে ।

২। মানুহৰ চকুৰ প্রতিবিম্ব গঠন কৰা পৰ্দাখনৰ নাম কি?  
উত্তৰঃ মানুহৰ চকুৰ লেনছ প্রণালীয়ে অক্ষিপট (Retina)  নামৰ এখন পোহৰ সংবেদী পৰ্দাত প্রতিবিম্ব গঠন কৰে ।

৩। আমাৰ চকুত কোনখন চালৰ মাজেৰে পোহৰ চকুত সোমায় ?
উত্তৰঃ আমাৰ চকুত কৰ্ণিইয়া(Cornea) নামৰ পাতল ছাল এখনৰ মাজেৰে পোহৰ চকুত সোমায় ।

৪। আমাৰ চকুৰ অক্ষিগোলকটো কেনে প্রকৃতিৰ? ইয়াৰ ব্যাস কিমান ?
উত্তৰঃ আমাৰ চকুৰ অক্ষিগোলকটো গোলকাৰ প্রকৃতিৰ । ইয়াৰ ব্যাস 2.3 ছেঃমিঃ ।

৫। চকুত সোমোৱা পোহৰ ৰশ্মিৰ অধিকাংশ ক’ত প্রতিসৰণ ঘটে ?
উত্তৰঃ চকুত সোমোৱা পোহৰ ৰশ্মিৰ অধিকাংশ প্রতিসৰণ কৰ্ণিয়াৰ বহিঃপৃষ্ঠত ঘটে ।

৬। চকুৰ স্ফটিকীয় লেনছে কি কৰে বা কাম কি?
উত্তৰঃ চকুত স্ফটিক লেনছে বেলেগ বেলেগ দূৰত্বত অ‍ৱস্থিত বস্তুৰ পৰা অহা পোহৰ অক্ষিপটত নিৰ্বিষ্ট কৰিবলৈ প্রয়োজন হোৱা ফ’কাছ দৈৰ্ঘৰ সূক্ষ্ম সমাযোজন কৰে ।

৭। মানুহৰ চকুৰ পতা ক’ত অৱস্থিত ? চকুৰ পতাৰ কি আরু ইয়াৰ কাম কি ?
উত্তৰঃ কৰ্ণিয়াৰ পিছফালে চকুৰ পতা (Iris) থাকে । চকুৰ পতা হ’ল এখন ক’লা পেশীবহুল পৰ্দা । ইয়াৰ কাম হ’ল- চকুৰ মণিৰ (Pupil) আকাৰ নিয়ন্ত্রণ কৰে ।

৮। চকুৰ মণিৰ কাম কি?
উত্তৰঃ চকুৰ মণিৰ কাম হ’ল- চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মিয়া আরু নিয়ন্ত্রণ কৰে ।

৯। চকুৰ লেন্সৰ কাম কি?
উত্তৰঃ চকুৰ লেনছে অক্ষিপটত সৎ আরু ওলোটা প্রতিবিম্ব গঠন কৰে ।

১০। অক্ষিপট কি? ইয়াৰ কাম কি?
উত্তৰঃ অক্ষিপট হৈছে- অসংখ্য পোহৰ সংবেদী কোষযুক্ত কোমল ছাল এখন । এই অক্ষিপটত বা পোহৰ সংবেদী কোষবোৰত পোহৰ পৰিলে এইবোৰ সক্রিয় হৈ পৰা আরু বৈদ্যুতিক সংকেত উৎপন্ন কৰে ।

১১। কাৰ জৰীয়তে অক্ষিপট বা পোহৰ সংবেদী কোষবোৰে প্রেৰণ কৰা বৈদ্যুতিক সংকেতবোৰ মগজুলৈ প্রেৰণ কৰে ?
উত্তৰঃ নেত্র-স্নায়ুৰ (Optic Nerve)  জৰীয়তে অক্ষিপট বা পোহৰ সংবেদী কোষবোৰে প্রেৰণ কৰা বৈদ্যুতিক সংকেতবোৰ মগজুলৈ প্রেৰণ কৰে ।

১২। আমি কেনেদৰে কোনো এক বস্তু চকুৰে দেখো ?
উত্তৰঃ চকুৰ লেনছ প্রণালীয়ে অক্ষিপট (Retina) নামৰ পোহৰ সংবেদী পৰ্দাখনত প্রতিবিম্ব গঠন কৰে । কৰ্ণিয়া  নামৰ পাতল ছাল খনৰ মাজেৰে পোহৰ চকুত সোমায় । পোহৰ চকুত সোমোৱাৰ লগে লগে অক্ষিগোলকৰ (Eyeball) সন্মুখ পৃষ্ঠত উফন্দি উঠে । সাধাৰণতে, চকুত সোমোৱা পোহৰ ৰশ্মিৰ অধিকাংশ প্রতিসৰণ কৰ্ণিয়াৰ বহিঃপৃষ্ঠ বা বাহিৰত ঘটে । চকুৰ স্ফটিকীয় লেনছে বেলেগ বেলেগ দূৰত্বত অৱস্থিত বস্তুৰ পৰা অহা পোহৰ অক্ষিপটত নিৰ্বিষ্ট কৰিবৰ বাবে প্রয়োজন হোৱা ফ’কাছ দৈৰ্ঘ্যৰ সূক্ষ্ম সমাযোজন কৰে । কৰ্ণি্যাৰ পিছফালে থকা চকুৰ পতাই (Irris) চকুৰ মণিৰ আকাৰ নিয়ন্ত্রণ কৰে । চকুৰ মণিয়ে চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মীয়া আরু নিয়ন্ত্রণ কৰে । চকুৰ লেনছে অক্ষিপটত সৎ আরু ওলোটা প্রতিবিম্ব গঠন কৰে । এই অক্ষিপট বা পোহৰ সংবেদী কোষবোৰত পোহৰ পৰাৰ লগে লগে এইবোৰ সক্রিয় হৈ পৰে আরু বৈদ্যুতিক সংকেত উৎপন্ন কৰে । এই বৈদ্যুতিক সংকেত ৰেটিনা আরু নেত্র-স্নায়ুয়ে (Optic Nerve) মগজুলৈ প্রেৰণ কৰে । অৱশেষত, মগজুৱে এই সংকেতবোৰক বিশ্লেষণ কৰি দৃষ্টিৰ অনুভূতি প্রদান কৰে । এইদৰে আমি কোনো এক বস্তুক চকুৰে দেখা পাওঁ ।  

১৩। দৃষ্টিৰ লগত জড়িত সমগ্র অৱস্থাটোৰ কোনো এক অংশই সূচারুরূপে কাম নকৰিলে বা বিকল হ’লে কি হয় ? উদাহৰণস্বরূপে বুজাই লিখা ।
উত্তৰঃ দৃষ্টিৰ লগত জড়িত সমগ্র অৱস্থাটোৰ কোনো এক অংশই সূচারুরূপে কাম নকৰিলে বা বিকল হ’লে দৃষ্টিৰ পৰিমাণ হ্রাস পায় । উদাহৰণস্বরূপে- পোহৰ সঞ্চালনৰ লগত জড়িত অংশবোৰ বিশেষকৈ চকুৰ মণি, কৰ্ণিয়া, চকুৰ লেনস, নেত্রৰস Aques humour), নেত্রমেদ আদিবোৰ বিকল হ’লে পোহৰ চকুত সোমোৱা আরু পোহৰ সঞ্চালনৰ সমস্যাৰ সৃষ্টি হয় । লগতে, পোহৰক বৈদ্যুতিক সংকেতলৈ রূপান্তৰ কৰা আরু মগজুলৈ সংকেত প্রেৰণ কৰা অংগসমূহ বিশেষকৈ ৰেটিনা আরু নেত্রস্নায়ু বিকল হ’লে বৈদ্যুতিক সংকেত মগজুলৈ যোৱাত বাধাৰ সৃষ্টি হয় আরু দৃষ্টিৰ ক্ষমতা কমি যায় ।      

১৪। উজ্জ্বল পোহৰৰ পৰা গৈ কম পোহৰৰ কোঠালী এটাত সোমালে কিছু সময়ৰ বাবে একো দেখা নোপোৱাৰ দৰে হয় বা চকু জলক-তপক লাগে ? কাৰণ দৰ্শোৱা ।
উত্তৰঃ অতি উজ্জ্বল পোহৰত চকুৰ পতাই চকুৰ মণিটো সরু কৰি দিয়ে যাতে চকুত কমকৈ পোহৰ সোমায় । লগতে, কম পোহৰত চকুৰ পৰাই মণিটো ডাঙৰ কৰি দিয়ে যাতে পোহৰ চকুত অধিক পৰিমাণে সোমায় । সেয়ে উজ্জ্বল পোহৰৰ পৰা গৈ কম পোহৰৰ কোঠালী এটাত সোমালে কিছু সময়ৰ বাবে চকুৰ পতাই ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰা হয় আরু সেয়েহে একো দেখা নোপোৱাৰ দৰে হয় বা চকু জলক-তপক লাগে ।   

১৫। চকুৰ লেনছখন কিহেৰে গঠিত ? ইয়াৰ বক্রতা কোনে সলনি কৰে বা সলনি কৰিব পাৰে ? চকুৰ লেনসৰ বক্রতাৰ পৰিৱৰ্তনে কি ঘটায় ।
উত্তৰঃ চকুৰ লেনছখন আঁহযুক্ত জেলী (Jelly) সদৃশ পদাৰ্থৰে গঠিত ।
চকুৰ লেনছখনৰ বক্রতা চিলিয়াৰী পেশীয়ে (Cilliary Muscles) সলনি কৰে বা কৰিব পাৰে ।
চকুৰ লেনছৰ বক্রতাৰ পৰিৱৰ্তনে ইয়াৰ ফ’কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন ঘটায় ।


১৬। আমি কেনেদৰে দূৰৰ বস্তু আরু ওচৰৰ বস্তু দেখা পাওঁ ? এই ক্ষেত্রত কোনে সহায় কৰে ?
উত্তৰঃ পেশীবোৰৰ শিথিল অৱস্থাত লেনছখন ক্ষীণ হয় আরু এই অৱস্থাত ইয়াৰ ফ’কাছ দৈৰ্ঘ্য বাঢ়ে । ই আমাক দূৰৰ বস্তু স্পষ্টকৈ দেখাত সহায় কৰে । চকুৰ ওচৰৰ বস্তুলৈ লক্ষ্য কৰিলে চিলিয়াৰী পেশীৰ সংকোচন ঘটে আরু চকুৰ লেনছৰ বক্রতা বাঢ়ে লগতে চকুৰ লেনছখন শকত হয় । সেয়েহে এনে অৱস্থাত চকুৰ লেনছৰ ফ’কাছ দৈৰ্ঘ্য কমে আরু ওচৰৰ বস্তু এটা স্পষ্টকৈ দেখাত সহায় কৰে ।

১৭। চকুৰ উপযোজন ক্ষমতা কাক বোলে ?
উত্তৰঃ দুৰৰ বস্তু এটা লক্ষ্য কৰিলে চকুৰ লেনসখনৰ ফ’কাছ দৈৰ্ঘ্য বৃদ্ধি হয় আরু আমি দুৰৰ বস্তু এটা দেখা পাও । সেইদৰে ওচৰৰ বস্তু এটালৈ লক্ষ্য কৰিলে চকুৰ লেনছখনৰ ফ’কাছ দৈৰ্ঘ্য কমে আরু ওচতৰ থকা বস্তুটো দেখা পাওঁ । এইদৰে চকুৰ লেনছৰ ফ’কাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যক চকুৰ উপযোজন ক্ষমতা (Accomodation) বোলে ।

১৮। দৃষ্টিৰ/চকুৰ নূন্যতম দূৰত্ব বা নিকট বিন্দু কাক বোলে/বুলিলে কি বুজা ? প্রাপ্ত বয়স্ক যুৱক-যুৱতী বা আন সুস্থ চকুৰ নিকট বিন্দুৰ চকুৰ পৰা দূৰত্ব কিমান ?  
উত্তৰঃ চকুৰ লেনছৰ ফ’কাছ দৈৰ্ঘ্য এক ন্যূনতম মানতকৈ অধিক কমাব নোৱাৰি । চকুৰ পৰা যি ন্যূনতম দূৰত্বত বস্তু এটা স্পষ্টকৈ আরু কৃচ্ছ্রসাধন/ক্লেশ/বিশ অনুভৱ নকৰাকৈ দেখা পোৱা যায় । এই দূৰত্বক দৃষ্টিৰ/চকুৰ নূন্যতম দূৰত্ব বা নিকট বিন্দু (Near Point) বোলে ।
    প্রাপ্ত বয়স্ক যুৱক-যুৱতী বা আন সুস্থ চকুৰ নিকট বিন্দুৰ চকুৰ পৰা দূৰত্ব হ’ল- 25 ছেঃমিঃ ।

১৯। চকুৰ দূৰ বিন্দু (Far Point) কাক বোলে ? ক’ত থাকে ?
উত্তৰঃ চকুৰে স্পষ্টকৈ দেখা আটাইতকৈ দূৰৰ বিন্দুটোক দূৰ বিন্দু (Far Point) বোলে । সুস্থ চকুৰ বাবে দূৰ বিন্দু অসীমত থাকে আরু চকুৰ পৰা 25 ছেঃমিঃ দূৰত্বৰ পৰা অসীমলৈ অৱস্থিত/থকা বস্তুবোৰ স্পষ্টকৈ দেখিবলৈ সক্ষম হয় ।

২০। কেটেৰেক্ট বা ছানি পৰা কাক বোলে ? ইয়াৰ ফলত কি হয় ? ইয়াক কেনেকৈ আগৰ অৱস্থাটো অনা হয়/সম্ভৱ ?
উত্তৰঃ বয়স বৃদ্ধিৰ লগে লগে বা বয়সস্থ মানুহৰ চকুৰ স্ফটিকেৰে গঠিত লেনছখন দুগ্ধসদৃশ আরু অস্পষ্ট হৈ পৰে । এই অৱস্থাক চকুৰ কেটেৰেক্ট বা ছানি পৰা বোলে ।   
    চকুত কেটেৰেক্ট বা ছানি পৰিলে আংশিকভাৱে বা সম্পূৰ্ণকৈ দৃষ্টি শক্তি লোপ পায় ।
    কেটেৰেক্ট অস্ত্রোপচাৰৰ মাধ্যমেৰে নাইকীয়া কৰি দৃষ্টি শক্তি পুনৰ ঘূৰাই আনিব পাৰি/সম্ভৱ ।  



২১। দৃষ্টিৰ বাবে আমাক এটাৰ পৰিবৰ্ত্তে দুটা চকুৰ প্রয়োজন কিয়?
উত্তরঃ দৃষ্টিৰ বাবে আমাক এটাৰ পৰিবৰ্ত্তে দুটা চকুৰ প্রয়োজন কাৰণ,
(ক) দুয়ুটা চকুয়ে দৃষ্টিক্ষেত্র সম্প্রসাৰিত কৰে ।
(খ) দুয়ুটা চকুৰ সংসূচকৰ ব্যৱহাৰে কম পোহৰত বস্তু দেখাৰ সামৰ্থ বৃদ্ধি কৰে ।
(গ) এটা চকুৰ বাবে মানুহৰ অনুভূমিক দৃষ্টিক্ষেত্রৰ প্রসাৰ প্রায় 1500 আরু দুটা চকুৰ প্রসাৰ প্রায় 1800
(ঘ) এটা চকু বন্ধ কৰিলে পৃথিৱীখন চেপেটা আরু দ্বি-মাত্রিক রূপত দেখা যায়, আনহাতে দুয়ুটা চকুৰে তৃতীয়টো মাত্রাৰ অৰ্থাৎ গভীৰতাৰ সংযোজন হয় ।
(ঙ)আমাৰ চকু দুটা ইটোৰ পৰা সিটো কিছু দূৰত অৱস্থিত । সেয়েহে, দুয়ুটা চকুৱে কিছু পৃথক প্রতিবিম্ব গঠন কৰে । এই দুয়ুটা প্রতিবিম্ব মগজুৱে সংলগ্ন কৰি এক কৰে আরু কিমান ওচৰত বা দূৰত অৱস্থিত সেয়া জনাত সহজ হয় ।

২২। এটা চকু বন্ধ কৰিলে পৃথিৱীখন কেনে দেখা যায়?
উত্তরঃ এটা চকু বন্ধ কৰিলে পৃথিৱীখন চেপেটা আরু দ্বি-মাত্রিক রূপত দেখা যায় ।

২৩। এটা চকুৰ বাবে আরু দুটা চকুৰ বাবে মানুহৰ অনুভূমিক দৃষ্টিক্ষেত্রৰ প্রসাৰ কিমান?
উত্তরঃ এটা চকুৰ বাবে মানুহৰ অনুভূমিক দৃষ্টিক্ষেত্রৰ প্রসাৰ প্রায় 1500 আরু দুটা চকুৰ প্রসাৰ প্রায় 1800  

২৪। কিয় চিকাৰী জন্তু আরু আমাৰ চকুৰ মাজত দৃষ্টি ক্ষেত্রৰ পাৰ্থক্য দেখা যায় ?
উত্তরঃ সাধাৰণতে চিকাৰী জন্তুৰ ক্ষেত্রত চকু দুটা মূৰৰ দুই বিপৰীতফালে থাকে, সেয়েহে দৃষ্টিক্ষেত্রখন অতি বহল হয় । আনহাতে, আমাৰ চকু দুটা আমাৰ মূৰৰ সম্মুখফালে থাকে, সেয়েহে আমাৰ ষ্টেৰিঅপ্‌চিচ বাঢ়ে কিন্তু দৃষ্টি ক্ষেত্রখন কমে ।

২৫। কেনে অৱস্থাত মানুহে স্পষ্টভাৱে আরু অনায়াসে বস্তুবোৰ দেখা নাপায়?
উত্তরঃ মানুহৰ চকুৰ উপাযোজন ক্ষমতা লাহে লাহে হ্রাস পায় । তেতিয়া চকুৰ প্রতিসৰণমূলক বিকাৰৰ বাবে দৃষ্টিৰ অনুভূতি ধূসৰ হৈ পৰে । এনে অৱস্থাত মানুহে স্পষ্টভাৱে আরু অনায়াসে বস্তুবোৰ দেখা নাপায় ।

২৬। দৃষ্টিৰ প্রতিসৰণমূলক বিকাৰ প্রধানকৈ কেইবিধ আরু কি কি?
উত্তরঃ দৃষ্টিৰ প্রতিসৰণমূলক বিকাৰ প্রধানকৈ তিনিবিধ । সেয়া হ’ল-
(ক) মায়’পিয়া (Myopia) বা নিকট দৃষ্টিগ্রস্ততা,
(খ) হাইপাৰ মেট্র’পিয়া বা দূৰ দৃষ্টিগ্রস্ততা আরু
(গ) প্রেছবায়’পিয়া বা জৰাদৃষ্টি

২৭। মায়’পিয়া বা নিকট দৃষ্টিগ্রস্ততা (Myopia) বুলিলে কি বুজা? মায়’পিয়া বা নিকট দৃষ্টিগ্রস্ততা (Myopia) কেতিয়া হয় বা ইয়াৰ কাৰণ কি? মায়’পিয়া বা নিকট দৃষ্টিগ্রস্ততা (Myopia) ৰ বিকাৰ কেনেদৰে প্রতিকাৰ কৰিব পাৰি?
উত্তরঃ যেতিয়া কোনো এজন ব্যক্তিয়ে ওচৰৰ বস্তুবোৰ ভালদৰে দেখে অথবা কেইমিটাৰমান দূৰলৈকেহে ভালদৰে দেখে কিন্তু দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা নাপায় । চকুৰ এই বিকাৰকে মায়’পিয়া বা নিকট দৃষ্টিগ্রস্ততা (Myopia) বোলা হয় ।

মায়’পিয়া বা নিকট দৃষ্টিগ্রস্ততা (Myopia) বিকাৰৰ কাৰণসমূহ হ’ল-
(ক) চকুৰ লেন্‌ছৰ অত্যধিক বক্রতা হয় ।
(খ) অক্ষিগোলকৰ দীঘল অৱস্থাপ্রাপ্ত হয় ।
(গ) মায়’পিয়া থকা চকুৱে দূৰৰ বস্তুবোৰৰ প্রতিবিম্ব অক্ষিপটত গঠন নকৰি ৰেটিনাৰ কিছু সম্মুখত গঠন কৰে ।

মায়’পিয়া বা নিকট দৃষ্টিগ্রস্ততা (Myopia) বিকাৰৰ প্রতিকারঃ
উপযুক্ত ক্ষমতাৰ অৱতল লেন্‌ছ ব্যৱহাৰ কৰি মায়’পিয়া বা নিকট দৃষ্টিগ্রস্ততা (Myopia) বিকাৰৰ প্রতিকাৰ কৰিব পাৰি । উপযুক্ত ক্ষমতাত অৱতল লেন্‌ছৰ ব্যৱহাৰে প্রতিবিম্বটো পুনৰ ৰেটিনালৈ ঘূৰাও আনে আরু এনেকৈ এই বিকাৰৰ প্রতিকাৰ হয় ।

২৮। হাইপাৰমেট্র’পিয়া বা দূৰ দৃষ্টিগ্রস্ততা (Hypermetropia) বুলিলে কি বুজা? হাইপাৰমেট্র’পিয়া বা দূৰ দৃষ্টিগ্রস্ততা (Hypermetropia) কেতিয়া হয় বা ইয়াৰ কাৰণ কি? হাইপাৰমেট্র’পিয়া বা দূৰ দৃষ্টিগ্রস্ততা (Hypermetropia) ৰ বিকাৰ কেনেদৰে প্রতিকাৰ কৰিব পাৰি?
উত্তরঃ যেতিয়া কোনো এজন ব্যক্তিয়ে দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখে কিন্তু ওচৰৰ বস্তুবোৰ ভালদৰে দেখা নাপায় । অথবা নিকট বিন্দু চকুৰ পৰা স্বাভাৱিক দূৰত্ব 25 cm তকৈ অধিক দূৰত্বত অৱস্থিত হয় । তেতিয়া তাক হাইপাৰমেট্র’পিয়া বা দূৰ দৃষ্টিগ্রস্ততা (Hypermetropia) বিকাৰ বুলি কোৱা হয় ।

হাইপাৰমেট্র’পিয়া বা দূৰ দৃষ্টিগ্রস্ততা (Hypermetropia) বিকাৰৰ কাৰণসমূহ হ’ল-
(ক) চকুৰ লেন্‌সৰ ফ’কাছ দৈৰ্ঘ্য যথেষ্ট বেছি হয় ।
(খ) চকুৰ অক্ষিগোলকটো যথেষ্ট সরু হয় ।
(গ) বিকাৰগ্রস্ত চকুৰ লেন্‌সে ওচৰৰ বস্তু এটাৰ পৰা অহা পোহৰ ৰশ্মিবোৰ অক্ষিপটৰ পিছফালে থকা এটা বিন্দুলৈ অভিসাৰী কৰে ।

হাইপাৰমেট্র’পিয়া বা দূৰ দৃষ্টিগ্রস্ততা (Hypermetropia) বিকাৰৰ প্রতিকারঃ
উপযুক্ত ক্ষমতাৰ উত্তল লেন্‌সৰ ব্যৱহাৰ কৰি হাইপাৰমেট্র’পিয়া বা দূৰ দৃষ্টিগ্রস্ততা (Hypermetropia) ৰ বিকাৰ প্রতিকাৰ কৰিব পাৰি । এনে চছ্‌মাই অক্ষিপটত প্রতিবিম্ব গঠনৰ বাবে প্রয়োজন হোৱা অতিৰিক্ত অভিসাৰী ক্ষমতাৰ যোগান ধৰে ।

২৯।  প্রেছবায়’পিয়া (Presbyopia) বুলিলে কি বুজা? প্রেছবায়’পিয়া (Presbyopia) কেতিয়া হয় বা ইয়াৰ কাৰণ কি? প্রেছবায়’পিয়া (Presbyopia)ৰ বিকাৰ কেনেদৰে প্রতিকাৰ কৰিব পাৰি?
উত্তরঃ বয়সৰ লগে লগে মানুহৰ চকুত উপযোজন ক্ষমতা ক্রমান্বয়ে কমি আহে । এনে অৱস্থাত মানুহৰ চকুৰ নিকট বিন্দুটো ক্রমান্বয়ে দূৰলৈ আতৰি যায় । লগতে, সংশোধনীমূলক চচ্‌মাৰ অবিহনে নিকটৱৰ্তী বস্তুবোৰ স্পষ্টকৈ আরু অনায়াসে চোৱাত অসুবিধা হয় । ইয়াকে প্রেছবায়’পিয়া (Presbyopia) বিকাৰ বুলি কোৱা হয় ।

প্রেছবায়’পিয়া (Presbyopia) হোৱাৰ কাৰণঃ
চিলিয়াৰীৰ পেশীসমূহ দুৰ্বল হৈ পৰিলে আরু চকুৰ লেন্‌ছৰ নমনীয়তা কমি গ’লে এই বিকাৰ হয় ।
প্রেছবায়’পিয়া (Presbyopia) বিকাৰৰ প্রতিকারঃ
দ্বি-ফ’কাছযুক্ত লেন্‌ছৰ ব্যৱহাৰ কৰি প্রেছবায়’পিয়া (Presbyopia) বিকাৰৰ প্রতিকাৰ কৰিব পাৰি । দ্বি-ফ’কাছযুক্ত লেন্‌ছত উত্তল আরু অৱতল দুয়ুপ্রকাৰৰ লেন্‌ছ থাকে । ইয়াৰ ওপৰৰ অংশটো অৱতল লেন্‌ছ যিয়ে দূৰৰ বস্তু চোৱাত সহায় কৰে । লগতে, এই লেন্‌ছৰ তলৰ অংশটোত এখন উত্তল লেন্‌ছ থাকে যিয়ে ওচৰৰ বস্তু চোৱাত সুবিধা কৰি দিয়ে ।

৩০। আজিকালি প্রতিসৰণমূলক বিকাৰবোৰ কেনেদৰে সমাধান কৰা হয়?
উত্তরঃ আজিকালি প্রতিসৰণমূলক বিকাৰবোৰ স্পৰ্শলেন্‌ছ (Contact Lens) বা শল্য চিকিৎসা (Surgical Interventions)ৰ যোগে সংশোধন কৰা হয় ।

৩১। কোনবোৰ মানুহে নেত্রদান কৰিব পাৰে?
উত্তরঃ নেত্রদান যিকোনো বয়সৰ আরু লিংগৰ মানুহে কৰিব পাৰে । যিবোৰ মানুহে চছ্‌মা পৰিধান কৰে আরু যিবোৰ মানুহৰ ছানি  পৰা (Cataract) ৰোগৰ অস্ত্রোপচাৰ হৈছে সেইসকল লোকেও নেত্রদান কৰিব পাৰে । মধুমেহ (diabatis), উচ্চ ৰক্তচাপ (Hypertension) আরু এজমা ৰোগী লগতে যিবোৰ মানুহৰ সোঁচৰা বেমাৰ নাই তেওঁলোকেও নেত্রদান কৰিব পাৰে ।

৩২। আমাৰ চকুযোৰ নেত্রদান কৰিবৰ বাবে মৃত্যুৰ পাছত কিমান সময়ৰ ভিতৰত আঁতৰাব লাগিব ?
উত্তরঃ আমাৰ চকুযোৰ নেত্রদান কৰিবৰ বাবে মৃত্যুৰ পাছত ৪-৫ ঘণ্টাৰ সময়ৰ ভিতৰত আঁতৰাব লাগিব ।

৩৩। কোনবোৰ মানুহে নেত্রদান কৰিব নোৱাৰে ?
উত্তরঃ যিবোৰ লোকৰ এইড্‌চ (AIDS), হেপাটিটিচ B আরু জলাতঙ্ক, বিষম লিউকেমিয়া, ধনুষ্টংকাৰ, কলেৰা, মেনিন্‌জাইটিছ্‌ বা এনকেফেলাইটিছ আক্রান্ত বা যাৰ মৃত্যুৰ কাৰণ এইবোৰ ৰোগৰ বাবে হয়, সেইবোৰ লোকে নেত্রদান কৰিব নোৱাৰে ।

৩৪। পোহৰৰ বৰ্ণালী আরু বিচ্ছুৰণ বুলিলে কি বুজা?
উত্তরঃ পোহৰৰ কিৰণ এটাৰ ৰঙীণ উপাংশৰ পটিবোৰক তাৰ বৰ্ণালী বোলে ।
পোহৰৰ বিভিন্ন ৰঙৰ উপাংশসমূহৰ পৃথকীকৰণকে বিচ্ছুৰণ বোলা হয় ।

৩৫। সূৰ্যৰ পোহৰৰ বৰ্ণালী প্রিজমৰ মাজেৰে কেনেদৰে প্রতিফলিত হয়?
উত্তরঃ সূৰ্যৰ পোহৰ প্রিজমৰ মাজেদি পাৰ হওঁতে বিভিন্ন ৰঙৰ পোহৰ আপতিত ৰশ্মিৰ সাপেক্ষে বিভিন্ন কোণত বেঁকা হয় । ৰঙা ৰঙৰ পোহৰ আটাইতকৈ কমকৈ আরু বেঙুনীয়া আটাইতকৈ বেছিকৈ বেঁকা হয় । এইদৰে বিভিন্ন ৰঙৰ ৰশ্মিবোৰ বিভিন্ন পথেৰে নিৰ্গত হৈ পৃথক হয় আরু পোহৰৰ এই বৰ্ণালীত পৃথক হোৱা ৰঙৰ পটিবোৰক দেখা যায় ।

৩৬। সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ প্রিজমৰ ব্যৱহাৰ কৰা প্রথম ব্যক্তিজন কোন আছিল ? তেওঁ কেনেদৰে ইয়াৰ পৰীক্ষণ কৰিছিল ?
উত্তরঃ সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ প্রিজমৰ ব্যৱহাৰ কৰা প্রথম ব্যক্তিজন আছিল চাৰ আইজাক নিউটন ।
    চাৰ আইজাক নিউটনে অতিৰিক্ত আন এটা প্রিজমৰ ব্যৱহাৰ কৰি রংবোৰ আরু অধিক পৃথক কৰিবলৈ চেষ্টা কৰিছিল । কিন্তু তেওঁ সাতটা ৰঙতকৈ অৰ্থাৎ বেঘনীসেহাসুৰ অথবা বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা বা কমলা আরু ৰঙা ৰঙৰ বাহিৰে অধিক রং নাপালে । ইয়াৰ পিছত, দ্বিতীয় প্রিজমটো প্রথমটোৰ ওলোটাকৈ বহুৱাইছিল আরু ই বৰ্ণালীৰ সকলো রং দ্বিতীয় প্রিজমৰ মাজেৰে যাবলৈ দিছিল । এনে কৰাত তেওঁ দ্বিতীয় প্রিজমৰ আনটো ফালৰ পৰা নিৰ্গত হোৱা বগা পোহৰৰ কিৰণ এটা পাইছিল । এই পৰ্যবেক্ষণটোৰ পৰা নিউটনে এটা ধাৰণা জ্ঞাত হৈছিল যে ‘সূৰ্যৰ পোহৰ সাতটা ৰঙেৰে গঠিত ।

৩৭। ৰামধেনু কি? ৰামধেনু সদায় সূৰ্যৰ কোন দিশত সৃষ্টি হয়? ৰামধেনু কেনেদৰে সৃষ্টি হয় বা ৰামধেনুৰ উৎপত্তি কেনেদৰে হয়?
উত্তরঃ ৰামধেনু হৈছে বৰষুণৰ পিছত আকাশত সৃষ্টি হোৱা এবিধ প্রাকৃতিক বৰ্ণালী ।    
        ৰামধেনু সদায় সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয় ।
বায়ুমণ্ডলত থকা পানীৰ ক্ষুদ্র টোপালবোৰত সূৰ্যৰ পোহৰত বিচ্ছুৰণ ঘটি ৰামধেনুৰ সৃষ্টি হয় । পানীৰ টোপালবোৰে আপতিত সূৰ্যৰ পোহৰ প্রতিসৰিত আরু বিচ্ছুৰিত কৰে । ইয়াৰ পিছত, আভ্যন্তৰীণ প্রতিফলন ঘটায় আরু অৱশেষত বৰষুণৰ টোপালৰ পৰা বাহিৰলৈ ওলাই আহোতে পুনৰ প্রতিসৰিত কৰে । পোহৰৰ বিচ্ছুৰণ আরু আভ্যন্তৰীণ প্রতিফলনৰ বাবে বিভিন্ন রংবোৰ পৰ্যবেক্ষকৰ চকুত সোমায়হি আরু ইয়েই ৰামধেনু ।

৩৮। জুই শিখা বা বিকিৰক এটাৰ পৰা ওপৰলৈ যোৱা আলোড়িত গৰম বায়ুৰ মাজেদি চালে বস্তুবোৰ কঁপি থকা যেন লাগে । ইয়াৰ কাৰণ কি?
উত্তরঃ জুই শিখা বা বিকিৰক এটাৰ পৰা ওপৰলৈ যোৱা আলোড়িত গৰম বায়ুৰ মাজেদি চালে বস্তুবোৰ কঁপি থকা যেন লাগে । ইয়াৰ কাৰণ হ’ল- জুইৰ ঠিক ওপৰতে থকা বায়ুখিনি বেছি ওপৰত থকা বতাহতকৈ অধিক গৰম হয় । গৰম বায়ু ওপৰৰ চেঁচা বায়ুতকৈ পাতল বা কম ঘনত্বৰ আরু ইয়াৰ প্রতিসৰণাংক চেঁচা বায়ুতকৈ কিছু কম হয় ।
        যিহেতু প্রতিসাৰক মাধ্যমৰ (বায়ু) ভৌতিক অৱস্থা সুস্থিৰ নহয় । গতিকে গৰম বায়ুৰ মাজেদি চাই পঠোৱা বস্তু এটাৰ আপাত অৱস্থানৰ সাল-সলনি ঘটে । লক্ষ্যবস্তু এনেদৰে কঁপি উঠাটো আমাৰ স্থানীৰ পৰিৱেশত কম মাত্রাত সংঘটিত বায়ুমণ্ডলীয় প্রতিসৰণৰ ফল অথবা পৃথিৱীৰ বায়ুমণ্ডলত পোহৰৰ প্রতিসৰণ ।

৩৯। তৰাবোৰে তির্‌বিৰাই কিয় ?
উত্তরঃ পৃথিৱীৰ বায়ুমণ্ডলৰ ভৌতিক অৱস্থা সুস্থিৰ নহয় । সেয়েহে তৰাৰ আপাত অৱস্থানো সুস্থিৰ নহয় আরু সামান্য ইফাল-সিফাল হৈ থাকে । তৰাবোৰ অতি দূৰত থাকে গতিকে তৰাবোৰক পোহৰৰ এক বিন্দু হিচাপে ধৰিব পৰা যায় । তৰাৰ পৰা অহা পোহৰৰ গতিপথৰ কিছু পৰিৱৰ্তন হৈ থাকে । এইকাৰণে তৰাৰ আপাত অৱস্থানৰ পৰিৱৰ্তন হৈ থাকে আরু চকুত সোমোৱা তৰাৰ পোহৰ কম-বেছি হয় । ফলস্বরূপে, তৰাবোৰ কেতিয়াবা উজ্জ্বল আরু কেতিয়াবা ম্লান হোৱা যেন লাগে । এনেদৰেই তৰাবোৰে তির্‌বিৰাই অথবা ইয়েই হৈছে তৰাৰ তির্‌বিৰণি যি তৰাৰ পোহৰৰ বায়ুমণ্ডলীয় প্রতিসৰণৰ বাবে সংঘটিত হয়

৪০। গ্রহবোৰ তিৰবিৰাই নাথাকে কিয় ?
উত্তরঃ গ্রহবোৰ পৃথিৱীৰ নিচাই ওচৰত অৱস্থিত । সেয়েহে, গ্রহবোৰক বিস্তৃত উৎস হিচাপে গণ্য কৰিব পৰা যায় । গ্রহবোৰ পোহৰৰ বহুতো বিন্দু উৎসৰ সমষ্টি । সেইবাবে সকলো বিন্দু উৎসৰ পৰা আহি আমাৰ চকুত সোমোৱা পোহৰৰ পৰিৱৰ্তনৰ গড় মান শূন্য হয় আরু ইয়েই তির্‌বিৰনিৰ প্রভাৱ নস্যাৎ কৰে অৰ্থাৎ সেইগতিকে গ্রহবোৰে তির্‌বিৰাই নাথাকে ।   

৪১। প্রকৃত সূৰ্য্যেদয় মানে কি? কিয় প্রকৃত সূৰ্যোদয়ৰ সময়তকৈ ২ মিনিট আগেয়ে আরু সূৰ্যাস্তৰ প্রকৃত সময়ৰ ২ মিনিট পিছতো সূৰ্য দৃশ্যমান হৈ থাকে? সূৰ্যোদয় আরু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ চাকটো আপাতভাৱে চেপেটা দেখাৰ কাৰণ কি?
উত্তরঃ প্রকৃত সূৰ্য্যেদয় মানে সূৰ্যই প্রকৃততে দিগন্ত পাৰ হোৱাটোকে বুঁজা যায় ।
        বায়ুমণ্ডলীয় প্রতিসৰণৰ কাৰণে প্রকৃত সূৰ্যোদয়ৰ সময়তকৈ ২ মিনিট আগেয়ে আরু সূৰ্যাস্তৰ প্রকৃত সময়ৰ ২ মিনিট পিছতো সূৰ্য দৃশ্যমান হৈ থাকে । লগতে, প্রকৃত সূৰ্যাস্ত আরু আপাত সূৰ্যাস্তৰ মাজৰ সময়ৰ পাৰ্থক্য প্রায় ২ মিনিট । এই কাৰণেই সূৰ্যোদয় আরু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ চাকটো আপাতভাৱে চেপেটা দেখা যায় ।

৪২। তিনিটা পোহৰৰ বিক্ষেপণ (Scallering of Light) ৰ উদাহৰণ দিয়া ।
উত্তরঃ পোহৰৰ বিক্ষেপণ (Scallering of Light) ৰ তিনিটা উদাহৰণ হ’ল- আকাশৰ নীলা রং, গভীৰ সমুদ্রৰ পানীৰ রং, আরু সৰ্যেদয় আরু সূৰ্যাস্তৰ সময়ৰ বেলিৰ ৰঙা আভা ।

৪৩। কলয়ডীয় কণাৰ দ্বাৰা পোহৰৰ বিক্ষেপণ কেনেদৰে হয়?
উত্তরঃ প্রকৃত দ্রৱণ এটাৰ মাজেৰে পাৰ হোৱা পোহৰৰ কিৰণ এটাৰ গতিপথ দৃশ্যমান নহয় । কিন্তু কলয়ডীয় দ্রৱণত কণাবোৰৰ আকাৰ আপেক্ষিকভাৱে ডাঙৰ বাবে তাৰ মাজেৰে যোৱা পোহৰৰ কিৰণৰ গতিপথ দৃশ্যমান হয় ।

৪৪। টিণ্ডেল পৰিঘটনা কি? বা টিণ্ডেল পৰিঘটনা কেতিয়া বা কেনেকৈ সৃষ্টি হয় ? দুটা টিণ্ডেল পৰিঘটনাৰ উদাহৰণ দিয়া ।
উত্তরঃ পৃথিৱীৰ বায়ুমণ্ডল ক্ষুদ্র ক্ষুদ্র কণাৰ এক সানমিহলি মিশ্রণ । এই কণাবোৰৰ মাজত আছে পানীৰ ক্ষুদ্র টোপাল, ধোঁৱা, বায়ুৰ অণু আরু উপঙি থকা ধুলিকণাসমূহ । যেতিয়া পোহৰৰ কোনো কিৰণে এই মিহি কণাবোৰত খুন্দা মাৰে তেতিয়া ইয়াৰ গতিপথ দৃশ্যমান হৈ পৰে । এই কণাসমূহত বিক্ষিপ্ত প্রতিফলন ঘটাৰ পাছত পোহৰ আমাৰ ওচৰ পায়হি । কলয়ডীয় কণাত পোহৰৰ এই বিক্ষেপণৰ বাবে টিণ্ডেল পৰিঘটনাৰ সৃষ্টি হয় ।
        দুটা টিণ্ডেল পৰিঘটনাৰ উদাহৰণ-
(ক) ধোঁৱাৰে পূৰ্ণ এক কোঠাত সরু ফুটা এটাইদি সূৰ্যৰ মিহি কিৰণ এটা সোমালে টিণ্ডেল পৰিঘটনা চকুত পৰে ।
(খ) ঘন হাবিত, গছ-লতাৰে আবৃত ঠাইৰ মাজেৰে সূৰ্যৰ পোহৰ পাৰ হৈ গ’লে টিণ্ডেল পৰিঘটনা দৃশ্যমান হয় ।

৪৫। টিণ্ডেল পৰিঘটনাত বিক্ষিপ্ত পোহৰৰ রং কিহৰ ওপৰত নিৰ্ভৰ কৰে? কেতিয়া টিণ্ডেল পৰিঘটনাৰ রং বগা হ’ব পাৰে?
উত্তরঃ টিণ্ডেল পৰিঘটনাত বিক্ষিপ্ত পোহৰৰ রং বিক্ষিপ্ত কৰা কণাসমূহৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰে । অতি সূক্ষ্ম কণাবোৰে নীলা অন্রগ আরু ডাঙৰ আকাৰৰ কণাবোৰে অধিক তরংগ দৈৰ্ঘ্যৰ পোহৰ বিক্ষিপ্ত কৰে ।
        যেতিয়া পোহৰ বিক্ষিপ্ত কৰা কণাসমূহৰ আকাৰ যথেষ্ট ডাঙৰ হয়, তেতিয়া বিক্ষিপ্ত পোহৰৰ রং বগা হ’ব প

৪৬। মুকলি আকাশৰ রং নীলা কিয়?
উত্তরঃ বায়ুৰ অণু আরু বায়ুমণ্ডলৰ অন্যান্য সূক্ষ্ম কণাবোৰৰ আকাৰ দৃশ্যমান পোহৰৰ তরংগ দৈৰ্ঘ্যতকৈ কম । এই কণাসমূহৰ ৰঙা মূৰৰ দীঘল তরংগ দৈৰ্ঘ্যৰ পোহৰতকৈ নীলা মূৰৰ চুটি পোহৰৰ বিক্ষিপ্ত কৰাত অধিক কাৰ্য্যকৰী হয় । ৰঙা পোহৰৰ তরংগ দৈৰ্ঘ্য নীলা পোহৰতকৈ 1.8 গুণ বেছি । সেয়েহে, যেতিয়া সূৰ্যৰ পোহৰ বায়ুমণ্ডলৰ মাজেদি পাৰ হয়, তেতিয়া বায়ুৰ ক্ষুদ্র কণাবোৰে নীলা রং অথবা চুটি তৰঙ্গদৈৰ্ঘৰ ৰঙাৰ তুলনাত অধিক বিক্ষিপ্ত কৰে । এই বিক্ষিপ্ত নীলা পোহৰ আমাৰ চকুত সোমায় কাৰণে মুকলি আকাশৰ রং নীলা দেখা যায় ।

৪৭। মুকলি আকাশৰ রং নীলা কেতিয়া দেখা ন’গলহেতেন? উৰাজাহাজৰ বিমান যাত্রীসকলে আকাশখন আন্ধাৰ যেন দেখে কিয় ?
উত্তরঃ যদি পৃথিৱীৰ বায়ুমণ্ডল নাথাকিলেহেঁতেন তেতিয়া নীলা ৰঙৰ বিক্ষেপণ নহ’লহেতেন । তেনে পৰিস্থিতিত, আকাশখন এন্ধাৰ যেন দেখা গ’লহেতেন ।
         উৰাজাহাজৰ বিমান যাত্রীসকলে আকাশখন আন্ধাৰ যেন দেখে কাৰণ প্ত উচ্চতাত পোহৰৰ বিক্ষেপণৰ প্রভাৱ কম ।

৪৮। বিপদ সংকেত হিচাপে কিয় ৰঙা রং ব্যৱহাৰ কৰা হয়?
উত্তরঃ কুঁৱলী বা ধোঁৱাই ৰঙা রং আটাইতকৈ কমকৈ বিক্ষিপ্ত কৰে । যাৰ বাবে ৰঙা ৰঙক দূৰৰ পৰাই একে রূপতে দেখা যায় । সেয়েহে, বিপদ সংকেত হিচাপে ৰঙা রং ব্যৱহাৰ কৰা হয় ।

৪৯। কিয় দুপৰীয়া সূৰ্যৰ রং বগা হয়?
উত্তরঃ দিগন্তৰ ওচৰত সূৰ্যৰ পোহৰ আমাৰ চকুত সোমোৱাৰ পূৰ্বে বায়ুমণ্ডলৰ আপেক্ষিকভাৱে ডাঠ তৰপসমূহৰ মাজেদি যথেষ্ট দূৰত্ব অতিক্রম কৰে । কিন্তু দুপৰীয়া সময়ত মূৰৰ ওপৰত থকা সূৰ্যৰ পোহৰ তুলনামূলকভাৱে কম দূৰত্ব অতিক্রম কৰে । এই সময়ত, নীলা আরু বেঙুনীয়া ৰঙৰ কিঞ্চিৎহে বিক্ষিপ্ত হয় । সেয়েহে, দুপৰীয়া সূৰ্যৰ রং বগা হয় বা বগা দেখা যায় ।   

৫০। সূৰ্যোদয় আরু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ রং ৰঙা হয় কিয় ?
উত্তরঃ দিগন্তৰ ওচৰত সূৰ্যৰ পোহৰ আমাৰ চকুত সোমোৱাৰ পূৰ্বে বায়ুমণ্ডলৰ আপেক্ষিকভাৱে ডাঠ তৰপসমূহৰ মাজেদি যথেষ্ট দূৰত্ব অতিক্রম কৰে । সূৰ্যোদয় আরু সূৰ্যাস্তৰ সময়ত দিগন্তৰ ওচৰত নীলা ৰঙৰ সৰহভাগ আরু চুটি তরংগবোৰ কণাবোৰে বিক্ষিপ্ত কৰি আঁতৰাই পঠায় । সেইকাৰণে, আমাৰ চকুত পৰা পোহৰ অধিক তরংগ দৈৰ্ঘ্যৰ হয় । ইয়েই সূৰ্যক ৰঙচুৱা আভা প্রদান কৰে । সেয়েহে, পোহৰৰ এই বিক্ষেপণৰ বাবে সূৰ্যোদয় আরু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ রং ৰঙা হয় ।

৫১। চকুৰ উপাযোজন ক্ষমতা কাক বোলে ? 
উত্তরঃ চকুৰ ফ’কাছ দৈৰ্ঘ্য সালসলনি কৰি দূৰত অথবা ওচৰত থকা বস্তু ফ’কাছ কৰিব পৰা সামৰ্থ্যক চকুৰ উপাযোজন ক্ষমতা বোলে ।

৫২। চকুৰ নিকট বিন্দু বা স্পষ্ট দৃষ্টিৰ ন্যুনতম দূৰত্ব বুলিলে কি বুজা ?
উত্তরঃ চকুৰ পৰা যি ন্যূনতম দূৰত্বত বস্তু এটা স্পষ্টকৈ আরু চকুত জোৰ নপৰাকৈ দেখা পোৱা যায় । তাক চকুৰ নিকট বিন্দু বা স্পষ্ট দৃষ্টিৰ ন্যুনতম দূৰত্ব বুলি কোৱা হয় ।

৫৩। নিয়মীয়া দৃষ্টি শক্তিৰ সদ্য প্রাপ্তবয়স্কৰ বাবে চকুৰ নিকট বিন্দু বা স্পষ্ট দৃষ্টিৰ ন্যুনতম দূৰত্ব কিমান?
উত্তরঃ নিয়মীয়া দৃষ্টি শক্তিৰ সদ্য প্রাপ্তবয়স্কৰ বাবে চকুৰ নিকট বিন্দু বা স্পষ্ট দৃষ্টিৰ ন্যুনতম দূৰত্ব হ’ল- 25 cm

৫৪। দৃষ্টিৰ সাধাৰণ প্রতিসৰণমূলক তিনিটা ক্রুটী লিখা ।
উত্তরঃ দৃষ্টিৰ সাধাৰণ প্রতিসৰণমূলক তিনিটা ক্রুটী হ’ল- মায়’পিয়া, হাইপাৰমেট্র’পিয়া আরু প্রেছবায়’পিয়া । 


updating............