গোট-৫ (খ) মনোযোগ আরু ৰাপ/আগ্রহ


ক) ১ নম্বৰৰ প্রশ্নাৱলী
ক) খালী ঠাই পূৰণ করাঃ

১। মনোযোগ হ’ল আগ্রহৰ ____ অৱস্থা ।
উত্তরঃ মনোযোগ হ’ল আগ্রহৰ সক্রিয় অৱস্থা ।

২। আগ্রহ হৈছে _____ মনোযোগ আরু মনোযোগ হৈছে _____ আগ্রহ ।
উত্তরঃ আগ্রহ হৈছে সুপ্ত মনোযোগ আরু মনোযোগ হৈছে সক্রিয় আগ্রহ ।

৩। _____ এক মানসিক প্রস্তুতি ।
উত্তরঃ মনোযোগ এক মানসিক প্রস্তুতি ।

৪। মনোযোগ হৈছে এক মানসিক প্রক্রিয়া, আরু আগ্রহ হৈছে ____ প্রক্রিয়া ।
উত্তরঃ মনোযোগ হৈছে এক মানসিক প্রক্রিয়া, আরু আগ্রহ হৈছে মানসিক সংগঠন প্রক্রিয়া ।

৫। মনোযোগ হৈছে কোনো বস্তুৰ ওপৰত _____ৰ কেন্দ্রীয়কৰণ ।
উত্তরঃ মনোযোগ হৈছে কোনো বস্তুৰ ওপৰত মনৰ কেন্দ্রীয়কৰণ ।

৬। প্রবৃত্তিৰ পৰা উদ্ভৱ হোৱা আগ্রহক _____ আগ্রহ বোলে ।
উত্তরঃ প্রবৃত্তিৰ পৰা উদ্ভৱ হোৱা আগ্রহক সুপ্ত আগ্রহ বোলে ।

৭। বহিৰাগত শক্তিৰ প্রভাৱৰ অবিহনেও হোৱা মনোযোগক _____ মনোযোগ বোলে ।
উত্তরঃ বহিৰাগত শক্তিৰ প্রভাৱৰ অবিহনেও হোৱা মনোযোগক ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ বোলে ।

৮। উদ্দীপকৰ আকর্ষণীয়তাৰ ফলত প্রদান কৰা মনোযোগক _____ বুলি কোৱা হয় ।
উত্তরঃ উদ্দীপকৰ আকর্ষণীয়তাৰ ফলত প্রদান কৰা মনোযোগক অনৈচ্ছিক বা অনিচ্ছাকৃত মনোযোগ  বুলি কোৱা হয় ।

৯। কৈশোৰ কালত বিপৰীত লিংগৰ প্রতি হোৱা আকর্ষণ ____ আগ্রহৰ ভিতৰত পৰে
উত্তরঃ কৈশোৰ কালত বিপৰীত লিংগৰ প্রতি হোৱা আকর্ষণ সুপ্ত আগ্রহৰ ভিতৰত পৰে

১০। মাতৃৰ নিজৰ সন্তানৰ প্রতি থকা ভালপোৱাই হ’ল ____ আগ্রহ ।
উত্তরঃ মাতৃৰ নিজৰ সন্তানৰ প্রতি থকা ভালপোৱাই হ’ল সুপ্ত আগ্রহ ।

১১। ৰাতিপুৱাৰ বাতৰি কাকতখনৰ প্রতি আমাৰ আগ্রহ হ’ল ____ আগ্রহ ।
উত্তরঃ ৰাতিপুৱাৰ বাতৰি কাকতখনৰ প্রতি আমাৰ আগ্রহ হ’ল ক্ষণস্থায়ী আগ্রহ 

১২। ____ মনোযোগ কোনো বিষয়ৰ প্রতি আমাৰ _____ সক্রিয় কৰে
উত্তরঃ ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ কোনো বিষয়ৰ প্রতি আমাৰ মনক সক্রিয় কৰে

১৩। নতুনত্ব হৈছে মনোযোগৰ এক _______ নির্ধাৰক ।
উত্তরঃ নতুনত্ব হৈছে মনোযোগৰ এক বাহ্যিক বা বস্তুনিষ্ঠ নির্ধাৰক ।

১৪। পুৰস্কাৰ মনোযোগৰ এক____ নির্ধাৰক ।
উত্তরঃ পুৰস্কাৰ মনোযোগৰ এক বাহ্যিক বা বস্তুনিষ্ঠ নির্ধাৰক ।

১৫। উদ্দীপকৰ তীব্রতা আরু গতিশীলতা হৈছে মনোযোগৰ এক ____ নির্ধাৰক বা চৰ্ত ।
উত্তরঃ উদ্দীপকৰ তীব্রতা আরু গতিশীলতা হৈছে মনোযোগৰ এক বাহ্যিক বা বস্তুনিষ্ঠ নির্ধাৰক বা চৰ্ত ।

১৬। “আগ্রহ হ’ল সুপ্ত মনোযোগ আরু মনোযোগ হ’ল ক্রিয়াশীল আগ্রহ ।” এই উক্তিটো _____ দিছিল ।
উত্তরঃ “আগ্রহ হ’ল সুপ্ত মনোযোগ আরু মনোযোগ হ’ল ক্রিয়াশীল আগ্রহ ।” এই উক্তিটো মেগডুগেলে দিছিল ।

১৭। পৰীক্ষাৰ সময়ত পঢ়াত মনোযোগ দিয়াটো হৈছে _____ প্রকাৰৰ মনোযোগ ।
উত্তরঃ পৰীক্ষাৰ সময়ত পঢ়াত মনোযোগ দিয়াটো হৈছে অনৈচ্ছিক বা অনিচ্ছাকৃত প্রকাৰৰ মনোযোগ ।

১৮। রুচে মনোযোগক ঐচ্ছিক আরু ____ মনোযোগ হিচাপে ভাগ কৰিছে ।
উত্তরঃ রুচে মনোযোগক ঐচ্ছিক আরু অনৈচ্ছিক মনোযোগ হিচাপে ভাগ কৰিছে ।

১৯। ‘আগ্রহ হ’ল মানসিক প্রৱণতাৰ গতিশীল আস্থা’ । এই উক্তিটো _____ দিছিল ।
উত্তরঃ ‘আগ্রহ হ’ল মানসিক প্রৱণতাৰ গতিশীল আস্থা’ । এই উক্তিটো ড্রেভাৰে দিছিল ।


২০। কান্দি থকা কেঁচুৱাটোৰ প্রতি থকা মাতৃৰ মনোযোগ হৈছে_____ মনোযোগ ।
উত্তরঃ কান্দি থকা কেঁচুৱাটোৰ প্রতি থকা মাতৃৰ মনোযোগ হৈছে সহজাত প্রবৃত্তিমূলক মনোযোগ

২১। উচ্চ শব্দৰ প্রতি মনোযোগ হোৱাটো ____ মনোযোগৰ এক উদাহৰণ ।
উত্তরঃ উচ্চ শব্দৰ প্রতি মনোযোগ হোৱাটো প্রত্যক্ষ মনোযোগৰ এক উদাহৰণ ।

২২। ‘আগ্রহ’ শব্দটোৰ লেটিন শব্দটোৰ অর্থ হৈছে _____ ।
উত্তরঃ ‘আগ্রহ’ শব্দটোৰ লেটিন শব্দটোৰ অর্থ হৈছে ‘It matters’ অর্থাৎ কিবা ক্ষেত্রত গুরুত্বথকা আরু ‘It concerns’ মানে কোনো বিষয়ৰ লগত সমন্ধ ঘটা, সম্বন্ধস্থাপন কৰা

২৩। কৈশোৰ কালত বিপৰীত লিংগৰ প্রতি হোৱা আগ্রহ হৈছে_____ আগ্রহৰ এটা উদাহৰণ ।
উত্তরঃ কৈশোৰ কালত বিপৰীত লিংগৰ প্রতি হোৱা আগ্রহ হৈছে সুপ্ত আগ্রহৰ এটা উদাহৰণ ।

২৪। পুৱাৰ বাতৰি কাকত পঢ়াৰ প্রতি থকা আগ্রহ হৈছে _____আগ্রহৰ এটা উদাহৰণ ।
উত্তরঃ পুৱাৰ বাতৰি কাকত পঢ়াৰ প্রতি থকা আগ্রহ হৈছে ক্ষণস্থায়ী আগ্রহৰ এটা উদাহৰণ ।

২৫। ব্যক্তিগত চিন্তা আরু বুদ্ধিৰ ওপৰত নির্ভৰ কৰি সৃষ্টি হোৱা মনোযোগক ____ বুলি জনা যায় ।
উত্তরঃ ব্যক্তিগত চিন্তা আরু বুদ্ধিৰ ওপৰত নির্ভৰ কৰি সৃষ্টি হোৱা মনোযোগক ভাৱাত্মক মনোযোগ বুলি জনা যায় ।

২৬। এজন বিজ্ঞানীৰ মনোযোগ হৈছে ____ প্রকাৰৰ মনোযোগ ।
উত্তরঃ এজন বিজ্ঞানীৰ মনোযোগ হৈছে বিশ্লেষনাত্মক প্রকাৰৰ মনোযোগ ।

২৭। লেটিন শব্দ ‘আগ্রহ’ৰ অর্থ হৈছে _____ ।
উত্তরঃ লেটিন শব্দ ‘আগ্রহ’ৰ অর্থ হৈছে ‘It matters’ অর্থাৎ কিবা ক্ষেত্রত গুরুত্ব থকা আরু ‘It concerns’ মানে কোনো বিষয়ৰ লগত সমন্ধ ঘটা, সম্বন্ধস্থাপন কৰা


খ) তলত দিয়া কথাবোৰ শুদ্ধ নে অশুদ্ধ লিখা ।

২৮। মনোযোগ হ’ল কোনো চিন্তাৰ বিষয়বস্তুৰ মনত স্পষ্টভাৱে দাঙি ধৰা প্রক্রিয়া ।
উত্তরঃ শুদ্ধ ।

২৯। আগ্রহ হৈছে মানসিক ক্রিয়া, মনোযোগ হৈছে মানসিক সংগঠন ।
উত্তরঃ শুদ্ধ ।

৩০। মনোযোগ হৈছে মানসিক শক্তি ।
উত্তরঃ শুদ্ধ ।

৩১। মনোযোগ আরু সচেতনতাই একে অর্থকে বুজায় ।
উত্তরঃ শুদ্ধ ।

৩২। মনোযোগ যেতিয়া ইচ্ছাশক্তিৰ দ্বাৰা নিয়ন্ত্রিত নহয়, তেতিয়া তাক অনৈচ্ছিক মনোযোগ বোলে ।
উত্তরঃ শুদ্ধ ।

৩৩। শিশুসকলৰ মনোযোগ অনৈচ্ছিক প্রকৃতিৰ
উত্তরঃ শুদ্ধ ।

৩৪। আমি এটা সময়তে বহুত কথাত মনোযোগ দিব পাৰো
উত্তরঃ অশুদ্ধ ।

৩৫। সরু ল’ৰা-ছোৱালীয়ে ঐচ্ছিক মনোযোগ প্রদান কৰিব নোৱাৰে ।
উত্তরঃ শুদ্ধ ।

৩৬। বিকর্ষণে সদায় মনোযোগত বাধা দিয়ে ।
উত্তরঃ শুদ্ধ ।

৩৭। অমনোযোগে মনোযোগ বৃদ্ধি কৰে
উত্তরঃ শুদ্ধ ।

৩৮। পুনৰাবৃত্তিয়ে মনোযোগ বৃদ্ধি কৰে
উত্তরঃ শুদ্ধ ।

৩৯। মনোযোগে আগ্রহ সৃষ্টি কৰে, কিন্তু আগ্রহে মনোযোগৰ সৃষ্টি নকৰে
উত্তরঃ অশুদ্ধ ।

৪০। আমি সাৰ পাই থকা সময়ত সম্পূর্ণ অমনোযোগী হোৱাটো অসম্ভৱ ।
উত্তরঃ শুদ্ধ ।

৪১। মনোযোগ এক মানসিক প্রক্রিয়া ।
উত্তরঃ শুদ্ধ ।

৪২। মানসিক স্বাস্থ্য হৈছে মনোযোগৰ এক চৰ্ত ।
উত্তরঃ শুদ্ধ ।

৪৩। বৈপৰীত্য হৈছে মনোযোগৰ বস্তুগত চৰ্ত ।
উত্তরঃ শুদ্ধ ।

৪৪। মনোযোগৰ ওপৰত আৱেগৰ কোনো প্রভাৱ নাই ।
উত্তরঃ অশুদ্ধ ।  

৪৫। আগ্রহ হৈছে এক গতিশীল মানসিক প্রক্রিয়া ।
উত্তরঃ শুদ্ধ ।

৪৬। মনোযোগৰ আভ্যন্তৰীণ উপাদানসমূহ হৈছে ব্যক্তিগত চৰ্ত ।
উত্তরঃ শুদ্ধ ।

৪৭। মনোযোগ হৈছে উদ্দেশ্যপূৰণ ক্রিয়া ।
উত্তরঃ শুদ্ধ ।

৪৮। আগ্রহ সামাজিক প্রভাৱৰ পৰা মুক্ত ।
উত্তরঃ অশুদ্ধ ।

৪৯। আগ্রহ হৈছে স্থিৰ মানসিক সংগঠন ।
উত্তরঃ অশুদ্ধ ।

৫০। আগ্রহ হৈছে সদায় জন্মগত গুণ ।
উত্তরঃ অশুদ্ধ ।

৫১। এটা বিষয়ৰ ওপৰত বহুত দেৰিলৈকে কোনোৱে মনোযোগ ধৰি ৰাখিব নোৱাৰে ।
উত্তরঃ শুদ্ধ ।

৫২। আর্জিত মনোযোগ সার্বজনীন বিধৰ
উত্তরঃ শুদ্ধ ।

৫৩। একেটা সময়তে আমি দুটা বস্তুত মনোযোগ দিব নোৱাৰো ।
উত্তরঃ শুদ্ধ ।

৫৪। আগ্রহ ক্ষন্তেকীয়া আরু স্থায়ী দুয়োধৰণৰ
উত্তরঃ শুদ্ধ ।

৫৫। অমনোযোগ মানেই মনোযোগৰ অভাৱক নুবুজায় ।
উত্তরঃ অশুদ্ধ ।

৫৬। মনোযোগ শাৰীৰিক সমাযোজনৰ লগত জড়িত ।
উত্তরঃ শুদ্ধ ।

৫৭। মনোযোগ হৈছে এক নির্বাচিত প্রক্রিয়া
উত্তরঃ শুদ্ধ ।

৫৮। মনোযোগ হৈছে স্বাভাৱিক আরু প্রবৃত্তিগত ।
উত্তরঃ শুদ্ধ ।

৫৯। মনোযোগ আগ্রহৰ পূর্ব চৰ্ত ।
উত্তরঃ শুদ্ধ ।

৬০। আগ্রহ জন্মলব্ধ গুণ ।

উত্তরঃ অশুদ্ধ ।

৬১। আগ্রহসমূহ সদায় স্থায়ী ।
উত্তরঃ অশুদ্ধ ।

৬২। আগ্রহ হ’ল সুপ্ত মনোযোগ আরু মনোযোগ হ’ল ক্রিয়াশীল আগ্রহ ।
উত্তরঃ শুদ্ধ ।

৬৩। বুদ্ধি আগ্রহৰ উৎস নহয় ।
উত্তরঃ শুদ্ধ ।

৬৪। আগ্রহৰ বিষয়বস্তুৰ সদায় সন্তুষ্টিৰ কাৰণ ।
উত্তরঃ শুদ্ধ ।

গ) চমু উত্তৰ দিয়া (পৰাপক্ষত এটা শব্দ/বাক্যত)

৬৫। মনোযোগৰ এটা ব্যক্তিগত নির্ধাৰক লিখা ।
উত্তরঃ মনোযোগৰ এটা ব্যক্তিগত নির্ধাৰক হ’ল- আগ্রহ ।

৬৬। “মনোযোগ আরু আগ্রহ একেটা মুদ্রাৰে দুটা পিঠি ।”- কোনে কৈছিল?
উত্তরঃ “মনোযোগ আরু আগ্রহ একেটা মুদ্রাৰে দুটা পিঠি ।”- জে. এছ. ৰ’চে কৈছিল ।

৬৭। স্বতঃস্ফূর্ত মনোযোগৰ দুটা ভাগ কি কি?
উত্তরঃ স্বতঃস্ফূর্ত মনোযোগৰ দুটা ভাগ হ’ল- স্পষ্ট আরু অস্পষ্ট মনোযোগ ।

৬৮। ‘আগ্রহ’ শব্দটোৰ মূল লেটিন মূলটোৰ অর্থ কি?
উত্তরঃ লেটিন শব্দ ‘আগ্রহ’(Interest)ৰ অর্থ হৈছে ‘It matters’ অর্থাৎ কিবা ক্ষেত্রত গুরুত্ব থকা আরু ‘It concerns’ মানে কোনো বিষয়ৰ লগত সমন্ধ ঘটা, সম্বন্ধস্থাপন কৰা

৬৯। “মনোযোগ হ’ল কোনো চিন্তাৰ বিষয়বস্তুক মনত স্পষ্টভাৱে দাঙি ধৰা প্রক্রিয়া ।”- কথাষাৰ কোনে কৈছিল?
উত্তরঃ “মনোযোগ হ’ল কোনো চিন্তাৰ বিষয়বস্তুক মনত স্পষ্টভাৱে দাঙি ধৰা প্রক্রিয়া ।”- কথাষাৰ জেমছ ৰ’চে হৈছিল ।

৭১। মনোযোগৰ দোলন মানে কি?
উত্তরঃ মনোযোগ গতিশীল । সেয়েহে মনোযোগ কোনো এটা বিষয়ত অধিক সময় ধৰি ৰাখিব নোৱাৰি । ই এটা বিষয়ৰ পৰা আন এটা বিষয়লৈ ক্ষিপ্রগতিৰে সঞ্চাৰিত হত । ইয়াকে মনোযোগৰ দোলন বোলি কোৱা হয় ।

৭২। মনোযোগৰ পৰিসৰ মানে কি?
উত্তরঃ মনোযোগৰ পৰিসৰ মানে হ’ল কোনো বিষয়ত মনক সংযত কৰি ৰখাৰ সময়ছোৱা ।

৭৩। “এজন ভোকাতুৰ মানুহ খাদ্যত মনোযোগ দিয়ে ।”-কাৰণ দর্শোৱা ।
উত্তরঃ “এজন ভোকাতুৰ মানুহ খাদ্যত মনোযোগ দিয়ে । কাৰণ-এই এক সহজাত প্রবৃত্তিমূলক মনোযোগ । জীৱই জন্মসূত্রে লাভ কৰা অন্তর্নিহিত জৈৱিক প্রবনতা বোৰৰ তাড়ণাত বিভিন্ন বস্তু বা ঘটনাত মনোযোগ দিয়ে ।

৭৪। “উচ্চ শব্দ বা হুলস্থূলে আরু জিকমিকনি পোহৰে আমাৰ মনোযোগ তৎক্ষণাত আকর্ষণ কৰে- কাৰণ ব্যাখ্যা কৰা
উত্তরঃ শক্তিশালী উদ্দীপকৰ প্রতি আমাৰ মনোযোগ সহজেই আকর্ষিত হয় । সেয়েহে “উচ্চ শব্দ বা হুলস্থূলে আরু জিকমিকনি পোহৰে আমাৰ মনোযোগ তৎক্ষণাত আকর্ষণ কৰে ।  

৭৫। ‘আকাৰ হৈছে মনোযোগৰ এক চৰ্ত’- উদাহৰণ দিয়া ।
উত্তরঃ ডাঙৰ ডাঙৰ আখৰেৰে লিখা বিজ্ঞাপন, পোষ্টাৰ আদি

৭৬। “এখন বগা দেৱালত এটা সরু দাগে আমাৰ মনোযোগ আকর্ষণ কৰেকিয়?
উত্তরঃ মনোযোগৰ এক বাহ্যিক বা বস্তুনিষ্ঠ কাৰণ হ’ল- বৈসাদৃশ্য । বহুতো বস্তুৰ মাজত বা একেপ্রকাৰৰ পৰিস্থিতিত বৈসাদৃশ্য থকা এটা বস্তুয়ে আমাক তাৰ প্রতি মনযোগী কৰি তুলে । সেয়েহে “এখন বগা দেৱালত এটা সরু দাগে আমাৰ মনোযোগ আকর্ষণ কৰে

৭৭। স্বতঃস্ফূর্ত মনোযোগৰ উদাহৰণ দিয়া
উত্তরঃ ৰাস্তাৰ গাড়ীৰ তীব্র হর্ন, উজ্জ্বল পোহৰ আদি   স্বতঃস্ফূর্ত মনোযোগৰ উদাহৰণ

৭৮। ‘বয়স হৈছে মনোযোগৰ এক উপাদান”- আলোচনা কৰা
উত্তরঃ ‘বয়স হৈছে মনোযোগৰ এক উপাদান” । বয়স সাপেক্ষে মনোযোগ প্রদান কৰাৰ মানসিকতা বেলেগ বেলেগ হয় । এজন সরু শিশুতকৈ এজন বয়সস্থ মানুহে অধিক স্থায়ীভাৱী মনোযোগ প্রদান কৰিব পাৰে

৭৯। স্থায়ী মনোযোগৰ এটা উদাহৰণ দিয়া
উত্তরঃ স্থায়ী মনোযোগৰ এটা উদাহৰণ হ’ল- মাক-দেউতাকে নিজৰ শিশুৰ প্রতি দিয়া মনোযোগ ।

খ) ২ নম্বৰৰ প্রশ্নাৱলী

৮০। মনোযোগ কি?
উত্তরঃ জেমছ ৰ’চৰ মতে- মনোযোগ হ’ল এক প্রক্রিয়া যাৰ জৰীয়তে এক চিন্তনীয় বিষয় মনত স্পষ্ট কৰি তোলা হয় । ৰাইবাৰ্ণৰ মতে মনোযোগ ব্যক্তিত্বৰ এনে কাৰ্য যত অনুভূতি, ইচ্ছাৰ লগতে বোধশক্তি নামৰ মৌলিক ক্রিয়াও নিহিত থাকে ।

৮১। মনোযোগৰ দুটা বৈশিষ্ট্য লিখা ।
উত্তরঃ মনোযোগৰ দুটা বৈশিষ্ট্য হ’লঃ
(ক) মনোযোগ মনৰ শক্তি নহয়, ই এক মানসিক ক্রিয়াহে ।
(খ) মনোযোগৰ সীমাবদ্ধতা আছে । এটা বিষয়ৰ ওপৰত অতি কম সময়হে মানুহে মনোযোগ দিব পাৰে

৮২। অস্থায়ী বা ক্ষণস্থায়ী আগ্রহ কি?
উত্তরঃ অস্থায়ী বা ক্ষণস্থায়ী আগ্রহ হ’ল-যি আগ্রহ অতি কম সময়ৰ বাবেবে সংঘটিত হয়, অধিক সময় স্থায়ী হৈ নাথাকে । উদাহৰণ-ৰাতিপুৱাৰ দৈনিক খবৰ কাগজখনৰ প্রতি হোৱা আগ্রহ ।

৮৩। মনোযোগৰ দুটা বস্তুগত চৰ্ত লিখা ।
উত্তরঃ মনোযোগৰ দুটা বস্তুগত চৰ্ত হ’লঃ
 (ক) আকাৰ বা আকৃতিঃ আকাৰৰ পার্থক্যই আমাক অতিকৈ মনযোগী কৰি তুলে । উদাহৰণ- ডাঙৰ ছবিয়ে আমাক অতিকৈ মনযোগী কৰি তুলে ।
(খ) উজ্জলতাঃ অতিকৈ উজ্জ্বল পোহৰ বা বস্তুত আমাৰ অতি সহজে মনোযোগ আকর্ষিত হয় ।

৮৪। আর্জিত মনোযোগ কি?
উত্তরঃ আর্জিত মনোযোগ হ’ল- জীৱন কালত মানুহে শিক্ষা, অভিজ্ঞতা, প্রশিক্ষণ আদিৰ জৰীয়তে অর্জন কৰি প্রদান কৰা এক মনোযোগ উদাহৰণস্বরূপে- কম্পিউটাৰৰ খেলাৰ প্রতি হোৱা আগ্রহ ।

৮৫। ‘মনোযোগ সদায় পৰিৱৰ্তনীয় ।’ আলোচনা কৰা
উত্তরঃ মনোযোগ সদায় গতিশীল বা পৰিৱৰ্তনীয় । সেয়েহে মনোযোগ কোনো এটা বিষয়ত অধিক সময় ধৰি ৰাখিব নোৱাৰি । ই এটা বিষয়ৰ পৰা আন এটা বিষয়লৈ ক্ষিপ্রগতিৰে সঞ্চাৰিত হত । ইয়াকে মনোযোগৰ দোলন বোলি কোৱা হয় ।

৮৬। মনোযোগৰ বিচলন কি?
উত্তরঃ মনোযোগ সদায় গতিশীল বা পৰিৱৰ্তনীয় । সেয়েহে মনোযোগ কোনো এটা বিষয়ত অধিক সময় ধৰি ৰাখিব নোৱাৰি । ই এটা বিষয়ৰ পৰা আন এটা বিষয়লৈ ক্ষিপ্রগতিৰে সঞ্চাৰিত হইয়াকে মনোযোগৰ দোলন বোলি কোৱা হয় । উদাহৰণস্বরূপে- শ্রেণীকোঠাত ছাত্র-ছাত্রী সকলে পঢ়াই থকাৰ সময়তে আন বিষয়বোৰত মনোযোগ প্রদান কৰা দেখা যায় ।

৮৭। মনোযোগ কি?
উত্তরঃ জেমছ ৰ’চৰ মতে- মনোযোগ হ’ল এক প্রক্রিয়া যাৰ জৰীয়তে এক চিন্তনীয় বিষয় মনত স্পষ্ট কৰি তোলা হয় । ৰাইবাৰ্ণৰ মতে মনোযোগ ব্যক্তিত্বৰ এনে কাৰ্য যত অনুভূতি, ইচ্ছাৰ লগতে বোধশক্তি নামৰ মৌলিক ক্রিয়াও নিহিত থাকে ।

৮৮।স্বতঃস্ফূর্ত মনোযোগ কি?
উত্তরঃ পৰিৱেশৰ কোনো বিষয় বা বস্তু অতি আকর্ষণীয় নাইবা তীব্রতাৰ বাবে ইচ্ছাহীন নথকা স্বত্বেও মনোযোগ প্রদান কৰা হয় । ইয়াকে স্বতঃস্ফূর্ত মনোযোগ বোলা হয় । উদাহৰস্বরূপে- ৰাস্তাৰ গাড়ীৰ তীব্র হর্ন, উজ্জ্বল পোহৰ আদিলৈ অনিচ্ছা স্বত্বেও মনোযোগ প্রদান কৰা হয় ।

৮৯। মনোযোগৰ দুটা বিকর্ষণৰ নাম লিখা ।
উত্তরঃ মনোযোগৰ দুটা বিকর্ষণৰ নাম হ’লঃ
(ক) শাৰীৰিক অসুস্থতাঃ শাৰীৰিক অসুস্থতাই মনোযোগৰ বিকর্ষণৰ সৃষ্টি হয় ।
 (খ) আকর্ষণৰ অভাবঃ আকর্ষণীয় নথকা বিষয় বা বস্তুৰ ওপৰত মনোযোগৰ বিকর্ষণৰ প্রভাব পৰে

৯০। মনোযোগৰ বস্তুগত চৰ্ত মানে কি?
উত্তরঃ মনোযোগৰ বস্তুগত চৰ্ত মানে- মনোযোগত প্রভাৱ পেলোৱা বস্তুগতভাৱে জড়িত গুণ বা বিশিষ্ট্যসমূহ উদাহৰণস্বরূপে- আকাৰ বা আকৃতি, তীব্রতা, নতুনত্ব, উজ্জলতা আদি । 

৯১। আগ্রহৰ দুটা পৰিৱেশীয় উপাদানৰ নাম লিখা ।
উত্তরঃ আগ্রহৰ দুটা পৰিৱেশীয় উপাদানৰ নাম হ’লঃ
(ক)পৰিৱেশৰ পৰিবর্তনঃ ঠাইৰ পৰিৱৰ্তনে সহজে আগ্রহ জাগি উঠে ।
(খ) পৰিৱেশৰ শৃংখলাবদ্ধতাঃ শৃংখলাপূর্ণ পৰিৱেশে সহজে আগ্রহৰ সৃষ্টি কৰে

৯২। মনোযোগক কিয় মনৰ এক নির্বাচনমূলক প্রক্রিয়া বুলি কোৱা হয় ।
উত্তরঃ মনোযোগ একে সময়তে এটাতকৈ অধিক বিষয়ত প্রদান কৰিব নোৱাৰি সেয়েহে পৰিৱেশৰ বিভিন্ন বিষয়সমূহৰ পৰা মনে উকৃষ্ট আরু লাগতিয়াল বিষয়টো বাচনি কৰি মনযোগ দিব লগা হয় । সেয়েহে মনোযোগক মনৰ এক নির্বাচনমূলক প্রক্রিয়া বুলি কোৱা হয় । 

৯৩। মনোযোগৰ বিচলন কি?
উত্তরঃ মনোযোগ সদায় গতিশীল বা পৰিৱৰ্তনীয় । সেয়েহে মনোযোগ কোনো এটা বিষয়ত অধিক সময় ধৰি ৰাখিব নোৱাৰি । ই এটা বিষয়ৰ পৰা আন এটা বিষয়লৈ ক্ষিপ্রগতিৰে সঞ্চাৰিত হত । ইয়াকে মনোযোগৰ বিচলন বোলি কোৱা হয় । উদাহৰণস্বরূপে- শ্রেণীকোঠাত ছাত্র-ছাত্রী সকলে পঢ়াই থকাৰ সময়তে আন বিষয়বোৰত মনোযোগ প্রদান কৰা দেখা যায় ।

৯৪। মনোযোগৰ দোলনক উদাহৰণসহ ব্যাখ্যা কৰা
উত্তরঃ মনোযোগ সদায় গতিশীল বা পৰিৱৰ্তনীয় । সেয়েহে মনোযোগ কোনো এটা বিষয়ত অধিক সময় ধৰি ৰাখিব নোৱাৰি । ই এটা বিষয়ৰ পৰা আন এটা বিষয়লৈ ক্ষিপ্রগতিৰে সঞ্চাৰিত হত । ইয়াকে মনোযোগৰ দোলন বোলি কোৱা হয় । উদাহৰণস্বরূপে- শ্রেণীকোঠাত ছাত্র-ছাত্রী সকলে পঢ়াই থকাৰ সময়তে আন বিষয়বোৰত মনোযোগ প্রদান কৰা দেখা যায় ।

৯৫। মনোযোগৰ পৰিসৰ মানে কি?
উত্তরঃ মনোযোগৰ পৰিসৰ মানে হ’ল কোনো বিষয়ত মনক সংযত কৰি ৰখাৰ সময়ছোৱা । মনোযোগ সদায় গতিশীল বা পৰিৱৰ্তনীয় । সেয়েহে মনোযোগ কোনো এটা বিষয়ত অধিক সময় ধৰি ৰাখিব নোৱাৰি । ই এটা বিষয়ৰ পৰা আন এটা বিষয়লৈ ক্ষিপ্রগতিৰে সঞ্চাৰিত হত ।
 
৯৬। ক্ষণস্থায়ী আগ্রহ মানে কি?
উত্তরঃ অস্থায়ী বা ক্ষণস্থায়ী আগ্রহ হ’ল-যি আগ্রহ অতি কম সময়ৰ বাবেবে সংঘটিত হয়, অধিক সময় স্থায়ী হৈ নাথাকে । উদাহৰণ-ৰাতিপুৱাৰ দৈনিক খবৰ কাগজখনৰ প্রতি হোৱা আগ্রহ ।

৯৭। “মনোযোগ হৈছে নির্বাচিত প্রক্রিয়া ।” কেনেকৈ?
উত্তরঃ “মনোযোগ হৈছে নির্বাচিত প্রক্রিয়া ।” মনোযোগ একে সময়তে এটাতকৈ অধিক বিষয়ত প্রদান কৰিব নোৱাৰি সেয়েহে পৰিৱেশৰ বিভিন্ন বিষয়সমূহৰ পৰা মনে উৎকৃষ্ট আরু লাগতিয়াল বিষয়টো বাচনি কৰি মনযোগ প্রদান কৰেসেয়েহে মনোযোগক মনৰ এক নির্বাচনমূলক প্রক্রিয়া বুলি কোৱা হয় । 

৯৮। মনোযোগক কিয় অনুসন্ধানী প্রক্রিয়া বুলি জনা যায় ?
উত্তরঃ “মনোযোগ হৈছে নির্বাচিত প্রক্রিয়া ।” মনোযোগ একে সময়তে এটাতকৈ অধিক বিষয়ত প্রদান কৰিব নোৱাৰি সেয়েহে পৰিৱেশৰ বিভিন্ন বিষয়সমূহৰ পৰা মনে উকৃষ্ট আরু লাগতিয়াল বিষয়টো বাচনি কৰি মনযোগ দিব লগা হয় । সেয়েহে মনোযোগক মনৰ এক অনুসন্ধানী প্রক্রিয়া বুলি কোৱা হয় ।  

৯৯। মনোযোগৰ ধনাত্মক আরু ঋণাত্মক দুটা দিশ আছে । উদাহৰণ দিয়া ।
উত্তরঃ মনোযোগৰ দুটা ধনাত্মক দিশ হ’লঃ
(ক) মনোযোগ প্রদানৰ জৰীয়তে কোনো বিষয় অতি কম সময়তে আয়ত্ব কৰিব পাৰি
(খ) মনোযোগৰ প্রভাৱত অতি সহজে মনৰ সমস্যাসমূহ সমাধান কৰিব পাৰে ৷

মনোযোগৰ দুটা ঋনাত্মক দিশ হ’লঃ
(ক) একেসময়তে এটাতকৈ অধিক বিষয়ত মনোযোগ প্রদান কৰিব নোৱাৰি ৷
(খ) মনোযোগ প্রদান কৰাৰ সময়ত আন বিষয়বোৰ বাদ দিব লগা হয় ।

১০০ধাৰণামূলক বা ভাৱাত্মক মনোযোগ মানে কি?
উত্তরঃ মনোযোগ যেতিয়া এজন ব্যক্তিৰ নিজস্ব ভাৱ-অনুভূতিৰ, নিজস্ব ধাৰণা আদিৰ ওপৰত নির্ভৰশীল হয়, এনে মনোযোগক ধাৰণামূলক বা ভাৱাত্মক মনোযোগ বোলা হয় । উদাহৰণস্বরূপে- কোনো বিষয়ৰ কল্পনা কৰা বা আমাৰ ভাৱ-অনুভূতিৰ প্রতি দিয়া মনোযোগ ।

১০১। ঐচ্ছিক মনোযোগে আগ্রহ সৃষ্টি কৰে’ – উদাহৰণ দিয়া ।
উত্তরঃ এজন ব্যক্তিয়ে যেতিয়া কোনো হস্তক্ষেপ নোহোৱাকৈ পৰিৱেশৰ নিদ্দিষ্ট বিষয়ৰ প্রতি ইচ্ছাকৃত মনোযোগ প্রদান কৰে, তেতিয়া তাক ঐচ্ছিক মনোযোগ বোলা হয় । এনে মনোযোগে কোনো বিষয়ৰ প্রতি সহজেই আগ্রহৰ সৃষ্টি কৰেউদাহৰণস্বরূপে- যিসকল শিক্ষার্থীৰ অধ্যয়নৰ প্রতি স্পৃহা থাকে, তেনে ছাত্র-ছাত্রীবোৰে জীৱনত প্রতিষ্ঠিত হোৱা বাবে সকলো বাধা ত্যাগ কৰি, সেই বিষয়টোৰ প্রতি আগ্রহেৰে আগুৱাই যায় ।

১০২। মনোযোগ এক মানসিক সচেতনতা ।- ব্যাখ্যা কৰা
উত্তরঃ “মনোযোগ হৈছে মানসিক সচেতনতাৰ এক নির্বাচিত প্রক্রিয়া ।” মনোযোগ একে সময়তে এটাতকৈ অধিক বিষয়ত প্রদান কৰিব নোৱাৰি । সেয়েহে পৰিৱেশৰ বিভিন্ন বিষয়সমূহৰ পৰা মনে উৎকৃষ্ট আরু লাগতিয়াল বিষয়টোৰ প্রতি সচেতনতা জগাই তুলি মনোযোগ প্রদান কৰিব লগা হয় ।  
   
Any Mistakes inform Us.