কপিলীপৰীয়া সাধু উপন্যাসখনৰ চমু আভাসঃ by Podmeswar, Advance Assamese, Class 12,

কপিলীপৰীয়া সাধু উপন্যাসখনি এখন নদী ভিত্তিক উপন্যাস । ১৯৩০ চনৰ পিছৰ সময়ৰ অন্তৰালত নৱকান্ত বৰুৱাদেৱে এই কাহিনীটো ৰচনা কৰিছে ।  উপন্যাসখনৰ কেন্দ্র হিচাপে নগাওঁ জিলাৰ কপিলীপৰীয়া অঞ্চল, ‘ভুৰবন্ধা গাওঁ’ৰ দুখীয়া ৰাইজসকলক সামৰি উপন্যাসখন ৰচনা কৰিছে । উপন্যাসখনৰ মূল কাহিনীভাগ কপিলী নদী, কপিনী নদীৰ ফলত সৃষ্টি হোৱা বানপানী আৰু বানপানীৰ ফলত সৃষ্টি হোৱা মানুহৰ দুখ-দুৰ্দশাৰ কথা ব্যক্ত কৰিছে ।

     কপিলীপৰীয়া সাধুৰ মূল চৰিত্র হৈছে- ৰূপাই । ৰূপাই হ’ল ধীৰ সিং আৰু মাতৃ ৰঙিলীৰ তুলনীয়া পুত্র । লেখকে ৰূপাইক এটা অঘাইতং ল’ৰা, বৃত্তি পৰীক্ষা দিব পৰা সামর্থ্যবান এজন ছাত্র, অন্যলোকৰ গোলাম, স্বাধীনতা সংগ্রামী, এজন মানৱ্তাবাদী ল’ৰা, সমাজ সচেতন যুৱক আৰু এজন প্রেমিক স্বৰূপে উপস্থাপন কৰিছে ।

     ৰূপাই বেথাৰাম পণ্ডিতৰ স্কুলত পঢ়া-শুনা কৰিছিল । ৰূপাইৰ বন্ধু ভেদৌং, নোমল, কোমল আদি সকলো ছাত্র বৰ অঘাইতং আছিল । সিহঁতে পঢ়া শুনা কৰাতকৈ কপিলী নৈত মাছুৱৈসকলে মাছ মৰা দৃশ্যবোৰ চাই সময় অতিবাহিত কৰিছিল আৰু আনন্দ-উপভোগ কৰিছিল । আনবোৰ ছাত্রতকৈ ৰূপাই পঢ়াত কিছু উন্নত হোৱা বাবে ৰূপাই বৃত্তি পৰীক্ষা দিবৰ বাবে চহৰলৈ গৈছিল আৰু দীনবন্ধু উকীলৰ ঘৰত থাকি পৰীক্ষা দিছিল । কিন্তু বৃত্তি পৰীক্ষা পাছ নকৰাত, দেউতাকে (ধীৰ সিং) ৰূপাইক খেতিৰ কামত লগাব বিচাৰিছিল । তেনে সময়তে, ভঙুৱা ভকতৰ পৰামৰ্শ অনুসৰি ৰূপাইক দীনবন্ধু উকীলৰ ঘৰত থাকিবলৈ দি এখন বাংলা স্কুলত নামভৰ্তি কৰাই দিছিল । উকীলনী আৰু লগুৱা হাৰিয়াই, ৰূপাইক ঘৰৰ প্রায়বোৰ কাম কৰিবলৈ দিছিল আৰু ডাবি, ধমকনি, চৰ আদিও দিছিল । কাম কৰি কৰি পঢ়াৰ সময় নোপোৱাৰ বাবে ৰূপাই পৰীক্ষাত ফেল কৰিব লগা হৈছিল ।  

     পৰৱৰ্তী সময়ত, ৰূপাই গান্ধীজীৰ সৰ্বভাৰতীয় স্বাধীনতা আন্দোলনত অংশগ্রহণ কৰিছিল আৰু ফাটেকলৈ (Jail)  যাব লগা হৈছিল । জেলত তেওঁ তিলক গোসাঁইক লগ পাইছিল আৰু গান্ধীবাদী আদৰ্শৰ সৈতে পৰিচয় হৈছিল।

 জেলৰ পৰা মুক্তি হোৱাৰ পিছত, ১৯৩৪ চনত হোৱা বলিয়া বানত এজন ইংৰাজ বিষয়াৰ সৈতে বানপানীত বিধ্বস্ত আৰু অসহায় লোকসকলক উদ্ধাৰ কৰা অভিযানত সহযোগ কৰিছিল আৰু তেতিয়াই ‘সোণপাহী’ নামৰ এজনী ধূণীয়া গাভৰু ছোৱালীক নাঙঠ অৱস্থাৰ পৰা উদ্ধাৰ কৰিছিল ।

     কিছুদিনৰ পাছত, ৰূপাইৰ দেউতাক ধীৰ সিঙৰ মৃত্যু হৈছিল । তেওঁলোকৰ গাওঁৰ সাতোলা নামৰ এজন মানুহে ৰূপাইৰ জন্ম ৰহস্যৰ কথা ৰূপাইক ব্যক্ত কৰিছিল । ধীৰ সিঙৰ দেউতাকে নাতিৰ মুখ চাবলৈ আশা কৰিছিল যদিও তেওঁলোকৰ ল’ৰা-ছোৱালী নোহোৱত বৰ দুখ পাইছিল আৰু আশা পালি থাকোতেই এদিন মৃত্যু হৈছিল । এবাৰ কপিলী নদীৰ পানীয়ে প্রলংকৰ বানপানীৰ সৃষ্টি কৰিছিল । তেনে সময়তে, ধীৰ সিঙে বানপানীত বিধ্বস্ত লোকসকলক উদ্ধাৰ কৰি থকা সময়তে এটা পানী কেঁচুৱা ঘৰৰ চালত লাগি থকা অৱস্থাৰ পৰা উদ্ধাৰ কৰিছিল আৰু নিজৰ ল’ৰা হিচাপে তুলি-তালি ডাঙৰ দীঘল-কৰিছিল, আৰু সেই ল’ৰাটোৱে আছিল- ৰূপাই ।

     ৰূপাই নিজৰ জন্ম ৰহস্য কথা জানি মনত অতি দুখ পাইছিল আৰু আত্মহত্যাৰ নিমিত্তে কপিলী নদীত জাপ দিছিল । কিন্তু, সোণপাহী আৰু সোণপাহীৰ দেউতাকে ৰূপাইক কপিলী নদীৰ পৰা উদ্ধাৰ কৰিছিল । পাছলৈ, সোণপাহী আৰু ৰূপাইৰ মাজত প্রেম-পিৰিতী আৰম্ভ হয় । দুয়ুয়ে গোপনে গোসাঁই পুখুৰীৰ পাৰত প্রায় লগ হয় আৰু দৈহিক মিলন ঘটে লগতে সোণপাহী অন্তঃসত্ত্বা হয় । কিন্তূ ৰূপায়ে সোণপাহীক বিয়া কৰোৱাৰ বাবে মান্তি নহয় । সেয়েহে, সোণপাহীয়ে কপিলী নদীত জাপ দি মৃত্যুবৰণ কৰে ।

এনেকৈ লেখক নৱকান্ত বৰুৱাদেৱে ‘কপিলী নদী’ৰ আধাৰত কপিলীপৰীয়া ৰাইজক সামৰি ‘কপিলীপৰীয়া সাধু’ উপন্যাসখন ৰচনা কৰিছে । লেখকৰ ভাষাত, “মানুহে জানে কপিলী দুখৰো চকুলোঃ আনন্দৰো চকুলো । কপিলীয়েই কপিলীপৰীয়া মানুহৰ জীৱন । কপিলী জীয়া নৈ । .... “সিঁহতৰ জীৱন আৰু মৃত্যৰ সৈতে এই জীয়া নৈখন মিহলি হৈ আছে ।”