অৰণ্যযাত্রা, অনুৰাধা শৰ্মা পূজাৰী, নোট- পদ্মেশ্বৰ

১। চমুকৈ উত্তৰ লিখাঃ

(ক) বিদ্যালয়ৰ অষ্টম আরু নৱ্ম শ্রেণীৰ শিক্ষার্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল?
উত্তরঃ বিদ্যালয়ৰ অষ্টম আরু নৱ্ম শ্রেণীৰ শিক্ষার্থীসকলক কাজিৰঙা অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল ।
(খ) পল আরু পাহি কোন কোন শ্রেণীত পঢ়ে?
উত্তরঃ পল নৱ্ম শ্রেণীত আরু পাহি অষ্টম শ্রেণীত পঢ়ে ।
(গ) পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল?
উত্তরঃ পলে মাকক বাচন-বৰ্তন ধোৱা আরু ঘৰৰ আচবাবৰ ধূলি মচা-সৰাত সহায় কৰি দিয়া কাম ছোৱালীৰ বুলি পাহিক কৈছিল ।
(ঘ) লৰ্ড কাৰ্জন কোন?
উত্তরঃ লৰ্ড কাৰ্জন হ’ল-ভাৰতৰ এজন ব্রিটিছ ভাইচৰয় । পত্নী মেৰী কাৰ্জনৰ অনুৰোধ ক্রমে তেওঁ কাজিৰঙা অৰণ্য সংৰক্ষণৰ ব্যৱস্থা কৰিছিল ।
(ঙ)কাজিৰঙাৰ প্রথম ভাৰতীয় তথা অসমীয়া বন বিষয়াজন কোন আছিল?
অথবাঃ মহীচন্দ্র মিৰি কোন আছিল?
উত্তরঃ কাজিৰঙাৰ প্রথম ভাৰতীয় তথা অসমীয়া বন বিষয়াজন আছিল- মহীচন্দ্র মিৰি ৷ তেওঁ কাজিৰঙাৰ গঁড় আমেৰিকাৰ যুক্তৰাষ্ট্রৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙা অৰণ্য যে গঁড়ৰ বসতিস্থল এই বিষয়ে সমগ্র জগতকখনক প্রথমে জনাইছিল ।


২। ল’ৰা-ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল? মাকে ইয়াৰ প্রত্যুত্তৰত পাহিক কি বুজনি দিছিল?
উত্তরঃ ল’ৰা-ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক সুধিছিল যে ল’ৰা আরু ছোৱালীৰ কামবোৰ কোনে পৃথক কৰিলে । তাইও দেখোন তাইৰ দাদাকৰ দৰেই পঢ়া-শুনা কৰে । তাইৰ দাদাকে কিয় নিজৰ পিন্ধা কাপোৰ জাপি নথয়, জোতাযোৰ পৰিস্কাৰকৈ নাৰাখে, গা ধোৱাৰ পাছত তিতি থকা গামোচাখন পেলাই থৈ যায় । তাইৰ দাদায়েকে এই কামবোৰ কিয় মাকে কৰি দিব বুলি ভাবে বা ভনীয়েকে কৰি দিব বুলি ভাবে । ল’ৰাই নিজৰ জোতাযোৰ পৰিষ্কাৰ কৰিব নালাগে বা নিজে খোৱা কাঁহীখন কেতিয়াও ধূব নালাগে বুলি ক’ৰবাত লিখা আছে নেকি ।
    মাকে ইয়াৰ প্রত্যুত্তৰত পাহিক বুজনি দিছিল যে তেওঁলকে যি বয়সত যিবোৰ কাম কৰিব পাৰে, সেই কাম বয়স অনুযায়ী তাইৰ মাকে শিকাই আহিছে দুয়ুটাকে । তেওঁলোকে পঢ়া-শুনা কৰি এসময়ত ভাল চাকৰি বা ব্যৱসায় কৰিব, ধন উপাৰ্জন কৰিব । কিন্তু নিজৰ প্রয়োজনীয় কামখিনি কৰিব নাজানিলে পৰনিৰ্ভৰশীল হ’বলৈ বাধ্য হ’ব । তেতিয়া কেতিয়াবা সময়েও সিহঁতক ঠগিব আরু মানুহেও ঠগিব ।   

৩। প্রকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে?
উত্তরঃ পাহিয়ে গছ-লতা, ফুল আদি বৰ ভাল পায় । প্রতিজোপা গছৰ রং ভিন্ন, পাতৰ আকাৰ ভিন্ন; তামোলগছৰ কাষতে থকা আমগছজোপাৰ চেহেৰাৰ মিল নাই, দুজোপা ভিন্ন ধৰণৰ গছ যদিও ওচৰা-উচৰিকৈ মিলা-প্রীতিৰে থাকে । আকৌ কলগছজোপাৰ কাষতে নেমুগছজোপা থাকে কিন্তু নেমুৰ কাঁইটে কলগছজোপাক কেতিয়াও বিন্ধিবলৈ নাযায় । এই সুন্দৰ নিয়মবোৰ প্রকৃতিয়ে মানি চলে । প্রকৃতিৰ এই সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে ।

৪। কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আরু পলক মাক আরু দেউতাকে কি উপদেশ দিছিল?
উত্তরঃ কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আরু পলক দেউতাকে শিক্ষকৰ লগ নেৰিবলৈ আরু শিক্ষকে যি কথা কয় সেইমতে চলিবলৈ উপদেশ দিছিল । লগতে, দেউতাকে তেওঁলোকৰ খবৰ লৈ থাকিব বুলি আশ্বাস প্রদান কৰিছিল ।
    মাকে দুয়ুকে কৈছিল যে তেওঁলোকে পৃথিৱীৰ ভিতৰতে যশ্যস্যা থকা এখন অৰণ্যলৈ (কাজিৰঙালৈ) যাবলৈ ওলাইছে, অৰণ্যৰপৰা শিকিব লগা বহুত কথা আছে । লগতে, তেওঁলোকে যিমান পাৰে শিকিবলৈ আরু নিজৰ লগতে নিজৰ বয় বস্তুবোৰ চম্ভালিবলৈ উপদেশ প্রদান কৰিছিল ।

৫। ‘কামত ল’ৰা-ছোৱালীৰ বুলি ভাগ নাই । যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা ।’- এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক’বলগীয়া হৈছিল আঁতিগুৰি মাৰি লিখা ।
উত্তরঃ উক্ত কথাষাৰৰ বক্তা হ’ল-অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা । অৰণ্যযাত্রাত শিক্ষকসকলে পাহি আরু বিদিশাক ছাত্র-ছাত্রীৰ সংখ্যা গণনা কৰিবলৈ আরু অসুবিধাসমূহলৈ মন দিবলৈ দায়িত্ব দিছিল । লগতে, নৱম শ্রেণীৰ সৌৰভ আরু আফতাবক খাদ্যবস্তুৰ পেকেট আরু পানীৰ বটল সকলোৰে মাজত সমভাৱে বিতৰণ কৰিবলৈ দায়িত্ব দিছিল । এই বিষয়ত সৌৰভে পাহি আরু বিদিশাক খাদ্য বিলাবলৈ আরু সিহঁতক দিয়া কামটো সৌৰভহতে কৰাৰ কথা কৈছিল । সেয়েহে অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকাদেৱে খং কৰি উক্ত কথাষাৰ ব্যক্ত কৰিছিল ।

৬। কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত পল-আফতাবহঁত কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল?
উত্তরঃ  কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত নিৰ্জন দুপৰীয়া সময়ত পল, সৌৰভ আরু আফতাবহঁতে মনে মনে বিল এখনত ফুৰিবলৈ গৈছিল আরু তাতে তেওঁলোকে টুলুং-ভুটুং এখন নাওঁত উঠিছিল । পলে ব’ঠা মাৰি নাওখন আন্দতে লৈ গৈছিল যদিও নাওখন মেটেকাৰ মাজত সোমাই পৰিছিল । নাওখনৰ তলিত ফুটা আছিল সেয়েহে হলকে হলকে পানী সোমাবলৈ ধৰিছিল । তেওঁলোকে সাঁতুৰিবলৈও নাজানিছিল । নাৱৰ পানী সোমোৱা ফুটাটো জোতাৰে বন্ধ কৰাৰ চেষ্টা কৰিছিল আরু আফতাবে মেটেকাবোৰ ব’ঠাৰে গুচাই নাওখন পাৰলৈ আনিবলৈ খুজিছিল লগতে দুই হাতৰ আঁজলিৰে পানী সিঁচি পানী বাহিৰলৈ পেলাবলৈ চেষ্টা কৰিছিল যদিও অসফল হৈছিল আরু নাওখন একে ঠাইতে ঘূৰি আছিল । এই মহা বিপদত তেওঁলোকে জীৱন ৰক্ষাৰ কাৰণে সৰ্বশক্তিৰে চিঞৰিছিল ।
    তেনেতে পথাৰৰ মাজেৰে কেইজনীমান অথবা পাঁচজনী ছোৱালী আহিছিল আরু তেওঁলোকৰ চিঞৰ শুনি বচাবৰ বাবে বলৰ কাষ পাইছিলগৈ । ঠিক সেই সময়তে নাওখন কাতি হৈ পল পানীত পৰি গৈছিল আরু জোলোকে-জোলোকে পানি খাবলৈ ধৰিছিল । তৎক্ষণাৎ দুজনী ছোৱালীয়ে (ডাঙৰ দুজনীয়ে) বিলত জাপ দিছিল । তাৰে এজনী ছোৱালীয়ে পলক উদ্ধাৰ কৰিছিল আরু আন জনীয়ে নাৱত উঠি, ব’ঠা বাই বহু কষ্টৰে নাওখন পাৰত লগাবলৈ চেষ্টা কৰিছিল । তেনেতে নাওখন কাটি হৈ আফতাব আরু সৌৰভ পানীত পৰি গৈছিল । কিন্তু পাৰৰ পৰা বেছি দূৰৈত নাছিল  বাবে আটাইকে ছোৱালীকেইজনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । 

৭। শিক্ষক-শিক্ষয়িত্রীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছৰ পৰিস্থিতি কি হ’ল বহলাই লিখা ।
উত্তরঃ  শিক্ষক-শিক্ষয়িত্রীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী বাতিল কৰিব খুজিছিল কাৰণ তেওঁলোকৰ তিনিজন ছাত্রই (পল, সৌৰভ আরু আফতাব) তেওঁলোকক অৱমাননা কৰিছিল আরু তেওঁলোকক নজনোৱাকৈ বিলত ফুৰিবলৈ গৈছিল লগতে মৃত্যুমুখত পৰিবলগীয়া হৈছিল । তেওঁলোকক বচোৱা সেই ছোৱালীকেইজনীৰ বাবেহে সেই বদনামৰ পৰা শিক্ষক-শিক্ষয়িত্রীসকলে কথমপিহে ৰক্ষা পৰিছিল । সেয়েহে এনে বিপদ দুবাৰ অহাৰ আগতেই তেওঁলোকে অৰণ্য দৰ্শনৰ কাৰ্যসূচী বাতিল কৰিব খুজিছিল ।
    দলপতি হাজৰিকা ছাৰৰ অৰণ্য দৰ্শনৰ কাৰ্যসূচী বাতিল কৰিব খুজা কথা শুনি সকলো ছাত্র-ছাত্রীৰে মুখত মাত নোহোৱা হৈছিল । পল, আফতাব আরু সৌৰভলৈ সকলোৱে খঙেৰে চাইছিল । পাহিয়ে এই বিষয়ত ছাৰসকলক ক্ষমা বিচাৰিছিল আরু দোষ নকৰাসকলক শাস্তি নিদিবৰ বাবে অনুৰোধ কৰিছিল । লগতে, পিছৰ দিনা তেওঁলোক তিনিজনক লগত নৈ নাযাবলৈ জনাইছিল । সেই মৰ্মে, তিনিওজনে তেওঁলোকৰ ভুল স্বীকাৰ কৰিছিল আরু তেওঁলোকৰ বাহিৰে সকলোকে পিছৰ দিনা কাজিৰঙা অৰণ্য দৰ্শনলৈ লৈ যাবলৈ কৈছিল ।
    ভাত খোৱাৰ পিছত হাজৰিকা ছাৰে ঘোষণা কৰিছিল যে তাৰ পৰা গৈ সকলো ছাত্র-ছাত্রীয়ে অৰণ্য যাত্রাৰ অবিজ্ঞোতাৰে এখন ৰচনা লিখি তেওঁলোকক দিব লাগিব । পল, সৌৰভ আরু আফতাবে সেইদিনা কৰা বেয়া কামটোৰ বিষয়ে আরু কথমপি মৃত্যুমুখৰ পৰা ৰক্ষা পৰাৰ বিষয়ে সকলো কথা ৰচনাত স্বীকাৰ কৰি লিখিব লাগিব । তেতিয়াহে পাছৰ দিনা পুৱাই সকলো অৰণ্য দৰ্শন কৰিবলৈ সাজু হব ।
    এই কথাত সকলো সৈমত হৈছিল আরু অৰণ্যভ্রমণৰ বাবে পুনৰ সাজু হোৱাত সকলোৱে স্ফূৰ্তিত চিঞৰি উঠিছিল ।      

৮। মহীচন্দ্র মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দবলৈ তেওঁ কেনে ভূমিকা লৈছিল?
উত্তরঃ কাজিৰঙাৰ প্রথম ভাৰতীয় তথা অসমীয়া বন বিষয়াজন আছিল- মহীচন্দ্র মিৰি ৷ তেওঁ কাজিৰঙাৰ গঁড় আমেৰিকাৰ যুক্তৰাষ্ট্রৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙা অৰণ্য যে গঁড়ৰ বসতিস্থল এই বিষয়ে সমগ্র জগতকখনক প্রথমে জনাইছিল ।

৯। নিগনা চিকাৰী কোন আছিল? নিগনা চিকাৰীৰ প্রকৃত নাম কি? তেওঁ কাক প্রথমে কাজিৰঙাৰ গঁড় দেখুৱাইছিল?
উত্তরঃ নিগনা চিকাৰী কাজিৰঙাৰ এখন গাঁৱৰ বাসিন্দা আরু এজন ভাৰ হাতী মাউত আছিল । নিগনা চিকাৰীৰ প্রকৃত নাম-বাপীৰাম হাজৰিকা । তেওঁ লেডী কাৰ্জনক প্রথমে কাজিৰঙাৰ গঁড় দেখুৱাইছিল ।

১০। কাজিৰঙালৈ যাত্রা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষার্থীসকলে শিক্ষক-শিক্ষয়িত্রীসকলক অৱগত কৰিছিল?
উত্তরঃ  কাজিৰঙালৈ যাত্রা কৰি লাভ কৰা শিক্ষাৰ বিষয়ে শিক্ষক-শিক্ষয়িত্রীসকলক তিনিটা প্রধান শিক্ষা অৱগত কৰিবলৈ কৈছিল । তেনেতে পাহিয়ে ক’লে যে নিজে কৰিব পৰা কামসমূহ নিজেই কৰিব লাগে, আনে কৰি দিব বুলি বাট চাব নালাগে ।
দ্বিতীয়তে বিদিশাই ক’লে যে গছ হ’ল বনৰ জীৱ-জন্তু আরু মানুহৰ বন্ধু, আমি গছ নহ’লে জীয়াই থাকিব নোৱাৰিম ।
তৃতীয়তে, পলে ক’লে যে ল’ৰা-ছোৱালী সকলো সমান । তেওঁলোকক ছোৱালীকেইজনীয়ে উদ্ধাৰ নকৰা হ’লে সেইদিনা কাজিৰঙাই নেদেখিলোঁহেঁতেন ।
চতুর্থতে, আফতাবে ক’লে যে আত্মৰক্ষা কৰিব নাজানিলে মৰসাহ দেখুওৱা মূৰ্খৰ কাম ।
পঞ্চমতে, সৌৰভে ক’লে যে দলীয়ভাৱে ক’ৰবালৈ গ’লে অনুশাসন-শৃংখলা মানি চলাটো জরুৰী কথা ।


updating & checking............