1 Mark Questions:
১।জয়প্রকাশ নাৰায়ণ কোন ৰাজ্যৰ লোক আছিল ?
(ক) কংগ্রেছ দল লোকসভা
নির্বাচনত(১৫৪ খন আসন পাই) পরাজিত হৈছিল ।
৪ আরু ৬ নম্বররঃ
Updating..........
১।জয়প্রকাশ নাৰায়ণ কোন ৰাজ্যৰ লোক আছিল ?
উত্তরঃ জয়প্রকাশ
নাৰায়ণ বিহাৰ ৰাজ্যৰ লোক আছিল ।
২। কমিউনিষ্ট
পার্টী অৱ ইণ্ডিয়া (মার্ক্সবাদী-লেনিনবাদী-ৰ) প্রতিষ্ঠা কোনে কৰিছিল ?
উত্তরঃ কমিউনিষ্ট
পার্টী অৱ ইণ্ডিয়া (মার্ক্সবাদী-লেনিনবাদী-ৰ) প্রতিষ্ঠা চারু মজুমদাৰে কৰিছিল ।
৩। ভাৰতৰ প্রথমবাৰৰ
বাবে জরুৰীকালীন অৱস্থা কেতিয়া ঘোষনা কৰা হৈছিল ?
উত্তরঃ ভাৰতৰ
প্রথমবাৰৰ বাবে জরুৰীকালীন অৱস্থা ১৯৭৫ চনত ঘোষনা কৰা হৈছিল ।
৪। শ্বাহ আয়োগৰ
নেতৃত্ব কোনে দিছিল ?
উত্তরঃ শ্বাহ
আয়োগৰ নেতৃত্ব জে চি শ্বাহে দিছিল ।
৫। গুজৰাট আরু
বিহাৰত ছাত্র আন্দোলনৰ নেতৃত্ব কোনে দিছিল ?
উত্তরঃ গুজৰাট
আরু বিহাৰত ছাত্র আন্দোলনৰ নেতৃত্ব জয়প্রকাশ নাৰায়ণ দিছিল ।
৬। ইন্দিৰা
গান্ধীৰ দ্বাৰা কুৰি দফীয়া কাৰ্যসূচী অন্তৰ্ভূক্ত যিকোনো এটা বিষয় উল্লেখ কৰা ।
উত্তরঃ ইন্দিৰা
গান্ধীৰ দ্বাৰা কুৰি দফীয়া কাৰ্যসূচীৰ অন্তৰ্ভূক্ত এটা বিষয় হ’ল- দৰিদ্রতা দূৰীকৰণ
।
৭। জনতা চৰকাৰ
কেতিয়া ক্ষমতালৈ আহিছিল ?
উত্তরঃ জনতা চৰকাৰ
১৯৭৭ চনত ক্ষমতালৈ আহিছিল ।
৮।কোন চৰকাৰৰ
দিনত মণ্ডল আয়োগক নিযুক্তি দিয়া হৈছিল ?
উত্তরঃ জনতা দলৰ
চৰকাৰৰ দিনত মণ্ডল আয়োগক নিযুক্তি দিয়া হৈছিল ।
৯। ১৯৭৭ চনৰ সাধাৰণ
নির্বাচনত কোন দল জয়ী হৈছিল ?
উত্তরঃ ১৯৭৭ চনৰ
সাধাৰণ নির্বাচনত জনতা দল জয়ী হৈছিল ।
১০।ভাৰতত
‘দায়বদ্ধ আমোলাতন্ত্র আরু ন্যায়পালিকা’-ৰ ধাৰণাটো কোনে উলিয়াছিল ?
উত্তরঃ ভাৰতত
‘দায়বদ্ধ আমোলাতন্ত্র আরু ন্যায়পালিকা’-ৰ ধাৰণাটো ইন্দিৰা গান্ধীয়ে উলিয়াছিল ।
2 Marks Questions:
১১। ১৯৭৫ চনত জরুৰীকালীন
অৱস্থা ঘোষণা কৰা ভাৰতৰ ৰাষ্ট্রপতিগৰাকীৰ নাম কি?
উত্তরঃ ১৯৭৫ চনত
জরুৰীকালীন অৱস্থা ঘোষণা কৰা ভাৰতৰ ৰাষ্ট্রপতিগৰাকীৰ নাম- ফকরুদ্দিন আলী আহমেদ ।
১২। গণতন্ত্রৰ
পুনৰাৱৰ্তনৰ প্রতীক হিচাপে কোন পৰিগণিত হৈছিল ?
উত্তরঃ গণতন্ত্রৰ
পুনৰাৱৰ্তনৰ প্রতীক হিচাপে জয়প্রকাশ নাৰায়ণ পৰিগণিত হৈছিল ।
১৩। চারু মজুমদাৰ
কোন আছিল ?
উত্তরঃ চারু
মজুমদাৰ এজন প্রখ্যাত সমাজবাদী বিপ্লৱী আরু নক্সালবাদী আন্দোলনৰ গুৰি ধৰোতা নেতা
আছিল ।
১৪। ‘গণতন্ত্রৰ
বাবে কংগ্রেছ’ৰ নেতা কোন আছিল ?
উত্তরঃ ‘গণতন্ত্রৰ
বাবে কংগ্রেছ’ৰ নেতা আছিল- জগজীৱন ৰাম ।
১৫। ভাৰতৰ কোনটো
অঞ্চলত মার্ক্সবাদী-লেনিনবাদী গোট শক্তিশালী আছিল ?
উত্তরঃ ভাৰতৰ
পশ্চিমবংগত মার্ক্সবাদী-লেনিনবাদী গোট শক্তিশালী আছিল ।
১৬। শুদ্ধ শব্দটো
বাচি উলিওৱাঃ
(ক) ১৯৭১ চনৰ
নির্বাচনত (কংগ্রেছ/জনতা)ই ‘গৰীবী হটাও’ শ্লোগান দিছিল ।
উত্তরঃ কংগ্রেছে
।
(খ) (১৯৬৬/১৯৬৭
চনত) দার্জিলিং পাহাৰৰ নক্সালবাদী আৰক্ষী থানা এলেকাত কৃষক অভ্যূথ্থান হৈছিল ।
উত্তরঃ ১৯৬৭ চনত
।
(গ) অনুচ্ছেদ
নম্বৰ (৩৫২/৩৫৬) অনুসৰি ১৯৭৫ চনত ভাৰতৰ জরুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল ।
উত্তরঃ ৩৫২ ।
(ঘ) ১৯৭৭ চনৰ
নির্বাচনৰ পিছত (মোৰাৰজী দেশাই/চৰণ সিং) জনতা পার্টী চৰকাৰৰ প্রধানমন্ত্রী হৈছিল ।
উত্তরঃ মোৰাৰজী
দেশাই ।
(ঙ) ১৯৭৪ চনত ৰে’লৱে
ধর্মঘটৰ (জয়প্রকাশ নাৰায়ণে/জর্জ ফাৰ্ণাণ্ডেজে)নেতৃত্ব দিছিল ।
উত্তরঃ জর্জ
ফাৰ্ণাণ্ডেজে ।
(চ) শ্বাহ আয়োগ
(১৯৭১/১৯৭৭/১৯৮০) চনত নিযুক্ত হৈছিল ।
উত্তরঃ ১৯৭১ ।
(ছ) নক্সালবাদী
আন্দোলন (১৯৬৭/১৯৬৯/১৯৭৪) চনত আৰম্ভ হৈছিল ।
উত্তরঃ ১৯৬৭ ।
(জ) ‘ইন্দিৰা ইজ
ইণ্ডিয়া, ইণ্ডিয়া ইজ ইন্দিৰা’ শ্ল’গানটো (চৰণ সিং/জগজীৱন ৰাম/দেৱকান্ত বরুৱা)ই
দিছিল ।
উত্তরঃ দেৱকান্ত
বরুৱা ।
(ঝ) ‘সর্বাত্মক
বিপ্লৱ’ৰ আহ্বান জনাইছিল (মোৰাৰজী দেশাই/জয়প্রকাশ নাৰায়ণে/জগজীৱন ৰামে) ।
উত্তরঃ জয়প্রকাশ
নাৰায়ণে ।
১৭। নৱ-নির্মাণ
আন্দোলন কোন ৰাজ্যত আৰম্ভ হৈছিল ?
উত্তরঃ
নৱ-নির্মাণ আন্দোলন গুজৰাটত আৰম্ভ হৈছিল ।
১৮। যিকোনো এটা
সামাজিক স্বতন্ত্রতা সংগঠনৰ নাম লিখা ।
উত্তরঃ এটা
সামাজিক স্বতন্ত্রতা সংগঠনৰ নাম হ’ল- People’s Union for Civil Liberties and
Democratic Rights ।
১৯। ‘মহা মৰ্চা’
কেতিয়া গঠিত হৈছিল ?
উত্তরঃ ‘মহা
মৰ্চা’ ১৯৭১ চনত গঠিত হৈছিল ।
২০। জনতা পার্টী
কেতিয়া গঠিত হৈছিল ?
উত্তরঃ জনতা
পার্টী ১৯৭৭ চনত গঠিত হৈছিল ।
২১। জনতা পার্টীৰ প্রথম
সভাপতিগৰাকী কোন আছিল ?
উত্তরঃ জনতা পার্টীৰ
প্রথম সভাপতিগৰাকী আছিল- জয়প্রকাশ নাৰায়ণ ।
২২। ‘দায়বদ্ধ আমোলাতন্ত্রৰ
এটা বৈশিষ্ট্র্য লিখা ।
উত্তরঃ ‘দায়বদ্ধ
আমোলাতন্ত্রৰ এটা বৈশিষ্ট্র্য- চৰকাৰৰ আদর্শৰ প্রতি আনুগত্য প্রকাশ কৰা ।
২৩। ১৯৭৫ চনত জরুৰীকালীন
অৱস্থা ঘোষণা কৰা ভাৰতৰ ৰাষ্ট্রপতিগৰাকীৰ নাম লিখা ।
উত্তরঃ ১৯৭৫ চনত জরুৰীকালীন
অৱস্থা ঘোষণা কৰা ভাৰতৰ ৰাষ্ট্রপতিগৰাকীৰ নাম- ফকরুদ্দিন আলি আহমেদ ।
২৪। ১৯৭৪ চনৰ ৰেলৱে
ধর্মঘট নেতৃত্ব কোনে দিছিল ?
উত্তরঃ ১৯৭৪ চনৰ ৰেলৱে
ধর্মঘট নেতৃত্ব জর্জ ফাৰ্ণাণ্ডেজে দিছিল ।
২৫। জয়প্রকাশ নাৰায়ণ কোন
আছিল ?
উত্তরঃ জয়প্রকাশ নাৰায়ণ
সমাজবাদী দলৰ প্রতিষ্ঠাপক আছিল ।
২৬। খালী ঠাই পূৰণ করাঃ
(ক) মোৰাৰজী দেশাই ______
দলৰ প্রথমগৰাকী প্রধানমন্ত্রী আছিল ।
উত্তরঃ মোৰাৰজী দেশাই
অকংগ্রেছী দলৰ প্রথমগৰাকী প্রধানমন্ত্রী আছিল ।
(খ) ১৯৭৭ চনৰ মে মাহত
জনতা পার্টী চৰকাৰে _____ নেতৃত্বত এখন তদন্ত আয়োগৰ নিযুক্তি দিছিল ।
উত্তরঃ ১৯৭৭ চনৰ মে মাহত
জনতা পার্টী চৰকাৰে ন্যায়ধীশ জে. চি. শ্বাহৰ নেতৃত্বত এখন তদন্ত আয়োগৰ নিযুক্তি
দিছিল ।
(গ) _______ নেতৃত্বত বিৰোধী
ৰাজনৈতিক দলসমূহে শ্রীমতী ইন্দিৰা গান্ধীক পদত্যাগৰ বাবে হেঁচা দিছিল ।
উত্তরঃ জয়প্রকাশ নাৰায়ণৰ
নেতৃত্বত বিৰোধী ৰাজনৈতিক দলসমূহে শ্রীমতী ইন্দিৰা গান্ধীক পদত্যাগৰ বাবে হেঁচা
দিছিল ।
২৭। ভাৰতৰ সাম্যবাদী (মার্ক্সবাদী লেনিনবাদী) দল কোনে প্রতিষ্ঠা কৰিছিল
?
উত্তরঃ ভাৰতৰ সাম্যবাদী (মার্ক্সবাদী লেনিনবাদী) দল চারু মজুমদাৰে (Charu Majumder)প্রতিষ্ঠা কৰিছিল ।
২৮। কোনজন ৰাষ্ট্রপতিয়ে ১৯৭৫ চনত ভাৰতত জরুৰী অৱস্থা ঘোষণা কৰিছিল
লিখা ।
উত্তরঃ ১৯৭৫ চনত ২৫ জুন তাৰিখে ভাৰতৰ ৰাষ্ট্রপতি ফকরুদ্দিন আলী আহমেদে জরুৰী অৱস্থা ঘোষণা কৰিছিল ।
২৯। ১৯৭৭ চনৰ নিৰ্বাচনৰ পাছত ভাৰতৰ প্রধানমন্ত্রী কোন হৈছিল?
উত্তরঃ ১৯৭৭ চনৰ নিৰ্বাচনৰ পাছত ভাৰতৰ প্রধানমন্ত্রী হৈছিল- মোৰাৰজী দেশাই ৷
৩০। ‘সম্পূর্ণ বিপ্লৱ’ৰ আহ্বান কোনে দিছিল?
উত্তরঃ ‘সম্পূর্ণ বিপ্লৱ’ৰ আহ্বান জয় প্রকাশ নাৰায়ণে দিছিল ।
৩১। কোনখন ৰাজ্যত নৱ-নির্মাণ আন্দোলন আৰম্ভ হৈছিল ?
উত্তরঃ গুজৰাটত নৱ-নির্মাণ আন্দোলন আৰম্ভ হৈছিল ।
৩২। যিকোনো এটা নাগৰিক (অসামৰিক) স্বাধীনতা সংস্থাৰ নাম লিখা ।
উত্তরঃ এটা নাগৰিক (অসামৰিক) স্বাধীনতা সংস্থাৰ নাম হ'ল- People’s Union for Civil Liberties and Democratic Rights
৩৩। জয় প্রকাশ নাৰায়ণ কোন আছিল ?
উত্তরঃ জয়প্রকাশ নাৰায়ণ সমাজবাদী দলৰ প্রতিষ্ঠাপক আছিল ।
2 Marks Questions:
১। কোনে আরু কিয়
কুৰি দফীয়া কাৰ্যসূচী প্রৱৰ্তন কৰিছিল ?
উত্তরঃ ১৯৭৫ চনত
ইন্দিৰা গান্ধীয়ে দুখীয়া জনসাধাৰণৰ কল্যাণৰ অর্থে কুৰি দফীয়া কাৰ্যসূচী প্রৱৰ্তন কৰিছিল
।
২। দক্ষিণাত্যৰ ৰাজ্যসমূহত
কংগ্রেছৰ বিজয়ৰ দুটা কাৰণ লিখা ।
উত্তরঃ দক্ষিণাত্যৰ
ৰাজ্যসমূহত কংগ্রেছৰ বিজয়ৰ দুটা কাৰণ হ’ল-
(ক) দক্ষিণাত্যৰ
ৰাজ্যসমূহত জরুৰী অৱস্থাৰ কোনো তীব্র প্রভাৱ পৰা নাছিল ।
(খ)দক্ষিণাত্যৰ ৰাজ্যসমূহত
বিৰোধী দলসমূহে কংগ্রেছৰ বিরুদ্ধে কোনো ঐক্যবদ্ধ হোৱা নাছিল ।
৩। ১৯৭৪ চনৰ ৰে’লৱে
ধর্মঘটৰ বিষয়ে এটি টোকা লিখা ।
উত্তরঃ জর্জ ফাৰ্ণাণ্ডেজৰ নেতৃত্বত ১৯৭৪ চনত সমগ্র দেশতে ৰেলৱে
ধর্মঘটৰ কাৰ্যসূচী গ্রহণ কৰিছিল । ৰে’লৱে কর্ম-কর্তাসকলক অতিৰিক্ত সা-সুবিধা
প্রদান কৰা আরু কর্ম কৰাৰ বাবে সু-পৰিৱেশ প্রদান কৰাৰ অর্থে এই ধর্মঘটে দাবি
জনাইছিল । ঠায়ে ঠায়ে ৰে’লগাড়ীৰ চলাচল বন্ধ হৈ গৈছিল আরু এক অস্থিৰতাৰ পৰিৱেশৰ
সৃষ্টি হৈছিল । চৰকাৰে এই ৰে’লৱে ধর্মঘটক অবৈধ বুলি ঘোষণা কৰিছিল আরু ধর্মঘট বন্ধ
কৰিবৰ বাবে সশস্ত্র বাহিনী প্রয়োগ কৰিছিল আরু কিছু নেতাক গ্রেপ্তাৰ কৰিছিল । তাৰ
পাছতে, আন্দোলনকাৰীসকলে ৰে’লৱে ধর্মঘটৰ কাৰ্যসূচী প্রত্যাহাৰ কৰিছিল ।
৪। কোনে আরু কিয়
প্রথমতে ৰাষ্ট্রজোৰা সত্যাগ্রহ গঢ়ি তুলিছিল ?
উত্তরঃ জয়প্রকাশ
নাৰায়ণে প্রকৃত গণতান্রিক শাসন প্রতিষ্ঠা কৰাৰ অর্থে আরু ইন্দিৰা গান্ধীৰ পদত্যাগ
কৰাৰ দাবী জনাই প্রথম বাৰৰ বাবে ৰাষ্ট্রজোৰা সত্যাগ্রহ গঢ়ি তুলিছিল ।
৫। সংবিধানৰ
বুনিয়াদী গাঁথনি বুলিলে কি বুজা ?
উত্তরঃ ভাৰতৰ
সংবিধান প্রস্তুত কৰাৰ সময়ত সংবিধানৰ প্রস্তাৱনাৰ লক্ষ্য আরু আদর্শৰ ওপৰত নিৰ্ভৰ কৰি
কিছুমান বিষয় সন্নিবিষ্ট কৰা হৈছে যিবোৰ মৌলিক গাঁথনিৰ পৰা কোনো পৰ্যায়তে সংশোধন কৰিব
পৰা নাযায় । এই বিষয়সমূহ সংবিধানৰ বুনিয়াদী গাঁথনি বুলি বুজা
যায় । এইসমূহৰ ভিতৰত, উল্লেখযোগ্য বিষয়সমূহ হ’ল- সমতাৰ অধিকাৰ, মৌ্লিক অধিকাৰ,
ধর্মনিৰপেক্ষতা, গণতান্ত্রিক শাসন ব্যৱস্থা, ন্যায়িক সমীক্ষা, আইন
প্রণয়ণ পদ্ধতি, আদি ।
৬। ভাৰতৰ ‘দায়বদ্ধ আমোলাতন্ত্র’ৰ দুটা
গুরুত্বপূর্ণ বৈশিষ্ট্য লিখা ।
উত্তরঃ ভাৰতৰ
‘দায়বদ্ধ আমোলাতন্ত্র’ৰ দুটা গুরুত্বপূর্ণ বৈশিষ্ট্য হ’লঃ
(ক) ভাৰতৰ
সংবিধানৰ নীতি আরু আদর্শৰ প্রতি দায়বদ্ধতা ৰক্ষা কৰা ।
(খ) চৰকাৰ গঠন কৰা
ৰাজনৈতিক দলৰ নীতি আরু কাৰ্যসূচীৰ লগত আমোলাতন্ত্রই সম্পর্ক অক্ষুণ্ণ ৰখা বা সম্পর্ক ৰক্ষা কৰা ।
৭। কিয় আরু কিহৰ
ভিত্তিত কংগ্রেছ চৰকাৰে জরুৰীকালীন অৱস্থা ঘোষণা কৰিছিল ?
উত্তরঃ যেতিয়া
ইন্দিৰা গান্ধীয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ নির্দেশৰ বিরুদ্ধে উচ্চতম ন্যায়ালয়ত
আবেদন কৰিছিল, তেতিয়া উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়দান সাময়িকভাৱে
স্থগিত ৰাখিবৰ বাবে নির্দেশ প্রদান কৰিছিল । ইয়াৰ লগে লগে, সংবিধানৰ ৩৫২ নং
অনুচ্ছেদৰ ভিত্তিত ইন্দিৰা গান্ধীয়ে ৰাষ্ট্রপতিক জরুৰীকালীন অৱস্থা ঘোষণা কৰিবৰ
বাবে পৰামর্শ প্রদান কৰিছিল ।
৮। মার্কিন
যুক্তৰাষ্ট্রই ভাৰতলৈ সকলো সাহায্য বন্ধ কৰিছিল কিয় ? দুটা যুক্তি দিয়া ।
উত্তরঃ মার্কিন
যুক্তৰাষ্ট্রই ভাৰতলৈ আগবঢ়োৱা সকলো সাহায্য বন্ধ কৰিছিল কাৰণ,
(ক)ভাৰতবর্ষত
বাওঁপন্থী আন্দোলনৰ কার্যকলাপ বৃদ্ধি হোৱাৰ পৰিপেক্ষিতত আমেৰিকা সন্তুষ্ট হোৱা
নাছিল ।
(খ) বাংলাদেশৰ
যুদ্ধৰ সময়ত ভাৰতে আগবঢ়োৱা অর্থনৈতিক আরু নৈতিক সমর্থনত পাকিস্তান অসন্তুষ্ট হৈছিল
। যাৰ ফলস্বরূপে, পাকিস্তানৰ সমর্থনত আমেৰিকাই ভাৰতলৈ আগবঢ়োৱা সকলো সাহায্য বন্ধ কৰিছিল
।
৯। জরুৰীকালীন
অৱস্থাৰে (Implication of Emergency) সাঙোৰ খোৱা বিষয়সমূহৰ তালিকা দিয়া ।
উত্তরঃ জরুৰীকালীন
অৱস্থাৰে (Implication of Emergency) সাঙোৰ খোৱা বিষয়সমূহ হ’লঃ
(ক) ১৯৭৫ চনৰ ১২
জুন তাৰিখে এলাহাবাদ উচ্চ ন্যায়লয়ে ইন্দিৰা গান্ধী নির্বাচন হোৱাটো অবৈধ বুলি
ঘোষণা কৰা বিষয়টো জরুৰীকালীণ বিষয়ৰ মূল কাৰণ আছিল ।
(খ) ইন্দিৰা
গান্ধীয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ নির্দেশৰ বিরুদ্ধে উচ্চতম ন্যায়ালয়ত কৰা আবেদন
আন এক কাৰণ আছিল ।
(গ) তৃতীয়তে,
উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়দান সামূহিকভাৱ স্থগিত কৰাৰ নির্দেশ
আন এক জরুৰীকালীণ অৱস্থাৰ কাৰণ আছিল ।
(ঘ)অৱশেষত,
ইন্দিৰা গান্ধীৰ পৰামর্শ অনুযায়ী ১৯৭৫ চনৰ ২৫ জুন তাৰিখে ৰাষ্ট্রপতি ফকরুদ্দিন আলী
আহমেদে গ্রহণ কৰা পদক্ষেপ ।
১০। আৰক্ষী আরু
আমোলাৰ কাম-কাজৰ ক্ষেত্রত জরুৰীকালীন অৱস্থাৰ পৰিণামসমূহ লিখা ।
উত্তরঃ আৰক্ষী
আরু আমোলাৰ কাম-কাজৰ ক্ষেত্রত জরুৰীকালীন অৱস্থাৰ পৰিণামসমূহ হ’লঃ
(ক) জরুৰীকালীণ
অৱস্থাৰ সময়ত আৰক্ষী আরু আমোলাতন্ত্রই ‘আভ্যন্তৰীণ ৰক্ষা আইন’ আরু ‘নিবাৰক আটক
আইন’ৰ অধীনত বহুতো নিৰপৰাধী লোকক গ্রেপ্তাৰ কৰিছিল ।
(খ) জরুৰীকালীণ
সময়ছোৱাত, সকলো ক্ষমতা প্রধানমন্ত্রী, আমলাতন্ত্র আরু আৰক্ষীৰ হাতত কেন্দ্রীভূত
হৈছিল ।
(গ) সেই সময়ত, আৰক্ষী
আরু আমোলাতন্ত্রই শাসন ব্যৱস্থাটো বহু ক্ষেত্রত ইচ্ছানুসৰি পৰিচালনা আরু ব্যৱহাৰ কৰিছিল
।
(ঘ) জরুৰীকালীণ
সময়ত, জনসাধাৰণৰ সাধাৰণ জীৱন-যাপনত ব্যাহত হৈছিল আরু প্রতি পদে পদে নানান সমস্যাৰ
সন্মুখীন হব লগা হৈছিল ।
১১। সংবাদ মাধ্যমৰ চেঞ্চৰশ্বিপ বুলিলে কি
বুজা ? জরুৰী অৱস্থাৰ সময়ত ইয়াৰ প্রভাৱ কি ?
উত্তরঃ আগত কোনো বাতৰি প্রকাশ কৰাৰ বাবে
সংবাদ মাধ্যমসমূহে চৰকাৰৰ পৰা অনুমতি ল’ব লাগে । আগতীয়াকৈ লোৱা এই অনুমতি বা
অনুমোদনক সংবাদ মাধ্যমৰ চেঞ্চৰশ্বিপ বুলি কোৱা হয় । ১৯৭৪ চনত জরুৰী অৱস্থাৰ সময়ত
ইন্দিৰা গান্ধীয়ে সংবাদ মাধ্যমৰ ওপৰত নিষেধাজ্ঞা প্রদান কৰিছিল । লগতে, ইন্দিৰা
গান্ধী চৰকাৰে সংবাদ মাধ্যমৰ স্বাধীনতা কর্তন কৰিছিল ।
১২। প্রতিৰোধমূলক আটক বুলিলে কি বুজা যায়
?
উত্তরঃ প্রতিৰোধমূলক আটক বুলিলে জরুৰীকালীন
সময়ত প্রৱৰ্তন কৰা এক আইনক বুজা যায় । এই আইনৰ সহায়ত চৰকাৰী বিৰোধী কোনো কার্যকলাপ নাইবা কোনো
লোকক আটক কৰাৰ ক্ষমতা নিৰাপত্তাৰক্ষীসকলক অর্পণ কৰা হয় ।
১৩। অনাকংগ্রেছী দলসমূহে কংগ্রেছৰ বিৰোধিতা
কিয় কৰিছিল ?
উত্তরঃ অনাকংগ্রেছী দলসমূহে কংগ্রেছৰ বিৰোধিতা
কৰিছিল । কাৰণ, ইন্দিৰা গান্ধীয়ে নিজৰ ক্ষমতাৰ
অপব্যৱহাৰ কৰি স্বেচ্ছাচাৰী শাসন চলাইছিল । লগতে, তেওঁলোকে ইন্দিৰা গান্ধী পদত্যাগৰ
দাবী জনাইও কংগ্রেছৰ বিৰোধিতা কৰিছিল ।
১৪। ১৯৭৭ চনৰ নির্বাচন উপলক্ষে গঠন হোৱা
নতুন দলসমূহৰ নাম লিখা ।
উত্তরঃ ১৯৭৭ চনৰ নির্বাচন উপলক্ষে গঠন
হোৱা নতুন দলসমূহৰ নাম হ’ল- জনতা দল আরু গণতান্ত্রিক কংগ্রেছ দল ।
১৫। ১৯৭২ চনৰ লোকসভা নির্বাচনৰ যিকোনো তিনিটা ফলাফল ব্যাখ্যা কৰা ।
উত্তরঃ ১৯৭২ চনৰ লোকসভা নির্বাচনৰ যিকোনো তিনিটা ফলাফল হ’লঃ
(ক) ১৯৭২ চনৰ
লোকসভা নির্বাচনত কংগ্রেছ (আৰ) আরু চি. পি. আই. ৰ মিত্রজোঁটে পূর্বত হৈ যোৱা চাৰি
নির্বাচনতকৈ অধিক ভোট আরু আসন লাভ কৰিছিল ।
(খ)১৯৭২ চনৰ লোকসভা নির্বাচনৰ পিছত বাংলাদেশ নামৰ নতুন ৰাষ্ট্রখনৰ
সৃষ্টি হৈছিল ।
(গ) ১৯৭২ চনৰ
লোকসভা নির্বাচনৰ পৰৱৰ্তী সময়ত পূব পাকিস্তানত ভীষণ সামৰিক আরু ৰাজনৈতিক সংকটে
দেখা দিছিল ।
১৬। সামাজিক স্বতন্ত্রতা সংগঠন বুলিলে কি বুজা?
উত্তরঃ সামাজিক স্বতন্ত্রতা সংগঠন বুলিলে আর্থ-সামাজিক, ধর্মীয়-সাহিত্য, সাংস্কৃতিক রক্ষা, আদিৰ সংগঠনসমূহক বুজা যায় । এই সংগঠনসমূহে সমাজর জাতি, ধর্ম, সংস্কৃতি আদিৰ স্বার্থত গঢ় লৈ উঠে আরু সমাজৰ কাৰণে মাত মাতে । ইয়াৰ এক উৎকৃষ্ট উদাহৰণ হ'ল- মুছলীম লীগ ।
১৬। সামাজিক স্বতন্ত্রতা সংগঠন বুলিলে কি বুজা?
উত্তরঃ সামাজিক স্বতন্ত্রতা সংগঠন বুলিলে আর্থ-সামাজিক, ধর্মীয়-সাহিত্য, সাংস্কৃতিক রক্ষা, আদিৰ সংগঠনসমূহক বুজা যায় । এই সংগঠনসমূহে সমাজর জাতি, ধর্ম, সংস্কৃতি আদিৰ স্বার্থত গঢ় লৈ উঠে আরু সমাজৰ কাৰণে মাত মাতে । ইয়াৰ এক উৎকৃষ্ট উদাহৰণ হ'ল- মুছলীম লীগ ।
১৭।জরুৰীকালীন অৱস্থাৰ পৰা সমাজৰ বিভিন্ন
অংশৰ বিভিন্ন আকাংক্ষাবোৰ কি আছিল ?
উত্তরঃ
উত্তরঃ জরুৰীকালীন অৱস্থাৰ পৰা সমাজৰ
বিভিন্ন অংশৰ বিভিন্ন আকাংক্ষাবোৰ আছিল এনেধৰণরঃ
(ক)কংগ্রেছ দলৰ
সমর্থকসকলে জরুৰীকালীন অৱস্থাৰ পৰা সমাজৰ উন্নতিৰ বিষয়ৰ কথা উল্লেখ কৰিছিল ।
(খ) কিছু সমর্থকৰ
মতে, জরুৰীকালীন অৱস্থাৰ জৰীয়তে ৰাষ্ট্রৰ কিছুমান আভ্যন্তৰীণ আসোঁৱাহসমূহ সমাধান কৰি
উন্নয়ণমূলক আঁচনিসমূহ গ্রহণ কৰাত সুবিধা হৈছে ।
(গ) কিছুলোকৰ
মতে, জরুৰীকালীন অৱস্থাই আভ্যন্তৰীণ বিদ্রোহ দমন কৰি শান্তি প্রতিষ্ঠা কৰাত সফল
হৈছে ।
(ঘ)বিৰোধিতা দলৰ
নেতাসকলে জরুৰীকালীণ অৱস্থাক তীব্র
সমালোচনা কৰিছিল আরু ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰিছিল ।
১৮। জনতা পার্টী গঠনৰ বাবে দায়বদ্ধ কাৰণসমূহ
কি কি ?
উত্তরঃ জনতা পার্টী গঠনৰ বাবে দায়বদ্ধ কাৰণসমূহ হ’লঃ
(ক) ভাৰতৰ
সাংবিধানিক গণতান্ত্রিক আদর্শ স্থাপন কৰা ।
(খ) জরুৰীকালীন
অৱস্থাৰ সময়ছোৱাত জনসাধাৰণৰ চৰকাৰৰ প্রতি সৃষ্টি হোৱা অসন্তুষ্টি আরু বিতুষ্টি ভাৱবোৰ
দূৰ কৰি পুনৰ বিশ্বাস স্থাপন কৰা ।
(গ) ইন্দিৰা
গান্ধীৰ স্বৈৰচাৰী শাসন ব্যৱস্থাৰ অৱসান ঘটোৱা ।
(ঘ)জরুৰীকালীণ
অৱস্থাৰ সময়ত গ্রেপ্তাৰ হোৱা মূল নেতাসকলক নির্বাচনৰ কিছু দিনৰ পূর্বেহে জেলৰ পৰা
মুকলি কৰি দিছিল । যাৰ বাবে অতি কম সময়ৰ ভিতৰত নির্বাচনৰ কাৰণে আরু দল সুদৃঢ় কৰিবলৈ
সময় পাইছিল ।
১৯। ৪২ সংখ্যক সংবিধান সংশোধনী আইনৰ দুটা
মূল বিধানৰ বিষয়ে লিখা ।
উত্তরঃ ৪২ সংখ্যক সংবিধান সংশোধনী আইনৰ দুটা মূল বিধান
হ’লঃ
(ক) মন্ত্রী পৰিষদৰ
পৰামর্শ মানি চলিবলৈ ৰাষ্ট্রপতিক বাধ্য কৰোৱা ৷
(খ) জাতীয়
স্বার্থবিৰোধী সংগঠন নিষিদ্ধকৰণৰ অধিকাৰ সংসদক প্রদান কৰা ।
২০। বিহাৰ আন্দোলনৰ বিষয়ে এটা টোকা লিখা ।
(৪ নম্বৰৰ প্রশ্ন )
উত্তরঃ মূল্যবৃদ্ধি, দুর্নীতি, দ্রব্য সামগ্রীৰ
নাটনি, দৰিদ্রতা, নিবনুৱা আদি সমস্যাসমূহৰ বিরুদ্ধে ১৯৭৪ চনৰ মার্চ মাহত ছাত্রসকলৰ
নেতৃত্বত বিহাৰত বিরুদ্ধি আন্দোলন গঢ়ি উঠিছিল । বিহাৰৰ আন্দোলনৰ গুৰি ধৰিছিল
জয়প্রকাশ নাৰায়ণ আরু সমাজ-সংস্কাৰকসকলে । জয়প্রকাশ নাৰায়ণৰ নেতৃত্বাধীনত গঢ়ি উঠা
বিৰোধী আন্দোলনে কংগ্রেছ চৰকাৰৰ পদত্যাগৰ দাবী জনাইছিল । জয়প্রকাশ নাৰায়নে বিহাৰত হোৱা এই আন্দোলনক
গোটেই দেশত বিয়পি পৰাৰ ক্ষেত্রত আশা কৰিছিল । এই আন্দোলন এবছৰৰো অধিক সময় ধৰি
চলিছিল । ভাৰতৰ ৰাজনৈতিক ইতিহাসত এই আন্দোলনক ‘সর্বাত্মক আন্দোলন’ হিচাপে জনা
গৈছিল ।
২১। ১৯৭৭ চনৰ লোকসভা
নির্বাচনৰ দুটা ফলশ্রুতি লিখা ।
উত্তরঃ ১৯৭৭ চনৰ লোকসভা নির্বাচনৰ দুটা ফলশ্রুতি হ'লঃ
(খ) ১৯৭৭ চনত জনতা দল
ক্ষমতালৈ আহিছিল আরু চরকার গঠন করিছিল ।
২২। কোনে প্রথমে
দেশজোৰা সত্যাগ্রহ সংগঠন কৰিছিল আরু কিয়?
উত্তরঃ জয়প্রকাশ নাৰায়ণে প্রকৃত গণতান্রিক শাসন প্রতিষ্ঠা কৰাৰ অর্থে আরু ইন্দিৰা গান্ধীৰ পদত্যাগ কৰাৰ দাবী জনাই প্রথম বাৰৰ বাবে ৰাষ্ট্রজোৰা সত্যাগ্রহ গঢ়ি তুলিছিল ।
২৩। সংবিধানৰ মূল
গাঁথনি বুলিলে কি বুজা?
উত্তরঃ ভাৰতৰ সংবিধান প্রস্তুত কৰাৰ সময়ত সংবিধানৰ প্রস্তাৱনাৰ লক্ষ্য আরু আদর্শৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান বিষয় সন্নিবিষ্ট কৰা হৈছে যিবোৰ মৌলিক গাঁথনিৰ পৰা কোনো পৰ্যায়তে সংশোধন কৰিব পৰা নাযায় । এই বিষয়সমূহ সংবিধানৰ মূল বা বুনিয়াদী গাঁথনি বুলি বুজা যায় । এইসমূহৰ ভিতৰত, উল্লেখযোগ্য বিষয়সমূহ হ’ল- সমতাৰ অধিকাৰ, মৌ্লিক অধিকাৰ, ধর্মনিৰপেক্ষতা, গণতান্ত্রিক শাসন ব্যৱস্থা, ন্যায়িক সমীক্ষা, আইন প্রণয়ণ পদ্ধতি, আদি ।
২৫। সংবাদ মাধ্যমৰ
নিষেধাজ্ঞা বুলিলে কি বুজা?
উত্তরঃ আগত কোনো বাতৰি প্রকাশ কৰাৰ বাবে সংবাদ মাধ্যমসমূহে চৰকাৰৰ পৰা অনুমতি ল’ব লাগে । আগতীয়াকৈ লোৱা এই অনুমতি বা অনুমোদনক সংবাদ মাধ্যমৰ নিষেধাজ্ঞা বুলি কোৱা হয় । ১৯৭৪ চনত জরুৰী অৱস্থাৰ সময়ত ইন্দিৰা গান্ধীয়ে সংবাদ মাধ্যমৰ ওপৰত নিষেধাজ্ঞা প্রদান কৰিছিল । লগতে, ইন্দিৰা গান্ধী চৰকাৰে সংবাদ মাধ্যমৰ স্বাধীনতা কর্তন কৰিছিল ।
২৬। নিবাৰক আটক কি?
উত্তরঃ নিবাৰক আটক বুলিলে জরুৰীকালীন সময়ত প্রৱৰ্তন কৰা এক আইনক বুজা যায় । এই আইনৰ সহায়ত চৰকাৰী বিৰোধী কোনো কার্যকলাপ নাইবা কোনো লোকক আটক কৰাৰ ক্ষমতা নিৰাপত্তাৰক্ষীসকলক অর্পণ কৰা হয় ।
৪ আরু ৬ নম্বররঃ
১। আন ১৯৮০ চনত মধ্যকালীন নির্বাচন অনুস্থিত হোৱাৰ কারণবোর কি আছিল?
অথবাঃ ১৯৮০ চনর মধ্যকালীন নির্বাচনর কারণবোর কি কি আছিল?
অথবাঃ কংগ্রেছ আরু জনতা পার্টীত কিহে বিভাজন ঘটাইছিল?
উত্তরঃ ১৯৭৭ চনর নির্বাচনত জনতা পার্টীয়ে চরকার গঠন করিছিল যদিও ১৯৮০ চনত মধ্যকালীন নির্বাচন অনুস্থিত করিবলগা হৈছিল । ইয়ার মুখ্য কারণসমূহ আছিল-
(ক) দলর নিজর একতা আরু স্থায়িত্ব রক্ষাত ব্যর্থঃ
জনতা দলর নেতাসকলর মাজত একতা আরু স্থায়িত্ব রক্ষাত অসফল হৈছিল যার ফলসবরূপে অতি কম সময়র ভিতরতে ১৯৮০ চনত নির্বাচন অনুষ্ঠিত করিব লগা হৈছিল ।
(খ) সু-নেতৃত্ব, নিয়মানুৱৰ্তিতা আরু উমৈহতীয়া কাৰ্যাৱলীৰ অভাৱঃ
জনতা পার্টির মাজত সু-নেতৃত্ব প্রদান করা নেতার অভাৱ আছিল । লগতে, নিয়মানুৱৰ্তিতা আরু উমৈহতীয়া কাৰ্যাৱলীৰ অভাৱে জনসাধারণর মাজতো অপ্রিয় হৈ পরিছিল ।
(গ) দলর মাজত বিভাজনঃ
১৯৭৭ চনর নির্বাচনর কিছু দিনর পাছতে জনতা দলর মাজত বিভাজন আরম্ভ হৈছিল । রাজনৈতিক কারণতে দলর মাজতে মতানৈক্যর সৃষ্টি হৈছিল ।
(ঘ) দলর নেতাসকলর মাজত সমন্বয়র অভাবঃ
প্রধানমন্ত্রী পদর বাবে মোরারজী দেশাই, চরণ সিং আরু জগজীৱন রামর ভিতরত প্রতিযোগিতামূলক হোৱাৰ পরিপেক্ষিতত নতুন চরকারখনর সমস্যার সৃষ্টি হৈছিল ।
(ঙ) মোরারজী দেশাইর চরকারর ধ্বংসঃ
ভারতীয় রাজনীতিত কোনো পরিৱৰ্তন আনিব নোৱারার বাবে চরকার গঠনর ১৮ মাহ পূর্ণ নহওতেই দলর বিভাজন হৈছিল আরু মোরারজী দেশাই চরকারে সংখ্যা গরিষ্ঠতা হেরুৱাইছিল ।
(চ) চারি মাহর পাছত চরণ সিঙৰ চরকার ভংগঃ
মোরারজী দেশাই চরকারর ভংগ হোৱাৰ পিছত কংগ্রেছ দলর আশ্বাসত চৰন সিঙে কেন্দ্রত চরকার গঠন করে যদিও পাছত কংগ্রেছ দলে সমর্থন প্রত্যাহার করাত চারি মাহর পাছত চরকার ভংগ হয় ।
এনেবোর পরিস্থিতিতে ১৯৮০ চনর জানুৱাৰী মাহত পুনর লোকসভা নির্বাচন অনুষ্ঠিত করিব লগা হৈছিল ।
২। জরুরীকালীন অৱস্থাই (১৯৭৫-৭৭) ভারতীয় নাগরিকর মৌলিক অধিকারসমূহ কিদরে বিঘ্নিত করিছিল? উদাহরণ দিয়া ।
অথবাঃ১৯৭৫ চনর ২৫ জুনত ঘোষণা করা জরুরীকালীন অৱস্থার যিকোনো ছটা পরিণতি বিশ্লেষণ করা ।
অথবাঃ জরুরীকালীন অৱস্থাই (১৯৭৫-৭৭) কিদরে ভারতর নাগরিকর মৌলিক অধিকারসমূহ খর্ব করিছিল? উদাহরণ দিয়া ।
উত্তরঃ ১৯৭৫ চনর ২৫ জুনত ঘোষণা করা জরুরীকালীন অৱস্থাই ভারতর রাজনীতিত এক উল্লেখযোগ্য পরিচর্যা করিছিল । ইয়ার মুখ্য পরিণতিসমূহ আছিল এনেধরণরঃ
(ক) চরকারর প্রতিশ্রুতি ভংগঃ
জরুরীকালীন সময়ত সকলো ক্ষমতা কেন্দ্রর হাতলৈ যায় । যার বাবে চরকারর নাগরিকর প্রতি থকা প্রতিশ্রুতিসমূহ বিচলিত হয় ।
(খ) সাংবিধানিক ক্ষমতার অপব্যৱহারঃ
৩৫২ নং অনুচ্ছেদ প্রয়োগেরে ইন্দিরা গান্ধী আরু তেওঁর কংগ্রেছ চরকারে সাংবিধানিক ক্ষমতার অপব্যৱহার করিছিল বুলি সকলোয়ে ব্যক্ত করে ।
(গ) প্রতিবাদীসকলক প্রতিশ্রুতিরে আভুৱা ভারিঃ
বিভিন্ন ঠাইত সংঘটিত হোৱা বিরোধী প্রতিবাদীসকলক বিভিন্ন প্রতিশ্রুতি আরু আশ্বাসর মাধ্যমেরে দমন করিছিল ।
(ঘ) বিরোধী দলর নেতাসকলক গ্রেপ্তারঃ
প্রায় ৬৭৬ জন বিরোধী নেতাক চরকারে আটক আইনর অধীনত গ্রেপ্তার করিছিল । দুষ নথকার স্বত্বেও রাজনৈতিক হিংসার প্রয়োগ করি বিরোধী নেতাসকলক শাস্তি প্রদান করিছিল ।
(ঙ) নিবারক আটক আইনর অপব্যৱহারঃ
চরকারর আদেশ মর্মে সেনাবাহিনীয়ে নিবারক আটক আইনর অপব্যৱহার করিছিল । বহুতো নিরিহ লোকক আটক করিছিল আরু কিছুলোক জেলর ভিতরতে মৃত্যুবরণ করিবলগা হৈছিল । উদাহরণস্বরূপে- জেলত আরক্ষীর জিম্মাত ‘রাজনর মৃত্যু’ ।
(চ) বাতরি কাকতর ওপরত চরকারর নিষেধাজ্ঞাঃ
১৯৭৫ চনর ২৬ জুনর পুৱা ২ বজাতে দিল্লী বিদ্যুতশক্তি নিগম (Delhi Power Supply Corporation) ক সকলোতবাতরি কাকতর কার্যালয়র বিদ্যুৎ কর্তন করিবলৈ দিল্লীর রাজ্যপালর কাৰ্যালয়র পরা নির্দেশ প্রদান করিছিল । লগতে, বাতরি কাগজর ওপরত চরকারে নিষেধাজ্ঞা জারি করিছিল ।
(ছ) চরকারী পদবীত নথকা লোকর ক্ষমতার অপব্যৱহারঃ
ইন্দিরা গান্ধীর পুত্র সঞ্জয়র প্রশাসনিক নিয়ন্ত্রণ আরু চরকারর কাম-কাজত হস্তক্ষেপ, দিল্লীর তুর্কমেন গেটত ধ্বংস, সর্বসাধারণ লোকর জীৱন ক্রমাৎ দুর্বিষহ করা কিছুমান কারু-কাৰ্য করিছিল ।
(ঝ) বহুতো নিরীহ লোকর আরক্ষীর জিন্মাত মৃত্যুবরণঃ
বহুতো নিরীহ লোকর চরকারর বিরোধী মন্তব্য আরু আন্দোলন বা বিরুদ্ধিতা করার বাবে আরক্ষীয়ে আটক করিছিল । তারে ভিতরত রাজনর মৃত্যুর দরে বহুলোকে মৃত্যুক সাবটি লব লগা হৈছিল ।
(ঞ) বলপূর্বক আনস্থানলৈ স্থানান্তরঃ
জরুরীকালীন সময়ত বহুতো লোকক বলপূর্বকভাৱে আন স্থানলৈ স্থানান্তর করা হৈছিল ।
(ট)জনবিস্ফোরণর বাবে বলপূর্বক বন্ধ্যাকরণঃ
জরুরীকালীন সময়ছোৱাত গ্রহণ করা জনবিস্ফোরণ রোধর বাবে বলপূর্বকভাৱে বহুতো লোকক বলপূর্বক বন্ধ্যাকরণ করিছিল ।
(ঠ) ভারতর গণতান্ত্রিক ব্যৱস্থাক ক্রমাৎ অস্থিরঃ
সেই সময়ছোৱাত ন্যায়লয়র ক্ষমতা কর্তন হোৱাৰ বাবে বহুতো লোকে ন্যায়লয়ত আবেদন আরু ন্যায়লয়র পরা সহায় পাবলৈ সক্ষম হোৱা নাছিল । লগতে, নাগরিকর সাধারণ অধিকার সমূহ কর্তন হৈছিল ।
এইদরে জরুরীকালীন সময়ত নাগরিকর অধিকার আরু সাধারণ জীৱন-যাপনত ব্যাঘ্যাত জন্মিছিল ।
৩। জরুরীকালীন অৱস্থাই কি সূচায়? আভ্যন্তরীণ অস্থিরতার বাবে ঘোষণা করা জরুরীকালীন অৱস্থার যিকোনো এটা প্রভাৱ লিখা ।
উত্তরঃ জরুরীকালীন অৱস্থাই কোনো এখন দেশর গণতন্ত্রর সংকট, চরকারর অস্থিরতা, সাংবিধানিক নীতি নিয়মর বৰ্হিভুত কারুকার্য, বিরোধী দলসমূহর চরকারর বিরুদ্ধে করা বিদ্রোহ আদির পরিপেক্ষিতত আভ্যন্তরীণ আইন-শৃংখলা অটুট রখার বাবে চরকারে জারি করা এক আইন বা নীতি । সংবিধানর ৩৫২ নং অনুচ্ছেদ অনুসরি চরকারে আভ্যন্তরীণ নতুবা বহিঃ যিকোনো ধরণর ভীতিগ্রস্ততার পরিপেক্ষতত জরুরীকালীন অৱস্থা ঘোষণা করিব পারে ।
১৯৭৫ চনর ২৫ জুনর নিশা প্রধানমন্ত্রী ইন্দিরা গান্ধীয়ে রাষ্ট্রপতি ফকরুদ্দিন আলী আহমেদলৈ জরুৰী অৱস্থা ঘোষণা করিবর বাবে আবেদন করে । এই আবেদনর ভিত্তিত রাষ্ট্রপতিজনে জরুরী অৱস্থা ঘোষণা করে ।
এই জরুরী অৱস্থার ফলত ভারতত বহুতো নতুন ঘটনা আরু পরিস্থিতির সৃষ্টি হৈছিল । এইবোরর ভিতরত উল্লেখযোগ্য প্রভাৱটো আছিল-সকলো ক্ষমতা কেন্দ্রর হাতত ন্যস্ত হৈছিল ।
জরুরী অৱস্থার ঘোষণার পিছত যুক্তরাষ্ট্রীয় ক্ষমতা বিভাজন স্থগিত হৈছিল আরু সকলো ক্ষমতা কেন্দ্রিয় চরকারর হাতত কেন্দ্রীভূত হৈছিল ।সেই সময়ছোৱাত ন্যায়লয়র ক্ষমতা কর্তন হোৱাৰ বাবে বহুতো লোকে ন্যায়লয়ত আবেদন আরু ন্যায়লয়র পরা সহায় পাবলৈ সক্ষম হোৱা নাছিল । জরুরীকালীন সময়ত নাগরিকর অধিকার আরু সাধারণ জীৱন-যাপনত ব্যাঘ্যাত জন্মিছিল । নাগরিকর সাধারণ অধিকার সমূহ কর্তন হৈছিল । বহুতো নিরীহ লোকক চরকারর বিরোধী মন্তব্য আরু আন্দোলন বা বিরুদ্ধিতা করার বাবে আরক্ষীয়ে আটক করিছিল । তারে ভিতরত রাজনর মৃত্যুর দরে বহুলোকে মৃত্যুক সাবটি লব লগা হৈছিল । কেন্দ্রীয় চরকারে এই সময়ছোৱাত স্বেচ্ছাচারী শাসন চলাইছিল ।
৪। কোনে আরু কিয় কুরিদফীয়ে কাৰ্যসূচী প্রৱৰ্তন করিছিল?
অথবাঃ ১৯৭৫ চনর জরুরীকালীন অৱস্থাই ভারতীয় গণতান্ত্রিক গাঁথনিটোক কিদরে লাভৱান্বিত করিছিল?
উত্তরঃ ১৯৭৫ চনর ২৭ জুনত দেশত আভ্যন্তরীণ সংকটর বাবে ইন্দিরা গান্ধীর নেতৃত্বাধীন কংগ্রেহ চরকারে ফকরুদ্দিন আলী আহমেদর রাষ্ট্রপতিত্বত জরুরীকালীন ঘোষণা জারি করিছিল ।
১৯৭৫ চনর জরুরীকালীন অৱস্থাই ভারতীয় গণতান্ত্রিক গাঁথনিটোক কিছুপৰিমাণে লাভৱান্বিত করিছিল ৷ কংগ্রেছ চরকারর মতামত অনুসরি দেশত আইন-শৃংখলা বজাই রাখিবর বাবে জরুরী ক্ষমতার প্রয়োগ করা হৈছিল । লগতে, দুখীয়া আরু সর্বোপরি কল্যাণকামী আঁচনিসমূহর প্রণয়ণ আরু রূপায়ণর অর্থে জরুরীকালীণ ক্ষমতার ব্যৱহার করা হৈছিল ।
এই উদ্দেশ্য আগত রাখি ইন্দিরা গান্ধীয়ে কুরি দফীয়ে আঁচনি (Twenty Point Programme) ঘোষণা করিছিল । এইসমূহর ভিতরত উল্লেখযোগ্যসমূহ আছিল-
(ক) ভূমি সংস্কার, (খ) কৃষি, (গ) পারিশ্রমিকর পুনরীক্ষণ, (গ) পরিচালনাত শমিকর অংশগ্রহণ, (ঙ)বন্ধকী শ্রমিকর নির্মূলকরণ, (চ)কৃষি মজুরির পুনরীক্ষণ, (ছ) ভূমি পুনর বিতরণ, (জ)দাসত্ব প্রথা দূরীকরণ আদি ।
৫। কার আবেদনর ভিত্তিত ন্যায়লয়ে ইন্দিরা গান্ধীর নির্বাচনক অবৈধ ঘোষণা করিছিল?
অথবাঃ ইন্দিরা গান্ধীর নির্বাচনর অবৈধতা সম্পর্কে লিখা ।
অথবাঃ ন্যায়পালিকা আরু সংসদর মাজর যুদ্ধর বিষয়ে এটা টোকা লিখা ।
উত্তরঃ
তিনিটা বিষয়ক কেন্দ্র করি সংসদ আরু ন্যায়পালিকার মাজত সংঘাত সৃষ্টি হৈছিল ।
(ক) প্রথমতে, সংসদে মৌ্লিক অধিকারর লগত জড়িত তিনিটা সাংবিধানিক বিষয় সংক্ষেপ করিব বিচারিছিল ।
কিন্তু উচ্চতম ন্যায়লয়ে নোৱাৰে বুলি মত পোষণ করিছিল ।
(খ) দ্বিতীয়তে, সংসদে সম্পত্তির অধিকার সংশোধন্র যোগেদি নোহোৱা করিবর বাবে চেষ্টা করিছিল ।
কিন্তু উচ্চতম ন্যায়লয়ে এই বিষয় নাকচ করিছিল আরু মত প্রকাশ করিছিল যে সংসদে অধিকার বাতিল হ’ব পরা তেনে কোনো সংবিধান সংশোধন করিব নোৱারে ।
(গ) তৃতীয়তে, সংসদে এই মতপোষণ করি সংবিধান সংশোধন করে যে নির্দেশাত্মক নীতিত গুরুত্ব দিবর বাবে ই মৌলিক অধিকার কর্তন করিব পারে ।
কিন্তু, উচ্চতম ন্যায়লয়ে এই বিষয় সম্পূর্ণরূপে নাকচ/বাতিল করে ।
এই উল্লেখিত তিনি বিষয়ক কেন্দ্র করি সংসদ অর্থাৎ কাৰ্যপালিকা আরু ন্যায়পালিকার মাজত সংঘাত আরু সংকটর সৃষ্টি হৈছিল আরু “কেশৱানন্দ ভারতী”র গোচরত উত্থাপিত হৈছিল । ১৯৭৩ চনত আদালতে রায়দান করে যে “সংবিধানর কিছুমান মৌলিক বৈশিষ্ট্য আছে আরু ইয়াক সংসদে সংশোধন করিব নোৱাৰে ৷
১৯৭৩ চনর কেশৱানন্দ ভারতী গোচরত রায়দানর পাছতেই ভারতর মুখ্য ন্যায়ধীশর পদটো খালী হৈছিল । নিয়ম মতে উচ্চতম ন্যায়লয়র জ্যেষ্ঠ বিচারপতিজনক প্রধান বিচারপতি স্বরূপে নিয়োগ করিব লাগে । কিন্তু ১৯৭৩ চনত ইন্দিরা গান্ধী নেতৃত্বাধীন কংগ্রেছ চরকারে তিনিজন যোগ্য জ্যেষ্ঠ বিচারপতিক আওকাণ করি এ. এন. ৰয়ক (A.N. Roy) মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্রদান করে । এই নিযুক্তির ফলাফল হিচাপে-
(ক) রাজনৈতিক বিতর্কর সৃষ্টি হয় ।
(খ) বঞ্চিত তিনিওগরাকী ন্যায়ধীশে চরকারর এই নিযুক্তির বিরুদ্ধে রুলিং দিছিল ।
(গ) এই বিষইয়ত সংবিধানর ব্যাখ্যা আরু রাজনৈতিক মতাদর্শর মাজত সমস্যা আরু সংকটর সৃষ্টি হৈছিল ।
(ঘ) প্রধানমন্ত্রীর আত্মীয় আরু নিকট সম্পর্কীয় লোকসকলক ন্যায়পালিকা আরু আমোলাতন্ত্রত নিযুক্তি দিয়ার অভিযোগ তুলিছিল ।
উপরোক্ত বিষয় আরু গোচর সমূহ ১৯৭৫ চনর ১২ জুন তারিখে ইন্দিরা গান্ধীর লোকসভার নির্বাচন অবৈধ বুলি এলাহাবাদ উচ্চ ন্যায়ালয়র ন্যায়ধীশ জগমোহন লাল সিংহাই রায়দান করে । ১৯৭১ চনর নির্বাচনত ইন্দিরা গান্ধীর বিরোধী সমাজবাদী নেতা রাজ নারায়ণর এখন নির্বাচনী আবেদনর ভিত্তিত এই রায়দান করা হৈছিল ।
১৯৭৫ চনর ১২ জুন আরু ২৫ জুনর এলাহাবাদ উচ্চ ন্যায়লয়র আন আন রায়সমূহ আছিল এনেধরণরঃ
(ক) ইন্দিরা গান্ধীর নির্বাচনী প্রচারত চরকারী কর্মচারীক ব্যৱহার করিছিল ।
(খ) ইন্দিরা গান্ধীয়ে বৈধভাৱে সাংসদ নির্বাচিত হোৱা নাই ।
(গ) ইন্দিরা গান্ধী প্রধানমন্ত্রীর আসনখনত থাকিব নোৱাৰিব যদিহে আকৌ ৬ মাহর ভিতরত তেওঁ সাংসদ নির্বাচিত নহয় ।
(ঘ) লগতে, ১৯৭৫ চনর ২৪ জুনর রায় অনুসরি-
“উচ্চতম ন্যায়লয়র আবেদনর সিদ্ধান্ত নোহোৱালৈকে সাময়িক ভাৱে উচ্চ ন্যায়লয়র আদেশর ওপরত প্রতিবন্ধকারী আরোপ করে আরু ইন্দিরা গান্ধীক সাংসদ হিচাপে ঘোষণা করে যদিঅ লোকসভার কাৰ্যাৱলীত তেওঁক অংশগ্রহণর পরা বারণ করে ।”
6। জরুরীকালীন সময়ছোৱাত
ঘটা ঘটনাৱলীর দোষগুণ পরীক্ষা করা ।
উত্তরঃ দেশর আভ্যন্তরীণ
পরিস্থিতির প্রতি সৃষ্টি হোৱা ভাবুকির পরিপেক্ষিতত সংবিধানর ৩৫২ নং অনুচ্ছেদর
অধীনত ১৯৭৫ চনর ২৫ জুন তারিখে জরুরী অৱস্থা বলবৎ করে ।
জরুরীকালীন সময়ত বহুতো
দোষগুণ পরিলক্ষিত হয় । ইয়ার ভিতরত উল্লেখযোগ্য দোষগুণসমূহ তলত আলোচনা করা হ’ল ।
জরুরীকালীন সময়ছোৱাত ঘটা ঘটনাৱলীর দোষসমূহ হ’ল
এনেধরণরঃ
(ক) চরকারর প্রতিশ্রুতি
ভংগঃ
জরুরীকালীন সময়ত সকলো ক্ষমতা কেন্দ্রর হাতলৈ যায় । যার বাবে চরকারর
নাগরিকর প্রতি থকা প্রতিশ্রুতিসমূহ বিচলিত হয় ।
(খ) সাংবিধানিক ক্ষমতার
অপব্যৱহারঃ
৩৫২ নং অনুচ্ছেদ প্রয়োগেরে ইন্দিরা গান্ধী আরু তেওঁর কংগ্রেছ চরকারে
সাংবিধানিক ক্ষমতার অপব্যৱহার করিছিল বুলি সকলোয়ে ব্যক্ত করে ।
(গ) প্রতিবাদীসকলক
প্রতিশ্রুতিরে আভুৱা ভারিঃ
বিভিন্ন ঠাইত সংঘটিত হোৱা বিরোধী প্রতিবাদীসকলক বিভিন্ন প্রতিশ্রুতি
আরু আশ্বাসর মাধ্যমেরে দমন করিছিল ।
(ঘ) বিরোধী দলর নেতাসকলক
গ্রেপ্তারঃ
প্রায় ৬৭৬ জন বিরোধী নেতাক চরকারে আটক আইনর
অধীনত গ্রেপ্তার করিছিল । দুষ নথকার স্বত্বেও রাজনৈতিক হিংসার প্রয়োগ করি বিরোধী
নেতাসকলক শাস্তি প্রদান করিছিল ।
(ঙ) নিবারক আটক আইনর
অপব্যৱহারঃ
চরকারর আদেশ মর্মে সেনাবাহিনীয়ে নিবারক আটক আইনর অপব্যৱহার করিছিল ।
বহুতো নিরিহ লোকক আটক করিছিল আরু কিছুলোক জেলর ভিতরতে মৃত্যুবরণ করিবলগা হৈছিল ।
উদাহরণস্বরূপে- জেলত আরক্ষীর জিম্মাত ‘রাজনর মৃত্যু’ ।
(চ) বাতরি কাকতর ওপরত
চরকারর নিষেধাজ্ঞাঃ
১৯৭৫ চনর ২৬ জুনর পুৱা ২ বজাতে দিল্লী বিদ্যুতশক্তি নিগম (Delhi Power Supply Corporation) ক সকলোতবাতরি কাকতর কার্যালয়র বিদ্যুৎ কর্তন করিবলৈ দিল্লীর রাজ্যপালর
কাৰ্যালয়র পরা নির্দেশ প্রদান করিছিল । লগতে, বাতরি কাগজর ওপরত চরকারে নিষেধাজ্ঞা
জারি করিছিল ।
(ছ) চরকারী পদবীত নথকা
লোকর ক্ষমতার অপব্যৱহারঃ
ইন্দিরা গান্ধীর পুত্র সঞ্জয়র প্রশাসনিক নিয়ন্ত্রণ আরু চরকারর
কাম-কাজত হস্তক্ষেপ, দিল্লীর তুর্কমেন গেটত ধ্বংস, সর্বসাধারণ লোকর জীৱন ক্রমাৎ
দুর্বিষহ করা কিছুমান কারু-কাৰ্য করিছিল ।
(ঝ) বহুতো নিরীহ লোকর
আরক্ষীর জিন্মাত মৃত্যুবরণঃ
বহুতো নিরীহ লোকর চরকারর বিরোধী মন্তব্য আরু আন্দোলন বা বিরুদ্ধিতা
করার বাবে আরক্ষীয়ে আটক করিছিল । তারে ভিতরত রাজনর মৃত্যুর দরে বহুলোকে মৃত্যুক
সাবটি লব লগা হৈছিল ।
(ঞ) বলপূর্বক আনস্থানলৈ
স্থানান্তরঃ
জরুরীকালীন সময়ত বহুতো লোকক বলপূর্বকভাৱে আন স্থানলৈ স্থানান্তর করা
হৈছিল ।
(ট)জনবিস্ফোরণর বাবে
বলপূর্বক বন্ধ্যাকরণঃ
জরুরীকালীন সময়ছোৱাত গ্রহণ করা জনবিস্ফোরণ রোধর বাবে বলপূর্বকভাৱে
বহুতো লোকক বলপূর্বক বন্ধ্যাকরণ করিছিল ।
(ঠ) ভারতর গণতান্ত্রিক
ব্যৱস্থাক ক্রমাৎ অস্থিরঃ
সেই সময়ছোৱাত ন্যায়লয়র ক্ষমতা কর্তন হোৱাৰ বাবে বহুতো লোকে ন্যায়লয়ত
আবেদন আরু ন্যায়লয়র পরা সহায় পাবলৈ সক্ষম হোৱা নাছিল । লগতে, নাগরিকর সাধারণ
অধিকার সমূহ কর্তন হৈছিল ।
জরুরীকালীন সময়ছোৱাত ঘটা ঘটনাৱলীর গুণসমূহ হ’ল
এনেধরণরঃ
কংগ্রেছ চরকারর মতামত
অনুসরি দেশত আইন-শৃংখলা বজাই রাখিবর বাবে জরুরী ক্ষমতার প্রয়োগ করা হৈছিল । লগতে,
দুখীয়া আরু সর্বোপরি কল্যাণকামী আঁচনিসমূহর প্রণয়ণ আরু রূপায়ণর অর্থে জরুরীকালীণ
ক্ষমতার ব্যৱহার করা হৈছিল ।
এই উদ্দেশ্য আগত রাখি ইন্দিরা গান্ধীয়ে কুরি দফীয়ে আঁচনি (Twenty Point Programme) ঘোষণা করিছিল । এইসমূহর ভিতরত উল্লেখযোগ্যসমূহ আছিল-
(ক) ভূমি সংস্কার, (খ)
কৃষি, (গ) পারিশ্রমিকর পুনরীক্ষণ, (গ) পরিচালনাত শমিকর অংশগ্রহণ, (ঙ)বন্ধকী
শ্রমিকর নির্মূলকরণ, (চ)কৃষি মজুরির পুনরীক্ষণ, (ছ) ভূমি পুনর বিতরণ, (জ)দাসত্ব
প্রথা দূরীকরণ আদি ।
7। আনকি জরুরীকালীন
অৱস্থার পিছতো বিলুপ্ত নোহোৱা বিষয়বোরর তালিকা দিয়া ।
উত্তরঃ জরুরীকালীন
অৱস্থার পিছত বহুবিষয় বিলুপ্ত হোৱা নাছিল । সেই বিষয়বোর আছিল এনেধরণরঃ
(ক)চরকারর অধিকাংশক
প্রতিশ্রুতি পূরণ নোহোৱাকৈ রৈছিল ।
(খ) জরুরীকালীন সময়ত
জনসাধারণর ওপরত চলোৱা দমনমূলক নীতিসমূহর অন্ত নপরিল ।
(গ) জরুরীকালীন অৱস্থার
পিছতো নিবারক আটক আইনর ওপরত চরকারে কোনো ব্যৱস্থা গ্রহণ নকরিলে ।
(ঘ) প্রেছ আরু বাতরিকাকতর
ওপরত চলোৱা নিষেধাজ্ঞা উঠাই দিয়া হৈছিল যদিও ভৱিষত্যর বাবে সংকিত করি তুলিছিল ।
(ঙ) জরুরীকালীন সময়ত হোৱা
ক্ষয়-ক্ষতিবোরর খতিয়ান চরকারে সম্পূর্ণরূপে প্রদান নকরিলে ।
(চ) চরকারে গ্রহণ করা
কুরি দফীয়া কল্যাণকামী আচনির সুচারুরূপে সকলো জনসাধারণক প্রদান করা হোৱা নাছিল ।
এইদরে বহু বিষয় জরুরীকালীন অৱস্থার পিছতো বিলুপ্ত নোহোৱাকৈ রৈ গৈছিল
আরু অর্থনৈতিকর লগতে রাজনৈতিক-সামাজিক দিশতো সমস্যার আসোৱাহসমূহ থাকি গৈছিল ।
৯। জরুরীকালীন অৱস্থার
পরা সমাজর বিভিন্ন শ্রেণীর বিভিন্ন
আকাংক্ষাসমূহ কি কি আছিল?
উত্তরঃ ১৯৭৫ চনর ২৭ জুনত
দেশত আভ্যন্তরীণ সংকটর বাবে ইন্দিরা গান্ধীর নেতৃত্বাধীন কংগ্রেহ চরকারে ফকরুদ্দিন
আলী আহমেদর রাষ্ট্রপতিত্বত জরুরীকালীন ঘোষণা জারি করিছিল ।
এই উদ্দেশ্য আগত রাখি ইন্দিরা গান্ধীয়ে কুরি দফীয়ে আঁচনি (Twenty Point Programme) ঘোষণা করিছিল । এইসমূহর ভিতরত উল্লেখযোগ্যসমূহ আছিল-
(ক) ভূমি সংস্কার, (খ)
কৃষি, (গ) পারিশ্রমিকর পুনরীক্ষণ, (গ) পরিচালনাত শমিকর অংশগ্রহণ, (ঙ)বন্ধকী
শ্রমিকর নির্মূলকরণ, (চ)কৃষি মজুরির পুনরীক্ষণ, (ছ) ভূমি পুনর বিতরণ, (জ)দাসত্ব
প্রথা দূরীকরণ আদি ।
নগরাঞ্চলর
মধ্যবিত্ত শ্রেণীর মানুহসকলে এই বুলি সন্তুষ্টিত হৈছিল যে ‘আন্দোলনর পরিসমাপ্তি
ঘটিল আরু চরকারী কর্মচারীসকলর মাজত নিয়মানুৱৰ্তিতা ঘূরি আঁহিল । লগতে তেওঁলোকে আশা
করিছিল যে জরুরী অৱস্থাই দেশত শান্তি আরু সম্প্রীতি ঘূরাই আনিব ।’
দুখীয়া আরু পিছপরা অঞ্চলর মানুহবোরে আশা করিছিল যে- ‘চরকারর
প্রতিশ্রুতি অনুসরি কুরি দফীয়া কাৰ্যসূচী আরু কল্যাণকামী আচনিসমূহর ফলপ্রসূ রূপায়ণ
হব আরু তেওঁলোকে তার সুবিধা পাব ।’
এইদরে সমাজর বিভিন্ন শ্রেণী মানুহবোরে জরুরী অৱস্থার পরা বিভিন্ন
আকাংক্ষাসমূহ করিছিল ।
১0। নক্সালবাদী আন্দোলনর
বিষয়ে চমুকৈ ব্যাখ্যা করা ।
উত্তরঃ ১৯৬৭ চনর চতুর্থ
সাধারণ নির্বাচনত ইন্দিরা গান্ধী নেতৃত্বাধীন চরকারে ভূমি সংস্কার বিষয়টোর বাবে এক
প্রত্যাহবান্র সৃষ্টি করিছিল । ভূমি রাজহ মন্ত্রী হরেকৃষ্ণ কোঁৱৰে নতুন ভূমি নীতির
অৱলম্বন করিছিল যদিঅ এই বিতরণর পর্যায় আরু পরিক্রমাত কৃষক সংগঠনসকলক সুবিধা আরু
অন্তর্ভুক্ত করা নাছিল । সেই পরিপেক্ষিতত ১৯৬৭ চনর মার্চ মাহত পশ্চিমবংগর
দার্জিলিং জিলার নক্সালবারী আরক্ষী থানাত কমিউনিষ্ট মার্ক্সবাদী নেতাসকলে বিদ্রোহ
আরু আন্দোলনর আরম্ভ করিছিল । এই বিদ্রোহ প্রথমবারর বাবে নক্সাল্বারী আরক্ষী চকীত
সূত্রপাত হোৱাৰ বাবে এই আন্দোলনটোক ‘নক্সালবাদী আন্দোলন’ বোলা হৈছিল ।
১৯৬৯ চনত এই আন্দোলনর মূল নেতা চারু মজুমদারে ‘কমিউনিষ্ট-
মার্ক্সবাদ-লেনিনবাদ (Communist Party of
India-Marxist-Leninist) নামর এক দল গঠন
করি এই আন্দোলন অব্যাহত রাখিছিল ।
ক্ষুদ্র খেতিয়ক আরু ভূমিহীন কৃষকসকলর অধিকার প্রদান করা,
বলপূৰ্বকভাৱে শ্রমিক নিযুক্তির বিরুদ্ধিতা করা, রাজহ সম্পদ লুন্ঠনত বাধা প্রদান
করা, ভূস্বামী সকলোর শোষণর নাশ করা আদি বিষয়সমূহর ওপরত চরকারর ওচরত দাবী উত্থাপন
করিছিল ।
‘নিবারক আটক আইন’(Preventive
Detention Act)র অধীনত বিরোশী নেতাসকলক
আটক করিছিল যদিও এই আন্দোলনর প্রভাৱ হ্রাস পোৱা নাছিল ।
বর্তমানেও ৭৫ খন জিলাত নক্সালবাদীসকলে চরকারর বিভিন্ন অন্যায়মূলক
কাম-কাজ আরু শোষণর বিরুদ্ধে আন্দোলন চলাই আহিছে । এই আন্দোলনত মূল দল হিচাপে
বর্তমান চি. পি. আই. এম. এল.(লিবারেশ্যন)এ মুখ্য গুরি ধরি আহিছে ।
১১। ১৯৭৪ চনর রেলৱে
ধর্মঘটর বিষয়ে এটা টোকা লিখা ।
উত্তরঃ রেলর কর্মচারীসকলর
অতিরিক্ত সুযোগ-সুবিধা প্রদান করা আরু কাম করার পরিৱেশ উন্নীতকরণর দাবীত ১৯৭৪ চনর
মে’ মাহত রেলৱে ধর্মঘট কাৰ্য্যসূচী গ্রহণ করিছিল । এই আন্দোলনর মূল গুরি ধরিছিল
জর্জ ফাৰ্ণাণ্ডেজ আরু তেওঁর সংগঠন বা সমিতি ‘দ্যা নেশ্যনেল কো-অৰ্ডিনেশ্যন কমিটি
ফর রেলৱে’মেঞ্ছ ষ্ট্রাগল’ (The
National Co-ordination Committee for Railwaymen’s Struggle) অর্থাৎ রেলৱে আন্দোলনর রাষ্ট্রীয় সমন্বয় রক্ষী কমিটীয়ে ।
এই আন্দোলনর কাৰ্যসূচী আরু ফলাফলসমূহ আছিল এনেধরণরঃ
কাৰ্যসূচীসমূহঃ
(ক)সমগ্র রেল্গাড়ীসমূহর
চলাচল বন্ধ করি দিয়া হৈছিল ।
(খ) বোনাচ আরু সেৱাবিধি
সংক্রান্তীয় দাবীবোরর উপস্থাপন করিছিল ।
(গ) রেলর শ্রমিকসকলর
অধিকার আরু অত্যাৱশ্যকীয় সেৱাসমূহর ব্যৱস্থা করিবলৈ আহ্বান জনাইছিল ।
ফলাফলঃ
(ঘ) চরকারে এই রেল
ধর্মঘটক বে-আইনী হিচাপে ঘোষণা করিছিল ।
(ঙ) আন্দোলনর বহুবোর
নেতাক আটক করা হৈছিল ।
(চ) স্থানীয় সেনা বাহিনী
প্রয়োজ করি এই আন্দোলন দমন করা হৈছিল ।
(ছ) এই আন্দোলন, বিছ দিনর অন্তত কোনো উচিত সমাধান নোহোৱাকৈয়ে প্রত্যাহার করা
হৈছিল । Updating..........