অধ্যায়-- ৫, শিক্ষা, স্মৃতি আরু বিস্মৃতি, by P.B.


Updating........

১। স্মৃতি কাক কয় ? স্মৃতিৰ কেইটিমান সংজ্ঞা আগবঢ়োৱা ৷
উত্তরঃ  স্মৃতি হ’ল মানুহৰ এক মানসিক প্রক্রিয়া যাৰ মাধ্যমেৰে অতীতত মনত সঞ্চিত অভিজ্ঞতাসমূহ আরু শিক্ষণসমূহ পুনঃস্মৰণ কৰাৰ দিশত সমর্থ কৰি তুলে বা আমি সমর্থ হও
স্মৃতিৰ উল্লেখনীয় কেইটিমিন সংজ্ঞা হ’ল এনেধৰণরঃ
(ক) মনোবিদ মেকডুগলৰ মতে, “অতি সীমিত বা সংকীর্ণ অর্থত স্মৃতি বা স্মৰণ ক্রিয়া হৈছে অতীতত লাভ কৰা অভিজ্ঞতা অনুসৰি ঘটনাসমূহৰ মনত কল্পনা কৰা ।”
(খ) মনোবিদ ৰাইবাৰ্ণৰ মতে, “অভিজ্ঞতা সঞ্চয়ণৰ আরু অভিজ্ঞতা লাভৰ কিছুসময়ৰ বিৰতিৰ পিছত সেইসমূহ চেতনালৈ ঘূৰাই আনিব পাৰা যি ক্ষমতা তাকেই স্মৃতি বুলি কোৱা হয় ।”

২।স্মৃতিৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ বিষয়ে লিখা ।
উত্তরঃ স্মৃতি এক মানসিক সঞ্চয়ৰ প্রক্রিয়া । ইয়াৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ হ’লঃ
(ক) ইন্দ্রিয়গ্রাহ্য অভিজ্ঞতাৰ প্রয়োজন / আৱশ্যকতাঃ
স্মৃতিৰ বাবে আমাৰ পঞ্চইন্দ্রিয়ৰ সহায়ত অভিজ্ঞতাসমূহ     আহৰণ কৰাতো বাঞ্চনীয় । ইন্দ্রিয়র প্রয়োগেরে স্মৃতি প্রক্রিয়া সম্ভৱ হয় ।
(খ) সংৰক্ষণ কাৰ্যৰ আৱশ্যকতা / স্মৃতিৰ সংৰক্ষণতাঃ
       স্মৃতিসমূহ মনত সংৰক্ষণ আরু ধৰি ৰখাৰ আৱশ্যকতা আছে । সংরক্ষণেহে পরৱৰ্তী সময়ত অভিজ্ঞতাসমূহক কর্মত লিপ্ত করায় ।
(গ) পুনঃস্মৰণৰ প্রয়োজন / আৱশ্যকতাঃ
       স্মৃতি সংৰক্ষণৰ পৰিবর্তী পর্যায় হ’ল পুনঃস্মৰণ অর্থাৎ আমি স্মৃতি সংৰক্ষণৰ বাবে পুনঃস্মৰণৰ করিব লাগে
(ঘ) অচেতন মনৰ ভূমিকা / প্রভাৱঃ
স্মৃতিৰ জৰীয়তে লাভ কৰা আনন্দদায়ক আরু সুখদায়ক অভিজ্ঞতাসমূহ সচেতন মনে সংৰক্ষণ করে । লগতে, দুখদায়ক বিষয়সমূহ অচেতন মনে পাহৰণিৰ ক্ষেত্রত সহায় কৰে ।
(ঙ) পুনৰাবৃত্তিৰ প্রয়োজন / ভুমিকাঃ
স্মৃতি স্থায়িত্বৰ বাবে নতুবা সংৰক্ষণ কৰাৰ বাবে পুনৰাবৃত্তিৰ প্রয়োজন । পুনৰাবৃত্তিয়ে স্মৃতি ধৰি ৰখা আরু স্থায়ীকৰণত সহায় কৰে ।
(চ)স্মৃতিত সুস্থ মানসিক স্বাস্থ্যৰ আৱশ্যকতা / গুরুত্বতাঃ
স্মৃতিৰ জৰীয়তে লাভ কৰা অভিজ্ঞতাসমূহ সংৰক্ষণ আরু দীর্ঘস্থায়িত্বৰ বাবে সুস্থ মানসিকতাৰ অতিকৈ প্রয়োজন । সুস্থ মানসিকতাই স্মৃতিৰ অভিজ্ঞতাসমূহক সংৰক্ষণত পৃষ্ঠপোষকতা কৰে ৷
(ছ)স্মৃতি এক যান্ত্রিক প্রক্রিয়াসদৃশ / যান্ত্রিক প্রক্রিয়াহিচাপে স্মৃতিঃ
স্মৃতি শিক্ষণ বা অভিজ্ঞতা আহৰণ, সংৰক্ষণ আরু পুনঃস্মৰণ এই তিনি প্রক্রিয়াৰ মাধ্যমেৰে যান্ত্রিকভাৱে সম্ভৱ হয় । স্মৃতিৰ প্রক্রিয়াসমূহ যান্ত্ৰিকভাৱে মনৰ সচেতন অৱস্থাৰ জৰীয়তে সংঘটিত হয় ৷

৩। স্মৃতি প্রক্রিয়াত অন্তৰ্ভুক্ত পৰ্যায়সমূহ বা স্তৰসমূহ আলোচনা কৰা ।
উত্তরঃ স্মৃতি প্রক্রিয়াৰ অন্তৰ্ভুক্ত উল্লেখযোগ্য পৰ্যায়সমূহ বা স্তৰসমূহ  হ’লঃ
(ক) শিক্ষণ লাভ বা অভিজ্ঞতা আহৰণ
(খ) সংৰক্ষণ
(গ) পুনঃস্মৰণ
(ঘ) প্রত্যাভিজ্ঞা
(ক) শিক্ষণ লাভ বা অভিজ্ঞতা আহৰণঃ
স্মৃতি আহৰণৰ প্রথমতো কাৰ্য্য হৈছে- পঞ্চইন্দ্রিয়ৰ সহায়ত পৰিৱেশৰ মাধ্যমত শিক্ষণ লাভ কৰা । লগতে, নতুন নতুন অভিজ্ঞতাসমূহ আহৰণ কৰি স্মৃতিৰ কাৰ্য্যৰ আৰম্ভণি কৰা ।
(খ) সংৰক্ষণঃ
       স্মৃতি আহৰণৰ পৰৱৰ্তী পৰ্য্যায় হ’ল সংৰক্ষণ । অর্থাৎ আহৰণ কৰা শিক্ষণ আরু অভিজ্ঞতাসমূহ সংৰক্ষণ কৰাতো স্মৃতিৰ বাবে আৱ্যশক ।
(গ)পুনঃস্মৰণঃ
স্মৃতিৰ বাবে তৃতীয়টো পৰ্য্যায় হ’ল- পুনঃস্মৰণ । অর্থাৎ লাভ কৰা অভিজ্ঞতাসমূহ আরু শিক্ষণসমূহ পুনঃস্মৰণ কৰি স্থায়িত্বতা কৰা বা সংৰক্ষণ কৰা ।
(ঘ) প্রত্যাভিজ্ঞাঃ
স্মৃতি আন এক উল্লেখনীয় পর্যায় হ’ল প্রত্যাভিজ্ঞাএই স্মৃতিৰ কাৰ্য্যৰ বাবে পূৰ্বৰ অভিজ্ঞতাসমূহৰ লগত বর্তমানৰ পৰিস্থিতিসমূহ ৰিজাই বা বাচনি প্রক্রিয়াৰ সহায়ত সম্ভৱ হয় ।

৪। স্মৃতি ভাল আরু বেয়া দুয়োবিধৰে হ’ব পাৰে নেকি ? যুক্তিসহ উত্তৰ দিয়া ।
উত্তরঃ স্মৃতি ভাল আরু বেয়া দুয়োবিধৰে হ’ব পাৰে
কাৰণ সকলো মানুহৰ স্মৰণ শক্তি সমপর্যায়ৰ নহয় ।
দ্বিতীয়তে, কিছুমান মানুহৰ স্মৃতি শক্তি স্থায়ী আরু কিছুমানৰ অস্থায়ী হোৱা দেখা যায় ।
তৃতীয়তে, কিছুলোকৰ অতি কম সময়ৰ ব্যৱধানতে মনত ৰয় আরু আনকিছুলোকৰ বহু সময় দৰকাৰ হয় ।
চতুর্থতে, কিছুমান মানুহৰ স্মৃতি শক্তি অতি তীক্ষ্ণ । এচ. এচ. চৌহানৰ “Advance Educational Psychology” গ্রন্থখনত এজন উনত্রিশ বছৰৰ বাতৰি কাকতৰ এজেন্টৰ কথা উল্লেখ আছে যিজনে একে সময়তে সত্তৰটা শব্দ শিকি মনত ৰাখি তাক পুনঃস্মৰণ কৰিব পাৰে ।
পঞ্চমতে, মনোবিদ ষ্টাউটে “A Manual of Psychology” উল্লেখ কৰিছে যে এজন ভাল স্মৃতিৰ লোকৰ সাধাৰণতে, দ্রুত আরু সহজভাৱে শিক্ষাগ্রহণৰ ক্ষমতা, দীর্ঘ সংৰক্ষণ, শুদ্ধ আরু দ্রুত পুনৰভিব্যক্তিকৰণ, প্রয়োগ ক্ষমতাযুক্ত আদি গুণসমূহৰ পৰিলক্ষিত হয় ।
সেয়ে, আমি কব পাৰো যে স্মৃতি ভাল আরু বেয়া দুয়োবিধৰে হব পাৰে ।

৫। ভাল স্মৃতিৰ লক্ষণসমূহ বর্ণনা কৰা ।
উত্তরঃ স্মৃতি ভাল আরু বেয়া দুয়োবিধৰে হ’ব পাৰে মনোবিদ ষ্টাউটে “A Manual of Psychology” নামৰ গ্রন্থখনত উল্লেখ কৰা ভাল স্মৃতিৰ লক্ষণ সমূহ হ’ল এনেধৰণৰ-
(ক) দ্রুত আরু সহজভাৱে শিক্ষাগ্রহণৰ ক্ষমতাঃ
      মনোবিদ ষ্টাউটৰ মতে ভাল স্মৃতিৰ ব্যক্তিয়ে অতি কম সময়ৰ ব্যৱধানতে আরু কম পৰিশ্রমৰে শিক্ষা, শিক্ষণ আরু অভিজ্ঞতা লাভ কৰিব পাৰে ।
(খ)দীর্ঘ সংৰক্ষণঃ
       ভাল স্মৃতিৰ অধিকাৰী লোকসকলে শিক্ষণ আরু অভিজ্ঞতাৰ প্রতিরূপসমূহ দীর্ঘদিনলৈ সংৰক্ষণ কৰি ৰাখিবলৈ সক্ষম হয় ।
(গ)শুদ্ধ আরু দ্রুত পুনৰভিব্যক্তিকৰণঃ
       ভাল স্মৃতিসম্পন্ন ব্যক্তিসকলে অতীতৰ অভিজ্ঞতাসমূহ অতি সহজে পাহৰি নাযায় । লগতে, প্রয়োজনত শুদ্ধকৈ আরু দ্রতভাৱে পুনস্মৰণ কৰিব পাৰে ।
(ঘ)প্রয়োগ ক্ষমতাযুক্তঃ
       ভাল স্মৃতিৰ আন এক উল্লেখনীয় দিশ হ’ল- প্রয়োগিক ক্ষমতাযুক্ত । ভাল স্মৃতি থকা ব্যক্তিসকলে প্রয়োজনত তেওঁলোকৰ স্মৃতিসমূহ উচিত কর্মত ব্যৱহাৰ কৰিব পাৰে ।

৬। প্রাথমিক পর্যায়ৰ এজন শিক্ষক হিচাপে শিক্ষার্থীক ভাল স্মৃতি লাভত কেনেদৰে সহায় কৰিবা ?
উত্তরঃ  প্রাথমিক পর্যায়ৰ এজন শিক্ষক হিচাপে শিক্ষার্থীক ভাল স্মৃতি লাভত সহায়ৰ বাবে কিছুমান বিষয় আরু পদক্ষেপ গ্রহণ কৰিব লাগিব । এইসমূহ হ’লঃ
(ক) আগ্রহ আরু মনোযোগঃ
ছাত্র-ছাত্রীসকলৰ শিকণ আরু শিক্ষণৰ ক্ষেত্রত আগ্রহ প্রবল কৰিব লাগিব । লগতে, তেওঁলোকৰ মনক সক্রিয় কৰিবৰ বাবে মনোযোগ আকর্ষণ কৰিব লাগিব ।
(খ) অভিপ্রায়ঃ
শিক্ষার্থীসকলৰ শিকাৰ উদ্দেশ্যসমূহ স্পষ্ট কৰি তেওঁলোকৰ অভিপ্রায় জাগ্রত কৰিব লাগিব ।
(গ)মানসিক সুস্বাস্থ্যঃ
        ভাল স্মৃতিৰ নিমিত্তে ছাত্র-ছাত্রীসকলক সুস্থ মন এটি গঢ়ি তুলিব লাগিব । লগতে, ৰোগমুক্ত আরু চিন্তামুক্ত মানসিকতা গঢ়াৰ ক্ষেত্রত সহায় কৰিব লাগিব ।
(ঘ) পৰিবেশৰ পৰিস্থিতিঃ
        স্মৃতিৰ উন্নতি সাধনৰ বাবে ছাত্র-ছাত্রীসকলক শান্ত আরু বিঘিনিহীন এক পৰিবেশ প্রদান কৰিব লাগিব বা স্থাপন কৰিব লাগিব ।
(ঙ) পৰিচিত পৰিবেশঃ
        পৰিচিত পৰিবেশত স্মৃতিৰ অধিক উৎকর্ষ সাধন হয় । সেয়ে শিক্ষার্থীসকলক চিনাকী পৰিবেশত শিক্ষণ প্রদান কৰি স্মৃতি লাভত সহায় কৰিব পাৰি ।
(চ) একাধিক ইন্দ্রিয়ৰ ব্যৱহাৰঃ
        একাধিক ইন্দ্রিয়ৰ ব্যৱহাৰৰ যোগেদি স্মৃতি লাভ কৰিলে অধিক স্থায়ী হয় । সেয়ে ছাত্র-ছাত্রীসকলক একাধিক ইন্দ্রিয়ৰ ব্যৱহাৰৰ জৰীয়তে শিক্ষা লাভ কৰাৰ সুযোগ প্রদান কৰা হয় ।
(ছ) সক্রিয় প্রচেষ্টাঃ
        শিক্ষণৰ সময়ত মনৰ সক্রিয়তাই স্মৃতিৰ সংৰক্ষণত সহায় কৰে সেয়েহে, শিক্ষার্থীসকলক শিকাৰ সময়ত মন সক্রিয় কৰি ৰাখিব লাগে ।
(জ) যৌক্তিক পদ্ধতিঃ
        বিচাৰ বুদ্ধি আরু যুক্তি-যুক্ততাৰে কোনো জ্ঞান লাভ কৰিলে সেই স্মৃতি অধিক স্থায়ী হয় । সেয়েহে, ছাত্র-ছাত্রীসকলক কোনো বিষয় শিকাৰ ক্ষেত্রত যৌক্তিকতাৰে শিকাৰ ক্ষেত্রত সহায় কৰিব লাগে ।

৭। প্রতিরূপ স্মৃতি কাক কয় ? উদাহৰণসহ বুজাই লিখা ।
উত্তরঃ প্রতিরূপ স্মৃতি সেই স্মৃতিক সূচায় যি মনত সঞ্চিত প্রতিরূপৰ ওপৰত নির্ভৰশীল । প্রতিরূপ স্মৃতি লাভৰ নিমিত্তে অতীত অভিজ্ঞতা আরু শিক্ষণৰ প্রতিরূপসমূহ মনত সঞ্চিত ৰখাতো বাঞ্চনীয় । উদাহৰণস্বরূপে্‌, প্রতিরূপ স্মৃতিৰ বাবে এজন লোকৰ উচ্চ বুদ্ধিসম্পন্ন, কল্পনা প্রবণ, সৃজনাত্মক মানসিকতা, প্রতিরূপৰ সংৰক্ষণ আরু পুনঃস্মৰণ কৰাৰ ক্ষমতা, এই গুণসমূহ বাঞ্চনীয় ।

৮। বিস্মৃতি বা পাহৰণি কাক কয় ?
উত্তরঃ বিস্মৃতি বা পাহৰণি সেই পৰিস্থিতিক সূচায় যত অতীতত লাভ কৰা জ্ঞান, অভিজ্ঞতা আরু শিক্ষণ মনত পুনঃস্মৰণ কৰাত অসমর্থ বা ব্যৰ্থ হয় মনোবিদসকলৰ মতে, বিস্মৃতি হ’ল মনুহৰ মনত শিক্ষণ-অভিজ্ঞতাৰ প্রতিরূপ সংৰক্ষণ আরু সেইসমূহ পুনঃস্মৰণ কৰাৰ দিশত অসফল বা অসমর্থ হোৱাৰ পৰিস্থিতিটোক বুজায় বা সূচায়
৯। বিস্মৃতিৰ মনকৰিবলগীয়া বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।
উত্তরঃ  বিস্মৃতি বা পাহৰণি সেই পৰিস্থিতিক সূচায় যত অতীতত লাভ কৰা জ্ঞান, অভিজ্ঞতা আরু শিক্ষণ মনত পুনঃস্মৰণ কৰাত অসমর্থ হয়।
বিস্মৃতিৰ মনকৰিবলগীয়া বৈশিষ্ট্যসমূহ হ’লঃ
(ক) বিস্মৃতি এক সাধাৰণ মানসিক অৱস্থাঃ
        বিস্মৃতি সকলো মানুহৰ এক মানসিক ক্রিয়া যাক কোনো মানুহে এৰাই চলিব নোৱাৰে । 
(খ) আৱশ্যকীয় এক উপাদান হিচাপে বিস্মৃতিঃ
        বিস্মৃতি মানুহৰ এক আৱশ্যকীয় উপাদান । ই মানুহৰ দুখজনক আরু তিক্তদায়ক বিষয়সমূহ পাহৰাই নতুন অভিজ্ঞতা সংৰক্ষণত সহায় কৰে ।
(গ) বিস্মৃতি মনৰ এক প্রতিৰক্ষা কবচঃ
        বিস্মৃতিয়ে মানুহৰ মনক এক স্বাভাৱিক অৱস্থাত ৰাখে । এই প্রক্রিয়াই মানুহক দুখজনক পৰিস্থিতিৰ পৰা আতৰাই ৰাখি মনৰ এক প্রতিৰক্ষা কবচ হিচাপে কাম কৰে ৷
(ঘ)যুক্তি-যুক্ত পাহৰণি কাৰ্য্য হিচাপে বিস্মৃতিঃ
 বিস্মৃতিয়ে অপ্রয়োজনীয় আরু অপ্রাসংগিক প্রতিরূপসমূহ আতৰাই নতুন প্রতিরূপ সংৰক্ষণত সহায় কৰে ।
(ঙ) সময়ৰ পারুভাৱ হিচাপে বিস্মৃতিঃ
শিক্ষণ বা অভিজ্ঞতা লাভৰ সময়ৰ প্রকোপ বেছি হ’লে ক্রমান্বয়ে কমি যায় অর্থাৎ বিস্মৃতি হয় । তেতিয়া, নতুন নতুন অভিজ্ঞতাসমূহ মনত সংৰক্ষণত সহায় হয় ৷

১০। বিস্মৃতিৰ কাৰণসমূহ দৰ্শোৱা ।
উত্তরঃ
বিস্মৃতিৰ কাৰণসমূহক বিশেষকৈ দুইভাগত ভগাব পাৰি ।
(ক) শাৰীৰিক কাৰণ আরু (খ) মানসিক কাৰণ
(ক) শাৰীৰিক কাৰণসমূহঃ
(অ) বৃদ্ধাৱস্থাঃ
         মানুহৰ বয়স বৃদ্ধিৰ লগে লগে শাৰীৰিক আরু মানসিক ক্ষমতা ক্রমান্বয়ে কমি যায় । লগতে, এনে পৰিস্থিতিত বিস্মৃতিৰ পৰিমাণো বৃদ্ধি হয় ।
(আ) মগজুৰ আঘাটঃ
        স্মৃতি মানুহৰ গুরু মস্তিষ্কৰ সহায়ত সম্ভৱ হয় । কিন্তু কোনো কাৰণত মগজুৰ আঘাট হ’লে স্মৃতিৰ ক্ষমতা কমি যায় আরু বিস্মৃতিৰ উপক্রম হয় ।
(ই) শাৰীৰিক ক্লান্তি বা ভাগরঃ
        কোনো জিৰণিৰ অবিহনে কর্ম কৰাৰ ফলত দেহৰ স্নায়ুতন্ত্রসমূহ অচল হৈ পৰে । এনে অৱস্থাত মানুহৰ স্মৃতি কার্য্য অতি কম হয় আরু বিস্মৃতিৰ পৰিলক্ষিত হয় ।
(ঈ) ৰাগিয়াল দ্রব্যঃ
        বিস্মৃতিৰ আন এক উল্লেখনীয় কাৰণ হ’ল ৰাগিয়াল দ্রব্য সেৱন । ৰাগিয়াল দ্রব্য সেৱন কৰিলে বা নিতৌ ব্যৱহাৰ কৰিলে মানুহৰ স্মৃতিশক্তি কমি যায় আরু বিস্মৃতি হয় ।
(উ) চৰ্চ্চা বা পুনৰাবৃত্তিৰ অভাৱঃ
        যিকোনো শিক্ষণ আরু অভিজ্ঞতাসমূহৰ চৰ্চ্চা বা পুনৰাবৃত্তিৰ পৰিমাণ হ্রাস হ’লে বা কমি গলে ক্রমান্বয়ে বিস্মৃতি অৰ্থাৎ পাহৰণি হোৱা দেখা যায়
(ঊ)হঠাৎ পৰিৱেশৰ পৰিবর্তনঃ
        পৰিচিত পৰিবেশত স্মৃতি কাৰ্য্যৰ বাবে অধিক উপযোগী হয় । নহলে অর্থাৎ পৰিবেশৰ পৰিবর্তন হলে জ্ঞান আরু অভিজ্ঞতাবোৰৰ বিস্মৃতি অর্থাৎ পাহৰণি হয় ।

(খ) বিস্মৃতিৰ মানসিক কাৰণসমূহঃ
(অ) আগ্রহবিহীন শিক্ষণঃ
        শিক্ষণ আরু অভিজ্ঞতাসমূহ আহৰণত যদি আগ্রহবিহীন হয় তেতিয়া অতি কম সময়তে সেই জ্ঞানসমূহ বিস্মৃতি বা পাহৰণি হয় ।
(আ) পশ্চাৎমুখী প্রতিৰোধঃ
              পশ্চাৎমুখী প্রতিৰোধ হ’ল বিস্মৃতিৰ এক অন্যতম কাৰণ । যেতিয়া কোনো দুটা কাৰ্য্য কোনোসময়ৰ ব্যৱধান নোলোৱাকৈ কৰা হয় তেতিয়া দ্বিতীয় শিক্ষণে প্রথম শিক্ষণৰ স্মৃতিৰক্ষাত প্রতিবন্ধক দিয়ে লগতে সোনকালে পাহৰণি অর্থাৎ বিস্মৃতি হয় ।
(ই) দমন কাৰ্যঃ
       বিস্মৃতিৰ বাবে এই দমনমূলক কাৰ্য মনৰ জৰীয়তে সম্ভৱ হয় । মনে তিক্ত অভিজ্ঞতা, দুখজনক বিষয়, অসম্পূর্ণ কামনা-বাসনা আদি সমূহ অচেতন মনৰ সহায়ত বিস্মৃতি বা পাহৰণি কৰায় ।
(ঈ) আবেগিক আলোড়ণঃ
       মানুহৰ স্বাভাবিকতে হোৱা ক্রোধ, হিংসা, মৰম-ভালপোৱা, ভয়, ঈর্ষা আদি আবেগিক কাৰণসমূহৰ বাবে বহু কর্ম বা শিক্ষণ কাৰ্যৰ বিস্মৃতি বা পাহৰণি হয় ।
(উ) শিক্ষণৰ সমাপ্তিকৰণঃ
       শিক্ষণৰ সক্রিয় অথবা চলিত অৱস্থাত স্মৃতি প্রখৰ হয় । কিন্তু কোনো শিক্ষণৰ সমাপ্তি হ’লে আরু পুনঃস্মৰণ নকৰিলে বিস্মৃতি বা পাহৰণি হয় ।
       এইদৰে শাৰিৰীক আরু মানসিক কাৰণসমূহৰ ফলত বিস্মৃতি অথবা পাহৰণি কাৰ্য সংঘটিত হয় ।  
১১। উদাহৰণসহ ব্যাখা কৰা ।
(ক) স্মৃতিৰ বাবে বিস্মৃতি প্রয়োজন
উত্তরঃ   স্মৃতি হ’ল মানুহৰ এক মানসিক প্রক্রিয়া যাৰ মাধ্যমেৰে অতীতত মনত সঞ্চিত অভিজ্ঞতাসমূহ আরু শিক্ষণসমূহ পুনঃস্মৰণ কৰাৰ দিশত সমর্থ কৰি তুলে বা আমি সমর্থ হও । আনহাতে, বিস্মৃতি বা পাহৰণি সেই পৰিস্থিতিক সূচায় যত অতীতত লাভ কৰা জ্ঞান, অভিজ্ঞতা আরু শিক্ষণ মনত পুনঃস্মৰণ কৰাত অসমর্থ হয় বা পাহৰণি গর্ভত লিপ্ত হয় । মনোবিদ সকলৰ মতে স্মৃতিৰ এক অন্যতম কাৰক গ’ল বিস্মৃতি । আমি সকলোৱে জ্ঞাত যে মানুহৰ জন্মলব্ধভাৱে সংৰক্ষণ ক্ষমতা সীমিত । সেয়েহে, নতুন নতুন অভিজ্ঞতাসমূহ সংৰক্ষণৰ কাৰণে বিস্মৃতিৰ প্রয়োজন হয় । বিস্মৃতিয়ে এই দিশত পুৰণি, তিক্তদায়ক, দুখজনক আদি বিষয়সমূহ পাহৰাই বা অচেতন মনলৈ পঠায় । ইয়াৰ ফলস্বরূপে, নতুন নতুন শিক্ষণ আরু জ্ঞানসমূহ স্মৃতিত সহায়ক হয় । বিস্মৃতিৰ অবিহনে স্মৃতি বাধাপ্রাপ্ত হয় । সেয়েহে, স্মৃতিৰ বাবে বিস্মৃতি অতিকৈ প্রয়োজন ।

(খ) বিস্মৃতি মনৰ প্রতি ৰক্ষা কৱচঃ
উত্তরঃ   স্মৃতি হ’ল মানুহৰ এক মানসিক প্রক্রিয়া যাৰ মাধ্যমেৰে অতীতত মনত সঞ্চিত অভিজ্ঞতাসমূহ আরু শিক্ষণসমূহ পুনঃস্মৰণ কৰাৰ দিশত সমর্থ কৰি তুলে বা আমি সমর্থ হও । আনহাতে, বিস্মৃতি বা পাহৰণি সেই পৰিস্থিতিক সূচায় যত অতীতত লাভ কৰা জ্ঞান, অভিজ্ঞতা আরু শিক্ষণ মনত পুনঃস্মৰণ কৰাত অসমর্থ হয় বা পাহৰণি গর্ভত লিপ্ত হয় । মনোবিদ সকলৰ মতে স্মৃতিৰ এক অন্যতম কাৰক গ’ল বিস্মৃতি । মনোবিদ ফ্রয়েদে বিস্মৃতি মনৰ এক প্রতিৰক্ষা কবছ বুলি ব্যক্ত কৰিছে । তেওঁৰ মতে বিস্মৃতিয়ে আমাৰ জীৱনৰ তিক্তদায়ক আরু দুখজনক বিষয়সমূহ পাহৰাই মনক এক স্বাভাৱিকতা প্রদান কৰে । লগতে, জীৱনৰ করূণ আরু অশান্তিকৰ ঘটনাবোৰ অচেতন মনলৈ পঠিয়াই দিয়ে আরু এক স্বাভাৱিক জীৱন-যাপন কৰাৰ ক্ষেত্রত মনৰ প্রতি ৰক্ষা কৱচ হিচাপে সহায় কৰে ।  

(গ) স্মৃতি আরু বিস্মৃতি একেটা মুদ্রাৰ দুটা পিঠি সদৃশ ।
উত্তরঃ স্মৃতি হ’ল মানুহৰ এক মানসিক প্রক্রিয়া যাৰ মাধ্যমেৰে অতীতত মনত সঞ্চিত অভিজ্ঞতাসমূহ আরু শিক্ষণসমূহ পুনঃস্মৰণ কৰাৰ দিশত সমর্থ কৰি তুলে বা আমি সমর্থ হও । আনহাতে, স্মৃতিৰ কার্যত অসমর্থ অৱস্থাক বিস্মৃতি বা পাহৰণি বুলি কোৱা হয় । মনোবিদ সকলে বিস্মৃতিক স্মৃতিৰ বিপৰীতধর্মী ক্রিয়া বুলি গণ্য কৰিছে । আমি লাভ কৰা অভিজ্ঞতাসমূহ স্মৃতি জৰীয়তে সংৰক্ষণ হয় । লগতে, সমসাময়িকভাৱে কিছু অংশ বিস্মৃতি বা পাহৰণি হয় । অর্থাৎ স্মৃতিৰ অলপ পৰিমাণ পুনরুদ্ধাৰ সম্ভৱপৰ নহয় । সেয়ে, আমি কব পাৰো যে স্মৃতি আরু বিস্মৃতি একেটা মুদ্রাৰ দুটা পিঠি সদৃশ । কিয়নো, স্মৃতিৰ বাবে বিস্মৃতিৰ প্রয়োজন আরু স্মৃতিৰ এক অংশ বিস্মৃতি হিচাপে মানুহৰ মনৰ পৰা নাইকীয়া হয় বা বিলীন হয় । অৰ্থাৎ প্রায় একে পৰিস্থিৰ সাপেক্ষে স্মৃতি আরু বিস্মৃতি সংঘটিত হয় ৷     
১২। তলত দিয়াসমূহৰ ওপৰত চমুকৈ লিখা ।

স্মৃতিৰ প্রতিরূপঃ
স্মৃতি হ’ল মানুহৰ এক মানসিক প্রক্রিয়া যাৰ মাধ্যমেৰে অতীতত মনত সঞ্চিত অভিজ্ঞতাসমূহ আরু শিক্ষণসমূহ পুনঃস্মৰণ কৰাৰ দিশত সমর্থ কৰি তুলে বা আমি সমর্থ হও । স্মৃতি সাধাৰণতে সম্পূর্ণভাৱে মনত সঞ্চিত হোৱা প্রতিরূপসমূহৰ ওপৰত নির্ভৰ কৰে । অতীতৰ অভিজ্ঞতা প্রতিরূপসমুহৰ মাধ্যমেৰে শিক্ষণ কাৰ্য মনত সঞ্চিত হয় । সেয়েহে স্মৃতিৰ ক্ষেত্রত এই প্রতিরূপসমূহ নিতান্ত প্রয়োজনীয় । মানুহৰ বৌদ্ধিক গুণ, কল্পনা শক্তি, আদিৰ সহায়েৰে স্মৃতিৰ প্রতিরূপসমূহ মনত সঞ্চিত হয় । স্মৃতিৰ প্রতিরূপসমূহ সংৰক্ষণ আরু পুনঃস্মৰণ ক্ষমতাৰ ওপৰতো নির্ভৰ কৰে । মনৰ প্রতিরূপসমূহৰ ওপৰত স্মৃতি সাধাৰণতে নির্ভৰ কৰে । সেয়েহে  স্মৃতিৰ বাবে প্রতিরূপসমূহ মনত ৰখা দৰকাৰ ।

পশ্চাৎমুখী প্রতিৰোধঃ
      পশ্চাৎমুখী প্রতিৰোধ বিস্মৃতিৰ এক অন্যতম কাৰণ । যেতিয়া কোনো দুটা কাৰ্য্য কোনোসময়ৰ ব্যৱধান নোলোৱাকৈ কৰা হয় তেতিয়া সোনকালে পাহৰণি অর্থাৎ বিস্মৃতি হয় । মনোবিদ এচ. এচ. চৌহানৰ মতে “পশ্চাৎমুখী প্রতিৰোধৰ অর্থ হ’ল কিবা এটা প্রতিৰোধ কৰিবৰ কিবা এবিধে পশ্চাৎমুখী হৈ ক্রিয়া কৰে ।” অথবা যেতিয়া দুটা কাম একেলগে কৰা হয় তেতিয়াহলে দ্বিতীয় কামটোৰ বাবে প্রথম কামটোৰ ক্ষেত্রত পশ্চাৎমুখী প্রতিৰোধ সংঘটিত হয় । এনে ক্ষেত্রত প্রথম কামটো মনত ৰখাৰ দিশত বাধাৰ সৃষ্টি হয় । ইয়াৰ ওপৰিও পশ্চাৎমুখী প্রতিৰোধে এক মানসিক বাধাৰ সৃষ্টি কৰে । সেই পরিস্থিতিতেই বিস্মৃতির সৃষ্টি হয় । সমসাময়িকভাৱে পশ্চাৎমুখী প্রতিৰোধে পূৰ্ব কামৰ স্মৃতিত বাধাপ্রাপ্ত কৰে ৷  
পাহৰণিৰ দৈহিক কাৰণঃ
(অ) বৃদ্ধাৱস্থাঃ
        মানুহৰ বয়স বৃদ্ধিৰ লগে লগে শাৰীৰিক আরু মানসিক ক্ষমতা ক্রমান্বয়ে কমি যায় । লগতে, এনে পৰিস্থিতিত বিস্মৃতিৰ পৰিমাণো বৃদ্ধি হয় ।
(আ) মগজুৰ আঘাটঃ
        স্মৃতি মানুহৰ গুরু মস্তিষ্কৰ সহায়ত সম্ভৱ হয় । কিন্তু কোনো কাৰণত মগজুৰ আঘাট হ’লে স্মৃতিৰ ক্ষমতা কমি যায় আরু বিস্মৃতিৰ উপক্রম হয় ।
(ই) শাৰীৰিক ক্লান্তি বা ভাগরঃ
        কোনো জিৰণিৰ অবিহনে কর্ম কৰাৰ ফলত দেহৰ স্নায়ুতন্ত্রসমূহ অচল হৈ পৰে । এনে অৱস্থাত মানুহৰ স্মৃতি কার্য্য অতি কম হয় আরু বিস্মৃতিৰ পৰিলক্ষিত হয় ।
(ঈ) ৰাগিয়াল দ্রব্যঃ
        বিস্মৃতিৰ আন এক উল্লেখনীয় কাৰণ হ’ল ৰাগিয়াল দ্রব্য সেৱন । ৰাগিয়াল দ্রব্য সেৱন কৰিলে বা নিতৌ ব্যৱহাৰ কৰিলে মানুহৰ স্মৃতিশক্তি কমি যায় আরু বিস্মৃতি হয় ।
(উ) চৰ্চ্চা বা পুনৰাবৃত্তিৰ অভাৱঃ
        যিকোনো শিক্ষণ আরু অভিজ্ঞতাসমূহৰ চৰ্চ্চা বা পুনৰাবৃত্তিৰ পৰিমাণ হ্রাস হ’লে বা কমি গলে ক্রমান্বয়ে বিস্মৃতি অৰ্থাৎ পাহৰণি হোৱা দেখা যায়
(ঊ)হঠাৎ পৰিৱেশৰ পৰিবর্তনঃ
        পৰিচিত পৰিবেশত স্মৃতি কাৰ্য্যৰ বাবে অধিক উপযোগী হয় । নহলে অর্থাৎ পৰিবেশৰ পৰিবর্তন হলে জ্ঞান আরু অভিজ্ঞতাবোৰৰ বিস্মৃতি অর্থাৎ পাহৰণি হয় ।                                                                                                             
অবদমনঃ  
   বিস্মৃতিৰ বাবে কিছু দমনমূলক কাৰ্য মনৰ জৰীয়তে সম্ভৱ হয় । মনে তিক্ত অভিজ্ঞতা, দুখজনক বিষয়, অসম্পূর্ণ কামনা-বাসনা আদি সমূহ অচেতন মনৰ সহায়ত বিস্মৃতি বা পাহৰণি কৰায় । ইয়াক সাধাৰণতে, অবদমন বুলি কোৱা হয় । আমাৰ মনৰ এই অবদমন ক্ষমতা আছে । আমাৰ মনটোৱে ইচ্ছাকৃতভাৱে অশান্তিদায়ক বিষয়সমূহ অবদমনৰ সহায়ত সচেতন মনৰ পৰা আতৰ কৰি ৰাখে ৷ অবদমনক ফ্রয়েদে ‘ইচ্ছাকৃত পাহৰণি কাৰ্য’ বুলি ব্যক্ত কৰিছে ৷ অবদমনে মনক সকাহ দিয়ে ৷ কিন্তু অবদমন অতিপাত হ’লে স্মৃতিৰ ক্ষেত্রত বাধাপ্রাপ্ত হয় ।
সংৰক্ষণঃ  
       স্মৃতি আহৰণৰ এক পৰ্য্যায় হ’ল সংৰক্ষণ । অর্থাৎ আহৰণ কৰা শিক্ষণ আরু অভিজ্ঞতাসমূহ সংৰক্ষণ কৰাতো স্মৃতিৰ বাবে আৱ্যশক । যিকোনো এক শিক্ষণ মনত ৰখাতো অৰ্থাৎ সংৰক্ষণ কৰাতো দৰকাৰ ৷ সংৰক্ষণ নকৰিলে প্রাপ্ত অভিজ্ঞতাসমূহ বিস্মৃতি বা পাহৰণি হয় ৷ সংৰক্ষণ ক্ষমতা অবিহনে স্মৃতি সম্ভৱ নহয় ৷ অভিজ্ঞতাৰ প্রতিরূপসমূহ সংৰক্ষণৰ সহায়েৰে স্মৃতি হয় । মানুহৰ সংৰক্ষণ ক্ষমতা জন্মলব্ধ ৷ সেয়েহে, এই সংৰক্ষণ ক্ষমতা সীমিত লগতে অপৰিবৰ্ত্তনীয় ৷ সাধাৰণতে, মানুহৰ এই সংৰক্ষণ ক্ষমতা চৈধ্য-পোন্ধৰ বছৰ বয়সলৈকে ক্ষিপ্রতৰ হয় ৷ কিন্তু, পঁচিছ বছৰৰ পাছত ক্রমান্বয়ে এই সংৰক্ষণ ক্ষমতা কমি যায় ৷

যুক্তিসংগত স্মৃতিঃ
স্মৃতিৰ এক প্রক্রিয়া হ’ল যুক্তিসংগত স্মৃতি । এই প্রকাৰ স্মৃতি কোনো যান্ত্রিকভাৱে সম্ভৱ নহয় । যুক্তিসংগত স্মৃতি বৌদ্ধিক ক্ষমতা, বিশ্লেষণ ক্ষমতা আদিৰ সহায়ত সম্ভৱ হৈ উঠে ৷ এই স্মৃতি সাধনৰ বাবে কোনো বিষয় ভালদৰে জ্ঞান লাভ কৰি হৃদয়ঙ্গম কৰিব লাগে । মনোবিদ সকলে যুক্তিসংগত স্মৃতিক ‘প্রকৃত স্মৃতি’ৰ লগত তুলনা কৰিছে । ছাত্র-ছাত্রীসকলৰ শিক্ষাৰ বিভিন্ন দিশসমূহৰ অধ্যয়ণত যুক্তিসংগত স্মৃতি ব্যৱহাৰ কৰিব লাগে । বিশেষকৈ, কম্পিউটাৰৰ শিক্ষা গ্রহণত, গণিতৰ সমস্যা সমাধানত, বিজ্ঞানৰ জ্ঞান সমূহ আয়ত্বকৰণত আদিত যুক্তিসংগত স্মৃতি ব্যৱহাৰ কৰিলে অধিক ফলপ্রসূ হব পাৰে । এই স্মৃতিৰ প্রয়োগ কৰিলে শিক্ষণ আরু জ্ঞানসমূহ দীর্ঘ স্থায়ী হয় নতুবা বহুদিনলৈ মনত থাকে ।

১৩। তলত দিয়া উক্তিসমূহৰ বিপৰীতে ‘হয়’ বা ‘নহয়’ বুলি উত্তৰ দিয়া ।
ক) স্মৃতি অতীত অভিজ্ঞতাৰ পুনরুদ্ধাৰ কাৰ্য ।
উত্তরঃ হয় ।
খ) ভাল স্মৃতিৰ বা প্রতিৰোপ গঠনৰ প্রয়োজন নাই ।
উত্তরঃ নহয় ।
গ) পশ্চাৎমুখী প্রতিৰোধ বিস্মৃতিৰ এক প্রধান দৈহিক কাৰণ ।
উত্তরঃ নহয় ।
ঘ) অতীত অভিজ্ঞতাৰ পুনঃস্মৰণৰ অসামৰ্থতাই হৈছে বিস্মৃতি ।
উত্তরঃ হয় ।
(ঙ) মনৰ সংৰক্ষণ ক্ষমতা আহৰণ কৰিব পাৰি ।
উত্তরঃ নহয় ।
চ) অনুষঙ্গমূলক আরু মুখস্থ স্মৃতিৰ মাজত পার্থক্য নাই ।
উত্তরঃ অসত্য ।

১৪।
                                                                                                          Updating........