গোট-৫, মনোযোগ আরু আগ্রহ (খ), by P.B.



 Recheking......& updating........


১। মনোযোগ কাক কয় ? মনোযোগৰ কেইটামান সংজ্ঞা আগবঢ়োৱা ।
উত্তরঃ     মনোযোগ হৈছে এক মানসিক ক্রিয়া যি সচেতন মনক পৰিৱেশৰ কোনো বিষয় বা বস্তুৰ ওপৰত আৰোপিত কৰে ।

মনোযোগৰ কেইটামান উল্লেখযোগ্য সংজ্ঞা হল-

মনোবিদ জেমছ ৰচৰ (James Ross) ৰ মতে, “মনোযোগ এক প্রক্রিয়া যাৰ জৰীয়তে এক চিন্তিনীয় বিষয় মনত স্পষ্ট কৰি তোলা হয় ।

মনোবিদ ৰাইবাৰ্ণ(Ryburn) মতে, “মনোযোগ ব্যক্তিত্বৰ এনে কাৰ্য যত অনুভূতি, ইচ্ছাৰ লগতে বোধশক্তি নামৰ মৌলিক ক্রিয়াও বিহিত থাকে ।

২। মনোযোগৰ কেইটামান মনকৰিবলগীয়া বৈশিষ্ট্যৰ বিষয়ে লিখা ।
উত্তরঃ  মনোযোগ হৈছে এক মানসিক ক্রিয়া যি সচেতন মনক পৰিৱেশৰ কোনো বিষয় বা বস্তুৰ ওপৰত আৰোপিত কৰে । মনোযোগৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ হলঃ

(ক) মানসিক ক্রিয়া হিচাপে মনোযোগঃ
       মনোযোগ মনৰ কোনো শক্তি নহয় । মনোযোগ হৈছে মানুহৰ এক মানসিক ক্রিয়া ।

(খ) সচেতন মনক পৰিৱেশৰ বিষয়ৰ ওপৰত মনোনিবেশঃ
       মনোযোগ প্রক্রিয়াৰ বাবে সচেতন মনক কোনো বিষয়ৰ ওপৰত আৰোপিত কৰা হয় । 

(গ) মনোযোগ কোনো বিশেষ বস্তুৰ ক্ষেত্রত নিবৰ্দ্ধিতঃ
      পৰিৱেশৰ সকলো বিষয়ৰ ওপৰত মনোযোগ সম্ভৱ নহয় । কেৱল কোনো বিশেষ বিষয়ৰ ওপৰতহে এক নিদ্দিষ্ট সময়ত মনোযোগ সম্ভৱ হয় ।

(ঘ)নির্বাচনধর্মীতা / মনোযোগ এক নির্বাচনধর্মীতা প্রক্রিয়াঃ
       পঞ্চইন্দ্রিয়য়ে প্রভাবিত কৰা যিকোনো বিষয়ৰ ওপৰত মনোযোগ নহয় । কেবল নির্বাচিত কোনো বিষয়ৰ ক্ষেত্রতহে মনোযোগ সম্ভৱ হয় ।
(ঙ) গতিশীলতা / মনোযোগৰ গতিশীলতাঃ
       মনোযোগৰ আন এক বৈশিষ্ট্য হল গতিশীলতা । সময়ৰ লগে লগে মনোযোগ এক বিষয়ৰ পৰা আন এক বিষয়লৈ স্থানান্তৰিত হয় ।

(চ) নিৰ্দ্ধাৰণী বা মনোযোগৰ নিয়ন্ত্রণমূলক ক্রিয়াঃ
 মনোযোগৰ ক্ষেত্রত কোনো নিৰ্দ্ধাৰিত বিষয়ৰ ওপৰত মনক নিয়ন্ত্রণ কৰি নিবদ্ধ বা আৰোপিত কৰা হয় ।

(ছ) অনুসন্ধানধৰ্মিতাঃ
 মনোযোগৰ জৰীয়তে মানুহৰ মনৰ কৌতুহল পূৰণ হয় । কিয়নো মনোযোগে মানুহৰ অনুসন্ধান ক্রিয়াত সহায়ক হয় বা সহায় কৰে ।

(জ) সীমাবদ্ধতাঃ
মনোযোগৰ আন এক উল্লেখনীয় বিষয় হল সীমাবদ্ধতা । এজন মানুহৰ পক্ষে কোনো এক নিদ্দিষ্ট্য সময়ত সকলো বিষয়তে মনোযোগ দিয়াতো সম্ভৱপৰ নহয় ।

৩। উদাহৰণসহ ব্যাখা কৰা-

(ক) ভাৱাত্মক আরু সংবেদনাত্মক মনোযোগঃ
ভাৱাত্মক মনোযোগ হল মনোযোগৰ এক ভাগ বা প্রক্রিয়া যত এজন ব্যক্তিৰ নিজস্ব ভাৱ আরু অনুভূতিৰ ওপৰত মনোযোগ নির্ভৰ কৰে । ভাৱাত্মক মনোযোগ এজন মানুহৰ ইন্দ্রিয় উদ্দীপনাসমূহৰ ওপৰত নির্ভৰ নকৰে । এই প্রকাৰ মনোযোগ এজন ব্যক্তিৰ নিজস্ব কল্পনা, ভাৱনাশক্তি, নিজৰ অনুভূতি আদিৰ জৰীয়তে সংঘটিত হয় । উদাহৰণস্বরূপে- কোনো এক বিষয়ৰ ওপৰত যেতিয়া আমি নিজৰ ভাবনাৰে সেই বিষয়ৰ ওপৰত মনোযোগ প্রদান কৰো তেতিয়া ভাৱাত্মক মনোযোগ সংঘটিত হয় ।

সংবেদনাত্মক মনোযোগ হ- মনোযোগৰ এক ভাগ বা প্রক্রিয়া যত আমাৰ পঞ্চইন্দ্রিয়ৰ সহায়ত সংবেদন লাভ কৰা হয় । সংবেদনাত্মক মনোযোগ সাধাৰণতে আমাৰ ইন্দ্রিয়ৰ জৰীয়তে সংঘটিত হয় । তিনিবিধ কাৰক বা অৱস্থাৰ ওপৰত সংবেদনাত্মক মনোযোগ নির্ভৰ কৰে । সেয়া হল- উদ্দীপকৰ আকর্ষণীয় ক্ষমতা, পঞ্চেন্দ্রিয়ৰ কার্যকুশলতা, আরু মস্তিষ্কৰ প্রতিক্রিয়াশীল শক্তি । মনোবিদসকলৰ মতে উদ্দীপকৰ প্রভাৱৰ ফলত পঞ্চেন্দ্রিয় উত্তেজিত হৈ যি মনোযোগ প্রদান কৰা হয় সেয়েই হল সংবেদনাত্মক মনোযোগ । উদাহৰণস্বরূপে- তীব্র পোহৰৰ প্রতি চকুৰ সহায়েৰে যি মনোযোগ প্রদান কৰা হয়, সেয়া হল সংবেদনাত্মক মনোযোগ ।   

(খ) বিশ্লেষণাত্মক আরু সংশ্লেষণাত্মক মনোযোগঃ
যেতিয়া কোনো বিষয় মনোযোগ প্রদানৰ ক্ষেত্রত এক বিষয় বা একক হিচাপে মনোযোগ প্রদান নকৰি পুঙ্খানুপুঙ্খভাৱে বিবেচনা কৰা হয় । লগতে, বিষয়টোৰ সকলো দিশসমূহ বিচাৰ কৰি মনোযোগ দিয়া হয় । এনে মনোযোগক বিশ্লেষণাত্মক মনোযোগ বোলা হয় । উদাহৰণস্বরূপে- আমি এযোৰ কাপোৰ কিনাৰ সময়ত কাপোৰযোৰৰ দাম, গুণাগু, রং আদিসমূহৰ বিচাৰ বিবেচনা কৰি মনোযোগ দিয়া প্রক্রিয়াটোক বিশ্লেষণাত্মক মনোযোগ বোলা হয় ।
যেতিয়া কোনো বিষয় মনোযোগ প্রদানৰ ক্ষেত্রত এক বিষয় বা একক হিচাপে মনোযোগ প্রদান কৰা বা বিবেচনা কৰা হয় । লগতে, বিষয়টোৰ সকলো দিশসমূহ পৃথকে পৃথকে বিচাৰ নকৰি একত্রিত কৰি এক গোট কৰি মনোযোগ দিয়া হয় । এনে মনোযোগক সংশ্লেষণাত্মক মনোযোগ বোলা হয় । উদাহৰণস্বরূপে-যেতিয়া কোনো এখন ছবি নিৰীক্ষণ কৰাৰ সময়ত পৃথক পৃথক অংশ বা বিষয়সমূহ মন নকৰি একক হিচাপে ছবিখন মনোযোগ প্রদান কৰা হয় তেতিয়া তাক বিশ্লেষণাত্মক মনোযোগ বোলা হয় ।

৪।আগ্রহ কি ? ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।
উত্তরঃ আগ্রহ হৈছে এক মানসিক ক্রিয়া যি কোনো বিষয়ৰ ওপৰত গুরুত্ব আৰোপ কৰে আরু বিষয়টোৰ লগত সম্বন্ধ স্থাপন কৰে ।

আগ্রহৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ হল-

(ক) মনৰ এক অন্তনিৰ্হিত অৱস্থা হিচাপে আগ্রহঃ
    আগ্রহ হল মানুহৰ মনৰ এক অন্তনিৰ্হিত অৱস্থা । আগ্রহে মনোযোগ প্রদানৰ বাবে ব্যক্তিক প্রেৰণা যোগায় বা প্রদান কৰে ।

(খ)আগ্রহ এক অনুভূতি জড়িত অভিজ্ঞতা
    ব্যক্তি এজনৰ বিভিন্ন অনুভূতিৰ লগত জড়িত থকা অভিজ্ঞতাৰ পৰা আগ্রহ উদ্ভৱ হয় । আগ্রহে এই অনুভূতিবোৰৰ জৰীয়তে মনোযোগ প্রদানত অৰিহণা যোগায় ।

(গ) মনোযোগৰ এক প্রধান কাৰক হিচাপে আগ্রহঃ
    মনোযোগ প্রদানৰ বাবে আগ্রহ নিতান্ত প্রয়োজন । সেয়েহে মনোবিদ সকলে আগ্রহক মনোযোগৰ এক প্রধান কাৰক হিচাপে বিবেচনা কৰে ।

(ঘ) মনৰ এক আভ্যন্তৰীণ কাৰক হিচাপে আগ্রহঃ
    আগ্রহ হল মনৰ এক গুরুত্বপূর্ণ আভ্যন্তৰীণ কাৰক । আগ্রহে মানুহৰ মনত আভ্যন্তৰীণভাবে ক্রিয়া কৰি মনোযোগ প্রদানত সহায় কৰে ।

(ঙ) আগ্রহ, পৰিৱেশৰ লগত এক মানসিক সম্বন্ধ স্থাপনঃ
    আগ্রহৰ আন এক বৈশিষ্ট্য এই যে আগ্রহে পৰিৱেশৰ কোনো বিষয়ৰ লগত মানসিক সম্বন্ধ স্থাপন কৰে । লগতে, সেই বিষয়টোৰ প্রতি মনক আৰোপিত কৰে ।

(চ) আগ্রহ এক ব্যক্তিনিষ্ঠ অৱস্থাঃ
    আগ্রহ হল মানুহৰ এক ব্যক্তিনিষ্ঠ অৱস্থা । আগ্রহ এজন ব্যক্তিৰ মনৰ বিভিন্ন পৰিস্থিতিৰ ওপৰত নির্ভৰ কৰে ।

৫। মনোযোগ আরু আগ্রহৰ সম্বন্ধ বিচাৰ কৰা ।
উত্তরঃ মনোযোগ আরু আগ্রহৰ নিবিড় সম্পর্ক আছে । ইয়ার উল্লেখনীয় দিশসমূহ হ’লঃ
(ক) মনোযোগ আরু আগ্রহৰ মাজত এক অবিচ্ছেদ্য সম্পর্ক পৰিলক্ষিত হয় ।

(খ) আগ্রহ কোনো এজন ব্যক্তিৰ অন্তর্নিহিত মানসিক অৱস্থা । আগ্রহে পৰিৱেশৰ কোনো বিষয়ক বাচনি কৰি মনোনিবেশ কৰাৰ দিশত বা মনোযোগ প্রদানত উৎসাহ প্রদান কৰে । সেয়েহে আগ্রহ অবিহনে মনোযোগ সম্ভৱ নহয় ।

(গ) কোনো এক বিষয়ৰ প্রতি আগ্রহ থাকিলে সেই বিষয় অতি সহজেই মনোযোগ প্রদান কৰিব পাৰি ।

(ঘ) মনোবিদ মেকডূগলৰ মতে আগ্রহ সুপ্ত মনোযোগ আরু মনোযোগ আগ্রহৰ সক্রিয়তাঅর্থাৎ আগ্রহ মনোযোগৰ সুপ্ত অৱস্থা আরু মনোযোগ আগ্রহৰ সক্রিয় অৱস্থা মাথোন

(ঙ) আগ্রহ আরু মনোযোগৰ নিকট সম্বন্ধৰ বিষয়ে জে. এম ৰচে মন্তব্য কৰিছে যে মনোযোগ আরু আগ্রহ একেটা মুদ্রাৰে দুটা পিঠি সদৃশ ।”

(চ) কিছু মনোবিদৰ মতে আগ্রহ মনোযোগৰ একমাত্র চৰ্ত । অর্থাৎ মনোযোগ আগ্রহ অবিহনে সুচারুরূপে সম্ভৱ নহয় ।

(ছ) আগ্রহে যেনেকৈ মনোযোগৰ সৃষ্টি কৰে ঠিক তেনেদৰে মনোযোগেও আগ্রহৰ সৃষ্টি কৰিব পাৰে । উদাহৰণস্বরূপে- এজন শিক্ষার্থীৰ যদি কোনো বিষয়ৰ প্রতি আগ্রহ নাথাকে । তেতিয়া যদি সেই বিষয়ৰ ওপৰত ইচ্ছাকৃতভাৱে অধিক মনোযোগ প্রদান কৰা হয় তেতিয়া লাহে লাহে সেই বিষয়টোৰ প্রতি আগ্রহ উপজিব ।

    সেয়ে কব পাৰি যে আগ্রহ আরু মনোযোগৰ মাজত অপৰিহাৰ্য সম্পর্ক আছে । লগতে, দুয়ুটা বিষয় এটা আনটোৰ পৰা বিবেচনা কৰা তেনেই অর্থহীন ।

৬। আগ্রহ আরু মনোযোগৰ শিক্ষাক্ষেত্রত গুরুত্ব সম্পর্কে আলোচনা আগবঢ়োৱা ।
উত্তরঃ আগ্রহ আরু মনোযোগৰ শিক্ষাক্ষেত্রত বহু দিশত গুরুত্ব আৰোপ কৰা হয় । ইয়াৰ উল্লেখনীয় দিশসমূহ হ’লঃ

(ক) প্রথমতে, মনোযোগে কোনো বিষয়ৰ ওপৰত মনক আৰোপিত কৰে আরু আগ্রহে মনোযোগ প্রদানত সহায় কৰে । সেয়ে, মনোযোগ আরু আগ্রহে শিক্ষার্থীসকলক শিক্ষা আহৰণৰ ক্ষেত্রত মনক নিবদ্ধ কৰায় ।

(খ) দ্বিতীয়তে, মনোবিদ সকলৰ মতে আগ্রহ আরু মনোযোগৰ অবিহনে শিক্ষণ প্রচেষ্টা ফলপ্রসূ নহয় । শৈক্ষিক জীৱনৰ প্রতিটো মুহূর্ততে মনোযোগ আরু আগ্রহে সহায় কৰে ।

(গ)তৃতীয়তে, মনোবিদ সকলে শিক্ষাদিশৰ ক্ষেত্রত মনোযোগ আরু আগ্রহক শিক্ষা প্রক্রিয়াৰ উপায় আরু সমাপ্তিবুলি মন্তব্য আগবঢ়াইছে ।

(ঘ) চতুৰ্থতে, যিকোনো ফলপ্রসূ শিক্ষণ আরু জ্ঞান আহৰণৰ বাবে ব্যক্তিৰ মানসিক সজাগতা আরু ইচ্ছাৰ অতি প্রয়োজন । এই দিশত মনোযোগ আরু আগ্রহে মুখ্য ভূমিকা গ্রহণ কৰে ।

(ঙ) পঞ্চমতে, আধুনিক শিক্ষা ব্যৱস্থাত ছাত্র-ছাত্রীসকলক স্বশিক্ষা আরু স্বঅধ্যয়ণৰ ওপৰত গুরুত্ব আৰোপ কৰিছে । এই ক্ষেত্রত মনোযোগ আরু আগ্রহে প্রধান চৰ্ত হিচাপে সহায় কৰে ।
    এনেদরে আগ্রহ আরু মনোযোগে শিক্ষাৰ ক্ষেত্রত যুটীয়াভাৱে শিক্ষার্থীসকলক শিক্ষণ আরু জ্ঞান অর্জনত সহায় করে ৷

৭। তলত দিয়া উক্তিকেইটা ব্যাখ্যা কৰা ।

(ক) আগ্রহ মনোযোগৰ সুপ্ত অৱস্থা আরু মনোযোগ আগ্রহৰ সক্রিয় অৱস্থাঃ

উত্তরঃ  আগ্রহ হৈছে এক মানসিক ক্রিয়া যি কোনো বিষয়ৰ ওপৰত মনোযোগ আৰোপ কৰায় আরু বিষয়টোৰ লগত সম্বন্ধ স্থাপন কৰে । মনোযোগ হৈছে এক মানসিক ক্রিয়া যি সচেতন মনক পৰিৱেশৰ কোনো বিষয় বা বস্তুৰ ওপৰত আগ্রহৰ প্রভাৱেৰে আৰোপিত কৰে । মনোযোগ আরু আগ্রহৰ এই সম্বন্ধৰ বাবে মনোবিদ মেকডুগলে আগ্রহ মনোযোগৰ সুপ্ত অৱস্থা আরু মনোযোগ আগ্রহৰ সক্রিয় অৱস্থাবুলি ব্যক্ত কৰিছে । তেখেতৰ মতে, আগ্রহ প্রতিজন ব্যক্তিৰ মনৰ এক সুপ্ত বা অন্তৰ্নিহিত মানসিক অৱস্থা । লগতে, মনোযোগ হল আগ্রহৰ দ্বাৰা প্রভাবিত পৰিৱেশৰ কোনো বিষয়ৰ ওপৰত মনৰ সক্রিয় অৱস্থা । যি পৰ্যায়লৈকে আমাৰ মনত মনোযোগ নিষ্কর্ম আরু সুপ্ত অৱস্থাত থাকে, সেই পৰিস্থিতিক মেকডুগলে আগ্রহ বুলি অভিহিত কৰিছে । সমসাময়িকভাৱে, যিটো মুহূর্তত সুপ্ত আগ্রহ পৰিৱেশৰ কোনো এক কাৰকৰ বাবে জাগ্রত হয় সেই অৱস্থাক মনোযোগ বুলিছে ।

(খ) মনোযোগ আরু আগ্রহ একেটা মুদ্রাৰে দুটা পিঠি মাথোন ।

উত্তরঃ আগ্রহ হৈছে এক মানসিক ক্রিয়া যি কোনো বিষয়ৰ ওপৰত মনোযোগ আৰোপ কৰায় আরু বিষয়টোৰ লগত সম্বন্ধ স্থাপন কৰে । মনোযোগ হৈছে এক মানসিক ক্রিয়া যি সচেতন মনক পৰিৱেশৰ কোনো বিষয় বা বস্তুৰ ওপৰত আগ্রহৰ প্রভাৱেৰে আৰোপিত কৰে । মনোযোগ আরু আগ্রহৰ এই সম্বন্ধৰ বাবে জে. এম ৰচে মনোযোগ আরু আগ্রহক একেটা মুদ্রাৰে দুটা পিঠি সদৃশ । বুলি অভিহিত কৰিছে । যেনেকৈ, এটা মুদ্রা এক পিঠিৰ লগত আনটো পিঠি সংলগ্ন হৈ থাকে, তেনেকৈ আগ্রহ আরু মনোযোগ একে পৰিস্থিতিতে জড়িত হৈ থাকে । মনোবিদ ৰচৰ মতে যেতিয়া কোনো বিষয়ৰ ওপৰত মনোযোগ প্রদান কৰা হয় তেতিয়া আগ্রহে মনক অনুপ্রেৰণা যোগায় । লগতে, তেওঁৰ মতে, এক মুদ্রাৰ দু্যুটা পিঠিয়ে যেনেকৈ মুদ্রাটোক পৰিচিত কৰায়, তেনেদৰে কোনো বিষয়ৰ কর্মৰ বেলিকা আগ্রহ আরু মনোযোগে সমভাবে মনক সক্রিয় কৰে ।


(গ) আগ্রহ শিক্ষাৰ উপায় আরু সমাপ্তিও
উত্তরঃ আগ্রহ হৈছে এক মানসিক ক্রিয়া যি কোনো বিষয়ৰ ওপৰত মনোযোগ আৰোপ কৰায় আরু বিষয়টোৰ লগত সম্বন্ধ স্থাপন কৰে । মনোবিদসকলৰ মতে, যিকোনো ফলপ্রসূ শিক্ষণৰ অর্থে মানুহৰ মানসিক সজাগতা আরু মনৰ ইচ্ছা অতিকৈ লাগতিয়াল বা অপৰিহার্য । এই দিশত, কেৱল আগ্রহ আরু মনোযোগৰ যুটীয়া প্রচেষ্টাৰ সহযোগতহে এক সক্রিয় মানসিকতাৰ সৃষ্টি হয় । লগতে, কোনো শিক্ষণ কাৰ্য সুচারুরূপে সাধনৰ বাবে মনোযোগ আরু আগ্রহে একমাত্র উপায় বা চৰ্ত । সমসাময়িকভাবে, কোনো শিক্ষণ কাৰ্য সমাপ্তি বা পৰিসমাপ্তিৰ দিশতো আগ্রহ আরু মনোযোগৰ নিবিড় সম্পর্ক আছে । সেয়েহে, মনোবিদ সকলে আগ্রহ আরু মনোযোগক শিক্ষাক্ষেত্রত ‘উপায় আরু সমাপ্তিও’ বুলি অভিহিত কৰিছে ।

৮। এগৰাকী শিক্ষক হিচাপে নিজকে গণ্য কৰি লৈ শিক্ষার্থীৰ মনোযোগ আরু আগ্রহ বর্দ্ধনৰ বাবে কি কি উপায় অৱলম্বন কৰিবা ?

উত্তরঃ  মনোবিদ সকলে আগ্রহ আরু মনোযোগক শিক্ষাক্ষেত্রত উপায় আরু সমাপ্তি বুলি অভিহিত কৰিছে । সেয়েহে, এজন শিক্ষক হিচাপে শিক্ষার্থীৰ মনোযোগ আরু আগ্রহ বর্দ্ধনৰ বাবে কিছু উপায় বা কৌশল প্রয়োগ কৰা উচিত । ইয়াৰে কিছু উপায় হল এনেধৰণরঃ

(ক) বস্তুনিষ্ঠ আরু ব্যক্তিনিষ্ঠ কাৰণ সমূহৰ উন্নতিসাধন করাঃ
    এজন শিক্ষক হিচাপে শিক্ষার্থীসকলে ভাল পোৱা বস্তুনিষ্ঠ বিষয় যেনেকৈ ৰঙীণ ছবি, উজ্জ্বল ৰঙৰ প্রতিছবি, ৰং-বিৰঙৰ শিক্ষণ সঁজুলী ব্যৱহাৰৰ সহায়ত মনোযোগ আরু আগ্রহৰ সৃষ্টি কৰিব লাগিব । লগতে, ব্যক্তিনিষ্ঠ কাৰণসমূহ যেনেকৈ আবেগ, অনুভূতি, অতীত অভিজ্ঞতা, শিক্ষণৰ পুনৰাবৃত্তি আদি গুণসমূহৰ উন্নতি সাধন কৰি মনোযোগ আরু আগ্রহৰ মানসিকতা গঢ়ি তুলিব লাগিব ।
   
(খ) পুৰষ্কাৰ আরু শাস্তিৰ নীতিৰ ভূমিকাঃ
    এজন শিক্ষক হিচাপে শিক্ষার্থীসকলৰ উপযোগী হোৱাকৈ আরু তেওঁলোকৰ আগ্রহ আরু মনোযোগ বৃদ্ধি বা উন্নতিৰ হকে পুৰষ্কাৰ প্রদান কৰিব লাগিব । কিন্তু, কোনো ভুলৰ বাবে শাস্তিৰ নীতি পৰিহাৰ কৰি আগ্রহ আরু মনোযোগ প্রদানৰ বাবে উৎসাহ প্রদান কৰিব লাগিব ।

(গ) ব্যৱহাৰিক শিক্ষণৰ ওপৰত অধিক গুরুত্ব আৰোপ কৰাঃ
     আগ্রহ আরু মনোযোগৰ উন্নতিসাধনৰ বাবে এজন শিক্ষক হিচাপে শিক্ষাৰ্থীসকলৰ শিক্ষণ কাৰ্য ব্যৱহাৰৰ জৰীয়তে প্রদান কৰিব লাগিব । লগতে, যান্ত্রিক মাধ্যম ত্যাগ কৰি শিক্ষার্থীৰ নিজস্ব ব্যৱহাৰৰ মাধ্যমেৰে আগ্রহ আরু মনোযোগ দিয়াত সহায় কৰিব লাগিব ।

(ঘ) পুনৰাবৃত্তিৰ সু-ব্যৱহাৰ মাধ্যমৰ প্রয়োগঃ
    এজন শিক্ষক হিচাপে ছাত্র-ছাত্রীসকলৰ আগ্রহ আরু মনোযোগৰ বর্দ্ধনৰ বাবে শিক্ষণ কাৰ্য পুনৰাবৃত্তি কৰিব লাগিব । লগতে, আগ্রহ আরু মনোযোগ প্রদান নকৰা বিষয়ৰ বাবেও পুনৰাবৃত্তিৰ সহায়ত ইয়াৰ গুরুত্ব প্রদান কৰিব লাগিব ।

(ঙ) সময়ৰ সৎ আরু উচিত ব্যৱহাৰৰ মাধ্যমেৰেঃ
    মনোযোগ আরু আগ্রহ বৃদ্ধি কৰাৰ অর্থে শিক্ষাদানৰ সময়ৰ সীমা শিক্ষার্থীসকলৰ দৈহিক আরু মানসিক পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব ।  লগতে, একেৰাহে শিক্ষা প্রদান নকৰি জীৰণি নাইবা আমোদমূলক কাৰ্যৰ সহায়েৰে মনোযোগ আরু আগ্রহ প্রদান কৰিব লাগিব ।

(চ) হাস্যৰস প্রয়োগৰ মাধ্যমেরেঃ
    এজন শিক্ষক হিচাপে ছাত্র-ছাত্রীসকলৰ মনোযোগ আরু আগ্রহ জন্মাবৰ বাবে শ্রেণীত শিক্ষাদান কৰাৰ সময়ত হাস্যৰস প্রয়োগ কৰিব লাগিব ।  লগতে, শিক্ষার্থীসকলে যাতে আনন্দ মনেৰে শিক্ষণ কাৰ্যৰ ওপৰত মনোযোগ আরু আগ্রহ প্রদান কৰিব পাৰে সেই দিশৰ প্রতি লক্ষ্য ৰাখিব লাগিব ।

    এনেধৰণৰ উপায় আরু কৌশলৰ জৰীয়তে শিক্ষার্থীসকলৰ আগ্রহ আরু মনোযোগৰ বর্দ্ধন কৰিব পৰা যাব ।

৯। মনোযোগৰ বস্তুনিষ্ঠ আরু ব্যক্তিনিষ্ঠ কাৰণবোৰ ব্যাখ্যা কৰা ।
উত্তরঃ মনোযোগ হৈছে এক মানসিক ক্রিয়া যি সচেতন মনক পৰিৱেশৰ কোনো বিষয় বা বস্তুৰ ওপৰত মনক আগ্রহৰ প্রভাৱেৰে আৰোপিত কৰে । মনোযোগৰ কাৰণসমূহক বস্তুনিষ্ঠ আরু ব্যক্তিনিষ্ঠ হিচাপে ভাগ কৰিব পাৰি । সেইসমূহ হল এনেধৰণরঃ
মনোযোগৰ বাহ্যিক বা বস্তুনিষ্ঠ কাৰণবোৰ হলঃ

(ক)আকারঃ
    মনোযোগ সাধাৰণতে আকাৰৰ ওপৰতো নির্ভৰ কৰে । সরু আকাৰ বস্তুতকৈ ডাঙৰ আকাৰৰ বস্তুৰ প্রতি মানুহৰ অধিক আকর্ষণ হয় । উদাহৰণস্বরূপে- ডাঙৰ বিজ্ঞাপন বা পোষ্টাৰৰ প্রতি অধিক মনোযোগ আকর্ষিত হয় ।

(খ) তীব্রতাঃ
    মনোযোগৰ আন এক বাহ্যিক বা বস্তুনিষ্ঠ কাৰণ হ- তীব্রতা । ক্ষীণ আরু উচ্চ এই দুইপ্রকাৰৰ ভিতৰত উচ্চ স্বৰৰ প্রতি সকলোৰে মনোযোগ আকর্ষিত হয় । উদাহৰণস্বরূপে- শিক্ষকৰ সুমধুৰ মাতত শিক্ষার্থীৰ মনযোগ আকর্ষিত হয় । 

(গ) নতুনত্বঃ
    নতুন নতুন বস্তুৰ প্রতি প্রায় সকলো লোকে আকর্ষিত হয় । উদাহৰণস্বরূপে- পুৰণা কিতাপতকৈ নতুন কিতাপ পঢ়াৰ দিশত মনোযোগ অধিক হয় ।

(ঘ) গতিশীলতাঃ
    গতিশীল বস্তুৰ প্রতি আমাৰ সহজে মনোযোগ নিক্ষেপ হয় । উদাহৰণস্বরূপে- এখন স্থিৰ অৱস্থাত থকা গাড়ীতকৈ এখন গতিশীল গাড়ী প্রতি অধিক মনোযোগ দিয়া হয় ।

(ঙ) উজ্জ্বলতাঃ
    উজ্জ্বলতাই আমাৰ মন খুবেই আকর্ষণ কৰে আরু মনোযোগ নিক্ষেপ কৰে । উদাহৰণস্বরূপে- সরু লৰা-ছোৱালীৰ কিতাপবোৰত মনোযোগ আকর্ষণৰ বাবে উজ্জ্বল ৰঙৰ ছবিবোৰ সংলগ্ন কৰিছে ।

(চ) পৰিৱৰ্তনঃ
    পৰিৱৰ্তনে আমাৰ মনোযোগ অতি সহজে আকৃষ্ট কৰে । উদাহৰণস্বরূপে- শিক্ষকৰ পৰিৱৰ্তনমূলক গতিবিধি, মাত-কথা, ভাৱ-ভংগী আদিবোৰত শিক্ষার্থীসকল অতি মনযোগী হয় ।

(ছ) গোপনীয়তাঃ
    গোপনীয়তামূলক বিষয়সমূহৰ ক্ষেত্রত আমাৰ মনোযোগ অধিক পৰিমাণে আকর্ষিত হয় । উদাহৰণস্বরূপে- যিবোৰ কামত শিশুসকলক নকৰিবলৈ কোৱা হয় বা মানা কৰা হয় সেই কামবোৰ কৰাৰ দিশত অধিক মনোযোগ দিয়ে ।

(জ) পুনৰাবৃত্তিঃ
    পুনৰাবৃত্তিমূলক কাৰ্যবোৰৰ দিশত মনোযোগ অতি ক্ষিপ্রতৰ হয়  উদাহৰণস্বরূপে- প্রথমবাৰত কোনো শিক্ষার্থীয়ে মনোযোগ দিব নোৱাৰিলে, সেই বিষয়টোৰ পুনৰাবৃত্তিয়ে পাছলৈ মনোযোগ প্রদান কৰিব পৰা যায়
(ঝ) বৈসাদৃশ্যঃ
    বৈসাদৃশ্যমূলক বস্তুৰ প্রতি প্রায় সকলোৰে মনযোগ আশা কৰিব পাৰি । উদাহৰণস্বরূপে- শ্রেণীকোঠাত নিতৌ বৈসাদৃশ্যমূলক শিক্ষাদানে ছাত্র-ছাত্রীক অধিক মনোযোগ আকর্ষণ কৰে ।

(ঞ) দীর্ঘস্থায়িত্বঃ
    যিবোৰ বিষয়ৰ স্থায়িত্বতা অধিক সেই বিষয়ৰ ওপৰত সকলো অধিক মনযোগী হয়  উদাহৰণস্বরূপে- যিবোৰ বিষয় বহুসময়লৈ প্রভাৱ পৰে তাৰ প্রতি শিক্ষার্থীসকল অধিক মনযোগী হয় ।

(চ) শৃংখলাবদ্ধতাঃ
    শৃংখলাপূৰ্ণ যিকোনো বস্তু বা বিষৰ প্রতি সহজে মনোযোগ প্রদান কৰা হয় । উদাহৰণস্বরূপে- পৰিপাটী শ্রেণীকোঠাত সকলো ছাত্র-ছাত্রীয়ে অধিক মনোযোগ প্রদান কৰে ।

(ছ) অৱস্থিতিঃ
    কোনো বিষয়ৰ উপস্থাপনৰ উৎকৃষ্ট অৱস্থিতিয়েও মনোযোগ আকর্ষণ কৰে । উদাহৰণস্বরূপে-শিক্ষকৰ অতি সুন্দৰ উপস্থাপনৰ অৱস্থিতিয়ে ছাত্র-ছাত্রীসকলক মনোযোগ আকর্ষণ কৰে ।

মনোযোগৰ ব্যক্তিনিষ্ঠ বা আভ্যন্তৰীণ কাৰণবোৰ হলঃ

(ক) আগ্রহঃ
    মনোবিদ মেকডুগলৰ মতে আগ্রহ মনৰ সুপ্ত অৱস্থা যি মনযোগ প্রদানত মনক সক্রিয় কৰে ৷ উদাহৰণস্বরূপে- আগ্রহ থকা বিষয়ৰ ওপৰত ছাত্র-ছাত্রী অধিক মনযোগী হয় ৷

(খ) সহজাত প্রবৃত্তিঃ
মানুহৰ জন্মগতভাৱে লাভ কৰা জৈৱিক প্রৱণতা যাৰ তাড়ণাৰ বাবে মানুহে অধিক মনোযোগ প্রদান কৰে  উদাহৰণস্বরূপে- সন্তানৰ প্রতি থকা এগৰাকী মাতৃৰ অনুৰাগ আরু মনোযোগ ৷

() আবেগঃ
মনৰ আবেগজনিত কাৰণসমূহত প্রায় সকলো মানু অধিক মনোযোগী হয় ৷ উদাহৰণস্বরূপে- নিজৰ সন্তান, নিজৰ বস্তু, নিজৰ আপোন মানুহ আদিৰ ক্ষেত্রত যিকোনো কাৰণত অধিক মনোযোগ প্রদান কৰা হয় ৷

() কামনা বা বাসনাঃ
যিবোৰ বিষয় বা বস্তুৰ প্রতি আমাৰ কামনা বা বাসনা থাকে সেইবোৰৰ প্রতি অধিক মনোযোগ প্রদান কৰা হয় ৷ উদাহৰণস্বরূপে- এজন ছাত্রই গায়ক হব বিচাৰে তেনেহলে গাণৰ লগত সংগতি থকা বিষয়বোৰৰ ক্ষেত্রত অধিক মনোযোগ প্রদান কৰিব

() অভ্যসঃ
কোনো অভ্যাসজনিত কামবোৰৰ ক্ষেত্রত সহজে মনযোগ আকৰ্ষিত হয় ৷ উদাহৰণস্বরূপে- বিদ্যালয়লৈ যোৱাৰ সময়ত বেগৰ কিতাপবোৰলৈ মনযোগ দিয়া ৷

() পূৰ্ব অভিজ্ঞতাঃ
পূৰ্ব অভিজ্ঞতাজনিত বিষয়সমূহৰ ওৰত সহজে মনযোগ প্রদান কৰা হয় ৷ উদাহৰণস্বরূপে- ৰাস্তা পা হওঁতে আন গাড়ীবোৰলৈ দিয়া মনোযোগ ৷

() মানসিক সুস্থতাঃ
দুশ্চিন্তা দুখদায়ক বিষয় আদিবোৰৰ পৰা মন মুক্ত থাকিলে আরু মনসিকসুস্থতা হলে অধিক মনোযোগ প্রদান কৰিব পাৰি ৷ উদাহৰণস্বরূপে-মনসিকসুস্থ থাকিলে ছাত্র ছাত্রীসকলে অধিক মনোযোগ প্রদান কৰে ৷
   
    এইদৰে মনোযোগৰ বস্তুনিষ্ঠ আরু ব্যক্তিনিষ্ঠ কাৰণবোৰে মনোযোগ প্রদান কৰাত প্রভাৱ পেলায় ।

১০। আগ্রহৰ উৎসসমূহ বর্ণনা কৰা ।
উত্তরঃ
আগ্রহ হৈছে এক মানসিক ক্রিয়া যি কোনো বিষয়ৰ ওপৰত মনোযোগক আৰোপ কৰায় আরু বিষয়টোৰ লগত সম্বন্ধ স্থাপন কৰে । আগ্রহ সাধাৰণতে কিছুমান কাৰকৰ ওপৰত নির্ভৰ কৰে । সেইসমূহ হলঃ

(ক) দৈহিক অৱস্থাঃ
যিসকল ব্যক্তি দৈহিকভাৱে সুস্থ তেওঁলোকে বিভিন্ন বিষয়ত আগ্রহী হয় ৷ আনহাতে দৈহিকভাৱে অসুস্থ লোকসকলে যিকোনো বিষয়ত আগ্রহী নহয় ৷ উদাহৰণস্বরূপে- এজন সুস্থ দৈহিক অৱস্থাসম্পন্ন ছাত্রই যিকোনো শিকাৰ ক্ষেত্রত অধিক আগ্রহী হয় ৷

(খ) বৌদ্ধিক যোগ্যতাঃ
যিসকল ব্যক্তি তীক্ষ্ণবুদ্ধিসম্পন্ন আরু বৌদ্ধিক যোগ্যতা থাকে তেখেতসকলে যিকোনো বিষয়ত আগ্রহী হয় ৷ আনহাতে যিবোৰ ব্যক্তি হীণবুদ্ধিসম্পন্ন তেওঁলোকে বিভিন্ন বিষয়ৰ ক্ষেত্রত অধিক আগ্রহী নহয় ৷ উদাহৰণস্বরূপে-উচ্চবুদ্ধিসম্পন্ন এজন ছাত্রই সকলো বিষয়ত শিকিবলৈ আরু অধিক আগ্রহী হয় ৷

(গ) লিংগ পাৰ্থক্যঃ
আগ্রহ সাধাৰণতে পুরুষ আরু মহিলা নাইবা লৰা আরু ছোৱালী বিশেষে পৃথক পৃথক হোৱা দেখা যায় ৷ ইয়াৰোপৰি লিংগভেদে কিছুমান বিষয়ত লৰাবোৰ অধিক আগ্রহী হয় আরু কিছুক্ষেত্রত ছোৱালীবোৰ অধিক আগ্রহী হয় ৷ উদাহৰণস্বরূপে- প্রায় লৰাবোৰে ঘূৰাৰ বাবে আরু ছোৱালীবোৰ ঘৰত থকাৰ দিশত অধিক আগ্রহী হয় ৷ 

(ঘ) পৰিৱেশৰ প্রভাৱঃ
সুস্থ আরু সুপৰিৱেশে প্রায় সকলো লোকৰ আগ্রহ সৃষ্টি কৰিব পাৰে ৷ লগতে আকৰ্ষণীয় পৰিৱেশত সকলো শিক্ষাৰ্থীয়ে শিক্ষণৰ দিশত অধিক আগ্রহী হয় ৷ উদাহৰণস্বরূপে- এক নতুন পৰিৱেশত ছাত্র-ছাত্রী শিকাৰ বাবে অধিক আগ্রহী হয় ৷

(ঙ) শিক্ষণ পদ্ধতিঃ
শিক্ষণৰ উৎকৃষ্ট পদ্ধতিবোৰৰ ওপৰতো আগ্রহ নিৰ্ভৰ কৰে ৷ বিজ্ঞানসন্মত প্রগতিশীল আমোদজনক শিক্ষণ পদ্ধতিসমূহৰ ক্ষেত্রত সকলো ছাত্র ছাত্রী শিক্ষণৰ দিশত অধিক আগ্রহী হয় ৷ উদাহৰণস্বরূপে- শিক্ষণ পদ্ধতি ভাল লগা হলে শিক্ষাৰ্থীসল শিকাৰ বাবে অতি আগ্রহী হয় ৷

    এনেদৰে বিভন্ন দিশ বা কাৰকসমূহে আগ্রহক প্রভাৱিত কৰে ৷

১১। তলত দিয়া বিষয়সমূহৰ বিষয়ে চমুকৈ লিখা

(ক) মনোযোগৰ স্বরূপঃ           
মনোযোগৰ স্বরূপ বা ধৰণ সাধাৰণতে দুই ধৰণে ভাগ কৰিব পাৰি । সেয়া হল-
(অ) ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ আরু (আ) অনৈচ্ছিক বা অনিচ্ছাকৃত মনোযোগ

(অ)ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগঃ
যেতিয়া এজন ব্যক্তিয়ে কোনো হস্তক্ষেপ বা যান্ত্রিকতাৰ অবিহনে পৰিৱেশৰ কোনো বিষয়ৰ ওপৰত মনোযোগ প্রদান কৰে, তেতিয়া ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ বোলা হয় । উদাহৰণস্বরূপে- যিসকল ছাত্র-ছাত্রীৰ জীৱনত প্রতিষ্ঠিত হোৱাৰ আকাঙ্ক্ষা আছে তেওঁলোকে বাধা-বিঘিনি নেওচি স্ব-ইচ্ছাৰে অধ্যয়ণত মনোযোগ দিয়ে ।

 ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ দুই ভাগত ভাগ কৰা হৈছে ।
(i)স্পষ্ট বা নিশ্চিত (Explicit) আরু (ii) অনুমিত (Implicit)

(i)স্পষ্ট বা নিশ্চিত (Explicit):  
যেতিয়া কোনো এজন ব্যক্তিয়ে পৰিৱেশৰ কোনো প্রভাৱৰ বাবে বা ফলত কোনো এক নিদ্দিষ্ট বিষয় বা বস্তুৰ ওপৰত স্পষ্ট আরু নিশ্চিতভাৱে ইচ্ছাকৃত মনোযোগ প্রদান কৰে । তাক স্পষ্ট বা নিশ্চিত (Explicit) ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ বোলা হয় । উদাহৰণস্বরূপে- এজন খেলুৱৈয়ে তেওঁৰ খেল বিধৰ প্রতি দিয়া মনোযোগ ।

 (ii) অনুমিত (Implicit) :  
 যেতিয়া কোনো এজন ব্যক্তিৰ পৰিৱেশৰ কোনো এক নিদ্দিষ্ট বিষয় বা বস্তুৰ প্রতি মন, মানসিক ভাৱ-অনুভূতি আদি জড়িত হৈ থাকে আরু সেই বিষয়ৰ প্রতি এক গভীৰ মনোযোগৰ সৃষ্টি হয়  তাক অনুমিত (Implicit) ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ বোলা হয় । উদাহৰণস্বরূপে- অভিনয় ভালপোৱা এজন মানুহে নাটকৰ প্রতি দিয়া মনোযোগ 

(আ) অনৈচ্ছিক বা অনিচ্ছাকৃত মনোযোগঃ 
যেতিয়া এজন ব্যক্তিয়ে কোনো হস্তক্ষেপ বা যান্ত্রিকতাৰ বাবে আরু কোনো উদ্দীপকৰ তীব্রতা আরু আকর্ষণীয় ক্ষমতাৰ বাবে পৰিৱেশৰ কোনো বিষয়ৰ ওপৰত মনোযোগ প্রদান কৰে তেতিয়া অনৈচ্ছিক বা অনিচ্ছাকৃত মনোযোগ বোলা হয় । উদাহৰণস্বরূপে-গাড়ী-মটৰ আদিৰ হৰণ বা লাইটৰ উজ্জ্বল পোহৰলৈ অনিচ্ছাকৃতভাৱে হলেও মনোযোগ প্রদান কৰা হয় ।

অনৈচ্ছিক বা অনিচ্ছাকৃত মনোযোগ দুই ভাগত ভাগ কৰিব পাৰি ।
(i) আৰোপিত আরু (ii) স্বতঃস্ফূৰ্ত মনোযোগ

(i) আৰোপিতঃ
যেতিয়া এজন ব্যক্তিয়ে পৰিৱেশৰ কোনো বিষয়ৰ ওপৰত কোনো উদ্দীপকৰ তীব্রতা আরু আকর্ষণীয় বা শক্তিশালী ক্ষমতাৰ বাবে মনোযোগ প্রদান কৰে তেতিয়া আৰোপিত অনৈচ্ছিক বা অনিচ্ছাকৃত মনোযোগ বোলা হয় । এই মনোযোগক বলপূৰ্বক মনোযোগ বোলা হয় ৷ উদাহৰণস্বরূপে- চকুত চমক লগোৱা কোনো উজ্জ্বল পোহৰ বা ৰঙৰ প্রতি দিয়া মনোযোগ ।

(ii) স্বতঃস্ফূৰ্ত মনোযোগঃ
যেতিয়া এজন ব্যক্তিয়ে পৰিৱেশৰ কোনো আগ্রহৰ বিষয়ৰ ওপৰত আপোনা-আপোনি আরু স্বতঃস্ফূৰ্তভাৱে মনোযোগ প্রদান কৰে ৷ তেতিয়া স্বতঃস্ফূৰ্ত অনৈচ্ছিক বা অনিচ্ছাকৃত মনোযোগ বোলা হয় । উদাহৰণস্বরূপে- এজন ক্রিকেটপ্রেমীৰ খেলৰ প্রতি দিয়া মনোযোগ ৷


(খ) ঐচ্ছিক মনোযোগ কি ? উদাহৰণ দিয়া ৷
(গ) ঐচ্ছিক মনোযোগ কাক কয় ? ইয়াৰ ভাগ দুটা উল্লেখ কৰা ৷
উত্তৰঃ
ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগঃ
যেতিয়া এজন ব্যক্তিয়ে কোনো হস্তক্ষেপ বা যান্ত্রিকতাৰ অবিহনে পৰিৱেশৰ কোনো বিষয়ৰ ওপৰত মনোযোগ প্রদান কৰে, তেতিয়া ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ বোলা হয় । উদাহৰণস্বরূপে- যিসকল ছাত্র-ছাত্রীৰ জীৱনত প্রতিষ্ঠিত হোৱাৰ আকাঙ্ক্ষা আছে তেওঁলোকে বাধা-বিঘিনি নেওচি স্ব-ইচ্ছাৰে অধ্যয়ণত মনোযোগ দিয়ে । 
 ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ দুই ভাগত ভাগ কৰা হৈছে ।
(অ)স্পষ্ট বা নিশ্চিত (Explicit) আরু (আ) অনুমিত (Implicit)
(অ)স্পষ্ট বা নিশ্চিত (Explicit): 
যেতিয়া কোনো এজন ব্যক্তিয়ে পৰিৱেশৰ কোনো প্রভাৱৰ বাবে বা ফলত কোনো এক নিদ্দিষ্ট বিষয় বা বস্তুৰ ওপৰত স্পষ্ট আরু নিশ্চিতভাৱে ইচ্ছাকৃত মনোযোগ প্রদান কৰে । তাক স্পষ্ট বা নিশ্চিত (Explicit) ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ বোলা হয় । উদাহৰণস্বরূপে- এজন খেলুৱৈয়ে তেওঁৰ খেল বিধৰ প্রতি দিয়া মনোযোগ ।

 (আ) অনুমিত (Implicit) :  
 যেতিয়া কোনো এজন ব্যক্তিৰ পৰিৱেশৰ কোনো এক নিদ্দিষ্ট বিষয় বা বস্তুৰ প্রতি মন, মানসিক ভাৱ-অনুভূতি আদি জড়িত হৈ থাকে আরু সেই বিষয়ৰ প্রতি এক গভীৰ মনোযোগৰ সৃষ্টি হয় । তাক অনুমিত (Implicit) ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ বোলা হয় । উদাহৰণস্বরূপে- অভিনয় ভালপোৱা এজনমানুহে নাটকৰ প্রতি দিয়া মনোযোগ ।

১২। সংবেদনাত্মক মনোযোগ কি ? উদাহৰণ দি বুজোৱা ৷
উত্তরঃ সংবেদনাত্মক মনোযোগ হ- মনোযোগৰ এক ভাগ বা প্রক্রিয়া যত আমাৰ পঞ্চইন্দ্রিয়ৰ সহায়ত সংবেদন লাভ কৰা হয় । সংবেদনাত্মক মনোযোগ সাধাৰণতে আমাৰ ইন্দ্রিয়ৰ জৰীয়তে সংঘটিত হয় । তিনিবিধ কাৰক বা অৱস্থাৰ ওপৰত সংবেদনাত্মক মনোযোগ নির্ভৰ কৰে । সেয়া হল- উদ্দীপকৰ আকর্ষণীয় ক্ষমতা, পঞ্চেন্দ্রিয়ৰ কার্যকুশলতা, আরু মস্তিষ্কৰ প্রতিক্রিয়াশীল শক্তি । মনোবিদসকলৰ মতে উদ্দীপকৰ প্রভাৱৰ ফলত পঞ্চেন্দ্রিয় উত্তেজিত হৈ যি মনোযোগ প্রদান কৰা হয় সেয়েই হল সংবেদনাত্মক মনোযোগ । উদাহৰণস্বরূপে- তীব্র পোহৰৰ প্রতি চকুৰ সহায়েৰে যি মনোযোগ প্রদান কৰা হয়, সেয়া হল সংবেদনাত্মক মনোযোগ ।   

১৩। আগ্রহৰ অর্থ ব্যাখ্যা কৰা ।
উত্তরঃ আগ্রহ শব্দটোৰ ইংৰাজী প্রতিশব্দ হল- Interest , যিটো লেটিন শব্দৰ পৰা উৎপত্তি হৈছে । ইয়াৰ উৎপত্তিগত অর্থ হ “It-matters” অর্থাৎ কিবা ক্ষেত্রত গুরুত্ব থকা আরু “It concerns” মানে কোনো বিষয়ৰ লগত সম্বন্ধ ঘটা বা সম্বন্ধ স্থাপন কৰা । সেয়েহে, যেতিয়া কোনো বিষয়বস্তু বা বিষয় এজন লোকৰ বাবে গুরুত্বপূর্ণ হয় আরু বিষয়টোৰ লগত এক সম্বন্ধ স্থাপিত হয় । তেতিয়াই আগ্রহ উৎপন্ন হোৱা বুলি কব পাৰি ।


১৪।  প্রত্যক্ষ আরু পৰোক্ষ মনোযোগ মানে কি বুজা ? উদাহৰণসহ বুজাই লিখা ।
উত্তরঃ
যেতিয়া কোনো এজন ব্যক্তিয়ে পৰিৱেশৰ কোনো এক নিদ্দিষ্ট বিষয় বা বস্তুৰ  উদ্দীপকৰ প্রতি অতিশয় শক্তিশালী আরু আকর্ষণীয় প্রভাৱৰ বাবে তৎকালীনভাৱে মনোযোগ প্রদান কৰে, তেতিয়া প্রত্যক্ষ মনোযোগ বোলা হয় । উদাহৰণস্বরূপে- কোনো এক বস্তুৰ বৃহৎ আকাৰ নাইবা তীব্রতাৰ বাবে বস্তুটোৰ প্রতি পোনপটীয়াকৈ দিয়া মনোযোগ ।

যেতিয়া কোনো এজন ব্যক্তিয়ে পৰিৱেশৰ কোনো এক নিদ্দিষ্ট বিষয় বা বস্তুৰ উদ্দীপকৰ লগত সংলগ্ন বা সংযোগ থকা অন্য বা আন কোনো কাৰণত মনোযোগ প্রদান কৰে, তেতিয়া পৰোক্ষ মনোযোগ বোলা হয় । অর্থাৎ যেতিয়া কোনো উদ্দীপকৰ লগত সংলগ্ন বা সংযোগ থকা আন কিবা কাৰণতহে মনোযোগ প্রদান করা হয় তাক পৰোক্ষ মনোযোগ বোলা হয় ৷ উদাহৰণস্বরূপে- কেলেণ্ডাৰৰ পোন্ধৰ আগষ্ট তাৰিখলৈ দিয়া মনোযোগ ।

১৫। আগ্রহৰ কেইটামান ঘাই বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তরঃ আগ্রহ হৈছে এক মানসিক ক্রিয়া যি কোনো বিষয়ৰ ওপৰত গুরুত্ব আৰোপ কৰে আরু বিষয়টোৰ লগত সম্বন্ধ স্থাপন কৰে । আগ্রহৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ হল-

(ক) মনৰ এক অন্তনিৰ্হিত অৱস্থা হিচাপে আগ্রহঃ
    আগ্রহ হল মানুহৰ মনৰ এক অন্তনিৰ্হিত অৱস্থা । আগ্রহে মনোযোগ প্রদানৰ বাবে ব্যক্তিক প্রেৰণা যোগায় বা প্রদান কৰে ।

(খ)আগ্রহ এক অনুভূতি জড়িত অভিজ্ঞতা
    ব্যক্তি এজনৰ বিভিন্ন অনুভূতিৰ লগত জড়িত থকা অভিজ্ঞতাৰ পৰা আগ্রহ উদ্ভৱ হয় । আগ্রহে এই অনুভূতিবোৰৰ জৰীয়তে মনোযোগ প্রদানত অৰিহণা যোগায় ।

(গ) মনোযোগৰ এক প্রধান কাৰক হিচাপে আগ্রহঃ
    মনোযোগ প্রদানৰ বাবে আগ্রহ নিতান্ত প্রয়োজন । সেয়েহে মনোবিদ সকলে আগ্রহক মনোযোগৰ এক প্রধান কাৰক হিচাপে বিবেচনা কৰে ।

(ঘ) মনৰ এক আভ্যন্তৰীণ কাৰক হিচাপে আগ্রহঃ
    আগ্রহ হল মনৰ এক গুরুত্বপূর্ণ আভ্যন্তৰীণ কাৰক । আগ্রহে মানুহৰ মনত আভ্যন্তৰীণভাবে ক্রিয়া কৰি মনোযোগ প্রদানত সহায় কৰে ।

(ঙ) আগ্রহ, পৰিৱেশৰ লগত এক মানসিক সম্বন্ধ স্থাপনঃ
    আগ্রহৰ আন এক বৈশিষ্ট্য এই যে আগ্রহে পৰিৱেশৰ কোনো বিষয়ৰ লগত মানসিক সম্বন্ধ স্থাপন কৰে । লগতে, সেই বিষয়টোৰ প্রতি মনক আৰোপিত কৰে ।

(চ) আগ্রহ এক ব্যক্তিনিষ্ঠ অৱস্থাঃ
    আগ্রহ হল মানুহৰ এক ব্যক্তিনিষ্ঠ অৱস্থা । আগ্রহ এজন ব্যক্তিৰ মনৰ বিভিন্ন পৰিস্থিতিৰ ওপৰত নির্ভৰ কৰে ।

১৬। সুপ্ত আরু আৰ্জিত আগ্রহ বুলিলে কি বুজা ? উদাহৰণসহ বুজাই লিখা ।
উত্তরঃ যিসমূহ আগ্রহ প্রবৃত্তিৰ পৰা উদ্ভৱ বা উৎপন্ন হয় । সেইসমূহ আগ্রহক সুপ্ত আগ্রহ বুলি কোৱা হয় । উদাহৰণস্বরূপে- খাদ্যৰ প্রতি থকা মানুহৰ আগ্রহ ।

আনহাতে, যিসমূহ আগ্রহ মানুহৰ শিক্ষা, অভিজ্ঞতা, জ্ঞান, প্রশিক্ষণ আদিৰ সহায়ত নতুবা ফলস্বরূপে উদ্ভৱ বা উৎপন্ন হয়  নতুবা আহৰণ কৰে । সেইসমূহ আগ্রহক আৰ্জিত আগ্রহ বুলি কোৱা হয় । উদাহৰণস্বরূপে- কম্পিউটাৰৰ খেলাৰ প্রতি আগ্রহ ।

১৭। তলত দিয়া প্রতিটো বাক্যৰ বিপৰীতে শুদ্ধবা অশুদ্ধলিখি উত্তৰ দিবা-
(ক) মনোযোগ মনৰ সচেতনতাক আৰোপিত কৰা নুবুজায় ।
উত্তরঃ অশুদ্ধ ।
(খ) আগ্রহ মনোযোগৰ এক আভ্যন্তৰীণ কাৰণ ।
উত্তরঃ শুদ্ধ ।
(গ) সকলো বয়সৰ লৰা-ছোৱালীয়ে বিশ্লেষণাত্মক মনোযোগ প্রদান কৰিব পাৰে ।
উত্তরঃ অশুদ্ধ ।
(ঘ) কেৱল বয়সস্থলোকেহে ভাৱাত্মক মনোযোগ দিব পাৰে ।
উত্তরঃ শুদ্ধ ।
(ঙ) প্রবৃত্তিৰ পৰা সৃষ্টি হোৱা আগ্রহক সুপ্ত আগ্রহ বোলে ।
উত্তরঃ শুদ্ধ ।
(চ) দীর্ঘ সময় ধৰি মনোযোগ প্রদান সম্ভৱ নহয় ।
উত্তরঃ শুদ্ধ ।
(ছ) আৰ্জিত আগ্রহ সকলো জীৱৰে ক্ষেত্রত সমপৰ্যায়ৰ ।
উত্তরঃ অশুদ্ধ ।
(জ) একে সময়তে দুটা বিষয়ত মনোযোগ দিব নোৱাৰি ৷
উত্তরঃ শুদ্ধ ।
(ঝ) আগ্রহ স্থায়ী আরু অস্থায়ী দুয়োধৰণৰ হব পাৰে ।
উত্তরঃ শুদ্ধ ।
(ঞ) মনোযোগ আরু আগ্রহৰ মাজত কাচিৎহে সম্বন্ধ দেখা যায় ।
উত্তরঃ অশুদ্ধ ।

Updating…………&  Recheking……..