Borgeet, Madhabdev, SEBA, Class 10, Assamese (MIL)

বৰগীত, ৰাগ বসন্ত, মাধৱদেৱ, নোট- দুলুমণি বৰা, সম্পাদন- পদ্মেশ্বৰ বৰা

 

Lesson Question and Answer:

 

১। চমুকৈ প্রশ্নৰ উত্তৰ দিয়াঃ

(ক) “...... নেৰিবা বান্ধৱ মোক জীৱনে মৰণে ।” – কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? (HSLC- 17 & HSLC 2016)

উত্তৰঃ শ্রী শ্রী মাধৱদেৱে বিৰচিত বসন্ত ৰাগযুক্ত বৰগীতটোত জীৱনে মৰণে নেৰিবৰ বাবে গুরুজনাই ভগৱানক অনুৰোধ কৰিছে ।

    কবিয়ে ইতিমধ্যে ভগৱানৰ চৰণত আত্মনিবেদন কৰিছে আরু তেওঁৰ চৰণতেই মুক্তিৰ প্রয়াস কৰিছে । তেওঁ সকলো ধৰণৰ পাৰ্থিৱ মোহ-আকাঙ্ক্ষা ত্যাগ কৰি ভগৱানৰ চৰণত শৰণ লোৱাৰ লগতে জীৱনে মৰণে তেওঁৰ পদপ্রান্ততেই একমাত্র আশ্রয় গ্রহণ কৰাটো অতি তাৎপৰ্য্যপূৰ্ণ বুলি গুরুজনাই উক্ত বাক্য ফাঁকি বৰগীতটোত উল্লেখ কৰিছে ।

 

(খ) ‘সনক, সনন্দ, সনাতন প্রভূতি শ্রীকৃষ্ণৰ একান্ত ভক্ত । তেওঁলোক একান্ত নাৰায়ণ-পৰায়না আরু সেয়ে সকলো সময়তে ভগৱদ চিন্তাত ব্যস্ত হৈ থাকে । ভক্তিৰ মাধ্যমেদি ভগৱদ প্রাপ্তি সম্ভৱ বাবেই এইসকল পৰম ভক্ত যোগীয়ে একান্তভাৱে ভগৱানকে ধ্যান কৰে বুলি কোৱা হৈছে ।

 

(গ) কবি কিহত আতুৰ হোৱা বুলি কৈছে ?

উত্তৰঃ কবিয়ে সাংসাৰিক দুখ তথা বিষয়-বাসনাত আতুৰ হোৱা বুলি উল্লেখ কৰিছে । বিষয়ৰ বন্ধনেই হৈছে সাংসাৰিক দুখৰ মূল কাৰণ এই দুখৰ বাবে হৰিভক্তি পৰম মহৌষধ ।

 

(ঘ) তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটো কোনে ৰচনা কৰা

উত্তৰঃ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটো মহাপুরুষ শ্রী শ্রী মাধৱদেৱৰ দ্বাৰা বিৰচিত বৰগীত ।

 

(ঙ) বৰগীতটো কি ৰাগত বন্ধা আছে? (২০১৭)

উত্তৰঃ শ্রী শ্রী মাধৱদেৱৰ বিৰচিত বৰগীতটো বসন্ত ৰাগত বন্ধা আছে ।

 

(চ) কবিয়ে ‘বান্ধৱ’ বুলি কাক সম্বোধন কৰিছে ?

উত্তৰঃ কবিয়ে ‘বান্ধৱ’ বুলি ভগৱানক সম্বোধন কৰিছে ।

 

(ছ) “মোহ পাশ” মানে কি?

উত্তৰঃ মায়া মোহেই হৈছে জাগতিক আসক্তি তথা বন্ধনৰ মূল কাৰণ । ইয়াত ‘পাশ’ শব্দই বন্ধন’ক সূচাইছে । সেয়েহে ‘মোহ পাশ’ মানে মায়াৰ বন্ধন ।

 

২। বৰগীতটো মূলভাব লিখা ।

উত্তৰঃ আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট মহাপুরুষ মাধৱদেৱ বিৰচিত ‘বসন্ত’-ৰাগযুক্ত বৰগীতটোৰ মূলভাব এনেদৰে লিখিব পাৰো-

ভক্ত কবি মাধৱদেৱে ভগৱ্নতৰ চৰণত একান্তভাৱে আত্মনিবেদন কৰি তেওঁক জীৱনে মৰণে নাৰিবৰ কাৰণে অতিশয় কাকুতি কৰিছে । ভগৱান অপাৰ মহিমা । আগম আরু নিগম প্রভূতি শাস্ত্রত ভগৱানৰ বিভিন্ন মহিমাৰ বর্ণনা দাঙি ধৰা হৈছে যদিও একান্ত ভক্তি অবিহনে ভগৱন্তৰ স্বরূপ উপলব্ধি সম্ভৱ নহয় । আনকি ব্রহ্মাদি দেৱতাসকলেও ভগৱন্তৰ প্রকৃত স্বরূপ উপলব্ধি কৰিবলৈ সক্ষম নহয় ।

    কবিয়ে কৈছে যে পাৰ্থিৱ মোহ-আকাঙ্খাই সাংসাৰিক বান্ধোনৰ প্রতি আকৰ্ষিত কৰিছে বাবেই তেওঁ উদ্ধাৰৰ পথ বিচাৰি ভগৱন্তৰ চৰণত আত্মসমৰ্পণ কৰিছে । ভক্তৰ মনোবাঞ্চা পূৰণ কৰি ভগৱন্তই কৃপা কৰিলেহে তেওঁ সাংসাৰিক মোহ মন্ধনৰ পৰা মুক্তি লাভ কৰিবলৈ সক্ষম হ’ব । সেয়ে তেওঁ ভগৱ্নতৰ চৰণত শৰণ ভিক্ষা কৰিছে ।

    বৰগীতটোৰ মাধ্যমেদি ভক্ত কবি মাধৱদেৱে ভগৱানকে উচ্চ আসনত থৈ তেওঁৰ দাসৰো দাস হৈ সংসাৰ বান্ধোনৰ পৰা মুক্তি হৈ ভগৱা্নত বিলিন হোৱাটোৱে বৰগীতটো বিৰচিত কৰাৰ মূল কাৰণ ।

 

৩। বৰগীতটি ৰচকৰ চমু পৰিচয় লিখা ।

উত্তৰঃ বৰগীতটি ৰচক হ’ল শ্রী শ্রী মাধৱদেৱ । নৱ বৈষ্ণৱ ধর্মৰ অন্যতম প্রচাৰক শ্রী শ্রী মাধৱদেৱৰ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত ১৪৮৯ চনত জন্ম হয় । তেওঁৰ পিতৃ গোবিন্দগিৰি ভূঞা আরু মাতৃ মনোৰমা । আদিতে তেওঁ শাক্ত আছিল যদিও ১৫২২ চনত বেলগুৰি সত্রত শংকৰদেৱৰ ধর্মত শৰণ লয় । তেওঁ বর্তমান বাংলাদেশত বান্দুকাত শিক্ষা গ্রহণ কৰিছিল । আহোম ৰজাৰ ৰোষত পৰি ১৫৪৬ চনত কোচবিহাৰ পায়হি । শংকৰদেৱৰ প্রিয় শিষ্য মাধৱদেৱে গুরুৰ পদাংককে অনুসৰণ কৰি বৰাদি, গণককুছি, সুন্দৰীদিয়া, ভেলাডাং আদিত ধর্ম প্রচাৰ কৰিছিল । ১৫৬৮ চনত শংকৰদেৱৰ মৃত্যুৰ পিছত সেই পন্থাৰ কাৰ্য্যভাৰ গ্রহণ কৰিছিল ।

    মহাপুরুষ মাধৱদেৱে ধর্ম প্রচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুরুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল ‘নামঘোষা’ । এহেজাৰটা ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয় । তেখেতৰ আন আন ৰচনাসমূহ হ’ল-

আখ্যানমূলক ৰচনা- ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ আদি ।

তত্ত্বমূলক ৰচনা – জন্মৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা, আদি ।

নাটক – অৰ্জুন ভঞ্জন বা দধিমথন অংকীয়া নাট, আদি ।

ঝুমুৰা – চোৰধৰা পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজনবিহাৰ আদি ।

তেওঁৰ ঝুমুৰা আরু বৰগীত অসমীয়া সাহিত্যত বিশেষ মৰ্য্যদা আছে । মহাপুরুষ শ্রীমন্ত শংকৰদেৱৰ দ্বাৰা প্রচাৰিত বৈষ্ণৱ ধর্মক সাধাৰণ মানুহৰ অধিক কাষ চপাই নিয়াৰ অর্থে মাধৱদেৱে তেওঁৰ ৰচনাৰাজিত ঘরুৱা ভাব, ভাষা ব্যৱহাৰ কৰি তাৰ জৰিয়তে জনসাধাৰণক বৈষ্ণৱ ধর্মৰ তত্ত্বসমূহ সহজে বুজি পোৱাত সহায় কৰিছিল । এইজনা মহাপুরুষে ১৫৯৬ চনত কোচবিহাৰৰ ভেলাদাংগাত ইহলীলা সম্বৰণ কৰে

 

৪। ব্যাখ্যা কৰঃ

(ক) সহস্র বয়নে যাৰ নাপাৱন্ত সীমা ।

অধমে জানিবো কেনে তোমাৰ মহিমা ।।

উত্তৰঃ উদ্ধৃত বৰগীত ফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ৰ অন্তর্গত মাধৱদেৱ বিৰচিত বসন্ত ৰাগযুক্ত বৰগীতটিৰ পৰা তুলি লোৱা হৈছে

    ভগৱানৰ মহিমা যে অপাৰ সেইকথা অৱতাৰণা কৰিবলৈ মাধৱদেৱে বৰগীতটিত উক্ত কবিতাংশ উল্লেখ কৰিছে ।

    ভগৱানৰ মহিমা অসীম । তেওঁৰ অনন্ত মহিমাৰ কথা ব্রহ্মা আদি দেৱতাৰো অজ্ঞাত । ভগৱানৰ অনন্ত মহিমাৰ কথা সাধাৰণ ভক্তৰ বাবে জনাটো অতি দূরূহ । সেইবাবেই ভক্ত কবি মাধৱদেৱে কৈছে যে যিগৰাকী স্রষ্টাই অনন্ত ব্রহ্মাণ্ডৰ সৃষ্টি কৰিছে, সৃষ্টি-স্থিতি-প্রলয়ৰ গৰাকী অনন্ত শক্তিমান, সেইগৰাকী ভগৱন্তৰ অপৰিসীম মহিমাৰ অন্ত নাই । ব্রহ্মা, মহেশ্বৰ প্রভূতি দৈৱিক গুণসম্পন্ন মহৎ লোকৰ দৃষ্টিগোচৰ নোহোৱা ঈশ্বৰৰ মহিমা সেয়েহে মাধৱদেৱৰ দৰে ভক্তৰ দৃষ্টিৰ, বোধগম্যতাৰ বাহিৰত । তেওঁৰ দৰে সাধাৰণ ভক্তৰ বাবে ভগৱানৰ মহিমা বুজাটো সেয়ে সহজ নহয় ।

    শেষত, ইয়াৰ দ্বাৰা ভগৱানৰ মহিমাৰ যে অন্ত নাই আরু এই মহিমা যে দেৱতা বা মানুহ কোনোৱেও বুজি নাপায় তাকে ভক্ত কবিয়ে উল্লেখ কৰিছে ।

 

(খ) আতুৰ ভৈলোহো হৰি বিষয় বিকলে ।

কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে ।।

উত্তৰঃ প্রশ্নোক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ৰ অন্তৰ্গত মাধৱদেৱৰ বিৰচিত বসন্ত ৰাগ যুক্ত বৰগীতটোৰ পৰা উদ্ধিত কৰা হৈছে ।

    উক্ত বৰগীত ফাঁকিৰ জৰিয়তে ভক্ত কবি গৰাকীয়ে সংসাৰ মায়া মোহত পৰি মানুহ কেনেকৈ নিজৰ পথ হেরুৱাই তাকে কব বিচাৰিছে ।

    মানুহৰ জন্মৰ লগে লগেই ছয় ৰিপু আরু বিভিন্ন প্রবৃত্তি সমূহেও জন্ম লাভ কৰেপ্রবৃত্তিসমূহ বংশানুক্রমিক আরু বয়সৰ লগে লগে ই শক্তিশালী রূপত আত্মপ্রকাশ ক্রে । কাম, ক্রোধ, লোভ, মোহ, মদ, মাৎসৰ্য প্রভূতি ৰিপুৰ তাড়নাই মানুহৰ বৈষয়িক বন্ধনৰ মূল কাৰণ । এই ৰিপুসমূহৰ প্রৰোচনাত মানুহে নানা ধৰণৰ অপকর্মত লিপ্ত হৈ কাললৈ কুখ্যাতি ৰাখে, দুখ বেদনাৰে ভাৰাক্রান্ত হয় । কবি নিজেও এনে বিষয় বন্ধনৰ পৰা মুক্ত হ’ব পৰা নাই । সেয়েহে, ভগৱানৰ ওচৰত প্রাৰ্থনা জনাইছে যাতে তেওঁৰ অভয় চৰণৰ স্থান দি কবিক বিষয় বন্ধনৰ পৰা মুক্ত কৰেৰি ভক্তিয়েই দৰাচলতে মোহ সাগৰৰ পৰা পৰিত্রাণৰ একমাত্র উপায় । কবিয়ে সেয়ে ভগৱন্তৰ চৰণত ভক্তিভাৱে আত্মসমর্পণ কৰিছে ।

    ইয়াৰ দ্বাৰা ভক্ত কবি গৰাকীয়ে ভগৱানে যে সকলো দোষ নিৰাময় উপায়, তেওঁক চিন্তিয়ে যে মানুহে সজ পথ পাব পাৰে তাকে তেওঁৰ বৰগীত ফাঁকিৰ যোগেদি উমান পোৱা গৈছে ।

 

(গ) তোমাৰ চৰণ দুই মোৰ মহা ধন ।

ভকত জনেৰ নিজ তুমিসে জীৱন ।।

উত্তৰঃ উক্ত বৰগীত ফাঁকি আমাৰ পাঠ্যপুথি সন্নিবিষ্ট ‘সাহিত্য সুবাস’ৰ অন্তর্গত মহাপুরুষ মাধৱদেৱে বসন্ত ৰাগত বিৰচিত কৰা বৰগীতটিৰ পৰা তুলি লোৱা হৈছে ।

    ইয়াৰ দ্বাৰা ভক্ত কবি গৰাকীয়ে ভগৱান যেন ভকতৰ জীৱন আরু তেওঁৰ চৰণ যোগল যেন মূল্যৱান সম্পদ তাকে উল্লেখ কৰিবলৈ গৈ উক্ত বৰগীত ফাঁকিৰ অৱতাৰণা কৰিছে ।

    সংসাৰ সাগৰৰ পৰা পৰিত্রাণ লাভৰ কাৰণে কবিয়ে একান্তভাৱে ভগৱানৰ চৰণত আত্মনিবেদন কৰিছে । তেওঁ উপলব্ধি কৰিছে যে মায়াময় সংসাৰৰ বান্ধোনৰ পৰা হাত সাৰি থাকিবলৈ হ’লে ভগৱন্তৰ দুখনি চৰণত আশ্রয় গ্রহণৰ বাহিৰে আন কোনো পথ নাই । সেয়ে তেওঁ কৈছে যে কবিৰ বাবে সকলোৰে উৰ্দ্ধত হৈছে ভগৱানৰ অভয় চৰণত শৰণ গ্রহণ । এয়ে তেওঁৰ জীৱনৰ একান্ত আকাঙ্ক্ষিত মহাধন । কবিয়ে এইবিধ সম্পদৰ বাহিৰে আরু একো নিবিচাৰেক্তৰ কাৰণে ভগৱানেই পৰম আশ্রয় । গতিকে, তেওঁৰ চৰণত আশ্রয় গ্রহণৰ বাহিৰে ভক্তই আন একোকে কামনা নকৰে

    গতিকে, উক্ত বৰগীত ফাঁকিৰ পৰা ইয়াকে বুজা গৈছে যে ভগৱানৰ বাহিৰে এই পৃথিৱীত এনে কোনো শক্তি নাই যিয়ে সংসাৰ মায়াৰ পৰা পৰিত্রাণ দিব পাৰিব । সেয়ে তেওঁ চৰণত শৰণ লোৱাই কবিৰ একমাত্র কাম্য ।

 

(ঘ) সনক সনন্দ যোগী যাহাকু ধিয়ায় ।

সকল নিগমে যাক বিচাৰি নাপায় ।  (R.G.Q.B.)

উত্তৰঃ উদ্ধৃত কথাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ৰ অন্তৰ্গত মহাপুরুষ মাধৱদেৱৰ বসন্ত ৰাগ যুক্ত বৰগীতটোৰ পৰা তুলি লোৱা হৈছে ।

    কবিয়ে ইয়াত মহা মহা যোগী সকলে যুগ যুগ ধৰি ধ্যান কৰিও যাৰ সান্নিধ্য লাভ কৰি নোৱাৰে তাকে বৰগীত ফাঁকিৰ মাধ্যমেদি প্রকাশ কৰিব বিচাৰিছে ।

    ভাৰতীয় সনাতন ধর্ম সাধনাত প্রবৃত্তি আরু নিবৃত্তি অর্থাৎ আগম আরু নিগম শাস্ত্রৰ যোগেদি সাধন পদ্ধতি নিরূপিত কৰা দেখা গৈছে । কিন্তু মুক্তিৰ বাবে দুয়োবিধ মার্গেই কষ্টসাধ্য । যোগমাৰ্গ, জ্ঞানমাৰ্গ আদিতকৈ ভক্তি মাৰ্গ প্রশস্ত । সেয়ে সনক, সনন্দ প্রভূতি একান্ত ভক্তসকলে সৰ্বান্তকৰণে ভগৱন্তক হৃদয়ত ধ্যান কৰেপৱিত্র অন্তঃকৰণেৰে ঈশ্বৰ চিন্তাৰ যোগেদিহে ভগৱন্তৰ করুণা লাভ কৰিব পাৰিযোগীসকলে ধ্যানৰ যোগেদি সম্ভেদ লাভ কৰিব নোৱৰা ভগৱন্তৰ কিন্তু ভক্তিত নিজে সন্তুষ্ট হয় । সেয়ে কবিয়ে কৈছে যে শাস্ত্রৰ জটিলতালৈ নগৈ একান্ত অন্তঃকৰণেৰে হৰিভক্তি কৰাটো বাঞ্চনীয় । অন্যথা কর্ম, যোগ, জ্ঞান প্রভূতি কষ্টসাধ্য পদ্ধতিৰে তেওঁৰ করুণাবোধ সম্ভৱ নহয় । সেইবাবে নিগম শাস্ত্রৰ যোগেদি দুৰ্লভ প্রতিপন্ন হোৱা ভগৱন্তৰ প্রতি একান্ত ভক্তিভাৱ প্রদর্শন কৰা হৈছে ।

    ইয়াৰ পৰা কবিয়ে ইয়াকে বুজাব বিচাৰিছে যে ভগৱন্তক ধ্যান কৰাতকৈ মন শুদ্ধ কৰি একান্ত ভাৱে প্রার্থনা কৰিলেই তেওঁক পাব পাৰি

 

(ঙ) কৃপাৰ সাগৰ কৃপা কৰা এক বাৰ

কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ(R.G.Q.B.)

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ৰ সন্নিবিষ্ট শ্রী শ্রী মাধৱদেৱে বিৰচিত বসন্ত ৰাগযুক্ত বৰগীতটিৰ পৰা তুলি লোৱা হৈছে ।

    ভগৱান হৈছে কৃপাৰ সাগৰ আরু তেওঁক শৰণ লৈয়েই যে মানুহৰ মায়াময় পৃথিৱীৰ পৰা ৰক্ষা পাব পাৰে তাকে ভক্ত কবিয়ে ক’বলৈ গৈ উক্ত বৰগীত ফাঁকি বৰগীতটিত উল্লেখ কৰিছে ।

    ভগৱান কৃপাৰ সাগৰতেওঁৰ কৃপাৰ অন্ত নাই । ভক্তসকলৰ একান্ত আকাঙ্ক্ষা হৈছে ভগৱৎপ্রীতি তথা ভগৱানৰ কৃপা । সেইবাবেই ভগৱানক কৃপাৰ সাগৰ আখ্যা দিয়া হৈছে । কৃপাৰ সাগৰ দৈৱকী নন্দনে সদায়েই ভক্তৰ মনোবাঞ্চা পূৰণ কৰি আছিছে । ভক্ত কবি মাধৱদেৱেও সেয়ে তেওঁৰ কৃপা ভিক্ষা কৰিছে আরু একান্ত কাতৰভাৱে প্রাৰ্থনা জনাইছে । ভগৱন্তৰ চৰণত শৰণ লওঁতাজনৰ কোনো ধৰণৰ বিপদ বিঘিনি হ’ব নোৱাৰেএয়ে ভক্তৰ আন্তৰিক বিশ্বাস । ভগৱন্তৰ পদশ্রান্তত একান্ত শৰণ গ্রহণ কৰি মহাপুরুষ মাধৱদেৱে সেয়েহে করুণাময় ভগৱন্তৰ কৃপা ভিক্ষা কৰাটো এইক্ষেত্রত তাৎপর্যপূর্ণ ।

    ইয়াৰ দ্বাৰা ভক্ত কবি গৰাকীয়ে ভক্ত সকলক যে ভগৱন্তই সদায় কৃপা কৰি অপায় অমংগল দূৰ কৰিছে তাক তেওঁ বুজাব খুজিছে ।

 

(চ) কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ ।

কহয় মাধৱ হৰি দাসকু দাস । (R.G.Q.B.)

উত্তৰঃ প্রদ্ধত বৰগীত ফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ৰ অন্তর্গত মহাপুরুষ মাধৱদেৱে বসন্ত ৰাগত বিৰচিত কৰা বৰগীতটোৰ পৰা উদ্ধিত কৰি লোৱা হৈছে ।

    ইয়াৰ দ্বাৰা ভক্ত কবি গৰাকীয়ে জগতৰ যি ছয় ৰিপুৰ তাড়নাৰ পৰা উদ্ধাৰ পাবলৈ মানুহে যে ভগৱানত শৰণ ল’ব লাগে তাকে কব বিচাৰিছে

    মানুহৰ জন্মৰ লগে লগেই ছয় ৰিপু আরু বিভিন্ন প্রবৃত্তি সমূহো জন্ম লাভ কৰেপ্রবৃত্তিসমূহ বংশানুক্রমিক আরু বয়সৰ লগে লগে ই শক্তিশালী রূপত আত্মপ্রকাশ কৰেকাম, ক্রোধ, লোভ, মোহ, মদ, মাৎসৰ্য প্রভূতি ৰিপুৰ তাড়নাই মানুহৰ বৈষয়িক বন্ধনৰ মূল কাৰণ । এই ৰিপুসমূহৰ প্রৰোচনাত মানুহে নানা ধৰণৰ অপকর্মত লিপ্ত হৈ কাললৈ কুখ্যাতি ৰাখে আরু দুখ বেদনাৰে ভাৰাক্রান্ত হয় । কবিয়ে সেইহে ভগৱানৰ চৰণত দাসৰো দাস বুলি কৈ তেওঁ যে মায়া বন্ধনৰ পৰা মুক্ত কৰি ভগৱানৰ বিচৰা পথ দেখুৱাই দিয়ে তাৰ বাবে কৃপা কৰিবলৈ ভগৱানৰ চৰণত শৰণ লৈছে ।

    গতিকে, ইয়াৰ পৰা বুজা গৈছে যে সংসাৰ মায়াবন্ধনৰ পৰা মুক্ত কৰাৰ একমাত্র পথ হৈছে ভগৱানত একান্ত চিন্তে প্রার্থনা কৰা বাহিৰে আরু একো নাই ।

 

৬। বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা ।

উত্তৰঃ বৰগীতৰ চাৰিটা লক্ষণ হ’ল এনেধৰণৰঃ-

(ক) বৰগীত ভাৰতীয় উচ্চংঙ্গ সংগীতৰ আৰ্হিত ৰচিত ।

(খ) বৰগীতসমূহ কেৱল শংকৰদেৱ আরু মাধৱদেৱে বিৰচিত কৰা

(গ) বৰগীত সমূহ সকলো ধৰণৰ পাৰ্থিৱ ভাৱনাৰ পৰা মুক্ত আধ্যাত্মিক পৰ্যায়ৰ গীত ।

(ঘ) ভাব, ভাষা আরু বিষয়বস্তুৰ ক্ষেত্রত বৰগীত সমসাময়িক অন্যান্য গীতৰ পৰা পৃথক ।

(ঙ) বৰগীতত নিৰ্দিষ্ট ৰাগ আছে ।

 

ভাষা বিষয়কঃ

১। তলত দিয়া বাক্যকেইটাৰ আধুনিক রূপ লিখাঃ

নাপাৱন্ত, কেনে, ভৈলোহো, তুমিসে, জনেৰ, কহয় ।

উত্তৰঃ

নাপাৱন্ত – নাপায় ।

কেনে – কেনেকৈ, কেনেদৰে

ভৈলোহো – হ’লো ।

তুমিসে – তুমিয়েই ।

জনেৰ – জনৰ

কহয় – কয় ।

 

২। ব্রজাৱলী ভাষাৰ বিষয়ে চমুটোকা লিখি তাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা

উত্তৰঃ মহাপুরুষ শংকৰদেৱ মাধৱদেৱ আদিয়ে সাহিত্য ৰচনাত ব্যৱহাৰ কৰা ভাষাটো যদিও পুৰণি অসমীয়া ভাষা, বৰগীত আরু অংকীয়া নাটকত ব্যৱহাৰ কৰা ভাষাটো কাব্যৰ ভাষাৰ পৰা কিছু পৃথক । কোনো কোনো পণ্ডিতে ইয়াক কৃত্রিম সাহিত্যিক ভাষা বুলিও অভিহিত কৰিছে ।

    সেই সময়ত শ্রীকৃষ্ণৰ লীলা মাহাত্ম্য প্রয়োগৰ কাৰণে অসম, বঙ্গ, উৰিষ্যা প্রভূতিৰ কবিসকলে যিটো সাহিত্যক ভাষা ব্যৱহাৰ কৰিছিল, তাক ব্রজাৱলী ভাষা বোলা হৈছে যদিও পশ্চিমা হিন্দীৰ অপভ্রুংশ ব্রজভাষাৰ সৈতে ইয়াৰ কোনো সম্পর্ক নাই । মৈথেলী ভাষাহে ইয়াৰ মূল ভেটি । অৱশ্যে মৈথেলী ভাষাৰ লগতে ভোজপুৰী, উৰিয়া, বাংলা, পুৰণি অসমীয়া, নেৱাৰী প্রভূতি বিভিন্ন ভাষাৰ শব্দাৱলীৰ সংমিশ্রণত এই ভাষাটোৰ সৃষ্টি হৈছে । মধ্যযুগত এই ভাষা সমগ্র উত্তৰ-পূব ভাৰতত জনপ্রিয় আছিল । মৈথেলী কবি বিদ্যাপতিয়ে তেওঁৰ অনুপম শব্দাৱলীৰ মাধ্যমেদি এই ভাষাটোক জনপ্রিয় কৰি গৈছিল । পৰৱৰ্তী কালৰ বৈষ্ণৱ কবিসকলে সাহিত্য ৰচনাৰ বাবে এই জনপ্রিয় ভাষাটোকেই আৰ্হি হিচাপে গ্রহণ কৰা বুলি কোনো পণ্ডিতে মত প্রকাশ কৰা দেখা যায় ।

    ব্রজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল-

(ক) ব্রজাৱলী এক প্রকাৰৰ কৃত্রিম সাহিত্যিক ভাষা ।

(খ) পশ্চিমা হিন্দ্রী অপভ্রুংশ ব্রজভাষাৰ সৈতে এই ভাষাৰ কোনো সম্পর্ক নাই ।

(গ) ব্রজাৱলী ভাষাৰ মূল ভেটি মৈথিলী আরু মধ্যযুগত এই ভাষাক কেন্দ্র কৰি কৃষ্ণলীলা বিষয়ক ভালেমান গীত-পদ ৰচিত হৈছিল ।

(ঘ) ব্রজাৱলী ভাষাত মৈথিলী, ভোজপুৰী, উৰিয়া, হিন্দী, পুৰণি অসমীয়া প্রভূতি শব্দৰ প্রয়োগ দৃষ্টিগোচৰ হয় ।

 

R.G. Question Bank:

অতিৰিক্ত প্রয়োজনীয় প্রশ্নাৱলী

A.অতি চমু প্রশ্নাৱলী  মূল্যাংকঃ ১ নম্বৰকৈ

 

৩। মাধৱদেৱৰ জন্মস্থান কি?

উত্তৰঃ ১৪৮৯ চনত জন্মগ্রহণ কৰা মাধৱদেৱৰ জন্মস্থান হ’ল লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত ।

 

৪। মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান ?

উত্তৰঃ মাধৱদেৱৰ ভনিতা থকা মুঠ ১৫৭ টা বৰগীত পোৱা যায় । ইয়াৰ উপৰি ভাব আরু ভাষালৈ লক্ষ্য কৰি মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতত সংখ্যা নকুৰি এঘাৰটা বুলি পণ্ডিতসকলে অনুমান কৰিছে ।

 

৫। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলিলে কোনখন পুথিক বুজায়?

উত্তৰঃ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলিলে ‘নামঘোষা’ পুথিক বুজায় । এহেজাৰটা ঘোষা থকা বাবে ইয়াক হেজাৰী ঘোষা বোলা হয় ।

 

মাধৱদেৱৰ ক’ত মৃত্যু হৈছিল?

উত্তৰঃ মাধৱদেৱৰ মৃত্যু হৈছিল ১৫৯৬ চনত কোচবিহাৰৰ ভেলাদাংগাত হৈছিল ।

 

৭। মাধৱদেৱ বিৰচিত কাব্যখনৰ নাম কি?

উত্তৰঃ মাধৱদেৱ বিৰচিত কাব্যখনৰ নাম হ’ল- ৰাজসূয় কাব্য ।

 

৮। মহাপুরুষ মাধৱদেৱে শিক্ষা জীৱন ক’ত আৰম্ভ কৰে?

উত্তৰঃ ৰাজেন্দ্র অধ্যাপকৰ অধীনত তেওঁৰ টোলত মহাপুরুষ মাধৱদেৱে শিক্ষা জীৱন আৰম্ভ কৰে

 

৯। মাধৱদেৱ কোনজন গুরুৰ প্রিয়তম শিষ্য আছিল ?

উত্তৰঃ মাধৱদেৱ শ্রীমন্ত শংকৰদেৱ গুরুজনাৰ প্রিয়তম শিষ্য আছিল ।

 

১০। মাধৱদেৱে ক’ত সত্র স্থাপন কৰে?

উত্তৰঃ মাধৱদেৱে বৰাদি, গণককুছি, সুন্দৰীদিয়া, মধুপুৰ ইত্যাদি বিভিন্ন স্থানত সত্র স্থাপন কৰে

 

১১। ‘নামঘোষা’ক আরু কি নামেৰে জনা যায়?

উত্তৰঃ ‘নামঘোষা’ক আরু ‘হাজাৰী’ ঘোষা নামেৰে জনা যায় ।

 

১২। ‘অৰ্জুন ভঞ্জন’ নাটকখন কোনে ৰচনা কৰিছিল ?

উত্তৰঃ ‘অৰ্জুন ভঞ্জন’ নাটকখন মাধৱদেৱে ৰচনা কৰিছিল ।

 

১৩। মাধৱদেৱৰ বৰগীতৰ মাজেৰে কি ভাব প্রকাশ পাইছে ?

উত্তৰঃ মাধৱদেৱৰ বৰগীতৰ মাজেৰে বাৎসল্য, দাস্য আরু সাম্যভাবৰ প্রকাশ পাইছে ।

 

১৫বৰগীতটিত কবিয়ে কাৰ চৰণত শৰণ লব বিচাৰিছে ?

উত্তৰঃ বৰগীতটিত কবিয়ে ভগৱানৰ চৰণত শৰণ লব বিচাৰিছে । 

 

১৬। “কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ” – “ছোড়” শব্দৰ অর্থ লিখা ।

উত্তৰঃ এই কবিতাংশত থকা “ছোড়” শব্দৰ অর্থ হৈছে- ছিঙি দিয়া ।

 

১৮। শব্দার্থ লিখাঃ

উত্তৰঃ

যাহাকু – যিজনক ।

নিগমে – নিগম শাস্ত্র ।

ধিয়ায় – ধ্যান কৰে

বয়নে – মুখেৰে

বিষয়-বিকলে – সাংসাৰিক দুখ, বিষয় বাসনাত কাতৰ

শৰণ – আশ্রয় ।

ছোড় – ছিঙি দিয়া ।

মোহ-পাশ – মায়াৰ বন্ধন ।

চৰণ – ভৰি

কৃপাৰ – দয়াৰ

মহাধন – মূল্যবান সম্পদ ।

 দাসকু দাস –দাসৰো দাস ।

বান্ধৱ – বন্ধু ।

উদ্ধাৰ – ৰক্ষা কৰা

কৃপাৰ সাগৰ – দয়াৰ সাগৰ, দয়ালু ।

 

B. চমু প্রশ্নাৱলীঃ মূল্যাংক ২/৩ নম্বৰকৈ

১। মাধৱদেৱৰ পিতৃ–মাতৃৰ নাম কি আছিল ?

উত্তৰঃ মাধৱদেৱৰ পিতৃ আছিল গোবিন্দগিৰী ভূঞা আরু মাতৃ মনোৰমা ।

 

২। মাধৱদেৱে ক’ত ক’ত ধর্মপ্রচাৰ কৰিছিল?

উত্তৰঃ শংকৰদেৱৰ প্রিয় শিষ্য মাধৱদেৱে গুরুৰ পদাংককে অনুকৰণ কৰি বৰাদি, গনককুছি, সুন্দৰীদিয়া, ভেলাডাংগা আদিত সত্র স্থাপন কৰি ধর্ম প্রচাৰ কৰিছিল ।

 

৩। মাধৱদেৱে ৰচনা কৰা দুখন নাটকৰ নাম লিখা ।

উত্তৰঃ মাধৱদেৱে ৰচনা কৰা দুখন নাটকৰ নাম হ’ল-

(ক) অৰ্জুন ভঞ্জন আরু (খ) দধিমথন ।

 

৪। মাধৱদেৱে ৰচনা কৰা তত্ত্বগধুৰ ৰচনা সমূহ কি?

উত্তৰঃ মাধৱদেৱে ৰচনা কৰা তত্ত্বগধুৰ ৰচনা সমূহ হ’ল- জন্মৰ ৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা আদি ।

 

৫। মাধৱদেৱৰ বৰগীতৰ দুটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা

উত্তৰঃ মাধৱদেৱৰ বৰগীতৰ দুটা প্রধান বৈশিষ্ট্য হৈছে-

(ক) বাৎসল্য ভাব প্রকাশক আরু

(খ) চোৰ, চাতুৰী, খেলন, জাগন আদি মূল বিষয়বস্তুৰ প্রকাশ ।  

 

৬। “আতুৰ ভৈলোহো হৰি বিষয় বিকলে ।” – ইয়াত বিষয় বিকলে মানে কি বুজাইছে?

উত্তৰঃ প্রশ্নোক্ত বাক্য ফাঁকিত বিষয়-বিকলে মানে ছয় ৰিপুক বুজাইছে । মানুহৰ জন্মৰ লগে লগে ৰিপু আরু প্রবৃত্তিসমূহে জন্ম লাভ কৰেপ্রবৃত্তিসমূহ বংশানুক্রমিক আরু বয়সৰ লগে লগে ই শক্তিশালী রূপত আত্মপ্রকাশ কৰেএই ছয় ৰিপু হৈছে- কাম, ক্রোধ, লোভ, মোহ, মদ আরু মাৎসৰ্য, এই প্রভূতি ৰিপুৰ তাড়নাত মানুহে প্রকৃত পথ পাহৰি পায় আরু ইয়াৰ পৰা পৰিত্রানৰ একমাত্র ভগৱানৰ চৰণত শৰণ লোৱাৰ বাহিৰে একো নাই বুলি কবি, শ্রী শ্রী মাধৱদেৱে ব্যক্ত কৰিছে ।

 

৭। “তোমাৰ চৰণ দুই মোৰ মহা ধন ।”- ইয়াত ‘মহাধন’ মানে কি?

উত্তৰঃ উক্ত কবিতাংশত উল্লেখ কথা ‘মহাধন’ মানে হৈছে মূল্যবান সম্পদ । সংসাৰ সাগৰ পাৰ হবৰ বাবে কবিয়ে ভগৱানৰ চৰণত আত্মনিবেদন কৰিছে । তেওঁ উপলব্ধি কৰিছে যে মায়াময় সংসাৰৰ বান্ধোনৰ পৰা হাত সাৰিবলৈ ভগৱানৰ মূল্যবান সম্পদ দুই চৰণ আছে আরু এই পৃথিৱীত একো নাই বুলি ভক্ত কবি, মাধৱদেৱে উল্লেখ কৰিছে ।

 

৮। “কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ ।”- ইয়াত কি মোহপাশৰ কথা কৈছে?

উত্তৰঃ বৰগীত ফাঁকিৰ যোগেদি ভক্ত কবি, শ্রী শ্রী মাধৱদেৱে এই পৃথিৱীৰ মানুহ বোৰে জন্মৰ লগে লগে ছয় ৰিপু আরু প্রবৃত্তিসমূহৰ দ্বাৰা আবদ্ধ হয় আরু এই ৰিপু আরু প্রবৃত্তিসমূহ বংশানুক্রমিক আরু বয়সৰ লগে লগে অধিক শক্তিশালী হৈ পৰেএই ছয় ৰিপুসমূহৰ ভিতৰত- কাম, ক্রোধ, লোভ, মোহ, মদ, মাৎসৰ্য, প্রবৃত্তি তাড়নাকে মোহপাশ বুলি কৈছে ।

 

৯। “কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ ।

কহয় মাধৱ হৰি দাসকু দাস ।” – পদফাঁকিৰ জৰিয়তে বক্তাৰ কেনে মনোভাব প্রকাশ পাইছে ।

উত্তৰঃ পদফাঁকিৰ জৰিয়তে বক্তাৰ অর্থাৎ ভক্ত কবি, শ্রী শ্রী মাধৱদেৱে ভগৱানকে (বা নাৰায়ণক) কৃপা কৰিব কৈছে । তেওঁৰ দাসৰো দাস হৈ ভগৱানৰ অভয় চৰণত শৰণ লৈছে যাতে এই সংসাৰৰ ছয় ৰিপু আরু প্রবৃত্তিসমূহৰ তাড়নাৰ পৰা আতৰি (ছোড় মোহ পাশ) ভগৱানৰ সৈতে বিলিন হ’ব পাৰে । 

 

১০। শংকৰদেৱ আরু মাধৱদেৱে কিমানটাকৈ বৰগীত ৰচনা কৰিছিল ?

উত্তৰঃ শংকৰদেৱে ‘বাৰকুৰি’ (১২  x ২০ = ২৪০ টা) বৰগীত ৰচিছিল যদিও বর্তমান একুৰি চৈধ্যতা (৩৪ টা) হে পোৱা গৈছে ।

    মাধৱদেৱৰ ভনিতা থকা মুঠ ১৫৭ টা বৰগীত পোৱা যায় ইয়াৰ উপৰি ভাব আরু ভাষালৈ লক্ষ্য কৰি মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা নকুৰি এঘাৰটা (১৯১ টা) বুলি পণ্ডিত সকলে অনুমান কৰিছে ।

 

C. ৰচনাধর্মী প্রশ্নাৱলীঃ মূল্যাংক ৪/৫ নম্বৰকৈ

৪। বৰগীতৰ সংজ্ঞা দাঙি ধৰি ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা

উত্তৰঃ অসমত নৱ-বৈষ্ণৱ ভক্তি ধর্ম প্রচাৰৰ উদ্দেশ্যে ভাৰতীয় উচ্চাঙ্গ সঙ্গীতৰ আৰ্হিত মহাপুরুষ শ্রীমন্ত শংকৰদেৱ আরু শ্রী শ্রী মাধৱদেৱে চৈধ্য প্রসঙ্গৰ উপযোগীকৈ এক শ্রেণীৰ আধ্যাত্মিক গীত ৰচনা কৰিছিল । ব্রজবুলি ভাষাত ৰচিত এই বিশেষ আধ্যাত্মিক গীত সমূহকেই বৰগীত আখ্যা দিয়া হয় ।

    বৰগীত মহাপুরুষদ্বয়ৰ দ্বাৰা ৰচিত আধ্যাত্মিক গীত । সেয়ে, কোনো ধৰণৰ পাৰ্থিৱ বিষয় ইয়াত অনুপস্থিত । আধ্যাত্মিক ভাব, ব্রজবুলি ভাষা আরু আধ্যাত্মিক প্রেম তথা একনিষ্ঠ ভক্তিৰ ভাবনাই বৰগীতৰ অন্তর্নিহিত বিষয় । বৰগীতসমূহ সকলো ধৰণৰ পাৰ্থিৱ প্রেম-কলহৰ পৰা মুক্ত, আধ্যাত্মিক পৰ্যায়ৰ গীত । ভগৱান শ্রী কৃষ্ণ বা শ্রী ৰামচন্দ্রৰ রূপ, গুণ, ঐশ্বৰ্য আরু অপৰিসীম শক্তিৰ প্রকাশ এই গীতসমূহত লক্ষ্য কৰা যায় । মহাপুরুষ শংকৰদেৱে মুঠ ৩৪ টা আরু মাধৱদেৱে ১৫৭ টা বৰগীত ৰচনা কৰেগতিকে, দুয়ুজনৰ সর্বমুঠ গীতৰ সংখ্যা ১৯১ টা ।

    বৰগীতসমূহ উচ্চ মান্যবিশিষ্ট, আধ্যাত্মিক ভাবসম্পন্ন আরু ভাৰতীয় উচ্চাঙ্গ সঙ্গীতৰ আৰ্হিত ৰচিত । অৱশ্যে তেৱাসৱে নিজে গীতবোৰক ক’তো বৰগীত  বুলি লিখি থৈ যোৱা নাই । হয়তো পিছৰ ভকতসকলে শংকৰদেৱ-মাধৱদেৱৰ গীতসমূহৰ শ্রেষ্ঠত্ব বুজাবলৈ ‘বৰগীত’ (বৰ অর্থত- বৰপীৰা) আখ্যা দিছে । ড বাণীকান্ত কাকতিয়ে বৰগীতসমূহক ‘Noble Numbers’ আরু কালিৰাম মেধিয়ে- ‘Songs Celestial’ আখ্যা দিছে । মুঠতে বৰগীত হ’ল শংকৰদেৱ আরু মাধৱদেৱৰ এক অপূর্ব সৃষ্টি ।

    বৰগীতসমূহৰ বৈশিষ্ট্যসমূহ তলত দিয়া ধৰণে উল্লেখ কৰিব পারোঃ

(ক) ভাষাঃ

বৰগীতসমূহৰ ভাষা মূলত ব্রজাৱলী । অৱশ্যে ঠায়ে ঠায়ে সংস্কৃত আরু কামরূপী শব্দৰো প্রয়োগ মনকৰিবলগীয়া ।

 

(খ) সংযমঃ

বৰগীতৰ প্রকাশ ৰীতিৰ সংযমতা দেখা যায় ।

 

(গ) ৰাগঃ

    বৰগীতসমূহ নিৰ্দিষ্ট ৰাগত গোৱা হয় । এই ৰাগবোৰ শাস্ত্রীয় ৰীতিৰ আধাৰত প্রতিষ্ঠিত, বিশেষকৈ ৰাগ- ধনশ্রী, আসোৱাৰী, ভটিয়ালী, বসন্ত আদি ।  

 

(ঘ) আধ্যাত্মিকতাঃ

    আধ্যাত্মিকতা ভাবৰ প্রাধান্যতা বৰগীতৰ আন এক উল্লেখযোগ্য বৈশিষ্ট্য । ভক্তি ৰসৰ অনুভূতি সৃষ্টি কৰিব পৰাটোৱে আধ্যাত্মিকতা ।

 

(ঙ) ভাবঃ

    বাৎসল্য, শান্ত আরু দাস্য ভাবৰ প্রকাশ বৰগীতৰ মূল বৈশিষ্ট্য ।

 

(চ) বিষয়বস্তুঃ

    বৰগীতসমূহত ৬ প্রকাৰ বিষয়বস্তু দেখা যায় । সেয়া হৈছে- অৱতাৰী লীলা, বিৰহ, পৰামৰ্থ, সংসাৰৰ প্রতি বিৰাগ, চৌৰ্য্য আরু জাগৰণ, খেলন নৃত্য আদি ।

    শংকৰদেৱৰ বৰগীতসমূহৰ প্রায় ভাগেই পৰমাৰ্থিক বিষয়ৰ আরু মাধৱদেৱৰ বৰগীত সমূহৰ প্রায় ভাগেই চোৰ, চাতুৰী, খেলন, জাগন, আদি বিষয়ৰ

 

Marking Question:-

 

১। মাধৱদেৱে ক’ত শংকৰদেৱৰ সৈতে মিলিত হয় ?

উত্তৰঃ মাধৱদেৱে শংকৰদেৱৰ সৈতে ধুৱাহাট বেলগুৰিত মিলিত হয় ।

 

২। মাধৱদেৱৰ বৰগীতৰ মূল ৰস কি?

উত্তৰঃ ‘দাস্যমূলক ভক্তিৰস’ মাধৱদেৱৰ বৰগীতৰ মূল ৰস ।

 

৩। মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা কেইখন কি কি?

উত্তৰঃ মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা কেইখন হ’ল- চোৰধৰা, পিম্পৰা গুছোৱা, ভোজন বেহাৰ, ভূমি লুটিয়া ইত্যাদি ।

 

৪। মাধৱদেৱৰ দ্বাৰা প্রনীত তত্ত্বমূলক গ্রন্থ কি কি?

উত্তৰঃ মাধৱদেৱৰ দ্বাৰা প্রনীত তত্ত্বমূলক গ্রন্থ কেইখন হ’ল- জন্মৰহস্য, নামমালিকা আরু ভক্তি ৰত্নাৱলী

 

চমু উত্তৰ লিখাঃ-

১। আমাৰ সংগীতৰ প্রাচীন ইতিহাস কেতিয়াৰ পৰা আৰম্ভ হৈছে?

উত্তৰঃ অসমীয়া সংগীতৰ ইতিহাস অতি প্রাচীন । প্রাক্‌শংকৰী যুগৰ বহু পূর্বতেই অসমীয়া লোক সংগীতে বিভিন্ন দিশত প্রকাশ লাভ কৰে

 

২। অসমত সংগীতৰ প্রাচীনত্বৰ নি নিদর্শন ক’ত পোৱা যায় ?

উত্তৰঃ অসমৰ বিভিন্ন স্থানত আৱিষ্কৃত ভগ্নাৱশেষ, স্থাপত্য আদিত নৃত্যৰ মুদ্রা আরু বিদ্যাধৰীৰ মূৰ্ত্তি পোৱা গৈছে ।

 

৩। নাটঘৰ প্রতিষ্ঠা কিয় কৰা হৈছে ?

উত্তৰঃ পুৰণি মন্দিৰবোৰৰ সৈতে নৃত্য-গীত অভিনয়ৰ কাৰণে একোটাকৈ নাটঘৰ প্রতিষ্ঠা কৰা হৈছিল । এই নাটঘৰবোৰে ৰজাঘৰীয়া পৃষ্ঠপোষকতা লাভ কৰিছিল । অসমৰ ভালেমান প্রাচীন মঠ মন্দিৰত নিয়মিতভাৱে নৃত্য-গীতৰ চর্চা হৈছিল ।

 

৪। অসমৰ ওজাপালিৰ ঐতিহ্য কেতিয়াৰ?

উত্তৰঃ অসমত ওজাপালিৰ ঐতিহ্য অতি প্রাচীন । এই পৰম্পৰা প্রাক্‌শংকৰী যুগৰে পৰা অসমত প্রচলিত হৈ আহিছে ।

 

৫। চৰ্যা গীতৰ সৈতে বৰগীতৰ সাদৃশ্য কোনখিনিত?

উত্তৰঃ চৰ্যাগীতসমূহে দৰাচলতে প্রতীকধর্মী ভাষাত ৰচিত ধর্ম সাধনৰ গীত । এই গীতৰ ভাব আরু বিষয়বস্তুৰ সৈতে শংকৰদেৱ-মাধৱদেৱ বিৰচিত বৰগীতৰ যথেষ্ট সাদৃশ্য আছে ।

 

৬। চৰ্যাগীত আরু গীতি ৰামায়নৰ সৈতে বৰগীতৰ কোন দিশত সাদৃশ্য পৰিলক্ষিত হয় ?

উত্তৰঃ চৰ্যাগীতত থকা ভালেমান ৰাগ বৰগীততো সন্ঢালনীভাৱে পোৱা যায় । চৰ্যাগীতত সন্নিবিষ্ট ৰাগৰ ভিতৰত পটমঞ্জৰী, গবড়া, অরু, গুৰ্জৰী, গঞ্জৰ, কচু গুঞ্জৰী প্রভূতি ৰাগ বৰগীততো আছে । শংকৰদেৱৰ সমসাময়িক কবি দুৰ্গাবৰ বিৰচিত গীতিৰামায়নতো বিভিন্ন ৰাগ সন্নিবিষ্ট হৈছে ।  গতিকে অসমৰ ৰাগ সংগীতৰ ইতিহাস যথেষ্ট পুৰণি ।

 

৭। বৰগীতত শাস্ত্রীয় আরু থলুৱা ৰাগৰ সমন্বয় কেনেদৰে ঘটিছে ?

উত্তৰঃ শংকৰদেৱ আরু মাধৱদেৱ বিৰচিত বৰগীতত সন্নিবিষ্ট ৰাগসমূহে ভাৰতীয় ৰাগ-তালৰ সৈতে সাদৃশ্য থাকিলেও বৰগীতৰ সুৰত কিছু থলুৱা সুৰৰ প্রভাৱ দেখা যায় । বৰগীতৰ কেইবাটাও ৰাগত পৰম্পৰাগত থলুৱা সুৰৰ প্রভাৱ দেখা যায় । বৰগীতৰ কেইবাটাও ৰাগত পৰম্পৰাগত থলুৱা সংগীতৰ লগে লগে চৰ্যাত ব্যৱহৃত সুৰৰ সাদৃশ্য দেখা যায় ।

 

৮। বৰগীতসমূহ কেনেদৰে পৰিবেশন কৰা হয় ?

উত্তৰঃ ভাৰতীয় সংগীত শাস্ত্রৰ নীতি অনুসৰি বৰগীতসমূহ নিৰ্দ্ধাৰিত ৰাগ অনুসৰি পৰিবেশন কৰা হয় ।

 

৯। অসমৰ থলুৱা সংগীতে কেতিয়াৰে পৰা ৰাজপৃষ্ঠপোষকতা লাভ কৰে?

উত্তৰঃ স্বর্গদেউ রুদ্রসিংহৰ সময়ৰে পৰাই অসমৰ থলুৱা সংগীতে ৰজাঘৰীয়া পৃষ্ঠপোষকতা লাভ কৰিবলৈ সক্ষম হয় । রুদ্রসিংহ নিজে এগৰাকী সংগীত অনুৰাগী আছিল আরু তেওঁ গীতো ৰচনা কৰিছিল ।

 

১০। কেতিয়াৰে পৰা অসমত নৃত্য-গীত চর্চাৰ কাৰণে অনুকূল পৰিবেশৰ সৃষ্টি হয় ?

উত্তৰঃ আহোম ৰজাৰ ৰাজত্বকালতে নৃত্য-গীত চর্চাৰ বাবে এক অনুকূল পৰিবেশৰ সৃষ্টি হৈছিল । প্রায়বোৰ প্রাচীন মন্দিৰৰ লগতে নৃত্য-গীতচর্চাৰ কাৰণে একোটাকৈ নাটঘৰ প্রতিষ্ঠা কৰা হৈছিল ।

 

১১রুদ্রসিংহই কোনবিধ সংগীতৰ প্রতি পৃষ্ঠপোষকতা আগবঢ়াইছিল ?

উত্তৰঃ রুদ্রসিংহই ভাৰতীয় শাস্ত্রীয় সংগীতৰ লগে লগে সত্রীয়া মুলৰ বৰগীত, নৃত্য আরু অংকীয়া নাট অভিনয়ৰ বাবেও পৃষ্ঠপোষকতা আগবঢ়াইছিল । তেওঁ ভাৰতৰ বাহিৰলৈ গৈ হিন্দুস্থানী সংগীতৰ প্রশিক্ষণ লবৰ কাৰণে নট-নটী পঠিয়াইছিল । লগতে ভাৰতীয় সংগীতৰ ওস্তাদৰ হতুৱাই থলুৱা মানুহক সংগীতৰ জ্ঞান লাভ কৰিবলৈ উৎসাহিত কৰিছিল ।

 

 

১১। কোনজন স্বর্গদেৱে সংগীতৰ উৎকর্ষত সর্বাধিক অৱদান আগবঢ়াইছিল ?

উত্তৰঃ অসমৰ সংগীতৰ উৎকর্ষ সাধৰনৰ ক্ষেত্রত স্বর্গদেৱ রুদ্রসিংহৰ অৱদান সবাতোকৈ অধিক । তেওঁৰ দিনতেই ভাৰতীয় শাস্ত্রীয় সংগীত আরু থলুৱা লোক সংগীতৰ বিকাশৰ কাৰণে পৃষ্ঠপোষকতা আগবঢ়োৱা হয় ।

 

১২। কোনে শাস্ত্রীয় পৰম্পৰাৰ নৃত্যধাৰাক জনপ্রিয় কৰিছিল ?

উত্তৰঃ মহাপুরুষ শংকৰদেৱে শাস্ত্রীয় পৰম্পৰাৰ নৃত্যধাৰাক জনপ্রিয় কৰি তোলাৰ বাবে বিশেষ চেষ্টা কৰিছিল । এই নাচবোৰৰ ভিতৰত চালিনাচ, সূত্রধাৰী নাচ, কৃষ্ণ নাচ, নটুৱা নাচ আদি উল্লেখযোগ্য ।

 

১৩। বৰগীতৰ মূলবস্তু কি?

উত্তৰঃ ৰাগ বৰগীতৰ মূল বস্তু । শুদ্ধ রূপে প্রয়োগৰ অবিহনে বৰগীতৰ স্বরূপ ফুটি নুঠে ।

 

১৪। বৰগীতৰ মূলবস্তু কি?

উত্তৰঃ ৰাগ বৰগীতৰ মূল বস্তু । শুদ্ধরূপে প্রয়োগৰ অবিহনে বৰগীতৰ স্বরূপ ফুটি নুঠে ।

 

১৫। বৰগীতৰ অন্তৰ্নিহিত সাৰতত্ত্ব কি?

উত্তৰঃ বৰগীত সাংসৰিক প্রেম কাহিনীৰ পৰা মুক্ত, সম্পূর্ণ আধ্যাত্মিক উপাসনা প্রসঙ্গৰ গীত । তদুপৰি ই মহাপুরুষৰ দ্বাৰা ৰচিত হ’ব লাগিব ।

 

১৬। বৰগীত সম্পর্কে কি প্রবাদ প্রচলিত আছে? মহাপুরুষৰ ৰচিত গীতৰ সংখ্যা কিমান ?

উত্তৰঃ আমাৰ সমাজত ‘বাৰকুৰি বৰগীত তেৰকুৰি ফকৰা’ বুলি এটি প্রবাদ প্রচলিত হৈ আহিছে যদিও শংকৰ মাধৱৰ মুঠ গীতৰ সংখ্যা ১৯১ হৈছে ।

 

১৭। কথাগুরু চৰিত্রত বৰগীত ৰচনা সম্পর্কে কি উল্লেখ আছে ?

উত্তৰঃ শংকৰদেৱে প্রথমবাৰ তীর্থযাত্রাৰ পৰা উভতি আহি ‘মন মেৰি ৰাম চৰনেহি লাগু’ শীৰ্ষক বৰগীতটি ৰচনা কৰা বুলি কথাগুরুচৰিত্রত উল্লেখ কৰা হৈছে ।

 

১৮। শংকৰদেৱৰ বৰগীতত কি কি ভাবৰ সমাবেশ ঘটিছে?

উত্তৰঃ শংকৰদেৱৰ বৰগীতসমূহত বিবিধ ভাবৰ সমাহাৰ লক্ষ্য কৰা যায় । জ্ঞান আরু ভক্তিযোগৰ লগে লগে তেওঁৰ গীতত বাৎসল্য, দাস্য, সম্য, প্রভূতি বিবিধ ভাবৰ সমাহাৰ ঘটিছে ।

 

১৯। শংকৰদেৱৰ বৰগীতিত কি কি ৰাগ উল্লেখিত হৈছে?

উত্তৰঃ শংকৰদেৱৰ বৰগীতিত আশোৱাৰী, নাটমল্লাৰ, ধনশ্রী, গৌৰী, শ্রী, কেদাৰ, সুহাই, বসন্ত, মাউৰ, ভূপালী অহিৰ, কল্যাণ, ভুড় বসন্ত প্রভূতি ৰাগত উল্লেখ পোৱা যায় ।

 

২০। বৰগীতত কোনবোৰ দিশ প্রতিফলিত হৈছে?

উত্তৰঃ বৰগীতসমূহ শংকৰদেৱ আরু মাধৱদেৱৰ কবিত্ব শক্তিৰ জলন্ত নিদর্শন । সাংসাৰিক বিষয় ভোগৰ প্রতি অনাস্থা, যাগ-যজ্ঞ, পূজা-পাতল, তপ-জপৰ অসাৰতা আরু জীৱন-যৌৱনৰ ক্ষণস্থায়িত্বৰ লগতে ভগৱানৰ ওচৰত আত্ম সমৰ্পণৰ ভাব বৰগীতসমূহত সন্নিবিষ্ট হৈছে ।

 

২১। বৰগীত আরু বিদ্যাপতি চণ্ডীদাসৰ পদাৱলীৰ মাজত পার্থক্য কোনখিনিত?

উত্তৰঃ বিষয়বস্তুৰ গাম্ভীৰ্য আরু প্রকাশভঙ্গীৰ সংযম বৰগীতসমূহৰ মনকৰিবলগীয়া বৈশিষ্ট্য । বৰগীতত বিদ্যাপতি চণ্ডীদাসৰ গীতসমূহৰ দৰে ৰাধা-কৃষ্ণৰ অবৈধ প্রণয়ৰ চিত্র নাই, তাৰ পৰিৱৰ্তে ভক্ত আরু ভগৱানৰ আধ্যাত্ম সম্পর্কৰ কথাহে আছে ।

 

২২। বৰগীতত কেনে ভাবৰ মর্মস্পর্শী চিত্রণ লক্ষ্য কৰা যায় ?

উত্তৰঃ বৰগীতসমূহ মগাপুরুষদ্বয়ৰ কাব্যিক আরু সাহিত্যিক প্রতিভাৰে উল্লেখযোগ্য নিদৰ্শন । বৰগীতত কবিৰ ভগৱন্তৰ প্রতি ভক্তি বিগলিত হৃদয়েৰে কৰা একান্ত প্রার্থনা । পৰমজনৰ ওচৰত আত্মসমর্পণৰ সুৰ, জীৱন-যাতনাৰ পৰামুক্তি পাবলৈ কৰা আবেগময়ী প্রার্থনাৰ অতি মর্মস্পৰ্শী চিত্র অংকিত হৈছে ।

 

২৩। অন্যান্য সমসাময়িক গীতিকাৰৰ গীতসমূহক কি আখ্যা দিয়া হৈছে?

উত্তৰঃ শংকৰদেৱ আরু মাধৱদেৱক অনুসৰণ কৰি সমসাময়িক বৈষ্ণৱ গীতিকাৰ সকলে একে ষ্টাইলত ৰচনা কৰা গীতসমূহক বৰগীত আখ্যা দিয়া নহয়, সেইবোৰক গীতহে আখ্যা দিয়া হয় ।

 

২৪। অঙ্কৰ গীত কি?

উত্তৰঃ অংকীয়া নাটসমূহত সন্নিবিষ্ট গীতবৰক অংকৰ গীত বোলা হৈছে । 

 

২৫। বৰগীতৰ ৰাগসমূহ ক’ত এতিয়াই ব্যৱহৃত হৈ আছে ?

উত্তৰঃ শংকৰদেৱ আরু মাধৱদেৱৰ বৰগীতসমূহত সন্নিবিষ্ট ৰাগসমূহ অন্যান্য ভাৰতীয় মাৰ্গ সংগীততো প্রচুৰ পৰিমাণে পোৱা যায় । ইয়াৰ সৰহভাগেই বৰ্তমানো হিন্দুস্তানী আরু কৰ্ণাটকী ৰাগ সংগীতত বহুলভাৱে ব্যৱহৃত হৈ আছে ।

 

২৬। বৰগীত সমূহ ক’ত আরু কেতিয়া পৰিবেশন কৰা হয় ?

উত্তৰঃ বৰগীতসমূহ মুখ্যতঃ প্রাৰ্থনা গীত । অসমৰ সত্রসমূহত এই গীতসমূহ বিভিন্ন প্রসংগত পৰিবেশন কৰা হয় । চৈধ্য প্রসঙ্গৰ উপযোগীকৈ এই গীতসমূহ ৰচনা কৰা হৈছে । ইয়াৰ কোনোবাটো পুৱা, কোনোটো দিনৰ অন্য সময়ত পৰিবেশন কৰা হয় ।

 

২৭। শংকৰদেৱ আরু মাধৱদেৱৰ বৰগীতত কেনেবোৰ ভাব প্রকাশিত হৈছে? মাধৱদেৱৰ বৰগীতৰ আনুভূতিক দিশটো কেনে ধৰণৰ ?

উত্তৰঃ বৈষ্ণৱ ধর্মৰ মূল নীতি, বিষ্ণু বা শ্রী কৃষ্ণ তথা ৰামচন্দ্রৰ রূপ বৰ্ণনা, কৃষ্ণ-বিষ্ণু ৰামচন্দ্রৰ অভিন্নতা, আত্মক্রটি ভগৱানৰ কৃপা ভিক্ষা, নামৰ মহিমা, গোপিনী বিৰহ, লীলা, মাতৃ-পুত্রৰ মাজত আন্তৰিক সম্পর্ক, বিৰহ বেদনা, আধ্যাত্মিক বেদনা প্রভূতি বিবিধ ভাব বৰগীতত প্রকাশিত হৈছে । মাধৱদেৱৰ বৰগীতত অনুভূতিৰ গাঢ়তা শংকৰদেৱতকৈ অধিক । মাধৱদেৱৰ বৰগীতিত আত্মসমৰ্পণ আরু দাস্য ভাবৰ আকুলতা লক্ষ্য কৰা যায় ।

 

২৮। ভটিমা কি?

উত্তৰঃ ভটিমা হ’ল প্রশস্তিমূলক গীত । ইয়াৰ জৰিয়তে গুরু বা ভগৱানৰ গুণানুকীৰ্ত্তন কৰা হয়, বৰগীতিত এই দুয়ো প্রকাৰ ভটিমা দেখিবলৈ পোৱা যায় ।

 

২৯। ঝুমুৰা কি?

উত্তৰঃ ঝুমুৰা হ’ল এক শ্রেণীৰ নৃত্য প্রধান নাটক । অৰ্জুন ভঞ্জনৰ বাহিৰে মাধৱদেৱৰ বাকী নাটকসমূহক ‘ঝুমুৰা’ বুলি কোৱা হয় । যেনে- ৰাস ঝুমুৰাঝুমুৰাবোৰ চুটি আরু নাৰী প্রধান ।

 

৩০। শংকৰদেৱ আরু মাধৱদেৱৰ বৰগীতৰ এটি তুলনামূলক আলচ যুগুত কৰা

উত্তৰঃ শংকৰদেৱ আরু মাধৱদেৱ- দুয়োজনা মহাপুরুষেই একে উদ্দেশ্যৰে বৰগীত ৰচনা কৰিছে যদিও দুয়োজনাৰে গীতৰ সাদৃশ্যৰ কিছু কিছু অমিলো দেখা যায় ।

মিলঃ

(ক) দুয়োজনাৰে গীতসমূহৰ ভাষা ব্রজাৱলী ।

(খ) দুয়োজনাৰে বৰগীতৰ মূল চৰিত্র হ’ল কৃষ্ণ ।

(গ) ৰচনা ভংগীৰ সৌষ্ঠৱ আরু শাস্ত্রীয় সুৰৰ গাম্ভীৰ্যতা দুয়োজনাৰ গীততে পৰিস্ফুত হয় ।

 

অমিলঃ

(ক) শংকৰদেৱৰ বৰগীতসমূহ প্রায়ে দাস্য ভাবেৰে পৰিপূৰ্ণ । আনহাতে, মাধৱদেৱৰ গীতসমূহত বাৎসল্য ভাবহে লক্ষ্য কৰা যায় ।

(খ) ভাষাৰ ফালৰ পৰা দেখা যায় শংকৰদেৱৰ গীতত সংস্কৃত আরু অৰ্ধ-তৎসম শব্দৰ প্রয়োগ বেছি । আনহাতে, মাধৱদেৱৰ গীতসমূহত সংস্কৃত শব্দৰ প্রয়োগ কম । ৰচনা শৈলী অতি সৰল আরু প্রাঞ্জল ।

(গ) শংকৰদেৱৰ গীতত বিষয়বস্তুৰ ফালৰ পৰা প্রায়ে পৰমাৰ্থিক তত্ত্ব আরু সংসাৰৰ প্রতি বিৰক্তি ভাব প্রকাশ পাইছে । আনহাতে, মাধৱদেৱৰ গীতত চুৰি, চাতুৰী, খেলন, জাগন আদিহে প্রকাশ পাইছে । হৰিক আশ্রয় কৰিয়ে জীৱই সংসাৰ সাগৰ পাৰ হ’বলৈ সক্ষম হয় । এয়া হ’ল- শংকৰদেৱৰ বৰগীতৰ মূল বক্তব্য ।

    ইমানবোৰ সাদৃশ্য আরু বৈসাদৃশ্য থকা সত্ত্বেও দুয়োজনাৰ বৰগীত সমূহ অসমীয়া সাহিত্যৰ বাবে এক অমূল্য সম্পদ ।

 

৩১। বৰগীত পাঠটিৰ গুরুত্ব সম্পর্কে লিখা ।

উত্তৰঃ মহাপুরুষ মাধৱদেৱ কেৱল এগৰাকী ধর্মপ্রচাৰকেই নাছিল, তেখেত এগৰাকী আগশাৰীৰ গীতিকাৰ, কবি, নাট্যকাৰ আরু সংগীতজ্ঞও আছিল । শংকৰদেৱৰ পৰামর্শক্রমে তেওঁ বৰগীত ৰচনাত হাৰ দিছিল ।

    মাধৱদেৱৰ বৰগীতিত শিশু কৃষ্ণৰ দুমুখীয়া ব্যক্তিত্ব অতি সার্থকরূপত প্রকাশিত হৈছে । আলোচ্য পাঠটিৰ যোগেদি মাধৱদেৱৰ সাঙ্গীতিক প্রতিভাৰ লগে লগে তেওঁৰ অনুপম ৰচনাশৈলীৰ সৈতে পৰিচিত হোৱাৰ লগতে শিক্ষার্থীসকলে মধ্যযুগৰ ভক্ত কবিসকলৰ যোগেদি অসমৰ জাতীয় জীৱনলৈ সাহিত্য-কলা-সংস্কৃতিৰ মাধ্যমেদি  কঢ়িয়াই অনা আধ্যাত্মিক পৰিবেশৰ বিষয়ে উপলব্ধি কৰিবলৈ সক্ষম হ’ব । শিক্ষার্থীৰ মনত কলাত্মক রুচিবোধ বৃদ্ধি, আধ্যাত্মিক ভাবধাৰাৰ জাগৰণ আদিয়েই অন্তর্নিহিত উদ্দেশ্য ।