দৃশ্যান্তৰ, হৰেকৃষ্ণ ডেকা, নোট- পদ্মেশ্বৰ

মূল পাঠ-

পঁচিশ বছৰৰ আগতে
এই ঠাইতেই এজনক লগ পাইছিলোঁ ।
আলি-কেঁকুৰিটো আছিল কেঁচা ।
সময়টো আছিল গধূলি ।
তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল
নিজৰ ঘৰৰ পদূলি ।
এটা পঁজাঘৰ ।
আকাশ ধিয়াই কেইজোপামান কাকিনী তামোল ।
ঘৰৰ দাঁতিত আগলি বাঁহৰ
নমিত নমস্কাৰ ।
পূর্ণ জোনৰ লন্ঠনৰ পোহৰতো
কুকুৰীকণা মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল ।
ওচৰত সহায় সাৰথি কেও নাছিল ।
মই যেতিয়া হাতত ধৰি তেওঁক
আগুৱাই দিছিলোঁ, কৈছিল,
বৰ শান্তিত আছোঁ
এই পঁজাটিত ।
আজি এই ঠাইতেী লগ পালোঁ আরু এজনক
বৃদ্ধ ন্যুব্জ দেহ । বয়সৰ চিন নোহোৱা হ’লে মুখত পঁচিশ বছৰ আগৰ সাইলাখ সাঁচ ।
সাতমহলীয়া ঘৰৰ বাহিৰত তেওঁ রৈ আছিল ।
ওচৰে-পাজৰে আন কেবাটাও অট্টালিকা ।
এটাতকৈ আনটোৰ রূপ চৰা ।
সন্ধ্যা ভগাৰ বহুত পাছতো মানুহ পিয়াপি দি ফুৰিছিল ।
চশমাৰ তলেৰে সন্দেহেৰে চাই তেওঁ মোক সুধিলে,
হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত?
ভাৰাঘৰ বিচাৰি আহিছা
এই কুবেৰৰ মহলাত ! ক’ত পাবা আরু পালেও
কি শান্তিত থাকিবা ইয়াত । মৰিলে দাহ কৰিবলৈও
এজন মানুহ নাই । যখৰ পোৱালিহঁতে কাক কোনে চায় !
এই বুলি কৈ তেওঁ সাতমহলীয়া ঘৰৰ ভিতৰলৈ
সোমাই গ’ল । এই কংক্রীটৰ হাবিখনত তেওঁক
বিচাৰি নাপালোঁ আরু ।
বৰ অশান্তিৰে উওতি আহিলোঁ ।

প্রশ্নাৱলীঃ

১। চমু উত্তৰ দিয়াঃ

(ক) কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল ?
উত্তরঃ কবিয়ে পঁচিশ বছৰৰ আগতে মানুহজনক লগ পাইছিল ।

(খ) মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল?
উত্তরঃ মানুহজনে কুকুৰীকণা হোৱা বাবে আরু ওচৰত কাৰো সহায় সাৰথি নোপোৱাৰ বাবে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল ।

(গ) মানুহজনে নিজৰ ঘৰৰ পদূলি ক’ত বিচাৰিছিল?
উত্তরঃ মানুহজনে নিজৰ ঘৰৰ পদূলি নঙলামুখত বিচাৰিছিল ।

(ঘ) মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰৰ ভংগিত আছিল?
উত্তরঃ মানুহজনৰ ঘৰৰ দাঁতিত আগলি বাঁহৰ নমস্কাৰৰ ভংগিত আছিল ৷

(ঙ) কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল?
উত্তরঃ কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল ।

২। সাতমহলীয়া ঘৰৰ বাহিৰত রৈ থকা মানুহজনে কবিৰ স’তে কি কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে লিখা ।
উত্তরঃ সাতমহলীয়া ঘৰৰ বাহিৰত রৈ থকা মানুহজনে কবিক অচিনাকি মানুহজন বুলিছিল আরু চশমাৰ তলেৰে সন্দেহেৰে চাই সুধিছিল যে তেওঁক (কবিক) তাত কি লাগে । মানুহজনে কবিজনক প্রশ্ন কৰিছিল যে তেওঁ ভাৰাঘৰ বিচাৰি গৈছিল নেকি তালৈ । মানুহজনে তাৰ পিছত কবিক ক’লে যে সেই কুবেৰৰ মহলাত ভাৰাঘৰ পোৱাতো আষা খীণ । যদিও পোৱা যায় তেন্তে কবিয়ে তাত শান্তিত থাকিব নোৱাৰিব বুলি ক’লে । মানুহজনৰ মতামত অনুসৰি তাত মানুহ মৰিলে দাহ কৰিবলৈও এজনো মানুহ নাই । লগতে, তাত থকা অতি কৃপণ আরু স্বার্থপৰ মানুহবোৰে কাকো কোনোৱে নাচায়‍ বুলি কৈ সাতমহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ’ল । 

৩। ‘দৃশ্যান্তৰ’ কবিতাটোৰ মূলভাৱ লিখা ।
অথবাঃ ৬। ‘দৃশ্যান্তৰ’ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা ।
উত্তরঃ দৃশ্যান্তত কবিতাটিত হৰেকৃষ্ণ ডেকা দেৱে চহৰীয়া/নগৰীয়া জীৱনৰ শূণ্যতা আরু অপ্রাপ্তিৰ কথা ব্যক্ত কৰিছে । তেওঁ গাঁৱলীয়া সুন্দৰ পৰিৱেশৰ লগত আধুনিক মানুহৰ নিঃসংগতা আরু যান্ত্রিকতাক কবিতাটোৰ মাজেৰে প্রতিফলিত কৰিছে । কবিজনাই দুটা ভিন্ন অভিজ্ঞতা অর্থাৎ গ্রাম্য জীৱন আরু নগৰীয়া জীৱনৰ দুটি রূপ কবিতাটিৰ মাজেৰে ফুটাই তুলিছে ।
    এজন মানুহৰ যোগেদি তেওঁ গ্রাম্য আরু নগৰৰ জীৱন-যাপনৰ পাৰ্থক্যসমূহ উত্থাপন কৰিছে । পঁচিশ বছৰ আগতে তেওঁ এজন মানুহক গধূলি সময়ত লগ পাইছিল । তেতিয়া আলি-বাটটো কেচাঁ আরু ঘৰটো আছিল পঁজাঘৰ । যত ওখ তামোল গছবোৰে প্রকৃতিৰ সৌন্দৰ্যতা বিৰাজ কৰিছিল আরু আগলি বাঁহে ঘৰৰ দাতিত নমস্কাৰ জনাইছিল । সেই মুহূৰ্তত কুকুৰিকণা মানুহজনে নিজৰ ঘৰৰ পদূলিৰ নঙলামুখত নিজৰ ঘৰটো বিচাৰি আছিল । তেতিয়া কবিয়ে তেওঁক হাতত ধৰি আগুৱাই লৈ গৈছিল । তেনে সময়ত মানুহজনে কবিক কৈছিল যে তেওঁ সেই পঁজাটিত বৰ শান্তিত আছে । কবিতাটিৰ প্রথম অংশৰ মাজেৰে কবিয়ে এনেদৰে সহজ-সৰল গ্রাম্য জীৱনৰ এক সুখৰ আরু শান্তিৰ অৱস্থাৰ কথা ব্যক্ত কৰিছে ।
    সেই একে মানুহজন কবিয়ে আকৌ লগ পাইছে । কিন্তু সেই অতীতৰ গ্রাম্য অৱস্থাত নহয় এতিয়া আধুনিকতাৰ সৈতে । এতিয়া সেই মানুহজন সাতমহলীয়া ঘৰৰ বাহিৰত রৈ আছিল যত ওচৰে-পাজৰে কেইবাটাও অট্টালিকা আছিল সাতমহলীয়া ঘৰৰ বাহিৰত রৈ থকা মানুহজনে কবিক অচিনাকি মানুহজন বুলিছিল আরু চশমাৰ তলেৰে সন্দেহেৰে চাই সুধিছিল যে তেওঁক (কবিক) তাত কি লাগে । মানুহজনে কবিজনক প্রশ্ন কৰিছিল যে তেওঁ ভাৰাঘৰ বিচাৰি গৈছিল নেকি তালৈ । মানুহজনে তাৰ পিছত কবিক ক’লে যে সেই কুবেৰৰ মহলাত ভাৰাঘৰ পোৱাতো আষা খীণ । যদিও পোৱা যায় তেন্তে কবিয়ে তাত শান্তিত থাকিব নোৱাৰিব বুলি ক’লে । মানুহজনৰ মতামত অনুসৰি তাত মানুহ মৰিলে দাহ কৰিবলৈও এজনো মানুহ নাই । লগতে, তাত থকা অতি কৃপণ আরু স্বার্থপৰ মানুহবোৰে কাকো কোনোৱে নাচায়‍ বুলি কৈ সাতমহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ’লকবিয়ে কবিতাটোৰ শেষৰ অংশৰ মাধ্যমেৰে আধুনিকতা আরু কংক্রীটৰ সেই অশান্তি পৰিৱেশৰ বিষয়ে উপস্থাপন কৰিছে ।    

৪। ‘বৰ শান্তিত আছোঁ
এই পঁজাটিত ।”
-কোনে, কিয় এইদৰে কৈছিল? কথাষাৰৰ অন্তৰ্নিহিত ভাৱ মোকলাই লিখা ।
উত্তরঃ উক্ত কথাষাৰ পঁচিশ বছৰৰ আগতে কবিয়ে লগ পোৱা কুকুৰীকণা মানুহজনে কৈছিল । তেওঁ সহজ-সৰল গ্রাম্য জীৱনৰ সুখৰ আরু শান্তিৰ অৱস্থাৰ কথা ব্যক্ত কৰিবলৈ এইদৰে কৈছিল । মানুহজনৰ মতে তেওঁ সেই পঁজাটিত শান্তিত আছে । কিয়নো তেতিয়া আধুনিকতাৰ কোনো চিন নাছিল । বৰ্তমান অধুনিকতাই সকলো শান্তি অন্ত কৰিছে আরু যান্ত্রিকতাই বিৰাজ কৰিছে । এতিয়া সকলো মানুহ স্বার্থপৰ যি কোনোৱে কাকো নেচায় অর্থাৎ কাৰো বিষয়ে চিন্তা নকৰে । কিন্তু পঁচিশ বছৰ আগতে এই আধুনিকতা আরু অট্টালিকাসমূহ নাছিল যদিও গ্রাম্য পৰিৱেশত সুখ আরু শান্তি বিৰাজমান হৈ আছিল । কবিজনেও কুকুৰীকণা মানুহজনক হাতত ধৰি আগুৱাই দিছিল । সেয়েহে কুকুৰীকণা মানুহজনে এনেদৰে তেওঁৰ মনৰ ভাব প্রকাশ কৰিছে ।

৫। ‘হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত ?’ – কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা ।
উত্তরঃ কুঁজা দেহৰ এজন বৃদ্ধ মানুহে কবিক এনেদৰে কৈছিল যাক কবিয়ে পঁচিশ বছৰ আগতে লগ পাইছিল । পঁচিশ বছৰ আগতে সেই একে মানুহজনক এটি পঁজাৰ সন্মুখত নঙলামুখত লগ পাইছিল । আগৰ পৰিৱেশ সকলো গ্রাম্য আরু সহজ-সৰল আছিল । কিন্তু বৰ্তমান আধুনিকতাই সকলো শান্তি আরু সুখৰ অন্ত পেলাইছে লগতে সকোলো যেন এতিয়া চিনিও আচিনাকীৰ দৰে সেই ঠাইত এতিয়া শান্তিৰ পঁজা ঘৰৰ সলনি ডাঙৰ ডাঙৰ অট্টালিকা আছে । এই অট্টালিকাসমূহত সকলো স্বার্থপৰ মানুহ আছে যিয়ে মৰিলে কোনো দাহ কৰিবলৈ নাহে আরু কোনেও কাকো নাচায়, যেন সকলো স্বার্থলুভী । সেয়েহে বৃদ্ধ মানুহজনে কবিক তাত কি লাগে বুলি প্রশ্ন কৰিছে । কাৰণ, ইয়াত পাবলৈ আরু একো নাই, নাই শান্তি, নাই সম্প্রীতি, আছে কেৱল স্বার্থ আরু আধুনিকতাৰ স্বার্থ ।

‘দৃশ্যান্তৰ’ কবিতাটৰ কবিগৰাকীৰ এটা চমু পৰিচয় দিয়া ।
উত্তরঃ ‘দৃশ্যান্তৰ’ কবিতাটৰ কবি হৰে কৃষ্ণ ডেকা ১৯৪৩ চনত জন্মগ্রহণ কৰিছিল । ১৯৫৯ চনত মেট্রিক আরু ১৯৬৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা  এম. এ. পাচ কৰিছিল । প্রথমে তেওঁ গুৱাহাটীৰ কমাৰ্চ কলেজত অধ্যাপনা কৰিছিল আরু পাছত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰিছিল । একেধাৰে তেওঁ সাহিত্যিক অৱদানো অপৰিসীম আছিল । তেখেতে ‘The Sentinel’ কাকত আরু গৰীয়সী আলোচনীৰ সম্পাদকতা কৰিছিল । তেওঁৰ খ্যাত কবিতাপুথি হ’ল- ৰাতিৰ শোভাযাত্রা, আন এজন, Sea-Scare আদি । গল্প আরু কল্প, মধুসূদনৰ দলং, বন্দীয়াৰ, মৃত্যু আদি বিখ্যাত গল্পপুথিৰ ৰচনাশৈলী । তেখেতৰ একমাত্র উপন্যাসখনৰ নাম হ’ল- আগন্তুক । ১৯৮৭ চনত তেখেতে সাহিত্য অকাডেমী বঁটা, ১৯৯৬ চনত ‘কথা বঁটা’, আরু ২০১০ চনত ‘অসম উপত্যকা সাহিত্য বঁটা’ লাভ কৰিছিল । এইজনে লেখক তথা সাহিত্যিক অসমীয়া সাহিত্য জগতলৈ অশেষ বৰঙনি আগবঢ়াইছে ।  

৮। ব্যাখ্যা করাঃ
(ক) ‘মাৰিলে দাহ কৰিবলৈও
এজন মানুহ নাই ।
উত্তরঃ
উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ ‘অসমীয়া সাহিত্য চয়নিকা (নতুন) ৰ হৰেকৃষ্ণ ডেকা দেৱৰ দৃশ্যান্তৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ।
    এই কবিতাংশৰ মাধ্যমেদি কবিজনাই আধুনিক মানুহৰ স্বার্থপৰ মানসিকতাক ফুটাই তুলিছে । উক্ত কবিতাংশ সেই বৃদ্ধমানুহজনে আধুনিক স্বার্থপৰ মানুহৰ কথা ব্যক্ত কৰি কবিক উদ্দেশ্যি কৈছে ।
    কবিৰ মতে অতীতত অর্থাৎ প্রায় পঁচিশ বছৰমানৰ আগত গ্রাম্য সহজ-সৰল জীৱন বৰ্তি আছিল । তেতিয়া সাধাৰণ পঁজাটেই থাকি মানুহবোৰ শান্তিত আছিল । লগতে, ইজনে সিজনক বিপদ-আপদত সহায়-সহযোগিতা কৰিছিল । কিন্তু আজিকালি সকলো মানুহ স্বার্থপৰ হৈছে । এজনে-সিজনক বিপদত সহায় কৰিব নাহে । আনকি মানুহৰ মৃত্যুৰ সময়ত সহায় কৰিবলৈ আরু মৰাৰ পিছত দাহ কৰিবলৈও কোনো মানুহ আগবাঢ়ি নাহে । এনে পৰিস্থিতিৰ সাপেক্ষে কবিয়ে উক্ত কবিতাংশৰ অৱতাৰণা কৰিছে ।

(খ) ‘যখৰ পোৱালিহঁতে কাক কোনে চায় ।’
উত্তরঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ ‘অসমীয়া সাহিত্য চয়নিকা (নতুন) ৰ হৰেকৃষ্ণ ডেকা দেৱৰ দৃশ্যান্তৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ।
    এই কবিতাংশৰ মাধ্যমেদি কবিজনাই আধুনিক মানুহৰ স্বার্থপৰ মানসিকতাক ফুটাই তুলিছে । উক্ত কবিতাংশ সেই বৃদ্ধমানুহজনে আধুনিক স্বার্থপৰ মানুহৰ কথা ব্যক্ত কৰি কবিক উদ্দেশ্যি কৈছে ।
কবিৰ মতে অতীতত বা প্রায় পঁচিশ বছৰ মান আগত গ্রাম্য সহজ-সৰল জীৱন বৰ্তি আছিল । তেতিয়া সাধাৰণ পঁজাটেই থাকি মানুহবোৰ শান্তিত আছিল । লগতে, ইজনে সিজনক বিপদ-আপদত সহায়-সহযোগিতা কৰিছিল । কিন্তু আজিকালি সকলো মানুহ স্বার্থপৰ হৈছে । এজনে-সিজনক বিপদত সহায় কৰিব নাহে । আনকি মানুহৰ মৃত্যুৰ সময়ত সহায় কৰিবলৈ আরু মৰাৰ পিছত দাহ কৰিবলৈও কোনো মানুহ আগবাঢ়ি নাহে । কবিৰ ভাষাত আজিকালিৰ মানুহ ‘যখৰ পোৱালিহঁত’ অর্থাৎ অতিশয় কৃপণ আরু ধন-সোণৰ কাৰণে পাগল । সকলো মানুহ কেৱল টকা-পইচা, সম্পত্তিৰ আদিৰ পিছতেই ব্যস্ত । লগতে, কোনেও কাকো নাচায় বা খ্যাল-খবৰ নাৰাখে । এনে পৰিস্থিতিৰ সাপেক্ষে কবিয়ে উক্ত কবিতাংশৰ অৱতাৰণা কৰিছে ।


(গ)  ‘এই কংক্রীটৰ হাবিখনত তেওঁক
বিচাৰি নাপালোঁ আরু ।’

উত্তরঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ ‘অসমীয়া সাহিত্য চয়নিকা (নতুন) ৰ হৰেকৃষ্ণ ডেকা দেৱৰ দৃশ্যান্তৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ।
    এই কবিতাংশৰ মাধ্যমেদি কবিজনাই পঁচিশ বছৰ আগতে লগ পোৱা মানুহ এজনক পুনৰ লগ পোৱা আরু এটা সাতমহলীয়া ঘৰলৈ সোমাই যোৱাৰ পিছত সেই সাতমহলীয়া ঘৰটোক আরু সেই পৰিস্থিতিক উদ্দেশ্যি উক্ত কথাষাৰ ব্যক্ত কৰিছে ।  লগতে কবিতাংশৰ মাধ্যমেদি আধুনিকতাৰ ‘সাতমহলীয়া ঘৰ’টোক আরু আধুনিক সমাজখনক কংক্রীটৰ হাবিৰ লগত তুলনা কৰিছে ।
    কবিৰ মতে অতীতত গ্রাম্য  সহজ-সৰল জীৱন বৰ্তি আছিল । তেতিয়া সাধাৰণ পঁজাটেই থাকি মানুহবোৰ শান্তিত আছিল । লগতে, ইজনে সিজনক বিপদ-আপদত সহায়-সহযোগিতা কৰিছিল । কিন্তু আজিকালি সকলো মানুহ স্বার্থপৰ হৈছে । এজনে-সিজনক বিপদত সহায় কৰিব নাহে । আনকি মানুহৰ মৃত্যুৰ সময়ত সহায় কৰিবলৈ আরু মৰাৰ পিছত দাহ কৰিবলৈও কোনো মানুহ আগবাঢ়ি নাহে । এতিয়া সকলো মানুহ আধুনিক হৈছে আরু সকলো ডাঙৰ ডাঙৰ অট্টালিকাত থাকে । কিন্তু মানুহবোৰ মমতা আরু সামাজিকতা ভাৱহীন । সেয়েহে কবিয়ে সেই সাতমহলীয়া ঘৰটোক ‘কংক্রীটৰ হাবি’ বুলি কৈছে যত চিনাকি মানুহবোৰক অচিনাকী যেন লাগে আরু চিনাকি মানুহকো বিচাৰি পোৱাতো কঠিন হৈ পৰে ।





updating..................