Borusokol, Druta Path, or Boisitramoi Asom, MIL(Assamese), SEBA, Class 10, Noted by Podmeswar

 

বড়োসকল

 

১। বড়োভাষা কি ভাষাগোষ্ঠীৰ অন্তর্ভুক্ত?

উত্তৰঃ বড়োভাষা চীনা তিব্বত-বর্মীয় ঠালত ভাষা ।

 

২। বড়োভাষা কেতিয়া প্রাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰিছিল ?

উত্তৰঃ বড়োভাষা ১৯৬৩ চনত প্রাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰিছিল ।

 

৪। বড়োভাষাৰ প্রথম গ্রন্থখন কি?

উত্তৰঃ বড়োভাষাৰ প্রথম গ্রন্থখন হ’ল- গংগাচৰন কাছাৰীৰ বড়ো ফিছা ও আইন’ (১৯১৫) ।

 

৫। বড়োসকল পৰম্পৰাগত সাজ পাৰত ব্যৱহাৰ কৰা কেইটিমান চানেকিৰ নাম উল্লেখ কৰা

উত্তৰঃ বড়োসকলে পৰম্পৰাগত সাজ পাৰত ব্যৱহাৰ কৰা কেইটিমান চানেকি বা ফুলৰ নাম হ’ল- দাও থু আগান, ফাৰেও মেগন, মুফুৰ আফা, দাওৰাই মৌখ্রেব, থাইগিৰ বিবাৰ হাজৌ আগৰ ইত্যাদি ।

 

৩। বড়োসকলৰ বিষয়ে লিখা দুখন গ্রন্থৰ নাম লিখা ।

উত্তৰঃ বড়োসকলৰ বিষয়ে লিখা দুখন গ্রন্থৰ নাম হ’ল- গংগাচৰণ কছাৰীৰ বড়ো ফিছা ও আইন’ (১৯১৫), চিত্তৰঞ্জন মোছাহাৰী দেৱৰ ফৈমাল মিজিংক (১৯৭০) আরু বড়ো সাহিত্যৰ প্রথম চুটিগল্প সংকলন আরু ‘জ্জজাইনি অৰ’ (১৯৭২) প্রথমখন উপন্যাস ।

 

৬। চমুটোকা লিখাঃ

(ক) ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰীঃ

    ১৯২৬ চনত গোসাই গাওঁ মহকুমাৰ অন্তর্গত বামুণকুৰা গাঁৱত জন্ম গ্রহণ কৰা কামিনী কুমাৰ নাৰ্জাৰী নৃত্যশিল্পী আরু বড়ো সাহিত্য সংস্কৃতিৰ পৃষ্ঠপোষক আছিল । তেওঁৰ প্রচেষ্টাত বড়ো নৃত্য আরু সংস্কৃতি ৰাজ্যিক পৰ্যায়ৰ পৰা ৰাষ্ট্রীয় পৰ্যায়লৈ ধাৱমান হৈছিল । তেখেতে ১৯৫৫ চনত দিল্লীত অনুষ্ঠিত হোৱা অল ইণ্ডিয়া ৰেডিঅ’ৰ মুকলি প্রদৰ্শনী অনুষ্ঠানত বিবাহ গীত পৰিৱেশন কৰি অসমৰ সংস্কৃতিক উজ্বলায় তুলিছিল । লগতে ১৯৫৭ চনত দিল্লীত অনুষ্ঠিত হোৱা গণতন্ত্র দিৱসত নাৰ্জাৰীৰ নেতৃত্বত যোৱা সাংস্কৃতিক দল ‘বড়ো কৃষ্টি দলে’ বাগুরুমবা নৃত্য প্রদৰ্শন কৰি ভাৰতৰ ভিতৰত প্রথম স্থান দখল কৰি বড়ো আরু অসমৰ সংস্কৃতিৰ উন্নতি সাধন কৰিছিল । ইয়াৰ উপৰিও ১৯৭৬ চনত গুৱাহাটীত হোৱা ভাৰত-ছোভিয়েট মন্ত্রী সন্মিলনত বড়ো কৃষ্টি প্রদৰ্শন কৰি বড়ো সংস্কৃতিক এখোজ আগুৱাই লৈ গৈছিল । সমসাময়িক ভাৱে নাৰ্জাৰীৰ দলে ১৯৮২ চনৰ ২৯ জুলাই তাৰিখে গুৱাহাটীৰ ৰবীন্দ্র ভৱনত অনুষ্ঠিত হোৱা ‘জনজাতি লোক-নৃত্য প্রদৰ্শনী’ অনুষ্ঠানত অংশ গ্রহণ কৰি বড়ো জনজাতিৰ নাম উৎজ্জ্বল কৰিছিল । এইসমূহ মহান কর্মৰাজীৰ বাবে নাৰ্জাৰীয়ে ১৯৮২ চনত ৰাষ্ট্রীয় পৰ্যায়ৰ ‘সংগীত নাটক একাডেমী’ বটা লাভ কৰিছিল । 

 

(খ) শোভা ব্রহ্মঃ-

১৯২৯ চনৰ ১৮ অক্টোবৰ তাৰিখে কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত জন্ম গ্রহণ কৰা ড শোভা ব্রহ্ম ভাৰতৰ এজন প্রখ্যাত ভাস্কৰ্যবিদ আরু অসমৰ কলা জগতৰ পথ-প্রদৰ্শক আছিল । তেখেতে সৃষ্টিশীল জীৱনৰ দুটা লক্ষ্যৰে আগবঢ়াইছিল । প্রথমটো আছিল- অসমত চারুকলা মহাবিদ্যালয় প্রতিষ্ঠা কৰা আরু দ্বিতীয়টো আছিল- উত্তৰ পূৰ্ব্বাঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-কলা, জন জীৱন অধ্যয়ন কৰি এক সুকীয়া শিল্পধাৰাৰ সৃষ্টি কৰাতেখেতে প্রাত্যহিক জীৱনক জলাঞ্জলি দি নিজৰ চিত্র-ভাস্কৰ্যৰ সহায়েৰে জাতি-ভাষা-বর্ণ নিৰ্বিশেষে সকলোকে মিলি দেশ তথা নিজ মাতৃক উদ্ধাৰ কৰিবলৈ অনুপ্রেৰণা যোগাইছিল । দেশ-বিদেশৰ শিল্পপ্রেমীৰ মন জয় কৰিব পৰা তেওঁৰ চিত্র আরু ভাস্কৰ্যসমূহ পোন প্রথমে গুৱাহাটী জিলা পুথি ভঁৰালত ১৯৬৫ চনত প্রদৰ্শন কৰা হৈছিল । পাছত, তেওঁৰ সৃষ্টি-কলাবোৰ শ্বিলং, দিল্লী, কলকাতা, মুম্বাই, বুলগেৰিয়া, চেকোশ্ল’ভাকিয়া আদিৰ বিভিন্ন প্রান্তত প্রদৰ্শিত আরু উজ্বলি উঠিছিল । চিত্র-ভাস্কৰ্যৰ সমসাময়িক ভাৱে তেওঁ সাহিত্য ৰচনাও কৰিছিল । তেওঁ সাহিত্য জগতলৈ আগবঢ়োৱা প্রধান গ্রন্থসমাঊহ হ’ল- ‘শিল্পকলাৰ নৱপ্রজন্ম’, ‘ভাৰতীয় চিত্র কলা’, ‘লিভ-নাৰ্ভো-দ্যা-ভিজি’ আদি । সাহিত্যৰ লগতে তেখেতে নাৰীৰ ওপৰত চলা নিষ্ঠুৰতা আরু মানুহে নিজ স্বার্থ পূৰণৰ হকে প্রকৃতিৰ ওপৰত চলোৱা ধ্বংসৰ বিৰোধিতা কৰিছিল । তেখেতৰ মহান কর্ম-ৰাজিৰ বাবে অসম শিল্পী পেঞ্চন বঁটা (১৯৭৭), সদ্‌ভাৱনা বঁটা (২০০২), ললিত কলা ৰত্ন এৱাৰ্ড (২০০৭) আদি বহুতো ৰাজ্যিক আরু ৰাষ্ট্রীয় পৰ্যায়ৰ বঁটা লাভ কৰিছিল ।

 

(গ) শ্বহীদ বিনেশ্বৰ ব্রহ্মঃ-

১৯৪৯ চনৰ ২৮ ফ্রেব্রুৱাৰী তাৰিখে কোকৰাঝাৰ জিলাৰ ভাতৰমাৰী গাঁৱত জন্ম গ্রহণ কৰা শ্বহীদ বিনেশ্বৰ ব্রহ্ম এজন তীক্ষ্ণ মেধাসম্পন্ন, বুদ্ধিমত্তা, সু-চিন্তক, সমাজসেৱক, সাহিত্যিক তথা সু-সংগঠক আছিল । তেখেতে ১৯৭৩ চনত ‘হিন্দুস্তান সাৰ নিগম’ আরু ‘কৃষি সম্প্রসাৰণ বিভাগত’ চাকৰিত যোগদান কৰি জনসেৱা আগবঢ়াইছিলইয়াৰ পৰৱৰ্তী সময়ত ১৯৮০ চনৰ পৰা ভাৰতীয় খাদ্য নিগম (FCI) বিভাগত ‘Quality Control’‘Deputy Manager’, ‘Regional Officer’ আরু এজন ‘Jonal Office’Manager (Movement) হিচাপে কাৰ্য কৰি জনসমাজৰ বাবে খাদ্যৰ যোগান ধৰিছিল । সমসাময়িকভাৱে তেখেতে ১৯৯০ চনৰ পৰা ১৯৯৩ চনলৈ বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক হিচাপে আরু দুটা কাৰ্যকালৰ বাবে সভাপতি হৈ বড়ো সাহিত্য সংস্কৃতিৰ উদ্‌গনি জগাইছিল ।  লগতে তেওঁৰ মহান গ্রন্থৰাজী- ‘আই নি মাদৈ’ (কবিতা পুথি, ১৯৮৫), ‘বৰদৈসিখ্‌লা’ (কবিতা পুথি, ১৯৯৭) আরু ‘আংনি গামি ভাতাৰমাৰি’ (প্রবন্ধ সংকলন)ৰ জৰিয়তে অসম আরু বড়ো সাহিত্য সংস্কৃতিলৈ অৱদান আগবঢ়াইছিল আরু উন্নতি সাধন কৰিছিল ।

 

৭। বড়োসকলৰ দুজন পুৰোধা ব্যক্তিৰ নাম আরু তেওঁলোকৰ অৱদান সম্পর্কে লিখা ।

উত্তৰঃ বড়োসকলৰ দুজন পুৰোধা ব্যক্তি হ’ল- গুরুদেৱ কালিচৰণ ব্রহ্মা আরু বদৌফা উপেন্দ্রনাথ ব্রহ্ম ।

    কালিচৰণ ব্রহ্মদেৱে বড়োসকলৰ মাজত ব্রহ্মধর্ম প্রচাৰ কৰিছিল আরু বড়োসকলৰ সমাজ সংস্কাৰৰ গুৰি ধৰিছিল ।

    লগতে, বদৌফা উপেন্দ্রনাথ ব্রহ্মই বড়োসকলৰ শৈক্ষিক, সামাজিক আরু ৰাজনৈতিক ক্ষেত্রত বিশেষ অৰিহণা আগবঢ়াইছিল ।