গোট-১, শীতল যুদ্ধৰ যুগ by P.B.

1 Marks Questions:

১।শীতল যুদ্ধই কি বুজায় ?
উত্তরঃ শীতল যুদ্ধই অস্ত্র প্রয়োগৰ অবিহনে বিভিন্ন শক্তিগোষ্ঠীৰ মাজত সামৰিক, অর্থনৈতিক, কূটনৈতিক, চুক্তি সম্পাদন আদি বিষয়সমূহৰ ক্ষেত্রত মতভেদৰ উদ্ভৱ হয়, সেই পৰিস্থিতি বা অৱস্থাকে বুজায় । দ্বিতীয় যুদ্ধৰ পৰৱৰ্তী সময়ত ছোভিয়েট আরু আমেৰিকাৰ অন্তর্গত দুই শক্তিগোষ্ঠীৰ মাজত শীতল যুদ্ধৰ সৃষ্টি হৈছিল ।
অথবাঃ
শীতল যুদ্ধ হ’ল মার্কিন যুক্তৰাষ্ট্র আরু ছোভিয়েট ইউনিয়ন আরু তেওঁলোকৰ মিত্র বাহিনীৰ মাজৰ এক প্রতিযোগিতা ।

২। শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল ?
উত্তরঃ দ্বিতীয় বিশ্ব যুদ্ধৰ পৰৱৰ্তী সময়ছোৱাত অর্থাৎ ১৯৪৫ চনৰ পিছত শীতল যুদ্ধ আৰম্ভ হৈছিল ।

৩। NATO-ৰ সম্পূর্ণ রূপটো লিখা ।
উত্তরঃ  NATO-ৰ সম্পূর্ণ রূপটো  হ’ল- North Atlantic Treaty Organisation ।

৪। ৱাৰশ্ব চুক্তি বা Warsaw চুক্তিৰ প্রধান কাৰ্য/উদ্দেশ্য কি আছিল ?
উত্তরঃ ৱাৰশ্ব চুক্তি বা Warsaw চুক্তিৰ প্রধান কাৰ্য/উদ্দেশ্য আছিল- NATO অর্থাৎ North Atlantic Treaty Organisation ৰ শক্তিক প্রতিৰোধ কৰা ।

৬।বাক্যটো শুদ্ধকৈ করাঃ
মার্কিন যুক্তৰাষ্ট্র সমাজবাদী আদর্শৰ প্রতি দায়বদ্ধ আছিল ।
উত্তরঃ মার্কিন যুক্তৰাষ্ট্র পুঁজিবাদী আদর্শৰ প্রতি দায়বদ্ধ আছিল ।

৭।খালী ঠাই পূৰ করাঃ
দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তি আছিল............ৰ আৰম্ভণি ।
উত্তরঃ দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তি আছিল শীতলযুদ্ধৰ আৰম্ভণি ।

৮।শীতল যুদ্ধৰ কালছোৱা উল্লেখ কৰা ।
উত্তরঃ শীতল যুদ্ধৰ কালছোৱা হ’ল- ১৯৪৫ চনৰ পৰা ১৯৯১ চনলৈকে ।

৯।হয় নে নহয় লিখা ।
শীতল যুদ্ধ মার্কিন যুক্তৰাষ্ট্র আরু ছোভিয়েট ইউনিয়ন আরু তেওঁলোকৰ মিত্র বাহিনীৰ মাজৰ এক প্রতিযোগিতা ।
উত্তরঃ হয় ।

১০। NIEO ৰ সম্পূর্ণ রূপটো লিখা ।
উত্তরঃ NIEO ৰ সম্পূর্ণ রূপটো হ’ল- New International Economic Order .


১১।CENTO বুলিলে কি বুজা ? ইয়াৰ সম্পূর্ণ রূপ কি?
উত্তঃ CENTO হ’ল এছিয়াৰ এক চুক্তি সংগঠন । ইয়াৰ সম্পূর্ণ রূপ হ’ল- Central Treaty Organisation .

১২। ‘ৰোধকৰণ’ বুলিলে কি বুজা ?
উত্তরঃ ৰোধকৰণ বুলিলে কোনো কামত প্রতিহত কৰা বা নিরুৎসাহিত কৰা অর্থক সূচায় ।

১৩। LOCS কি ?
উত্তরঃ LOCS হ’ল Line of Controls অথবা নিয়ন্ত্রণ রেখা যি পূর্ব পাকিস্তান ৰাজ্য জম্মু আরু কাশ্মীৰৰ ভাৰত আরু পাকিস্তান নিয়ন্ত্রিত অংশসমূহৰ মাজত সামৰিক নিয়ন্ত্রণ ৰেখাক বোজায় ৷ এই লাইন আইনগতভাৱে স্বীকৃত আরু ইয়েই আন্তর্জাতিক সীমা বা সীমান্ত নিৰ্ধাৰণ কৰে ৷ 

১৪। NAM ৰ সম্পূর্ণ রূপটো লিখা ।
উত্তরঃ NAM ৰ সম্পূর্ণ রূপটো হ’ল- Non-Aligned Movement .

১৫। কিউবাৰ সংকট কি আছিল ?
উত্তরঃ কিউবাৰ সংকট হ’ল এক মতানক্য বা সংকট যিটো ছোভিয়েট ৰাছিয়াক কিউবালৈ পাৰমাণৱিক ক্ষেপনাস্ত্র কঢ়িয়াই নিয়াত আমেৰিকাই বাধাৰ সৃষ্টি কৰিছিল ।

১৬। UNCTAD কি ?
উত্তরঃ UNCTAD হ’ল United Nations Conference on Trade and Development .

১৭। দুটা মহাশক্তি নাম লিখা ।
উত্তরঃ দুটা মহাশক্তি হ’ল- সাম্যবাদী আদর্শৰ ছোভিয়েট ৰাছিয়া আরু পুঁজিবাদী আদর্শৰ আমেৰিকা যুক্তৰাষ্ট্র ।

১৮। NAM ৰ উদ্দেশ্য পৃথকীকৰণ নে ? NAM ৰ উদ্দেশ্য কি ?
উত্তরঃ Nam ৰ উদ্দেশ্য পৃথকীকৰণ নহয় । NAM ৰ উদ্দেশ্য হ’ল- স্বাধীন বৈদেশিক নীতি গ্রহণ কৰা আরু শান্তিপূর্ণভাৱে সহৱস্থান কৰা

১৯। কোন বছৰত মার্কিন যুক্তৰাষ্ট্রই জাপানৰ মহানগৰ নাগাছাকি আরু হিৰোছিমাত দুটা আণৱিক বোমা নিক্ষেপ কৰিছিল ?
উত্তরঃ ১৯৪৫ চনত মার্কিন যুক্তৰাষ্ট্রই জাপানৰ মহানগৰ নাগাছাকি আরু হিৰোছিমাত দুটা আণৱিক বোমা নিক্ষেপ কৰিছিল ।

২০। LDCs কি?

উত্তরঃ LDCs হ’ল- Least Developed Countries .


২১ শীতল যুদ্ধ বুলিলে কি বুজা?
উত্তরঃ শীতল যুদ্ধ বুলিলে অস্ত্র প্রয়োগৰ অবিহনে বিভিন্ন শক্তিগোষ্ঠীৰ মাজত সামৰিক, অর্থনৈতিক, কূটনৈতিক, চুক্তি সম্পাদন আদি বিষয়সমূহৰ ক্ষেত্রত মতভেদৰ উদ্ভৱ হয়, সেই পৰিস্থিতি বা অৱস্থাকে বুজায় । দ্বিতীয় যুদ্ধৰ পৰৱৰ্তী সময়ত ছোভিয়েট আরু আমেৰিকাৰ অন্তর্গত দুই শক্তিগোষ্ঠীৰ মাজত শীতল যুদ্ধৰ সৃষ্টি হৈছিল ।
অথবাঃ
শীতল যুদ্ধ হ’ল মার্কিন যুক্তৰাষ্ট্র আরু ছোভিয়েট ইউনিয়ন আরু তেওঁলোকৰ মিত্র বাহিনীৰ মাজৰ এক প্রতিযোগিতা ।

২২ শুদ্ধ নে অশুদ্ধ লিখা
শীতল যুদ্ধ আমেৰিকা যুক্তৰাষ্ট্র আরু চোভিয়েট ইউনিয়ন আরু সেই ৰাষ্ট্রদুখনৰ মিত্রপক্ষৰ মাজত হোৱা প্রতিযোগিতা আহিল
উত্তরঃ শুদ্ধ

২৩ যুদ্ধ নিবাৰক মানে কি বুজা?
উত্তরঃ যুদ্ধ নিবাৰক মানে কোনো  যুদ্ধ প্রতিহিত কৰা বা নিরুৎসাহিত কৰা অর্থক সূচায় । উদাহৰণ-শীতল যুদ্ধৰ সময়ছোৱাত পাৰমাণৱিক বোমাই যুদ্ধ নিবাৰক হিচাপে ব্যৱহিত হৈছিল ৷

২৪ নিয়ন্ত্রণ ৰেখা কি?
উত্তরঃ Line of Controls অথবা নিয়ন্ত্রণ রেখা যি পূর্ব পাকিস্তান ৰাজ্য জম্মু আরু কাশ্মীৰৰ ভাৰত আরু পাকিস্তান নিয়ন্ত্রিত অংশসমূহৰ মাজত সামৰিক নিয়ন্ত্রণ ৰেখাক বোজায় ৷ এই লাইন আইনগতভাৱে স্বীকৃত আরু ইয়েই আন্তর্জাতিক সীমা বা সীমান্ত নিৰ্ধাৰণ কৰে ৷ 

২৫ গোষ্ঠী নিৰপেক্ষ আন্দোলনে নির্লিপ্ততা(নিঃসঙ্গতা) বুজায় নে?

উত্তরঃ গোষ্ঠী নিৰপেক্ষ আন্দোলনে নির্লিপ্ততা(নিঃসঙ্গতা) নুবুজায় । NAM ৰ উদ্দেশ্য হ’ল- স্বাধীন বৈদেশিক নীতি গ্রহণ কৰা আরু শান্তিপূর্ণভাৱে সকলোৰে সৈতে সহৱস্থান কৰা ।


2 Marks Questions:


১। দ্বিতীয় বিশ্বযুদ্ধৰ মিত্র শক্তি আরু বিৰোধী শক্তি বুলিলে কি বুজা ?
উত্তরঃ দ্বিতীয় বিশ্বযুদ্ধৰ মিত্র শক্তি বুলিলে আমেৰিকা যুক্তৰাষ্ট্র, ছোভিয়েট ৰাছিয়া, ইংলেণ্ড আরু ফ্রান্সৰ শক্তিগোষ্ঠীটোক বুজা যায় । আরু বিৰোধী শক্তি বুলিলে জার্মানী, ইটালী আরু জাপানৰ শক্তিগোষ্ঠীটোক বোজা যায় ।

২। দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তি কিদৰে ঘটিছিল ?
উত্তরঃ যেতিয়া আমেৰিকা যুক্তৰাষ্ট্রই জাপানৰ হিৰোচিমা আরু নাগাচাকিত আণৱিক বোমা নিক্ষেপ কৰিছিল । তেতিয়া জাপানে আত্মসমর্পন কৰিবলৈ বাধ্য হৈছিল । জাপানৰ আত্মসমর্পণৰ পাছতে দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰিছিল বা পৰিসমাপ্তি ঘটিছিল

৩। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত মূৰ দাঙি উঠা দুই মহাশক্তিৰ নাম লিখা ?
উত্তরঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত মূৰ দাঙি উঠা দুই মহাশক্তিৰ নাম হ’ল- পুঁজিবাদী আদর্শৰ আমেৰিকা যুক্তৰাষ্ট্র আরু সাম্যবাদী আদর্শৰ ছোভিয়েট ৰাছিয়া ।

৪। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আণৱিক বোমা নিক্ষেপ কৰা ঠাই দুখনৰ নাম লিখা ।
উত্তরঃ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আণৱিক বোমা নিক্ষেপ কৰা ঠাই দুখনৰ নাম হ’ল- জাপানৰ হিৰোছিমা আরু নাগাচাকি ।

৫। দুই মহাশক্তিক সরু সরু সহযোগীৰ প্রয়োজন কিয় হৈছিল ?
উত্তরঃ দুই মহাশক্তিক সরু সরু সহযোগীৰ প্রয়োজন হৈছিল, কাৰণঃ
(ক) সরু সরু সহযোগী ৰাষ্ট্রসমূহৰ পৰা দুই মহাশক্তিয়ে তেওঁলোকৰ অস্ত্র আরু সৈন্য বাহিনীক ব্যৱহাৰ কৰিব পাৰিছিল ।

(খ) খনিজ সম্পদ, খারুৱা তেল আদি সম্পদসমূহৰ চহকী সরু সরু ৰাষ্ট্রবোৰে তেওঁলোকৰ সম্পদৰ ভঁৰালেৰে দুই মহাশক্তিক সহায় কৰিব পাৰিছিল ।


৬।পশ্চিমীয়া মিত্র শক্তি আরু প্রাচ্য মিত্র শক্তি মানে কি ?
উত্তরঃ আমেৰিকা শক্তিগোষ্ঠীত সহযোগ বা যোগদান কৰা ইউৰোপৰ পশ্চিমীয়া ৰাষ্ট্রবোৰৰ জোটক পশ্চিমীয়া মিত্র শক্তি আরু প্রাচ্য ইউৰোপৰ ৰাষ্ট্রসমূহৰ জোটক প্রাচ্য মিত্র শক্তি বোলা হয় ।

৭। দুই মহাশক্তিৰ দ্বাৰা স্বাক্ষৰিত অস্ত্র নিয়ন্ত্রণ চুক্তি তিনিখনৰ নাম লিখা ।
উত্তরঃ দুই মহাশক্তিৰ দ্বাৰা স্বাক্ষৰিত অস্ত্র নিয়ন্ত্রণ চুক্তি দুখনৰ নাম হ’ল- (ক) পাৰমাণৱিক নি-সম্প্রসাৰণ চুক্তি (Nuclear Non-Proliferation Treaty) (খ) ক্ষেপণাস্ত্র বিৰোধী চুক্তি (Anti-Ballistic Missile Treaty) আরু (গ)সীমিত অস্ত্র পরীক্ষণ নিষিদ্ধ চুক্তি (Limited Test Ban Treaty)

৮। প্রথমখন গোষ্ঠী নিৰপেক্ষ শীর্ষ সন্মিলন ক’ত আরু কেতিয়া অনুষ্ঠিত হৈছিল ?
উত্তরঃ প্রথমখন গোষ্ঠী নিৰপেক্ষ শীর্ষ সন্মিলন বেলগ্রেডত ১৯৬১ চনৰ ১ ছেপ্টেম্বৰৰ পৰা ৬ ছেপ্টেম্বৰলৈকে অনুষ্ঠিত হৈছিল ।

৯। NATO ৰাষ্ট্রসমূহৰ ঘোষণা-পত্র কি ?
উত্তরঃ NATO ৰাষ্ট্রসমূহৰ ঘোষণা-পত্র আছিল এই যে যদি কোনো অন্য ৰাষ্ট্র বা ৰাষ্ট্রগোষ্ঠীয়ে NATO ৰ সদস্য ৰাষ্ট্রক আক্রমণ কৰে, তেতিয়া তেওঁলোকে সমূহিকভাৱে বা একেলগে পাৰস্পৰিক প্রতিৰক্ষা আগবঢ়াব বা প্রতিৰক্ষা দিব ।

১০। NIEO মাথোঁ এটা ধাৰণাই আছিলনে, যি কেতিয়াও শৃংখলা নহয় ?

উত্তরঃ NIEO এক অর্থনৈতিক শৃংখলা আছিল । ই এটা মাত্র ধাৰণাই নহয়, ই এক বাস্তৱ শৃংখলাওঁ ।


১১। ৰোধকৰণৰ যুক্তি বুলিলে কি বুজা ?
উত্তরঃ ৰোধকৰণৰ যুক্তি বুলিলে মহাশক্তিধৰ ৰাষ্ট্রসমুহৰ পাৰমাণৱিক মাৰণাস্ত্রই যুদ্ধক নিরুৎসাহিত কৰাক বুজায় । অর্থাৎ যিসমূহ ৰাষ্ট্রৰ পাৰমাণৱিক মাৰণাস্ত্রৰ ক্ষমতা আছে সেইবোৰ ৰাষ্ট্রৰ যুদ্ধ ক্ষেত্রত হোৱা বাধাক ৰোধকৰণ যুক্তি বোলা হয় ।

১২। শীতল যুদ্ধৰ আৰম্ভণিৰ মুল কাৰণটো লিখা ।
উত্তরঃ আমেৰিকাই জাপানত নিক্ষেপ কৰা বোমাৰ পিছত দ্বিতীয় বিশ্বযুদ্ধৰ উৰ পৰিছিল যদিওঁ শীতল যুদ্ধৰ আৰম্ভণি হৈছিল । তেতিয়া, ছোভিয়েট ৰাছিয়াই সাম্যবাদী আদর্শ বা সমাজবাদী ব্যৱস্থাৰ সম্পসাৰণৰ জৰীয়তে আমেৰিকাৰ পুঁজিবাদী ব্যৱস্থাৰ সমপর্যায় হিচাপে প্রতিদ্বন্দ্বিতা কৰিছিল । ইয়াৰ পৰাই শীতল যুদ্ধৰ আৰম্ভণি হৈছিল ।

১৩। মহাশক্তিসমূহৰ বাবে ক্ষুদ্র ৰাষ্ট্রবোৰ কিয় সহায়ক হৈছিল ?
উত্তরঃ মহাশক্তিসমূহৰ বাবে ক্ষুদ্র ৰাষ্ট্রবোৰ বহুদিশত সহায়ক হৈছিল, কাৰণ,
(ক) সরু সরু সহযোগী ৰাষ্ট্রসমূহৰ পৰা দুই মহাশক্তিয়ে তেওঁলোকৰ অস্ত্র আরু সৈন্য বাহিনীক ব্যৱহাৰ কৰিব পাৰিছিল ।
(খ) খনিজ সম্পদ, খারুৱা তেল আদি সম্পদসমূহৰ চহকী সরু সরু ৰাষ্ট্রবোৰে তেওঁলোকৰ সম্পদৰ ভঁৰালেৰে দুই মহাশক্তিক সহায় কৰিব পাৰিছিল ।

১৪। মহাশক্তি আরু বিৰোধী শক্তি কি ?
উত্তরঃ আমেৰিকা যুক্তৰাষ্ট, ছোভিয়েট ৰাছিয়া, ইংলেণ্ড আরু ফ্রান্স এইৰাষ্ট্রসমূহৰ মিলিত মিত্রগোটক মিত্র শক্তি আরু জার্মানী, ইটালী আরু জাপানৰ শক্তিগোষ্ঠীৰ গোটক বিৰোধী শক্তি বোলা হয় ।

১৫। কমিউনিষ্ট পৰিমণ্ডলৰ তিনিখন দেশৰ নাম লিখা ।
উত্তরঃ কমিউনিষ্ট পৰিমণ্ডলৰ তিনিখন দেশৰ নাম হ’ল- ৰাছিয়া, পোলেণ্ড আরু হাংগেৰী

১৬। গোষ্ঠী নিৰপেক্ষতা এক নেতিবাচক নীতি নেকি ?
উত্তরঃ গোষ্ঠী নিৰপেক্ষতা এক নেতিবাচক নীতি নহয়, ইতিবাচকহেকাৰণ, গোষ্ঠী নিৰপেক্ষতা নীতি অনুসৰি কাৰো বিপক্ষে বিৰোধ নকৰি সকলোৰ লগত সমভাৱে থকাক বুজায় ।

১৭। দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছত ঔপনিবেশকতাৰ পৰা মুক্ত হোৱা যিকোনো চাৰিখন ৰাষ্ট্রৰ না্ম লিখা ।
উত্তরঃ দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছত ঔপনিবেশকতাৰ পৰা মুক্ত হোৱা যিকোনো চাৰিখন ৰাষ্ট্রৰ না্ম হ’ল- ভাৰত, শ্রী লংকা, ইজিপ্ত আরু ইন্দোনেছিয়া ।

১৮। ২০তম NATO শীর্ষ সন্মিলন কেতিয়া আরু ক’ত অনুষ্ঠিত হৈছিল ?
উত্তরঃ ২০তম NATO শীর্ষ সন্মিলন ২০১২ চনত আমেৰিকা যুক্তৰাষ্ট্রৰ চিকাগো চহৰত অনুষ্ঠিত হৈছিল ।

১৯। ছোভিয়েট পৰিমণ্ডলত যোগদান কৰা দেশসমূহৰ নাম লিখা ।

উত্তরঃ ছোভিয়েট পৰিমণ্ডলত যোগদান কৰা দেশসমূহৰ নাম হ’ল- জার্মানী, পোলেণ্ড, আলবেনিয়া, হাংগেৰী, বুলগেৰীয়া, চেকো শ্লোভেকিয়া আদি ।


২০। দ্বিতীয় বিশ্বযুদ্ধৰ মিত্র শক্তি আরু অক্ষীয় শক্তি বুলিলে কি বুজা?
উত্তরঃ দ্বিতীয় বিশ্বযুদ্ধৰ মিত্র শক্তি বুলিলে আমেৰিকা যুক্তৰাষ্ট্র, ছোভিয়েট ৰাছিয়া, ইংলেণ্ড আরু ফ্রান্সৰ শক্তিগোষ্ঠীটোক বুজা যায় । আরু অক্ষীয় শক্তি বুলিলে জার্মানী, ইটালী আরু জাপানৰ শক্তিগোষ্ঠীটোক বোজা যায় ।

২১। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত উদ্ভৱ হোৱা মহাশক্তি দুটাৰ নাম লিখা ।
উত্তরঃ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত উদ্ভৱ হোৱা মহাশক্তি দুটাৰ নাম হ’ল- পুঁজিবাদী আদর্শৰ আমেৰিকা যুক্তৰাষ্ট্র আরু সাম্যবাদী আদর্শৰ ছোভিয়েট ৰাছিয়া ।

২২। মহাশক্তি সমূহক ক্ষুদ্র মিত্র গোষ্ঠীৰ প্রয়োজন কিয় হৈছিল ?
উত্তরঃ মহাশক্তি সমূহক ক্ষুদ্র মিত্র গোষ্ঠীৰ প্রয়োজন হৈছিল, কাৰণঃ
(ক) সরু সরু সহযোগী ৰাষ্ট্রসমূহৰ পৰা দুই মহাশক্তিয়ে তেওঁলোকৰ অস্ত্র আরু সৈন্য বাহিনীক ব্যৱহাৰ কৰিব পাৰিছিল ।

(খ) খনিজ সম্পদ, খারুৱা তেল আদি সম্পদসমূহৰ চহকী সরু সরু ৰাষ্ট্রবোৰে তেওঁলোকৰ সম্পদৰ ভঁৰালেৰে দুই মহাশক্তিক সহায় কৰিব পাৰিছিল ।

২৩। পাশ্চাত্য মিত্রজোঁট আরু প্রাচ্য মিত্রজোঁট বুলিলে কি বুজা?
উত্তরঃ  আমেৰিকা শক্তিগোষ্ঠীত সহযোগ বা যোগদান কৰা ইউৰোপৰ পশ্চিমীয়া ৰাষ্ট্রবোৰৰ জোটক পাশ্চাত্য মিত্রজোঁট আরু প্রাচ্য ইউৰোপৰ ৰাষ্ট্রসমূহৰ জোটক প্রাচ্য মিত্রজোঁট বোলা হয় ।

২৪। মহাশক্তি দুটাই স্বাক্ষৰিত কৰা দুখন অস্ত্র নিয়ন্ত্রণ চুক্তিৰ নাম লিখা ।
উত্তরঃ মহাশক্তি দুটাই স্বাক্ষৰিত কৰা দুখন অস্ত্র নিয়ন্ত্রণ চুক্তিৰ নাম হ’ল- (ক) পাৰমাণৱিক নি-সম্প্রসাৰণ চুক্তি (Nuclear Non-Proliferation Treaty) (খ) ক্ষেপণাস্ত্র বিৰোধী চুক্তি (Anti-Ballistic Missile Treaty) আরু (গ)সীমিত অস্ত্র পরীক্ষণ নিষিদ্ধ চুক্তি (Limited Test Ban Treaty) ।

২৫। প্রথম গোষ্ঠী নিৰপেক্ষ সন্মিলন কেতিয়া আরু ক’ত অনুষ্ঠিত হৈছিল?
উত্তরঃ  প্রথমখন গোষ্ঠী নিৰপেক্ষ শীর্ষ সন্মিলন ১৯৬১ চনৰ ১ ছেপ্টেম্বৰৰ পৰা ৬ ছেপ্টেম্বৰলৈকে বেলগ্রেডত  অনুষ্ঠিত হৈছিল ।

২৬। নতুন আন্তর্জাতিক অর্থ ব্যৱস্থা কেতিয়াও বাস্তৱায়িত হ’ব নোৱাৰা এটা ধাৰণা নেকি?
উত্তরঃ নতুন আন্তর্জাতিক অর্থ ব্যৱস্থা কেতিয়াও বাস্তৱায়িত হ’ব নোৱাৰা এটা ধাৰণা নহয় । নতুন আন্তর্জাতিক অর্থ ব্যৱস্থা (NIEO) এক অর্থনৈতিক শৃংখলা  । ই এটা মাত্র ধাৰণাই নহয়, ই এক বাস্তৱ শৃংখলাওঁ ।

২৭। নিবৃত্তিকাৰক যুক্তি বুলিলে কি বুজা?
উত্তরঃ নিবৃত্তিকাৰক যুক্তি বুলিলে মহাশক্তিধৰ ৰাষ্ট্রসমুহৰ পাৰমাণৱিক মাৰণাস্ত্রই যুদ্ধক নিরুৎসাহিত কৰাক বুজায় । অর্থাৎ যিসমূহ ৰাষ্ট্রৰ পাৰমাণৱিক মাৰণাস্ত্রৰ ক্ষমতা আছে সেইবোৰ ৰাষ্ট্রৰ যুদ্ধ ক্ষেত্রত হোৱা বাধাক নিবৃত্তিকাৰক বা ৰোধকৰণ যুক্তি বোলা হয় ।

২৮। সাম্যবাদী শিবিৰৰ অন্তর্গত তিনিখন দেশ বাছি উলিওৱা ।

উত্তরঃ সাম্যবাদী শিবিৰৰ অন্তর্গত তিনিখন দেশৰ নাম হ’ল- ৰাছিয়া, পোলেণ্ড আরু হাংগেৰী ।


4 or 6 Marks:

Notice:
These are just updated, but not checked again, so, some may be changed later and some typing mistakes may be happened,, kindly mention or inform them(any mistakes) by our ‘Contact Form’, God blessing you………

শীতল যুদ্ধ কিয় এক শীতল যুদ্ধ হৈ আছিল আরু ‘উত্তপ্ত’ যুদ্ধ হোৱাগৈ নাছিল?
উত্তরঃ শীতল যুদ্ধ এক শীতল যুদ্ধ হৈ আছিল আরু ‘উত্তপ্ত’ যুদ্ধ হোৱাগৈ নাছিল । প্রতিমুহূর্ততে যুদ্ধৰ উত্তেজনা হৈছিল । কিন্তু দুয়ুটা শিবিৰৰ মাজত পোনপটীয়া যুদ্ধৰ সূত্রপাত ঘটা নাছিল, যাৰ বাবে শীতল যুদ্ধবোলা হৈছিল । কাৰণ দুই মহাশক্তিৰ পাৰমাণৱিক শক্তি মজুত আছিল । হিৰোছিমা আরু নাগাছাকিৰ ঘটনাৰ বাবে দুয়ুপক্ষই পুনৰ এক ভয়াবহ বিপদৰ আশংকা কৰিছিল । তেওঁলোকে দুয়ুপক্ষই নিঃশেষ হোৱাৰো ভয় কৰিছিল । সেয়েহে দুয়ুপক্ষই কোনো পৰিস্থিতিতেই যাতে প্রত্যক্ষ যুদ্ধ নহয় তাৰ বাবে সাবধানতা অৱলম্বন কৰিছিল । লগতে, দুয়ুপক্ষই প্রত্যক্ষ যুদ্ধৰ পৰা বিৰত থকাটো মঙ্গল হব বুলি ভাবিছিল । সেই পৰিস্থিতিত আণবিক বোমাই প্রত্যক্ষ যুদ্ধ নিবাৰক হিচাপে সক্রিয় আছিল । দুয়ুটা পক্ষই বিশ্বত নিজৰ আধিপত্য প্রতিষ্ঠাৰ বাবে চেষ্টা কৰিছিল । কিন্তু কোনো প্রত্যক্ষ উত্তপ্তযুদ্ধৰ  সংঘটন কৰা নাছিল । কাৰণ দুয়ুপখই সম-শক্তি আছিল ।  

২। তুমি ভাবানে নে যে দুই মহাশক্তিয়ে নেতৃত্ব দিয়া মিত্র শক্তি ব্যৱস্থাই সমগ্র বিশ্বকে দুটা শিবিৰত ভাগ কৰিছিল ? তোমাৰ উত্তৰৰ যুক্তি-যুক্তিতা প্রতিপন্ন কৰা ।
উত্তরঃ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত সৃষ্টি হোৱা শীতল যুদ্ধই বিশ্বৰ প্রতিটো প্রান্তত নিজৰ আধিপত্য প্রতিষ্ঠাৰ কাৰণে প্রতিযোগিতা কৰিছিল । গোটেই বিশ্ব দুই শক্তিগোষ্ঠীৰ প্রতিনিধিৰ সহায়ত দুটা শিবিৰত বিভক্ত হৈছিল । পুঁজিবাদী শিবিৰে প্রধানকৈ পশ্চিম ইউৰোপৰ দেশসমূহক কেন্দ্রীভূত কৰিছিল । লগতে, পূব ইউৰোপৰ দেশসমূহে সমাজবাদী শিবিৰত যোগদান কৰিছিল । দুয়ুটা শিবিৰে পৃথিৱীৰ বিভিন্ন প্রান্তত আধিপত্য প্রতিষ্ঠাৰ বাবে প্রচেষ্টা কৰিছিল । পৃথিবীৰ প্রায়বোৰ স্বাধীন দেশসমূহে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে কোনো এক শিবিৰত যোগদান কৰিছিল । বিশ্বৰ সরু সরু দেশসমূহে অর্থনীতি আরু সামৰিক ব্যবস্থাৰ পুনৰ গঠনৰ অর্থে এই দুই শিবিৰত যোগদান কৰিছিল । মুঠতে বিশ্বৰ প্রায়সংখ্যক দেশসমূহে অস্তিত্ব যাতে বিলুপ্ত নহয় তাৰ বাবে কোনো এক শিবিৰত যোগদান কৰি অর্থনৈতিক, ৰাজনৈতিক আরু সামাজিক সুবিধাসমূহ লাভ কৰিছিল ।

৩।সরু সরু দেশবোৰে দুই মহাশক্তিক কিদৰে সহায় কৰিছিল ?
অথবাঃ ১১। এই মহাশক্তিৰ সরু সরু ৰাষ্ট্রসমূহৰ সৈতে কিয় সামৰিক সহযোগিতা আছিল? তিনিটা কাৰণ দৰ্শোৱা ।
অথবাঃ ২০। অতি শক্তিশালী ৰাষ্ট্রসমূহে সরু সরু ৰাষ্ট্রবিলাকৰ লগত সামৰিক মিত্রতা কৰাৰ তিনিটা কাৰণ লিখা । (৬ নম্বৰৰ)

উত্তরঃ
    শীতল যুদ্ধৰ সময়ছোৱাত দুই শক্তিধৰে সরু সরু ৰাষ্ট্রসমূহৰ সৈতে সামৰিক সহযোগিতা গঢ়ি তুলিছিল আরু বহু দিশত সহায় লাভ কৰিছিল । ইয়াৰে উল্লেখযোগ্য দিশ বা কাৰণসমূহ হ’লঃ
(ক) সরু সরু সহযোগী ৰাষ্ট্রসমূহে দুই মহাশক্তিক তেওঁলোকৰ অস্ত্র আরু সৈন্য বাহিনীৰে সহায় কৰিছিল ।
(খ) খনিজ সম্পদতেল আরু আন প্রাকৃতিক সম্পদসমূহৰ চহকী সরু সরু ৰাষ্ট্রবোৰে তেওঁলোকৰ সম্পদৰ ভঁৰালেৰে দুই মহাশক্তিক সহায় কৰিব পাৰিছিল ।
(গ)দুই মহাশক্তিক সরু সরু দেশবোৰে চোরাংচোৰাৰ ঘাটি হিচাপে ব্যবহাৰ কৰাৰ সুযোগ প্রদান কৰিছিল ।
(ঘ) দুই মহাশক্তিৰ বর্ধিত সামৰিক ব্যয় বহন কৰাৰ বাবে সরু সরু দেশবোৰে আর্থিক সাহায্য আগবঢ়াইছিল ।
(ঙ) সরু সরু দেশৰ ভূখণ্ডক যুদ্ধক্ষেত্রত ব্যৱহাৰ কৰিব পাৰিছিল ।
(চ) সরু সরু দেশৰ সামৰিক বাহিনীৰ সহযোগত যুদ্ধৰ বাবে সৈন্যৰ শক্তিশালী সংগঠন গঢ়ি তুলিবলৈ সক্ষম হৈছিল ।

৪। শীতল যুদ্ধৰ সময়ত NAM ৰ ভূমিকা আলোচনা কৰিছিল ?
উত্তরঃ শীতল যুদ্ধৰ সময়ত তৃতীয় বিশ্বৰ দেশসমূহ বিশেষকৈ এছিয়া, আফ্রিকা আরু লেটিন আমেৰিকাৰ দেশসমূহৰ সহযোগত গোষ্ঠী নিৰপেক্ষ আন্দোলন অর্থাৎ NAM or Non Aligned Movement গঢ়ি উঠিছিল । শীতল যুদ্ধৰ কালছোৱাত সামৰিক দুই মিত্রজোটৰ পৰা এই NAM ৰ অন্তর্গত দেশসমূহে আতৰি আছিল । সেই পৰিস্থিতিত অর্থনীতি আরু বিকাশৰ ভেটিৰ নির্মাণৰ বাবে যুদ্ধৰ পৰিবর্তে শান্তিহে বিচাৰিছিল । এই দেশসমূহে দুই মহাশক্তিৰ কবলৰ পৰা মুক্ত হৈ শীতল যুদ্ধৰ সময়ত স্বাধীনভাৱে দেশীয় আরু বৈদেশিক নীতি প্রস্তুত কৰিছিল । ফেচিবাদ, উপনিবেশবাদ, বর্ণবাদ, আরু আনবিক বোমাৰ দৰে বিষয়সমূহৰ ক্ষেত্রত NAM এ বিৰোধিতা কৰিছিল । শীতল যুদ্ধৰ সময়ত NAM ৰ ৰাষ্ট্রসমূহে বৈদেশিক ৰাষ্ট্রত সামৰিক ঘাটি নির্মাণৰ বিৰোধিতা কৰিছিল । সেই ৰাষ্ট্রবোৰে বিশ্বশান্তি আরু নিৰাপত্তাৰ ক্ষেত্রত গুরুত্ব আৰোপ কৰিছিল । সেয়েহে শীতল যুদ্ধৰ কালছোৱাত NAM ক পৃথিবীৰ সর্ববৃহৎ শান্তি আন্দোলন নামেৰে জনা গৈছিল ।

৫। তুমি ভাবানে যে আদর্শগত পার্থক্যই শীতল যুদ্ধৰ সৃষ্টিত অৰিহনা যোগাইছিল ?
উত্তরঃ হয় । শীতল যুদ্ধৰ কালছোৱাত দুই মহাশক্তিয়ে দুই পৃথক আদর্শৰে অনুপ্রাণিত হৈছিল । আমেৰিকা যুক্তৰাষ্ট্রৰ অধীনৰ মহাশক্তিয়ে পুঁজিবাদী আদর্শ গ্রহণ কৰিছিল । লগতে, ছোভিয়েট ৰাছিয়াৰ নেতৃত্বাধীন শক্তিগোষ্ঠীয়ে সমাজবাদী শিবিৰৰ আদর্শত প্রতিষ্ঠিত হৈছিল । দুই শক্তিগোষ্ঠীয়ে পৃথক ধৰণৰ ৰাষ্ট্র ব্যৱস্থা, অর্থনীতিৰ নিয়ন্ত্রণ আরু আদর্শগত পৰিচালনাৰে পৰিচালিত হৈছিল । পুঁজিবাদী শিবিৰৰ আদর্শয়ে ব্যক্তিৰ আধিকাৰ আরু ব্যক্তিগত মালিকানাস্বত্বক সংলগ্ন কৰিছিল । আনহাতে, সমাজবাদী শিবিৰৰ আদর্শয়ে ৰাষ্ট্রৰ হাতত প্রায়বোৰ ক্ষমতা অর্পণ কৰিছিল । তাৰোপৰি, পুঁজিবাদী আদর্শৰ শক্তিগোষ্ঠীয়ে উদাৰ অর্থনীতি আরু উদাৰ গণতান্ত্রিক ব্যবস্থা আৰোপ কৰিছিল । বিপৰীতে, সমাজবাদী শিবিৰৰ আদর্শই ৰাষ্ট্রৰ একাত্মক শাসনৰ মাধ্যমেৰে জাতীয় অর্থনীতিৰ বুনিয়াদ নির্মাণ কৰাৰ আদর্শ প্রতিষ্ঠা কৰিছিল ।

৬।NAM ৰ অৱস্থিতিত ভাৰতৰ ভূমিকা নির্ণয় কৰা ।
অথবাঃ ৩।শীতল যুদ্ধৰ যুগত NAM ৰ নেতা হিচাপে ভাৰতৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা । (৬ নম্বৰৰ)
অথবাঃ ১৬। শীতল যুদ্ধৰ সময়ছোৱাত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নেতা হিচাবে ভাৰতৰ ভূমিকা আলোচনা কৰা । (৬ নম্বৰৰ)

উত্তরঃ ১৯৬১ চনত বেলগ্রেডত স্থাপন হোৱা গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ মুখ্য খনিকৰ আছিল ভাৰতৰ প্রথমজন প্রধানমন্ত্রী জৱাহৰলাল নেহরু । গোষ্ঠীনিৰপেক্ষতাৰ ধাৰণাতো প্রথম বাৰৰ বাবে জবাহৰলাল নেহরুয়ে ব্যৱহাৰ কৰিছিল । গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মূল আধাৰ আছিল- ভাৰত আরু চীনৰ মাজত  হোৱা দ্বি-পাক্ষিক পঞ্চশীল নীতিভাৰতে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ জৰীয়তে দুখন দেশৰ মাজত ভোগোলিক অখণ্ডতা আরু সাৰ্বভৌমত্বৰ প্রতি পাৰস্পৰিক সন্মানৰ নীতিৰ প্রভাৱ পেলাইছিল । লগতে, ভাৰতৰ পঞ্চশীল নীতিৰ জৰীয়তেই গোষ্ঠীনিৰপেক্ষ আন্দোলনত পাৰস্পৰিক নিআগ্রাশন নীতিৰ পালন কৰিছিল । ইয়াৰ উপৰিও, ভাৰতে বৈদেশিক ৰাষ্ট্রত সামৰিক ঘাটি নির্মাণ কৰাত ঘুৰ বিরুদ্ধিতা কৰিছিল । ভাৰতে গোষ্ঠী নিৰপেক্ষতাৰ জৰীয়তে সমতা আরু পাৰস্পৰিক সুযোগ-সুবিধা পোৱাৰ ক্ষেত্রত পৃষ্ঠ-পোষকতা কৰিছিল । সমসাময়িকভাবে, গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মূল নীতি স্বরূপ শান্তিপূর্ণ সহৱস্থানৰ নীতিও ভাৰতৰ পঞ্চশীল নীতিৰ সহায়তে স্থাপন কৰা হৈছিল ।

৭। বেলগ্রেড শীর্ষ সন্মিলনৰ তাৎপর্য্য বিশ্লেষণ কৰা ।
উত্তরঃ ১৯৬১ চনত বেলগ্রেডৰ শীর্ষ সন্মিলন স্থাপন হৈছিল । এই সন্মিলনতেই গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ পাতনি মেলিছিল । ২৫ খন ৰাষ্ট্রৰ সহযোগত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ নীতি আরু কাৰ্য্যসূচীসমূহ এই সন্মিলনতেই গঠন কৰা হৈছিল । বেলগ্রেডৰ এই সন্মিলনৰ জৰীয়তেই ভাৰত আরু চীনৰ মাজত হোৱা পঞ্চশীল নীতিকেইটাৰ পূর্ণ বিকাশ আরু কাৰ্যকৰী হৈছিল । এই সন্মিলনৰ মাধ্যমেৰেই পৃথিৱীৰ সর্ববৃহৎ শান্তি আন্দোলন হিচাপে গোষ্ঠীনিৰপেক্ষ আন্দোলন প্রতিষ্ঠিত হৈছিল । লগতে, দক্ষিণ আফ্রিকাৰ বর্ণবাদ বিৰোধী আন্দোলনৰ মূল পাতনি এই আন্দোলনৰ জৰীয়তে বিস্তাৰ ঘটিছিল । সমসাময়িকভাৱে পেলেষ্টাইন, জিম্বাবোৱে আরু নামিবিয়াৰ স্বাধীনতা সংগ্রামৰ বিষয়ে বেলগ্রেড শীর্ষ সন্মিলনত আলোচনা কৰা হৈছিল । তাৰোপৰি, গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ পূর্ণ রূপত এই সন্মিলনৰ সহযোগত স্থাপিত হৈছিল ।

৮। NATO ৰ সদস্য ৰাষ্ট্রবোৰ কি কি ?
উত্তরঃ আমেৰিকা যুক্তৰাষ্ট্রৰ নেতৃত্বৰ জৰীয়তে ১৯৪৯ চনৰ ৪ এপ্রিলত উত্তৰ আটলান্টিক চুক্তি সংগঠন অর্থাৎ NATO (North Atlantic Treaty Organisation) গঢ়ি উঠিছিল । NATO ৰ গঠনৰ সময়ত ইয়াৰ সদস্য ৰাষ্ট্রৰ সংখ্যা আছিল- ১২ খন । সেই ৰাষ্ট্রসমূহৰ নাম আছিল- বেলজিয়াম, কানাডা, ডেনমার্ক, ফ্রান্স, আইচলেণ্ড, ইটালী, লাক্সেমবাৰ্গ, নেডাৰলেণ্ড, নৰওৱে, পর্তুগাল, ব্রিটেইন আরু মার্কিন যুক্তৰাষ্ট্র । পৰৱৰ্তী সময়ত NATO ৰ সংগঠনত আন বহু ৰাষ্ট্রই অংশগ্রহণ কৰিছিল ।

৯। মিত্র শক্তি ব্যৱস্থাৰ আদর্শগত কাৰণ কি ?
উত্তরঃ দ্বিতীয় বিশ্বযুদ্ধ(১৯৩৯-৪৫)ৰ সময়ত মিত্রশক্তি আরু চক্রশক্তি বা অক্ষীয়শক্তি হিচাপে দুটা শক্তিগোষ্ঠীত বিভক্ত হৈছিল । মিত্র শক্তি সাধাৰণতে মার্কিন যুক্তৰাষ্ট্র, ছোভিয়েট সংঘ, ব্রিটেইন, ফ্রান্স আরু আন কিছু দেশৰ সংলগ্নৰে গঠিত হৈছিল । মিত্র শক্তি ব্যৱস্থাৰ আদর্শগত মূল কাৰণ আছিল নিজৰ আদর্শৰে আধিপত্য বিস্তাৰ কৰা । দুই মহাশক্তিয়ে তেওঁলোকৰ নিজৰ মতাদর্শগত আদর্শসমূহ পৃথিৱীৰ সকলো প্রান্তত প্রতিষ্ঠাৰ বাবে চেষ্টা কৰিছিল । লগতে, সামৰিক, সাংস্কৃতিক আরু অর্থনীতি ক্ষেত্রত নিজৰ আদর্শৰ মাধ্যমেৰে বিশ্বত প্রতিযোগিতাৰ সৃষ্টি কৰিছিল । সমসাময়িক ভাৱে নিজ আদর্শগত ব্যৱস্থাৰ মাধ্যমেৰে নিজ শক্তিগোষ্ঠীত থকা সদস্য ৰাষ্ট্রবোৰৰ মাজত সহযোগিতাৰ সৃষ্টি কৰিছিল । ইয়াৰোপৰি, মিত্র শক্তিগোষ্ঠীৰ আদর্শগত ব্যৱস্থা বিশেষকৈ পুঁজিবাদী ব্যৱস্থাৰ মাধ্যমেৰে আন দেশক সংলগ্ন কৰিব বিচাৰিছিল । এই আদর্শৰে বিশ্বত মিত্রশক্তি পৰিপেক্ষিতত সহৱস্থানৰ সৃষ্টি কৰাৰ প্রয়াস কৰিছিল । 

১০। ৰাষ্ট্রীয় আরু দায়িত্বশীল দৃষ্টিভংগী গ্রহণেৰে দুই বিশ্বশক্তিক কোনে গঢ় দিছিল ?
উত্তরঃ ৰাষ্ট্রীয় আরু দায়িত্বশীল দৃষ্টিভংগী গ্রহণেৰে দুই বিশ্বশক্তিক পুঁজিবাদী আদর্শ আরু সমাজবাদীৰ আদর্শৰ জৰীয়তে সহযোগী ৰাষ্ট্রবোৰে গঢ় দিছিল । দুই মহাশক্তিৰ মাজত গঢ়ি উঠা সংশয় আরু সন্দেহ সমূহৰ বাবে সৃষ্টি হোৱা উত্তেজনাসমূহৰ মূলতে পুঁজিবাদী আদর্শ আরু সমাজবাদী আদর্শ আরু সহযোগী ৰাষ্ট্রসমূহে মধ্যস্থতাকাৰী হিচাপে থিয় দিছিল । সামৰিক আরু অর্থনৈতিক শক্তি প্রদর্শন কৰাৰ দিশতো এইসমূহে সহায় কৰিছিল । ইয়াৰ সহযোগত দুই বিশ্বশক্তিয়ে পৃথিৱীৰ বিভিন্ন অঞ্চলত নিজৰ আধিপত্য প্রতিষ্ঠা কৰাত সক্ষম হৈছিল । নিজৰ আদর্শ, মতাদর্শ আরু সামৰিক শক্তি প্রতিষ্ঠাৰ বাবে এইসমূহে সহায়ক হিচাপে প্রতিষ্ঠিত হৈছিল । সামৰিক অভিযান আরু বিভিন্ন দেশসমূহৰ ভূ-খণ্ডসমূহৰ ব্যৱহাৰ কৰাৰ দিশতো এইসমূহে সহায় কৰিছিল । ভিন্ন প্রাকৃতিক সম্পদ সমূহৰ সুযোগ আরু ব্যৱহাৰৰ বেলিকাও দুই মহাশক্তিয়ে সহায় পাইছিল । মুঠতে এইসমূহে পৃথিৱীৰ বিভিন্ন প্রান্তত দুই মহাশক্তিক পূর্ণরূপত গঢ় দি তুলিছিল ।

১১। ১৯৬২ চনত ছোভিয়েট ৰাছিয়াই কিউবাত পাৰমাণৱিক ক্ষেপনাস্ত্র স্থাপন কৰাৰ কাৰণ কি আছিল ?
উত্তরঃ শীতল যুদ্ধৰ কালছোৱাত দুই মহাশক্তিৰ মাজত সন্দেহ আরু সংশয়ৰ গঢ় লৈ উঠিছিল । এই পৰিস্থিতিত প্রতি মুহূর্ততে আক্রমণৰ সূচনা হৈছিল । বিশেষকৈ কিউবাৰ ওপৰতো ছোভিয়েট সংঘই এই ধৰণৰ সন্দেহ প্রকাশ কৰিছিল । এই সন্দেহ ১৯৬১-৬২ চনত পূর্ণ রূপ পাইছিল । মার্কিন ৰাষ্ট্রপতি আরু চোরাংচোৱা বাহিনীৰ সহযোগত কিউবাৰ ওপৰত আক্রমণ চলোৱাৰ ষড়যন্ত্র ছোভিয়েট সংঘই সন্দেহ কৰিব ধৰিছিল । এই পৰিস্থিতিৰ মুকাবিলা কৰিবৰ বাবে ছোভিয়েট সংঘই আগতীয়াকৈ পৰিকল্পনা কৰিছিল । এই পৰিকল্পনাৰ আধাৰতেই ১৯৬২ চনত নিকিটা খ্রুছেভে কিউবাট ৰাছিয়াৰ সামৰিক ঘাটি প্রতিষ্ঠাৰ বাবে সিদ্ধান্ত লয় । এই পৰিপেক্ষিততেই ১৯৬২ চনৰ ছেপ্তেম্বৰ মাহত কিউবা আরু ছোভিয়েট সংঘ চৰকাৰৰ যুটীয়া প্রচেষ্টাত কিউবাত পাৰমাণৱিক ক্ষেপনাস্ত্র স্থাপন কৰিছিল ।

১২। কি ভিত্তিত ভাৰতৰ গোষ্ঠী নিৰপেক্ষতাৰ নীতিক সমালোচনা কৰা হৈছিল ?
উত্তরঃ ভাৰতৰ গোষ্ঠী নিৰপেক্ষতাৰ নীতিক সমালোচনা কৰাৰ বিভিন্ন দিশসমূহ পৰিলক্ষিত হৈছে । ইয়াৰ ভিতৰত উল্লেখযোগ্যসমূহ হল এনেধৰণরঃ
(ক) ভাৰতবর্ষই আন্তর্জাতিক ৰাজনীতিৰ ক্ষেত্রত বিশেষকৈ জাতীয় স্বার্থত অধিক গুরুত্ব আৰোপ কৰিছিল ।
(খ) বহু দিশত গোষ্ঠী নিৰপেক্ষতাৰ নামত ভাৰতে নীতিহীন স্থিতি গ্রহণ কৰা পৰিলক্ষিত হৈছিল ।
(গ) ভাৰতে আন্তর্জাতিক সংকটৰ সময়ত কোনো সবল স্থিতি গ্রহণ কৰা নাছিল যিয়ে গোষ্ঠী নিৰপেক্ষতাৰ নীতিক বিরুদ্ধিতা কৰাক সূচায় ।
(ঘ) সঁচা অর্থত ভাৰতে গোষ্ঠী নিৰপেক্ষতাৰ নীতিক সম্পূর্ণরূপে অনুসৰণ নকৰিছিল ।
(ঙ) কোনো শক্তিগোষ্ঠীত অংশগ্রহণ কৰা নাছিল যদিও ভাৰতে ছোভিয়েট সংঘৰ অতি ঘনিষ্ঠ হিচাপে প্রকাশ পাইছিল ।
(চ) ১৯৭১ চনত বাংলাদেশৰ সংকটৰ সময়ছোৱাতে ভাৰতে ছোভিয়েট সংঘৰ সৈতে বিছ বছৰীয়া মৈত্রী চুক্তিত স্বাক্ষৰ প্রদান কৰিছিল যি গোষ্ঠী নিৰপেক্ষতাৰ নীতিৰ বিপৰীত আছিল ।
(ছ) লগতে, গোষ্ঠী নিৰপেক্ষতাৰ নীতিক চেৰ পেলাই ভাৰতে আমেৰিকা আরু আন পশ্চিমীয়া দেশৰ লগতো বন্ধুত্বপূর্ণ সম্বন্ধ ৰক্ষা কৰিছিল ।

১৩। শীতল যুদ্ধ সৃষ্টি যিকোনো চাৰিটা কাৰণ লিখা ।
উত্তরঃ শীতল যুদ্ধ সৃষ্টিৰ  চাৰিটা মূল কাৰণ হলঃ
(ক) হিৰোছিমা আরু নাগাছাকিৰ আণৱিক বোমা নিক্ষেপঃ
       ছোভিয়েট সংঘৰ বর্ধিত হোৱা অর্থনীতি আরু সামৰিক ব্যৱস্থাত আমেৰিকাই শংকিত হৈ পৰিছিল । এই পৰিপেক্ষিতত ছোভিয়েট সংঘই যাতে এছিয়াত একাধিপত্য প্রতিষ্ঠা কৰিব নোৱাৰে তাৰ বাবে আমেৰিকাই হিৰোছিমা আরু নাগাছাকিত আণৱিক বোমা নিক্ষেপ কৰি নিজৰ পৰাক্রম পৰিচয় কৰিছিল যিটো শীতল যুদ্ধ আৰম্ভণিত অৰিহণা যোগাইছিল ।

(খ) দুই মহাশক্তিৰ মাজৰ পাৰস্পৰিক সংশয় আরু বিশ্বাসহীনতাৰ মনোভাবঃ
       আমেৰিকা আরু ছোভিয়েট সংঘৰ মাজত দ্বিতীয় যুদ্ধৰ সময়ত পাৰস্পৰিক সংশয় আরু বিশ্বাসহীনতাৰ মনোভাব গঢ়ি উঠিছিল । ইয়াৰ বাবে দুই মহাশক্তিৰ অধীনত শীতল যুদ্ধৰ অবতাৰণা হৈছিল ।

(গ) দুই মহাশক্তিৰ প্রভাৱ আন দেশসমূহত প্রতিষ্ঠাৰ হকে কৰা প্রতিযোগিতাঃ
       দ্বিতীয় বিশ্বযুদ্ধৰ পাছত দুই মহাশক্তিয়ে নিজৰ নিজৰ আধিপত্য প্রতিষ্ঠাৰ বাবে শীতল যুদ্ধৰ সূচনা কৰিছিল । লগতে, আধিপত্য প্রতিষ্ঠাৰ হকে সরু সরু দেশসমূহৰ লগত সহযোগিতা স্থাপন কৰিছিল ।

(ঘ) বিশ্বত নিজৰ আদর্শ আরু আধিপত্য প্রতিষ্ঠাৰ বাবে কৰা পৰিচৰ্যাঃ
       শীতল যুদ্ধৰ এক অন্যতম কাৰণ হল এই যে দুই মহাশক্তিয়ে নিজৰ আধিপত্য প্রতিষ্ঠাৰ বাবে চেষ্টা কৰিছিল । লগতে, আমেৰিকা যুক্তৰাষ্ট্রই পুঁজিবাদী আদর্শ আরু ছোভিয়েট সংঘই সাম্যবাদী আদর্শৰে বিশ্বত প্রতিষ্ঠা লাভ কৰাৰ প্রয়াসৰ ফলতে শীতল যুদ্ধৰ অবতাৰণা হৈছিল ।

১৪। মিত্রতা ব্যৱস্থাৰ আদর্শগত কাৰণসমূহ লিখা ।
উত্তরঃ মিত্রতা ব্যৱস্থা আমেৰিকা যুক্তৰাষ্ট্রৰ দ্বাৰা পৰিচালিত হৈছিল । মিত্রতা ব্যৱস্থাৰ আদর্শগত কাৰণসমূহ বিশেষকৈ পুঁজিবাদী ব্যৱস্থাৰ ওপৰত পৰিচালিত আছিল । মিত্রতা ব্যৱস্থাৰ মূল ভিত্তি আছিল ব্যক্তিৰ অধিকাৰ আরু স্বাধীনতা । বিশেষকৈ এই অধিকাৰৰ ক্ষেত্রত সম্পত্তিৰ অধিকাৰ বিশেষ উল্লেখযোগ্য আছিল । মিত্রতা ব্যৱস্থাৰ জৰীয়তে সকলো ব্যক্তিৰেই সম্পত্তিৰ ওপৰত অগাধ অধিকাৰ প্রদান কৰিছিল । ৰাষ্ট্র বা চৰকাৰে এই অধিকাৰ খর্ব কৰাৰ ক্ষমতা নাছিল । এই ব্যৱস্থাত সামাজিক আরু অর্থনৈতিক অসমতা বৃদ্ধি পাইছিল ।  লগতে, সমাজত অসমতা, বৈষম্য আরু গৰিষ্ঠসংখ্যক লোকে নানান সুবিধাসমূহৰ পৰা বঞ্চিত হব লগা হৈছিল । এই ব্যৱস্থা সাম্যবাদী আদর্শৰ সম্পূর্ণ বিপৰীত আছিল । সাম্যবাদী ব্যৱস্থাত সমাজৰ স্বার্থৰ বাবে সকলো ক্ষমতা চৰকাৰ বা ৰাষ্ট্রই পালন কৰিছিল ।  

১৫।দুই মহাশক্তিক কিহে সহযোগী কৰিছিল ?
উত্তরঃ দুই মহাশক্তিক সরু সরু ৰাষ্ট্রবোৰে সহযোগী কৰিছিল । তেওঁলোকৰ উল্লেখনীয় সহযোগসমূহ হলঃ  
 (ক) সরু সরু সহযোগী ৰাষ্ট্রসমূহে দুই মহাশক্তিক তেওঁলোকৰ অস্ত্র আরু সৈন্য বাহিনীৰে সহায় কৰিছিল ।
(খ) খনিজ সম্পদ, তেল আরু আন আন প্রাকৃতিক সম্পদসমূহৰ চহকী সরু সরু ৰাষ্ট্রবোৰে তেওঁলোকৰ সম্পদৰ ভঁৰালেৰে দুই মহাশক্তিক সহায় কৰিব পাৰিছিল ।
(গ)দুই মহাশক্তিক সরু সরু দেশবোৰে চোরাংচোৱাৰ ঘাটি হিচাপে ব্যবহাৰ কৰাৰ সুযোগ প্রদান কৰিছিল ।
(ঘ) দুই মহাশক্তিৰ বর্ধিত সামৰিক ব্যয় বহন কৰাৰ বাবে সরু সরু দেশবোৰে আর্থিক সাহায্য আগবঢ়াইছিল ।

১৬। NAM ৰ সাফল্য সন্দর্ভত এটা টোকা লিখা ।
উত্তরঃ ১৯৬১ চনত ২৫ খন ৰাষ্ট্রৰ সহযোগত গোষ্ঠীনিৰপেক্ষ আন্দোলন অর্থাৎ NAM ৰ প্রতিষ্ঠা কৰা হৈছিল । শীতল যুদ্ধৰ সময়ত NAM ৰ ভূমিকা উল্লেখনীয় আছিল । ইয়াৰ ভিতৰত গুরুত্বপূর্ণ বিষয় সমূহ হলঃ
(ক) গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ সহযোগত সদস্য ৰাষ্ট্রবোৰে স্বাধীনভাৱে দেশীয় আরু বৈদেশিক নীতি গঠনত সুবিধা গ্রহণ কৰিছিল ।
(খ) ফেচিবাদ, উপনিৱেশবাদ আরু বর্ণবাদৰ বিরুদ্ধে অৱস্থান গ্রহণ কৰিব পাৰিছিল ।
(গ) সদস্যৰাষ্ট্রবোৰৰ মাজত ভৌগোলিক অখণ্ডতা আরু সার্বভৌমত্ব ৰক্ষাৰ ক্ষেত্রত সফল হৈছিল ।
(ঘ) বিশ্বত শান্তিপূর্ণ সহঅৱস্থান গঢ়ি তুলাত গোষ্ঠীনিৰপেক্ষ আন্দোলনে মুখ্য ভূমিকা পালন কৰিছিল ।
(ঙ) শীতল যুদ্ধৰ সময়ছোৱাত বিশ্বশান্তি আরু নিৰাপত্তাক প্রাধান্য দি গোষ্ঠী নিৰপেক্ষ আন্দোলন পৃথিৱীৰ সর্ববৃহৎ শান্তি আন্দোলন হিচাপে প্রতিষ্ঠিত হৈছিল ।
(চ) দুই মহাশক্তিৰ মাজত স্বতন্ত্র অৱস্থান কৰি শীতল যুদ্ধৰ উন্মাদনা হ্রাস কৰাত সফল হৈছিল ।
(ছ) সমসাময়িকভাৱে, গোষ্ঠিনিৰপেক্ষ আন্দোলনৰ সহযোগত দক্ষিণ আফ্রিকাৰ বর্ণবাদ বিৰোধী আন্দোলন, পেলেষ্টাইন, জিম্বাবোৱেৰ লগতে নামিবিয়াৰ স্বাধীনতাৰ সংগ্রামসমূহ সফল রূপায়ণ হৈছিল ।
(জ)শীতল যুদ্ধৰ সময়ছোৱাত আন ৰাষ্ট্রত সামৰিক ঘাটি প্রতিষ্ঠা কৰাৰ বিরুদ্ধেও গোষ্ঠী নিৰপেক্ষ আন্দোলনে মাত মাতিছিল ।
(ঝ) আণবিক আরু পাৰমাণবিক বোমাৰ ব্যৱহাৰৰ দিশতো বিরুদ্ধাচৰণ কৰি শীতল যুদ্ধৰ বহু পৰিমাণে উপশম কৰিছিল ।

১৭। মহা শক্তিয়ে কিয় ৰাষ্ট্রীয় আরু দায়িত্বশীল দৃষ্টিভংগী গ্রহণ কৰিছিল ?
উত্তরঃ দুই মহাশক্তিয়ে ৰাষ্ট্রীয় আরু দায়িত্বশীল দৃষ্টিভংগী গ্রহণ কৰিছিল । কাৰণঃ
(ক) গোটেই বিশ্ব সেই সময়ছোৱাত কেবল দুই শক্তি গোষ্ঠীত বিভক্ত হৈ পৰিছিল ।
(খ) শীতল যুদ্ধৰ সময়ত সরু সরু ৰাষ্ট্রবোৰ পুঁজিবাদী আরু সমাজবাদী আদর্শত বিভক্ত হৈ পৰিছিল ।
(গ) সেই সংকটৰ সময়ত দুই মহাশক্তিয়ে অর্থনৈতিক, ৰাজনৈতিক আরু সামাজিক দিশসমূহো মন কৰিব লগা হৈছিল ।
(ঘ) শত্রু গোষ্ঠীয়ে যাতে সদস্য ৰাষ্ট্রসমূহক আক্রমণ কৰিব নোৱাৰে তাৰ বাবে সুৰক্ষা প্রদান কৰিব লগা হৈছিল ।
(ঙ) সরু সরু দেশসমূহে সেই সময়ক্ষনত আর্থিক আরু সামৰিক দিশৰ সর্ব-সর্বে শক্তিগোষ্ঠী দুইটাৰ বাবে আগবঢ়াইছিল ।
(চ) সংশয় আরু সন্দেহৰ সেই প্রতি মুহূর্ততে আক্রমণৰ সম্ভাৱণাই বিৰাজমান হৈ আছিল ।
       এই দিশসমূহৰ বাবে মহা শক্তিয়ে ৰাষ্ট্রীয় আরু দায়িত্বশীল দৃষ্টিভংগী গ্রহণ কৰিছিল ।

১৮। কিউবাৰ ক্ষেপনাস্ত্র সংকট কি আছিল ?
অথবাঃ ১। কিউবাৰ ক্ষেপনাস্ত্র সংকটৰ বিষয়ে এটা টোকা লিখা । ইয়াৰ তাৎপৰ্য কি? (৬ নম্বৰৰ)   

উত্তরঃ শীতল যুদ্ধৰ কালছোৱাত দুই মহাশক্তিৰ মাজত সন্দেহ আরু সংশয়ৰ গঢ় লৈ উঠিছিল । এই পৰিস্থিতিত প্রতি মুহূর্ততে আক্রমণৰ সূচনা হৈছিল । বিশেষকৈ কিউবাৰ ওপৰতো ছোভিয়েট সংঘই এই ধৰণৰ সন্দেহ প্রকাশ কৰিছিল । এই সন্দেহ ১৯৬১-৬২ চনত পূর্ণ রূপ পাইছিল । মার্কিন ৰাষ্ট্রপতি আরু চোরাংচোৱা বাহিনীৰ সহযোগত কিউবাৰ ওপৰত আক্রমণ চলোৱাৰ ষড়যন্ত্রৰ কথা ছোভিয়েট সংঘই সন্দেহ কৰিব ধৰিছিল । এই পৰিস্থিতিৰ মুকাবিলা কৰিবৰ বাবে ছোভিয়েট সংঘই আগতীয়াকৈ পৰিকল্পনা কৰিছিল । এই পৰিকল্পনাৰ আধাৰতেই ১৯৬২ চনত নিকিটা খ্রুছেভে কিউবাত ৰাছিয়াৰ সামৰিক ঘাটি প্রতিষ্ঠাৰ বাবে সিদ্ধান্ত লয় । এই পৰিপেক্ষিততেই ১৯৬২ চনৰ ছেপ্তেম্বৰ মাহত কিউবা আরু ছোভিয়েট সংঘ চৰকাৰৰ যুটীয়া প্রচেষ্টাত কিউবাত পাৰমাণৱিক ক্ষেপনাস্ত্র স্থাপন কৰিছিল । এই বিষয়ৰ সন্দর্ভত অক্টোবৰ মাহত আমেৰিকাই গম পাই । লগে লগে আমেৰিকাই আকাশ মার্গ আরু সাগৰৰ জৰীয়তে কিউবাত আক্রমণ কৰাৰ পৰিকল্পনা কৰে । লগতে, ছোভিয়েট সংঘক সামৰিক ঘাটি উঠাই নিয়াৰ বাবে দাবী উত্থাপন কৰে আরু ছোভিয়েট সংঘৰ জাহাজবোৰ প্রতিহত কৰাৰ বাবে আমেৰিকাৰ যুদ্ধ জাহাজবোৰ ব্যৱহাৰ কৰাৰ কথা ঘোষণা কৰে । অৱশেষত ভয়াবহ সংকটৰ মুখা-মুখী হৈ ১৯৬২ চনৰ ২৮ অক্টোবৰ তাৰিখে এই সংঘাতৰ উৰ পৰে আরু নৱেম্বৰ মাহত সামৰিক ক্ষেপনাস্ত্র সেই ঠাইৰ পৰা প্রতিহত কৰে ।

কিউবাৰ ক্ষেপনাস্ত্র সংকটৰ তাৎপৰ্যঃ
    কিউবাৰ ক্ষেপনাস্ত্র সংকটৰ তাৎপৰ্যসমূহ হ’ল এনেধৰণৰ-
(ক)কিউবাৰ ক্ষেপনাস্ত্র সংকট আছিল শীতল যুদ্ধৰ এক চৰম বিন্দু (high point)
(খ) আমেৰিকা, ছোভিয়েট সংঘ আরু মিত্রৰাষ্ট্রৰ মাজত এই সংকট এক প্রতিদ্বণ্ডিতা, উত্তেজনা আরু সংঘৰ্ষৰ কেন্দ্র আছিল ।
(গ) সোভাগ্যক্রমে, এই যুদ্ধ এক পূৰ্ণাঙ্গ যুদ্ধলৈ পৰিৱৰ্তন হোৱা নাছিল ।
(ঘ) এই সংকটে সকলো বিশ্ববাসীক সংকিত কৰি তুলিছিল ।
(ঙ) এই সংঘাতত ক্ষমতা, সামৰিক মিত্রতা আরু ক্ষমতাৰ ভাৰসাম্যতাৰ নীতিসমূহ বিৰাজমান হৈছিল ।  
(চ) আদৰ্শ প্রতিষ্ঠাৰ ই এক শীতলযুদ্ধৰ নিদৰ্শন আছিল ।


১৯। শীতল যুদ্ধৰ কালছোৱাত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ভূমিকা আলোচনা কৰা ।
উত্তরঃ same answer of 16 No
২০। ভাৰতৰ গোষ্ঠী নিৰপেক্ষ নীতিৰ কিয় সমালোচনা কৰা হৈছিল ?
উত্তরঃ Same answer as 12
২১। বৃহৎ শক্তিসমূহৰ মাজত কিহে সহযোগিতা আনি দিছিল ?
উত্তরঃ Same answer as 15
২২। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সফলতাসমূহৰ ওপৰত এটা টোকা লিখা ।
উত্তরঃ Same answer as 16
২৩।কিউবাৰ মিছাইল সংকট কি আছিল ?
উত্তরঃ Same as 18


2৪। তুমি ভাবা নেকি যে শীতল যুদ্ধৰ পিছত NAM এ নিজৰ প্রাসংগিকতা হেরুৱাই পেলাইছে ? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা নিৰ্ণয় কৰা ।
অথবাঃ ৬।যুদ্ধোত্তৰ কালত NAM ৰ নতুন ভূমিকা চমুকৈ বিশ্লেষণ কৰা ।
অথবাঃ ১৭। শীতল যুদ্ধৰ সমাপ্তিৰ পাচত গোষ্ঠী নিৰপেক্ষ আন্দোলনে ইয়াৰ প্রাসংগিকতা হেরুৱাইছে বুলি তুমি ভাবা নেকি? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা প্রতিপন্ন কৰা ।
অথবাঃ ১৮। যুদ্ধোত্তৰ কালত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ভূমিকা সম্পৰ্কে চমুকৈ বিশ্লেষণ কৰা ।
উত্তরঃ শীতল যুদ্ধৰ পিছত বা যুদ্ধোত্তৰ কালত বা শীতল যুদ্ধৰ সমাপ্তিৰ পাচত তৃতীয় বিশ্বৰ দেশসমূহে যিসমূহে শীতল যুদ্ধৰ কালত গোষ্ঠীনিৰপেক্ষ আন্দোলন গঢ়ি তুলিছিল, সেই দেশসমূহে প্রায়বোৰে নতুন অৰ্থনৈতিক নীতি আরু পুঁজিবাদী মুক্ত বাণিজ্য নীতি গ্রহণ কৰিছে । তথাপি গোষ্ঠী নিৰপেক্ষ আন্দোলনে ইয়াৰ প্রাসংগিকতা পূৰ্ণমাত্রে হেরুৱাই পেলোৱা নাই । ইয়াৰ প্রাসংগিক যুক্তিযুক্ততা সমূহ হল এনেধৰণরঃ

(ক) সদস্যৰ বা অংশীদাৰিত্বৰ প্রাসংগিকতাঃ
    শেহতীয়াকৈ ২০১৯ চনত ২৫-২৬ অক্টোবৰত বাকু(Baku), আজাৰবাইজানত (Azerbaijan) অনুষ্ঠিত হোৱা নিৰপেক্ষ আন্দোলনৰ ১৮ তম শীৰ্ষ সন্মিলনত ১২০ খন সদস্য ৰাষ্ট্র, ১৭ খন পৰ্যবেক্ষক ৰাষ্ট্র আরু ১০ টা আন্তৰ্জাতিক সংগঠনে অংশগ্রহণ কৰিছিল । ইয়েই গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বৰ্তমান প্রাসংগিকতাক স্বীকাৰ কৰে ।

(খ) তৃতীয় বিশ্বৰ দেশসমূহৰ এক সামূহিক প্রতিৰোধ শক্তিঃ
    বৰ্তমান আন্তৰ্জাতিক পৰ্যায়ত এক মহাশক্তি অব্যাহত আছে । এই মহাশক্তিয়ে যাতে তৃতীয় বিশ্বৰ দেশসমূহৰ অস্তিত্ব ৰক্ষা কৰিবৰ নিমিত্তে গোষ্ঠী নিৰপেক্ষ আন্দোলনে এক সামূহিক প্রতিৰোধ শক্তি হিচাপে সহায় কৰি আহিছে ।

(গ) অগণতান্ত্রিক নীতিৰ সহায়ত গঢ়ি উঠা আন্তৰ্জাতিক ব্যৱস্থাসমূহৰ বিপক্ষে যুঁজ কৰাৰ পৰপেক্ষিততঃ
    বৰ্তমান বহুতো আন্তৰ্জাতিক সংস্থাসমূহ অগণতান্ত্রিক নীতিৰ উপৰত গঢ়ি উঠিছে । এই অনুষ্ঠান প্রতিষ্ঠান সমূহৰ বিপক্ষে যুঁজ কৰিবলৈ আরু গণতন্ত্র ৰক্ষা কৰিবৰ বাবে গোষ্ঠী নিৰপেক্ষ আন্দোলনে সহায় কৰি আহিছে ।

(ঘ) তৃতীয় বিশ্ব দেশসমূহৰ সহযোগিতা গঢ়ি তুলা সম্পৰ্কঃ
    বৰ্তমানেও তৃতীয় বিশ্বৰ সহযোগিতা গঢ়ি তুলাৰ দিশত গোষ্ঠী নিৰপেক্ষতাই মুখ্য ভূমিকা গ্রহণ কৰিছে । এই গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মাধ্যমেৰে এই দেশসমূহৰ আন্তৰ্জাতিক পৰ্যায়ত ভাৰসাম্য গঢ়ি তুলিবৰ বাবে সহায়ক হৈছে ।

(ঙ) তৃতীয় বিশ্বৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানত সহায়কঃ
    শীতল যুদ্ধৰ অন্তত বা পাছত, তৃতীয় বিশ্বৰ দেশসমূহৰ দীৰ্ঘদিনীয়া সমস্যা বিশেষকৈ দৰিদ্রতা, বৈষম্যমূলক বিশ্ব বাণিজ্য নীতিৰ প্রভাৱ আদি অব্যাহত আছে । এই সমস্যাসমূহ সমাধানৰ অৰ্থে তৃতীয় বিশ্বৰ দেশসমূহৰ সহযোগিতা নিতান্তই প্রয়োজন আরু এই সহযোগিতা গঢ়ি তুলাত গোষ্ঠী নিৰপেক্ষতা আন্দোলনে মুখ্য গুৰি ধৰি আহিছে ।

    এনেদৰে দেখা যায় যে শীতল যুদ্ধৰ অন্তত বা পাছতো, গোষ্ঠী নিৰপেক্ষ আন্দোলনে বা NAM or The Non-Aligned Movement য়ে প্রাসংগিকতা বজাই ৰাখিছে ।   

২5। গোষ্ঠী নিৰপেক্ষতা একাকীত্ববাদ নে নিলিৰ্পতা ? তুমি কি ভাবা আরু কিয় ?
অথবাঃ ১৫। গোষ্ঠী নিৰপেক্ষতা নিঃসঙ্গতা বা নিৰপেক্ষতা হয়নে? কিয়?
উত্তরঃ ১৯৬১ চনত ২৫ খন ৰাষ্ট্রৰ সহযোগত গোষ্ঠীনিৰপেক্ষ আন্দোলন অর্থাৎ NAM ৰ প্রতিষ্ঠা কৰা হৈছিল । শীতল যুদ্ধৰ সময়ত NAM ৰ ভূমিকা উল্লেখনীয় আছিল ।  কিন্ত গোষ্ঠী নিৰপেক্ষতা নিলিৰ্পতা বা নিঃসঙ্গতা বা নিৰপেক্ষতা অৱস্থান গ্রহণ কৰা নহয় । আন্তৰ্জাতিক ৰাজনীতিত এই  আন্দোলন সুবিধাজনক নিৰপেক্ষ ভুমিকা গ্রহণ কৰাক নুবুজায় । আন্তৰ্জাতিক ৰাজনীতিত সম্পাদন হোৱা ঘটনাৰাজিৰ দিশত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ ৰাষ্ট্রবোৰে কোনো অৱস্থান গ্রহণ নকৰা অথবা কোনো ভূমিকা পালন নকৰা, এনেধৰণৰ কোনো লক্ষ্য গ্রহণ কৰা নাছিল । এই আন্দোলনৰ মূল লক্ষ্য আছিল- শীতল যুদ্ধৰ কালত গঢ়ি উঠা দুই শক্তিগোষ্ঠীৰ পৰা মুক্ত কৰি ৰখা । সমসাময়িকভাৱে, গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ দেশসমূহে স্বাধীনভাৱে দেশীয় আরু বৈদেশিক নীতি নিৰ্ধাৰণ কৰাৰ ক্ষেত্রত মনোনিবেশ কৰিছিল কিন্তু নিৰপেক্ষভাৱে নিলিৰ্পতা বা নিঃসঙ্গতা বা নিৰপেক্ষতা ভাৱে থকাৰ কোনো মনোনিবেশ নাছিল । লগতে, ফেচিবাদ, বৰ্ণবাদ, উপনিৱেশবাদ, আগ্রাসন, নিপীড়ন, পাৰমাণৱিক অস্ত্র আদিৰ ব্যৱহাৰৰ বিপক্ষে মতবিৰোধ কৰিছিল ।


2৭। পাৰমাণৱিক নিৰস্ত্রীকৰণ চুক্তি সম্পৰ্কে এটা টোকা লিখা । (৬ নম্বৰৰ)
অথবাঃ ১১। অস্ত্র-শস্ত্রৰ নিয়ন্ত্রণ বজাই ৰাখিবলৈ মাৰ্কিন যুক্তৰাষ্ট্র আরু ছোভিয়েট ইউনিয়নৰ মাজত স্বাক্ষৰিত চুক্তি তিনিখনৰ বিষয়ে ব্যাখ্যা কৰা । (৬ নম্বৰৰ)
অথবাঃ ১২। অস্ত্র-শস্ত্রৰ নিয়ন্ত্রণ বজাই ৰাখিবলৈ মাৰ্কিন যুক্তৰাষ্ট্র আরু ছোভিয়েট ইউনিয়নৰ মাজত স্বাক্ষৰিত চুক্তি তিনিখনৰ বিষয়ে ব্যাখা কৰা (৬ নম্বৰৰ)
অথবাঃ ১৩। শীতল যুদ্ধই অস্ত্র-শস্ত্রৰ নিয়ন্ত্রণৰ লগতে অস্ত্র-শস্ত্রৰ প্রতিযোগিতাৰ সৃষ্টি কৰিছিল । এই দুয়ুটাৰে কাৰণবোৰ কি আছিল ?  (৬ নম্বৰৰ)
অথবাঃ ২১।শীতল যুদ্ধই অস্ত্র শস্ত্রৰ প্রতিযোগিতা তথা অস্ত্র নিয়ন্ত্রণ সৃষ্টি কৰিছিল । এনে হোৱাৰ কাৰণ কি আছিল ? (৬ নম্বৰৰ)
অথবাঃ ১৯। পাৰমাণৱিক নি-সম্প্রসাৰণ চুক্তিৰ ওপৰত এটা টোকা লিখা  । (এই উত্তৰৰ বাবে দ্বিতীয় দফাৰ (ক) অংশটোহে লিখিবা)  (৬ নম্বৰৰ)
উত্তরঃ
অস্ত্র-শস্ত্রৰ প্রতিযোগিতা/অস্ত্রৰ দৌৰঃ
অস্ত্র বুলিলে আমি বিশেষকৈ জৈৱিক, ৰাসায়নিক আরু পাৰমাণৱিক অস্ত্রৰ বিষয়ে কব পাৰো । সকলো দেশৰে শীতল যুদ্ধৰ সময়ত নিৰাপত্তা অতিকৈ প্রয়োজন আছিলসেয়েহে, সকলো দেশে এই অস্ত্রসমূহৰ সংগ্রহ আরু মজুতকৰণৰ ক্ষেত্রত প্রয়োজনীয়তা উপলব্ধি কৰিছিলবিজ্ঞান আরু প্রযুক্তিৰ মাধ্যমেৰে সকলোয়ে জৈৱিক আরু ৰাসায়নিক অস্ত্রসমূহৰ ব্যৱস্থা কৰিছিলইয়াৰ সমসাময়িকভাৱে, পাৰমাণৱিক অস্ত্রৰ ক্ষেত্রতো দেশসমূহে সফল রূপায়ণ কৰিছিলকোনো এটা শক্তিগোষ্ঠীয়ে এই দিশত পিছ পৰি ৰোৱা নাছিলউইকিপেদিয়াৰ (Wikipedia) ৰ তথ্য অনুসৰি ১৯৪৫ চনৰ ১৬ জুলাইত আমেৰিকাই পাৰমাণৱিক পৰীক্ষণ কৰিছিল । আমেৰিকাৰ সমসাময়িকভাৱে শক্তিশালী হবৰ বাবে ১৯৪৯ চনৰ ২৯ আগষ্টত ৰাছিয়াও পাৰমাণৱিক শক্তিৰ আহৰণ কৰিছিলঠিক সেইদৰে, নিৰাপত্তা পৰিষদৰ সদস্য হিচাপে, ইউনাইটেড কিংডমে (United Kindom) ১৯৫২ চনৰ ৩ অক্টোবৰত, ফ্রান্সে ১৯৬০ চনৰ ১৩ ফ্রেব্রুৱাৰীত আরু চীনে ১৯৬৪ চনৰ ১৬ অক্টোবৰত পাৰমাণৱিক পৰীক্ষণ সাধন কৰে । ভাৰতেওঁ NPT ত স্বাক্ষৰ নকৰি ১৯৭৪ চনৰ ১৮ মেত ৰাজস্থানৰ পুখৰানত পাৰমাণৱিক পৰীক্ষণ সাধন কৰে ।

অস্ত্র-শস্ত্রৰ নিয়ন্ত্রণ বা মাৰ্কিন যুক্তৰাষ্ট্র আরু ছোভিয়েট ইউনিয়নৰ মাজত স্বাক্ষৰিত চুক্তিসমূহঃ
শীতল যুদ্ধৰ সময়ত সকলোবোৰ দেশৰে বিজ্ঞান আরু প্রযুক্তি বিদ্যাৰ বাবে পাৰমাণৱিক অস্ত্র, ৰাসায়নিক অস্ত্র আরু জৈৱিক অস্ত্র সংগ্রহ কৰিছিল কিন্তু যদি ইখন দেশৰ মাজত সিখন দেশৰ এই অস্ত্রসমূহৰ প্রয়োগ হয় তেতিয়া সমগ্র পৃথিৱীয়ে ধ্বংস হব । সেয়েহে, ইয়াৰ সুৰক্ষা অত্যন্ত আরু নিতান্ত আৱশ্যক আছিলএই উদ্দেশ্য আগত ৰাখি শীতল যুদ্ধৰ সময়ত আন্তৰ্জাতিকভাৱে আমেৰিকা আরু ছোভিয়েট সংঘৰ মাজত বিভিন্ন চুক্তি স্বাক্ষৰিত হৈছিলইয়াৰ ভিতৰত উল্লেখযোগ্যসসমূহ হল-


(ক) পাৰমাণৱিক নি-প্রসাৰণ চুক্তি (Nuclear Non-Proliferation Treaty or NPT):
                ১৯৬৮ চনত পাৰমাণৱিক শক্তি আহৰণ কাৰ্যত হস্তক্ষেপ আরু নিয়ন্ত্রণ কৰিবৰ অৰ্থে পাৰমাণৱিক নি-প্রসাৰণ চুক্তিৰ ব্যৱস্থা কৰা হৈছিল । এই চুক্তি অনুসৰি ১৯৬৭ চনৰ পূৰ্বে পাৰমাণৱিক অস্ত্র আহৰণ কৰা দেশসমূহে (আমেৰিকা, ফ্রান্স, ব্রিটেইন, ৰাছিয়া/ছোভিয়েট সংঘ আরু চীন) পাৰমাণৱিক অস্ত্র মজুত ৰাখিব পাৰিব । কিন্তু ইয়াৰ পৰৱৰ্তী, ১৯৬৭ চনৰ পাছত কোনো দেশে পাৰমাণৱিক অস্ত্র আহৰণ আরু বিকাশ কৰিব নোৱাৰিব ।
    ভাৰতে এই আইনৰ বিরুদ্ধিতা কৰিছিল আরু স্বাক্ষৰ প্রদান কৰা নাছিল । ইয়াৰ কাৰণ আছিল, এই চুক্তিয়ে বৈষম্যৰ নীতি প্রতিফলিত কৰিছে । এই চুক্তিয়ে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী পাঁচখন ৰাষ্ট্রৰ বাহিৰে আন দেশবোৰক পাৰমাণৱিক অস্ত্র আহৰণত বাধা আৰোপ কৰিছে । সেয়েহে, ১৯৭৪ চনত ভাৰতে পাৰমাণৱিক পৰীক্ষণ সাধন কৰি এই চুক্তিৰ বিরুদ্ধিতা সাব্যস্ত কৰিছিল ।  


(খ) ক্ষেপনাস্ত্র বিৰোধী চুক্তি (ABM Treaty or ABMT or Anti-Ballistic Missile Treaty):
                ১৯৭২ চনত ক্ষেপনাস্ত্র বিৰোধী চুক্তি আমেৰিকা আরু ছোভিয়েট সংঘৰ মাজত স্বাক্ষৰিত হৈছিল । এই চুক্তি অনুসৰি দুয়ুটা শক্তি সংঘই পাৰমাণৱিক আক্রমণৰ এক প্রতিৰোধ ব্যৱস্থা স্বরূপে ক্ষেপনাস্ত্র ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব । এই চুক্তিয়ে ক্ষেপনাস্ত্র আহৰণ আরু ইয়াৰ ব্যৱহাৰ সীমিতকৰণৰ ওপৰত মনোনিবেশ কৰিছিল ।

(গ) সীমিত পৰীক্ষণ নিষিদ্ধ চুক্তিঃ (Limited Test Ban Treaty-LTBT)
                ১৯৬৩ চনৰ ৫ আগষ্ট তাৰিখে আমেৰিকা, ছোভিয়েট সংঘ আরু ব্রিটেইনৰ মাজত মস্কো নামৰ ঠাইত সীমিত পৰীক্ষণ নিষিদ্ধ চুক্তিখন স্বাক্ষৰিত হৈছিল । এই চুক্তিৰ লক্ষ্য বা চুক্তি অনুসৰি স্বাক্ষৰিত দেশকেইখনে জলপৃষ্ঠ, বায়ুমণ্ডল আরু ভূ-খণ্ডত পাৰমাণৱিক অস্ত্রৰ পৰীক্ষণ বন্ধ কৰিব লাগিব বা পৰীক্ষণ কৰিব নোৱাৰিব ।

(ঘ) কৌশলগত অস্ত্র সীমিতকৰণ চুক্তি-১ (Strategic Arms Limitation Treaty-1):
                আমেৰিকা আরু ছোভিয়েট সংঘ ১৯৬৪ চনত এই দ্বি-পাক্ষিক চুক্তিখনৰ ক্ষেত্রত সন্মত হয় আরু আমেৰিকাৰ ৰাষ্ট্রপতি নিক্সনৰ ছোভিয়েট সংঘৰ ভ্রমণৰ সময়ছোৱাত ১৯৭২ চনৰ ২৬ মে’ত দুখনকৈ ঐতিহাসিক চুক্তি গ্রহণ কৰে । সেয়া হ’লঃ-
(i)SALT-1: ক্ষেপনাস্ত্র ব্যৱস্থা বিৰোধী সীমিতকৰণ চুক্তি (Treaty on the Limitation of the Anti-Ballistic Missile System) ABM Treaty আরু
(ii)কৌশলগত আগ্রাসী অস্ত্র সীমিতকৰণ অন্তৱৰ্তীকালীন চুক্তি ।

(ঙ) ৰণ-কৌশলগত অস্ত্র সীমিতকৰণ চুক্তি-২ (Strategic Arms Limitation Treaty-II):
                 ৰণ-কৌশলগত অস্ত্র সীমিতকৰণ চুক্তি-২ হল- ১৯৭২ চনৰ পৰা ১৯৭৯ চনলৈকে আমেৰিকা আরু ছোভিয়েট সংঘৰ মাজত চলা এক আলোচনাৰ চুক্তি । এই চুক্তিৰ জৰিয়তে, দুয়ুটা শক্তি গোষ্ঠীৰ কৌশলগত পাৰমাণৱিক অস্ত্র উৎপাদন কাৰ্য সীমিতকৰণ/নিষেধ কৰাৰ ক্ষেত্রত নীতি গ্রহণ কৰিছিল । এই চুক্তি, চুক্তি-১ ৰ এক ধাৰাবাহিক আলোচনাৰ এক পৰৱৰ্তী অংশ আছিল ।  

(চ) ৰণ-কৌশলগত অস্ত্র হ্রাসকৰণ চুক্তি (Strategic Arms Reduction Treaty):
                এই চুক্তিখন ১৯৯১ চনত ৩১ জুলাইত আমেৰিকা আরু ছোভিয়েট সংঘৰ মাজত স্বাক্ষৰিত হৈছিল । এই চুক্তিৰ জৰিয়তে, দুয়ুটা শক্তি গোষ্ঠীৰ মাজত কৌশলগত আক্রমণাত্মক অস্ত্রৰ হ্রাস আরু সীমাবদ্ধতাৰ পৰিপেক্ষিতত দ্বিপাক্ষিক চুক্তি সম্পাদিত হৈছিল ।
      এনেদৰে বিভিন্ন চুক্তি, সন্মিলন আরু আলোচনাৰ মাধ্যমেৰে অস্ত্র নিয়ন্ত্রণ কৰাৰ ক্ষেত্রত দুয়ুটা শক্তিগোষ্ঠী আরু বিভিন্ন দেশসমূহে চেষ্টা অব্যাহত ৰাখিছিল যাতে ভয়াবহ আক্রমণ আরু ধ্বংসৰ পৰা সকলো দেশে ৰক্ষা পৰে আরু শান্তি অব্যাহত থাকে ।   


2৮। নতুন আন্তঃৰাষ্ট্রীয় অৰ্থনৈতিক শৃংখলা সংগঠনৰ (NIEO) আঁৰৰ বাস্তৱতা কি আছিল ?
অথবাঃ এক নৱ্য আন্তৰ্জাতিক অৰ্থব্যৱস্থা লক্ষ্য/উদ্দেশ্য/নীতি/আঁচনিসমূহৰ বিষয়ে আলোচনা কৰা ।
উত্তরঃ ১৯৭০ৰ দশকত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ তৃতীয় বিশ্বৰ দেশসমূহে এক নৱ্য আন্তৰ্জাতিক অৰ্থব্যৱস্থা (NIEO or New International Economic Order) গ্রহণ কৰিছিল । এই সংগঠনৰ আঁৰৰ বাস্তৱতাসমূহ আছিল এনেধৰণরঃ
(ক) ১৯৭০ৰ দশকত গোষ্ঠীনিৰপেক্ষ আন্দোলন গঢ়ি তোলা তৃতীয় বিশ্বৰ দেশসমূহৰ অৰ্থনৈতিক অৱস্থা শূচনীয় হৈছিল ।
(খ) সত্তৰ দশকত তৃতীয় বিশ্বৰ দেশসমূহৰ লগত আমেৰিকাৰ পুঁজিবাদী শিবিৰ আরু ছোভিয়েট সংঘৰ সাম্যবাদী শিবিৰৰ মাজত অৰ্থনৈতিক বৈষম্যই দেখা দিছিল ।
(গ) সেই সময়ছোৱাত, অৰ্থনৈতিক স্বাধীনতাক নেওচি বা পৰিহাৰ কৰি ৰাজনৈতিক স্বাধীনতা ৰক্ষা কৰাত অসম্ভৱ হৈ পৰিছিল ।
(ঘ) তৃতীয় বিশ্বৰ দেশসমূহৰ সেই সময়ক্ষণত নৱ্য-উপনিৱেশকতাবাদৰ বলি হোৱাৰ দিশত ধাৱমান হৈছিল ।
(ঙ) গোষ্ঠী নিৰপেক্ষ আন্দোলন আরু ইয়াৰ সদস্য ৰাষ্ট্রসমূহে আন্তৰ্জাতিক অৰ্থব্যৱস্থাৰ গুণগত পৰিৱৰ্তন সাধন কৰিবলৈ চেষ্টা কৰিছিল ।
    নৱ্য-আন্তৰ্জাতিক অৰ্থব্যৱস্থা কাৰ্যকৰীকৰণৰ অৰ্থে ১৯৭৪ চনৰ মে’ মাহত ৰাষ্ট্রসংঘত এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয় । এই সভাতে ‘এক নৱ্য-আন্তৰ্জাতিক অৰ্থব্যৱস্থা’ পৰিপেক্ষিতত এক কাৰ্য রূপায়ণৰ আঁচনি আরু ঘোষণা ঘোষিত হয়/গৃহিত হয় । এই ঘোষণাৰ লক্ষ্য/উদ্দেশ্য/নীতি/আঁচনিসমূহ আছিল এনেধৰণরঃ
(ক) ৰাষ্ট্রসংঘৰ সকলো সদস্য ৰাষ্ট্রই এক নৱ্য-আন্তৰ্জাতিক অৰ্থব্যৱস্থা গঢ়ি তুলিব য’ত সকলো ৰাষ্ট্রৰ সাৰ্বভৌম সমতা, সামূহিক স্বাৰ্থ, সহযোগিতা আরু আত্মনিৰ্ভৰশীলতাৰ গঢ়ি তুলিব ।
(খ) আন্তৰ্জাতিক অৰ্থনীতিত অব্যাহত থকা অসমতা আরু অন্যায়সমূহ দূৰীকৰণ কৰা হ’ব ।
(গ) অৰ্থনৈতিক দিশত উন্নত আরু উন্নয়ণশীল ৰাষ্ট্রসমূহৰ মাজত বৰ্দ্ধিত হোৱা ব্যৱধান হ্রাস কৰা হ’ব ।
(ঘ) ভৱিষৎ প্রজন্মৰ হকে ন্যায় আরু শান্তিৰ মাধ্যমেৰে ষ্ঠাপিত এক আন্তৰ্জাতিক অৰ্থব্যৱস্থা গঠন কৰা হ’ব ।
(ঙ) উন্নত আরু তৃতীয় বিশ্বৰ দেশসমূহৰ মাজত অৰ্থনৈতিক সমতা স্থাপন কৰা হ’ব ।
(চ) বিশ্ব বেংকৰ বিকল্প স্বরূপে এক দক্ষিণৰ বেংক (South Bank) ৰ প্রতিষ্ঠা কৰা ।
    এই দাবী বা লক্ষ্য বা উদ্দেশ্য বা নীতি বা আঁচনিসমূহত ৰাষ্ট্রসংঘৰ গৰিষ্ঠসংখ্যক সদস্য ৰাষ্ট্রই সমৰ্থন কৰিছিল আরু ইয়াৰ বিপৰীতে উন্নত পশ্চিমীয়া দেশবোৰে একৰক্ষণশীল মনোভাব প্রদান কৰে ।

2৯।গোলকীয় বানিজ্য পদ্ধতিৰ সংস্কাৰ সম্পৰ্কীয় UNCTAD প্রতিবেদনখন কি আছিল? (৬ নম্বৰৰ)
উত্তরঃ
১৯৭২ চনত ৰাষ্ট্রসংঘৰ বাণিজ্য আরু বিকাশ বিষয়ক সন্মিলন অৰ্থাৎ UNCTAD or United Nations Conference on Trade and Development অনুষ্ঠিত কৰা হৈছিল । এই সন্মিলনত অৰ্থনৈতিক বিকাশৰ বাবে গোলকীয় বাণিজ্য পদ্ধতিৰ সংস্কাৰ সম্পৰ্কীয় এক নৱ্য বাণিজ্য নীতি অথবা New Trade Policy for Trade শীৰ্ষক প্রতিবেদন বা UNCTAD প্রতিবেদন দাখিল কৰা হৈছিল । এই প্রতিবেদনত উল্লেখ কৰা লক্ষ্য বা উদ্দেশ্য বা নীতিসমূহ হ’লঃ
(ক) পশ্চিমীয়া দেশসমূহৰ পৰা ক্রয় হোৱা প্রযুক্তি বোৰৰ মূল্য পূৰ্বতকৈ হ্রাস কৰা,
(খ) বৰ্তি থকা আন্তৰ্জাতিক বিত্তীয় প্রতিষ্ঠানবোৰত উন্নত দেশবোৰক কমকৈ গুরুত্বপূৰ্ণ ভূমিকা প্রদান কৰা,
(গ) উন্নত দেশবোৰে ব্যৱহাৰ আরু লুট কৰি থকা প্রাকৃতিক সম্পদৰাজিৰ ওপৰত নিয়ন্ত্রণ হ্রাস কৰা বা কমকৈ নিয়ন্ত্রণ সাৰ্বস্ত্য কৰা,
(ঘ) উন্নত দেশসমূহৰ লাভা-লাভ হব পৰাকৈ তৃতীয় বিশ্বৰ দেশৰ সম্পদ বিক্রীৰ পৰিপেক্ষিতত কমকৈ পশ্চিমীয়া ৰাষ্ট্রসমূহৰ বজাৰ মুকলি কৰা
    ছোভিয়েট সংঘৰ পতনৰ পাছত বিশ্বায়ন বা গোলকীকৰণ প্রক্রিয়া আৰম্ভ হয় । গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ গুৰিধৰোতা ভাৰতবৰ্ষও ১৯৯১ চনত নতুন অৰ্থনৈতিক সংস্কাৰ নীতি গ্রহণ কৰিছিল । লগতে শীতল যুদ্ধৰ অন্তত আন্তৰ্জাতিক অৰ্থনীতিক সকলো গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ দেশসমূহে সহযোগ কৰাৰ লগে লগে ‘নৱ্য আন্তৰ্জাতিক অৰ্থব্যৱস্থা’ৰ দাবীসমূহৰ প্রাসংগিকতা ক্রমে হ্রাস পাইছিল

3০।শীতল যুদ্ধৰ সময়ত মাৰ্কিন যুক্তৰাষ্ট্র আরু ছোভিয়েট ইউনিয়নৰ প্রতি ভাৰতৰ বৈদেশিক নীতি কি আছিল? ভাৰতৰ স্বাৰ্থত এই নীতিয়ে সহায় কৰিছিলনে?
উত্তরঃ শীতল যুদ্ধৰ সময়ত মাৰ্কিন যুক্তৰাষ্ট্র আরু ছোভিয়েট ইউনিয়নৰ প্রতি ভাৰতৰ বৈদেশিক নীতি আছিল গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ নীতিসসমূহ যিসমূহ পঞ্চশীল নীতিৰ  ওপৰত প্রতিষ্ঠিত হৈছিল । সেয়া হ’লঃ
(ক) দুখন দেশৰ ভৌগোলিক অখণ্ডতা আরু সাৰ্বভৌমত্বৰ প্রতি পাৰস্পৰিক সন্মান;
((খ) পাৰস্পৰিক নি-আগ্রাসন (Non-Aggression);
(গ) আভ্যন্তৰীণ  ঘটনাত পাৰস্পৰিক নি-হস্তক্ষেপ (Non-interference);
(ঘ) সমতা আরু পাৰস্পৰিক সুযোগ-সুবিধা (Mutual  Benefits);
(ঙ) শান্তিপূৰ্ণ সহঅৱস্থান (Peaceful Co-existence)    


                                ভাৰতৰ স্বাৰ্থত এই নীতিয়ে বহুতো দিশত সহায় কৰিছিল  । ভাৰতে এই নীতিৰ জৰীয়তে দুখন দেশৰ মাজত ভোগোলিক অখণ্ডতা আরু সাৰ্বভৌমত্বৰ প্রতি পাৰস্পৰিক সন্মানৰ নীতিৰ প্রভাৱ পেলাইছিল । লগতে, ভাৰতৰ পঞ্চশীল নীতিৰ জৰীয়তেই গোষ্ঠীনিৰপেক্ষ আন্দোলনত পাৰস্পৰিক নিআগ্রাশন নীতিৰ পালন কৰিছিল । ইয়াৰ উপৰিও, ভাৰতে বৈদেশিক ৰাষ্ট্রত সামৰিক ঘাটি নির্মাণ কৰাত ঘুৰ বিরুদ্ধিতা কৰিছিল । ভাৰতে গোষ্ঠী নিৰপেক্ষতাৰ জৰীয়তে সমতা আরু পাৰস্পৰিক সুযোগ-সুবিধা পোৱাৰ ক্ষেত্রত পৃষ্ঠ-পোষকতা কৰিছিল । সমসাময়িকভাবে, গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মূল নীতি স্বরূপ শান্তিপূর্ণ সহৱস্থানৰ নীতিও ভাৰতৰ এই পঞ্চশীল নীতিৰ সহায়তে স্থাপন কৰা হৈছিল । লগতে, দুয়ুটা শক্তি সংঘৰ লগত শান্তিপূৰ্ণ সহঅৱস্থান কৰাত এই নীতিয়ে ভাৰতক সহায় কৰিছিল ।



God blessing you all………….

visit daily for  new updates.........updating............