1 Mark Questions:
১। মাৰ্শ্বাল পৰিকল্পনাই কি বুজায় ?
১। মাৰ্শ্বাল পৰিকল্পনাই কি বুজায় ?
উত্তরঃ মাৰ্শ্বাল পৰিকল্পনাই ১৯৪৮ চনত আমেৰিকাই ইউৰোপীয়
অর্থনীতিৰ পুনৰ উত্থাপনৰ নিমিত্তে প্রচুৰ বিত্তীয় সাহাৰ্য আগবঢ়াবৰ বাবে গ্রহণ কৰা
এক পৰিকল্পনাক বুজায় ।
২। .........ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্রা ।
উত্তরঃ ইউৰো ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্রা ।
৩। ASEAN ৰ সম্পূর্ণ
রূপটো লিখা ।
উত্তরঃ ASEAN ৰ সম্পূর্ণ
রূপটো হ’ল- Association
of South East Asian Nations (দক্ষিণ পূব
এছিয়া ৰাষ্ট্রসমূহৰ সন্থা )।
৪। বেংকক ঘোষণাপত্র কি ?
উত্তরঃ বেংকক ঘোষনা পত্র হ’ল- ১৯৬৭ চনত ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইন, ছিংগাপুৰ আরু থাইলেণ্ডে স্বাক্ষৰ কৰা এক ঘোষণা পত্র ।
৫। কোন বছৰত ARF ৰ প্রতিষ্ঠা
হৈছিল ?
উত্তরঃ ১৯৯৪ চনত ARF (Asean
Regional Forum) ৰ প্রতিষ্ঠা হৈছিল ।
৬। হয় নে নহয় লিখাঃ
ভাৰত ASEAN ৰ এটা সদস্য ।
উত্তরঃ নহয় ।
৭। চীনৰ কমিউনিষ্ট বিপ্লৱৰ নেতা কোন আছিল ?
উত্তরঃ চীনৰ কমিউনিষ্ট বিপ্লৱৰ নেতা আছিল- মাও চে টুং ।
৮।খোলা দুৱাৰৰ নীতি অর্থাৎ মুক্ত দ্বাৰ নীতি কি ?
উত্তরঃ খোলা দুৱাৰৰ নীতি অর্থাৎ মুক্ত দ্বাৰ নীতি হ’ল-
বিদেশৰ পৰা অনা মূলধন আরু প্রযুক্তিবিদ্যা বিনিয়োগ কৰি উচ্চ উৎপাদনশীলতা সৃষ্টি কৰাৰ
ক্ষেত্রত ১৯৭৮ চনত চীন দেশত ঘোষণা গ্রহণ কৰা এক নীতি ।
৯। ‘চাৰি আধুনিকীকৰণ’ বুলিলে কি বুজা ?
উত্তরঃ ‘চাৰি আধুনিকীকৰণ’ বুলিলে কৃষি, উদ্যোগ, বিজ্ঞান আরু প্রযুক্তিবিদ্যা তথা সামরিক খণ্ড, এই চাৰি আধুনিকীকৰণক বুজায়/সূচায় ।
১০। কোন বছৰত প্রধানমন্ত্রী ৰাজীৱ গান্ধিয়ে চীন ভ্রমণ কৰিছিল
?
উত্তরঃ ১৯৮৮ চনত প্রধানমন্ত্রী ৰাজীৱ গান্ধিয়ে চীন ভ্রমণ কৰিছিল
।
২০। মুখ্যতঃ............ আরু ............ অঞ্চলক লৈ ১৯৬২ চনত চীন আরু ভাৰতৰ মাজত হোৱা সীমা বিবাদ হৈছিল ।
১১। কোন বছৰত একক
বজাৰৰ সৃষ্টি কৰা হৈছিল ?
উত্তরঃ ১৯৯৩ চনত
একক বজাৰৰ সৃষ্টি কৰা হৈছিল ।
১২। কোন বছৰত ইউৰোপীয়
পৰিষদ প্রতিষ্ঠা কৰা হৈছিল ?
উত্তরঃ ১৯৪৯ চনত
ইউৰোপীয় পৰিষদ প্রতিষ্ঠা কৰা হৈছিল ।
১৩। কোন বছৰত ASEAN আঞ্চলিক মঞ্চ স্থাপন কৰা
হৈছিল ?
উত্তরঃ ১৯৯৪ চনত ASEAN আঞ্চলিক মঞ্চ স্থাপন কৰা
হৈছিল ।
১৪। চীনে কেতিয়া
বিশ্ব বাণিজ্য সংগঠনৰ সদস্য হৈছিল ?
উত্তরঃ চীনে ২০০১
চনত বিশ্ব বাণিজ্য সংগঠনৰ সদস্য হৈছিল ।
১৫।মিষ্ট্রিখটৰ
সন্ধি বা মাচট্রিক চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ?
উত্তরঃ
মিষ্ট্রিখটৰ সন্ধি বা মাচট্রিক চুক্তি ১৯৯২ চনত স্বাক্ষৰিত হৈছিল ।
১৬। চীনৰ নিৱনুৱা
সমস্যাৰ বিষয়ে এটা বাক্য লিখা ।
উত্তরঃ
সংখ্যাধিক্য জনসংখ্যাৰ হাৰ চীনৰ নিবনুৱা সমস্যাৰ অন্যতম কাৰণ ।
১৭। ১৯৫০ চনত তিব্বতৰ
ৰাজনৈতিক আরু ধর্মীয় নেতা কোন আছিল ?
উত্তরঃ ১৯৫০ চনত
তিব্বতৰ ৰাজনৈতিক আরু ধর্মীয় নেতা আছিল- দালাই লামা ।
১৮। ১৯৭২ চনত
চীনে কোনখন প্রধান ৰাষ্ট্রৰ সৈতে দ্বিপাক্ষিক সম্পর্ক স্থাপন কৰিছিল ?
উত্তরঃ ১৯৭২ চনত
চীনে আমেৰিকা যুক্তৰাষ্ট্রৰ সৈতে দ্বিপাক্ষিক সম্পর্ক স্থাপন কৰিছিল ।
১৯। তলত দিয়া কোনে ‘মুক্ত দুৱা’ৰ নীতি আৰম্ভ কৰিছিল?
(a) চীন দেশ (b) ইউৰোপীয় সংঘ (c) জাপান (d)আমেৰিকা যুক্তৰাষ্ট্র
উত্তরঃ (a) চীন দেশ ।
২০। কোনখন দেশক বিশ্ব ক্ষমতাৰ তৃতীয় বিকল্প বুলি কোৱা হয়?
উত্তরঃ চীন দেশক বিশ্ব ক্ষমতাৰ তৃতীয় বিকল্প বুলি কোৱা হয়?
২১। ভাৰত চীনদেশৰ যুদ্ধ কেতিয়া হৈছিল?
উত্তরঃ ভাৰত চীনদেশৰ যুদ্ধ ১৯৬২ চনত হৈছিল ।
২২। ইউৰোপীয় সংঘ কেতিয়া গঠন কৰা হৈছিল?
উত্তরঃ ইউৰোপীয় সংঘ ১৯৯২ চনত গঠন কৰা হৈছিল ।
২৩। ইউৰোপীয় সংঘই উমৈহতীয়া ভাবে কি মুদ্রা ব্যৱহাৰ কৰে?
উত্তরঃ ইউৰোপীয় সংঘই উমৈহতীয়া ভাবে 'ইউৰো' মুদ্রা ব্যৱহাৰ কৰে ৷
২৪। ASEAN ৰ এটা উদ্দেশ্য লিখা ।
উত্তরঃ ASEAN ৰ এটা উদ্দেশ্য হ'ল- সদস্য ৰাষ্ট্রবোৰৰ অৰ্থনৈতিক উন্নয়ণ দ্রুতগামী কৰা ৷
২৫। ভাৰত ASEAN ৰ সদস্য হয়নে?
উত্তরঃ ভাৰত ASEAN ৰ সদস্য নহয় ৷
২৬। মাৰ্শ্বাল আঁচনি বুলিলে কি বুজা?
উত্তরঃ মাৰ্শ্বাল আঁচনি বুলিলে ১৯৪৮ চনত আমেৰিকাই ইউৰোপীয় অর্থনীতিৰ পুনৰ উত্থাপনৰ নিমিত্তে প্রচুৰ বিত্তীয় সাহাৰ্য আগবঢ়াবৰ বাবে গ্রহণ কৰা এক পৰিকল্পনাক সূচায় ।
২৭। চীনদেশৰ সাম্যবাদী বিপ্লৱৰ নেতা কোন আছিল?
উত্তরঃ চীনদেশৰ সাম্যবাদী বিপ্লৱৰ নেতা মাও চে টুং আছিল ।
২৮। ইউৰোপীয় সংঘৰ সদস্য সংখ্যা কিমান?
উত্তরঃ ইউৰোপীয় সংঘৰ সদস্য সংখ্যা ২৮ খন ৷
২৯। WTO ৰ সম্পূর্ণ রূপ কি?
উত্তরঃ WTO ৰ সম্পূর্ণ রূপ হ'ল- World Trade Organization ।
৩০। ‘ক্ষমতা বন্দুকৰ নলীৰ মাজেৰে আহে’ – কথাষাৰ কোনে কৈছিল?
উত্তরঃ ক্ষমতা বন্দুকৰ নলীৰ মাজেৰে আহে’ – কথাষাৰ চীনৰ সাম্যবাদী নেতা মাও জি দংয়ে (Chinese communist leader Mao Zedong).কৈছিল ।
৩১। ভাৰতৰ লৌহ মানৱ বুলি কোৱা হৈছিল?
উত্তরঃ ভাৰতৰ লৌহ মানৱ বুলি দীপক ৰাজক (Deepak Raj) কোৱা হৈছিল ।
৩২। ইউৰোপীয় সংঘ কোন চনত স্থাপন হৈছিল ?
উত্তরঃ ইউৰোপীয় সংঘ ১৯৯২ চনত স্থাপন হৈছিল ৷
১৯। ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত ইউৰোপীয় ইউনিয়নৰ দুখন স্থায়ী সদস্য ৰাষ্ট্রৰ নাম লিখা ।
উত্তরঃ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত ইউৰোপীয় ইউনিয়নৰ দুখন স্থায়ী সদস্য ৰাষ্ট্রৰ নাম হ’ল- ব্রিটেইন আরু ফ্রান্স ।২০। মুখ্যতঃ............ আরু ............ অঞ্চলক লৈ ১৯৬২ চনত চীন আরু ভাৰতৰ মাজত হোৱা সীমা বিবাদ হৈছিল ।
উত্তরঃ মুখ্যতঃ অরুণাচল
আরু লাডাখৰ আকচাই চীন অঞ্চলক লৈ ১৯৬২ চনত চীন আরু ভাৰতৰ মাজত হোৱা সীমা বিবাদ হৈছিল ।
2 Marks Questions:
১। ৰাষ্ট্রসংঘৰ ইউৰোপীয় সংঘৰ পৰা স্থায়ী সদস্য
হোৱা দেশবোৰৰ নাম লিখা ।
উত্তরঃ ৰাষ্ট্রসংঘৰ ইউৰোপীয় সংঘৰ পৰা স্থায়ী
সদস্য হোৱা দেশবোৰৰ নাম হ’ল- বৃটেইন আরু ফ্রান্স ।
অথবাঃ
ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত ইউৰোপীয় ইউনিয়নৰ
স্থায়ী সদস্য ৰাষ্ট্রবোৰৰ নাম লিখা।
উত্তরঃ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত ইউৰোপীয় ইউনিয়নৰ
স্থায়ী সদস্য ৰাষ্ট্রবোৰৰ নাম হ’ল- বৃটেইন আরু ফ্রান্স ।
২। তুমি ভাবানে যে ইউৰোপীয় সংহতিত শীতল
যুদ্ধই সহায় কৰিছিল ? কেনেদৰে ?
উত্তরঃ হয়, মই ভাবো যে ইউৰোপীয় সংহতিত
শীতল যুদ্ধই সহায় কৰিছিল । কাৰণ, শীতলযুদ্ধৰ ফলস্বরূপে সৃষ্টি হোৱা আমেৰিকাৰ
মাৰ্শ্বাল পৰিকল্পনাৰ আধাৰত ইউৰোপীয় সংহতিৰ অর্থনীতিৰ পুনর্গঠনৰ অর্থে বিত্তীয়
সাহায্য আগবঢ়াইছিল ৷
৩। ASEAN ৰ উদ্দেশ্যবোৰ কি কি?
উত্তরঃ ASEAN ৰ উদ্দেশ্যবোৰ হ’লঃ
(ক) অর্থনৈতিক দিশটোৰ খৰতকীয়া
উন্নতিসাধন কৰাৰ লগতে সামাজিক প্রগতি আরু সাংস্কৃতিক বিকাশ সাধন কৰা ।
(খ) সদস্যৰাষ্ট্রসমূহৰ আভ্যন্তৰীণ
বিষয়সমূহত আইনৰ শাসন আরু ৰাষ্ট্রসংঘৰ চনদৰ ওপৰত নির্ভৰ কৰি আঞ্চলিক স্থিৰতা আরু
শান্তি স্থাপন কৰা ।
৪। তুমি ভাবানে যে ইউৰোপীয় সংঘই একজাতি
ৰাষ্ট্রৰ দৰে কাম কৰিবলৈ লৈছে ? কাৰণ দৰ্শোৱা ।
উত্তরঃ হয়, মই ভাবো যে ইউৰোপীয় সংঘই
একজাতি ৰাষ্ট্রৰ দৰে কাম কৰিবলৈ লৈছে । অর্থনৈতিক সংস্থাৰৰ পৰিৱৰ্তে ইউৰোপীয় সংঘই
এক ৰাজনৈতিক সংস্থা হিচাপে প্রতিষ্ঠিত হৈছে । ইউৰোপীয় সংঘৰ কোনো এখন সংবিধান নাই
যদিও নিজৰ পতাকা, সংগীত, প্রতিষ্ঠা দিৱস আরু মুদ্রা আছে । লগতে, এই সংঘৰ উমৈহতীয়া
বৈদেশিক আরু প্রতিৰক্ষা নীতিও আছে ।
৫। খালী ঠাই পূৰণ কৰা ।
মুখ্যতঃ ________ আরু ________ অঞ্চলক
লৈ ১৯৬২ চনত চীন আরু ভাৰতৰ মাজত হোৱা সীমা বিবাদ হৈছিল ।
উত্তরঃ মুখ্যতঃ অরুণাচল আরু লাডাখৰ আকচাই চীন অঞ্চলক
লৈ ১৯৬২ চনত চীন আরু ভাৰতৰ মাজত হোৱা সীমা বিবাদ হৈছিল ।
৬। ভাৰতে FTAS ত স্বাক্ষৰ কৰা দুই ASEAN সদস্যৰ নাম লিখা ।
উত্তরঃ ভাৰতে FTAS (Free Trade Agreement) ত স্বাক্ষৰ কৰা দুই ASEAN সদস্যৰ নাম হ’ল- ছিংগাপুৰ আরু থাইলেণ্ড
।
৭। আঞ্চলিক সংগঠন প্রতিষ্ঠাৰ
উদ্দেশ্যসমূহ কি কি ?
উত্তরঃ আঞ্চলিক সংগঠন প্রতিষ্ঠাৰ
উদ্দেশ্যসমূহ হ’ল-
(ক) ৰাষ্ট্রসমূহৰ মাজত সংঘটিত হোৱা
সামাজিক, ৰাজনৈতিক, অর্থনৈতিক, সাংস্কৃতিক আদি সমস্যাবোৰ শান্তিপূর্ণ আলোচনাৰে
সমাধান কৰা ।
(খ) আঞ্চলিক সংগঠনৰ সহযোগত নিজ ৰাষ্ট্রৰ
শান্তি আরু স্থিৰতা বজাই ৰখা ।
(গ) বৈদেশিক আরু নিৰাপত্তাজনিত
নীতিসমূহ প্রস্তুত কৰি ন্যায় আরু সামূহিক সহায়-সহযোগিতা ৰক্ষা কৰা ।
(ঘ) নিৰাপত্তাৰ ভাবুকি, সন্ত্রাসবাদ,
বৈদেশিক আক্রমণ আদিৰ বিপক্ষে সামূহিকভাৱে সমাধান কৰা বা পদক্ষেপ গ্রহণ কৰা ।
৮। ইউৰোপীয় সংঘ গঠনৰ দুটা কাৰণ লিখা ।
উত্তরঃ ইউৰোপীয় সংঘ গঠনৰ দুটা কাৰণ
হ’লঃ
(ক) দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ইউৰোপীয় ৰাষ্ট্রসমূহ
অর্থনৈতিক দিশত দুর্বল হৈ পৰিছিল । সেয়েহে, ইউৰোপীয় সংঘ গঠন কৰি সামূহিকভাৱে
অর্থনৈতিক দিশটোৰ উন্নতিসাধন কৰাৰ লক্ষ্যৰে ইউৰোপীয় সংঘ গঠন কৰিছিল ।
(খ) ইউৰোপীয় ৰাষ্ট্রসমূহ সামূহিকভাৱে
সামৰিক দিশত শক্তিশালী হোৱাৰ উদ্দেশ্যে ইউৰোপীয় সংঘ গঠন কৰিছিল ।
৯। EW ৰ দুখন সদস্য ৰাষ্ট্রৰ নাম লিখা ।
উত্তরঃ EW ৰ দুখন সদস্য ৰাষ্ট্রৰ নাম হ’ল- চুইডেন
আরু ডেনমার্ক ।
১০। এছিয়াৰ দুই মহাশক্তিৰ নাম লিখা ।
উত্তরঃ এছিয়াৰ দুই মহাশক্তিৰ নাম হ’ল-
ভাৰত আরু চীন ।
১১। চীনৰ নতুন
অর্থনৈতিক নীতিৰ দুটা অসুবিধা লিখা ।
উত্তরঃ চীনৰ নতুন
অর্থনৈতিক নীতিৰ দুটা অসুবিধা হ’লঃ
(ক) চীনৰ নতুন
অর্থনীতিয়ে সকলো স্তৰৰ জনসাধাৰণক সুযোগ-সুবিধা প্রদান কৰাত সক্ষম হোৱা নাই ।
(খ) নতুন অর্থনৈতিক
নীতিৰ প্রয়োগৰ পাছতো অত্যধিক নিবনুৱা সমস্যাৰ হাৰ ক্রমান্বয়ে বৃদ্ধিহে পাইছে ।
১২। কোনকেইখন দেশে
১৯৯৫ চনৰ জানুৱাৰীত EU অর্থাৎ ইউৰোপীয়ান ইউনিয়নত ত
যোগদান কৰিছিল ?
উত্তরঃ অষ্ট্রিয়া,
ফিনলেণ্ড আরু চুইডেনে ১৯৯৫ চনৰ জানুৱাৰীত EU অর্থাৎ
ইউৰোপীয়ান ইউনিয়নত যোগদান কৰিছিল ।
১৩। ১৯৯২ চনত কোন
আঞ্চলিক সংগঠন গঠিত হৈছিল ?
উত্তরঃ ১৯৯২ চনত EU অর্থাৎ ইউৰোপিয়ান ইউনিয়ন নামৰ আঞ্চলিক সংগঠনটোৰ
গঠিত হৈছিল ।
১৪। ইউৰোপীয় সংঘৰ
দুটা লক্ষ্য লিখা ।
উত্তরঃ ইউৰোপীয় সংঘৰ
দুটা লক্ষ্য হ’ল- (ক)ইউৰোপীয় সংঘৰ ৰাষ্ট্রসমূহৰ মাজত শান্তি আরু সহযোগিতাৰ হাৰ
বৃদ্ধি কৰা ।
(খ) অর্থনৈতিক,
সামাজিক আরু ৰাজনৈতিক ক্ষেত্রত ইউৰোপীয় সংঘৰ ৰাষ্ট্রসমূহৰ মাজত ঐক্য প্রতিষ্ঠা কৰা ।
১৫।বর্তমানৰ চীনা অর্থনীতি কিদৰে ব্যৱহাৰিক
অর্থনীতিৰ পৰা পৃথক ?
উত্তরঃ বর্তমানৰ চীনা অর্থনীতি ব্যৱহাৰিক
অর্থনীতিৰ পৰা পৃথক, কাৰণ,
(ক) প্রথমে, চীনা
অর্থনীতিত ব্যৱহাৰিক অর্থনীতিৰ আধাৰস্বরূপ ‘ব্যক্তিগত খণ্ড’ৰ ওপৰত গুরুত্ব দিয়াৰ
সলনি ‘চৰকাৰী খণ্ড’ৰ ওপৰত গুরুত্ব আৰোপ কৰা হৈছিল ।
(খ) দ্বিতীয়তে, ব্যৱহাৰিক
অর্থনীতিৰ বিপৰীতে, চীনা অর্থনীতিয়ে বৈদেশিক বিনিয়োগক নিষিদ্ধকৰণ কৰাৰ সলনি
বৈদেশিক বিনিয়োগক অনুমতিহে প্রদান কৰিছিল ।
১৬। মস্ত্রিখেট
সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল ? মস্ত্রিখেট সন্ধিয়ে কি বুজায় ?
উত্তরঃ মস্ত্রিখেট
সন্ধি ১৯৯২ চনত স্বাক্ষৰিত হৈছিল । মস্ত্রিখেট সন্ধিয়ে ইউৰোপিয়ান ইউনিয়ন গঠনৰ বাবে
নীতি আরু কাৰ্যসূচী গঠন কৰিছিল ।
১৭। দ্বিতীয়
বিশ্বযুদ্ধৰ পিছত ইউৰোপত কি প্রধান প্রত্যাহ্বানৰ সৃষ্টি হৈছিল ?
উত্তরঃ দ্বিতীয়
বিশ্বযুদ্ধৰ পিছত ইউৰোপৰ অর্থনৈতিক গাঁঠনিটো ভাঙি পৰিছিল । লগতে, দ্বিতীয়
বিশ্বযুদ্ধৰ সময়ছোৱাত জার্মানীখন দ্বি-খণ্ডিত হোৱাৰ কাৰণে ইউৰোপত ঐক্য আরু
সহযোগিতা স্থাপনৰ ক্ষেত্রত প্রতিবন্ধকতাৰ সৃষ্টি হৈছিল । সমসাময়িকভাৱে, ইউৰোপত
সাম্যবাদী আদর্শ প্রতিষ্ঠিত হোৱাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্রৰ সহযোগৰ ক্ষেত্রত বিৰোপ
প্রভাৱ পৰিছিল ।
১৮। ______ পৰিকল্পনাই
_____ চনত ইউৰোপীয় অর্থনৈতিক সহযোগিতা সংগঠন স্থাপনত প্রভাৱ বিস্তাৰ কৰিছিল ।
উত্তরঃ মাৰ্চাল
আঁচনি পৰিকল্পনাই ১৯৪৮ চনত ইউৰোপীয় অর্থনৈতিক সহযোগিতা সংগঠন স্থাপনত প্রভাৱ
বিস্তাৰ কৰিছিল ।
১৯। ৰাষ্ট্রসংঘৰ নিৰাপত্তা
পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্র কেইখনৰ নাম উল্লেখ কৰা ।
উত্তরঃ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্র কেইখনৰ নাম হ'ল- আমেৰিকা, ৰাছিয়া, চীন, ইংলেণ্ড আরু ফ্রান্স ।
২০। আঞ্চলিক সংগঠন
স্থাপনৰ উদ্দেশ্যসমূহ কি কি?
উত্তরঃ আঞ্চলিক সংগঠন স্থাপনৰ উদ্দেশ্যসমূহঃ
(ক) ৰাষ্ট্রসমূহৰ মাজত সংঘটিত হোৱা সামাজিক, ৰাজনৈতিক, অর্থনৈতিক, সাংস্কৃতিক আদি সমস্যাবোৰ শান্তিপূর্ণ আলোচনাৰে সমাধান কৰা ।
(খ) আঞ্চলিক সংগঠনৰ সহযোগত নিজ ৰাষ্ট্রৰ শান্তি আরু স্থিৰতা বজাই ৰখা ।
(গ) বৈদেশিক আরু নিৰাপত্তাজনিত নীতিসমূহ প্রস্তুত কৰি ন্যায় আরু সামূহিক সহায়-সহযোগিতা ৰক্ষা কৰা ।
(ঘ) নিৰাপত্তাৰ ভাবুকি, সন্ত্রাসবাদ, বৈদেশিক আক্রমণ আদিৰ বিপক্ষে সামূহিকভাৱে সমাধান কৰা বা পদক্ষেপ গ্রহণ কৰা ।
২১। ইউৰোপীয় সংঘ গঠনৰ
বাবে সহায়ক দুটা কাৰণ লিখা ।
উত্তরঃ ইউৰোপীয় সংঘ গঠনৰ বাবে সহায়ক দুটা কাৰণ হ'লঃ
(ক) দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ইউৰোপীয় ৰাষ্ট্রসমূহ অর্থনৈতিক দিশত দুর্বল হৈ পৰিছিল । সেয়েহে, ইউৰোপীয় সংঘ গঠন কৰি সামূহিকভাৱে অর্থনৈতিক দিশটোৰ উন্নতিসাধন কৰাৰ লক্ষ্যৰে ইউৰোপীয় সংঘ গঠন কৰিছিল ।
(খ) ইউৰোপীয় ৰাষ্ট্রসমূহ সামূহিকভাৱে সামৰিক দিশত শক্তিশালী হোৱাৰ উদ্দেশ্যে ইউৰোপীয় সংঘ গঠন কৰিছিল ।
২২। শীতল যুদ্ধই ইউৰোপীয়
ঐক্য স্থাপনত সহায় কৰিছিল বুলি তুমি ভাবানে?
উত্তরঃ হয়, মই ভাবো যে ইউৰোপীয় ঐক্য স্থাপনত শীতল যুদ্ধই সহায় কৰিছিল । কাৰণ, শীতলযুদ্ধৰ ফলস্বরূপে সৃষ্টি হোৱা আমেৰিকাৰ মাৰ্শ্বাল পৰিকল্পনাৰ আধাৰত ইউৰোপীয় সংহতিৰ অর্থনীতিৰ পুনর্গঠনৰ অর্থে বিত্তীয় সাহায্য আগবঢ়াইছিল ৷
২৩। খালি ঠাই পূৰণ
করাঃ
চীন দেশ আরু ভাৰতৰ
১৯৬২ চনত হোৱা সীমা সংঘর্ষ মূলতঃ ____ আরু _____ক লৈ আছিল ।
উত্তরঃ চীন দেশ আরু ভাৰতৰ ১৯৬২ চনত হোৱা সীমা সংঘর্ষ মূলতঃ অরুণাচল প্রদেশ আরু লাডাখৰ আকচাই চীন অঞ্চলৰ সীমাক লৈ আছিল ।
২৪। ইউৰোপীয় সংঘৰ
অধীনৰ অনুষ্ঠানসমূহৰ নাম লিখা ।
উত্তরঃ ইউৰোপীয় সংঘৰ অধীনৰ অনুষ্ঠানসমূহ হ'ল- ইউৰোপীয় সংসদ, ইউৰোপীয় পৰিষদ, অর্থনৈতিক আরু সামাজিক কমিটি, ইউৰোপীয় ন্যায়লয়, ইউৰোপীয় কেন্দ্রীয় বেংক আরু ইউৰোপীয় কমিছন ।
২৫। ভাৰতে FTAs স্বাক্ষৰ কৰা দুখন ASEAN সদস্য ৰাষ্ট্রৰ নাম উল্লেখ কৰা ।
উত্তরঃ ভাৰতে FTAs (Free Trade Agreement) স্বাক্ষৰ কৰা দুখন ASEAN সদস্য ৰাষ্ট্রৰ নাম হ’ল- ছিংগাপুৰ আরু থাইলেণ্ড ।
Below Notes are just uploaded, so cheking is going on, any mistake found please inform.
updating.................
চমু উত্তরর আদর্শ প্রশ্নঃ (৪ নম্বরর)
১। “সময়র লগে লগে ইউরোপীয় সংঘ এটা অর্থনৈতিক
সংঘর পরা এক বর্ধিত রাজনৈতিক সংঘলৈ বিকশি উঠিছে- ব্যাখ্যা করা ।
উত্তরঃ পশ্চিম ইউরোপর দেশর সর্ব দিশর বিকাশর অর্থে
১৯৯২ চনত ইউরোপীয় সংঘ (European
Union) গঠন করা হৈছিল । “সময়র লগে লগে
ইউরোপীয় সংঘ এটা অর্থনৈতিক সংঘর পরা এক বর্ধিত রাজনৈতিক সংঘলৈ বিকশি উঠিছে ।”
বহুতো নতুন নতুন রাষ্ট্রর সহযোগত ইউরোপীয় সংঘ এক রাজনৈতিক জাতি রাষ্ট্রর দরে
উদ্গনি লাভ করিছে । এই সংঘর উমৈহতীয়া নিজর পতাকা আছে । রাজনীতির পেক্ষাপতত প্রভাৱ
পেলাব পরাকৈ নিজর জাতীয় সংগীত আছে । আন রাষ্ট্রর দরে ইউরোপীয় সংঘর নিজা ইউরোপীয়
মুদ্রা “ইউরো” আছে । এই সংঘই রাজনৈতিকভাৱে প্রতিষ্ঠা দিন পালন করি আহিছে ।
রাজনীতির ক্ষেত্রত আমেরিকার সমসাময়িকভাৱে এক বিকল্প শক্তি হিচাপে প্রতিষ্ঠা লাভ
করিছে । ইউরোপীয় সংঘর উমৈহতীয়া বৈদেশিক আরু নিরাপত্তা নীতির ব্যৱস্থা আছে । ছোভিয়েট
গোষ্ঠীত থকা সদস্য রাষ্ট্রসমূহকো ইউরোপীয় সংঘই সংঘত সহযোগ করার সুবিধা প্রদান
করিছে ।
২। চীনত ঝউ ইনলেই-র দ্বারা প্রস্তাবিত চারিটা
আধুনিকীকরণর বিষয়ে উল্লেখ করা ।
উত্তরঃ ১৯৭০ র দশকত চীনত সংস্কার কাৰ্যসূচী
আৰম্ভ হৈছিল । ১৯৭২ চনত চীনে মার্কিন অর্থনীতির লগত সংযুক্ত হৈছিল । ঠিক সেই
সময়তে, ১৯৭৩ চীনর প্রধানমন্ত্রী চৌ-এন-লায়ে চারিটা খণ্ডর ওপরত চীনর অর্থনীতির
সংস্কার সাধন করিছিল । সেই কেইটা হ’ল-
(ক) কৃষিঃ
প্রধানমন্ত্রী চৌ-এন-লায়ে কৃষিখণ্ডর বিকাশর
বাবে কিছুসংখ্যক মাটির কৃষিখণ্ডর ব্যক্তগতকরণ প্রক্রিয়া আরম্ভ করিছিল । সাম্যবাদী
আদর্শত প্রতিষ্ঠা হোৱা চীনক চৌ-এন-লায়ে ৫-৬ শতাংশ কৃষিখণ্ডর বিকাশ সাধন করে ।
লগতে, কৃষিত উৎপাদিত সামগ্রীসমূহ বজার ব্যৱস্থা সক্রিয় করিছিল আরু বিদেশীত
রপ্তানির বাবে মুকলি করি দিছিল ।
(খ) উদ্যোগঃ
প্রধানমন্ত্রী
চৌ-এন-লায়ে উদ্যোগখণ্ডর বিকাশর বাবে দেশর প্রাকৃতিক সম্পদসমূহক সৰ্ব্বোচ্চ পরিমাণে
ব্যৱহার করিছিল । উদ্যোগখণ্ডর বিকাশর বাবে ছোভিয়েট সংঘর পরা সাহায্য লাভ করিছিল । পৰ্যাপ্ত
পরিমাণর বৈদেশিক মুদ্রার অভাৱৰ বাবে আমদানির পরিৱৰ্তে ঘরুৱা আরু গ্রাম্য
উদ্যোগসমূহর জরীয়তে লাগতিয়াল সামগ্রী উৎপাদনর বিকাশ করিছিল ।
(গ) বিজ্ঞান আরু প্রযুক্তিঃ
আনবোর
বিকাশর লগতে প্রধানমন্ত্রী চৌ-এন-লায়ে বিজ্ঞান আরু প্রযুক্তির ক্ষেত্রতো চীনক
বিশ্বত আমেরিকার সমসাময়িকভাৱে বিকাশ সাধন করিছিল । চীন সামগ্রীর মুল্য আনবোর
রাষ্ট্রর পরা কম আরু উন্নত হোৱাৰ বাবে বেলেগ রাষ্ট্রলৈ রপ্তানি করি বিশ্বর এক
সৰ্ববৃহৎ অর্থনীতি হিচাপে প্রতিষ্ঠিত করিছিল । লগতে, প্রধানমন্ত্রী চৌ-এন-লায়ে
মার্কিন অর্থনীতির সৈতে সম্পর্ক করি আন্তৰ্জাতিক বাণিজ্যত চীনর প্রযুক্তির বিকাশ
আরু উদ্গনি যোগাইছিল ।
(ঘ) সামরিক খণ্ডর আধুনিকীকরণ প্রক্রিয়াঃ
আন
তিনি মূল সংস্কারর লগতে প্রধানমন্ত্রী চৌ-এন-লায়ে সামরিক খণ্ডর আধুনিকীকরণ
প্রক্রিয়া আরম্ভ করিছিল । পুঁজির এক বৃহৎপরিমাণ সামরিক খণ্ডর আধুনিকীকরণত ব্যয়
করিছিল । সমসাময়িকভাৱে, সমগ্র বিশ্বত আমেরিকার এক বিকল্প কেন্দ্র হিচাপে চীনক গঢ়ি
তুনিছিল ।
৩। স্থবিরতা
আঁতরাবলৈ চীনে গ্রহণ করা অর্থনৈতিক নীতির বিষয়ে উল্লেখ করা ।
উত্তরঃ ১৯৭০ দশকত চীনত নতুন অর্থনৈতিক
কাৰ্যসূচী আরম্ভ হৈছিল । এই দিশত চীনে নতুন বহু আধুনিকীকরণ প্রক্রিয়া ব্যৱহার
করিছিল । স্থবিরতা আঁতরাবলৈ চীনে গ্রহণ করা মূল অর্থনৈতিক নীতিসমূহ হ’লঃ
(ক)প্রাকৃতিক সম্পদসমূহক সৰ্ব্বোচ্চ ব্যৱহারঃ
পৰ্যাপ্ত পরিমাণর বৈদেশিক মুদ্রার অভাৱৰ বাবে
উদ্যোগখণ্ডর বিকাশর বাবে প্রাকৃতিক সম্পদসমূহক সৰ্ব্বোচ্চ ব্যৱহার করিছিল ।
(খ) ছোভিয়েট সংঘৰ পরা সাহায্য আহরণঃ
চীনর
স্থবিরতা দূর করিবর বাবে ছোভিয়েট সংঘর পরা বৃহৎপরিমাণর সাহায্য লাভ করিছিল ।
(গ)কৃষি খণ্ডর বিকাশসাধনঃ
প্রধানমন্ত্রী চৌ-এন-লায়ে কৃষিখণ্ডর বিকাশর
বাবে ১৯৮২ চনত কৃষিখণ্ডর ব্যক্তগতকরণ প্রক্রিয়া আরম্ভ করিছিল । সাম্যবাদী আদর্শত
প্রতিষ্ঠা হোৱা চীনক চৌ-এন-লায়ে ৫-৬ শতাংশ কৃষিখণ্ডর বিকাশ সাধন করে । লগতে, কৃষিত
উৎপাদিত সামগ্রীসমূহ বজার ব্যৱস্থা সক্রিয় করিছিল আরু বিদেশীত রপ্তানির বাবে মুকলি
করি দিছিল ।
(ঘ)উদ্যোগখণ্ডর বিকাশসাধনঃ
উদ্যোগখণ্ডর
বিকাশর বাবে দেশর প্রাকৃতিক সম্পদসমূহক সৰ্ব্বোচ্চ পরিমাণে ব্যৱহার করিছিল ।
উদ্যোগখণ্ডর বিকাশর বাবে ছোভিয়েট সংঘর পরা সাহায্য লাভ করিছিল । পৰ্যাপ্ত পরিমাণর
বৈদেশিক মুদ্রার অভাৱৰ বাবে আমদানির পরিৱৰ্তে ঘরুৱা আরু গ্রাম্য উদ্যোগসমূহর
জরীয়তে লাগতিয়াল সামগ্রী উৎপাদনর বিকাশ করিছিল ।
(ঙ) বিজ্ঞান আরু প্রযুক্তিঃ
আনবোর
বিকাশর লগতে বিজ্ঞান আরু প্রযুক্তির ক্ষেত্রতো চীন বিশ্বত আমেরিকার সমসাময়িকভাৱে
বিকাশ সাধন করিছিল । চীন সামগ্রীর মুল্য আনবোর রাষ্ট্রর পরা কম আরু উন্নত হোৱাৰ
বাবে বেলেগ রাষ্ট্রলৈ রপ্তানি করি বিশ্বর এক সৰ্ববৃহৎ অর্থনীতি হিচাপে প্রতিষ্ঠিত
করিছিল ।
(চ) আন্তৰ্জাতিক বাণিজ্যত যোগদানঃ
চীন দেশে আগতে বৰ্জন করি অহা মার্কিন অর্থনীতির
সৈতে ১৯৭২ চনত সম্পর্ক করি আন্তৰ্জাতিক বাণিজ্যত চীনর প্রযুক্তি আরু অর্থনীতির
বিকাশ আরু উদ্গনি করিছিল । লগতে, আন্তর্জাতিক বানিজ্যর জরীয়তে রপ্তানি আরু আমদানির
জরীয়তে অর্থনীতিক স্থবিরতাসমূহ দূর করিবলৈ সক্ষম হৈছে ।
(ছ) প্রধানমন্ত্রী চৌ-এন-লায়র চারি আধুনিকীকরণ
প্রক্রিয়াঃ
১৯৭৩ চীনর প্রধানমন্ত্রী চৌ-এন-লায়ে চারিটা
খণ্ডর ওপরত চীনর অর্থনীতির সংস্কার সাধন করিছিল । সেই কেইটা হ’ল-কৃষি, উদ্যোগ,
বিজ্ঞান আরু প্রযুক্তি তথা সামরিক খণ্ড । তেওঁ আগতকৈ এই বিষয়কেইটির ওপরত অধিক
উন্নতিসাধন করিছিল ।
(জ)চীনা নেতা ডেং জিয়াওপিংর “মুক্ত দ্বার(Open
Door)” নীতিঃ
১৯৭৮
চনত চীনা নেতা ডেং জিয়াওপিংর “মুক্ত দ্বার(Open Door)” নীতির জরীয়তে
অর্থনৈতিক সংস্কারৰ বহুতো নতুন কাৰ্যসূচী গ্রহণ করিছিল । এই নীতির আলমেরে বহিঃদেশর
পরা পুঁজি আরু প্রযুক্তি বিনিয়োগর মাধ্যমেরে উৎপাদন বৃদ্ধি করিছিল ।
৪। তুমি ভাবানে যে অর্থনৈতিক সংস্কারে চীনর
প্রতিজনকে স্পৰ্শ করিছে ? কারণ দৰ্শোৱা ।
উত্তরঃ ১৯৭০ দশকর পাছর পরা চৌ-এন-লায় আরু চারি
আধুনিকীকরণ (১৯৭২ চন), ১৯৭৮ চনর ডেং জিয়াওপিংর “মুক্ত দোৱাৰ” নীতি আদি নতুন
সংস্কারর কাৰ্যসূচী গ্রহণ করিছে যদিও চীনর প্রতিজনকে স্পর্শ করা নাই বুলি মই ভাবো
। ইয়ার উল্লেখনীয় কারণসমূহ হ’লঃ
(ক) নিৱনুৱা সমস্যা বৃদ্ধিঃ
চীনত
সংস্কারর পাছতো নিৱনুৱা সমস্যা হ্রাস হোৱা নাছিল । সংস্থানহীন আরু সংস্থান বিচারি
থকা লোকর সংখ্যা ১০০ নিযুতলৈ বৃদ্ধি হৈছিল ।
(খ) মহিলার কৰ্মসংস্থানর দ্রুত অৱনতিঃ
চীনত
বহুতো সংস্কার হোৱাৰ পাছতো বহুতো মহিলাই কৰ্মসংস্থান পাই নাছিল ।
(গ) দেশর দুৰ্নীতিৰ প্রকোপ বৃদ্ধিঃ
চীনর
সংস্কারর পাছতো দেশত দুৰ্নীতিৰ প্রকোপ বৃদ্ধি দিনক দিনে বাঢ়ি যোৱা ঘটনাই সাধারণ
জনসাধারণক চিন্তিত করি তুলিছে ।
(ঘ) চহর
আরু গাঁৱৰ মাজত অর্থনৈতিক বৈষম্য বৃদ্ধিঃ
চীনর অর্থনৈতিক সংস্কারে চহর লোকরহে অধিক সুযোগ
প্রদান করা পরিলক্ষিত হৈছে । আনহাতে, গাঁৱসমূহ অতি কম পরিমাণেহে উন্নতি লাভ করিছে
।
(ঙ)কৃষিখণ্ডর বিকাশত আসোৱাহঃ
কৃষিখণ্ডর
সংস্কারর সাধন করা হৈছে যদিও দ্রুত উদ্যগীকরণর কারণে সাধারণ কৃষকে প্রয়োজনীয় মূলধন
লাভ করিবলৈ সক্ষম হোৱা নাছিল ।
(চ)পর্যাপ্ত উদ্যোগকরণর অভাৱঃ
নতুন
সংস্কারর নীতিসমূহ গ্রহণ করা হৈছে যদিও সকলো জনসাধারণর লোকর বাবে উপযুক্ত উদ্যোগর
অভাৱ হৈয়েই আছে ।
৫। ASEAN দর্শন ২০২০র
উপাদানসমূহ কি কি?
উত্তরঃ ASEAN দর্শন ২০২০র
উপাদানসমূহ হ’লঃ
(ক) অর্থনীতিঃ
ASEAN
দর্শন ২০২০র আটাইতকৈ মূল উপাদান হ’ল অর্থনীতি । আশা করা হৈছে যে
২০২০র ভিতরত ASEAN এ আমেরিকাক ছের পেলাব । লগতে, ২০২০র ভিতরত
আমেরিকাক পরাভূত করি বিশ্বর সর্ববৃহৎ অর্থনীতি সংগঠন হিচাপে প্রতিষ্ঠা লাভ করিব ।
(খ) বিজ্ঞান আরু প্রযুক্তি বিদ্যাঃ
ASEAN দর্শন ২০২০র আন এক উপাদান হ’ল বিজ্ঞান
আরু প্রযুক্তি বিদ্যা । ২০২০র ভিতরত ASEAB এক বিশ্বত সর্ববৃহৎ বিজ্ঞান আরু
প্রযুক্তিত আগস্থান দখল করিব ।
(গ) মার্কিন আধিপত্যর বিকল্প কেন্দ্র হিচাপেঃ
ASEAN
দর্শন ২০২০র ভিতরত এইটো আশা করা হৈছে যে সকলো বিষয়তে আমেরিকার এক
বিকল্প কেন্দ্র হিচাপে গঢ়ি উঠিব ।
(ঘ) আন্তর্জাতিক বাণ্যিজত শীর্ষস্থান দখলঃ
বর্তমান
যিটো গতিত ASEAN আগবাঢ়িছে ইয়ার জরীয়তে ধারণা করিব পারি যে ২০২০ ত গৈ ASEAN সকলো
সদস্যর রাষ্ট্রসমূহে আন্তর্জাতিক বাণ্যিজত আগবাঢ়িব ৷
(ঙ) বৃহৎ নিরাপত্তা সমাজ গঠনঃ
নিরাপত্তার দিশতো ২০২০র ভিতরত আমেরিকার সমভাৱে ASEAN
অৱস্থান করিব বুলি আশা করা হৈছে ।
(চ) এছিয়ানর এক বৃহৎ অর্থনৈতিক সমাজর গঠনঃ
ASEAN র আন এক দর্শন হ’ল- সদস্য রাষ্ট্রসমূহর সকলো
দিশর উন্নতির হকে এক শক্তিশালী অর্থনৈতিক সমাজর গঠন করিব ।
(ছ) এছিয়ানর এক বৃহৎ সামজিক-সাংস্কৃতিক গঠনঃ
(জ) সামূহিক আত্মনির্ভরশীলতা আরু অর্থনৈতিক
অনগ্রসরতা হ্রাসঃ
ASEAN র ২০২০র এন এক উল্লেখনীয় উপাদান হ’ল- ২০২০র ভিতরত
সকলো সদস্য রাষ্ট্রই সামূহিক আত্মনির্ভরশীলতা আরু অর্থনৈতিক অনগ্রসরতা করিব ।
৬। ASEAN ত ভারতর স্থিতি
আরু মৰ্যাদাৰ বিষয়ে লিখা ।
উত্তরঃ ১৯৬৭
চনত গঠন হোৱা ASEAN, আমেরিকার এক বিকল্প শক্তি হিচাপে বিশ্বত স্থাপন
হৈছিল । ASEAN অর্থাৎ দক্ষিণ-পূব এছিয় জাতি-সংস্থা গঠন হোৱা
সময়ত ভারতে অংশগ্রহণ করা নাছিল । পরৱৰ্তী পৰ্যায়ত, ১৯৯২ চনত ভারত আরু চীনে
কথা-বাৰ্তাৰ অংশীদার হিচাপে ASEAN ত যোগদান করিছিল । ভারত আরু চীনর
সহযোগর লগে লগে ASEAN এ বিশ্বর রাজনৈতিক আরু অর্থনৈতিক কেন্দ্রীয়
শক্তিক প্রত্যাহ্বান জনাবলৈ সক্ষম হৈছিল । লগতে, ভারত আরু চীনর উপস্থিতিত বিকাশর
সহযোগিতার এক এজেঞ্চি হিচাপে প্রতিষ্ঠা লাভ করিছে । ভারতর সহযোগে ASEAN ক
আরু শক্তিশালী রূপে গঢ়ি তুলিছিল । এছিয়ার একমাত্র রাজনৈতিক মঞ্চ স্বরূপে এছিয়ার
দেশসমূহর প্রধান শক্তি হিচাপে ASEAN এ গুরি ধরিছে ।বাহ্যিক বিষয়, প্রতিরক্ষা,
সংযোগ, বাণিজ্য, টেলিযোগাযোগ,
কৃষি, শক্তি, পরিৱেশগত সমস্যা আরু পর্যটন কেন্দ্রর ক্ষেত্র হিচাপে ASEAN ক ভারতে সহায় আগবঢ়াইছে । ভারতে ১০ খন ASEAN র সদস্য রাষ্ট্রর সৈতে এক দ্বি-পাক্ষিক সম্পর্ক অব্যাহত
রাখিছে ।
৭। ASEAN আঞ্চলিক মঞ্চর (ARE)
সদস্যসকল কোন ?
উত্তরঃ ১৯৬৭ চনত দক্ষিণ এছিয়ার পাচঁখন রাষ্ট্রর
সহযোগত ASEAN গঠন করা হৈছিল । এই দেশকেইখনর নাম হ’ল-
ইন্দোনেচিয়া, মালয়েছিয়া, ফিলিপাইন, ছিংগাপুর আরু থাইলেণ্ড । ১৯৮৪ চনর ৮ জানুৱাৰীত
ব্রুনেই দারুচালামে এই সংঘত যোগদান করিছিল । পরৱৰ্তী পৰ্যায়ত, ১৯৯৫ চনর ২২ জুলাই
তারিখে ভিয়েটনামে সপ্তম রাষ্ট্র হিচাপে ASEAN র সদস্য রাষ্ট্র
হিচাপে প্রতিষ্ঠিত হৈছিল । তার পাছতে, লাও পিডিআৰ, ম্যানমার আরু কম্বোডিয়া
রাষ্ট্রই ASEAN ত যোগদান করে । মুঠ ১০ খন সদস্য রাষ্ট্রর সৈতে ASEAN
এ বিশ্বত এক বিকল্প শক্তি হিচাপে প্রতিষ্ঠিত হৈছিল । পরৱৰ্তী
পৰ্যায়ত, ১৯৯২ চনত ভারত আরু চীনে কথা-বাৰ্তাৰ অংশীদার হিচাপে ASEAN ত
যোগদান করিছিল । ভারত আরু চীনর সহযোগর লগে লগে ASEAN এ বিশ্বর
রাজনৈতিক আরু অর্থনৈতিক কেন্দ্রীয় শক্তিক প্রত্যাহ্বান জনাবলৈ সক্ষম হৈছিল ।ভারত আরু চীনে ১০ খন ASEAN র সদস্য রাষ্ট্রর সৈতে এক দ্বি-পাক্ষিক সম্পর্ক অব্যাহত
রাখিছে ।
৮। ইউরোপীয় অর্থনৈতিক সম্প্রদায় (EEC) গঠন
করা রোমর সন্ধিত স্বাক্ষর করা দেশ ছখনর নাম লিখা ।
অথবা ইউরোপীয় অর্থনৈতিক সম্প্রদায় (EEC)ৰ ওপৰত টোকা লিখা ।
উত্তরঃ ইউরোপীয় দেশসমূহর মাজত রাজনৈতিক আরু
অর্থনৈতিক সহযোগিতা বঢ়াবৰ বাবে ১৯৫৭ চনত ইউরোপীয় অর্থনৈতিক সম্প্রদায় (European
Economic Community) গঠিত হৈছিল । এই সম্পদায় রোমর সন্ধিত স্বাক্ষর
করা ছখন সদস্য রাষ্ট্রর জরীয়তে প্রতিষ্ঠা লাভ করিছিল । সেই কেইখন হ’ল-বেলজিয়াম,
ফ্রান্স, ইটালি,, লাক্সেমবার্গ,
নেদারল্যান্ডস আরু পশ্চিম জার্মানি । এই সম্প্রদায়র প্রাথমিক লক্ষ্য আছিল ছয় প্রতিষ্ঠাতা সদস্যর মাজত এখন সাধারণ
বাজার আরু শুল্ক ইউনিয়ন সহ অর্থনৈতিক সংহতকরণ বা সংহতি করা । লগতে,
১৯৬৫ চনর মার্জার সন্ধি
(ব্রাসেলস চুক্তি) { Merger Treaty (Treaty of Brussels)} র অধীনত ইউরোপীয় সম্প্রদায়ের অন্যতম হিচাপে এক ইউরোপীয় কয়লা আরু ইস্পাত সম্প্রদায় (ইসিএসসি)
আরু ইউরোপীয় পরমাণু শক্তি সম্প্রদায় (ইউর্যাটম)
র সমসামতিকভাৱে প্রতিষ্ঠা লাভ কৰিছিল 1993 চনত এক সম্পূর্ণ একক বজার হিচাপে ইউরোপীয় দেশসমূহর মাজত প্রতিষ্ঠিত হয় । অভ্যন্তরীণ বজার হিচাপে পরিচিত, এই সংস্থার
মাধ্যমেরে EEC র সদস্য রাষ্ট্রসমূহর মাজত পণ্য,
মূলধন, পরিসেৱা
আরু অবাধ চলাচলর জরীয়তে রাজনৈতিক আরু অর্থনৈতিক ক্ষেত্রখন শক্তিশালী করা হৈছিল । 1994 চনত চুক্তির মাধ্যমে অভ্যন্তরীণ বাজারখন আনুষ্ঠানিকভাবে প্রতিষ্ঠিত হয় । ইয়ারোপরি,
ইউরোপীয় মুক্ত বাণিজ্য সংস্থার অধিকাংশক সদস্য দেশকে অন্তর্ভুক্ত করার কারণে অভ্যন্তরীণ বাজারখন প্রসারিত হয় । ২০০৯ চনত EEC র প্রতিষ্ঠানসমূহ ইউরোপীয়ান সংঘর লগত মিলি যায় আরু এই সম্প্রদায়টির অস্তিত্ব ক্রমে হ্রাস পায় ।
১০। ১৯৬৭ চনত ASEAN প্রতিষ্ঠা করা
দেশ পাঁচখনর নাম লিখা ।
উত্তরঃ same as 7
১১। ASEAN সম্প্রদায়টোর
স্তম্ভর নাম আরু উদ্দেশ্যসমূহ লিখা ।
উত্তরঃ দক্ষিণ-পূব এছিয়ার দেশসমূহর মাজত
রাজনৈতিক আরু অর্থনৈতিক সংস্কারর বাবে বাণ্ডুং(Bandung) অধিৱেশন আরু
গোষ্ঠী নিরপেক্ষ আন্দোলন গঢ়ি উঠিছিল । ইয়ার পরৱৰ্তী পৰ্যায়ত অধিক সংস্কারর আশারে
দক্ষিণ-পূব এছিয়ার দেশসমূহর সহযোগত “দক্ষিণ-পূব এছিয় জাতীয় সংস্থা” (ASEAN)
গঠন করা হৈছিল ।
“দক্ষিণ-পূব
এছিয় জাতীয় সংস্থা” (ASEAN) র মুখ্য লক্ষ্য আরু উদ্দেশ্যসমূহ হ’লঃ
(ক) ASEAN র রাষ্ট্রসমূহর
ক্ষিপ্রগতিত অর্থনৈতিক উন্নিয়ণর যোগেদি সামজিক আরু সাংস্কৃতিক উন্নয়ণ সাধন করা ।
(খ) দ্বিতীয়টো মূল উদ্দেশ্য আছিল- আইনর শাসন
আরু রাষ্ট্রসংঘর চনদর নীতির ওপরত নির্ভর করি আঞ্চলিক শান্তি আরু স্থিরতা রক্ষা করা
।
(গ) ASEAN র
সদস্যরাষ্ট্রবোরর অর্থনৈতিক উন্নয়ণ দ্রুতমুখী করা ।
(ঘ) উমৈহতীয়া আঁচনিসমূহর সহায়ত আঞ্চলিক,
সামাজিক আরু সাংস্কৃতিক দিশত বিকাশ ঘটোৱা ।
(ঙ)ASEAN র রাষ্ট্রবোরর
মাজত সামূহিক আত্মনির্ভরশীলতা বৃদ্ধি আরু বর্তাই রখা ।
(চ) আন উন্নয়ণশীল রাষ্ট্রসমূহর সৈতে সহযোগিতা
শক্তিশালী করা ।
১২। গোলকীয় স্তরত চীনা অর্থনৈতিক স্বীকৃত
প্রদান করা সহায়কারী উপাদানবোর লিখা ।
উত্তরঃ same as 3 answer
১৩। “ইউরোপীয় সংঘ হ’ল এটা অর্থনৈতিক সংঘতকৈ
অধিক একজাতি রাষ্ট্রহে”- যুক্তিযুক্ততা প্রতিপন্ন করা ।
উত্তরঃ same as 1 answer
১৫। চীনা অর্থনীতির উত্থান বিশ্বশক্তির প্রতি
তৃতীয় বিকল্প হৈ পরিছিল কিদরে ?
উত্তরঃ same as 3
১৬। ভৌগলিক সন্নিকটে আঞ্চলিক সংগঠনর গঠনক
প্রভাবিত করে কিদরে ?
উত্তরঃ ভৌগলিক সন্নিকটে আঞ্চলিক সংগঠনর গঠনক প্রভাবিত
করে । যদি সামি লক্ষ্য করো তেতিয়া স্পষ্ট যে
প্রায়বোর আঞ্চলিক সংগঠন ভৌগলিক সন্নিকটর মাধ্যমেরে প্রতিষ্ঠিত হৈছে ।
উদাহরণস্বরূপে- ইউরোপীয় সংঘর কথা কব পরা যায় । ইউরোপীয় সংঘ সাধারণতে ইউরোপীয়
দেশসমূহর সংস্কার আরু উন্নতি বা উন্নয়ণর বাবে গঢ়ি উঠিছিল । লগতে, ASEAN, যিটো
আঞ্চলিক সংগঠন দক্ষিণ-পূব এছীয়ার দেশসমূহর অর্থনীতি, রাজনীতির আরু আন সামূহিক
দিশসমূহর উন্নতির অর্থে স্থাপন করা হৈছিল । ইয়ারোপরি, সাত ভনীরে পরিচিত এক ভৌগোলিক
অনুষ্ঠান হ’ল উত্তর পূব অর্থাৎ “North East” র কথাকো কব পারি
। সেয়েহে, দেখা যায় যে প্রায়বোর আঞ্চলিক সংগঠন ভৌগলিক সন্নিকটে গঠনক প্রভাবিত করে ।
১৭। দ্বিতীয় বিশ্বযুদ্ধর পিছত ইউরোপত দেখা দিয়া
প্রধান প্রত্যাহ্বানবোর কি কি ?
উত্তরঃ দ্বিতীয় বিশ্বযুদ্ধর পিছত ইউরোপত
বিভিন্ন প্রত্যাহ্বানর সন্মুখীন হব লগা হৈছিল । তার ভিতরত উল্লেখযোগ্য প্রধান
প্রত্যাহ্বানসমূহ হ’লঃ
(ক)দ্বিতীয় বিশ্বযুদ্ধর বিভিন্ন যুদ্ধ-বিগ্রহে
ইউরোপর দেশসমূহর সকলো দিশতে ব্যপক ক্ষতিসাধন করিছিল ।
(খ) ইউরোপর অর্থনীতি সম্পূর্ণরূপে ভাঙি চূর-মার
হৈছিল ।
(গ) দ্বিতীয় বিশ্বযুদ্ধর পৰৱৰ্তী সময়ক্ষণত
ইউরোপীয় রাষ্ট্রসমূহর ভৱিষ্যতক লৈ বিভিন্ন চিন্তা-চর্চা আরু সংকিত হৈ পরিছিল ।
(ঘ) সেই সময়ত ইউরোপীয় দেশসমূহর মাজত দুই বিকল্প
আছিল । প্রথমতো হ’ল- ‘ইতিমধ্যে চলিত হৈ থকা বিরোধ ভাবেরে সময়ে সময়ে প্রয়োজন অনুসরি
যুদ্ধত লিপ্ত হোৱা ।
(ঙ) লগতে, আন এক বিকল্প আছিল- সকলো রাষ্ট্রর
লগত সহযোগিতারে এক আনুষ্ঠানিক আধার আরু আন্তর্জাতিক ইতিবাচক পরিৱেশর সৃষ্টি করা ।
(চ)দ্বিতীয় বিশ্বযুদ্ধর পাছত, ইউরোপীয় দেশসমূহত
খাদ্য সংকট, অর্থনৈতিক অনগ্রসরতা, দরিদ্রতার প্রকোপ আদি বিরোপ প্রভাৱসমূহে দেখা
দিছিল ।
১৮। ইউরোপীয়ান ইউনিয়ন সময়র লগে লগে আর্থিক সংঘর
পরা বৰ্দ্ধিত রাজনৈতিক সংঘলৈ পরিৱৰ্তিত হৈছে ।”- বহলাই লিখা ।
উত্তরঃ same as 1
১৯। ASEAN অর্থনৈতিক
সম্প্রদায়র উদ্দেশ্যসমূহ কি কি?
উত্তরঃ same as 11
২০। চীনদেশত চৌ এন লাইয়ে আগবঢ়োৱা চারিটা
আধুনিকীকরণ ব্যৱস্থা উল্লেখ করা ।
উত্তরঃ same as 2
২১। স্থবিরতা দূর করিবলৈ চীন দেশে গ্রহণ করা
অর্থনৈতিক নীতির বিষয়ে চমুকৈ আলোচনা করা ।
উত্তরঃ same as 3
২২। চীনদেশত অর্থনৈতিক সংস্কারে প্রতিজনক
স্পর্শ করিছে বুলি তুমি ভাবানে? যুক্তি দৰ্শোৱা ।
উত্তরঃ same as 4
২৩। পঞ্চশীল বুলিলে কি বুজা ?
উত্তরঃ পঞ্চশীল বুলিলে কোনো পাঁচটা নীতি বা
আদর্শ বা গোটক বুজা যায় । আন্তর্জাতিক রাজনীতিত ইয়ার অর্থ ভারত আরু চীনর মাজত হোৱা
দ্বি-পাক্ষিক চুক্তির পাঁচটা নীতিক জনা যায় যি গোষ্ঠী নিরপেক্ষ আন্দোলনর মূল আধার
আছিল । এই নীতি কেইটা হ’লঃ
(ক) দুখন দেশর ভৌগোলিক অখণ্ডতা আরু
সাৰ্বভৌমত্বৰ প্রতি পারস্পরিক সন্মান;
(খ) পারস্পরিক নি-আগ্রাসন;
(গ) আভ্যন্তরীণ ঘটনাত পারস্পরিক নি-হস্তক্ষেপ;
(ঘ) সমতা আরু পারস্পরিক সুযোগ-সুবিধা;
(ঙ) শান্তিপূর্ণ সহঅৱস্থান ।
২৪। ASEAN র লক্ষ্য আরু
উদ্দেশ্যসমূহ কি কি ?
উত্তরঃ same as 11
দীঘলীয়া উত্তরর আদর্শ প্রশ্নঃ (৬ নম্বরর)
১। ASEAN সম্প্রদায় কি ? ASEAN
সম্প্রদায়র তিনিটা স্তম্ভর বিষয়ে চমুকৈ আলোচনা করা ।
উত্তরঃ ১৯৬৭ চনত দক্ষিণ এছিয়ার পাচঁখন রাষ্ট্রর
সহযোগত ASEAN গঠন করা হৈছিল । এই দেশকেইখনর নাম হ’ল-
ইন্দোনেচিয়া, মালয়েছিয়া, ফিলিপাইন, ছিংগাপুর আরু থাইলেণ্ড । পাছলৈ ১০ খন রাষ্ট্রর
সদস্যতারে লগতে চীন আরু ভারতর সহযোগর মাধ্যমেরে আমেরিকার এক বিকল্প কেন্দ্র হিচাপে
বিশ্বত প্রতিষ্ঠা লাভ করিছিল । দক্ষিণ এছিয়ার দেশসমূহর অর্থনৈতিক, সাংস্কৃতিক,
সামাজিক আরু রাজনৈতিক আদি সকলো দিশর উন্নতির অর্থে এই প্রতিষ্ঠানটোর স্থাপন করা
হৈছিল ।
ASEAN সম্প্রদায়র প্রধান তিনিটা স্তম্ভ হ’লঃ
(ক)নিরাপত্তা সমাজঃ
ASEAN
সম্প্রদায়র এই স্তম্ভর জরীয়তে ASEAN সম্প্রদায়র সকলো
নিরাপত্তা মূলক নীতি আরু কাৰ্যসূচী গ্রহণ করা হয় । লগতে, এই সম্প্রদায়র সদস্য
রাষ্ট্র সকলোবোর নিরাপত্তাজনীত সমাধান এই স্তম্ভটোয়ে পরিচালিত করে ।
(খ) এছিয়ান অর্থনৈতিক সমাজঃ
এছিয়ানর
এই স্তম্ভটোর জরীয়তে এছিয়ানর অর্থনৈতিক দিশর সকলো নীতি আরু আদর্শ গঠন করে । লগতে,
অর্থনীতি নতুন চুক্তি আরু পরামর্শসমূহ এই স্তম্ভইয়ে প্রদান করে ।
(গ) এছিয়ান সামাজিক-সাংস্কৃতিক সমাজঃ
এছিয়ান
সামাজিক-সাংস্কৃতিক সমাজ স্তম্ভয়ে এছিয়ান সদস্য রাষ্ট্রসমূহর সামাজিক-সাংস্কৃতিক
দিশত উন্নতি সাধন করে । লগতে, এছিয়ান সামাজিক-সাংস্কৃতিক সমাজর রীতি-নীতিত ব্যাহত
নোহোৱাকৈ পারস্পরিক সন্মানর জরীয়তে অটুট রাখে ।
২। ক্ষমতার তিনিটা প্রধান বিকল্প কেন্দ্রর
ভূমিকার বিষয়ে চমুকৈ আলোচনা করা ।
উত্তরঃ ক্ষমতার তিনিটা প্রধান বিকল্প কেন্দ্র
হ’লঃ
ASEAN:
১৯৬৭ চনত দক্ষিণ এছিয়ার পাচঁখন রাষ্ট্রর সহযোগত
ASEAN গঠন করা হৈছিল । এই দেশকেইখনর নাম হ’ল- ইন্দোনেচিয়া, মালয়েছিয়া,
ফিলিপাইন, ছিংগাপুর আরু থাইলেণ্ড । পাছলৈ ১০ খন রাষ্ট্রর সদস্যতারে লগতে চীন আরু
ভারতর সহযোগর মাধ্যমেরে আমেরিকার এক বিকল্প কেন্দ্র হিচাপে বিশ্বত প্রতিষ্ঠা লাভ
করিছিল । দক্ষিণ এছিয়ার দেশসমূহর অর্থনৈতিক, সাংস্কৃতিক, সামাজিক আরু রাজনৈতিক আদি
সকলো দিশর উন্নতির অর্থে এই প্রতিষ্ঠানটোর স্থাপন করা হৈছিল ।
ইউরোপীয় সংঘ:
পশ্চিম
ইউরোপর দেশর সর্ব দিশর বিকাশর অর্থে ১৯৯২ চনত ইউরোপীয় সংঘ (European Union) গঠন করা হৈছিল । “সময়র লগে লগে
ইউরোপীয় সংঘ এটা অর্থনৈতিক সংঘর পরা এক বর্ধিত রাজনৈতিক সংঘলৈ বিকশি উঠিছে । ”ইউরোপীয়
সংঘর নিজা ইউরোপীয় মুদ্রা “ইউরো” আছে । ইয়ার
লগে লগে ইউরোপীয় সংঘর উমৈহতীয়া পতাকা, জাতীয় সংগীত আরু প্রতিষ্ঠা দিৱস আছে ।
বর্তমান, অর্থনৈতিক, রাজনৈতিক, সামাজিক, সাংস্কৃতিক আদি সকলো দিশতে আমেরিকার এক
বিকল্প শক্তি হিচাপে গঢ়ি উঠিছে ।
ব্রীকছ্ (Brics):
আন্তর্জাতিক বাণিজ্য আরু রাজনীতি সংস্কারর বাবে
২০০৯ চনর জুনত ভারত, চীন, রাছিয়া আরু ব্রাজিল, এই চারিখন দেশে রাছিয়ার য়াকেটেৰিনবাৰ্গত
ব্রীকছ্ (Brics) গঠন করে । আন্তর্জাতিক
বিত্তীয় প্রতিষ্ঠানবোরর সংস্কার আরু বিশ্ব অর্থনৈতিক উন্নয়ণর জরিয়তে আমেরিকার এক
বিকল্প ক্ষমতার কেন্দ্র হিচাপে বিশ্বত প্রতিষ্ঠা লাভ করিছে । ২০১৪ চনর জুলাই মাহত অনুষ্ঠিত ষষ্ঠ সন্মিলনর মাধ্যমেরে আন্তর্জাতিক
মুদ্রানিধি (IMF) আরু বিশ্ব বেংক(World Bank) র
বিকল্প স্বরূপে ১০০ বিলিয়ন মার্কিন ডলারর ব্রীকচ্ উন্নয়ন বেংক গঠনর চুক্তিত
স্বাক্ষর করে । ব্রাজিলর ফৰটালেজাত অনুষ্ঠিত হোৱা এই অধিৱেশনত ভারতর নরেন্দ্র
মোদ্রীয়েও এই চুক্তিত স্বাক্ষর করিছিল । আধা দশক জুরি অব্যাহত থকা এই বিকল্প
কেন্দ্রটোর পরৱৰ্তী অধিৱেশন হব রাছিয়াত ।
৩। ভারত-চীন সম্পর্কর বিষয়ে এটা টোকা লিখা ।
উত্তরঃ
তিব্বতক চীনে নিজর কৰ্তৃত্বলৈ অনা, অরুণাচল প্রদেশ আরু লাডাখর আকচাই চীনর সীমা
বিবাদ, চীনর বাংলাদেশ আরু ম্যানমার সম্পর্ক, ব্রহ্মপুত্র ভেঁটি বান্ধ নির্মাণ আদি
বিষয়সমূহর ওপৰত চীন আরু ভারতর বিবাদ আছে বা আছিল যদিও দুয়ুখন দেশর মাজত সম্পর্কও
পরিলক্ষিত হয় ।
১৯৮৮ চনর রাজীৱ গান্ধীর চীনর ভ্রমণ, ২০১৪ চনর
চীনর রাষ্ট্রপতি জি. জিনপিঙৰ ভারত ভ্রমণ আরু ২০১৯ চনর অক্টোবর ১১-১২ তারিখর জি.
জিনপিঙৰ (H.E. Mr. Xi Jinping)ভ্রমণ কাৰ্যই দুয়ুখন
দেশর মাজত এক পারস্পরিক সম্পর্ক গঢ়ি তুলিছে । “হিন্দী-চীনা ভাই-ভাই” শ্লগানে
প্রতিষ্ঠিত দুয়ুখন দেশে বিজ্ঞান-প্রযুক্তি আরু বাণিজ্যক আদান-প্রদানর নিমিত্তে
সীমান্তর চারিটা অঞ্চল মুকলি করি দিছে । ১৯৯৯ চনর পরৱৰ্তী সময়র পরা ভারত আরু চীনর
বাণিজ্যর সম্পর্কর পরিমাণ বছরি ৩০ শতাংশ হারত বৃদ্ধি হৈছে । ভারত আরু চীনর
দ্বিপাক্ষিক বাণিজ্যর পরিমাণ ১৯৯২ চনত ৩৩৮ নিযুত মার্কিন ডলার ($338
million) আছিল । ২০০৬ চনত ইয়ার পরিমাণ ১৮ বিলিয়নলৈ বৃদ্ধি পাইছিল ।
২০১৪ চনর চীনর লগত থকা সম্পর্কর মাধ্যমেরে ৫০
খন চহরত দ্রুতগামী বুলেট রেল আরু মেট্রো রেলর আরম্ভণি করিছিল । লগতে, সুলভ মূল্যর
গৃহ নির্মাণর কৌশল সমূহো ভারতে চীনর পরাই লৈছে । ২০০৯ চন গঠিত হোৱা ব্রীকছ্(Brics)
আরু ১৯৬৭ চনত গঠিত হোৱা ASEAN র মাধ্যমেরেও
দুয়ুখন দেশর মাজত এক সুসম্পর্ক বিরাজমান । মুঠতে, দুয়ুখন দেশর মাজত থকা অর্থনৈতিক,
সামাজিক, সাংস্কৃতিক, রাজনৈতিক আদি সকলো দিশসমূহে বিশ্বত এক সুকীয়া স্থান দখল করি
আহিছে ।
৪। ASEAN সম্পদ্রায় গঠনর
প্রচেষ্টার বিষয়ে চমুকৈ লিখা ।
উত্তরঃ
দ্বিতীয় বিশ্বযুদ্ধর সময়ত দক্ষিণ-পূব এছিয়াই ইউরোপ আরু জাপানর ঔপনিবেশিক শাসনর
বাবে অর্থনৈতিক আরু রাজনৈতিক ক্ষেত্রত নানান সমস্যা আরু যন্ত্রণার সন্মুখীন হব লগা
হৈছিল । দ্বিতীয় যুদ্ধর পাছত দক্ষিণ-পূব এছিয়ার রাষ্ট্রসমূহর মাজত জাতি গঠনর
সমস্যাই বারুকৈয়ে সমস্যাত পেলাইছিল । লগতে, দ্বিতীয় যুদ্ধর প্রভাৱে দরিদ্রতার
সমস্যা, অর্থনৈতিক অনগ্রসরতা, অর্থনৈতিক স্থবিরতা আদি সমস্যাসমূহর ভুগিব লগা হৈছিল
। সমসাময়িক ভাৱে, কোনো এক শক্তি গোষ্ঠীত সহযোগ করার বাবে এই দেশবোরক হেচা প্রয়োগ করিছিল
।
এই
রাষ্ট্রসমূহ তথা তৃতীয় বিশ্বর দেশসমূহর মাজত সহযোগিতা আনিবর নিমিত্তে বাণ্ডুং আরু
গোষ্ঠী নিরপেক্ষ আন্দোলন গঢ়ি তুলা হৈছিল যদিও সম্পূর্ণরূপে সফলতা লাভ করাত সক্ষম
হোৱা নাছিল । এনে পরিস্থিতিতে দক্ষিণ-পূব এছিয়ার ৫ রাষ্ট্র ক্রমে ইন্দোনেছিয়া,
মালয়েছিয়া, ফিলিপাইন, ছিংগাপুর আরু থাইলেণ্ডে ১৯৬৭ চনত “দক্ষিণ-পূব এছিয় জাতীয়
সংস্থা” (ASEAN) গঠন করিছিল । ১৯৮৪ চনত ব্রুনেই দারুচালামে (Brunai
Darussalam), ১৯৯৫ চনর ২২ জুলাইত ভিয়েটনাম আরু তার পরৱৰ্তী পৰ্যায়ত লাও পিডিআর,
মায়ানমার আরু কম্বোডিয়াই এছিয়ান যোগদান করিছিল । কথাবার্তার অংশীদার হিচাপে পাছত
ভারত আরু চীনে “দক্ষিণ-পূব এছিয় জাতীয় সংস্থা” (ASEAN)ত যোগদান করিছিল
।
এই
সংস্থার প্রথম মূল উদ্দেশ্য আছিল- ক্ষিপ্রগতিত অর্থনৈতিক উন্নয়নর জরিয়তে সামাজিক
আরু সাংস্কৃতিক উন্নতি সাধন করা । এছিয়ান(ASEAN) র দ্বিতীয়টো
উদ্দেশ্য আছিল- আইনর শাসন আরু রাষ্ট্রসংঘর চনদর নীতির ওপরত ভিত্তি করি আঞ্চলিক
শান্তি আরু স্থিরতা রক্ষা করা । বর্তমান সময়ত, আমেরিকার এক বিকল্প কেন্দ্র হিচাপে
“দক্ষিণ-পূব এছিয় জাতীয় সংস্থা” (ASEAN) য়ে প্রতিষ্ঠা লাভ করিছে ।
৫। ভারত আরু চীনর মাজর বিবদমান বিষয়বোর আগবঢ়োৱা ।
উত্তরঃ ভারত আরু চীনর মাজত সুসম্পর্ক থাকিলেও
বহুতো ক্ষেত্রত দুয়ুখন দেশর মাজত বিবাদ সংঘটিত হোৱা পরিলক্ষিত হয়। এইসমূহর ভিতরত
উল্লেখযোগ্যসমূহ হ’লঃ
(ক) তিব্বতক লৈ সমস্যাঃ
১৯৫০
চনত চীনে তিব্বতক নিজর কৰ্তৃত্বলৈ নিয়ার বাবে পরিকল্পনা করিছিল । সেয়েহে এই বিষয়ক
লৈ দুয়ুখন দেশর মাজত মতানৈক্য হৈছিল ।
(খ) অরুণাচল প্রদেশ আরু লাডাখর আকচাই চীনর
বিবাদঃ
১৯৬২
চনত অরুণাচল প্রদেশ আরু লাডাখর আকচাই চীনক লৈ দুয়ুখন দেশর মাজত সীমা বিবাদ সংঘটিত
হৈছিল । এই যুদ্ধত চুক্তি করা হৈছিল যদিও সম্পূর্ণরূপে ইয়ার সমাধান হোৱা নাছিল ।
(গ) পাকিস্তানক লৈ সমস্যাঃ
চীনে
পাকিস্তানর পারমাণৱিক শক্তি প্রতিষ্ঠার ক্ষেত্রত সহায় করার বাবে ভারত ইয়ার বাবে
অসন্তুষ্ট হয় । লগতে, পাকিস্তানর লগত থকা সুসম্পর্কই দুয়ুখন দেশর মাজত সন্দেহ আরু
সংশয়র লগত যুদ্ধত অবতাৰণা করিছে ।
(ঘ) বাংলাদেশ আরু ম্যানমারক লৈ সমস্যাঃ
চীনে
বাংলাদেশ আরু ম্যানমারর লগত করা সামরিক সম্পর্কই ভারতক সংকিত করিও তুলিছে । লগতে,
দুয়ুখন দেশর মাজত বিরোপ প্রভাৱ পেলাইছে ।
(ঙ) চীনর পরা অহা ভাবুকির সমস্যাঃ
ভারতে
পাকিস্তান আরু চীনর যুটীয়া প্রচেষ্টারে আক্রমণর এক ভয়াবহ আশংকা প্রকাশ করিছে ।
লগতে, প্রতি মুহূৰ্ততে সীমারে আক্রমণ করার এক ভয়ে বিরাজমান হৈ আছে ।
(চ) শেহতীয়া বিবাদঃ
সাম্প্রতিক
কালত, ব্রহ্মপুত্র নদীক লৈ দুয়ুখন দেশর মাজত বিতর্কই দেখা দিছে । চীনে
ব্রহ্মপুত্রক ভেঁটি বান্ধ নির্মাণ করার এক শংকা ভারতে অনুভৱ করিছে । কিন্তু
কেন্দ্রীয় চরকারে এইবোর বাতরি ভিত্তিহীন বুলি প্রকাশ করিছে যদিও এক আশংকার সন্দেশ
প্রকাশ করিছে ।
এইদরে
বিভিন্ন বিষয়র ওপরত ভারত আরু পাকিস্তানর মাজত বিবাদ আরু বিতর্কই দেখা দিছে ।
৬। শিরোনামর অধীনত ইউরোপীয় সংঘর বিষয়ে
টোকা লিখা ।
উত্তরঃ ১ নং উত্তর, (৪ নম্বরর )
৭। ইউরোপীয় সংঘর প্রভাৱৰ প্রধান ক্ষেত্রবোর কি
কি ? বিশদভাবে আলোচনা করা ।
উত্তরঃ ইউরোপীয় সংঘক বিভিন্ন প্রধান
ক্ষেত্রবোরে এক উচ্চ প্রভাৱশালী আঞ্চলিক সংগঠন হিচাপে গঢ়ি তুলিছে । ইউরোপীয় সংঘর
প্রভাৱৰ প্রধান ক্ষেত্রবোর হ’লঃ
(ক) সামাজিক ক্ষেত্রঃ
ইউরোপীয়
দেশসমূহর মাজত সামাজিক সহযোগিতা বিরাজমান হৈ আছে । এই দেশসমূহর মাজত সকলো সামাজিক
সহযোগিতা আরু সহায়েরে সদস্য রাষ্ট্রসমূহর মাজত এক শক্তিশালী কেন্দ্র হিচাপে
প্রতিষ্ঠিত হৈ আছে ।
(খ) অর্থনৈতিক ক্ষেত্রঃ
ইউরোপীয়
দেশসমূহর মাজত অর্থনৈতিক উন্নয়ণর বাবেই ১৯৫৭ চনত ইউরোপীয় সংঘর এক পূর্ব সংস্থান
“ইউরোপীয় অর্থনৈতিক সম্প্রদায়” গঠন হৈছিল । পরৱৰ্তী সময়ত, ইউরোপীয় সংঘর অর্থনীতি
বিশ্বর আটাইতকৈ বৃহৎ অর্থনীতি হিচাপে গঢ়ি উঠিছিল । ২০০৫ চনলৈ ইউরোপীয় সংঘর সর্বমুঠ
ঘরুৱা উৎপাদন (GDP-Gross Domestic Product) আছিল- ১২
ত্রিলিয়ন মার্কিন ডলার ($ 12 Trillion) ।
(গ) রাজনৈতিক ক্ষেত্রঃ
ইউরোপীয় দেশসমূহর উমৈহতীয়া বৈদেশিক আরু
নিরাপত্তা নীতি, ন্যায় আরু দেশসমূহর স্বার্থরে রাজনৈতিক দিশতো ইউরোপীয় সংঘ এক
বিকল্প শক্তি কেন্দ্র হিচাপে প্রতিষ্ঠিত হৈছিল । উমৈহতীয়া পতাকা, জাতীয় সংগীত,
প্রতিষ্ঠা দিন, উমৈহতীয়া মুদ্রা (ইউরো) আদির সহযোগৎ বিশ্ব রাজনীতিত এক সুকীয়া
স্থান দখল করিছে ।
(ঘ) বাণিজ্যর ক্ষেত্রঃ
আন্তর্জাতিক
বাণিজ্যর ক্ষেত্রত মার্কিন যুক্তরাষ্ট্র আরু চীনতকৈ তিনিগুণ শক্তিশালী রূপে
ইউরোপীয় সংঘ প্রতিষ্ঠিত হৈছে । বিশ্ব বাণিজ্য সন্থার মঞ্চর ক্ষেত্রতো এই সংঘই এক
বৃহৎ শক্তিরূপে প্রতিষ্ঠা করিছে ।
(ঘ) আন্তঃরাষ্ট্রীয় ভূমিকা আরু কূটনৈতিক
ক্ষেত্রঃ
ইউরোপীয়
সংঘর দুখন সদস্য রাষ্ট্র বৃটেইন আরু ফ্রান্স রাষ্ট্রসংঘর নিরাপত্তা পরিষদর স্থায়ী
সদস্য আরু ইউরোপীয় সংঘর বহুরাষ্ট্র রাষ্ট্রসংঘর অস্থায়ী সদস্য । সেয়েহে
আন্তঃরাষ্ট্রীয় নিরাপত্তা, বিবাদ, কূটনৈতিক ক্ষেত্র আদির দিশত ইউরোপীয় সংঘর ক্ষমতা
আরু প্রভাব অপরিসীম ।
(ঙ) সামরিক ক্ষেত্রঃ
সামরিক ক্ষেত্রত ইউরোপীয় সংঘর বাহিনী “বিশ্বর
দ্বিতীয় বৃহৎ সামরিক বাহিনী”। সামরিক ক্ষেত্রত ব্যয়ৰ পরিমাণ আমেরিকার পাছতেই স্থান
দখল করিছিল । পারমাণৱিক শক্তির ক্ষেত্রত বৃটেইন আরু ফ্রান্স মিলি ৫৫০ আণৱিক
ৱাৰহেডচ্ (Warheads) আছে । মহাকাশ আরু প্রযুক্তির দিশতো আমেরিকার
সমসাময়িকভাৱে স্থান দখল করিছে ।
(চ) সামাজিক-সাংস্কৃতিক ক্ষেত্রঃ
ইউরোপীয়
সংঘই আন্তর্জাতিক সমস্যা আরু প্রত্যাহবান সমূহর বহু দিশত সমাধান করি আহিছে । চীনর
লগত হোৱা মানৱ অধিকার আরু পরিৱেশ রক্ষণাবেক্ষণৰ ক্ষেত্রত ইউরোপীয় সংঘই মুখ্য
ভূমিকা গ্রহণ করিছে ।
৮। কিহে ইউরোপীয় সংঘক এক উচ্চ প্রভাৱশালী
আঞ্চলিক সংগঠন করি তুলিছে?
উত্তরঃ same as 7 or above
৯। EU র রাজনৈতিক আরু কূটনৈতিক প্রভাৱৰ বিষয়ে
লিখা ।
উত্তরঃ আনবোর ক্ষেত্রর দরে রাজনৈতিক আরু
কূটনৈতিক ক্ষেত্রতো ইউরোপীোয় সংঘই প্রভাৱ বিস্তার করিছে । ইউরোপীয় সংঘর দুখন সদস্য
রাষ্ট্র বৃটেইন আরু ফ্রান্স রাষ্ট্রসংঘর নিরাপত্তা পরিষদর সদস্য রাষ্ট্র । লগতে,
ইউরোপীয় সংঘর বহুবোর রাষ্ট্র রাষ্ট্রসংঘর অস্থায়ী সদস্য হিচাপে ভূমিকা গ্রহণ করিছে
। নিরাপত্তা পরিষদর কোনো রাজনৈতিক আরু কূটনৈতিক চুক্তি আরু সিদ্ধান্তত ইউরোপীয়
সংঘর এই রাষ্ট্রবোরে ভূমিকা গ্রহণ করিছে । লগতে, ইরাণর পারমাণৱিক নীতির ক্ষেত্রত
মার্কিন যুক্তরাষ্ট্রর স্থিতি কি হোৱা উচিত বা হ’ব সেই দিশত ইউরোপীয় সংঘই মুখ্য
ভূমিকা গ্রহণ করিছিল । ইউরোপীয় সংঘর ক্ষমতা আরু কূটনৈতিক কৌশলর মাধ্যমেরে বহুতো আন্তর্জাতিক
সমস্যা আরু প্রত্যাহ্বানসমূহ সমাধান করাত সফল হৈছিল ।ইউরোপীয় সংঘই আন্তর্জাতিক
সমস্যা আরু প্রত্যাহবান সমূহর বহু দিশত সমাধান করি আহিছে । চীনর লগত হোৱা মানৱ
অধিকার আরু পরিৱেশ রক্ষণাবেক্ষণৰ ক্ষেত্রত ইউরোপীয় সংঘই মুখ্য ভূমিকা গ্রহণ করিছে
। সেয়েহে আন্তঃরাষ্ট্রীয় নিরাপত্তা, বিবাদ, কূটনৈতিক ক্ষেত্র আদির দিশত ইউরোপীয়
সংঘর ক্ষমতা আরু প্রভাব অপরিসীম ।
১০। চীনর দ্রুত অর্থনৈতিক বিকাশ হোৱা
স্বত্ত্বেও তাত এতিয়াও কিছুমান অর্থনৈতিক প্রত্যাহ্বান বৰ্তি আছে । এই
প্রত্যাহ্বান সমূহ উল্লেখ করা ।
উত্তরঃ same answer as 4 of 4 marks
১২। ভারত আরু চীনর মাজর শেহতীয়া আন্তঃরাষ্ট্রীয়
বিবাদর চমুকৈ ব্যাখ্যা করা ।
উত্তরঃ ভারত আরু চীনর মাজত সীমা বিবাদ আরু আন বহু কূটনৈতিক-রাজনৈতিক
কারণত বিবাদ চলিছিল আরু অব্যাহত আছে । ভারত আরু চীনর
মাজর শেহতীয়া আন্তঃরাষ্ট্রীয় বিবাদর মূল ক্ষেত্র হ’ল-
ব্রহ্মপুত্র নদী । মানুহর মুখে মুখে আরু দূরদরশন আরু বাতরির জরীয়তে ব্রহ্মপুত্র
নদীক লৈ বহুতো বিতর্কর সৃষ্টি হৈছে । চীন রাষ্ট্রই ব্রহ্মপুত্রক ভেঁটি বান্ধ
নির্মাণর বাবে পরিকল্পনা আরু প্রস্তুতি করিছে । ভারতর জনসাধারণে চীনে গ্রহণ করা এই
পদক্ষেপে ব্রহ্মপুত্র আরু ইয়ার উপনদীসমূহর পানীর যি গতি সেয়া হ্রাস হোৱাৰ আশংকা
প্রকাশ করিছে ।
ভারতর
কেন্দ্রীয় চরকারে চীনর এই বাতরি আরু বিতর্ক ভিত্তিহীন হিচাপে প্রকাশ করিছে ।
কেন্দ্রীয় চরকারর এনে মন্তব্য আরু আশ্বাসে উত্তর-পূব আরু অসমর জনগণক সন্তুষ্টি
করিব পরা নাই । সকলো ভারতর জনসাধারণে এই বিষয়র বাবে যাতে ভারত আরু চীনর মাজত
বিবাদর সন্মুখীন নহয় তার বাবে কামনা করে । লগতে, জনসাধারণর এই বিষয়ত হৈ থকা
শংকাসমূহ দূর করার বাবে নীতি আরু কাৰ্যসূচী গ্রহণ করিব লাগে ।
১৩। যদিও চীনা অর্থনীতিয়ে নাটকীয়ভাৱে উন্নতি
লাভ করিছিল তথাপি তাত এতিয়াও উন্নয়নে ঢুক্তি নোপোৱা ক্ষেত্র আছে । তেনে ক্ষেত্রবোর
উল্লেখ করা ।
উত্তরঃ same answer as 4 of 4 marks
১৪। বিশ্ব রাজনীতিত চীন দেশর ভূমিকা আলোচনা করা
।
উত্তরঃ same as 3 answer of 4 marks
১৫। অর্থনৈতিক শক্তি হিচাপে চীন দেশর উত্থানর
বিষয়ে চমুকৈ আলোচনা করা ।
উত্তরঃ same as 3 answer of 4 marks
১৬। ভারত আরু চীন দেশর সম্বন্ধ আলোচনা করা ।
উত্তরঃ same as 3 answer of 6 marks or above
১৭। ক্ষমতার তিনিটা প্রধান বিকল্পর ভূমিকা
চমুকৈ আলোচনা করা ।
উত্তরঃ same as 2 answer of 6 marks or above
১৮। ইউৰোপীয় সংঘৰ দক্ষতা
সীমিত কৰা বৈষম্যবোৰ কি কি?
উত্তরঃ ইউৰোপৰ ৰাষ্ট্রসমূহৰ
মাজত একাধিক উমৈহতীয়া নীতি আরু সহযোগিতা নিৰ্মাণ কৰাৰ অৰ্থে ১৯৯২ চনত ইউৰোপীয় সংঘ
স্থাপন কৰা হৈছিল । আমেৰিকাৰ এক বৃহৎ ক্ষমতাৰ বিকল্প কেন্দ্রহিচাপে ইউৰোপীয় সংঘৰ
বিকাশ আরু প্রতিষ্ঠিত হৈছিল যদিও কিছুমান বৈষম্যই দক্ষতা সীমিত কৰিছিল । সেয়া আছিল
এনেধৰণরঃ
(ক) ৰাষ্ট্রৰ আভ্যন্তৰীণ
প্রতিৰক্ষা আরু আইন-শৃংখলাত হস্তক্ষেপঃ
ইউৰোপীয় সংঘ বিশ্বৰ এক অতি-ৰাষ্ট্রীয় (Supra National) সংস্থা আছিল ।
কিন্তু ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্রবোৰ আভ্যন্তৰীণ প্রতিৰক্ষা আরু আইন-শৃংখলাৰ
কাম-কাজসমূহত হস্তক্ষেপ কৰিব নোৱাৰে/নোৱাৰিছিল ।
(খ) বৈদেশিক নীতিৰ দিশত
সীমিত দক্ষতা/বৈষম্যঃ
ইউৰোপীয় সংঘৰ সামৰিক বাহিনী বিশ্বৰ দ্বিতীয় বৃহৎ সামৰিক বাহিনী আছিল
। কিন্ত ইয়াৰ সদস্য ৰাষ্ট্রসমূহৰ বৈদেশিক নীতি নিৰ্ধাৰণত নিজা নিজা স্থিতি গ্রহণ কৰিছিল
। উদাহৰনস্বরূপে- আমেৰিকাই বিশ্ব সন্ত্রাস দমন আরু ইৰাকৰ ক্ষেত্রত গ্রহণ কৰা পদক্ষেপক
লৈ ইউৰোপীয় সংঘৰ সদস্যৰ মাজত মতবিৰোধ পৰিলক্ষিত হয় ।
(গ) সদস্য ৰাষ্ট্রসমূহৰ
মাজত বিৰোধ নীতিঃ
ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্রসমূহৰ মাজত বহুতো কাৰ্যত বিৰোধ মনোভাব বা
মত পাৰ্থক্য দেখা যায় । উদাহৰণস্বরূপে- ইৰাক আক্রমণত আনবোৰ সদস্য ৰাষ্ট্রৰ তুলনাত
বৃটেইনৰ প্রধানমন্ত্রী টনী ব্লেয়াৰেহে মুখ্য ভুমিকা গ্রহণ কৰিছিল ।
(ঘ) সামূহিক কাৰ্যৰ
কৰ্মক্ষণত বিৰোধ পদক্ষেপ গ্রহণঃ
ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্রসমূহে সামূহিক ভাৱে কিছুমান কাৰ্য্যত
সহযোগিতা নকৰে । উদাহৰণস্বরূপে- আমেৰিকাই নেতৃত্ব প্রদান কৰা ইচ্ছুকসকলৰ
‘মিত্রজোঁট গঠনত (Coalition of the willing) ত ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্রসমূহে অংশগ্রহণ কৰিছিল। যদিও
জাৰ্মানী আরু ফ্রান্সে বিৰোধ পদক্ষেপ গ্রহণ কৰিছিল ।
(ঙ) ইউৰোপৰ একত্রীকৰণৰ
প্রক্রিয়াত সদস্য ৰাষ্ট্রসমূহৰ সন্দেহৰ প্রভাৱঃ
বহুতো ইউৰোপৰ অঞ্চলত ইউৰোপৰ একত্রীকৰণ প্রক্রিয়াত সন্দেহৰ ভাৱ পৰিলক্ষিত
হৈছে । উদাহৰণস্বরূপে- প্রাক্তন/পূৰ্বৰ প্রধানমন্ত্রী মাৰ্গাৰেট থেচ্ছাৰে বৃটেইনত
ইউৰোপীয় বজাৰৰ পৰা বৃটেইনক আঁতৰাই ৰাখিছিল ।
(চ) ইউৰোপীয় সংঘৰ নীতিৰ
বিরুদ্ধে সদস্য ৰাষ্ট্রৰ প্রতিবাদঃ
ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্রসমূহে সংঘৰ নীতিসমূহক কিছু কিছু ক্ষেত্রত
প্রতিবাদ গঢ়ি তুলিছে । উদাহৰণস্বরূপে- ইউৰোপীয় সমূহীয়া মুদ্রা ‘ইউৰো’ৰ বিরুদ্ধে
চুইডেন আরু ডেনমাৰ্ক বিৰোধ প্রতিবাদ সাৰ্বস্ত্য কৰিছিল ।
(ছ) সদস্য ৰাষ্ট্রৰ
জনসাধাৰণৰ বিক্ষোপ প্রদৰ্শনঃ
ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্রসমূহৰ জনসাধাৰণে দেশৰ সকলো ক্ষমতাৰাজি ইউৰোপীয়
সংঘক অৰ্পণ কৰা বিষয়টো সহজে গ্রহণ কৰা নাই । লগতে ইউৰোপীয় সংঘত নতুন নতুন দেশৰ
অংশীদাৰিত্বত আপত্তি জনাইছে ।
এনেদৰে ইউৰোপীয় সংঘৰ দক্ষতা সীমিতকৰণত এনেধৰণৰ বৈষম্যবোৰে বাধা
প্রদান কৰি অহা পৰিলক্ষিত হৈছে ।
১৯।“দেশ সমূহৰ শান্তি আরু
সমৃদ্ধি নিহিত থাকে আঞ্চলিক অৰ্থনৈতিক সংগঠনৰ প্রতিষ্ঠা আরু সবীলকৰণ ।” এই উক্তিটোৰ যুক্তিযুক্ততাৰ নিৰ্ণয় কৰা ৷
উত্তরঃ “দেশ সমূহৰ শান্তি আরু সমৃদ্ধি নিহিত থাকে
আঞ্চলিক অৰ্থনৈতিক সংগঠনৰ প্রতিষ্ঠা আরু সবীলকৰণ
।” এই উক্তিটোৰ যুক্তিযুক্ততাৰ ক্ষেত্রত আমি আন্তৰ্জাতিক ৰাজনীতিত প্রসংগক
ব্যক্ত কৰিব পাৰো । এই যুক্তিযুক্ততাসমূহ হ’লঃ
(ক) দ্বিতীয় বিশ্বৰ সময়ত
আমেৰিকা, ফ্রান্স, ব্রিটেইন, ৰাছিয়া আদি মিত্রগোষ্ঠীৰ সহযোগত বিশাল আআরু
ক্ষমতাশালী অক্ষীয় শক্তি (Axis
Power), জাপান, জাৰ্মানী আরু ইটালীক পৰাস্ত কৰিবলৈ
সক্ষম হৈছিল ।
(খ) শীতলযুদ্ধৰ কালত
ছোভিয়েট ইউনিয়নৰ সংগঠনে আমেৰিকাৰ বিশাল আধিপত্যক প্রতিৰোধ কৰাত কিছু দশকৰ
(১৯৪৮-১৯৮৯) বাবী হ’লেও সক্ষম হৈছিল ।
(গ) ছোভিয়েট সংঘৰ পতনৰ
পাছত আরু শীতলযুদ্ধৰ উত্তৰকালত গঠিত হোৱা ইউৰোপীয় সংঘই সদস্য ৰাষ্ট্রসমূহৰ
স্বাৰ্থপূৰণত সমৰ্থ হৈছে ।
(ঘ) এছিয়াতো “দক্ষিণ-পূব
এছীয় জাতিসমূহৰ সংস্থা” (Association of South East Asian Nations- ASEAN) য়ে এছিয়াৰ দেশসমূহৰ অস্তিত্ব ৰক্ষা কৰাত মুখ্য ভূমিকা গ্রহণ
কৰিছে ।
(ঙ)গোষ্ঠীনিৰপেক্ষ
আন্দোলনৰ সহযোগত তৃতীয় বিশ্বৰ দেশসমূহৰ সাৰ্বভৌমত্ব ৰক্ষা কৰা আরু শান্তিপূৰ্ণ
সহৱস্থানত সহায় কৰিছে ।
(চ) ২০০৯ চনৰ জুন মাহত ভাৰত,
চীন, ৰাছিয়া, আরু ব্রাজিল, এই চাৰিখন ৰাষ্ট্রৰ মাজত গঢ়ি উঠা ব্রীকছে সদস্য ৰাষ্ট্রসমূহৰ বিশ্ব অৰ্থনীতিক অৱস্থাৰ উন্নয়ণ
সাধন কৰাত সহায় কৰিছিল ৷
২০।তলত দিয়া শিৰোনামৰ
অধীনত ইউৰোপীয় সংঘৰ বিষয়ে টোকা লিখা ।
উত্তরঃ
ইউৰোপীয় সংঘৰ আৰম্ভণিঃ
ছোভিয়েট সংঘৰ ভাঙোনৰ পাছত
ইউৰোপৰ দেশসমূহৰ মাজত একত্রীকৰণ প্রক্রিয়া আৰম্ভ হৈছিল । বিভিন্ন কারু-কাৰ্য সমূহত সহযোগিতা অনাৰ
স্বাৰ্থত দেশসমূহৰ মাজত একতা গঠন হৈছিল । অৰ্থনৈতিক পুনরুত্থাৰ স্বাৰ্থত ১৯৪৮ চনত “’ইউৰোপীয় অৰ্থনৈতিক সহযোগিতা সংস্থা” (Organisation for European Economic Co-operation or
OEEC) অৰ্থনীতিৰ
বিস্তাৰ সাধন কৰিবৰ নিমিত্তে আমেৰিকাৰ ‘মাৰ্শ্বাল আঁচনি’ (Marshall Plan), বাণিজ্য প্রসাৰ আরু সহযোগিতাৰ বাবে ১৯৪৯ চনত দ্যা কাউন্সিল
অব ইউৰোপ (The Council of
Europe), ইউৰোপৰ
দেশৰ পুঁজিবাদী অৰ্থনীতিৰ একত্রীকৰন প্রক্রিয়াৰ বাবে ১৯৫৭ চনত ইউৰোপীয় অৰ্থনৈতিক
সম্প্রদায় (European Economic
Community), ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ইউৰোপীয় সংসদ (European Parliament) আরু অৱশেষত ১৯৯২ চনত ইউৰোপীয় সংঘ (European Union) অনুষ্ঠিত কৰা হৈছিল ।
ইউৰোপীয় সংসদ (European Parliament) ৰ লক্ষ্য আরু উদ্দেশ্যসমূহ হ’ল এনেধৰণরঃ
(ক)ইউৰোপীয় ৰাষ্ট্রসমূহৰ মাজত ৰাজনৈতিক সহযোগিতা প্রসাৰণ কৰা ।
(খ)ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্রসমূহৰ মাজত উমৈহতীয়া নিৰাপত্তা আরু বৈদেশিক নীতি
নিৰ্ধাৰণ কৰা ।
(গ) ইউৰোপীয় দেশসমূহৰ স্বাৰ্থৰ প্রসাৰণৰ মাধ্যমত সহযোগিতা গঢ়ি তুলা ।
(ঘ) উমৈহতীয়া ইউৰোপীয় মুদ্রাৰ প্রচলনৰ মাধ্যমেৰে বানিজ্যিক দিশত একতা গঢ়ি তুলা
।
(ঙ) উমৈহতীয়া পতাকা, জাতীয় সংগীত, প্রতিষ্ঠা দিন আদিৰ মাধ্যমেৰে সামূহিক
সহযোগিতা গঢ়ি তুলা ।
(চ) ৰাজনৈতিক, সামৰিক, অৰ্থনৈতিক আরু কূটনৈতিক দিশসমূহত ইউৰোপীয় সংঘৰ মাজত
সামূহিক সহযোগিতা গঠন কৰা ।
ইউৰোপীয় সংসদৰ (European Parliament) তাৎপৰ্য্যঃ
(ক) ২০০৫ বৰ্ষৰ তথ্য অনুসৰি ইউৰোপীয়
সংঘৰ সৰ্বমুঠ ঘরুৱা উৎপাদন (Gross
Domestic Product-GDP) প্রায় ১২ ত্রিলিয়ন মাৰ্কিন ডলাৰ ($12 Trillion) যি মাৰ্কিন যুক্তৰাষ্ট্রৰ GDP তকৈ অধিক ৷
(খ) ইউৰোপীয় সংঘৰ মুদ্রা ‘ইউৰো’য়ে আমেৰিকাৰ মাৰ্কিন ডলাৰক আন্তৰ্জাতিক
ৰাজনীতিত প্রত্যাহ্বান প্রদান কৰাত সক্ষম হৈছে ৷
(গ) ইউৰোপীয় সংঘৰ বাণিজ্যৰ প্রভাৱ আমেৰিকাতকৈ তিনিগুণে অধিক শক্তিশালী আরু
প্রভাৱশালী ৷
(ঘ) বৰ্তমান ইউৰোপীয় সংঘই আফ্রিকা আরু এছিয়াতো প্রভাৱ বিস্তাৰ কৰিছে ৷
(ঙ)ইউৰোপীয় সংঘই বিশ্ব বাণিজ্য সংস্থাত এক শক্তিশালী অৰ্থনৈতিক গোট স্বরূপে
প্রতিষ্ঠিত হৈছে ৷
(চ) ইউৰোপীয় সংঘৰ দুই সদস্য ৰাষ্ট্র- বৃটেইন আরু ফ্রান্স, নিৰাপত্তাৰ পৰিষদৰ
স্থায়ী সদস্য ৰাষ্ট্র যাৰ পৰিপক্ষিতত ইউৰোপীয় সংঘৰ তাৎপৰ্য আরু মৰ্যদা বহুগুণে
উন্নতিসাধন কৰিছে ।
(ছ) ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য ৰাষ্ট্রসমূহত ইউৰোপীয় সংঘৰ
বহু ৰাষ্ট্রই সদস্য হিচাপে স্থান প্রাপ্ত হৈছে । সেয়েহে, নিৰাপত্তা পৰিষদত ইউৰোপীয়
সংঘৰ ভূমিকা আরু প্রভাৱ অপৰিসীম ।
(জ) বহুদিশত নিৰাপত্তা পৰিষদত আমেৰিকাৰ স্থিতি লোৱাৰ ক্ষেত্রত ইউৰোপীয় সংঘৰ
প্রভাৱ সাৰ্বস্ত্য কৰিছে ৷
(ঝ) আন্তৰ্জাতিক সমস্যা আরু প্রত্যাহ্বান সমূহৰ বিশেষকৈ সন্ত্রাসবাদী দমন,
অৰ্থনীতিৰ দুৰৱস্থাৰ উন্নতিসাধন, পৰিৱেশ ৰক্ষণা-বেক্ষণ আদিৰ ক্ষেত্রত ইউৰোপীয় সংঘই
মুখ্য ভূমিকা গ্রহণ কৰি আহিছে ৷
(ঞ)ইউৰোপীয় সংঘৰ সামৰিক বাহিনী বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ সামৰিক বাহিনী হিচাপে
প্রতিষ্ঠিত হৈছে ।
(ট)আমেৰিকাৰ পাছতে, ইউৰোপীয় সংঘই প্রতিৰক্ষাৰ দিশত সৰ্বমুঠ ব্যয়ৰ ক্ষেত্রত
দ্বিতীয় স্থান অধিকাৰ কৰিছে ।
(ঠ) ইউৰোপীয় সংঘৰ সদস্য আরু নিৰাপত্তাৰ পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্র ফ্রান্স
আরু বৃটেইনৰ সৰ্বমুঠ প্র্রায় ৫৫০ আণৱিক ৱাৰহেড্চ (Warheads) মজুত আছে যিয়ে ইউৰোপীয় সংঘক অধিক শক্তিশালী কৰি গঢ়ি তুলিছে ।
(ড) ইউৰোপীয় সংঘই যোগাযোগ আরু মহাকাশ প্রযুক্তিৰ দিশতো দ্বিতীয় স্থানিক
কেন্দ্রস্বরূপে প্রতিষ্ঠিত হৈছে ।
এনেদৰে ইউৰোপীয় সংঘই আন্তৰ্জাতিক
পৰ্যায়ত তাৎপৰ্য বহন কৰি আহিছে ।