গোট-৫, সমসাময়িক দক্ষিণ এছিয়া by P.B.

1 Mark Questions:
১।দক্ষিণ এছিয়াই কি সূচায় ?
উত্তরঃ দক্ষিণ এছিয়াই ভাৰত, বাংলাদেশ, ভূটান, মালদ্বীপ, নেপাল, পাকিস্তান আরু শ্রী লংকাক সামৰি, এই সাতখন দেশক সূচায় ।

২। চীন দক্ষিণ এছিয়াৰ এটা অংশনে ?
উত্তরঃ চীন দক্ষিণ এছিয়াৰ এটা অংশ নহয় ।

৩। দক্ষিণ এছিয় মণ্ডলত প্রথমে কোনখন দেশে নিজৰ অর্থনীতিৰ উদাৰীকৰণ কৰিছিল ?
উত্তরঃ দক্ষিণ এছিয় মণ্ডলত প্রথমে শ্রী লংকাই নিজৰ অর্থনীতিৰ উদাৰীকৰণ কৰিছিল ।

৪। SAARC ৰ সম্পূর্ণ রূপটো লিখা ।
উত্তরঃ SAARC ৰ সম্পূর্ণ রূপটো হ’ল- South Asian Association for Regional Co-operation.

৫। হয় নে নহয় লিখা ।
ইছলামাবাদত অনুষ্ঠিত ১২ তম SAARC শীর্ষ সন্মিলনত SAFTA স্বাক্ষৰ কৰা হৈছিল ।
উত্তরঃ শুদ্ধ ।

৭।খালী ঠাই পূৰ করাঃ
শ্রীলংকাৰ ৰাজনীতি............সংখ্যাগুরু সম্প্রদায়ৰ দ্বাৰা অবদমিত ।
উত্তরঃ শ্রীলংকাৰ ৰাজনীতি সিংহলি সংখ্যাগুরু সম্প্রদায়ৰ দ্বাৰা অবদমিত ।

৮। ভাৰতৰ ‘পূবলৈ চোৱা নীতি’ৰ এটা অংশ কোনখন দেশ ?
উত্তরঃ ভাৰতৰ ‘পূবলৈ চোৱা নীতি’ৰ এটা অংশ হ’ল- বাংলাদেশ ।

৯। ১৯৯৮ চনত ভাৰতে ক’ত পাৰমানৱিক পৰীক্ষণ সম্পন্ন কৰিছিল ?
উত্তরঃ ১৯৯৮ চনত ভাৰতে গুজৰাটৰ পোখৰাণত পাৰমানৱিক পৰীক্ষণ সম্পন্ন কৰিছিল ।

১০। SAARC ৰ মূল উদ্দেশ্য কি?
উত্তরঃ SAARC ৰ মূল উদ্দেশ্য হ’ল- দক্ষিণ এছিয়া দেশসমূহৰ মাজত ৰাজনৈতিক, সামাজিক, অর্থনৈতিক, সাংস্কৃতিক, কাৰিকৰী আরু বিজ্ঞান আদি বিষয়সমূহত সহযোগ আরু সহযোগিতা স্থাপন কৰা ।


১১। ভাৰত আরু পাকিস্তান কেতিয়া একোখন স্বাধীন ৰাষ্ট্র হৈছিল ?
উত্তরঃ ভাৰত ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে আরু পাকিস্তান ১৯৪৭ চনৰ ১৪ আগষ্ট তাৰিখে একোখন স্বাধীন ৰাষ্ট্র হৈছিল ।

১২। কোন ঠাইত চতুর্দশ SAARC শীর্ষ সন্মিলন অনুষ্ঠিত হৈছিল ?
উত্তরঃ নতুন দিল্লীত ২০০৭ চনত চতুর্দশ SAARC শীর্ষ সন্মিলন অনুষ্ঠিত হৈছিল ।

১৩। কোন বছৰত ভাৰতে শ্রীলংকালৈ শান্তি ৰক্ষা বাহিনী প্রেৰণ কৰিছিল ?
উত্তরঃ ১৯৮৭ চনত ভাৰতে শ্রীলংকালৈ শান্তি ৰক্ষা বাহিনী প্রেৰণ কৰিছিল ।

১৪। কোন বছৰত ভাৰত আরু পাকিস্তানে পাৰমাণৱিক পৰীক্ষণ সম্পন্ন কৰিছিল ?
উত্তরঃ ১৯৯৮ চনত ভাৰত আরু পাকিস্তানে পাৰমাণৱিক পৰীক্ষণ সম্পন্ন কৰিছিল ।

১৫। শ্রীলংকা কেতিয়া স্বাধীন হৈছিল ?
উত্তরঃ শ্রীলংকা ১৯৪৮ চনত স্বাধীন হৈছিল ।

১৬। প্রথম SAARC শীর্ষ সন্মিলনখন ক’ত আরু কেতিয়া অনুষ্ঠিত হৈছিল ?
উত্তরঃ প্রথম SAARC শীর্ষ সন্মিলনখন ঢাকাত, ১৯৮৫ চনত অনুষ্ঠিত হৈছিল ।

১৭। SAARC কেতিয়া গঠিত হৈছিল ?
উত্তরঃ SAARC ১৯৮৫ চনত গঠিত হৈছিল ।

১৮। কোন বছৰত মালদ্বীপত বহুদলীয় ব্যৱস্থা প্রৱৰ্তন কৰিছিল ?
উত্তরঃ ২০০৫ চনত মালদ্বীপত বহুদলীয় ব্যৱস্থা প্রৱৰ্তন কৰিছিল ।

১৯। কোন ঠাইত আরু কেতিয়া পঞ্চদশ SAARC শীর্ষ সন্মিলন অনুষ্ঠিত হৈছিল ?
উত্তরঃ কলম্বোত ২০০৮ চনত পঞ্চদশ SAARC শীর্ষ সন্মিলন অনুষ্ঠিত হৈছিল ।

২০। কোনগৰাকী ভাৰতীয় প্রধানমন্ত্রীয়ে লাহোৰলৈ বাছ যাত্রা কৰিছিল ?

উত্তরঃ অটল বিহাৰী বাজপেয়ীয়ে লাহোৰলৈ বাছ যাত্রা কৰিছিল ।


২১। দক্ষিণ এছিয়াৰ বিষয়ে তলৰ কোনটো উক্তি অশুদ্ধ?
(a)   দক্ষিণ এছিয়াৰ সকলো দেশ গণৰাজ্য
(b)   ভাৰত আরু বাংলাদেশে নদীৰ পানী ভাগ বাটোৱাৰা লৈ এখন চুক্তি স্বাক্ষৰ কৰিছিল ।
(c)   ইছলামাবাদত অনুষ্ঠিত হোৱা দ্বাদশ ছাৰ্ক সন্মিলনত SAFTA স্বাক্ষৰিত হৈছিল ।
(d)   দক্ষিণ এছিয়াৰ ৰাজনীতিত চীনদেশ আরু আমেৰিকা যুক্তৰাষ্ট্রই এটা গুরুত্বপূর্ণ ভূমিকা পালন কৰে
উত্তরঃ (d)   দক্ষিণ এছিয়াৰ ৰাজনীতিত চীনদেশ আরু আমেৰিকা যুক্তৰাষ্ট্রই এটা গুরুত্বপূর্ণ ভূমিকা পালন কৰে ।

২২। শ্রী লংকাৰ ৰাজনীতিত কোনটো সম্প্রদায়ে প্রাধান্য বিস্তাৰ কৰে?
উত্তরঃ শ্রী লংকাৰ ৰাজনীতিত সিংহলি সম্প্রদায়ে প্রাধান্য বিস্তাৰ কৰে ।

২৩। শুদ্ধ নে অশুদ্ধ লিখাঃ
চীনদেশ ভাৰতৰ পূবলৈ চোৱা নীতিৰ অংশীদাৰ

উত্তরঃ অশুদ্ধ । 

2 Marks Questions:


১। দক্ষিণ এছিয়াৰ অন্তৰ্গত যিকোনো চাৰিখন দেশৰ নাম লিখা ।
উত্তরঃ দক্ষিণ এছিয়াৰ অন্তৰ্গত চাৰিখন দেশৰ নাম হ’ল- ভাৰত, পাকিস্তান, বাংলাদেশ আরু শ্রী লংকা ।

২। খালী ঠাই পূৰ কৰা
____ ৰ পৰা ______ লৈ বাংলাদেশ আছিল পাকিস্তানৰ এটা অংশ ।
উত্তরঃ ১৯৪৭ চনৰ পৰা ১৯৭১ চনলৈ বাংলাদেশ আছিল পাকিস্তানৰ এটা অংশ ।

৩। শ্রী লংকাৰ বিবাদত লিপ্ত দুটা সম্প্রদায়ৰ নাম লিখা ।
উত্তরঃ শ্রী লংকাৰ বিবাদত লিপ্ত দুটা সম্প্রদায়ৰ নাম হ’ল- সিংহলি আরু তামিল ।


৪। ‘পূবলৈ চোৱা নীতি’ কি ?
উত্তরঃ ‘পূবলৈ চোৱা নীতি’ হ’ল ভাৰতবৰ্ষই দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতে অর্থনৈতিক সম্পর্ক বৃদ্ধিৰ অর্থে গ্রহণ কৰা এক নীতি । এই নীতিৰ লগত দক্ষিণ-পূব এছিয়াৰ দেশ ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইনচ, ছিংগাপুৰ আরু থাইলণ্ডৰ সৈতে অর্থনৈতিক সম্পর্ক স্থাপন কৰিছে ।

৫। ভাৰতৰ পাৰমাণৱিক পৰীক্ষণৰ প্রতি পাকিস্তানে কেনে সঁহাৰি দিছিল ?

উত্তরঃ যেতিয়া ভাৰতে ১৯৯৮ চনত গুজৰাটৰ পোখৰাণত আণৱিক পৰীক্ষণ কৰিছিল । ইয়াৰ কিছু দিনৰ পাছত, পাকিস্তানেও ছাগাই পাহাৰত আণৱিক পৰীক্ষণ সম্পাদন কৰিছিল ।  পৰীক্ষণৰ পাছৰ পৰাই ভাৰত আরু পাকিস্তানৰ মাজত সামৰিক সম্বন্ধ স্থাপন হৈছিল আরু যুদ্ধৰ সম্ভাৱনা অলপ হ্রাস হৈছিল ।


৬। ভাৰত আরু বাংলাদেশে সহযোগিতা কৰা দুটা বিষয় উল্লেখ কৰা
উত্তরঃ ভাৰত আরু বাংলাদেশে সহযোগিতা কৰা দুটা বিষয় হ’ল-
(ক) দুয়ুখন ৰাষ্ট্রই তেওঁলোকৰ মাটি আন কাকো নিদিয়াৰ প্রতিশ্রুতি লৈছে ।
(খ) দুয়ুখন দেশৰ মাজত যাতায়ত, যোগাযোগ, ব্যৱসায়, বাণিজ্য, অর্থনীতি আদি বিষয়ত সহায়-সহযোগিতা আশা ব্যক্ত কৰা হৈছে ।


৭। ভাৰত আরু লেপালৰ মাজত বিশেষ সম্পর্ক আছে বুলি তুমি ভাবানে ? কিয় তেনেদৰে ভাবা ।
উত্তরঃ ভাৰত আরু নেপালৰ মাজত সুদৃঢ় সম্পর্ক আছে । বিশেষকৈ,
(ক) ভাৰত আরু নেপালৰ জনসাধাৰণে দুয়ুখন দেশলৈ অহা-যোৱা কৰাৰ বাবে ভিছা আরু পাছপৰ্টৰ প্রয়োজন নাই ।
(খ) দুয়ুখন দেশৰ মাজত উমৈহতীয়া প্রাকৃতিক সম্পদৰ ব্যৱহাৰ, যুটীয়াভাৱে বিদ্যুৎ আরু জলসম্পদ নিয়ন্ত্রণ, বৈজ্ঞানিক সহযোগ আদিত দুয়ুখন দেশৰ মাজত একতা পৰিলক্ষিত হয় ।

৮। SAARC (1985) ক এটা প্রভাৱী সংগঠন কৰি তোলাৰ বাবে ভাৰতে কৰা দুটা প্রচেষ্টাৰ বিষয়ে লিখা ।
উত্তরঃ SAARC (1985) ক এটা প্রভাৱী সংগঠন কৰি তোলাৰ বাবে ভাৰতে কৰা দুটা প্রচেষ্টা হ’লঃ
(ক) বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্রত ভাৰতে সক্রিয় আরু সহভূমিকা গ্রহণ কৰে
(খ) ভাৰতে সদস্যৰাষ্ট্রসমূহলৈ বুজন পৰিমাণৰ অথনৈতিক সাহায্য প্রদান কৰে

৯। SAFTA ই বুজায় কি ?
উত্তরঃ SAFTA South Asian Free Trade Agreement ক বুজায় ।

১০। LTTE ৰ অর্থ কি ?
উত্তরঃ LTTE ৰ অর্থ হ’ল- Liberation Tigers for Tamil Elam . 


১১। ৰাজতন্ত্রৰ পিছত নেপালত গণতন্ত্র কিদৰে প্রবর্তন কৰা হৈছে ?
উত্তরঃ ২০০৬ চনলৈকে নেপালত সাংবিধানিক ৰাজতন্ত্র ব্যৱস্থা আছিলকিন্তু, ২০০৬ চনৰ পিছত নেপালৰ ৰাজতন্ত্র শাসনৰ অন্ত পৰিছিল আরু ৰজাক নামমাত্র ক্ষমতাৰ কেন্দ্র হিচাপে ৰাখিছিল লগতে, ২০০৬ চনৰ পৰাই নেপালত গণতান্ত্রিক শাসন ব্যৱস্থাৰ প্রৱর্তন হৈছিল ।

১২। ভাৰত আরু পাকিস্তানৰ মাজৰ দ্বন্দ্বৰ দুটা ক্ষেত্র উল্লেখ কৰা
উত্তরঃ ভাৰত আরু পাকিস্তানৰ মাজৰ দ্বন্দ্বৰ দুটা ক্ষেত্র হ’ল- (ক) সন্ত্রাসবাদ আরু (খ) জম্মু-কাশ্মীৰৰ সমস্যা ।

১৩। SAARC গঠন কৰা ৰাষ্ট্র সাতখনৰ নাম লিখা ।
উত্তরঃ SAARC গঠন কৰা ৰাষ্ট্র সাতখনৰ নাম হ’ল- ভাৰত, পাকিস্তান, বাংলাদেশ, শ্রী লংকা, নেপাল, মালদ্বীপ আরু ভূটান ।

১৪। ১৯৯৮ চনৰ ডিচেম্বৰত মুক্ত বাণিজ্য চুক্তিত অন্তর্ভুক্ত হোৱা দেশসমূহৰ নাম লিখা ।  
উত্তরঃ ১৯৯৮ চনৰ ডিচেম্বৰত মুক্ত বাণিজ্য চুক্তিত অন্তর্ভুক্ত হোৱা দেশকেইখনৰ নাম হ’ল- ভাৰত আরু শ্রী লংকা ।

১৫। SAARC ৰ দুখন পর্যবেক্ষক ৰাষ্ট্রৰ নাম লিখা ।
উত্তরঃ SAARC ৰ দুখন পর্যবেক্ষক ৰাষ্ট্র হ’ল- চীন আরু জাপান ।

১৬। SAARC ৰ সদস্যবোৰৰ নাম লিখা ।
উত্তরঃ SAARC ৰ সদস্যবোৰৰ নাম হ’ল- ভাৰত, পাকিস্তান, বাংলাদেশ, শ্রী লংকা, নেপাল, মালদ্বীপ আরু ভূটান ।

১৭। দক্ষিণ এছিয়া বুলি জনাজাত দেশসমূহৰ নাম লিখা ।
উত্তরঃ দক্ষিণ এছিয়া বুলি জনাজাত দেশসমূহৰ নাম হ’ল- ভাৰত, পাকিস্তান, বাংলাদেশ, শ্রী লংকা, নেপাল, মালদ্বীপ, ভূটান আরু আফগানিস্তান ।

১৮। ফাৰাক্কা সন্ধিত স্বাক্ষৰ কৰা দেশ দুখনৰ নাম লিখা ।
উত্তরঃ ফাৰাক্কা সন্ধিত স্বাক্ষৰ কৰা দেশ দুখনৰ নাম হ’ল- ভাৰত আরু পাকিস্তান ।

১৯। ভাৰতৰ দক্ষিণ দিশত থকা SAARC ৰ যিকোনো দুখন সদস্য ৰাষ্ট্রৰ নাম লিখা ।
উত্তরঃ ভাৰতৰ দক্ষিণ দিশত থকা SAARC ৰ যিকোনো দুখন সদস্য ৰাষ্ট্রৰ নাম হ’ল- শ্রী লংকা আরু মালদ্বীপ ।

২০। তাচখণ্ড চুক্তিৰ তাৎপর্য লিখা ।
উত্তরঃ ১৯৬৬ চনৰ ১০ জানুৱাৰীত ভাৰত আরু পাকিস্তানৰ মাজত তাচখণ্ড চুক্তি স্বাক্ষৰিত হৈছিল । এই চুক্তিৰ তাৎপর্য এই যে এই চুক্তিৰ মাধ্যমেৰে ১৭ দিনীয়া যুদ্ধৰ পৰিসমাপ্তি ঘটিছিল । লগতে, ভাৰত আরু পাকিস্তানৰ সেনাবাহিনী আতঁৰাই অর্থনৈতিক আরু শৰণার্থী সন্দর্ভত কিছুমান গুরুত্বপূর্ণ কূটনৈতিক সিদ্ধান্ত গ্রহণ কৰিছিল ।

২১ভাৰত আরু বাংলাদেশৰ মাজৰ সহযোগিতা আরু বিবাদৰ দুটাকৈ ক্ষেত্র উল্লেখ কৰা
উত্তরঃ ভাৰত আরু বাংলাদেশৰ মাজৰ দুটা সহযোগিতা হ’লঃ
(ক) দুয়ুখন দেশে উগ্রপন্থী, সন্ত্রাসবাদ আরু অবাঞ্চনীয় কার্যকলাপসমূহ উদঘাটন কৰাত সহভূমিকা গ্রহণ কৰিছে ।
(খ) অর্থনৈতিক, যোগাযোগ, ব্যৱসায়-বাণিজ্য, বিত্তীয় দিশত, পৰিবহন আদি সমূহত দুয়ুখন দেশৰ মাজত শান্তি আরু সমন্বয় স্থাপন কৰি আহিছে ।

ভাৰত আরু বাংলাদেশৰ মাজৰ বিবাদৰ দুটা কাৰণ হ’লঃ
(ক) গংগা পানীৰ ভাগ বটোৱাক কেন্দ্র কৰি দুয়ুখন দেশৰ মাজত বিবাদৰ সৃষ্টি হৈছিল ।

(খ) বিবাদৰ আন এক কাৰণ হ’ল- বাংলাদেশৰ পৰা ভাৰতলৈ অবৈধ প্রবজনৰ পৰিমাণ ক্রমান্বয়ে বৃদ্ধি পোৱা ।


২২। খালী ঠাই পূৰণ করাঃ
বাংলাদেশ ____ৰ পৰা ____ লৈ পাকিস্তানৰ অংশ আছিল ।
উত্তরঃ বাংলাদেশ ১৯৪৭ চনৰ পৰা ১৯৭১ চনলৈ পাকিস্তানৰ অংশ আছিল ।

২৩। ভাৰতৰ আনৱিক পৰীক্ষাৰ প্রত্যুত্তৰ পাকিস্তানে কিদৰে দিছিল?
উত্তরঃ যেতিয়া ভাৰতে ১৯৯৮ চনত গুজৰাটৰ পোখৰাণত আণৱিক পৰীক্ষণ কৰিছিল । ইয়াৰ কিছু দিনৰ পাছত, পাকিস্তানেও ছাগাই পাহাৰত আণৱিক পৰীক্ষণ সম্পাদন কৰিছিল ।  পৰীক্ষণৰ পাছৰ পৰাই ভাৰত আরু পাকিস্তানৰ মাজত সামৰিক সম্বন্ধ স্থাপন হৈছিল আরু যুদ্ধৰ সম্ভাৱনা অলপ হ্রাস হৈছিল ।

২৪। ভাৰত আরু বাংলাদেশৰ মাজত সহযোগিতা আরু সংঘাতৰ দুটাকৈ দিশ উল্লেখ কৰা
উত্তরঃ ভাৰত আরু বাংলাদেশৰ মাজৰ দুটা সহযোগিতা হ’লঃ

(ক) দুয়ুখন দেশে উগ্রপন্থী, সন্ত্রাসবাদ আরু অবাঞ্চনীয় কার্যকলাপসমূহ উদঘাটন কৰাত সহভূমিকা গ্রহণ কৰিছে ।
(খ) অর্থনৈতিক, যোগাযোগ, ব্যৱসায়-বাণিজ্য, বিত্তীয় দিশত, পৰিবহন আদি সমূহত দুয়ুখন দেশৰ মাজত শান্তি আরু সমন্বয় স্থাপন কৰি আহিছে ।

ভাৰত আরু বাংলাদেশৰ মাজৰ বিবাদৰ দুটা কাৰণ হ’লঃ

(ক) গংগা পানীৰ ভাগ বটোৱাক কেন্দ্র কৰি দুয়ুখন দেশৰ মাজত বিবাদৰ সৃষ্টি হৈছিল ।

(খ) বিবাদৰ আন এক কাৰণ হ’ল- বাংলাদেশৰ পৰা ভাৰতলৈ অবৈধ প্রবজনৰ পৰিমাণ ক্রমান্বয়ে বৃদ্ধি পোৱা ।

২৫। পাকিস্তানত সুস্থিৰ গণতন্ত্রৰ বিফলতাৰ দুটা কাৰণ লিখা ।
উত্তরঃ 
পাকিস্তানত সুস্থিৰ গণতন্ত্রৰ বিফলতাৰ দুটা কাৰণ হ'লঃ
(ক) সামৰিক শাসনে গনতন্ত্রত করা বাধা অর্থাৎ সামরিক শাসনর বাবে ।
(খ) ৰাজনৈতিক উত্থান-পতন আন এক গনণতন্ত্রৰ বিফলতা । 
(গ) সংবিধান আরু গণতন্ত্রৰ নীতিক পৰিহাৰ কৰা ।
(ঘ) গৃহ যুদ্ধ ।


Below Notes are just uploaded, so cheking is going on, any mistake found please inform.


চমু উত্তর আদর্শ প্রশ্নঃ (৪ নম্বরর)

১। দক্ষিণ এছিয়ার বিভিন্ন দেশে একে ধরণর রাজনৈতিক ব্যৱস্থাকে অনুসরণ করে বুলি তুমি ভাবানে ? তোমার উত্তরর যুক্তিযুক্ততা প্রতিপন্ন করা ।
অথবাঃ ৮। ‘দক্ষিণ এছিয়ার সমগ্র অঞ্চলটোতে গণতন্ত্র এটা গৃহীত আৰ্হি’- ব্যাখ্যা করা ।
উত্তরঃ দক্ষিণ এছিয়ার বিভিন্ন দেশে একে ধরণর রাজনৈতিক ব্যৱস্থাকে অনুসরণ নকরে যদিও ‘দক্ষিণ এছিয়ার সমগ্র অঞ্চলটোতে গণতন্ত্র এটা গৃহীত আৰ্হি’ । এই অঞ্চলর প্রতিখন রাষ্টর রাজনৈতিক যুক্তি-যুক্ততাবোর হ’ল এনেধরণরঃ

(ক) ভারতবর্ষ আরু রাজনৈতিক ব্যৱস্থাঃ
    ভারতবর্ষ স্বাধীনতার উত্তরকালর পরাই গণতান্ত্রিক ব্যৱস্থা অটূত রাখিছে । কাশ্মীর সমস্যা, সন্ত্রাসবাদী সমস্যা, আদিক নেওচি ভারতে সংবিধানর নীতি আরু অনুচ্ছেদর অনুসরি গণতন্ত্র বর্তাই রাখিছে ।

(খ) পাকিস্তান আরু বাংলাদেশর রাজনৈতিক ব্যৱস্থাঃ
    পাকিস্তান আরু বাংলাদেশর রাজনৈতিক ব্যৱস্থা গণতান্ত্রিক আরু সামরিক দুয়ুধরণর শাসনে প্রভাৱ পেলাইছে । শেহতীয়াকৈ বাংলাদেশ আরু পাকিস্তান দুয়ুখন দেশে অ-সামরিক আরু গণতান্ত্রিক শাসন প্রতিষ্ঠা করিছে যদিও দুয়ুখন দেশতে সেনা আরু সামরিক চরকারর মাজে সময়ে বিতর্ক আরু সংঘাত হোৱা পরিলক্ষিত হৈছে ।

(গ) নেপাল আরু ইয়ার রাজনৈতিক ব্যৱস্থাঃ
নেপালত ২০০৬ চন পর্যন্ত সাংবিধানিক রাজতন্ত্র প্রৱৰ্তন আছিল আরু রজাই সকলো ক্ষমতা আরু কাম-কাজ নিজর মত অনুসরি করিছিল । পাছত, ২০০৬ চনত গণজাগরণর জরীয়তে গণতন্ত্র চরকার প্রতিষ্ঠা করা হৈছে । কিন্তু রাজনৈতিক সুস্থিরতা নথকার বাবে সঘনে চরকার উত্থান-পতন ঘটি থাকে ।

(ঘ) ভূটান আরু ইয়ার রাজনৈতিক ব্যৱস্থাঃ
    ভূটান সাধারণতে এখন রাজতন্ত্র অর্থাৎ রজার জরীয়তে শাসিত রাষ্ট্র । তথাপি, বর্তমান ভূটানত বহু রাজনৈতিক দলর উপস্থিতিত গণোতান্ত্রিক শাসনব্যৱস্থা প্রতিষ্ঠা হৈছে ।

(চ) শ্রীলংকা আরু ইয়ার রাজনৈতিক ব্যৱস্থাঃ
    ১৯৪৮ চনত স্বাধীনতার উত্তরকালত অর্থাৎ পাছত রাষ্ট্রখনত গনতন্ত্র প্রৱৰ্তন হৈছিল । শ্রীলংকাত বিভিন্ন ভাবুকি আরু সমস্যার সন্মুখীন হৈ থকা স্বত্বেও গণতন্ত্র বর্তি আছে ।  

(ঙ)মালদ্বীপর রাজনৈতিক ব্যৱস্থাঃ
    মালদ্বীপ নামর দ্বীপরাষ্ট্রখন ১৯৬৮ চনলৈকে চুলতানর কতৃত্ব বৰ্তি আছিল । ১৯৬৮ চনত রাষ্ট্রপতীয় শাসনব্যৱস্থার জরীয়তে এখন গনরাজ্য হিচাপে ঘোষণা করে আরু ২০০৫ চনত দেশর সংসদে সর্বসন্মতিক্রমে বহুদলীয় গণতান্ত্রিক ব্যৱস্থার প্রৱর্তন করিছিল । ২০১২ চনত আরম্ভণিতে দেশখনত সামরিক অভ্যুথ্থনার যোগেদি অ-সামরিক চরকারখন ক্ষমতাচ্যুত করা হৈছিল ।

    দক্ষিণ এছিয়ার রাষ্ট্রসমূহর মাজত গণতন্ত্র প্রতিষ্ঠার ক্ষেত্রত নানান প্রত্যাহ্বান ঘটিছিল । তথাপিতো, ‘চেন্টার ফ’র দ্যা ষ্টাডী অব দেভেলপিং ছ’ছাইটি’র “লোকনীতি” গোটর তথ্য অনুসরি  অধিকাংশক জনসাধারণে গণতন্ত্র প্রতিষ্ঠার বাবে প্রত্যাশ্যা করে ।  
   
২। এক সুস্থির গণতন্ত্র গঢ়ি তোলাত পাকিস্তানর ব্যর্থতার কারকসমূহ উল্লেখ করা ।
অথবাঃ ১২। এক সুস্থির গণতন্ত্র গঢ়ি তোলাত পাকিস্তানর ব্যর্থতার বাবে দায়ী কারকসমূহ লিখা ।
অথবাঃ ১১৷ সামৰিক শাসন আরু গণতন্ত্র পাকিস্তানত একেটা মুদ্রাৰে ইপিঠি-সিপিঠি' - ব্যাখা কৰা ৷

উত্তরঃ ১৯৪৭ চনত পাকিস্তান স্বাধীন হোৱাৰ পাছত ১৯৫৬ চনত প্রথম সংবিধান গ্রহণ আরু বলৱৎ করা হৈছিল । কিন্তু পাকিস্তানর রাজনীতি সঘনে পরিৱৰ্তন হৈছিল । 'সামৰিক শাসন আরু গণতন্ত্র পাকিস্তানত একেটা মুদ্রাৰে ইপিঠি-সিপিঠি', এই কথাষাৰ পাকিস্তানৰ ৰাজনীতিত পৰিলক্ষিত হৈছে ৷ এক সুস্থির গণতন্ত্র গঢ়ি তোলাত পাকিস্তানর ব্যর্থতার বাবে দায়ী কারকসমূহ হ’লঃ

(ক) আভ্যন্তরীণ প্রত্যাহ্বানঃ
    ১৯৫৮ চনত প্রধানমন্ত্রী চৌধুৰীৰ মহম্মদ আলিয়ে ষ্ঠাপন করা প্রথমখন সংবিধান প্রণয়ণ করি এখন সংসদীয় পদ্ধতির চরকার বলৱৎ করা হৈছিল । কিন্তু, আভ্যন্তরীণ প্রত্যাহ্বানর সন্মুখীন হৈ ইচকাণ্ডার মির্জাই সংবিধান ভংগ করে আরু সামরিক শাসন আরম্ভ করে ।

(খ) ক্ষমতার লোভ বা ক্ষমতার অরিয়া-অরিয়াঃ
    ইচকাণ্ডার মির্জাই ক্ষমতার বাবে অরিয়া-অরিয়া হোৱাৰ পরিস্থিতিত আয়ুব খানক প্রধান্মন্ত্রী হিচাপে নিযুক্তি দিছিল । কিন্তু, ক্ষমতা লাভর বাবে সেনাধ্যক্ষ আয়ুব খানে গ্রেপ্তার করি ব্রিটেইনলৈ পঠিয়াই নিজে পাচঁ বছরর বাবে রাষ্ট্রপতি হৈছিল ।

(গ) সামরিক শাসনর প্রভাবঃ
    পাকিস্তানর অস্থিরতার ক্ষেত্রত সামরিক শাসন সমূহো বেয়াকৈ প্রভাব পেলাইছিল । ১৯৬৯ চনত রাষ্ট্রপতিয় আরু সাংবিধানিক চরকারক প্রত্যাহ্বান জনাই জেনেরেল য়াহ্যা খানে(Yahya Khan) সামরিক শাসন প্রৱৰ্তন করিছিল আরু রাষ্ট্রপতি হৈছিল ।

(ঘ) পাকিস্তান বিভাজনঃ
    পাকিস্তান বিভাজন অর্থাৎ বাংলাদেশ স্বাধীনর পরিপেক্ষিতত পাকিস্তানর রাজনৈতিক অৱস্থা ব্যাহত জন্মিছিল । বহুতো গৃহযুদ্ধর অন্তত ১৯৭১ চনত বাংলাদেশ স্বাধীন হৈছিল আরু জুলফিকর আলি ভূট্টোয়ে ১৯৭৩ চনর ১০ এপ্রিলত সংসদীয় চরকার প্রৱৰ্তন করি রাষ্ট্রপতি হৈছিল ।

(ঙ) রাজনৈতিক নেতার অনিয়ম আরু স্বেচ্ছাচারী শাসনঃ
    ১৯৭৭ চনত দ্বিতীয় নিৰ্বাচনত জয়ী হোৱাৰ পিছত জুলফিকর আলি ভূট্টোয়ে নির্বাচনত অনিয়ম আরু সামরিক অধ্যাদেশ জারি করিছিল । এই অভিযোগর ভিত্তিত ১৯৭৯ চনত সামরিক সেনাধ্যক্ষ মহম্মদ জিয়া-ঊল-হকে ভূট্টোক গ্রেপ্তার করি ফাঁচী দিয়ে আরু ইছলামিক আইন প্রণয়ণর জরীয়তে সামরিক শাসন আরম্ভ করিছিল ।

(চ) স্বজন-প্রীতি আরু দুর্নীতিঃ
    ১৯৮৮ চনর ১৭ আগষ্টত বিমান দুর্ঘটনাত জিয়া-ঊল হকর মৃত্যুত জুলফিকর আলি ভূট্টোর কন্যা বেনজির ভূট্টো ক্ষমতা দখল করিছিল । স্বজনপ্রীতি আরু দুর্নীতির অভিযোগর বাবে ১৯৯০ চনর আগষ্টত রাষ্ট্রপতি ইছাক খানে (Ishaq Khan) বেনজির ভূট্টোর চরকার বৰ্খাস্ত করে আরু ১৯৯৩ চনত জাতীয় সংসদ ভংগ করে ।

(ছ) সাংবিধানিক নিয়মর অনিয়মঃ
    ১৯৯৩ চনর পাকিস্তানর উচ্চতম ন্যায়লয়ে জুলফিকর আলি ভূট্টোয়ে ভংগ করি দিয়া জাতীয় সংসদর ভংগক অ-সাংবিধানিক বুলি ঘোষণা করিছিল । এই পরিস্থিতিত ১৯৯৩ চনর অক্টোবর মাহত বেনজির ভোট্টোৱে চরকার গঠন করিছিল ।

(জ) জনসাধারণর মৌলিক অধিকার খর্বঃ
    বেনজির ভোট্টোর চরকারক অতরাই ১৯৯৭ চনত গঠন করা নৱাজ শ্বরীফ প্রধানমন্ত্রিত্বত মুছলীম লীগে চরকার গঠন করিছিল । কিন্তু ১৯৯৮ চনত পারমাণৱিক পরীক্ষণর নামত করা জরুরীকালীণ ক্ষমতা আর‍্য জনসাধারণর মৌলিক অধিকার খর্ব করার কারণে নৱাজ শ্বরীফর চরকার অপসারণ করি জেনেরেল পারভেজ মুশ্বাৰফে সামরিক শাসন প্রতিষ্ঠা করিছিল ।

(ঝ) সঘনাই হোৱা ক্ষমতার হস্তান্তকরণঃ
    পাকিস্তানর রাজনীতির অস্থিরতার মূল কারণ হিচাপে ক্ষমতার হস্তান্তকরণ ধরা হয় । উদাহরণস্বরূপে- ১৯৯৭ চনত প্রতিষ্ঠা করা নৱাজ শ্বৰীফর চরকারখন জেনেরেল পারভেজ মুশ্বাৰফর জরীয়তে ১৯৯৯ চনতেই খর্ব হয় আরু এওঁ সামরিক চরকার গঠন করে । অতি কম সময়র ভিতরত অর্থাৎ ২০০১ চনত সংবিধান সংশোধন আগর রাষ্ট্রপতি রফিক টারারক বৰ্খাস্ত করে আরু ২০০২ চনর অক্টোবর মাহর পরা ৫ বছরলৈ পারভেজ মুশ্বাৰফ রাষ্ট্রপতি হয় ।


    ইয়ার পরৱৰ্তী সময়ত এই পরিণতিসমূহর প্রভাৱৰ বাবে সাংবিধানিক আরু রাজনৈতিক পরিস্থিতির অস্থিরতা আরু উত্তেজনার মাধ্যমেরে পাকিস্তানর রাজনীতি পরিচালিত হয় ।  



৩। পূব পাকিস্তানর লোকসকলে মুক্তি আন্দোলনর প্রতি ঢাল খোৱাৰ কারণবোর আঙুলিয়াই দিয়া ।
উত্তরঃ ১৯৪৭ চনর পাকিস্তানর স্বাধীনতা লাভ করার কিছু দিনর পাছত । পাকিস্তানখন পূব পাকিস্তান আরু পশ্চিম পাকিস্তান হিচাপে বিভক্ত হৈছিল । পূব পাকিস্তানর লোকসকলে মুক্তি আন্দোলন বাবে আন্দোলন করিছিল আরু তেওঁলোকর এই ঢাল খোৱাৰ মূল কারণবোর হ’লঃ

(ক) পশ্চিম পাকিস্তানর আধিপত্যঃ
     পশ্চিম পাকিস্তানর আধিপত্য পূব পাকিস্তানর জনসাধারণ সংকিত হৈ পরিছিল । উদাহরণস্বরূপে- ১৯৭০ চনত পূব পাকিস্তানর আৱামী লীগর নেতা শ্বেখ মজিবুর রহমান সংখ্যাগরিষ্ঠতারে জয়যুক্ত করিছিল যদিও পশ্চিম পাকিস্তানর শাসকীউ নেতাসকলে সহজে মানি লোৱা নাছিল ।  

(খ) উর্দু ভাষা গ্রহণ করার ক্ষেত্রত হারাশাস্তি করাঃ
    পশ্চিম পাকিস্তানর আধিপত্যই উর্দু ভাষা পূব পাকিস্তানর লোকসকলর ওপরত জাপি দিয়া বিষয়ে তেওঁলোকক অসন্তুষ্ট করিছিল । সেয়ে ইয়ার বিপক্ষে তেওঁলোকে মুক্তি আন্দোলন গঢ়ি তুলিছিল ।

(গ) বঙালী ভাষা আরু সংস্কৃতির বিরুদ্ধে বেয়া ব্যৱহারঃ
    পশ্চিম পাকিস্তানর লোকসকলে পূব পাকিস্তানর বঙালী ভাষা আরু সংস্কৃতির বিরুদ্ধে সমালোচনা আরু বেয়া ব্যৱহার করিছিল । সেয়ে পূব পাকিস্তানর মানুহসকলে এই দিশোত বিতুষ্টি হৈছিল ।

(ঘ) শ্বেখ মজিবুর রহমানর গ্রেপ্তারঃ
    ১৯৭০ চনত পূব পাকিস্তানর আৱামী লীগর নেতা শ্বেখ মজিবুর রহমানে সংখ্যাগরিষ্ঠতারে জয়যুক্ত হৈছিল যদিও পশ্চিম পাকিস্তানর শাসকীয় নেতাসকলে সহজে মান্তি হোৱা নাছিল আরু সামরিক আইনর অধীনত জেনেরেল আহয়া খানে গ্রেপ্তার করিছিল । এই ঘটনাই পূব পাকিস্তানর অস্তিত্ব সম্পূর্ণরূপে বিনাশ করাযেন অনুভৱ করিছিল ।

(ঙ) সামরিক ক্ষমতা আরু সামরিক বাহিনীর অত্যাচারঃ
    পশ্চিম পাকিস্তানর সামরিক বাহিনীয়ে পূব পাকিস্তানর জনসাধারণক বিভিন্ন প্রকারে অত্যাচার চলাইছিল । এই বিষয়ে পূব পাকিস্তানর  জনসাধারণে আইনর ওপরত থকা ভারসাম্য আরু বিশ্বাস হেরুৱাই পেলাইছিল ।

(চ) পূব পাকিস্তানর হাজার-বিজার জনসাধারণর হত্যাঃ
    পশ্চিম পাকিস্তানে হাজার-বিজার পূব পাকিস্তানর জনসাধারনক হত্যা করিছিল । এই ঘটনাই বহু লোক ভারতলৈ শরণার্থী হিচাপে গুছি গৈছিল আরু পূব পাকিস্তানর লোকর সংগ্রাম আগতকৈ অধিকতর হৈছিল ।


    এইবোর পরিস্থিতির আলমতেই পূব পাকিস্তানর জনসাধারণে স্বায়ত্ব শাসনর দাবী উত্থাপন করিছিল আরু মুক্তি আন্দোলনর প্রতি ঢাল খাইছিল । ইয়ার ফলস্বরূপে ১৯৭১ চনত বাংলাদেশ স্বাধীন স্বাধীন হৈছিল ।   




৪। ভাৰত আরু শ্রী লংকাৰ মাজৰ সম্পৰ্কৰ জটিলতাসমূহ আঙুলিয়াই দিয়া ।

উত্তরঃ ১৯৪৮ চনত শ্রী লংকা স্বাধীন হৈছিল আরু তাৰ পাছৰে পৰা গণতন্ত্র বৰ্তি আছিল । কিন্তু নৃ-গোষ্ঠীসকলৰ ভাবুকিয়ে দেশখনৰ প্রতি অস্থিৰতা আরু ভাবুকি কঢ়িয়াই আনিছিল । শ্রী লংকা দ্বীপৰাষ্ট্রখন ‘সিংহলী’ সম্প্রদায়ৰ লোকৰ সংখ্যাগৰিষ্ঠৰে ৰাজনীতি পৰিচালনা কৰিছিল । সিংহলী সম্প্রদায়ৰ লগতে শ্রীলংকাত ভাৰতৰ পৰা কিছু তামিললোকে প্রবজন হৈ শ্রীলংকাত বসবাস কৰিছিল । সিংহলী সম্প্রদায়ৰ লোকসকলে ভাৰতৰ ‘তামিল’ লোকসকলৰ লগত শত্রুতা আরু সংঘৰ্ষৰ সূত্রপাত  কৰিছিল । যাৰ বাবে দুয়ুখন দেশৰ মাজত সম্পৰ্কৰ ক্ষেত্রত জটিলতাই দেখা দিছিল ।

    সিংহলী সম্প্রদায় আরু জাতীয়তাবাদীসকলৰ মতে শ্রীলংকা সিংহলী সম্প্রদায়ৰ আবাসভূমি, সেয়েহে ভাৰতৰ তামিলসকলে সুযোগ-সুবিধা পোৱাতো উচিত নহয় । এনে পৰিস্থিতিত ‘তামিল সামৰিক জাতীয়তাবাদ (Militant Tamil Nationalism)’ গঢ়ি উঠিছিল । ইয়াৰ সহযোগত ১৯৮৩ LTTE or Liberation Tigers of Tamil Elam অৰ্থাৎ লিবাৰেচন টাইগাৰ্চ অব তামিল ইলামৰ গঠন হৈ শ্রীলংকাৰ উত্তৰ-পূব অঞ্চল নিয়ন্ত্রণাধীন কৰিছিল ।লগতে, শ্রীলংকাত তামিলসকলৰ কাৰণে পৃথক গৃহভূমি দাবীৰে শ্রীলংকাৰ সেনাবাহিনীৰ সৈতে যুদ্ধত লিপ্ত হয় ।


    ইয়াৰ সমসাময়িকভাৱে, শ্রীলংকাত থকা ভাৰতীয় তামিলসকলে ভাৰত চৰকাৰক স্বাৰ্থ ৰক্ষাৰ বাবে আবেদন আরু হেঁচা প্রয়োগ কৰে । এনে পৰিস্থিতিত ভাৰত চৰকাৰে ১৯৮৭ চনত শ্রীলংকা চৰকাৰৰ সৈতে তামিলসকলৰ সম্পৰ্ক সুস্থিৰ কৰাৰ মানসেৰে ‘ভাৰতীয় শান্তিৰক্ষা বাহিনী’ (Indian Peace Keeping Force)শ্রীলংকলৈ প্রেৰণ কৰে । কিন্তু হঠাতে ভাৰতীয় শান্তিৰক্ষা বাহিনী আরু LTTE ৰ মাজত এখন যুদ্ধ সংঘটিত হয় । বহু শ্রীলংকাবাসীয়ে ভাৰতৰ সেনা বাহিনীৰ উপস্থিতিক সহজে গ্রহণ কৰিব পৰা নাছিল । লগতে, কোনো কোনো সমালোচকে মন্তব্য কৰে যে ভাৰতে শ্রীলংকাৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰা বুলিও অভিযোগ তুলে যিয়ে ভাৰত-চীন সম্পৰ্কক আরু অধিক জটিলতা কৰি তুলে । এনে মতবিৰোধৰ পৰিপেক্ষিতত সমস্যা সমাধান নকৰাকৈয়ে ১৯৮৯ চনত ‘ভাৰতীয় শান্তি ৰক্ষা বাহিনী’ পুনৰ ভাৰতলৈ উভতি আহে । কিন্তু ভাৰত আরু শ্রীলংকা মাজৰ সম্পৰ্কত বিৰোধ ভাব রৈ  গ’ল ।


৫। SAARC গঠনৰ মূল কাৰণসমূহ কি কি?
অথবাঃ ২১। SAARC ৰ  গুরুত্ব আরু প্রাসংগিকতা আলোচনা কৰা ।
অথবাঃ.৩।আঞ্চলিক সহযোগিতাৰ মঞ্চ হিচাপে SAARCৰ ভূমিকা আরু সীমাবদ্ধতাসমূহ আলোচনা কৰা ৷ (৬ নম্বৰৰ)
অথবাঃ ৭। দক্ষিণ এছীয় ৰাষ্ট্রসমূহৰ মাজত অৰ্থনৈতিক সহযোগিতা গঢ়াৰ মঞ্চ হিচাপে SAARC ৰ ভূমিকা আরু সীমাবদ্ধতাসমূহ লিখা ৷ (৬ নম্বৰৰ)
অথবাঃ ১০। SAARC উদ্দেশ্য কি? SAFTA ৰ ধাৰণাটো বিশ্লেষণ কৰা ৷ (SAFTA ৰ উত্তৰৰ বাবে তলৰ SAARC গঠনৰ মূল উদ্দেশ্য/লক্ষ্য/কাৰণসমূহ/ভূমিকাসমূহ ৰ (ঘ)ৰ পৰা (ড) পৰ্যন্ত লিখিব পাৰিবা, কেৱল ঠায়ে ঠায়ে SAFTA শব্দটো ব্যৱহাৰ কৰিবা ।) (৬ নম্বৰৰ)
অথবাঃ ২। SAFTA কেতিয়া স্বাক্ষৰিত হৈছিল ? ইয়াৰ মূল উদ্দেশ্য কি? (SAFTA ৰ উত্তৰৰ বাবে তলৰ SAARC গঠনৰ মূল উদ্দেশ্য/লক্ষ্য/কাৰণসমূহ/ভূমিকাসমূহ ৰ (ঘ)ৰ পৰা (ড) পৰ্যন্ত লিখিব পাৰিবা, কেৱল ঠায়ে ঠায়ে SAFTA শব্দটো ব্যৱহাৰ কৰিবা ।)(৬ নম্বৰৰ)

উত্তরঃ দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত সহযোগিতা, বন্ধুত্ব, সামূহিক সম্পৰ্ক আদি গঢ়ি তোলাৰ স্বাৰ্থত ১৯৮৫ চনৰ ডিচেম্বৰ মাহত বাংলাদেশৰ ঢাকাত দক্ষিণ  এছিয়াৰ সাতখন দেশ- ভাৰত, পাকিস্তান, বাংলাদেশ, শ্রীলংকা, নেপাল, ভূটান আরু মালদ্বীপে SAARC or South-Asian Association for Regional Co-Operation) অৰ্থাৎ দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থা গঠন হৈছিল ।


    SAARC গঠনৰ মূল উদ্দেশ্য/লক্ষ্য/কাৰণসমূহ/ভূমিকাসমূহ/সফলতা হ’লঃ

(ক) SAARC ৰ সদস্য ৰাষ্ট্রসমূহৰ মাজত শান্তিপূৰ্ণ সহযোগিতা আরু বন্ধুত্বভাৱ গঢ়ি তুলা ।
(খ) দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত অৰ্থনৈতিক দিশত সহায়-সহযোগিতা গঢ়ি তোলা ।
(গ) দক্ষিণ এছিয়াত মুক্ত বানিজ্য চুক্তিৰ মাধ্যমেৰে এক ‘মুক্ত বাণিজ্য মণ্ডল’ গঢ়ি তোলা ।
(ঘ) SAARC এক  অন্যতম উদ্দশ্য আছিল- সদস্য ৰাষ্ট্রসমূহৰ মাজত শান্তি আরু সহযোগিতাৰ জৰিয়তে ‘মুক্ত বাণিজ্য নীতি’ৰ সম্প্রসাৰণ কৰা । যাৰ পৰিপেক্ষিতত ২০০৪ চনত SAFTA or ‘SOUTH ASIAN FREE TRADE AGREEMENT’ স্বাক্ষৰ কৰি ২০০৬চনৰ জানুৱাৰীত কাৰ্যকৰী কৰে ।
(ঙ) SAARC ৰ সদস্য ৰাষ্ট্রসমূহৰ মাজত টেৰিফ বা কৰ নিম্নগামী কৰা । ২০০৭  চনৰ তথ্য অনুসৰি ২০ শতাংশ টেৰিফ বা কৰ নিম্নগামী কৰিছিল ।
(চ) দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত মুক্ত বাণিজ্য কেন্দ্রসমূহৰ সৃষ্টি কৰিছিল ।
(ছ) ২০১৫ চনৰ ভিতৰত SAFTA চুক্তিৰ মাধ্যমেৰে অৰ্থনৈতিক দিশৰ বাধাসমূহ দূৰ কৰা ।
(জ) SAARC ৰ দেশসমূহৰ মাজত উত্তেজনা আরু সংঘৰ্ষসমূহ হ্রাস কৰি শান্তি প্রতিষ্ঠা কৰা ।
(ঝ) দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত যোগাযোগৰ সূচল সাধন কৰি বিশ্বাসযোগ্যতা অৰ্জনৰ প্রয়াস কৰা ।
(ঞ) SAARC ৰ সক্রিয় সমাজকৰ্মী আরু বুদ্ধিজীৱিসকলৰ সহযোগত দেশসমূহৰ জনসাধাৰণৰ মাজত বন্ধুত্ব-সম্পৰ্ক গঢ়ি তুলা ।
(ট) SAARC দেশসমূহৰ সমস্যাসমূহ বুজাবুজিৰ জৰিয়তে সমাধান কৰা ।
(ঠ) দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত বেপাৰ-বাণিজ্য সম্প্রসাৰণ কৰা আরু পাৰ-পত্রৰ সহজলভ্য কৰি তোলা ।
(ড) SAARC ৰ মাধ্যমেৰে সদস্যৰাষ্ট্রসমূহৰ মাজত গণতন্ত্র ৰক্ষা, নিৰাপত্তা প্রদান্‌ সুখ-শান্তি প্রতিষ্ঠা কৰা আদি দিশসমূহৰ উন্নতি সাধন কৰা ।
    ওপৰত উল্লেখিত এই লক্ষ্য বা কাৰণ বা উদ্দেশ্যসমূহৰ ক্ষেত্রত বহু দিশত SAARC সফল হৈছে । ইয়েই SAARC ৰ গুৰত্ব আরু প্রাসংগিকতাক ৰক্ষা কৰিছে । লগতে, SAARCৰ সফলতা বা সফল দিশসমূহ দাঙি ধৰিছে ।  

    SAARC বিফলতা/সীমাবদ্ধতাসমূহঃ
    SAARC ৰ মূল লক্ষ্য আরু উদ্দেশ্যসমূহত SAARC সম্পূৰ্ণরূপে সফল লাভ কৰিব পৰা নাছিল । এই দিশৰ মূল আসোৱাহসমূহ আছিল-
(ক) SAARC ৰ সদস্য ৰাষ্ট্রসমূহৰ ৰাজনৈতিক আকোৰগোজঁ মানসিকতাৰ বাবে SAARC য়ে সম্পূৰ্ণরূপে কৃতকাৰ্যতা লাভ কৰাত বিফল হৈছে ৷
(খ)বহুক্ষেত্রত এইটো পৰিলক্ষিত হৈছে যে, SAARC ৰ প্রভাৱ সদস্যৰাষ্ট্রসমূহৰ প্রায়বোৰ অঞ্চলতে শূণ্যতাই বিৰাজমান হৈ আছে ৷
(গ)SAARC ৰ ওপৰত বহিঃশক্তিৰ দ্বাৰা প্রভাৱিত হৈ লক্ষ্য-উদ্দেশ্য সফলত বিফল হৈছে ৷ 
(ঘ) আমেৰিকা আরু চীনে, SAARCৰ ওপৰত অধিক আধিপত্য বিস্তাৰ সাধন কৰিছে । ইয়েই SAARC ৰ অস্তিত্বক আঘাত হানিছে ৷
(ঙ)SAARC ৰ সদস্য ৰাষ্ট্রসমূহৰ মাজত সম্পূৰ্ণ মিল নাই । উদাহৰণস্বরূপে- ভাৰত আরু পাকিস্তানৰ মাজত সীমাক কেন্দ্র কৰি নানান সংঘাত আরু অস্থিৰতাই বিৰাজমান হৈ আছে ।
(চ) বিশ্বায়ণ বা  গোলকীকৰণে  SAARC ৰ অস্তিত্বক  আঘাত হানিছে । লগতে, অৰ্থনৈতিক আরু ৰাজনৈতিক দিশত অসফল কৰি তুলিছে ৷
    এনেদৰে SAARCৰ বিভিন্ন সীমাবদ্ধতা বা আসোঁৱাহে SAARC ক বিপদাপন্ন কৰিছে ৷ ইয়াৰ সমসাময়িকভাৱে SAARC ৰ লক্ষ্য বা উদ্দেশ্যসমূহক বিফল কৰিছে ৷


   
৬। সাম্প্রতিক দৃশ্যপটত শ্রীলংকার মৰ্যাদা নিৰ্ণয় কৰা ৷
উত্তরঃ ১৯৪৮ চনত শ্রী লংকা স্বাধীন হৈছিল আরু তাৰ পাছৰে পৰা গণতন্ত্র বৰ্তি আছিল । কিন্তু নৃ-গোষ্ঠীসকলৰ ভাবুকিয়ে দেশখনৰ প্রতি অস্থিৰতা আরু ভাবুকি কঢ়িয়াই আনিছিল শ্রীলংকাৰ সিংহলী সম্প্রদায় আরু ভারতর নৃ-গোষ্ঠীয় তামিলসকলে দেশখনৰ অস্থিৰতাৰ সৃষ্টি কৰি আহিছে ৷
এনেধৰণৰ নিঃগোষ্ঠীয় সমস্যাৰে জৰ্জৰিত হ’লেও শ্রীলংকাত গণতন্ত্র বৰ্তি আছে । আন আন ৰাষ্ট্রৰ দৰে গনতান্ত্রিক স্বাৰ্থৰ মাজেৰে শ্রীলংকাই অৰ্থনৈতিক উন্নয়ণ সাধন কৰিছে । শ্রীলংকাই বৰ্তমান মানৱ বিকাশত বহুতো কাৰ্য সফলতাৰে সাধন কৰি আহিছে । শ্রীলংকা হ’ল এনে এখন প্রথম শ্রেণীৰ উন্নয়ণশীল ৰাষ্ট্র য’ত জনসংখ্যা বিস্ফোৰণ ৰোধ কৰাত সফল হৈছে । শ্রীলংকাত নৃ-গোষ্ঠীয় সমস্যাৰ মাজতো গনতন্ত্র বৰ্তাই ৰখাত সফল হৈছে । গণতন্ত্রৰ স্বাৰ্থত শ্রীলংকাই আমদানী কৰাতকৈ ঘরুৱা সম্পদৰ ব্যৱহাৰ আরু উৎপাদনত গুরুত্ব আৰোপ কৰিছে । 

৭। বাংলাদেশর স্বাধীনতা লাভত ভারতে কিদরে সহায় করিছিল ?
উত্তরঃ ভারত বিভাজনর সময়ত পাকিস্তানখন পূব পাকিস্তান আরু পশ্চিম পাকিস্তানত বিভক্ত হৈছিল । ১৯৪৭ চনর পরা ১৯৭১ চনর এই সময়ছোৱাত পূব পাকিস্তানে পশ্চিম পাকিস্তানর জনসাধারণর ওপরত বিভিন্ন হারাশাস্তি আরু অগণতান্তিক কারু-কাৰ্যৰে জৰ্জরিত করিছিল । পশ্চিম পাকিস্তানর আধিপত্য আরু উৰ্দু ভাষা পূব পাকিস্তানর জনসাধারণর ওপরত জাপি দিব খুজিছিল । পশ্চিম পাকিস্তানে বঙালী ভাষা আরু সংস্কৃতির বিরুদ্ধে বেয়া ব্যৱহার সাৰ্ব্যস্ত করিছিল । শ্বেখ মজিবুর রহমান নামর বিশিষ্ট রাজনৈতিক নেতাজনে পূব পাকিস্তানর বাবে স্বায়ত্ব শাসনর দাবী জনাইছিল । তেওঁর সহযোগত পশ্চিম পাকিস্তানর আধিপত্যর বিরুদ্ধে ‘জনপ্রিয় আন্দোলন সংঘটিত করিছিল । সমসাময়িকভাৱে, পূব পাকিস্তানে রাজনৈতিক ক্ষমতাত অংশগ্রহণ আরু প্রশাসনত উপযুক্ত প্রতিনিধিত্বৰ দাবী উত্থাপন করিছিল । ১৯৭০ চনত শ্বেখ মজিবুর রহমানৰ নেতৃত্বত আৱামী লীগ দলে সাধারণ নিৰ্বাচনত পূব পাকিস্তানৰ প্রায় সকলো আসনত জয় হৈছিল আরু প্রস্তাৱিত সংবিধান সভাত সংখ্যা গৰিষ্ঠতা অৰ্জন কৰিছিল ৷
    পশ্চিম পাকিস্তানৰ চৰকাৰে সংবিধান সভাৰ অধিৱেশন বা সভা আহ্বান নকৰিলে আরু তাৰ সলনি জেনেৰেল আহয়া খানে সামৰিক আইনৰ অধীনত শ্বেখ মজিবুর রহমানক গ্রেপ্তাৰ কৰে ৷ পশ্চিম পাকিস্তানৰ এই ধৰণৰ অন্যায়ৰ বিরুদ্ধে পূব পাকিস্তানত জনমত আরু আন্দোলন গঢ়ি উঠিছিল ৷ কিন্তু পশ্চিম পাকিস্তানৰ সেনাই সামৰিক সেনা মূটায়ন কৰি এই আন্দোলন দমন কৰিছিল ৷ বহু হাজাৰ জনতাক পাকিস্তানী সেনাই হত্যা কৰিছিল ৷
এনে অত্যাচাৰৰ বলি হৈ বহুতো পূব পাকিস্তানী ভাৰতলৈ শৰণাৰ্থী হিচাপে প্রৱেশ কৰে ৷ ইয়ে ভাৰতৰ শৰণাৰ্থীৰ সমস্যাৰ সৃষ্টি কৰে ৷ ভাৰত চৰকাৰে পূব পাকিস্তানৰ জনসাধাৰণৰ দাবীসমূহক সমৰ্থন আগবঢ়ায় ৷ লগতে, সামৰিক সেনা আরু ধন-সম্পদৰে তেওঁলোকক সহায়ৰ হাঁত আগবঢ়ায় ৷ এইক্ষেত্রত পশ্চিম পাকিস্তান অসন্তুষ্ট হৈছিল আরু ভাৰতৰ সৈতে ১৯৭১ চনত এক পূৰ্ণাঙ্গ যুদ্ধ সংঘটিত হয় ৷ যুদ্ধত পূব পাকিস্তান সেনাৰ ওচৰত পশ্চিম পাকিস্তানৰ সেনাই আত্মসমৰ্পণ কৰে আরু যুদ্ধৰ সমাপ্তি ঘটে ৷ ইয়াৰ লগে লগে পূব পাকিস্তান পৃথক হৈ স্বাধীন বাংলাদেশৰ সৃষ্টি হয় ৷    



৯। ভারত আরু নেপালর পাৰ্থক্য দিশবোর লিখা ।

উত্তরঃ ভারত আরু নেপালর মাজত কোনো পার-পত্র অবিহনে ভ্রমণ করিব পারি আরু লগতে আন কিছুমান বিশেষ সু-সম্পৰ্কই বিরাজমান যদিও দুয়ুখন দেশর মাজত কিছুমান বিশেষ দিশে সম্পৰ্কত জটিলতার সৃষ্টি করিছে ।
    ভারত আরু নেপালর মাজত থকা পাৰ্থক্যর দিশবোর বা সংঘাত বা বিরোধর দিশবোর হ’লঃ
(ক) ভারত আরু নেপালর মাজত বাণিজ্য সম্পৰ্কীয় বিবাদ আছিল । যার ফলস্বরূপে অতীতত দুয়ুখন দেশর মাজত বিরোধ ভাৱৰ সৃষ্টি হৈছিল ।
(খ) ভারতর লগত সীমাবীবাদ মূলক দেশ, চীনর লগত নেপালর সু-সম্পৰ্ক আছে । যার বাবে ভারত চরকার এই দিশত অসন্তোষ মনোভাব প্রকাশ করে ।
(গ) নেপাল চরকারে ভারত বিরোধী কাৰ্যসমূহত বাধা প্রদান করি আহিছে । এই বিষয়ক কেন্দ্র করি দুয়ুখন দেশর মাজত সম্পৰ্কৰ জটিলতাই দেখা দিছে ।
(ঘ) নেপালর মাওবাদীসকলে ভারত চরকারর বহুতো কাৰ্য-কলাপত আঘাত হানিছে । যিয়ে দুয়ুখন দেশর সম্পৰ্কত বাধা আরোপ করিছে
(ঙ) নেপালর বহু নাগরিক আরু রাজনৈতিক নেতাসকলে মতবিরোধ করে যে ভারত চরকারে নেপালর আভ্যন্তরীণ বিষয়ত হস্তক্ষেপ করে ।  ইয়েই দুয়ুখন দেশর নাগরিকর মাজত বিরোপ মনোভাৱ গঢ়ি তুলিছে ।
(চ) নেপালর মাওবাদীসকল ভারতর বিভিন্ন রাজ্যসমূহত বিশেষকৈ উত্তর বিহারর পরা দক্ষীণর অন্ধ্রলৈকে বিয়পে আছে । এই সমস্যাই ভারতর নিরাপত্তার প্রতি ভাবুকি সৃষ্টি করিছে ।
    এনেদরে ভারত আরু নেপালর মাজত বিভিন্ন সমস্যা আরু পাৰ্থক্যই দেখা দিছে ।



১০। ২০০১ চনৰ আগ্র শীৰ্ষ সন্মিলনৰ বিষয়ে এটা টোকা লিখা ।
উত্তরঃ আগ্রা শীৰ্ষ সন্মিলন হৈছে ২০০১ চনৰ ১৪ জুলাইৰ পৰা ১৬ জুলাই পৰ্যন্ত আগ্রাত হোৱা এক আলোচনাৰ সন্মিলন । এই সন্মিলনৰ মূল কাৰ্যকতা আছিল ভাৰতৰ প্রধান মন্ত্রী অটল বিহাৰী বাজপেয়ী আরু পাকিস্তানৰ ৰাষ্ট্রপতি পাৰভেজ মোশাৰফ (Pervez Musharraf) আগ্রা সন্মিলনৰ মূল লক্ষ্য আছিল- ভাৰত আরু পাকিস্তানৰ মাজত চলি থকা দীৰ্ঘস্থায়ী সমস্যাসমূহ সমাধান কৰা  ।
    আগ্রা শীৰ্ষ সন্মিলনৰ মূল বিষয়সমূহ আছিল-
(ক) দীৰ্ঘদিনীয়া কাশ্মীৰ সমস্যা সমাধান কৰা ।।
(খ) সীমান্তৱৰ্তী সন্ত্রাসবাদ দমন কৰা ।
(গ) মাৰাত্মকভাৱে পাৰমাণৱিক অস্ত্রৰ ব্যৱহাৰ হ্রাস কৰা ।
(ঘ) যুদ্ধত বন্দী হোৱা সেনা আরু লোকসকলক এৰি দিয়া ।
(ঙ) ভাৰত আরু পাকিস্তানৰ মাজত সুস্থভাৱে ব্যৱসা-বাণিজ্য গঢ়ি তোলা ।
(চ) সীমাবীবাদ হ্রাস কৰি শান্তিপূৰ্ণ সহঅৱস্থান গ্রহণ কৰা ।

আগ্রা চুক্তিখন কিছুমান মতবিৰোধৰ মনোভাৱৰ বাবে স্বাক্ষৰিত হোৱা নাছিল । ইয়াৰে মুখ্য তিনিটা কাৰণ হ’লঃ
(ক) প্রথমতে, বাজপেয়ী চৰকাৰে ৰাষ্ট্রপতি পাৰভেজ মোশাৰফ (Parvez Musharraf) আরু তেওঁৰ আস্থাবোৰৰ ওপৰত মুঠেই বিশ্বাস কৰা নাছিল । লগতে, ভাৰত চৰকাৰে অনুভৱ কৰিছিল যে ১৯৯৯ চনত লাহোৰ সন্মিলনত ভাৰতৰ প্রধান মন্ত্রী অটল বিহাৰী বাজপেয়ী আরু পাকিস্তানৰ প্রধান মন্ত্রী নৱাজ শৰীফ (Navaz Sharif) ৰ মাজত হোৱা যৌথ শান্তি প্রচেষ্টাত পাৰভেজ মোশাৰফ আঘাত হানিছে অথবা বিনষ্ট কৰাৰ চেষ্টা কৰিছে ।
(খ) দ্বিতীয়তে, পাকিস্তানে প্রদান কৰা আন্তঃসীমান্ত অনুপ্রৱেশ বন্ধ কৰাৰ প্রতিশ্রুতি ভাৰত চৰকাৰে সন্তুষ্ট হোৱা নাছিল ।

(গ) তৃতীয়তে, ভাৰত চৰকাৰে ২০০২ চনৰ অক্টোবৰত কাশ্মীৰত আঞ্চলিক নিৰ্বাচন ধৰি/অব্যাহত ৰখা আরু অনুষ্ঠিত কৰাত পৰিকল্পনা কৰিছিল । সমসাময়িকভাৱে, ভাৰতীয় নেতাসকল আগ্রা চুক্তিৰ স্বাক্ষৰ নোহোৱাৰ মূল কাৰণ হিচাপে মোশাৰফৰ (Musharraf) কাশ্মীৰ সীমান্ত বিদ্রোহ দমনৰ সমৰ্থনত অস্বীকাৰ কৰা বিষয়ক বিবেচনা কৰে ।   


১৭। ভারত-বাংলাদেশর সম্বন্ধর ওপরত এটা টোকা লিখা ।
উত্তরঃ ভারত আরু বাংলাদেশর মাজত কিছুমান সু-সম্পৰ্ক আরু কিছুমান দিশত দু—সম্পৰ্কই বিরাজমান হৈ আছে । ইয়ারে মূল দিশসমূহ হ’লঃ

ভারত-বাংলাদেশর মাজর সু-সম্পৰ্কঃ
(ক) বাংলাদেশর স্বাধীনতা প্রাপ্তিতঃ
    ১৯৭১ চনত হোৱা পূব পাকিস্তানর সংকটর সময়ত ভারতে রাজনৈতিক, সামরিক আরু অৰ্থনৈতিক দিশত সহায় করিছিল । লগতে, পশ্চিম পাকিস্তানর সৈতে ভারতে যুদ্ধ করি পরাস্ত করি ১৯৭১ চনত বাংলাদেশ স্বাধীন হোৱাত সহায় করিছিল ।
(খ) ‘পূবর পিনে চোৱা নীতি (Look East Policy)’ র মাধ্যমেরেঃ
    ভারতর পূবলৈ চোৱা নীতি (Look East Policy) র এক অংশ হ’ল- বাংলাদেশ । ইয়ে ম্যানমানর জরিয়তে দক্ষিণ-পূব এছিয়াক সংযোগ করার প্রয়াস করিছে আরু সু-সম্পৰ্ক গঢ়ি তুলিছে ।
(গ) দুৰ্যোগ নিরাময়র মাধ্যমেরে সম্পৰ্কঃ
    ভারত আরু বাংলাদেশ চরকারে বিভিন্ন দু্ৰ্যোগ সমূহক মোকাবিলা করিবর বাবে সমভাৱে আরু সহভাৱে সহযোগিতা আগবঢ়ায় ।
(ঘ) পৰিৱেশ বিষয়ক বিষয়বোৰক কেন্দ্র করিঃ
    পরিৱেশৰ সংরক্ষণ আরু সংরক্ষক হিচাপে দুয়ুখনে দেশে সু-সম্পৰ্কৰে পৰিৱেশৰ সমস্যা সমূহ সমাধান কৰি আহিছে ৷
(ঙ) অৰ্থনৈতিক সু-সম্বন্ধঃ
    ভারত আরু বাংলাদেশর মাজত অৰ্থনৈতিক সহায়-সহযোগিতারে সু-সম্পৰ্ক গঢ়ি তুলিছে । উদাহরণস্বরূপে- ১৯৭১ চনর সংকটর সময়ত ভারতে আৰ্থিক দিশত যথেষ্ট সহায় আগবঢ়াইছিল ।
(চ) ব্যৱসায়-বাণিজ্যর মাধ্যমেরে সম্পৰ্কঃ
    দুয়ুখন দেশর মাজত বিভিন্ন ব্যৱসায়-বাণিজ্যর মাধ্যমেরে সু-সম্পৰ্ক গঢ়ি তুলিছে ।

ভারত-বাংলাদেশর মাজত কু-সম্পৰ্কঃ
(ক) অবৈধ বাংলাদেশীর সমস্যাঃ
    ভারতলৈ প্রবজন হোৱা অবৈধ বাংলাদেশীর সমস্যাটো হ’ল ভারতর এক জলন্ত সমস্যা । এই বিষয়ক কেন্দ্র করি ভারতর আভ্যন্তরীণ সংকট বিশেষকৈ সংঘটিত হোৱা আন্দোলন, হরতাল আদিয়ে ভারতত অস্থিরতার সৃষ্টি করিছে লগতে দুয়ুখন দেশর মাজত সম্পৰ্কত জটিলতার সৃষ্টি করিছে ।

(খ) নদি-পানীর ভাগ-বটোৱাক কেন্দ্র করিঃ
    গংগা আরু ব্রহ্মপুত্র নদীর পানীর অংশক কেন্দ্র করি ভারত আরু বাংলাদেশর মাজত বিৰোধ মতানৈক্যর সৃষ্টি করিছে । এই দিশক কেন্দ্র করি দুয়ুখন দেশর মাজত বিভিন্ন সংঘৰ্ষৰ সৃষ্টি হৈ আহিছে

(গ) অবৈধ প্রবজনর সমস্যাঃ
    বাংলাদেশর কাঁটাতার পার হৈ বহুতো বাংলাদেশী অবৈধভাৱে ভারতত প্রবেশ করি আহিছে । ইয়ে ভারতর খিলঞ্জীয়া লোকসকলর জীৱন-জীৱিকাত ভাবুকির সৃষ্টি করিছে । এই বিষয়ক কেন্দ্র করি দুয়ুখন দেশর নাগরিকর মাজত বিরোপ প্রভাৱ পরিছে ।

(ঘ) ভারতর উত্তর-পূবলৈ সেনার যাতায়তত সমস্যাঃ
    ভারতর উত্তর-পূবলৈ বাংলাদেশর মাজেরে সেনার যাতায়ত করাত বাংলাদেশ চরকারে বাধা প্রদান করি আহিছে । এই বিষয়ক কেন্দ্র করি দুয়ুখন দেশর মাজত সম্পৰ্কত বাধা আরোপ করি আহিছে ।

(ঘ) প্রাকৃতিক গেছ রপ্তানিত বিরোধিতাক কেন্দ্র করিঃ
    বাংলাদেশ চরকারে ভারতলৈ প্রাকৃতিক গেছ রপ্তানি করার বিষয় আরু সিদ্ধান্তক বিরোধিতা করি আহিছে । ইয়ে দুয়ুখন দেশর সম্পৰ্কত জটিলতাই দেখা দিছে ।

(ঙ) নদীর পানী ভাগ-বিতরাত ভারতর পদক্ষেপক কেন্দ্র করিঃ
    বাংলাদেশর চরকারর মতে নদীর পানী ভাগ-বতরাত ভারত চরকারে শক্তিশালী বীরর পদক্ষেপ গ্রহণ করিছে । সেয়েহে, এই দিশত দুয়ুখন চরকার সন্তোষ নহয় ।

(চ) চিটাগং পাহার অঞ্চলক কেন্দ্র করিঃ
    বাংলাদেশ চরকারে চিটাগং পাহার অঞ্চলর বিদ্রোহীসকলক উৎসাহিত করি আহিছেএই বিষয়ক কেন্দ্র করি ভারত চরকার আরু বাংলাদেশর চরকারর মাজত মতবিরোধর সৃষ্টি হয় ।

১৯৷ ভাৰত-নেপাল সম্বন্ধৰ ওপৰত এটা টোকা লিখা ৷  
উত্তৰঃ ভারত আরু বাংলাদেশর মাজত কিছুমান সু-সম্পৰ্ক আরু কিছুমান দিশত দু—সম্পৰ্কই বিরাজমান হৈ আছে । ইয়ারে মূল দিশসমূহ হ’লঃ

ভাৰত আরু নেপালৰ মাজৰ সু-সম্পৰ্কঃ
(ক) সুচল ভ্রমণ-পরিভ্রমণ-
    ভাৰত আরু নেপালৰ মাজত এক চুক্তি স্বাক্ষৰিত হৈছিল ৷ ইয়াৰ জৰিয়তে দুয়ুখন দেশৰ মাজত পাৰ-পত্র অবিহনে ভ্রমণ কৰিব পাৰে ৷

(খ) কৰ্মসূত্রে সু-সম্পৰ্কঃ
     ভাৰত আরু নেপাল, দুয়ুখন দেশৰ জনসাধাৰণ বা নাগৰিকে কৰ্মসূত্রে অতি সহজে চলাচল কৰিব পাৰে ৷ এই দিশে দেশদুখনৰ সম্পৰ্কক সু-দৃঢ় কৰিছে ৷

(গ) বৈজ্ঞানিক আরু প্রযুক্তি বিদ্যাৰ মাধ্যমেৰে সম্পৰ্কঃ
    ভাৰত আরু নেপালৰ মাজত প্রায়েই বৈজ্ঞানিক আরু প্রযুক্তি বিদ্যাৰ আদান-প্রদান হৈ থাকে ৷ ইয়েই দুয়ুখন দেশক একত্রিত কৰিছে ৷
(ঘ) উমৈহতীয়া প্রাকৃতিক সম্পদক কেন্দ্র কৰিঃ
ভাৰত আরু নেপাল, দুয়ুখন দেশৰ মাজত কিছুমান নদী আরু প্রাকৃতিক সম্পদৰ অংশই সু-সম্পৰ্ক গঢ়ি তুলিছে ৷ এই উমৈহতীয়া প্রাকৃতিক সম্পদে সু-সম্বন্ধ গঢ়ি তুলাত সহায়ক হৈছে ৷

 (ঙ)বিদ্যুৎ উৎপাদনক কেন্দ্র কৰিঃ
ভাৰত আরু নেপাল, দুয়ুখন দেশ মিলি বহু কিলোৱাট বিদ্যুত উৎপাদন কৰাত সফল হৈছে ৷ এই কাৰ্যই দুয়ুখন দেশক একতা গঢ়ি তুলিছে ৷

() গণতন্ত্রৰ উত্থানঃ
    ভাৰত আরু নেপাল দেশৰ মাজত গঢ়ি উঠা গনতন্ত্রৰ উত্থানে দুয়ুখন দেশৰ মাজত সুদৃঢ় সম্পৰ্ক গঢ়ি তুলিছে ৷         
   

ভাৰত আরু নেপালৰ মাজৰ কু-সম্পৰ্কঃ
(ক) ভারত আরু নেপালর মাজত বাণিজ্য সম্পৰ্কীয় বিবাদ আছিল । যার ফলস্বরূপে অতীতত দুয়ুখন দেশর মাজত বিরোধ ভাৱৰ সৃষ্টি হৈছিল ।
(খ) ভারতর লগত সীমাবীবাদ মূলক দেশ, চীনর লগত নেপালর সু-সম্পৰ্ক আছে । যার বাবে ভারত চরকার এই দিশত অসন্তোষ মনোভাব প্রকাশ করে ।
(গ) নেপাল চরকারে ভারত বিরোধী কাৰ্যসমূহত বাধা প্রদান করি আহিছে । এই বিষয়ক কেন্দ্র করি দুয়ুখন দেশর মাজত সম্পৰ্কৰ জটিলতাই দেখা দিছে ।
(ঘ) নেপালর মাওবাদীসকলে ভারত চরকারর বহুতো কাৰ্য-কলাপত আঘাত হানিছে । যিয়ে দুয়ুখন দেশর সম্পৰ্কত বাধা আরোপ করিছে
(ঙ) নেপালর বহু নাগরিক আরু রাজনৈতিক নেতাসকলে মতবিরোধ করে যে ভারত চরকারে নেপালর আভ্যন্তরীণ বিষয়ত হস্তক্ষেপ করে ।  ইয়েই দুয়ুখন দেশর নাগরিকর মাজত বিরোপ মনোভাৱ গঢ়ি তুলিছে ।
(চ) নেপালর মাওবাদীসকল ভারতর বিভিন্ন রাজ্যসমূহত বিশেষকৈ উত্তর বিহারর পরা দক্ষীণর অন্ধ্রলৈকে বিয়পে আছে এই সমস্যাই ভারতর নিরাপত্তার প্রতি ভাবুকি সৃষ্টি করিছে ।




২০। ভাৰত-শ্রীলংকা সম্বন্ধৰ ওপৰত এটা টোকা লিখা ।
উত্তরঃ 
ভাৰত-শ্রীলংকাৰ সু-সম্পৰ্কঃ
(ক) ভাৰত আরু শ্রী লংকাৰ মাজত এক কূটনৈতিক সম্পৰ্ক ৰক্ষা কৰিছে ।
(খ) ইপসোস গ্লোবেলস্কেন (Ipsos GlobalScan) ৰ তথ্য অনুসৰি শ্রীলংকাৰ কেৱল চাৰি শতাংশ জনসাধাৰণহে ভাৰত সম্পৰ্কে নেতিবাচক দৃষ্টিভঙ্গি প্রকাশ কৰে ।
(গ) ব্যৱসায় বাণিজ্যৰ দিশত ভাৰত হ’ল শ্রলংকাৰ এক বৃহত্তম বজাৰ ।
(ঘ) ১৯৯৮ চনত দ্বিপাক্ষিক ভাৰত-শ্রীলংকা মুক্ত বাণিজ্য চুক্তি (ILFTA or India-Sri Lanka Free Trade Agreement) স্বাক্ষৰিত হৈছিল আরু মুক্ত বাণিজ্যৰ মাজেৰে দুয়ুখন দেশৰ মাজত সু-সম্পৰ্ক গঢ়ি তোলিছে ।
(ঙ) গভীৰ জাতিগত আরু সাংস্কৃতিক বিষয়সমূহত দুয়ুখন দেশৰমাজত সু-দৃঢ় সম্পৰ্ক বজাই ৰাখিছে ।
(চ) ভাৰত-শ্রীলংকাৰ মাজত থকা সমুদ্রসীমা (Maritime Border)ৰ মাধ্যমেৰে ব্যৱসায়-বাণিজ্য আরু সমাজ-সংস্কৃতিৰ আদান-প্রদানে দুয়ুখন দেশৰ সম্পৰ্কত সুস্থিৰ অৰি তুলিছে ।
(ছ) SAARC ত দুয়ুখন দেশে মুখ্য ভূমিকা গ্রহণ কৰিছে । লগতে, দক্ষিণ এছিয়াৰ সমস্যাসমূহ দুয়ুখন দেশে সমতাৰে সহায় আগবঢ়াই আহিছে ।
(ছ) ভাৰত আরু শ্রীলংকা উভয়েই ‘কমনৱেল্‌থ অফ নেশ্যনস’ (Commonwealth of Nations) ৰ অধীনত দুয়ুখন দেশে গনতন্ত্র ৰক্ষা কৰি আহিছে ।
(জ) ২০১৫ চনত ভাৰতে শ্রীলংকাৰ সৈতে এক ‘পাৰমাণৱিক শক্তি চুক্তি’ স্বাক্ষৰ কৰি দুয়ুখন দেশে পাৰমাণৱিক আক্রমণৰ দিশত সু-সম্পৰ্ক গঢ়ি তুলিছে ।

ভাৰত-শ্রীলংকাৰ কু-সম্পৰ্কঃ

(ক) নৃ-গোষ্ঠীয় সমস্যাই দুয়ুখন দেশৰ মাজৰ সম্পৰ্কত আঘাত হানিছে । এই সমস্যা অতীতৰ পৰা বৰ্তমানলৈকে কম-বেছি পৰিমাণে অব্যাহত আছে ।
(খ) শ্রীলংকাত বসবাস কৰি থকা ভাৰতৰ তামিলসকলে শ্রীলংকাত ৰাজনৈতিকভাৱে বিতুষ্ট হৈছে । ইয়াকে লৈ দুয়ুখন দেশৰ মাজত মতবিৰোধ গঢ়ি উঠিছে ।
(গ) ১৯৮৭ চনত শ্রীলংকাত থকা ভাৰতৰ তামিলসকলৰ সমস্যাৰ সমাধান কৰিবৰ অৰ্থে ভাৰত চৰকাৰে শ্রীলংকালৈ ‘শান্তি ৰক্ষা বাহিনী’ প্রেৰণ কৰিছিল । এই কাৰ্যই শ্রীলংকা চৰকাৰে আভ্যন্তৰীণ দিশত হস্তক্ষেপ কৰা বুলি মতবিৰোধ কৰে ।
(ঘ) ২০১২ চনত ৰাষ্ট্রসংঘত উত্থাপিত হোৱা শ্রীলংকাৰ মানৱ অধিকাৰ উলংঘনৰ প্রস্তাৱত ভাৰতে শ্রীলংকাৰ বিপক্ষে ভোট প্রদান কৰে । ইয়ে ভাৰত আরু শ্রীলংকাৰ সম্পৰ্কত কিছু জটিলতাৰ সৃষ্টি কৰিছে ।
(ঙ) শেহতীয়াকৈ নৌ চুক্তিৰ (Naval Agreements) মাধ্যমেৰে শ্রীলংকা আরু চীনৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠিছে । এই সন্দৰ্ভত ভাৰত চৰকাৰ আরু শ্রীলংকাৰ মাজত এক বিৰোধ মনোভাবৰ সৃষ্টি হৈছে ।

(চ) শ্রীলংকাৰ গৃহযুদ্ধ আরু আভ্যন্তৰীণ বিবাদসমূহত ভাৰত চৰকাৰে কৰা হস্তক্ষেপক লৈ দুয়ুখন দেশৰ মাজত মতবিৰোধৰ প্রায়েই সৃষ্টি হৈ থাকে । ইয়েই দুয়ুখন দেশৰ মাজৰ সম্পৰ্কত জটিলতাৰ উৎপন্ন কৰিছে ।     


updating.........