১ নম্বৰৰ প্রশ্নোত্তৰঃ
১। চট্টগ্রামক আরু কি নামেৰে পৰিচিত ?
উত্তৰঃ চট্টগ্রামক ‘চিতাগঙ’ নামেৰে পৰিচিত ।
২। ‘দলি পুৰাণ’ৰ বিষয়বস্তু কি আছিল ?
উত্তৰঃ ‘দলি পুৰাণ’ পুৰাণ পুথিৰ আৰ্হিৰে কবিয়ে পদ্যত লিখা এখন গ্রন্থ যাৰ বিষয়বতু কৃষক আছিল ।
৩। ‘অসমীয়া ল’ৰাৰ মিত্র’ৰ লেখক কোন ?
উত্তৰঃ ‘অসমীয়া ল’ৰাৰ মিত্র’ৰ লেখক হ’ল- আনন্দৰাম ঢেকিয়াল ফুকন ।
৪। অরুণোদয় কাকত কোন ঠাইৰ পৰা প্রকাশ হৈছিল ?
উত্তৰঃ অরুণোদয় কাকত শিৱসাগৰৰ ঠাইৰ প্রকাশ হৈছিল ।
৫। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল ?
উত্তৰঃ ইয়াণ্ডাবু সন্ধি ১৮২৬ চনত হৈছিল ।
৬। ১৮৯৩ চনত কানিৰ প্রচলনৰ বিষয়ে অনুসন্ধান কৰিবলৈ অহা আয়োগখনৰ নাম কি আছিল ?
উত্তৰঃ ১৮৯৩ চনত কানিৰ প্রচলনৰ বিষয়ে অনুসন্ধান কৰিবলৈ অহা আয়োগখনৰ নাম আছিল- ৰয়েল কমিচন অন অপিয়াম (The Royal Commission on Opium) ।
৭। জগন্নাথ বরুৱাৰ মৃত্যু কেতিয়া হয় ?
উত্তৰঃ জগন্নাথ বরুৱাৰ মৃত্যু ১৯০৭ চনত হয় ।
৮। যোৰহাট সাৰ্বজনীন সভা কিয় ১৯২১ চনলৈকে জীয়াই আছিল বুলি ধাৰণা হয় ?
উত্তৰঃ যোৰহাট সাৰ্বজনীন সভা ১৯২১ চনলৈকে জীয়াই আছিল বুলি ধাৰণা হয় কাৰণ সেই সময়তেই মহাত্মা গান্ধী অসমলৈ আহোতে তেখেতক এই সভাখনতে সম্ভাষণ জনোৱা হৈছিল ।
৯। স্বাধীনতা সংগ্রামত জড়িত হোৱা সুৰমা উপত্যকাৰ ছাত্র সংগঠন এটাৰ নাম লিখা ।
উত্তৰঃ স্বাধীনতা সংগ্রামত জড়িত হোৱা সুৰমা উপত্যকাৰ এক ছাত্র সংগঠন হৈছে- অসম ছাত্র সন্মিলন ।
১০। আহোমসকলে নুংমাওৰ পৰা কেতিয়া যাত্রা কৰে আরু অসমত কোন চনত প্রৱেশ কৰে ?
উত্তৰঃ আহোমসকলে নুংমাওৰ পৰা ১২১৫ চনত যাত্রা কৰে আরু অসমত ১২২৮ চনত প্রৱেশ কৰে ।
১১। আহোমৰ প্রথম ৰাজধানী ক’ত আরু কেতিয়া স্থাপন কৰিছিল ?
উত্তৰঃ আহোমৰ প্রথম ৰাজধানী চৰাইদেউত ১২৫৩ চনত স্থাপন কৰিছিল ।
১২। কিমান বছৰ ৰাজত্ব কৰাৰ পিছত চুকাফাৰ মৃত্যু হয় ?
উত্তৰঃ চল্লিশ (৪০) বছৰ ৰাজত্ব কৰাৰ পিছত চুকাফাৰ মৃত্যু হয় ।
১৩। মীৰজুমলাই কোন চনত অসম আক্রমণ কৰিছিল ? তেওঁৰ লগত অহা লিখকগৰাকীৰ নাম কি আছিল ?
উত্তৰঃ মীৰজুমলাই ১৬৬২ চনত অসম আক্রমণ কৰিছিল । তেওঁৰ লগত অহা লিখকগৰাকীৰ নাম আছিল চিহাবুদ্দিন তালিছ ।
১৪। মহাৰাজ নৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰা বৈষ্ণৱ সাহিত্যিকৰ নাম লিখা ।
উত্তৰঃ মহাৰাজ নৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰা বৈষ্ণৱ সাহিত্যিকৰ নাম হ’ল- অনন্ত কন্দলী, শংকৰদেৱ, ৰাম সৰস্বতী আরু মাধৱদেৱ ।
১৫। হস্তীবিদ্যাৰ্ণৱ পুথিৰ চিত্র শিল্পী দুজনৰ নাম লিখা-
উত্তৰঃ হস্তীবিদ্যাৰ্ণৱ পুথিৰ চিত্র শিল্পী দুজনৰ নাম হ’ল- দিলবৰ আরু দোচাই ।
১৬। প্রাগজ্যোতিষৰ প্রথম ৰজাজনৰ নাম কি?
উত্তৰঃ প্রাগজ্যোতিষৰ প্রথম ৰজাজনৰ নাম মহীরংগ দানৱ ।
১৭। নৰকাসুৰৰ জন্ম কেনেকৈ হৈছিল ?
উত্তৰঃ নৰকাসুৰৰ জন্ম মানুহৰ লাওখোলাত হৈছিল ।
১৮। বাণাসুৰ কোন আছিল ?
উত্তৰঃ বাণাসুৰ শোণিতপুৰৰ ৰজা আছিল ।
১৯। ভগদত্তই কুরুক্ষেত্র যুদ্ধত কাৰ পক্ষ লৈছিল ?
উত্তৰঃ ভগদত্তই কুরুক্ষেত্র যুদ্ধত কৌৰৱৰ পক্ষ লৈছিল ।
২০। বৰ্মন বংশৰ প্রতিষ্ঠাতা কোন ?
উত্তৰঃ বৰ্মন বংশৰ প্রতিষ্ঠাতা হ’ল- পূষ্য বৰ্মণ ।
২১। প্রথম কোনখন লিপিত ‘কামরূপী’ শব্দটো ব্যৱহৃত হৈছিল ?
উত্তৰঃ সমুদ্রগুপ্তৰ এলাহাবাদ স্তম্ভ লিপিত (খৃঃ চতুৰ্থ শতিকা) প্রথম লিপিত ‘কামরূপী’ শব্দটো ব্যৱহৃত হৈছিল ।
২২। শালস্তম্ভ বংশৰ প্রতিষ্ঠাতা কোন ?
উত্তৰঃ শালস্তম্ভ বংশৰ প্রতিষ্ঠাতা হ’ল- শালস্তম্ভ ।
২৩। কাৰ সৈতে ভাস্কৰ বৰ্মনে মিত্র-জোঁট স্থাপন কৰিছিল ?
উত্তৰঃ থানেশ্বৰৰ ৰজা হৰ্ষবৰ্দ্ধনৰ সৈতে ভাস্কৰ বৰ্মনে মিত্র-জোঁট স্থাপন কৰিছিল ।
২৪। ন্যায়িক কাৰ্যাৱলী সম্পন্ন কৰা দুজন বিষয়াৰ নাম লিখা ।
উত্তৰঃ ন্যায়িক কাৰ্যাৱলী সম্পন্ন কৰা দুজন বিষয়াৰ নাম হ’ল- চৌধুৰী আরু বৰফুকন ।
২৫। কনিষ্ঠ আৰক্ষী বিষয়াক কি বোলা হৈছিল ?
উত্তৰঃ কনিষ্ঠ আৰক্ষী বিষয়াক বালাধ্যক্ষ বোলা হৈছিল ।
২৬। নথিপত্র সংৰক্ষণ কৰা কাৰ্যালয়ক কি বোলা হয় ?
উত্তৰঃ নথিপত্র সংৰক্ষণ কৰা কাৰ্যালয়ক কৰণিকা বোলা হয় ।
২৭। আহোমসকল কোন বংশৰ লোক ?
উত্তৰঃ আহোমসকল টাই বা থাই বংশৰ লোক ।
২৮। চুকাফাই প্রথম স্থায়ী ৰাজধানী কেতিয়া আরু ক’ত পাতিছিল ?
উত্তৰঃ চুকাফাই প্রথম স্থায়ী ৰাজধানী ১২৫৩ চনত চৰাইদেউত পাতিছিল ।
২৯। চৰগুৱাত কোন আহোম ৰজাই ৰাজধানী পাতিছিল ?
উত্তৰঃ চৰগুৱাত চুদাংফা বা বামুণী কোঁৱৰ ৰাজধানী পাতিছিল ।
৩০। মীৰজুমলাৰ লগত অহা বুৰঞ্জীবিদগৰাকীৰ নাম কি আছিল ?
উত্তৰঃ মীৰজুমলাৰ লগত অহা বুৰঞ্জীবিদগৰাকীৰ নাম আছিল- চিহাবুদ্দিন তালিছ ।
৩১। শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল ?
উত্তৰঃ শৰাইঘাটৰ যুদ্ধ ১৬৭১ চনত হৈছিল ।
৩২। গদাপাণি কোন ফৈদৰ ৰজা আছিল ?
উত্তৰঃ গদাপাণি তুংখুঙীয়া ফৈদৰ ৰজা আছিল ।
৩৩। ইটাখুলিৰ যুদ্ধ কেতিয়া হৈছিল ?
উত্তৰঃ ইটাখুলিৰ যুদ্ধ ১৬৮২ চনত হৈছিল ।
৩৪। কেতিয়া আহোম ৰাজধানী যোৰহাটলৈ স্থানান্তৰিত হৈছিল ?
উত্তৰঃ মোৱামৰীয়া বিদ্রোহৰ পাছত আহোম ৰাজধানী যোৰহাটলৈ স্থানান্তৰিত হৈছিল ।
৩৫। দন্দুৱাদ্রোহৰ নায়ক কোন আছিল ?
উত্তৰঃ দন্দুৱাদ্রোহৰ নায়ক কলীয়া ভোমোৰা বৰফুকন আছিল ।
৩৬। মানে অসম কেইবাৰ আক্রমণ কৰিছিল ?
উত্তৰঃ মানে অসম তিনিবাৰ আক্রমণ কৰিছিল ।
updating...........