গোট-১৭, আঞ্চলিক প্রত্যাশা by P.B.

১ বা ২ নম্বরর প্রশ্ন আরু উত্তরঃ

১। ভাৰত আরু পাকিস্তানৰ মাজৰ কিবোৰ বিষয়ক সদায় প্রধান বিষয় হিচাপে বোধ হয় ?
উত্তরঃ ভাৰত আরু পাকিস্তানৰ মাজৰ জম্মু কাশ্মীৰ সমস্যা বিষয়ক সদায় প্রধান বিষয় হিচাপে বোধ হয় ।

২। হৰি সিং কোন আছিল ?
উত্তরঃ হৰি সিং জম্মু আরু কাশ্মীৰৰ ৰজা আছিল ।

৩। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে জম্মু আরু কাশ্মীৰক বিস্তৰ স্বায়ত্ততা প্রদান কৰা ?
উত্তরঃ ভাৰতীয় সংবিধানৰ ৩৭০ অনুচ্ছেদে জম্মু আরু কাশ্মীৰক বিস্তৰ স্বায়ত্ততা প্রদান কৰা ।


তাৰা সিং কোন আছিল?
উত্তরঃ তারা সিং প্রখ্যাত শিখ ধর্মীয় আরু ৰাজনৈতিক নেতা আছিল । তেওঁ শিরোমণি গুরুদ্বাৰৰ প্রবন্ধক সমিতির প্রারম্ভিক নেতা আছিল । স্বাধীনতাৰ পাছত মুছলমান্সকলর সৈতে কংগ্রেছর লগত বুজাপরার বিরোধী আছিল । তেওঁ সুকীয়া পঞ্জাৱ রাজ্য গঠন করার জ্যেষ্ঠ প্রবক্তা আছিল ।

পঞ্জাৱত আকালি দলটো কোন চনত গঠন কৰা হৈছিল?
উত্তরঃ পঞ্জাৱত আকালি দলটো ১৯২০ চনত গঠন কৰা হৈছিল

MNF ৰ পূর্ণ রূপটো লিখা ।
উত্তরঃ MNF ৰ পূর্ণ রূপটো হ’ল- Mizo National Front

৭। লালডেংগা কোন আছিল?
উত্তরঃ লালডেংগা মিজো নেশ্বনেল ফ্রন্ট (MNF) র প্রতিষ্ঠাপক নেতা আছিল । ১৯৫৯ চনর পরা দুই দশকজুরি অস্ত্র-শস্ত্র সৈতে ভারত চরকারর বিরুদ্ধে পৃথক রাষ্ট্রর দাবীত সংগ্রাম করিছিল । ১৯৮৬ চনত রাজীৱ গান্ধীর লগত ‘রাজীৱ-লালডেঙ্গা’ চুক্তির স্বাক্ষরের মিজোরামক সম্পূর্ণ রাজ্যর মৰ্য্যাদা প্রদান করে ।

৮। বিদেশী বিষয়ক লৈ অসম আন্দোলন কেতিয়া আৰম্ভ হৈছিল?
উত্তরঃ বিদেশী বিষয়ক লৈ অসম আন্দোলন ১৯৭৯ চনত আৰম্ভ হৈছিল ।

৯। AGP কোন ৰাজ্যৰ?
উত্তরঃ  AGP অসম ৰাজ্যৰ ।

১০। কোন চনত গোৱা ভাৰতৰ এখন ৰাজ্য হিচাপে চামিল হৈছিল?
উত্তরঃ ১৯৮৭ চনত গোৱা ভাৰতৰ এখন ৰাজ্য হিচাপে চামিল হৈছিল ।

১১। প্রধানমন্ত্রী ইন্দিৰা গান্ধীক কেতিয়া হত্যা কৰা হৈছিল?
উত্তরঃ প্রধানমন্ত্রী ইন্দিৰা গান্ধীক ১৯৮৪ চনত ৩১ অক্টোবৰত হত্যা কৰা হৈছিল ৷

১২। নগা নেশ্যনেল কাউন্সিলৰ নায়ক কোন আছিল?
উত্তরঃ নগা নেশ্যনেল কাউন্সিলৰ নায়ক আছিল- আঙ্গামি ঝাৰ্ফু ফিজো (A Z Phizo)

১৩। আনন্দপুৰ চাহিব প্রস্তাৱ কেতিয়া গৃহীত হৈছিল?
উত্তরঃ আনন্দপুৰ চাহিব প্রস্তাৱ ১৯৭৩ চনত গৃহীত হৈছিল ।

১৪। ভাৰত চৰকাৰে কেতিয়া অপাৰেশ্যন ব্লু ষ্টাৰ চলাইছিল?
উত্তরঃ ভাৰত চৰকাৰে ১৯৮৪ চনত জুন মাহত অপাৰেশ্যন ব্লু ষ্টাৰ চলাইছিল ।

১৫। ছিকিমত প্রথম বিধানসভা নির্বাচন কেতিয়া হৈছিল ?
উত্তরঃ ছিকিমত প্রথম বিধানসভা নির্বাচন ১৯৭৪ চনত হৈছিল ।

১৬। MGP ৰ পূর্ণ রূপটো কি?
উত্তরঃ MGP ৰ পূর্ণ রূপটো হ’ল- Maharashtrawadi Gomantak Party (মহাৰাষ্ট্রবাদী গোমনটক দল) ।
১৭। ছিকিম কেতিয়া ভাৰতৰ সৈতে চামিল হৈছিল?
উত্তরঃ ছিকিম ১৯৭৫ চনর এপ্রিল মাহত ভাৰতৰ সৈতে চামিল হৈছিল ।

১৮। AASU ৰ পূর্ণ রূপটো লিখা ।
উত্তরঃ AASU ৰ পূর্ণ রূপটো হ’ল- All Assam Students’ Union (সদৌ অসম ছাত্র সন্থা) ।

১৯। নেশ্যনেল কনফাৰেন্স কেতিয়া গঠিত হৈছিল?
উত্তরঃ নেশ্যনেল কনফাৰেন্স ১৫ অক্টোবৰ ১৯৩২ চনত গঠিত হৈছিল ।

২০। কোনখন ৰাজ্যত অসম গণ পৰিষদ সক্রিয়?
উত্তরঃ অসম ৰাজ্যত অসম গণ পৰিষদ সক্রিয় ।

২১। তেলগু দেশমৰ প্রতিষ্ঠাপক সভাপতি কোন আছিল?
উত্তরঃ তেলগু দেশমৰ প্রতিষ্ঠাপক সভাপতি আছিল- এন. টি. ৰামাৰাও(N.T. Ramarao)

২২। কোনটো বছৰত নাগালেণ্ড ৰাজ্য গঠন কৰা হৈছিল?
উত্তরঃ ১ ডিচেম্বর ১৯৬৩ চনত নাগালেণ্ড ৰাজ্য গঠন কৰা হৈছিল ।

২৩। সাত-ভনী বুলিলে কি বুজা?
উত্তরঃ সাত-ভনী বুলিলে অসম, নাগালেণ্ড, মণিপুর, ত্রিপুরা, মেঘালয়, অরুণাচল প্রদেশ আরু মিজোরাম ।

২৪। আঞ্চলিকতাবাদৰ সৃষ্টি কৰা যিকোন এটা কাৰক উল্লেখ কৰা
উত্তরঃ আঞ্চলিকতাবাদৰ সৃষ্টি কৰা যিকোনো এটা কাৰক হ’ল- পৃথক রাষ্ট্রর দাবী ।

২৫। খালী ঠাই পূৰণ কৰা

(ক) ছিকিম ভাৰতৰ _____ ৰাজ্য হৈছিল ।
উত্তরঃ ছিকিম ভাৰতৰ সংঘ রাষ্ট্রর ২২ তম ৰাজ্য হৈছিল ।

(খ) উত্তৰ-পূর্বাঞ্চলৰ পুনৰ গঠন সম্পূর্ণ হৈছিল ____ চনত ।
উত্তরঃ উত্তৰ-পূর্বাঞ্চলৰ পুনৰ গঠন সম্পূর্ণ হৈছিল ১৯৭২ চনত ।

(গ) অনুচ্ছেদ ____ এ জম্মু আরু কাশ্মীৰক বিশেষ মৰ্য্যাদা দিছে ।
উত্তরঃ অনুচ্ছেদ ৩৭০ এ জম্মু আরু কাশ্মীৰক বিশেষ মৰ্য্যাদা দিছে ।

২৬। শুদ্ধ নে অশুদ্ধ লিখাঃ
(ক) ১৯৪৭ চনৰ আগলৈকে জম্মু আরু কাশ্মীৰ এখন ৰাজকীয় ৰাজ্য আছিল ।
উত্তরঃ শুদ্ধ ।

(খ) দ্রাবিড়সকলৰ আন্দোলন ভাৰতৰ ৰাজনীতিত প্রথম আঞ্চলিক আন্দোলনসমূহৰ এটা আছিল ।
উত্তরঃ শুদ্ধ ।

(গ) বেছিভাগ কাশ্মীৰীয়ে বিশ্বাস কৰে যে অনুচ্ছেদ ৩৭০ ৰে দিয়া স্বায়ত্ততা পর্যাপ্ত ।
উত্তরঃ অশুদ্ধ ।

(ঘ) ১৯৮৪ চনত ভাৰত চৰকাৰে অপাৰেশ্যন ব্লু ষ্টাৰ চলাইছিল ।
উত্তরঃ শুদ্ধ ।

(ঙ) ১৯৬৬ চনত এম এন এফ যে স্বাধীনতাৰ হকে সশস্ত্র তৎপৰতা আৰম্ভ কৰিছিল ।
উত্তরঃ শুদ্ধ ।

(চ) পঞ্জাৱৰ পুনৰ গঠনৰ পিছত ১৯৭৮ চনত আকালিসকল ক্ষমতালৈ আহিছিল ।
উত্তরঃ শুদ্ধ ।

(ছ) নেশ্যনেল কনফাৰেন্সৰ মহম্মদ আলী আব্দুলাই জনপ্রিয় আন্দোলনৰ নেতৃত্ব দিছিল ।
উত্তরঃ শুদ্ধ ।

(জ) ১৯৬২ চনত নগালেণ্ড ৰাজ্য গঠন কৰা হৈছিল ।
উত্তরঃ অশুদ্ধ ।

(ঝ) এন টি ৰামা ৰাও তেলগু দেশমৰ প্রতিষ্ঠাপক সভাপতি আছিল ।
উত্তরঃ শুদ্ধ ।

(ঞ) ১৯৮৬ চনত অসম বিধানসভা নির্বাচন অনুষ্ঠিত হৈছিল ।
উত্তরঃ অশুদ্ধ ।

২৭। ভাৰত আরু পাকিস্তানৰ মাজত সদায়েই কোনটো বিষয়ে প্রাধান্য পাই আহিছে ?
উত্তরঃ কাশ্মীৰ ভাৰত আরু পাকিস্তানৰ মাজত সদায়েই মুখ্য প্রাধান্য পাই আহিছে ।

২৮। অ.গ.প. কোন বছৰত গঠন হৈছিল?
উত্তরঃ অ.গ.প. ১৯৮৫ চনর ১৩-১৪ অক্টোবরত গঠন হৈছিল ।

২৯। ফিজো কোন আছিল?
উত্তরঃ ফিজো (১৯০৪-১৯৯০) স্বাধীন নাগালেণ্ডর বাবে হোৱা আন্দোলনর মূল নেতা আরু নগা রাষ্ট্রীয় পরিষদ(NNC) র সভাপতি আছিল । ভারত চরকারর বিরুদ্ধে তেওঁ আন্দোলন করিছিল আরু পাকিস্তানত গোপনে থাকিব লগা হৈছিল । পিছত, জীৱনৰ শেষর তিনিবছর গ্রেটবৃটেইনত নির্বাসনত থাকি কটাব লগা হৈছিল।  

৩০। অসমত বিদেশী সমস্যা সম্পর্কীয় আন্দোলন/অসম আন্দোলন কেতিয়া আৰম্ভ হৈছিল? ইয়ার শেষ কেতিয়া হৈছিল?
উত্তরঃ অসমত বিদেশী সমস্যা সম্পর্কীয় আন্দোলন/অসম আন্দোলন ১৯৭৯ চনত আৰম্ভ হৈছিল । অসম চুক্তির মাধ্যেমেরে ১৯৮৫ চনত এই আন্দোলনর শেষ হৈছিল ।  



 ২ নম্বরর প্রশ্ন আরু উত্তরঃ

১। ১৯৭২ চনত কোন দুখন কেন্দ্রীয় শাসিত অঞ্চলক পূর্ণাংগ ৰাজ্যৰ মর্যাদা দিয়া হৈছিল?
উত্তরঃ ১৯৭২ চনত কেন্দ্রীয় শাসিত অঞ্চল মণিপুর আরু ত্রিপুরাক পূর্ণাংগ ৰাজ্যৰ মর্যাদা দিয়া হৈছিল ।

২। ছিকিম কেতিয়া ভাৰতৰ সৈতে চামিল হৈছিল?
উত্তরঃ ১৯৭৫ চনত ২৬ এপ্রিল তারিখে ছিকিম ভাৰতৰ সৈতে চামিল হৈছিল ।
    ১৯৭৪ চনত ছিক্কিম বিধানসভার বাবে প্রথম গণতান্ত্রিক নির্বাচন ছিক্কিম কংগ্রেছর অগ্রগতি হৈছিল । ১৯৭৫ চনর এপ্রিল মাহত ভারতর সৈতে সম্পূর্ণরূপে সংলগ্ন হোৱাৰ পরিপেক্ষিতত এক প্রস্তাৱ গ্রহণ করিছিল । এই প্রস্তাৱ এক খরটকীয়া গণ ভোটর মাধ্যমেরে বিধানসভার অনুমোদন লাভ করিছিল । ইয়ার ফলত, ১৯৭৫ চনর ২৬ এপ্রিল তারিখে ছিক্কিম ভারতীয় সংঘ রাষ্ট্রর ২২ তম রাজ্য হিচাপে স্বীকৃতি লাভ করিছিল ।  

৩। আঞ্চলিকতাবাদ বুলিলে কি বুজা?
উত্তরঃ আঞ্চলিকতাবাদ বুলিলে এক সামাজিক আরু গণতান্ত্রিক রাজনীতিক বুজা যায় যি চরকারর রাজনৈতিক আরু দমন নীতির বিরুদ্ধে সমাজর স্বার্থ রক্ষার বাবে মতপ্রকাশ আরু আন্দোলন গঢ়ি তুলে ।
       আঞ্চলিকতাবাদে জনসাধারণক সম্বোধন করিবলৈ রাজনৈতিক দল আরু বিভিন্ন গোটসমূহক আঞ্চলিক অভিলাষা আরু সমস্যার বিষয়ে অবগত করার ক্ষেত্রত শক্তিশালী ভূমিকা প্রদান করে ।

৪। আঞ্চলিকতাবাদে কিদৰে ভাৰতীয় ৰাজনীতিত প্রভাৱ পেলাইছে?
উত্তরঃ আঞ্চলিকতাবাদ বুলিলে এক সামাজিক আরু গণতান্ত্রিক রাজনীতিক বুজা যায় যি চরকারর রাজনৈতিক আরু দমন নীতির বিরুদ্ধে সমাজর স্বার্থ রক্ষার বাবে মতপ্রকাশ আরু আন্দোলন গঢ়ি তুলে ।
       আঞ্চলিকতাবাদে ভারতর জনসাধারণক সম্বোধন করিবলৈ রাজনৈতিক দল আরু বিভিন্ন গোটসমূহক আঞ্চলিক অভিলাষা আরু সমস্যার বিষয়ে অবগত করার ক্ষেত্রত শক্তিশালী ভূমিকা প্রদান করে ।
    ভারতর ইতিহাসত চিপকো আন্দোলন, সুরা বিরোধী আন্দোলন, ভাষার ভিত্তিত হোৱা আন্দোলন, তথ্য জনার আন্দোলন, রাজ্যর পুনর গঠনর দাবীর আন্দোলন, আদির ক্ষেত্রত আঞ্চলিকতাবাদে ভারতর রাজনীতিত এক মুখ্য পরিৱৰ্তন সাধন করিছে ।

৫। আঞ্চলিকতাবাদৰ উৎপত্তিৰ দুটা কাৰণ লিখা ।
উত্তরঃ আঞ্চলিকতাবাদৰ উৎপত্তিৰ দুটা কাৰণ হ’লঃ
(ক) চরকারর দমনমূলক নীতি আরু সমাজর অন্যায়মূলক কাম-কাজত বাধা দিয়ার পরিপেক্ষিতত আঞ্চলিকতাবাদৰ উৎপত্তি হৈছে । উদাহরণ-নদীবান্ধ বিকল্প প্রতিবাদ ।
(খ)রাজ্যর পুনর গঠন আরু ভাষার ভিত্তিত রাজ্যর গঠন সক্রান্তত বহতো আঞ্চলিকতাবাদর উৎপত্তি হৈছিল ।  উদাহরণ- মহারাষ্ট্র(Maharashtra, Marathi speaking State) রাজ্যর সৃষ্টি ।

৬। লালডেংগাৰ বিষয়ে কেই শাৰীমান লিখা ।
উত্তরঃ লালডেংগা মিজো নেশ্বনেল ফ্রন্ট (MNF) র প্রতিষ্ঠাপক নেতা আছিল । ১৯৫৯ চনর পরা দুই দশকজুরি অস্ত্র-শস্ত্র সৈতে ভারত চরকারর বিরুদ্ধে পৃথক রাষ্ট্রর দাবীত সংগ্রাম করিছিল । ১৯৮৬ চনত রাজীৱ গান্ধীর লগত ‘রাজীৱ-লালডেঙ্গা’ চুক্তির স্বাক্ষরের মিজোরামক সম্পূর্ণ রাজ্যর মৰ্য্যাদা প্রদান করে ।

৭। MNF বুলিলে কি বুজা?

উত্তরঃ MNF বুলিলে লালডেঙ্গাৰ নেতৃত্ব গঢ়ি উঠা মিজো নেশ্বনেল ফ্রন্টক(Mizo Nationalist Front) বুজা যায় । ১৯৬৬ চনত MNF য়ে সশস্ত্র বিদ্রোহেরে ‘মিজোরাম’ পৃথক রাষ্ট্রর দাবী জনাইছিল ।  পাকিস্তানী চরকার আরু পূব পাকিস্তানর সুরক্ষার সহায়রে ভারত চরকারর লগত MNF য়ে গেরিলা যুদ্ধ দিছিল কিন্তু ভারতীয় সুরক্ষা বাহিনীয়ে ইয়াক দমন করিছিল । শেষত ১৯৮৬ চনত ‘ৰাজীৱ-লালডেঙ্গা’ চুক্তিয়ে মিজোরাম রাজ্যর গঠন হৈছিল আরু MNF য়ে বিচ্ছিন্নতাবাদী আন্দোলন ত্যাগ করিছিল ।


৮।জম্মু আরু কাশ্মিৰক বিশেষ মর্যাদা দিয়াটো প্রতিপন্ন কৰা দুটা ব্যৱস্থা উল্লেখ কৰা ।
উত্তরঃ জম্মু আরু কাশ্মিৰক বিশেষ মর্যাদা দিয়াটো প্রতিপন্ন কৰা দুটা ব্যৱস্থা হ’ল- 
(ক)পৃথক সংবিধান আরু (খ) ৩৭০ অনুচ্ছেদর মাধ্যমেরে স্বায়ত্ত শাসন প্রদান কৰা ।

৯।আমাৰ সংবিধানৰ অনুচ্ছেদ ৩৭০ৰ তাৎপর্য্য উল্লেখ কৰা ।
উত্তরঃ আমাৰ সংবিধানৰ অনুচ্ছেদ ৩৭০ৰ তাৎপর্য্য এইয়ে যে এই অনুচ্ছেদ অনুসৰি জম্মু আরু কাশ্মীৰক অধিক স্বায়ত্ত শাসন প্রদানৰ ব্যৱস্থা কৰা ।

১০। কাশ্মীৰ সমস্যাটোৰ মূল প্রকৃতি কি ?
উত্তরঃ কাশ্মীৰ সমস্যাটোৰ মূল প্রকৃতি হ’ল- ব্রিটিছ শাসনৰ পৰা জম্মু আরু কাশ্মীৰক ভাৰত আরু পাকিস্তান, এই দুই খন দেশতে অন্তর্ভুক্ত নকৰি স্বনিৰ্বাচনৰ সুযোগ প্রদান কৰা হৈছিল । যেতিয়া পাকিস্তানী জনজাতীয় সৈন্যই আক্রমণ কৰিছিল তেতিয়া ৰজা হৰি সিঙে জম্মু আরু কাশ্মীৰক ভাৰতৰ লগত চামিলকৰণত চুক্তিত চহী কৰিছিল আরু পাকিস্তানী সৈন্যৰ আক্রমণৰ পৰা হাত সাৰিছিল । ইয়াৰ পৰৱৰ্তী সময়ত, কাশ্মীৰ ভাৰতৰ অংগ নহয় বুলি পাকিস্তানে দাবী কৰে । এই বিষয়ক লৈ মাজে-সময়ে যুদ্ধ হৈ থাকে ।



১১। বৈচিত্র্য সন্দর্ভত ভাৰতীয় প্রচেষ্টাৰ মূল নীতিটো কি?
উত্তরঃ বৈচিত্র্য সন্দর্ভত ভাৰতীয় প্রচেষ্টাৰ মূল নীতিটো হ’ল এই যে ভাৰত চৰকাৰে সংবিধানৰ নীতিৰ জৰীয়তে সকলো জাতি-জনজাতি, ভাষা, সম্প্রদায়, ধর্ম, সংস্কৃতি আদিৰ মাজত বৈচিত্রতাৰ মাজত ঐক্যসাধনৰ নীতি আরু আদর্শ জনসাধাৰণৰ মাজত অটুত ৰাখিছে ।

১২। কিবোৰ বিষয় আঞ্চলিক আন্দোলনবোৰত জড়িত হৈ থাকে ?
উত্তরঃ আঞ্চলিক আন্দোলনবোৰত বিভিন্ন ধৰণৰ ভাষিক, সংস্কৃতিক, জাতি সম্পর্কীয়, অর্থনৈতিক সম্বন্ধীয় আদিৰ লগতে স্থানীয় বিষয়সমূহ জড়িত হৈ থাকে ।


১৫। গোৱাৰ সমস্যা কি আছিল ?
উত্তরঃ ১৯৪৭ চনত ভাৰতবর্ষ স্বাধীন হৈছিল যদিও পৰ্তুগীজসকলে গোৱা, দমন আরু ডিউ এৰি দিয়া নাছিল লগতে গোৱাৰ সাধাৰণ জনসাধাৰণৰ ওপৰত শোষণ আরু অত্যাচাৰ চলাইছিল । এইয়ে আছিল গোৱাৰ সমস্যা ।

১৬। আঞ্চলিকতাবাদৰ সমস্যাসমূহ কিদৰে সমাধান কৰিব পাৰি?
উত্তরঃ জনসাধাৰণ আরু চৰকাৰৰ যুটীয়া প্রচেষ্টা আরু সহযোগেৰে আঞ্চলিক সমস্যাসমূহৰ আসোৱাহ আরু দুৰ্বলতাসমূহ দূৰ কৰি উন্নয়ণৰ দিশত আগবাঢ়ি গ’লে আরু সাংস্কৃতিক পৰিচয়ৰ ৰক্ষণাবেক্ষণৰ দিশত গুরুত্ব আৰোপ কৰিলে আঞ্চলিক সমস্যাসমূহৰ যথেষ্ট পৰিমাণে সমাধান কৰিব পাৰি

১৭।কোন বছৰত ছিকিমত প্রধান বিধানসভা নির্বাচন অনুষ্ঠিত হৈছিল ?
উত্তরঃ ১৯৭৫ চনত ছিকিমত প্রধান বিধানসভা নির্বাচন অনুষ্ঠিত হৈছিল ।

১৮। মহাৰজাক আঁতৰাবলৈ জম্মু আরু কাশ্মীৰত জনপ্রিয় আন্দোলনটোৰ নেতৃত্ব কোনে দিছিল ?
উত্তরঃ মহাৰজাক আঁতৰাবলৈ জম্মু আরু কাশ্মীৰত জনপ্রিয় আন্দোলনটোৰ নেতৃত্ব দিছিল- শ্বেইক মহম্মদ আব্দুল্লাই ।

১৯। খালী ঠাই পূৰণ করাঃ
 _______ চনত ভাৰত চৰকাৰে সেনা প্রেৰণ কৰিছিল যিয়ে _____ক মুক্ত কৰিছিল ।
উত্তরঃ ১৯৫১ চনত ভাৰত চৰকাৰে সেনা প্রেৰণ কৰিছিল যিয়ে গোৱাক মুক্ত কৰিছিল ।


২০। আমাৰ সংবিধানৰ অনুচ্ছেদ ৩৭০ৰ তাৎপর্য উল্লেখ কৰা ।


উত্তরঃ আমাৰ সংবিধানৰ অনুচ্ছেদ ৩৭০ৰ তাৎপর্য এই যে জম্মু-কাশ্মীৰক সকলো দিশতে বিশেষ মৰ্যদা প্রদান কৰি এক স্বতন্ত্রীয় ৰাজ্য হিচাপে স্বীকৃতি প্রদান কৰা । 


২৪। সাত-ভনী মানে কি বুজা?
উত্তরঃ সাত-ভনী মানে উত্তৰ পূর্বাঞ্চলত অৱস্থিত অসম, মেঘালয়, মিজোৰাম, মণিপুৰ, ত্রিপুৰা, নাগালেণ্ড আরু অরুণাচল প্রদেশ, এই সাতখন ৰাজ্যক বোজা যায় ।

২৫। ১৯৬৯ চনত গোৱাত কিয় ‘মতামত সমীক্ষা’ অনুষ্ঠিত হৈছিল ?


উত্তরঃ ১৯৬৯ চনত গোৱাত ‘মতামত সমীক্ষা’ অনুষ্ঠিত হৈছিল কাৰণ সেই সময়ছোৱাত গোৱাখন মহাৰাষ্ট্রৰ সৈতে চামিল হব নে পৃথক ৰাজ্য হিচাপে থাকিব সেই বিষয়ক লৈ গণভোট গ্রহণ কৰা হৈছিল ।




Below questions & answers are just updated, checking processing.....finding any mistake inform us by  contact form .....

৪ বা ৬ নম্বরর প্রশ্ন আরু উত্তরসমূহঃ




১। আমার সংবিধানর অনুচ্ছেদ ৩৭০ র তাৎপর্য উল্লেখ করা ।

উত্তরঃ স্বাধীনতার পাছত ভারতর লগত কাশ্মীরর চামিলকরণর সময়ত কাশ্মীরক আন রাজ্যবোরর তুলনাত অধিক স্বায়ত্ব শাসন প্রদান করার উদ্দেশ্য ভারতর সংবিধানত ৩৭০ নং অনুচ্ছেদর জরীয়তে কাশ্মীরর মৰ্যদাৰ ক্ষেত্রত ব্যৱস্থা করা হৈছিল । এই অনুচ্ছেদর মুখ্য বিষয়সমূহ/নীতিসমূহ হ’লঃ
(ক) ৩৭০ আরু ৩৭১ র ভারতর সংবিধানর অনুচ্ছেদ অনুসরি জম্মু-কাশ্মীরক ভারতর আন রাজ্যতকৈ অধিক স্বায়ত্ব শাসন প্রদান করিছে ।
(খ) এই অনুচ্ছেদ অনুসরি জম্মু-কাশ্মীরর নিজা সংবিধানর ব্যৱস্থা করিছে ।
(গ) উল্লেখীত অনুচ্ছেদ অনুসরি ভারতর সংবিধানর সকলো অধ্যায় বা ধারা রাজ্যখনর ক্ষেত্রত প্রযোজ্য নহব ।
(ঘ) কেন্দ্রীয় চরকার বা সংসদে গৃহিত করা আইন রাজ্যখনে মত দিলেহে কার্যকরী হব ।
(ঙ)কেন্দ্রীয় চরকার বা সংসদে যেনেকৈ আন রাজ্যক প্রয়োজন সাপেক্ষে হস্তক্ষেপ করে, সেই হস্তক্ষেপ কাশ্মীরর ক্ষেত্রত প্রযোজ্য নহয় ।
(চ) শেহতীয়াকৈ ২০১৯ চনর ৫ আগষ্টত ভারতর গৃহমন্ত্রী অমিত শ্বাহর নেতৃত্বত এক নতুন সংশোধনী উচ্চ সদন আরু নিম্ন সদনত উত্থাপন করে আরু ৩১ অক্টোবর ২০১৯ চনত গৃহিত হয় আরু ৩৭০ অনুচ্ছেদ বাতিল হয় ।

২। জম্মু আরু কাশ্মীরর চমু বিৱৰণ দিয়া ।
অথবাঃ কাশ্মীর সমস্যার মূল প্রকৃতি কি?
অথবাঃ কাশ্মীরর বিভিন্ন ধরণর বিচ্ছিন্নতাবাদী রাজনীতিবোর কি কি?
অথবাঃ কাশ্মীরর আভ্যন্তরীণ আরু বাহ্যিক সংঘর্ষ বা সমস্যাবোর কি কি?

উত্তরঃ ভারত আরু পাকিস্তানর মুখ্য সমস্যা আরু বিবাদ সম্পন্ন রাজ্য জম্মু-কাশ্মীর তিনিটা রাজনৈতিক আরু সামাজিক অঞ্চলক সামরি লৈছে- সেয়া হ’লঃ জম্মু যিটো অঞ্চল টিলা আরু সমতল ভূমিরে অৱস্থিত, যত হিন্দু, মুছলমান, শিখ আরু বিভিন্ন ভাষিক লোকর সংমিশ্রনেরে গঠিত । দ্বিতীয় অঞ্চলটো হ’ল-লাডাখ অঞ্চল, যিটো পার্বত্য অর্থাৎ পাহারেরে আবৃত যত বুদ্ধ আরু মুছলমানর সংমিশ্রনেরে কম জনসংখ্যার এক অঞ্চল । তৃতীয়টো অঞ্চল হ’ল- কাশ্মীর উপত্যকা, যত কাশ্মীরে ভাষারে সরহসংখ্যক মুছলমান আরু কম সংখ্যক কাশ্মীরি হিন্দু আছে ।
কাশ্মীর সাধারণতে দুই দিশর সমস্যা বা সংঘর্ষ পরিলক্ষিত হয় । সেয়া হ’লঃ
(ক) বাহ্যিক সমস্যাঃ

       (অ) পাকিস্তানর জনজাতীয় সকলর আক্রমণঃ
              ১৯৪৭ চনর অক্টোবর মাহত পাকিস্তানে ভারত আক্রমণ করিছিল আরু কিছু অংশ দখল করিছিল যার বাবে ভারত আরু পাকিস্তানর যুদ্ধর আরম্ভণি হৈছিল ।

       (আ) ‘আজাদ কাশ্মীর’ক লৈ বাহ্যিক সমস্যাঃ
       ভারত চরকারে পাকিস্তানে দখল করা প্রায়বোর ঠাই পুনর উদ্ধার করিছিল যদিও এক অংশ পাকিস্তানর অধীনতে রয় যাক পাকিস্তানে ‘আজাদ কাশ্মীর’ বুলি ঘোষণা করিছিল । এই অংশক ভারতে বে-আইনী বুলি ঘোষণা করিছে আরু যার বাবে দুইখন দেশর বাহ্যিক সংঘর্ষই গা-করি উঠিছিল ।

      (ই) সীমা বিবাদঃ
       কাশ্মীরর উল্লেখনীয় আরু অব্যাহত থকা বাহ্যিক সমস্যাটো হ’ল-সীমা বিবাদ । যাক লৈ বর্তমানেও ভারত-পাক সীমান্তত যুদ্ধ অব্যাহত আছে ।

(খ) আভ্যন্তরীণ সমস্যাঃ
       কাশ্মীরর আভ্যন্তরীন ক্ষেত্রত আভ্যন্তরীনভাবে তিনিধনর বিচ্ছিন্নতাবাদী রাজনীতি বা আন্দোলন গঢ়ি তুলিছিলসেয়া হ’লঃ
      (অ) ৩৭০ অনুচ্ছেদ, স্বায়ত্বশাসন আরু বিশেষ কাশ্মীরি মৰ্যদাক কেন্দ্র করিঃ
     এক শ্রেণী কাশ্মীরিয়ে  ৩৭০ অনুচ্ছেদ, স্বায়ত্বশাসন আরু বিশেষ কাশ্মীরি মৰ্যদাক রক্ষা নোহোৱার দাবী উত্থাপন করিছিল । সেয়েহে তেওঁলোক পৃথক রাষ্ট্র অর্থাৎ কাশ্মীর পৃথক রাষ্ট্র হিচাপে দাবী তুলিছিল ।
      (আ) পাকিস্তানর লগত চামিলঃ
       কাশ্মীর যিহেতু অধিকাংশক মুছলমান লোক আছে । সেয়েহে এক শ্রেণী কাশ্মীরিয়ে পাকিস্তানর লগত চামিলর বাবে আন্দোলন গঢ়ি তুলিছিল ।
      (ই) ভারতর লগত চামিলঃ
       জৱাহর লেহরু আরু আন কংগ্রেছী নেতার বন্ধু সুলভ জাতীয়তাবাদী নেতা শ্বেইখ মহম্মদ আব্দুলার নেতৃত্বত নেচনেল কনফারেন্স দলে আরু কিছু কাশ্মীরিয়ে ভারতর লগত কাশ্মীর চামিল হোৱাৰ ক্ষেত্রত আন্দোলন গঢ়ি তুলিছিল ।

       এনেধরণে আভ্যন্তরীণ আরু বাহ্যিক দিশত কাশ্মীরক লৈ সমস্যা আরু সংঘাত হৈছিল । লগতে, ইয়ার প্রভাৱ বৰ্তমানেও বর্তি আছে আরু বর্তমান কাশ্মীর এখন ভারতর আন রাজ্যর দরে এক অংগ রাজ্য ।

৩। আঞ্চলিকতাবাদ বুলিলে কি বুজা? অনৈক্যর মাজত ঐক্যর পথত আঞ্চলিকতবাদর সৃষ্টি হ’ল কিদরে?
অথবাঃ ভারতীয় ঐক্যক আঞ্চলিকতাবাদে প্রভাৱিত করিছেনে? তোমার উত্তরর সপক্ষে যুক্তি দর্শোৱা ।
অথবাঃ ঐক্যর মাজত অনৈক অনার পথত আঞ্চলিকবাদে কিদরে বাধা সৃষ্টি করে অথবাঃ ৭। ‘আঞ্চলিকতাবাদে বিচ্ছিন্নবাদক নুবুজায়’- ব্যাখ্যা করা ।
অথবাঃ সকলো আঞ্চলিক আন্দোলনরে বিচ্ছিন্নতাবাদীর দাবী নুবুজায় । আঞ্চলিক প্রত্যাশা অধ্যায়র পরা উদাহরণসহ ব্যাখ্যা করা ।
অথবাঃ ভারতীয় গণতন্ত্রর বাবে আঞ্চলিকতাবাদক তুমি ভাল বুলি ভাবা নে?
অথবাঃ ভারতত আঞ্চলিক দলসমূহর উত্থাপনর বাবে দায়ী কারকসমূহ আলোচনা করা ।
অথবাঃ ভারতর ‘আঞ্চলিকতাবাদ’র বিকাশর দায়ী কারকসমূহ কি কি আছিল?
অথবাঃ ভারতত বিচিচ্ছিন্নতাবাদর জুই জ্বলাত কি কি কারকে ইন্ধন হিচাপে কাম করে?
অথবাঃ ভারতত আঞ্চলিক দলসমূহর উত্থাপনর বাবে দায়ী কারকসমূহ আলোচনা করা ।
অথবাঃ ভারতত বিচ্ছিন্নতাবাদ জন্ম হোৱাৰ বাবে কোনবোর উপাদান দায়ী আছিল?
অথবাঃ ভারতত আঞ্চলিক দলর উৎপত্তির কারণসমূহ আলোচনা করা ।


(নোটঃ প্রশ্ন অনুসরি তলত উত্তরর লাগতিয়াল খিনিহে লিখিবা ।)

উত্তরঃ এখন দেশ বিভিন্ন অঞ্চলক সামরি গঠিত হয় । দেশর চুকে-কোণে থকা এই অঞ্চলসমূহর সামাজিক, সাংস্কৃতিক, রাজনৈতিক, অর্থনৈতিক, ভাষা, জাতি আদির সামগ্রিক পরিস্থিতিক আঞ্চলিকতাবাদ বুলি কোৱা হয় ।
ভারতবর্ষ সংবিধানর ওপরত প্রতিষ্ঠিত আরু ভারতর সংবিধানে জাতিবর্ণ-ধর্ম-ভাষা-নির্বিশেষে সকলো অনৈক্যর মাজত ঐক্য গঢ়ি তুলিছে । তথাপি কিছুমান বিষয়ক কেন্দ্র করি আঞ্চলিকতাবাদ আরু আঞ্চলিক দলসমূহ গঢ়ি তুলিছে । সেয়া হ’লঃ

(ক) গণতন্ত্র রক্ষার বাবে আঞ্চলিক আকাঙ্ক্ষাঃ
       আঞ্চলিক বিষয়বোর প্রকাশ করাটো সংবিধানর নিয়ম বৰ্হিভূত নহয় । সেয়েহে গণতন্ত্র রক্ষার বাবে বিভিন্ন আঞ্চলিকতাবাদ আরু আঞ্চলিক দলসমূহর    সৃষ্টি হৈছে । এইবোরে এফালে গণতন্ত্র রক্ষা করে আরু আন দিশত ঐক্যর মাজত অনৈক অনার দিশত কিছু সমস্যার সৃষ্টি করে ।

(খ) নিজর ভাষা রক্ষার কেন্দ্র করিঃ
       ভারতত ভাষার ওপরত কেন্দ্র করি বিভিন্ন ভাষিক অঞ্চল পাছলৈ রাজ্য হিচাপে গঢ়ি উঠিছিল । যিয়ে ঐক্য আরু অনৈক্যর লগতে এফালে বিবাদ আরু আনফালে শান্তি প্রতিষ্ঠা করিছিল । উদাহরণ-অন্ধ্রপ্রদেশ, গুজরাট, মহারাষ্ট্র, আদি ।

(গ)বিচ্ছিন্নতাবাদক কেন্দ্র করিঃ
       ভারতবৰ্ষত বিচ্ছিন্নবাদক কেন্দ্র করি কাশ্মীর, গোৱা, ছিক্কিম, উত্তর-পূবর নাগালেণ্ড আরু মিজোরাম আদি অঞ্চলত পৃথক রাষ্ট্রর দাবী উত্থাপন করিছিল । এই ক্ষেত্রত এফালে পৃথক রাজ্যর সৃষ্টিরে গণতন্ত্র প্রতিষ্ঠা আরু আন দিশত আন্দোলন, সশস্ত্র বিদ্রোহ আদি সংঘটিত হৈছিল ।

(ঘ) স্বায়ত্ব শাসনর দাবী উত্থাপনরেঃ
       মণিপুর, ত্রিপুরা, উত্তর-পূবর মেঘালয়, অরুণাচল প্রদেশ আদি আরু অসমর বড়ো, কাৰ্বি আরু ডিমাচা আদি জনজাতি সকলে পৃথক স্বায়ত্ব শাসনর দাবী উত্থাপন করিছিল । এই ক্ষেত্রত এফালে পৃথক স্বায়ত্ব শাসন পাইছিল আরু আনফালে বিদ্রোহ আরু আন্দোলনর নীতিবোরে সাধারণ জীৱন-যাপনত ব্যাঘ্যাত জন্মাইছিল ।

(ঙ) রাজনৈতিক ক্ষমতা অংশীদারিত্বক কেন্দ্র করিঃ
       রাজনৈতিক ক্ষমতাক কেন্দ্র করি দলিত পেন্থারসকল, দ্রাবিড়ীয় আন্দোলন, আদি আঞ্চলিকতাবাদর আরু DMK, শিরোমণি আকালি দল আদি দলর সৃষ্টি হৈছিল । এনে ক্ষেত্রত এক দিশে রাজনৈতিক আসন সংরক্ষণ-অধিকার পাবলৈ সক্ষম হৈছিল আরু আন দিশে দেশর অস্থিরতার সৃষ্টি করিছিল ।

(চ)সাংস্কৃতিক, গর্ব আরু অর্থনৈতিক অনগ্রসরতাক কেন্দ্র করিঃ
    অসম আন্দোলন আছিল সাংস্কৃতিক, গর্ব আরু অর্থনৈতিক অনগ্রসরতার সংমিশ্রণ । এই আন্দোলনে এফালে অসমর খিলঞ্জীয়া সকলর সুরক্ষার দিশত প্রভাৱ পেলাইছিল আরু আন দিশে আন্দোলন, হরতাল, ধর্ম ঘট, রাস্তা অবরোঘ আদি প্রতিবাদী কাৰ্যসূচীর সৃষ্টি করিছিল । লগতে, দল বিশেষকৈ অসম গণ পরিষদ, AASU আদির জন্ম আরু প্রভাৱ বিস্তার করিছিল ।

এনেদরে এফালে অনৈক্যর মাজত ঐক্যর পথত আঞ্চলিকতবাদর সৃষ্টি হৈছিল । সকলো আঞ্চলিক আন্দোলনরে বিচ্ছিন্নতাবাদীর দাবী নুবুজায় ।  তথাপি, কম-বেছি পরিমাণে ঐক্যর মাজত অনৈক্য অনার পথত আঞ্চলিকবাদে বাধারো সৃষ্টি করিছিল বা করে

(নোটঃ এই উত্তরটোত সফল আরু বিফল/কুফল একেলগে উপস্থাপন করা হৈছে । যদি যিকোনো এটাহে লিখিব লগা হয়, তেনেহলে আনটোর বিষয়বস্তু উল্লেখ করিব নালাগে ।)

৪। দ্রাবিড়সকলর আন্দোলনর প্রকৃতির বিষয়ে আলোচনা করা ।
অথবাঃ  দ্রাবিড়ান আন্দোলনর প্রকৃতি আলোচনা করা ।

উত্তরঃ দ্রাবিড়ান আন্দোলনর প্রকৃতিসমূহ হ'ল এনেধরণরঃ

(ক) দ্রাবিড়ীয় জাতি গঠনর আকাঙ্ক্ষাঃ
       ‘ভারাক্কু ভাজরিকাই(Vadakko Vaazhkirathn); টেরকু টেইকিরাটে (Therkku Thaeikirathn) অর্থাৎ ‘উত্তরত উন্নতি ঘটিলে দক্ষিণর পতন’ এই জনপ্রিয় ধ্বনিৰে তামিলনাডু রাজ্যত দ্রাবিড়ীয় আন্দোলন গঢ়ি উঠিছিল ।

(খ)রাজনৈতিক ক্ষমতা দখল করার উদ্দেশ্যেঃ
       ই. ভি. রামস্বামী নেইকারর নেতৃত্বত দ্রাভিডার বা দ্রাভিড়ীয় কাজগাম (ডি কে) র দলর সহযোগত রাজনৈতিক ক্ষমতার বাবে আন্দোলন গঢ়ি তুলিছিল ।

(গ) বাহ্মণ সমাজর অধিপত্যর বিরোধেরেঃ
       দ্রাভিডার বা দ্রাভিড়ীয় কাজগাম দলর যোগেদি বাহ্মণসকলর আধিপত্যর বিরুদ্ধে সংগ্রাম করিছিল । লগতে, বাহ্মণসকলর সমপর্যায় হিচাপে অধিকার অর্থাৎ আধিপত্যর ক্ষেত্রত দাবী উত্থাপন করিছিল ।

(ঘ) উত্তর ভাগর রাজনৈতিক, অর্থনৈতিক আরু সাংস্কৃতিক আধিপত্যর বিপক্ষেঃ
       দ্রাবিড়ীয় আন্দোলনত উত্তর ভাগর রাজনৈতিক, অর্থনৈতিক আরু সাংস্কৃতিক আধিপত্যর বিপক্ষে আঞ্চলিক গৌৰব বা শ্রেষ্ঠতা নিশ্চিত করিছিল ।

(ঙ) DMK র ত্রিমূর্তি আন্দোলনঃ
   দ্রাভিডার বা দ্রাভিড়ীয় কাজগাম পাছলৈ DMK অর্থাৎ দ্রাভিড়ীয় মুন্নেত্রা কাজগাম লৈ হস্তান্তরিত হৈছিল আরু ১৯৪৪-৫৩ চনত ত্রিমূর্তি আন্দোলন গঢ়ি তুলিছিল । সেয়া হ’লঃ প্রথমে, ‘কল্লাকুদি’ নামর রে’ল আস্থানটোর সংশোধিত নাম ‘দাল্মিয়াপুরম’র পরিৱৰ্তে ‘কল্লাকুদি’ হব লাগে বুলি দাবী জনাছিল । দ্বিতীয়তে, বিদ্যালয়র পাঠ্যক্রমত তামিল সংস্কৃতির ইতিহাস জনিত বিষয় অন্তর্ভুক্ত করা । তৃতীয়তো আন্দোলন আছিল- রাজ্যিক চরকারে গ্রহণ করা কারিকরী শিক্ষার আচনির প্রতিবাদ করা, কারণ এই আচনি ব্রাহ্মণ সমাজর সৈতে সম্পর্ক আছিল ।
      
(চ) ১৯৬৫ চনর ‘হিন্দী রাষ্ট্রভাষা’ বিরোধী আন্দোলনঃ
       দ্রাবিড়ীয় আন্দোলনর আন এক অংশ আছিল- হিন্দী ভাষাক কেন্দ্র করি । ১৯৬৫ চনত হিন্দীক রাষ্ট্র ভাষা হিচাপে গ্রহণ করাক কেন্দ্র করি ‘হিন্দী রাষ্ট্রভাষা বিরোধী আন্দোলন’ গঢ়ি উঠিছিল ।
       এইদরে তামিলনাডুত রাজনৈতিক আরু সামাজিক সমস্যাসমূহর সমাধানর বাবে আরু তামিল জাতি-সংস্কৃতির উত্থানক কেন্দ্র করি আন্দোলন সংঘটিত হৈছিল ।

৫। ডি. এম. কের. নীতি আরু কাৰ্যসূচীসমূহর বিষয়ে আলোচনা করা ।

উত্তরঃ
ডি. এম কেঃ
      দ্রাবিদা মুন্নেত্রা কাজহাগম সি. এন. অন্নদুরাই(C. N. Annadurai) আরু পেরিয়ার ই ভি ভি রামসামির (Periyar E. V. Ramasamy) সামাজিক, গণতান্ত্রিক আরু সামাজিক ন্যায়বিচারের নীতি নীতিত প্রতিষ্ঠিত এক দ্রাবিড় দল । এইটো ১৯৪৯ চনত সি. এন. অন্নদুরাই(C. N. Annadurai) আরু পেরিয়ার ই ভি ভি রামসামির (Periyar E. V. Ramasamy) নেতৃত্বত দ্রাবিড় কাজগম (১৯৪৪ চন পর্যন্ত বিচারপতি পার্টি/ Justice Party হিচাপে পরিচিত)র এটি বিচ্ছেদ দল হিচাপে প্রতিষ্ঠিত হৈছিল ।

 ডি. এম. কের. নীতি আরু কাৰ্যসূচীসমূহ হ'লঃ

(ক) DMK র ত্রিমূর্তি আন্দোলনঃ
   দ্রাভিডার বা দ্রাভিড়ীয় কাজগাম পাছলৈ DMK অর্থাৎ দ্রাভিড়ীয় মুন্নেত্রা কাজগাম লৈ হস্তান্তরিত হৈছিল আরু ১৯৪৪-৫৩ চনত ত্রিমূর্তি আন্দোলন গঢ়ি তুলিছিল । সেয়া হ’লঃ প্রথমে, ‘কল্লাকুদি’ নামর রে’ল আস্থানটোর সংশোধিত নাম ‘দাল্মিয়াপুরম’র পরিৱৰ্তে ‘কল্লাকুদি’ হব লাগে বুলি দাবী জনাছিল । দ্বিতীয়তে, বিদ্যালয়র পাঠ্যক্রমত তামিল সংস্কৃতির ইতিহাস জনিত বিষয় অন্তর্ভুক্ত করা । তৃতীয়তো আন্দোলন আছিল- রাজ্যিক চরকারে গ্রহণ করা কারিকরী শিক্ষার আচনির প্রতিবাদ করা, কারণ এই আচনি ব্রাহ্মণ সমাজর সৈতে সম্পর্ক আছিল ।
      
(খ) ১৯৬৫ চনর ‘হিন্দী রাষ্ট্রভাষা’ বিরোধী আন্দোলনঃ
       দ্রাবিড়ীয় আন্দোলনর আন এক অংশ আছিল- হিন্দী ভাষাক কেন্দ্র করি । ১৯৬৫ চনত হিন্দীক রাষ্ট্র ভাষা হিচাপে গ্রহণ করাক কেন্দ্র করি ‘হিন্দী রাষ্ট্রভাষা বিরোধী আন্দোলন’ গঢ়ি উঠিছিল ।

(গ) দ্রাবিড়ীয় জাতি গঠনর আকাঙ্ক্ষাঃ
       ‘ভারাক্কু ভাজরিকাই(Vadakko Vaazhkirathn); টেরকু টেইকিরাটে (Therkku Thaeikirathn) অর্থাৎ ‘উত্তরত উন্নতি ঘটিলে দক্ষিণর পতন’ এই জনপ্রিয় ধ্বনিৰে তামিলনাডু রাজ্যত দ্রাবিড়ীয় আন্দোলন গঢ়ি উঠিছিল ।

(ঘ)রাজনৈতিক ক্ষমতা দখল করার উদ্দেশ্যেঃ
       ই. ভি. রামস্বামী নেইকারর নেতৃত্বত দ্রাভিডার বা দ্রাভিড়ীয় কাজগাম (ডি কে) র দলর সহযোগত রাজনৈতিক ক্ষমতার বাবে আন্দোলন গঢ়ি তুলিছিল ।

(ঙ) বাহ্মণ সমাজর অধিপত্যর বিরোধেরেঃ
       দ্রাভিডার বা দ্রাভিড়ীয় কাজগাম দলর যোগেদি বাহ্মণসকলর আধিপত্যর বিরুদ্ধে সংগ্রাম করিছিল । লগতে, বাহ্মণসকলর সমপর্যায় হিচাপে অধিকার অর্থাৎ আধিপত্যর ক্ষেত্রত দাবী উত্থাপন করিছিল ।

(চ) উত্তর ভাগর রাজনৈতিক, অর্থনৈতিক আরু সাংস্কৃতিক আধিপত্যর বিপক্ষেঃ
       দ্রাবিড়ীয় আন্দোলনত উত্তর ভাগর রাজনৈতিক, অর্থনৈতিক আরু সাংস্কৃতিক আধিপত্যর বিপক্ষে আঞ্চলিক গৌৰব বা শ্রেষ্ঠতা নিশ্চিত করিছিল ।

       এইদরে তামিলনাডুত রাজনৈতিক আরু সামাজিক সমস্যাসমূহর সমাধানর বাবে আরু তামিল জাতি-সংস্কৃতির উত্থানক কেন্দ্র করি আন্দোলন সংঘটিত হৈছিল ।

৬। ভারতর স্বাধীনতার ঠিক পিছতেই উত্তেজনার সৃষ্টি হোৱা এলেকাসমূহর তালিকা দিয়া ।

উত্তরঃ ভারতর স্বাধীনতা দেশ বিভাজনর দরে অতি দুখর বিষয়র মাধ্যমেরে সংঘটিত হৈছিল । ভারতর স্বাধীনতার ঠিক পিছতেই বহুতো উত্তেজনার সৃষ্টি হৈছিল । ইয়ার ভিতরত উল্লেখযোগ্য এলেকাসমূহ হ’লঃ

(ক) জম্মু-কাশ্মীরঃ
       পাকিস্তানে ভারতর কিছু অংশ দখল আরু মুছলীম সংখাগরিষ্ঠর ভিত্তিত কাশ্মীর দাবীরে ভারত আরু পাকিস্তানর যুদ্ধ হৈছিল আরু জম্মু-কাশ্মীর অঞ্চলত উত্তেজনার সৃষ্টি হৈছিল ।

(খ) পঞ্জাৱঃ
ভারত স্বাধীনতার পিছত পাঞ্জাৱৰ সীমা আরু ভাষার ভিত্তিত পুনর গঠন লগতে শিখসকলর ‘পাঞ্জাবী চুবা’ গঠনক কেন্দ্র করি তীব্র আন্দোলন গঢ়ি উঠিছিল ।

(গ)ছিক্কিমঃ
       স্বাধীনতার সময়ছোৱাত আরু ঠিক পাছত ‘ছিক্কিম এখন সার্বভৌম রাষ্ট্র’ হিচাপে প্রতিষ্ঠা করাত রজা চোগিয়ালর নেতৃত্বত আন্দোলন গঢ়ি তুলিছিল ।

(ঘ)গোৱাঃ
       ১৯৪৭ চনর ব্রিটিছ সাম্রাজ্যর শাসনর ওর পরার পাছতো গোৱা, দিউ আরু দমন অঞ্চলর/রাজ্যক্ষেত্রর পর পৰ্টুগাল বা পৰ্টুগীজ সকলে উঠি জাবলৈ অমান্তি হৈছিল । লগতে, তেওঁলোকে গোৱাৰ লোকসকলক দমন, অসামরিক অধিকারর পরা বঞ্চিত, ধর্মান্তরকরণ আদি দুর্নীতি গ্রহণ করি উত্তেজনার সৃষ্টি করিছিল ।

(ঙ) মণিপুর আরু ত্রিপুরাঃ
   স্বাধীনতার পাছত মণিপুর আরু ত্রিপুরাই পৃথক রাজ্যর দাবীরে উত্তেজনার সৃষ্টি করিছিল ।

(চ) অসমঃ
       স্বাধীনতার পাছত অসমর বিভিন্ন অঞ্চল মেঘালয়, অরুণাচল প্রদেশ, আদি আরু বিভিন্ন জাতি বিশেষকৈ বড়ো, কাৰ্বী আরু ডিমাচা গোষ্ঠীয়ে পৃথক রাজ্যর দাবী উত্থাপনেরে উত্তেজনার সৃষ্টি করিছিল । লগতে, লাগালেণ্ড আরু মিজোরামর পৃথক রাষ্ট্রর দাবীরে বৃহৎ আলোড়ণ আরু উত্তেজনার সৃষ্টি করিছিল ।

৭। অসম আন্দোলন আছিল সাংস্কৃতিক, গর্ব আরু অর্থনৈতিক অনগ্রসরতার সংমিশ্রণ । ব্যাখ্যা করা ।
অথবাঃ অসম আন্দোলন সম্পর্কে এটা চমুটোকা লিখা ।

উত্তরঃ ১৯৭৯ চনর পরা ১৯৮৫ চনলৈকে চলা ‘অসম আন্দোলন’ এক শ্রেষ্ঠ বহিরাগত আন্দোলন হিচাপে পরিচিত হৈছিল । অসমর খীলঞ্জিয়া লোকসকলে ভাবিছিল যে পূব পাকিস্তানর সংকটর লগতে বাংলাদেশর স্বাধীনতার সময়ত আরু তার পিছত বাংলাদেশর পরা বৃহৎসংখ্যক বেঙ্গলী মুছলমান লোক অসমলৈ আহিছিল । সেয়েহে অসমর সংস্কৃতি রক্ষা করিবর বাবে বিদেশীসকলক চিনাক্ত আরু বহিস্কার করার মানসেরে সদৌ অসম ছাত্র সন্থা আরু আন সামাজিক গোটবোরর সহযোগত ১৯৭৯ চনত এক ‘বিদেশী বিরোধী আন্দোলন’ নতুবা ‘অসম আন্দোলন’ গঢ়ি তুলিছিল । অতীতরে পরা অসমত বর্তি থকার গর্ব আরু গৌরব যাতে খর্ব নহয় তার বাবে সকলোয়ে আন্দোলনত নামি পরিছিল । 

         অসম আন্দোলনর আন এক বিষয় আছিল-অৰ্থনীতি । অসমত প্রচুর পরিমাণে চাহ, কয়লা, তেল আদি থকা স্বতেও দরিদ্রতা আরু নিবনুৱা সমস্যারে জর্জরিত । সেয়েহে, বাহিরর দেশ বা অঞ্চলর লোকর আগ্রাসন আরু বসবাসে অসমর স্থানীয় বা খীলঞ্জীয়ে লোকর জীৱনত বিপদাপন্ন হোৱাৰ আশংকা করিছিল । সেইবাবে ১৯৫১ চনর পাছত অহা সকলো বহিরাগতক অসমর পরা খেদা বা বাহির করার দাবী উত্থাপন করিছিল ।

       এই আন্দোলনর ফলত সম্পত্তি হেরুৱা, জীৱন হেরুৱা, হিংসাত্মক ঘটনা, দুখজনক পরিস্থিতি, রেল বন্ধ, অসমর পরা বিহারর শোধনাগারলৈ তেল নিয়াত বাধা আদি বহু প্রতিবাদীমূলক কাৰ্যসূচী গ্রহন করিছিল ।

       অৱশেষত, ১৯৮৫ চনত ৰাজীৱ গান্ধী আরু AASU র নেতাসকলর মাজত আলোচনার মাধ্যমেরে ‘অসম চুক্তি’ স্বাক্ষরিত হয় আরু সেই সময়র ‘অসম আন্দোলন’র অন্ত পরে
      
৮। ভারতর যিকোনো চারিটা আঞ্চলিক দলর নাম উল্লেখ করা
উত্তরঃ
 দি. এম কেঃ
       দ্রাবিদা মুন্নেত্রা কাজহাগম সি সি. এন. অন্নদুরাই(C. N. Annadurai) আরু পেরিয়ার ই ভি ভি রামসামির (Periyar E. V. Ramasamy) সামাজিক, গণতান্ত্রিক আরু সামাজিক ন্যায়বিচারের নীতি নীতিত প্রতিষ্ঠিত এক দ্রাবিড় দল এইটো ১৯৪৯ চনত সি. এন. অন্নদুরাই(C. N. Annadurai) আরু পেরিয়ার ই ভি ভি রামসামির (Periyar E. V. Ramasamy) নেতৃত্বত দ্রাবিড় কাজগম (১৯৪৪ চন পর্যন্ত বিচারপতি পার্টি/ Justice Party হিচাপে পরিচিত)র এটি বিচ্ছেদ দল হিচাপে প্রতিষ্ঠিত হৈছিল ।  

বোডোল্যান্ড পিপলস ফ্রন্ট(The Bodoland People's Front (BPF)
       বোডোল্যান্ড পিপলস ফ্রন্ট (বিপিএফ) ভারতর অসমর এটি আঞ্চলিক রাজনৈতিক দল দলটির সদর দফতর/কাৰ্যালয় কোকরাঝার চহরত আছে ।  বর্তমান এই দলটিয়ে  বোডোল্যান্ডের স্বায়ত্তশাসিত অঞ্চল শাসন করে এই দলটো ভারতীয় জনতা পার্টির এক মিত্র দল । এই দলটো অসম চরকারর ২০১৬ চনর এনডিএ(NDA) নামে পরিচিত জোট বন্ধনত আছে । লগতে,  এই দলটো উত্তর-পূর্ব গণতান্ত্রিক জোটর(North East Democratic Alliance) আঞ্চলিক জোটরো এক সদস্য দল

বিজু জনতা দলঃ
      বিজু জনতা দল ' ওড়িশার/উরিষ্যার মুখ্যমন্ত্রী নবীন পাটনায়ক( Naveen Patnaik) আরু বিজু পাটনায়েকর( Biju Patnaik) পুত্রৰ নেতৃত্বত গঢ়ি উঠা এক আঞ্চলিক রাজনৈতিক দল ৷  যার নামানুসারে এই দলের নামকরণ করা হৈছিল। এই দলটো ২৬ ডিসেম্বর ১৯৯৭ চনত প্রতিষ্ঠিত হৈছিল

অসম গণ পরিষদ (Assam Peoples Association, AGP):
      অসম গণ পরিষদ  অসমর এটি আঞ্চলিক/রাজ্যিক রাজনৈতিক দল ১৯৮৫ চনর অসম চুক্তির পাছত ডপ্রফুল্ল কুমার মহন্তর নেতৃত্বত এই দলটো গঠন করা হৈছিল । ১৯৮৫-১৯৮৯ আরু ১৯৯৬-২০০১ চনত দুবারকৈ এই দলটোয়ে চরকার গঠন করিছে । বর্তমান এই দলটো অতুল বরার নেতৃত্বত বিজেপী পার্টীর সৈতে মিত্রজোট বান্ধি পরিচালিত হৈছে ।  

৯। আনন্দপুর চাহিব প্রস্তাৱ কিয় বিতর্কিত হৈ পরিছিল?

উত্তরঃ ১৯৭০ র দশকত আকালি দলর এচাম লোকে অঞ্চলটোর কারণে রাজনৈতিক স্বায়ত্বশাসনর দাবী উত্থাপন করিছিল । এই ভিত্তিতে ১৯৭৩ চনত আনন্দপুর চাহিব প্রস্তাৱ গঠন করা হৈছিল ।

এই প্রস্তাবর মূল বিষয়সমূহ আছিলঃ
(ক) আঞ্চলিক স্বায়ত্ব শাসন প্রতিষ্ঠা করা ।
(খ) কেন্দ্র-রাজ্যর সম্পর্ক পুনর নির্ধারণ করা ।
(গ) শিখ-কোৱামওর (গোষ্ঠী বা জাতি)র সন্দর্ভত সুরক্ষা আরু সুবিধা প্রদান করা ।
(ঘ) শিখসকলর বলবালা (দমনা বা প্রভুক্ষ)র পরিপেক্ষিতত কাৰ্যসুচী করিছিল ।
(ঙ) যুক্তরাষ্ট্র সবলর বাবে আবেদন করিছিল আরু দাবী জনাইছিল ।
(চ) পৃথক শিখ রাষ্ট্রর আবেদন করি আন্দোলন গঢ়ি তুলিছিল ।

আনন্দপুর চাহিব প্রস্তাৱ বিতর্কিত হোৱাৰ কারণসমূহ আছিলঃ
(ক) কিছুবছরর পাছত ১৯৮০ চনত আকালি চরকার ভাগি গৈছিল ।
(খ) আকালি দলে পঞ্জাৱ আরু চুবুরীয়ার রাজ্যবোরর মাজত পানীর বিতরণর প্রশ্নক কেন্দ্র করি এক আন্দোলন গঢ়ি তুলিছিল ।
(গ) এচাম ধার্মিক নেতাই স্বায়ত্ব শিখ পরিচয়র বিষয়ে প্রশ্ন আরু দাবী উত্থাপন করিছিল
(ঘ)ভারতর পরা বিচ্ছিন্ন হোৱা আরু খালিস্তান নির্মাণর কথারে কিছুমান চূড়ান্ত উপাদান আরম্ভ হৈছিল আরু প্রস্তাবর বিরুদ্ধিতা করিছিল ।
(ঙ) বিপ্লৱর নেতৃত্ব মধ্যমপন্থী আকালি দলর পরা চরমপন্থীসকললৈ হস্তান্তরণ হৈছিল ।
(চ) প্রস্তাৱৰ বিরুদ্ধে বা নিয়ম উলংঘা করি অস্ত্রযুক্ত হিংসা গঢ়ি তুলিছিল ।

১০। শিরোমণি আকালি দলর নীতি আরু কার্যসূচীসমূহ ব্যাখ্যা করা ।
অথবাঃ শিরোমণি আকালি দল সম্পর্কে এটি চমুটোকা লিখা ।

উত্তরঃ      শিরোমণি আকালি দল (SAD) ( সুপ্রিম আকালী পার্টি) ভারতর পাঞ্জাবর এটি ৰাজ্যিক রাজনৈতিক দল আকালি দল নামে বহুতো দল আছে ভারতর নির্বাচন কমিশন/আয়োগে এই দলটিক "শিরোমণি আকালি দল" হিচাপে স্বীকৃতি প্রদান কৰিছে ৷ সুখবীর সিং বাদলর নেতৃত্বত এই দলটো গঢ়ি উঠিছিল একটি দল এই দলটো শিখ সম্প্রদাৰ লোকসকলৰ আটাইতকৈ বৃহত্তম প্রভাৱশালী দল ৷ই দলটিয়ে শিখ ধর্মীয় সংস্থা আরু শিখ সম্প্রদায়ৰ স্বাৰ্থৰ বাবে মাত মাতি আহিছে ৷ 
           আনবোৰ জাতিৰ সমভাৱে শিখ সম্প্রদায়েও যাতে সুযোগ-সুবিধা লাভ কৰে তাৰ বাবে প্রচেষ্টা অব্যাহত ৰাখিছে ৷ শিরোমনি গুরুদ্বার প্রবন্ধক কমিটি আরু  দিল্লি শিখ গুরুদ্বার ম্যানেজমেন্ট/পরিচালনা কমিটিয়ে এই দলটো নিয়ন্ত্রণ করে ৷ এই দলটোৰ আন এক নীতি আরু কাৰ্যসূচী হৈছে শিখ সম্প্রদায় লোকসকলক ৰাজনৈতিক পেক্ষাপটত প্রতিষ্ঠা কৰা ৷ এই দলটোয়ে বিজেপির মিত্রজোট এন. ডি. এ. র সৈতে সম্পর্কিত হৈ বিজেপির সৈতে রাজনৈতিক নীতি আরু কাৰ্যসূচী গ্রহণ করি আছে । 

১১অসম চুক্তি সম্পর্কে আলোচনা করা । অসম চুক্তির দফাবোরত থকা মূল বিষয়সমুহ আলোচনা করা ।
অথবাঃ অসম চুক্তি সম্পর্কে এটি চমু টোকা লিখা ।

উত্তরঃ ১৯৮৫ চনত ৰাজীৱ গান্ধী আরু AASU র নেতাসকলর মাজত আলোচনার মাধ্যমেরে ‘অসম চুক্তি’ স্বাক্ষরিত হয় আরু সেই সময়র ‘অসম আন্দোলন’র অন্ত পেলাইছিল

অসম চুক্তির দফাবোরত থকা মূল বিষয়সমুহ হ’লঃ

(ক) বাংলাদেশর যুদ্ধর পাছরে পরা আরু যুদ্ধর সময়ত অসমলৈ অহা বিদেশীসকলক চিনাক্ত করি বহিস্কার করিব লাগে ।

(খ) বিদেশীর সমস্যা শেষ করিব লাগে ।

(গ) অসমর জাতি-ভেটি রক্ষা করি ‘সোণর অসম’ গঢ়ি তুলা ।

(ঘ)ধারা/দফা 6: সাংবিধানিক, আইনসম্মত আরু প্রশাসনিক সুরক্ষার ধারা:
    চুক্তির ৬ নং দফা অনুসরি সাংবিধানিক, আইনী আরু প্রশাসনিক সুরক্ষা অসমীয়া জনগণর বাবে প্রদান করিব । লগতো অসমর  সাংস্কৃতিক, সামাজিক, ভাষাগত পরিচয় আরু ঐতিহ্য রক্ষা, সংরক্ষণ আরু প্রচারর ক্ষেত্রত চরকারে ব্যৱস্থা গ্রহণ করিব ।

(ঙ) ধারা/দফা-৭: অর্থনৈতিক উন্নয়নের ধারা
     অসমর জনগণর জীৱনযাত্রার মান উন্নত করাত অসম চৰকাৰে দ্রুত চতুর্থ অর্থনৈতিক বিকাশর কাৰণে প্রতিশ্রুতি প্রদান কৰিছে ৷ জাতীয় প্রতিষ্ঠান প্রতিষ্ঠার মাধ্যমেৰে শিক্ষা, বিজ্ঞান আরু প্রযুক্তিৰ বিকাশত বিশেষ জোর দিব আরু অসমর জনসাধারণর অর্থনীতির বিকাশ ঘটাব ।

(চ) দফা-৮ঃ
     ৮.১ কেন্দ্রীয় চরকারর কর্তৃপক্ষৰ জৰীয়তেহে ভবিষ্যতে নাগরিকত্বর প্রমানপত্রর ব্যৱস্থা করিব ৷
     ৮.২ ভারতীয় নাগরিকত্বৰ প্রমানপত্র (Indian Citizenship Certificates, ICC/আইসিসি) অনিয়মিতভাবে জারি/প্রদান করার বিষয়ে আছু/AAGSP য়ে অভিযোগ কৰে আরু ইয়ার সুনির্দিষ্ট অভিযোগ সন্ধান কৰিৰ বাবে নীতি গ্রহণ করে ।  

 (ছ) দফা ৯: আন্তর্জাতিক সীমান্তর সুরক্ষা
      দেৱাল, কাটাতাৰৰ বেৰা, আরু আন কটকটিয়া বেষ্টনির জরীয়তে ভৱিষ্যতর বাবে আন্তঃজাৰ্তক সীমাবোৰ সু-নিদ্দিষ্ট করা হব । আন্তর্জাতিক সীমান্তর সমস্ত/সকলো স্থল আরু নদীপথত রক্ষাকারী বাহিনী দ্বারা সুরক্ষার ব্যবস্থা যথেষ্ট পরিমাণে তীব্র হব সুরক্ষা ব্যৱস্থা আরু জোরদার করা হব যাতে ভবিষ্যতে প্রতিরোধ করিব পারে ।লগতে, পর্যাপ্ত সংখ্যক চেকপোস্ট স্থাপন করা হব

(জ) দফা ৯.২:
         সুরক্ষার বিবেচনাৰ ওপরত উল্লেখিত ব্যবস্থাপনার আশে-পাশে আন্তর্জাতিক সীমান্তর সর্বত্র এটি রাস্তা তৈয়াৰ করা হব যাতে সুরক্ষা বাহিনী টহল দিাৰ ব্যৱস্থা কৰিব পাৰে ৷ যতেই সম্ভব সীমা আরু রাস্তার মধ্যবর্তী মাটিত মানুহৰ আবাসমুক্ত রাখা হব আন্তর্জাতিক সীমান্ত রিভারাইন টহল( Riverine patrolling) অবিৰতভাৱে চলি থাকিব ৷ আন্তর্জাতিক সীমান্ত অতিক্রম করোতে বা সীমা বিচ্ছেদ চলোৱাৰ চেষ্টাত বাধা দিয়াৰ বাবে সমস্ত ই-শিক্ষামূলক ব্যবস্থা গ্রহণ করা হব ৷

(ঝ) ধারা/দফা ১০: চরকারী জমিন দখল প্রতিরোধ দফা:
এটি নিশ্চিত করা হব যে উপজাতি বেল্ট (tribal belts) আরু ব্লকসমূহত চরকারী মাটি আরু মাটির দখল প্রতিরোধ কৰিবৰ বাবে প্রাসঙ্গিক আইন কঠোরভাবে প্রয়োগ করা হবব আরু এই বিষয় ৰাষ্ট্রীয় আইনর অধীনত নির্ধারিত/অননুমোদিত হব ।

(ঞ) দফা/ধাৰা ১১: বিদেশীদের দ্বারা অস্থাবর সম্পত্তি অধিগ্রহণের সীমাবদ্ধতা ধারা
    এইটো নিশ্চিত করা হব যে অসম বিদেশী সলৰ দ্বারা অস্থাবর সম্পত্তি অধিগ্রহণের ওপরত নিষেধাজ্ঞামূলক প্রাসঙ্গিক আইন কঠোরভাবে প্রয়োগ করা হব ৷

(ট)দফা/ধারা  ১২ঃ এইটো নিশ্চিত করা হয় যে জন্ম আরু মৃত্যুৰ নিবন্ধগুলি/তথ্যপাতি যথাযথভাবে বজায় রখা হব

(ঠ) দফা/ধারা ১৩: সম্পূর্ণ সহযোগিতারে আশ্বাস আরু দেশর উন্নয়নত আত্মনিয়োগ করিবর বাবে সকলো অসম ছাত্র ইউনিয়ন (AASU) আরু সকলো অসম গণ সংগ্রাম পরিষদ (AAGSP)র আন্দোলনর নেতাসকলক আহ্বান জনাইছে ।


১২। ভারতত আঞ্চলিক দলসমূহ প্রয়োজনীয় নে? তোমার উত্তরর সমর্থনত যিকোনো দুটা মত আগবঢ়োয়া ।

উত্তরঃ ভারতর নিচিনা এখন সর্ববৃহৎ দেশত আঞ্চলিক দলর নিতান্তই প্রয়োজন । এই দিশর লগত জড়িত থকা মূল বিষয়সমূহ হ’লঃ
(ক) গণতন্ত্র রক্ষার দিশতঃ
       ভারত এখন বিশাল দেশ । সেয়েহে সকলো অঞ্চলর গণতন্ত্র রক্ষা করার বাবে আঞ্চলিক দলসমূহর মতামত আরু মতপোষণ অত্যন্ত জরুরী ।

(খ) সকলো অঞ্চলর সমবিকাশ আরু সম-সুযোগঃ
       ভারতর প্রত্যেকটো অঞ্চলত বিভিন্ন সমস্যারে পরিপূর্ণ হৈ আছে । সেয়েহে, এই সমস্যাসমূহর সমাধান করি অঞ্চলবোরর সমবিকাশ আরু সম-সুযোগত আঞ্চলিক দলবোরে কেন্দ্রীয় আরু রাজ্যিক চরকারক অবগত করিব লাগিব ।

১২। উত্তর-পূৰ্বাঞ্চলর সুকীয়া রাজ্য বিচরা সম্প্রদায়সমূহর নাম লিখা ।
অথবাঃ ভারতর উত্তর পূব অঞ্চলর স্বতন্ত্রতার দাবীর বিষয়ে আলোচনা করা ।
অথবাঃ ভারতর উত্তর-পূব অঞ্চলর স্বতন্ত্রতার দাবীর বিষয়ে আলোচন করা ।

উত্তরঃ স্বাধীনতার সময়ক্ষণত মণিপুর আরু ত্রিপুরাক এরি প্রায় সমগ্র উত্তর পূব অঞ্চলটো অসম প্রদেশত অন্তর্ভুক্ত আছিল । অনা-অসমীয়াসকলে সেই সময়ত অর্থাৎ স্বাধীনতার পিছত অসমীয়া ভাষা সিহতর ওপরত জাপি দিয়ার আশংকা করিছিল । সেয়ে বিভিন্ন অঞ্চলবোরে স্বায়ত্ব শাসনর দাবীরে রাজ্যজুরি বিরোধ, বাধা, আন্দোলন আদি গঢ়ি তুলিছিল । প্রধান নৃগোষ্ঠীয়সকলে আরু বিশেষকৈ জনজাতীয় নেতাসকলে অসমর পরা পৃথক হোৱাৰ দাবী উত্থাপন করিছিল ।

তেওঁলোকর সহযোগত Eastern India Tribal Union গঠন করিছিল আরু পাছত ১৯৬০ চনত All Party Hill Leaders Conferenceলৈ পরিৱৰ্তন হৈছিল । এই দলর নেতাসকলে এখন পৃথক ‘জনজাতীয় রাজ্য’র বাবে চেষ্টা করিছিল । কিন্তু ইয়ার পরিৱৰ্তে অসমর পরা মেঘালয়, মিজোরাম, অরুণাচল প্রদেশ আদি রাজ্যর সৃষ্টি হৈছিল । ১৯৭২ চনর পিছত অসমত বড়ো, কাৰ্বি আরু ডিমাচা গোষ্ঠীয়েও পৃথক রাজ্যর দাবী জনালে । এই পরিপেক্ষিতত কাৰ্বি আরু ডিমাচাসকলর জিলা পরিষদর ভিতরত স্বায়ত্ব শাসন দিয়া হৈছিল । লগতে, বড়োসকলক স্বায়ত্ব পরিষদ অর্পণ করা হৈছিল ।


১৩। তেলগু দেশম পার্টীর নীতি আরু কাৰ্যসূচীসমূহর বিষয়ে আলোচনা করা ।

উত্তরঃ
         তেলুগু দেশম পার্টি (Telugu Desam Party)  দক্ষিণাঞ্চলীয় রাজ্য অন্ধ্র প্রদেশ আরু তেলেঙ্গানার সক্রিয় এটি আঞ্চলিক রাজনৈতিক দল ১৯৮২ চনর ২৯ মার্চত ৰামাৰাওয়ে (N.T. Ramarao) এই দলটো গঠন কৰিছিল ১৯৯৫ চনৰ পছত, অন্ধ্র প্রদেশের প্রাক্তন মুখ্যমন্ত্রী এন চন্দ্রবাবু নাইডুৰ (N. Chandrababu)  নেতৃত্বৰ এই দলটো নেতৃত্ব বা পৰিচালিত কৰিছিল ৷ এই দলৰ সদৰ কাৰ্যালয়  হায়দৰাবাদৰ এনটি আর ভবনত (NTR Bhavan, Hyderabad)স্থিত

পার্টীর নীতি আরু কাৰ্যসূচীসমূহ:
তেলুগু দেশম পার্টি তেলেগুপন্থী আদর্শক অনুসরণ করে এই দলটো কংগ্রেস আধিপত্যৰ বিকল্প হিচাপে প্রতিষ্ঠিত হৈছিল ৷ এই দলটো  তেলুগুৰ আঞ্চলিক গর্ব হিচাপে প্রতিষ্ঠিত যি দলটোয়ে কৃষক,  মধ্যবিত্ত শ্রেণী, পছপৰা শ্রেণী আদি লোকসকলৰ স্বাৰ্থৰ হকে মাত মাতিছিল ১৯৯০ চনৰ পৰা, এই দলটোয়ে অর্থনৈতিকভাবে উদার নীতি অনুসরণ কৰিছে ৷ লগতে, ব্যৱসায়ী-সমর্থক আরু উন্নয়ন সমর্থক দল হিচাপে ই দলটো প্রতিষ্ঠা লাভ কৰিছে । এই পাৰ্টীটোৰ পতাকাখনৰ আগভাগত এটি কুটির বা জুপুৰী, চকা আরু নাঙলৰ প্রতীক সহ পতাকাটির পটভূমির রঙ হিচাপে হালধীয়া রঙর ব্যবহার করা হয় আনুষ্ঠানিকভাৱে এখন চাইকেল এই দলৰ প্রতীক হিচাপে ব্যৱহৃত হয়

১৪। নেশ্যনেল কনফারেন্সর আদর্শ আরু নির্বাচনী সফলতা-বিফলতার বিষয়ে আলোচনা করা ।
অথবাঃ জম্মু আরু কাশ্মীরর রাজনীতিত কংগ্রেছর ভূমিকা সম্পর্কে আলোচনা করা ।
উত্তরঃ
              জম্মু আরু কাশ্মীর ন্যাশনেল কনফারেন্স (The Jammu & Kashmir National Conference,JKNC)  হল ভারতর জম্মু আরু কাশ্মীরর এটি রাজনৈতিক দল শেখ আবদুল্লাহ আর‍্য চৌদ্দ গোলাম আব্বাসের দ্বারা ১৯৩৩ চনত জম্মু আরু কাশ্মীরর রাজপরিবারত নিখিল জম্মু আরু কাশ্মীর মুসলিম সম্মেলন হিচাপে প্রতিষ্ঠিত হৈছিল । এই সংস্থাটি রাষ্ট্রর সকলো মানুহর প্রতিনিধিত্ব করার কারণে ১৯৩৯ চনত নিজেক "জাতীয় সম্মেলন" বুলি নামকরণ করিছিল । 

         এই দলটোয়ে ১৯৪৭ চনত ভারতর রাজপরিবারর রাজত্বকে সমর্থন করিছিল। ইয়ার আগত,  ১৯৪১ চনত  গোলাম আব্বাসর নেতৃত্বত এটি দল জাতীয় সন্মিলনর পরা আতরি আহি পুরাতন মুসলিম সন্মিলন পুনরুজ্জীবিত করিছিল ।

           ১৯৪৭ চনর পরা, জাতীয় সম্মেলন জম্মু আরু কাশ্মীরর এক রূপে বা অন্য রূপে ২০০২ চনর এক বৃহৎ ক্ষমতায় দল আছিল । ২০০৯-২০১৫ চনর এই কালছোৱাত কাশ্মীরর স্বায়ত্ব শাসনক মজবুত কৰি ৰাখিছিল ৷ এই দলটোয়ে কাশ্মীৰ রাজ্যৰ ভূমি সংস্কার বাস্তবায়ন করিছিল ৷ ভারতীয় সংবিধানর ৩৭০ অনুচ্ছেদ অনুসৰি এই দলটোয়ে রাষ্ট্রর স্বায়ত্তশাসন নিশ্চিত করিছে আরু ১৯৫৭ চনত জম্মু আরু কাশ্মীরর এখন পৃথক সংবিধান প্রণয়ন করিছিল । 

        শেখ আবদুল্লাহর পুত্র ফারুক আবদুল্লাহ (১৯৮১-২০০২, ২০০৯ বর্তমান) আরু নাতি ওমর আবদুল্লাহ (২০০২-২০০৯) শেখ আবদুল্লাহর মৃত্যুর পিছত দলটোর নেতৃত্ব প্রদান কৰিছিল ৷

১৫। কাজী লেনদীপ দৰ্জী খাংছাপার বিষয়ে কি জানা?
উত্তরঃ কাজী লেনদীপ দর্জি( Kazi Lhendup Dorjee) (১১ অক্টোবর ১৯০৪ - ২৮ জুলাই ২০০৭) ভারতর সৈতে সংযুক্ত হোৱাৰ পাছত ১৯৭৫ ৰ পৰা ১৯৭৯ পর্যন্ত ছিকিমৰ প্রথম মুখ্যমন্ত্রী আছিল তেওঁ ছিক্কিমর গণতান্ত্রিক আন্দোলনর এজন প্রভাৱশালী নেতা আছিল । তেখেত ছিক্কিমর প্রজা মণ্ডলর প্রতিষ্ঠাপক আছিল ।পাছলৈ তেওঁ ছিক্কিম রাজ্যিক কংগ্রেছর নেতা হিচাপে প্রতিষ্ঠিত হৈছিল । ১৯৬২ চনত তেওঁ ছিক্কিম রাষ্ট্রীয় কংগ্রেছ প্রতিষ্ঠা করিছিল । নির্বাচনত জয়ী হৈ ছিক্কিমখন ভারত রাষ্ট্রর অন্তর্ভুক্ত করার দাবীরে আন্দোলন গঢ়ি তুলিছিল । পাছলৈ, তেওঁ ‘ছিক্কিম কংগ্রেছ’ ভারতীয় রাষ্ট্রীয় কংগ্রেছর সৈতে লগ করিছিল ।

১৬। ই ভি রামস্বামী নাইকার বিষয়ে এটা চমুটোকা লিখা ।

উত্তরঃ ই ভি রামস্বামী নাইকার ১৮৭৯ চনত জন্মগ্রহণ করিছিল । তেওঁ ‘পেরিয়ার’ সন্মানিত হিচাপে জনাজাত আছিল । তেখেত ঈশ্বর নমনা শ্রেণী বিরুদ্ধ দ্রাবিড়ীয়ান সকলর পরিচয়র স্রষ্টা আছিল । তেওঁ এজন কংগ্রেছ দলর সক্রিয় কর্মী আছিল । ১৯২৫ চনত তেখেতে আত্মসন্মান আন্দোলন আরম্ভ করিছিল । তেওঁ বাহ্মণ বিরোধী আন্দোলনর নেতৃত্ব প্রদান করিছিল । তেওঁ ‘দ্রাবিদার কাজাগাম’ গঠন করিছিল । তেওঁ উত্তর ভারতর দমন নীতি নিঃশেষ করার বাবে বহুতো আন্দোলন গঢ়ি তুলিছিল । দ্রাবিয়ান সকলর প্রিয় স্বরূপ এইজনা মহাপুরুষর মৃত্যু হয় ১৯৭৩ চনত । 


১৭। পঞ্জাৱ চুক্তির মূল বিধানবোর কি আছিল? পঞ্জাৱৰ আরু ইয়ার ওচর-চুবুরীয়া রাজ্যসমূহর মাজত পুনর বিবাদ সৃষ্টির ক্ষেত্রত ই কিদরে এটা ভিত্তি হ’ব পারে?
অথবাঃ পঞ্জাৱ চুক্তি সম্পর্কে এটি চমুটোকা লিখা ।

উত্তরঃ রাজীব-লঙ্গোয়াল চুক্তি স্বরূপে পরিচিত পঞ্জাৱ চুক্তি ১৯৮৫ চনর ২৪ জুলাইত ভারতর তৎকালীন প্রধানমন্ত্রী রাজীব গান্ধী আরু পাঞ্জাবর আকালি নেতা হরচাঁদ সিং লঙ্গোওয়ালের (Harchand Singh Longowal) মাজত  স্বাক্ষরিত হৈছিল । এই চুক্তির জরীয়তে শিরোমণি আকালি দলর দাবী চরকারে মানি লৈছিল আরু যার বাবে আন্দোলন প্রত্যাহার বা বন্ধ করিবলৈ বাধ্য হৈছিল । এই চুক্তিখন পাঞ্জাবর বহুতো গোঁড়া শিখ নেতা আরু হরিয়ানার রাজনীতিবিদসকলে বিরোধিতা করেছিল। মতবিরোধর কারণে ইয়ার কিছু প্রতিশ্রুতি পূরণ করা নহৈছিল । এই চুক্তির বিরোধী শিখ জঙ্গিরা হরচাঁদ সিং লঙ্গোয়ালক (Harchand Singh Longowal) হত্যা করেছিল।

এই চুক্তির মূল বিষয়সমূহ আছিল-

(ক) 1982 চনর আগস্টের পাছত আন্দোলন বা কোনো আন্দোলনর পৰিপেক্ষিতত মৃত্যু হোৱা নিরীহ ব্যক্তিসকলর পরিবারর বাবে ক্ষতিপূরণ আদায় দিব লাগিব লগতে ক্ষতিগ্রস্থ হোৱা সম্পত্তিরো ক্ষতিপূরণ চরকারে বহন করিব লাগিব
(খ) সেনা নিয়োগ: 
     মেধা বা তীক্ষ্ণতা, ভারতীয় সেনাবাহিনীত নির্বাচনর একমাত্র মানদণ্ড হিচাপে থাকিব সকলো নাগরিকর সেনাবাহিনীত ভর্তির অধিকার থাকিব ।

(গ) ১৯৮৪ হত্যাকাণ্ডর তদন্ত: 
         রঙ্গনাথ মিশ্র কমিশনর এখতিয়ার ১৯৮৪ দিল্লির দাঙ্গার তদন্ত বোকারো আরু কানপুর সময় প্রসারিত হব ।

(ঘ) পুনর্বাসন: 
        যিসকল সেনাবাহিনীৰ পরা অব্যাহতি দিয়া হৈছিল তেওঁলোকক পুনর্বাসন আরু কর্মসংস্থান প্রদান করিব ।

(ঙ) ভারতে শিখ মন্দির সমূহর সুসংহত পরিচালনার কারণে ‘সর্বভারতীয় গুরুদ্বারা আইন’(All-India Gurdwara Act) প্রণয়ন করিব ।

(চ) বন্ধ বা স্থগিত হৈ থকা মামলাসমূহর নিষ্পত্তি: পাঞ্জাবর এএফএসপিএ (AFSPA) প্রয়োগকারী বিজ্ঞপ্তি প্রত্যাহার করা হব আরু বিশেষ আদালত কেবল নিম্নলিখিত অপরাধসমূহ সম্পর্কিত বিষয়সমূহর বিচার করিব: (১)সামরিক-যুদ্ধ (২)বন্দী সম্পর্কীয়( Hijacking) অন্যান্য সমস্ত মামলা সাধারণ আদালতত স্থানান্তরিত করা হব ।

(ছ) অঞ্চলভিত্তিক দাবি: 
      চণ্ডীগড় পাঞ্জাবক দিয়া হব । শাহ কমিশনের পরামর্শক হরিয়ানাক দিয়া উচিত চণ্ডীগড়ের পরিবর্তে, পাঞ্জাবের হিন্দিভাষী গ্রাম্যসমূ হরিয়ানাযর অন্তর্ভুক্তি করিব লাগে । কোন অঞ্চল হরিয়ানায় অন্তর্গত হব তার নির্ধারণর বাবে এখন আয়োগ গঠন করিব । এই ফলাফলসমূহ ৩১ ডিচেম্বর ১৯৮৫ চনর ভিতরত সম্পূর্ণ হব । গাওঁসমূহর অন্তর্ভুক্তি ১৯৮৬ চনর ২৬ জানুৱারীর ভিতরত সম্পূর্ণ করা হব । দুয়ুখন রাজ্যর সীমার অধ্যয়ণর বাবে এন এখন আয়োগ নিয়োগ করিব ।

(জ) কেন্দ্র-রাজ্য সম্পর্ক: 
    কেন্দ্র-রাজ্য সম্পৰ্কিত আনন্দপুর সাহেব রেজোলিউশনের(Anandpur Sahib Resolution) ভাগতো চরকারী আয়োগলৈ প্রেরন করা হব ।

(ঝ) নদীর-পানীর ভাগবতরা: 
       পাঞ্জাব, হরিয়ানা আরু অন্যান্য রাজ্যসমূহ রবি-বীস সিস্টেম( Ravi-Beas system) পরা তেওঁলোকে বিদ্যমান পানীর অংশ পাব বা গ্রহণ বা ব্যৱহার করিব পারিব  । সুপ্রিম কোর্টের বিচারকর নেতৃত্বত এখন ট্রাইব্যুনাল পাঞ্জাব আরু হরিয়ানার নদীর জলর দাবি যাচাই করবে; এর ফলাফলসমূহ উভয় রাজ্যর বাবে বাধ্যতামূলক হব সুতলেজ যমুনা লিঙ্ক খাল নির্মাণ কাজ চলিব,  আরু ১৫ আগষ্ট, ১৯ র ভিতরত শেষ হব ।

(ঞ) সংখ্যালঘুসকলর প্রতিনিধিত্ব: 
    প্রধানমন্ত্রী বিভিন্ন রাজ্যর মুখ্যমন্ত্রীসকলক সংখ্যালঘুসকলর স্বার্থ রক্ষার বাবে পুনরায় নির্দেশ দিব ।

(ট) পাঞ্জাবি ভাষার প্রচার: 
       পাঞ্জাবী ভাষার প্রচারর কারণে কেন্দ্রীয় চরকারে পদক্ষেপ লব ।


১৮। পঞ্জাৱ সমস্যাক পুনর জটিল করি তুলা শোকাবহ ঘটনাটো কি আছিল?

উত্তরঃ পঞ্জাৱৰ আন্দোলন পাছলৈ অস্ত্রযুক্ত আন্দোলনলৈ পরিণত হৈছিল । বিদ্রোহীসকলে অমৃতসরর সবরণ্মন্দিরত বিদ্রোহীর আশ্রয় স্থানলৈ রূপান্তর করিছিল । ১৯৮৪ চনর জুন মাহত ভারত চরকারে অপারেচন ব্লুষ্টার নামর এক সামরিক অভিযান আরম্ভ করিছিল । সামরিক বাহীনীর এই আক্রমণত শীখসকলে অত্যন্ত কষ্ট পালে । ১৯৮৪ চনর ৩১ অক্টোবরত সেয়েহে অপারেচন ব্লুষ্টারর প্রতিশোধেরে দেহরক্ষীয়ে ইন্দিরা গান্ধীক হত্যা করিলে ।এই শোকাবহ ঘটনাটোয়ে পঞ্জাৱ সমস্যাক পুনর জটিল করি তুলিলে । দিল্লী আরু উত্তর ভারতর বহুতো অংশত শিখ সম্প্রদায় লোকর ওপরত হিংসাত্মক আক্রমণ চলিল । এক সপ্তাহ ধরি শীখসকলর ওপরত এই আক্রমণ চলি থাকিল । এই আক্রমণত প্রায় দুহেজাররো অধিক শিখলোক নিহত হল । কানপুর, কোকান্বো আরু চাচত শর ধরত শীখক হত্যা করা হৈছিল । কিছুমান শীখ পরিয়ালে পুরুষসকলক হেরুয়ালে আরু ব্যাপক আর্থিক সমস্যার সৃষ্টি হৈছিল । ইয়ার আরর অপরাধীসকলে উচিত শাস্তি নাপালে । ২০ বছরর পিছত ২০০৫ চনত প্রধানমন্ত্রী মনমোহন সিঙে এই হত্যাকাণ্ডর বিষয়ে শোক প্রকাশ করিলে আরু শিখবিরোধী হিংসার বাবে ক্ষমা বিচারিলে ।  

১৯। ইন্দিরা গান্ধির মৃত্যুর পিছত শীখসকলর বিরুদ্ধ্বে সৃষতি হোৱা হিংসাত্মক ঘটিনাৱলী সন্দর্ভত কোনগরাকী প্রধান্মন্ত্রীয়ে দুখ প্রকাশ করিছিল?

উত্তরঃ ইন্দিরা গান্ধির মৃত্যুর পিছত শীখসকলর বিরুদ্ধ্বে সৃষতি হোৱা হিংসাত্মক ঘটিনাৱলী সন্দর্ভত ২০০৫ চনত প্রধানমন্ত্রী মনমোহন সিঙে দুখ প্রকাশ করিছিল । তেওঁ এই বুলি কৈছিল যে ১৯৮৪ চনত জি ঘটনা হ’ল তার বাবে তেওঁ কেবল শিখ জাতিটোকে নহয়; সমগ্র ভারতীয়র ওচৰতো ক্ষমা বিচারিবলৈ কুন্ঠাবোধ নকরো বুলি ক’লে । কারণ, এইটো আছিল জাতিয়তার শূন্য ধারণা আরু যিটো আমার সংবিধানত চিহ্নিত হৈছে । সেয়েহে, তেওঁ মিছা বা অনর্থক মৰ্যদার বাবে থিয় হ’ব নোৱাৰে । আমার চরকার আরু এই দেশর সমগ্র জনসাধারণর বাবে তেওঁ বারুকৈয়ে লজ্জিত । কিন্তু, তেওঁ কৈছে যে আমার রাষ্ট্র অবনতি ঘটিছে । অতীত আমার সৈতে আছে । আমি অতীতক পুনর লিখিব নোৱাৰো সঁচা, কিন্তু মানৱ জাতি হিচাপে আমার ভৱিষৎ সুন্দরকৈ রচনা করার বাবে আমার ইচ্ছার আরু সামর্থ্য আছে । এই কথাখিনি প্রধান মন্ত্রী ডঃ মনমোহন সিংয়ে রাজ্যসভাত বিতর্কর সময়ত দিয়া প্রত্যুত্তর ১১ আগষ্ট, ২০০৫ ত কৈছিল আরু শোক প্রকাশ করিছিল ।


কিবা ভূল পালে অবগত করিব................ আমার সম্পাদন চলি আছে............