গোট-২, দ্বি মেরু বিভাজনৰ সমাপ্তি by P.B.

1 Marks Questions:

১। USSR অর্থাৎ ছোভিয়েট ৰাছিয়াৰ সৃষ্টি কেতিয়া হৈছিল ?

উত্তৰঃ USSR অর্থাৎ ছোভিয়েট ৰাছিয়াৰ সৃষ্টি ১৯১৭ চনত হৈছিল ।

 

২। বিশ্ব ৰাজনীতিৰ দ্বিবিভাজিত গাঁথনিটোৰ কেতিয়া অন্ত পৰিছিল ?

উত্তৰঃ যেতিয়া ছোভিয়েট ৰাছিয়াৰ পতন ঘটিছিল আৰু নতুন ১৫ খন স্বাধীন ৰাষ্ট্রৰ সৃষ্টি হৈছিল তেতিয়া ১৯৯১ চনৰ ২৫ ডিচেম্বৰত দ্বিবিভাজিত বা দ্বিমেৰু ব্যৱস্থাৰ অন্ত পৰিছিল ।

 

৩।মিখাইল গৰ্বাচেভ কোন আছিল ?

উত্তৰঃ মিখাইল গৰ্বাচেভ ১৯৮৫ চনৰ ছোভিয়েট ৰাছিয়াৰ সাম্যবাদী দলৰ সাধাৰণ সম্পাদক আছিল । লগতে, তেওঁ ৰাছিয়াৰ ৰাষ্ট্রপতি হিচাপে নির্বাচিত হৈছিল ।

 

৪। ছোভিয়েট ইউনিয়নৰ উত্তাৰাধিকাৰী ৰাষ্ট্রখন কি ?

উত্তৰঃ ছোভিয়েট ইউনিয়নৰ উত্তাৰাধিকাৰী ৰাষ্ট্রখন হল- ৰাছিয়া ।

 

৫। উক্তিটো শুধৰোৱা

ছোভিয়েট ইউনিয়নত সংস্কাৰ আৰম্ভ কৰিছিল স্তালিনে ।

উত্তৰঃ ছোভিয়েট ইউনিয়নত সংস্কাৰ আৰম্ভ কৰিছিল মিখাইল গৰ্বাচেভে ।

 

৬।কোন দলে USSR শাসন কৰিছিল ?

উত্তৰঃ সাম্যবাদী দলে USSR শাসন কৰিছিল ।

 

৭। USSR ৰ বিভাজনৰ চূড়ান্ত আৰু আটাইতকৈ তাৎক্ষনিক কাৰণটো কি আছিল ?

উত্তৰঃ ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্রপতি  মিখাইল গৰ্বাচেভৰ গ্লাচনোষ্ট আৰু পেৰেষ্ট্রাইকা নামৰ সংস্কাৰ কাৰ্য্যসূচীসমূহ আৰু  ১৯৯১ চনৰ ২৫ ডিচেম্বৰত তেওঁ পদত্যাগ কৰাৰ লগে লগে ছোভিয়েট ইউনিয়ন অর্থাৎ USSR ৰ বিভাজনৰ চূড়ান্ত আৰু আটাইতকৈ তাৎক্ষনিক কাৰণ হিচাপে পৰিগণিত হৈছিল ।

 

৮। ছোভিয়েট ইউনিয়নৰ বিভাজনৰ পিছত একক কোন মহাশক্তি হৈছিল ?

উত্তৰঃ ছোভিয়েট ইউনিয়নৰ বিভাজনৰ পিছত একক মহাশক্তি হৈছিল- আমেৰিকা যুক্তৰাষ্ট্র ।

 

৯। CIS ৰ পূর্ণ রূপটো লিখা ।

উত্তৰঃ CIS ৰ পূর্ণ রূপটো  ল- Commonwealth of Independent States (স্বাধীন ৰাষ্ট্রৰ কমনৱেলথ) ।

১০। ছোভিয়েট ইউনিয়নে কি আদর্শক ভিত্তি কৰিছিল ?

উত্তৰঃ ছোভিয়েট ইউনিয়নে সাম্যবাদী আদর্শক ভিত্তি কৰিছিল ।

১১। কোন বছৰত ৱাৰ্শ্ব সন্ধি ভংগ হৈছিল ?

উত্তৰঃ ১৯৯১ চনত ৱাৰ্শ্ব সন্ধি ভংগ হৈছিল ।

 

১২। কোনখন দেশ ভাঙি পৰাটোক দ্বিতীয় বিশ্বভাঙি পৰা বুলি জনা যায় ?

উত্তৰঃ ছোভিয়েট ৰাছিয়া ভাঙি পৰাটোক দ্বিতীয় বিশ্বভাঙি পৰা বুলি জনা যায় ।

 

১৩। কোনখন দেশ ভাঙি পৰাৰ পিছত শীতল যুদ্ধৰ সমাপ্তি ঘটিছিল ?

উত্তৰঃ ছোভিয়েট ৰাছিয়া ভাঙি পৰাৰ পিছত শীতল যুদ্ধৰ সমাপ্তি ঘটিছিল ।

 

১৪। কোন বছৰত ৰাছিয়াই ৰাষ্ট্রসংঘত USSR ৰ আসনখন হস্তগত কৰিছিল ?

উত্তৰঃ ১৯৯১ চনত ৰাছিয়াই ৰাষ্ট্রসংঘত USSR ৰ আসনখন হস্তগত কৰিছিল ।

 

১৫। USSR ত কিমান ইউনিয়ন গণৰাজ্য আছিল ?

উত্তৰঃ USSR ত ১৫ খন ইউনিয়ন গণৰাজ্য আছিল ।

 

১৬। বলছেভিক কমিউনিষ্ট পার্টীৰ প্রতিষ্ঠাপক কোন আছিল ?

উত্তৰঃ বলছেভিক কমিউনিষ্ট পার্টীৰ প্রতিষ্ঠাপক আছিল- লেনিন ।

 

১৭। ৰাছিয়াৰ প্রথমগৰাকী নির্বাচিত ৰাষ্ট্রপতি কোন আছিল ?

উত্তৰঃ ৰাছিয়াৰ প্রথমগৰাকী নির্বাচিত ৰাষ্ট্রপতি আছিল বৰিছ ইয়েল্টচিন (Boris Nikolayevich Yeltsin, 1991-1999) 

 

১৮। শ্বক থেৰাপী কি ?

উত্তৰঃ শ্বক থেৰাপী  ল- সমাজবাদী আদর্শৰ ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত সমাজবাদী ৰাষ্ট্রবোৰক বিশ্ববেংক আৰু আন্তঃৰাষ্ট্রীয় মুদ্রা নিধিৰ (IMF) উদ্যোগত পুঁজিবাদী গণতান্ত্রিক ৰাষ্ট্রলৈ সলনি কৰাৰ এক প্রক্রিয়া ।

 

১৯। ছোভিয়েট ইউনিয়ন কেতিয়া এটা মহাশক্তি হৈ উঠিছিল ?

উত্তৰঃ ছোভিয়েট ইউনিয়ন দ্বিতীয় মহাযুদ্ধৰ পিছত এটা মহাশক্তি হৈ উঠিছিল ।

 

২০। USSR ৰ ৰাজনৈতিক আৰু অর্থনৈতিক সংস্কাৰ কোনে আৰম্ভ কৰিছিল ?

 

উত্তৰঃ USSR ৰ ৰাজনৈতিক আৰু অর্থনৈতিক সংস্কাৰ মিখাইল গৰ্বাচেভে আৰম্ভ কৰিছিল । 

২১ চোভিয়েট সমাজবাদী গণৰাজ্যসমূহৰ সংঘ কেতিয়া প্রতিষ্ঠা হৈছিল?

উত্তৰঃ চোভিয়েট সমাজবাদী গণৰাজ্যসমূহৰ সংঘ ১৯১৭ চনত প্রতিষ্ঠা হৈছিল ।

 

২২ দ্বি-মেৰুত বিভক্ত আন্তর্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি কেতিয়া ঘটিছিল?

উত্তৰঃ যেতিয়া ছোভিয়েট ৰাছিয়াৰ পতন ঘটিছিল আৰু নতুন ১৫ খন স্বাধীন ৰাষ্ট্রৰ সৃষ্টি হৈছিল তেতিয়া ১৯৯১ চনৰ ২৫ ডিচেম্বৰত দ্বি-মেৰুত বিভক্ত আন্তর্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি ঘটিছিল ৷

 

অথবাঃ  দ্বি-মেৰুত বিভক্ত আন্তর্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি ১৯৯১ চনত ঘটিছিল ৷

 

২৩ চোভিয়েট সংঘৰ উত্তৰাধিকাৰী ৰাষ্ট্র কোনখন?

উত্তৰঃ চোভিয়েট সংঘৰ উত্তৰাধিকাৰী ৰাষ্ট্রখন হল- ৰাছিয়া ।

 

২৪ চোভিয়েট সমাজবাদী গণৰাজ্যত কোনদলে শাসন কৰিছিল ?

উত্তৰঃ চোভিয়েট সমাজবাদী গণৰাজ্যত সাম্যবাদী দল অৰ্থাৎ "The Communist Party of the Soviet Union (CPSU)" য়ে শাসন কৰিছিল ৷

 

২৫ চোভিয়েট ইউনিয়নয় ভাঙোনৰ চূড়ান্ত আৰু তাৎক্ষণিক কাৰণ কি আছিল?

উত্তৰঃ ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্রপতি  মিখাইল গৰ্বাচেভৰ গ্লাচনোষ্ট আৰু পেৰেষ্ট্রাইকা নামৰ সংস্কাৰ কাৰ্য্যসূচীসমূহ আৰু  ১৯৯১ চনৰ ২৫ ডিচেম্বৰত তেওঁ পদত্যাগ কৰাৰ লগে লগে ছোভিয়েট ইউনিয়ন অর্থাৎ USSR  ভাঙোনৰ চূড়ান্ত আৰু আটাইতকৈ তাৎক্ষনিক কাৰণ হিচাপে পৰিগণিত হৈছিল ।

 

২৬ CIS ৰ সম্পূর্ণ রূপটো লিখা ।

উত্তৰঃ CIS ৰ সম্পূর্ণ রূপটো হ'ল- Commonwealth of Independent States (স্বাধীন ৰাষ্ট্রৰ কমনৱেলথ) ৷

 

২৭। চোভিয়েট ইউনিয়ন কি আদর্শৰ ওপৰত প্রতিষ্ঠিত আছিল?

উত্তৰঃ চোভিয়েট ইউনিয়ন সাম্যবাদী আদর্শৰ ওপৰত প্রতিষ্ঠিত আছিল ৷

 

২৮। ৱাৰ্শ্ব চুক্তিখন কোন চনত ভংগ কৰা হৈছিল?

উত্তৰঃ ৱাৰ্শ্ব চুক্তিখন ১৯৯১ চনত ভংগ কৰা হৈছিল ৷

 

২৯। কোনখন দেশৰ ধ্বংস দ্বিতীয় বিশ্বৰ ধ্বংস বুলি জনা যায়?

উত্তৰঃ ছোভিয়েট ৰাছিয়াৰ ধ্বংসক দ্বিতীয় বিশ্বৰ ধ্বংস বুলি জনা যায় 

 

৩০। কোনখন দেশৰ ধ্বংসই শীতল যুদ্ধৰ সমাপ্তি ঘটায়?

উত্তৰঃ ছোভিয়েট ৰাছিয়াৰ ধ্বংসই শীতল যুদ্ধৰ সমাপ্তি ঘটায় 

 

৩১। ৰুছিয়াই কোন চনত ৰাষ্ট্রসংঘত চোভিয়েট সমাজবাদী গণৰাজ্যৰ স্থান গ্রহণ কৰে?

উত্তৰঃ ৰুছিয়াই ১৯৯১ চনত ৰাষ্ট্রসংঘত চোভিয়েট সমাজবাদী গণৰাজ্যৰ স্থান গ্রহণ কৰে 

 

৩২। চোভিয়েট সমাজবাদী গণৰাজ্যত কেইখন গণৰাজ্য আছিল?

উত্তৰঃ চোভিয়েট সমাজবাদী গণৰাজ্যত ১৫ খন গণৰাজ্য আছিল ৷

 

৩৩। ৰুছিয়াৰ প্রথম নির্বাচিত সভাপতি কোন আছিল?

উত্তৰঃ ৰুছিয়াৰ প্রথম নির্বাচিত সভাপতি আছিল বৰিছ ইয়েল্টচিন (Boris Nikolayevich Yeltsin, 1991-1999) 

 

৩৪। আঘাত নিৰাময় কি?

উত্তৰঃ আঘাত নিৰাময়  ল- সমাজবাদী আদর্শৰ ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত সমাজবাদী ৰাষ্ট্রবোৰক বিশ্ববেংক আৰু আন্তঃৰাষ্ট্রীয় মুদ্রা নিধিৰ (IMF) উদ্যোগত পুঁজিবাদী গণতান্ত্রিক ৰাষ্ট্রলৈ সলনি কৰাৰ এক প্রক্রিয়া ।



2 marks questions:

১। দ্বিতীয় বিশ্ববুলিলে কি বুজায় ?

উত্তৰঃ দ্বিতীয় বিশ্ববা সমাজবাদী গোট বুলিলে সেইসমূহ পূব ইউৰোপৰ ৰাষ্ট্যক বুজায় যিসমূহ ৰাষ্ট্র ছোভিয়েট ৰাষ্ট্রৰ সাম্যবাদী আদর্শত প্রতিষ্ঠিত আছিল আৰু WARSAW চুক্তিত স্বাক্ষৰকাৰী আছিল । লগতে, এইসমূহ ৰাষ্ট্র ৰাজনৈতিক আৰু অর্থনৈতিক গাঁথনি ছোভিয়েট ৰাষ্ট্রৰ দৰে একে আছিল আৰু ছোভিয়েট ৰাছিয়াৰ নিয়ন্ত্রণাধীন হৈ আছিল ।

 

২।গৰ্বাচেভে USSR ত আৰম্ভ কৰা দুটা সংস্কাৰ উল্লেখ কৰা 

উত্তৰঃ গৰ্বাচেভে USSR ত আৰম্ভ কৰা দুটা সংস্কাৰ হল- (ক) গ্লাছনস্তবা মুক্ত অৱস্থা বা মুক্ত বাতাবৰণ আৰু (খ) পেৰেষ্ট্রাইকাবা পুনৰ গঠন ।

 

৩। USSRত বিভাজন সম্পর্কীয় ঘোষণা কোনে আৰু কেতিয়া কৰিছিল ?

উত্তৰঃ ছোভিয়েট ইউনিয়নৰ ৰাষ্ট্রপতি মিখাইল গৰ্বাচেভে ১৯৯১ চনৰ ২৫ ডিচেম্বৰ তাৰিখে USSRত বিভাজন সম্পর্কীয় ঘোষণা কৰিছিল ।

 

৪। এখন পুঁজিবাদী ৰাষ্ট্রৰ পৰা ছোভিয়েট অর্থনীতিক পৃথক কৰা যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা 

উত্তৰঃ এখন পুঁজিবাদী ৰাষ্ট্রৰ পৰা ছোভিয়েট অর্থনীতিক পৃথক কৰা যিকোনো দুটা বৈশিষ্ট্য হল-

(ক) পুঁজিবাদী ৰাষ্ট্রৰ অর্থনীতিত মুক্ত অর্থনীতিৰ সমর্থন আছিল । আনহাতে, ছোভিয়েট অর্থনীতিত মুক্ত অর্থনীতিত পূর্ণ সমর্থন কৰা নাছিল ।

(খ) পুঁজিবাদী ৰাষ্ট্রৰ অৰ্থনীতিয়ে ব্যক্তিগত খণ্ডৰ ওপৰত অধিক গুৰুত্ব প্রদান কৰিছিল । আনহাতে, ছোভিয়েট অর্থনীতিয়ে চৰকাৰী খণ্ডত অধিকাংশক গুৰুত্ব আৰোপ কৰিছিল ।

 

৫। ছোভিয়েটৰ বিভাজনৰ পিছত সৃষ্টি হোৱা দুখন দেশৰ নাম লিখা ।

 

উত্তৰঃ ছোভিয়েটৰ বিভাজনৰ পিছত সৃষ্টি হোৱা দুখন দেশৰ নাম হল- (ক) ৰাছিয়া আৰু (খ) বেলাৰুচ ।

৬। কমিউনিষ্ট ৰাজত্বৰ পৰৱৰ্তী কালৰ শ্বক থেৰাপিয়ে কি বুজায় ?

উত্তৰঃ সাম্যবাদী ৰাষ্ট্র ছোভিয়েট ইউনিয়নৰ পতনৰ পৰৱৰ্তী পৰ্যায়ত নব্য স্বাধীনতা প্রাপ্ত দেশসমূহত পুঁজিবাদী আদর্শৰ এক নতুন অর্থনৈতিক আৰু ৰাজনৈতিক সংস্কাৰ আৰম্ভ হৈছিল । এই পৰিস্থিতিৰ মুখামুখী হব পৰাকৈ বিশ্ববেংক আৰু আন্তজাৰ্তিক মুদ্রানিধিয়ে অর্থনীতিৰ দিশৰ উন্নতিৰ অর্থে কিছুমান বিশেষ ব্যৱস্থা গ্রহণ কৰিছিল । এই ব্যৱস্থাক শ্বক থেৰাপি বা আঘাত নিৰাময় বোলা হয় ।

 

৭। ছোভিয়েট বিভাজনৰ পিছত বিশ্ব ৰাজনীতিত কিদৰে শক্তিৰ সম্পর্কৰ সলনি হৈছিল ?  

উত্তৰঃ ছোভিয়েট বিভাজনৰ পিছত বিশ্ব ৰাজনীতিত আমেৰিকা যুক্ত আৰু এই ৰাষ্ট্রৰ দৰে আন পুঁজিবাদী ৰাষ্ট্রৰ একনায়কত্ববাদ অর্থাৎ এক মেৰু ব্যৱস্থাৰ আৰম্ভণি হৈছিল । লগতে, সাম্যবাদী আদর্শৰ পতন ঘটি আমেৰিকা যুক্তৰাষ্ট্রৰ দৰে পুঁজিবাদী আদর্শৰ এক আধিপত্যৰ সূচনা হৈছিল ।

 

৮।ছোভিয়েট বিভাজনে কিদৰে শীতল যুদ্ধ বিবাদৰ অন্ত পেলাইছিল ?

উত্তৰঃ শীতলযুদ্ধ সাধাৰণতে আমেৰিকাৰ দৰে পুঁজিবাদী আদর্শ আৰু ছোভিয়েট শক্তিগোষ্ঠীৰ সাম্যবাদী আদর্শৰ ভিত্তিত সংঘটিত হৈছিল । যেতিয়া, ছোভিয়েট ইউনিয়ন বিভাজন হৈছিল তেতিয়া সাম্যবাদী আদর্শৰ প্রায় পতন হৈছিল আৰু একনায়কত্ববাদ অর্থাৎ আমেৰিকাৰ পুঁজিবাদী আদর্শৰ ব্যৱস্থাৰ অধিক সক্রিয় হৈছিল  তেতিয়াই শীতল যুদ্ধৰ বিবাদৰ অন্ত পৰিছিল ।

 

৯। ইতিহাসৰ বৃহৎ আৱৰ্জনা বিক্রিটো কি আছিল ?

উত্তৰঃ যেতিয়া ছোভিয়েট ৰাছিয়াৰ নিয়ন্ত্রণাধীন উদ্যোগিক অঞ্চলসমূহৰ পতন ঘটিছিল তেতিয়া, ৯০ শতাংশ উদ্যোগেই ব্যক্তিগত কোম্পানী বা আন কোনো ব্যক্তিক বিক্রী কৰবলগীয়া পৰিস্থিতি হৈছিল । এই বিক্রী কৰা প্রক্রিয়া বা কাৰ্যক ইতিহাসৰ বৃহৎ আৱৰ্জনা বিক্রী বুলি কোৱা হয় ।

 

১০। এটাৰ পিছত এটাকৈ কিদৰে কমিউনিষ্ট ৰাজত্বৰ পতন ঘটিছিল ?

 

উত্তৰঃ যেতিয়া, সাম্যবাদী বা কমিউনিষ্ট ব্যৱস্থাৰ ৰাজনৈতিক, সামাজিক আৰু অর্থনৈতিক ব্যৱস্থা ক্রমে আমোলাতান্ত্রিক আৰু প্রভুত্ববাদী হৈ পৰিছিল । তেতিয়া সাধাৰণ জনসাধাৰণে এই আদর্শ বা ব্যৱস্থাক সমর্থন কৰা নাছিল । ইয়াৰ ফলস্বরূপে, ক্রমান্বয়ে এটাৰ পিছত এটাকৈ কমিউনিষ্ট ৰাজত্বৰ পতন ঘটিছিল 

 

১১। আকস্মিক ছোভিয়েট ইউনিয়নৰ পতনৰ কাৰণবোৰ উল্লেখ কৰা 

উত্তৰঃ আকস্মিক ছোভিয়েট ইউনিয়নৰ পতনৰ কাৰণ হল- মিখাইল গৰ্বাচেভৰ গ্লাছনোষ্টআৰু পেৰেষ্ট্রাইকানামৰ সংস্কাৰমূলক কাৰ্যসূচীসমূহৰ বাবে ।

 

১২।ছোভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ ছোভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য হল-

(ক)ছোভিয়েট ৰাজনৈতিক ব্যৱস্থা সাম্যবাদী আদর্শৰ ওপৰত প্রতিষ্ঠিত ।

(খ) ছোভিয়েট ৰাজনৈতিক ব্যৱস্থা একনায়কত্ববাদী চৰিত্র বা নীতিৰ ওপৰত প্রতিষ্ঠিত আছিল ।

 

১৩। শ্বক থেৰাপিৰ যিকোনো দুটা নেতিবাচক প্রভাৱ লিখা ।

উত্তৰঃ শ্বক থেৰাপিৰ দুটা নেতিবাচক প্রভাৱ হল-

(ক) শ্বক থেৰাপীৰ ফলত ছোভিয়েট ৰাছিয়াৰ মুদ্রা মূল্য হ্রাস পাইছিল আৰু বস্তুৰ দাম বৃদ্ধি পাইছিল ।

(খ)শ্বক থেৰাপিৰ বাবে ছোভিয়েট ৰাছিয়াৰ সাম্যবাদী আদর্শৰ কল্যাণমূলক আচনিসমূহ ক্রমান্বয়ে বিলুপ্তি হৈ গৈছিল ।

 

১৪। গ্লচনষ্টৰ অর্থ ব্যাখ্যা কৰা  

উত্তৰঃ গ্লচনষ্টৰ অর্থ হৈছে ব্যাপক স্বচ্ছতা বা মুকলি কৰা  অর্থাৎ সাম্যবাদী আদর্শৰ দ্বাৰা প্রতিষ্ঠিত সকলো বিষয়সমূহ সকলোৰে বাবে সুযোগ্য আৰু মুকলি কৰি দিয়া কাৰ্যক সূচায়ছে ।

 

১৫। নেচেই ওচৰা-ওচৰিবুলিলে কি বুজা?

উত্তৰঃ যেতিয়া, সাম্যবাদী বা কমিউনিষ্ট ব্যৱস্থাৰ ৰাজনৈতিক, সামাজিক আৰু অর্থনৈতিক ব্যৱস্থা ক্রমে আমোলাতান্ত্রিক আৰু প্রভুত্ববাদী হৈ পৰিছিল । তেতিয়া সাধাৰণ জনসাধাৰণে এই আদর্শ বা ব্যৱস্থাক সমর্থন কৰা নাছিল । ইয়াৰ ফলস্বরূপে, ক্রমান্বয়ে এটাৰ পিছত এটাকৈ কমিউনিষ্ট ৰাজত্বৰ পতন ঘটিছিল ইয়াকে ‘নেচেই ওচৰা-ওচৰিবুলি কোৱা হয় ৷

 

১৬। বৃহৎ খেলখন কি?

 

উত্তৰঃ যেতিয়া ছোভিয়েট ৰাছিয়াৰ নিয়ন্ত্রণাধীন উদ্যোগিক অঞ্চলসমূহৰ পতন ঘটিছিল তেতিয়া, ৯০ শতাংশ উদ্যোগেই ব্যক্তিগত কোম্পানী বা আন কোনো ব্যক্তিক বিক্রী কৰবলগীয়া পৰিস্থিতি হৈছিল । এই বিক্রী কৰা প্রক্রিয়া বা কাৰ্যক ‘বৃহৎ খেলখন বা বৃহৎ আৱৰ্জনা বিক্রী বুলি কোৱা হয় ।

 

১৭। বার্লিনৰ দেৱাল কেতিয়া ভঙা হৈছিল ?

উত্তৰঃ বার্লিনৰ দেৱাল ১৯৯০ চনত ভঙা হৈছিল ।

 

১৮। শ্বক থেৰাপীৰ ৰাজনৈতিক পৰিণতি নির্ণয় কৰা 

উত্তৰঃ শ্বক থেৰাপীৰ ৰাজনৈতিক পৰিণতিসমূহ হলঃ

(ক) আমেৰিকা যুক্তৰাষ্ট্রৰ পুঁজিবাদী ব্যৱস্থাৰ সম্প্রসাৰণ ঘটা ।

(খ) ছোভিয়েট ৰাছিয়াৰ বাণিজ্যিক গোষ্ঠীৰ পতন ঘটা ।

(গ) উদাৰনৈতিক গণতন্ত্র প্রতিষ্ঠা কৰা 

 

(ঘ) নতুনকৈ স্বাধীন হোৱা ৰাষ্ট্রবোৰৰ জৰীয়তে স্বাধীন ৰাষ্ট্রৰ কমনৱেলথ (CIS) গঠন কৰা  

 

 

 

১৯। ছোভিয়েট ভাঙোনৰ পাছত বিশ্ব ৰাজনীতিত ক্ষমতাৰ সম্বন্ধৰ কেনেদৰে পৰিৱৰ্তন ঘটিছিল ?

উত্তৰঃ ছোভিয়েট ভাঙোনৰ পাছত বিশ্ব ৰাজনীতিত আমেৰিকা যুক্ত আৰু এই ৰাষ্ট্রৰ দৰে আন পুঁজিবাদী ৰাষ্ট্রৰ একনায়কত্ববাদ অর্থাৎ এক মেৰু ব্যৱস্থাৰ আৰম্ভণি হৈছিল । লগতে, সাম্যবাদী আদর্শৰ পতন ঘটি আমেৰিকা যুক্তৰাষ্ট্রৰ পুঁজিবাদী আদর্শৰ এক আধিপত্যৰ সূচনা হৈছিল ।

 

২০। সাম্যবাদী ৰাজত্বৰ এখনৰ পিছত এখনকৈ কেনেকৈ পতন হৈছিল ?

উত্তৰঃ যেতিয়া, সাম্যবাদী বা কমিউনিষ্ট ব্যৱস্থাৰ ৰাজনৈতিক, সামাজিক আৰু অর্থনৈতিক ব্যৱস্থা ক্রমে আমোলাতান্ত্রিক আৰু প্রভুত্ববাদী হৈ পৰিছিল । তেতিয়া সাধাৰণ জনসাধাৰণে এই আদর্শ বা ব্যৱস্থাক সমর্থন কৰা নাছিল । ইয়াৰ ফলস্বরূপে, ক্রমান্বয়ে এটাৰ পিছত এটাকৈ সাম্যবাদী ৰাজত্বৰ পতন ঘটিছিল 

 

২১। ছোভিয়েট সংঘ হঠাতে ধ্বংস হোৱাৰ কাৰণসমূহ উল্লেখ কৰা 

উত্তৰঃ আকস্মিক ছোভিয়েট ইউনিয়নৰ পতনৰ কাৰণ হল- মিখাইল গৰ্বাচেভৰ গ্লাছনোষ্টআৰু পেৰেষ্ট্রাইকানামৰ সংস্কাৰমূলক কাৰ্যসূচীসমূহৰ বাবে । লগতেসাম্যবাদী বা কমিউনিষ্ট ব্যৱস্থাৰ ৰাজনৈতিক, সামাজিক আৰু অর্থনৈতিক ব্যৱস্থা ক্রমে আমোলাতান্ত্রিক আৰু প্রভুত্ববাদী হৈ পৰিছিল । তেতিয়া সাধাৰণ জনসাধাৰণে এই আদর্শ বা ব্যৱস্থাক সমর্থন কৰা নাছিল । ইয়াৰ ফলস্বরূপে, ক্রমান্বয়ে এখনৰ পিছত আনখন সাম্যবাদী ৰাজত্বৰ পতন ঘটিছিল 

 

২২। আঘাত নিৰাময়ৰ দুটা নেতিবাচক প্রভাৱ লিখা ।

উত্তৰঃ আঘাত নিৰাময়ৰ দুটা নেতিবাচক প্রভাৱ হল-

(ক) আঘাত নিৰাময়ৰ ফলত ছোভিয়েট ৰাছিয়াৰ মুদ্রা মূল্য হ্রাস পাইছিল আৰু বস্তুৰ দাম বৃদ্ধি পাইছিল ।

(খ)আঘাত নিৰাময়ৰ বাবে ছোভিয়েট ৰাছিয়াৰ সাম্যবাদী আদর্শৰ কল্যাণমূলক আচনিসমূহ ক্রমান্বয়ে বিলুপ্তি হৈ গৈছিল ।

 

২৩। আঘাত নিৰাময়ৰ ৰাজনৈতিক ফলাফল পৰীক্ষা কৰা 

উত্তৰঃ আঘাত নিৰাময়ৰ ৰাজনৈতিক ফলাফলসমূহ হলঃ

(ক) আমেৰিকা যুক্তৰাষ্ট্রৰ পুঁজিবাদী ব্যৱস্থাৰ সম্প্রসাৰণ ঘটা ।

(খ) ছোভিয়েট ৰাছিয়াৰ বাণিজ্যিক গোষ্ঠীৰ পতন ঘটা ।

(গ) উদাৰনৈতিক গণতন্ত্র প্রতিষ্ঠা কৰা 

 

(ঘ) নতুনকৈ স্বাধীন হোৱা ৰাষ্ট্রবোৰৰ জৰীয়তে স্বাধীন ৰাষ্ট্রৰ কমনৱেলথ (CIS) গঠন কৰা  


২৪। সমগ্র বিশ্বত মানৱ অধিকাৰৰ সুৰক্ষাৰ লগত জড়িত তিনিটা বেচৰকাৰী সংগঠনৰ নাম লিখা ।

 

উত্তৰঃ সমগ্র বিশ্বত মানৱ অধিকাৰৰ সুৰক্ষাৰ লগত জড়িত তিনিটা বেচৰকাৰী সংগঠন হ'ল:

 এমনেষ্টি ইনটাৰনেশ্যনেল বা Amnesty  International ,  Human Rights Action Centerআৰু Human Rights Without Frontiers (HRWF)

 

 

 

cheking & updating the below questions…..any mistake please inform………

 

৪ বা ৬ নম্বৰৰ প্রশ্ন আৰু উত্তৰঃ

 

১। দ্বিতীয় বিশ্ব যুদ্ধৰ পিছৰ ছোভিয়েট ইউনিয়নৰ অৱস্থাৰ বিষয়ে চমুকৈ আলোচনা কৰা ।

উত্তৰঃ দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত ছোভিয়েট ইউনিয়ন আমেৰিকা যুক্ত ৰাষ্ট্রৰ দৰে এক মহাশক্তি হিচাপে বিশ্বত প্রতিষ্ঠা লাভ কৰিছিল । আমেৰিকাৰ পুঁজিবাদী ব্যৱস্থাৰ সমসাময়িকভাবে ছোভিয়েট ইউনিয়িনৰ সাম্যবাদী বা সমাজবাদী ব্যৱস্থা শক্তিশালী রূপে প্রতিষ্ঠিত হৈছিল । ছোভিয়েট ইউনিয়নে নব্য এক স্বনির্ভৰশীল নীতিৰ পাতনি মেলিছিল  জনসাধাৰণৰ বাবে দৰকাৰ হোৱা সকলো সামগ্রী আৰু সেৱা ছোভিয়েট ইউনিয়নৰ ভিতৰতে প্রস্তুত কৰাৰ ব্যৱস্থা কৰিছিল । তেল, তীখা, লোহা, আৰু আন প্রাকৃতিক সম্পদৰ ব্যৱহাৰৰ জৰীয়তে ৰাষ্ট্রীয় অর্থনীতিৰ বুনিয়াদ অধিক শক্তিশালী কৰি তুলিছিল । প্রযুক্তি-কৌশল আৰু যোগাযোগৰ মাধ্যমেৰে বিভিন্ন অঞ্চলৰ বাবে সা-সুবিধাৰ ব্যৱস্থা কৰিছিল । খাদ্য, স্বাস্থ্য, শিক্ষা আদি সকলো লাগতিয়াল বিষয়সমূহেৰে সকলো জনগণৰ বাবে নূন্যতম জীৱন ধাৰণৰ মানদণ্ড প্রদান কৰিছিল । সম্পত্তিৰ মালিকানাস্বত্ব নাইকীয়া কৰি সকলো অনুষ্ঠান-প্রতিষ্ঠান চৰকাৰ আৰু ৰাষ্ট্রই নিয়ন্ত্রণ কৰিছিল ।

 

২। ছোভিয়েট ইউনিয়নৰ জনসাধাৰণ ছোভিয়েট পদ্ধতিত সন্তুষ্ট হোৱা নাছিল ? চাৰিটা কাৰণ দর্শোৱা ।

উত্তৰঃ ছোভিয়েট ইউনিয়নৰ জনসাধাৰণ ছোভিয়েট পদ্ধতিত সন্তুষ্ট হোৱা নাছিল । ইয়াৰ উল্লেখযোগ্য চাৰিটা কাৰণ হলঃ

(ক) ষ্টেলিনৰ অধীনত চলা স্বৈৰতন্ত্রী কাৰ্য-কলাপঃ

    ছোভিয়েট সংঘত সমাজবাদী আদর্শ প্রতিষ্ঠা কৰাৰ নামত ষ্টেলিনে বহুতো পশ্চাদঘাতী কর্মৰ জৰীয়তে স্বৈৰতন্ত্রী শাসন চলাইছিল যিটো ছোভিয়েট ইউনিয়নৰ জনসাধাৰণে মুঠেই ভাল পোৱা নাছিল । লগতে, ষ্টেলিনৰ সমালোচক ত্রৎক্সিৰ হত্যাত জনসাধাৰণ অতিকৈ অসন্তুষ্ট হৈ পৰিছিল ।

(খ) মিখাইল গৰ্বাচেভ আৰু কেলেংকাৰী সংস্কাৰ ব্যৱস্থাঃ

    মিখাইল গৰ্বাচেভে সমাজৰ সংস্কাৰৰ বাবে যি গ্লাচনোষ্ট আৰু পেৰেষ্ট্রোইকাৰ ব্যৱস্থা গ্রহণ কৰিছিল সেই ছোভিয়েট ইউনিয়নৰ জনসাধাৰণে সন্দেশ প্রকাশ কৰিছিল আৰু উত্তাল প্রতিবাদ গ্রহণ কৰিছিল । মিখাইল গৰ্বাচেভ গ্রহণ কৰা আন্তর্জাতিক নীতি আৰু পশ্চিমীয়া দেশৰ লগত গঢ়ি তুলিব খোজা কাৰ্যত ছোভিয়েট ইউনিয়নৰ জনসাধাৰণ শংকিত হৈ পৰিছিল ।   

(গ) ব্রেজনেভ আৰু ছোভিয়েট অর্থনীতিৰ স্থবিৰতাঃ

    ছোভিয়েট অর্থনীতিৰ উন্নতিৰ ক্ষেত্রত ব্রেজনেভে চলোৱা নীতি আৰু কাৰ্যসূচীসমূহত ছোভিয়েট ইউনিয়নৰ জনসাধাৰণ বহু দিশত সন্তুষ্ট হোৱা নাছিল । বিশেষকৈ ব্রেজনেভৰ কাৰ্যকালত দৈনন্দিত ব্যৱহাৰ্য সামগ্রীৰ ক্ষেত্রত হোৱা ঘাটিয়ে দেশৰ অর্থনীতি ব্যর্থ হোৱাতো জনসাধাৰণে উপলব্ধি কৰিছিল ।

(ঘ) ১৯৬০ দশকৰ পৰৱৰ্তি সময়ত হোৱা ছোভিয়েট অর্থনীতিৰ স্থবিৰতাঃ

    ১৯৬০ দশকৰ পৰৱৰ্তি সময়ত হোৱা ছোভিয়েট অর্থনীতিৰ স্থবিৰতা ছোভিয়েট ইউনিয়নৰ জনসাধাৰণে মুঠেই মানি লব পাৰা নাছিল । পাৰমাণৱিক আৰু বিশ্বৰ মহাশক্তিহিচাপে কৰা আধিপত্য বিস্তাৰৰ বাবে অধিক ব্যয় বহন কৰা বুলি জনসাধাৰণে সন্দেহ প্রকাশ কৰিছিল ।

(ঙ) ছোভিয়েট সাম্যবাদী দল বা কমিউনিষ্ট পার্টী আৰু প্রশাসনৰ দুর্নীতিঃ

    ছোভিয়েট ইউনিয়নৰ জনসাধাৰণে ছোভিয়েট সাম্যবাদী দল বা কমিউনিষ্ট পার্টী আৰু প্রশাসনৰ বহুতো দুর্নীতি আৰু স্বেচ্ছাচাৰী শাসনৰ বলি হব লগা হৈছিল । এই বিষয়ে জনসাধাৰণৰ মাজত আলোড়ণ আৰু আন্দোলনৰ সৃষ্টি কৰিছিল ।

(চ)ব্যক্তি স্বাধীনতাৰ ওপৰত ছোভিয়েট ইউনিয়নে কৰা অবদমনঃ

ব্যক্তি স্বাধীনতাৰ ওপৰত ছোভিয়েট ইউনিয়নে যি অবদমন কাৰ্যসূচী গ্রহণ কৰিছিল সেই বিষয়ে ছোভিয়েট ইউনিয়নৰ জনসাধাৰণে অসন্তুষ প্রকাশ কৰিছিল । লগতে নানান হৰতাল আৰু প্রতিবাদী কাৰ্যসূচীৰে ছোভিয়েট ইউনিয়নৰ অস্তিত্ব হ্রাস কৰিছিল ।

    এনে পৰিস্থিতিবোৰৰ পৰিণতিস্বরূপেই ১৯৯১ চনত বৰিছ য়েল্টচিনৰ নেতৃত্বত ছোভিয়েট ইউনিয়নৰ ভংগ বা পতন ঘটিছিল ।

     

 

৩।USSR বিভাজনৰ পৰিণতি সম্পর্কে চমুকৈ আলোচনা কৰা 

উত্তৰঃ USSR বিভাজনৰ পৰিণতি আছিল বিশ্বৰাজনীতিত ভয়াবহ আছিল । ইয়াৰ উল্লেখযোগ্য পৰিণতিবোৰ হলঃ

(ক) শীতল যুদ্ধৰ সংঘাতৰ অৱসানঃ

    USSR বিভাজন হোৱাৰ লগে লগে ১৯৪৫ চনৰ পৰা চলিত হৈ অহা শীতল যুদ্ধৰ সমাপ্তি ঘটিছিল । অর্থাৎ শীতল যুদ্ধ পৰিক্রমা সিমানতেই অন্ত পৰিছিল ।

(খ) একক মহাশক্তি হিচাপে আমেৰিকা যুক্তৰাষ্ট্রৰ উত্থানঃ

    USSR বিভাজন পৰৱৰ্তী পর্যায়ত আমেৰিকা যুক্তই গোটেই বিশ্বত একক মহাশক্তি হিচাপে প্রতিষ্ঠিত হৈছিল । লগতে, আমেৰিকাৰ লগত প্রতিদ্বন্দী কৰিবৰ বাবে কোনো শক্তিগোষ্ঠী নাইবা ৰাষ্ট্র নাছিল ।

(গ) বহুসংখ্যক নব্য স্বাধীন ৰাষ্ট্রৰ উত্থানঃ

    USSR বিভাজন লগে লগে বহুতো নতুন স্বাধীন ৰাষ্ট্রৰ উত্থান ঘটিছিল । এই ৰাষ্ট্রবোৰে সাম্যবাদী আদর্শ ত্যাগ কৰি আমেৰিকাৰ পুঁজিবাদী আদর্শ গ্রহণ কৰিছিল ।

(ঘ) পুঁজিবাদী ব্যৱস্থাৰ উত্থানঃ

    USSR বিভাজন হোৱাত আমেৰিকাৰ পুঁজিবাদী আদর্শই গা কৰি উঠিছিল । লগতে, উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্ব অর্থনীতিত বিশ্বায়ণ প্রক্রিয়াৰ সূচনা হৈছিল ।

(ঙ) গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্রভাৱ হ্রাসপ্রাপ্তঃ

    USSR বিভাজন হোৱাৰ লগে লগে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মৰ্যদা বহু পৰিমাণে হ্রাস পাইছিল । সেই সময়ত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্রয়োজনৰ প্রায় কমি গৈছিল ।

(চ) তৃতীয় বিশ্বৰ দেশসমূহৰ ভূমিকাক দুর্বল কৰাঃ

    USSR বিভাজনৰ পাছত তৃতীয় বিশ্বৰ দেশসমূহৰ ভূমিকা বহু দিশত হ্রাস পাইছিল । সমসাময়িকভাৱে, ১৯৭০ দশকৰ পৰা তৃতীয় বিশ্বৰ দেশসমূহে নৱ্য-আন্তৰ্জাতিক অর্থব্যৱস্থাৰ হকে গঢ়ি তোলা দাবীসমূহৰ প্রায় ভূমিকা/অস্তিত্ব কমি গৈছিল ।

    এনেধৰণৰ বহুতো পৰিস্থিতি USSR বিভাজনৰ পাছত পৰিলক্ষিত হৈছিল । লগতে, অর্থনীতি, ৰাজনীতি আৰু সামাজিক ভাৱে এক অস্থিৰতাৰ সংকটে দেখা দিছিল ।

 

৪।ছোভিয়েট ইউনিয়নৰ পৰা নতুনকৈ সৃষ্টি হোৱা ৰাষ্ট্রসমূহৰ ৰাজনৈতিক ব্যৱস্থাৰ বিষয়ে এটা চমু টোকা লিখা ।

উত্তৰঃ ছোভিয়েট ইউনিয়নৰ পৰা নতুনকৈ সৃষ্টি হোৱা ৰাষ্ট্রসমূহৰ ৰাজনৈতিক ব্যৱস্থা অতি সঙ্কটজনক আছিল । ইয়াৰ ভিতৰত উল্লেখযোগ্য দিশসমূহ হলঃ

(ক) সমাজবাদী অর্থনীতিৰ পৰা পুঁজিবাদী অর্থনীতিলৈ পূর্ণ পৰিবর্তনঃ

    ছোভিয়েট ইউনিয়নৰ পতনৰ লগে লগে নতুনকৈ সৃষ্টি হোৱা ৰাষ্ট্রসমূহে সমাজবাদী অর্থনীতিৰ পৰা পুঁজিবাদী অর্থনীতি গ্রহণ কৰিব লগা হৈছিল । ৰাষ্ট্রসমূহৰ ৰাজহুৱা খণ্ডৰ সম্পদসমূহ ব্যক্তিগত মালিকানাস্বত্বলৈ পৰিবর্তন হৈছিল ।

(খ) স্ব-নির্ভৰশীল জাতীয় অর্থনীতিৰ পৰা মুক্ত বাণিজ্য অর্থনীতিলৈ পৰিৱৰ্তনঃ

    ছোভিয়েট ইউনিয়নৰ ভাঙনৰ পৰিৱৰ্তী পর্যায়ত নতুনকৈ সৃষ্টি হোৱা ৰাষ্ট্রসমূহৰ স্ব-নির্ভৰশীল জাতীয় অর্থনীতিৰ অন্ত পৰিছিল । ইয়াৰ সলনি, উদাৰীকৰণ, বিশ্বায়ণ আৰু মুক্ত বাণিজ্য অর্থনীতি গ্রহণ কৰিব লগা হৈছিল ।

(গ) ছোভিয়েট ইউনিয়নৰ মাজত গঢ়ি উঠা বাণিজ্যক মিত্রতাসমূহৰ ভংগঃ

    ছোভিয়েট ইউনিয়নৰ পতনে বাণিজ্যক মিত্রতাসমূহ নতুনকৈ সৃষ্টি হোৱা ৰাষ্ট্রসমূহৰ মাজত ভংগ হৈ পৰিছিল । ইয়াৰ ঠাইত, আমেৰিকাৰ লগত পুঁজিবাদী আদর্শৰে নতুন নীতিসমূহৰ গ্রহণ কৰিব লগা হৈছিল ।

(ঘ) উদ্যোগ ব্যৱস্থাৰ নিঃশেষকৰণঃ

    ছোভিয়েট ইউনিয়নৰ অবনতিৰ ফলত ছোভিয়েট ৰাছিয়াৰ আৰু নতুনকৈ সৃষ্টি হোৱা ৰাষ্ট্রসমূহৰ সাম্যবাদী ব্যৱস্থাত প্রতিষ্ঠিত উদ্যোগ-প্রতিষ্ঠানসমূহৰ ৯০% ব্যক্তি আৰু ব্যক্তিগত কোম্পানীৰ হাতত কম মূল্যত বিক্রী কৰিব লগাৰ পৰিস্থিতি হৈছিল / যাক ইতিহাসত বৃহত্তম গেৰেজ বিক্রীহিচাপে জনা গৈছিল ।

(ঙ) দেশীয় মুদ্রাৰ মূল্য হ্রাস আৰু অভাৱনী মুল্য বৃদ্ধিঃ

    ৰাছিয়াৰ ৰুবলকে আদি কৰি নতুনকৈ সৃষ্টি হোৱা ৰাষ্ট্রসমূহৰ মুদ্রাৰ মূল্য বহু পৰিমাণে হ্রাস পাইছিল । দৈনন্দিন ব্যৱহাৰ্য সামগ্রীসমূহৰ নাটনি আৰু মূল্য বৃদ্ধি পাইছিল লগতে সর্বমুঠ ঘৰুৱা উৎপাদনো হ্রাস পাইছিল ।

(চ) সামাজিক কল্যাণ ব্যৱস্থাৰ বিনাশ আৰু অর্থনীতিৰ অপৰাধীকৰণঃ

    পুঁজিবাদী আদর্শত প্রতিষ্ঠিত এই নতুনকৈ সৃষ্টি হোৱা ৰাষ্ট্রসমূহত সামাজিক কল্যাণৰ আধাৰ বহু পৰিমাণে হ্রাস পাইছিল । ইয়াৰুপৰি, দুখীয়া আৰু মধ্যবিত্ত শ্রেণীৰ মানুহবোৰ অধিক দৰিদ্র হৈ পৰিছিল ।

(ছ) গণতন্ত্রৰ সলনি স্বৈৰতান্ত্রিক শাসন আৰম্ভণিঃ

    নতুনকৈ সৃষ্টি হোৱা ৰাষ্ট্রসমূহত গণতন্ত্রৰ প্রতিষ্ঠাৰ সলনি স্বৈৰতান্ত্রিক শাসনৰ পাতনি মেলিছিল । লগতে, এই পৰিস্থিতিত নতুনকৈ সৃষ্টি হোৱা ৰাষ্ট্রসমূহ ভায়বহ পৰিস্থিতিৰ মুকাবিলা কৰিব লগা হৈছিল ।

এইদৰে ছোভিয়েট ইউনিয়নৰ পতনৰ পাছত নতুনকৈ সৃষ্টি হোৱা ৰাষ্ট্রসমূহৰ মাজত এক সংকটজনক পৰিস্থিতিৰ উৎদ্ভাৱন হৈছিল ।

 

৫। ভাৰত আৰু ৰাছিয়াৰ ভাল সম্পর্ক আছে বুলি তুমি ভাবানে ? চাৰিটা কাৰণ লিখা 

উত্তৰঃ ভাৰত আৰু ৰাছিয়াৰ ভাল সম্পর্কৰ উল্লেখনীয় দিশসমূহ হলঃ

(ক) ১৯৭১ চনৰ মৈত্রী চুক্তিঃ

    ভাৰত আৰু ৰাছিয়াৰ মাজত গঢ়ি উঠা ১৯৭১ চনৰ মৈত্রী চুক্তিয়ে দুয়ুখন দেশৰ মাজত থকা মধুৰ সম্পর্কৰ কথা ব্যক্ত কৰে ।

(খ) আন্তর্জাতিক ক্ষেত্রত বন্ধুত্বসুলভ সম্পর্কঃ

    ভাৰত আৰু ৰাছিয়াৰ মাজত আন্তর্জাতিক বিষয়সমূহত এক বন্ধুত্বপূর্ণ সম্পর্ক বিৰাজমান ।

(গ) উমৈহতীয়া মূল্যবোধ আৰু দ্বিপাক্ষিক আদান-প্রদানঃ

    ভাৰত আৰু ৰাছিয়াৰ মাজত মৌলিক প্রমূল্যৰ প্রচাৰ আৰু প্রসাৰণৰ ক্ষেত্রত এক মধুৰ সম্পর্ক আছে । লগতে, দুয়ুখন দেশৰ মাজৰ দ্বিপাক্ষিক আদান-প্রদান সম্পর্ক আৰু ঘনিষ্ঠতা প্রকাশ কৰে ।

(ঘ) ২০০১ চনৰ ভাৰত-ৰাছিয়াৰ কৌশলগত চুক্তিঃ

    ২০০১ চনৰ ভাৰত আৰু ৰাছিয়াৰ মাজত গঢ়ি উঠা কৌশলগত চুক্তিয়ে দুয়ুখন দেশৰ সম্পর্কক বৃদ্ধি কৰিছে । এই চুক্তিৰ আধাৰতেই শতাধিক চুক্তি স্বাক্ষৰিত হৈছে ।

(ঙ) চীনৰ সৈতে সম্পর্কৰ ভাৰসাম্য ৰক্ষাঃ

    ভাৰত আৰু চীনৰ মাজৰ সম্পর্ক ৰক্ষাৰ ক্ষেত্রত ৰাছিয়াই ভাৰতক সহাই কৰি আহিছে ।

(চ) বজাৰ সংক্রান্তিয় সম্পর্কঃ

    শক্তিৰ যোগানৰ পৰা ধৰি অস্ত্রৰ যোগানলৈকে দুয়ুখন দেশোৰ মাজত সম্বন্ধ আছে । লগতে, ভাৰত ৰাছিয়াৰ দ্বিতীয়খন বৃহৎ বজাৰ হিচাপে প্রতিষ্ঠিত হৈছে ।

(ছ) পাৰমাণৱিক শক্তিৰে সম্পৰ্কঃ

    ৰাছিয়াই ভাৰতক পাৰমাণৱিক শক্তিৰ ক্ষেত্রত সহায় কৰি আহিছে ।

 

৬। ১৯১৭ চনৰ ৰাছিয়াৰ বিপ্লৱৰ তাৎপর্য কি ?

উত্তৰঃ ১৯১৭ চনৰ ৰাছিয়াত এক মহা বিপ্লৱৰ সূচনা হৈছিল । এই বিপ্লৱৰ তাৎপর্য এই যে এই বিপ্লৱৰ যোগেদি সমাজবাদী ব্যৱস্থাতো গঢ় লৈ উঠিছিল । লগতে, তাৎপর্য্যপূর্ণভাৱে এই বিপ্লৱৰ আলমতে ছোভিয়েট সমাজবাদী গণৰাজ্যসমূহৰ সংঘচমুকৈ ছোভিয়েট সংঘৰ প্রতিষ্ঠিত হৈছিল । ১৯১৭ চনৰ ৰাছিয়াৰ এই বিপ্লৱৰ নেতৃত্ব প্রদান কৰিছিল লেনিনে । এই বিপ্লৱৰ পৰিণতিস্বরূপে সমাজবাদী ব্যৱস্থা প্রৱৰ্তিত হৈছিল । ৰাছিয়াৰ বিপ্লৱৰ মাধ্যমেৰে পুঁজিবাদী ব্যৱস্থাক ঘূৰ বিৰুদ্ধিতা কৰা হৈছিল । লগতে, ব্যক্তিগত মালিকানাস্বত্ব নাশ কৰাৰ বাবে নীতি আৰু আদর্শ উত্থাপন হৈছিল । এই বিপ্লৱৰ জৰীয়তে উদাৰনৈতিক আৰু পুঁজিবাদী আদর্শক পৰিহাৰ কৰা হৈছিল । ১৯১৭ চনৰ ৰাছিয়াৰ বিপ্লৱে আর্থ-সামাজিক ন্যায় আৰু সমতা ৰক্ষাৰ বাবে আন্দোলন গঢ়ি তুলিছিল ।

  

৭। গৰ্বাচেভৰ সংস্কাৰ নীতিৰ বৈশিষ্ট্যসমূহ বিশ্লেষণ কৰা ।

উত্তৰঃ ছোভিয়েট ইউনিয়নত নতুন সংস্কৃতি স্থাপনৰ অর্থে ১৯৮৫ চনত মিখাইল গৰ্বাচেভে কিছুমান সংস্কাৰমূলক নীতিৰ ব্যৱস্থা কৰিছিল । গৰ্বাচেভৰ সংস্কাৰ নীতিৰ বৈশিষ্ট্যসমূহ হলঃ

(ক) ছোভিয়েট সংঘৰ সমস্যাসমূহ সমাধান কৰাঃ

(খ) ব্রজনেভৰ শাসনকালৰ স্থবিৰতাৰ অসসান ঘটোৱাঃ

(গ) ছোভিয়েট সংঘত সৃষ্টি হোৱা দুর্নীতি আৰু স্বৈৰতান্ত্রিক শাসনৰ উৰ পেলোৱাঃ

(ঘ) সামাজিক সুৰক্ষাৰ আৰু উন্নতিৰ হকে দুর্বল উদ্যোগসমূহৰ পৰিৱৰ্তন কৰাঃ

(ঙ)গ্লাচনোষ্ট আৰু পেৰেষ্টোইকাৰ দৰে অর্থনৈতিক সংস্কাৰ কাৰ্যসূচী গ্রহণ কৰাঃ

(চ) আন্তর্জাতিক নীতিৰ জৰীয়তে পশ্চিমীয়া দেশসমূহৰ লগত সৌহাদ্য সম্পর্ক গঢ়ি তুলাঃ

 

 শ্বক থেৰাপীৰ পৰিণতিৰ ক্ষেত্রসমূহৰ বিশদ তালিকা দিয়া ।

উত্তৰঃ ছোভিয়েট পতনৰ পাছত সাম্যবাদী আদর্শৰ ৰাষ্ট্রবোৰ পুঁজিবাদী ব্যৱস্থাৰ দিশত ধাৱমান হোৱাত নানান দুর্দশা সন্মুখিন হব লগা হৈছিল । এই সংকট মোছনৰ বাবে বিশ্ববেংক আৰু আন্তর্জাতিক মুদ্রানিধিয়ে যি আৰ্হি গ্রহণ কৰিছিল, তাকে আঘাত নিৰাময় বা শ্বক থেৰাপী বোলা হোইছিল ।

শ্বক থেৰাপীৰ পৰিণতিৰ মূল ক্ষেত্রসমূহ হলঃ

(ক) সমাজবাদী অর্থনীতিৰ পৰা পুঁজিবাদী অর্থনীতিলৈ পূর্ণ পৰিবর্তনঃ

    ছোভিয়েট ইউনিয়নৰ পতনৰ লগে লগে নতুনকৈ সৃষ্টি হোৱা ৰাষ্ট্রসমূহে সমাজবাদী অর্থনীতিৰ পৰা পুঁজিবাদী অর্থনীতি গ্রহণ কৰিব লগা হৈছিল । ৰাষ্ট্রসমূহৰ ৰাজহুৱা খণ্ডৰ সম্পদসমূহ ব্যক্তিগত মালিকানাস্বত্বলৈ পৰিবর্তন হৈছিল ।

(খ) স্ব-নির্ভৰশীল জাতীয় অর্থনীতিৰ পৰা মুক্ত বাণিজ্য অর্থনীতিলৈ পৰিৱৰ্তনঃ

    ছোভিয়েট ইউনিয়নৰ ভাঙনৰ পৰিৱৰ্তী পর্যায়ত নতুনকৈ সৃষ্টি হোৱা ৰাষ্ট্রসমূহৰ স্ব-নির্ভৰশীল জাতীয় অর্থনীতিৰ অন্ত পৰিছিল । ইয়াৰ সলনি, উদাৰীকৰণ, বিশ্বায়ণ আৰু মুক্ত বাণিজ্য অর্থনীতি গ্রহণ কৰিব লগা হৈছিল ।

(গ) ছোভিয়েট ইউনিয়নৰ মাজত গঢ়ি উঠা বাণিজ্যক মিত্রতাসমূহৰ ভংগঃ

    ছোভিয়েট ইউনিয়নৰ পতনে বাণিজ্যক মিত্রতাসমূহ নতুনকৈ সৃষ্টি হোৱা ৰাষ্ট্রসমূহৰ মাজত ভংগ হৈ পৰিছিল । ইয়াৰ ঠাইত, আমেৰিকাৰ লগত পুঁজিবাদী আদর্শৰে নতুন নীতিসমূহৰ গ্রহণ কৰিব লগা হৈছিল ।

এইদৰে ছোভিয়েট ইউনিয়নৰ পতনৰ পাছত শ্বক থেৰাপিয়ে এক সংকটজনক পৰিস্থিতিৰ উৎদ্ভাৱন হৈছিল ।

 

৯। USSR ত সংস্কাৰৰ পাতনি মেলিবলৈ কি কি কাৰকে গৰ্বাচেভক হেচা দিছিল ?

উত্তৰঃ(ক) ছোভিয়েট সংঘৰ নানান সমস্যাসমূহ সমাধান কৰাৰ অর্থেঃ

(খ) ব্রজনেভৰ শাসনকালৰ স্থবিৰতাৰ অৱসান ঘটবাৰ বাবেঃ

(গ) ছোভিয়েট সংঘত সৃষ্টি হোৱা দুর্নীতি আৰু স্বৈৰতান্ত্রিক শাসনৰ উৰ পেলোৱাৰ স্বার্থতঃ

(ঘ) সামাজিক সুৰক্ষাৰ আৰু উন্নতিৰ হকে দুর্বল উদ্যোগসমূহৰ পৰিৱৰ্তন সাধন কৰিবৰ বাবেঃ

(ঙ) আন্তর্জাতিক নীতিৰ জৰীয়তে পশ্চিমীয়া দেশসমূহৰ লগত সৌহাদ্য সম্পর্ক গঢ়ি তুলাৰ অর্থেঃ

(চ) মানব অধিকাৰক সন্মান জনোৱা আৰু ইয়াৰ সমালোচক সকলক মুক্ত অধিকাৰ দিয়াৰ বাবেঃ

 

১০। ৰাজনৈতিক আৰু অর্থনৈতিক আদর্শৰ ক্ষেত্রত ভাৰত আৰু USSR ৰ মাজৰ সাদৃশ্যবোৰৰ তালিকা দিয়া ।

উত্তৰঃ Same as 5

 

১১। ছোভিয়েট পদ্ধতিৰ বিষয়ে এটা টোকা লিখা ।

উত্তৰঃ Same as 1

 

১২। গৰ্বাচেভৰ সংস্কাৰ নীতি কিয় ব্যর্থ হৈছিল ?

উত্তৰঃ ছোভিয়েট ইউনিয়নত নতুন সংস্কৃতি স্থাপনৰ অর্থে ১৯৮৫ চনত মিখাইল গৰ্বাচেভে কিছুমান সংস্কাৰমূলক নীতিৰ ব্যৱস্থা কৰিছিল । কিন্তু এই নীতিসমূহ কাৰ্যকৰী হোৱা নাছিল । ইয়াৰ মূল কাৰণসমূহ হলঃ

(ক)গৰ্বাচেভৰ সংস্কাৰ নীতিৰ বিপক্ষে গঢ়ি উঠা ব্যাপক প্রতিক্রিয়াৰ বাবেঃ

(খ) পূব ইউৰোপৰৰ দেশসমূহৰ জনসাধাৰণে গঢ়ি তুলা ৰাজপথৰ উত্তাল প্রতিবাদৰ বাবেঃ

(গ)সংস্কাৰ নীতিসমূহ দুর্নীতি আৰু স্বজনতোষণাৰ অভিযোগৰ ভিত্তিতঃ

(ঘ) ছোভিয়েট ইউনিয়নৰ অস্থিৰতাক হস্তক্ষেপ নকৰাৰ কাৰণেঃ

(ঙ) পূব ইউৰোপৰ সাম্যবাদী চৰকাৰসমূহৰ এখন এখনকৈ পতন হোৱাৰ বাবেঃ

(চ) কমিউনিষ্ট পার্টীৰ কট্টৰ সমর্থক সকলৰ বিৰোধিতা কৰাৰ বাবেঃ

(ছ) ছোভিয়েট সংঘত এই নীতিসমূহে সংকটনৰ সৃষ্টি কৰাৰ বাবেঃ

 

 

১৩। কমিউনিষ্ট/সাম্যবাদী ৰাষ্ট্রসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক আলোচনা কৰা ।

উত্তৰঃ কমিউনিষ্ট/সাম্যবাদী ৰাষ্ট্রসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক ঘনিষ্ঠ সম্পর্ক আছিল । ইয়াৰ ভিতৰত উল্লেখযোগ্য সম্পর্কসমূহ হলঃ

(ক) ১৯৭১ চনৰ মৈত্রী চুক্তিঃ

    ভাৰত আৰু ৰাছিয়াৰ মাজত গঢ়ি উঠা ১৯৭১ চনৰ মৈত্রী চুক্তিয়ে দুয়ুখন দেশৰ লগতে সাম্যবাদী ৰাষ্ট্রসমূহৰ মাজত এক মধুৰ সম্পর্কৰ গঢ় লৈ উঠিছিল ।

(খ) আন্তর্জাতিক ক্ষেত্রত বন্ধুত্বসুলভ সম্পর্কঃ

    ভাৰত আৰু ৰাছিয়াৰ দৰে কমিউনিষ্ট/সাম্যবাদী ৰাষ্ট্রসমূহৰ মাজত আন্তর্জাতিক বিষয়সমূহত এক বন্ধুত্বপূর্ণ সম্পর্ক বিৰাজমান হৈ আছে ।

(গ) উমৈহতীয়া মূল্যবোধ আৰু দ্বিপাক্ষিক আদান-প্রদানঃ

    ভাৰত আৰু কমিউনিষ্ট/সাম্যবাদী ৰাষ্ট্রসমূহৰ মাজত মৌলিক প্রমূল্যৰ প্রচাৰ আৰু প্রসাৰণৰ ক্ষেত্রত এক মধুৰ সম্পর্ক আছে । লগতে, দেশকেইখনৰ মাজৰ দ্বিপাক্ষিক আদান-প্রদান সম্পর্কই আৰু ঘনিষ্ঠতা প্রকাশ কৰে ।

(ঘ) ২০০১ চনৰ ভাৰত-ৰাছিয়াৰ কৌশলগত চুক্তিঃ

    ২০০১ চনৰ ভাৰত আৰু ৰাছিয়াৰ মাজত গঢ়ি উঠা কৌশলগত চুক্তিয়ে দুয়ুখন দেশৰ লগতে কমিউনিষ্ট/সাম্যবাদী ৰাষ্ট্রসমূহৰ মাজত সম্পর্কক বৃদ্ধি কৰিছে । এই চুক্তিৰ আধাৰতেই শতাধিক আন আন বহুতো চুক্তি স্বাক্ষৰিত হৈছিল 

(ঙ) চীনৰ সৈতে সম্পর্কৰ ভাৰসাম্য ৰক্ষাঃ

    ভাৰত আৰু চীনৰ মাজৰ সম্পর্ক ৰক্ষাৰ ক্ষেত্রত ৰাছিয়াৰ লগতে আন কমিউনিষ্ট/সাম্যবাদী ৰাষ্ট্রসমূহৰ  ভাৰতক সহায় কৰি আহিছে ।

(চ) বজাৰ সংক্রান্তিয় সম্পর্কঃ

    শক্তিৰ যোগানৰ পৰা ধৰি অস্ত্রৰ যোগানলৈকে কমিউনিষ্ট/সাম্যবাদী ৰাষ্ট্রসমূহৰ মাজত ভাৰতে সম্বন্ধ ৰক্ষা কৰিছিল  লগতে, ভাৰত ৰাছিয়াৰ দ্বিতীয়খন বৃহৎ বজাৰ হিচাপে প্রতিষ্ঠিত হৈছিল 

(ছ) পাৰমাণৱিক শক্তিৰে সম্পৰ্কঃ

    ৰাছিয়াই ভাৰতক পাৰমাণৱিক শক্তিৰ ক্ষেত্রত সহায় কৰি আহিছে যি কমিউনিষ্ট/সাম্যবাদী ৰাষ্ট্রসমূহৰ লগতো সামৰিক আৰু কোটনৈতিক সম্পর্ক বিৰাজমান কৰিছে । 

 

১৪। ছোভিয়েট ব্লকৰ পতনে অনেক নতুন ৰাষ্ট্র সৃষ্টিত কিদৰে কাম কৰিছিল ?

উত্তৰঃ ছোভিয়েট ব্লকৰ পতনে অনেক নতুন ৰাষ্ট্র সৃষ্টিত পেলোৱা প্রভাৱসমূহ হলঃ

(ক)ছোভিয়েট ব্লকৰ পতনে বিশ্বত বহু নতুন স্বাধীন ৰাষ্ট্রৰ উৎপত্তি হৈছিল ।

(খ) চেই নতুন ৰাষ্ট্রসমূহে জাতীয়তাবাদী চেতনা আৰু স্বাধীনতাৰ দাবী উত্থাপন কৰিছিল ।

(গ) ছোভিয়েট সংঘ বা ব্লকৰ পতনৰ পাছত এই দাবী আৰু অধিক তীব্রতা হৈ পৰিছিল ।

(ঘ) আগৰ ছোভিয়েট সংঘ নতুনকৈ ১৫ খন পৃথক স্বাধীন গণৰাজ্যত বিভক্ত হৈছিল ।

(ঙ) এই নতুন ৰাষ্ট্রৰ কিছুয়ে ইউৰোপীয় সংঘ ব্যৱস্থা আৰু উত্তৰ আটলান্টিক চুক্তি সংগঠনত(NATO) যোগদান কৰিছিল ।

(চ) কেন্দ্রীয় এছীয় দেশবোৰে ভৌগোলিক সুবিধা অনুসৰি ইউৰোপ, আমেৰিকা যুক্তৰাষ্ট্র আৰু চীনৰ লগত সম্বন্ধ স্থাপন কৰিছিল ।

 

১৫। ছোভিয়েট যুক্তৰাষ্ট্রৰ ভাঙোনৰ ফলাফল সম্বন্ধে চমুকৈ আলোচনা কৰা ।

উত্তৰঃ Same as 3

 

১৬। ভাৰত আৰু ৰাছিয়াৰ সম্পর্কৰ প্রকৃতি আলোচনা কৰা ।

উত্তৰঃ Same as 5

 

১৭। ১৯১৭ চনৰ ৰাছিয়াৰ বিপ্লৱৰ তাৎপর্য কি আলোচনা কৰা ।

উত্তৰঃ Same as 6

 

১৮। গৰবাচেভৰ সংস্কাৰ নীতিৰ বৈশিষ্ট্যসমূহ পৰীক্ষা কৰা ।

উত্তৰঃ Same as 7

 

১৯। ভাৰত আৰু ছোভিয়েট গণৰাজ্যৰ ৰাজনৈতিক আৰু অর্থনৈতিক আদর্শৰ মাজত থকা সাদৃশ্যসমূহৰ এখন তালিকা প্রস্তুত কৰা ।

উত্তৰঃ same as 10

 

২০। গৰ্বাচেভৰ সংস্কাৰ নীতি কিয় বিফল হৈছিল ?

উত্তৰঃ same as 12

 

২১। সাম্যবাদী দেশসমূহৰ লগত ভাৰতৰ সম্বন্ধৰ বিষয়ে আলোচনা কৰা ।

উত্তৰঃ Same as 13

 

২২। ছোভিয়েট শিবিৰৰ পতনে বহুতো নতুন দেশৰ সৃষ্টিত কেনেকৈ অৰিহণা যোগাইছিল ?

উত্তৰঃ same as  14

 

দীঘলীয়া উত্তৰ আৰ্হিৰ প্রশ্নঃ (৬ নম্বৰৰ)

১। ছোভিয়েট ইউনিয়নৰ বিভাজন ঘটিছিল কিয় ?

উত্তৰঃ Same as 2 above

 

২। শ্বক থেৰাপী কি ? কমিউনিষ্ট ৰাজত্বৰ পিছত শ্বক থেৰাপীৰ পৰিণতিবোৰ কি কি আছিল ? সাম্যবাদৰ পৰা পুঁজিবাদলৈ পৰিৱৰ্তনৰ এয়া উত্তম পথ আছিলনে?

উত্তৰঃ Same as 8

 

৩। ধৰাহল ছোভিয়েট ইউনিয়ন বিভাজিত হোৱা নাই আৰু ১৯৮০ ৰ দশকৰ মাজভাগৰ দৰে পৃথিৱীখন দ্বিবিভক্ত হৈয়ে আছে ? যোৱা দুই দশকৰ উন্নয়ণত ই কিদৰে প্রভাৱ পেলালেহেঁতেন? তিনিটা অঞ্চল বা ৰাজ্য চিনাক্ত কৰা যত তেনে ধৰণৰ বিশ্বত উন্নয়ণ হয়তো নহলহেতেন ।

 

৪। ভাৰত আৰু ৰাছিয়াৰ মাজৰ সম্পর্ক ব্যাখ্যা কৰা ।

উত্তৰঃ Same as 5 above

 

৫। মার্কিন যুক্তৰাষ্ট্রৰ দৰে এখন পুঁজিবাদী ৰাষ্ট্রৰ পৰা ছোভিয়েট অর্থনৈতিক পৃথক কৰা বৈশিষ্ট্যবোৰ উল্লেখ কৰা ।

উত্তৰঃ  মার্কিন যুক্তৰাষ্ট্রৰ দৰে এখন পুঁজিবাদী ৰাষ্ট্রৰ পৰা ছোভিয়েট অর্থনৈতিক পৃথক কৰা বৈশিষ্ট্যবোৰ হলঃ

(ক) পুঁজিবাদী ব্যৱস্থাৰ মূল আধাৰ হল- ব্যক্তিৰ অধিকাৰ আৰু স্বাধীনতা ।

    আনহাতে, সমাজবাদী ব্যৱস্থাৰ মূল আধাৰ হল- সমাজ অর্থাৎ সকলো জনসাধাৰণ ।

(খ) পুঁজিবাদী ব্যৱস্থাত ব্যক্তিগত মালিকানাস্বত্বৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে ।

    আনহাতে, সাম্যবাদী ব্যৱস্থাত ব্যক্তিতকৈ চৰকাৰৰ ওপৰত অশিক গুৰুত্ব আৰোপ কৰে ।

(গ) পুঁজিবাদী ব্যৱস্থাত ব্যক্তিৰ সম্পত্তিৰ ওপৰত ব্যপক অধিকাৰ আছে আৰু চৰকাৰে ইয়াৰ ওপৰত হস্তক্ষেপ নকৰে ।

    আনহাতে, সাম্যবাদী ব্যৱস্থাত প্রায়বোৰ ক্ষমতা চৰকাৰৰ অধীনত থাকে ।

(ঘ) সাম্যবাদী ব্যৱস্থাত গোটেই অর্থনীতি ৰাষ্ট্র বা চৰকাৰ পৰিকল্পনা আৰু নিয়ন্ত্রণ কৰে ।

আনহাতে, পুঁজিবাদী ব্যৱস্থাত ব্যক্তিৰ ওপৰতো ৰাষ্ট্রৰ অর্থনীতিৰ নীতি আৰু আদর্শ নির্ভৰ কৰে ।

(ঙ) সাম্যবাদী ব্যৱস্থাত ৰাষ্ট্র পৰিচালনাত এটাই কেবল ৰাজনৈতিক দল থাকে ।

আনহাতে, পুঁজিবাদী ব্যৱস্থাত বিৰোধী ৰাজনৈতিক দলৰ উপস্থিতি গ্রহণ কৰা হয় ।

(চ) সাম্যবাদী ব্যৱস্থা উদাৰ গণতন্ত্রৰ ওপৰত প্রতিষ্ঠিত নহয় ।

আনহাতে, পুঁজিবাদী ব্যৱস্থাই উদাৰ গণতন্ত্রৰ নীতিত বিশ্বাস কৰে ।

 

৬।ছোভিয়েট পদ্ধতিৰ অসুবিধাবোৰ উল্লেখ কৰা ।

উত্তৰঃ Same as 2 above 4 marks

 

৭। ভাৰতৰ দৰে দেশসমূহৰ বাবে ছোভিয়েট ইউনিয়নৰ বিভাজনৰ প্রধান পৰিণতিবোৰ কি কি ?

উত্তৰঃ ১৯৯১ চনত বহুতো সংকটৰ উদ্ভাৱনৰ বাবে ছোভিয়েট সংঘ পতন হৈছিল । ভাৰতৰ দৰে দেশসমূহৰ বাবে ছোভিয়েট ইউনিয়নৰ বিভাজনে কিছুমান নতুন পৰিৰ্তন আনি দিছিল । ইয়াৰ ভিতৰত উল্লেখযোগ্য প্রধান পৰিণতিবোৰ হলঃ

(ক)ছোভিয়েট ইউনিয়নৰ বিভাজনৰ ভাৰতৰ দৰে দেশসমূহে গঢ়ি তুলিব বিচৰা  নব্য-আন্তৰ্জাতিক অর্থব্যৱস্থাৰ ধাৰণাটো অ-প্রাসংগিক হৈ পৰিছিল ।

(খ)ভাৰতৰ দৰে দেশসমূহৰ বাবে ছোভিয়েট ইউনিয়নৰ বিভাজনৰ ফলত বিশ্বায়নৰ অথবা গোলকীকৰণে আৰু মুক্ত অর্থনীতিৰ প্রভাৱে এই দেশসমূহক আকৃষ্ট কৰিছিল ।

(গ)ছোভিয়েট ইউনিয়নৰ বিভাজনৰ পাছত ভাৰতৰ দৰে দেশসমূহে গঢ়ি তুলা গোষ্ঠী নিৰপেক্ষ আন্দোলন শক্তি দুর্বল হৈ পৰিছিল ।

(ঘ)ছোভিয়েট ইউনিয়নৰ বিভাজনৰ পাছত ভাৰতৰ দৰে দেশসমূহে আন্তর্জাতিক ৰাজনীতিত পালন কৰি অহা ভূমিকা আৰু উত্থাপন কৰা দাবীসমূহ কিছুপৰিমাণে দুর্বল হোৱা পৰিলক্ষিত হৈছিল ।

(ঙ)ছোভিয়েট ইউনিয়নৰ বিভাজনৰ পাছত ভাৰতৰ দৰে দেশসমূহে উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু পুঁজিবাদী আদর্শৰে ৰাষ্ট্রৰ কাম-কাজ পৰিচালিত কৰিব লগা হৈছিল ।

(চ)ছোভিয়েট ইউনিয়নৰ বিভাজনৰ পাছত ভাৰতৰ দৰে দেশসমূহে পশ্চিমীয়া দেশসমূহৰ বিশেষকৈ আমেৰিকাৰ একমেৰু ব্যৱস্থাৰ অন্তর্গত নীতি আৰু কাৰ্যসূচীসমূহ গ্রহণ কৰা পৰিলক্ষিত হৈছিল ।

 

৮। ছোভিয়েট সংঘৰ পতন কিয় হৈছিল ?

উত্তৰঃ Same as 2 (4 Marks)

 

৯। ছোভিয়েট গণৰাজ্যৰ সংস্কাৰ আৰম্ভ কৰিবলৈ কোনবোৰ উপাদানে গৰ্বাচেভক বাধ্য কৰিছিল ?

উত্তৰঃ same as 9 (4 Marks question)

 

১০। আমেৰিকা যুক্তৰাষ্ট্রৰ দৰে পুঁজিবাদী দেশৰ অর্থনীতিৰ পৰা ছোভিয়েট অর্থনীতিক পৃথক কৰা বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।

উত্তৰঃ Same as above 5 No

 

১১।ছোভিয়েট প্রথাৰ দুর্বলতাসমূহ উল্লেখ কৰা ।

উত্তৰঃ Same as 2 (4 marks)

 

১২। ভাৰতৰ দৰে দেশৰ বাবে ছোভিয়েট সংঘৰ ভাঙোনৰ মূল পৰিণতিসমূহ কি আছিল ?

উত্তৰঃ same as 7 above

 

 

cheking & updating…..any mistake please inform………



Updating............