1 Mark Questions:
১। কোন ৰাজ্যত চিপকো আন্দোলনৰ আৰম্ভনি হৈছিল ?
৬। বাণিজ্যিক শস্যৰ বজারখনে কিয় সংকটর সন্মুখীন হৈছিল?
উত্তরঃ বাণিজ্যিক শস্যর বজারখনে উদারীকরণর নীতির বাবে সংকটর সন্মুখীন হৈছিল । বহুজাতিক কোম্পানী, বহিঃরাষ্ট্রর লগত ব্যৱসায়-বাণিজ্য আরু আদান-প্রদানে বাণিজ্যিক শস্যৰ বজারখনর চাহিদা কম করি পেলাইছিল ।
৭। খেতিয়কসকলৰ দুটা সংগঠনৰ নাম লিখা ।
4 or 6 Marks Questions:
Note: Below questions are just uploaded, cheking is processing...any mistake inform us by 'contact form'.
Updating...........
১। কোন ৰাজ্যত চিপকো আন্দোলনৰ আৰম্ভনি হৈছিল ?
উত্তরঃ উত্তৰাখণ্ড
ৰাজ্যত চিপকো আন্দোলনৰ আৰম্ভনি হৈছিল ।
২। নামদেও ধাছাল
কোন আছিল ?
উত্তরঃ নামদেও
ধাছাল মাৰাঠী বিপ্লৱী কবি আছিল ।
৩।কৃষকসকলৰ
যিকোনো এটা সংগঠনৰ নাম লিখা ।
উত্তরঃ কৃষকসকলৰ
এটা সংগঠন হ’ল- ভাৰতীয় কৃষক সংঘ ।
৪। NFF-ৰ পূর্ণ
রূপটো লিখা ।
উত্তরঃ NFF ৰ
পূর্ণ রূপটো হ’ল- National Fishworkers Forum
৫।‘সুৰা বিৰোধী’
আন্দোলন কোন জিলাত আৰম্ভ হৈছিল ?
উত্তরঃ ‘সুৰা বিৰোধী’
আন্দোলন অন্ধ্রপ্রদেশৰ নেলোৰ জিলাত আৰম্ভ হৈছিল ।
৬।নৰ্মদা বচাও
আন্দোলনৰ নেতাগৰাকী নাম কি আছিল ?
উত্তরঃ নৰ্মদা
বচাও আন্দোলনৰ নেতাগৰাকী নাম আছিল- মেধা পাটকাৰ ।
৭। MKSS-ৰ পূর্ণ রূপটো লিখা ।
উত্তরঃ MKSS-ৰ পূর্ণ রূপটো হ’ল- Mazdoor Kisan Shakti Sangathan
৮। তথ্য জনাৰ
অধিকাৰ আন্দোলনৰ আৰম্ভনি কেতিয়া হৈছিল ?
উত্তরঃ তথ্য জনাৰ
অধিকাৰ আন্দোলনৰ আৰম্ভনি ২০০৫ চনত হৈছিল ।
৯। দলিত পেন্থাৰৰ
আদর্শ কি আছিল ?
উত্তরঃ দলিত
পেন্থাৰৰ আদর্শ আছিল- সমাজৰ পৰা জাতি প্রথাৰ নীতি আঁতৰ কৰা ।
১০। ভাৰতীয় কিষাণ
ইউনিয়নৰ নেতা কোন আছিল ?
উত্তরঃ ভাৰতীয়
কিষাণ ইউনিয়নৰ নেতা আছিল- মহেন্দ্র সিং টিকাইট ।
১১। চিপকো
আন্দোলনৰ এটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তরঃ চিপকো
আন্দোলনৰ এটা বৈশিষ্ট্য হ’ল- গছ কটা বন্ধ কৰি পাৰিপার্শ্বিকতা আন্দোলন গঢ়ি তোলা ।
১২। কোনটো সংগঠনে
তথ্য জনাৰ আধিকাৰ আন্দোলনৰ সূচনা কৰিছিল ?
উত্তরঃ মজদুৰ
কিষাণ শক্তি সংগঠনে তথ্য জনাৰ আধিকাৰ আন্দোলনৰ সূচনা কৰিছিল ।
১৩। ৰাজনৈতিক পৰিক্রমাত
মহিলাৰ বাবে সংৰক্ষণৰ অনুমোদন কোনটো সংশোধনীয়ে দিছিল?
উত্তরঃ ৰাজনৈতিক
পৰিক্রমাত মহিলাৰ বাবে সংৰক্ষণৰ অনুমোদন ৭৩-৭৪ তম সংশোধনীয়ে দিছিল ।
১৪। কোন বছৰত
সর্বভাৰতীয় কিষাণ সভা স্থাপন হৈছিল ?
উত্তরঃ ১৯৮০ চনত
সর্বভাৰতীয় কিষাণ সভা স্থাপন হৈছিল ।
১৫। POW এ বুজায় কি?
উত্তরঃ POW এ Prisoner
of War ক বুজায় ।
১৬। নেলোৰ জিলাত
নিলাম কিমানবাৰ স্থগিত কৰা হৈছিল?
উত্তরঃ নেলোৰ
জিলাত নিলাম ১৭ বাৰ স্থগিত কৰা হৈছিল ।
১৭। শুদ্ধ নে
অশুদ্ধ লিখাঃ
(ক) ট্রেড ইউনিয়ন
আন্দোলন কিছুমান সামাজিক বিবাদৰ সৈতে সম্পর্কিত ।
উত্তরঃ শুদ্ধ ।
(খ) কৃষক আন্দোলন
দল ভিত্তিক আন্দোলন ।
উত্তরঃ অশুদ্ধ ।
(গ) স্বেচ্ছাসেৱী
সংগঠনসমূহে দলীয় ৰাজনীতিৰ বাহিৰত থাকিবলৈ বিচৰা নাছিল ।
উত্তরঃ অশুদ্ধ ।
(ঘ) ড০ বি
আৰ আম্বেদকাৰ দলিত সম্প্রদায়ৰ লোক আছিল ।
উত্তরঃ শুদ্ধ ।
(ঙ) ভাৰতৰ
সংবিধানে অস্পৃশ্যতাৰ সংস্কাৰক নির্মূল কৰিছিল ।
উত্তরঃ শুদ্ধ ।
(চ) এম যুধবীৰ
সিং ভাৰতীয় কিষাণ ইউনিয়নৰ মুৰব্বী আছিল ।
উত্তরঃ শুদ্ধ ।
(ছ) মহিলাসকলে
এলকোহলৰ কু-প্রভাৱৰ আটাইতকৈ বেছি দুর্ভোগ ভুগিবলগীয়া হয় ।
উত্তরঃ শুদ্ধ ।
(জ) তথ্য জনাৰ
অধিকাৰ (আৰ টি আই/RTI) কার্যকৰী হৈছিল ২০০৫ চনৰ জুনৰ পৰা ।
উত্তরঃ শুদ্ধ ।
(ঝ) গছ কটাটো ৰোধ
কৰিবলৈ আৰম্ভ কৰা চিপকো আন্দোলনটো আছিল এটা পাৰিপার্শ্বিক আন্দোলন ।
উত্তরঃ শুদ্ধ ।
(ঞ) সুৰা বিৰোধী
আন্দোলনক এটা মহিলা আন্দোলন হিচাপে বিবেচনা কৰা হয় ।
উত্তরঃ শুদ্ধ ।
১৮। কোন বছৰত
সর্বভাৰতীয় কিষাণ সভা গঠিত হৈছিল?
উত্তরঃ ১৯৩৬ চনত
সর্বভাৰতীয় কিষাণ সভা গঠিত হৈছিল ।
১৯। ভাৰতীয় কিষাণ
ইউনিয়নৰ নেতা কোন ?
উত্তরঃ ভাৰতীয়
কিষাণ ইউনিয়নৰ নেতা আছিল- চৌধাৰী চৰণ সিং ।
২০। শ্বেতকাৰী
সংঘটনা কোন ৰাজ্যৰ ?
উত্তরঃ শ্বেতকাৰী
সংঘটনা মহাৰাষ্ট্রৰ ।
২১। নর্মদা বচাও আন্দোলন
নেতৃত্ব কোনে দিছিল ?
উত্তরঃ নর্মদা বচাও
আন্দোলন নেতৃত্ব দিছিল মেধা পাটকাৰে ।
২২। ভাৰতত কৃষক আন্দোলন
কেতিয়া আৰম্ভ হৈছিল ?
উত্তরঃ ভাৰতত কৃষক
আন্দোলন ১৭৮৩ চনত আৰম্ভ হৈছিল ।
২৩। চিপকো আন্দোলন কি ?
উত্তরঃ চিপকো আন্দোলন
হ’ল- গছ-গছনিবোৰ আরু প্রাকৃতিক পৰিৱেশ সংৰক্ষণ কৰাৰ নিমিত্তে উত্তৰাখণ্ড অঞ্চলত
গঢ়ি উঠা এক গণ আন্দোলন ।
২৪। নর্মদা বচাও আন্দোলন
কি ?
উত্তরঃ নর্মদা বচাও
আন্দোলন হ’ল- নর্মদা নদীৰ ওপৰত স্থাপন কৰিব খোজা বৃহৎ নদীবান্ধ প্রকল্পৰ বিৰোধীতা
কৰা এক সামাজিক আরু গণ আন্দোলন ।
২৫। খালী ঠাই পূৰণ করাঃ
(ক) চিপকো আন্দোলন আৰম্ভ
হৈছিল ______ চনত।
উত্তরঃ চিপকো আন্দোলন আৰম্ভ
হৈছিল ১৯৭০ চনত ।
(খ) চৰ্দাৰ সৰোবৰ বান্ধ
_______ নদীৰ ওপৰত নির্মাণ কৰা হৈছে ।
উত্তরঃ চৰ্দাৰ সৰোবৰ
বান্ধ নর্মদা নদীৰ ওপৰত নির্মাণ কৰা হৈছে ।
(গ) ২০০৪ চনত আৰ. টি. আই.
বিধেয়ক সংসদত গৃহিত হয় আরু _______ চনত ৰাষ্ট্রৰ সন্মতি লাভ কৰে ।
উত্তরঃ ২০০৪ চনত আৰ. টি.
আই. বিধেয়ক সংসদত গৃহিত হয় আরু ১৫ জুন ২০০৫ চনত ৰাষ্ট্রৰ সন্মতি লাভ কৰে ।
2 Marks Questions:
২৬। কোনখন জিলাত আৰক বিৰোধী আন্দোলন আৰম্ভ হৈছিল?
উত্তরঃ অন্ধ্রপ্রদেশৰ নেলোৰ জিলাত ‘আৰক বিৰোধী’ আন্দোলন আৰম্ভ হৈছিল ।
২৭। সংবিধানৰ কোনটো সংশোধনীয়ে মহিলাক ৰাজনৈতিক বিষয়ত সংৰক্ষণ দিছিল?
উত্তরঃ সংবিধানৰ ৭৩-৭৪ তম সংশোধনীয়ে মহিলাক ৰাজনৈতিক বিষয়ত সংৰক্ষণ দিছিল ।
২৮। ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত সমতাৰ অধিকাৰ উল্লেখ কৰা হৈছে?
উত্তরঃ ভাৰতৰ সংবিধানৰ ১৪ নং অনুচ্ছেদত সমতাৰ অধিকাৰ উল্লেখ কৰা হৈছে ।
2 Marks Questions:
১। কেতিয়া আরু
ক’ত দলিত পেন্থাৰ গঠিত হৈছিল ?
উত্তরঃ ১৯৭২ চনত
মহাৰাষ্ট্রত দলিত পেন্থাৰ গঠিত হৈছিল ।
২। দলিত পেন্থাৰৰ
মূল দাবী কি আছিল ?
উত্তরঃ দলিত
পেন্থাৰৰ মূল দাবী আছিল- হিন্দু বৰ্ণবাদী ব্যৱস্থা নাইকীয়া কৰা আরু দলিত সকলক
বর্ণব্যৱস্থাৰ পৰা মুক্তি দি সকলো সুবিধা প্রদান কৰা ।
৩। চিপকো
আন্দোলন কিয় আৰম্ভ হৈছিল ?
উত্তরঃ বন
বিভাগে বনাঞ্চলত ঠিকাদাৰসকলৰ সহায়ত বনানি ধ্বংস কাৰ্যক প্রতিৰোধ কৰিছিল আরু
বনাঞ্চলৰ অধিকাৰ তেওঁলোকৰ নিজৰ হাতলৈ নিছিল । সেয়ে, গছ ৰক্ষাৰ বাবে আরু পৰিৱেশ সুৰক্ষিত
কৰাৰ অর্থে চিপকো আন্দোলন আৰম্ভ হৈছিল ।
৪। দলিতৰ বিষয়ে
কবিতা কোনে লিখিছিল ? কবিতাটোৱে কি তাৎপর্য বহন কৰিছিল ?
উত্তরঃ দলিতৰ
বিষয়ে কবিতা মাৰাঠী কবি নামদেও ধাছালে লিখিছিল । কবিতাটোৰ তাৎপর্য হ’ল এই যে
কবিতাটিৰ জৰীয়তে বর্ণবৈষম্য আরু অন্যায়ৰ বিরুদ্ধে প্রতিবাদ কৰিছিল ।
৫। চিপকো
আন্দোলনৰ অভিনৱ দিশটো কি আছিল ?
উত্তরঃ চিপকো
আন্দোলনৰ অভিনৱ দিশটো হ’ল- বনাঞ্চলসমূহৰ ধ্বংস কাৰ্য
বন্ধ কৰা আরু প্রাকৃতিক পৰিৱেশ বা
পাৰিপাৰ্শ্বিকতা ৰক্ষা
কৰা ।
৬। বাণিজ্যিক শস্যৰ বজারখনে কিয় সংকটর সন্মুখীন হৈছিল?
উত্তরঃ বাণিজ্যিক শস্যর বজারখনে উদারীকরণর নীতির বাবে সংকটর সন্মুখীন হৈছিল । বহুজাতিক কোম্পানী, বহিঃরাষ্ট্রর লগত ব্যৱসায়-বাণিজ্য আরু আদান-প্রদানে বাণিজ্যিক শস্যৰ বজারখনর চাহিদা কম করি পেলাইছিল ।
৭। খেতিয়কসকলৰ দুটা সংগঠনৰ নাম লিখা ।
উত্তরঃ
খেতিয়কসকলৰ দুটা সংগঠনৰ নাম হ’ল- (ক) ভাৰতীয় কিষাণ ইউনিয়ন আরু (খ) কৰ্ণাটকৰ ৰায়ত
সংঘ ।
৮। চৰ্দাৰ সৰোবৰ
প্রকল্প কি ?
উত্তরঃ চৰ্দাৰ সৰোবৰ
প্রকল্প হ’ল নর্মদা নদী আরু সহযোগী উপনদীসমূহৰ ওপৰত আরু ভিত্তিত নির্মাণ কৰিবলৈ লোৱা
এক বহুমুখী প্রকল্প । চৰ্দাৰ সৰোবৰ প্রকল্পৰ জৰীয়তে বৃহৎ জলবিদ্যুত উৎপাদন কৰাৰ
বাবে আচঁনি তৈয়াৰ কৰিছিল ।
৯। নর্মদা বচাও আন্দোলন কি ?
উত্তরঃ নর্মদা
বচাও আন্দোলন হ’ল দক্ষিণ ভাৰতৰ নর্মদা নদীৰ ওপৰত স্থাপন কৰিবলৈ আঁচনি গ্রহণ কৰা
বহুমুখী বান্ধৰ বিরুদ্ধে সাধাৰণ জনসাধাৰণৰ দ্বাৰা গঢ়ি উঠা এক আন্দোলন । নর্মদা নদীৰ বহুমুখী বান্ধৰ বাবে
সংঘটিত হব পৰা ভয়ানক ক্ষতি আরু সমস্যাসমূহৰ পৰা পৰিত্রাণ পাবৰ বাবে এই আন্দোলনৰ
কাৰ্যসূচী গ্রহণ কৰা হৈছিল ।
১০। SEWA ই কি সূচায় ? এই সংগঠনটো কেতিয়া গঠন কৰা হৈছিল?
উত্তৰঃ SEWA ই Self Employed Women's Association ক সূচায় । এই সংগঠনটো ১৯৭২ চনত গঠন কৰা হৈছিল আরু ইয়ার মুখ্য কাৰ্যালয় আহমেদাবাদত আছে ।
১০। SEWA ই কি সূচায় ? এই সংগঠনটো কেতিয়া গঠন কৰা হৈছিল?
উত্তৰঃ SEWA ই Self Employed Women's Association ক সূচায় । এই সংগঠনটো ১৯৭২ চনত গঠন কৰা হৈছিল আরু ইয়ার মুখ্য কাৰ্যালয় আহমেদাবাদত আছে ।
১১। কেইটামান
দলভিত্তিক আন্দোলনৰ নাম লিখা ।
উত্তরঃ কেইটামান
দলভিত্তিক আন্দোলনৰ নাম হ’ল- জাতীয়তাবাদী আন্দোলন, সাম্যবাদী আন্দোলন, নক্সালবাদী
আন্দোলন আদি ।
১২। উত্তৰ ভাৰতৰ BKU ৰ সমান্তৰালকৈ দক্ষিণ ভাৰতত কোনটো আন্দোলন গঢ়ি
উঠিছিল আরু কিয় ?
উত্তরঃ উত্তৰ ভাৰতৰ BKU অর্থাৎ ভাৰতীয় কিষাণ আন্দোলনৰ সমান্তৰালকৈ দক্ষিণ
ভাৰতত নর্মদা বচাও আন্দোলন গঢ়ি উঠিছিল । নর্মদা নদীৰ ওপৰত স্থাপন কৰিব বিচৰা
জলবিদ্যুত প্রকল্পৰ পৰা হব পৰা বৃহৎ ক্ষতিৰ পৰা বাচিবৰ বাবে এই আন্দোলন গঢ়ি উঠিছিল ।
১৩। জনপ্রিয় আন্দোলন বুলিলে কি বুজা?
উত্তরঃ জনপ্রিয় আন্দোলন বুলিলে সামাজিক সমস্যাসমূহ
আরু সমাজৰ সর্বজনসাধাৰণৰ স্বার্থৰ হকে অধিকাংশ লোকৰ সহায়ত গঢ়ি উঠা আন্দোলন বোৰক
বুজায় । এই আন্দোলনবোৰৰ প্রভাৱ অপৰিসীম আরু দীর্ঘ সময়ৰ বাবে ইয়াৰ প্রভাৱ পৰিলক্ষিত
হয় ।
১৪। দলভিত্তিক আরু দলভিত্তিক নোহোৱা
আন্দোলনৰ বিষয়ে ব্যাখ্যা কৰা ।
উত্তরঃ (ক) দলভিত্তিক আন্দোলনসমূহ আরু ইয়াৰ
নেতাসকল ৰাজনৈতিক দলৰ সৈতে সম্পর্ক থাকে । কিন্তু, দলভিত্তিক নোহোৱা আন্দোলনকাৰীসকল
ৰাজনীতিৰ দলসমূহৰ বাহিৰত থাকে ।
(খ) দলভিত্তিক আন্দোলনসমূহৰ দাবীসমূহ দলৰ
জৰীয়তে সমাধান কৰিব বিচাৰে । আনহাতে, দলভিত্তিক নোহোৱা আন্দোলনে জনসাধাৰণৰ হেঁচা আরু
জনমতৰ সহায়ত দাবীসমূহ উত্থাপন আরু সমাধান কৰিব বিচাৰে ।
১৫। ভাৰতীয় কিষাণ ইউনিয়নৰ বিষয়ে কি জানা ?
চমুকৈ লিখা । (২ বা ৪ বা ৬ নম্বৰৰ প্রশ্ন)
উত্তরঃ (ক) কৃষকসকলৰ অধিকাৰ, সুবিধা আরু
সুৰক্ষা পোৱাৰ অর্থত ১৯৮৬ চনত মহেন্দ্র সিং টিকাইটৰ নেতৃত্বত ভাৰতীয় কিষাণ ইউনিয়ন
গঠন কৰিছিল ।
(খ) ১৯৮৮ চনত কিষাণ ইউনিয়নে ৰাষ্ট্রীয়
পর্যায়ত প্রতিষ্ঠিত হৈছিল ।
(গ) ১৯৮৮ চনত উত্তৰপ্রদেশৰ মীৰাট চহৰত চাৰিটা
মূল দাবীঃ কুঁহিয়াৰৰ দাম বৃদ্ধি কৰা, কৃষকসকলৰ ওপৰত থকা ঋণ বাতিল কৰা, পানী যোগানৰ
ব্যৱস্থা কৰা, আরু বিদ্যুৎৰ মাচুল হ্রাসকৰণৰ দাবী উত্থাপন কৰিছিল ।
(ঘ) ২০০৬ চনত ভাৰতীয় কিষাণ ইউনিয়নে
মুম্বাই চহৰত বিশ্ব-বাণিজ্য সংস্থাৰ নির্দেশত চৰকাৰে গ্রহণ কৰা কৃষকৰ স্বার্থ বিৰোধী
নীতিৰ বিৰোধিতা কৰি প্রতিবাদ সার্বস্ত কৰিছিল ।
(ঙ) ১৯৮০ৰ দশকত ভাৰত চৰকাৰে গ্রহণ কৰা উদাৰীকৰণ
নীতিৰ ঘোৰ বিৰোধিতা কৰিছিল ।
(চ) জাতিভিত্তিক পঞ্চায়তৰ ব্যৱস্থাৰ জৰিয়তে
ভাৰতীয় কিষাণ ইউনিয়নৰ কৃষক আরু নেতাসকল একগোট হৈছিল ।
(ছ) ১৯৯০ দশক পর্যন্ত এই ইউনিয়নে অ-ৰাজনৈতিক
সংগঠন হিচাপে প্রতিষ্ঠিত আছিল ।
(জ) ১৯৮০ৰ দশকৰ শেষৰফালে হাৰিয়ানা ৰাজ্যত
কংগ্রেছ দলৰ পতনতো কিষাণ ইউনিয়নে মুখ্য ভূমিকা গ্রহণ কৰিছিল ।
(ঝ) উত্তৰপ্রদেশ আরু হাৰিয়ানাৰ আঞ্চলিক
আরু ৰাজ্যিক সমস্যাসমূহৰ সমাধান আরু ৰাজনীতিৰ বিপক্ষে কিষাণ ইউনিয়নে মাত মাতিছিল ।
১৬। কি কি বিষয়ত দলিত পেন্থৰ্ছে মাত
মাতিছিল ? (২ বা ৪ নম্বৰৰ)
উত্তরঃ দলিত পেন্থৰ্ছে মাত মতা বিষয়সমূহ আছিল
এনেধৰণৰঃ
(ক) সকলো নিপীড়িত, ভূমিহীন, দুখীয়া শ্রমিক
আদি সকলো দলিতসকলৰ লগত এক লগ হৈ তেওঁলোকৰ অধিকাৰ পাবৰ নিমিত্তে আরু তেওঁলোকৰ
বিরুদ্ধে কৰা শোষণৰ বিরুদ্ধে মাত মাতিছিল ।
(খ) বর্ণবাদী ধাৰণাক বিরুদ্ধিতা কৰি সকলো
জাতি-জনজাতিক বিশেষকৈ দলিত সকলৰ বাবে আন উচ্চবর্ণৰ জাতিৰ দৰে সুযোগ-সুবিধা পোৱাৰ
বাবে দাবী উত্থাপন কৰিছিল ।
(গ) তেওঁলোকে
বর্ণবাদী হিন্দু সমাজৰ নিপীড়নৰ বিপক্ষে বিৰোধ কৰিছিল । (ঘ) ১৯৭২ চনত গঠন হোৱা এই
দলিত পেন্থৰ সংগঠনটোৱে উচ্চবর্ণ বা নিম্নবর্ণ আদি নীতিৰ পৰিহাৰ কৰি সংবিধানৰ নীতি,
আদর্শ আরু অধিকাৰ পাবৰ বাবে মাত মাতিছিল ।
১৯। ভাৰতীয় কিষাণ ইউনিয়নৰ বিষয়ে তুমি কি
জানা ?
উত্তরঃ Same as 15 no answer
২০। আদিধর্ম আন্দোলনৰ বিষয়ে তুমি কি জানা
? চমুকৈ লিখা । ( ৪ বা ৬ নম্বৰৰ)
উত্তরঃ ১৯৭২ চনত মহাৰাষ্ট্রত দলিত পেন্থাৰ
নামৰ সংগঠনটোৰ জৰীয়তে আদিধর্ম আন্দোলন গঢ়ি উঠিছিল । কিছুমান পুৰণা আদিধর্মৰ নিয়ম
অনুসৰি ৰাজহুৱা স্থান সমূহত দলিতসকলক প্রবেশ কৰিব দিয়া নাছিল । লগতে, কোনো উচ্চ
বর্ণৰ লোকৰ ছাঁ গছকিলে দলিত লোকসকলক অপৰাধ কৰাৰ নামত শাস্তি প্রদান কৰিছিল ।
ইয়ারুপৰি, দলিতসকলক ৰাজহুৱা পথ ব্যৱহাৰ কৰাৰ ক্ষেত্রত নিষিদ্ধ কৰিছিল । এই
নিয়মসমূহ অমান্য কৰিলে শাৰীৰিক আরু মানসিক শাস্তি প্রদান কৰিছিল । এই নিপীড়িত কাৰ্যসমূহ
সংবিধানৰ উলংঘা কৰি কৰা হৈছিল যদিও চৰকাৰে কোনো বিহিত ব্যৱস্থা গ্রহণ কৰা নাছিল । সেয়েহে
এই আদিধর্ম আন্দোলন গঢ়ি উঠিছিল ।
২১। ১৯ শতিকাৰ সামাজিক ধর্মীয় আন্দোলনৰ
বিষয়ে ব্যাখ্যা কৰা । (৪
নম্বৰৰ)
উত্তরঃ ১৯ শতিকাত গঢ়ি উঠা উল্লেখনীয়
আন্দোলন আছিল দলিতসকলৰ আদি ধর্ম আন্দোলন আরু মণিপুৰ আরু অন্ধ্রপ্রদেশৰ সুৰা-বিৰোধী
আন্দোলন । ১৯৭২ চনত মহাৰাষ্ট্রত দলিত পেন্থাৰ নামৰ সংগঠনটোৰ জৰীয়তে আদিধর্ম
আন্দোলন গঢ়ি উঠিছিল । ১৯৭২ চনত গঠন হোৱা এই দলিত পেন্থাৰ সংগঠনটোৱে উচ্চবর্ণ বা
নিম্নবর্ণ আদিৰ নীতিৰ পৰিহাৰ কৰি সংবিধানৰ নীতি, আদর্শ আরু অধিকাৰ পাবৰ বাবে মাত
মাতিছিল । লগতে, সুৰাৰ প্রভাবৰ বাবে মহিলাই সন্মুখীন হোৱা অত্যাচাৰ, নির্যাতনৰ
লগতে সামাজিক আরু ধার্মিক কর্মক্ষেত্রত সুৰাই পেলোৱা দুপ্রভাবৰ বিপক্ষে সুৰা বিৰোধী
আন্দোলন গঢ়ি উঠিছিল । লগতে,
প্রাপ্ত বয়স্ক শিক্ষা অভিযানত মহিলাৰ ওপৰত চলা অত্যাচাৰ, নিপীড়ণৰ বিপক্ষেও মহিলা
সকলে চৰকাৰৰ ওচৰত উচিত ব্যৱস্থা গ্রহণ কৰিবৰ বাবে এই আন্দোলন গঢ়ি তুলিছিল ।
২২।BKU অর্থাৎ
ভাৰতীয় কিষাণ ইউনিয়নে উত্থাপন কৰা দুটা দাবী উল্লেখ কৰা ।
উত্তরঃ BKU অর্থাৎ
ভাৰতীয় কিষাণ ইউনিয়নে উত্থাপন কৰা দুটা দাবী হ’লঃ
(ক)কৃষকসকলৰ ওপৰত থকা ঋণ বাতিল কৰা ।
(খ)বিদ্যুৎৰ মাচুল হ্রাস কৰা ।
২৩। মহিলাৰ সামাজিক মৰ্যদাৰ বিষয়ে এটা
টোকা লিখা । (২ বা ৪ নম্বৰৰ)
উত্তরঃ এখন সুস্থ আরু সবল সমাজ গঢ়াৰ বাবে
নাৰী আরু পুরুষৰ সমমৰ্যদা থকাতো নিতান্তই প্রয়োজন । কিন্তু আমাৰ সমাজত আজি পর্যন্ত
মহিলা সকলে সামাজিক মৰ্যদা পোৱা নাই । সংবিধানৰ নীতি আরু অধিকাৰত মহিলাৰ বিষয়ে
সন্নিবিষ্ট হৈছে যদিও ই কার্যকৰী হোৱা নাই। বহুতো অঞ্চলত আজিও যৌতুক ব্যৱস্থাই
মহিলাসকলক জর্জৰিত কৰিছে । ঠায়ে ঠায়ে সতীদাহ প্রথা, দাইনী হত্যা, কণ্যা সন্তানৰ
ভ্রূণ হত্যা আদি এতিয়াও প্রচলিত আছে । কিছুমান সমাজত এই পর্যন্তলৈকে কন্যা শিশুক
ঘৃণা, বাল্য বিবাহ, আদি চলিয়েই আছে । ইয়াৰ উপৰি যৌন নির্যাতন, বলৎকাৰ, স্বামীৰ
দ্বাৰা মহিলাৰ অত্যাচাৰ আদিয়ে মহিলাৰ সামাজিক মৰ্যদাত ব্যাঘ্যাত জন্মাইছে ।
সেয়েহে, চৰকাৰে আরু সকলো সমাজে মহিলাৰ সামাজিক মৰ্যদাৰ ওপৰত বিহিত ব্যৱস্থা গ্রহণ
কৰিব লাগে ।
২৪। সুৰা বিৰোধী আন্দোলন কি?
উত্তরঃ সুৰা বিৰোধী আন্দোলন হ’ল- সুৰাৰ
প্রভাৱৰ বাবে মহিলাই সন্মুখীন হোৱা অত্যাচাৰ, নির্যাতনৰ লগতে সামাজিক আরু ধার্মিক
কর্মক্ষেত্রত সুৰাই পেলোৱা দুপ্রভাৱৰ বিপক্ষে গঢ়ি উঠা এক আন্দোলন । এই আন্দোলন
বিশেষকৈ অন্ধ্রপ্রদেশৰ নেলোৰ জিলাৰ মহিলাসকলে গ্রহণ কৰা ১৯৯০ চনৰ সুৰা-বিৰোধী
কাৰ্যসূচীৰ এক মূল আধাৰ আছিল । ইয়াৰ পাছত, ক্রমে মণিপুৰ আরু আন ৰাজ্যবোৰতো ইয়াৰ প্রভাৱ
পৰিছিল ।
২৫।খালী ঠাই পূৰণ কৰা
(ক) _____ আখ্যা পোৱা এটা আন্দোলনে নর্মদা নদীৰ ওপৰত ____ বান্ধৰ
নির্মাণৰ বিরুদ্ধে প্রতিবাদ কৰিছিল ।
উত্তরঃ ‘নর্মদা বচাও’ আখ্যা পোৱা এটা আন্দোলনে নর্মদা নদীৰ ওপৰত চৰ্দাৰ সৰোবৰ
বান্ধৰ নির্মাণৰ বিরুদ্ধে প্রতিবাদ কৰিছিল ।
(খ) ড০ বি আৰ আম্বেদকাৰ
________ আছিল ।
উত্তরঃ ড০ বি আৰ আম্বেদকাৰ হৰিজন
সম্প্রদায়ৰ আছিল ।
(গ) ভাৰত সংবিধানে ______ ৰ পৰম্পৰা
_______ কৰিছিল ।
উত্তরঃ ভাৰত সংবিধানে অস্পৃশ্যতাৰ পৰম্পৰা
নিষিদ্ধ কৰিছিল ।
(ঘ) চিপকো আন্দোলনটো গছ কটা বন্ধ কৰাৰ এটা
_____ আছিল ।
উত্তরঃ চিপকো আন্দোলনটো গছ কটা বন্ধ কৰাৰ
এটা পৰিৱেশ সংৰক্ষণকাৰী আছিল ।
(ঙ) সুৰাৰ বিরুদ্ধে আন্দোলনটোক ______
হিচাপে বিবেচনা কৰা হয় ।
উত্তরঃ সুৰাৰ বিরুদ্ধে আন্দোলনটোক সামাজিক
আন্দোলন হিচাপে বিবেচনা কৰা হয় ।
২৬। দুটা কৃষক সংগঠনৰ নাম লিখা ।
উত্তৰঃ দুটা কৃষক সংগঠনৰ নাম হ'ল-
(ক) ভাৰতীয় কিষাণ ইউনিয়ন আরু (খ) কৰ্ণাটকৰ ৰায়ত সংঘ ।
২৭।অ-দল ভিত্তিক আন্দোলন কি?
উত্তৰঃ অ-দল ভিত্তিক আন্দোলন হ'ল- আন্দোলনকাৰীসকল ৰাজনীতিৰ দলসমূহৰ বাহিৰত থাকি কৰা এক আন্দোলন ।
২৬। দুটা কৃষক সংগঠনৰ নাম লিখা ।
উত্তৰঃ দুটা কৃষক সংগঠনৰ নাম হ'ল-
(ক) ভাৰতীয় কিষাণ ইউনিয়ন আরু (খ) কৰ্ণাটকৰ ৰায়ত সংঘ ।
২৭।অ-দল ভিত্তিক আন্দোলন কি?
উত্তৰঃ অ-দল ভিত্তিক আন্দোলন হ'ল- আন্দোলনকাৰীসকল ৰাজনীতিৰ দলসমূহৰ বাহিৰত থাকি কৰা এক আন্দোলন ।
দলভিত্তিক নোহোৱা আন্দোলনে জনসাধাৰণৰ হেঁচা আরু জনমতৰ সহায়ত দাবীসমূহ উত্থাপন আরু সমাধান কৰিব বিচাৰে । এই আন্দোলনসমূহত রাজনীতি স্বার্থতকৈ সামাজিক স্বার্থই অধিক গুরুত্ব লাভ করে ।
4 or 6 Marks Questions:
Note: Below questions are just uploaded, cheking is processing...any mistake inform us by 'contact form'.
১। দলিত
পেন্থাৰ্ছে কিয় গণ আন্দোলনর আশ্রয় লৈছিল?
অথবাঃ দলিত পেন্থাৰ্ছে কি কি বিষয়বোরত মাত মাতিছিল?
অথবাঃ আদিধৰ্ম আন্দোলনর বিষয়ে চমুকৈ ব্যাখা করা ।
অথবাঃ আদিধর্ম আন্দোলনরে বিষয়ে চমুকৈ আছিল?
উত্তরঃ ১৯৭২ চনত
মহারাষ্ট্রত দলিত পেন্থার নামর দলিত যুৱকৰ সামরিক সংগঠনটো গঠন করা হৈছিল । দলিত
পেন্থাৰ্ছে গণ আন্দোলনর আশ্রয় লোৱাৰ মূল কারণবোর হ’লঃ
(ক) ভারতীয়
সংবিধানর অস্পৃশ্যতা নিবারণত অসফলঃ
ভারতর সংবিধানত
জাতি-বর্ণ-ধৰ্ম-ভাষা-নির্বিশেষে সম-অধিকার আরু মর্যাদা প্রদান করার আইন বা
অনুচ্ছেদ সংলগ্ন করিছে । কিন্তু তার পিছতো দলিত সকলে ইয়ার পরা বঞ্চিত হোৱাৰ বাবে
দলিত পেন্থারে আন্দোলন করিবলৈ বাধ্য হৈছিল ।
(খ) দলিত সকলর
প্রতি অস্পৃশ্যতা, সামাজিক বৈষম্য আরু অত্যাচারঃ
দলিতসকলক উচ্চ বংশ-জাতির মানুহবোরে
অস্পৃশ্যতা অনুভৱ করে । লগতে, তেওঁলোকর প্রতি সামাজিক বৈষম্য আরু অত্যাচারর সীমা
চেরাই যোৱাৰ বাবে দলিত পেন্থারে আন্দোলনর পথ বাছি লৈছিল ।
(গ) দলিতসকলর
সমাজর পরা বহিস্কার আরু গাঁৱৰ পরা আতরত সস্থাপনঃ
দলিতসকলক প্রতিখন উচ্চ সমাজে সমাজর পরা
বহিস্কার করে । লগতে, তেওঁলোকক মূল গাঁৱৰ পরা আতরত সংস্থাপন করে, সেয়ে এই ব্যৱহারর
বিরুদ্ধে দলিত পেন্থারে আন্দোলনর জরীয়তে পরিসম পাবর বাবে চেষ্টা করিছিল ।
(ঘ) অর্থনৈতিক
আরু সামাজিক অত্যাচারসমূহ রোধঃ
দলিতসকলে প্রায়ে অর্থনৈতিক আরু সামাজিক
সুবিধাসমূহর পরা বঞ্চিত হব লগা হৈছিল । লগতে, অর্থনৈতিক আরু সামাজিক অত্যাচারসমূহর
রোধসমূহর বাবে দলিত পেন্থারে আন্দোলন গঢ়ি দিছিল ।
(ঙ) দলিতসকলর
মুক্তি আরু বর্ণ ব্যৱস্থা নির্মূল করাঃ
দলিতসকলর সামাজিক অত্যাচার আরু বর্ণ ব্যৱস্থার পরা নির্মূল করার বাবে দলিত পেন্থারে
আন্দোলন গঢ়ি তুলিছিল ।
(চ) রাজনীতি আরু আন সামাজিক
শ্রেণীর প্রতিনিধিত্বমূলক অধিকার প্রাপ্তর হকেঃ
দলিতসকলে রাজনীতির ক্ষেত্রত আন দলসমূহর সমসাময়িকভাৱে অধিকার বিচারিছিল । লগতে, সমাজর সকলো পৰ্যায়ত সংবিধান অনুসরি সম-সুবিধা আরু সম-সুযোগর আশারে দলিত পেন্থারে আন্দোলন গঢ়ি
তুলিছিল আরু সকলো দলিতসকলক একতার লগতে অন্যায়র বিরুদ্ধে মাত মাতিবলৈ সকলো দলিতক একগোট
করিছিল ।
এইদরে বহু সামাজিক, সাংস্কৃতিক আরু রাজনৈতিক উদ্দেশ্যরে
দলিত পেন্থারে আন্দোলন গঢ়ি তুলিছিল । ফলস্বরূপে ১৯৮৯ চনত চরকারে এখন আইন প্রণয়ণ করি দলিতসকলর অন্যায়র বিরুদ্ধে কঠোর
ব্যৱস্থা গ্রহণ করিছিল ।
2। কৃষক আরু চহা লোকর গোটর বিষয়ে কেইশারীমান লিখা । ভারতত তেওঁলোকর
ভূমিকা ব্যাখ্যা করা ।
অথবাঃ ভারতর কৃষক বা চহা লোকর আন্দোলনর বিষয়ে এখন রচনা লিখা
।
অথবাঃ ভারতর কৃষক আন্দোলনর ওপরত এখন রচনা লিখা ।
অথবাঃ BKU এ উত্থাপন করা
দাবীসমূহ কি আছিল ?
অথবাঃ BKU য়ে ডাঙি ধরা
অর্থনৈতিক বিষয়সমূহ লিখা ।
অথবাঃ BKU ৱে উত্থাপন করা
অর্থনৈতিক বিষয়বোর কি কি আছিল?
অথবাঃ BKU বুলিলে কি বুজা?
তেওঁলোকর মূল দাবীবোর কি আছিল? সাফল্যর বাবে তেওঁলোকে কেনেকুৱা কাম-কাজ করিবলৈ
লৈছিল?
অথবাঃ BKU এ উত্থাপন করা
বিষয়বোর কি আছিল?
(নোট- তলর উত্তরর পরা নিদিষ্ট প্রশ্ন অনুসরি
প্রশ্নর লাগতিয়াল খিনিহে লিখিবা)
উত্তরঃ
ভারতত কৃষক আরু
চহা লোকসকলে খেতি করি কোনোমতে জীৱন নির্বাহ করি আছে । কিন্তু তেওঁলোকর ভূমিকা
অত্যন্ত উল্লেখনীয় । কারণ তেওঁলোকর দ্বারা উৎপাদিত শস্য আরু সামগ্রীসমূহরে ভারতর
খাদ্যর বিষয় আরু বজার অর্থনীতি বহু পরিমাণে নির্ভর করে ।
সময়র লগে লগে
তেওঁলোকে চরকারর বিভিন্ন কাৰ্যত সামাজিক অসন্তুষ্টির সৃষ্টি হৈছিল । যার বাবে আশীর
দশকত আঢ্যবন্ত লোকসকল, রাজনৈতিক নেতা আরু চরকারর বিপক্ষে ‘কৃষি আন্দোলন’ আন্দোলন
গঢ়ি তুলিছিল ।
মহেন্দ্র সিং টিকাইটর নেতৃত্বত BKU or Bharatiya Kisan Union অর্থাৎ ভারতীয় কিষাণ ইউনিয়ন গঠন করা
হৈছিল । ১৯৮৮ চনর জানুৱাৰী মাহত উত্তর প্রদেশর
মীরাটত কুরি হাজার কৃষক সমবেত হৈছিল আরু ‘কৃষক আন্দোলন’রে চরকারর বিরুদ্ধে আন্দোলন করিছিল । তেওঁলোকে উত্থাপন করা উল্লেখযোগ্য অর্থনৈতিক বিষয়সমূহ/দাবীসমূহ
হ’ল আছিল-
(ক) বিদ্যুৎ মাচুল বৃদ্ধির
বিপক্ষে প্রতিবাদঃ
(খ) কুঁহিয়ার আরু গমর বাবে
চরকারর ফালর পরা অধিক মূল্য নির্ধারণঃ
(গ) কৃষি সামগ্রীর আন্তঃ
রাজ্যিক চলাচলত নিষেধাজ্ঞাক প্রত্যাহার করাঃ
(ঘ) যুক্তিসঙ্গত হারত নিশ্চিতভাৱে
বিদ্যুৎ যোগানর ব্যৱস্থা করাঃ
(ঙ) কৃষকসকলে ঋণর বাবে করিবলগীয়া
পরিশোধ প্রত্যাহার করাঃ
(চ) কৃষকর বাবে চরকারে পেন্সনর
ব্যৱস্থা করিবলৈ দাবীঃ
এইদরে কৃষকর স্বার্থর হকে উল্লেখিত দাবীসমূহ ভারতীয় কিষাণ ইউনিয়নে জনাইছিল
। লগতে, কৃষক
সকলর জীৱন-জীৱিকার উন্নতি সাধন করার বাবে চরকারর ওচরত দাবী উত্থাপন
জনাইছিল ।
৩। চিপকো আন্দোলনর দাবীবোর কি কি আছিল?
অথবাঃ চিপকো আন্দোলনর দাবীবোর কি কি আছিল?
অথবাঃ ১৯৭০ র দশকত আগভাগত উত্তর প্রদেশত চিপকো আন্দলন আরম্ভ
হোৱাৰ কারণসমূহ চিনাক্ত করা । এই আন্দোলনর প্রভাৱটো কি আছিল?
অথবাঃ ১৯৭০ চনর আগছোৱাত উত্তর প্রদেশত চিপকো আন্দোলন আরম্ভ
হোৱাৰ কারণবোর চিনাক্ত করা । এই আন্দোলনর প্রভাৱ কি আছিল?
উত্তরঃ ১৯৭৩ চনর আগভাগত বর্তমান উত্তরাখণ্ড গাওঁ এখনত পুরুষ
আরু মহিলাসকলে চিপকো আন্দোলন সংঘটিত করিছিল । কৃষি সামগ্রীর আহিলা প্রস্তুত করিবর বাবে গছ কটার অনুমতি প্রদান
নকরি ক্রীড়া সামগ্রী প্রস্তত করার বাবে বনবিভাগে প্রস্তুতকর্তাজনক আবণ্টন দিয়া বাবে
উত্তরাখণ্ডর দুই তিনিখন গাওঁত চিপকো আন্দোলন গঢ়ি উঠিছিল । মহিলাবোৰে গছবোর কাটিব নোৱাৰাকৈ আঁকোৱালি ধরি প্রতিবাদ
জনাইছিল । সেয়ে ইয়াক চিপকো আন্দোলন বুলি কোৱা হৈছিল
।
চিপকো আন্দোলনর মূল দাবী সমূহ আছিল-
(ক) বাণিজ্যিক কাৰ্যৰ বাবে
গছ কটা বন্ধ করাঃ
(খ) অঞ্চলর পারিপাৰ্শ্বিকতা
আরু অর্থনৈতিক শোষণ রোধ করাঃ
(গ) বনজ সম্পদ আহরণ করার
ঠিকা বাহিরর মানুহকদিয়া বন্ধ করাঃ
(ঘ) ভূমি, জল, অরণ্য আদি প্রাকৃতিক সম্পদসমূহর ওপরত স্থানীয় সম্প্রদায়সমূহর
ফলপ্রসূ নিয়ন্ত্রণ প্রদান করাঃ
(ঙ) অঞ্চলর ক্ষুদ্র উদ্যোগসমূহলৈ
কম খরচত সামগ্রীর যোগান ধরি প্রাকৃতিক ভারসাম্য বিনষ্ট নকরাকৈ অঞ্চলটোর উন্নইয়ন নিশ্চিত
করাঃ
(চ) ভূমিহীন বনকৰ্মীসকলক
অর্থনৈতিক ক্ষেত্রত উন্নতিসাধন করা আরু ন্যূনতম মজুরি নিশ্চিত করাঃ
এইদরে সেই অঞ্চলর সাধারণ জনসাধারণর কারণে বন বিভাগে যাতে প্রাকৃতিক সম্পদসমূহর
উপভোগর সুবিধা করি দিয়ে তার বাবে চিপকো আন্দোলন গঢ়ি তুলিছিল ।
৪। নর্মদা বচাও আন্দোলনে ইয়ার দাবীবোরক আগবঢ়াই নিবলৈ কি কি কৌশল অৱলম্বন করিছিল?
অথবাঃ নর্মদা বচাও আন্দোলন নর্মদা উপতক্যার বান্ধ প্রকল্পর
কিয় বিরোধিতা করিছিল?
অথবাঃ নর্মদা বচাও আন্দোলন কিয় নর্মদা উপত্যকাত বান্ধ
প্রকল্পর বিরোধিতা করিছিল?
অথবাঃ নর্মদা বচাও আন্দোলন কি আছিল? ইয়ার বিরুদ্ধে কি
সমালোচনা হৈছিল?
অথবাঃ চরদার সরোবর প্রকল্পর ওপরত এটা টোকা লিখা ।
অথবাঃ চরদার সরোবর প্রকল্পর ওপরত এটা টোকা লিখা ।
উত্তরঃ
মধ্য ভারতর নর্মদা
নদী আরু ইয়ার উপনৈসমূহ সামরি মধ্যপ্রদেশ, গুজরাট আরু মহারাষ্ট্র এই তিনিখন রাজ্য
সামরি ৩০টা ডাঙর, ১৩৫ টা মধ্যমীয়া আরু ৩০০০ টা সরু বান্ধ নির্মাণর কাৰ্যসূচী গ্রহণ
করিছিল । ইয়ার ভিতরত উল্লেখযোগ্য প্রকল্প হ’ল- গুজরাটর সর্দার সরোবর প্রকল্প আরু
মধ্য প্রদেশর নর্মদা সাগর প্রকল্প প্রধান আছিল । জনসাধারণে পানী, ভূমি আদির
সুরক্ষার লগতে আগন্তুক বিপদর পরা জীৱন সুরক্ষা করিবলৈ নর্মদা বচাও আন্দোলন গঢ়ি
উঠিছিল ।
ইয়ার মুখ্য সমর্থক, সুবিধা, উদ্দেশ্য আরু সফলতা সমূহ হ’লঃ
(ক) গুজরাট আরু ইয়ার সংলগ্ন তিনিখন রাজ্যক জলসিঞ্চনর
ব্যৱস্থা করি দিয়া।
(খ) এই অঞ্চলর খোৱা পানীর সমস্যাসমূহ সমাধান করা ।
(গ) বিদ্যুৎ উৎপাদন বৃদ্ধি করা আরু সকলো জনসাধারণকে নিয়মিত
বিদ্যুৎ সেৱা আগবঢ়োৱা ।
(ঘ)এই প্রকল্পসমূহর জরীয়তে পানীর আরু বিদ্যুতর সহায়েরে
কৃষির উৎপাদন বৃদ্ধি করা ।
(ঙ)উচ্চতম ন্যায়লয়ে বান্ধটোর নির্মাণর প্রক্রিয়া চলাই নিবলৈ
চরকারে লোৱা অনুমোদন দিছিল আরু উপযুক্ত পুনর সংস্থাপনর নিশ্চিত করিছিল ।
(চ) প্রকল্পসমূহর জরীয়তে বানপানীর সমস্যা আরু খরাং বতর রোধ
করা ।
ইয়ার মুখ্য দাবী,
সংগ্রাম, বিতর্ক, সংকট আরু বিফলতা সমূহ হ’লঃ
(ক) এই প্রকল্পর বাবে ২৪৫ খন গাওঁ জলমগ্ন হোৱাৰ আশংকা করা
হৈছিল । সেয়ে ইয়ার বিপক্ষে আন্দোলন আরু দাবী উত্থাপন করিছিল ।
(খ) ২
লাখ অধিবাসীক
পুনর সংস্থাপন করার প্রয়োজন হৈছিল । সেয়ে এই বিষয়র বাবে বৃহৎ আন্দোলন আরু দাবীসমূহ জনাইছিল ।
(গ) প্রকল্পর দ্বারা বহুলোক
বেয়াকৈ ক্ষতিগ্রস্ত হৈছিল আরু বহুলোক গৃহহীণ হৈছিল । সেয়েহ ইয়ার পরিপেক্ষিতত ঠায়ে ঠায়ে দাবী আরু আন্দোলন গঢ়ি তুলিছিল
।
(ঘ) ক্ষতিগ্রস্ত লোকসকলর
পুনর সংস্থাপনর বিষয়ক নির্ভর করি স্থানীয় সক্রিয় কর্মীর গোটসমূহে তীব্র আন্দোলন গঢ়ি
তুলিছিল ।
(ঙ) পাছৰ পর্যায়ত,
রাষ্ট্রই সম্পূর্ণ করা বৃহৎ উন্নয়ণমূলক প্রকল্পসমূহত হোৱা খরচ আরু উপকারর
বিশ্লেষণর দাবী উত্থাপন করিছিল ।
(চ) প্রকল্পৰ বাবে বলপূর্বক
পুনর সংস্থাপন, তেওঁলোকর জীৱিকা নির্বাহ উপায়র হানি, সাংস্কৃতিক আরু পারিপার্শ্বিক সম্পদর অবক্ষয় হৈছিল । সেয়ে ইয়ার বিপক্ষে স্থানীয় লকসকলে আন্দোলন আরু দাবী উত্থাপন
করিছিল লগতে সমাধানর বাবে চরকারক হেচা প্রয়োগ করিছিল ।
ফলাফলঃ
২০০৩ চনত চরকারে বিস্তৃতভাৱে পুনর সংস্থাপনর অধিকারর বিষয়টো
চরকার আরু ন্যায়পালিকাই স্বীকৃতি প্রদান করিছিল । লগতে, ‘রাষ্ট্রীয় পুনর সংস্থাপন আঁচনি’র জরীয়তে সমস্যাসমূহর সমাধানর বাবে বিহিত ব্যৱস্থা গ্রহণ করিছিল ।
৫। NFF এ কি সূচায়? ব্যাপকভাৱে মৎস্য কৰ্মীসকলর
জীৱনলৈ কিদরে ভাবুকি আহিছিল?
উত্তরঃ NFF এ National
Fish Worker’s Forum অর্থাৎ রাষ্ট্রীয় মৎস্য কর্মীর মঞ্চক সূচায় ।
ব্যাপকভাৱে মৎস্য কৰ্মীসকলর
জীৱনলৈ কিদরে ভাবুকি অহার কারণসমূহ হ’ল এনেধরণরঃ
(ক) চরকারে ভারতর সাগরবোরত ডাঙর যান্ত্রিক নাৱৰ প্রৱেশর জরীয়তে
মাছ মরার কাৰ্যসূচী গ্রহণ করিছিল ।
(খ) বৃহৎ হারত মাছ আহরণর করার বাবে সাগর তলিত
প্রযুক্তিবিদ্যার ব্যৱহারত চরকারে অনুমতি প্রদান করিছিল ।
(গ) এনে পরিস্থিতিত মৎস্যকর্মীসকলক মাছ মরাত বাধা আরোপ
করিছিল ।
(ঘ) চরকারে মাছ মরার বাবে গভীর সমুদ্র নীতির প্রয়োগ করিছিল
।
(ঙ) চরকারে বহুজাতিক কোম্পানীক বৃহৎ মাছ আহরণর বাবে আইন
প্রস্তুত করিছিল ।
(চ) সাধারণ মৎস্যকর্মীসকলক মাছ মরাত বাধা দি বৃহৎ বাণিজ্যিক
সমুদ্র তরীর বাবে অনুমতি প্রদান করিছিল ।
চরকারর এনে
পদক্ষেপ সমূহত ব্যাপকভাৱে মৎস্য কৰ্মীসকলর জীৱনলৈ কিদরে ভাবুকি আহিছিল । সেয়ে
তেওঁলোকে-
(ক) সত্তর দারু আশীর দশকত কেরালার স্থানীয় মৎস্যকর্মী সকলে
মহিলাসকলর সহযোগেরে NFF এ National Fish Worker’s Forum অর্থাৎ রাষ্ট্রীয় মৎস্য কর্মীর মঞ্চর সৃষ্টি করিছিল ।
(খ) তেওঁলোকে আন রাজ্যর
মহিলা কর্মীকে ধরি সহকৰ্মীসকলর সহযোগত ১৯৯১ চনত কনেদ্রীয় চরকারর আইনর বিরুদ্ধে আন্দোলন
গঢ়ি তুলিছিল ।
(গ) মৎস্য খণ্ডত লাভর বাবে
বিনিয়োগ করা লোকসকলর স্বার্থ রক্ষার পরিৱৰ্তে জীৱন ধারণর বাবে মাছ মরা কাৰ্যৰ ওপরত
জীৱন নির্বাহ করি থকা লোকসকলর স্বার্থর রক্ষার বাবে এই মঞ্চই আন্দোলন আরু দাবী উত্থাপন
করিছিল ।
(ঘ) ২০০২ চনর জুলাই মাহত
রাষ্ট্রীয় মৎস্য কর্মীর মঞ্চই চরকারে বিদেশী ডাঙর মাছ মরা নাৱক অনুজ্ঞাপত্র প্রদান
করা পদক্ষেপর প্রতিবাদ জনাই রাষ্ট্রজুরা ধর্মঘটর আহ্বান করিছিল ।
(ঙ) পাছলৈ, পরিৱেশৰ সুরক্ষা আরু মৎস্য কর্মীসকলর জীৱনর সুরক্ষার খাতিরত রাষ্ট্রীয় মৎস্যকর্মীর
মঞ্চই বিশ্বর আন মৎস্য কর্মীসকলকো সংযোগ করিছিল ।
৬। মহিলার সামাজিক মৰ্যদা সম্পর্কে এটা চমু টোকা লিখা ।
উত্তরঃ ভারতত অতীতত মহিলা সকলর সুরক্ষা আরু সুবিধা নাছিল
যদিও ভারত স্বাধীন হোৱাৰ পাছত এই দিশর উন্নতিসাধন করা হৈছিল । ভারতর সংবিধানে
মহিলার বাবে সমসুযোগ আরু সমসুবিধা প্রদান করাত আইন প্রণয়ন করিছে । লগতে “The Women's Reservation Bill or The
Constitution (108th Amendment) Bill, 2008” র অধীনত মহিলার বাবে পৃথক ৩৩ শতাংশ আসনর ব্যৱস্থা করিছে । ইয়ার উপরি, ২০০১ চনর “মহিলা
সৱলী্করণর রাষ্ট্রীয় নীতি”, ২০০৫ চনর “Protection
of Women from Domestic Violence Act, 2005” আদির জরীয়তে মহিলা সকলর সুরক্ষার ক্ষেত্রত আইন
প্রণয়ন করিছে ।
তথাপি, বর্তমান দেখা যায় যে মহিলার সামাজিক মৰ্যাদা রক্ষা করাত ভারত চরকার
ব্যর্থ হৈছে । প্রথম অৱস্থাত নগর অঞ্চলর মধ্যবিত্ত শ্রেণীর মহিলাসকলর মাজত ঘরুৱা
নির্যাতন, যৌতুক প্রথা, কর্মস্থলী আরু রাজহুৱা স্থানত যৌন নির্যাতন আদি বিষয়সমূহত
মহিলার মৰ্যদা হানি হৈছিল । পাছলৈ গাওঁ আরু সরু সরু অঞ্চলর মহিলা সকলরো মৰ্যদা
হানি হোৱা পরিলক্ষিত হৈছে । মহিলার প্রতি করা অন্যায়, লিংগভিত্তিক বৈষম্য আদিয়ে
মহিলার মৰ্যদার দিশত জটিল প্রকৃতির সৃষ্টি করিছে ।
৭। ২০০১ চনর মহিলা সৱলী্করণর রাষ্ট্রীয় নীতির মূল
উদ্দেশ্যসমূহ (কমেও চারিটা) ব্যাখ্যা করা ।
অথবাঃ ২০০১ চনর রাষ্ট্রীয় মহিলা সবলীকরণ নীতির উদ্দেশ্যসমূহ
বর্ণনা করা ।
উত্তরঃ
NATIONAL POLICY FOR THE EMPOWERMENT OF WOMEN (2001)
অর্থাৎ মহিলা সৱলীকরণর রাষ্ট্রীয় নীতির মূল উদ্দেশ্যসমূহ
হ’লঃ
(ক)মহিলা সবলীকরণর জরীয়তে
ভারতর সংবিধানত থকা নারীর সমতা রক্ষার বাবে আরু সমসুবিধা প্রদান করার উদ্দেশ্যে
নীতি প্রণয়ন করিছে ।
(খ) এখন গণতান্ত্রিক রাষ্ট্রত আমার আইন, উন্নয়ন
নীতি, পরিকল্পনা আরু কৰ্মসূচীসমূহর বিভিন্ন ক্ষেত্রত নারীসকলে যাতে অগ্রগতি লাভ
করে তার লক্ষ্য-উদ্দেশ্য মহিলা সবলীকরণ আইনে হাতত লৈছে ।
(গ) এই আইনে ভারতর নারীসকলর
সমান অধিকার সুরক্ষার কারণে প্রতিশ্রুতিবদ্ধ হৈছে আরু বিভিন্ন আন্তর্জাতিক সম্মেলন
আরু মানবাধিকার সমূহত নারীসকলৰ বাবে অনুমোদন করিছে ।
(ঘ) মহিলে সবলীকরণ
আইনে নবম পঞ্চবার্ষিকী পরিকল্পনার মাধ্যমেরে প্রতিশ্রুতি আরু নারীর ক্ষমতার লগত সম্পর্কিত
অন্যান্য বিভাগীয় নীতিসমূহত গুরুত্ব দিছে ।
(ঙ)মহিলাসকলর আন্দোলন আরু বেচরকারী সংস্থাসমূহর
ক্ষেত্রত নারীর উপস্থিতি আরু মহিলাদের উদ্বেগর গভীর অন্তর্দৃষ্টি রখার বাবে
লক্ষ্য-উদ্দেশ্য আগত রাখিছে ।
(চ) মহিলা সবলীকরণ
আইনে নারীর ক্ষমতার কারণে অনুপ্রেরণামূলক উদ্যোগিক ভূমিকা গ্রহণ করিছে ।
(ছ) মহিলা সবলীকরণর
আইনে সংবিধান, আইন, নীতি, পরিকল্পনা, কর্মসূচি আরু সম্পর্কিত ব্যবস্থা সমূহত ভারতৰ নারীর অবস্থানের বাস্তবতার বিস্তৃত
লক্ষ্যসমূহ হাতত লৈছে ।
(জ)গার্হস্থ্য আরু সামাজিক
স্তরত সামাজিক সংহতিত শিশু, কিশোরী আরু মহিলাসকলর প্রতি অ-বৈষম্য নীতি অব্যাহত রখার
বাবে ব্যবস্থা করিছে ।
(ঝ) লিঙ্গ
বৈষম্যর অন্তর্নিহিত কারণসমূহক সামাজিক আরু অর্থনৈতিক ক্ষেত্রত হ্রাস করি অনানুষ্ঠানিক
আরু আনুষ্ঠানিক দিশসমূহত সুবিধার ব্যবস্থা করিছে ।
(ঞ) দুর্বল আরু দুখীয়া শ্রেণী মহিলাসকলর বাবে শিক্ষা, স্বাস্থ্য
আরু উৎপাদনশীল সম্পদসমূহত নারীর প্রবেশাধিকারর ক্ষেত্রত সুব্যবস্থা গ্রহণ করা আন
এক উল্লেখনীয় উদ্দেশ্য ।
৮। মহিলার সবলীকরণর এটা উপায় হিচাপে সংসদ আরু রাজ্যিক বিধান
সভাসমূহত আসন সংরক্ষণর দাবীটো পরীক্ষা করা ।
অথবাঃ মহিলা সবলীকরণর আহিলা হিচাপে সংসদ আরু রাজনৈতিক বিধান সভাত আসন সংরক্ষণর দাবী
পরীক্ষা করা ।
উত্তরঃ ভারতত অতীতত মহিলা সকলর সুরক্ষা আরু সুবিধা নাছিল
যদিও ভারত স্বাধীন হোৱাৰ পাছত এই দিশর উন্নতিসাধন করা হৈছিল । ভারতর সংবিধানে
মহিলার বাবে সমসুযোগ আরু সমসুবিধা প্রদান করাত আইন প্রণয়ন করিছে । সংবিধানর ৭৩ তম
আরু ৭৪ তম সংশোধনীয়ে স্থানীয় পর্যায়র রাজনৈতিক পদসমূহত মহিলার বাবে আসন সংরক্ষণর
অনুমোদন জনাইছিল । লগতে “The Women's Reservation Bill
or The Constitution (108th Amendment) Bill, 2008” র অধীনত মহিলার বাবে পৃথক ৩৩ শতাংশ আসনর ব্যৱস্থা করিছে ।
তথাপি, বর্তমান দেখা যায় যে মহিলার সামাজিক মৰ্যাদা রক্ষা করাত আরু সংসদ আরু রাজ্যিক বিধান সভাসমূহত আসন সংরক্ষণর দাবীটোর দিশত ভারত চরকার ব্যর্থ হৈছে । প্রথম অৱস্থাত নগর অঞ্চলর মধ্যবিত্ত শ্রেণীর
মহিলাসকলর মাজত ঘরুৱা নির্যাতন, যৌতুক প্রথা, কর্মস্থলী আরু রাজহুৱা স্থানত যৌন
নির্যাতন আদি বিষয়সমূহত মহিলার মৰ্যদা হানির লগতে সংসদ আরু রাজ্যিক বিধান সভাসমূহত আসন সংরক্ষণত পুরষসকলর বাবে আধিক্য হৈছিল । পাছলৈ গাওঁ আরু সরু সরু
অঞ্চলর ক্ষেত্রতো পরিলক্ষিত হৈছে । এই ধরণর বিষয়ে মহিলার আসন সংরক্ষণর দিশত আরু
মহিলার মৰ্যদার দিশত জটিল প্রকৃতির সৃষ্টি করিছে ।
৯। নারীবাদ কি? ইয়ার মূল বৈশিষ্ট্যবোর আলোচনা করা ।
অথবাঃ নারীবাদ কি? ইয়ার মূল বৈশিষ্ট্যসমূহ আলোচনা করা ।
উত্তরঃ নারীবাদ হ’ল এক ব্যৱস্থা যার জরীয়তে নারীসকলর
মৰ্য্যদা, সম-সুযোগ, সম-সুবিধা, সমস্যাসমূহর সমাধান, মহিলা
সকলর দাবী উত্থাপন, আরু মহিলাসকলর জীৱন সুরক্ষার বাবে আটাইদিশ
সমূহক সামরি লৈ মহিলা বা নারীসকলর স্বার্থর বাবে মতপোষণ করে ।
নারীবাদর মূল বৈশিষ্ট্যসমূহ হ’লঃ
(ক)
নারীসকলর মৰ্য্যদাঃ
নারীসকলর মৰ্য্যদা রক্ষা আরু সম-মৰ্য্যদার দিশত নারীবাদে
মুখ্য ভূমিকা গ্রহণ করে ।
(খ)নারীসকলর সমসুোগ-সুবিধা প্রদানঃ
নারীসকলে যাতে
সমাজত সকলো দিশতে নারীসকলর সমসুোগ-সুবিধা প্রাপ্ত হয় তার বাবে নারীবাদী চরকার আরু
রাজনৈতিক নেতাসকলক আঙুলিয়াই দিয়ে ।
(গ)সমস্যাসমূহর সমাধানঃ
নারীসকলর সাধারণ জীৱনৰ সৈতে জড়িত থকা সমস্যাসমুহর সমাধানর পরিপেক্ষিতত নারীবাদে
সহায় করে ।
(ঘ)মহিলা সকলর দাবী উত্থাপনঃ
পুরুষকেন্দ্রিক সমাজত নারী সকলর দাবী সমূহ উত্থাপনর দিশত নারীবাদে মুখ্য ভূমিকা
গ্রহণ করে ।
(ঙ)মহিলাসকলর জীৱন সুরক্ষার
দিশতঃ
নারীবাদে মহিলা সকলর জীৱন সুরক্ষা দিশসমূহত সামাজিক সচেতনতা আনি দিয়ে ।
(চ) ভৱিষ্যত সুরক্ষার ভিত্তিত
অবদানঃ
নারীবাদী আগন্তুক ভৱিষ্যতর নারীসকলর জীৱন সুরক্ষার বাবে দাবী উত্থাপন আরু নীতি-আইন গঠনত দাবী উত্থাপন আরু সজাগতা বৃদ্ধি করে ।
এইদরে
নারীবাদে নারীসকলর জীৱন সুরক্ষা করার লগতে ভৱিষ্যতৰ নারীসকলর বিভিন্ন পরিস্থিতি সমূহক
মুকাবিলা করিবর বাবে নারীসকলর সপক্ষে থিয় দিয়ে ।
১০। চিপকো আন্দোলনর ক্ষেত্রত তলত দিয়া তথ্যবোরর কোনটো
অশুদ্ধ?
(ক) গছ-কটাটো প্রতিরোধ করার এটা পারিপাশ্বিক আন্দোলন ।
(খ) পরিৱেশতান্ত্রিক আরু অর্থনৈতিক শোষণর বিরুদ্ধে প্রশ্ন
তুলিছিল ।
(গ) মাদক দব্যর বিরুদ্ধে মহিলার দ্বারা আরম্ভ করা এটা
আন্দোলন ।
(ঘ) স্থানীয় সম্প্রদায়সমূহর নিজর সম্পদর নিয়ত্রণ থকা উচিত
বুলি দাবী করিছিল ।
উত্তরঃ (গ) মাদক দব্যর বিরুদ্ধে মহিলার দ্বারা আরম্ভ করা
এটা আন্দোলন ।
১১।
সুরার বিরুদ্ধে চলা আন্দোলনর তুমি এটা মহিলার আন্দোলন বুলি বিবেচনা করা নেকি? কিয়?
অথবাঃ
অন্ধ্রপ্রদেশর আরক বিরোধী আন্দোলন কিছুমান গুরুতর বিষয়র প্রতি দেশর দৃষ্টি আকর্ষণ
করিছিল । সেইবোর চিনাক্ত করা ।
অথবাঃ
মদর বিরুদ্ধে উত্তর প্রদেশত চলা আন্দোলনটোৱে কিছুমান গুরুতর বিষয়র প্রতি সমগ্র
দেশরে মনোযোগ আকর্ষণ করিছিল । সেই বিষয়বোর কিকি?
অথবাঃ ভারতত নারী আন্দোলন
সম্পর্ক ওপরতএটা টোকা লিখা ।
উত্তরঃ ভারতীয় কিষাণ ইউনিয়নর নেতৃত্বত ভারতর উত্তর দিশর
কৃষকসকলক একত্রিত করার সময়তে দাক্ষিণাত্যর রাজ্য অন্ধ্রপ্রদেশর গ্রাম্যাঞ্চলত
মহিলা সকলর স্বতঃস্ফূর্ত একত্রীকরণ হৈছিল । তেওঁলোকে চুবুরীয়া অঞ্চলসমূহত মাদক
দ্রব্য বিক্রীয় নিষেধাজ্ঞার কারণে দাবী আরু আন্দোলন গঢ়ি উঠিছিল । চিত্তোর জিলার
কালিকারি মণ্ডলর ণ্ডণ্ডলুর গাঁৱৰ মহিলাসকলে সমবেত হৈ স্থানীয় সুরা বা আরক বিক্রীর
অৱসান করিবর বাবে আরকর জীপ এখন ভাঙিছিল আরু গাঁৱৰ আরক বিক্রেতা সকলর ঘাটীত
প্রতিবাদী কাৰ্যসূচী গ্রহণ করিছিল । এই সন্দর্ভত আরকর ঠিকাদারজনে গুণ্ডাবাহিনীর
জরীয়তে মহিলার রড আরু আন মারণাস্ত্ররে মহিলাসকল আরু আন্দোলনকারীক আক্রমণ করিছিল ।
তথাপি মহিলা সকলর ঐক্যবদ্ধ আক্রমণ আরু বিরোধত হার মানিবলৈ বাধ্য হৈছিল ।
১৯৯২ চনর
ছেপ্তেম্বর আরু অক্টোবর মাহর উত্তর প্রদেশত, তেলেগু আরু আন রাজ্যর বাতরি সমূহত এনে
কাহিণীসমূহ সম্প্রসারিত হৈছিল । অন্ধ্রপ্রদেশর আরক বিরোধী আন্দোলন কিছুমান গুরুতর
বিষয়র প্রতি দেশর দৃষ্টি আকর্ষণ করিছিল । সেইবোর হ’লঃ
(ক)বিভিন্ন অঞ্চলর সাধারণ আরু মধ্যবিত্ত
শ্রেণীর মহিলাসকলর মাজত ঘরুৱা নির্যাতন, যৌতুক প্রথা, কর্মস্থলী আরু রাজহুৱা
স্থানত যৌন নির্যাতন আদি বিষয়সমূহত মহিলার মৰ্যদা হানির বিষয়সমূহত সামাজিক সচেতনতা
বৃদ্ধি হৈছিল ।
(খ) পাছলৈ গাওঁ আরু সরু সরু অঞ্চলর মহিলা সকলরো মৰ্যদা হানি হোৱা বিষয়সমূহ
সকলো সমাজতে পরিলক্ষিত হৈছিল ।
(গ) মহিলার প্রতি করা অন্যায়, লিংগভিত্তিক বৈষম্য আদিয়ে মহিলার মৰ্যদার দিশত জটিল
প্রকৃতির সৃষ্টি করিছিল আরু যার বাবে সমূহ মহিলা সচেতন হৈ পরিছিল ।
(ঘ) মহিলার আন্দোলনর লক্ষ্যসমূহ ক্রমান্বয়ে আইনগত সংস্কারর
পরা সামাজিক বিরোধর বিষয়লৈ পরিৱৰ্তন হৈছিল ।
(ঙ) নব্বৈ দশকর রাজনীতিত মহিলা সকলর বাবে সমান
প্রতিনিধিত্বর বিষয়ে দাবী উত্থাপন করিছিল ।
(চ) এই পরিপেক্ষিতত সংবিধানর ৭৩ তম আরু ৭৪ তম সংশোধনীয়ে
স্থানীয় পর্যায়র রাজনৈতিক পদসমূহত মহিলার বাবে সংরক্ষণর অনুমোদন জনাইছিল ।
১২। মণ্ডল আয়োগর মূল পরামর্শাৱলী কি কি আছিল লিখা ।
উত্তরঃ মণ্ডল আয়োগ সামাজিক আরু শিক্ষাগতভাবে পিছপরা শ্রেণীর
চিনাক্তকরণ আরু উন্নতির বাবে ১৯৭৯ চনর ১ জানুৱাৰী তারিখত মোরারজী দেশাইর
প্রধানমন্ত্রীত জনতা পার্টীর চরকারে গ্রহণ করিছিল । ইয়ার মূল নেতৃত্ব প্রদান
করিছিল বি.পি. মণ্ডল, এজন ভারতীয় সংসদর সদস্য ।
ইয়ার মূল পরামর্শাৱলীসমূহ আছিল-
(ক)বর্ণ বৈষম্য অবিহনে জনগণর কারণে সংরক্ষণের প্রশ্নটি বিবেচনা করা আরু পশ্চাদপদতা নির্ধারণৰ কারণে
এক সামাজিক, অর্থনৈতিক আরু শিক্ষামূলক সূচক ব্যবহার করা ।
(খ)১৯৮০ চনৰ ভিতত, "অন্যান্য
পিছ পরা শ্রেণী (OBC, "Other backward classes") সকলক বর্ণ, অর্থনৈতিক আরু
সামাজিক সূচক সমূহর ভিত্তিত চিহ্নিত করা আরু উন্নতির বাবে কাৰ্যসূচী গ্রহণ করার
বাবে পরামর্শ প্রদান করিছল ।
(গ) মণ্ডল আয়োগর
পরামর্শ অনুসরি কেন্দ্রীয় চরকার আরু
চরকারী উদ্যোগর অধীনর চাকরিসমূহত "অন্যান্য পিছ পরা
শ্রেণী (OBC, "Other backward classes") সকলক ২৭
শতাংশ চাকরিত সংরক্ষণৰ ব্যৱস্থা করিছে ।
(ঘ) মণ্ডল আয়োগর পরামর্শ অনুসরি অনুসুচিত
জাতি(SC),
অনুসুচিত জনজাতি(ST) আরু অন্যান্য পিছপরা শ্রেণীর(OBC) বাবে মুঠ আসরণর ৪৯ শতাংশ
সংরক্ষণর পরামর্শ আগবঢ়াইছে ।
(ঙ) এই আয়োগে দুর্বল অর্থনৈতিক আরু পিছপরা সামাজিক সাংস্কৃতিক পটভূমির কারণে
পরামর্শ প্রদান করিছে ।
(চ) লগতে, সংবিধানর নীতি অনুসরি সকলো রাজহুৱা বিষয়ত
সম-সুযোগ আরু সম-সুবিধার বাবে পরামর্শ আগবঢ়াইছে ।
১৩।নামদেৱ ধাচাল কোন আছিল? শ্রেণী সংগ্রামর বিষয়ে
কেইশারীমান লিখা ।
উত্তরঃ নামদেও লক্ষ্মণ
ধাচাল (Namdeo Laxman Dhasal) (১৫ ফেব্রুৱারী 1949 - 15 জানুৱারী
2014) এজন মারাঠি কবি, লেখক আরু ভারতর মহারাষ্ট্রর
এজন দলিত সমাজ কর্মী আছিল। ১৯৯৯ চনত তেওঁ পদ্মশ্রী আরু ২০০৪ চনত সাহিত্য একাডমীর আজীবন
সম্মান লাভ কৰিছিল । ২০০১ চনত তেওঁৰ সমাজৰ বাবে লিখা
লিখনিসমূহ প্রথম বার্লিন আন্তর্জাতিক সাহিত্য উৎসৱত উপস্থাপন করিছিল ।
1982 চনত, দলিত পেন্থার আন্দোলনত তেওঁ মুখ্য ভূমিকা গ্রহণ
কৰিছিল ৷ তেওঁ দলিত শ্রেণীৰ
মতাদর্শগত বিরোধসমূহত সহযোগ কৰিছিল ৷ দলিত শ্রেণীৰ মুক্তি আরু সম-সুযোগ প্রদানৰ
বাবে তেওঁ সক্রিয় প্রচেষ্টা হাতত লৈছিল ৷ তেওঁ সমস্ত দলিত নিপীড়িত লোকসকলৰ স্বাৰ্থ ৰক্ষা করার বাবে দলিত শ্রেণীক সমাজৰ আন শ্রেণীসমূহৰ স্থানত আনিবৰ বাবে চেষ্টা কৰিছিল ৷ তেওঁ দলিতসকলৰ রিপাব্লিক পার্টিৰ(India Republic Party) উত্থান আরু কর্মসূচীত
মহান অরিহণা আগবঢ়াইছিল ৷
১৪। ভারতত গণ বা সামাজিক আন্দোলন কিদরে গণতন্ত্রক শক্তিশালী
করি তুলিছে? ইয়ার সীমা বদ্ধতাসমূহ কি কি?
অথবাঃ সামাজিক আন্দোলন বুলিলে কি বুজা? ই গণতন্ত্রক
শক্তিশালী করেনে?
অথবাঃ আন্দোলনসমূহর প্রতিবাদে এখন দেশর গণতন্ত্রক শক্তিশালী
করি তোলেনে? তোমার উত্তরর যুক্তিজুক্ততা উদাহরসহ প্রতিপন্ন করা ।
উত্তরঃ ভারতর গণ বা সামাজিক আন্দোলনসমূহে ভারতর সংবিধানর
নীতিসমূহ কাৰ্যকরণত সহায় করিছে । সামাজিক আন্দোলন সমূহর জরীয়তে চরকারর নীতির
বৰ্হিভূত কামসমূহত বাধা আরোপ করিছে । এই আন্দোলনসমূহর কারণে গণতন্ত্রর নীতিসমূহ
অক্ষুণ্ণ রক্ষাত মুখ্য ভূমিকা গ্রহণ করিছে । এই সামাজিক আন্দোলন সমূহে সমাজর সকলো
শ্রেনী অসুবিধাসমূহক চরকারর ওচৰত উপস্থাপন করিছে । সামাজিক আন্দোলন সমূহে বিভিন্ন
জাতি রক্ষা আরু খিলঞ্জীয়া সকলর স্বার্থ
সুরক্ষার বাবে মহান অরিহণা আগবঢ়াইছে ৷ এইদরে দেখা যায় যে সামাজিক আন্দোলন আমার
ভারত বর্ষর বাবে এক গণতান্ত্রিক শক্তিশালী কর্মরাজি ।
ইয়ার সীমা বদ্ধতাসমূহ হ’লঃ
(ক) সামাজিক আন্দোলনসমূহত সকলো জনসাধারণে অংশগ্রহণ নকরে ।
(খ) এই আন্দোলন সমূহ চরকারে সামরিক বাহিনীর সহায়ত দমন করে ।
(গ) সামাজিক আন্দোলন সমূহত রাজনৈতিক নেতা সকলর অংশগ্রহণে এই
আন্দোলন রাজনৈতিক আন্দোলনত পরিণত করে ।
(ঘ) প্রায়বোর সামাজিক আন্দোলনত জাতি স্বার্থতকৈ রাজনৈতিক
স্বার্থ অধিক জড়িত হৈ থাকে ।
(ঙ) এই আন্দোলনসমূহর পরিসীমা তেনেই কম সময়র বাবেহে বর্তি
থাকে ।
(চ) সামাজিক আন্দোলনসমূহত কিছুমান নিরীহ জনতা মৃত্যুবরণ
করিবলগা হয় ।
১৫। সামাজিক আন্দোলন বুলিলে তুমি কি বুজা? সামাজিক আন্দোলন
আরু রাজনৈতিক আন্দোলনর মাজর পার্থক্য নিরূপণ করা ।
অথবাঃ সামাজিক আন্দোলন আরু রাজনৈতিক আন্দোলন মাজর পার্থক্য
নিরূপণ করা ।
অথবাঃ সামাজিক আন্দোলন আরু রাজনৈতিক আন্দোলনর মাজর
পার্থক্যসমূহ আলোচনা করা ।
উত্তরঃ সামাজিক আন্দোলন বুলিলে সমাজর সকলো পর্যায়র নাগরিক
আরু জনসাধারণর সমস্যা সমূহ সমাধানর উদ্দেশ্যে গঢ়ি উঠা আন্দোলনসমূহক বোলা হয় ।
সামাজিক আন্দোলন আরু রাজনৈতিক আন্দোলনর মাজত পরিলক্ষিত হোৱা
পার্থক্যসমূহ হ’লঃ
(ক) সামাজিক আন্দোলনসমূহ সমাজর বিষয়সমূহর লগত জড়িত, আনহাতে
রাজনৈতিক আন্দোলনসমূহ রাজনীতির লগত জড়িত ।
(খ) সামাজিক আন্দোলনসমূহ সমাজর স্বার্থর বাবে গঢ়ি তোলা হয়,
আনহাতে রাজনৈতিক আন্দোলনসমূহ রাজনৈতিক স্বার্থ জড়িত হৈ থাকে ।
(গ)সামাজিক আন্দোলনসমূহত সমাজর সকলো শ্রেণী নাগরিক আরু
জনসাধারণে অংশগ্রহণ করে, আনহাতে রাজনৈতিক আন্দোলনত রাজনৈতিক নেতাসকলে মুখ্য ভূমিকা
গ্রহণ করে ।
(ঘ) সামাজিক আন্দোলনত সামাজিক বৈষম্য সমূহক উত্থাপন আরু
দাবী করে, আনহাতে রাজনৈতিক আন্দোলনত মুখ্য বিষয়সমূহ রাজনৈতিক নীতির লগত জড়িত হৈ
থাকে ।
(ঙ) সাধারণ জনসাধারণেও সামাজিক আন্দোলনত অংশগ্রহণ করিব
পারে, আনহাতে রাজনৈতিক সকলো আন্দোলনতে সাধারণ জনসাধারণর অংশগ্রহণ পরিলক্ষিত নহয় ।
(চ) সামাজিক আন্দোলনসমূহত সমাজর বিভিন্ন
জাতি-বর্ণ-ধর্ম-ভাষা-নির্বিশেষে আন্দোলন গঢ়ি তুলে, আনহাতে রাজনৈতিক আন্দোলনসমূহত
কেবল রাজনৈতিক নেতাসকলর স্বার্থর বাবে নিম্ন সদন, উচ্চ সদন, দলর ভিতরত-বাহিরত,
আদিত আন্দোলন আরু অরিয়া-অরি সংঘটিত হয় ।
১৬। দলবিহীন রাজনৈতিক আৰ্হিৰ প্রকৃতি সম্পর্কত আলোকপাত করা
।
অথবাঃ অরাজনৈতিক আন্দোলনসমূহর মূল বৈশিষ্ট্যবোর উল্লেখ করা
অথবাঃ অ-রাজনৈতিক
আন্দোলনর মূল বৈশিষ্ট্যসমূহ উল্লেখ করা ।
উত্তরঃ যিসমূহ আন্দোলন সমাজর স্বার্থর বাবে, সামাজিক
সমস্যার সমাধানর উদ্দেশ্য, সমূহ মানুহ একতা হৈ সকলো স্থানীয় জনসাধারণর সহযোগেরে
কিন্তু কোনো রাজনৈতিক দলর গঠন বা সহযোগ অবিহনে আন্দোলন গঢ়ি তুলে, সেই আন্দোলন বোরক
দলবিহীন রাজনৈতিক অথবা অরাজনৈতিক আন্দোলন বোলা হয় ।
দলবিহীন রাজনৈতিক আৰ্হি সাধারণতে রাজনৈতিক আন্দোলনর পরা
পৃথক । ইয়ার মুখ্য বৈশিষ্ট্যসমূহ আরু রাজনৈতিক আন্দোলনর পরা পার্থক্যকতাসমূহ হ’লঃ
(ক)দলবিহীন অথবা অ-রাজনৈতিক আন্দোলনসমূহ সমাজর বিষয়সমূহর
লগত জড়িত, আনহাতে রাজনৈতিক আন্দোলনসমূহ রাজনীতির লগত জড়িত ।
(খ)দলবিহীন অথবা অ-রাজনৈতিক আন্দোলনসমূহ সমাজর স্বার্থর
বাবে গঢ়ি তোলা হয়, আনহাতে রাজনৈতিক আন্দোলনসমূহ রাজনৈতিক স্বার্থ জড়িত হৈ থাকে ।
(গ)দলবিহীন অথবা অ-রাজনৈতিক আন্দোলনসমূহ সমাজর সকলো শ্রেণী
নাগরিক আরু জনসাধারণে অংশগ্রহণ করে, আনহাতে রাজনৈতিক আন্দোলনত রাজনৈতিক নেতাসকলে
মুখ্য ভূমিকা গ্রহণ করে ।
(ঘ)দলবিহীন অথবা অ-রাজনৈতিক আন্দোলনসমূহত সামাজিক বৈষম্য
সমূহক উত্থাপন আরু দাবী করে, আনহাতে রাজনৈতিক আন্দোলনত মুখ্য বিষয়সমূহ রাজনৈতিক
নীতির লগত জড়িত হৈ থাকে ।
(ঙ)দলবিহীন অথবা অ-রাজনৈতিক আন্দোলনসমূহত সাধারণ জনসাধারণেও
অংশগ্রহণ করিব পারে, আনহাতে রাজনৈতিক সকলো আন্দোলনতে সাধারণ জনসাধারণর অংশগ্রহণ
পরিলক্ষিত নহয় ।
(চ)দলবিহীন অথবা অ-রাজনৈতিক আন্দোলনসমূহ সমাজর বিভিন্ন
জাতি-বর্ণ-ধর্ম-ভাষা-নির্বিশেষে আন্দোলন গঢ়ি তুলে, আনহাতে রাজনৈতিক আন্দোলনসমূহত
কেবল রাজনৈতিক নেতাসকলর স্বার্থর বাবে নিম্ন সদন, উচ্চ সদন, দলর ভিতরত-বাহিরত,
আদিত আন্দোলন আরু অরিয়া-অরি সংঘটিত হয় ।
১৭। স্বাধীনতার পাছর সময়ত অর্থনৈতিক বিকাশর আদর্শ সম্পর্কীয়
বিভিন্ন বিষয় সামাজিক আন্দোলনসমূহে কিদরে উত্থাপন করিছিল ?
উত্তরঃ স্বাধীনতার পাছর সময়ত অর্থনৈতিক বিকাশর আদর্শ সম্পর্কীয় বিভিন্ন বিষয় সামাজিক আন্দোলনসমূহ গঢ়ি
উঠিছিল । ইয়ার ভিতরত উল্লেখযোগ্যসমূহ আছিলঃ
(ক) চিপকো আন্দোলনঃ
১৯৭৩ চনর আগভাগত
বর্তমান উত্তরাখণ্ড গাওঁ এখনত পুরুষ আরু মহিলাসকলে চিপকো আন্দোলন সংঘটিত করিছিল । কৃষি সামগ্রীর আহিলা প্রস্তুত করিবর বাবে গছ কটার অনুমতি প্রদান
নকরি ক্রীড়া সামগ্রী প্রস্তত করার বাবে বনবিভাগে প্রস্তুতকর্তাজনক আবণ্টন দিয়া বাবে
উত্তরাখণ্ডর দুই তিনিখন গাওঁত চিপকো আন্দোলন গঢ়ি উঠিছিল ।
(খ) দলিত পেন্থারর আন্দোলনঃ
১৯৭২ চনত
মহারাষ্ট্রত গঢ়ি উঠা দলিত পেন্থার নামর দলিত যুবকর নেতৃত্বত দলিত সকলর
সুযোগ-সুবিধার বাবে দলিত পেন্থারর আন্দোলন গঢ়ি তুলিছিল ।
(গ) কৃষক আন্দোলনঃ
১৯৮৮ চনর
জানুৱারী মাহত উত্তর প্রদেশর মীরাটত ভারতীয় কিষাণ ইউনিয়নর নেতৃত্বত কৃষক আন্দোলন
গঢ়ি উঠিছিল । কৃষকসকলর অর্থনীতির উদ্গনি, বিদ্যুতর মাছিলত হ্রাস, কৃষকসকলর উৎপাদিত
সামগ্রির মূল্য বৃদ্ধি করা, কৃষকসকলর ঋণ মাফ করি দিয়া, কৃষকসকলর বাবে চরকারী
পেন্সনর সুবিধা দিয়া আদিরে কৃষক আন্দোলন গঢ়ি উঠিছিল ।
(ঘ) রাষ্ট্রীয় মৎস্য কর্মীর মঞ্চ(National Fish Worker’s Forum)র আন্দোলনঃ
১৯৮০ দশকত
বিশেষকৈ ১৯৯১ চনত চরকারে বৃহৎ জাহাজ, নাওঁ আরু প্রযুক্তি বিদ্যার মাধ্যমেরে ভারতর
সাগর আরু জলভূমির পরা মাছ আহরণর বাবে ব্যৱস্থা গ্রহণ করিছিল আরু সাধারন
মৎস্যকর্মীসকলর ওপরত কিছুমান দিশত হস্তক্ষেপ করিছিল । সেয়েহে রাষ্ট্রীয় মৎস্য
কর্মীর মঞ্চর নেতৃত্বত আন্দোলন গঢ়ি উঠিছিল আরু ২০০২ চনত বিদেশী ডাঙর মাছ মরা নাৱক
প্রদান করা অনুজ্ঞাপত্রর বিরুদ্ধে সমগ্র রাষ্ট্র আরু বিশ্বর আন মাছকৰ্মীসকলর
সহযোগেরে আন্দোলন গঢ়ি তুলিছিল ।
(ঙ) সুরা বা আরক বিরোধী আন্দোলনঃ
অন্ধ্রপ্রদেশর
গ্রামাঞ্চলত মাদক দ্রব্য বিক্রীর নিষেধাজ্ঞা আরু আরকর দোকানসমূহ বন্ধ করার
উদ্দেশ্যে সুরা বা আরক বিরোধী আন্দোলন গঢ়ি তুলিছিল । এই আন্দোলনত বহু গাওঁর মহিলাই
সহযোগ করিছিল আরু কিছু সময়র বাবে সুরা বা আরক বিক্রী বন্ধ করিবলৈ সক্ষম হৈছিল ।
(চ) নর্মদা বচাও আন্দোলনঃ
মধ্য ভারতর নর্মদা নদী আরু ইয়ার উপনৈসমূহ সামরি মধ্যপ্রদেশ,
গুজরাট আরু মহারাষ্ট্র এই তিনিখন রাজ্য সামরি ৩০টা ডাঙর, ১৩৫ টা মধ্যমীয়া আরু ৩০০০
টা সরু বান্ধ নির্মাণর কাৰ্যসূচী গ্রহণ করিছিল । জনসাধারণে পানী, ভূমি আদির
সুরক্ষার লগতে আগন্তুক বিপদর পরা জীৱন সুরক্ষা করিবলৈ নর্মদা বচাও আন্দোলন গঢ়ি
উঠিছিল ।
(ছ) তথ্যজনার অধিকার বাবে আন্দোলনঃ
১৯৯০ চনত
রাজস্থানর মজদুর কিষাণ শক্তি সংগঠনর নামর গণ ভিত্তি থকা সংগঠনে দুর্ভিক্ষর
সাহায্যর কামর আরু শরিমিকর হিচাপ-নিকাচর খতিয়ান বিচারী দাবী জনাই আন্দোলন গঢ়ি
উঠিছিল । ভীম তেহচিলত প্রথমে এই দাবী উত্থাপন করিছিল ।
১৮। তথ্যজনার অধিকার বাবে আন্দোলন, ইয়ার দাবী আরু নীতি আরু
ফলাফল সমূহর সম্পর্কে এটা টোকা লিখা ।
উত্তরঃ
আরম্ভণিঃ
১৯৯০ চনত
রাজস্থানর মজদুর কিষাণ শক্তি সংগঠনর নামর গণ ভিত্তি থকা সংগঠনে দুর্ভিক্ষর
সাহায্যর কামর আরু শরিমিকর হিচাপ-নিকাচর খতিয়ান বিচারী দাবী জনাই আন্দোলন গঢ়ি
উঠিছিল । ভীম তেহচিলত প্রথমে এই দাবী উত্থাপন করিছিল ।
দাবী আরু নীতিসমূহঃ
গাওঁবাসীসকলে বিল আরু ভাউচারর কপি বিচারি লগতে বিদ্যালয়
স্বাস্থ্যকেন্দ্র, সরু বান্ধ, আদি সমূহীয়া কেন্দ্রসমূহর নির্মাণ কাৰ্যত লিপ্ত থকা
কর্মীসকলর হাজিরা বহী আরু খরচ আরু কামর তথ্য পাতি বিচারি দাবী উত্থাপন করিছিল ।
কাগিজে-পত্রই বহুতো উন্নয়ণমূলক কাম সম্পূর্ণ হোৱা দেখোৱা হৈছিল যদিও পুঁজির
অপব্যৱহার আরু আত্মচ্ছেদর সম্ভাৱনা করা হৈছিল । ১৯৯৪-৯৬ চনত মজদুর কিষাণ শক্তি
সংগঠনর নেতৃত্বত গণ শুনানির (Public Hearing) ব্যৱস্থা
করিছিল । লগতে, প্রশাসনিক আরু জনসাধারণর সন্মুখত কামর খতিয়ান আরু স্থিতি ব্যাখ্যা
করিবলৈ উত্থাপন করিছিল । পঞ্চায়তর বাজেট,
হিচাপ-নিকাচ, ব্যয় নীতি, হিতাধিকারী আদি বিষয়সমুহ এখন বোর্ডত লিখি আরু বাতরি কাকতর
জরীয়তে প্রকাশ করিবলৈ দাবী আরু আন্দোলন গঢ়ি তুলিছিল ।
ফলাফলঃ
১৯৯৬ চনত মজদুর কিষাণ শক্তি সংগঠনে দিল্লীত ‘জনসাধারণর তথ্য
জনার অধিকার’ক রাষ্ট্রীয় অভিযানর মৰ্যদা দিবর বাবে দাবী জনাইছিল । সেই মর্মে
চরকারে এখন রাষ্ট্রীয় পরিষদ গঠন করিছিল আরু ২০০২ চনত আইন প্রণয়ন করি ২০০৪ চনত
বিধেয়কখন উত্থাপন করিছিল আরু ২০০৫ চনর জুন মাহত রাষ্ট্রপতির সন্মতি লাভ করিছিল ।
সম্পাদন আরু লিখনি- পদ্মেশ্বৰ,
কিবা ভুলর সন্ধান পালে অনুগ্রহ করি জনাব ।