1 Mark Questions:
১।এককেন্দ্ৰিক পদ্ধতি কি বা এক মেরু ব্যৱস্থা বুলিলে কি বুজা ?
Checking & Updating..............
১।এককেন্দ্ৰিক পদ্ধতি কি বা এক মেরু ব্যৱস্থা বুলিলে কি বুজা ?
উত্তরঃ এককেন্দ্ৰিক পদ্ধতি বা এক মেরু ব্যৱস্থা বুলিলে সেই পৰিস্থিতি বা অৱস্থাক
সূচায় যত পৃথিৱীৰ অধিকাংশক ক্ষমতা আরু প্রতিপত্তি এটা কেন্দ্র বা এক দেশত
কেন্দ্রীভূত হৈ পৰে ।
২। বাক্যটো শুদ্ধৰোৱা
বিশ্ব আধিপত্য শিপাডাল আছে প্রাচীন ৰোমত ।
উত্তরঃ বিশ্ব আধিপত্য শিপাডাল আছে প্রাচীন গ্রীক (সাহিত্য)ত
।
৩। হয় নে নহয় লিখাঃ
প্রাচীন গ্রীচত এথেন্সৰ প্রাধান্যময় স্থিতিক বুজাবলৈ
প্রথমতে ‘আধিপত্য’ শব্দটো ব্যৱহাৰ কৰা হৈছিল ।
উত্তরঃ হয় ।
৪।খালী ঠাই পূৰ কৰা ।
.........হ’ল মার্কিন সামৰিক গৱেষণা প্রকল্পৰ পোনপটীয়া ফল ।
উত্তরঃ ইন্টাৰনেট হ’ল মার্কিন সামৰিক গৱেষণা প্রকল্পৰ
পোনপটীয়া ফল ।
৫।নৰম শক্তি কি ?
উত্তরঃ নৰম শক্তি হ’ল- এখন ৰাষ্ট্রৰ(বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্রৰ)
আদর্শ আরু চিন্তাধাৰাৰ প্রভাৱৰ মাধ্যমত আন ৰাষ্ট্রৰ ওপৰত নৰমভাৱে প্রভুত্ব বিস্তাৰ
কৰাৰ সক্ষমতা । উদাহৰণ- আমেৰিকাৰ শিক্ষা আরু প্রযুক্তিবিদ্যাক সকলোয়ে মানি লয় ।
৬।প্রথম উপসাগৰীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল ?
উত্তরঃ প্রথম উপসাগৰীয় যুদ্ধ ১৯৯০ চনত সংঘটিত হৈছিল ।
৭।কঠিন শক্তি কি ?
উত্তরঃ কঠিন শক্তি হ’ল- অস্ত্র-শস্ত্রৰ সৈতে সু-সজ্জিত আরু
সু-সংগঠিত সামৰিক বাহিনীৰ সমর্থতা । উদাহৰণ- আমেৰিকাৰ সৰ্ববৃহৎ সেনাবাহিনীয়ে যিকোনো দেশৰ ওপৰতে ক্ষমতা লাভ কৰিব পাৰে ৷
৮। ‘অপাৰেছন ডেজাৰ্ট ষ্টৰ্মে’ বা ‘মরুভূমি ধুমুহা অভিযানে’
কি বুজায় ?
উত্তরঃ অপাৰেশ্যন
ডেজাৰ্ট ষ্টৰ্মে বা ‘মরুভূমি ধুমুহা অভিযানে’ সেই যুদ্ধ বা অভিযানটোক বুজায় য’ত
আমেৰিকাৰ নেতৃত্বত ৩৪ খন দেশৰ সন্মিলনৰে ইৰাকৰ বিরুদ্ধে যুদ্ধ কৰিছিল ।
৯। গঠন বিষয়ক ক্ষমতা হিচাপে আধিপত্যৰ এটা উদাহৰণ দিয়া ।
উত্তরঃ গঠন বিষয়ক ক্ষমতা হিচাপে আধিপত্যৰ এটা উদাহৰণ হ’ল- ইন্টাৰনেট সেৱাৰ বিশ্বব্যাপী সংযোগ ।
১০। সমসাময়িক বিশ্ব ৰাজনীতিৰ প্রসংগত ৯/১১ এ কি সূচায় ?
উত্তরঃ সমসাময়িক বিশ্ব ৰাজনীতিৰ প্রসংগত ৯/১১ এ সেই ভয়ংকৰ
দিনটোক সূচায় যিদিনা অর্থাৎ ২০০১ চনৰ ১১ ছেপ্টেম্বৰৰ দিনা আৰৱৰ ১৯ জন অপহৰণকাৰীয়ে
আমেৰিকাৰ চাৰিখন বাণিজ্যিক বিমান অপহৰণ কৰি আমেৰিকাৰ নিউয়ৰ্ক চহৰৰ কেইটামান
আত্মঘাতী আক্রমণ চলাইছিল ।
১১। কোন বছৰত ইৰাকে
কুৱেইট আক্রমণ কৰিছিল ?
উত্তরঃ ১৯৯০ চনত ইৰাকে
কুৱেইট আক্রমণ কৰিছিল ।
১২। আমেৰিকান
ক্ষমতাৰ সন্দর্ভত এটা বাধ্যবাধকতা লিখা ।
উত্তরঃ আমেৰিকান
ক্ষমতাৰ সন্দর্ভত এটা বাধ্যবাধকতা হ’ল- যুক্তৰাষ্ট্রীয় গাঁথনি ।
১৩। মার্কিন
আধিপত্যৰ আৰম্ভণি হৈছিল কেতিয়া ?
উত্তরঃ ১৯৯১ চনত
ছোভিয়েট ৰাছিয়াৰ পতনৰ লগে লগে মার্কিন আধিপত্যৰ আৰম্ভণি হৈছিল ।
১৪। কোন বছৰত
মার্কিন সামৰিক গৱেষণা প্রকল্প আৰম্ভ হৈছিল ?
উত্তরঃ ১৯৫০ চনত
মার্কিন সামৰিক গৱেষণা প্রকল্প আৰম্ভ হৈছিল ।
১৫। গোলকীয় ৰাজহুৱা
পণ্যৰ এটা উদাহৰণ দিয়া ।
উত্তরঃ গোলকীয় ৰাজহুৱা
পণ্যৰ এটা উদাহৰণ হ’ল- ইন্টাৰনেট ।
১৬। গোলকীয় গাঁও
কি ?
উত্তরঃ গোলকীয়
গাঁও হ’ল গোটেই পৃথিৱীখন বিজ্ঞান আরু প্রযুক্তি বিদ্যাৰ ন ন আৱিস্কাৰৰ জৰীয়তে এখন
গাওঁত পৰিণত হোৱা । অর্থাৎ এখন দেশৰ বিজ্ঞান আরু প্রযুক্তি বিদ্যাৰ ন ন আৱিস্কাৰসমূহ
আন সকলো দেশে এখন গাঁওৰ দৰে উপভোগ কৰাৰ সুযোগ-সুবিধা লাভ কৰা ।
১৭। ‘প্রথম উপসাগৰীয়া
যুদ্ধ’ৰ সময়ত মার্কিন ৰাষ্ট্রপতি কোন আছিল ?
উত্তরঃ ‘প্রথম
উপসাগৰীয়া যুদ্ধ’ৰ সময়ত মার্কিন ৰাষ্ট্রপতি আছিল- জর্জ ডব্লিউ বুশ্ব ।
১৮। মার্কিন
যুক্তৰাষ্ট্রৰ বাহিৰত প্রথম এম বি এ পাঠ্যক্রম কেতিয়া প্রৱৰ্তন কৰা হৈছিল ?
উত্তরঃ মার্কিন
যুক্তৰাষ্ট্রৰ বাহিৰত প্রথম এম বি এ পাঠ্যক্রম প্রৱৰ্তন কৰা হৈছিল- ১৯৫০ চনত ।
১৯। ৯/১১ৰ
আক্রমণত কিমান লোক নিহত হৈছিল ?
উত্তরঃ ৯/১১ ৰ
আক্রমণত প্রায় তিনি হাজাৰ(৩০০০) জন লোকৰ নিহত হৈছিল ।
২০। ১৮৮১ চনত
মার্কিন যুক্তৰাষ্ট্রত প্রতিষ্ঠা কৰা প্রথমখন বাণিজ্যিক স্কুলৰ নাম লিখা ।
উত্তরঃ ১৮৮১ চনত
মার্কিন যুক্তৰাষ্ট্রত প্রতিষ্ঠা কৰা প্রথমখন বাণিজ্যিক স্কুলৰ নাম হ’ল- হাৰ্টন
স্কুল ।
2 Marks questions:
২২। বাক্যটি শুদ্ধকৈ
লিখাঃ
আধিপত্য শব্দটিৰ মূল হ’ল
প্রাচীন ৰোম ।
উত্তরঃ আধিপত্য শব্দটিৰ মূল হ’ল প্রাচীন গ্রীক (সাহিত্য)ত ।
২৩। ‘শুদ্ধ’ নে ‘অশুদ্ধ’
লিখাঃ
আদিতে, ‘আধিপত্য’ শব্দটো
প্রাচীন গ্রীচত এথেন্সৰ পাধান্য বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল ।
উত্তরঃ শুদ্ধ ।
২৪। খালী ঠাই পুৰণ করাঃ
_____ আমেৰিকা যুক্তৰাষ্ট্রৰ
গৱেষণা প্রকল্পৰ প্রত্যক্ষ ফল ।
উত্তরঃ ইন্টাৰনেট আমেৰিকা যুক্তৰাষ্ট্রৰ গৱেষণা প্রকল্পৰ প্রত্যক্ষ ফল ।
২৫। নমনীয় ক্ষমতা বুলিলে
কি বুজা?
উত্তরঃ নমনীয় ক্ষমতা বুলিলে এখন ৰাষ্ট্রৰ(বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্রৰ) আদর্শ আরু চিন্তাধাৰাৰ প্রভাৱৰ মাধ্যমত আন ৰাষ্ট্রৰ ওপৰত নৰমভাৱে প্রভুত্ব বিস্তাৰ কৰাৰ সক্ষমতা । উদাহৰণ- আমেৰিকাৰ শিক্ষা আরু প্রযুক্তিবিদ্যাক সকলোয়ে মানি লয় ।
২৬। অনমনীয় ক্ষমতা
বুলিলে কি বুজা?
উত্তরঃ অনমনীয় ক্ষমতা বুলিলে অস্ত্র-শস্ত্রৰ সৈতে সু-সজ্জিত আরু সু-সংগঠিত সামৰিক বাহিনীৰ সমর্থতাক বোজা যায় । উদাহৰণ- আমেৰিকাৰ সৰ্ববৃহৎ সেনাবাহিনীয়ে যিকোনো দেশৰ ওপৰতে ক্ষমতা লাভ কৰিব পাৰে ৷
২৭। গাঁথনিগত শক্তি
হিচাপে আধিপত্যৰ এটা উদাহৰণ দিয়া ।
উত্তরঃ গাঁথনিগত শক্তি হিচাপে আধিপত্যৰ এটা উদাহৰণ- ইন্টাৰনেট সেৱাৰ বিশ্বব্যাপী সংযোগ ।
২৮। সমসাময়িক বিশ্ব ৰাজনীতিৰ
পৰিপ্রেক্ষিতত ‘৯/১১’ ই কোনটো ঘটনাক সূচায়?
উত্তরঃ সমসাময়িক বিশ্ব ৰাজনীতিৰ পৰিপ্রেক্ষিতত ‘৯/১১’ য়ে ২০০১ চনৰ ১১ ছেপ্তেম্বৰ তারিখে আৰৱৰ ১৯ জন অপহৰণকাৰীয়ে আমেৰিকাৰ চাৰিখন বাণিজ্যিক আকাশী যান অপহৰণ কৰি আমেৰিকাৰ বিশ্ব বাণিজ্য কেন্দ্র, আমেৰিকার প্রতিৰক্ষা বিভাগৰ প্রধান কাৰ্যালয়, আদি মূল অনুষ্ঠানসমূহত কৰা আক্রমণ আরু ধ্বংসৰ ঘটনাটোক সূচায় ।
২৯। আমেৰিকাই কিয় ইৰাক
আক্রমণ কৰিছিল?
উত্তরঃ ১৯৯০ চনত ইৰাকে কুৱেইট আক্রমণ কৰি কুৱেটখন বিভিন্ন দখল কৰিছিল ৷ ৰাষ্ট্রসংঘই আলোচনা আরু কূটনৈতিক কৌশল কৰিছিল যদিও কুৱেইট উদ্ধাৰ কৰাত অসফল হৈছিল ৷ সেয়েহে, ৩৪ খন দেশৰ ৬৬০,০০০ সৈন্যৰ সৈতে আমেৰিকাৰ মুখ্য ভূমিকাত ইৰাক আক্রমণ কৰিছিল ৷
৩০। আমেৰিকান শক্তিৰ এটা
প্রতিবন্ধক লিখা ।
উত্তরঃ আমেৰিকান শক্তিৰ এটা প্রতিবন্ধক হ'ল- NATO অর্থাৎ North Atlantic Treaty Organization.
2 Marks questions:
১। ‘আধিপত্য’ ই কি সূচায় ?
উত্তরঃ ‘আধিপত্য’ই এক অৱস্থাক সূচায় যত কোনো এক
শক্তিগোষ্ঠী বা একক ক্ষমতাকেন্দ্রিক গোট বা ৰাষ্ট্রই অন্য মানুহৰ সমষ্টি বা ৰাষ্ট্রসমূহৰ
শাসন বা শাসন ব্যৱস্থা নিয়ন্ত্রণ কৰে । লগতে, সেই একক গোষ্ঠী বা গোটটোৱে আনবোৰ গোটক শাসনাধীন
আরু নিয়ন্ত্রণ সাৰ্বস্ত্য কৰে তাকে ‘আধিপত্য’ বোলা হয় । অথবা কোনো এককেন্দ্রিক গোটৰ
কাৰ্যকৰী ক্ষমতাক আধিপত্য বোলা হয় ।
২।ৰাজহুৱা পণ্যৰ দুটা উদাহৰণ দিয়া ।
উত্তরঃ ৰাজহুৱা পণ্যৰ দুটা উদাহৰণ হ’ল- (ক)
বিশ্বব্যাপি সংযোগ আরু (খ)যোগাযোগৰ বাবে সাগৰীয় পথ ।
৩। কোনে কাৰ বিরুদ্ধে ‘অপাৰেশ্যন স্থায়ী
স্বাধীনতা’ আৰম্ভ কৰিছিল ?
উত্তরঃ আমেৰিকাৰ সেনা বাহিনীয়ে ব্রিটিছ সেনা
বাহিনী আরু আফগান ইউনাইটেড ফ্রণ্টৰ সহযোগত বিশ্বত সন্ত্রাসবাদ দূৰ কৰাৰ বাবে
অলকায়দা আরু আফগানিস্তানৰ তালিবানসকলৰ বিরুদ্ধে ‘অপাৰেশ্যন স্থায়ী স্বাধীনতা’ আৰম্ভ
কৰিছিল ।
৪।মার্কিন আধিপত্য কেতিয়া আৰম্ভ হৈছিল ?
উত্তরঃ যেতিয়া ১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ পতন
ঘটিছিল তেতিয়াই মার্কিন আধিপত্য আৰম্ভ হৈছিল । তাৰ পৰৱৰ্তী সময়ত, আমেৰিকা যুক্তৰাষ্ট্র
একমাত্র শক্তিগোষ্ঠী হিচাপে প্রতিষ্ঠিত হৈছিল ।
৫।কোনে ব্রেটন উডছ পদ্ধতি প্রতিষ্ঠা কৰিছিল আরু
কেতিয়া কৰিছিল ?
উত্তরঃ আমেৰিকা যুক্তৰাষ্ট্রই দ্বিতীয় বিশ্বযুদ্ধৰ
পাছত ব্রেটন উডছ পদ্ধতি প্রতিষ্ঠা কৰিছিল ।
.৬। মার্কিন আধিপত্যৰ দুটা ফচল উল্লেখ কৰা ।
উত্তরঃ মার্কিন আধিপত্যৰ দুটা ফচল হ’ল- বিশ্ববাণিজ্য
সংস্থা আরু আন্তজাৰ্তিক মুদ্রানিধি ।
৭। ‘বেণ্ডৱাগন’ (Bandwagon) কৌশল কি
?
উত্তরঃ বেণ্ডৱাগন’ (Bandwagon) কৌশল এই যে কোনো এক ৰাষ্ট্রই প্রতিপত্তিশীল কোনো
দেশৰ বিরুদ্ধাচৰণ কৰাতকৈ নিজ ৰাষ্ট্রৰ উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰি, বাণিজ্যক সম্পসাৰণ
কৰি, প্রযুক্তিবিদ্যাৰ উন্নতিসাধন কৰি, আন ৰাষ্টত অর্থনীতিৰ দিশত বিনিয়োগ আদি কৰি
নিজ ৰাষ্ট্রৰ বাবে সুবিধাবোৰ গ্রহণ কৰিব লাগে । লগতে, সকলো ৰাষ্ট্রৰ লগত নিৰপেক্ষ
সম্পর্ক বজায় ৰাখিব লাগে ।
৮। তুমি ভাবানে যে ৰাজনৈতিক আরু অর্থনৈতিক ক্ষমতাৰ
বিকল্পসমূহে মার্কিন আধিপত্য সীমিত কৰিব পাৰে ?
উত্তরঃ সাধাৰণতে, কোনো ৰাজনৈতিক আরু অর্থনৈতিক
ক্ষমতাৰ বিকল্পসমূহে মার্কিন আধিপত্য সীমিত কৰিব নোৱাৰে ৷ কিন্তু বেচৰকাৰী
প্রতিষ্ঠান, সামৰিক আন্দোলন, বিশ্বজনমত গঠন আদিয়ে কিছু পৰিমাণে আমেৰিকাৰ আধিপত্যক
নিয়ন্ত্রণ কৰিব পাৰে ।
৯। ১৯৯২ আরু ১৯৯৬ চনৰ মার্কিন যুক্তৰাষ্ট্রীয়
নির্বাচনত কোন জয়ী হৈছিল ?
উত্তরঃ ১৯৯২ আরু ১৯৯৬ চনৰ মার্কিন যুক্তৰাষ্ট্রীয়
নির্বাচনত বিল ক্লিন্টন আমেৰিকাৰ ৰাষ্ট্রপতিৰ পদত জয়ী হৈছিল ।
১০। ‘আধিপত্য’ বুলিলে কি বুজা ?
উত্তরঃ ‘আধিপত্য’ বুলিলে কোনো এক ব্যক্তি বা
সংগঠন বা ৰাষ্ট্র বা ৰাষ্ট্রগোটে আন শাসনাধীন ব্যক্তি বা কোনো গোটক বা কোনো ৰাষ্ট্রগোটক
যেতিয়া শাসন বা নির্দেশ কৰে, তেনে পৰিস্থিতিক সূচায় বা বুজায় ।
১১। বিশ্ব অর্থনীতিত
মার্কিন যুক্তৰাষ্ট্রৰ অংশ কিমান ?
উত্তরঃ বিশ্ব
অর্থনীতিত মার্কিন যুক্তৰাষ্ট্রৰ অংশ ২৮ শতাংশ । অর্থাৎ বিশ্বৰ বিভিন্ন দেশৰ
তুলনাত বহু গুণে অধিক আরু সর্বশক্তিমানস্বরূপ ।
১২। মার্কিন আধিপত্য
কেতিয়া আরু কিয় আৰম্ভ হৈছিল ?
উত্তরঃ মার্কিন
আধিপত্য ১৯৯১ চনত সাম্যবাদী আদর্শৰ ছোভিয়েট ৰাছিয়াৰ পতনৰ নিমিত্তে আৰম্ভ হৈছিল ।
১৩। কি প্রক্রিয়াৰে
মার্কিন আধিপত্য প্রতিষ্ঠিত হৈছিল নির্ণয় কৰা ।
উত্তরঃ (ক) প্রথমে,
আমেৰিকাই শীতল যুদ্ধৰ সময়ত এক সর্বশক্তিশালী ৰাষ্ট্র হিচাপে ছোভিয়েট ৰাছিয়াৰ বিপক্ষে
পুঁজিবাদী আদর্শৰ প্রতিষ্ঠা কৰিছিল ।
(খ) দ্বিতীয়তে, শীতল
যুদ্ধৰ অন্তত আন্তঃ ৰাষ্টীয় সংগঠন ‘বিশ্ববেংক’ৰ জৰীয়তে গোটেই বিশ্বত প্রভুত্ব
বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল ।
(গ) তৃতীয়তে, বিশ্ব
মুদ্রানিধি আরু ৰাষ্ট্রসংঘৰ প্রতিষ্ঠা কৰা আরু ক্ষমতা লাভৰ জৰীয়তে আন দেশৰ তুলনাত
এক খাপ আগুৱাই গৈছিল ।
(ঘ) আমেৰিকাৰ সামৰীক
বাহিনী পৃথিৱীৰ ভিতৰত অন্যতম হিচাপে প্রতিষ্ঠিত হৈছিল ।
১৪। ৰাজনৈতিক প্রচাৰভিমানৰ
কৌশল বুলিলে কি বুজা ?
উত্তরঃ ৰাজনৈতিক
প্রচাৰভিমানৰ কৌশল বুলিলে এখন ৰাষ্ট্রৰ নিজৰ আদর্শ আরু ক্ষমতাৰ লগতে প্রভাবসমূহ আন
আন ৰাষ্ট্রসমূহলৈ সম্পসাৰণ কৰাক বুজায় । ছোভিয়েট ৰাছিয়াৰ পতনৰ পিছত আমেৰিকা যুক্তৰাষ্ট্রই
ৰাজনৈতিক প্রচাৰভিমানৰ কৌশল প্রয়োগেরে বিশ্বত একক মহাশক্তি হিচাপে প্রতিষ্ঠিত
হৈছিল ।
১৫। PPP এ কি বুজায় ?
উত্তরঃ PPP এ Purchasing Power Parity ক বুজায় । অর্থাৎ ই দুখন দেশৰ মাজত প্রচলিত
মুদ্রা মাধ্যমৰ অনুপাতে দ্রব্যসমূহ কিনা-বেচাৰ অনুপাত আরু অধিকাৰক বুজায় ।
১৬। মার্কিন আধিপত্য
প্রতিবন্ধকতাবোৰ উল্লেখ কৰা ।
উত্তরঃ মার্কিন
আধিপত্যৰ প্রতিবন্ধকতাবোৰ হ’লঃ
(ক) প্রথমটো
গুরুত্বপূর্ণ কাৰক হ’ল- মার্কিন ৰাষ্ট্র ব্যৱস্থাৰ আনুষ্ঠানিক আরু সাংবিধানিক
গাঁথনি ।
(খ) দ্বিতীয়টো কাৰক
হ’ল- মার্কিন যুক্তৰাষ্ট্রৰ সমাজ ব্যৱস্থা ।
(গ)তৃতীয়টো মূল কাৰক
হ’ল- মার্কিন যুক্তৰাষ্ট্রই নেতৃত্ব দিয়া আন্তর্জাতিক সামৰিক মিত্রজোঁট- NATO ।
১৭। অল-কায়দা কি?
উত্তরঃ অল-কাইদা হ’ল
আফগানিস্তানৰ এক সন্ত্রাসবাদী সংগঠন । এই সংগঠনটোৱে ২০০১ চনত বিমানেৰে আক্রমণ কৰি
আমেৰিকাৰ মূল বহু অনুষ্ঠান ধংস কৰিছিল ।
১৮। ‘সহজ ক্ষমতা
হিচাপে আধিপত্য’ কি ?
উত্তরঃ ‘সহজ ক্ষমতা
হিচাপে আধিপত্য হৈছে আমেৰিকা যুক্তৰাষ্ট্রই আন দেশৰ ওপৰত পেলোৱা আদর্শগত,
সাংস্কৃতিক, আচৰণ, সাজ-পোছাক আদিৰ ক্ষেত্রত প্রভাৱ বিস্তাৰ । আমেৰিকাই সামৰিক আরু অর্থনৈতিৰ ক্ষেত্রত বিশ্বত
প্রভাৱ বিস্তাৰ কৰাৰ ওপৰিও ‘সহজ ক্ষমতা হিচাপে’ বা নৰম শক্তিৰ ক্ষেত্রতো আন
রাষ্ট্রসমূহর ওপরত আধিপত্য বিস্তাৰ কৰিছে ।
১৯। আধিপত্য বুলিলে
কি বুজা?
উত্তরঃ আধিপত্য বুলিলে এক অৱস্থাক বুজায় য'ত কোনো এক শক্তিগোষ্ঠী বা একক ক্ষমতাকেন্দ্রিক গোট বা ৰাষ্ট্রই অন্য মানুহৰ সমষ্টি বা ৰাষ্ট্রসমূহৰ শাসন বা শাসন ব্যৱস্থা নিয়ন্ত্রণ কৰে । লগতে, সেই একক গোষ্ঠী বা গোটটোৱে আনবোৰ গোটক শাসনাধীন আরু নিয়ন্ত্রণ সাৰ্বস্ত্য কৰে তাকে ‘আধিপত্য’ বোলা হয় । অথবা কোনো এককেন্দ্রিক গোটৰ কাৰ্যকৰী ক্ষমতাক আধিপত্য বোলা হয় ।
২০। অপাৰেচন ইৰাকী
ফ্রীডম’ কি আছিল?
উত্তরঃ ২০০৩ চনৰ ১৯ মার্চৰ দিনাখন ৪০ খনৰো অধিক দেশৰ সহযোগত আমেৰিকাৰ সেনা বাহিনীয়ে ইৰাক আক্রমণ কৰিছিল ৷ এই আক্রমণৰ ৰাজহুৱা উদ্দেশ্য আছিল ইৰাকক মানৱ ধ্বংসী অস্ত্র-শস্ত্রৰ উৎপাদনত বাধা দিয়া আরু এই ঘাটিসমূহ উচ্ছেদ কৰা ৷ ইৰাকৰ বিরুদ্ধে কৰা এই আক্রমণক 'অপাৰেচন ইৰাকী ফ্রীডম' বোলি জনা গৈছিল ৷ সদ্যহতে ইৰাকৰ তৈল ভাণ্ডাৰ নিয়ন্ত্রণ কৰা আরু ইৰাকত এখন মৈত্রী চৰকাৰ গঠন কৰাহে এই আক্রমণৰ মূল উদ্দেশ্য আছিল বুলি বহুতে অনুমান কৰে ৷
২১। কেতিয়াৰ পৰা আমেৰিকাৰ
আধিপত্য আৰম্ভ হয় আরু কিয় হৈছিল?
উত্তরঃ যেতিয়া ১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ পতন ঘটিছিল তেতিয়াই মার্কিন আধিপত্য আৰম্ভ হৈছিল । তাৰ পৰৱৰ্তী সময়ত, আমেৰিকা যুক্তৰাষ্ট্র একমাত্র শক্তিগোষ্ঠী হিচাপে প্রতিষ্ঠিত হৈছিল । কাৰণ, তেতিয়া আমেৰিকাৰ কোনো বিকল্প শক্তি নাছিল ।
২২। আমেৰিকাৰ
প্রভুত্বৰ দুটা ফল উল্লেখ কৰা ।
উত্তরঃ আমেৰিকাৰ প্রভুত্বৰ দুটা ফল- বিশ্ববাণিজ্য সংস্থা আরু আন্তজাৰ্তিক মুদ্রানিধি ।
২৩। ‘নমনীয় শক্তি
হিচাবে আধিপত্য কি?
উত্তরঃ নমনীয় ক্ষমতা বুলিলে এখন ৰাষ্ট্রৰ(বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্রৰ) আদর্শ আরু চিন্তাধাৰাৰ প্রভাৱৰ মাধ্যমত আন ৰাষ্ট্রৰ ওপৰত নৰমভাৱে প্রভুত্ব বিস্তাৰ কৰাৰ সক্ষমতা । উদাহৰণ- আমেৰিকাৰ শিক্ষা আরু প্রযুক্তিবিদ্যাক সকলোয়ে মানি লয় ।
চমু উত্তরর আৰ্হি প্রশ্নঃ (৪ নম্বরর)
১। গুৱান্টানাম উপসাগর কি
? ইয়ার তাৎপর্য আলোচনা করা ।
উত্তরঃ গুৱান্টানাম
উপসাগর হ’ল- কিউবার দক্ষিণ-পূব প্রান্তত গুৱান্টানাম প্রদেশত অৱস্থিত এখন উপসাগর ।
এইখন দ্বীপর দক্ষিণ দিশত থকা বৃহত্তম উপসাগর । এই উপসাগরখন ওখ ওখ পাহারে আগুরি আছে ।
ইয়ার তাৎপর্য
আমেরিকা যুক্তরাষ্ট্রর সৈতে সংলগ্ন হৈ আছে । আমেরিকার সৈন্যবাহিনীয়ে সংশ্লিষ্ট
রাষ্ট্রক অবগত নকরাকৈয়ে কিছু লোকক কিউবাত থকা আমেরিকার নৌ-বাহরর গুৱান্টানাম
উপসাগরত বন্দী করি রাখিছিল । এই স্থানত বন্দীসকলে আন্তর্জাতিক আইনর রক্ষণা-বেক্ষণ
পোৱা নাছিল । লগতে, রাষ্ট্রসংঘর কোনো প্রতিনিধিসকলকো বন্দী করি রখা কোনো লোকক লগ
করার বাবে অনুমতি প্রদান করা নাছিল ।
২। মার্কিন যুক্তরাষ্ট্রই
ইরাক আক্রমণ কিয় করিছিল ?
উত্তরঃ ছোভিয়েট
ইউনিয়নর পতনর পাছত আমেরিকা যুক্তরাষ্ট্র পৃথিৱীৰ একক মহাশক্তি আরু সামর হিচাপে
প্রতিষ্ঠিত হৈছিল । মার্কিন যুক্তরাষ্ট্রই ইরাক আক্রমণ করার কারণসমূহ
হ’লঃ
(ক)রাষ্ট্রসংঘর এক স্থায়ী
সদস্য রাষ্ট্রর পরিপেক্ষিততঃ
রাষ্ট্রসংঘর এক
স্থায়ী সদস্য রাষ্ট্র হিচাপে মার্কিন যুক্তরাষ্ট্রই আন সদস্য রাষ্ট্রর
নিরাপত্তাজনিত সুরক্ষা করিব লগা হৈছিল ।
(খ)১৯৯০ চনত ইরাকর কুৱেইট
আক্রমণঃ
১৯৯০ চনত ইরাকে
কুৱেইট আক্রমণ করি কুৱেইট দখল করিছিল, এই পরিণতিস্বরূপে ইরাকক দমন করিব লগা হৈছিল
যাতে আন রাষ্ট্রত ভৱিষ্যতে রাষ্ট্রসংঘৰ নীতির উল্লঙ্ঘা করি বেলেগ রাষ্ট্রক আক্রমণ
নকরে ।
(গ)মানৱ ধ্বংসমুখী
অস্ত্র-শস্ত্র উৎপাদনত বাধা দিয়াঃ
ইরাক আক্রমণর
রাজহুৱাকৈ প্রকট করা কারণ আছিল- ইরাকক মানৱ ধ্বংসমুখী অস্ত্র-শস্ত্র উৎপাদন করাত
বাধা আরোপ করা ।
(ঘ)ইরাকর তৈলভাণ্ডার
নিয়ন্ত্রণ করয়রাঃ
বহুলোকে ইয়ার
কারণ এই বুলি প্রকাশ করে যে ইরাকর তৈলভাণ্ডার নিয়ন্ত্রণ করার বাবে মার্কিন
যুক্তরাষ্ট্রই ইরাক আক্রমণ করিছিল ।
(ঙ) মৈত্রী চরকার গঠনর
বাবেঃ
কিছু লোকর মতামত অনুসরি মার্কিন যুক্তরাষ্টই ইরাকত এখন মৈত্রী চরকার
গঠন করার প্রয়াস করিছিল ।
(চ) পরাক্রম আরু আধিপত্য
প্রতিষ্ঠার হকেঃ
মার্কিন যুক্তরাষ্ট্র আন এক আদর্শগত কারণ হ’ল এই যে মার্কিন
যুক্তরাষ্ট্রই নিজর পরাক্রম আরু আধিপত্য স্থাপন করার প্রয়াস করিছিল ।
৩।ভারত-মাৰ্কিন সম্পর্কর
বিষয়ে এটা চমু টোকা লিখা ।
উত্তরঃ শীতল যুদ্ধর
পরিসমাপ্তির পাছর পরাই ভারত-মাৰ্কিনৰ সম্পর্ক আরু ঘনিষ্ঠ হৈ পরিছিল । ইয়ার মূল
কারণ/ উল্লেখণীয় দিশ সমূহ হ’লঃ
(ক) কারিকরী যাত্রাঃ
দুয়ুখন দেশর কারিকরী কৌশল আদান-প্রদানত এক অভূতপূর্ব সম্পর্ক
বিরাজমান হৈছিল ।
(খ) প্রবাসী ভারতীয়র
ভূমিকাঃ
আমেরিকাত ভারতর বহু লোকে বাস করি আছে । যার বাবে দুয়ুখন দেশর মাজত
এক নিবিড় সম্পর্ক গঢ়ি উঠিছে ।
(গ) চফট ওৱেৰৰ মাধ্যমেরে
সম্বন্ধঃ
ভারতে উৎপাদন করা ৬৫ ভাগ চফট ওৱেৰ আমেরিকাই ক্রয় করি লয় ।
(ঘ) ব’য়িঙর কর্মর
মাধ্যমেরে সহযোগিতাঃ
আমেরিকার ব’য়িঙত কর্মরত থকা ৩৫ ভাগ হ’ল ভারতর বংশোদ্ভৱ ।
(ঙ) চিলকন উপত্যকার
যোগেদি আমেরিকার লগত সম্বন্ধঃ
প্রায় ৩,০০,০০০ ভারতীয়ই আমেরিকার চিলিকন উপত্যকাত কর্ম করি আছে ।
(চ) উচ্চ প্রযুক্তির
ক্ষেত্রত সম্পর্কঃ
পৃথিৱীৰ প্রায় ১৫
ভাগমান উচ্চ প্রযুক্তি ভারত আরু আমেরিকার দ্বারা পরিচালিত হয় ।
(ছ) হাউদি-মোদীর সন্মিলনঃ
২০১৯ চনর ২১ র পরা ২৭
ছেপ্তেম্বরত হোৱা হাউদি-মোদীর সন্মিলনে আমেরিকা আরু ভারতর সম্পর্ক আরু অধিক ঘনিষ্ঠ
করি তুলিছে ।
৪। আধিপত্য প্রতিহত করার
কেইটামান উপায়র পরামর্শ দিয়া ।
উত্তরঃ আধিপত্য প্রতিহত
করার কেইটামান উল্লেখযোগ্য উপায় হ’লঃ
(ক) পাৰ্যমানে
সুযোগ-সুবিধা গ্রহণর জরীয়তেঃ
আধিপত্যর বিরুদ্ধে কোনো পদক্ষেপ গ্রহণ করার পরিৱৰ্তে যিমান পরা যায়
আধিপত্য গোষ্ঠীর পরা সুযোগ-সুবিধা লাভ করিলে সু-ফল পোৱা যাব । উদাহরণস্বরূপে-
আধিপত্য গোষ্ঠীর পরা বাণিজ্য, প্রযুক্তি আদিত সুবিধা গ্রহণ করিব লাগে ।
(খ) নিরাপদ দূরত্বত
অৱস্থান করাঃ
আধিপত্যর পরা প্রতিহত করার আন এক গুরুত্বপূর্ণ উপায় হ’ল- নিরাপদ
দূরত্বত অৱস্থান করা । অর্থাৎ আধিপত্য শক্তিগোষ্ঠীর পরা দূরত অৱস্থান গ্রহণেরে
আধিপত্যর পরা বহু পরিমাণে প্রতিহত করিব পারি । উদাহরণস্বরূপে- শীতল যুদ্ধর সময়ত
গোষ্ঠী নিরপেক্ষ আন্দোলনর রাষ্ট্রসমূহে গ্রহণ করা পদক্ষেপ ।
(গ) বেচরকারী সংস্থা,
সামাজিক জাগরণ আরু জনমতর মাধ্যমেরেঃ
আধিপত্য গোষ্ঠীর বিপক্ষে যদি যুটীয়াভাৱে বেচরকারী সংস্থা, সামাজিক
জাগরণ আরু জনমতর মাধ্যমেরে আন্দোলন বা উচিত পদক্ষেপ গ্রহণ করে, তেতিয়া আধিপত্যক
বহু পরিমাণে প্রতিহত করিব পারি । উদাহরণস্বরূপে- আমেরিকার বৃহৎ একক শক্তি গোষ্ঠীক
প্রচার মাধ্যম, বুদ্ধিজীৱী, লেখক আদির সহায়েরে কিছু পরিমাণে প্রতিবন্ধকর সৃষ্টি
হোৱা পরিলক্ষিত হৈছে ।
(ঘ) আমি বাস করা
বিশ্বগাওঁখনত প্রতিটো অন্যায়র বিরুদ্ধে সমূহীয়াকৈ করা বাধা প্রদানঃ
আমি সকলো এতিয়া এক বিশ্বগাওঁত বাস করি আছো । সেয়েহে, যদি কোনো
আধিপত্যই অন্যায় করে তেতিয়া সকলো রাষ্ট্র একলগ হৈ তার বিপক্ষে একেলগে মাত মাতিলে
আধিপত্যর পরা বহু পরিমাণে প্রতিহত হব পারি । উদাহরণস্বরূপে- ইরাকর বিরুদ্ধে
আমেরিকা আরু আন রাষ্ট্রবোরে গ্রহণ করা আক্রমণমুখী পদক্ষেপ ।
(ঙ) নিরপেক্ষ সহৱস্থানঃ
আধিপত্যক প্রতিহত করিবর বাবে নিরপেক্ষনীতি গ্রহণ করা উচিত অর্থাৎ
আধিপত্য গোষ্ঠীর লগত কোনো অতিরিক্ত মিত্র বা শত্রু নহৈ সমভাবাপন্ন গঢ়ি তুলা ।
উদাহরণস্বরূপে- শীতলযুদ্ধর সময়ত ভারতে গ্রহণ করা নিরপেক্ষ নীতি ।
(চ) আন্তর্জাতিক আইন আরু
প্রতিষ্ঠানর সহায়েরেঃ
আন্তর্জাতিক আইন আরু প্রতিষ্ঠানর জরীয়তে আধিপত্যক বহু পরিমাণে
প্রতিহত করিব পারি । উদাহরণস্বরূপে- রাষ্ট্রসংঘর আইন আরু নীতির সহায়েরে আধিপত্য
গোষ্ঠীক প্রতিহত করিব পরা যায় ।
৫। আজির বিশ্বত মার্কিন
আধিপত্যই কি বুজায় ? মার্কিন আধিপত্যর ক্ষেত্রত থকা যিকোনো দুটা প্রতিবন্ধকতা
উল্লেখ করা ।
উত্তরঃ আজির বিশ্বত
মার্কিন আধিপত্যই একক মহাশক্তি হিচাপে প্রতিষ্ঠিত হৈছে । বর্তমান আমেরিকাই বহু
দিশত আধিপত্য বিস্তার করি আহিছে । ইয়ার ভিতরত উল্লেখযোগ্য আধিপত্যসমূহ হ’লঃ
(ক) অনমনীয় বা কঠিন
ক্ষমতা হিচাপে আধিপত্যবাদঃ
যেতিয়া শক্তিগোষ্ঠীয়ে নিজর সামরিক ক্ষমতা আরু সামর্থ্যর যোগেদি আন
কোনো রাষ্ট্রর কোনো বিষয়র ওপরত নিয়ন্ত্রণ বা আধিপত্য সাব্যস্ত করে, তেতিয়া তাক
অনমনীয় বা কঠিন ক্ষমতা হিচাপে আধিপত্য বুলি কোৱা হয় ।
আমেরিকাই যুক্তরাষ্ট্রই চূড়ান্ত আরু আপেক্ষিক নীতির সহায়েরে সামরিক
প্রতিপত্তির জরিয়তে প্রয়োজন সাপেক্ষে পৃথিৱীৰ যিকোনো কোণত নিজর সামরিক ক্ষমতার
শক্তিরে অভিযান বা ধ্বংসকাৰ্য চলাব পারে ।
(খ) গাঁথনিগত ক্ষমতা
হিচাপে আধিপত্যঃ
যেতিয়া কোনো শক্তিগোষ্ঠীয়ে বিশ্বজুরা সামাজিক সম্পদসমূহ বিশেষকৈ যাতায়তর
বাবে সাগরীয় পথ, বিজ্ঞান-প্রযুক্তি, ইন্টারনেটর সেৱা, শিক্ষাগত অনুষ্ঠান, ব্যৱসায়-বাণিজ্যর
প্রতিষ্ঠান আদির গাঁথনিগত বিষয়সমূহর ক্ষেত্রত অরিহণা আরু আধিপত্য বিস্তার করে ।
সেই আধিপত্যক গাঁথনিগত ক্ষমতা হিচাপে আধিপত্য বোলা হয় ।
আমেরিকাই মুক্ত বিশ্ব অর্থনীতির বাবে সাগরীয় পথ, বিজ্ঞান-প্রযুক্তিৰ
ন ন আৱিস্কার, ইণ্টারনেট সেৱা, ব্যৱসায়িক স্নাতকোত্তর ডিগ্রী (MBA) আদির দরে
শিক্ষাগত বিষয়সমূহ, ব্রেটন উদছ্ ব্যৱস্থা আদি দিশ আরু সুবিধা সমূহর মাধ্যমেরে
বিশ্বর আন রাষ্টবোরর ওপরত গাঁথনিগত আধিপত্য বিস্তার করি আছে ।
(গ) নরম ক্ষমতা হিচাপে
আধিপত্যঃ
যেতিয়া কোনো এক শক্তিগোষ্ঠীয়ে আদর্শগত আরু সাংস্কৃতিক দিশর
মাধ্যমেরে আন রাষ্ট্র বা কোনো গোটর ওপরত আধিপত্য বিস্তার করে, তেতিয়া তাক নরম
ক্ষমতা হিচাপে আধিপত্য বুলি কোৱা হয় ।
বর্তমান বিশ্বত মার্কিন চিন্তা আরু আদর্শবোর সকলোরে মঙ্গলজনক বুলি
প্রতিপন্ন হৈছে । সাজ-পার, উৎতস-পাৰ্বন আরু আন সাংস্কৃতিক ক্ষেত্রতো আমেরিকার
সংস্কৃতিয়ে সকলো রাষ্ট্রর ওপরত আধিপত্য বিস্তার করাটো পরিলক্ষিত হৈছে । অসম চরকারেও
হাইস্কুল শেষান্ত পরীক্ষার শ্রেষ্ঠজনক মার্কিন যুক্তরাষ্ট্রর NASA ত প্রশিক্ষণর
সুবিধা দিয়ার কথা ঘোষণা করিছে ।
মার্কিন আধিপত্যর ক্ষেত্রত থকা যিকোনো প্রতিবন্ধকতাসমূহ হ’লঃ
(ক) মার্কিন রাষ্ট্র
ব্যৱস্থার আনুষ্ঠানিক আরু সাংবিধানিক গাঁথনিঃ
আমেরিকার সাংবিধানিক গাঁথনি পৃথকীকরণ নীতির ওপরত প্রতিষ্ঠা লাভ
করিছে । আমেরিকার রাষ্ট্রপতিয়ে কোনো পদক্ষেপ গ্রহণর সময়ত মার্কিন সংসদে বাধা দিব
পারে । আমেরিকা রাষ্ট্রপতির যিকোনো সিদ্ধান্ত বা প্রস্তাৱৰ ক্ষেত্রত বাধা আরোপ হব
পারে সেয়েহে রাষ্ট্রপতি নিজ অনুসরি কোনো সামরিক অভিযান চলাব নোৱাৰে ৷
(খ) মার্কিন মুক্ত সমাজ
ব্যৱস্থাঃ
মার্কিন চরকারে রাজনৈতিক
আরু আন সংস্কৃতিত কোনো পদক্ষেপ গ্রহণ করার ক্ষেত্রত আমেরিকার জনসাধারণর সজাগ আরু
সমালোচনাত্মক দৃষ্টিভংগীর সন্মুখীন হব লগা হয় । উদাহরণস্বরূপে- জর্জ বুশ্বর ইরাকী
অভিযানর বিপক্ষে আমেরিকার জনসাধারণ সজাগ আরু বিক্ষোভ প্রকাশ করিছিল ।
(গ) মার্কিন
যুক্তরাষ্ট্রই নেতৃত্ব দিয়া আন্তর্জাতিক সামরিক মিত্রজোঁট- NATO:
মার্কিন
যুক্তরাষ্ট্রর নেতৃত্বত গঢ় লৈ উঠা উত্তর আটলান্টিক চুক্তি সংগঠনো আমেরিকার বাবে
প্রতিবন্ধক হিচপে থিয় দিছে । এই সংগঠনটোৱে মার্কিন যুক্তরাষ্ট্রর একপক্ষীয় সামরিক
ক্ষমতার ক্ষেত্রত নিয়ন্ত্রণ সার্বস্ত্য করিছে ।
৬। গোলকীয় গাঁৱত রাষ্ট্রর
ভূমিকা আলোচনা করা ।
উত্তরঃ বর্তমান সময়ত
গোটেই পৃথিৱীখন এখন গোলকীয় গাঁৱত পরিণত হৈছে । এই গোলকীয় গাঁৱত প্রতিখন রাষ্ট্রই
গাঁৱৰ গাঁওবুঢ়াৰ ওচৰ-চুবুরীয়া হিচাপে বর্তি আছে । গোলকীয় গাঁৱর এই রাষ্ট্রবোরর
কাৰ্যকলাপ গাওঁবুঢ়াৰ তত্ত্বাৱধানত পরিচালিত আরু নিয়ন্ত্রিত হৈ আছে । যদি কোনো
রাষ্ট্রই কোনো কাৰ্যত অসন্তুষ্ট হয়, তেনেহ’লে বিশ্ব গাওঁর পরা বাদ দিব বা আতরিব
লাগিব । কিন্তু কোনো রাষ্ট্রই এই গাঁওক বাদ দি চলিব নোৱাৰে । কারণ, সকলো রাষ্ট্রই
এই গোলকীয় বিশ্ব বা গাওঁতে একেলগে সহৱস্থান করিব লাগিব । সেয়েহে কোনো রাষ্ট্রই যদি
অন্যায় বা অধিক আধিপত্য বিস্তার করিব বিচারে তেনেহ’লে গোলকীয় গাওঁত থকা সকলো
রাষ্ট্র মিলি সেই বিষয়ক বাধা আরোপ করিব লাগে । এনেদরে, গোলকীয় গাঁৱত প্রতিখন রাষ্ট্রর
কম-বেছি পরিমাণে ভূমিকা গ্রহণ করি আছে ।
৭। কিদরে আধিপত্যক
অতিক্রম করিব পারি ?
উত্তরঃ Same as 5
৮। উইলিয়াম জেফারচন বিল ক্লিন্টনর অধীনত মার্কিন
আধিপত্যর বিষয়ে আলোচনা করা ।
উত্তরঃ ১৯৯২ চনত
ডেম’ক্রেট্রিক দলর নেতা উইলিয়াম জেফারচন বিল ক্লিন্টন রাষ্ট্রপতি হিচাপে অধিষ্ঠিত হৈছিল আরু আঠটা
বছর রাষ্ট্রপতি পদত আছিল । তেখেতে মার্কিন যুক্তরাষ্ট্রর আভ্যন্তরীণ সমস্যাবোরর
সমাধান করার বাবে মনোনিবেশ নিক্ষেপ করিছিল । তেখেতর রাজত্ব কালত, আন্তর্জাতিক সমস্যাসমূহর
পরা আতরত আছিল । তেওঁ অতীতর সামরিক শক্তি আরু সামরিক নিরাপত্তার নিচিনা “অনমনীয়
রাজনীতি”র প্রভাৱ হ্রাস করিছিল । তেওঁ মার্কিন আধিপত্যত এক গণতন্ত্র,
পারিপার্শ্বিক পরিৱৰ্তন আরু বিশ্ব বাণিজ্যর দরে নমনীয় বিষয়সমূহর ওপরত প্রতিষ্ঠাপন
করিছিল ।
তেওঁ রাজত্বকালত কিছুমান
সামরিক বিদ্রোহ হৈছিল । ইয়ার ভিতরত উল্লেখযোগ্যসমূহ আছিল এনেধরণরঃ
(ক) যুগোশ্লোভিয়ার
আক্রমণঃ
১৯৯৯ চনত যুগোশ্লোভিয়ার আল্বেনিয়ান জনবসতি-প্রধান কচভো প্রদেশত
যুগোশ্লোভিয়ার আক্রমণ চলিছিল । এই পরিস্থিতিত ক্লিন্টনে NATOর সহযোগত
যুগোশ্লোভিয়ার ওপরত বোমা নিক্ষেপ করিছিল । এই অভিযান দুই মাহ ধরি চলি আছিল । এই
অভিযানত ক্লিটন চরকারে সফলতা লাভ করিছিল । এই যুদ্ধত পাছত শ্ল’ব’ডান মিলোশ্বেভিক
চরকারখনর পতন ঘটিছিল । লগতে, কচভোত NATO বাহিনীয়ে এটা সামরিক ঘাটি স্থাপন করিছিল ।
(খ) অল-কায়দার ওপরত
আক্রমণ অথবা অপারেশ্যন ইনফিনিট রিছঃ
১৯৯৮ চনত ক্লিন্টনর রাজত্বকালত কেনিয়ার নাইরোবি আরু তানজানিয়ার
ডার-ঈ-চালামত থকা মার্কিন দূতাবাসর ওপরত ‘অল-কায়দা’ নামর সন্ত্রাসবাদী সংগঠনে
আক্রমণ বোমাবর্ষণ করিছিল । এই বিরোধক নাশ করিবর বাবে ক্লিন্টন প্রশাসনে চুডান আরু
আফগানিস্তানত থকা ‘অল-কায়দা’ ঘাটিত ক্রুইজ্ মিছাইলর সহায়ত আক্রমণ করিছিল । এই
অভিযানত বহুতো ‘অল-কায়দা’ ঘাটিত নষ্ট হ’ল যদিও নিরীহ লোকরো মৃতু হৈছিল ।
৯। ‘ইরাকী স্বাধীনতার
অভিযান’ কি ? ইয়ার ফলাফলসমূহ উল্লেখ করা ।
উত্তরঃ আমেরিকার সেনাবাহিনীয়ে ২০০৩ চনর ১৯ মার্চত অপারেচন
ইরাকী ফ্রীডম অভিযানেরে ইরাক আক্রমণ করিছিল । এই আক্রমণত ৪০ খনরো অধিক রাষ্ট্রর মৰ্চা
‘কোৱালিশ্ব্ন অব উইলিং’ এ আমেরিকার সেনাবাহিনীক সহায় করিছিল । আক্রমণর রাজহুৱা
উদ্দেশ্য আছিল- ইরাকর মানৱ ধ্বংসমুখী অস্ত্র-শস্ত্র উৎপাদনত বাধা দিয়া ।বহুলোকে
ইয়ার কারণ এই বুলি প্রকাশ করে যে ইরাকর তৈলভাণ্ডার নিয়ন্ত্রণ করার বাবে মার্কিন
যুক্তরাষ্ট্রই ইরাক আক্রমণ করিছিল । কিছু
লোকর মতামত অনুসরি মার্কিন যুক্তরাষ্টই ইরাকত এখন মৈত্রী চরকার গঠন করার প্রয়াস
করিছিল ।
‘ইরাকী স্বাধীনতার অভিযান’র ফলাফল অতি ভয়াবহ আছিল । ইয়ার
উল্লেখযোগ্য ফলাফলসমূহ হ’লঃ
(ক) ছাদ্দাম হুচেইনর চরকারর পতনঃ
এই অভিযানর পাছত
ইরাকর রাষ্ট্রপতি ছাদ্দাম হুচেইনর নেতৃত্বাধীন চরকারর পতন ঘটিছিল ।
(খ) ইরাকর সংকটজনক আরু অস্থিরতার পরিৱেশঃ
এই আক্রমণর পাছত
ইরাকত এক সংকটজনক আরু অস্থিরতার পরিৱেশর সৃষ্টি হৈছিল ।
(গ)আমেরিকার বিরুদ্ধে ইরাকর বিদ্রোহর জুই জ্বলি উঠিছিলঃ
(ঘ) বৃহৎসংখ্যক অসামরিক লোকর মৃত্যুঃ
(ঙ)আমেরিকার কিছুপরিমাণে সামরিক আরু রাজনৈতিক বিফলতাঃ
১০। রাজহুৱা পণ্য বুলিলে
কি বুজা ? গোলকীয় রাজহুৱা পণ্যর উদাহরণর তালিকা দিয় ।
উত্তরঃ যিসমূহ সামাজিক সম্পদ বা পণ্য সামগ্রী এজন লোকে
ব্যৱহারর করার কারণে অন্য এজন ইয়ার ক্ষেত্রত বঞ্চিত নহয় । সেই সামগ্রীসমূহক
রাজহুৱা পণ্য সামগ্রী বুলি কোৱা হয় ।
উদাহরণস্বরূপে- বিশুদ্ধ বায়ু, রাস্তা-পদুলি, জলভাগর পানী, পৃথিৱীৰ
ভূ-ভাগ, আদি ।
এইসমূহ সম্পদ সকলোরে অধিকার থাকে । ইয়ার উপরিও এই সমূহ সম্পদর ওপরত
কোনেও একক আধিপত্য বিস্তার করিব নোৱাৰে অর্থাৎ অধিকার নাথাকে । অন্যথা ইয়ার
বিপক্ষে আন্তর্জাতিক আইনে বা রাষ্ট্রসংঘই বিচার করিব পারে ।
১১। মার্কিন
যুক্তরাষ্ট্রর সৈতে ভারতর সম্পর্ক ব্যাখ্যা করা গুরুত্বপূর্ণ কারকসমূহ উল্লেখ করা
।
উত্তরঃ same as 3
১২। ‘৯/১১’র বিষয়ে এটা
টোকা লিখা ।
উত্তরঃ আরৱৰ বেলেগ বেলেগ
দেশর ১৯ জন অপহরণকারীয়ে ২০০১ চনর ১১ ছেপ্তেম্বরত আমেরিকার চারিখন বাণীজ্যিক আকশী
যান অপহরণ করিছিল । তেওঁলোকে দুখন আকাশীযানর জরীয়তে নিউইয়ৰ্ক চহরর বিশ্ব বাণিজ্য
কেন্দ্রত উত্তর আরু দক্ষিণ দিশর পরা বোমা নিক্ষেপ করি সেই কেন্দ্রটো ধ্বংস করিছিল
। তৃতীয়খন আকাশীযানর সহায়ত এরিংটন ভাৰ্জিনিয়ার আমেরিকার প্রতিরক্ষা বিভাগর প্রধান
কাৰ্যালয় পেণ্টাগণত বোমা নিক্ষেপ করিছিল । তারে চতুর্থ আকাশীযান আমেরিকার কংগ্রেছ
ভৱনৰ দিশে আহিছিল যদিও পেনচিলভানিয়ার পথার এখনত অৱতরণ করিব লগা হৈছিল । এই ঘটনাতো
ছেপ্তেম্বরর হোৱাৰ বাবে ‘৯’ আরু ১১ তারিখে হোৱাৰ ‘১১’ হিচাপে আমেরিকার তারিখর
নিয়মেরে ৯/১১ সন্ত্রাস বা আক্রমণ বুলি জনা গৈছিল ।
ফলাফলঃ
এই আক্রমণ আরু বোমা
নিক্ষেপর ফলত তিনি হাজার লোকর মৃত্যু হৈছিল আরু বহুতো লোক বেয়াকৈ আহত হৈছিল । এই আক্রমণক ১৮১৪ চনর ব্রিটিছে ওৱাচিংটনত ডি.
চি. ত সংঘটিত করা ঘটনা আরু ১৯৪১ চনর জাপানর পাৰ্ল-হারবারত করা আক্রমণ সৈতে তুলনা
করিব পরা যায় । এই আক্রমণর প্রত্যাক্রম হিচাপে রাষ্ট্রপতি জৰ্জ বুশ্বর নেতৃত্বত
‘অল-কাইদা’ আরু আফগানিস্তানর তালিবান প্রশাসনর বিরুদ্ধে ‘অপারেচন এণ্ডরিং ফ্রীডম’
র ঘোষণা করিছিল ।
১৩। প্রথম উপসাগরীয়
যুদ্ধর কারণবোর কি কি আছিল ?
উত্তরঃ আন্তর্জাতিক
রাজনীতিত প্রথম উপসাগরীয় যুদ্ধ লেখতলবলগীয়া । এই যুদ্ধর কারণবোর হ’ল এনেধরণরঃ
(ক) ১৯৯০ চনর কুৱেইট
আক্রমণঃ
ইরাকে ১৯৯০ চনত কুৱেইট আক্রমণ করি দখল করিছিল আরু নিজর অধীনস্থ
করিছিল । ইয়ার পরাই প্রথম উপসাগরীয় যুদ্ধর আরম্ভণি হৈছিল ।
(খ) রাষ্ট্রসংঘর কূটনৈতিক
কৌশল ব্যর্থঃ
রাষ্ট্রসংঘই এক সংগ্রামর অন্ত পেলাবর বাবে কিছুমান কূটনৈতিক কৌশল
আরু আলোচনা গঢ়ি তুনিছিল । কিন্তু এই ক্ষেত্রত কোনো ফল নধরিছিল ।
(গ) ইরাকর রাষ্ট্রপতির
একচেটিয়া মন্তব্য আরু পদক্ষেপঃ
এই যুদ্ধর সন্ধিক্ষণত ইরাকর রাষ্ট্রপতিয়ে একচেটিয়া মনব্য আরু
পদক্ষেপ গ্রহণ করিছিল । তেওঁ বিবাদ মিমাংসা করা আরু কুৱেইটর পরা আতরি যোৱাৰ কোনো
পদক্ষেপ লোৱা নাছিল ।
(ঘ) আমেরিকার আধিপত্য আরু
পরাক্রম পদৰ্শন করার অর্থেঃ
৩৪ খন দেশর ৬৬০,০০০ সৈন্যই এই “অপারেশ্যন ডেজাৰ্ট ষ্টৰ্ম”(Operation Desert Storm” এই অভিযান চলাইছিল । ইয়ার ভিতরত ৭৫% সৈন্যই আছিল আমেরিকার । লগতে, ‘কম্পিউটার
যুদ্ধ’ বুলি পরিচিত এই যুদ্ধত আমেরিকাই ‘স্মার্ট বোমা’ প্রয়োগেরে নিজর উন্নত
প্রযুক্তি আরু কারিকরী কৌশলর পদৰ্শিত করিছিল ।
(ঙ) আমেরিকার ধন, পুঁজি
আরু সম্পদ আহরণর পরিক্রমাঃ
এই যুদ্ধর মাধমেরে আমেরিকাই জাৰ্মানী, জাপান, চচদি আরৱ আদি দেশর পরা
বোজন পরিমাণর ধন আরু পুঁজি লাভ করিছিল । এই সম্পদ আরু পুঁজির পরিমাণ বিনয়োগতকৈ
অধিক আছিল ।
(চ) রাষ্ট্রসংঘর আইনক
অবমাননা করা আরু বিশ্ব শান্তি গঢ়ি তুলাঃ
এই যুদ্ধ হোৱা আন এক উল্লেখনীয় কারণ হ’ল রাষ্ট্রসংঘর আইনক অবমাননা
করা । লগতে, বিশ্বত শান্তি প্রতিষ্ঠা করার ‘প্রথম উপসাগরীয়’ যুদ্ধর অভিযান গঢ়ি
তুলিছিল ।
১৪। ক্লিন্টনর যুগত
মার্কিন সামরিক যুদ্ধর বিষয়ে ব্যাখ্যা করা ।
উত্তরঃ Same as 8
১৫। ‘কঠিন শক্তি হিচাপে
আধিপত্য’ কি ?
উত্তরঃ যেতিয়া কোনো
শক্তিগোষ্ঠীয়ে নিজর সামরিক ক্ষমতা আরু সামর্থ্যর যোগেদি আন কোনো রাষ্ট্রর কোনো
বিষয়র ওপরত নিয়ন্ত্রণ বা আধিপত্য সাৱ্যস্ত করে, তেতিয়া তাক অনমনীয় বা কঠিন ক্ষমতা
হিচাপে আধিপত্য বুলি কোৱা হয় ।
আমেরিকাই যুক্তরাষ্ট্রই চূড়ান্ত আরু আপেক্ষিক নীতির সহায়েরে সামরিক
প্রতিপত্তির জরিয়তে প্রয়োজন সাপেক্ষে পৃথিৱীৰ যিকোনো কোণত নিজর সামরিক ক্ষমতার
শক্তিরে অভিযান বা ধ্বংসকাৰ্য চলাব পারে ।
১৬। ভারত আরু আমেরিকার
সম্বন্ধর ওপরত এটা চমু টোকা লিখা ।
উত্তরঃ Same as 3
১৭। আধিপত্যর পরা কেনেকৈ
মুক্তি পাব পারি ?
উত্তরঃ Same as 4
১৮। বিশ্ব পরিক্রমাত
আমেরিকার বর্তমান মৰ্য্যাদা সম্বন্ধে আলোচনা করা ।
উত্তরঃ Same as 5
১৯। আমেরিকার আধিপত্য স্থাপনর
প্রক্রিয়াটো আলোচনা করা ।
উত্তরঃ Same as 5
২০।‘কঠোর শক্তি হিচাপে আধিপত্য’ আলোচনা করা ।
উত্তরঃ Same as 15
দীঘলীয়া উত্তরর আৰ্হি
প্রশ্নঃ (৬ নম্বরর)
১। বিভিন্ন প্রকারর
আধিপত্য কি কি ? প্রত্যাকরে উদাহরণ দিয়া ।
উত্তরঃ ৪ নম্বরর ৫ নং
উত্তরর পরা প্রথম (ক), (খ) আরু (গ) পইন্টতো লিখা ।
২। ‘আমেরিকান আধিপত্যর
সর্ববৃহৎ প্রতিবন্ধকতাটো ইয়ার আধিপত্যর আভ্যন্তরতেই আছে’- আমেরিকান ক্ষমতার তিনিটা
প্রতিবন্ধক চিনাক্ত করা ।
উত্তরঃ ৪ নম্বরর ৫ নং
উত্তরর পরা দ্বিতীয় (ক), (খ) আরু (গ) পইন্টতো লিখা ।
৩। শেহতীয়া বছরবোরত
ভারত-মাৰ্কিন সম্পর্কক বিকশাই তোলা নতুন কারকসমূহ উল্লেখ করা ।
উত্তরঃ Same as 3 (4 marks)
৪। মার্কিন যুক্তরাষ্ট্রর
গাঁঠনিগত ক্ষমতার এটা ধ্রুপদী উদাহরণ হ’ল মাষ্টাৰ্ছ ইন বিজনেছ এড’মিনিষ্ট্রেশ্যন
নামর বিদ্যায়তনিক ড্রিগ্রীটো’- বহলাই লিখা ।
উত্তরঃ আজির বিশ্বত
মার্কিন আধিপত্যই একক মহাশক্তি হিচাপে প্রতিষ্ঠিত হৈছে । বর্তমান আমেরিকাই বহু
দিশত আধিপত্য বিস্তার করি আহিছে । গাঁথনিক দিশর আন বিষয়সমূহর লগতে শিক্ষাখণ্ডর বিকাশ আরু
আধিপত্যত প্রভাৱ বিস্তার কিরিছে ।
ইয়ার ভিতরত
বিশেষকৈ আমেরিকাই আগবঢ়োৱা “ব্যৱসায়িক প্রশাসনর স্নাতকোত্তর ডিগ্রী- “Masters’ In Business Administration (MBA) । এই ডিগ্রীর ধারণা
আরু জ্ঞান-উপয়োগর মাধ্যমেরে বিশ্বর বাবে শিক্ষার গাথনিক দিশর উন্নতি করিছিল । ১৮৮১ চনত মার্কিন
যুক্তরাষ্ট্রর পেনচিলভেনিয়া বিশ্ববিদ্যালয়ত প্রথমখন বিজিনেজ স্কুল- “Wharton School” প্রতিষ্ঠিত হৈছিল
। ১৯০০ চনতেই মার্কিন যুক্তরাষ্ট্রত MBA পাঠ্যক্রমর আরম্ভণি হৈছিল ।
পৃথিৱী আন সকলো
রাষ্ট্রই MBA ডিগ্রিটো অত্যন্ত গুরুত্বপূর্ণ বুলি জ্ঞান করে । লগতে ব্যৱসায় প্রতিষ্ঠানর
বাবে MBA ডিগ্রী
বাধ্যতামূলক হিচাপে মানি লৈছে । এনেদরে, শিক্ষার গাঁথনিক দিশত MBA আদিরর দরে
শিক্ষাগত বিষয়র জরীয়তে বিশ্বত আধিপত্য প্রতিষ্ঠা করি আহিছে ।
৫। মার্কিন আধিপত্যর
সাংস্কৃতিক আয়তনর বিষয়ে এটা টোকা লিখা ।
উত্তরঃ আজির বিশ্বত
মার্কিন আধিপত্যই একক মহাশক্তি হিচাপে প্রতিষ্ঠিত হৈছে । বর্তমান আমেরিকাই বহু
দিশত আধিপত্য বিস্তার করি আহিছে । এইবোরর ভিতরত সাংস্কৃতিক দিশতো আন রাষ্ট্রবোরত
প্রভাব পেলাইছে ।
এইবোরর ভিতরত উল্লেখযোগ্য
দিশসমূহ হ’লঃ
(ক) মার্কিন চিন্তা আরু
আদৰ্শঃ
বর্তমান বিশ্বর সকলো রাষ্ট্রই সংস্কৃতির দিশত মার্কিন চিন্তা আরু
আদর্শক মঙ্গলজনক বিবেচনা করে । আমেরিকাই গ্রহণ করা নীতি আরু আদর্শসমূহক সকলো দেশে
মানি চলে ।
(খ) বিশ্বজুরি ভাল জীৱন
আরু জীৱনর আদর্শ প্রতিষ্ঠাঃ
আমেরিকাই নিজর সংস্কৃতির জরীয়তে বিশ্বজুরি
ভাল জীৱন আরু জীৱনর আদর্শর প্রতিষ্ঠা করিছে । আমেরিকা লোকর জীৱন ধারণা আরু
চলন-ফুরণ আন রাষ্ট্রবোরে গ্রহণ করিছে ।
(গ) আমেরিকার উৎসৱ
পাৰ্বনৰ জরীয়তেঃ
বর্তমান সকলো সংস্কৃতিতিয়েই আমেরিকার উৎসৱ-পাৰ্বনে ঠাই পাইছে । এক
জানুৱাৰীৰ প্রগ্রেম, ভেলেন্টাইন দে, রৌছ দে, খ্রীষ্টমাছ দে আদিবোরর প্রভাৱ সকলো
রাষ্ট্রর আরু সমাজতে পরিছে ।
(ঘ) আমেরিকার সাজ-পোছাক
পরিধানর মাধ্যমেরেঃ
আমেরিকাই সাজ-পোছাকেও বর্তমান বিভিন্ন রাষ্ট্রর সংস্কৃতিত প্রভাৱ
পেলাইছে । সমাজর নতুন প্রজন্মই থলুৱা সাজ-পোছাকক পরিহার করি আমেরিকার সাজ-পোছাক
পরিধানত অধিক গুরুত্ব প্রদনা করিছে ।
(ঙ) বিশ্বর শক্তিশালী
সংস্কৃতির রাষ্ট্র হিচাপেঃ
বিশ্বর এক শক্তিশালী রাষ্ট্র হিচাপে আমেরিকার সংস্কৃতি সকলোৱে এক
উচ্চস্তরর বুলি মানি লয় । । অসম চরকারেও হাইস্কুল শেষান্ত পরীক্ষার শ্রেষ্ঠজনক মার্কিন
যুক্তরাষ্ট্রর NASA ত প্রশিক্ষণর সুবিধা দিয়ার কথা ঘোষণা করিছে ।
(চ) উদার গণতান্ত্রিক
চেতনা আরু ব্যক্তি স্বাতন্ত্ৰ্র প্রমূল্যঃ
আমেরিকাই পুঁজিবাদীর আদর্শর মাধ্যমেরে উদার গণতান্ত্রিক চেতনা আরু
ব্যক্তি স্বাতন্ত্ৰ্র প্রমূল্যর সংস্কৃতির অবতারণা করিছে । বর্তমান বিশ্বর
প্রায়বোর রাষ্ট্রই আন্তর্জাতিক বিশ্বায়নর মাধ্যমেরে আমেরিকার সংস্কৃতির প্রায় সকলো
দিশতে প্রভাৱ পরিছে ।
এইদরে দেখা যায় যে মার্কিন আধিপত্যই আধিপত্যর আনবোর ক্ষেত্রর দরে
সাংস্কৃতিক দিশতো সকলো রাষ্ট্রর সংস্কৃতি আরু জনসাধারণর মাজত সাঙোর খাই পরিছে ।
৬। আধিপত্যর বিষয়ে
বুরঞ্জীয়ে আমাক কি শিকায় ?
উত্তরঃ আধিপত্য শব্দতো
মূলতঃ প্রাচীন গ্রীক বুরঞ্জীর জরীয়তে জানিব পারি । প্রাচীন গ্রীক সমাজত এই আধিপত্যর সূচনা হৈছিল ।
প্রাচীন গ্রীচত এথেন্সে অন্য নগর-রাষ্ট্রসমূহর ওপরত চলোৱা কৰ্তৃত্বক বুজাবলৈ আধিপত্য
শব্দটো ব্যৱহার করিছিল ।
বুরঞ্জীর পাঠ অনুসরি আধিপত্যর অর্থ হ’ল- “কোনো
এখন রাষ্ট্রই আহরণ করা নেতৃত্ব প্রদানকারী আরু আনক বশীভূত করি রাখিব পরা ক্ষমতা ।”
সেয়েহে আধিপত্য বুলিলে কোনো দুই বা ততোধিক রাষ্ট্রর মাজত সামরিক ক্ষমতার জরীয়তে
গঢ়ি উঠা এক সম্পৰ্কক সূচায় । বুরঞ্জীর কাহিণী আরু ঘটনা অনুসরি কোনো এক
প্রতিপত্তিশীল রাষ্ট্রই আন এখন রাষ্ট্রক আক্রমণ করি সেই রাষ্ট্র দখল করা আরু নিজর
নিয়ন্ত্রণ সাৰ্বস্ত্য করাক সূচায় ।
দ্বিতীয়
বিশ্বযুদ্ধর পরাই আমেরিকা যুক্তরাষ্ট্রই গোটেই বিশ্বত আধিপত্য বিস্তার করিছিল ।
শীতল যুদ্ধর সময়ত আমেরিকার নিজর আধিপত্য আরু আদর্শরে নিজর মিত্রগোষ্ঠী গঢ়ি তুলিছিল
। ইয়ার পরৱৰ্তী পৰ্যায়ত, ১৯৯১ চনত ছোভিয়েট ইউনিয়নর পতন ঘটার লগে লগে একক মহাশক্তি
হিচাপে গোটেই বিশ্বত আধিপত্য বিস্তার করিছিল ।
৭। আধিপত্যর বিভিন্ন
প্রকৃতি বিশ্লেষণ করা ।
উত্তরঃ ৪ নম্বরর ৫ নং
উত্তরর পরা প্রথম (ক), (খ) আরু (গ) পইন্টতো লিখা ।
৮। মার্কিন আধিপত্য
প্রতিষ্ঠিত হোৱার প্রক্রিয়াসমূহ বিশ্লেষণ করা ।
উত্তরঃ ৪ নম্বরর ৫ নং
উত্তর
৯। আন্তঃরাষ্ট্রীয় রাজনীতি প্রসংগত আধিপত্যর বিষয়ে
ব্যাখ্যা করা ।
উত্তরঃ আধিপত্য শব্দতো মূলতঃ
প্রাচীন গ্রীক বুরঞ্জীর জরীয়তে জানিব পারি । প্রাচীন গ্রীক সমাজত এই আধিপত্যর সূচনা হৈছিল । প্রাচীন গ্রীচত
এথেন্সে অন্য নগর-রাষ্ট্রসমূহর ওপরত চলোৱা কৰ্তৃত্বক বুজাবলৈ আধিপত্য শব্দটো
ব্যৱহার করিছিল ।
আন্তঃরাষ্ট্রীয় রাজনীতি প্রসংগত আধিপত্যর অর্থ হ’ল- “কোনো এখন রাষ্ট্রই আহরণ করা নেতৃত্ব প্রদানকারী আরু আনক বশীভূত করি
রাখিব পরা ক্ষমতা ।” সেয়েহে আধিপত্য বুলিলে কোনো দুই বা ততোধিক রাষ্ট্রর মাজত সামরিক
ক্ষমতার জরীয়তে গঢ়ি উঠা এক সম্পৰ্কক সূচায় । বুরঞ্জীর কাহিণী আরু ঘটনা অনুসরি কোনো
এক প্রতিপত্তিশীল রাষ্ট্রই আন এখন রাষ্ট্রক আক্রমণ করি সেই রাষ্ট্র দখল করা আরু
নিজর নিয়ন্ত্রণ সাৰ্বস্ত্য করাক আধিপত্য
সূচায় ।
আন্তঃরাষ্ট্রীয় রাজনীতি প্রসংগত আধিপত্য তিনি প্রকারর । সেয়া হ’ল-
(ক) অনমনীয় বা কঠিন ক্ষমতা হিচাপে
আধিপত্যবাদঃ
যেতিয়া শক্তিগোষ্ঠীয়ে নিজর সামরিক ক্ষমতা আরু সামর্থ্যর যোগেদি আন
কোনো রাষ্ট্রর কোনো বিষয়র ওপরত নিয়ন্ত্রণ বা আধিপত্য সাব্যস্ত করে, তেতিয়া তাক অনমনীয় বা
কঠিন ক্ষমতা হিচাপে আধিপত্য বুলি কোৱা হয় ।
আমেরিকাই যুক্তরাষ্ট্রই চূড়ান্ত আরু আপেক্ষিক নীতির সহায়েরে সামরিক
প্রতিপত্তির জরিয়তে প্রয়োজন সাপেক্ষে পৃথিৱীৰ যিকোনো কোণত নিজর সামরিক ক্ষমতার
শক্তিরে অভিযান বা ধ্বংসকাৰ্য চলাব পারে ।
(খ) গাঁথনিগত ক্ষমতা হিচাপে আধিপত্যঃ
যেতিয়া কোনো শক্তিগোষ্ঠীয়ে বিশ্বজুরা সামাজিক সম্পদসমূহ বিশেষকৈ
যাতায়তর বাবে সাগরীয় পথ, বিজ্ঞান-প্রযুক্তি, ইন্টারনেটর সেৱা, শিক্ষাগত অনুষ্ঠান, ব্যৱসায়-বাণিজ্যর প্রতিষ্ঠান আদির গাঁথনিগত বিষয়সমূহর ক্ষেত্রত
অরিহণা আরু আধিপত্য বিস্তার করে । সেই আধিপত্যক গাঁথনিগত ক্ষমতা হিচাপে আধিপত্য
বোলা হয় ।
আমেরিকাই মুক্ত বিশ্ব অর্থনীতির বাবে সাগরীয় পথ, বিজ্ঞান-প্রযুক্তিৰ ন
ন আৱিস্কার, ইণ্টারনেট সেৱা, ব্যৱসায়িক স্নাতকোত্তর ডিগ্রী (MBA) আদির দরে শিক্ষাগত বিষয়সমূহ, ব্রেটন উদছ্ ব্যৱস্থা আদি দিশ আরু
সুবিধা সমূহর মাধ্যমেরে বিশ্বর আন রাষ্টবোরর ওপরত গাঁথনিগত আধিপত্য বিস্তার করি
আছে ।
(গ) নরম ক্ষমতা হিচাপে আধিপত্যঃ
যেতিয়া কোনো এক শক্তিগোষ্ঠীয়ে আদর্শগত আরু সাংস্কৃতিক দিশর মাধ্যমেরে
আন রাষ্ট্র বা কোনো গোটর ওপরত আধিপত্য বিস্তার করে, তেতিয়া তাক নরম ক্ষমতা হিচাপে আধিপত্য
বুলি কোৱা হয় ।
বর্তমান বিশ্বত মার্কিন চিন্তা আরু আদর্শবোর সকলোরে মঙ্গলজনক বুলি
প্রতিপন্ন হৈছে । সাজ-পার, উৎতস-পাৰ্বন আরু আন সাংস্কৃতিক ক্ষেত্রতো আমেরিকার সংস্কৃতিয়ে সকলো
রাষ্ট্রর ওপরত আধিপত্য বিস্তার করাটো পরিলক্ষিত হৈছে । অসম চরকারেও হাইস্কুল
শেষান্ত পরীক্ষার শ্রেষ্ঠজনক মার্কিন যুক্তরাষ্ট্রর NASA ত প্রশিক্ষণর সুবিধা দিয়ার কথা ঘোষণা করিছে ।
১০। মাৰ্কিন যুক্তরাষ্ট্র আরু ভারতর
মাজত সম্পৰ্ক স্বাভাৱিক করার প্রক্রিয়াটো ব্যাখ্যা করা ।
উত্তরঃ Same as 3 of 4 marks
১১। আধিপত্য আরু কিমান দিনলৈ টিকি থাকিব
? আধিপত্যর ঊৰ্ধলৈ আমি কিদরে যাব পারোঁ ?
উত্তরঃ Same as 4 of 4 marks
১২। আধিপত্যর বিভিন্ন ধরণসমূহ কি কি?
প্রত্যেকরে উদাহরণ দিয়া ।
উত্তরঃ Same as 1 of 6 Marks
১৩। আমেরিকার আধিপত্যর বাধাসমূহ কি কি?
আলোচনা করা ।
উত্তরঃ Same as 5 of 4 Marks, দ্বিতীয় (ক), (খ) আরু (গ) ।
১৪। ইতিহাসে আধিপত্যর বিষয়ে আমাক কি
শিক্ষা দিয়ে ।
উত্তরঃ Same as 6 of 6 Marks
১৫। গাঁথনিগত ক্ষমতা হিচাপে আধিপত্য-
ব্যাখ্যা করা ।
উত্তরঃ Same as 5 of 4 Marks, কিন্তু কেৱল ‘গাঁথনিগত ক্ষমতা হিচাপে আধিপত্য’ র দফাটোহে ।